ভাৰতবৰ্ষত ক্ষমতাৰ গাঁথনিঃ জাতি, শ্ৰেণী আৰু পিতৃতন্ত্ৰ

( Power structure in India: Caste, Class and Patriarchy )

অধ্যায় ৪

প্ৰশ্নাৱলী

বস্তুনিষ্ঠ প্ৰশ্নঃ

১) কোন লেটিন শব্দৰ পৰা ক্ষমতা শব্দটো আহিছে ?

উত্তৰঃ ' Potestas ' বা ' Potentia ' লেটিন শব্দৰ পৰা ক্ষমতা শব্দটো আহিছে।


২) 'Leviathan' কোনে ৰচনা কৰিছিল ?

উত্তৰঃ 'Leviathan' হবছে ৰচনা কৰিছিল।


৩) ' The Prince' কোনে ৰছনা কৰিছিল ?

উত্তৰঃ ' The Prince' মেকিয়াভেলীয়ে ৰছনা কৰিছিল।


৪) ভাৰতত পোন প্ৰথমে জাতি শব্দটো কোনে ৱ্যৱহাৰ কৰিছিল ?

উত্তৰঃ ভাৰতত পোন প্ৰথমে জাতি শব্দটো পৰ্টুগীজসকলে ৱ্যৱহাৰ কৰিছিল।


৫) জাতি শব্দটো কোনটো স্পেনিছ শব্দৰ পৰা আহিছে ?

উত্তৰঃ জাতি শব্দটো কাষ্টা (Caste) শব্দৰ পৰা আহিছে।


৬) মাৰ্ক্সে সামাজিক শ্ৰেণীক কেইটা ভাগত ভাগ কৰিছে ?

উত্তৰঃ মাৰ্ক্সে সামাজিক শ্ৰেণীক দুটা ভাগত ভাগ কৰিছে।


৭) ইংৰাজী 'Patriarchy' শব্দটো কোন ভাষাৰ পৰা আহিছে ?

উত্তৰঃ ইংৰাজী 'Patriarchy' শব্দটো গ্ৰীক ভাষাৰ পৰা আহিছে।


৮) অৰ্থশাস্ত্ৰ কোনে ৰছনা কৰিছিল ?

উত্তৰঃ অৰ্থশাস্ত্ৰ কৌটিল্যই ৰছনা কৰিছিল।


৯) মনুস্মৃতি কোনে ৰছনা কৰিছিল ?

উত্তৰঃ মনুস্মৃতি মনুৱে ৰছনা কৰিছিল।


১০) ভাৰতৰ প্ৰথমগৰাকী হিন্দু নাৰীবাদী বুলি কাক জনা যায় ?

উত্তৰঃ ভাৰতৰ প্ৰথমগৰাকী হিন্দু নাৰীবাদী তাৰাবাই চিন্দেক জনা যায়।


১১) সতীদাহ প্ৰথা বিলোপ আইন কোন চনত গৃহীত হৈছিল ?

উত্তৰঃ সতীদাহ প্ৰথা বিলোপ আইন ১৮২৯ চনত গৃহীত হৈছিল।


১২) 'হিন্দু বিধৱা পুনৰ বিবাহ আইন' কোন চনত গৃহীত হৈছিল ?

উত্তৰঃ 'হিন্দু বিধৱা পুনৰ বিবাহ আইন' ১৮৫৬ চনত গৃহীত হৈছিল।


১৩) 'হিন্দু উত্তৰাধিকাৰী আইন' কেতিয়া গৃহীত হৈছিল?

উত্তৰঃ 'হিন্দু উত্তৰাধিকাৰী আইন' ১৮৫৬ গৃহীত হৈছিল।


১৪) ঘৰুৱা হিংসা আদিৰ পৰা মহিলাক ৰক্ষণাবেক্ষণ বিষয়ক আইন কোন চনত গৃহীত হৈছিল ?

উত্তৰঃ ঘৰুৱা হিংসা আদিৰ পৰা মহিলাক ৰক্ষণাবেক্ষণ বিষয়ক আইন ১৯৬১ চনত গৃহীত হৈছিল।


১৫) 'Caste in Indian Politics'- গ্ৰন্থখন কোনে ৰছনা কৰিছিল?

উত্তৰঃ 'Caste in Indian Politics'- গ্ৰন্থখন ৰজনী কোঠাৰীয়ে ৰছনা কৰিছিল।


১৬) মাৰ্ক্সৰ সামাজিক শ্ৰেণী বিভাজনৰ ভিত্তি কি আছিল ?

উত্তৰঃ মাৰ্স্কৰ সামাজিক শ্ৰেণী বিভাজনৰ ভিত্তি আছিল- মাৰ্স্কৰ মতে আৰ্থিক উৎপাদনৰ দ্বাৰা মানুহৰ সামাজিক সম্বন্ধ নিয়ন্ত্ৰিত হয়। যুগে যুগে এই আৰ্থিক পদ্ধতি ঘটি থাকে। ইয়াৰ ফলস্বৰুপে সামাজিক গাঁথনিৰ পদ্ধতিৰো পৰিৱৰ্তন ঘটে।


চমু উত্তৰৰ প্ৰশ্ন ( Short Answer Type Questions)ঃ

১) বৈধ আৰু অবৈধ ক্ষমতা কাক বোলে ?

উত্তৰঃ যেতিয়া দেশৰ আইন, সংবিধান অনুসৰি ক্ষমতা প্ৰয়োগ কৰা হয়, তাক বৈধ ক্ষমতা বোলা হয়। আনহাতে ক্ষমতা যদি কেৱল দমন, জোৰ-জুলুম, শক্তি প্ৰয়োগৰ দ্বাৰা কৰা হয় তেনে ক্ষমতাক অবৈধ ক্ষমতা বোলা হয়।


২) ইতিবাচক আৰু নেতিবাচক ক্ষমতা কাক বোলে ?

উত্তৰঃ নেতিবাচক ক্ষমতা দমন, শাস্তি বা ভীতি প্ৰদৰ্শনেৰে আনৰ হতুৱাই কিবা এটা কৰিব পৰা ক্ষমতাক বুজাই। কিন্তু ইতিবাচক ক্ষমতাই ক্ষমতাৰ সবলীকৰণক বুজাই। অৰ্থাৎ সমাজত শান্তি আৰু নিৰাপত্তাৰ পৰিৱেশ ৰচনাৰ বাবে এজনে আন এজনক বা আন সংগঠনক সহায় আগবঢ়োৱাটো বুজাই। এই ক্ষমতাই সমাজৰ প্ৰগতিৰ ক্ষেত্ৰত অৰিহণা যোগায়।


৩) জাতিৰ এটা সংজ্ঞা দিয়া।

উত্তৰঃ চি এইচ কুলেৰ মতে- '' যেতিয়াই কৰবাত এটা শ্ৰেণী কঠোৰভাৱে বংশগত হৈ পৰে, তাকেই আমি জাতি হিচাপে অভিহিত কৰিব পাৰো ''।


৪) সামাজিক শ্ৰেণী বুলিলে কি বুজা ? 

উত্তৰঃ ভাৰতৰ ক্ষমতা গাঁঠনিৰ আন এটা গুৰুত্বপূৰ্ণ ভিত্তি হৈছে সামাজিক শ্ৰেণী। শ্ৰেণী হল সামাজিক স্তৰীকৰণৰ এক মুক্ত ব্যৱস্থা। শ্ৰেণী ব্যৱস্থাৰ জৰিয়তে সমাজৰ মানুহবোৰৰ উচ্চ-নিম্ন আদি ভাগত ভগোৱা হৈছে।


৫) ১৯ শতিকাৰ দুজন ভাৰতীয় সমাজ সংস্কাৰক নাম লিখা।

উত্তৰঃ ১৯ শতিকাৰ দুজন ভাৰতীয় সমাজ সংস্কাৰক নাম হল- ৰাজা ৰামমোহন ৰায়, স্বামী দয়ানন্দ সৰস্বতী।


৬) জি-৮ অন্তৰ্ভূক্ত দুখন ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ জি-৮ অন্তৰ্ভূক্ত দুখন ৰাষ্ট্ৰৰ নাম হল- আমেৰিকা, ইংলেণ্ড।


চমু টোকা (Short Notes)ঃ


(ক) ক্ষমতাৰ বৈশিষ্ট্যসমূহ

উত্তৰঃ ক্ষমতাৰ বৈশিষ্ট্যসমূহ হল-

১) ক্ষমতা হল এক সামাজিক পৰিঘটনা। ই কেৱল ৰাজনৈতিক বা অৰ্থনৈতিক প্ৰক্ৰিয়া নহয়, ই আদৰ্শগত দিশবোৰো সামৰি লয়।

২) ক্ষমতা হৈছে অব্যক্ত শক্তি, শক্তি হল ইয়াৰ প্ৰকাশ আৰু কৰ্তৃত্ব হল ক্ষমতাৰ বিধিগত আৰু আনুষ্ঠানিক স্বৰূপ।

৩) ক্ষমতা এক সম্পৰ্কমূলক ধাৰণা। ইয়াক অকলশৰীয়াকৈ এজন ব্যক্তিৰ ক্ষেত্ৰত বুজিব পৰা নাযায়। ক্ষমতা অৰ্থপূৰ্ণ হবলৈ হলে অতি কমেও দুটা পক্ষৰ প্ৰয়োজন। সেয়ে এজনে প্ৰয়োগ কৰা ক্ষমতা আন এজন ব্যক্তি বা আন এটা পক্ষৰ ওপৰত কাৰ্যকৰী হয়।

৪) নিয়ন্ত্ৰণ, দমন, হেঁচা প্ৰয়োগ, প্ৰভাৱ আদি ধাৰণা আৰু ক্ষমতাৰ মাজত পাৰ্থক্য আছে। সকলো প্ৰকাৰৰ ৰাজনৈতিক আলোচনাৰ চাবি-কাঠী হল ক্ষমতা।

৫) বৈধতা আৰু কৰ্তৃত্বৰ সৈতে ক্ষমতাৰ এক অভিন্ন সম্পৰ্ক আছে। বৈধতা হৈছে ৰাজনৈতিক ক্ষমতাৰ ভিত্তি, কৰ্তৃত্ব হৈছে ক্ষমতাৰ বিধিসন্মত প্ৰয়োগ।

৬) ক্ষমতাৰ লগত পৰিৱেশ, পৰিস্থিতি তথা সামাজিক পটভূমি জড়িত থাকে। বিভিন্ন ৰাজনৈতিক পৰিস্থিতিত বিভিন্ন পৰিমাণৰ ক্ষমতা প্ৰয়োগৰ প্ৰয়োজন হয়। অৰ্থাৎ পৰিৱেশ আৰু আৰু পৰিস্থিতিৰ পৰিৱৰ্তনৰ লগে লগে ক্ষমতা প্ৰয়োগৰ পদ্ধতি তথা পৰিমাণ কম-বেছি হয়। সেয়ে ক্ষমতা গতিশীল।


(খ) সামাজিক শ্ৰেণীৰ বৈশিষ্ট্যসমূহ

উত্তৰঃ সামাজিক শ্ৰেণীৰ বৈশিষ্টসমূহ হল-

১) উচ্চ-নিম্ন ভাবঃ শ্ৰেণী ব্যৱস্থাত মানুহৰ মাজত উচ্চ-নিম্ন ভাব পৰিলক্ষিত হয়। উচ্চ শ্ৰেণীৰ লোকসকলে সমাজত উচ্চস্থান আৰু সন্মান লাভ কৰাৰ বিপৰীতে আৰ্থিকভাৱে দুৰ্বল বা পিছপৰাসকলে সমাজত নিম্ন মৰ্যাদা লাভ কৰে। বেছি আয় বা দৰমহা পোৱা বা চাকৰি কৰা লোকজনে কম আয় বা কম দৰমহা পোৱা লোকজনতকৈ উচ্চ মৰ্যাদা লাভ কৰে। গতিকে সমাজত বিভিন্ন ব্যক্তিৰ আয় বা উপাৰ্জন অনুসৰি ব্যক্তি বা উচ্চ বা নিম্ন শ্ৰেণীত বিভক্ত হয় আৰু সেই অনুসৰি মৰ্যাদা উপভোগ কৰে। উচ্চ মৰ্যাদাসম্পন্ন উচ্চ শ্ৰেণীৰ লোকসকলে উচ্চাত্মিকা ভাব আৰু নিম্ন মৰ্যাদাসম্পন্ন নিম্ন শ্ৰেণীৰ লোকসকলে নিচাত্মিকা ভাব প্ৰদৰ্শন কৰা দেখা যায়। অৱশ্যে কেতিয়াবা ইয়াৰ ব্যতিক্ৰমো দেখা যায়।

২) উচ্চ-নিম্ন ভাৱঃ শ্ৰেণী ব্যৱস্থাত এজন ব্যক্তিৰ প্ৰস্থিতি বা মৰ্যাদা নিজে আহৰণ কৰা, জাপি দিয়া নহয়। জন্ম ইয়াত মৰ্যাদা প্ৰাপ্তিৰ মাধ্যম নহয়। ব্যক্তিয়ে নিজৰ দক্ষতা, যোগ্যতা বা গুণাগুণৰ জৰিয়তে মৰ্যাদা লাভ কৰিবলৈ সক্ষম হয়। শ্ৰেণী ব্যৱস্থাই ব্যক্তিৰ মৰ্যাদাৰ পৰিৱৰ্তন বা উন্নীতকৰণত সহায় কৰে। সেয়ে এজন ব্যক্তিৰ আয়, সম্পদ, শিক্ষা, অভিজ্ঞতা তথা জৈৱনশৈলী আদিয়ে ব্যক্তিৰ মৰ্যাদা নিৰূপন কৰে।

৩) মুক্ত স্তৰীকৰণঃ সামাজিক শ্ৰেণী হৈছে মুক্ত স্তৰীকৰণসমূহ। সমাজিক গতিশীলতা। এই ব্যৱস্থাত এজন ব্যক্তিয়ে তেওঁৰ দক্ষতা আৰু গুণাগুণৰ বলত নিজকে উন্নীত কৰাত কোনো বাধা নাই। সেয়ে কোনো এটা দুখীয়া শ্ৰেণীৰ পৰিয়াল ধনী শ্ৰেণীলৈ গতিশীলতা লাভ কৰা দেখা যায়। সেইদৰে এজন ধনিক শ্ৰেণীৰ ব্যক্তি স্থায়ীভাৱে ধনী হৈ নাথাকিবও পাৰে। উদাহৰণস্বৰূপে এজন বেংক কৰ্মচাৰী তেওঁৰ যোগ্যতাৰ বলত বেংক মেনেজাৰ হব পাৰে নাইবা এজন বেংক মেনেজাৰৰ তেওঁৰ চৰিত্ৰ স্খলন বা আন কোনো কাৰণত মৰ্যাদা নিম্নগামীও হব পাৰে।

৪) উপ-সংস্কৃতিঃ প্ৰত্যেকটো শ্ৰেণীৰে একোটা নিজস্ব জীৱনশৈলী থাকে। বৃহত্তৰ সাংস্কৃতিক জীৱনৰ মাজতে সামাজিক শ্ৰেণীয়ে একোটা সুকীয়া সাংস্কৃতিক জীৱন উপভোগ কৰে। প্ৰতিটো শ্ৰেণীৰ ৰুচি-অভিৰুচি, মাত-কথা, খোৱা-বোৱা, চাল-চলন, চিন্তা-চৰ্চা, ভাব-ভংগী ইত্যাদিৰ যোগেদি এই সংস্কৃতি প্ৰকাশ পায়।

৫) শ্ৰেণী ব্যৱস্থা সাৰ্বজনীনঃ শ্ৰেণী ব্যৱস্থা সাৰ্বজনীন প্ৰকৃতিৰ। বিশ্বৰ প্ৰায় সকলো আধুনিক জটিল সমাজ ব্যৱস্থাত এই শ্ৰেণী ব্যৱস্থা দেখিবলৈ পোৱা যায়। একমাত্ৰ অতি সহজ-সৰল আৰু প্ৰাচীনতম জনজাতীয় সমাজ ব্যৱস্থাত হয়তো শ্ৰেণী ব্যৱস্থাৰ প্ৰচলন নাছিল। কিন্তু যিকোনো সমাজতেই এই শ্ৰেণী ব্যৱস্থা বিদ্যামান।


(গ) পিতৃতন্ত্ৰৰ বৈশিষ্ট্য

উত্তৰঃ পিতৃতন্ত্ৰৰ বৈশিষ্ট্য হল-

১) পিতৃতন্ত্ৰ এক কৃত্ৰিমভাৱে সৃষ্ট সামাজিক ব্যৱস্থা। ই দুটা লিংগৰ জন্মগত প্ৰভেদৰ ফল নহয়, ই ক্ষমতাৰ ক্ষেত্ৰত পুৰোষ আৰু নাৰীৰ ভিন্নতাৰহে ফল, যিটো মানৱসৃষ্ট।

২) পুৰোষ প্ৰাধান্যতা পিতৃতন্ত্ৰ আন এটা প্ৰধান বৈশিষ্ট। এই ব্যৱস্থাত পুৰোষেই পৰিয়াল আৰু সমাজৰ সকলো সিদ্ধান্ত লয়, সকলো প্ৰকাৰৰ ক্ষমতা, কৰ্তৃত্বৰ অধিকাৰী হোৱাৰ লগতে তেওঁলোকে নাৰীতকৈ উচ্চ মৰ্যাদা লাভ কৰে।

৩) সাৰ্বজনীনতা ইয়াৰ আন এটা বৈশিষ্ট্য। নাৰীবাদীসকলৰ মতে ইতিহাসৰ সকলো স্তৰতে, সকলো সমাজতে কম-বেছি পৰিমাণে নাৰীৰ ওপৰত পুৰুষৰ দমন, শোষণ তথা অৱহেলা দেখিবলৈ পোৱা যায়।

৪) পিতৃতন্ত্ৰই সমাজত নাৰী-পুৰোষৰ মাজত সামাজিক অসমতাৰ সৃষ্টি কৰে।


(ঘ) গ্ৰাম্য আৰু নগৰীয়া ক্ষমতা সংৰচনা

উত্তৰঃ গ্ৰাম্য স্তৰৰ ক্ষমতাঃ জমিদাৰী প্ৰথাৰ বিলোপ সাধন, ভূমি সংস্কাৰ নীতি গ্ৰহণ আৰু কৃষি ক্ষেত্ৰৰ উন্নয়নে গ্ৰামাঞ্চলৰ মধ্যবিত্ত শ্ৰেণীটোক অধিক সক্ৰিয় হোৱাত সহায় কৰে। এই কথাই অৱশ্যে বৃহৎ ভূ-স্বামী আৰু মধ্যবৃত্ত কৃষক শ্ৰেণীৰ মাজত সংঘাতৰ সৃষ্টি কৰে। উভয়ে নিজ নিজ স্বাৰ্থ সিদ্ধিৰ বাবে সেই সময়ৰ ৰাজনৈতিক দলৰ সদস্যভূক্ত হোৱাৰ উপৰি নতুন ৰাজনৈতিক দল গঠনৰ চিন্তা-চৰ্চা কৰিবলৈ ধৰে। ফলত গ্ৰাম্য শ্ৰেণী গাঁথনিত দ্ৰুত পৰিৱৰ্তন ঘটিবলৈ ধৰে। ১৯৬৭ চনৰ চতুৰ্থ নিৰ্বাচনী ফলাফলে ভাৰতৰ গ্ৰাম্য স্তৰৰ ক্ষমতা গাঁথনিত অভাৱনীয় প্ৰভাৱ পেলায়। পিচলৈ বৃহৎ ভূস্বামী আৰু ধনিক শ্ৰেণীৰ হাতৰ পৰা মধ্যবিত্ত শ্ৰেণীৰ কৃষকৰ হাতলৈ ক্ষমতা হস্তান্তৰিত হয়।

    পঞ্চায়তীৰাজ ব্যৱস্থা আৰু কেন্দ্ৰীয় আৰু ৰাজ্যিক বিধানমণ্ডলৰ নিৰ্বাচনবোৰে জনসাধাৰণৰ ৰাজনীতিকৰণ কৰি তুলিলে। ভাৰতীয় কিষাণ ইউনিয়নৰ কৃষক আন্দোলন, গ্ৰাম্য ৰাজনীতিত জড়িত দলবোৰ, যেনে- ভাৰতীয় লোক দল, ভাৰতীয় ক্ৰান্তি দল আৰু পঞ্জাবৰ আকাৰি দল আদিয়ে গ্ৰামাঞ্চলৰ সক্ৰিয় সংগঠনৰূপে প্ৰতিষ্ঠা লাভ কৰে। আনহাতে নগৰীকৰণ প্ৰক্ৰিয়া আৰু ক্ৰমৱৰ্ধমান উন্নত যোগাযোগ ব্যৱস্থাই গ্ৰাম্য সম্প্ৰদায়ক ৰাজনৈতিক ক্ষমতা দখল প্ৰক্ৰিয়াত সক্ৰিয় অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰে। সাম্প্ৰতিক কালৰ বিকেন্দ্ৰীকৰণ ব্যৱস্থাই প্ৰশাসনক জনসাধাৰণৰ ওচৰ চপাই লৈ যোৱাৰ যি প্ৰয়াস, সেইটোৱে গ্ৰাম্য স্তৰৰ ক্ষমতা গাঁথনিৰ যথেষ্ট পৰিৱৰ্তন আনে।

নগৰীয়া ক্ষমতা গাঁথনিঃ ভাৰতৰ চহৰ অঞ্চলৰ ক্ষমতা মধ্যবিত্ত শ্ৰেণীৰ দ্বাৰা নিয়ন্ত্ৰিত যদিও চহৰৰ ধনী সম্প্ৰদায় ইয়াৰ প্ৰধান পৃষ্ঠপোষক। ভাৰতীয় আমোলাতন্ত্ৰ নগৰীয়া মধ্যবিত্তৰ নিয়ন্ত্ৰণত। মধ্যবিত্ত শ্ৰেণীটো দুটা ভাগত বিভক্ত। প্ৰথমটোক প্ৰতিনিধিত্ব কৰে বৃহৎ ব্যৱসায়িক গোষ্ঠী, চৰকাৰী কৰ্মচাৰী, উচ্চ পৰ্যায়ৰ অসামৰিক বিষয়া আৰু অন্যান্য মজুৰিপ্ৰাপ্ত লোকসকলে। দ্বিতীয়টো শ্ৰেণী হৈছে ক্ষুদ্ৰ ব্যৱসায়ী, ক্ষুদ্ৰ উৎপাদনকাৰী, দোকানদাৰ আৰু স্বতন্ত্ৰভাৱে কাম কৰা পেছাদাৰী লোক যেনে- ডাক্তৰ, ইঞ্জিনীয়াৰ আৰু অন্যান্য কাৰিকৰী লোকসকল। বিভিন্ন ৰাজনৈতিক দলৰ সহযোগিতাৰে এই দুটা শ্ৰেণীৰ মধ্যবিত্ত লোকেই বৰ্তমান ক্ষমতা দখল আৰু ক্ষমতা পৰিচালনা কৰি আছে। কংগ্ৰেছ দল বৰ্তমানেও ক্ষুদ্ৰ তথা মধ্যবিত্ত ঔদ্যোগিক শ্ৰেণী আৰু মজুৰিপ্ৰাপ্ত মধ্যবিত্তৰ দ্বাৰা নিয়ন্ত্ৰিত। তেনেদৰে জাতীয় জনতা পাৰ্টিৰ সমৰ্থনত আছে বৃহৎ পুঁজিপতি, ব্যৱসায়িক গোষ্ঠী, দোকানদাৰ আৰু ক্ষুদ্ৰ উৎপাদনকাৰী লোকসকল।


(ঙ) ভাৰতীয় সমাজত দেখা পোৱা বিভিন্ন শ্ৰেণীসমূহ

উত্তৰঃ ভাৰতীয় সমাজত দেখা পোৱা বিভিন্ন শ্ৰেণীসমূহ হল- উচ্চ শ্ৰেণী, মধ্যবিত্ত শ্ৰেণী আৰু নিম্ন শ্ৰেণী। আকৌ মধ্যবিত্ত শ্ৰেণী পুনৰ তিনিটা ভাগত ভাগ হৈ পৰিল। যেনে-উচ্চ মধ্য়বিত্ত শ্ৰেণী, মধ্যবিত্ত শ্ৰেণী আৰু নিম্ন-মধ্যবিত্ত শ্ৰেণী। ৰাজনৈতিক ক্ষমতাৰ ওপৰত ভিত্তি কৰি সমাজত তিনিটা শ্ৰেণীৰ সৃষ্টি হয়। যেনে- (১) ক্ষমতাধাৰী শ্ৰেণী, (২) ক্ষমতা সাধক শ্ৰেণী (৩) ভোটাৰ শ্ৰেণী।

 

ৰচনাধৰ্মী প্ৰশ্ন (Essay Type Questions)ঃ

১) জাতি প্ৰথা কাক বোলে ? জাতি প্ৰথাৰ বিভিন্ন বৈশিষ্ট্যবোৰ আলোচনা কৰা।

উত্তৰঃ

২) ভাৰতীয় ৰাজনীতিত জাতিৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হোৱাৰ পাচতো পৰোক্ষভাৱে জাতি ব্যৱস্থাক স্বীকৃতি প্ৰদান কৰি সংবিধানত জাতিভিত্তিক সংৰক্ষণ ব্যৱস্থা কৰা হৈছে। কেন্দ্ৰীয় সংসদ আৰু ৰাজ্যিক বিধানমণ্ডলবোৰত অনুসূচিত জাতি আৰু অনূসূচিত জনজাতিৰ লোকৰ বাবে আসন সংৰক্ষণ কৰাটোৱে ইয়াৰ প্ৰমাণ। আনহাতে অন্যান্য পিচপৰা শ্ৰেণীৰ লোকৰ বাবেও সংৰক্ষণৰ ব্যৱস্থা আছে। সংবিধানে প্ৰদান কৰা বিভিন্ন সা-সুবিধাসমূহৰ সুৰক্ষাৰ বাবে অনুসূচিত জাতি আৰু অনূসূচিত জনজাতিৰ আয়ুক্তৰ কাৰ্যালয়ৰ ব্যৱস্থা কৰিছে। বিহাৰ, ওড়িশা, মধ্যপ্ৰদেশ, অসমকে ধৰি বিভিন্ন ৰাজ্যত অনুসূচিত জাতি-জনজাতিৰ সমস্যা সমাধানৰ বাবে মন্ত্ৰালয় ৰ ব্যৱস্থাই তাকেই প্ৰমান কৰে। ২০২০ চনলৈ বৰ্ধিত ম্যাদ লাভ কৰা এই সংৰক্ষণ নীতি ভাৰতবৰ্ষৰ ৰাজনৈতিক বিতৰ্কৰ মূল কাৰণ।


৩) সামাজিক শ্ৰেণী কাক বোলে ? জাতি আৰু শ্ৰেণী ব্যৱস্থাৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰা।

উত্তৰঃ ভাৰতৰ ক্ষমতা গাঁঠনিৰ আন এটা গুৰুত্বপূৰ্ণ ভিত্তি হৈছে সামাজিক শ্ৰেণী। আৰ্থিক, সামাজিক, ৰাজনৈতিক, শিক্ষা বা বৃত্তিৰ দ্বাৰা নিৰ্ধাৰিত সম-মৰ্যাদাসম্পন্ন পৰিয়ালবৰ্গৰ সমষ্টিয়েই হল সামাজিক শ্ৰেণী।

জাতি আৰু শ্ৰেণীৰ মাজত থকা পাৰ্থক্য হল-

১) জাতি ব্যৱস্থা জন্মৰ ওপৰত আধাৰিত। এজন ব্যক্তি যি জাতিত জন্মগ্ৰহণ কৰে তেওঁ জীৱন সেই জাতিৰেই সদস্য হৈথাকিব লাগে। ব্যক্তিয়ে তেওঁৰ জাতিগত মৰ্যাদাৰ পৰিৱৰ্তন কৰিব নোৱাৰে। অৰ্থাৎ ব্ৰাহ্মণ কুলত জন্মিলে ব্ৰাহ্মণ হয় আৰু শূদ্ৰ কুলত জন্মিলে শূদ্ৰ হয়। কিন্তু শ্ৰেণী ব্যৱস্থাত ব্যক্তি মৰ্যাদা জন্মৰ দ্বাৰা নিৰ্ণয় কৰা নহয়। শ্ৰেণীৰ মৰ্যাদা ৰক্ষা কৰিব নোৱৰা ব্যক্তি নিম্ন শ্ৰেণীলৈ পৰিৱৰ্তিত হয়, সেইদৰে তলৰ শ্ৰেণীৰ কোনো ব্যক্তিয়ে ব্যক্তিগত দক্ষতাৰে মৰ্যাদা বৃদ্ধিৰ জৰিয়তে উচ্চ শ্ৰেণীলৈ উন্নীত হব পাৰে।

২) জাতি ব্যৱস্থা হল বন্ধ স্তৰীকৰণৰ উদাহৰণ। ই সামাজিক গতিশীলতা বন্ধ কৰে। ইয়াত এটা প্ৰস্থিতিৰ পৰা আন এটা প্ৰস্থিতিলৈ গতি কৰাত বাধা-নিষেধ আছে। অৰ্থাৎ জাতি ব্যৱস্থাত এজন ব্যক্তিয়ে এটা জাতিৰ পৰা আন এটা জাতিলৈ পৰিৱৰ্তিত হব নোৱাৰে। কিন্তু শ্ৰেণী ব্যৱস্থা মুক্ত। ব্যক্তিয়ে নিজৰ দক্ষতা আৰু যোগ্যতাৰ বলেৰে নিম্ন শ্ৰেণীৰ পৰা উচ্চ শ্ৰেণীলৈ গতি কৰাত বাধা নাই।

৩) বৈবাহিক সম্বন্ধ স্থাপনৰ ক্ষেত্ৰতো জাতি আৰু শ্ৰেণীৰ মাজত পাৰ্থক্য আছে। সাধাৰণতে এটা জাতিৰ সদস্যসকলে নিজৰ জাতিৰ সদস্যসকলৰ মাজতহে বিবাহকাৰ্য সমাধা কৰিব লাগে। আন্তঃজাতিগত বিবাহত সাধাৰণতে অনুমতি প্ৰদান কৰা নহয়। কিন্তু শ্ৰেণী ব্যৱস্থাত এনেধৰণৰ সীমাবদ্ধতা নাই। বৈবাহিক সম্বন্ধ স্থাপনৰ ক্ষেত্ৰত শ্ৰেণীৰ সদস্যসকল স্বাধীন। ইয়াত ধনী-দুখীয়া, উচ্চ শ্ৰেণী আৰু নিম্ন শ্ৰেণী ব্যক্তিৰ মাজত বিয়া-বাৰু হোৱাত কোনোধৰণৰ বাধা নাই।

৪) জাতি ব্যৱস্থা ভাৰতীয় সমাজৰ এক অন্যান্য বৈশিষ্ট্য। আন কিছুমান সমাজত জাতি ব্যৱস্থা থকিলেও ভাৰতীয় সমাজত ইয়াক কঠোৰভাৱে মানি চলা হয়। সেয়ে জাতি ব্যৱস্থা সাৰ্বজনীন নহয় কিন্তু শ্ৰেণী ব্যৱস্থা সাৰ্বজনীন। সকলো প্ৰকাৰৰ আধুনিক সমাজতে উচ্চ, নিম্ন, মধ্য আদি শ্ৰেণীবিভাজন দেখিবলৈ পোৱা যায়।

৫) জাতি ব্যৱস্থাত সামাজিক চাল-চলন, খোৱা-লোৱা আদিত কিছুমান বাধানিষেধ আছে। অৱশ্যে এই নীতিৰো সাম্প্ৰতিক কালত পৰিৱৰ্তন নোহোৱা নহয়। কিন্তু শ্ৰেণী ব্যৱস্থাত তেনে কোনো বাধা-নিষেধ নাই। ই ব্যক্তিৰ আৰ্থিক সামৰ্থ্য আৰু অভ্যাসৰ ওপৰত নিৰ্ভৰশীল।


৪) ভাৰতীয় ৰাজনীতিত শ্ৰেণীত প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ স্বৰাজোত্তৰ কালৰ ভাৰতৰ ক্ষমতা গাঁথনিৰ ভোটাৰৰ আচৰণ নিৰ্ণয়কাৰী কাৰক হিচাপে শ্ৰেণীৰ ভূমিকা বৰ সন্তোষজনক নাছিল বুলি কব পাৰি। বিগত দশকবোৰত ভাৰতৰ সংগঠিত শ্ৰমিক শ্ৰেণী, উদ্যোগপতি আৰু চৰকাৰ উভয় পক্ষৰ প্ৰৱল প্ৰত্যাহ্বানৰ সন্মুখীন হয়। ভাৰতীয় শ্ৰমিক সংঘ, ভাৰতীয় শ্ৰমিক সংগঠন- শ্ৰমিক আন্দোলনবোৰ আজিও সু-সংগঠিত নহয় নাইবা শক্তিশালী নহয়। কৃষক সংঘ, কৃষক আন্দোলনবোৰৰ সাময়িকভাৱে সক্ৰিয় হোৱা যেন লাগিলেও ধাৰাবাহিকভাৱে এইবোৰ ৰাজনৈতিক দলৰ নিয়ন্ত্ৰণাধীন। ফলত ভাৰতবৰ্ষত শ্ৰেণী আন্দোলন বা শ্ৰেণী সংগ্ৰাম সফল হব পৰা নাই।

    সাম্প্ৰতিক কালত ভাৰতৰ ৰাজনৈতিক ভাৰতৰ ৰাজনৈতিক ক্ষমতা প্ৰক্ৰিয়াত শ্ৰেণীৰ ভূমিকা মন কৰিবলগীয়া। কুৰি শতিকাৰ শেষৰফালে অৰ্থনৈতিক ক্ষেত্ৰত ৰাষ্ট্ৰই নতুন নতুন আঁচনিসমূহ গ্ৰহণ কৰে। উদাৰীকৰণ, গোলকীকৰণ, ব্যক্তিগতকৰণ, বিকেন্দ্ৰীকৰণ আদি ধাৰণাৰ ওপৰত নিৰ্ভৰশীল এই নতুন অৰ্থনৈতিক পৰিকল্পনাসমূহ। ইয়াৰ ফলত ভাৰতৰ নগৰীয়া আৰু গ্ৰাম্য মধ্যবৃত্ত শ্ৰেণী পূৰ্বতকৈ অধিক শক্তিশালী হোৱা দেখা যায়। সেয়ে নগৰীয়া মধ্যবিত্ত শ্ৰেণীৰ লগতে বৃহৎ ব্যৱসায়িক গোষ্ঠী, ঔদ্যোগিক মধ্যবৃত্ত শ্ৰেণী আৰু মজুৰিপ্ৰাপ্ত নগৰীয়া শ্ৰেণীসমূহে ভাৰতীয় ক্ষমতা গাঁথনিত বৃহৎ অংশীদাৰিত্ব লাভ কৰিবলৈ সক্ষম হৈছে।

    ভাৰতৰ ক্ষমতা গাঁথনি বহুধা চৰিত্ৰৰ। ইয়াত নগৰীয়া মধ্যবিত্ত শ্ৰেণীটোৱেই মুখ্য স্থান অধিকাৰ কৰি আহিছে বুলি কব পাৰি। ১৯৯০ ৰ দশকৰ সংশোধিত পঞ্চায়তী ব্যৱস্থাই এই শ্ৰেণীটোক যথেষ্ট অনুপ্ৰেৰণা যোগাই আহিছে। তদুপৰি সংখ্যালঘু, অনুসূচিত জাতি, অনুসূচীত জনজতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলো পিচপৰি থকা নাই। তৎসত্ত্বেও ক্ষমতা গাঁথনিত বৰ্তমান বৃহৎ ব্যৱসায়িক গোষ্ঠীৰ সক্ৰিয়তা মন কৰিবলগীয়া।

    অৱশ্যে, ৰাজ্যিক ৰাজনৈতিক প্ৰক্ৰিয়া নিয়ন্ত্ৰণকাৰী একক প্ৰভাৱশালী শ্ৰেণী ভাৰতীয় ক্ষমতা গাঁথনিত দেখা পোৱা নাযায়। এই পৰিৱৰ্তনৰ ধাৰাত এক নতুন অভিজাত শ্ৰেণীয়ে পৰম্পৰাগত অভিজাত গোষ্ঠীৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে। স্বাধীনতাৰ সাতটা দশকৰ গণতান্ত্ৰিক শাসন আৰু ৰাজনৈতিক বিকাশৰ পিচতো আমোলাতন্ত্ৰই ভাৰতবৰ্ষৰ ক্ষমতা গাঁথনিত এক প্ৰভাৱশালী ভূমিকা পালন কৰি আহিছে।


৫) পিতৃতন্ত্ৰৰ বিভিন্ন মাধ্যমসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ পিতৃতন্ত্ৰৰ বিভিন্ন মাধ্যমসমূহ হল হল-

১) ধৰ্মঃ ধৰ্ম হৈছে পিতৃতান্ত্ৰিক ব্যৱস্থা প্ৰচলন হৈ থকাৰ এটা শক্তিশালী মাধ্যম। আমেৰিকাৰ স্তম্ভলেখক কাথা পলিটে উল্লেখ কৰিছে যে ধৰ্মই হৈছে পিতৃতন্ত্ৰৰ মূল নীতি গ্ৰন্থ। ধৰ্মই পিতৃতান্ত্ৰিক ব্যৱস্থাক বৈধতা প্ৰদান কৰাত সহায় কৰে। মানুহে কি কৰিব লাগে বা কি কৰিব নালাগে ইত্যাদি কথাবোৰ ধৰ্মীয় নীতিকথাৰ পৰা আহৰণ কৰে। প্ৰায়বোৰ প্ৰতিষ্ঠিত ধৰ্মই পুৰোষ প্ৰাধান্যতাক স্বীকৃতি দিছে। ধৰ্মীয় অনুষ্ঠানসমূহত পুৰোষক সদায় মহিলাতকৈ আগস্থান দিয়া হয়। ধৰ্মীয় ব্যৱস্থামতে নাৰীক শাৰীৰিক, মানসিক, আৱেগিকভাৱে শোষণ কৰা হয় আৰু নিকৃষ্ট জ্ঞান কৰা হয়। সেয়ে কিছুমান ধৰ্মীয় কাম-কাজত মহিলাক একেবাৰে অংশগ্ৰহণ কৰিবলৈ দিয়া নহয় আৰু কিছুমান ধৰ্মীয় স্থানত মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰা হয়। মাৰ্স্কৰ মতে, ধৰ্মৰ ভয়ে শোষিত-নিষ্পুষিত জনসাধাৰণক শোষণৰ বিৰুদ্ধে প্ৰতিবাদ কৰাটো বাধা দিয়ে। ইয়াৰ পৰা সহজে অনুমান কৰিব পাৰি যে ধৰ্ম আৰু ধৰ্মীয় অনুষ্ঠানবোৰে কেনেকৈ পিতৃতান্ত্ৰিক ব্যৱস্থাটো বৰ্তি থকাত সহায় কৰে।

২) ৰীতি-নীতি আৰু পৰম্পৰাঃ বিভিন্ন সমাজত প্ৰচলিত ৰীতি-নীতি, পৰম্পৰা আদিয়েও পিতৃতন্ত্ৰৰ প্ৰসাৰত অৰিহণা যোগাই আহিছে। পিতৃতন্ত্ৰ এটা সমাজতাত্ত্বিক গাঁথনি যিটো এটা পুৰোষৰ পৰা আন এটা পুৰুষলৈ হস্তান্তৰিত হৈ আহিছে। পৰিয়ালত পিতৃ বা জ্যোষ্ঠ পুৰোষজনৰ নেতৃত্ব পুৰোষানুক্ৰমে মানি চলা দেখা যায়।

৩) আইনঃ প্ৰত্যেক ধৰ্মীয় সম্প্ৰদায়ৰ নিজা নিজা কিছুমান আইন ব্যৱস্থা আছে। বিয়া, বিবাহ বিচ্ছেদ, ভৰণ-পোষণ, উত্তৰাধিকাৰী পদ্ধতি ইত্যাদি কথাবোৰ এনে ব্যক্তিগত আইনৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। যেনেকৈ এগৰাকী ইছলামধৰ্মী মহিলাৰ বিবাহ, বিবাহ বিচ্ছেদ, ভৰণ-পোষণ আদি শ্বৰিয়ত ৰ দ্বাৰা নিয়ন্ত্ৰিত, তেনেকৈ খ্ৰীষ্টানৰ ক্ষেত্ৰত 'Canon Law' আৰু হিন্দুৰ বাবে ধৰ্মশাস্ত্ৰ ইত্যাদি। সমাজত মহিলাৰ আইনগত মৰ্যাদা নিৰ্ণয়কাৰী এই আইনবোৰৰ ভূমিকাক লৈ ৰক্ষণশীল আৰু প্ৰগতিশীল দুটা শক্তিৰ মাজত আজিও সংগ্ৰাম অব্যাহত আছে। আজিও নাৰীসকল পুৰোষৰ দমন, হিংসা আৰু বৈষম্যৰ বলি হবলগা হৈছে- সেয়া পৰিয়ালতেই হওক বা কৰ্মক্ষেত্ৰতেই  হওক।

৪) সামাজজিক-ৰাজনৈতিক সংগঠনসমূহঃ সমগ্ৰ বিশ্বতে ৰাজনৈতিক কাৰ্যকলাপৰ নেতৃত্ব দিয়া অথবা নিয়োগৰ ক্ষেত্ৰত পুৰুষক অধিক প্ৰাধান্য দিয়া পৰিলক্ষিত হয় আৰু এইক্ষেত্ৰত নাৰীক সদায় দুৰ্বল বা পিচপৰা বুলি বিবেচনা কৰা হয়। স্বাধীনতাৰ ছয়-সাতটা দশকৰ পিচতো ভাৰতীয় ৰাজনৈতিক প্ৰক্ৰিয়াত মহিলাৰ অংশগ্ৰহণ সন্তোষজনক নহয়। ভাৰতৰ সমগ্ৰ ৰাজনৈতিক প্ৰক্ৰিয়াটোত পিতৃতান্ত্ৰিক প্ৰভাৱ স্পষ্ট ৰূপত দেখা যায়। নিৰ্বাচনত নিজৰ পছন্দ অনুযায়ী ভোটদান কৰা, প্ৰাৰ্থী বাছনি আদিত ভাৰতৰ জাতিভিত্তিক বিবেচনাই গুৰুত্ব লাভ কৰে। বহুতো ৰাষ্ট্ৰত ৰাজনৈতিক দলসমূহে পিতৃতন্ত্ৰৰ ধাৰণাটো প্ৰচলন হৈ থকাৰ পোষকতা কৰে। ৰাজনৈতিক দলসমূহত মহিলাতকৈ পুৰোষসকলেহে আগভাগ লোৱা দেখা যায়। দেশৰ পাৰিবাৰিক গাঁথনি, ৰাজনীতি, শিক্ষা, ধৰ্ম, নিয়োগ আদি সকলোবোৰ ব্যৱস্থাই পিতৃতান্ত্ৰিক ব্যৱস্থা বৰ্তি থকাত অৰিহণা যোগাই আহিছে।

৫) পৰিয়ালঃ পৰিয়াল হৈছে মানৱ সমাজৰ প্ৰাথমিক গোট। পৰিয়ালেই হৈছে সকলোবোৰ সামাজিক অনুষ্ঠান ভেটি। ব্যক্তিৰ সামাজিক জীৱনৰ ওপৰত পৰিয়ালে গুৰুপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰে। পিতৃতান্ত্ৰিক পৰিয়াল ব্যৱস্থাত পিতৃ বা জ্যেষ্ঠ পুৰুষজনৰ যথেষ্ট দায়িত্ব থাকে। ঘৰৰ শান্তি-শৃংখলা, নিৰাপত্তা অটুট ৰখা, লৰা-ছোৱালীৰ স্বাস্থ্য তথা শিক্ষালৈকে ঘৰৰ মুৰব্বীজনে বহু দায়িত্ব লব লাগে। নতুন প্ৰজন্মই সামাজিকীকৰণৰ জৰিয়তে শিক্ষা-দীক্ষাকে ধৰি আন আন আচৰণ বা অভ্যাস লাভ কৰে এই পৰিয়ালতেই। এই শিক্ষা এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ হস্তান্তৰিত হয়। পৰিয়ালত থাকিয়েই পিতৃ-মাতৃৰ ভূমিকা, নাৰী-পুৰোষৰ ভূমিকা আদি তুলনা কৰিবলৈ সক্ষম হয়। এই পাৰ্থক্য়ই নাৰীৰ প্ৰতি কৰা পুৰোষৰ দমন, শোষণ, অৱহেলা আদি শিকায় নতুন প্ৰজন্মক। এনেদৰেই এই পিতৃতান্ত্ৰিক ব্যৱস্থা পুৰোষানুক্ৰমে চলি থাকে।


৬) জাতি ব্যৱস্থা ভাৰতীয় গণতন্ত্ৰৰ প্ৰতি প্ৰত্যাহ্বান বুলি তুমি ভাবানে ? জাতি ব্যৱস্থাত থকা অনিষ্টকাৰী প্ৰভাৱবোৰ আতঁৰ কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা।

উত্তৰঃ 

৭) ভাৰতীয় সমাজত পিতৃতন্ত্ৰৰ প্ৰভাৱ আলোচনা কৰা।

উত্তৰঃ পিতৃতন্ত্ৰ আৰু পিতৃতান্ত্ৰিক পিয়ালৰ ব্যৱস্থা ভাৰতৰ সামাজিক তথা ৰাজনৈতিক জীৱনৰ অভিন্ন অংগস্বৰূপ ইতিহাস অধ্যয়ন কৰিলে দেখা যায় যে পিতৃতন্ত্ৰ প্ৰচলিত সকলো সমাজতে পুৰুষপ্ৰধানেই পৰিয়ালৰ সকলো ক্ষমতা নিয়ন্ত্ৰণ কৰে। প্ৰাচীন কালত নাৰীৰ সামাজিক মৰ্যাদাৰ বৰ উচ্চখাপৰ আছিল বুলি ইতিহাসে কয়। বৈদিক যুগৰ সময়ত ভাৰতীয় নাৰী-পুৰুষৰ মাজত মৰ্যাদাৰ বৰ বেছি তাৰতম্য নাছিল। পুৰুষৰ সমানে নাৰীয়েও উচ্চ মৰ্যাদা লাভ কৰিছিল। তেওঁলোককো উচ্চ বৌদ্ধিক আৰু আধ্যাত্মিক জ্ঞান লাভৰ সুবিধা প্ৰদান কৰা হৈছিল। কিন্তু সময়ৰ পৰিৱৰ্তন লগে লগে সমাজত পুৰুষ আৰু নাৰীৰ মাজত পাৰ্থক্যই দেখা দিয়ে। নাৰীৰ তুলনাত পুৰোষসকলে উচ্চস্থান আৰু অধিকাৰ লাভ কৰিবলৈ ধৰে। কৌটিল্যই তেওঁৰ অৰ্থশাস্ত্ৰত নাৰী সদায় পুৰুষৰ অধীন বুলি অভিহিত কৰিছে আৰু সমাজত নাৰীৰ ভূমিকাক পুত্ৰ জন্মদাত্ৰী বুলি উল্লেখ কৰিছে।

৮) ভাৰতীয় ৰাজনীতিত পিতৃতন্ত্ৰৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ভাৰতীয় ৰাজনীতিত পিতৃতন্ত্ৰৰ প্ৰভাৱৰ বিষয়ে তলত আলোচনা কৰা হল-

১) স্বাধীনতাৰ প্ৰায় সাতটা দশকৰ গণতান্ত্ৰিক শাসনৰ পাচতো ভাৰতীয় ৰাজনীতিত মহিলাসকলৰ মৰ্যাদা আশানুৰূপভাৱে উন্নত হোৱা নাই। আজিো সমাজৰ বিভিন্ন স্তৰত লিংগ বৈষম্যৰ ধাৰণা সজীৱ হৈ আছে। আজিও মহিলাসকলে দেশৰ ৰাজনৈতিক, গণতান্ত্ৰিক প্ৰক্ৰিয়াত সম্পূৰ্ণৰুপে অংশগ্ৰহণৰ পৰা বঞ্চিত হৈ আছে। ইয়াৰ মূলতে হল পিতৃতান্ত্ৰিক ৰাজনীতি। পিতৃতান্ত্ৰিক চৰিত্ৰৰে জীপাল হৈ থকা ভাৰতীয় জাতি প্ৰথা, ধৰ্মীয় তথা সাম্প্ৰদায়িক ব্যৱস্থা- এই সকলোবোৰ ক্ষমতাৰ ৰাজনীতিৰ সৈতে সাঙোৰ খাই আছে- যত পুৰুষ প্ৰাধান্যতাই প্ৰতিপত্তি লাভ কৰি মহিলাসকলক পুনৰ ৰাজনৈতিক অংশগ্ৰহণ প্ৰক্ৰিয়াৰ পৰা একাষৰীয়া কৰি ৰাখিবলৈ সক্ষম হৈছে।

২) ১৯৯২ চনৰ সংশোধিত পঞ্চায়তীৰাজ আইনৰ জৰিয়তে স্থানীয় পৰ্যায়ত বৰ্ধিত হাৰত মহিলাসকলৰ ৰাজনৈতিক অংশগ্ৰহণ সুনিশ্চিত কৰা হৈছে যদিও সেয়া কেৱল পৰিস্থিতিৰ এটা দিশহে মাথোন। অৰ্থাৎ ভোটাৰ হিচাপেহে তেওঁলোক আগতকৈ বেছি হাৰত আগবাঢ়ি আহিছে, কিন্তু চৰকাৰ-প্ৰশাসনৰ অংশীদাৰ হিচাপে নহয়। মহিলাসকলে আজিও নিজৰ ভোটবেংকে সৃষ্টি কৰাত সফল হব পৰা নাই।

৩) ভাৰতীয় দলীয় ৰাজনীতি আজিও পিতৃতান্ত্ৰিকতাৰ প্ৰভাৱৰ পৰা মুক্ত হব পৰা নাই। ভাৰতৰ সকলোবোৰ ৰাজনৈতিক দলতেই মহিলাৰ প্ৰতিনিধিত্বৰ হাৰ পুৰোষৰ তুলনাত নিম্ন।দলীয় টিকট প্ৰদানৰ ক্ষেত্ৰত পিতৃতান্ত্ৰিক বিবেচনাই প্ৰভাৱ বিস্তাৰ কৰে দলীয় নেতৃত্বৰ মনত। সমগ্ৰ দেশতে প্ৰশাসনীয় গাঁথনিত মহিলাক একাষৰীয়া কৰি ৰাখিব বিচৰা মানসিকতাই পুৰোষ-মহিলাৰ মাজত থকা বৃহৎ ব্যৱধানৰ প্ৰতিচ্ছবিখন পুনৰ স্পষ্ট কৰি তুলিছে।

৪) প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰতো পিতৃতান্ত্ৰিক পৰম্পৰা জড়িত হৈ থকা দেখা যায়। বেছিভাগ ৰাজনৈতিক দলে নিৰ্বাচনৰ সময়ত মহিলাৰ তুলনাত পুৰোষ প্ৰাৰ্থীক প্ৰাধান্য দিয়া দেখা যায়। এই ক্ষেত্ৰত মহিলাক দুৰ্বল আৰু অযোগ্য বুলি বিবেচনা কৰা হয়। কাৰণ, ৰাজনীতি যেন কেৱল পুৰুষৰ অধিকাৰ ক্ষেত্ৰ। বহুতে আকৌ কব বিচাৰিছে যে একমাত্ৰ সেইসকল মহিলা প্ৰাৰ্থী বিজয়ী হয়, যিসকল সমাজৰ উচ্চ শ্ৰেণীভূক্ত অথবা যিসকলৰ ইতিমধ্যে এটা ৰাজনৈতিক পটভূমি আছে।

৫) দুৰ্নীতি, উন্নয়নৰ লেহেমীয়া গতি তথা মহিলা সম্পৰ্কীয় সমস্যাবোৰৰ প্ৰতি চৰকাৰে কম গুৰুত্ব আৰোপ কৰা কথাবোৰ ভাৰতীয় ৰাজনীতিৰ চিৰাচৰিত ঘটনা। নিৰ্বাচিত প্ৰতিনিধি সকলৰ ৰক্ষণশীল পিতৃতান্ত্ৰিক মানসিকতাই ধাৰাবাহিকভাৱে মহিলা সবলীকৰণ প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰি আহিছে। ভাৰতবৰ্ষৰ সংসদৰ নিম্ন সদন লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহক মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ সম্পৰ্কীয় বিধেয়ক আজিপৰ্যন্ত আইনত পৰিণত কৰিব নোৱৰা কথাটোৱে সাংসদসকলৰ পিতৃতান্ত্ৰিক মানসিকতাৰ পৰিচয় দিয়ে।



Question Type- Leena Kakati

Answered By- Leena Kakati

Post ID: DABP002245