--------------------------------------------------------

সুকুমাৰ বৰকাথৰ 'হস্তী বিদ্যাৰ্ণৱৱ'ঃ হাতীৰ লক্ষণ | Chapter 4 | BA 4th Semester Assamese Book Solution | GU BA 4th Semester Assamese Book Question Answer Solution For Assam | BA Assamese Book Solution For Assam | GU BA 4th Semester অসমীয়া গদ্য় সাহিত্য় Book Solution | Paper Code- ASM-HC-4036 |

--------------------------------------------------------

Chapter- 4 

সুকুমাৰ বৰকাথৰ 'হস্তী বিদ্যাৰ্ণৱৱ'ঃ হাতীৰ লক্ষণ


প্রশ্নাৱলী

অতি চমু প্রশ্ন ঃ


১. সুকুমাৰ বৰকাথ কোন সময়ৰ লেখক?

উত্তৰ- সুকুমাৰ বৰকাথ সপ্তদশ শতিকাৰ লেখক।


২.‘হস্তীবিদ্যাৰ্ণৱ’ পুথিৰ লেখক কোন?

উত্তৰ-হস্তীবিদ্যাৰ্ণৱ পুথিৰ লেখক হল সুকুমাৰ বৰকাথ ।

 

৩. কোন ৰজাৰ দিনত ব্যৱহাৰিক সাহিত্য লেখা হৈছিল?

উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ আৰু শিৱসিংহৰ দিনত ব্যৱহাৰিক সাহিত্য লেখা হৈছিল ।


8. ‘ভাস্বতী’ৰ লেখক কোন?

উত্তৰ- ভাস্বতীৰ লেখক হল কবিৰাজ চক্ৰৱৰ্ত্তী ।


৫ ‘ঘোঁৰা নিদান’ কেতিয়া লেখা হৈছিল ?

উত্তৰ- বাস্তৱ জীৱনত প্ৰয়োগ কৰাৰ বাবে ঘোঁৰা নিদান লেখা হৈছিল । মহা


৬. ‘হস্তীবিদ্যাৰ্ণৱ’ কোনখন গ্ৰন্থৰ ওপৰত প্ৰতিষ্ঠিত আছিল?

উত্তৰ- হস্তীবিদ্যাৰ্ণৱ গ্ৰন্থখন শম্ভূনাথে ৰচনা কৰা গজেন্দ্ৰ চিন্তামণি নামৰ সংস্কৃত গ্ৰন্থৰ ওপৰত প্ৰতিষ্ঠিত আছিল ।


9. ‘নীতি লতাঙ্কুৰ লেখক কোন?

উত্তৰ- নীতি লতাঙ্কুৰ গ্ৰন্থখনৰ লেখক হল বাগীশ দ্বিজ ।


৮. অসমীয়া লিপি কোন লিপিৰ পৰা বিকাশ হৈছে?

উত্তৰ-অসমীয়া লিপি ব্ৰাহ্মী লিপিৰ পৰা বিকাশ হৈছে ।


৯. প্রাচীন অসমীয়া লিপি' পুথিখনৰ লেখক কোন?

উত্তৰ-


১০. কানাই বৰশীবোৱা শিলালিপি ক’ত আছে?

উত্তৰ-


১১. কানাই বৰশীবোৱা শিলালিপি কেতিয়া আৱিষ্কাৰ হৈছিল?

উত্তৰ-


১২. আমেৰিকান সকল অসমত কেতিয়া আহিছিল?

উত্তৰ-১৮৩৬ চনত আমেৰিকানসকল অসমত আহিছিল ।


 ১৩. অৰুণোদয় কাকত কেতিয়া প্ৰকাশ পাইছিল?

উত্তৰ-১৯৪৬ চনত অৰুণোদয় কাকত প্ৰকাশ পাইছিল ।


১৪.চামধৰা গড়ৰ ৰণ জয়ৰ শিলালিপি কেতিয়াৰ ?

উত্তৰ- চামধৰা গড়ৰ ৰণজয়ৰ শিলালিপি সপ্তদশ শতিকাৰ । 


১৫. চামধৰা গড়ৰ ৰণজয়ৰ শিলালিপি ক’ত পোৱা গৈছে?

উত্তৰ-;চামধৰা গড়ৰ ৰণজয়ৰ শিলালিপি ভোমোৰাগুৰি পাহাৰৰ ওচৰত এটা প্ৰকাণ্ড শিলৰ ওপৰত পোৱা গৈছে  । 


১৬. চন্দ্ৰকান্ত সিংহ কোন সময়ৰ ৰজা?

উত্তৰ- 


১৭. চন্দ্ৰকান্ত সিংহই কোন ৰজালৈ গোপনীয় পত্র লিখিছিল?

উত্তৰ- চন্দ্ৰকান্ত সিংহই মান ৰজা বদৌপায়ালৈ গোপনীয় পত্ৰ লিখিছিল ।


চমু প্রশ্নঃ

১. চৰিত পুথি আৰু বুৰঞ্জী কেতিয়া লেখিবলৈ আৰম্ভ কৰিছিল?

উত্তৰ-


২. দুখন ব্যৱহাৰিক পুথিৰ নাম লিখা।

উত্তৰ- দুখন ব্যৱহাৰিক পুথিৰ নাম হল 

ক) হস্তীবিদ্যাৰ্ণৱ 

খ) ঘোঁৰানিদান ।


৩. প্রাচীন অসমীয়া লিপিৰ সময় কোনখিনি?

উত্তৰ-পঞ্চম শতিকাই হৈছে প্ৰাচীন অসমীয়া লিপিৰ সময় । 

 

8. উমাচল শিলালিপি কোনে কেতিয়া লিখিছিল?

উত্তৰ- খ্ৰীষ্টীয় পঞ্চম শতিকাৰ প্ৰথমভাগত সুৰেন্দ্ৰ বৰ্মনে উমাচল শিলালিপি লিখিছিল । 


৫. কানাই বৰশীবোৱা শিলালিপি ক’ত কেতিয়া আৱিষ্কাৰ হৈছিল?

উত্তৰ-                    


 ৬. বাইবেল কোনে কেতিয়া অসমীয়ালৈ অনুবাদ কৰিছিল? 

উত্তৰ-নগাঁৱৰ কলিয়াবৰ অঞ্চলৰ আত্মাৰাম শৰ্মাৰ হতুৱাই বাইবেলখন অসমীয়ালৈ অনুবাদ কৰিছিল । 


৭. চামধৰা গড় ৰণজয়ৰ শিলালিপিত কেইখন ফলি পোৱা যায়। 

উত্তৰ- চামধৰা গড় ৰণজয়ৰ শিলালিপিত দুখন ফলি পোৱা যায় ।


৮. চামধৰা গড় ৰণজয়ত ব্যৱহাৰ হোৱা সংস্কৃত আৰু অসমীয়া শব্দ এটাকৈ আৰু লিখা।

উত্তৰ-চামধৰা গড় ৰণজয়ত ব্যৱহাৰ হোৱা সংস্কৃত শব্দ হল  --স্বস্তি 

আৰু অসমীয়া শব্দ -- গোসাই  । 


৯. চন্দ্ৰকান্ত সিংহই কাক লৈ গোপনীয় পত্র লিখিছিল?

উত্তৰ-চন্দ্ৰকান্ত সিংহই বদনচন্দ্ৰ বৰফুকনলৈ গোপনীয় পত্ৰ লিখিছিল ।


১০. গোপনীয় পত্ৰত লিখা দুটা সংস্কৃত দুটা ফাৰ্চী আৰু দুটা পুৰণি অসমীয়া শব্দ লিখা।

উত্তৰ-গোপনীয় পত্ৰত লিখা দুটা সংস্কৃত শব্দ হল -- ৰাজবধ, গুৰুবধ ।

দুটা ফাৰ্চী শব্দ ঃ কবুল, চাহাব ।

দুটা পুৰণি অসমীয়া শব্দ ঃ জদি, জেনেকৈ । 


ৰচনাধৰ্মী প্রশ্ন :

১. ব্যৱহাৰিক সাহিত্য সম্পর্কে লিখা।

উত্তৰ- স্বৰ্গদেউ ৰুদ্ৰসিংহ আৰু শিৱসিংহৰ ৰাজত্বকালত অসমীয়া গদ্য সাহিত্যত কেইবাখনো ব্যৱহাৰিক জ্ঞানৰ পুথি ৰচনা কৰা হয় । সেইবোৰৰ ভিতৰত উল্লেখযোগ্য দুখন পুথি সুকুমাৰ বৰকাথৰ হস্তীবিদ্যাৰ্ণৱ আৰু কবিৰাজ চক্ৰৱৰ্ত্তীৰ জ্যোতিষ সম্পৰ্কীয় কথাগ্ৰন্থ ভাস্বতী । অংকৰ আৰ্য, নৃত্যু, আৰু মুদ্ৰাৰ পুথি শ্ৰী হস্তী মুক্তাৱলী নামৰ সংস্কৃত পুথিৰ সুচান্দ ওজাকৃত অসমীয়া ভাঙনি কামৰত্নচন্দ্ৰৰ শ্লোক অসমীয়া কথা ভাঙনি আদি বিশেষভাৱে উল্লেখযোগ্য । সুকুমাৰ বৰকাথৰ হস্তীবিদ্যাৰ্ণৱৰ ভাষা বুৰঞ্জীৰ ভাষাৰ লগত একে । তলত উল্লেখ কৰা উদাহৰণটোৰ পৰা সেইকথাৰ প্ৰমাণ পাব পাৰি যে পৰ্বতৰ পৰা ওলাই আহি সোণৰ শৰপহুৱে পানীৰ মুখত কটালি খালেহি । সেই পহুৰে পৰা কতোদিন থাকি দঁতাল মাখুন্দী ছটা হাতী হৈ হাবিৰ বন পছলা খাই ফুৰে , সকল জুৰিও গুজৰি ফুৰে । তাৰ পৰা অনেক লাখ বিলাখ হাতী হল ।

হস্তীবিদ্যাৰ্ণৱ গ্ৰন্থখন শম্ভূনাথে ৰচনা কৰা গ্ৰজেন্দ্ৰ চিন্তামণি নামৰ সংস্কৃত গ্ৰন্থৰ ওপৰত প্ৰতিষ্ঠিত হৈ আছিল । ৰজা শিৱসিংহ আৰু ৰাণী অম্বিকাদেৱীৰ আদেশমৰ্মে গ্ৰন্থখন ৰচনা কৰা হৈছিল । হস্তীবিদ্যাৰ্ণৱ পুথিখনত হাতীৰ লক্ষণ, প্ৰকৃতি, হাতীৰ শ্ৰেণী, বেমাৰ আৰু ঔষধ,আদিৰ বিৱৰণ সৰল কথিত ভাষাত দিয়া হৈছে । সুকুমাৰ বৰকাথৰ ঘোঁৰানিদান পুথিত ঘোঁৰাৰ জাতি, লক্ষণ বেমাৰ আৰু তাৰ প্ৰতিকাৰৰ বৰ্ণনা দিয়া হৈছে । এনেবোৰ পুথি ৰজাঘৰীয়া অনুপ্ৰেৰণাত ৰচিত হৈছিল আৰু ব্যৱহাৰিক জ্ঞান বিষয়ৰ বৰ্ণনা কাৰণেই ব্যৱহাৰিক কথিত ভাষাৰ প্ৰয়োগ লক্ষ্য কৰা যায় । 

ব্যৱহাৰিক জ্ঞানৰ আন দুখন পুথি হল বাগীশ দ্বিজৰ নাতি লতাঙ্কুৰ, ৰুদ্ৰৰাম দ্বিজৰ নীতিৰত্ন কমলেশ্বৰ সিংহৰ দিনত বাগীশ দ্বিজে হিতোপদেশ অসমীয়ালৈ অনুবাদ কৰে । আউনীআটী সত্ৰৰ ষষ্ঠ অধিকাৰ প্ৰাণহৰি দেৱৰ দিনৰ মধুমিত্ৰ বাগীশে দুৱৰা বংশৰ হৰনাথ ভিতৰুৱাল ফুকনৰ অনুপ্ৰেৰণাত নীতি লতাঙকুৰ ৰচনা কৰা বুলি আউনিআটী সত্ৰৰ বুৰঞ্জীত উল্লেখ পোৱা যায় । নীতি লতাঙকুৰৰ মূল বা আদি পাঠ সংস্কৃতৰ, কিন্তু তাৰ ভাঙনি অসমীয়া বিশুদ্ধ গদ্যৰ । গ্ৰন্থখনত আঠোটা বিষয়ৰ বিষয়ে আলোচনা কৰা হৈছে । যেনে যন্ত্ৰণাৰ বিষয়, স্থান-কাল পাত্ৰ আদি নীতিবৃক্ষৰ বৰ্ণনা, সন্ধিৰ প্ৰকাশ বিগ্ৰহ, ত্ৰিবৰ্গ, ক্ষয়, সাধনা, বৃদ্ধি অষ্ট চাৰি উপায় ( সাম,দান, দণ্ড, ভেদ), যান ব্যৱস্থা, কোট-ব্যৱস্থা, ব্যুহ ব্যৱস্থা, অক্ষৌদিনী গণনা আদি ৰাজনীতিৰ প্ৰয়োজনীয় জ্ঞান পুথিখন দিয়া হৈছে । কামৰত্ন-তন্ত্ৰত বশীকৰণ,স্তম্ভন, মাৰণ, উচাটন কেনেকৈ সাধন কৰিব পাৰি তাৰ বৰ্ণনা কৰিছে । 

হিতোপদেশ আৰু পঞ্চতন্ত্ৰৰ নীতিমূলক সাধুবোৰৰ আৰ্হিত ৰুদ্ৰৰাম দ্বিজে আচাৰ্য কবি শেখৰৰ সংস্কৃত নীতিৰত্নৰ অসমীয়া পদ ভাঙনি কৰিছে । এইখন গ্ৰন্থত পশু-পক্ষীৰ কাহিনী বৰ্ণনাৰ যোগেদি ব্যৱহাৰিক জীৱনৰ নৈতিক জ্ঞানৰ প্ৰকাশ কৰা হৈছে ।



2. সুকুমাৰ বৰকাথে ৰচনা কৰা ‘হস্তীবিদ্যাৰ্ণৱ’ৰ মূল পাঠৰ এটি আলোচনা কৰা।

উত্তৰ- অসমীয়া গদ্য সাহিত্যৰ ষোড়শ শতিকাৰ শেষৰ ভাগত জন্ম লাভ কৰি সপ্তদশ শতিকাত বিশেষভাৱে সু-খ্যাতি অৰ্জন কৰিছিল । ষোড়শ শতিকাৰ এজন অতি উল্লেখযোগ্য লিখক হল সুকুমাৰ বৰকাথ ।বাস্তৱ জীৱনৰ প্ৰয়োগ কৰা উদ্দেশ্যে সুকুমাৰ বৰকাথে হস্তীবিদ্যাৰ্ণৱ আৰু ঘোঁৰানিদান নামৰ দুখন ব্যৱহাৰিক জ্ঞানৰ পুথি ৰচনা কৰিছিল । 

কথিত ভাষাৰ ওচৰ চপা গদ্যক তেওঁলোকে প্ৰকাশ মাধ্যমৰূপে গ্ৰহণ কৰিছিল । 

সুকুমাৰ বৰকাথে ৰচনা কৰা হস্তীবিদ্যাৰ্ণৱ পুথিখনত হাতীৰ লক্ষণ, হাতীৰ প্ৰকাৰ, হাতীৰ বেমাৰ আদিৰ বিষয়ে উল্লেখ আছে । 

হাতীৰ লক্ষণ ঃ সুকুমাৰ বৰকাথৰ হস্তীবিদ্যাৰ্ণৱ পুথিত হাতীৰ লক্ষণ, তিনিবিধ হাতীৰ কথা কোৱা হৈছে আৰু সেয়া হৈছে ।

ক) সুপ্ৰতীকৰ লক্ষণ ঃ দুই দন্ত সমান ৰঙ্গ কৰা চাৰিয়োতৰি সমান স্থূল লাঞ্জ দীৰ্ঘ পোন গাৰ শ্যাম সুন্দৰ ওৰাকে সাতহাত মূৰ ঘুৰণীয়া ওপৰ লেউছা সুন্দৰ কৰ্ণ ফুটুকা-ফুটুকি কছিল স্থলপদ্মৰ গছগচ ফুৰঙ্গা সুঁঢ়দীৰ্ঘ স্থল আগলৈ চুঁচি মৰা সুঁঢ় বলি নখ সুকুলা অল্প ৰঙাগাচাট গলঘাপৰি স্থূল দৃঢ় অল্প কুজা চানেকি অতি চুটিয়ো নহয় অতি দীৰ্ঘো নহয় বদ্ধত মদজলেৰে গণ্ডস্থল থাঁপিত গম্ভিৰ গতি অনেক হস্থিনীসকলে জাক আৱৰি থাকে এই  গজৰাক বদ্ধততাগ্মেহেপাই যাক হচাতে বস কৰিব নোৱাৰি পূজা এৰেহে বস কৰিব পাৰি । 

খ) ঐৰাৱতৰ লক্ষণঃ দন্ত চাৰিটা সমান ৰঙ্গ কৰা গাৰ বৰ্ন্ন কৰ্পূৰ সদৃশ সুক্ল চাৰিযোতাৰি সমান স্থল লাঞ্জ দীৰ্ঘ পোন ওখকে সাত হাত নূড় স্থূল ওপৰ লেউছা কৰ্ন্নফুটুকা কছিন সূঁঢ় দীৰ্ঘ স্থূল আগলে চুঁচি মৰা সুঁঢ় বলি নখ সুকুলা অল্প ৰঙ্গাচাট চক্ষু অল্প ৰঙ্গাচাট গলঘাপৰি স্থূল দৃঢ় অল্পকুজা চানেকি অতি চুটি যোন হয় অতি দীৰ্ঘো নহয় বদ্ধত মদজলেৰে গণ্ডস্থল স্থাপিত গম্ভিৰ গতি অনেক হস্থিনীসকলে জাক আৱৰি থাকে যাক পালে ৰাজাৰ ঐশ্বৰ্য বাঢ়ে যাক হচ্ছাতে ৰস কৰিব নোৱাৰি চাটুএৰেহে ৰস কৰিব পাৰি ।

গ) পুণ্ডৰীকৰ লক্ষণঃ দন্ত দুটা সমান ৰঙ্গ কৰা গাৰ বৰ্ন্ন কৰ্পূৰৰ সদৃশ সুক্ল চাৰিয়োতৰি সমান স্থূল লাঞ্জ দীৰ্ঘ পোন ওখকে সাত হাত মুড় স্থূল ওপৰ লেউছা কৰ্ন্ন ফুটুকা খুটুকি কছিন সঁঢ় দীৰ্ঘ আগলে চুঁতি মৰা সুঁঢ় বলি নখ সুকুলা অল্প ৰঙ্গাচাট চক্ষু অল্প ৰঙ্গা গলধাপৰি স্থূল দৃঢ় অল্প বুজাচানেকি অতি চুটি যোন হয় অতি দীৰ্ঘো নহয় বদ্ধত মদজলেৰে গণ্ডস্থল থাপিত গম্ভিৰ গতি জাক অনেক হস্তিনীসকলে আৱৰি থাকে । যাক জদি পায় সত্ৰু নাষ হয় বাঘান্তৰ প্ৰাপ্তি যাক হচাতে বস কৰিব নোৱাৰি মন্ত্ৰৰেহে বস কৰিব পাৰি । 


৩. ‘হস্তীবিদ্যার্ণৱ’ পুথিত কি বিষয় আলোচনা কৰা হৈছে লিখা।


উত্তৰ-

8. অসমীয়া লিপিৰ উদ্ভৱ আৰু বিকাশ সম্পর্কে লিখা।

উত্তৰঃ  ভাৰতবৰ্ষত প্ৰচলিত লিপিসমূহৰ ভিতৰত হৈছে অসমীয়া লিপি অতি উল্লেখযোগ্য । ঊনবিংশ শতিকাৰ আগভাগ লৈ নিজৰ বৈশিষ্ট্যৰে সমুজ্জল প্ৰাচীন অসমীয়া লিপিটো কামৰূপী লিপি বুলি জনা যায় । মগধৰাজ অশোকৰ অনুশাসনত ব্যৱহাৰ হোৱা কুষাণ বংশীয় ৰজাসকলৰ সময়ছোৱাত বিকাশ লাভ কৰা প্ৰাচীন ব্ৰাহ্মী লিপিৰ পৰাই ভাৰতবৰ্ষৰ বেছিভাগ লিপিৰ বিকাশ হৈছে । অসমীয়া লিপিও ব্ৰাহ্মী লিপিৰ পৰাই জন্ম হৈছে । 

অসমৰ লিপি চৰ্চাৰ হোতা সৰ্বেশ্বৰ কটকীয়ে অসমীয়া লিপিৰ উদ্ভৱ সম্পৰ্কে লিখিছে -- ব্ৰাহ্মী লিপি প্ৰথম, কুষাণ লিপি দ্বিতীয়, গুপ্তলিপি তৃতীয় আৰু গুপ্ত লিপিৰ পূব ভাৰতীয় কুটিল লিপি চতুৰ্থ আৰু এই কুটিল লিপিৰ পৰিৱৰ্তন আৰু সংমিশ্ৰণ ঘটি কামৰূপী বা পুৰণি অসমীয়া লিপিয়ে পূৰ্ব ভাৰতীয় ভাষাৰ বংশ শতিকাত পঞ্চমস্থান অধিকাৰ কৰিছে বুলি স্থিৰ কৰিব পাৰি আৰু এয়ে অসমীয়া লিপিৰ  মূল ।

লিপিতত্ত্ববিদ পণ্ডিত বুহলাৰ টি.পি, শৰ্মা, সুনীতি কুমাৰ চট্টোপাধ্যায় আদিৰ মতেও অসমীয়া লিপিৰ আৰম্ভ হোৱাৰ মূলতে কুটিল লিপি আছে । কিন্তু কিছুমানে এই মতবাদ মানি লব পৰা নাই । এওঁলোকৰ মতে 

১) কুটিল লিপিৰ পৰা উদ্ভঙৱ হোৱা  অন্যান্য লিপি লগত অসমীয়া বা প্ৰাচীন কামৰূপী লিপিৰ গঢ়ৰ তেনে কোনো প্ৰত্যক্ষ মিল দেখা নাযায় । বহুতো বৈসাদৃশ্য দেখা যায় ।

২) কুটিল লিপিৰ উদ্ভৱৰ সময় খ্ৰীষ্টীয় ষষ্ঠ শতিকা ধৰা হৈছে ।কিন্তু অসমীয়া লিপিৰ নিদৰ্শন পঞ্চম শতিকাৰ পৰাই পোৱা যায় । খ্ৰীষ্টীয় পঞ্চম শতিকাৰ আদিভাগৰ নগাজৰী খনিকৰ গাঁৱৰ প্ৰস্তৰখণ্ড লিপি আৰু নীলাচল পাহাৰত পোৱা সুৰেন্দ্ৰ বৰ্মাৰ উমাচল শিলালিপিয়ে তাৰ প্ৰমাণ দাঙি ধৰিছে । এনে তথ্যৰ আধাৰত উপেন্দ্ৰ নাথ গোস্বামীয়ে তেওঁৰ অসমীয়া লিপি পুথিখন অভিমত দিছে । অসমীয়া লিপিৰ মূল ব্ৰাহ্মী আৰু তাৰ পৰৱৰ্তী গুপ্তলিপি । উমাচলৰ শিলালিপি আৰু নগাজৰী খনিকৰগাঁৱৰ লিপিত পোৱা আখৰবোৰক গুপ্ত লিপিৰ আখৰবোৰৰ লগত ৰিজাই বা মিলাই চালে এই শিলালিপি দুখনৰ প্ৰায়বোৰ আখৰেই গুপ্ত লিপিত পোৱা আখৰৰ সৈতে একেটা ৰূপত পোৱা যায় । আন এগৰাকী অসমীয়া লিপিৰ লেখক নাৰায়ণ দাসৰ মতে গুপ্তলিপিৰ পূৰ্ শৈলীয়ে বিভিন্ন ৰূপান্তৰৰ মাজেদি সৰকি আহি দ্বাদশ শতিকাৰ কানাই বৰশী বোৱা তুৰস্কক্ষয়ৰ শিলৰ ফলিত অসমীয়া লিপিৰূপে আত্মপ্ৰকাশ কৰেহি । লিপিবিদসকলৰ মতে এনে মন্তব্যৰ পৰা প্ৰমাণিত হয় যে গুপ্ত যুগৰ সমসাময়িক কালত ব্ৰাহ্মী লিপিৰ ৰূপান্তৰিত ধাৰা গুপ্তলিপিৰ পৰা কুটিল লিপিয়ে বিকাশ লাভ কৰাৰ আগতেই প্ৰাচীন কামৰূপ ৰাজ্যলৈ ব্ৰাহ্মী লিপিৰ উদ্ভৱ হৈছিল আৰু সেই লিপিয়ে কিছু স্বকীয় ৰূপত আত্মপ্ৰকাশ কৰিছিল । 

অসমীয়া লিপিৰ যুগবিভাজনঃ খ্ৰীষ্টীয় পঞ্চম শতিকাৰ পৰা অষ্টাদশ শতিকালৈ এই ডেৰ হাজাৰ বছৰীয়া অসমীয়া লিপিৰ বিকাশৰ দীঘলীয়া স্তৰটো উপেন্দ্ৰনাথ গোস্বামীয়ে এনেদৰে বিভাজন কৰিছে ।

ক) কামৰূপী লিপি বা প্ৰাচীন অসমীয়া লিপি ( খ্ৰীষ্টীয় পঞ্চম শতিকাৰ পৰা দ্বাদশ শতিকালৈ )।

খ) মধ্যযুগৰ অসমীয়া লিপি ( ত্ৰয়োদশ শতিকাৰ পৰা উনবিংশ শতিকালৈ )

গ) মধ্যযুগৰ অসমীয়া লিপি ( অৰুণোদয়ৰ পৰা বৰ্তমানলৈ)

কামৰূপী লিপি বা প্ৰাচীন অসমীয়া লিপি ঃ খ্ৰীষ্টীয় পঞ্চম শতিকাৰ নগাজৰী খনিকৰ গাওঁৰ প্ৰস্তৰ লিপিৰ পৰা দ্বাদশ শতিকাৰ বৈদ্যপালৰ কমৌলী তাম্ৰশাসন লিপি লৈ কামৰূপী লিপি বা প্ৰাচীন অসমীয়া লিপিৰ যুগ বুলি কোৱা হয় । খ্ৰীষ্টীয় পঞ্চম শতিকাৰ পৰা সপ্তম শতিকালৈ উদ্ভৱ হোৱা লিপি নগাজৰী খনিকৰ গাঁৱৰ প্ৰস্তৰ লিপি, উমাচল শিলালিপি , বৰগংগা শিলালিপি, ভাস্কৰ বৰ্মনৰ ডুবি তাম্ৰশাসন, নালন্দাত প্ৰাপ্ত মৃন্ময় মোহৰ লিপি । আনহাতে ভাস্কৰ বৰ্মনৰ পাছৰ পৰা তৃতীয় বলবৰ্মাৰ ৰাজত্ব কাললৈ এই সময়ছোৱাক কামৰূপী লিপিৰ পৰীক্ষা-নিৰীক্ষাৰ কাল বা সময় বুলি কোৱা হৈছে । এই সময়ছোৱাৰ লিপিবোৰ হৈছে ভাস্কৰ বৰ্মনৰ নিধানপুৰ শাসন, হৰ্জৰ বৰ্মনৰ ঔগুৰি শিলালিপি, হায়ুংথল তাম্ৰশাসন, বলবৰ্মনৰ তেজপুৰ শিলালিপি, উত্তৰ বৰবিল, উলুবাৰী আৰু নগাঁওৰ তাম্ৰশাসনআদিয়ে এই সময়ছোৱাৰ লিপিৰ এটা নিদৰ্শন । একাদশ-দ্বাদশ শতিকাৰ সময় পুৰণি লিপিসমূহৰ দ্ৰুত বিকাশৰ সময় । এই সময়ছোৱাৰ লিপিবোৰ হৈছে - ৰত্নপালৰ বৰাগাঁও, শুৱালকুছি লিপি, ইন্দ্ৰপালৰগুৱাহাটী শুৱাকুছি, গোপালবৰ্মাৰ গছতল শাসন, ধৰ্মপালৰ খনামুখ, শুভংকৰ আৰু পুস্পভদ্ৰাৰ নিপিয়ে প্ৰধান । পঞ্চম শতিকাৰ নগাজৰী খনিকৰ গাঁৱৰ প্ৰস্তৰ লিপি আৰু উমাচল শিলালিপিৰ আখৰ ই, ক, খ, গ, চ, দ, ব, ন, ম, ল, স,হ আদি আখৰ গুপ্তলিপিৰ আখৰৰ সৈতে মিল আছে । ভূতিবৰ্মনৰ বৰগংগা লিপিৰ গ, আৰু অ আধুনিক আখৰৰ ফালে ঢালখোৱা । নৱম শতিকাৰ তাম্ৰ শাসনবোৰত আধুনিক অসমীয়া গঢ় লবলৈ আৰম্ভ কৰে । আ-কাৰ, ই-কাৰ, আধুনিকতাৰ ফালে ঢাল খোৱা হৈছে । বনমাল বৰ্মনৰ পৰ্বতীয়া তাম্ৰ শাসন,, বলবৰ্মনৰ উত্তৰ বৰবিল, উলুবাৰী তাম্ৰশাসন, নগাঁও তাম্ৰশাসনৰ অ, আ, উ, ঊ, এ,ঔ, খ, ঘ, জ, ত,থ, ন,ফ, ব, আদি আধুনিক আখৰৰ গঢ় লৈ উঠা ।

একাদশ শতিকাৰ ইন্দ্ৰপালৰ শুৱালকুছি তাম্ৰশাসন, ৰত্নপালৰ বৰগাঁও , শুৱালকুছিৰ তামৰ ফলিৰ লিপি সুকীয়া আৰু অধিক বিকশিত । শুৱালকুছি তামৰ ফলিৰ আখৰ ত্ৰিকোণ আকৃতিৰ , দীঘলীয়া আৰু ৰেখাবোৰ সৰু অথচ  অধিক স্পষ্ট । দ্বাদশ শতিকাৰ বৈদ্যপালৰ ৰাজত্ব কালৰ কমৌলী তাম্ৰশাসন ৰ, খ, গ, ণ, আদি আখৰ আধুনিক অসমীয়া লিপিৰ নিচিনা ওপৰৰ মাত্ৰা দেখা নাযায় । এই সময়ছোৱাৰ ধৰ্মপালৰ পুস্পভদ্ৰালিপি, বল্লভদেৱৰ শাসন, ধৰ্মপালৰ খনামুখ শুভংকৰ পাটক লিপিৰ ই, গ, জ, ন, ম, ল, ৰ, স আখৰৰ লগত সাঁচিপাতৰ আখৰৰ সৈতে মিল দেখা যায় । 


৫. মধ্যযুগীয়া অসমীয়া লিপিৰ বিষয়ে লিখা। 

উত্তৰ- মধ্যযুগীয় অসমীয়া লিপি আৰম্ভ হয় খ্ৰীষ্টীয় ত্ৰয়োদশ কালৰ বৰশীবোৱা তুৰস্কক্ষয়ৰ শিলা লিপিৰ পৰা । ১৯১৮ চনত আৱিস্কৃত হোৱা লিপিখনত কামৰূপৰ ৰজা পৃথুৰ ৰাজত্বকালত আক্ৰমণ কৰিবলৈ তুৰস্ক বাহিনীক ধ্বংস কৰা বৰ্ণনা পোৱা যায় । ফলিৰ আখৰবোৰ আধুনিক অসমীয়া লিপিৰ আখৰৰ নিচিনা । লিপিখনৰ ক, গ, ম, ৰ, শ, স আদি আখৰ অতি স্পষ্ট । চতুদৰ্শ শতিকাৰ পৰা অষ্টদশ শতিকালৈ খোদিত শিলানুশাসন, তাম্ৰশাসন, স্তম্ভলিপিৰ ভিতৰত -- গছতল লিপি, পুৰুষোত্তম দাসৰ ৰাউতকুছি তামৰ ফলি, তাম্ৰেশ্বৰী মন্দিৰৰ শৈলশাসন, হাজোৰ হয়গ্ৰীৱ -মাধৱ মন্দিৰৰ শিলালিপি, খ্ৰীষ্টীয় ষোড়শ অষ্টাদশ শতিকাৰ অসমীয়া লিপিৰ নীলাচল কামাখ্যা মন্দিৰৰ শিলালিপি, সপ্তদশ শতিকাৰ চামধৰা গড়ৰ ৰণজয়ৰ শিলৰ ফলি, বাঁহগড়ীয়া বুঢ়াগোহাইৰ ৰণজয়ৰ শিলৰ ফলি, অষ্টাদশ শতিকাৰ দেৰগাঁৱৰ শিৱদলৰ তামৰ ফলি । এই সময়ছোৱাৰ ভিতৰত অসমীয়া লিপিয়ে আহোম, কোচ, বৰাহী, দৰঙী, আদি ৰজা পৃষ্ঠপোষকতাত সাঁচিপাত, তুলাপাত, আদিত ৰচিত পুথি-পাজিৰ মাজেৰে বিকাশ লাভ কৰিবলৈ সক্ষম হয় ।

মধ্যযুগীয় অসমীয়া লিপিৰ তিনি প্ৰকাৰৰ লিখনশৈলীৰ উল্লেখ পোৱা যায়-- 

ক) বামুণীয়া লিপি ।

খ) গড়গঞা লিপি ।

গ) লহকৰী বা কাইথেলী লিপি ।

ক) বামুণীয়া লিপি ঃ মধ্যযুগীয় অসমত সংস্কৃত ভাষাক সাহিত্য চৰ্চা কৰা সংস্কৃত টোলবোৰক কেন্দ্ৰ কৰি  এই লিপি গঢ় লবলৈ উঠে । সংস্কৃতৰ পুথি-পাজি নকল বা লিখাৰ ক্ষেত্ৰত ব্ৰাহ্মণসকল নিযুক্তি আছিল কাৰণে এই লিপি বামুণীয়া লিপি নামেৰে নামাকৰণ কৰা হয় । এই  লিপিৰ আখৰ যেনে-- অ, আ, দ, দেৱনাগৰী আখৰৰ গঢ়ৰ দৰে । মহেন্দ্ৰ বৰাই ১৭৩৫ খ্ৰীষ্টাব্দত প্ৰতিলিপি কৰা মাধৱদেৱৰ ভক্তি ৰত্নাৱলী গ্ৰন্থৰ আখৰ বামুণীয়া শৈলীৰ মন্তব্য কৰিছে । এই লিপিৰ এ, ঐ, ক, খ, গ, চ, জ, ম, ন, প, ফ আদি আখৰ সম্পূৰ্ণ আধুনিক অসমীয়া আখৰৰ দৰে প্ৰায় একে ।

খ) গড়গঞা লিপিঃ মধ্য যুগৰ আহোম ৰাজধানী গড়গাঁওক কেন্দ্ৰ কৰি এই লিপি গঢ় লৈ উঠিছে । আহোম যুগৰ ৰজা ডা-ডাঙৰীয়াসকলৰ বুৰঞ্জীকে ধৰি, আন আন পুথি-পাজি লিখিবৰ কাৰণে এক শ্ৰেণীৰ লিখক নকলকাৰক নিয়োগ কৰা হৈছিল । এই লিখনৰীতিয়েই গড়গঞা শৈলীৰূপে পৰিচিত হয় । এই লিপিশৈলীৰ অ, আ, ই, ঈ, আধুনিক গঢ়ৰ । সংযুক্তাক্ষৰ আৰু ঠ, ন. ল আদিৰ বাহিৰে অ, আ, ই, ঈ, আধুনিক অসমীয়া আখৰৰ সৈতে একে । 

গ) লহকৰী বা কাইথেলী লিপিঃ মধ্যযুগৰ অসমৰ কায়স্থসকলে পুথি-পাজি ৰচনা কৰিবলৈ, হিচাপ-পত্ৰ আদি লিখিবলৈ যি লিপি ব্যৱহাৰ কৰিছিল তাৰ নামেই লহকৰী বা কাইথেলী লিপি । কায়স্থসকলৰ কিছুমান লোকে লহকৰ লিখিছিল কাৰণেই ইয়াৰ নাম লহকৰী বুলি কোৱা হৈছে । সুকুমাৰ বৰকাথৰ হস্তীবিদ্যাৰ্ণৱ, ধৰ্মপুৰাণ, অংকশাস্ত্ৰ শুভাংকৰী, কিতাব মঞ্জৰী, শংখচূড় বধ আদি কাইথেলী লিপিত ৰচিত । এই লিপিৰ ক, খ, ঘ, ট, ম, ন, ফ, ৰ, ল আদি আখৰ গড়গঞা আৰু বামুণীয়া লিপিৰ সৈতে এক । 


৬. চামধৰা গড়ৰ ৰণ-জয়ৰ শিলালিপি ক’ত কি অৱস্থাত পোৱা হৈছে লিখা।

উত্তৰ-সপ্তদশ শতিকাৰ আগৰ যিবোৰ শিলালিপি আৰু তাম্ৰ লিপি পোৱা গৈছে, সেইবোৰ সম্পূৰ্ণ অসমীয়া ভাষাত খোদিত লিপি নাছিল । কিন্তু চামধৰা গড়ৰ ৰণজয়ৰ শিলালিপিৰ ১লং ফলিৰ আধা অংশ আৰু আনখন ফলিৰ সম্পূৰ্ণ শুদ্ধ অসমীয়া ভাষাত খোদিত কৰা হৈছে । সম্পূৰ্ণ শুদ্ধ ভাষাত ১নং ফলিৰ আধা অংশ আৰু ২নং ফলিৰ সম্পূৰ্ণ খোদিত অংশটো এইখিনিতে উল্লেখ কৰা হল 

১নং ফলি ঃ  শ্ৰী ভাণ্ডাৰী গোসাই । লাঙ্গিৰ্পো গোসাই । বৰফুকন নায়সলিয়া ৱাই । চামধৰা সিমা কৰি হাৰুনিদাৰুণিলৈ গঢ় । শক ।১৫৩৮ 

২নং ফলিঃ শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণ জয় জয় ।

শ্ৰীফুলুঙ গোসাই । শ্ৰী কুলুতা গোসাই ।

শ্ৰী জদু বৰুৱা জয় হল ।

চামধৰা গড়ৰ ৰণজয়ৰ শিলৰ ফলিত ব্যৱহাৰ কৰা গোসাই শব্দটো পৰৱৰ্তীকালত গোহাই বা গোহাঞি বুলি লিখাৰ নিয়ম হল । পুৰণি অসমীয়া আন আন শিলালেখা বা তাম্ৰফলি সংস্কৃত শব্দৰে লিখাৰ দৰেই চামধৰাগড় ৰণজয়ৰ ১নং ফলিত সংস্কৃত শব্দ স্বস্তি শব্দৰে আৰম্ভণি কৰিছে । স্বস্তি সমুতুঙ্গৰে আৰম্ভ কৰি লিখা বাক্যটোৰ জৰিয়তে সেই সময়ৰ ৰজা প্ৰতাপসিংহৰ প্ৰশংসা আৰু ৰণজয়ৰ কথা বৰ্ণনা কৰা হৈছে । শুদ্ধ অসমীয়া ভাষা ব্যৱহাৰ কৰা শব্দবোৰ হৈছে বড়ফুকন-বৰফুকন, চামধৰা নামবাচকশব্দ, বৰুৱা, জয় ইত্যাদি । গতিকে ফলিখনত ব্যৱহাৰ হোৱা শব্দবোৰৰ প্ৰতি লক্ষ্য কৰি ইয়াকে কব পাৰি যে ইয়ে শদ্ধ অসমীয়া ভাষাত ব্যৱহাৰ হোৱা শিলালিপি । 


৭. চামধৰা গড়ৰ শিলালিপিৰ বিষয়ে বর্ণনা কৰা।

উত্তৰ- অসমৰ এখন বিখ্যাত চহৰৰ নাম হল তেজপুৰ । এই তেজপুৰ চহৰৰ পৰা প্ৰায় পাঁচ মাইল ব্ৰহ্মপুত্ৰ নদীৰ পাৰত, ভৰালী আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থল তাত চামধৰা আৰু ভোমোৰাগুৰি পাহাৰত আহোম ৰজা বা স্বৰ্গদেউ প্ৰতাপসিংহ ওৰফে স্বৰ্গনাৰায়ণৰ  তিনিখন ৰণ জয় শিলৰ ফলি খোদিত হিচাপে আছে । ইয়াৰে দুখন চামধৰা গড়ৰ ৰণজয়ৰ শিলালিপি আৰু আনখন ভণ্ডাৰী গোঁসাই গড় নিৰ্মাণৰ শিলৰ ফলি । আনখন ফলি ভোমোৰাগুৰি পাহাৰৰ ওচৰত এটা প্ৰকাণ্ড শিলৰ ওপৰত খোদিত কৰা কিন্তু আধুনিক সময়ৰ সোঁতত ব্ৰহ্মপুত্ৰৰ কলীয়াভোমোৰা সেতু নিৰ্মাণৰ সময়ত এই ফলিখন এই স্থানৰ পৰা আন স্থানলৈ সলনি কৰা হয় বা ৰূপান্তৰ কৰা হয় । 

চামধৰা গ়ড ৰণজয়ৰ ফলি দুখনৰ এখন এটা শৈলস্তম্ভৰ বহল ফালটিত আৰু আনখন ঠেক ফালটিত খোদিত কৰা হৈছে । হেমচন্দ্ৰ গোস্বামীয়ে পোন প্ৰথম এই ফলি দুখনৰ পাঠ উদ্ধাৰ কৰি আলোচনী নামৰ কাকতখনত প্ৰকাশ কৰে । তৃতীয়খন ফলিৰ পাঠ নাৰায়ণ দাসে কেইজনমান লিপি বিশেষজ্ঞৰ লগত লগ লাগি উদ্ধাৰ কৰি প্ৰকাশ কৰে । ফলিখনত প্ৰতাপসিংহ ৰজাক সমৰ বিজয়িনঃ বুলি উল্লেখ কৰা হৈছে যদিও ৰজা গৰাকীয়ে কেতিয়া কাৰ সৈতে যুদ্ধ বা ৰণত লিপ্ত হৈছিল তাৰ কোনো উল্লেখ পোৱা নাযায় । গেইট আৰু হেমচন্দ্ৰ গোস্বামীৰ মতে চামধৰা গড়ৰ ৰণ ছৈয়দ আবা বকৰৰ অধীনত অহা  মোগল সৈন্যৰ লগত ভৰলীমুখত আহোমসকলৰ যুদ্ধ সংঘটিত হৈছিল । সেই সময়ৰ আহোম ৰজা প্ৰতাপ সিংহই ৰণজয়ৰ শেষত ৰিকত্থান নামৰ এটা উৎসৱ পাতিছিল ।  যুদ্ধৰ এবছৰ পিছত চামধৰা গড় বন্ধা হৈছিল । কাশীনাথ ফুকনৰ বুৰঞ্জীত পোৱা যায় লুইতৰ পৰা পৰ্বতলৈকৈ দক্ষিণ পাৰে চামধৰা গড় বন্ধালে । আনহাতে  অসম বুৰঞ্জী ( সুকুমাৰ মহন্তৰ ঘৰত পোৱা ) মতে লুইতৰ পৰা দক্ষিণলৈ ভয়ৰাগুৰিলৈ উত্তৰে লুইতৰ 0পৰা চামধৰা পৰ্বত লগাই এই গ়ড় বান্ধিছিল ।

ফলি দুখনৰ গুৰুত্ব এইটোৱে যে এখন ফলিত আধা অংশ আৰু আনখন ফলি সম্পূৰ্ণ অসমীয়া ভাষাত লিখা । ইয়াৰ আগতে শিল, তাম, আদিত সম্পূৰ্ণ শুদ্ধ অসমীয়া আখৰেৰে লিখিত ফলিৰ হেনো কোনো পাঠ উদ্ধাৰ হোৱা নাই । এই দুখনেই অসমীয়াত খোদিত শিলৰ ফলি । 


৮. চন্দ্ৰকান্ত সিংহই বদন বৰফুকনলৈ লিখা গোপনীয় পত্ৰৰ বিষয়ে লিখা।

উত্তৰ- ৰজা চন্দ্ৰকান্ত সিংহই বদনচন্দ্ৰ বৰফুকনলৈ লিখা গোপনীয় পত্ৰ বা চিঠিৰ আকম্ভণিতে ইশ্বৰৰ ওচৰত পণিপ্ৰাত তথা নামলৈ আৰম্ভ কৰিছে শ্ৰী ৰাম, শ্ৰী শ্ৰী দেৱ ইশ্বৰে কৈছে , শ্ৰী বৰফুকনৰ প্ৰতি বা বদনচন্দ্ৰ বৰফুকনৰ প্ৰতি লক্ষ্য স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই কৈছে ৰজাৰ বিপদ বা দুৰ্যোগ চলি আছে । দুৰ্যোগৰ কথা ফুকনলৈ গোপনে লিখি আছো । পূৰ্ণানন্দ বুঢ়াগোহাঞিয়ে এজন এজনকৈ সকলোকে মাৰি আছে । সেয়ে ৰজাৰো প্ৰাণৰ প্ৰতি ভয় হৈছে আৰু প্ৰাণ ৰক্ষাৰ উপায় নাইকিয়া হৈ পৰিছে । 

গতিকে ফুকনৰ প্ৰতি দয়া আছে তেতিয়াহলে বৰফুকনে ৰজাৰ পত্ৰ পঢ়ি পূৰ্ণানন্দ বুঢ়াগোহাঞিক দমন কৰিব পাৰে তেন্তে তেওঁৰ জীৱন ৰক্ষা পৰিব । সেয়েহে বৰফুকন অতি সোনকালে আহিব লাগে । যদি আহিব নোৱাৰেতেতিয়াহলে ফুকনে কলিকতাৰ ৰঙ্গপুৰলৈ গৈ শ্ৰী যুত বৰচাহাবৰ ওচৰত শৰণাপন্ন হৈ ৰাজদ্ৰোহী বুঢ়াগোহাঞিৰ কু-কৰ্মৰ কথা বৰচাহাবক জনাব লাগে । পূৰ্ণানন্দ বুঢ়াগোহাঞিয়ে ইতিপূৰ্বে গৌৰীনাথ সিংহক, পিতৃ চাৰিঙ্গীয়া দেৱতাক,ককাই ৰাজাদেৱক কি প্ৰকাৰে বিহ দি হত্যা কৰিলে, সেই কথাও চিঠিখনত উল্লেখ কৰিছে। কৈছে যে বৰ্তমান ফুকন বৰুৱা লা-লিগিৰা আদি বহুতকে মাৰিছে । মোৰ মন পোৱা মানুহ বা চন্দ্ৰকান্তৰ মানুহবোৰক আঁতৰাই বুঢ়াগোহাঞিৰ মানুহক লগত লৈ চন্দ্ৰকান্তৰ গৃহবন্দী কৰাৰ দৰে ৰাখিছে । ৰাজ দৰবাৰত থকা মোহৰবোৰো বুঢ়াগোহাঞিয়ে হাত কৰিলে । সেয়ে চন্দ্ৰকান্তৰ জীৱন ৰক্ষাৰ উপায় নাই । চন্দ্ৰকান্তই নিজা মানুহৰ হতুৱাই চিঠিত সকলো কথা লিখি সোনকালে গৈ চাহাবৰ ওচৰত শৰণাপন্ন হবলৈ কৈছে । চাহাবসকলে প্ৰয়োজন অনুসৰি ছয় সাতোটা সেনা কোম্পানী লগত লৈ বদন বৰফুকনে চন্দ্ৰকান্তক উদ্ধাৰ কৰিব লাগে আৰু তাৰ বাবদ যি খৰচ হয় তাক তেওঁ বহন কৰিব । লগতে চন্দ্ৰকান্ত সিংহই উল্লেখ কৰিছে যদি ইয়াতো বৃটিছৰ চাহাব ৰাজি নহয়, তেতিয়াহলে বছৰত এক লাখ দিব, তাতো যদি মান্তি নহয় তেতিয়াহলে তেৰ লাখ দিবলৈও তেওঁ সন্মত আছে । সেইকাৰণে বদনচন্দ্ৰ বৰফুকনে শত্ৰুক ধ্বংস কৰিবলৈ সাজু হৈ আহিব লাগে । ইয়াৰ পাছতো যদি চন্দ্ৰকান্তৰ জীৱন ৰক্ষা নপৰে , তেতিয়াহলে নামনিত থকা তেওঁলোকৰ কোঁৱৰক ৰাজপাটত বহুৱাই শত্ৰুক নাশ বা ধ্বংস কৰি দেশখন ৰক্ষা কৰিব লাগে । চন্দ্ৰকান্তই কোৱা কথাখিনি কিবাকৈ পূৰ্ণানন্দ বুঢ়াগোহাঞিয়ে জানিব পাৰে তেতিয়াহলে বদনৰ গাত ৰাজবধ, স্ত্ৰীবধৰ পাপ লাগিব । 


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)







Type- Jit Bora 

(Morigaon Assam)

Answers type_ Ali rani kakati ( Ba in History Major)