Chapter 12:

অসমীয়া হাতেলিখা পুথিৰ লিপি


অতি চমু প্রশ্নোত্তৰঃ


১। ভাস্কৰ বৰ্মাই গৌড়ৰ কোন ৰজালৈ হাতেলিখা গ্রন্থ পঠাইছিল?


উত্তৰঃ তদানীন্তন গৌড়ৰ ৰজা হর্ষবর্দ্ধনলৈ।


২। হৰ্ষচৰিতৰ ৰচক কোন?


উত্তৰঃ বাণভট্ট।


৩। হর্ষচৰিত কি ভাষাত ৰচিত পুথি?


উত্তৰঃ সংস্কৃত ভাষা।


৪। অসমীয়া ভাষাৰ প্ৰাচীনতম নিদর্শন ক'ত পোৱা যায়?


উত্তৰঃ চর্যাপদ আৰু দোহাকোষবোৰত।


৫। প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি কোন?


উত্তৰঃ মাধৱ কন্দলি।


৬। আহোমসকলৰ ৰচিত লিপিৰ নাম কি?


উত্তৰঃ টাই লিপি।


৭। মোগলসকলৰ ৰচিত লিপিৰ নাম কি?


উত্তৰঃ ফাৰ্চী লিপি।


৮। প্রাচ্য শাসনাৱলী' কাৰ সম্পাদনা আছিল?


উত্তৰ: মহেশ্বৰ নেওগ।


৯। 'বিশ্বলিপিৰ ভূমিকা' গ্ৰন্থৰ লেখক কোন?


উত্তৰঃ নাৰায়ণ দাস।


১০। 'টাই সংস্কৃতিৰ ৰূপৰেখা'ৰ ৰচক কোন?


উত্তৰঃ লীলা গগৈ।


১১। লিপিকাৰসকলক কি বুলি কয়?


উত্তৰ: লেখাৰু বা লেখক।


১২। হাতেলিখা লিপিকাৰকৰ এটি গুণ উল্লেখ কৰা।


উত্তৰঃ লিপিকাৰসকলৰ প্ৰকৃততে সুন্দৰ আৰু স্পষ্ট হাতৰ আখৰেই মূলধন।


১৩। গড়গঞা লিপি কিহক কেন্দ্ৰ কৰি ৰচিত?


উত্তৰঃ আহোম যুগৰ ৰজাৰ ৰাজধানী গড়গাঁৱক কেন্দ্ৰ কৰি।


১৪। হস্তী বিদ্যাৰ্ণৰ কি লিপিত ৰচিত।


উত্তৰঃ কায়থেলী বা লহকৰী লিপিত।


১৫। সংস্কৃত টোলবোৰক কেন্দ্ৰ কৰি ৰচিত লিপিৰ নাম কি?


উত্তৰঃ বামুণীয়া লিপি।


১৬। 'সুবোধিনী টীকা' কি লিপিত ৰচিত।


উত্তৰঃ বামুণীয়া লিপিত।


১৭। কায়স্থ-সম্প্রদায়ক কেন্দ্ৰ কৰি ৰচিত লিপিৰ নাম কি?


উত্তৰঃ কায়থেলী লিপি।


১৮। কিতাবৎমঞ্জৰী কি লিপিত ৰচিত?


উত্তৰঃ কায়থেলী বা লহকৰী লিপিত।


১৯। হাতেলিখা পুথিৰ লেখন সামগ্রী এবিধৰ নাম লিখা।


উত্তৰঃ সাঁচিপাত।


২০। ভূর্জপত্র কিহৰ পৰা তৈয়াৰ কৰা হয়।


উত্তৰ: ভূৰ্জ নামৰ গছৰ বাকলিৰপৰা প্ৰস্তুত কৰা এবিধ লেখন সামগ্রী।


২১। চিয়াহীৰ অন্য নাম কি?


উত্তৰঃ মহী।


২২। পাঠ-সমীক্ষাৰ ইংৰাজী শব্দটো কি?


উত্তৰ: Textual criticism.


২৩। পাঠ-সমীক্ষা বুলিলে কি বুজা?


উত্তৰঃ পাঠ-সমীক্ষা হৈছে, যিমান দূৰ সম্ভৱ মূল ৰূপৰ ওচৰ চপাকৈ গ্ৰন্থকাৰৰ পাঠ উদ্ধাৰ কৰি উলিওৱাৰ এক প্রণালীবদ্ধ কৌশল। এই পদ্ধতিৰ সহায়ত কিছুমান নীতি আৰু কৌশল প্রয়োগ কৰি পুৰণি পুথিসমূহ সম্পাদন কৰা হয়।


২৪। পাঠ-সমীক্ষাৰ এটি সংজ্ঞা উল্লেখ কৰা।


উত্তৰঃ পাঠ সমীক্ষা হৈছে যিমানদূৰ সম্ভৱ মূল ৰূপৰ ওচৰ চপাকৈ গ্ৰন্থকাৰৰ পাঠ উদ্ধৰৈ কৰি উলিওৱাৰ এক প্রণালীবদ্ধ কৌশল।


২৫। পাঠ-সমীক্ষাত 'পাঠ' বুলিলে কি বুজা?


উত্তৰঃ পাঠ-সমীক্ষাত 'পাঠ' হ'ল অধ্যয়নকাৰীৰ বাবে কম-বেছি পৰিমাণে বোধগম্য ভাষাত লিখিত অর্থবাহিক অভিলেখ বিশেষ, যি অভিলেখৰ অর্থ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে বা উদ্ধাৰ কৰিব পৰা যায়।


২৬। পাঠ-সমীক্ষাত পাঠক সাধাৰণতে কেইটা ভাগত ভাগ কৰা হয়?


উত্তৰঃ দুটা ভাগত- (ক) স্বহস্ত লিখিত পাঠ আৰু (খ) সম্প্ৰেৰিত পাঠ।


২৭। পুৰণি পুথিৰ হাতেলিখা পাঠসমূহ কিকি ভাগত ভাগ কৰা হয়?


উত্তৰ: পুৰণি পুথিৰ হাতেলিখা পাঠসমূহ সাধাৰণতে দুটা ৰূপত ভাগ কৰিব পাৰি-অটোগ্রাফ বা স্বহস্তলিখিত পাঠ আৰু ট্রেন্সমিটেড বা সম্প্ৰেৰিত পাঠ।


২৮। সম্প্ৰেৰিত পাঠ কি?


উত্তৰঃ নিজ হাতেৰে লিখা বা লেখকজনৰ তত্ত্বাৱধানত আনৰ হতুৱাই প্ৰস্তুত কৰা পাঠটো হ'ল স্বহস্ত লিখিত পাঠ আৰু সেই পাঠৰ পৰা নকল বা নকলৰ পৰা নকল কৰি প্রস্তুত কৰা পাঠটো হ'ল সম্প্রেৰিত পাঠ। পুথি নকল কৰোঁতে সম্প্ৰেৰিত পাঠকৰ সংখ্যা বাঢ়ি গৈ থাকে আৰু তাত নতুন নতুন কথা সোমাই থাকে, বহু সময়ত পাঠবোৰ ছন্দ-অলংকাৰেৰে ভৰি পৰে।


২৯। পাঠ-সমীক্ষা পদ্ধতিত কি কি প্ৰক্ৰিয়াৰে সমীক্ষকজনে গ্রন্থ এখন সম্পাদনা কৰে?


উত্তৰঃ পাঠ-সমীক্ষা পদ্ধতিত বিভিন্ন পাঠ সংগ্ৰহ কৰি পাঠ-আৱিষ্কাৰ, পাঠ-মূল্যায়ণ, পাঠ-সংশোধন আৰু অধি-সমীক্ষা- এই চাৰিটা প্ৰক্ৰিয়াৰে সমীক্ষকজনে গ্রন্থ এখন সম্পাদনা কৰে।


৩০। পুৰণি পুথিৰ পাঠ নিৰ্ধাৰণৰ পদ্ধতি কেইটা কি কি?


উত্তৰঃ পুৰণি পুথিৰ পাঠ নিৰ্ধাৰণৰ সাধাৰণ পদ্ধতি মূলতঃ দুটা- (ক) পাঠ-পুনর্মূল্যায়ন (Recensio) বিচেনছিও আৰু (খ) পাঠ-সংশোধন (Emendato) এমেণ্ডে ছিও।


৩১। অসমত পাঠ-সমীক্ষা পদ্ধতিৰ প্ৰচলন কেতিয়াৰ পৰা হয়?


উত্তৰঃ ১৮৭৬ চনত আনন্দৰাম বৰুৱাই ভৱভূমিৰ মহাবীৰ চৰিতগ্ৰন্থখন পাঠ-সমীক্ষা পদ্ধতিৰে সম্পাদনা কৰি অসমতো পাঠ-সমীক্ষা পদ্ধতি বিষয়টোৰ অধ্যয়ন মুকলি কৰে।


৩২। অসমীয়া সাহিত্য ইতিহাসৰ সমীক্ষিত পাঠৰ প্ৰথমখন পুথিৰ নাম কি?


উত্তৰঃ ১৯১৩ চনত কালিৰাম মেধিয়ে প্রাক্ক্‌ শংকৰী যুগৰ কবি হেম সৰস্বতী প্রহ্লাদ চৰিত প্ৰকাশ কৰি উলিয়ায়।


৩৩। ভাৰতীয় পাঠ-সমীক্ষাৰ ক্ষেত্ৰত মনোনিৱেশ কৰা প্ৰথম ব্যক্তিগৰাকী কোন?


উত্তৰ: আমাৰ সাহিত্যৰ সকলোবোৰ সমস্যা বুজি এই বিষয়ত মনোনিবেশ কৰা প্রথম ব্যক্তিগৰাকী হ'ল পণ্ডিত ভি এছ সুখথংকৰ। সুখথংকৰে সম্পাদন কৰা মহাভাৰতৰ আদি পৰ্বৰ পাতনি 'প্রিলোগোমেনা' আজিও ভাবতীয় পাঠ-সমীক্ষাৰ ক্ষেত্রত বেদস্বরূপ।


৩৪। 'Syllable' শব্দটোৰ অৰ্থ কি?


উত্তৰ: 'Syllable' শব্দটো গ্রীক ভাষাৰ Syllableৰ পৰা উৎপন্ন হৈছে। ইয়াৰ বুৎপত্তিগত অর্থ হ'ল 'একত্র প্রথিত'।


চমু প্রশ্নোত্তৰ:


১। পাঠ-সমীক্ষা পদ্ধতিৰ ভাগসমূহ কি কি?


উত্তৰ: পুৰণি পুথিৰ পাঠ সাধাৰণ পদ্ধতি মূলতঃ দুটা- (ক) পাঠ-পুনর্মূল্যায়ন (Recensio) বিচেনছিও আৰু (খ) পাঠ-সংশোধন (Emendato) এমেন্ডেছিও।


পাশ্চাত্যৰ গ্ৰীক আৰু লেটিন গ্রন্থৰ প্রকৃত পাঠ নির্ধাৰণৰ বাবে পোনতে গ্রহণ কৰা এই ধ্রুপদী (ক্লাছিকেল) পদ্ধতি দুটাকে কিছু বর্ধিত আৰু সংশোধিত কৰি বর্তমান ইয়াক চাৰিটা ভাগত ভগাই লোৱা হৈছে। সেই ভাগকেইটা হ'ল- (ক) পাঠ আৱিষ্কাৰ (Heuristics), (খ) পাঠ পুনর্মূল্যায়ন (Recensio), (গ) পাঠ সংশোধন (Emendato) আৰু (ঘ) অধি-সমীক্ষা (Higher Criticism)।


২। পাঠ-সমীক্ষাত 'পাঠ' বুলিলে কি বুজা?


উত্তৰ: ভাষাতাত্ত্বিকসকলৰ মতে 'পাঠ' হ'ল ভাষাৰ এটি খণ্ডৰ ভাষিক ৰূপসমূহ আৰু সিবোৰৰ প্ৰসংগ অনুসৰি সলনি নোহোৱা নির্বচন। কোনোৰ মতে ব্যৱহাৰত থকা ভাষাৰ গোটেই পাঠ।


পাঠ-সমীক্ষাত 'পাঠ' হ'ল অধ্যয়নকাৰীৰ বাবে কম-বেছি পৰিমাণে বোধগম্য ভাষাত লিখিত অর্থবাহিক অভিলেখ বিশেষ, যি অভিলেখৰ অর্থ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে বা উদ্ধাৰ কৰিব পৰা যায়।


৩। পাঠ-সমীক্ষাৰ সংজ্ঞা দিয়া।


উত্তৰঃ পাঠ-সমীক্ষা হৈছে, যিমান দূৰ সম্ভৱ মূল ৰূপৰ ওচৰ চপাকৈ গ্ৰন্থকাৰৰ পাঠ উদ্ধাৰ কৰি উলিওৱাৰ এক প্রণালীবদ্ধ কৌশল।


পাঠ-সমীক্ষাৰ অন্যতম অগ্রণী প্রবক্তা প'ষ্টগেটে কৈছে যে 'কোনো পাঠৰ মূল ৰূপ নিৰ্ধাৰণৰ বাবে কৰা মানুহৰ বুদ্ধি আৰু প্ৰজ্ঞাৰ পদ্ধতিগত অনুশীলনকে' পাঠ-সমীক্ষা বোলে। পল মাচে যিমানদূৰ সম্ভৱ মূলৰ নিকটতম পাঠ এটা প্রস্তুত কৰাকে পাঠ-সমীক্ষাৰ প্রধান কাম বুলি কৈছে।


ই জে কেনীৰ মতে, 'পাঠ সমীক্ষা হৈছে যিমানদূৰ সম্ভৱ মূল ৰূপৰ ওচৰ চপাকৈ গ্ৰন্থকাৰৰ পাঠ উদ্ধৰৈ কৰি উলিওৱাৰ এক প্ৰণালীবদ্ধ কৌশল।"


এন্‌চাইক্ল'পেডিয়া আমেৰিকানাত আৰু বেছি স্পষ্ট আৰু বিস্তৃতকৈ পাঠ-সমীক্ষাৰ সংজ্ঞা দাঙি ধৰা হৈছে। সেই মতে পাঠ-সমীক্ষা হৈছে 'এক বিজ্ঞান, যাৰ সহায়ত সম্ভাব্য লেখকৰ মূল কথাৰ যথার্থতা, পূর্ণতা আৰু অবিকৃত ৰূপ নির্ণয় হোৱাকৈ পুৰণি লেখাৰ পাঠ পৰীক্ষা কৰা হয়।'


৪। পাঠ-সমীক্ষা বিষয়টোৰ পৰিসৰ কি?


উত্তৰঃ পাঠ-সমীক্ষা বিষয়টো অতি বিস্তৃত বিষয়। এই পাঠ-সমীক্ষা পদ্ধতিটোৰ দ্বাৰা কোনো এজন লেখকৰ তেওঁৰ জীৱনৰ কালত প্রকাশ নোপোৱা আৰু স্ব-লিপি থকা প্রাচীন গ্ৰন্থৰাজিকেই ইয়াৰ প্ৰধান বিষয় হিচাপে সামৰি লোৱা হয়। প্রাচীন অনুশাসন, প্রত্নলিপি, পেৰাকাত, ৰাজকীয় কাগজ-পত্ৰ, সাঁচিপাতৰ পুথি, মুদ্রালেখ, লেখকৰ অটোগ্রাফ, ছপাপুথি আৰু ব্যক্তিগত লিপিক ইয়াৰ গণ্ডীত সামৰি লোৱা হয়। আমাৰ দেশত সাধাৰণতে লেখকৰ জীৱিত কালত প্রকাশ নোপোৱা আৰু লেখকৰ স্বহস্তলিপি নথকা পুৰণি পুথিৰ পাঠকহে পাঠ-সমীক্ষাৰ প্ৰধান বিষয় হিচাপে গণ্য কৰা হয়।


৫। পাঠ-সমীক্ষা বিজ্ঞান নে কলা?


উত্তৰঃ পাঠ-সমীক্ষাৰ সংজ্ঞা সম্পর্কে অন্যতম অগ্রণী প্রবক্তা পষ্টগেটে কৈছে যে-'কোনো পাঠৰ যথাসম্ভৱ মূল ৰূপ নিৰ্ধাৰণৰ বাবে মানুহৰ জ্ঞান-প্ৰতিভাৰ বুদ্ধিনিষ্ঠ আৰু পদ্ধতিগত অনুশীলনেই হৈছে পাঠ-সমীক্ষা।' ই. জে. কেনে আৰু পল মাছেও মূলৰ নিকটতম পাঠ এটা প্রস্তুত কৰাকে পাঠ-সমীক্ষাৰ প্ৰধান কাম বুলি যুক্তি আগবঢ়াইছে। এনচাইক্ল'পেডিয়া আমেৰিকানাত ইয়াৰ সূত্ৰ এনেদৰে দিয়া হৈছে-'ই এক বিজ্ঞান, যাৰদ্বাৰা লেখকৰ সম্ভাব্য মূল কথাৰ যথার্থতা, পূর্ণতা আৰু অবিকৃত ৰূপ নির্ণয় হোৱাকৈ পুৰণি লেখাৰ পাঠ পৰীক্ষা কৰা হয়।' এনেবোৰ সংজ্ঞাৰ পৰা এনে এক সিদ্ধান্তত উপনীত হ'ব পাৰি যে আন আন বিজ্ঞানৰ দৰে পাঠ-সমীক্ষাও এবিধ বিজ্ঞান; যাৰ সহায়ত পুৰণি পুথিৰ বা অভিলেখৰ প্ৰণালীবদ্ধ অধ্যয়ন আৰু তাৰ অবিকৃত ৰূপ নিৰ্ণয় কৰা হয়। পাঠ-সমীক্ষাৰ ইয়েই মূল কথা। কিন্তু পাঠ-সমীক্ষা বিজ্ঞানসম্মত বিষয় হ'লেও ই স্বয়ং সম্পূর্ণ বিজ্ঞান নহয়, কেইবাটাও বিজ্ঞানৰ সমষ্টিহে। এনচাইক্ল' পৈডিয়া আমেৰিকানাত পাঠ-সমীক্ষা সম্পর্কে কোৱা হৈছে যে-'পাঠ-সমীক্ষা হৈছে এক বিজ্ঞান, যাৰ সহায়ত সম্ভাব্য লেখকৰ মূল কথাৰ যথার্থতা, পূৰ্ণতা আৰু অবিকৃত ৰূপ নির্ণয় হোৱাকৈ পুৰণি লেখকৰ পাঠ-পৰীক্ষা কৰা হয়।' কোনো কোনো গৱেষকে আকৌ পাঠ-সমীক্ষাক প্রাচীন লেখাসমূহৰ বিজ্ঞানসন্মতভাৱে কৰা এক প্ৰণালীগত অধ্যয়ন পদ্ধতি বুলি মতামত দাঙি ধৰিছে। পাঠ-সমীক্ষাৰ অগ্রণী গৱেষক পষ্টগেটে আকৌ পাঠ-সমীক্ষাক বিজ্ঞান আৰু কলা দুয়োটাৰে সংমিশ্রণ বুলি উল্লেখ কৰি গৈছে। বিজ্ঞান হিচাপে এই বিষয়টো লিপি-বিজ্ঞান (Palaeography), পাণ্ডুলিপি তত্ত্ব (Manuscriptology), পুৰাতত্ত্ব বিজ্ঞান (Antiquarian), ভাষাবিজ্ঞান (Linguistics), পাঠোদ্ধাৰ বিজ্ঞান (Epigraphy) আদি কেইবাটাও বিজ্ঞানৰ সমষ্টি। আনহাতে, পাঠ-সমীক্ষা পাঠ-পুনর্মূল্যায়ন (Recensio) আৰু পাঠ-সংশোধন (Emendatio)- এই দুটা কলা বিভাগক সামৰি লোৱা এবিধ বিজ্ঞান।


৬। হাতে লিখা পুথি বা পুৰণি গ্রন্থ বুলিলে কোনবিলাক গ্রন্থক বুজা যায়?


'উত্তৰ: আধুনিক ছপাশাল আৱিষ্কাৰ হোৱাৰ আগলৈকে কবি-সাহিত্যিকসকলে জ্ঞানৰ বিভিন্ন দিশ সৰ্বসাধাৰণৰ মাজত প্ৰচাৰ কৰিবৰ বাবে হাতেৰে যিবোৰ গ্ৰন্থ লিখি থৈ গৈছিল সেইবোৰকে সাধাৰণ অৰ্থত পুৰণি গ্রন্থ বুলি অভিহিত কৰিব পাৰি। 

পুৰণি পুথিৰ ভিতৰত মহাভাৰত, ৰামায়ণ, ভাগৱত, পুৰাণ, পুৰাণৰ বিভিন্ন খণ্ডৰ অনুবাদ, মার্কেণ্ডেয় চণ্ডী, পদ্মপুৰাণ, কীৰ্ত্তন, দশম, ঘোষা, কথা-গীতা, কথা-ভাগৱত, ৰজাঘৰীয়া বুৰঞ্জী আদিক সামৰি ল'ব পাৰি। প্ৰাচীন মঠ-মন্দিবৰ শিলালেখ, তাম্রলিপি আদিকো ইয়াৰ অন্তর্ভুক্ত কৰিব পাৰি।


৭। হাতে লিখা পুথি বাপুৰণি পুথিৰ বৈশিষ্ট্যসমূহ কেনেধৰণৰ? চমুকৈ লিখক। 


উত্তৰঃ হাতে লিখা পুথি বাপুৰণি পুথিৰ বৈশিষ্ট্যসমূহ হ'লঃ


(ক) পুৰণি হাতেলিখা পুথিসমূহত প্রথমে উপাস্য দেৱতাৰ নাম লিখি মূল পাঠ আৰম্ভ কৰা হয়। সাধাৰণতে 'শ্রী গণেশায় নমঃ' বুলি লিখি পুথিৰ কাম আৰম্ভকৰা দেখা যায়।


(খ) পুৰণি পুথিসমূহ বা চিত্রকলাসমূহ সাঁচি নামৰ এবিধ গছৰ বাকলিত লিখা বা আঁকা হৈছিল।


(গ) পুৰণি পুথিসমূহৰ পাতবোৰ সহজে নষ্ট নহ'বলৈ পুথিখনৰ ওপৰ আৰু তল ভাগত ডাঠ আৱৰণ দি সযতনে ৰখা হয়।


(ঘ) অসমৰ পুৰণি পুথিৰ আন এটা মন কৰিবলগীয়া বৈশিষ্ট্য হ'ল পুথিৰ চিত্ৰ।


(ঙ) পুৰণি পুথিৰ আন এটা বিশেষ বৈশিষ্ট্যপূর্ণ অংশ হ'ল পুথিৰ শেষত লিখকে লিখা নাম আদি। লিপিকাৰে পুথিৰ শেষত দিয়া ভণিতাত নিজৰ নাম-পৰিচয়, পুথিখন নকল কৰি উঠাৰ পাছত সমাপ্তিৰ দিন, বাৰ, তিথি, পক্ষ, শক আদিও প্রায়ে উল্লেখ কৰে।


৮। হেমচন্দ্ৰ গোস্বামীৰ মতে হাতে লিখা পুথি বাপুৰণি পুথিৰ আখৰৰ ঠাঁচ কেইটা আৰু কি কি?


উত্তৰঃ পুৰণি পুথিৰ আখৰৰ ঠাঁচ পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ মতে তিনিটা। সেই তিনিটা ঠাঁচ হ'ল ক্রমে- গড়গঞা ঠাঁচ, বামুণীয়া ঠাঁচ আৰু লহকৰী বা কাইথেলীৰ ঠাঁচ। লহকৰী ঠাঁচৰ আখৰবোৰ মুকুতাৰ দৰে সুন্দৰ আৰু ফটফটীয়া। বৃটিছ অসম দেশ অধিকাৰ কৰাৰ পাছত তুলাপতীয়া পুথিত এবিধ লতা আখৰো ব্যৱহাৰ কৰা হৈছিল। অসমীয়া আৰু মৈথিলী আখৰৰো যথেষ্ট সাদৃশ্য থকা দেখা যায়। পুথিৰ আখৰ চাই তাক অসমীয়া পুথি নে মৈথিলী পুথি কোৱা টান।


৯। সাঁচি পাতৰ পুথি কি? সাঁচি পাতৰ পুথিখন বা পাতবোৰ কিদৰে সংৰক্ষণ কৰা হয়?


উত্তৰ: ভাৰতৰ ভিতৰত এখন পুৰণি ৰাজ্য অসমত অতি পুৰণি কালৰে পৰাই তুলাপাতত লিখা প্রথা চলি অহাৰ প্ৰমাণ অনেক পুথিয়ে দাঙি ধৰে। অকল তুলাপাততে নহয়, কোমল বাঁহৰ চোঁচ উলিয়াই তাৰেও তুলাপাত প্রস্তুত কৰা হৈছিল। তুলাপাতৰ বাহিৰেও মাদুৰী বনৰ লেখীয়া পাতত পুথি লিখা হৈছিল। কিন্তু অসমত সাঁচিপাতত লিখা পুথি সকলোতকৈ প্রাচীন আৰু এই সাঁচিপাতত লিখা পুথি যাউতিযুগীয়া। সাঁচি নামৰ এবিধ গছৰ বাকলিৰ পৰা সাঁচিপাত লিখাৰ উপযোগী কৰি লোৱা হয়। বুঢ়া সাঁচি গছৰ বাকলি একৱাই ধোঁৱাচাঙত থোৱা হয়। বাকলিবোৰ শুকালে এৰাতি নিয়ৰত তিয়াই কোমল হ'লে তাক চাঁচি জোখ মতে কাটি লোৱা হয়। পাছত চোকা কটাৰীৰে চাঁচি পাতবোৰ মিহি কৰা হয়। তাৰ পাছত ঝাওৰে পাতবোৰ মিহি কৰি শুকাই তাত হেঁচা দি থোৱা হয় আৰু শুকালে মাটিমাহৰ লেপ দি শুকাই পুনৰ ঘঁহি পাতবোৰ লিখাৰ বাবে উপযোগী কৰি তোলা হয়। ইয়াৰ পাছত পাতবোৰ জাপি, কুটনীৰে জুখি মাজত বিন্ধা কৰা হয়। এই বিন্ধাটোকে পুথিৰ 'নাভি' বা 'নাই' বোলা হয়। নাভিটোত জৰী সুমুৱাই টানকৈ বান্ধি বাখি পুথিখন বা পাতবোৰ সংৰক্ষণ কৰা হয়।


১০। পুৰণি কালত তুলা পাতৰ পুথি কিদৰে তৈয়াৰ কৰা হৈছিল?


উত্তৰ: সাঁচিপাতৰ বাহিৰেও তুলাপাততো পুথি লিখা হৈছিল। গোবৰ আৰু কপাহৰ লগত বৰগছ, বেল আৰু কঁঠালৰ আঠাবে মণ্ড তৈয়াৰ কৰি তাক সমান বহল তক্তাৰ ওপৰত মেলি দি আন এখন তক্তাৰে হেঁচা দি ৰখা হয়। পাতবোৰ শুকালে পুথিৰ জোখত কাটি লিখাৰ বাবে ব্যৱহাৰ কৰা হ'ল। তুলাপাতৰ পুথি বেছি দিনলৈ নিটিকে বাবে ইয়াৰ ব্যৱহাৰ সাঁচিপাততকৈ কম হোৱা দেখা যায়।


১১। পুৰণি পুথিৰ লিখাৰ সঁজুলিসমূহ কি কি আছিল?


উত্তৰঃ পুথি লিখাৰ সঁজুলি আছিল কাপ, মহীচুঙা, নল, ইকৰা, খাগৰি, বাঁহ, কাঠ আৰু চৰাইৰ পাখি। শিলত লিখিবৰ বাবে হাতুৰী-বটালি আদি ব্যৱহাৰ কৰিছিল।


১২। পুৰণি পুথিৰ লিখাৰ সঁজুলি 'মহী' বা চিয়াহী কিদৰে তৈয়াৰ কৰা হৈছিল?


উত্তৰঃ পুথি লিখাৰ সঁজুলি আছিল কাপ, মহীচুত্তা, নল, ইকৰা, খাগৰি, বাঁহ, কাঠ আৰু চৰাইৰ পাখি। শিলত লিখিবৰ বাবে হাতুৰী-বটালি আদি ব্যৱহাৰ কৰিছিল। পুথি আদিত লিখিবৰ বাবে 'মহী' ব্যৱহাৰ কৰিছিল। 'মহী' বা চিয়াঁহী প্রস্তুত কৰিবলৈ বিশেষ ব্যবস্থা গ্ৰহণ কৰিছিল। চৰৰ ছাই বা বৰা চাউলৰ ছাই, কেঁহৰাজৰ বস, গৰুৰ মূত, শিলিখা, আমৰ ছাল, জামুকৰ ছাল আদি কেৰাহীত সিজাই মাটিৰ চৰুত ভৰাই নিয়ৰত থৈ দিয়ে। চকটো ঘামি যি ৰস নিগৰি ওলায় তাকে মহী হিচাপে ব্যৱহাৰ কৰে আৰু তাক বাঁহৰ চুঙাত সযতনে ৰখা হয়। এনে ধৰণে প্ৰস্তুত কৰা মহী বহু বছৰলৈ মচ নোযোৱাকৈ পুথিত ফটফটীয়া হৈ থাকে।


১৩। পাঠ-সমীক্ষা পদ্ধতিত পাঠ-আবিষ্কাৰ (Heuristics) বুলিলে কি বুজে?


উত্তৰঃ পাঠ-সমীক্ষা পদ্ধতিৰ দ্বিতীয় প্রক্রিয়াটো হৈছে পাঠ-আৱিষ্কাৰ পদ্ধতি। পুৰণি পুথি এখনৰ সমীক্ষামূলক পাঠ গ্রহণ কৰিবলৈ যোৱাৰ আগতে সেই পুথিৰ যিমানবোৰ হাতে লিখা পুথি পোৱা যায়। (কোনো ক্ষেত্রত ছপা পুথিয়েও সহায় কৰিব পাবে) সেইবোৰৰ অনুসন্ধান আৰু সংগ্রহ কার্য পাঠ-সমীক্ষা পদ্ধতিৰ বাবে অতি প্রয়োজনীয় আৰু প্রাথমিক কাম। মূল পুথিৰ অংশবিশেষ থকা আন গ্রন্থ, টীকা-ভাষ্য, প্রত্যক্ষ উক্তি, সাৰ সংগ্ৰহ আদি বিভিন্ন উৎসৰ বিচাৰ আৰু তাৰ সংগ্ৰহ পাঠ-সমীক্ষাৰ বাবে অতি আবশ্যকীয় বিষয়।


সাধাৰণতে পুৰণি পুথিসমূহ মঠ-মন্দিৰ, সত্ৰ-নামঘৰ, ৰাজকীয় ব্যক্তিৰ ঘৰ, সম্ভ্রান্ত লোকৰ গ্ৰন্থাগাৰ নতুবা কোনোবা ৰাজহ্বা পুথিভঁৰাল আৰু প্ৰতিষ্ঠানত পোৱা যায়। কিছুমান পুৰণি পুথি বিচাৰি নাপালে সেই পুথিসমূহৰ ফটোকপি, অনুলিপি, মাইক্রোফ্লিন্মা আদি যদি পোৱা যায়, তেন্তে সেইবোৰকো পাঠ-সমীক্ষা পদ্ধতিত প্রয়োগ কৰা হয়। বিভিন্ন পুথিৰ সাৰ সংগ্ৰহ কৰি তাৰ পূৰ্বাপৰ নিৰ্ণয়েৰে পুথিৰ বংশাৱলী নিৰ্ণয় কৰা হয়।


পাঠ-সমীক্ষা পদ্ধতিৰ প্ৰথম স্তৰ-পাঠ-আৱিষ্কাৰ প্ৰক্ৰিয়াৰ জৰিয়তে পুথিসমূহ সংগ্রহ কৰাৰ পাছত পুথিবোৰক কিছুমান প্রতীকেৰে (siglum) চিহ্নিত কৰি ভগাই লোৱা হয়।


এই প্রতীক বা চিহ্ন বাছোঁতে বিশেষ সাৱধানতা অবলম্বন কৰা উচিত। কাৰণ চিহ্নবোৰে পৃথিবিলাকৰ লক্ষণসমূহৰ বৈশিষ্ট্য বহন কৰে। প্ৰতীক বা চিহ্নৰে ভগাই লোৱাৰ পাছত 'কলন লেখ'ৰ সহায়ত তাৰ পাঠসমূহ লিখি পাছত পুথিৰ বংশলতা নিৰূপণ কৰা হয়। এই ক'লন হ'ল পুৰণি পুথি এখনৰ সকলো কথা ভালদৰে পৰীক্ষা কৰি চাই তাক সুবিধাৰ বাবে শৃংখলাৱদ্ধভাবে সজাই লিখি ৰখা কামটো। পুৰণি হাতেলিখা পুথিৰ ইতিহাস জানিব পাৰিলে তাৰ বংশলতা নিৰূপণ কৰাটো সহজ হৈ পৰে লগতে মূল পাঠৰ ওচৰ চপাটোও সহজসাধ্য হৈ পৰে। পুৰণি পুথি এখনৰ বংশলতা নিরূপণত কোনো বৈশিষ্ট্যপূর্ণ শব্দ, পদৰ আৰু শাৰীৰ ভুলক্রমে পৰিহাৰ, কিছুমান বিশেষ সমিলমিল আৰু আখৰৰ গঢ় আদিয়েও পুথিসমূহৰ ইতিহাস তথা বংশলতা জনাত সহায় কৰে।


১৪। পাঠ-পুনর্মূল্যায়ন (Recensio) পদ্ধতিৰ বিষয়ে চমু আলোচনা কৰক।


উত্তৰ: পাঠ-সমীক্ষা পদ্ধতিৰ দ্বিতীয় প্ৰক্ৰিয়াটো হৈছে পাঠ-পুনর্মূলন। সংগৃহীত হাতে লিখা পুথিবিলাকৰ কোনটো প্রাচীনতম হ'ব উপযুক্ত বিচাৰ বিশ্লেষণৰ দ্বাৰা তাক বাচি উলিওৱা হয় আৰু পুথিখনৰ সম্ভাব্য পাঠটি নিৰ্বাচন কৰি গ্ৰহণ কৰা হয়। আন এটা কথা হ'ল কেতিয়াবা পাঠ-পুনর্মূল্যায়নৰ এই পদ্ধতিটোত অর্বাচীন বা নিকৃষ্ট যেন লগা প্রতিলিপিতো গ্রহণযোগ্য পাঠ থাকিব পাৰে। এখন গ্রন্থব যদি কেইবাখনো হাতেলিখা পুথি পোৱা যায় আৰু সেই পুথিখনৰ পৰা বাকীবোৰ পুথি নকল কৰা বুলি গম পোৱা যায়, তেতিয়া সেই মূল পুথিখন ৰাখি বাকীবোৰ পুথি-সমীক্ষাৰ পৰা বাদো দিব পাৰি।


পাঠ-সংশোধন (Emendatio): পাঠ-সমীক্ষা পদ্ধতিৰ তৃতীয় প্রক্রিয়া হ'ল পাঠ-সংশোধন। এই পদ্ধতিটোত ইতিমধ্যে একেলগ কৰা গ্ৰন্থকাৰজনৰ বিভিন্ন নকলকাৰৰ পাঠ, মূল পাঠৰ উদ্ধৃতি, উল্লিখন বা প্ৰসংগ, সাৰ-সংগ্রহ, অনুবাদ, অনুকুলন, অনুকৰণ আদিৰ সহায়ত বা দৰকাৰ হ'লে প্রাপ্ত পাঠ সলায়ো মৌলিক পাঠ নিৰূপণ কৰিবলৈ যত্ন কৰা হয়। পাঠ-সমীক্ষা পদ্ধতিৰ এইটো আটাইতকৈ গুৰুত্বপূর্ণ প্রক্রিয়া। এই স্তৰটোতে গ্রন্থবিশেষৰ আদি ৰূপটো উদ্ধাৰ কৰিবলৈ লোৱা হয়। পাঠ-সমীক্ষক এজন প্রধান কাম হ'ল মূল গ্রন্থকাৰজনৰ অভিপ্রেত পাঠ উদ্ধাৰ কৰা। পাঠ-সমীক্ষা কৰোঁতে প্রাপ্ত পুথিবোৰৰ পৰা পুৰণি ৰূপটোৰ ওচৰ চাপি তাৰ পাঠ উদ্ধাৰ কৰাটোৱে মূল পাঠৰ (ur-text) ওচৰ চপা। মূল পাঠ বুলিলে সাধাৰণতে লেকজনে নিজে লিখা পাঠকে বুজোৱা হয় যদিও প্রাপ্ত পুৰণি পুথিসমূহৰ পৰা হাতে লিখা পূৰ্বৰ উৎসটোকে সাধাৰণতে মূল পাঠ (ur-text) বুলি ধৰি লোৱা হয়।


পুৰণি পুথিব ক্ষেত্ৰত অন্তৰংগ সম্ভাৱনা আৰু বহিৰংগ সম্ভাবনায়ো সহায় কৰে। গ্রন্থকাৰ এজনৰ লিখাৰ ষ্টাইল, শব্দ চয়ন, ছন্দসজ্জা, প্রকাশৰীতি, ভাব, ৰস, অলংকাৰৰ প্ৰয়োগ আদিয়ে অন্তৰংগ সম্ভাৱনাক সূচায়। আনহাতে, আখৰ গঢ়, আখবৰ শাৰী, শাৰীসমূহৰ মাজত থকা ব্যৱধানৰ জোখ, পুথি নকল কৰাৰ সময় আদি বহিৰংগ সম্ভাৱনাৰ ভিতৰত পৰে। পাঠ-সংশোধনৰ ক্ষেত্ৰত মূল গ্রন্থকাৰজনে লিখা আন ৰচনা, অনুবাদ, উদ্ধৃতি তথা প্রসংগ অনুসৰণ কৰা আদি সাক্ষ্যসমূহে যথেষ্ট সহায় কৰা দেখা যায়। অন্তৰংগ আৰু বহিৰংগ সম্ভাৱনাৰ ভিত্তিত পাঠ বিকৃত বুলি বিবেচিত হ'লে পাঠ-সংশোধনৰ কথা আহি পৰে।


পাঠ-সমীক্ষা পদ্ধতিৰ পাঠ-সংশোধনৰ স্তৰটোত দুটা সুকীয়া ধাৰা আছে। সেই ধাৰা দুটা হ'ল ক্রমে- সংৰক্ষণী ধাৰা (Conservative school) আৰু সংশোধনী ধাৰা (Emendation school)। সংৰক্ষণী ধাৰাটোৰ সমৰ্থকসকলে পুথিৰ কোনো পাঠকে সংশোধন কৰিবলৈ ইচ্ছা নকৰে। আনহাতে সংশোধনী ধাৰাটোৰ সমর্থকসকলে অৰ্থৰ বিসংগতি য'তেই দেখা পায়, তাতেই পাঠ সংশোধন কৰে। প্রয়োজনবোধে পাঠৰ পৰিৱৰ্তন কৰিবলৈ বিচাৰে। এনে ধাৰাটোত পাঠৰ পৰিবৰ্তন হৈ পৰাটো স্বাভাবিক। সেইবাবে পাঠ-সমীক্ষাৰ পাঠ-সংশোধন প্রক্রিয়াত বেছি ভাগেই সংৰক্ষণী ধাৰাটোকে অগ্রাধিকাৰ দিয়ে।


১৫। পাঠ-সমীক্ষাত ডিপ্ল'মেটিক (Diplomatic) বুলিলে কি বুজোৱা হয়?


উত্তৰ: পূৰ্বতে শিলালেখ, তাম্রলেখ, মুদ্রালেখ, পত্রলেখ, ভিত্তিলেখ আদিৰ পাঠ উদ্ধাৰৰ ক্ষেত্ৰতো পাঠ-সমীক্ষাৰ নীতিকে প্রয়োগ কৰা হৈছিল। কিন্তু পৰৱৰ্তী কালত শিলালেখ, তাম্রলেখ, মুদ্রালেখ আদিৰ অধ্যয়নৰ বাবে আন কিছুমান সূক্ষ্ম কৌশল উদ্ভাবন কৰা হ'ল আৰু গ্ৰন্থৰ পাঠৰ বাহিৰে আনবোৰ লিখিত অভিলেখৰ সূক্ষ্ম বৈশিষ্ট্যবোৰৰ প্রতি দৃষ্টি ৰাখি সেইবোৰ বিদ্যাৰ সুকীয়া নামকৰণ হ'ল, যেনে- ৰাজকীয় শাসন, পত্রলেখ আদি সম্বলিত তাম্রলেখ আদিৰ পাঠোদ্ধাৰ কৌশলক ইংৰাজীত ডিপ্ল'মেটিক (Diplomatic) বোলা হ'ল।


১৬। অধি সমীক্ষা (Higher Criticism) কি?


উত্তৰঃ পাঠ-সমীক্ষা পদ্ধতিৰ শেষৰ প্ৰক্ৰিয়াটো হৈছে অধি সমীক্ষা। অধি সমীক্ষা পদ্ধতিটোত ইতিমধ্যে সংগঠন কৰি উলিওৱা পাঠটোৰ সাহিত্যিক গুণাগুণৰ দিশবোৰ ফহিয়াই চোৱা হয়। এই প্রক্রিয়াত মূল গ্ৰন্থৰ উৎসবোৰৰ বিচাৰ-বিশ্লেষণ ভালদৰে দাঙি ধৰা হয়। মূল পাঠৰ উৎস বিচাৰ, গ্ৰন্থকাৰজনৰ নিজস্বতা, আন লেখকৰ ওপৰত গ্ৰন্থকাৰজনৰ লেখাৰ প্ৰভাৱ ইত্যাদি দিশৰ বিভিন্ন আলোচনা-বিলোচনা এই পদ্ধতিটোবে আগবঢ়োৱা হয়।


১৭। চমুটোকা লিখাঃ


(ক) গড়গঞা লিপি।


উত্তৰঃ আহোম স্বৰ্গদেউসকলৰ ৰাজধানী গড়গাঁৱক কেন্দ্ৰ কৰি মধ্যযুগীয়া অসমীয়া সাহিত্য আৰু সংস্কৃতিয়ে আত্মপ্রকাশ কৰে। 'গড়গঞা লিপি' সম্পূর্ণরূপে ভৌগোলিক নামকৰণ। গড়গাঁও অঞ্চলত পুৰণি পুথি-পাঁজি লিখা অথবা নকল কৰাৰ যিটো শৈলীয়ে গা কৰি উঠে সেয়াই গড়গঞা শৈলী। গড়গাঁৱৰপৰা স্বৰ্গদেউসকলে উপযুক্ত প্রশিক্ষণপ্রাপ্ত লেখকৰ হতুৱাই লিখোৱা দানপাত্ৰসমূহৰ উপৰি ৰাজপৃষ্ঠপোষকতাত চিত্রিত হস্তীবিদ্যার্ণর ধৰ্মপুৰাণ, ষষ্ঠস্কন্ধ ভাগৱত প্রভৃতিৰ আখৰসমূহো গড়গঞা আখ্যা পোৱা বাঞ্ছনীয়। স্বৰ্গদেউসকলে পুথি-পাঁজি লিখিবলৈ আৰু নকল কৰিবলৈ 'খেলকৰ বৰৱা' নামৰ একশ্রেণী বিষয়া নিয়োগ কৰিছিল। তেওঁলোকে লেখকৰ হতুৱাই পুথি নকল কৰি ৰাজভঁৰাললৈ পঠিয়াই দিছিল।


গড়গঞা শৈলীৰ বৈশিষ্ট্য সন্দর্ভত ড° মহেশ্বৰ নেওগে লিখিছে যে ই 'বৰ সৰল আৰু নিৰলংকাৰ' (Very much Simple an unornamented) ড° সত্যেন্দ্র নাথে কৈছে যে 'আহোম ৰাজধানীক কেন্দ্ৰ কৰি উজনিত এই লিপি ভংগীৰ প্ৰচলন হয় কাৰণেই ইয়াৰ নাম হয় গড়গঞা। বুৰঞ্জীবোৰত এই ভংগী ব্যৱহাৰ হোৱা দেখা যায়। অৱশ্যে পদপুথি আদিতো ইয়াৰ ব্যৱহাৰ কম নাছিল। ইয়াৰ অ, আ, ই, ঈ, প্রায় আধুনিক গঢ়ৰ। তদুপৰি আখৰৰ কোণ বক্ৰৰেখা স্পষ্টৰূপে পৰিচিহ্নিত। ড° লীলা গগৈৰ মতে সংযুক্তাক্ষৰ ঠ, ন, ল আদি কেইটামান বৰ্ণৰ বাহিৰে বাকীবোৰ অসমীয়া বৰ্ণৰ গঢ় আধুনিক লিপিৰ আৰ্হিৰ লগত মিলে। ড° মহেন্দ্ৰ বৰাৰ দৃষ্টিতো এই শৈলীৰ সৰলতা, স্পষ্টতা, আৰু সমতা লক্ষণীয়। কোণ আৰু বক্রতাসমূহ স্পষ্ট। ইয়াত শব্দগোটৰ বিভাজন দেখা নাযায়। টাইলিপিৰ প্ৰভাৱপুষ্ট নিৰলংকাৰ গোেট লিপিটোরে 'গড়গঞা লিপি'।


(খ) বামুণীয়া লিপি।


উত্তৰঃ সংস্কৃত ভাষা-সাহিত্যৰ চৰ্চা চলা টোলবোৰক কেন্দ্ৰ কৰি পুথি-পাঁজি নকল কৰাৰ যি ৰীতিয়ে মধ্যযুগীয় অসমত গা কৰি উঠিছিল, সেয়ে বামুণীয়া লিপি। কাইথেলীৰ দৰে বামুণীয়া এটি সম্প্রদায়িক লিপি। বামুণীয়া লিপি অসমীয়া লিপি আৰু নাগেৰী লিপিৰ সংমিশ্রণত গঢ় লোৱা লিপি। ড° সত্যেন্দ্র নাথ শর্মাই লিখিছে- 'অ, আ' সাধাৰণতে দেৱনাগৰী গঢ়ৰ, 'দ' আখৰো দেৱনাগৰীৰ কাষ চপা, 'ঠ'ৰ ওপৰৰ টিকনিডাল সাধাৰণতে নাথাকে বা বৰ চুটি আৰু ভূমিৰফালে টিকনি এডাল আগবাঢ়ি যায়। ক, গ. ট, প, হআদিৰ আকাৰ যৎসামান্য পৰৱৰ্তী পৃথক। কোনবোৰ কাইথেলীৰ দৰে নহয়। পৰৱৰ্তীকালত এই শৈলীয়ে বৈষ্ণৱ সন্তসমূহকো প্রভাৱান্বিত কৰা বুলি কোৱা হৈছে। অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগত সংৰক্ষিত শ্রীধৰ স্বামীৰ 'শ্রীমদ্ভাগবত গীতা'ৰ সুবোধনী টীকাৰ আখৰ বামুণীয়া শৈলীৰ। সেইদৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গ্ৰন্থাগাৰত সংৰক্ষিত ইং ১৭৩৫ চনত প্রতিলিপি প্রস্তুত কৰা 'ভক্তি ৰত্নাৱলী'ৰ আখৰক ড° মহেন্দ্ৰ বৰাই বামুণীয়া শৈলীৰ বুলি অভিহিত কৰিছে।


ড° প্রতাপচন্দ্ৰ চৌধুৰীয়ে কোৱাৰ লেখীয়া বামুণীয়া লিপিৰ অ, আ, উ, ক, গ, ঘ, ঙ, ড, থ, দ, ন, ব, ম, য়, ল, শ, য আৰু প্রায়খিনি যুক্তাক্ষৰতে দেৱনাগৰীৰ প্ৰভাৱ মচিব নোৱাৰা। দৰাচলতে বামুণীয়া লিপি বাজকীয় শৈলীৰ অন্তর্ভুক্ত বুলি ক'ব পাৰি। কিছুসংখ্যক ব্যক্তিগত শৈলীয়ো নথকা নহয়।


(গ) কাইথেলী লিপি।


উত্তৰঃ কায়স্থসকলে ব্যৱহাৰ কৰা লিপিটোৱেই হ'ল কাইথেলী লিপি। কায়স্থসকলে এই লিপি সংৰক্ষণ কৰাৰ বাবে ইয়াৰ নাম কাইথেলী। কাইথেলী নামটো সাম্প্রদায়িক কাইথেলী লিপি 'লহকৰী' নামেৰেও জনাজাত। নামনি অসমৰ কায়স্থসকলৰ ভালেখিনি লোক লহকৰ উপাধিৰ। এই লহকৰ উপাধিৰ লোকে লিখা আখৰেই লহকৰী। হস্তীবিদ্যার্ণব ধৰ্মপুৰাণ, শংখচূড়বধ, ব্রহ্মবৈবর্ত পুৰাণ, কিতাৱৎ মঞ্জুৰী আদি কাইথেলী লিপিত লিখা পুথিৰ বিশিষ্ট উদাহৰণ।


সমগ্ৰ উত্তৰ-পূব ভাৰত ভূমিত কায়স্থসকলে পুথি-পাঁজি নকল কৰাৰ পৰম্পৰা দীর্ঘদিনীয়া, মিথিলাৰ কায়স্থসকলে নিজ ব্যৱহাৰৰ বাবে ব্যৱহাৰ কৰা লিপি 'কৈথী'রূপে জনাজাত।


শিৰোৰেখাবিহীন এই লিপিত দেবনাগৰী লিপিৰ প্ৰভাৱ প্রবল। ড° মহেন্দ্ৰ বৰাই কাইথেলী লিপি শৈলীৰ বৈশিষ্ট্য বর্ণাবলৈ কৈ কৈছে যে ই মূলতঃ অবিধ অভিলেখিক শৈলী। বৈষ্ণৱী গ্ৰন্থসমূহৰ ভালেখিনি পুথি-পাঁজি লিখা হৈছিল কাইথেলী লিপিত।


কাইথেলী লিপিৰ আদিস্থানৰ অ আৰু আ আখৰৰ লম্বৰ বাঁওফালে থকা বক্রতা অংশত মাথোঁ এটা ফাঁচ থাকে। আৰু তাৰ ওপৰত শিৰোৰেখাৰ তলত থাকে এটি ক্ষুদ্র বটিকা চিহ্ন। ই আৰু হ বহু সময়ত একে দেখিলেও 'ই'ৰ চৈতানডালৰ অৱস্থিতি মন কৰিবলগীয়া। এই লিপিৰ আখৰৰ ওপৰৰ টিকনিডাল (উ, ট, ঠ) আৰু তলৰ ৰেখা বা ডাঁৰ ডালত সোঁফালৰ লম্বডাৰ ডালত সংলগ্ন হৈ আলংকাৰিকভাৱে বহুখিনি বঢ়াই টানি নিয়া দেখা যায়। আখৰৰ কোণবোৰ স্পষ্ট। এই শৈলীত আখৰ লিখাৰ পূৰ্বে শিবোৰেখাডাল টানি লয়।


ৰচনাধর্মী প্রশ্নোত্তৰ:


১। কিহৰ আধাৰত মধ্যযুগীয়া অসমীয়া লিপিক 'বামুণীয়া', 'গড়গঞা' আৰু কাইথেলী- এই তিনিটা ভাগত ভাগ কৰা হৈছে বুজাই লিখা।


উত্তৰঃ পণ্ডিতসকলে মধ্যযুগীয় অসমীয়া লিপিৰ বামুণীয়া, গড়গঞা আৰু কাইথেলী বা লহকৰী- এই তিনি প্ৰকাৰৰ লেখন শৈলীৰ নাম উল্লেখ কৰিছে। অৱশ্যে কাইথেলী আৰু লহকৰী যে একেটা লিপিৰে দুটা নাম সেই কথা পণ্ডিত হেমচন্দ্র গোস্বামীয়ে স্পষ্টভাবে উল্লেখ কৰি গৈছে।


(ক) বামুণীয়া লিপি: মধ্যযুগীয় অসমত সংস্কৃত ভাষা-সাহিত্যৰ চৰ্চা কৰা টোলবোৰক কেন্দ্ৰ কৰি উত্তৰ ভাৰতৰ অন্যান্য অঞ্চলৰ দৰে সংস্কৃত পুথি-পাঁজি লিখা আৰু নকল কৰাৰ এক পৰম্পৰা গঢ় লৈ উঠিছিল। বিশেষকৈ ব্রাহ্মণ সম্প্ৰদায়ৰ লোকসকলে এনে কামত ব্রতী হোৱা বাবে এই শৈলীক বামুণীয়া লিপি বোলা হৈছে। বামুণীয়া লিপি অসমীয়া লিপিৰ এক জাতিগত প্রকাৰভেদ মাত্র। এই লিপিত অসমীয়া আৰু নাগৰী লিপিৰ সংমিশ্রণ লক্ষ্য কৰা যায়। সংস্কৃত লিখা ব্যাকৰণ, জ্যোতিষ, স্মৃতি, দর্শন আদি শাস্ত্র নকল কৰোঁতে মূল পুথিৰ দেৱনাগৰী হৰফে অসমীয়া ব্রাহ্মণ লিপিকাৰসকলক সততে প্রভাৱিত কৰাটো তাৰ কাৰণ হ'ব পাৰে। প্রাচ্যতত্ত্ববিদ সত্যেন্দ্ৰনাথ শৰ্মাৰ মতে, এই লিপিৰ 'আ, আ সাধাৰণতে দেৱনাগৰী গঢ়ৰ, দ আখৰো দেৱনাগৰীৰ কাষ চপা, ঠ-ৰ ওপৰৰ টিকনিডাল সাধাৰণতে নাথাকে বা বৰ চুটি আৰু ভূমিফালে টিকনি এডাল আগবাঢ়ি যায়। ক, গ, ট, প, হ আদিৰ আকাৰ যৎ সামান্য পৃথক। কোণবোৰ কাইথেলীৰ দৰে তীক্ষ্ণ বা স্পষ্ট নহয়।' এই লিপি শৈলীয়ে পৰৱৰ্তী সময়ত বৈষ্ণৱ শাস্ত্ৰকাৰসকলকো প্রভাৱান্বিত কৰা দেখা যায়। উদাহৰণ স্বৰূপে, শ্রীমদ্ভাগবদ্গীতাৰ শ্ৰীধৰস্বামীপাদকৃত সুবোধিনী টীকাৰ নকলটিলৈ আঙুলিয়াব পাৰি। এই গ্ৰন্থৰ লেখন শৈলী বামুণীয়া গঢ়ৰ। ১৭৩৫ খ্রীষ্টাব্দত প্রতিলিপি কৰা মহাপুৰুষ মাধৱদেৱৰ ভক্তি ৰত্নাৱলী গ্ৰন্থৰ আখৰৰ চানেকি বামুণীয়া শৈলীৰ বুলি মহেন্দ্ৰ বৰাই মন্তব্য কৰিছে। প্রতাপ চন্দ্ৰ চৌধুৰীয়ে বামুণীয়া লিপিৰ অ, আ, উ, ক. গ, ঘ, ঙ, ড, থ, দ, ন, ব, ম, য়, ল, শ, ষ আৰু সৰহভাগ যুক্তাক্ষৰত দেৱনাগৰীৰ প্রভাৱ লক্ষ্য কৰিছে। বামুণীয়া লিপিৰ এ, ঐ, ও, ক, খ, গ, ঘ, চ, জ, ট, ণ, ত, থ, ধ, ন, প, ব, ম, য, ৰ, ৱ, স আখৰকেইটা সম্পূর্ণ আধুনিক অসমীয়াৰ দৰে।


(খ) গড়গঞা লিপি: মধ্যযুগত আহোম স্বৰ্গদেৱসকলৰ ৰাজধানী গড়গাঁৱক কেন্দ্র কৰি অসমীয়া লিপিৰ যিটো শৈলী গঢ় লৈ উঠিছিল তাৰ নামেই গড়গঞা লিপি। ই এক ভৌগোলিক নাম। আহোম স্বৰ্গদেৱ তথা ডা-ডাঙৰীয়াসকলে বুৰঞ্জীকে ধৰি বিভিন্ন পুথি-পাঁজি লিখিবৰ বাবে কিছুমান প্রশিক্ষণপ্রাপ্ত লোক নিয়োগ কৰিছিল। সেইসকলৰ যি লেখক ৰীতি সিয়ে সময়ত গড়গঞা শৈলীৰূপে পৰিচিত হয়। সত্যেন্দ্রনাথ শর্মাই সঠিক মন্তব্যই কৰিছে যে 'আহোম ৰাজধানী গড়গাঁৱক কেন্দ্ৰ কৰি উজনিত এই লিপিভংগীৰ প্রচলন হয় কাৰণেই ইয়াৰ নামকৰণ হয় গড়গঞা। বুৰঞ্জী পুথিত সাধাৰণতে এই লিপিভংগী ব্যৱহাৰ হোৱা দেখা যায়; পাছলৈ অৱশ্যে পদ-পুথি অভিলেখ আদিতো এই শৈলী প্রয়োগ কৰা হৈছিল। এই লিপি শৈলীৰ অ, আ, ই, ঈ প্রায় আধুনিক গঢ়ৰ। তদুপৰি, আখৰৰ কোণ আৰু বক্ৰৰেখা স্পষ্টভাৱে পৰিচিহ্নিতা।' লীলা গগৈৰ মতে, কেইটামান সংযুক্তাক্ষৰ আৰু ঠ, ন, ল আদি কেইটামান বৰ্ণৰ বাহিৰে বাকী অ', আ, ই, ঈ আদি বৰ্ণৰ গঢ় আধুনিক অসমীয়া লিপিৰ সৈতে প্রায় একে। বেতনভোগী লেখকে লিখা বাবে এইবোৰ পুথিৰ আখৰৰ গঢ় অতি সুন্দৰ। মহেশ্বৰ নেওগে এই শৈলীক 'বৰ সৰল আৰু নিৰলংকাৰ' বুলিছে। আনহাতে, মহেন্দ্ৰ বৰায়ো এই লিপি শৈলীক সৰল, স্পষ্ট আৰু সমৰূপৰ বুলি মন্তব্য কৰিছে। কোনো কোনো লিপিবিদে আকৌ এই শৈলীত টাইলিপিৰ প্ৰভাৱো লক্ষ্য কৰিছে। বিশেষকৈ বুৰঞ্জী পুথিবোৰৰ আখৰত টাইলিপিৰ বক্রতা বিশেষভাৱে লক্ষণীয়। সেইবাবেই কোৱা হৈছে যে 'টাই লিপিৰ প্ৰভাৱপুষ্ট নিৰলংকাৰ গোট গোট লিপিয়েই গড়গঞা।'


(গ) কাইথেলী লিপি: অসমৰ কায়স্থ সম্প্ৰদায়ৰ লোকসকলে পুথি-পাঁজি ৰচিবলৈ, হিচাপ-পত্র আদি লিখিবলৈ যি লিপি ব্যৱহাৰ কৰিছিল তাৰ নাম কাইথেলী লিপি। বামুণীয়া লিপিৰ দৰে কাইথেলী লিপিও এক সম্প্রদায়গত নাম। নামনি অসমৰ কায়স্থ কুলৰ কিছু সংখ্যক লোকে লহকৰ উপাধি ব্যৱহাৰ কৰিছিল বাবে এই লিপি লহকৰী নামেৰেও জনাজাত। সুকুমাৰ বৰকাথৰ হস্তীবিদ্যাৰ্ণৱ, ধৰ্মপুৰাণ, অংকশাস্ত্র শুভংকৰী, কিতাবৎ মঞ্জৰী, ব্রহ্মহ্মবৈবর্ত পুৰাণ, শংখচূড় বধ আদি পুথিত কাইথেলী। লিপিশৈলীৰে চানেকি সংৰক্ষিত হৈছে। এই লিপিৰ উ, ট, ঠ আদি আখৰৰ ওপৰৰ টিকনিডাল আৰু তলৰ ৰেখাডাল আলংকাৰিকভাৱে বহুখিনি বঢ়াই টানি নিয়া দেখা যায়। আখৰৰ কোণবোৰো অতি স্পষ্ট। গড়গঞা আৰু কাইথেলী উভয় শৈলীৰ ও, ক, খ, ঘ, ট, ম, প, ন, ঢ, ড, য, ৰ, ৱ, ষ, স আদি আখৰৰ মিল দেখা যায়। এই লিপিৰ সন্দৰ্ভত বুৰঞ্জীবিদ বেণুধৰ শৰ্মাৰ মত হ'ল-'পাকৰ সংখ্যা অলপ বেছি হ'লেও, এইবিধ আখৰ মুকুতা যেন ফটফটীয়া।' মহেন্দ্ৰ বৰাৰ মতে, কাইথেলী বা লহকৰী এক অভিলেখিক শৈলী। কাইথেলী অংকৰ এগৰাকী নিপুণ কলাকাৰ দণ্ডীৰাম দত্তৰ মতে, কাইথেলী লিপিৰ আখৰ গঢ় 'সমানি সমশীর্ষাণি, ঘনানি নিবিড়ানি চ'; অর্থাৎ এই লিপিৰ প্ৰতিটো শাৰী তথা প্ৰতিটো আখৰ সমান জোখৰ। কোনোবাটো চুটি কোনোবাটো দীঘল এনে হ'ব নোৱাৰে। আখৰৰ কোণবোৰ অতি স্পষ্ট। এই লিপিত শব্দৰ ব্যৱধান দেখা নাযায়। শব্দবোৰ একেলেথাৰিয়ে লিখি একোটা ছন্দৰ পৰিসমাপ্তিত যতিচিহ্ন দিয়াটো এই লিপিৰ অন্যতম উল্লেখযোগ্য বৈশিষ্ট্য।


২। পাঠ-সমীক্ষা কাক বোলে? ইয়াৰ এটা সাধাৰণ পৰিচয় দাঙি ধৰা।


উত্তৰ: পাঠ-সমীক্ষা পদ্ধতি মূলতে পাশ্চাত্য চিন্তাৰ ফল। লেটিন-গ্রীক সাহিত্যৰ প্রাচীন আৰু আপুৰুগীয়া গ্ৰন্থৰাজিৰ বিজ্ঞানসম্মত পাঠ নির্ধাৰণৰ বাবে এই পাঠ-সমীক্ষা পদ্ধতি আবিষ্কৃত হৈছিল। গ্রীক সাহিত্যত যিসকল বিদ্বৎ ব্যক্তিয়ে পুথি সংৰক্ষণ কৰিছিল, তেওঁলোকে যথেষ্ট সাবধানতাৰে পুথিৰ শুদ্ধ পাঠৰ ওপৰত গুৰুত্ব প্রদান কৰিছিল। অষ্টাদশ শতিকাৰ পছৰ পৰা পুৰণি হাতে লিখা পুথি, পুৰাতত্ত্ব, অভিলেখ আদিব সংৰক্ষণ আৰু তাৰ উদ্ধাৰৰ এটা প্রচেষ্টা দেখা গ'ল। সেই সময়ৰে পৰা পাঠ-সমীক্ষা পদ্ধতিটোৰ সম্প্ৰসাৰণৰ ব্যৱস্থাত গৱেষক-পণ্ডিতসকলে যথেষ্ট গুরুত্ব প্রদান কৰি অহা বুলি ক'ৰ পাৰি। আধুনিক গৱেষণাৰ নতুন নতুন সৃষ্টিসমূহৰ ভিতৰত পাঠ-সমীক্ষা বিষয়টোৰ ভূমিকা অতি প্রয়োজনীয়। পুৰণি পুথিসমূহৰ সমীক্ষাত্মক অধ্যয়নে সাহিত্যৰ নতুন দিশ উন্মোচিত কৰিব পাৰে। পুৰণি পুথিসমূহে ভাষা-সাহিত্য, সংস্কৃতিৰ ইতিহাস দাঙি ধৰাত সহায় কৰে।


পাঠ-সমীক্ষা প্রাচীন অভিলেখ অধ্যয়নৰ এক প্রণালীবদ্ধ পদ্ধতি। এই পদ্ধতিৰ দ্বাৰা নির্দিষ্ট কৌশল প্রয়োগ কৰি পাঠ-বিশেষ অধ্যয়ন কৰা হয় আৰু প্ৰাপ্ত প্ৰমাণৰ ওপৰত নিৰ্ভৰ কৰি পুথি-পাঠৰ সম্ভাব্য আদিৰূপ নিৰূপণ কৰা হয়। পাঠ-সমীক্ষা হৈছে, যিমান দূৰ সম্ভৱ মূল ৰূপৰ ওচৰ চপাকৈ গ্ৰন্থকাৰৰ পাঠ উদ্ধাৰ কৰি উলিওৱাৰ এক প্ৰণালীবদ্ধ কৌশল। আধুনিক গৱেষণাৰ অন্তৰ্গত বিভিন্ন বিষয়ৰ ভিতৰত এক কঠিন আৰু অতি আকর্ষণীয় বিষয় হৈছে পাঠ-সমীক্ষা। ইংৰাজীত এই বিষয়টোকে টেক্সুবেল ক্রিটিচিজম্ (Textual criticism) বুলি কোৱা হয় আৰু তাকেই অসমীয়া ভাষাত পাঠ-সমীক্ষা আখ্যা দিয়া হৈছে। ইয়াৰ সম পৰ্যায়ৰ আন এটা অসমীয়া আখ্যা হ'ল সমীক্ষাত্মক পাঠ-


অধ্যয়ন। মানৱ জীৱনৰ জ্ঞান আৰু শিক্ষাৰ পৰিপূৰ্ণতাৰ সহায়েৰে আৰু সূক্ষ্মাতসূক্ষ্ম বিচাৰ-বিশ্লেষণেৰে কোনো প্রাচীন গ্রন্থকাৰৰ গ্ৰন্থ বিশেষৰ মূলৰ (ur-text) যিমান দূৰ ওচৰ চাপিবলৈ যত্ন বা প্ৰয়াস কৰা হয় আৰু তাৰ বাবে যি বিজ্ঞানসম্মত পদ্ধতি প্রয়োগ কৰা হয় সেই পদ্ধতিটোৱেই হ'ল পাঠ-সমীক্ষা (Textual criticism)।


পাঠ-সমীক্ষা বিষয়টোত অতি বিস্তৃত বিষয়। এই পাঠ-সমীক্ষা পদ্ধতিটোৰ দ্বাৰা কোনো এজন লেখকৰ তেওঁৰ জীৱনৰ কালত প্রকাশ নোপোৱা আৰু স্ব-লিপি থকা প্রাচীন গ্ৰন্থৰাজিকেই ইয়াৰ প্ৰধান বিষয় হিচাপে সামৰি লোৱা হয়। প্রাচীন অনুশাসন, প্রত্নলিপি,


পেৰাকাত, ৰাজকীয় কাগজ-পত্র, সাঁচিপাতৰ পুথি, মুদ্রালেখ, লেখকৰ অটোগ্রাফ, ছপাপুথি আৰু ব্যক্তিগত লিপিক ইয়াৰ গণ্ডীত সামৰি লোৱা হয়। আমাৰ দেশত সাধাৰণতে লেখকৰ জীৱিত কালত প্রকাশ নোপোৱা আৰু লেখকৰ স্বহস্তলিপি নথকা পুৰণি পুথিৰ পাঠকহে পাঠ-সমীক্ষাৰ প্ৰধান বিষয় হিচাপে গণ্য কৰা হয়।


পাঠ-সমীক্ষা প্রাচীন পুথিসমূহৰ অধ্যয়নৰ এটা প্রণালীবদ্ধ পদ্ধতি। এই পদ্ধতিৰ সহায়ত কিছুমান নিয়ম-কৌশলৰ দ্বাৰা পুৰণি পাঠসমূহ অধ্যয়ন কৰা হয়। অধ্যয়নৰ পৰা পোৱা তথ্য ওপৰতে নিৰ্ভৰ কৰি মূল পাঠৰ (ur-text) ওচৰ চাপিবলৈ যত্ন কৰা হয়। সময় বাগৰি যোৱাৰ লগে লগে পুৰণি পুথিৰ পাঠ নকলকাৰৰ হাতত পৰি ই পাছৰ সময়ছোৱাত মূল পাঠৰ পৰাআহি কোনো কোনো ঠাইত বিকৃত হৈ পৰে। আনকি কোনো পুথিত নকলকাৰৰ হাত বাগৰি আহি আহি পাঠ অধিক বিকৃত হৈ মূল পাঠৰ প্ৰকৃত বিষয়কে সলনি কৰি পেলায়। এনে ক্ষেত্রত পাঠ-সমীক্ষা পদ্ধতিৰে সহায়েৰে পুৰণি পুথিৰ প্ৰকৃত পাঠটোৰ ওচৰ চাপিবলৈ চেষ্টা কৰা হয়। অর্থাৎ, পাঠ-সমীক্ষা বা সমীক্ষাত্মক পাঠ অধ্যয়ন হৈছে গ্রন্থাকাৰৰ মূল ৰূপৰ ওচৰ চপাকৈ পাঠ উদ্ধাৰ কৰা এটা প্রণালীবদ্ধ কৌশল। পাঠ-সমীক্ষাৰ সংজ্ঞা সম্পর্কে এই গবেষণা পদ্ধতিৰে কেইবাজনো প্রবক্তাই মত দাঙি ধৰিছে। এই সম্পর্কত পাঠ-সমীক্ষাৰ অন্যতম অগ্রণী প্রবক্তা পষ্টগেটে কৈছে যে- 'কোনো পাঠৰ যথাসম্ভৱ মূল ৰূপ নির্ধাৰণৰ বাবে মানুহৰ জ্ঞান-প্ৰতিভাৰ বুদ্ধিনিষ্ঠ আৰু পদ্ধতিগত অনুশীলনেই হৈছে পাঠ-সমীক্ষা।' ই. জে. কেনে আৰু পল মাছেও মূলৰ নিকটতম পাঠ এটা প্রস্তুত কৰাকে পাঠ-সমীক্ষাৰ প্রধান কাম বুলি যুক্তি আগবঢ়াইছে। এনচাইক্ল'পেডিয়া আমেৰিকানাত ইয়াৰ সূত্ৰ এনেদৰে দিয়া হৈছে- 'ইএক বিজ্ঞান, যাৰদ্বাৰা লেখকৰ সম্ভাব্য মূল কথাৰ যথার্থতা, পূর্ণতা আৰু অবিকৃত ৰূপ নির্ণয় হোৱাকৈ পুৰণি লেখাৰ পাঠ পৰীক্ষা কৰা হয়।' এনেবোৰ সংজ্ঞাৰ পৰা এনে এক সিদ্ধান্তত উপনীত হ'ব পাৰি যে আন আন বিজ্ঞানৰ দৰে পাঠ-সমীক্ষাও এবিধ বিজ্ঞান; যাৰ সহায়ত পুৰণি পুথিৰ বা অভিলেখৰ প্ৰণালীবদ্ধ অধ্যয়ন আৰু তাৰ অবিকৃত ৰূপ নির্ণয় কৰা হয়। পাঠ-সমীক্ষাৰ ইয়েই মূল কথা। কিন্তু পাঠ-সমীক্ষা বিজ্ঞানসম্মত বিষয় হ'লেও ই স্বয়ং সম্পূর্ণ বিজ্ঞান নহয়, কেইবাটাও বিজ্ঞানৰ সমষ্টিহে। এনচাইক্ল'পেডিয়া আমেৰিকানাত পাঠ-সমীক্ষা সম্পর্কে কোৱা হৈছে যে- 'পাঠ-সমীক্ষা হৈছে এক বিজ্ঞান, যাৰ সহায়ত সম্ভাব্য লেখকৰ মূল কথাৰ যথার্থতা, পূর্ণতা আৰু অবিকৃত রূপ নির্ণয় হোৱাকৈ পুৰণি লেখকৰ পাঠ-পৰীক্ষা কৰা হয়।' কোনো কোনো গৱেষকে আকৌ পাঠ-সমীক্ষাক প্রাচীন লেখাসমূহৰ বিজ্ঞানসন্মতভাবে কৰা এক প্রণালীগত অধ্যয়ন পদ্ধতি বুলি মতামত দাঙি ধৰিছে। পাঠ-সমীক্ষাৰ অগ্রণী গৱেষক পষ্টগেটে আকৌ পাঠ-সমীক্ষাক বিজ্ঞান আৰু কলা দুয়োটাৰে সংমিশ্রণ বুলি উল্লেখ কৰি গৈছে। বিজ্ঞান হিচাপে এই বিষয়টো লিপি-বিজ্ঞান (Palaeography), পাণ্ডুলিপি তত্ত্ব (Manuscriptology), পুৰাতত্ত্ব বিজ্ঞান (Antiquarian), ভাষাবিজ্ঞান (Linguistics), পাঠোদ্ধাৰ বিজ্ঞান (Epigraphy) আদি কেইবাটাও বিজ্ঞানৰ সমষ্টি। আনহাতে, পাঠ-সমীক্ষা পাঠ-পুনর্মূল্যায়ন (Recensio) আৰু পাঠ-সংশোধন (Emendatio)- এই দুটা কলা বিভাগক সামৰি লোৱা এবিধ বিজ্ঞান। Art and Error গ্রন্থত এই বিষয়ে এনেদৰে কোৱা হৈছে- 'It is the science of discovering error in text and the art of removing it.' মুঠতে, ওপৰত উল্লেখ কৰা আটাইকেইটা দিশৰ সু-সমন্বয়তেই পাঠ-সমীক্ষা বিষয়টো সু-প্রতিষ্ঠিত হৈছে। বর্তমান সময়ত পাঠ-সমীক্ষাৰ দৰে বিষয়টোৰ প্ৰাচ্য আৰু পাশ্চাত্য উভয়তে ব্যাপক প্ৰসাৰ আৰু সমাজৰ বাঢ়িছে। পুৰণি অভিলেখসমূহৰ ওচৰ চাপিবলৈ গৱেষকসকলৰ হাবিয়াসে আৰু এই বিষয়টোৰ প্ৰতি থকা আকর্ষণে পাঠ-সমীক্ষা পদ্ধতিক এক লেখত ল'বলগীয়া অধ্যয়ন হিচাপে চিহ্নিত কৰা দেখা গৈছে।


৩। লিপিৰ কাটোতে বা লিখোঁতে ব্যৱহাৰ কৰা সঁজুলি আৰু লেখন সামগ্ৰীৰ বিষয়ে আলোচনা কৰা।


উত্তৰঃ শিল, তাম আৰু অন্যান্য ধাতুৰ ওপৰত আখৰ খোদিত কৰিবলৈ সচৰাচৰ আৱশ্যক হৈছিল সহজে নভঙা, ধাৰাল আৰু জোঙা লোহা বা তীখাৰ মিহি অস্ত্ৰ আৰু বটালি। শিলত আখৰ কাটিবলৈ নিৰ্বাচন কৰা শিলৰ গঠন-প্রকৃতি নিৰ্ভৰ হৈছিল ইয়াৰ গুণাগুণৰ ওপৰত। আখৰ কাটোতে সহজে বটালি চলাব পৰা গুণসম্পন্ন শিলৰ স্থায়িত্বৰ দিশটোও চোৱা হৈছিল। পৃষ্ঠভূমি হ'ব লাগিছিল মিহি। শিলৰ ওপৰত প্ৰথমতে কিহবাৰে অক্ষৰ আঁকি লৈ পিছত মিহি বটালিৰে অতি সাৱধানতা অৱলম্বন কৰি লাহে লাহে আখৰবোৰ কাটি গৈছিল।


তামৰ পাতত আখৰ কাটিবলৈ নিৰ্বাচিত পাতৰ উপৰিভাগ সমান আৰু মিহি কৰি তোলা হৈছিল। আখৰবোৰ যাতে সুগঢ়ী আৰু শব্দ আৰু শাৰীবোৰ যাতে সমান দূৰত্বত খোদিত কৰিব পাৰে তাৰ বাবে আগতীয়াকৈ পৃষ্ঠভূমিত মহী (চিয়াঁহী) অথবা সেইজাতীয় বস্তুৰে প্ৰথমতে অংকণ কৰি লোৱা হৈছিল।


তাৰ পিছত অতি সৰু আৰু জোঙা বটালিৰ আগেৰে আখৰবোৰ ওপৰে ওপৰে লাহে লাহে কাটি যোৱা হৈছিল। ইয়াৰ আগতে তামৰ পাতখিলাৰ ওপৰত মাটি বা খৰিমাটিৰে মিহিকৈ প্রলেপ দি শুকাই লোৱা হৈছিল। আখৰ কাটোতে কেতিয়াবা কৰবাত ভুল হৈ গ'লে সেই ভুল হোৱাখিনিৰ ওপৰত সাৱধানে হাতুৰী চলাই পিতি সমান কৰি লোৱা হৈছিল আৰু পুনৰবাৰ আখৰ শুদ্ধকৈ কটা হৈছিল।


শিল, তাম আদি কঠিন পৃষ্ঠ-ভূমিত লিখাৰ উপৰিও অসমত কাগজ-পাতৰ লেখীয়া পাত তৈয়াৰ কৰি উলিওৱা হৈছিল। সাধাৰণ পুথি-পাজি লিখিবলৈ ব্যৱহাৰ কৰা হৈছিল এনেপোৰ পাত। ভূর্জপত্র, সঁচিপাত, তুলাপাত, আদি গছ-গছনিৰ পৰা লেখন-পত্ৰবোৰ প্ৰস্তুত কৰা হৈছিল।


ভূর্জপত্র: ভুৰ্জপত্ৰৰ ব্যৱহাৰ ভাৰতত অতি প্রাচীন। পুথি-পাজি ৰচনাৰ উপৰিও প্রেম-পত্ৰকে ধৰি ব্যক্তিগত পত্ৰ, ৰজাঘৰীয়া কাম-কাজতো ব্যৱহাৰ হৈছিল এই ভূর্জপত্র।


অসমৰ হাবিত ভূৰ্জগছং বা ভোজগছ পোৱা নগৈছিল বুলি জনা যায়। এই গছ সংগ্রহ কৰা হৈছিল হেনো ভুটানৰ পৰা।


প্রস্তুতপ্রণালী: মূলগছ আৱশ্যকীয় জোখত টুকুৰা কৰি কাটি লৈ তাৰ ভিতৰৰ পৰা অতি সাৱধানে পাতল পাত উলিয়াই লোৱা হয়। সেই পাত প্রথমাৱস্থাত খহতা হৈ থকাৰ কাৰণে তাত এবিধ তেল সানি অতি সাবধানেৰে এনেভাৱে পিহি থকা হয় যাতে পাতখিলা কোমল, মিহি আৰু টান হয়। তাৰ পিছত চোকা অস্ত্ৰৰে পাতৰ চাৰিওফালে আবশ্যকীয় জোখত সমান সমানকৈ কাটি পুথি-পাজিৰ আকৃতি অনুসৰি লিখাৰ উপযোগী কৰি উলিওৱা হয়। প্রাচীন অসমত ভূর্জপত্রতহে মন্ত্রপুথি লিখা হৈছিল।


সাঁচিপাত: সাঁচিপাতো উলিওৱা হৈছিল সাঁচিগছৰ পৰা। প্ৰাচীন কালৰে পৰা সাঁচিপাতক লেখন-পত্র হিচাপে ব্যৱহাৰ কৰি অহা কথা জনা যায়। অসমৰ পুথি-পাজিৰ সৰহাংশই সীচিপাতত লিখা।


প্রস্তুত প্রণালী: হাবিৰ পৰা উপযুক্ত বয়সৰ গছ বাচি কাটি আনি জোখমতে টুকুৰা কৰি লোৱা হয়। তাৰ পিছত বাকলি এৰুৱাই লৈ বাকলিৰ ওপৰৰ অংশ কাঠৰ টুকুৰাৰে লাহে লাহে ঘাঁহ সমান কৰি বুকুৰ ফালটো ওপৰ কৰি ৰ'দত কেবাদিনো শুকোৱা হয়। ৰ'দ ওলোৱা কেইদিনৰ ভিতৰতে ভৱিষ্যতে যাতে পাতবোৰ পোক-পৰুৱাই নষ্ট কৰিব নোৱাৰে আৰু অধিক স্থায়ী কৰি ৰাখিব পৰা যায় তাৰ বাবে তাত মহানিম, কণীবিহৰ গুটি, মিচিমি তিতা আদিৰ ৰস সানি লোৱা হয়। ইয়াৰ পিছত নিয়ৰত এৰাতি ৰাখি ৰাতিপুৱা পুনৰ চেঁচা-পানীত ডুবাই ৰখাৰ পিছত আকৌ শুকুৱাই জাও দিয়া হয়। তাৰ ওপৰত লেপি দিয়া হয় মাটিমাহ পিহি উলিওৱা বিজল আৰু হালধীয়া ৰং।


সেই পাতৰ ওপৰত পুনৰবাৰ কোমল কাপোৰ বা কপাহেৰে লাহে লাহে হাত ফুৰাই সযতনে পুনৰ চোকা অস্ত্ৰেৰে কাটি কাষবোৰ সমান কৰি লিখাৰ কাৰণে পাত উপযোগী কৰা হয়।


তুলাপাতঃ তুলাপাতৰ ব্যৱহাৰ নেপালকে ধৰি ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলতে হৈছিল। (বোধকৰো ভাৰতৰ অন্যান্য অঞ্চলতো হৈছিল)। অসমত ইয়াৰ ব্যৱহাৰ খৃষ্টপূর্ব কালৰে পৰা হৈ আহিছে বুলি বেণুধৰ শৰ্মাই ভাবে। তুলাপাতৰ পিঠি অতি মিহি আৰু কোমল। লিখিবলৈ ব্যৱহাৰ কৰা হৈছিল 'কালি' (বা মহী)। তুলাপাতে জুলীয়া বস্তু সোনকালে শুহি লয় কাৰণে ইয়াৰ ওপৰত মহীৰে লিখা কাম কিছু খৰ হৈছিল বুলি ধাৰণা কৰিব পাৰি। গুটি এৰুৱাই লোৱা কপাহ চেপি তুলাপাতৰ মূল সামগ্ৰী প্ৰস্তুত কৰা হৈছিল।


প্রস্তুত প্রণালীঃ কপাহ (অথবা দীঘল-আঁহীয়া তুলা) ভালকৈ ৰ'দত শুকুৱাই ৰংযুক্ত আৰু আঠাযুক্ত জুলীয়া বস্তুৰে মণ্ড কৰি লৈ সমান পাতত মেলি ৰ'দত দিয়া হয়। একেবাৰে শুকাই নাযাওঁতেই তাৰ ওপৰত লো অথবা কাঠৰ কঠিন পাতেৰে চেপা দি এৰাতিমান ৰাখি পুনৰ উলিয়াই ছাঁত ভালকৈ মেলি দি শুকোৱা হয়। ইয়াৰ পিছত ইয়াক আৱশ্যকীয় জোখত চোকা অস্ত্রে কাটি উলিয়াই পাতবোৰ জাপি পুনৰ হেঁচা দি ৰখা হয়। এখিলাৰ পিছত এখিলাকৈ পাতবোৰ পুনৰ উলিয়াই আকৌ অতি সযতনে জাপি লৈ লিখাৰ উপযোগী কৰি লোৱা হয়।

তুলাপাত কৰিবলৈ অসমত কেবল কপাহ বা তুলাকহে যে মূল সামগ্রী কৰি লৈছিল এনে নহয়। আহোমসকলে থলুৱাভাবে এবিধ গছ কাটি আনি তাৰ আঁহ ধুনি লৈ তুলাৰ নিচিনা কৰি লৈছিল। ফাকেয়াল (তাই-ফাকে) সকলে তেওঁলোকৰ ভাষাৰে কোৱা 'মৈহৰা" আৰু 'য়মন" নামৰ দুবিধ গছৰ পৰা এনে আঁহ উলিয়াই লৈছিল।


ভূর্জপত্র, সঁচিপাত আৰু তুলাপাতৰ উপৰিও লেখন-পত্র হিচাপে কৰা পাত, গছ-গছনিৰ পাত আদিও ব্যৱহাৰ কৰা হৈছিল বুলি জনা যায়। অৱশ্যে সেইবোৰৰ প্ৰচলন সৰহবহী নাছিল আৰু তাৰ স্থায়িত্বও আছিল কম।


খোদিতকৰণৰ সঁজুলিঃ টান পৃষ্ঠভূমিত, (যেনে- শিল, তাম আৰু অন্যান্য ধাতু) আখৰ কাটিবলৈ টান লো (বা তীখাৰ) সৰু বটালি আৰু চেনী আৰু টুকুৰিয়াবলৈ ব্যৱহাৰ কৰা হৈছিল বিবিধ আকাৰৰ সৰু-বৰ হাতুৰী। লোক বেছি টান কৰিবলৈ বাৰে বাৰে জুইত পৰি আনুপাতিক তাপত বাৰে বাৰে কোবাই কোবাই পানীত ডুবাই দিয়া হৈছিল। আখৰবোৰ কটাৰ আগতে পৃষ্ঠভূমিত আখৰবোৰ লিখি লৈ সেই আকৃতিত সাবধানে কাটি উলিওৱা হৈছিল।


কলম, চিয়াহী (মহী বা কালি) আদি: সাঁচিপাত, তুলাপাত আদিত লিখিবলৈ ব্যৱহাৰ কৰা হৈছি কলম (কাপ) আৰু কালি (মহী)। কলম তৈয়াৰ কৰা হৈছিল চৰাইৰ পাখি, বাঁহৰ জেকনি, খাগৰি, ইকৰা, ঢেকীয়াৰ ঠাৰি আদিৰে। কলমৰ দৈর্ঘ্য আখৰৰ গোট আৰু লিখকৰ জুতিৰ ওপৰত নিৰ্ভৰ কৰিছিল। পাতত লিখাৰ আগতে আখৰবোৰ প্ৰকৃত জোখৰ কৰিবৰ কাৰণে কুটনীৰে জুখি লোৱা হৈছিল। আখৰৰ শাৰীবোৰ পোন কৰিবৰ কাৰণে আঁকমাৰীৰে (স্কেল) চিন টানি লোৱা হৈছিল।


মহী প্ৰস্তুতকৰণৰ প্ৰণালী আছিল বিবিধ। ইয়াৰ কাৰণে আৱশ্যক হৈছিল লোৰ কেৰাহী (বা পাত্র), শিলিখা, এলান্ধু, কেৰাহী বা চৰৰ তলৰফালে জমা হোবা ছাই, চেকিবৰ কাৰণে চেকনি, গৰুৰ মুত, কেহৰাজৰ ৰস, আম-জামু আদিৰ ছাল, মাটিৰ চৰু, লোহাৰ পাত্র ইত্যাদি। মহীৰ প্ৰস্তুত চূড়ান্ত কৰিবলৈ নিয়ৰত এৰাতি ৰাখিব লাগিছিল। প্রস্তুতি-পৰ্বৰ সময় আৱশ্যক হৈছিল ৭৮ দিন। লিখিবৰ উপযোগী হোৱাৰ পিছত মহীখিনি চুঙাত ভৰাই ৰখা হৈছিল। এনে চুঙাক বোলা হৈছিল 'মহীচুঙা'। মহীচুঙা আছিল দুবিধ- এবিধ ডাঙৰ, এবিধ সৰু। লিখিবৰ কাৰণে আৱশ্যক মহীখিনি ডাঙৰ মহীচুঙাৰ পৰা বাকি লোৱা হৈছিল আৰু ডাঙৰ চুঙাটোত সোপা দি অতি সযতনে ওলোমাই ৰখা হৈছিল।


৪। পাঠ-সমীক্ষা পদ্ধতি কেতিয়া আৰু ক'ত প্রথমে প্রয়োগ হয়? পাঠ-সমীক্ষাৰ ক্রমবিকাশ সম্পর্কে আলোচনা কৰা।


উত্তৰ: পাঠ-সমীক্ষা আধুনিক চিন্তা-চৰ্চাৰ এক অন্যতম বিষয়। ইউৰোপত তৃতীয় শতিকাতে গ্ৰীচৰ আলেকজেন্দ্রিয়াত পাঠ-সমীক্ষা বিষয়ক চিন্তা-চর্চা চলিছিল। ইউৰোপত নৱ-জাগৰণৰ লগে লগে পাঠ-সমীক্ষা পদ্ধতিয়ে নতুন ৰূপ লাভ কৰে। তাৰ পাছত লাহে লাহে পৃথিৱীৰ বিভিন্ন দেশত এই পদ্ধতিয়ে প্ৰসাৰ লাভ কৰে। কিন্তু তেওঁলোকৰ চিন্তা-চর্চাই কেনে ধৰণৰ অধ্যয়নৰ পদ্ধতি গ্ৰহণ কৰিছিল তাৰ কোনো বিৱৰণ পোৱা হোৱা নাই। সেই সময়তে গ্ৰীক আৰু লেটিন ভাষাৰ আপুৰুগীয়া গ্ৰন্থৰাজিৰ বিজ্ঞানসন্মতভাবে পাঠ অধ্যয়ন কৰিবলৈ এই পদ্ধতিটো প্রয়োগ কৰা হৈছিল। চতুৰ্থ খ্ৰীষ্টাব্দৰ শেষৰ ফালে লেটিন পাঠৰ ওপৰত ভিত্তি কৰি বাইবেলৰ পাঠৰ পাঠ-সমীক্ষা প্ৰক্ৰিয়া আৰম্ভ হৈছিল। এই অধ্যয়নৰ ফলস্বৰূপে ১৯৫২ চনত 'ৰিভাইছজড্ ষ্টেণ্ডার্ড ভার্জন অব দ্য বাইবেল' সমীক্ষিত পদ্ধতিত প্রকাশ পায়। ইউৰোপত নৱ-জাগৰণৰ কালছোৱাত- পঞ্চদশ-ষোড়শ শতিকাত পাঠ-সমীক্ষা পদ্ধতিয়ে এটা নতুন ৰূপ গ্রহণ কৰে। শিল্প-সংস্কৃতিৰ অগ্ৰসৰৰ লগতে সাহিত্যৰ দিশতো এক নতুন চিন্তাধাৰা আহি পৰে। পাঠ-সমীক্ষা পদ্ধতিৰ এই নতুন ৰূপটো ফৰাচী, ইংৰাজী, জার্মান আদি নব্য ইউৰোপীয় ভাষা-সাহিত্যলৈকো সম্প্ৰসাৰিত হয়। এই পদ্ধতিৰে নতুনকৈ সম্পাদন কৰি উলিওৱা কেতবোৰ উল্লেখযোগ্য গ্রন্থ হ'ল-কেটিউলাচ, হৰেচ আদি। এই গ্ৰন্থবোৰৰ জৰিয়তে পাঠ-সমীক্ষা পদ্ধতিয়ে এক নতুন মাত্র লাভ কৰে।


পাঠ-সমীক্ষা পদ্ধতিত পাঠ-পুনর্মূল্যায়ন আৰু পাঠ-সংশোধন এই দুটা প্ৰক্ৰিয়াৰে পাঠৰ অধ্যয়ন কৰা হয়। স্কেলিগাৰে সম্পাদনা কৰা কেটিউলাচৰ গ্ৰন্থৰ সমীক্ষিত পাঠ সম্পাদন হয় ১৫৭৭ চনত। ৰিচাৰ্ড বেন্টলিয়ে ১৭১১ চনত হৰেচৰ সাহিত্য কৃতি সম্পাদনা কৰি পাঠ-সমীক্ষা পদ্ধতিৰ প্ৰসাৰ ঘটায়। ঊনবিংশ শতিকাত-১৮৩০-৩১ চনত ইউৰোপৰ বিভিন্ন ঠাইত গ্রীক নিউ টেষ্টামেনৰ পাঠ অধ্যয়নৰ সূচনা হয়। লাখমেনে সম্পাদনা কৰা গ্রীক নিউ টেষ্টামেন আৰু নিউক্রোটিয়াছৰ গ্ৰন্থ (১৮৫০) পাঠ-সমীক্ষা পদ্ধতিৰ আন এক উল্লেখযোগ্য উদাহৰণ। এই পাঠ অধ্যয়নৰ বেলিকা পুথিৰ বংশলতা আৰু সংগৃহীত পুথিৰ সাংকেতিক চিহ্ন প্ৰস্তুত কৰাৰ পদ্ধতি প্রয়োগ কৰা হয়। পলমাচে ১৯২৭ চনত জার্মান ভাষাত প্রকাশ কৰি উলিওৱা টেক্সক্রিটিকগ্রন্থত এই বিষয়ে বহলভাৱে আলোচনা কৰি দেখুৱাইছে। এই গ্রন্থখন বাৰবাৰা ফ্লাৱাৰে ইংৰাজীলৈ অনুবাদ কৰি টেক্সচুৱেল ক্রিটিছিজম্ নামেৰে ১৯৫৮ চনত প্রকাশ কৰে। ঊনবিংশ শতিকাত শ্বেইক্সপীয়েৰ, এলিজাবেথান আৰু জেকবিয়ান নাট্যকাৰসকলৰ নাট্যৰাজিৰ পাঠ অধ্যয়ন কৰা হয়। ১৯৫২ চনত বিভাইছড্ ষ্টেণ্ডার্ড ভার্জন অব দ্য বাইবেল, ১৯৬৬ চনত কে. টিলছনে সম্পাদনা কৰা ডিকেন্‌দ্ৰৰ ওলিভাৰ টুইষ্ট, ১৯৭০ চনত প্রকাশ পোৱা নিউ ইংলিচ বাইবেল আদি গ্রন্থ পাঠ-সমীক্ষাৰ একো একোটি উল্লেখযোগ্য উদাহৰণ। এই গ্ৰন্থসমূহৰ বাহিৰেও পাঠ-সমীক্ষাৰ বিভিন্ন দিশ আৰু তাৰ গুৰুত্বৰ বিষয়ে ইউৰোপীয় ভাষাত আন কেইখনমান উল্লেখনীয় গ্রন্থ ৰচিত হয়। এই গ্রন্থকেইখনমান হ'ল এফ. ডব্লিউ, হলৰ কম্পেনিয়ন টু

ক্লাছিকেল টেক্সাছ, পষ্টগেটৰ টেক্সচুবেল ক্রিটিছিজম্, ছাৰ ৰিচাৰ্চ চি. জেবৰ টেক্সচুবেল ক্রিটিছিজম্ আৰু এল হাভেটৰ মেনুবেল দ্য ক্রিটিক এপ্লিকী আক্সটেন্সেছ লেটিনছ আদি।


৫। ভাৰতবৰ্ষত পাঠ-সমীক্ষা পদ্ধতিৰ পৰম্পৰা সম্পর্কে চমুকৈ আলোচনা কৰক।


উত্তৰঃ ভাৰতত ঊনবিংশ শতিকাৰ শেষ ভাগতহে পাঠ-সমীক্ষা বিষয়টোবে গুৰুত্ব লাভ কৰে যদিও, বৈদিক যুগৰে পৰা পাঠৰ শুদ্ধতাৰ প্রতি মনীষীসকলে গুৰুত্ব দি অহাৰ প্রমাণ পোৱা যায়। বিশেষকৈ বেদৰ পাঠ আওৰাওঁতে পণ্ডিতসকল তাৰ পাঠৰ শুদ্ধতাৰ প্রতি সততে সজাগ আছিল। ভাৰতৰ বিদ্বৎ সমাজে পুৰণি পাঠৰ শুদ্ধতাৰ প্ৰতি যথেষ্ট তৎপৰতা অৱলম্বন কৰা দেখা যায়। অৱশ্যে প্রায়ভাগ ভাৰতীয় গবেষক পণ্ডিতে এই ক্ষেত্ৰত ইউৰোপীয় পাঠ-সমীক্ষা পদ্ধতিক আদর্শ হিচাপে লোৱা দেখা যায়। ভাৰতীয় সাহিত্যৰ পাঠ-সমীক্ষাৰ ক্ষেত্ৰত ইউৰোপৰ পাঠ-সমীক্ষাৰ পদ্ধতি বৰ ভালকৈ খাপ নাখায়। আমাৰ ভাৰতীয় পাঠৰ ক্ষেত্ৰত অনেক সমস্যা দেখা যায়। গতিকে ইউৰোপৰ পাঠ-সমীক্ষাৰ পদ্ধতি তথা নীতি আদিয়ে এনেবোৰ সমস্যা সমাধান কৰিব নোৱাৰে। যদিও ভাৰতত লৌকিক যুগৰে পৰাই ভাৰতীয় টীকাকাৰসকলে বিভিন্ন পাঠ আৰু বিভিন্ন পাঠান্তৰৰ পৰা শুদ্ধ অথবা মূল পাঠৰ ওচৰ চাপিবলৈ যত্ন কৰি আহিছে, তথাপি পাঠ-সমীক্ষা বিষয়টো অধ্যয়নৰ এটা প্রণালীবদ্ধ নীতি বা স্বৰূপ ভাৰতত প্রচলন হোৱা নাছিল। মন কৰিবলগীয়া বিষয় এইটোৱে যে ইউৰোপীয় পদ্ধতি ভাৰতীয় পুথিৰ পাঠ উদ্ধাৰ আৰু সংৰক্ষণ কৰিবলৈ পৰ্যাপ্ত নহয়। কিয়নো ইউৰোপীয় আৰু ভাৰতীয় সাহিত্যৰ মাজত কেতবোৰ পাৰ্থক্য লক্ষ্য কৰা যায়। ভাৰতত পাঠ-সমীক্ষা বিষয়টোৰ সকলোবোৰ সমস্যা আৰু তাৰ খুটিনাটি বিচাৰ কৰি এই বিষয়ত উল্লেখযোগ্য বৰঙণি যোগোৱা প্ৰথম আৰু প্রধান ব্যক্তিগৰাকী হ'ল ভি. এছ. সুখথংকৰ। উনবিংশ শতিকাৰ পৰা ভাৰতীয় সংস্কৃত-প্রাকৃত-অপভ্রংশ আদি ভাষাৰ অনেক আপুৰুগীয়া গ্ৰন্থৰ মূল পাঠ (ur-text) পাঠ-সমীক্ষাৰ জৰিয়তে উদ্ধাৰ কৰিবলৈ এচাম চিন্তাবিদে চিন্তা-চৰ্চা কৰিবলৈ আৰম্ভ কৰে। ইউৰোপীয় পাঠ-সমীক্ষা অধ্যয়নৰ সৈতে ভাৰতীয় সাহিত্যৰ পাঠ অধ্যয়নৰ যি সমস্যা বা জটিলতা দেখা গৈছিল সেই সমস্যা সমাধান কৰি ভি. এছ. সুখথংকৰ, আৰ. জি. ভাণ্ডাৰকাৰ, টোডৰমল, আৰ, পিশ্চেল, ষ্টেন কনো, আনন্দৰাম বৰুৱা আদিকে ধৰি কেইবাগৰাকী পণ্ডিত-গৱেষকে পাঠ-সমীক্ষাৰ এক নতুন ৰূপ উন্মোচিত কৰে। আমাৰ ভাৰতীয় সাহিত্যৰ পাঠ-সমীক্ষা বিষয়ত মনোনিৱেশ কৰা প্ৰথম আৰু প্ৰধান ব্যক্তিগৰাকী ভি. এছ, সুখথংকৰে হেইনৰিখ ল্যুদৰ্ছৰ ছাত্ৰ হিচাপে পাঠ-সমীক্ষা বিষয়ত যথেষ্ট জ্ঞান অর্জন কৰিছিল। সুখথেংকৰৰ নেতৃত্বত এদল ডেকা গৱেষকে সোতৰ বছৰ ধৰি কৰা পৰিশ্ৰমৰ অন্তত মহাভাৰতৰ সমীক্ষিত পাঠ প্রকাশ কৰিবলৈ সমর্থ হয়। সুখথংকৰে অকলে সম্পাদনা কৰা মহাভাৰতৰ আদিপর্বৰ পাতনি প্রিলোগোমেনা আজিও ভাৰতীয় পাঠ-সমীক্ষাৰ ক্ষেত্রত বেদস্বৰূপ। ডক্টৰ সুখথংকৰৰ নেতৃত্বত মহাভাৰতৰ বিভিন্ন পৰ্বৰ সম্পাদনা কৰি পাঠ-সমীক্ষা বিষয়টোৰ চৰ্চা কৰা আন পণ্ডিত ব্যক্তিকেইগৰাকী হ'ল ডক্টৰ সুশীল কুমাৰ দে, ডক্টৰ ৰঘুবীৰ, অধ্যাপক ফ্রেংকলিং এডগার্টন, ৰাও বাহাদুৰ, ওবেলকৰ আদি। ডক্টৰ সুখথংকৰ আৰু তেওঁৰ লগত সহযোগ কৰি মহাভাৰতৰ বিভিন্ন পৰ্বৰ পাঠ-সমীক্ষা কৰা ব্যক্তিসকল আগতে বার্লিন বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰিচাৰ্ড পিশ্চেলে কালিদাসৰ শকুন্তলা নাটকৰ বৈজ্ঞানিক পদ্ধতিৰে পাঠ-সমীক্ষা কৰি উলিয়ায়। পিশ্চেলৰ এই পাঠটোকে কেপ্পেলাৰে পাঠ সংশোধন কৰি অধ্যয়ন কৰি উলিয়াইছে। পিশ্চেলে বাংলা পাঠ-শাখাৰ ওপৰত ভিত্তি কৰি ১৮৭৭ চনত শকুন্তলা নাটক সম্পাদনা কৰি উলিয়াইছিল। কিন্তু তেওঁৰ তেনে অধ্যয়ন ফলপ্রসূ আৰু গ্রহণযোগ্য নহ'ল। ভাৰতত ৰামকৃষ্ণ গোপাল ভাণ্ডাৰকাৰে কেইবাখনো হাতেলিখা পুৰণি পুথিৰ পাঠ মিলাই ১৮৭৬ চনত ভৱভূতিৰ মালতী মাধৱ সম্পাদনা কৰিছিল। অসমৰ সুযোগ্য সন্তান আনন্দৰাম বৰুৱাই ১৮৭৬ চনত ভৱভূতিৰ মহাবীৰ চৰিত সম্পাদনা কৰি প্ৰকাশ কৰে। বাংলা পাঠ শাখাৰ ওপৰত ভিত্তি কৰি আৰু. পিশ্চেলৰ কালিদাসৰ শকুন্তলা নাটকৰ সংস্কৰণ প্ৰকাশ পায় ১৮৭৭ চনত। ষ্টেন কনো সম্পাদিত ৰাজশেখৰৰ প্ৰাকৃত সট্টক কপূৰ মঞ্জৰী প্ৰকাশ পায় ১৯০১ চনত। পাঠ-সমীক্ষা পদ্ধতিৰে কৰা এই গ্ৰন্থৰ সম্পাদনাত মুঠ এঘাৰখন হাতে লিখা পুথি সংগ্ৰহ কৰি তাৰ মূল পাঠ নিৰ্ধাৰণ কৰা হৈছে। টোডৰমলে ১৯২৪ চনত ভৱভূতিৰ মহাবীৰ চৰিতখন মুঠ ওঠৰখন পুৰণি হাতেলিখা পুথিৰ পাঠ পৰীক্ষা কৰি সম্পাদনা কৰি উলিয়ায়। এইসকল পণ্ডিত-গৱেষকে পাঠ-সমীক্ষা অধ্যয়নৰ জৰিয়তে সাহিত্যত এটি নতুন চিন্তা-চৰ্চাৰ বাট মুকলি কৰে। কিন্তু ভাৰতত সুখথংকৰৰ লগত সহযোগ কৰি এছ. কে. দে, ৰঘুবীৰ, অধ্যাপক ফ্রেংকলিং এডগার্টন, ৰাও বাহাদুৰ ওৱেলৱকৰ আদি পণ্ডিতসকলে মহাভাৰতৰ বিভিন্ন পৰ্বৰ সম্পদনা কৰি যি নতুন চিন্তা-চেতনা পাঠ-সমীক্ষাৰ অধ্যয়নৰ মাজেৰে আগবঢ়ালে সি শলাগিবলগীয়া। সুখথংকৰৰ মহাভাৰতৰ আদিপৰ্বৰ পাতনি 'প্রিলোগোমেনা'ৰ পাঠ বিচাৰ কৰোঁতে প্রধানভাৱে ইউৰোপীয় পদ্ধতিকে মানি লোৱা হৈছে। সেয়ে হ'লেও সুখথংকৰে এই অধ্যয়নত সংস্কৃত সংস্কৃত সাহিত্যৰ পাঠ নিৰূপণৰ বাবে এটা সুচিন্তিত আৰু সুনির্দিষ্ট পদ্ধতি নিৰ্ধাৰণ কৰি গৈছে। সেইবাবেই ভাৰতৰ পাঠ-সমীক্ষা পদ্ধতিত সুখথংকৰ পদ্ধতিকে সকলোৱে মানি লৈছে। মহাভাৰতৰ আদিপৰ্বৰ পাছত বাকী পৰ্ববোৰৰ পাঠ সম্পাদনা কৰাত সুখথংকৰৰ নিৰ্দেশাৱলীকে সমীক্ষকসকলে পালন কৰা দেখা গৈছে। মহাভাৰতৰ বাহিৰেও আন আন পাঠ অধ্যয়নৰ বেলিকা পৰৱৰ্তী সমীক্ষকসকলে সুখথংকৰৰ পথকে অনুসৰণ কৰিছে। সুখথংকৰৰ মহাভাৰতৰ আদিপৰ্বৰ পাঠ-সমীক্ষাৰ পাছত ভাৰতীয় পাঠ-সমীক্ষা অধ্যয়নৰ ক্ষেত্ৰত বিশেষভাৱে কৰ্মত আগবঢ়া ব্যক্তিগৰাকী হৈছে ফ্রেংকলিং এডগার্টন। আমেৰিকাৰ নিউ হাভেনৰ পৰা ওলোৱা তেওঁৰ পঞ্চতন্ত্র বিকন্সট্রাক্টেড নামৰ পুথিখনিয়ে পাঠ-সমীক্ষা বিষয়টোক পাঠক-গবেষক আৰু সমালোচকসকলৰ বাবে আৰু অধিক বোধগম্য কৰি তোলে। এই পুথিখনি ১৯২৪ চনত পাঠ-সমীক্ষা পদ্ধতিৰে প্রকাশ পাইছিল। এই দুগৰাকী অধ্যয়নশীল ব্যক্তিৰ চিন্তা-চর্চাই পাঠ-সমীক্ষা পদ্ধতিটোক আৰু অধিক উন্নত ৰূপ প্ৰদান কৰে। এওঁলোকৰ পাছত ক্ৰমে লুডারিগ আলছডর্ফ, পি. এল. বৈদ্য, জোহান্স নোবেল লেইজিগ, এ. এন. উপাধ্যায়, বিশ্ববন্ধু শাস্ত্রী, কৃষ্ণকান্ত সন্দিকৈ আদি পণ্ডিতসকলে পাঠ-সমীক্ষা বিষয়ৰ ভালেখিনি চিন্তা-চর্চা আগবঢ়ায়। লুডবিগ্‌ আলছডর্ফে পুষ্পদন্তৰ হৰিবংশ সমীক্ষা কৰি উলিয়ায়-১৯৩৬ চনত। পি. এল. বৈদ্যৰদ্বাৰা সম্পাদিত মহাপুৰাণ ১৯৩৭ চনত প্রকাশ পায়। নোবেল লেইজিগে ১৯৩৭ চনত সম্পাদনা কৰি উলিয়ায় সুবর্ণবাষোত্তম সূত্র পুথিখন। এ. এন. উপাধ্যয়ৰদ্বাৰা সম্পাদিত যোগীন্দ্ৰৰ পৰমাত্মা প্রকাশ পুথিখন প্রকাশ হৈ ওলায় ১৯৩৭ চনত। বিশ্ববন্ধু শাস্ত্রীয়ে ৰামায়ণ অব্ বাল্মীকিঃ সুন্দৰকাণ্ড ১৯৪০ চনত সম্পাদনা কৰি প্ৰকাশ কৰে। ষ্টেন কনোই ৰাজশেখৰৰ কপূৰমঞ্জৰী ১৯০১ চনত সম্পাদনা কৰিছিল। মুঠ এঘাৰখন পুথিৰ পাঠ অধ্যয়ন কৰি তেওঁ তেনে এটি কাম সমাধা কৰিছিল। এফ. এডগার্টনৰ পঞ্চতন্ত্র বিকল্ট্রাক্টেড নিউ হেভেনৰ পৰা ১৯২৪ চনত প্রকাশ পায়। ভাৰতীয় গ্রন্থ এখনত ইউৰোপীয় পাঠ-সমীক্ষাৰ নীতি ইয়াত প্রয়োগ হৈছে। টোউৰ মলে মহাবীৰ চৰিত উত্তৰ আৰু দক্ষিণ ভাৰতীয় পাঠ-শাখাৰে সম্পাদনা কৰে আৰু এইখন ১৯২৮ চনত প্রকাশ পায়। পি. এল. বৈদ্যই পুষ্পদন্তৰ মহাপুৰাণ আৰু এ. এল. উপাধ্যায়েও যোগীন্দুৰ পৰামাত্মা প্ৰকাশৰ পাঠ-সমীক্ষা কৰি সম্পাদনা কার্য সমাপ্ত কৰে। এনেদৰে ভাৰতীয় পাঠৰ পাঠ অধ্যয়নৰ বিবিধ পৰীক্ষা-নিৰীক্ষা চলিবলৈ ধৰে। কিন্তু প্রথম মহাসমৰৰ বিভীষিকাই সাহিত্যৰ অন্যান্য দিশৰ লগতে পাঠ-সমীক্ষা পদ্ধতিৰ দিশতো হেঙাৰ বান্ধিলে।


১৯১৭ চনত পুনেত ভাণ্ডাৰকাৰ ওৰিয়েন্টেল ইনষ্টিটিউট স্থাপন হয়। ভি. এছ, সুখথংকৰ আৰু তেওঁৰ নেতৃত্বত এদল গষেকে পাঠ-সমীক্ষা বিষয়টোত গভীৰভাৱে মনোনিৱেশ কৰা দেখা গ'ল। সুখথংকৰ বার্লিনৰ হমবল্ড বিশ্ববিদ্যালয়ৰ হেইনৰিখ ল্যুদৰ্ছৰ ছাত্ৰ আছিল আৰু মহাভাৰতৰ সমীক্ষিত পাঠৰ কাম প্রথমে ল্যুদছেই আৰম্ভ কৰিছিল। সুখথংকৰে সেইবাবেই ল্যুদৰ্ছৰ পৰা ইয়াৰ আৰ্হি গ্ৰহণ কৰিছিল। মহাভাৰতৰ দৰে এখন অতি প্রাচীন কাব্যৰ সম্পাদনা এক অতিশয় কঠিন কর্ম। তথাপিতো এনে কঠিন আৰু নতুন কাম এটাত আগবাঢ়িবলৈ কেবাগৰাকী পণ্ডিতে হাত মেলিলে। ভাৰতৰ বাহিৰৰ য়েল বিশ্ববিদ্যালৰ ফ্রাংকলিন এঙ্গাটনে মহাভাৰতৰ সভা পৰ্বৰ কাম সম্পাদনা কৰে। ভি. এছ.


সুখথংকৰে আদি আৰু বনপর্ব, ওৱেলৱলকৰে ভীষ্ম, শান্তি, অশ্বমেধ, মুষল, মহাপ্রস্থানিক আৰু স্বৰ্গাৰোহন পর্ব সম্পাদনা কৰে। ৰঘুবীৰে বিৰাট পর্ব, সুশীল কুমাৰ দেয়ে উদ্যোগ পৰ্ব, আৰ. জি. কৰ্মকৰে অশ্বমেধ পৰ্ব, ভি. জি. পৰাঞ্জপে স্ত্রীপর্ব, এইচ. ডি বেলংকৰে সৌপ্তিকবর্ণ, দাণ্ডেকৰে শল্য আৰু আৰু অনুশাসনপর্ব সম্পাদনা কৰি এটা মহৎ কাম সাধন কৰে। ইয়াৰ বাহিৰেও বিশ্ববন্ধু শাস্ত্রী সম্পাদিত ৰামায়ণ অব্‌ বাল্মিকী: সুন্দৰাকাণ্ড (১৯৪০), কৃষ্ণকান্ত সন্দিকৈ সম্পাদিত নৈষধ চৰিত, যশস্তিলক, ধর্মদত্ত কৌশ্বাম্বীৰ ভর্তৃহৰিৰ কবিতা, মনমোহন ঘোষৰ কপূৰমঞ্জৰী (১৯১৯), সুশীল কুমাৰ দেৰ কৃষ্ণ কর্ণামৃত বৰোদাৰ পৰা প্ৰকাশিত সপ্তকাণ্ড বাল্মীকি ৰামায়ণ, এষ্টেলাৰৰ ডিফাৰেণ্ট বিচেনছনছ অব্ মহানাটক, ফ্রান্সেছ উইলছনৰ লাভ অব্ কৃষ্ণ (১৯৭৫), ডক্টৰ মহেশ্বৰ নেওগৰ বিল্বমংগল বিৰচিতং কৃষ্ণ স্তোত্রম (১৯৬২) আদি গ্রন্থই ভাৰতীয় পাঠ-সমীক্ষাৰ উৎকৃষ্ট নিদর্শন দাঙি ধৰে। বিভিন্ন প্রমাণ আৰু উৎস বিচাৰ কৰি চালে দেখা যায় যে ভাৰতত অতি প্রাচীন কালৰে পৰাই পুৰণি পুথিৰ পাঠ উদ্ধাৰৰ প্ৰতি পণ্ডিতসকল অতি সচেতন আৰু সজাগ আছিল। ইউৰোপীয় চিন্তাৰ ফল বা পাশ্চাত্য চিন্তাৰ ফল বুলি মানিলেও ভাৰতবৰ্ষই প্রাচীন পুথিৰ সংশোধন নতুন পাঠ-সমীক্ষাৰ পদ্ধতি অতি পুৰণি কালৰে পৰাই প্রয়োগ কৰি আহিছে। প্রাচীন ভাৰতবৰ্ষত বিভিন্ন ঠাইত একো একোটা বিশাল গ্ৰন্থগাৰ থকাৰ প্রমাণ পোৱা যায়। মঠ-মন্দিৰ, বৌদ্ধ-বিহাৰ, ৰাজকীয় গ্রন্থাগাৰ, পাঠশালা আদিত হাতেলিখা পুথিৰ সংৰক্ষণৰ ব্যৱস্থা আছিল। ৰাজকীয় পৃষ্ঠপোষকতাত কোনো কোনো পুথিভঁৰাল গঢ় লৈ উঠিছিল। তাঞ্জোৰ, কাঞ্চীপুৰম, কেৰল, কাম্বে আদি ঠাইত পুথি সংৰক্ষণৰ বাবে বিশাল পুথিভঁৰাল থকাৰ প্ৰমাণ পোৱা যায়।