চতুৰ্থ অধ্যায়

                                                            ছুইজাৰলেণ্ড

১/ ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় প্ৰথম সুত্ৰপাত কিমান চনত হৈছিল?

উত্তৰঃ ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় প্ৰথম সূত্ৰপাত ১২৯১ চনত হৈছিল।

২/ ছুইজাৰলেণ্ডৰ বিষয়ে লিখা?

উত্তৰঃ ছুইজাৰলেণ্ডৰ বিষয়ে তলত আলোচনা কৰা হল -

(১) ছুইজাৰলেণ্ডত আৰম্ভণিৰে পৰা গণৰাজ্য তথা প্ৰজাতন্ত্ৰৰ প্ৰচলন আছে। কোনো কালতে ৰাজতন্ত্ৰ প্ৰচলন নথকা ছুইজালেণ্ডেই হয়তো ইউৰোপৰ একমাত্ৰ ৰাষ্ট্ৰ। ইয়াৰ বাসিন্দাসকলৰ চিন্তা আৰু অনুভূতিত ৰাজতন্ত্ৰৰ স্থান দেখা পোৱা নাযায়। নাগৰিকসকলে ৰাষ্ট্ৰৰ কাম - কাজ, নিজৰ কাম - কাজ হিচাপে গণ্য কৰে। ইয়াত বংশানুক্ৰমিক বা এজন নিৰ্বাচিত ব্যক্তিৰ দ্বাৰা প্ৰশাসন চলোৱা নীতিক সমৰ্থন নকৰে। 

(২) ছুইজাৰলেণ্ডৰ প্ৰশাসনৰ গণতান্ত্ৰিক ব্যৱস্থাই এই ৰাষ্ট্ৰৰ চৰকাৰী তথা সংবিধান অধ্যয়নত গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে। কাৰণ প্ৰকৃতাৰ্থত জনসাৰ্বভৌমত্বৰ প্ৰচলন ব্যৱস্থা এই ৰাষ্ট্ৰতহে দেখা পোৱা যায়। কাৰণ এই ৰাষ্ট্ৰৰ এক আকৰ্ষণ হৈছে প্ৰত্যক্ষ গণতান্ত্ৰিক ব্যৱস্থা। প্ৰত্যক্ষ গণতন্ত্ৰৰ ইয়াক গৱেষণাগাৰ বুলি গণ্য কৰা হয়। প্ৰাথমিক সভাৰদ্বাৰা দেশৰ প্ৰশাসন নিয়ন্ত্ৰণ কৰা ছুইজাৰলেণ্ডেই একমাত্ৰ দেশ। 

(৩) ছুইজাৰলেণ্ডৰ প্ৰশাসনৰ আন এক গুৰুত্বপূৰ্ণ আকৰ্ষণ হৈছে ইয়াৰ বহুব্যক্তিক কাৰ্যপালিকা। ছুইজাৰলেণ্ডৰ কাৰ্যপালিকা সাতজন সদস্যৰে গঠিত হয়। এই কাৰ্যপালিকা সংসদীয় ৰাষ্ট্ৰপতীয় সংমিশ্ৰণ কাৰ্যপালিকা বুলিহে অভিহিত কৰিব পাৰি। কাৰণ এই কাৰ্যপালিকা সম্পূৰ্ণভাবে সংসদীও নহয় বা সম্পূৰ্ণভাৱে ৰাষ্ট্ৰপতীয়ও নহয়। 

(৪) সৰু ৰাষ্ট্ৰ হলেও ইয়াত বাস কৰা অধিবাসীসকলৰ মাজত জন্মগত, ধৰ্মীয়, ভাষিক আদি বিভিন্নতা দেখিবলৈ পোৱা যায়। অথচ এনেবোৰ কাৰণ লৈ ছুইছবাসীৰ মাজত বিভেদৰ সৃষ্টি হোৱা নাই। ই এই দেশৰ প্ৰশাসন ব্যৱস্থাৰ আকৰ্ষণ বঢ়োৱাত যথেষ্ট সহায় কৰিছে। ইয়াত বৰ্তমান চাৰিটা ভাষাৰ প্ৰচলন আছে। কেথেলিক আৰু প্ৰটেষ্টাণ্টৰ উপৰি তাত কিছুমান ইহুদীও আছে।

(৫) নিৰপেক্ষ নীতি অৱলম্বন ছুইজাৰলেণ্ড প্ৰশাসনৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। কাৰণ ইয়াৰ কাষতে অৱস্থিত জাৰ্মানী, ফ্ৰান্স, ইটালী আদিৰ শক্তিশালী ৰাষ্ট্ৰসমূহ অৱস্থিত যদিও ই সদায় নিৰপেক্ষ নীতিৰে নিজৰ স্বাধীনতা আৰু সাৰ্বভৌমত্ব বজাই ৰাখিছে। বৰ্তমানো ছুইজাৰলেণ্ডে বৈদেশিক নীতিৰ ক্ষেত্ৰত নিৰপেক্ষতা অৱলম্বন কৰিছে। 

৩/ ছুইজাৰলেণ্ড চৰকাৰৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা?

উত্তৰঃ ছুইজাৰলেণ্ড চৰকাৰৰ বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হল -

(১) লিখিত সংবিধানঃ এখন সংবিধানৰ ওপৰত ভিত্তি কৰিয়েই ৰাষ্ট্ৰ এখনৰ প্ৰশাসন পৰিচালনা হয়। ছুইজাৰলেণ্ড চৰকাৰৰ তথা প্ৰশাসনৰ বিভিন্ন শিতানসমূহ উল্লেখ থকা এই সংবিধানখন আমেৰিকা, ভাৰত, চীন াদি ৰাষ্ট্ৰসমূহৰ দৰে লিখিত ৰূপত আছে। ১৮৪৮ চনৰ আগলৈকে ছুইজাৰলেণ্ড এখন মিত্ৰসংঘৰ াছিল। কেন্দ্ৰ চৰকাৰক অধিক ক্ষমতা প্ৰদানৰ উদ্দেশ্যে জনসাধাৰণৰ প্ৰবল জনমত গঢ়ি উঠাৰ ফলত ১৮৭৪ চনত সংবিধানখন পুনৰ সংশোধন কৰি জনসাধাৰণৰ আৰু কেণ্টনসমূহৰ পূৰ্ণ সমৰ্থনত একন নতুন সংবিধান লিখিত ৰূপত ৰচনা কৰা হয়।

(২) অনমনীয় সাংবিধানিক ব্যৱস্থাঃ এখন ৰাষ্ট্ৰৰ সু পৰিচালনাৰ বাবে সংবিধানখন পৰিৱৰ্তন বা সংশোধন কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়। ছুইজাৰলেণ্ডৰ সংবিধানখনৰো সংশোধনীৰ ব্যৱস্থা আছে। ছুইজাৰলেণ্ডৰ সংবিধান সংশোধনী ব্যৱস্থাত দৃঢ় বা অনমনীয় সংবিধান সংশোধনী ব্যৱস্থাক গ্ৰহণ কৰিছে। কাৰণ ইয়াৰ সংবিধান সংশোধনী ব্যৱস্থা সহজ নহয়। ইয়াত এক মিশ্ৰ সংবিধান সংশোধনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই সংবিধান সংশোধনৰ ক্ষেত্ৰত ছুইজাৰলেণ্ডত দুই প্ৰকাৰৰ পদ্ধতি পৰিলক্ষিত হয়, যেনে - (ক) সাংবিধানিক গণভোট, (খ) সাংবিধানিক গণ নিৰ্দেশ।

(৩) গণতান্ত্ৰিক ব্যৱস্থাঃ গণতান্ত্ৰিক ব্যৱস্থা ছুইজাৰলেণ্ড প্ৰশাসনৰ আন এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। সেয়ে লৰ্ড ব্ৰাইডে মন্তব্য কৰিছে যে গণতান্ত্ৰিক সংবিধানসমূহৰ ভিতৰত ছুইজাৰলেণ্ডেই প্ৰথম স্থা অধিকাৰ কৰি আছে। ছুইজাৰলেণ্ডৰ প্ৰশাসনিক ব্যৱস্থাত আইনৰ চকুত সকলো সমান। ইয়াত বিশেষ শ্ৰেণীৰ কাৰণে বিশেষ ব্যৱস্থা ৰখা হোৱা নাই। ইয়াৰ সংবিধানখন জনসাধাৰণৰ সন্মতিৰ ভিত্তিত ৰচনা কৰা হৈছে। আনকি সংবিধান সংশোদনৰ ক্ষেত্ৰতো জনসাধাৰণৰ বিশেষ ভূমিকা াছে।

(৪) যুক্তৰাষ্ট্ৰীয় আদালতঃ যুক্তৰাষ্ট্ৰীয় আদৰ্শৰ চৰকাৰ হিচাপে এই ৰাষ্ট্ৰত এখন যুক্তৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ব্যৱস্থা আছে। এই ন্যায়পালিকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ন্যায়পালিকাৰ দৰে শক্তিশালী নহয়। কাৰণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিচিনাকৈ ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় ন্যায়পালিকাই সংবিধানৰ অভিভাৱক হিচাপে কাৰ্য সম্পাদনা নকৰে। কাৰণ ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় ন্যায়পালিকাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বোচ্চ ন্যায়্যালয়ৰ দৰে ন্যায়িক সমীক্ষাৰ ক্ষমতা নাই।

(৫) বহুদলীয় ব্যৱস্থাঃ বহুদলীয় ব্যৱস্থা ছুইজাৰলেণ্ড প্ৰশাসনৰ েক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। ছুইজাৰলেণ্ডত কেইবাটাও ৰাজনৈতিক দল আছে। কিন্ত আমেৰিকা, ইংলেণ্ড আদি ৰাষ্ট্ৰৰ নিচিনাকৈ এটা দলৰ ভিত্তিত ইয়াৰ মন্ত্ৰীসভা গঠন কৰা নহয়। এটা দলৰ পৰিৱৰ্তে ইয়াৰ মন্ত্ৰীসভা বিভিন্ন দলৰ পৰা গঠন কৰা হয়। কাৰণ ইয়াৰ চৰকাৰী নীতিত দলীয় স্বাৰ্থতকৈ ৰাষ্ট্ৰীয় স্বাৰ্থৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰা হয়।

৪/ ৰাজ্যিক পৰিষদ আৰু ছিনেটৰ মাজৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে লিখা?

উত্তৰঃ তলত দুয়োখন সদনৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা হল -

(১) গঠন পদ্ধতিঃ ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় সভাৰ ৰাজ্যিক পৰিষদ াৰু আমেৰিকাৰ কংগ্ৰেছৰ ছিনেট সভা এই দুয়োখনেই জনপ্ৰিয় সদন। আমেৰিকাৰ ছিনেট সভা ১০০ জন সদস্যক লৈ গঠন কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰ গঠন কৰা প্ৰতিখন প্ৰদেশৰ পৰা সমান সংখ্যক ( ২ জনকৈ ) প্ৰতিনিধি সদস্য ছিনেট সভালৈ নিৰ্বাচিত কৰা হয়। ৰাজ্যিক পৰিষদৰ সদস্যসংখ্যক ৪৬ জন। 

(২) নিৰ্বাচনঃ আমেৰিকাৰ ছিনেট সভাৰ সদস্যসকলক আমেৰিকাৰ জনসাধাৰণে প্ৰত্যক্ষভাৱে ভোট দি নিৰ্বাচিত কৰে। কিন্ত ৰাজ্যিক পৰিষদৰ সদস্য নিৰ্বাচনৰ পদ্ধতি নিজাববীয়াকৈ নিৰ্ধাৰণ কৰি লয়।

(৩) কাৰ্যকালঃ দুয়োখন দেশৰ উচ্চ সদন দুয়োখনৰ কাৰ্যকালৰ ক্ষেত্ৰতো প্ৰভেদ দেখা যায়। একোটা কাৰ্যকালৰ বাবে নিৰ্বাচন কৰা হয়। প্ৰতি ২ বছৰৰ মূৰে মূৰে ছিনেটৰ ১/৩ অংশ সদস্যই অৱসৰ লব লাগে। আনহাতে যুক্তৰাষ্ট্ৰীয় সভাৰ ৰাজ্যিক পৰিষদৰ সদস্যসকলৰ কাৰ্যকাল কেণ্ডন বিশেষে বেলেগ বেলেগ হোৱা দেখা যায়। 

(৪) সভাপতিঃ আমেৰিকাৰ উপৰাষ্ট্ৰপতিয়ে ছিনেটত সভাপতিত্ব কৰে। ৰাষ্ট্ৰপতিৰ পদ কোনো কাৰণত শূন্য হলে সদস্যসকলে তেওঁলোকৰ মাজৰ পৰা এজন সভাপতি নিৰ্বাচন কৰি লয়। আমেৰিকাৰ উপৰাষ্ট্ৰপতিজন যিহেতু ছিনেটৰ সদস্য নহয়।গতিকে তেওঁ ছিনেটৰ বিৰ্তকত অংশ গ্ৰহণ কৰিব নোৱাৰে। ইয়াৰ বিপৰীতে ছুইছ ৰাজ্যিক পৰিষদে ইয়াৰ প্ৰতিখন অধিৱেশনৰ কাৰণে এবছৰীয়া কাৰ্যকালৰ বাবে সদস্যসকলৰ মাজৰ পৰা এজন সভাপতি আৰু এজন উপসভাপতি নিৰ্বাচন কৰি লয়।

(৫) ক্ষমতা আৰু কাৰ্যাৱলীৰ তুলনাঃ ছুইছ যুক্তৰাষ্ট্ৰীয় সভাৰ উচ্চ সদন ৰাজ্যিক পৰিষদ াৰু আমেৰিকাৰ কংগ্ৰেছৰ উচ্চ সদন ছিনেট সভাৰ ক্ষমতা আৰু কাৰ্যাৱলীসমূহ তলত দিয়া ধৰণে তুলনামূলকভাৱে আলোচনা কৰিব পাৰি -

(ক) বিধায়িনী ক্ষমতাঃ আইন প্ৰণয়নিক সংক্ৰান্ত বিষয়সমূহত যুক্তৰাষ্ট্ৰীয় সভাৰ উভয় সদন সমান ক্ষমতাসম্পন্ন। সাধাৰণ বিল বা বিধেয়ক এখন যিকোনো এখন সদনতে উত্থাপন কৰিব পাৰি আৰু উভয় সদনৰ অনুমোদনক্ৰমেহে এখন বিল গণভোটৰ অন্তত আইনত পৰিণত হব পাৰে। আমেৰিকাত যদিওবা বিধেয়ক একমাত্ৰ প্ৰতিনিধি সভাতহে উত্থাপন কৰা হয় তথাপি ছিনেট সভাই বিত্তীয় বিলখনৰ শিৰোনামাৰ বাহিৰে বাকী সকলোবিলাক সংশোধন কৰিব পাৰে। 

(খ) প্ৰশাসনিক ক্ষমতাঃ ছুইজাৰলেণ্ডৰ ৰাজ্যিক পৰিষদে যুক্তৰাষ্ট্ৰীয় পৰিষদৰ সাতজন সদস্য, পৰিষদৰ সভাপতি, উপ - সভাপতি, সেনাধ্যক্ষ, যুক্তৰাষ্ট্ৰীয় আদালতৰ ন্যায়াধীশসকলক নিৰ্বাচিত কৰে। ৰাজ্যিক পৰিষদে বৈদেশিক পৰিক্ৰমানসমূহত গ্ৰহণ কৰা বিভিন্ন চুক্তি সন্ধি আদিত অনুমোদন জনাব লাগে। বিদেশী ৰাষ্ট্ৰৰ লগত সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত ছিনেটৰ অনুমোদন আৱশ্যক। 

(গ) সংবিধান সংশোধনী ক্ষমতাঃ ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় সভাৰ উভয় সদনেই সংবিধান সংশোধনী প্ৰস্তাৱ উত্থাপন কৰিব পাৰে যদিও সংবিধান সংশোধনৰ ক্ষেত্ৰত চূড়ান্ত ক্ষমতা নাই। ছুইজাৰলেণ্ডৰ সংবিধান সংশোধনী বিষয়ক প্ৰস্তাৱ গণভোটৰ দ্বাৰাহে অনুমোদিত হয়। একেদৰে আমেৰিকাতো সংবিধান সংশোধনী প্ৰক্ৰিয়াত ছিনেট সভাৰ চূৰান্ত ক্ষমতা নাই।

(ঘ) বিচাৰ সংক্ৰান্তীয় ক্ষমতাঃ আমেৰিকাৰ ছিনেট সভা আৰু ছুইজাৰলেণ্ডৰ ৰাজ্যিক পৰিষদৰ ন্যায়িক ক্ষমতা প্ৰায় সমানেই বুলিব পাৰি। আমেৰিকাৰ ছিনেট সভাই মহাভিযোগ বিচাৰ আদালত হিচাপে কাৰ্যনিৰ্বাহ কৰিব পাৰে। একেদৰে ছুইজাৰলেণ্ডৰ ৰাজ্যিক পৰিষদে আপীল শুনানি গ্ৰহণ কৰিব পাৰে।

৫/ যুক্তৰাষ্ট্ৰীয় কাৰ্যপালিকাৰ নীতিসমূহ উল্লেখ কৰা?

উত্তৰঃ যুক্তৰাষ্ট্ৰীয় কাৰ্যপালিকাৰ নীতিসমূহ তলত উল্লেখ কৰা হল -

(১) কাৰ্যপালিকাৰ সদস্যসকলক নিৰ্ধাৰিত ৪ বছৰৰ কাৰণে নিৰ্বাচিত কৰা হয়। অৰ্থাৎ কাৰ্যকাল উকলি যোৱাৰ আগতে তেওঁলোকক পদচ্যুত কৰিব পৰা নাযায়া। কাৰ্যপালিকাৰ সদস্যসকল যুক্তৰাষ্ট্ৰীয় সভাৰ ওচৰত দায়বদ্ধ যদিও সভাই তেওঁলোকক পদচ্যুত কৰিব নোৱাৰে। সংবিধান সংশোধনৰ ক্ষেত্ৰত দুয়োখন সদনৰ মাজত মতভেদ হোৱাৰ ফলত বিধানমণ্ডল ভাঙি দিবলগা হলে, কাৰ্যকালো শেষ হয়। 

(২) পৰিষদলৈ নিৰ্বাচিত ৭ জন সদস্য়ৰ ভিতৰত এজন ফ্ৰান্স, এজন ইটালীয়ান আৰু ৫ জন জাৰ্মান ভাষিক সম্প্ৰদায়ক ব্যক্তি হব লাগে।

(৩) ভাষাৰ ভিত্তিত চাবলৈ গলে ছাইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় পৰিষদলৈ এজন ফ্ৰান্স, এজন ইটালীয়ান আৰু ৫ জন জাৰ্মান ভাষিক সম্প্ৰদায়ৰ ব্যক্তি নিৰ্বাচিত হব লাগে।

(৪) ইয়াৰ উপৰি ছুইজাৰলেণ্ডৰ প্ৰধান ৰাজনৈতিক দল চৰম, ছচিয়েলিষ্ট, কেথলিক আৰু পিজেন্ট দলৰ পৰা ২:২:২:১ অনুপাতত কাৰ্যপালিকাৰ সদস্যসকলৰ নিৰ্বাচিত কৰিব লাগে।

(৫) ছুইজাৰলেণ্ডৰ কাৰ্যপালিকা অৰ্থাৎ যুক্তৰাষ্ট্ৰীয় পৰিষদৰ সদস্যসকলৰ নিৰ্বাচনৰ ক্ষেত্ৰত ভাষিক প্ৰতিনিধিত্বৰ ওপৰতো গুৰুত্ব দিয়া হয়। ফৰাচী ভাষাৰ সংখ্যাধিক্য থকা কেণ্টন ভাউদৰ পৰা এজন সদস্যক যুক্তৰাষ্ট্ৰীয় পৰিষদলৈ নিৰ্বাচিত কৰা হয়। ইয়াৰ উপৰি ইটালীৰ ভাষা - ভাষী লোক বেছি থকা কেণ্টন টিচিনোৰ এজন সদস্য পৰিষদলৈ নিৰ্বাচন কৰা হয়।

৬/ ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় কাৰ্যপালিকাৰ সাদৃশ্য আৰু বৈসাদৃশ্যসমূহ উল্লেখ কৰা?

উত্তৰঃ ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় কাৰ্যপালিকাৰ সাদৃশ্য আৰু বৈসাদৃশ্যসমূহ তলত আলোচনা কৰা হল -

সাদৃশ্যঃ

(১) ইংলেণ্ডৰ প্ৰকৃত কাৰ্যপালিকা হল প্ৰধান মন্ত্ৰীৰ নেতৃত্বত থকা মন্ত্ৰী পৰিষদ। ইংলেণ্ডৰ ৰাণী নামমাত্ৰ কাৰ্যপালিকা আৰু ৰাষ্ট্ৰৰ মুৰব্বী। ইংলেণ্ডৰ মন্ত্ৰীসভাৰ সদস্যসকলক ইংলেণ্ডৰ বিধানমণ্ডলৰ নিৰ্বাচিত সদস্যসকলৰ মাজৰ পৰা লোৱা হয়। সংসদৰ সদস্য নোহোৱা কোনো ব্যক্তিক সন্ত্ৰীসভাৰ সদস্য হিচাপে নিয়োগ কৰিব পাৰি, কিন্ত তেনে মন্ত্ৰীয়ে কাৰ্যভাৰ গ্ৰহণ কৰা দিনৰ পৰা নিৰ্দিষ্ট সময়ৰ ভিতৰত সংসদৰ সদস্য হব লাগে, অন্যথাই এই সময় উকলি যোৱাৰ পিছত তেনে মন্ত্ৰীয়ে পদত্যাগ কৰিবলগা হয়। 

(২) ইংলেণ্ডৰ মন্ত্ৰীসভা ইয়াৰ সংসদৰ ওচৰত দায়বদ্ধ, সদনৰ সদস্যই মন্ত্ৰীসভাৰ সদস্যসকলক বিভিন্ন বিষয়ৰ প্ৰশ্ন সুধিব পাৰে আৰু প্ৰশাসন সম্পৰ্কেও তথ্য-পাতি সংগ্ৰহ কৰিব পাৰে। মন্ত্ৰীসভাৰ সদস্যসকলেও তেনে প্ৰশ্নৰ উত্তৰ দিবলৈ বাধ্য। ছুইজাৰলেণ্ডৰ কাৰ্যপালিকা যুক্তৰাষ্ট্ৰীয় পৰিষদ সেই দেশৰ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ। 

(৩) ইংলেণ্ডৰ মন্ত্ৰীসভাৰ বৈঠক নিয়মিতভাৱে অনুষ্ঠিত হয়। গোপনীয়তা ইংলেণ্ডৰ মন্ত্ৰীসভাৰ এক বিশেষ বৈশিষ্ট্য। মন্ত্ৰীসভাৰ সিদ্ধান্তসমূহ প্ৰয়োজনবোধে ভোটৰ দ্বাৰা গ্ৰহণ কৰা হয়। ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় পৰিষদৰ অধিৱেশনো ইংলেণ্ডৰ মন্ত্ৰীসভাৰ দৰে নিয়মিতভাৱে অনুষ্ঠিত হয়। অধিৱেশনত হোৱা আলোচনাৰ গোপনীয়তা ৰক্ষা কৰা হয় আৰু দৰকাৰ হলে কোনো সিদ্ধান্ত সংখ্যাধিক্য ভোটৰ দ্বাৰা গ্ৰহণ কৰা হয়।

(৪) ইংলেণ্ডৰ মন্ত্ৰীসভাৰ ভিন ভিন সদস্যসকলে ভিন ভিন দপ্তৰৰ দায়িত্ব বহন কৰে। কেতিয়াবা আকৌ এজন মন্ত্ৰীয়ে দুটা নাইবা ততোধিক দপ্তৰৰ দায়িত্ব বহন কৰিবলগীয়া হয়। ঠিক তেনেদৰে ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় পৰিষদৰ সদস্যসকলেও একোটা বিভাগৰ দায়িত্ব বহন কৰে।

(৫) ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় বিধানমণ্ডলে গ্ৰহণ কৰা আইনসমূহ যুক্তৰাষ্ট্ৰীয় পৰিষদে কাৰ্যকৰী কৰিব লাগে। ইংলেণ্ডৰ মন্ত্ৰীসকলেও ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় পৰিষদৰ সদস্যসকলৰ দৰে বিধানমণ্ডে গ্ৰহণ কৰা আইনসমূহ কাৰ্যকৰী কৰিব লাগে।

বৈসাদৃশ্যঃ

(১) ইংলেণ্ডৰ মন্ত্ৰীসভাৰ সদস্যসকল বিধানমণ্ডলৰ সদস্য হোৱাটো বাধ্যতামূলক। মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত তেওঁলোকে কিন্ত বিধানমণ্ডলৰ সদস্য পদ ত্যাগ কৰিব নালাগে। ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় পৰিষদৰ সদস্যসকলক সেই হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ হলে তেওঁলোকে সদনৰ সদস্যপদ ত্যাগ কৰিব লাগে।

২/ ইংলেণ্ডৰ প্ৰধান মন্ত্ৰীয়ে মন্ত্ৰীসভাৰ নেতৃত্ব বহন কৰে। প্ৰধান মন্ত্ৰীৰ পৰামৰ্শ অনুযায়ী ৰাণীয়ে অন্যান্য মন্ত্ৰীসকলক নিযুক্তি দিয়ে। প্ৰধান মন্ত্ৰীক ব্ৰিটিছ মন্ত্ৰীসভাৰ ঘাইখুঁটা াখ্যা দিয়া হয়। তেওঁৰ ওপৰতে মন্ত্ৰীসভাৰ জীৱন আৰু মৰণ নিৰ্ভৰ কৰে। তেওঁ মন্ত্ৰীসভাৰ সাল - সলনি কৰিব পাৰে। মন্ত্ৰীসভাৰ পৰা কোনো সদস্যক তেওঁ বাদ দিব পাৰে। 

(৩) ব্ৰিটিছ মন্ত্ৰীসভাৰ সদস্যসকল সংসদৰো সদস্য। তেওঁলোকে সংসদৰ দুয়োখন সদনতে উপস্থিত থাকি ভাষণ দিব পাৰে। কোনো বিষয়ত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত মতামত দিবলৈ হলে তেওঁলোকে ভাটদান কৰিব পাৰে। কিন্ত ছুইজাৰলেণ্ডৰ পৰিষদৰ সদস্যসকলে কাৰ্যভাৰ গ্ৰহণ কৰাৰ আগতে সদনৰ সদস্যপদ ত্যাগ কৰিব লাগে। 

(৪) ইংলেণ্ডৰ মন্ত্ৰীসভা দলীয় ভিত্তিত গঠন কৰা হয়। কমন্স সভাত যিটো দলে একক সংখ্যাগৰিষ্ঠ আসন লাভ কৰে সেই দলেই মন্ত্ৰীসভা গঠন কৰে। মন্ত্ৰীসভাৰ সদস্যসকলক প্ৰধান মন্ত্ৰীৰ দলৰ সদস্যসকলৰ মাজত পৰা লোৱা হয়। অৱশ্যে যুদ্ধ আদিৰ নিচিনা সংকট উপস্থিত হলে বিভিন্ন দলৰ সদস্যৰে যুদ্ধ  মন্ত্ৰীসভা গঠন কৰিব পাৰে।

(৫) বৃটিছ মন্ত্ৰীসভাই সদনত অনাস্থা প্ৰস্তাৱত পৰাজয় বৰণ কৰিলে পদত্যাগ কৰিব লাগে। অৰ্থাৎ কমন্স সভাত পৰাজয় বৰণ কৰা মন্ত্ৰীসভাই ক্ষমতাত থকাৰ অধিকাৰ হেৰুৱায়। কিন্ত ছুইজাৰলেণ্ডৰ মন্ত্ৰীসভাই সদনত পৰাজয় বৰণ কৰিলেও পদত্যাগ কৰিব নালাগে। তেওঁলোকে নিৰ্দিষ্টি সময়লৈকে ক্ষমতাত থাকিব পাৰে।

৭/ ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় পৰিষদৰ লগত আমেৰিকাৰ কেবিনেটৰ সাদৃশ্য আৰু বৈসাদৃশ্যসমূহ লিখা?

উত্তৰঃ ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় পৰিষদৰ লগত আমেৰিকাৰ কেবিনেটৰ সাদৃশ্য আৰু বৈসাদৃশ্যসমূহ তলত উল্লেখ কৰা হল -

সাদৃশ্যঃ

(ক) আমেৰিকাত ৰাষ্ট্ৰপতিৰ নেতৃত্বত পৰিচালিত কেবিনেট হল আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাৰ্যপালিকা। আনহাতে ছুইজাৰলেণ্ডৰ ৭ জন ব্যক্তিৰে গঠিত যুক্তৰাষ্ট্ৰীয় পৰিষদ হল সেই দেশৰ কাৰ্যপালি।

(খ) আমেৰিকাত ৰাষ্ট্ৰপতিৰ নেতৃত্বত পৰিচালিত কেবিনেটে বিধানমণ্ডলে গ্ৰহণ কৰা আইনসমূহ কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তদুপৰি কেবিনেটে আভ্যন্তৰীণ শান্তি - শৃংখলা ৰক্ষাৰ দায়িত্ব পালন কৰিব লাগে। দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষাৰ ব্যৱস্থা কৰিব লাগে। আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে নিজে কেন্দ্ৰীয় চৰকাৰৰ উচ্চ পদস্থ চাকৰিয়ালসকলক নিয়োগ কৰিব লাগে। 

(গ) আমেৰিকাৰ ৰাষ্ট্ৰপতি আমেৰিকাৰ কেবিনেটৰ সভাপতি। তেওঁ কেবিনেটৰ বৈঠকত সভাপতিত্ব কৰে। ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতিও তেনেদৰে যুক্তৰাষ্ট্ৰীয় পৰিষদৰ সভাপতি, তেওঁ পৰিষদৰ বৈঠকত সভাপতিত্ব কৰে।

(ঘ) আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু তেওঁৰ কেবিনেটৰ সদস্যসকল আমেৰিকাৰ কংগ্ৰেছৰ সদস্য নহয়। কংগ্ৰেছৰ কোনো সদস্যক কেবিনেটৰ সদস্য হিচাপে নিয়োগ কৰিলে, তেনে সদস্যই কাৰ্যভাৰ গ্ৰহণ কৰাৰ আগতে সদনৰ সদস্যপদ ত্যাগ কৰিব লাগে। 

(ঙ) আমেৰিকাত সংসদীয় চৰকাৰৰ ব্যৱস্থা নাই। সেয়ে তাত প্ৰধান মন্ত্ৰীৰো ব্যৱস্থা নাই, তেনেকৈ ছুইজাৰলেণ্ডতো প্ৰধান মন্ত্ৰীৰ ব্যৱস্থা নাই।

বৈসাদৃশ্যঃ 

(ক) আমেৰিকাৰ কেবিনেটৰ সদস্যসকলক সেই দেশৰ ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। অৱশ্যে আমেৰিকাৰ উচ্চ সদন ছিনেটে সেই নিয়োগৰ অনুমোদন জনাব লাগিব। আনহাতে ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় পৰিষদৰ সদস্যসকল ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰিব নোৱাৰে। সেই দেশৰ যুক্তৰাষ্ট্ৰীয় বিধানমণ্ডসমূহে যুক্তৰাষ্ট্ৰীয় পৰিষদৰ সদস্যসকলৰ নিৰ্বাচিত কৰে।

(খ) আমেৰিকা যুক্তৰাষ্ট্ৰত ৰাষ্ট্ৰপতিয়ে নিজ দলৰ সদস্যসকলক কেবিনেটৰ সদস্য হিচাপে নিযুক্তি দিয়ে। সাধাৰণতে দলীয় ভিত্তিত আমেৰিকাৰ কেবিনেট গঠন কৰা হয়। অৱশ্যে দলৰ বাহিৰৰ লোকক কেবিনেটৰ সদস্য হিচাপে নিয়োগ কৰাত বাধা নাই। কিন্ত ছুইজাৰলেণ্ডৰ দলীয় ভিত্তিত যুক্তৰাষ্ট্ৰীয় পৰিষদ গঠন কৰা নহয়। পৰিষদত থকা ৭ জন সদস্য বিভিন্ন দলৰ হোৱা দেখা যায়।

(গ) আমেৰিকাৰ কেবিনেটৰ সদস্যসকল ৰাষ্ট্ৰপতিয়ে ওচৰত দায়বদ্ধ, ৰাষ্ট্ৰপতিয়ে ইচ্ছা কৰিলে কেবিনেটৰ কোনো সদস্যক দায়িত্বৰপৰা অব্যাহতি দিব পাৰে। কিন্ত ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় পৰিষদৰ সদস্যসকল সেই দেশৰ যুক্তৰাষ্ট্ৰীয় বিধানমণ্ডলৰ দুয়োখন সদনৰ ওচৰতে দায়বদ্ধ। এই সদস্যসকল ছুইচ ৰাষ্ট্ৰপতিৰ ওচৰত দায়বদ্ধ নহয়।

(ঘ) আমেৰিকা যুক্তৰাষ্ট্ৰত ক্ষমতাৰ পৃথকীকৰণ নীতিৰ প্ৰচলন আছে। সেই দেশৰ কেবিনেটৰ সদস্যসকল আমেৰিকাৰ যুক্তৰাষ্ট্ৰীয় বিধানমণ্ডল কংগ্ৰেছৰ সদস্য় নহয়, তেওঁলোক কংগ্ৰেছৰ অধিৱেশনত অংশগ্ৰহণ নকৰে, আৰু কংগ্ৰেছত কোনো বিধেয়ক উত্থাপন কৰিব নোৱাৰে। কিন্ত ছুইজাৰলেণ্ডৰ ক্ষমতাৰ পৃথকীকৰণ নীতিৰ প্ৰচলন নাই।

(ঙ) আমেৰিকাত ৰাষ্ট্ৰপতি আৰু কেবিনেটৰ সদস্যসকল সমপৰ্যায়ৰ নহয়। কেবিনেটৰ সদস্যসকল ৰাষ্ট্ৰপতিৰ তলতীয়া কৰ্মচাৰীৰ দৰে। আনহাতে ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি আৰু পৰিষদৰ বাকী ৬ জন সদস্য সমপৰ্যায়ৰ আৰু সম ক্ষমতাসম্পন্ন। ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতিজন সমানৰ মাজত এজন। আমেৰিকাৰ ৰাষ্ট্ৰপতিজন কিন্ত কেবিনেটৰ আটাইতকৈ ক্ষমতাসম্পন্ন আৰু ৰাষ্ট্ৰৰ ভিতৰতে উচ্চ মৰ্যাদাসম্পন্ন ব্যক্তি।

৮/ ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় ন্যায়পালিকাৰ ক্ষমতা আৰু কাৰ্যাৱলী বিষয়ে লিখা?

উত্তৰঃ ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় ন্যায়পালিকাৰ ক্ষমতা আৰু কাৰ্যাৱলী দুটা ভাগত ভাগ কৰিব পাৰি - (১) মৌলিক ক্ষমতা আৰু (২) আপীল ক্ষমতা।

    ১/ মৌলিক ক্ষমতাঃ যুক্তৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মৌলিক ক্ষমতাক চাৰিভাগত ভাগ কৰা হৈছে - দেৱানী, ফৌছদাৰী, প্ৰশাসনীয় আৰু সাংবিধানিক। এই চাৰিটা বিষয়ৰ কিছুমান বিবাদৰ বিচাৰ এই আদালতত প্ৰথমে কৰিব পাৰি।

    সংবিধানৰ ১১০ নং অনুচ্ছেদ অনুসৰি তলৰ বিষয়কেইটাত যুক্তৰাষ্ট্ৰীয় ন্যায়ালয়ে দেৱানী গোচৰ বিচাৰ কৰিব পাৰে - (১) কেন্দ্ৰীয় চৰকাৰ আৰু কেণ্টনৰ চৰকাৰৰ মাজত হোৱা দেৱানী গোচৰৰ বিচাৰ। (২) বিভিন্ন কেণ্টনৰ মাজত হোৱা দেৱানী মোকৰ্দমাৰ বিচাৰ। (৩) কোনো ব্যক্তি বা কেন্দ্ৰীয় চৰকাৰৰ মাজৰ দেৱানী বিবাদৰ বিচাৰ। (৪) কোনো নিগম আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজৰ দেৱানী মোকৰ্দমাৰ বিচাৰ, এনে বিবাদৰ বিচাৰ কৰাৰ ক্ষেত্ৰত আঠ হাজাৰ ফ্ৰাংক বা ততোধিক মূল্যৰ দেৱানী গোচৰৰ বিবাদ হোৱাটো আৱশ্যক। (৫) কোনো ব্যক্তি নাইবা নিগম আৰু কেণ্টন চৰকাৰৰ মাজত সৃষ্টি হোৱা বিবাদৰ বিচাৰ। সেয়ে উল্লেখিত বিষয়সমূহৰ উপৰি ব্যৱসায় - বাণিজ্য সম্পৰ্কীয় আইনৰ বিষয়ত সৃষ্টি হোৱা বিবাদ, স্থাৱৰ সম্পত্তি সংক্ৰান্ত বিবাদ কিছুমানৰ বিচাৰ কৰাৰ দায়িত্ব যুক্তৰাষ্ট্ৰীয় আদালতৰ ওপৰত ন্যস্ত কৰিছে।

    ২/ ফৌজদাৰী গোচৰঃ এই ন্যায়ালয়ে বিভিন্ন প্ৰকাৰৰ ফৌজদাৰী গোচৰৰ মীমাংসা কৰে, সেইবোৰ হৈছে - (১) ৰাষ্ট্ৰ আৰু বিভিন্ন কৰ্তৃপক্ষৰ বিৰুদ্ধে বিদ্ৰোহ, (২) আন্তৰ্জীতিক আইন ভংগৰ অভিযোগ, (৩) চৰকাৰী চৰ্মচাৰীৰ বিৰুদ্ধে উত্থাপিত গোচৰ, (৪) ভোট প্ৰদান কালত দুৰ্নীতিৰ অভিযোগ, (৫) গুৰুত্বপূৰ্ণ ৰাজনৈতিক অপৰাধৰ বিচাৰ যিবোৰে শান্তি বিনষ্ট কৰে। বিচাৰসমূহত যুক্তৰাষ্ট্ৰীয় ন্যায়ালয়ে মৌলিক ক্ষমতা প্ৰয়োগ কৰিব পাৰে। সাধাৰণতে ফৌজদাৰী গোচৰৰ বিচাৰ কাৰ্য জুৰী বা ন্যায় নিৰ্ণায়কৰ সহায়ত সম্পাদন কৰা হয়।

    ৩/ প্ৰশাসনীয় গোচৰঃ যুক্তৰাষ্ট্ৰীয় ন্যায়পালিকাক প্ৰশাসনীয় গোচৰ বিচাৰৰ মৌলিক ক্ষমতা সংবিধানে প্ৰদান কৰিছে। সেইবোৰ তলত উল্লেখ কৰা হল - (১) চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ বিচাৰ, (২) ৰেল কৰ্তৃপক্ষৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ বিচাৰ, (৩) ৰাজহ তথা কৰ ধাৰ্য সম্পৰ্কে সূচনা হোৱা প্ৰশাসনীয় বিৰোধ আদি। 

    ৪/ সাংবিধানিক গোচৰঃ যুক্তৰাষ্ট্ৰীয় ন্যায়ালয়ে সাংবিধানিক গোচৰৰ বিচাৰৰ ক্ষমতাও উপভোগ কৰে। সেইবোৰ হৈছে - (১) যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ লগত কেণ্ডন কৰ্তৃপক্ষৰ অধিকাৰ ক্ষেত্ৰক লৈ বিৰোধ, (২) নাগৰিকৰ সাংবিধানিক অধিকাৰ ভংগৰ গোচৰ, (৩) কেণ্টনসমূহৰ মাজত চৰকাৰী আইন লৈ বিৰোধ, (৪) আন্তঃৰাষ্ট্ৰীয় চুক্তিভংগ সম্পৰ্কে নাগৰিকে কৰা আপীলৰ বিচাৰ আদি।

    ৫/ আপীল বিচাৰৰ ক্ষমতাঃ ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় ন্যায়ালয়ে আপীলৰ শুনানি ক্ষমতা উপভোগ কৰে। কেণ্টন ন্যায়ালয়সমূহৰ পৰা অহা সকলো দেৱানি আৰু ফৌজদাৰী গোচৰ ইয়াৰ আপীল অধিকাৰ ক্ষেত্ৰৰ অন্তৰ্ভুক্ত। এনে আপীল বিচাৰ কৰি এই ন্যায়ালয়ে দিয়া সিদ্ধান্ত চূড়ান্ত আৰু বৈধ বুলি ধৰি লোৱা হয়। যুক্তৰাষ্ট্ৰীয় ন্যায়ালয়ে কামৰ বোজা কমাবলৈ কম গুৰুত্বপূৰ্ণ গোচৰসমূহ বিচাৰৰ চূড়ান্ত ক্ষমতা কেণ্টন ন্যায়ালয়সমূহৰ ওপৰতে ন্যস্ত।

৯/ আমেৰিকাৰ উচ্চতম ন্যায়ালয় আৰু ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় ন্যায়াপালিকা মাজৰ পাৰ্থক্যসমূহ উল্লেখ কৰা?

উত্তৰঃ আমেৰিকাৰ উচ্চতম ন্যায়ালয় আৰু ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় ন্যায়াপালিকা মাজৰ পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হল -

১/ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ ৩ নং অনুচ্ছেদ অনুযায়ী যুক্তৰাষ্ট্ৰৰ বিচাৰ কাৰ্য এখন সৰ্বোচ্চ ন্যায়ালয় আৰু কিছুমান নিম্ন যুক্তৰাষ্ট্ৰীয় আদালতৰ দ্বাৰা পৰিচালিত হয়। ইয়াৰ অধীনত আন যুক্তৰাষ্ট্ৰীয় আদালতৰ ব্যৱস্থা নাই। ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় ন্যায়ালয়ৰ সিদ্ধান্তসমূহ যুক্তৰাষ্ট্ৰীয় কাৰ্যপালিকাৰ জৰিয়তে কাৰ্যকৰী কৰা হয়।

২/ আমেৰিকা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় ন্যায়পালিকাৰ ন্যায়াধীশতকৈ সংখ্যাত কম। আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ যুক্তৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা ৯ জন। আনহাতে, ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ন্যায়াধীশৰ ব্যৱস্থা আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ন্যায়পালিকাৰ বিকল্প ন্যায়াধীশৰ ব্যৱস্থা নাই।

৩/ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ন্যায়পালিকাৰ বিচাৰ ব্যৱস্থাত সাধাৰণ বিচাৰ আৰু প্ৰশাসনীয় বিচাৰৰ মাজত কোনো প্ৰভেদ ৰখা হোৱা নাই। ামেৰিকাৰ উচ্চতম ন্যায়ালয়ে প্ৰশাসনীয় াদালত হিচাপে কাৰ্যনিৰ্বাহ নকৰে। ইয়াত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ সাধাৰণ আইন অনুসৰি সাধাৰণ আদালতত বিচাৰ কৰাৰ ব্যৱস্থা আছে। আনহাতে, ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় ন্যায়ালয়ৰ প্ৰশাসনীয় আদালতৰ সুকীয়া ব্যৱস্থা আছে।

(৪) ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ন্যায়াধীশসকলক জাৰ্মানী, ইটালী বা ফৰাচী ভাষা কোৱা ব্যক্তিৰ মাজৰ পৰা নিয়োগ কৰাৰ ব্যৱস্থা আছে। অৰ্থাৎ ছুইজাৰলেণ্ডৰ ন্যায়াধীশসকলক ভাষাৰ ভিত্তিত নিয়োগ কৰাৰ ব্যৱস্থা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ন্যায়পালিকাত দেখা পোৱা নাযায়।

(৫) আমেৰিকা যুক্তৰাষ্ট্ৰৰ ন্যায় বিভাগ চৰকাৰৰ বাকী দুটা দুটা বিভাগ, যেনে - কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ সৈতে সমান ক্ষমতা আৰু মৰ্যাদা ভোগ কৰে। সেয়েহে সৰ্বোচ্চ ন্যায়ালয়ে কংগ্ৰেছ আৰু ৰাষ্ট্ৰপতিৰ নিয়ন্ত্ৰণৰ পৰা মুক্তহৈ নিৰপেক্ষ আৰু স্বাধীনভাৱে বিচাৰ কাৰ্য সম্পন্ন কৰিব পাৰে। কোনো ক্ষেত্ৰতে ন্যায়ালয়ে সেইবোৰৰ দ্বাৰা প্ৰভাৱান্বিত হব নালাগে।

১০/ ছুইজাৰলেণ্ডৰ প্ৰত্যক্ষ গণতন্ত্ৰৰ বিষয়ে লিখা?

উত্তৰঃ পৰোক্ষ গণতন্ত্ৰৰ এক পৰিকাঠামোড়ৰ ভিতৰতেই ছুইজাৰলেণ্ডৰ জনসাধাৰণে কেতবোৰ পৰম্পৰাগত আৰু আধুনিক আহিলাৰ জৰিয়তে আইন প্ৰণয়ন প্ৰক্ৰিয়াত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰে। এই আহিলাসমূহ হৈছে ক্ৰমে - (১) নগৰ সদন, (২) গণভোট, (৩) গণ প্ৰস্তাৱ আৰু (৪) পুনৰাহ্বান।

    ছুইজাৰলেণ্ডৰ সংবিধানে গণভোট আৰু গণপ্ৰস্তাৱৰ ক্ষেত্ৰতহে প্ৰবন্ধাৱলী সন্নিৱিষ্ট কৰিছে। ছুইছ সংবিধানত নগৰ সদনৰ বিষয়ে একো উল্লেখ নাই। কাৰণ এই ব্যৱস্থা ছুইজাৰলেণ্ডৰ কেইখনমান কেন্টনতহে কাৰ্যক্ষম হৈ আছে।

    (১) নগৰ সদনঃ ই হৈছে ছুইজাৰলেণ্ডৰ প্ৰত্যক্ষ গণতন্ত্ৰৰ সবাতোকৈ পুৰণি আৰু পবিত্ৰ আহিলা। Robert C. Brooks ৰ ভাষাত Landsgemeinde is '' the most picturesque and fascinating of all the political institutions of switzerland and perhaps in the World''।

    ''Landsgemeinde'ৰ অৰ্থ নগৰ সদন। Landsgemeindeৰ প্ৰচলন থকা কেন্টনৰ সকলো প্ৰাপ্তবয়স্ক নাগৰিকৰ নগৰ সদনত উপস্থিত থাকে। প্ৰতিজন প্ৰাপ্তবয়স্ক নাগৰিকৰে সদনৰ আলোচনাত অংশগ্ৰহণ কৰাৰ অধিকাৰ থাকে। ইয়াৰ বৈঠকত সভাপতিত্ব কৰিবলৈ প্ৰতিবছৰে একোজনকৈ অধ্যক্ষক নিৰ্বাচন কৰি লোৱা হয় আৰু অধ্যক্ষজনক 'Landsaman' বুলি অভিহিত কৰা হয়। বিভিন্ন সময়ত অনুষ্ঠিত হোৱা বিতৰ্কৰ অন্তত সদনে প্ৰস্তাৱ গৃহীত কৰে। আইন প্ৰণয়ন কৰি বিত্ত আৰু ৰাজহুৱা কাৰ্য সম্বন্ধীয় বিষয়বিলাকৰ নিষ্পত্তি কৰে। 

    (২) গণভোটঃ ছুইজাৰলেণ্ডৰ সংবিধানৰ ১৪০, ১৪১ আৰু ১৪২ নং অনুচ্ছেদে যুক্তৰাষ্ট্ৰীয় পৰ্যায়ত কাৰ্যকৰী হৈ থকা 'গণভোট' আহিলাবিধক সংজ্ঞা আগবঢ়াইছে। গণভোট হৈছে প্ৰত্যক্ষ গণতন্ত্ৰৰ জনপ্ৰিয় াধুনিক আহিলাসমূহৰ ভিতৰত অন্যতম। এই বিষয়ে আৰ. চি. ব্ৰুকচে লিখিছে। আৰ চি. ব্ৰুকচ (R.C.Brooks)ৰ ভাষাত - বিধানমণ্ডলে গ্ৰহণ কৰা কোনো আইনৰ ওপৰত গণভোট প্ৰক্ৰিয়াৰে নিৰ্বাচকমণ্ডলী বা জনসাধাৰণে বাধা দান কৰিব পৰা নতুবা প্ৰয়োজনীয় সংশোধনী আনিব পৰা ই এক অভিনৱ কৌশল। Zurcherৰ ভাষাত, গণভোট হৈছে ''অপৰিহাৰ্যভাৱে এক আহিলা যি প্ৰতিনিধিত্বমূলক কাম কাজত জনগণক অনুমোদন জনোৱা বা ভেটো প্ৰদানৰ অনুজ্ঞা প্ৰদান কৰে''।

    (৩) গণ প্ৰস্তাৱঃ ছুইজাৰলেণ্ডত ১৯৮২ চনৰ পৰাই প্ৰত্যক্ষ গণতন্ত্ৰৰ এক অধিক কাৰ্যকৰী াৰু ইতিবাচক আঁহিলা হিচাপে গণ প্ৰস্তাৱ গণ উদ্যোগ ব্যৱস্থা কাৰ্যকৰী হৈ আহিছে। ই এক ইতিবাচক আহিলা কাৰণ ইয়াৰ জৰিয়তে জনগণে বিচৰা ধৰণে আইন আৰু সংবিধান সংশোধনী গৃহীত কৰাই লব পাৰে। কাৰণ, ইয়াৰ বলৱৎ কৰণ গণভোটৰ সৈতে জড়িত। ই জনগণৰ সাৰ্বভৌম আইন প্ৰময়নিক ক্ষমতাক প্ৰদৰ্শিত কৰে।

১১/ গণ প্ৰস্তাৱ কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ গণপ্ৰস্তাৱ ২ প্ৰকাৰৰ - (১) অনিৰ্ধাৰিত গণ প্ৰস্তাৱ আৰু (২) নিৰ্ধাৰিত গণ প্ৰস্তাৱ।

    (১) অনিৰ্ধাৰিত গণ প্ৰস্তাৱঃ যদিহে ১০০,০০০ ছুইজ ভোটাৰে সংবিধান সংশোধনীৰ বাবে এক সাধাৰণ অনিৰ্ধাৰিত দাবী উত্থাপন কৰে, তেন্তে উক্ত দাবীটো যুক্তৰাষ্ট্ৰীয় সভাই বিচাৰ - বিবেচনা কৰে। (ক) যদিহে যুক্তৰাষ্ট্ৰীয় আইনসভা উক্ত দাবীৰ সৈতে সহমত হয় তেন্তে এক নিৰ্দ্দিষ্ট বিধেয়কৰ ৰূপত উক্ত দাবীটো আইন সভাত গৃহীত কৰি গণভোটৰ বাবে প্ৰেৰণ কৰা হয়। যদিহে সংখ্যাগৰিষ্ট জনগণ আৰু কেন্টনে উক্ত বিধেয়কত অনুমোদন জনায় তেন্তে উক্ত সংশোধনী প্ৰস্তাৱ সংবিধানত সংষোজন ঘটোৱা হয়, অন্যথাই প্ৰস্তাৱটো বাতিল কৰা হয়। (খ) যদিহে যুক্তৰাষ্ট্ৰীয় সভা উক্ত দাবীৰ সৈতে সহমত নহয়, তেন্তে দাবীটো গণভোটৰ বাবে দাখিল কৰে। 

    (২) নিৰ্দ্ধাৰিত গণ প্ৰস্তাৱঃ যদিহে ১০০,০০০ চুইছ ভোটাৰে এক নিৰ্দিষ্ট বিধেয়কৰ ৰূপত সংবিধান সংশোধনী বিষয়ক এক প্ৰস্তাৱ দাখিল কৰে, তেন্তে সেই প্ৰস্তাৱটো পোনপটীয়াকৈ গণভোটৰ বাবে প্ৰেৰণ কৰা হয়। যদিহে প্ৰস্তাৱটো সংখ্যাগৰিষ্ঠ ভোটাৰ আৰু কেন্টনৰ দ্বাৰা সমৰ্থিত আৰু অনুমোদিত হয় তেন্তে ই সংবিধানৰ এক অপৰিহাৰ্য অংশ হৈ পৰে, ইয়াৰ অন্যথা প্ৰস্তাৱটো বাতিল কৰা বুলি গণ্য কৰা হয়।

    গণপ্ৰস্তাৱ কেৱল সংবিধান সংশোধনীৰ ক্ষেত্ৰতহে সীমাবদ্ধ সাধাৰণ আইন প্ৰণয়নৰ ক্ষেত্ৰত গণ প্ৰস্তাৱৰ অনুমতি প্ৰদান কৰা নহয়। অৱশ্যে, ছুইজাৰলেণ্ডত সাংবিধানিক সংশোধনী আৰু সাধাৰণ আিনৰ মাজত স্পষ্ট বিভাজন পৰিলক্ষিত নহয় কিয়নো কেতবোৰ সাধাৰণ বিষয়ো (যেনে - মীনপালন) ছুইজ সংবিধানত সন্নিৱিষ্ট কৰা হৈছে। ফলস্বৰূপে, সাধাৰণ আইন প্ৰণয়নৰ বেলিকাও চুইছ নাগৰিকসকলে গণ প্ৰস্তাৱৰ ব্যৱহাৰ কৰাটো সহজসাধ্য হৈ পৰে।

১২/ গণভোট আৰু গণপ্ৰস্তাৱৰ কাৰ্যকাৰিতাৰ বিষয়ে লিখা?

উত্তৰঃ ছুইজাৰলেণ্ডত গণভোট আৰু গণ প্ৰস্তাৱ উভয়কে সঘনাই ব্যৱহাৰ কৰা হয়। কেতবোৰ তথ্যৰ পৰা এই কথা অতিকৈ স্পষ্ট হৈ পৰে। ১৮৪৮ চনৰ পৰা ১৯৪৮ চনলৈকে এই প্ৰথম ১০০ বছৰত ছুইজ যুক্তৰাষ্ট্ৰত ছুইজ ভোটাৰসকলে ৯৬ বাৰ সাংবিধানিক গণভোটৰ ব্যৱহাৰ কৰিছিল. প্ৰথম ৫০ টা বঠৰ তেওঁলোকে ২৯ টা ক্ষেত্ৰতআৰু দ্বিতীয় ৫০ টা বৰ্যত ৬৯ টা ক্ষেত্ৰত সাংবিধানিক গণভোট ব্যৱস্থা অনুসৰণ কৰিছিল। ১৮৭৪-১৯৪৮ চনৰ সময়ছোৱাত প্ৰায় ৪৫ টা সাংবিধানিক সংশোধনৰ জনগণৰ ওচৰত দাখিল কৰা হৈছিল। 

    সাংবিধানিক গণ - প্ৰস্তাৱৰ সূচনা কৰা হৈছিল ১৯৮২ চনত। ১৯৮২-১৯৪৮ চনৰ সময়ছোৱাত সাংবিধানিক গণ প্ৰস্তাৱৰ জৰিয়তে ৩৭ টা সংবিধান সংশোধনী প্ৰস্তাৱ উত্থাপিত হৈছিল. ইয়াৰে ৩১ টা প্ৰস্তাৱক গণভোটত নাকট কৰা হৈছিল। ১৯৯৯ চনৰ ১৮ এপ্ৰিল চাৰিখে ছুইজ জনগণ আৰু কেন্টনসমূহে সম্পূৰ্ণৰূপে সংশোধিত ৰূপত নতুন সংবিধানখনৰ প্বৰতি ৫৯% ভোটাৰৰ সমৰ্বথনেৰে অনুমোদন জনাইছে। ২০০০ চনৰ ১ জানুৱাৰী তাৰিখৰ পৰা ছইজাৰলেণ্ডৰ নতুন সংবিধানখন বলৱৎ কৰা হয়।

    ভোটদানৰ সমীক্ষা বিচাৰ বিশ্লেষণ কৰি চালে গণভোট আৰু গণ-প্ৰস্তাৱ এই আহিলা দুবিধ অধিক জনপ্ৰিয় নহয় যেন বোধ হয়। ১৮৪৭-১৯১৯ চনৰ সময়ছোৱাত গণভোটত ভোটদানৰ হাৰ সৰ্বনিম্ন ৩০% আৰু ৭৫% আছিল। গড়ে ৫৫% ভোটাৰে এইবিলাকত অংশ গ্ৰহণ কৰিছিল। এই তথ্যসমূহ বিশ্লেষণ কৰি লৱেল (Lowell)এ যুক্তি দৰ্শাইছে যে গণভোট স্পষ্টৰূপত জনমতক প্ৰতিফলিত নকৰে। ৯৬ টা সাংবিধানিক সংশোধনী প্ৰস্তাৱৰ ভিতৰত ৫৯ টা প্ৰস্তাৱ যুক্তৰাষ্ট্ৰীয় আইনসভাই উত্থাপন কৰাৰ বিপৰীতে জনগণে ৩৭ টা প্ৰস্তাৱ আগবঢ়াইছিল। মুঠ ৫৯ টা প্ৰস্তাৱৰ ভিতৰত ১৭ টা প্ৰস্তাৱ জনগণে গণভোট (১৯০৩২-১৯৪৮ এই  সময়ছোৱাৰ ভিতৰত)ত নাকচ কৰিছিল. আইনসভাৰ তৰফৰ পৰা গণভোটৰ বাবে ১৫ টা প্ৰস্তাৱ জনগণলৈ প্ৰেৰণ কৰা হৈছিল আৰু ২ টা নাকচ কৰা হৈছিল। ১৮৯১-১৯৪৮ চনৰ সময়ছোৱাত সাংবিধানিক গণ - প্ৰস্তাৱৰ ৩৭ টা প্ৰস্তাৱৰ ভিতৰত ৩০ টা প্ৰস্তাৱক গণভোটত নাকচ কৰা হৈছিল।

    ছুইজাৰলেণ্ড গণভোট আৰু গণ-প্ৰস্তাৱৰ কাৰ্যকাৰিতাৰ ইতিহাস ভালদৰে বিশ্লেষণ কৰি চালে এইটো প্ৰতীয়মান হয় যে বাধ্যতামূলক সাংবিধানিক গণভোট গণ-প্ৰস্তাৱৰ তুলনাত অধিক জনপ্ৰিয়। যুক্তৰাষ্ট্ৰীয় আইনসভাৰ দ্বাৰা উত্থাপিত সংশোধনীসমূহ ছুইজ জনগণে সততে গ্ৰহণ কৰা পৰিলক্ষিত হয়। এই ক্ষেত্ৰত অধ্যাপক কে. চি হোৱেৰ মন্তব্য বিশেষভাৱে প্ৰণিধানযোগ্য। তেওঁৰ মতে, ''If the Swiss Constitution is Rigid, the Swiss people are flexible''।

১৩/ ছুইজাৰলেণ্ডৰ ৰাজনৈতিক দলীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা?

উত্তৰঃ ছুইজাৰলেণ্ডৰ ৰাজনৈতিক দলীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হল -

(১) বহুদলীয় ব্যৱস্থাঃ ছুইজাৰলেণ্ডৰ ৰাজনৈতিক ব্যৱস্থাত বহুদলীয় ব্যৱস্থা বিৰাজমান। বিভিন্ন আদৰ্শৰে বিভিন্ন সময়ত বহুতো ৰাজনৈতিক দল জন্ম হৈছিল। অৱশ্যে এই দলসমূহ বেছি ভাগেই সুসংঘবদ্ধ নহয়।

(২) সংবিধান বহিৰ্ভূত চৰিত্ৰঃ ইংলেণ্ড, আমেৰিকা আৰু অন্যান্য গণতান্ত্ৰিৰ ৰাষ্ট্ৰবিলাকৰ দলীয় ব্যৱস্থাবিলাকৰ নিচিনাকৈ ছুইজাৰলেণ্ডৰ ৰাজনৈতিক দলীয় ব্যৱস্থাৰ এক সংবিধান বহিৰ্ভূত চৰিত্ৰ পৰিস্ফুট হয়। অৰ্থাৎ ছুইজাৰলেণ্ডৰ দলীয় ব্যৱস্থা সংবিধানৰ দ্বাৰা আনুষ্ঠানিকভাৱে স্বীকৃতিপ্ৰাপ্ত নহয়। ১৯১৯ চনত ছুইজালেণ্ডৰ সংবিধান সংশোধন কৰি সমানুপাতিক প্ৰতিনিধিত্ব ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ লগে লগে ৰাজনৈতিক দলবিলাকে ৰাষ্ট্ৰীয় পৰিষদত এক সমানুপাতিক প্ৰতিনিধিত্ব লাভ কৰিবলৈ ধৰিলে।

(৩) বিৰোধী দলৰ অভাৱঃ ছুইজাৰলেণ্ডৰ দলীয় ব্যৱস্থাৰ আন এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হল যে ইংলেণ্ডৰ দৰে ছুইজাৰলেণ্ডৰ চৰকাৰী দল আৰু বিৰোধী দল বুলি কোনো বিভাজন নাই। যুক্তৰাষ্ট্ৰীয় পৰিষদখন সদায় সংযুক্ত প্ৰকৃতিৰ হয় যত সংখ্যাগৰিষ্ঠ দলেই প্ৰায় আনুপাতিক প্ৰতিনিধিত্ব লাভ কৰিবলৈ সক্ষম হয় আৰু ফলস্বৰূপেই এক শক্তিশালী বিৰোধী দলৰ অভাৱ উপলব্ধি কৰা হয়।

(৪) নেতৃত্বৰ অভাৱঃ ছুইজাৰলেণ্ডৰ ৰাজনৈতিক দলসমূহৰ মাজত ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ অভাৱ পৰিলক্ষিত হয়। ৰাজনৈতিক দলৰ সদস্যসকলৰ নেতৃত্বৰ ভাৰ বহন কৰাৰ কোনো আকাংখ্যা দেখা নাযায়। সেয়ে বহু দলীয় ব্যৱস্থা থকা সত্ত্বেও এই ৰাষ্ট্ৰৰ দলীয় ভূমিকা এটা নিৰ্দলীয় সংগঠন হিচাপে দেখা যায়।

(৫) আদৰ্শগত প্ৰভেদ সীমিতঃ ছুইজাৰলেণ্ডৰ ৰাজনৈতিক দলসমূহৰ মাজত আদৰ্শগত প্ৰভেদ নথকাৰ কাৰণে এই দেশত ৰাজনৈতিক ৰাজনৈতিক দলসমূহৰ মাজত প্ৰতিদ্বন্দ্বিতাতকৈ দলসমূহৰ মাজত পাৰস্পৰিক সহযোগিতাহে পৰিলক্ষিত হয়। আটাইতকেইটী ৰাজনৈতিক দলেই দেশৰ স্বাধীনতা, নিৰপেক্ষ নীতি, বৈদেশিক বাণিজ্য অটুট ৰখাৰ লগতে প্ৰগতিশীল কাৰ্য সম্পাদনৰ ওপৰত গুৰুত্ব দিয়ে।

(৬) সু-সংগঠনৰ অভাৱঃ ইংলেণ্ড, আমেৰিকা আদি ৰাষ্ট্ৰৰ দৰে ছুইজালেণ্ডৰ ৰাজনৈতিক দলসমূহ সু-সংগঠিত নহয়। ইয়াৰ ৰাজনৈতিক দলসমূহে স্থানীয় বিষয়বিলাকত অধিক গুৰুত্ব আৰোপ কৰে। ইয়াৰ ৰাজনৈতিক দলসমূহে ৰাষ্ট্ৰীয় পৰ্যায় আৰু স্থানীয় পৰ্যায়ত ভিন্ন দৃষ্টিভংগী লোৱা দেখা যায়। সেয়ে ইয়াৰ প্ৰায়বোৰ দলেই দুৰ্বল দেখা যায়।

১৪/ ছুইজাৰলেণ্ডৰ প্ৰধান ৰাজনৈতিক দলবিলাকৰ বিষয়ে আলোচনা কৰা?

উত্তৰঃ ছুইজাৰলেণ্ডৰ প্ৰধান ৰাজনৈতিক দলবিলাকৰ বিষয়ে তলত আলোচনা কৰা হল -

    (১) চৰম গণতান্ত্ৰিক দলঃ চৰম দলে ছুইজাৰলেণ্ডৰ ৰাজনৈতিক জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। প্ৰগতিশীল গণতান্ত্ৰিক দল নামেৰেও পৰিচিত এই চৰম গণতান্ত্ৰিকক দলটিকে আধুনিক ছুইজাৰলেণ্ডৰ স্ৰষ্টা হিচাপে অভিহিত কৰা হয়। উদাৰতাবাদী দলৰ প্ৰায় সমসামৰিক সময়ৰ এই চৰম গণতান্ত্ৰত দলটিয়ে ১৮৪৮ চনৰ পৰা ১৮৯০ চনৰ সময়ছোৱাত উদাৰনৈতিক দলৰ লগ লাগি ৰাষ্ট্ৰীয় ৰাজনীতিত এখন সংযুক্ত চৰকাৰৰ নেতৃত্ব দিছিল। 

    (২) কেথলিক ৰক্ষণশীল দলঃ কেথলিক ৰক্ষণশীল দল ছুইজাৰলেণ্ডৰ এক প্ৰধান ৰক্ষণশীল ৰাজনৈতিক দল ব্যক্তিবাদী নহয় বা উদাৰতাবাদী নহয়। চৰম আৰু সমাজবাদীসকলৰ কেন্দ্ৰীয় আৰু কেন্দ্ৰীকৰণৰ আঁঁচনিৰ ঘোৰ বিৰোধিতাকৰা কেথলিক ৰক্ষণশীল দলে অধিক প্ৰাদেশিক স্বায়ত্ত শাসনৰ পোষকতা কৰে। কেথলিক দলটিয়ে চৰম দলৰ লগ লাগি ১৮৯০ চনত ছুইজাৰলেণ্ডত চৰকাৰ গঠন কৰিছিল। এই সংযুক্ত চৰকাৰ গঠনৰ ফলস্বৰূপে কেথলিক দলৰ দৃষ্টিভংগী কিছুপৰিমাণে হলেও মসৃণ হৈছিল। 

    (৩) সামাজিক গণতান্ত্ৰিক দলঃ ছুইজাৰলেণ্ডৰ ৰাজনৈতিক দলসমূহৰ ভিতৰত সামাজিক গণতান্ত্ৰিক দল অন্যতম। এই দলৰ সদস্যসকল চৰম গণতান্ত্ৰিক দলৰ সদস্য আছিল। ১৮৯০ চনত এই দলৰ কিছু সদস্যই দলৰ পৰা ওলাই আহি গণতান্ত্ৰিক দল গঠন কৰে। ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় সভাত ই দ্বিতীয় বৃহত্তম ৰাজনৈতিক দল ৰূপে পৰিচিত। 

    (৪) কৃষক আৰু শ্ৰমিক দলঃ ছুইজাৰলেণ্ডৰ আনএক উল্লেখযোগ্য ৰাজনৈতিক দল হৈছে  কৃষক আৰু শ্ৰমিক দল। বিশেষকৈ শ্ৰমিক, কৃষক আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকেৰে এই দল গঠন কৰা হৈছে। এই দলৰ যথেষ্ট সংখ্যক সদস্যই যুক্তৰাষ্ট্ৰীয় সভাত আসন দখল কৰিবলৈ সক্ষম হৈছে। এই দলে কৃষক আৰু শ্ৰমিকসকলৰ সৰ্বাংগীন উন্নতি সাধনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। কৃষি উন্নয়নৰ বাবে কৃষকসকলক আৰ্থিক সাহায্য প্ৰদান কৰা ওপৰত দলে জোৰ দিয়ে। 

১৫/ ছুইজাৰলেণ্ডৰ প্ৰভাৱগোষ্ঠীসমূহৰ বিষয়ে লিখা?

উত্তৰঃ প্ৰভাৱগোষ্ঠীৰ ক্ৰমবৰ্ধমান প্ৰভাৱ গণতান্ত্ৰিক শাসন পদ্ধতিৰ এক উল্লেখযোগ্য বৈশিষ্ট্য। চৰকাৰী নীতিৰ ওপৰত প্ৰভাৱ বিস্তাৰ পৰাই হৈছে প্ৰভাৱগোষ্ঠীসমূহৰ প্ৰধান বৈশিষ্ট্য। চৰকাৰী নীতি প্ৰণয়ন, নীতি কাৰ্যকৰীৰণৰ ক্ষেত্ৰতেই এই গোষ্ঠীসমূহৰ কাৰ্যাৱলী কেন্দ্ৰীভূত হৈ থাকে। এই ক্ষেত্ৰত প্ৰভাৱগোষ্ঠীসমূহে বিভিন্ন ৰাজনৈতিক দলৰ সমৰ্থন লাভ কৰিবলৈ চেষ্টা কৰে। তলত ছুইজাৰলেণ্ডৰ প্ৰভাৱগোষ্ঠীসমূহৰ বিষয়ে আলোচনা কৰা হল -

    ছুইজাৰলেণ্ডৰ বিভিন্ন প্ৰভাৱগোষ্ঠীঃ ছুইজাৰলেণ্ডত বিভিন্নধৰণৰ প্ৰভাৱগোষ্ঠী দেখিবলৈ পোৱা যায়। বিশেষকৈ  ব্যৱসায় বাণিজ্যৰ লগত জড়িত প্ৰভাৱগোষ্ঠী, কৃষকসকলৰ স্বাৰ্থৰ লগত জড়িত প্ৰভাৱগোষ্ঠী, শ্ৰমিকসকলৰ স্বাৰ্থৰ লগত জড়িত প্ৰভাৱগোষ্ঠী আৰু ক্ৰেফট্চৰ লগত জড়িত প্ৰভাৱগোষ্ঠী ইত্যাদি।

    ছুইজাৰলেণ্ডত কিছুমান প্ৰভাৱগোষ্ঠী কৃষকসকলৰ স্বাৰ্থ ৰক্ষাৰ্থে গঠন কৰা হৈছে। এনে প্ৰভাৱগোষ্ঠীসমূহে কৃষিকাৰ্যৰ লগত জড়িত ব্যক্তিসকলৰ উন্নয়নৰ কাৰণে বিভিন্ন প্ৰকাৰৰ হেঁচা প্ৰয়োগ কৰে। এনেধৰণৰ কিছুমান প্ৰভাৱগোষ্ঠী হৈছে ছুইজাৰলেণ্ডৰ গো - হত্যকাৰী, উৎপাদনী সংস্থা, ছুইজাৰলেণ্ডৰ মাৰ্ধাৰ বুইচাৰছ সংস্থা, মদ উৎপাদনী সংস্থা, ছুইজাৰলেণ্ডৰ ব্ৰাউন কেটোলৰেচ সংস্থা আদি।

    ছুইজাৰলেণ্ডৰ কিছুমান প্ৰভাৱগোষ্ঠী শ্ৰমিক তথা কৰ্মচাৰীকসলৰ স্বাৰ্থৰক্ষাৰ কাৰণে গঠন কৰা হৈছে। শ্ৰমিকসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰাজি দূৰ কৰাৰ কাৰণে  চৰকাৰক হেঁচা প্ৰয়োগ কৰিবলৈ এনেধৰণৰ প্ৰভাৱগোষ্ঠীসমূহৰ জন্ম হৈছে। পশ্চিম ছুইজাৰলেণ্ডৰ ৰেলৱে কৰ্মচাৰী ইউনিয়ন, ছুইজাৰলেণ্ডৰ মেটেন আৰু ঘড়ী নিৰ্মাণ শ্ৰমিকৰ ফেডাৰেশ্যন আৰু বাণিজ্য, পৰিবহণ আৰু খাদ্য উৎপাদনী উদ্যোগৰ ছুইজ ফেডাৰেশ্যন আদি এনেধৰণৰ প্ৰভাৱগোষ্ঠী দেখিবলৈ পোৱা যায়।

১৬/ ছুইজাৰলেণ্ডৰ প্ৰভাৱগোষ্ঠীৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা?

উত্তৰঃ ছুইজাৰলেণ্ডৰ প্ৰভাৱগোষ্ঠীৰ বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হল -

(১) ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় সভাত নিম্ন সদন ৰাষ্ট্ৰীয় পৰিষদৰ নিৰ্বাচনত সমানুপাতিক ভেটি প্ৰধাৰ প্ৰচলন আছে। ফলত ইয়াত কোনো এটা দলে সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিব নোৱাৰে। গতিকে এই প্ৰতিনিধি নিৰ্বাচনৰ সময়ত ইয়াৰ প্ৰভাৱগোষ্ঠীসমূহে নিজ নিজ স্বাৰ্থ পূৰণৰ ওপৰত সদা গুৰুত্ব দিয়ে। ইয়াৰ মূলত ছুইজাৰলেণ্ডৰ ৰাজনৈতিক দলবিলাকৰ নগণ্য ভূমিকা।

(২) ছুইজাৰলেণ্ডৰ প্ৰভাৱগোষ্ঠীৰ আন এক বৈশিষ্ট্য হৈছে যে গোষ্ঠীসমূহে প্ৰত্যক্ষ বা পৰোক্ষভাৱে যিকোনো এটা ৰাজনৈতিক দলৰ লগত জড়িত হৈ থাকে, যাতে ৰাজনৈতিক দলৰ লগতো নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ সক্ষম হয়। যিহেতু ছুইজাৰলেণ্ডত বহুদলীয় ৰাজনৈতিক ব্যৱস্থা থকাৰ কাৰণে প্ৰভাৱগোষ্ঠীসমূহে যিকোনো এটা ৰাজনৈতিক দলৰ লগত জড়িত হবলৈ সুবিধা পায়।

(৩) ছুইজাৰলেণ্ডত যুক্তৰাষ্ট্ৰীয় সভাই কোনো আইন প্ৰণয়ন কৰাৰ ফলত যদি প্ৰভাৱগোষ্ঠীৰ স্বাৰ্থ ক্ষুগ্ন হৈছে বুলি বিবেচনা কৰে, তেন্তে সেই বিধেয়কখন গ্ৰহণ কৰাৰ আগতে সংশ্লিষ্ট স্বাৰ্থগোষ্ঠীৰ লগত আলোচনা কৰাৰ ব্যৱস্থা আছে। কেতিয়াবা সংসদীয় সমিতিবিলাকেও প্ৰভাৱগোষ্ঠীৰ পৰা তেনে বিধেয়ক সম্পৰ্কত মতামত গ্ৰহণ কৰাৰো ব্যৱস্থা আছে।

(৪) ছুইজাৰলেণ্ডৰ প্ৰত্যক্ষ গণতান্ত্ৰিক ব্যৱস্থায়ো প্ৰভাৱগোষ্ঠীসমূহক উৎসাহিত কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ সংবিধান সংশোধনী বিধেয়ক গ্ৰহণ কৰাৰ সময়ত গণভোটৰ কাৰণে কেন্দ্ৰীয় কেণ্টনসমূহত নিজ স্বাৰ্থ পূৰণৰ কাৰণে বিভিন্ন প্ৰভাৱগোষ্ঠীসমূহে জনসম্পৰ্ক ৰক্ষা কৰি তেওঁলোকৰ সপক্ষে জনমত গঠন কৰিবলৈ চেষ্টা কৰে। 

(৫) ছুইজাৰলেণ্ডৰ আইন সভা গঠন আৰু কাৰ্যকাৰিতাৰ ক্ষেত্ৰত বৰ্তি থকা বৰ্তমান ব্যৱস্থাই প্ৰভাৱগোষ্ঠীসমূহক শক্তিশালী ভূমিকাত অৱতীৰ্ণ হোৱাত যথেষ্ট সহায় কৰিছে। অন্যান্য দেশৰ নিচিনাকৈ ইয়াৰ কেণ্টন পৰ্যায়ত থকা আইনসভাৰ সদস্যসকলে কোনো ধৰণৰ বেতন বা পাৰিতোষিক লাভ নকৰে, ফলত ইয়াত পেছাদাৰী ৰাজনীতিবিদৰ স্থান নাথাকে বা বেচৰকাৰী স্বাস্থ্য বিষয়া, উকীল, স্বানিয়োজিত ব্যক্তি আদিয়ে সংসদীয় কাম কৰাত যথেষ্ট অসুবিধা ভোগ কৰে। 

১৭/ ছুইজাৰলেণ্ডৰ ৰাজনীতিৰ প্ৰভাৱগোষ্ঠীৰ ভূমিকাৰ বিষয়ে লিখা?

উত্তৰঃ বিশ্বৰ অন্যান্য ৰাষ্ট্ৰৰ নিচিনাকৈ ছুইজাৰলেণ্ডতো প্ৰভাৱগোষ্ঠীসমূহে প্ৰশাসন কাৰ্যত বিশেষ ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে। কাৰণে ছুইজাৰলেণ্ডৰ ৰাজনৈতিক দলসমূহ বেছি শক্তিশালী নহয়। সেয়ে প্ৰভাৱগোষ্ঠীসমূহে সহজে নিজৰ নিজৰ স্বাৰ্থ পূৰণ কৰিব পাৰে।

    ছুইজাৰলেণ্ডৰ ঔদ্যোগিক, কৃষি, ব্যৱস্য়ী,শ্ৰমিক আদি গোষ্ঠীসমূহৰ লগত জড়িত গোটসমূহে দেশৰ প্ৰশাসনত বিশেষকৈ নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত হেঁচা প্ৰয়োগ কৰি নিজ স্বাৰ্থ পূৰণ কৰিব পাৰে।

    ছুইজাৰলেণ্ডৰ প্ৰত্যক্ষ গণতন্ত্ৰ ব্যৱস্থাই কেণ্টনসমূহত স্বাৰ্থগোষ্ঠী সমূহক প্ৰভাৱিত কৰাত বিশেষ উৎসহিত কৰিছে। এই ক্ষেত্ৰত ব্যৱসায়িক, ঔদ্যোগিক, কৃষক আদিৰ লগত জড়িত প্ৰভাৱগোষ্ঠীসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

    ছুইজাৰলেণ্ডৰ জনসাধাৰণৰ পেছাদাৰী ৰাজনীতিবিদৰ প্ৰতি থকা অনীহাৰ ফলত প্ৰভাৱগোষ্ঠীসমূহে নিজ নিজ স্বাৰ্থ পূৰণ কৰাত যথেষ্ট সুবিধা পাইছে।  ছুইজাৰলেণ্ডৰ বহুদলীয় ব্যৱস্থা আৰু দলীয় সংগঠনৰ দুৰ্বলতাৰ বাবেও প্ৰভাৱগোষ্ঠীসমূহে নিজৰ নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ চৰকাৰক হেঁচা প্ৰয়োগ কৰাৰ লগতে জনসাধাৰণৰ মাজত নিজৰ অভিমত প্ৰকাশ কৰি জনসমৰ্থন লাভ কৰিবলৈ সক্ষম হয়।

১৮/ আমেৰিকা আৰু ছুইজাৰলেণ্ডৰ দলীয় ব্যৱস্থা সাদৃশ্য আৰু বৈসাদৃশ্যসমূহ উল্লেখ কৰা?

উত্তৰঃ আমেৰিকা আৰু ছুইজাৰলেণ্ডৰ দলীয় ব্যৱস্থা সাদৃশ্য আৰু বৈসাদৃশ্যসমূহ তলত উল্লেখ কৰা হল -

সাদৃশ্যঃ

    (১) দুয়োখন ৰাষ্ট্ৰৰ সংবিধানত ৰাজনৈতিক দল গঠন সম্পৰ্কে উল্লেখ নাই।

    (২) আমেৰিকা আৰু ছুইজাৰলেণ্ড দুয়োখন ৰাষ্ট্ৰৰে ৰাজনৈতিক দলসমূহৰ মাজত আদৰ্শত প্ৰভেদ তেনেই সীমিত।

    (৩) দুয়োখন ৰাষ্ট্ৰৰে ৰাজনৈতিক দলসমূহৰ সু-সংগঠনৰ অভাৱ দেখা যায়।

    (৪) বিৰোধী দলৰ অনুপস্থিতি দুয়োখন দেশৰ ৰাজনৈতিক দলসমূহৰ বহুতো বৈসাদৃশ্য।

বৈসাদৃশ্যঃ

    (১) আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজনৈতিক ব্যৱস্থাত প্ৰধান দুটা ৰাজনৈতিক দল বিদ্যমান। এটা হৈছে গণতান্ত্ৰিক দল আৰু আনটো প্ৰজাতান্ত্ৰিক দল। দুয়োটা দলৰে অৱশ্যে আদৰ্শগত পাৰ্থক্য তেনেই কম। ছুইজাৰলেণ্ডৰ ৰাজনৈতিক ব্যৱস্থাত বহুদলীয় ব্যৱস্থা বিৰাজমান। বিভিন্ন আদৰ্শৰ ওপৰত ভিত্তি কৰি বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক দলৰ উৎপত্তি হৈছে। ইয়াৰ দলসমূহৰ বেছিভাগেই সু - সংঘবদ্ধ নহয়।

    (২) ছুইজাৰলেণ্ডৰ  এখন সমস্যাবহুল ৰাষ্ট্ৰ নহয়। বিশ্বৰ অন্যান্য ৰাষ্ট্ৰৰ তুলনাত এই দেশে বহিঃ তথা আভ্যন্তৰীণ ক্ষেত্ৰত তেনে কোনো সমস্যাৰ সন্মুখীন হোৱা নাই। আনকি বিশ্বৰ দুই মহাযুদ্ধতো এই দেশে অংশগ্ৰহণ কৰা নাছিল। আমেৰিকা যুক্তৰাষ্ট্ৰ এখন সমস্যাবহুল ৰাষ্ট্ৰ। গতিকে ইয়াৰ ৰাজনৈতিক দলসমূহে গুৰুত্বপূৰ্ণ সমস্যা সমাধানত অৱতীৰ্ণ হব লগা হৈছে।

    (৩) ছুইজাৰলেণ্ডৰ ৰাজনৈতিক দলবিলাকৰ এটি অন্যতম বৈশিষ্ট্য হৈছে ইয়াৰ ৰাজনৈতিক দলৰ সদস্যসকলৰ মাজত ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ অভাৱ। আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰত ৰাজনৈতিক দলসমূহক দলীয় নেতাসকলেহে নেতৃত্ব দিয়ে। বিভিন্ন দলীয় কৰ্মসূচী নিৰ্ধাৰণৰ ক্ষেত্ৰত এই নেতাসকলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজনৈতিক ব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

    (৪) আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজনৈতিক দলৰ সদস্যসকল পেছাদাৰী ৰাজনীতিক। ইয়াৰ সৰহ সংখ্যক ৰাজনৈতিক নেতাই ব্যৱসায় - প্ৰতিষ্ঠানৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ থাকে। আনহাতে, ছুইজাৰলেণ্ডৰ নাগৰিকসকল অতিশয় স্বদেশপ্ৰেমী। তেওঁলোকে ৰাজনীতিক ব্যৱসায় হিচাপে গ্ৰহণ নকৰে। তেওঁলোকে দলীয় স্বাৰ্থতকৈও ৰাষ্ট্ৰীয় স্বাৰ্থৰ ওপৰতহে বেছি প্ৰাধান্য দিয়ে।

    (৫) ছুইজাৰলেণ্ডৰ ৰাজনৈতিক দলসমূহ সু - সংগঠিত নহয়, ইয়াৰ দলীয় সংগঠন তেনেই সিথিল। আনহাতে, আমেৰিকা, যুক্তৰাষ্ট্ৰৰ দলীয় সংগঠন এক দৃঢ় সংগঠন। ইয়াত দেশৰ প্ৰতিটো ৰাজনৈতিক দলৰ উচ্চ ক্ষমতাসম্পন্ন কেন্দ্ৰীয় সংগঠন থকাৰ লগতে আঞ্চলিক সংগঠনৰো ব্যৱস্থা আছে। গতিকে ছুইজালেণ্ডৰ দলীয় সংগঠন যুক্তৰাষ্ট্ৰৰ তুলনাত দুৰ্বল।

১৯/ ছুইজাৰলেণ্ডত গণভোট দুটা কি কি?

উত্তৰঃ ছুইজাৰলেণ্ডৰ গণভোট দুটা ৰূপত ব্যৱহাৰ কৰা হয় - (ক) বাধ্যতামূলক গণভোট আৰু (খ) ঐচ্ছিক / ইচ্ছাধীন গণভোট, (গ) কেন্টন পৰ্যায়ত গণভোট।

    (ক) বাধ্যতামূলক গণভোটঃ ছুইজাৰলেণ্ডৰ ১৮৪৮ চনৰ সংবিধানৰ ১১৪ নং অনুচ্ছেদৰ জৰিয়তে বাধ্যতামূলক গণভোটৰ সূচনা কৰিছিল। ছুইজাৰলেণ্ডৰ সংবিধান সংশোধন সম্পৰ্কীয় যিকোনো প্ৰস্তাৱ বাধ্যতামূলক গণভোটৰ শাৰীত পৰে। তেতিয়াৰে পৰা ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় পৰ্যায় আৰু প্ৰায় সকলোবিলাক ছুইজ কেন্টনতে এই ব্যৱস্থা কাৰ্যকৰী হৈ আহিছে।

    (খ) ইচ্ছাধীন গণভোটঃ ১৮৭৪ চনত ছুইজালেণ্ডৰ সংবিধানকনৰ সম্পূৰ্ণ সংশোধনী ঘটোৱাৰ সময়ত ইচ্ছাধীন গণভোটৰ ব্যৱস্থা সংবিধানত সন্নিৱিষ্ট কৰা হৈছিল। ঐচ্ছিক ভোট কেৱল সাধাৰণ আইন প্ৰণয়নৰ ক্ষেত্ৰতহে প্ৰযোজ্য। ছুইজাৰলেণ্ডত সাধাৰণ আইন প্ৰণয়নৰ কোনো বিধেয়ক যুক্তৰাষ্ট্ৰীয় বিধানমণ্ডলৰ দ্বাৰা গৃহীত হব লাগে। ছুইজাৰলেণ্ডত জৰুৰী হিচাপে ঘোষিত নোহোৱা কোনো যুক্তৰাষ্ট্ৰীয় আন বা আন্তঃৰাষ্ট্ৰীয় চুক্তিক ৫০,০০০ ভোটাৰে আইন বা চুক্তিখন যদিহে যুক্তৰাষ্ট্ৰীয় আইনসভাই গৃহীত কৰাৰ ৯০ দিনৰ ভিতৰত গণভোটত দিবলৈ দাবী কৰে তেন্তে সেই বিধেয়কখন গণভোটলৈ প্ৰেৰণ কৰিব লাগে। 

    (গ) কেন্টন পৰ্যায়ত গণভোটঃ কেন্টন পৰ্যায়ত দহ (১০) খন পূৰ্ণ কেন্টন আৰু এক (১) খন অৰ্দ্ধ কেন্টনত সাধাৰণ আইনৰ ক্ষেত্ৰত বাধ্যতামূলক গণভোট আৰু আঠ (৮) খন পূৰ্ণ কেন্টন আৰু (১) খন অৰ্দ্ধ কেন্টনত ইচ্ছাধীন গণভোটৰ ব্যৱস্থা প্ৰচলন আছে। বাকী ৰৈ যোৱা কেন্টনসমূহ (১ খন পূৰ্ণ আৰু ৪ খন অৰ্দ্ধ কেন্টন) ত গণভোটৰ প্ৰয়োনীয়তা নাথাকে, এই কেন্টন কেইখনত নগৰ সদন ব্যৱস্থাৰ প্ৰচলন আছে। 

২০/ ছুইজাৰলেণ্ডৰ ন্যায় বিভাগৰ বিষয়ে আলোচনা কৰা?

উত্তৰঃ ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় বিষয়সমূহৰ বিচাৰ কাৰ্য সম্পাদন কৰাৰ একমাত্ৰ ন্যায়ালয়খন হৈছে যুক্তৰাষ্ট্ৰীয় ন্যায়ালয়। যুক্তৰাষ্ট্ৰীয় ন্যায়ালয়ৰ কোনো অধীনস্থ যুক্তৰাষ্ট্ৰীয় ন্যায়ালয় নাই। কাৰণ ইছুইজাৰলেণ্ডৰ একমাত্ৰ বিচাৰ বিভাগীয় সংস্থা। ইয়াৰ অধিকাংশ বিচাৰ কাৰ্য কেণ্টনসমূহৰ ন্যায়ালয়ে সম্পাদন কৰে। যুক্তৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ৰায়বিলাকো কেণ্টন কৰ্তৃপক্ষৰ জৰিয়তেহে কাৰ্যকৰী হয়। ১৮৭৪ চনৰ সংবিধান সংশোধনীৰ জৰিয়তে যুক্তৰাষ্ট্ৰীয় ন্যায়ালয়ক বৰ্তমান ৰূপ প্ৰদান কৰে।

    যুক্তৰাষ্ট্ৰীয় ন্যায়ালয়ৰ গঠনঃ সংবিধানৰ ১০৬ নং অনুচ্ছেদ অনুসৰি যুক্তৰাষ্ট্ৰীয় ন্যায়পালিকাই ছুইজাৰলেণ্ডৰ সৰ্বোচ্চ ন্যায়পালিকা যদিও এই ন্যায়পালিকাৰ গঠন, ন্যায়াধীশৰ সংখ্যা, কাৰ্যকাল আদিৰ বিষয়ে সংবিধানত উল্লেখ নাই। যুক্তৰাষ্ট্ৰৰ ন্যায়ালয়ৰ গঠন আৰু কাৰ্যকালৰ ম্য়াদ স্থিৰ কৰাৰ দায়িত্ব যুক্তৰাষ্ট্ৰ সভাৰ। ১৯৪৩ চনত যুক্তৰাষ্ট্ৰীয় সভাই বিচাৰ সংক্ৰান্ত আইন প্ৰণয়ন কৰি যুক্তৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা ২৬ জনৰ পৰা ২৮ জনৰ ভিতৰত নিৰ্ধাৰণ কৰে। ইয়াৰ উপৰি ইয়াত ১১ জনৰ পৰা ২৩ জনলৈ পৰিপূৰক ন্যায়াধীশক নিয়োগ কৰাৰ ব্যৱস্থা আছে।

    অৰ্হতাঃ ছুইজাৰলেণ্ডৰ সংবিধানত ন্যায়াধীশসকলৰ অৰ্হতা সম্পৰ্কে কোনো কথা উল্লেক নাই। জাতীয় পৰিষদৰ সদস্য হব পৰা যোগ্যতা থকা যিকোনো ছুইছ নাগৰিক যুক্তৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিৰ্বাচিত হব পাৰে।  জাৰ্মানী, ইটালী আৰু ফৰাচী এই তিনিওটা ভাষাৰ জ্ঞান ন্যায়াধীশসকলৰ থকাটো আৱশ্যক। লোকাচাৰ মতে বিভিন্ন কেণ্টনৰ পৰাও যাতে ন্যায়াধীশ নিয়োগ কৰা হয় সেই কথাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে। ফৰাচী ভাষাৰ প্ৰচলন থকা কেণ্টন ভদ ( Vaud ) ৰ ৰাজধানী লুছানে ( Laussane ) নগৰত যুক্তৰাষ্ট্ৰীয় ন্যায়ালয়ৰ সভাপতিজনে ন্যায়াধীশ হিচাপে কাৰ্যপৰিচালনা কৰাৰ উপৰি বিষয়া কৰ্মচাৰীসকলৰ কাম - কাজ পৰিদৰ্শন কৰে।

    ন্যায়াধীশসকলৰ কাৰ্যকালঃ যুক্তৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ন্যায়াধীশ সকলক ৬ বছৰৰ কাৰণে নিৰ্বাচন কৰা হয়। তেওঁলোকৰ পুনৰ নিয়োগ কৰাৰ ব্যৱস্থা থকাৰ কাৰণে একোজন ন্যায়াধীশে বহুবছৰ কাৰ্যভাৰ চলাবলৈ সুবিধা পায়। ন্যায়াধীশসকলৰ যদিও অৱসৰৰ নিৰ্ধাৰিত সীমা নাই তথাপি ৭০ বছৰ বয়স প্ৰাপ্ত সকলো ন্যায়াধীশে অৱসৰ গ্ৰহণ কৰে।

২১/ ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় পৰিষদৰ কাৰ্য আৰু ক্ষমতা বিষয়ে লিখা?

উত্তৰঃ ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় পৰিষদৰ কাৰ্যসমূহ তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি।

    ১/ কাৰ্যনিৰ্বাহক ক্ষমতাঃ ছুইচ সংবিধানৰ ১০২ নং অনুচ্ছেদত পৰিষদৰ ক্ষমতাসমূহ বহলাই আলোচনা কৰা হৈছে। সংবিধানৰ ৯৫ নং অনুচ্ছেদত পৰিষদক দেশৰ সৰ্বশ্ৰেষ্ঠ কাৰ্যপালিকা হিচাপে আখ্যা দিয়া হৈছে। এই পৰিষদে দেশৰ কাৰ্যপালিকাৰ দায়িত্ব পালন কৰে। সংবিধানৰ ১০৭ নং অনুচ্ছেদত পৰিষদৰ কাৰ্যৰ বিষয়ে উল্লেখ কৰা হৈছে। এই অনুচ্ছেদত উল্লেখ কৰা মতে পৰিষদে তলত উল্লেখ কৰা কাৰ্যসমূহ পালন কৰিব লাগে - (ক) দেশৰ প্ৰসাশনৰ সকলো বিভাগৰ কাৰ্যসমূহ পৰ্যবেক্ষণ কৰিব লাগে। ইয়াৰ উপৰি প্ৰতিৰক্ষা বাহিনীৰো গঠনৰ দায়িত্ব বহন কৰিব লাগে। (খ) সৈন্যবাহিনীক নিয়ন্ত্ৰণ কৰা আৰু যুক্তৰাষ্ট্ৰীয় বিধানমণ্ডলৰ অধিৱেশন চলি নথকা সময়ত প্ৰয়োজনবোধে দেশৰ সৈন্যবাহিনী সঞ্চালনৰ দায়িত্ব বহন কৰাৰ ক্ষমতা পৰিষদক দিয়া হৈছে। (গ) আভ্যন্তৰীণ শান্তি - শৃংখলা ৰক্ষাৰ দায়িত্ব পৰিষদে বহন কৰিব লাগে। (ঘ) যুক্তৰাষ্ট্ৰীয় বিধানমণ্ডল আৰু আন কোনো কৰ্তৃপক্ষই নিয়োগ নকৰা কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়াল কিছুমানক নিয়োগ কৰাৰ দায়িত্ব পৰিষদৰ হাতত আছে। (ঙ) দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। 

    ২/ আইন সম্পৰ্কীয় কাৰ্যঃ ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় পৰিষদৰ সদস্যসকল যুক্তৰাষ্ট্ৰীয় সভাৰ সদস্য নহয় যদিও আইন প্ৰণয়ন কৰাৰ ক্ষেত্ৰত সদস্যসকলেও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

    (ক) পৰিষদৰ সদস্যসকলে দুয়োখন সদনতে উপস্থিত থাকি বিতৰ্কিত অংশগ্ৰহণ কৰিব পাৰে আৰু কোনো বিষয়ৰ ওপৰত প্ৰস্তাৱ উত্থাপন কৰিব পাৰে, কিন্ত তেওঁলোকে ভোটদান কৰিব নোৱাৰে।

    (খ) পৰিষদৰ সদস্যসকলে যুক্তৰাষ্ট্ৰীয় সভাত বিধেয়ক উত্থাপন কৰিব পাৰে। সভাৰ কোনো সদস্যৰ অনুৰোধমতে সংশ্লিষ্ট পৰিষদৰ সদস্যই নিজৰ বিষয়ৰ ওপৰত বিধেয়ক উত্থাপন কৰিব পাৰে। যুক্তৰাষ্ট্ৰীয় সভাৰ কোনো সদস্য়ই সভাত কোনো বিধেয়ক উত্থাপন কৰিবলৈ ইচ্ছা কৰিলে, তেনে সদস্যই প্ৰথমে পৰিষদৰ বিভাগীয় সদস্যৰ লগত আলোচনা কৰিব লাগে। অৰ্থাৎ যুক্তৰাষ্ট্ৰীয় পৰিষদত প্ৰথমে আলোচনা নোহোৱা কোনো বিধেয়ক বিধানমণ্ডলত আলোচনা নহয়।

    (গ) যুক্তৰাষ্ট্ৰীয় সভাই গ্ৰহণ কৰা আইনসমূহ কাৰ্যকৰী কৰিবলৈ পৰিষদে কিছুমান নীতি - নিয়মৰ সৃষ্টি কৰিব পাৰে। এই প্ৰসংগত উল্লেখ কৰিব পাৰি যে পৰিষদে বিধানমণ্ডলত বিধেয়ক উত্থাপনৰ ক্ষমতা পালেও, বিধি - বিধান গ্ৰহণৰ ক্ষেত্ৰত পৰিষদৰ সিদ্ধান্তই নহবও পাৰে। পৰিষদৰ সিদ্ধান্তৰ বিৰুদ্ধে যুক্তৰাষ্ট্ৰীয় সভাই আইন প্ৰণয়ন কৰাৰ বহুত উদাহৰণ ছুইজাৰলেণ্ডত বিদ্যমান।

    ৩/ বিত্তীয় ক্ষমতাঃ ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় পৰিষদে বিত্ত সম্পৰ্কীয় দায়িত্বও পালন কৰিব লাগে। বছৰেকীয়া বাজেট প্ৰস্তত কৰি ইয়াক যুক্তৰাষ্ট্ৰীয় সভাত গৃহীত কৰাই লব লাগে। সাধাৰণতে বিত্তৰ দায়িত্বত থকা পৰিষদৰ সদস্যজনৰ তত্ত্বাৱধানত বাজেট প্ৰস্তত কৰা হয়. তেৱেঁই সদনত বাজেট উত্থাপন কৰে। বছৰেকীয়া আয় আৰু ব্যয়ৰ হিচাপ ৰখাৰ দায়িত্ব পৰিষদে বহন কৰে। ইয়াৰ উপৰি যুক্তৰাষ্ট্ৰীয় সভাই অনুমোদন জনোৱাৰ পাছত বাজেট কাৰ্যকৰী কৰাৰ দায়িত্বও পৰিষদৰ।

    ৪/ ন্যায়িক ক্ষমতাঃ ছুইজাৰলেণ্ডত ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো যুক্তৰাষ্ট্ৰীয় পৰিষদৰ যথেষ্ট দায়িত্ব আছে। ১৯১৪ চনৰ পূৰ্বে এই পৰিষদে ভালেখিনি ন্যায়িক ক্ষমতা প্ৰয়োগ কৰিব পাৰিছিল যদিও এতিয়া এই ক্ষমতা বহু পৰিমাণে হ্ৰাস পাইছে। ১৯১৪ চনত পৰিষদে ভোগ কৰা ন্যায়িক ক্ষমতা বহু পৰিমাণে যুক্তৰাষ্ট্ৰীয় ট্ৰিবুনেললৈ বিচাৰহে পৰিষদে সম্পাদন কৰে। কোনো প্ৰশাসনীয় বিভাগৰ সিদ্ধান্তৰ বিৰুদ্ধে কোনো লোকে পৰিষদৰ ওচৰত আপীল কৰিব পাৰে। অৱশ্যে এই ক্ষেত্ৰত মন্ত্ৰী পৰিষদৰ সিদ্ধান্ত নহয় পৰিষদৰ সিদ্ধান্তৰ বিৰুদ্ধে যুক্তৰাষ্ট্ৰীয় প্ৰশাসনীয় আদালততো আপীল কৰিব পাৰি।

২২/ যুক্তৰাষ্ট্ৰীয় সভাৰ ক্ষমতা আৰু কাৰ্যাৱলী বিষয়ে আলোচনা কৰা?

উত্তৰঃ যুক্তৰাষ্ট্ৰীয় সভাক ৰাষ্ট্ৰৰ সৰ্বোচ্চ কৰ্তৃপক্ষ বুলি অভিহিত কৰিছে।অধ্যাপক W. E. Rappardএ যুক্তৰাষ্ট্ৰীয় সভাক সৰ্বোচ্চ কৰ্তৃত্ব বুলি অভিহিত কৰি কৈছে - ''The Federal Assembly is Supreme as long as it retains the confidense and performs the Electorate's Will.'' ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় সভাই ছুইছ জনসাধাৰণ আৰু কেণ্টনসমূহ উভয়কে প্ৰতিনিধিত্ব কৰে। যুক্তৰাষ্ট্ৰীয় সভাই আইন প্ৰণয়নিক, কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ ক্ষমতাও প্ৰয়োগ কৰিব পাৰে। যুক্তৰাষ্ট্ৰীয় সভাৰ ক্ষমতা আৰু কাৰ্যাৱলীবিলাক তলত আলোচনা কৰা হল -

    (১) বিধায়িনী ক্ষমতাঃ বিধায়িনী ক্ষেত্ৰত যুক্তৰাষ্ট্ৰীয় সভা হৈছে ছুইজাৰলেণ্ডৰ সৰ্বোচ্চ সংস্থা কেণ্টনবিলাকৰ সংবিধানৰ নিশ্চয়তা প্ৰদান কৰাৰ লগতে যুক্তৰাষ্ট্ৰীয় সংবিধানখন যাতে কেণ্টনসমূহৰ আভ্যন্তৰীণ শান্তি শৃংখলা ৰক্ষা কৰাৰ ক্ষেত্ৰতো যুক্তৰাষ্ট্ৰীয় সভাৰ বিধায়িনী ক্ষমতা বৃদ্ধি পাইচে। অৱশ্যে আইন প্ৰণয়নৰ ক্ষেত্ৰত যুক্তৰাষ্ট্ৰীয় সভাৰ হাতত কেতবোৰ ক্ষমতা ন্যস্ত কৰা হৈছে যদিও সকলো ক্ষেত্ৰতে সভাৰ সিদ্ধান্ত চূড়ান্ত বুলি গণ্য কৰিব নোৱাৰি।

    (২) কাৰ্যবাহী ক্ষমতাঃ ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় সভাই কেতবোৰ কাৰ্যবাহী ক্ষমতাও উপভোগ কৰে। যুক্তৰাষ্ট্ৰীয় সভাৰ উভয় সদনৰ যুটীয়া বৈঠকত যুক্তৰাষ্ট্ৰীয় পৰিষদৰ সদস্যসকলক চাৰি বছৰীয়া কাৰ্যকালৰ বাবে আৰু সদস্যসকলৰ মাজৰ পৰা সভাপতি এক বছৰীয়া কাৰ্যকালৰ বাবে নিৰ্বাচন কৰা হয়। তদুপৰি যুটীয়া অধিবেশনতে যুক্তৰাষ্ট্ৰীয় বিমা আদালত, যুক্তৰাষ্ট্ৰীয়ৰ আদালতৰ সভাপতি আৰু উপসভাপতি, সামৰিক বাহিনীৰ মুখ্য সেনাধ্যক্ষজনক নিৰ্বাচন আৰু নিযুক্তি দিয়া হয়। 

    (৩) ন্যায়িক ক্ষমতাঃ ১৮৭৪ চনৰ সংবিধান সংশোধনীৰ আগলৈকে ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় সভাই ব্যাপক পৰিমাণে ন্যায়িক ক্ষমতা উপভোগ কৰিছিল। অৱশ্যে বৰ্তমানেও যুক্তৰাষ্ট্ৰীয় সভাৰ ওপৰত কেতবোৰ বিচাৰসম্পৰ্কীয় ক্ষমতা   ন্য়স্ত কৰা হৈছে। যুক্তৰাষ্ট্ৰীয় আদালতৰ সদস্যসকলৰ নিৰ্বাচন কৰাৰ লগতে আদালতৰ বিচাৰ কাৰ্যৰ তদাৰক আৰু নিয়ন্ত্ৰণ কৰে যুক্তৰাষ্ট্ৰীয় আইন সভাই আদালতে ইয়াৰ কাৰ্যক্ৰমণিকাৰ অগ্ৰগতিৰ বাৰ্ষিক প্ৰতিবেদন যুগুতাই যুক্তৰাষ্ট্ৰীয় সভাৰ ওচৰত দাখিল কৰিব লাগে। 

    (৪) সংবিধান সংশোধনৰ ক্ষমতাঃ ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় সভাৰ সংবিধান সংশোধনীৰ ক্ষমতাও আছে। ছুইজাৰলেণ্ডৰ প্ৰচলিত সংবিধানখনৰ ই সামগ্ৰিক বা আংশিকভাৱে সংশোধন কৰিব পাৰে। সংবিধান সংশোধনীৰ ক্ষমতাও আছে। ছুইজাৰলেণ্ডৰ প্ৰচলিত সংবিধানখনৰ ই সামগ্ৰিক বা আংশিকভাৱে সংশোধন কৰিব পাৰে। সংবিধান সংশোধনীৰ বিষয়ক যিকোনো প্ৰস্তাৱ যুক্তৰাষ্ট্ৰীয় সভাৰ উভয় সদনে উত্থাপন কৰিব পাৰে আৰু উক্ত প্ৰস্তাৱটো উভয় সদনৰ দ্বাৰা গৃহীত হোৱাৰ পাছত সংশ্লিষ্ট প্ৰস্তাৱটো গণভোটৰ বাবে দাখিল কৰা হয়। 

    (৫) যুক্তৰাষ্ট্ৰীয় পৰিষদৰ ওপৰত নিয়ন্ত্ৰণঃ ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় সভাৰ সাংবিধানিক সৰ্বোচ্চতা যুক্তৰাষ্ট্ৰীয় সভাক যুক্তৰাষ্ট্ৰীয় পৰিষদ আৰু যুক্তৰাষ্ট্ৰীয় প্ৰশাসনৰ ওপৰত নিয়ন্ত্ৰণ কৰাৰ কৰ্তৃত্ব প্ৰদান কৰিছে। যুক্তৰাষ্ট্ৰীয় পৰিষদৰ গঠন প্ৰণালী যুক্তৰাষ্ট্ৰীয় সভাৰ ওচৰত দায়বদ্ধ। যুক্তৰাষ্ট্ৰীয় সভাই পৰিষদক ইয়াৰ কাৰ্যবাহী কাৰ্যাৱলীসমূহ সম্পাদন কৰাৰ ক্ষেত্ৰত যাৱতীয় নিৰ্দেশ তথা নিয়ন্ত্ৰণ আৰোপ কৰিব পাৰে। যুক্তৰাষ্ট্ৰীয় পৰিষদে প্ৰতিবছৰে সম্পাদন কৰা বিভিন্ন কাৰ্যাৱলীসমূহৰ প্ৰতিবেদন যুগুত কৰি যুক্তৰাষ্ট্ৰীয় সভাৰ ওচৰত দাখিল কৰিব লাগে। 

২৩/ ছুইজাৰলেণ্ডৰ আইনসভা বিষয়ে উল্লেখ কৰা?

উত্তৰঃ ছুইজাৰলেণ্ডৰ আইনসভা বিষয়ে তলত উল্লেখ কৰা হল -

    যুক্তৰাষ্ট্ৰীয় সভাঃ ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় আইনসভাক যুক্তৰাষ্ট্ৰীয় সভা নামেৰে জনা যায়। যুক্তৰাষ্ট্ৰৰ সভা দ্বিসদনযুক্ত। উচ্চ সদনক ৰাজ্য পৰিষদ বা ৰাজ্যিক আৰু নিম্ন সদনক ৰাষ্ট্ৰীয় পৰিষদ বোলা হয়। ছুইজাৰলেণ্ডৰ সংবিধানৰ ৭১ নং অনুচ্ছেদত ইয়াৰ যুক্তৰাষ্ট্ৰীয় সভাক ৰাষ্ট্ৰৰ সৰ্বোচ্চ কৰ্তৃপক্ষ বুলি অভিহিত কৰিছে। তলত যুক্তৰাষ্ট্ৰীয় সভাৰ সদন দুখনৰ গঠন প্ৰণালী, ক্ষমতা আৰু কাৰ্যাৱলী সম্বন্ধে বহলাই আলোচনা কৰা হল -

    ৰাজ্যিক পৰিষদঃ ছুইজাৰলেণ্ডৰ ৰাজ্যিক পৰিষদ হৈছে যুক্তৰাষ্ট্ৰীয় সভাৰ উচ্চসদন। আমেৰিকাৰ চিনেট সভাৰ আৰ্হিত ৰাজ্যিক পৰিষদখন গঠন কৰা হয়। ৰাজ্যিক পৰিষদত প্ৰতিখন কেণ্টনৰ পৰা সমান সংখ্যক প্ৰতিনিধিত্বৰ ব্যৱস্থা কৰা হৈছে। ছুইজাৰলেণ্ডৰ ২০ খন পূৰ্ণ কেণ্টনৰ প্ৰত্যেকৰে পৰা ২ জনকৈ আৰু ৬ খন অৰ্ধকেণ্টনৰ প্ৰত্যেকৰে পৰা এজনকৈ প্ৰতিনিধি ৰাজ্যিক পৰি,দলৈ নিৰ্বাচন কৰি পঠায় অৰ্থাৎ ৰাজ্যিক পৰিষদৰ মুঠ সদস্য সংখ্যা ৪৬ জন।

    সদস্যসকলৰ নিৰ্বাচন পদ্ধতিঃ ৰাজ্যিক পৰিষদৰ সদস্যসকলৰ নিৰ্বাচন পদ্ধতি প্ৰতিখন কেণ্টনে নিজাববীয়াকৈ স্থিৰ কৰে, সেয়ে কিছুমান কেণ্টনত ডেপুটিসকলক কেণ্টন আইন সভাৰ সদস্যসকলে নিৰ্বাচন কৰে। আৰু আনবিলাক কেণ্টনত কেণ্টনৰ জনগণে প্ৰত্যক্ষভাৱে ভোট দি ডেপুটিসকলক নিৰ্বাচন কৰে।

    কাৰ্যকালঃ ৰাজ্যিক পৰিষদৰ ডেপুটিসকলৰ কাৰ্যকাল প্ৰতিখন কেণ্টনৰ আইনৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। সাধাৰণতে তেওঁলোকৰ কাৰ্যকাল এবছৰৰ পৰা চাৰি বছৰৰ ভিতৰত, এজন ব্যক্তি বহুবছৰ ধৰি পৰিষদলৈ নিৰ্বাচিত হোৱাত কোনো ধৰণৰ বাধা নাই। সাধাৰণতে উচ্চ শিক্ষিত আৰু পৰিপক্ক ৰাজনৈতিক জ্ঞানৰ অধিকাৰী লোকসকলকহে ৰাজ্যিক পৰিষদলৈ নিৰ্বাচিত কৰা হয়।

    পৰিষদৰ সভাপতিঃ ৰাজ্যিৰ পৰিষদৰ সভাত সভাপতিত্ব কৰাৰ লগতে ইয়াৰ কাম - কাজবিলাক পৰিচালনা কৰিবৰ বাবে এবছৰীয়া কাৰ্যকালৰ বাবে সদস্যসকলৰ মাজৰ পৰা এজন সভাপতি আৰু এজন উপসভাপতিক নিৰ্বাচন কৰি লোৱা হয়। একোখন কেণ্টনৰ পৰাই সভাপতি আৰু উপসভাপতিক একেৰাহে দুখন অধিৱেশনৰ বাবে নিৰ্বাচন কৰিব নোৱাৰি। ৰাজ্যিক পৰিষদৰ সভাপতি নিৰ্ণায়ক ভোটদানৰ ক্ষমতা আছে।

    বৈঠকঃ ৰাজ্যিক পৰিষদৰ অধিৱেশন বছৰত এবাৰকৈ অনুষ্ঠিত হয়। অৱশ্যে যুক্তৰাষ্ট্ৰীয় পৰিষদ নতুন ৰাষ্ট্ৰীয় পৰিষদৰ ১/৪ অংশ সদস্যৰ অনুৰোধমৰ্মে নতুবা ৫ খন কেণ্টনৰ অনুৰোধমৰ্মে পৰিষদৰ বিশেষ অধিৱেশন অনুষ্ঠিত  হব পাৰে।

    ৰাষ্ট্ৰীয় পৰিষদঃ ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় সভাৰ নিম্ন সদনক ৰাষ্ট্ৰীয় পৰিষদ বোলা হয়। ইয়াৰ সদস্য সংখ্যা ২০০ জন। সদস্যসকলক প্ৰত্যক্ষ নিৰ্বাচনৰ জৰিয়তে সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত নিৰ্বাচন কৰা হয়। যিহেতুকে পৰিষদৰ সদস্যসকলক জনসংখ্যাৰ ওপৰত ভিত্তি কৰি নিৰ্বাচন কৰা হয়, সেয়েহে ৰাষ্ট্ৰীয় পৰিষদৰ সদস্যসকলক জনসংখ্যাৰ ওপৰত ভিত্তি কৰি নিৰ্বাচন কৰা হয়, সেয়েহে ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য সংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে। সাধাৰণতে ২৪০০০ জনসংখ্যাৰ একোটা এলেকাৰ পৰা এজনকৈ প্ৰতিনিধি নিৰ্বাচন কৰা হয়। 

    কাৰ্যকালঃ ৰাষ্ট্ৰীয় পৰিষদৰ কাৰ্যকাল ৪ বছৰ। নিৰ্দ্ধাৰিত কাৰ্যকালৰ পূৰ্বে পৰিষদখন ভংগ নহয়। কিন্ত সংবিধান সম্পৰ্ণূ সংশোধন সম্পৰ্কত যুক্তৰাষ্ট্ৰীয় সভাৰ দুয়োখন সদনৰ মাজত মতানৈক্যই দেখা দিলে নিৰ্দ্ধাৰিত কাৰ্যকাল শেষ হোৱাৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰিষদখন ভংগ হব পাৰে।

    সভাপতিঃ ৰাষ্ট্ৰীয় পৰিষদৰ সভাত সভাপতিত্ব কৰিবলৈ আৰু সদনৰ কাম - কাজ পৰিচালনা কৰিবৰ কাৰণে এবছৰীয়া কাৰ্যকালৰ বাবে পৰিষদৰ সদস্যসকলৰ মাজৰ পৰা এজন সভাপতি আৰু এজন উপসভাপতি নিৰ্বাচিত কৰি লোৱা হয়। ৰাষ্ট্ৰীয় পৰিষদৰ সভাপতিজনৰ নিৰ্ণায়ক ভোটদানৰ ক্ষমতা আছে।

 Type - Boby Bora 


Post Id: DABP002852