ধৰ্ম আৰু ৰাজনীতিঃ ধৰ্মনিৰপেক্ষবাদ আৰু সাম্প্ৰদায়িকতাবাদৰ ওপৰত বিতৰ্ক

(Religion and Politics : Debates on Secularism and Communalism)

অধ্যায় ৫

প্ৰশ্নাৱলী

চমু প্ৰশ্ন (Very Short Questions)ঃ

১) কাৰ নেতৃত্বত জাতীয় সামাজিক সন্মিলন আৰম্ভ কৰা হৈছিল ?

উত্তৰঃ মহাদেৱ গোবিন্দ ৰাণাডেৰ নেতৃত্বত জাতীয় সামাজিক সন্মিলন আৰম্ভ কৰা হৈছিল।


২) কোন চনত আৰু কাৰ উপদেশমতে জাতীয় সামাজিক সন্মিলনবোৰ বন্ধ কৰি দিয়া হৈছিল?

উত্তৰঃ ১৮৯৫ চনত বাল গংগাধৰ তিলকৰ উপদেশমতে জাতীয় সামাজিক সন্মিলনবোৰ বন্ধ কৰি দিয়া হৈছিল।


৩) Age of Consent Bill এ ছোৱালীৰ বিবাহৰ বয়স কিমান কৰিব বিচাৰিছিল ?

উত্তৰঃ Age of Consent Bill এ ছোৱালীৰ বিবাহৰ বয়স ১২ কৰিব বিচাৰিছিল।


৪) Age of Consent Bill- ৰ বিৰোধিতা কৰা দুগৰাকী জাতীয়তাবাদী নেতাৰ নাম লিখা।

উত্তৰঃ Age of Consent Bill- ৰ বিৰোধিতা কৰা দুগৰাকী জাতীয়তাবাদী নেতাৰ নাম হল- বংকিম চন্দ্ৰ চেটাৰ্জী, বাল গংগাধৰ তিলক।


৫) হিন্দুত্ববাদৰ উথানৰ লগত জড়িত কিছু ঘটনাৰ উল্লেখ কৰা।

উত্তৰঃ উদাহৰণস্বৰূপে স্বামী বিবেকানন্দই বিশ্বাস কৰিছিল যে সংস্কাৰৰ ঠাইত হিন্দু ধৰ্ম নিজৰ প্ৰকৃত ৰূপলৈ অভ্যুত্থান কৰিব লাগিব।


৬) দিল্লীত শিখধৰ্মীসকলৰ ওপৰত কোন চনত পৰিকল্পিতভাৱে আক্ৰমণ কৰা হৈছিল?

উত্তৰঃ দিল্লীত শিখধৰ্মীসকলৰ ওপৰত ১৯৮৪ চনত পৰিকল্পিতভাৱে আক্ৰমণ কৰা হৈছিল।


চমু প্ৰশ্ন (Short type Questions)ঃ

১) ধৰ্মীয় ৰাজনীতি বুলিলে কি বুজা ?

উত্তৰঃ যেতিয়া ধৰ্ম ৰাজনীতৰ উপস্থাপনৰ ভিত্তি আৰু ৰাজনীতিৰ কাৰণ হৈ উঠে আৰু এনে অৰ্থত ধৰ্মই নিজে একধৰণৰ ৰাজনীতিৰ ৰূপ লয়। ইয়াৰ উদাহৰণ হল ধৰ্মীয় পৰম্পৰাৰ পুনৰ বিশ্লেষণ কৰি জাতীয়তাবাদ বা ৰাষ্ট্ৰীয়বাদৰ ব্যাখ্যা কৰা হয় কোনো এক বিশেষ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ লক্ষ্যৰে।


২) ধৰ্ম আৰু ৰাজনীতিৰ সম্পৰ্কৰ বিষয়ে গান্ধীজীৰ ধাৰণা কি আছিল ?

উত্তৰঃ ধৰ্ম আৰু ৰাজনীতিৰ সম্পৰ্কত গান্ধীজীৰ ধাৰণা হল- ধৰ্মই ৰাজনীতিৰ নৈতিক দিশ নিৰ্ধাৰণ কৰি দিয়া উচিত। তেওঁৰ মতে ধৰ্ম আৰু ৰাজনীতি দুয়োটাৰে পৰিসৰ যথেষ্ট বহল। তেওঁ হিন্দু ধৰ্মৰ পৰা বহুখিনি আদৰ্শৰ ব্যৱহাৰ কৰিছিল স্বাধীনতা আন্দোলনত। কিন্তু একে সময়তে তেওঁ আন ধৰ্ম যেনে ইছলাম বা খ্ৰীষ্টধৰ্মৰ পৰাও বহু শিকিবলগীয়া আদৰ্শক আঁকোৱালি লৈছিল।


৩) Age of Consent Bill- ৰ চাৰিওপিনে গঢ়ি উঠা বিতৰ্ক আলোচনা কৰা।

উত্তৰঃ Age of Consent Bill- ৰ বিতৰ্ক আছিল বাল্যবিবাহৰ ন্যূনতম বয়স বঢ়োৱাৰ বাবে চাৰিওপিনে গঢ়ি উঠা বিতৰ্ক। এই বিধেয়কমতে ছোৱালীৰ বিবাহৰ ন্যূনতম বয়স দহ বছৰ পৰা বৃদ্ধি কৰি বাৰ বছৰ কৰিব লাগে।


৪) স্বাধীনতাৰ পুৰ্বে হিন্দু- মুছলমানৰ মাজত বিভাজন আনিবলৈ ব্ৰিটিছে লোৱা কিছু পদক্ষেপ উল্লেখ কৰা।

উত্তৰঃ

৫) ধৰ্মনিৰপেক্ষতা বুলিলে কি বুজা ?

উত্তৰঃ সকলো ধৰ্মৰ পৰা সমান নীতিগত দূৰত্ব বজাই ৰখা আৰু প্ৰয়োজন সাপেক্ষে হস্তক্ষেপ কৰা। কিন্তু হস্তক্ষেপ নীতি নিৰপেক্ষ হব লাগিব। সাংবিধানিক ব্যৱস্থা অনুসৰি ভাৰতীয় সংবিধানে ধৰ্মনিৰপেক্ষতা কাৰ্যকৰী কৰাৰ বাবে যথেষ্ট ব্যৱস্থা কৰিছে।


ৰচনাধৰ্মী প্ৰশ্ন (Essay type Questions)ঃ

১) ধৰ্মীয় ৰাজনীতিৰ ওপৰত প্ৰচলিত ধাৰণাসমূহ আলোচনা কৰা।

উত্তৰঃ ধৰ্মীয় ৰাজনীতিয়ে ধৰ্মৰ ৰাজনীতিকৰণৰ পথ প্ৰশস্ত কৰে। এনেক্ষেত্ৰত ৰাজনীতিৰ বিষয়বোৰ কোনো এটা ধৰ্মীয় সম্প্ৰদায়ে ঠিক কৰি দিয়ে আৰু সেই ধৰ্মীয় সম্প্ৰদায়ক আকৰ্ষিত কৰাৰ প্ৰচেষ্টা চলোৱা হয়। সেয়ে ধৰ্মীয় ৰাজনীতিয়ে একে সময়তে সকলো ধৰ্মৰ মানুহক সামৰি লবলৈ অসমৰ্থ। এনে ঠেক ৰাজনৈতিক ধাৰণাই এটা সময়ত কেৱল হিন্দু, মুছলমান, খ্ৰীষ্টান বা আন কোনো এটা ধৰ্মৰ ব্যক্তিসকলকহে আকৰ্ষিত কৰে। উদাহৰণস্বৰূপে কোনো এটা ৰাজনৈতিক দলে হয়তো মুছলমানসকলৰ স্বাৰ্থ ৰক্ষাৰ দাবী কৰিব নাইবা হিন্দুৰ পৰিচয়ৰ পৰিৱৰ্তন ঘটোৱাৰ চেষ্টা কৰিব পাৰে। এনে মতাদৰ্শ আৰু ৰাজনৈতিক সংগঠনে সমস্যাৰ সৃষ্টি কৰে যেতিয়া এটা ধৰ্মৰ প্ৰতি থকা আনুগত্যক জাতীয়তাবাদৰ ৰূপ দিয়াৰ প্ৰচেষ্টা কৰা হয়। ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ দৰে সংগঠনবোৰে সাংস্কৃতিক জাতীয়তাবাদৰ পৃষ্ঠপোষকতা কৰে আৰু কয় যে ভাৰত সাংস্কৃতিকভাৱে হিন্দু, ভাৰতবৰ্ষৰ বহু সাংস্কৃতিক চৰিত্ৰক সমৰ্থন কৰাসকলে এই ধাৰণাৰ বিৰোধিতা কৰে। ধৰ্মীয় ৰাজনীতিয়ে প্ৰায়ে সাম্প্ৰদায়িকতাবাদৰ সৃষ্টি কৰে আৰু ইয়াৰ উদাহৰণ পাকিস্তান, বাংলাদেশ, আফগানিস্তানকে ধৰি আন বহুকেইখন ৰাষ্ট্ৰ দেখা যায়।

    পিছে ইয়াতে এটা কথা স্পষ্ট কৰি দিয়া উচিত যে কেৱল নিজৰ ধৰ্মীয় পৰিচয়ক লৈ গৌৰৱবোধ কৰিলেই ধৰ্মীয় ৰাজনীতিৰ সৃষ্টি নহয়। মহাত্মা গান্ধী আৰু ভি ডি সভৰকাৰ দুয়োজনে বিশ্বাস কৰিছিল যে ধৰ্ম আৰু ৰাজনীতিৰ মাজত এটা সম্পৰ্ক অনিবাৰ্য। পিছে গান্ধী আৰু সভৰকাৰৰ হিন্দু কোন ৰ ধাৰণা ভিন্ন আছিল। গান্ধীজীয়ে হিন্দু ধৰ্মৰ আধ্যাত্মিক দিশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল আৰু তেওঁৰ মতে ধৰ্মই ৰাজনীতিৰ নৈতিক দিশ নিৰ্ধাৰণ কৰি দিয়া উচিত। তেওঁৰ মতে ধৰ্ম আৰু ৰাজনীতি দুয়োটাৰে পৰিসৰ যথেষ্ট বহল। তেওঁ আন ধৰ্ম যেনে ইছলাম বা খ্ৰীষ্টধৰ্মৰ পৰাও বহু শিকিবলগীয়া আদৰ্শক আঁকোৱালি লৈছিল। 


২) ভাৰতবৰ্ষত ধৰ্মীয় ৰাজনীতিকৰণ ধাৰণাৰ বিকাশ আলোচনা কৰা।

উত্তৰঃ ভাৰতত ধৰ্মীয় ৰাজনীতিৰ এটা দীঘলীয়া ইতিহাস আছে। বহু স্বনামধন্য দাৰ্শনিকে এই ধাৰণাৰ উত্থানত উদ্গনি যোগাইছে যদিও এওঁলোকে ধৰ্মৰ সংকীৰ্ণ ৰাজনীতিক সমৰ্থন কৰে বুলি কোৱাটো ভূল হব। ধৰ্মীয় পুনৰুত্থানৰ ইতিহাস প্ৰায় এশ বছৰৰ অধিক পুৰণি। ঊনবিংশ শতিকাৰ শেষৰ দশকত ধৰ্মীয় উত্থানৰ ভিত্তিত গঢ়ি উঠা ৰাজনীতি ভাৰতবৰ্ষৰ বেংগল আৰু মহাৰাষ্ট্ৰত দেখা যায়। সেই সময়ত সামাজিক আৰু ৰাজনৈতিক আন্দোলনবোৰ মূলতঃ এই দুটা অঞ্চলতে কেন্দ্ৰীভূত হৈ আছিল। এই নতুনকৈ গা কৰি উঠা আন্দোলনে ইয়াৰ আগতে প্ৰচলিত কিছু বিতৰ্কিত প্ৰথা যেনে- বাল্য বিবাহ, বিধৱাসকলৰ ওপৰত চলা অত্যাচাৰ, নাৰীক শিক্ষাৰ পৰা বঞ্চিতকৰণ ইত্যাদিৰ দৰে সমস্যাৰ বিৰোধিতা কৰা সামাজিক আৰু সংস্কাৰমূলক আন্দোলনবোৰৰ ঠাই লবলৈ আৰম্ভ কৰিলে। সংস্কাৰমূলক আন্দোলনৰ ঠাই পুনৰুত্থানমূলক আন্দোলন ললে।


৩) ভাৰতবৰ্ষত হিন্দুত্ববাদ উত্থানৰ আলোচনা কৰা।

উত্তৰঃ ভাৰতবৰ্ষত এই উত্থানে তিনি ধৰণৰ ৰূপ লৈছিল-

১) প্ৰথমে ভাৰতৰ কিছু পৰম্পৰাক বহুলভাৱে প্ৰচাৰ কৰা হয় আৰু আধ্যাত্মিক দিশত ভাৰতৰ ব্ৰিটিছৰ ওপৰত আধিপত্য প্ৰতিপন্ন কৰাৰ চেষ্টা কৰা হয় যদিও আন দিশত ভাৰতৰ ব্ৰিটিছৰ ওপৰত আধিপত্য প্ৰতিপন্ন কৰাৰ চেষ্টা কৰা হয় যদিও আন দিশত ভাৰত ব্ৰিটিছৰ তুলনাত পিছ পৰি আছিল।

২) ভাৰতৰ সংস্কৃতিৰ ওপৰত ভিত্তি কৰি ভাৰতীয়তা নিৰ্ণয় কৰাৰ চেষ্টা অৰ্থাৎ ভাৰতীয় হবলৈ হলে কেৱল ভাৰতবৰ্ষত বসবাস কৰিলেই নহব, ভাৰতবৰ্ষৰ পৰম্পৰাবোৰক আঁকোৱালি লব লাগিব। ইয়াতে সাংস্কৃতিক জাতীয়তাবাদৰ আৰম্ভণিৰ আভাস পোৱা যায়।

৩) বহু চেষ্টা কৰা হয় যীশুখ্ৰীষ্টতকৈ শ্ৰীকৃষ্ণক উৎকৃষ্ট দেৱ বুলি প্ৰমাণ কৰিবলৈ।

পিছে এই তিনিওটা ধাৰা হিন্দুত্ববাদক বেংগলৰ বৰ বেছি আগুৱাই লৈ নাযায়। মহাৰাষ্ট্ৰত আৰম্ভ হোৱা এই উত্থানে আন এক ৰূপ ধাৰণ কৰিছিল। মহাৰাষ্ট্ৰৰ ক্ষেত্ৰতো আধ্যাত্মিক উপাদান দেখা গৈছিল আৰু ব্ৰাহ্মণ্যবাদৰ আধিপত্য পৰিলক্ষিত হৈছিল। এয়া স্পষ্ট হৈ উঠিছিল জ্যোতিৰাও ফুলেৰ পিছপৰা জাতিক লৈ কৰা কাম-কাজবোৰত আৰু তেওঁ এনে উত্থানৰ বিৰোধিতা কৰিছিল।


৪) ভাৰতবৰ্ষৰ ইছলামিক মৌলবাদৰ উথানৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ইছলামিক সাম্প্ৰদায়িকতাবাদৰ উত্থানৰ বীজ ব্ৰিটিছে ৰোপন কৰি থৈ গৈছিল। ১৯০৯ চনৰ ভাৰত পৰিষদ আইনৰ জৰিয়তে মুছলমানসকলক পৃথক নিৰ্বাচকমণ্ডলী প্ৰদান কৰা হয় ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামক দুৰ্বল কৰাৰ লক্ষ্যৰে। ইয়াৰ পিছত বংগ বিভাজন,মুছলিম লীগক তোষামোদ ইত্যাদিয়ে ভাৰতবৰ্ষক এটি সাম্প্ৰদায়িক পৰিস্থিতিৰ প্ৰেক্ষাপট গঢ়ি তোলে। আৰু ইয়াৰ ফলস্বৰূপে ভাৰত স্বাধীন হোৱাৰ সময়ত দেশ বিভাজনো হয়। স্বাধীনতা আন্দোলনৰ সময়তে আৰম্ভ হোৱা সাম্প্ৰদায়িকতাবাদে আজিও মাজে সময়ে ভাৰতৰ সামাজিক জীৱনত প্ৰভাৱ বিস্তাৰ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে।

    স্বাধীনতাৰ পিছত যদিও কোনো ভাৰতীয় ৰাজনৈতিক দলে উগ্ৰ ইছলামিক ধাৰণা আৰু বিচিন্নতাবাদক সমৰ্থন নকৰে, প্ৰায় অভিযোগ উত্থাপন হয় যে পাকিস্তানে ভাৰতত ধৰ্মীয় মৌলবাদৰ উত্থানক উদ্গনি যোগাই আছে। শাসক শ্ৰেণীৰ ওপৰতো অবিযোগ উত্থাপন হয় যে ইছলাম ধৰ্মাৱলম্বীসকলৰ সৰ্বাংগীণ উন্নয়নৰ ঠাইত এই সম্প্ৰদায়টোক কেৱল ভোটবেংকৰ ৰূপত ব্যৱহাৰ কৰা হয়।


৫) ভাৰতীয় সংবিধানত কেনেকৈ ধৰ্মনিৰপেক্ষতাক কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰা হৈছে মূল্যায়ন কৰা।

উত্তৰঃ ভাৰতবৰ্ষৰ ক্ষেত্ৰত ধৰ্মনিৰপেক্ষতাৰ পশ্চিমীয়া ধাৰণাটো মানি লোৱা হোৱা নাছিল, কাৰণ, ভাৰতবৰ্ষত ধৰ্ম আৰু ৰাষ্ট্ৰৰ চৰম পৃথকীকৰণ একপ্ৰকাৰ অসম্ভৱ। ইয়াৰ পৰিৱৰ্তে ৰাজনীতি বিজ্ঞানী ৰাজীৱ ভাৰ্গৱে কৈছে যে কিছু ধৰ্মীয় অনুষ্ঠান আৰু আন ৰাজহুৱা অনুষ্ঠানৰ মাজত এটা ব্যৱধান থকা উচিত। ভাৰতীয় ধৰ্মনিৰপেক্ষতাৰ ওপৰত কৰা আলোচনাত ভাৰ্গৱে উল্লেখ কৰিছে যে ভাৰতবৰ্ষই স্বাধীনতাৰ সময়ত সমাজবাদ আৰু গণতন্ত্ৰৰ লগতে ধৰ্মনিৰপেক্ষতাক আঁকোৱালি লৈছিল, কিন্তু সেই সময়ত দেশ বিভাজনৰ তিতা-কেঁহা অভিজ্ঞতাই কোনোধৰণৰ ধৰ্মীয় অনুষ্ঠানৰ বৰ্ধিত প্ৰভাৱ সমৰ্থন কৰা নাছিল।

    ইয়াৰ উপৰি ইউৰোপৰ বছনিয়াত সংঘটিত হোৱাৰ দৰে পৰিস্থিতি যাতে ভাৰতত সৃষ্টি নহয়, ভাৰতবৰ্ষই বিভিন্ন সম্প্ৰদায়ৰ বাবে ভিন্ন নিৰ্বাচকমণ্ডলী, ধৰ্মৰ ভিত্তিত শিক্ষানুষ্ঠান বা কৰ্মক্ষেত্ৰত আসন সংৰক্ষণ আৰু ৰাজ্যবোৰক ধৰ্মৰ ভিত্তিত পুনৰ্গঠন কৰাৰ পৰা বিৰত থাকিল। সেয়ে ৰাষ্ট্ৰীয় অনুষ্ঠানবোৰৰ পৰা ধৰ্মক যথাসম্ভৱ পৃথক কৰি ৰখা হল।


৬) ভাৰতবৰ্ষত ধৰ্মনিৰপেক্ষতাৰ প্ৰতি থকা প্ৰত্যাহ্বানবোৰ আলোচনা কৰা।

উত্তৰঃ ভাৰতবৰ্ষত ধৰ্মনিৰপেক্ষতাৰ প্ৰতি থকা প্ৰত্যাহ্বানবোৰ হল-

(ক) স্বাধীনতা আন্দোলনৰ প্ৰকৃতিঃ সুদীপ্ত কবিৰাজে ধৰ্মনিৰপেক্ষতাৰ ওপৰত আগবঢ়োৱা আলোচনাবোৰত বাৰে বাৰে কৈছে যে ভাৰতবৰ্ষৰ বুৰ্জোৱা শ্ৰেণীয়ে আধুনিকীকৰণৰ বাবে প্ৰয়োজনীয় সাংস্কৃতিক পূৰ্বচৰ্তবোৰ পৰিপূৰ্ণ কৰাত অসফল হৈছে। স্বাধীনতাৰ পূৰ্বে আন্দোলনকাৰীসকলে অনুভৱ কৰিছিল যে গভীৰভাৱে ধৰ্মীয় সমাজ এখনত ধৰ্মনিৰপেক্ষতাৰ ভিত্তিত গঢ়ি উঠা পৰিচয় শক্তিশালী নহব। আৰু স্বাধীনতাৰ পিছতো এই কথাত গুৰুত্ব প্ৰদান কৰা নহল। নতুনকৈ স্বাধীন হোৱা দেশখনত নিয়মীয়াকৈ সাংস্কৃতিক আৰু ৰাজনৈতিক প্ৰচেষ্টাৰ প্ৰয়োজনীয়তা আছিল।

(খ) সাম্প্ৰদায়িক দলৰ ভূমিকাঃ স্বাধীনতাৰ পিছত ভাৰতবৰ্ষই ধৰ্মনিৰপেক্ষতাৰ ধাৰণাক আঁকোৱালি লৈছিল আৰু ইয়াতে সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ কোনো অস্তিত্ব থকাৰ কথা নাই। কিন্তু এতিয়াও ভাৰতবৰ্ষত কিছু সাম্প্ৰদায়িক ৰাজনৈতিক দলে সক্ৰিয় ভূমিকা পালন কৰি আছে। এনে সাম্প্ৰদায়িক দলে সমাজত এটা সংকীৰ্ণ দৃষ্টিভংগীৰ সৃষ্টি কৰে। এই দলবোৰে নিজৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত সাম্প্ৰদায়িক ঘৃণা বিয়পাবলৈ কুণ্ঠাবোধ নকৰে। এই দলসমূহৰ নেতৃবৰ্গয়ো জানে যে কেৱল সাম্প্ৰদায়িক বিষবাষ্প বিয়পাইহে তেওঁলোকে নিজৰ আধিপত্য ৰক্ষা কৰিব পাৰিব। এনে দলবোৰ দেশৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰৰ প্ৰতিএক ভয়ংকৰ ভাবুকিৰ সৃষ্ট কৰে।

(গ) চৰকাৰৰ ভূমিকাঃ বহুতৰ মতে সাম্প্ৰদায়িকতাবাদক জীয়াই ৰখাত চৰকাৰেও এটা ভূমিকা পালন কৰে। কেন্দ্ৰ আৰু ৰাজ্যিক স্তৰত বহু মন্ত্ৰী-আমোলাই কোনো এক বিশেষ সম্প্ৰদায়ৰ সমৰ্থন লাভ কৰাৰ আশাৰে সাম্প্ৰদায়িক মন্তব্য কৰে। ইয়াৰ ফলত সম্প্ৰদায়বোৰৰ মাজৰ সম্পৰ্ক বিনষ্ট হৈ পৰে। এনে ৰাজনৈতিক দল আৰু চৰাকাৰী সংগঠনবোৰে সাম্প্ৰদায়িক সংঘৰ্ষৰ মূল কাৰণবোৰ উলিয়াই লোৱাৰ ওপৰত কোনোধৰণৰ গুৰুত্ব পৰ্ৰদান নকৰে।


Question type- Leena Kakati

Answered By- Leena Kakati

Post ID: DABP002247