ভূমি সম্পদ আৰু কৃষিকাৰ্ষ | অধ্যায় ৫ | Chapter 5 | Class 12 Geography Solution Assamese | HS 2nd Year Geography Notes |



ভূমি সম্পদ আৰু কৃষিকাৰ্ষ

অধ্যায় ৫

_________________________


১। অনুশীলনী

(i) তলৰ কোনটো ভূমি ব্যৱহাৰৰ শ্ৰেণীভুক্ত নহয়?

(ক) পতিত ভূমি                 (গ) প্ৰকৃত শস্য সিঁচা ভূমি

(খ) প্ৰান্তীয় ভূমি                 (ঘ) কৃষি সম্ভৱ পতিত ভূমি

উত্তৰঃ (খ) প্ৰান্তীয় ভূমি।

(ii) যোৱা চল্লিশ বছৰত বনভূমিৰ অংশ বৃদ্ধি হোৱাৰ কাৰণটো কি কোনটো ---

(খ) বনানিকৰণৰ বিস্ততৃত কাৰ্যসূচী ৰূপায়ন (খ) বনানী বৃদ্ধিৰ বাবে চৰকাৰে অধিসূচনা জাৰি

(গ) সামূহিক বন ভূমিৰ বৃদ্ধি            (ঘ) বনাঞ্চল পৰিচালনাৰ বাবে মানুহৰ সহযোগ

উত্তৰঃ 

(iii) জলসিঞ্চিত ভূমিৰ অৱনমনৰ ধৰণ কোনটো?

 (ক) লোৰ বা গালি খনন            (গ) মৃত্তিকাৰ লৱণীকৰণ

(খ) বায়ৱীয় খনন                       (ঘ) স্খলিত মৃত্তিকা দ ঠাইত জমা হোৱা

উত্তৰঃ (গ) মৃত্তিকাৰ লৱণীকৰণ।

(iv) শুষ্ক কৃষিভূমিত  তলৰ কোন শস্য উৎপন্ন কৰা নহয় -

(ক) ৰাগি                (গ) বাদাম

(খ) জোৱাৰ            (ঘ) কুঁহিয়াৰ

উত্তৰঃ (ঘ) কুঁহিয়াৰ।

(v) তলত দিয়া দেশসমূহৰ কোনটো গোটত HYV বা অধিক উৎপাদনক্ষম ঘেঁহু আৰু ধান বিকশিত হৈছিল?

(ক) জাপান আৰু অষ্ট্ৰেলিয়া             (গ) মেক্সিকো আৰু ফিলিপাইন

(খ) আমেৰিকা য়ুক্তৰাষ্ট্ৰ আৰু জাপান    (ঘ) মেক্সিকো আৰু ছিংগাপুৰ

উত্তৰঃ  (গ) মেক্সিকো আৰু ফিলিপাইন।

২। তলত দিয়া প্ৰশ্নবোৰ ৩০টামান শব্দৰ ভিতৰত উত্তৰ লিখা।

(i) পতিত ভূমি আৰু কৃষিযোগ্য পতিত ভূমিৰ মাজত পাৰ্থক্য কি?

উত্তৰঃ  পতিত ভূমি আৰু কৃষিযোগ্য পতিত ভূমিৰ মাজত পাৰ্থক্য হৈছে-

(১) পতিত ভূমি বুলি ক'লে অৰ্থনৈতিক ভাৱে উৎপাদনহীন, পৰিস্থিতিক দেশৰ পৰা অনুপযুক্ত আৰু পাৰিপাশ্চিকভাৱে অধোগামী ভূমিকে বুজায়। ভাৰতবৰ্ষত মুঠ মাটিকালিৰ আধাৰো বেছি ভূমি পতিত ভূমি। আনহাতে, কৃষিযোগ্য পতিত ভূমি পাঁচ বা ততোধিক বছৰ চন পৰি থকা ভূমি এই বৰ্গৰ ভূমি ভুক্ত। ভূমিৰ বিবাদ, নিৰাপত্তাৰ অভাৱ, পানীৰ যোগান ব্যাহত হ'লে কৃষি ব্যহত হৈ পৰে। এনে ভূমি পুনৰুদ্ধাৰ জৰিয়তে কৃষিকাৰ্যৰ উপযোগী কৰি তুলিব পৰা যায়।

(ii) প্ৰকৃত শস্য় ভূমি আৰু মুঠ কৃষিভূমিৰ মাজত পাৰ্থক্য়?

উত্তৰঃ 

(iii) ভাৰতৰ দৰে দেশত বৰ্ধিত কৃষি গাঢ়তাৰ প্ৰয়োজনীয়তা কি?

উত্তৰঃ

৩। তলত দিয়া প্ৰশ্নবোৰ ১৫০টামান শব্দত উত্তৰ দিয়া।

(i) ভূমি-সম্পদৰ লগত জড়িত বিভিন্ন পৰিবেশিক সমস্য়াবোৰ কি?

উত্তৰঃ ভূমি-সম্পদৰ লগত জড়িত বিভিন্ন পৰিবেশিক সমস্যাবোৰ হৈছে-

(১) যিকোনো দ্বিতীয়ক, তৃতীয়ক আদি কৃষিবোৰৰ তুলনাত কৃষিকাৰ্য সৰ্বাধিক মাত্ৰাত ভূমি নিৰ্ভৰশীল। কৃষিজাত সম্পদৰ উৎপাদনৰ পৰিমাণগত মানৰ ওপৰত কৃষিভূমিৰ গুণাগুণৰ পৰিমাণ সৰ্বাধিক। সেয়েহে উপযুক্ত কৃষিভূমিৰ সীমাবদ্ধতাই কৃষিকেন্দ্ৰিক গ্ৰামীণ ভাৰতৰ অৰ্থনৈতিক অনগ্ৰসৰতাৰ পূৰ্ণ প্ৰতিফলন ঘটায়। সেয়েহে কৃষি ভূমিৰ গুণাগুণ উৎপাদন আৰু গ্ৰাম্য দৰিদ্ৰতা ওতপ্ৰোতভাৱে জড়িত।

(২) কৃষিজাত দ্ৰব্যৰ গুণ আৰু পৰিমাণৰ ওপৰত কৃষিভূমিৰ গুণাগুণে প্ৰভাৱ পেলোৱাৰ অনুৰূপ কৃষিভিন্ন আৰু কোনো উৎপাদনৰ ওপৰত উৎপাদন ক্ষেত্ৰৰ শক্তিশালী প্ৰভাৱ পৰিলক্ষিত নহয়।

(৩) কৃষিপ্ৰধান গ্ৰামাঞ্চলত কৃষিভূমিৰ পৰিমাণৰ ওপৰত পৰিয়াল বা ব্যক্তিৰ সামাজিক প্ৰতিষ্ঠা, ভাবমূৰ্তি আৰু সকলো প্ৰকাৰৰ সামাজিক মূল্যবোধ আৰু প্ৰতিপত্তি নিৰ্ভৰ কৰে। আনকি অধিক উৎপাদন নোহোৱা অৱস্থাতো ভূ-স্বামীয়ে (ভূমিৰ গৰাকী) কৃষিভূমিৰ পৰিমাণৰ গয়নাতে ঋণ, সামাজিক নিৰাপত্তা আৰু সমাজত উচ্চ আসন পায়।

(ii) স্বাধীনোত্তৰকালত কৃষিৰ উন্নয়নৰ কাৰণে ভাৰত চৰকাৰে লোৱা  আঁচনিবোৰ কি কি উল্লেখ কৰা।

উত্তৰঃ  ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰ্যালয়ৰ কৃষি আৰু সহযোগ বিভাগে একাদশ পৰিকল্পনাৰ সময়ছোৱাত কৃষি শতাংশ বৃদ্ধিৰ লক্ষ্য আগত ৰাখি ২০০৭-০৮ চনৰ পৰা আৰম্ভ কৰে। পুঁজি যোগানৰ গুণত কৃষি তেনেকুৱা সহযোগী বিভাগে একাদশ পৰিকল্পনাৰ সময়ছোৱাত বাৰ্ষিক ৩.৬৪ শতাংশ বৃদ্ধিৰ লক্ষ্যত উপনীত হয়। সেই আঁচনিবোৰ হৈছে-

(১) ৰাজ্যসমূহক উৎসাহ যোগোৱা, যাতে কৃষি আৰু আনুসঙ্গিক খণ্ডত ৰাজহুৱা পুঁজিৰ বৃদ্ধি কৰিব পাৰে।

(২) কৃষি আৰু আনুসঙ্গিক খণ্ডৰ আঁচনিসমূহ পৰিকল্পনা আৰু কাৰ্যকৰীকৰণত ৰাজ্যসমূহক নমনীয়তা আৰু স্বতন্ত্ৰতা দিব লাগে।

(৩) কৃষি বতৰৰ অৱস্থা, কৌশৰ পৰ্যাপ্ততা আৰু প্ৰাকৃতিক সম্পদৰ ওপৰত ভিত্তি কৰি জিলা আৰু ৰাজ্যসমূহে কৃষি আঁচনি প্ৰস্তুত কৰাটো নিশ্চিত কৰা।

(৪) স্থানীয় প্ৰয়োজন\শস্য\অগ্ৰাধিকাৰ সমূহ যাতে ৰাজ্যৰ কৃষি আঁচনিত ভালকৈ প্ৰতিফলিত হয়, সেই কথা নিশ্চিত কৰা।

(৫) প্ৰয়োজনীয় শস্যসমূহ শস্য দিয়া সময়ৰ বিৰতিখিনিৰ মাজত হস্তক্ষেপ কৰি সময় কমোৱা লক্ষ্যত উপনীত হোৱাটো নিশ্চিত কৰা।

(৬) কৃষি আৰু আনুসঙ্গিক খণ্ডত কৃষকে বেছি ফচল পোৱা।

(৭) সামূহিকভাৱে কৌশল সলনি কৰি কৃষি আৰু আনুসঙ্গিক খণ্ডৰ কোনো সংযোগী বস্তুৰ উৎপাদনৰ পৰিমাণ সলনি কৰা।



Author : Pompi Hazarika


Post Id: DABP002681