সামাজিক আন্দোলনঃ শ্ৰমিক, কৃষক, পৰিৱেশ আৰু নাৰী আন্দোলন

 (Social Movements : Workers, Peasants, Environmental and Women's movement)

অধ্যায় ৭

প্ৰশ্নাৱলী

১) সামাজিক আন্দোলন শব্দটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল ?

উত্তৰঃ সামাজিক আন্দোলন শব্দটো প্ৰথমে মহাত্মা গান্ধীয়ে ব্যৱহাৰ কৰিছিল।


২) History of the French Social Movement From 1789 to the Present. গ্ৰন্থখনৰ লেখক কোন ?

উত্তৰঃ History of the French Social Movement From 1789 to the Present. গ্ৰন্থখনৰ লেখক হল- লৰেঞ্জ ভন ষ্টাইন।


৩) এগৰাকী নাৰীবাদী চিন্তাবিদৰ নাম উল্লেখ কৰা।

উত্তৰঃ এগৰাকী নাৰীবাদী চিন্তাবিদৰ নাম হল- সৰোজিনী নাইডু।


৪) চিপ্কো আন্দোলনৰ গুৰি ধৰোঁতা কোন ?

উত্তৰঃ চিপ্কো আন্দোলনৰ গুৰি ধৰোঁতা হল- সুন্দৰলাল বহুগুণা।


৫) ইণ্ডিগ আন্দোলন কত হৈছিল ?

উত্তৰঃ ইণ্ডিগ আন্দোলন বংগত হৈছিল।


৬) কোন চনত নক্সালবাৰী আন্দোলন হৈছিল ?

উত্তৰঃ ১৯৬৭ চনত নক্সালবাৰী আন্দোলন হৈছিল।


৭) '' The Second Sex '' গ্ৰন্থখনৰ লেখক কোন ?

উত্তৰঃ '' The Second Sex '' গ্ৰন্থখনৰ লেখক চিমোন ডি বিউভইৰ।


৮) ভাৰতবৰ্ষৰ প্ৰাক্ স্বাধীনতা কালত সংঘটিত হোৱা যিকোনো দুটা কৃষক আন্দোলনৰ নাম উল্লেখ কৰা।

উত্তৰঃ ভাৰতবৰ্ষৰ প্ৰাক্ স্বাধীনতা কালত সংঘটিত হোৱা যিকোনো দুটা কৃষক আন্দোলনৰ নাম হল- ইণ্ডিগ আন্দোলন আৰু খেড়া আন্দোলন।


৯) নৰ্মদা বচাও আন্দোলনৰ গুৰি ধৰোঁতা কোন ?

উত্তৰঃ নৰ্মদা বচাও আন্দোলনৰ গুৰি ধৰোঁতা হল- মেধা পাটেকাৰ।


১০) অখিল গগৈ নেতৃত্বাধীন সংগঠনটোৰ নাম লিখা।

উত্তৰঃ অখিল গগৈ নেতৃত্বাধীন সংগঠনটোৰ নাম হল- কৃষক মুক্তি সংগ্ৰাম সমিটি।


১১) সামাজিক আন্দোলন বুলিলে কি বুজা ? ইয়াৰ কাৰকসমূহ আলোচনা কৰা।

উত্তৰঃ সামাজিক আন্দোলন হল এটা সংগঠিত সামূহিক প্ৰচেষ্টা যিয়ে সামাজিক পৰিৱৰ্তনৰ সূচনা বা বিৰোধিতা কৰে।

সামাজিক আন্দোলনৰ কাৰণসমূহ হল-

    (১) সাংস্কৃতিক প্ৰৱাহঃ সমাজত অবিৰতভাৱে পৰিৱৰ্তন হৈ আছে। এই পৰিৱৰ্তনৰ প্ৰৱাহে পুৰণি পৰম্পৰা, প্ৰথা, নীতি-নিয়ম, আদৰ্শ আদি লুপ্ত কৰিছে। পুৰণিৰ ঠাইত নতুনক প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰা হৈছে। ইয়াৰ ফলত মানুহে নতুন নতুন ধাৰণাৰ সৃষ্টি কৰিছে। এই ধাৰণাৰ সৃষ্টি কৰিছে। এই ধাৰণাসমূহক সমাজত কাৰ্যকৰী কৰিবলৈ মানুহে কেতিয়াবা সামাজিক আন্দোলন গঢ়ি তোলে।

    (২) সামাজিক বিশৃংখলতাঃ পৰিৱৰ্তনশীল সমাজ এখনত নানান বিশৃংখলতাই দেখা দিয়ে, কাৰণ, পৰিৱৰ্তন সমাজত প্ৰতিটো অংশতে একে সময়ত, একে হাৰত নহয়। কোনোবাটো অংশৰ পৰিৱৰ্তন খৰতকীয়া হয়, আনহাতে, আন কিছুমান অংশৰ পৰিৱৰ্তন যথেষ্ট লেহেমীয়া হয়। ইউৰোপত উদ্যেগ বিপ্লৱৰ ফলত হোৱা ব্যাপক পৰিৱৰ্তনে বহুতো সামাজিক সমস্যাৰ সৃষ্টি কৰিছিল। হঠাৎ পুৰণি ব্যৱস্থাৰ পৰা নতুনলৈ গতি কৰিলে, মানুহৰ মাজত অনিশ্চয়তা, দুমোজা আদিৰ সৃষ্টি হয়। এনে পৰিস্থিতিত আন্দোলন সংঘটিত হয়।

    (৩) সামাজিক অন্যায়ঃ যেতিয়া কোনো লোকে ভাবে যে তেওঁলোকৰ প্ৰতি অন্যায় কৰা হৈছে, তেতিয়া তেওঁলোকে অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ সামাজিক আন্দোলন গঢ়ি তুলিব পাৰে।


১২) সামাজিক আন্দোলন সংঘটিত হোৱাৰ কাৰণসমূহ আলোচনা কৰা।

উত্তৰঃ সামাজিক আন্দোলনৰ কাৰণসমূহ হল-

    (১) সাংস্কৃতিক প্ৰৱাহঃ সমাজত অবিৰতভাৱে পৰিৱৰ্তন হৈ আছে। এই পৰিৱৰ্তনৰ প্ৰৱাহে পুৰণি পৰম্পৰা, প্ৰথা, নীতি-নিয়ম, আদৰ্শ আদি লুপ্ত কৰিছে। পুৰণিৰ ঠাইত নতুনক প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰা হৈছে। ইয়াৰ ফলত মানুহে নতুন নতুন ধাৰণাৰ সৃষ্টি কৰিছে। এই ধাৰণাৰ সৃষ্টি কৰিছে। এই ধাৰণাসমূহক সমাজত কাৰ্যকৰী কৰিবলৈ মানুহে কেতিয়াবা সামাজিক আন্দোলন গঢ়ি তোলে।

    (২) সামাজিক বিশৃংখলতাঃ পৰিৱৰ্তনশীল সমাজ এখনত নানান বিশৃংখলতাই দেখা দিয়ে, কাৰণ, পৰিৱৰ্তন সমাজত প্ৰতিটো অংশতে একে সময়ত, একে হাৰত নহয়। কোনোবাটো অংশৰ পৰিৱৰ্তন খৰতকীয়া হয়, আনহাতে, আন কিছুমান অংশৰ পৰিৱৰ্তন যথেষ্ট লেহেমীয়া হয়। ইউৰোপত উদ্যেগ বিপ্লৱৰ ফলত হোৱা ব্যাপক পৰিৱৰ্তনে বহুতো সামাজিক সমস্যাৰ সৃষ্টি কৰিছিল। হঠাৎ পুৰণি ব্যৱস্থাৰ পৰা নতুনলৈ গতি কৰিলে, মানুহৰ মাজত অনিশ্চয়তা, দুমোজা আদিৰ সৃষ্টি হয়। এনে পৰিস্থিতিত আন্দোলন সংঘটিত হয়।

    (৩) সামাজিক অন্যায়ঃ যেতিয়া কোনো লোকে ভাবে যে তেওঁলোকৰ প্ৰতি অন্যায় কৰা হৈছে, তেতিয়া তেওঁলোকে অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ সামাজিক আন্দোলন গঢ়ি তুলিব পাৰে।


১৩) সামাজিক আন্দোলনৰ বৈশিষ্ট্য আৰু প্ৰকাৰ আলোচনা কৰা।

উত্তৰঃ সামাজিক আন্দোলনৰ বৈশিষ্ট্য হল-

    (১) ই এক সমূহীয়া প্ৰচেষ্টা।

    (২) ইয়াৰ লক্ষ্য হল সমাজত পৰিৱৰ্তন সাধন কৰা।

    (৩) ই সংগঠিত বা অসংগঠিত হব পাৰে।

    (৪) ই শান্তিপূৰ্ণ বা হিংসাত্মক হব পাৰে।

    (৫) ই দীৰ্ঘকালীন বা হ্ৰস্বকালীন হব পাৰে।

    (৬) সামাজিক আন্দোলনৰ এক আদৰ্শ থকা উচিত যি আন্দোলনক ন্যায্যতা প্ৰদান কৰে।

সামাজিক আন্দোলনৰ প্ৰকাৰঃ

    (১) সংস্কাৰকামী আন্দোলনঃ এনে আন্দোলনে প্ৰচলিত সামাজিক ব্যৱস্থাত সংস্কাৰ আনিব বিচাৰে। এনে আন্দোলনে সমাজৰ সম্পূৰ্ণ পৰিৱৰ্তন আনিব নিবিচাৰে, আংশিকভাৱে কিছু সংস্কাৰ আনিব বিচাৰে। উদাহৰণস্বৰূপে- অস্পৃশ্যতা বৰ্জনৰ বাবে আন্দোলন।

    (২) বৈপ্লাৱিক আন্দোলনঃ এই আন্দোলনসমূহে প্ৰচলিত সামাজিক ব্যৱস্থাৰ সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰাৰ বাবে গঢ় লৈ উঠে। এই আন্দোলনসমূহে প্ৰচলিত সামাজিক ব্যৱস্থাৰ সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰাৰ বাবে গঢ় লৈ উঠে। এই আন্দোলনসমূহে ব্যাপক পৰিৱৰ্তনৰ বাবে কাম কৰে। উদাহৰণস্বৰূপে- ভাৰতৰ জাতীয় আন্দোলন, ৰাছিয়াৰ কমিউনিষ্ট আন্দোলন আদি।

    (৩) প্ৰতিক্ৰিয়াশীল বা পুনৰজাগৰণবাদী আন্দোলনঃ এনে আন্দোলনে নতুন পৰিৱৰ্তনৰ বিৰোধিতা কৰে আৰু পৰম্পৰাগত মূল্যবোধ, আদৰ্শ আৰু অনুষ্ঠানক গুৰুত্ব দিয়ে। বৰ্তমানৰ ব্যাপক হাৰত হোৱা পৰিৱৰ্তনসমূহ তেওঁলোকে অস্বীকাৰ কৰে। উদাহৰণ স্বৰূপে- গান্ধীজীৰ খাদী আৰু গ্ৰামোদ্যোগ আন্দোলন।


১৪) নাৰী আন্দোলনৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃ সমাজত বাস কৰা প্ৰতিগৰাকী পুৰুষ আৰু নাৰী সমাজৰ এক অবিচ্ছেদ্য অংগ। জন্মগতভাৱে, নাৰী আৰু পুৰোষ সকলো সমান। সেইসূত্ৰে লিংগ বৈষম্য থকা উচিত নহয়। কিন্তু বাস্তৱিকত এনে হোৱা দেখা নাষায়। পুৰুষতান্ত্ৰিক সমাজত পুৰুষক সদায় নাৰীতকৈ ওপৰত তথা সামৰ্থ্যৱান বুলি গণ্য কৰি অহা হৈছে। পুৰণি কালৰ পৰাই এনে ধাৰণাৰ ফলত নাৰীসকল শোষিত আৰু বঞ্চিত হবলগীয়া হৈ আহিছে। নাৰীক পুৰুষৰ অধীন তথা দ্বিতীয় বা গৌণ লিংগ বুলি অভিহিত কৰা হয়। সমাজত নাৰী আৰু পুৰুষৰ সমান অধিকাৰ তথা সা-সুবিধা থকা উচিত। এনে বিশ্বাসত গঢ় লৈ উঠা আদৰ্শক নাৰীবাদ বুলি কোৱা হয় আৰু এনে বিশ্বাসৰ ভিত্তিত যি আন্দোলন গঢ় লৈ উঠে তাক নাৰী আন্দোলন, নাৰীবাদী আন্দোলন বা নাৰীমুক্তি আন্দোলন বুলি অভিহিত কৰা হয়।

    নাৰী আন্দোলন পোনপ্ৰথমবাৰৰ বাবে আৰম্ভ হৈছিল পাশ্চাত্যৰ দেশসমূহত। ১৮৫০ চনতে আমেৰিকাত নাৰী আন্দোলন গঢ় লৈ উঠিছিল। উদ্যেগ বিপ্লৱৰ দ্বাৰা অনুপ্ৰাণিত হৈ, লগতে পৰম্পৰাগত মূল্যবোধৰ অৱসান আৰু নাৰীসকলৰ অৰ্থনৈতিক স্বাধীনতা আহৰণ ইত্যাদিয়ে নাৰী আন্দোলন গঢ়ি তোলাত যথেষ্ট সহায় কৰিছে। তাৰ আগলৈ নাৰী সকল ভোটাধিকাৰ, সম্পত্তিৰ অধিকাৰ তথা আন আন স্বাধীনতাৰ পৰা বঞ্চিত আছিল।

    আন্তৰ্জাতিক পৰ্যায়ত নাৰী আন্দোলনক তিনিটা পৰ্যায়ত ভাগ কৰিব পাৰি-

    (i) ১৮৪০ৰ দশকঃ এই সময়ছোৱাত ইউৰোপীয় দেশসমূহত নাৰীৰ ৰাজনৈতিক অধিকাৰ, নাগৰিক অধিকাৰ, ভোটাধিকাৰ আদি সুনিশ্চিত কৰিবলৈ আন্দোলন গঢ়ি উঠিছিল। ইয়াৰ আগত নাৰীসকলৰ কোনো ৰাজনৈতিক অধিকাৰ নাছিল। উদাৰতাবাদী দৃষ্টিভংগীৰে এই সময়ত নাৰীৰ শিক্ষা, ভোটাধিকাৰ তথা জীৱিকাৰ বাবে আন্দোলন কৰা হৈছিল। পৰৱৰ্তী সময়ত এই আন্দোলনৰ ভিত্তিত ১৯২০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত আৰু তাৰ পিছত ১৯২৮ চনত ইংলেণ্ডত নাৰীসকলৰ ভোটাধিকাৰ প্ৰদান কৰা হয়।

    (ii) ১৯৬০ দশকঃ এই সময়ছোৱাত নাৰী মুক্তিৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল। দেখা গৈছিল যে, নাৰীসকলৰ নাগৰিক অধিকাৰ বা ৰাজনৈতিক অধিকাৰ প্ৰদান কৰাৰ পাচতো তেওঁলোক পুৰুষতান্ত্ৰিক ব্যৱস্থাৰ শোষণৰ পৰা মুক্তি লাভ কৰা নাছিল। তেওঁলোকক নীচ বুলি ধৰা হৈছিল তথা কেৱল প্ৰজনন ক্ষমতাৰ অধিকাৰী বুলি বিবেচিত কৰা হৈছিল। গতিকে, এনে অৱস্থাৰ পৰা উদ্ধাৰ হবলৈ হলে নাৰীসকলৰ সামাজিক আৰু অৰ্থনৈতিক সমতা থকা উচিত।


১৫) পৰিবেশ সংৰক্ষণৰ বাবে গঢ়ি উঠা আন্দোলনৰ বিষয়ে লিখা।

উত্তৰঃ পৰিৱেশ আন্দোলনৰ অন্যতম হল চিপ্কো আন্দোলন। এই আন্দোলন আৰম্ভ হৈছিল বৰ্তমানৰ উত্তৰাখণ্ড ৰাজ্যৰ হিমালয়ৰ পাদদেশত অৱস্থিত চামোলী জিলাৰ গাড়ৱাল নামৰ ঠাইত। এই অঞ্চল হল প্ৰাকৃতিক বনাঞ্চলেৰে আবৃত এক বৃহৎ অঞ্চল। এই বনাঞ্চলত উন্নত মানৰ কাঠ পোৱাৰ উপৰিও, ঔষধি ভেষজ আদিও পোৱা যায়। লগতে এই বনাঞ্চল হৈছে বহুতো বন্য প্ৰাণীৰ আশ্ৰয়স্থল। কৃষি আৰু পশুপালন হল সেই অঞ্চলৰ প্ৰধান জীৱিকা উপাৰ্জনৰ পথ। মুঠতে জীৱিকা উপাৰ্জনৰ পথ প্ৰত্যক্ষ তথা পৰোক্ষভাৱে সেই অঞ্চলৰ বনজ সম্পদৰ লগত জড়িত। বিশেষকৈ মহিলাসকল সেই পৰিৱেশৰ লগত ওতপ্ৰোতভাৱে জড়িত আছিল আৰু দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীসমূহ বনাঞ্চলৰ পৰাই গোটাইছিল। প্ৰাকৃতিক বনাঞ্চলেৰে আবৃত হোৱা বাবেই ব্যৱসায়িক স্বাৰ্থ পূৰণৰ বাবে বহুত সময়ত এই বনাঞ্চল ধ্বংস ধৰা হৈছিল। মূল্য গছ-গছনি ধ্বংস কৰাৰ ফলত বনাঞ্চল কমি আহিছিল। যাৰ বাবে সেই গাৱৰ বিশেষকৈ মহিলাসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছিল। তেওঁলোকে বহু দূৰলৈ খোজকাঢ়ি দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীসমূহ গোটাবলগীয়া হৈছিল। ইয়াৰ ফলত তেওঁলোকৰ শাৰীৰিক কষ্টৰ উপৰিও সময়ৰো অপচয় হৈছিল। ইয়াৰ উপৰিও বনাঞ্চলৰ পৰিমাণ কমি যোৱাৰ বাবে গৰাখহনীয়া, বানপানী আদিৰ সমস্যাই দেখা দিছিল, যাৰ বাবে গাঁওবাসীয়ে কেতিয়াবা নিজৰ বাসগৃহৰ লগতে খেতি-বাতিও হেৰুৱাবলগীয়া হয়।

    এই বনাঞ্চল ৰক্ষা কৰাৰ অৰ্থে মহিলাসকলে সমবায় তথা গান্ধীবাদী সংগঠন যেনে দাশোলী গ্ৰাম স্বৰাজ সংঘ, গংগোত্ৰী গ্ৰাম স্বৰাজ সংঘ আদিৰ সৈতে একগোট হল। তেওঁলোকৰ উদ্দেশ্য আছিল বনাঞ্চল সংৰক্ষণ আৰু স্থানীয় লোকসকলৰ স্বাৰ্থৰক্ষা। যিসকল মহিলাই এই সংগঠনৰ নেতৃত্ব প্ৰদান কৰিছিল, তেওঁলোকৰ উদ্দেশ্য আছিল বনাঞ্চল সংৰক্ষণ আৰু স্থানীয় লোক সকলৰ স্বাৰ্থৰক্ষা। যিসকল মহিলাই এই সংগঠনৰ নেতৃত্ব প্ৰদান কৰিছিল, তেওঁলোক হল- মীৰা বেন, সৰলা বেন, বিমলা বেন, হীমা দেৱী আদি। মহিলাসকলৰ লগতে পুৰোষ সকলৰ সহযোগিতা আৰু ভূমিকাও আছিল সমানে গুৰুত্বপূৰ্ণ।


১৬) ভাৰতত  সংঘটিত হোৱা কৃষক আন্দোলনসমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ প্ৰাক্ স্বাধীনতা কালৰ পৰাই ভাৰতবৰ্ষত কৃষকৰ আন্দোলন বা বিদ্ৰোহ হৈ আহিছে। উপনিবেশিক ভাৰতৰ আটাইতকৈ উল্লেখযোগ্য কৃষক আন্দোলন আছিল ১৮৫৯-৬২ লৈ বেংগলত সংঘটিত হোৱা ইণ্ডিগ আন্দোলন। ইণ্ডিগ হৈছে এবিধ ফুলৰ গছ। যাক নীল গছ বুলিও কোৱা হয়। প্ৰাক্ স্বাধীনতাৰ কালছোৱাত ব্ৰিটিছ চৰকাৰৰ নিৰ্দেশত বেংগলত নীল খেতি কৰা হৈছিল। কিন্তু যিসকল কৃষক এই খেতিৰ লগত জড়িত আছিল, তেওঁলোকৰ নাছিল। যিয়ে সাহস কৰিছিল, তেওঁলোকক মালিক পক্ষই অতি কঠোৰ শাস্তি প্ৰদান কৰিছিল। তাৰোপৰি, যিসকল কৃষকে বাগানৰ মালিকৰ পৰা ঋণ লৈছিল, সেই ঋণ সময়ত পৰিশোধ কৰিব নোৱাৰাসকলক জেললৈ প্ৰেৰণ কৰিছিল। যেতিয়া এই অত্যাচাৰ আৰু শোষণ অসহ্যকৰ হবলৈ ধৰিলে, তেতিয়া কৃষকসকলে একগোট হৈ প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিলে। বেংগলৰ যিবোৰ ঠাইত এই খেতি কৰা হৈছিল, সকলোবোৰ ঠাইত কৃষক একগোট হয়। 

    ভাৰতৰ স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীৰ অংশগ্ৰহণৰ লগে লগে কৃষক আন্দোলনৰ এক নতুন ধাৰাৰ আৰম্ভণি হৈছিল। গান্ধীজীৰ সত্যাগ্ৰহ, অহিংসা, সত্য আদি আদৰ্শৰে অনুপ্ৰাণিত হৈ চম্পাৰণ সত্যাগ্ৰহ(১৯১৭), খেড়া আন্দোলন(১৯১৮) আদি কৃষক আন্দোলন গঢ়ি উঠিছিল। সেই সময়খিনিতে বিশেষকৈ ১৯২০-১৯৪০ ৰ কালছোৱাত বিভিন্ন কৃষক সংগঠন গঢ় লৈ উঠিছিল। ১৯২৯ত গঢ়ি উঠা Bihar Provincial Kisan Sabha আছিল প্ৰথম কৃষক সংগঠন আৰু তাৰ পাচত গঢ়ি উঠিছিল ১৯৩৬ চনত All India Kisan Sabha। এই সংগঠনসমূহৰ মূল উদ্দেশ্য আছিল কৃষক, বনুৱা আদি দুৰ্বল শ্ৰেণী সমূহক অৰ্থনৈতিক শোষণৰ পৰা উদ্ধাৰ কৰা

    অসমৰ ক্ষেত্ৰতো আমি প্ৰাক্ স্বাধীনতা কালত সংঘটিত হোৱা পথৰুঘাটৰ ৰণ(১৮৯৪), ৰঙিয়া-লাছিমা(১৮৯৩-৯৪), ফুলগুৰী ধেৱা(১৮৬১) আদি কৃষক বিদ্ৰোহৰ কথা সকলোৱে জানো। ব্ৰিটিছসকলৰ অত্যাধিক কৰৰ বোজা সহিব নোৱাৰি কৃষকসকলে আন্দোলন আৰম্ভ কৰিছিল।


১৭) বনুৱাসকলৰ আন্দোলন সম্পৰ্কে বহলাই লিখা।

উত্তৰঃ বনুৱাসকলৰ আন্দোলনে হল শ্ৰমিক আন্দোলন। উপনিৱেশিকতাবাদৰ আৰম্ভণিতে ভাৰতবৰ্ষত শ্ৰম যথেষ্ট সুলভ আছিল। উপনিৱেশিক চৰকাৰে মজুলি তথা কামৰ চৰ্তসমূহ নিয়ন্ত্ৰণ কৰাত গুৰুত্ব আৰোপ কৰা নাছিল। অসমত ১৮৩৯ চনত চাহ কাৰখানা প্ৰতিষ্ঠা হৈছিল। উপনিৱেশিক চৰকাৰে নিজৰ মুনাফা লাভাৰ্থে তথা সুবিধা অনুসৰি এঠাইৰ পৰা আন ঠাইলৈ শ্ৰমিক বা বনুৱা অনা-নিয়া কৰিছিল। সেই সময়ত বেংগল আৰু মাদ্ৰাছত নতুনকৈ সৃষ্টি হোৱা মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ মাজৰ যিসকল ব্ৰিটিছ চৰকাৰৰ চাকৰিয়াল যেনে চিকিৎসক অধিবক্তা আদি আছিল তেওঁলোকক ব্ৰিটিছ চৰকাৰে ভাৰতৰ বিভিন্ন স্থানত নিযুক্তি দিছিল। ইয়াৰ উপৰিও অসমৰ চাহ বাগিচাসমূহ কাম কৰাৰ নিমিত্তে বৰ্তমানৰ ঝাৰখণ্ডৰ পৰা যথেষ্ট সংখ্যক বনুৱাক অসমলৈ আনিছিল। চৰকাৰী নথি অনুসৰি বহুত সময়ত ব্ৰিটিছসকলে অন্যায় তথা জোৰকৈ বনুৱাসকলক আনিছিল আৰু তেওঁলোকক ব্ৰিটিছ চৰকাৰে ভাৰতৰ বিভিন্ন স্থানত নিযুক্তি দিছিল। ইয়াৰ উপৰিও অসমৰ চাহ বাগিচাসমূহ কাম কৰাৰ নিমিত্তে বৰ্তমানৰ ঝাৰখণ্ডৰ পৰা যথেষ্ট সংখ্যক বনুৱাক অসমলৈ আনিছিল। চৰকাৰী নথি অনুসৰি বহুত সময়ত ব্ৰিটিছসকলে অন্যায় তথা জোৰকৈ বনুৱাসকলক আনিছিল আৰু তেওঁলোকক সদায় বাগিছাৰ মালিকসকলৰ স্বাৰ্থত কাম কৰোৱাইছিল। মালিকসকলে প্ৰয়োজন সাপেক্ষে সৰ্বাধিক মুনাফা লাভাৰ্থে বনুৱাসকলৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি কাম আদায় কৰিছিল। ব্ৰিটিছ উপনিবেশিকতাবাদৰ সময়ৰ ভাৰতবৰ্ষত যিমানবোৰ চাহ-বাগান গঢ়ি উঠিছিল, তাৰে সৰহসংখ্যক অসমতেই আছিল। ১৯০৩ চনত ব্ৰিটিছ চৰকাৰে ৪, ৭৯০০ জন স্থায়ী আৰু ৯৩,০০০ জন অস্থায়ী কৰ্মীক চাহবাগানত নিযুক্তি দিছিল। চাহখেতি প্ৰধানকৈ অসমৰ পাহাৰীয়া অঞ্চলবোৰত কৰা হৈছিল।


Question Type- Leena Kakati

Answered By- Leena Kakati

Post ID: DABP002249