তিনিখন মহাদেশ জুৰি বিস্তৃত সাম্ৰাজ্য়

বিষয়বস্তু ৩  

১) চমু উত্তৰ লিখা।

ক) ৰোমান সাম্ৰাজ্য় প্ৰথম সম্ৰাট কোন আছিল ?

উত্তৰঃ ৰোমান সাম্ৰাজ্য় প্ৰথম সম্ৰাট আছিল আগাষ্টাছ। 

খ) ৰোমান সাম্ৰাজ্য়ৰ মূখ্য় ভাষা কি আছিল?

উত্তৰঃ ৰোমান সাম্ৰাজ্য়ৰ মূখ্য় ভাষা হ'ল লেটিন। 

গ) কোনখন সাগৰক ৰোমান সাম্ৰাজ্য়ৰ হৃৎপিণ্ড বুলি গণ্য় কৰা হয় ?

উত্তৰঃ ভূমধ্য় সাগৰক ৰোমান সাম্ৰাজ্য়ৰ হৃৎপিণ্ড বুলি গণ্য় কৰা হয়।

ঘ) চুলিদুছ নামে এবিধ স্বৰ্ণ মুদ্ৰাৰ কোনে প্ৰচলন কৰিছিল ?

উত্তৰঃ চুলিদুছ নামে ইবিধ স্বৰ্ণ মুদ্ৰাৰ কনষ্টাইনটাইনে প্ৰচলন কৰিছিল। 

ঙ) বিশ্বৰ প্ৰথমখন সু-সংগঠিত সাম্ৰাজ্য়ৰ নাম কি ?

উত্তৰঃ বিশ্বৰ প্ৰথমখন সু-সংগঠিত সাম্ৰাজ্য়ৰ নাম ৰোমান সাম্ৰাজ্য়। 

চ)আগষ্টাছ কোন আছিল ?

উত্তৰঃ আগষ্টাছ মুখ্য় নাগৰিক আছিল। 

ছ)পাপিৰাছ মানে কি ?

উত্তৰঃ পাপিৰাজ মানে হ'ল ইজিপ্তৰ নীল নদীৰ উপত্য়কাত উৎপন্ন হোৱা ইঁকৰা জাতীয় উদ্ভিদ। 

জ) প্ৰিঞ্চিপেট মানে কি ?

উত্তৰঃ ২৭ খ্ৰীষ্টাব্দপূৰ্বত প্ৰতিষ্ঠা কৰা প্ৰশাসন ব্য়ৱস্থাক প্ৰিঞ্চিপেট বোলা হয়। 

ঝ) আৰবসকলে কেতিয়া স্পেইন আক্ৰমণ কৰিছিল ?

উত্তৰঃ আৰবসকলে ৭১১ খ্ৰীঃ পূঃ স্পেইন আক্ৰমণ কৰিছিল।  

ঞ) দাসৰ সংখ্য়া কিমান আছিল ?

উত্তৰঃ দাসৰ সংখ্য়াৰ ৩ মিলিয়ন আছিল। 

২। উত্তৰ লিখা 

ক) বিশ্ববুৰঞ্জী প্ৰথম সাম্ৰাজ্য় দুখনৰ নাম কি ?

উত্তৰঃ বিশ্ববুৰঞ্জী প্ৰথম সাম্ৰাজ্য় দুখনৰ নাম হ'ল 

    ১) ৰোমান সাম্ৰাজ্য় আৰু ২) ইৰাণী সাম্ৰাজ্য়। 

খ) তৃতীয় শতিকাৰ ঐতিহাসিক ৰোমান সাম্ৰাজ্য়ক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ?

উত্তৰঃ তৃতীয় শতিকাক ঐতিহাসিক ৰোমান সাম্ৰাজ্য়ক ২ টা ভাগত ভগাব পাৰি। আৰু সেই কেইটা হ'ল আদি আৰু শেষ। 

গ) ৰোমানসকলে প্ৰধানকৈ কি কি দ্ৰব্য় আমদানি কৰিছিল ?

উত্তৰঃ ৰোমানসকলে প্ৰধানকৈ  মদ,গম আৰু অলিভ তেল আমদানি কৰিছিল।

৩। চমু টোকা লিখা।

ক) অৰ্থনৈতিক সম্প্ৰসাৰণ

উত্তৰঃ অৰ্থনৈতিক সম্প্ৰসাৰণঃ ৰোমান সাম্ৰাজ্য়ৰ এক লক্ষ্য়ণীয় অৰ্থনৈতিক আছিল। বন্দৰ, কুৱেৰী, খনি, অলিভ তেল আৰু ইটাৰ ভাটা তৈয়াৰ কৰা কাৰখানা। মদ, গম আৰু অলিভ তেল সেইবিলাক মানুহে প্ৰচুৰ পৰিমানে খাদ্য় হিচাপে ব্য়ৱহাৰ কৰিছিল। সেই খাদ্য়বোৰ স্পেইন গল দেশৰ পৰা ইজিপ্ত, উত্তৰ আফ্ৰিকা আৰু কিছুমান ইটালীৰ পৰা অনা হৈছিল। জুলীয়া পদাৰ্থ যেনে অলিভ তেল আৰু মদ সৰবৰাহ কৰিবলৈ এবিধ পাত্ৰ ব্য়ৱহাৰ কৰা হৈছিল। সেইটোক এম্ফোৰাই নামে জনা যায়। এইবিধ পাত্ৰত বহুটো ভঙা টুকুৰা আৱিষ্কাৰ কৰা হৈছিল। স্পেইনৰ অলিভ তেল প্ৰধানকৈ যি পাত্ৰত অনা-নিয়া কৰা হৈছিল তাকে 'ড্ৰেজেল-২০' বোলা হৈছিল। 

    ৰোমান সাম্ৰাজ্য়ৰ বিশাল ভূখণ্ড উন্নয়নৰ ফালৰ পৰা নিম্ন খাপৰ আছিল। নুমিডিয়াৰ গ্ৰাম্য় অঞ্চলত তেতিয়াও পশুচাৰণ লোকৰ ব্য়াপক অস্তিত্ব আৰু প্ৰব্ৰজন চলি আছিল। সেই পশুচাৰণ আৰু অৰ্ধ-যাযাবৰী জনজাতিসমূহে প্ৰতেক সময়তে পৰিভ্ৰমণ কৰি ফুৰিছিল। ভূমধ্য় সাগৰীয় অঞ্চলৰ আশে-পাশে বিভিন্ন ধৰণৰ কাৰখানাত জলশক্তি প্ৰয়োগৰ লগতে স্পেইনৰ লগত থকা সোণ আৰু ৰূপৰ দৰে খনিজাত দ্ৰব্য় নিষ্কাষণত জলশক্তি প্ৰয়োগ সাধন কৰা হৈছিল।   

খ) ৰোমান সাম্ৰাজ্য়ৰ শেষৰ কালছোৱা

উত্তৰঃ ৰোমান সাম্ৰাজ্য়ৰ শেষৰ কালছোৱাঃ ৰোমান সাম্ৰাজ্য় শেষৰ কালছোৱা দুটা শতাব্দীত বিস্তৃত, আৰু সেই কেইটা আছিল চতুৰ্থ শতাব্দীৰ পৰা সপ্তম শতাব্দীৰ। সাংস্কৃতিক আৰু অৰ্থনৈতিক দিশৰ পৰা চতুৰ্থ শতাব্দীটো আছিল ব্য়াপক উৎকৰ্ষৰ কাল। সেই কালছোৱাক উৎকৰ্ষ সাধন কৰা হৈছিল ধৰ্মীয় দিশত। সম্ৰাট কনষ্টানটাইনে খৃষ্টান ধৰ্মক ৰাষ্ট্ৰ-ধৰ্ম কৰিবলৈ লোৱা সিদ্ধান্তত সেইটোৰ আলোচনা কৰা হৈছিল, আৰু সপ্তম শতাব্দীটো ইছলাম ধৰ্মৰ। সপ্তম শতাব্দীটো সমান্তৰালভাৱে ৰাষ্ট্ৰৰ গঠন প্ৰক্ৰিয়াটো পৰিৱৰ্তন সাধিত হৈছিল। সেইটো সূচনা হৈছিল সম্ৰাট ডায়োক্লেটিয়ানৰ ৰাজত্ব কালত। 

    সম্ৰাট ডায়োক্লেটিয়ানক সামৰিক আৰু অৰ্থনৈতিক মূল্য় নথকা ৰাজ্য় ক্ষেত্ৰসমূহ সাম্ৰাজ্য়ৰ পৰা আঁতৰাই দিবলৈ প্ৰৰোচিত কৰিছিল। প্ৰাদেশিক ৰাজ্য় ক্ষেত্ৰত সীমা-আমনা পুনৰ নিৰ্ধাৰণ কৰিছিল। কনষ্টানটেইনৰ প্ৰধান সংস্কাৰ আছিল মুদ্ৰা অৰ্থনীতিৰ। কনষ্টানটাইনে চুলিদুচ নামে এবিধ স্বৰ্ণ মুদ্ৰা প্ৰবৰ্তন কৰিছিল। খাটি সোণৰ সেই মুদ্ৰাটোৰ ওজন আছিল ৪.৫ ৰতি। সেই মুদ্ৰাটো ৰোমান সাম্ৰাজ্য়ৰ বিলুপ্তিৰ পিছতো বৰ্তি আছিল। সেই মুদ্ৰাবিধ প্ৰচুৰ পৰিমানে তৈয়াৰ কৰা হৈছিল। 

গ) দাসসকল

উত্তৰঃ দাসসকলঃ প্ৰাচীন যুগত দাস প্ৰথাই সমাজত বৰ দকৈ শিপাইছিল। খৃষ্টান ধৰ্মৰ বিকাশ আৰু সেই ধৰ্মই ৰাষ্ট্ৰ ধৰ্মৰূপে প্ৰতিষ্ঠা লাভ কৰা পিছতো দাসসকল কেতিয়াও কঠোৰভাৱে প্ৰত্য়াহ্বানৰ সন্মূখীন হোৱা নাছিল। ৰোমান সকলৰ অৰ্থনৈতিক উৎপাদনৰ কাৰ্যত সকলো ধৰণৰ শ্ৰম দাসসকলেও কৰিছিল। মিলিয়নৰ ক্ষেত্ৰত দাসৰ সংখ্য়া আছিল ৩ মিলিয়ন। সমগ্ৰ সাম্ৰাজ্য়খনৰ বাবে সেইটো সঁচা নাছিল। শস্য় চপোৱাৰ কামত অধিক দাসক নিয়োগ কৰাটো কেৱল অপচয় আছিল। 

    নগৰৰ প্ৰিফেকট লুচিয়াচ পেডানিয়াছ চেকেন্দাছক তেওঁ এজন দাসে হত্য়া কৰিছিল। সেই হত্য়াকাণ্ডৰ লগত জড়িত দাসজনৰ লগতে একেটা ঘৰতে থকা আন সকলোবোৰ দাসকে বন্দী কৰি ৰাখিছিল। নিৰ্দোষী দাসসকলৰ জীৱন ৰক্ষা কৰিব কাৰণে সেই ঠাইত বহুটো লোক গোট খাই হাই-কাজিয়াৰ কৰিছিল।   

৪। ৰোমান সাম্ৰাজ্য়ৰ সমাজৰ সামাজিক গঠনৰ বিষয়ে বৰ্ণনা কৰা ?

উত্তৰঃ ৰোমান সাম্ৰাজ্য়ৰ সমাজৰ সামাজিক গঠনৰ বৰ্ণনা 

    সাম্ৰাজ্য়ৰ আদি কালছোৱাত সমাজৰ প্ৰধান গোটবিলাক গঠিত হৈছিল, টেছিটাছৰ বৰ্ণনা মতে। যেনেঃ  ছিনেটৰসকল ঘোঁৰাচোৱাৰী শ্ৰেণীৰ নেতৃত্বশালী লোকসকল, নিম্ন শেণীৰ জধলা লোকসকল, সততে চাৰ্কাছ আৰু নাট্য়ভিনয়ত ব্য়স্ত আছিল, আৰু শেষত আছিল দাসসকল। সাম্ৰাজ্য়ৰ শেষৰ ফালে অৰ্থাৎ চতুৰ্থ শতাব্দীৰ আদি ভাগত টেছিটাছে দুটা শ্ৰেণীৰ উল্লেখ কৰিছিল আৰু সেই কেইটা আছিল ছিনেটৰ আৰু ঘোঁৰাচোৱাৰী। পিছত উপত্তি হোৱা অভিজাত শ্ৰেণীটো অত্য়ন্ত চহকী আছিল কিন্তু তেওঁলোক উচ্চপদস্ত সামৰিক অভিজাত শ্ৰেণীৰ লোকতকৈ কম ক্ষমতা শক্তিশালী আছিল। চহকী সদাগৰ আৰু বিত্তবান খেতিয়কসকলো সাম্ৰাজ্য়ৰ পূৰ্বাংশত থকা, মধ্য়বিত্ত শ্ৰেণীৰ অন্তৰ্ভূক্ত।

    আমোলাসকল ৰোমান সাম্ৰাজ্য় শেষ আছিল। তেওঁলোক উচ্চ আৰু মজলীয়া উভয়ে সমাজৰ অতি চহকী লোক আছিল। কাৰণ তেওঁলোকে দৰমহা পাইছিল সোণৰ মাধ্য়মত আৰু তাৰ অধিক ভূমিৰ দৰে সা-সম্পত্তি ক্ৰয় কৰাত বিনিয়োগ কৰিছিল।  

৫। ৰোমানসকলে তেওঁলোকৰ দাসসকলক কেনেদৰে নিয়ন্ত্ৰণ কৰিছিল বা ব্য়ৱহাৰ কৰিছিল লিখা ?

উত্তৰঃ ৰোমানসকলে তেওঁলোকৰ দাস সকলক কিদৰে নিয়ন্ত্ৰণ কৰিছিল বা ব্য়ৱহাৰ কৰিছিল তাৰ বিষয়ে তলত আলোচনা কৰা হ'ল 

    প্ৰাচীন যুগত দাস প্ৰথাই আছিল প্ৰধান। খৃষ্টান ধৰ্ম বিকাশ আৰু সেই ধৰ্মই ৰাষ্ট্ৰ ধৰ্মৰূপে প্ৰতিষ্ঠা লাভ কৰিছিল। পিছলৈ দাস প্ৰথা কেতিয়াও কঠোৰভাৱে প্ৰত্য়াহ্বানৰ সন্মুখীন হোৱা নাছিল। ৰোমান সাম্ৰাজ্য়ৰ অৰ্থনৈতিক উৎপাদনৰ কাৰ্যত সকলো ধৰণৰ শ্ৰম অকল দাসসকলে কৰিছিল। প্ৰয়োজন অনুযায়ী শস্য় চপোৱাৰ কামত অধিক দাসক নিয়োগ কৰাটো কেৱল অপচয় আছিল। আন কামত অধিক হাৰত দাস নিয়োগ কৰাটো সহজ নাছিল। 

    শান্তি প্ৰতিষ্ঠাৰ লগে লগে যুদ্ধ কমি অহাৰ ফলত সমাজত দাসৰ যোগান হ্ৰাস পাই আহিছিল। দাসসকলক শ্ৰমিকৰ বিকল্প হিচাপে দিন হাজিৰা কৰা লোকক কামত লোগাইছিল। সেই সময়ত দিন হাজিৰা কৰা মানুহক কামত লগোৱাটো সহজ আছিল। দাস শ্ৰমিকক কামত লগালে গোটেই বছৰটো তেওঁলোকক ভৰণ-পোষণ দিব লগা হৈছিল। আনহাতে, দিন হাজিৰা কৰা লোকৰ বাবে তেনেধৰণৰ বুজা বহন কৰিব লগা হোৱা নাছিল। দাস মালিকসকলে তেওঁলোকৰ দাস সকলক আৰু দাসত্ব দশাৰ পৰা মুক্ত লোকসকলক ব্য়ৱসায় বাণিজ্য় চলাবলৈ পুঁজিৰ যোগান ধৰিছিল।