সংস্কৃতিৰ সংঘাত

বিষয়বস্তু ৮

১। চমু উত্তৰ লিখাঃ 

ক) আমেৰিকা আৱিষ্কাৰ কৰা নাৱিকজনৰ নাম কি আছিল ?

উত্তৰঃ আমেৰিকাৰ আৱিষ্কাৰ কৰা নাৱিকজনৰ নাম আছিল কলম্বাছ। 

খ) কলম্বাছে যি কিতাপৰ দ্বাৰা অনুপ্ৰাণিত হৈ সাগৰ ভ্ৰমণত ওলাইছিল কিতাপখনৰ নাম কি ?

 উত্তৰঃ কলম্বাছে 'ইনাগো মুণ্ডি' কিতাপখন পঢ়ি সাগৰ ভ্ৰমণলৈ যাত্ৰা কৰিছিল। 

গ) মেক্সিকো শব্দটো ক'ৰ পৰা আহিছে ?

উত্তৰঃ মেক্সিকো শব্দটো মেক্সিট্লি পৰা আহিছে।

ঘ) ব্ৰাজিল নামটো ক'ৰ পৰা আহিছে ?

উত্তৰঃ ব্ৰাজিল নামটো ব্ৰাজিলউদৰ গছৰ পৰা আহিছে।  

ঙ) ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ গঠন কেতিয়া হৈছিল ?

উত্তৰঃ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ গঠন ১৬০০ খ্ৰীঃ পূঃ হৈছিল। 

২। উত্তৰ লিখাঃ 

ক) দক্ষিণ আমেৰিকাৰ পৰা পৃথিৱীৰ আন দেশলৈ প্ৰচলিত হোৱা যি কোনো দুবিধ নতুন খাদ্য় নাম লিখা ?

উত্তৰঃ দক্ষিণ আমেৰিকাৰ পৰা পৃথিৱীৰ আন দেশলৈ প্ৰচলিত হোৱা দুবিধ খাদ্য় নাম হ'ল আলু আৰু ৰঙালাউ।

খ) মেক্সিকো নামটোৰ উৎপত্তি কেনেকৈ হৈছিল ?

উত্তৰঃ মেক্সিকো নামটোৰ মেক্সিট্লিৰ পৰা আহিছে। দ্বাদশ শতিকাৰ এজটেকসকলৰ উত্তৰৰ পৰা মেক্সিকোৰ মধ্য় উপত্য়কালৈ স্থানান্তৰিত হৈছিল। 

গ) ইনকাসকল কোন আছিল ? তেওঁলোকৰ কোনজন শাসকে কুজকোত ৰাজধানী স্থাপন কৰিছিল ?

উত্তৰঃ ইনকাসকল আছিল দক্ষিণ আমেৰিকাৰ দেশীয় সভ্য়তাবিলাকৰ ভিতৰত আটাইতকৈ ডাঙৰ সভ্য়তাৰ। তেওঁলোকৰ প্ৰথম ইনকা মানকোকাপাকোৱে কুজকোত ৰাজধানী স্থাপন কৰিছিল।

৩। চমু টোকা লিখাঃ 

ক) পেৰুৰ ইনকাসকল,

উত্তৰঃ পেৰুৰ ইনকাসকলঃ দক্ষিণ আমেৰিকাৰ দেশীয় সভ্য়তাবিলাকৰ ভিতৰত আটাইতকৈ ডাঙৰ সভ্য়তাই হৈছে পেৰুৰ ইনকা। প্ৰথম ইনকা মানকোকাপাকোৱে দ্বাদশ শতিকাত কুজকোত তেওঁৰ ৰাজধানী স্থাপন কৰিছিল। নৱম ইনকাৰ দিনৰ পৰা ইয়াৰ সম্প্ৰসাৰণ আৰম্ভ হয়। সাম্ৰাজ্য়খন আছিল সম্পূৰ্ণ কেন্দ্ৰীভূত আৰু ৰজাই আছিল ইয়াৰ সৰ্বেসৰ্বা। প্ৰত্য়েক জাতি শাসন কৰিবৰ কাৰণে জ্য়েষ্ঠ পৰিষদ আছিল। 

    ইনকাসকলে ইকুৱেডৰ পৰা চিলিলৈকে পাহাৰৰ মাজে মাজে তেওঁলোকে ৰাস্তা নিৰ্মাণ কৰি লৈছিল। দুৰ্গবিলাক শিলৰ ছটাৰে বান্ধি তৈয়াৰ কৰি লৈছিল। কৃষিয়ে আছিল ইনকাসকলৰ প্ৰধান জীৱিকা। ইনকাসকলে পাহাৰৰ হেলনীয়া মাটি কাটি সমান কৰি লৈছিল। মাটি সাৰুৱা কৰিবলৈ পানী যোগানৰ ব্য়ৱস্থা আছিল। তেওঁলোকে বিভিন্ন শস্য় খেতি কৰিছিল আৰু ইনকাসকলে লিখা-পঢ়া জনা নাছিল।

খ) আমেৰিকাত স্পেইনৰ সাম্ৰাজ্য় স্থাপন,

উত্তৰঃ আমেৰিকাত স্পেইনৰ সাম্ৰাজ্য় স্থাপনঃ স্পেইনক সাম্ৰাজ্য় বিস্তাৰ কৰাত সামৰিক শক্তি আৰু ঘোঁৰাৰ ব্য়ৱহাৰে সহায় কৰিছিল। স্থানীয় লোকসকলক কৰ দিবলৈ নাইবা সোণ আৰু ৰূপৰখনিত কাম কৰিবলৈ বাধ্য় কৰিছিল। সামৰিক দমন আৰু শ্ৰমিকসকলক জোৰ কৰি আনি কামত লগাইছিল। তেওঁলোকক কামত লগোৱা পিছতে কিছুমান বেমাৰে দেখা দিছিল। বেমাৰত বহুতো লোকৰ মৃত্য়ুৰ হৈছিল। স্থানীয় লোকসকলে ভাৱি লৈছিল যে সেই বেমাৰ কাৰণ স্পেনিছসকলে আছিল,

    কলম্বাছৰ অভিযানৰ পিছত মধ্য় আৰু দক্ষিণ আমেৰিকাত সফল অভিযান বেছিকৈ চলিছিল। স্পেনিছসকলে দুখন ডাঙৰ সাম্ৰাজ্য় জয় কৰিছিল। সেই কাম দুজন ব্য়ক্তিৰ দ্বাৰা হৈছিল আৰু সেই ব্য়ক্তিদুজন আছিল কৰ্টেজ আৰু ফ্ৰেন্সিকো পিজাৰো। 

৪। ১৫৩৪ খ্ৰীঃত ইনকাসকলে কিয় বিদ্ৰোহ কৰিছিল ?

উত্তৰঃ ইনকাসকল আছিল দক্ষিণ আমেৰিকাৰ দেশীয় সভ্য়তাৰবিলাকৰ ভিতৰত আটাইতকৈ ডাঙৰ সভ্য়তা। দ্বাদশ শতিকাত প্ৰথম ইনকা মানকোকাপাকোৱে কুজকোতত তেওঁ ৰাজধানী স্থাপন কৰিছিল। ইয়াৰ সম্প্ৰসাৰণ আৰম্ভ হৈছিল নৱম ইনকাৰ দিনৰ পৰা। ই ইফুৱেডৰ পৰা চিলিলৈকে ৩,০০০ মাইল জুৰি বিস্তৃত হৈ পৰিছিল। সাম্ৰাজ্য়খনৰ ৰজাই আছিল ইয়াৰ সৰ্বেসৰ্বা। নতুনকৈ জয় কৰা জাতিবোৰক সাম্ৰাজ্য়ৰ ভিতৰত সুমুৱাই লোৱা হৈছিল। আজটেকসকলৰ দৰে ইনকাসকলো মহান আৰু দক্ষ নিৰ্মাতা আছিল। তেওঁলোকে ইকুৱেডৰ পৰা চিলিলৈকে পাহাৰৰ মাজে মাজে ৰাস্তা নিৰ্মাণ কৰিছিল। কৃষিয়েই আছিল ইনকাসকলৰ প্ৰধান জীৱিকা। তেওঁলোকে পাহাৰীয়া হেলনীয়া মাটি কাটি সমান কৰি লৈছিল। তেওঁলোকে বিভিন্ন শস্য় ৰুইছিল আৰু আলু খেতিও কৰিছিল। তেওঁলোকে বোৱা কাপোৰ বাচন-বৰ্তন উন্নত ধৰণৰ আছিল। 

    ১৫৩৪ খ্ৰীঃত ইনকাসকলে বিদ্ৰোহ কৰিছিল। সেই যুদ্ধ প্ৰায় দুবছৰ ধৰি চলিছিল। যুদ্ধ কৰি থকা সময়তে মহামাৰী হৈছিল আৰু সেই সময়তে বহুতো মানুহৰ মৃত্য়ু হৈছিল। পিজাৰো ইনকা সাম্ৰাজ্য়ত উপস্থিত হৈ অতি কৌশলেৰে ৰজাক বন্দী কৰিছিল। সেই বন্দীৰ পৰা মুক্তি পাবলৈ ৰজাই পণ হিচাপে এটা কোঠাত ভৰি থকা সোণ পিৰজালৈ আগবঢ়ালে। পিজাৰোৰে ৰজা কৰা প্ৰতিজ্ঞাক সন্মান নজনালে আৰু ৰজাক প্ৰাণদণ্ডৰ দিলে। পিজাৰোৰে ৰাজ্য় দখল কৰিবলৈ আগবাঢ়ি গৈছিল। তেওঁলোকৰ কৰ্মই জনসাধাৰণক জগাই তুলিলে আৰু সেই কাৰণে ১৫৩৪ চনত যুদ্ধ হৈছিল। 

৫। কেব্ৰেল আৰু ব্ৰাজিলৰ সম্প্ৰদায়সমূহৰ বিষয়ে লিখা ?

উত্তৰঃ ১৫০০ খ্ৰীঃত পেড্ৰো এলভাৰিচ কেৱেলৰ নেতৃত্বত এটা সাগৰীয় যাত্ৰা পৰ্তুগালৰ পৰা ভাৰতলৈ বুলি আৰম্ভ কৰিছিল। উত্তাল সাগৰৰ পৰা পৰিত্ৰাণ পাবলৈ কেব্ৰেলে পশ্চিম আফ্ৰিকাৰ ফালে গৈছিল। তেওঁলোক যি ঠাইত ভৰি দিছিল সেইখন বৰ্তমান ব্ৰাজিল। ব্ৰাজিলত সোণ সংগ্ৰহ কৰাৰ সম্ভাৱনীয়তা কম আছিল। তাত এবিধ প্ৰাকৃতিক সম্পদ আছিল সেয়া হৈছে 'ব্ৰাজিল উড' গছ। ইউৰোপীয়সকলে সেই ঠাইখনৰ নাম ব্ৰাজিল ৰাখিছিল। ব্ৰাজিল গছৰ পৰা সুন্দৰ ৰঙা ৰং তৈয়াৰ কৰা হয়। 

    কাঠৰ ব্য়ৱসায়ক লৈ পৰ্তুগীজ আৰু ফৰাচীসকলৰ মাজত হিংসাত্মক যুদ্ধ সংঘটিত হৈছিল। ব্ৰাজিলৰ উপকূলত উপনিৱেশ পতাৰ সংকল্প লৈ পৰ্তুগীজসকল যুদ্ধত নামিছিল। সেই যুদ্ধত পৰ্তুগীজসকলে জয় লাভ কৰিছিল। ১৫৩৪ চনত পৰ্তুগীজৰ ৰজাই ব্ৰাজিলৰ উপকূল চৈধ্য়টা অঞ্চলত ভাগ কৰিছিল। যিসকল পৰ্তুগীজ লোক তাত থাকিবলৈ লৈছিল। তেওঁলোকক ৰজাই মাটি আৰু স্থানীয় লোকক দাস কৰিব পৰা স্বৰ্ত দিছিল। ১৫৪০ খ্ৰীঃৰ ভিতৰত তেওঁলোকে বৃহৎ পৰিমানে কুঁহিয়াৰ উৎপাদন কৰিবলৈ আৰম্ভ কৰিছিল। কুঁহিয়াৰ পৰা চেনী উৎপাদন কৰিবলৈ চেনিকল স্থাপন কৰিছিল। 

    স্থানীয় লোকসকলে দাস ব্য়ৱসায়ীসকলৰ পৰা ৰক্ষা পাবলৈ হাবিয়ে বননিয়ে গোপনে আশ্ৰয় লৈছিল। এটা সময়ত উপকূল অঞ্চলত স্থানীয় গাঁও খুব কমকৈ আছিল। ইয়াৰ কাৰণে সুন্দকৈ সজা ডাঙৰ ডাঙৰ ইউৰোপীয়ান চহৰ গঢ়ি উঠিল। ১৫৪৯ খ্ৰীঃত পৰ্তুুগীজ ৰজাৰ অধীনত এখন আনুষ্ঠানিক চৰকাৰ গঠন কৰিলে। সেই সময়ৰ পৰা জেছুইটসকলেও ব্ৰাজিললৈ যাবলৈ আৰম্ভ কৰিছিল। ইউৰোপীয় বাসিন্দা সকলে তেওঁলোকক গুৰুত্ব দিয়া নাছিল। 

 

 


Post Id: DABP002630