শিল্প বিপ্লৱ 

বিষয়বস্তু ৯

১। চমু উত্তৰ লিখাঃ

ক) শিল্প বিপ্লৱ প্ৰথমে কোনখন দেশত আৰম্ভ হৈছিল ?

উত্তৰঃ শিল্প বিপ্লৱ প্ৰথমে ব্ৰিটেইনত আৰম্ভ হৈছিল।

খ) কৃষি বিপ্লৱ মানে কি ?

উত্তৰঃ  ১৮ শতিকাত ইংলেণ্ডত এটা ডাঙৰ অৰ্থনৈতিক পৰিৱৰ্তন হৈছিল ইয়াকে কৃষি বিপ্লৱ বুলি কোৱা হয়।  

গ) কোন চনত ইংলেণ্ডত প্ৰথম ৰেল পথ স্থাপন কৰা হৈছিল ?

উত্তৰঃ ১৮৩৩ৰ পৰা ৩৭ ভিতৰত ইংলেণ্ডত প্ৰথম ৰে'লপথ স্থাপন কৰা হৈছিল। 

ঘ) কিমান চনত ইংলেণ্ডত অধিক ৰেলৰ আলি নিৰ্মাণ কৰা হৈছিল ?

উত্তৰঃ ১৮৫০ চনত ইংলেণ্ডত অধিক ৰেলৰ আলি নিৰ্মান কৰা হৈছিল। 

ঙ) শিল্প বিপ্লৱ মানে কি ?

উত্তৰঃ ১৭৮০-১৮৫০ চনত ব্ৰিটেইনত সংঘটিত ঔদ্য়োগীক আৰু অৰ্থনৈতিক বিৱৰ্তনক শিল্প বিপ্লৱ বুলি কোৱা হয়।  

২। উত্তৰ লিখাঃ

ক) 'শিল্প বিপ্লৱ' শব্দটো কোনে কোনে ব্য়ৱহাৰ কৰিছিল ?

উত্তৰঃ 'শিল্প বিপ্লৱ' শব্দটো দুজন ব্য়ক্তিয়ে ব্য়ৱহাৰ কৰিছিল আৰু তেওঁলোক আছিল,

১) ফ্ৰান্সৰ জৰ্জেছ মিচেলেট আৰু ২) জাৰ্মানীৰ ফ্ৰেডেৰিক ইনজেল। 

খ) জন উইলকিন্ছনে কি কি আৱিষ্কাৰ কৰিছিল ?

উত্তৰঃ জন উইলকিন্ছনে চকী, মেজ, কাৰখানা আৰু বিভিন্ন আকৃতি লোৰ পাইপ আৱিষ্কাৰ কৰিছিল।  

গ) জন উইলকিন্ছন কিয় বিখ্য়াত লিখা ?

উত্তৰঃ জন উইলকিন্ছনে ১৭৭০ দশকত লোৰ দ্বাৰা কিছুমান মেজ, নিষ্কাষণ কাৰখানা, চকী আৰু বিভিন্ন ধৰণৰ আকৃতিৰ লোৰ পাইপ আৱিষ্কাৰ কৰিছিল বাবে তেওঁ বিখ্য়াত আছিল।    

৩। চমু টোকা লিখাঃ

ক) ব্ৰিটেইন,

উত্তৰঃ ব্ৰিটেইন- আধুনিক শিল্পায়নৰ অভিজ্ঞতাত লাভ কৰা প্ৰথমখন দেশ আছিল ব্ৰিটেইন। এই দেশখন ৱেলছ, ইংলেণ্ড আৰু স্কটলেণ্ডক লৈ গঠিত হৈছিল এজন ৰজাৰ অধীনত। সেই কাৰণে সোতৰ শতিকাৰ পৰা ইয়াক ৰাজনৈতিক সুস্থিৰতাই বিৰাজ কৰিছিল। দেশখন শাসনাধীন হোৱা বাবে বিভিন্ন প্ৰদেশৰ মাজেদি বয়বস্তু অনা-নিয়া কৰিছিল। সেই শাসন থকা বাবে প্ৰাদেশিক কৰ্তৃপক্ষসমূহে অবাবতে কোনো ঠাইত বস্তু বেছি দামত বিক্ৰি কৰিব পৰা নাছিল। 

    ১৭ শতিকাত বয়-বস্তু কিনা-বেচা কৰিবলৈ পৰ্যাপ্ত পৰিমানে মুদ্ৰাৰ ব্য়ৱহাৰ কৰিছিল। ১৮ শতিকাত ইংলেণ্ডত এটা ডাঙৰ অৰ্থনৈতিক পৰিৱৰ্তন হৈছিল, পিছলৈ এই পৰিৱৰ্তনক কৃষি বিপ্লৱ বোলা হৈছিল। ডাঙৰ জমিদাৰসকলে তেওঁলোকৰ ব্য়ক্তিগত ভূমিৰ ওচৰত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ কৃষিমাপসমূহ কিনি লৈছিল। তেওঁলোকে গাঁৱৰ ৰাজহুৱা ভূমিৰ বেৰ দি দখল কৰিছিল। তেনেকৈ তেওঁলোকে ভূ-খণ্ডৰ হস্তগত কৰিছিল আৰু খেতি কৰি বিভিন্ন পৰিমানে শস্য় উৎপাদন কৰিছিল। 

খ) কপাহঃ সূতা কটা আৰু বয়ন

উত্তৰঃ কপাহঃ সূতা কটা আৰু বয়নঃ ব্ৰিটিছসকলে সদায়েই ঊল আৰু শণ-সূতা ব্য়ৱহাৰ কৰিছিল বস্ত্ৰ বয়নৰ বাবে। ১৭ শতিকাৰ পৰা সেই দেশখনে ভাৰতৰ পৰা প্ৰচুৰ পৰিমানে কপাহী বস্ত্ৰ আমদানি কৰিছিল। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ কিছুমান অংশত ৰাজনৈতিক আধিকাৰ সাব্য়স্ত কৰিছিল। তাৰ পিছৰে পৰা ইংলেণ্ডে কেঁচা কপাহ আৰু কপাহী বস্ত্ৰ আমদানি কৰিছিল আৰু তাৰ পৰাই সূতা কাটি নিজ দেশতে বস্ত্ৰ বয়ন কৰিছিল।

    ১৮ শতিকাত আগলৈকে ১০ গৰাকী কাটনিয়ে সিমান বোৰ সূতা কাটি উলিয়াইছিল তাৰে এগৰাকী বোৱনিয়ে চাহিদা পূৰণ হৈছিল। কাটনিসকলে গোটেই দিনটো সূতা কাটে বোৱনিসকলে অন্য় কাম নকৰি সূতাৰ কাৰণে ৰৈ থাকে। পিছলৈ কাৰিকৰী পদ্ধতি আৱিষ্কাৰৰ ফলত কেঁচা কপাহৰ পৰা সূতা উলিওৱা হয় আৰু সূতা পৰা বস্ত্ৰ তৈয়াৰ কৰা হ'ল। ইয়াৰ বাবে বস্ত্ৰ তৈয়াৰ কৰা সময়ৰ ব্য়ৱধান বহু পৰিমানে হাস পালে। কপাহৰ উদ্য়োগৰ কাৰখানাবোৰ বহু পৰিমানে মহিলা আৰু শিশু শ্ৰমিকৰ ওপৰত নিৰ্ভৰশীল আছিল। কপাহী বস্ত্ৰ তৈয়াৰ কৰা অঞ্চলসমূহ আছিল লিডছ, নিউকাচল, উত্তৰসাগৰ, ইংলেণ্ড, আইৰচ, বিৰমিংহাম, লণ্ডন, ফ্ৰান্স, স্কটলেণ্ড, গ্লাছগো, আৰু লেইচেছটাৰ।

গ) খাল আৰু ৰেল আলি,

উত্তৰঃ খাল আৰু ৰেল আলিঃ নগৰসমূহলৈ কয়লা আনিবৰ বাবে বহুতো খাল খন্দা হৈছিল। কয়লাৰ ওজন বেছি হোৱা বাবে সেইবোৰ গাড়ীত উঠাই স্থলপথেদি অনা-নিয়া কৰিবলৈ যথেষ্ট সময় আৰু খৰচ লাগিছিল। ঔদ্য়োগিক শক্তি হিচাপে কয়লা চাহিদা বাঢ়িছিল। ১৭৬১ খ্ৰীঃত জেমছ ব্ৰিন্দলীয়ে ৱৰ্চলে নামৰ ইংলেণ্ডৰ প্ৰথম খালটো কটাৰ হৈছিল। ইয়াৰ কাৰণ আছিল ৱৰ্চেলেৰ পৰা মানচেষ্টাৰলৈ কয়লা সৰবৰাহ কৰা। 

    ১৮১৪ খ্ৰীঃত ষ্টিফেনছনে ৰকেট নামৰ ভাপৰ ইঞ্জিন আৱিষ্কাৰ কৰিছিল। সেই ইঞ্জিনটো তেওঁৰ কৰ্ণৱালত অৱস্থিত খনিটোৰ চৌদিশে মাল অনা দবাবোৰ টনা কামত ব্য়ৱহাৰ কৰিছিল। ১৮২৫ খ্ৰীঃত প্ৰথমবাৰৰ বাবে ষ্টকটন আৰু ডাৰ্লিংটনৰ মাজত ৰেল চলিছিল। ৰেলগাড়ীখনে দুঘন্টাত ৯ মাইল পথ অতিক্ৰম কৰিছিল। ২০ বছৰৰ ভিতৰত ঘন্টাত ৩০ৰ পৰা ৫০ মাইল বেগত ৰেল চলিছিল। খালসমূহৰ বহল অংশসমূহত নাও-জাহাজৰ ভীৰ বেছি হোৱাৰ যাতায়তৰ গতি বন্ধৰ হৈ পৰিছিল। ১৮৩০ৰ পৰা ১৮৫০ চনৰ ভিতৰত ব্ৰিটেইনত মৰোজীউকে দিনে নিশাই কাম কৰি অতি কম সময়তে ৰেলআলি নিৰ্মান কৰিছিল। ১৮৫০ চনত ইংলেণ্ডত অধিকাংশ ঠাই ৰেল আলিৰ দ্বাৰা সংযোজিত হ'ল।  

৪। শিল্প বিপ্লৱৰ বিৰুদ্ধে হোৱা প্ৰতিবাদসমূহ চমুকৈ লিখা ?

উত্তৰঃ ১৭৮০-১৮৫০ চনত ব্ৰিটেইনত সংঘটিত হোৱা ঔদ্য়োগীক আৰু অৰ্থনৈতিক বিৱৰ্তনক 'প্ৰথম শিল্প বিপ্লৱ' বোলা হয়। হস্ত-শিল্প আৰু হস্ত তাঁত ব্য়ৱসায়ৰ তুলনাত নতুন যন্ত্ৰপাতিৰ দ্বাৰা বহু বেছি পৰিমানে শিল্পসামগ্ৰী উৎপাদন হয়। ফ্ৰান্সৰ জৰ্জেছ মিচেলেট আৰু জাৰ্মানীৰ ফ্ৰডেৰিক ইনজেল নামৰ দুজন ব্য়ক্তিয়ে 'শিল্প বিপ্লৱ' শব্দটো ব্য়ৱহাৰ কৰিছিল। ইংৰাজী ভাষাত এই শব্দটো প্ৰথমে ব্য়ৱহাৰ কৰিছিল অৰ্থনৈতিক আৰু দাৰ্শনিকবিদ আৰনল্ড টয়নবীয়ে। 

    শিল্প বিপ্লৱৰ প্ৰাৰম্ভিক কালতে ফৰাচী বিপ্লৱৰ সূচনাই ইউৰোপত কিছুমান নতুন ৰাজনৈতিক আদৰ্শ কঢ়িয়াই আনিছিল। ফৰাচী বিপ্লৱ প্ৰসূত স্বাধীনতা, সমতা আৰু ভাতৃত্বৰ গঠন কৰিছিল। ১৭৯০ দশকত ফৰাচী সংসদীয় সভাৰ দৰে গণতান্ত্ৰিক অনুষ্ঠান গঢ়ি তুলিছিল। ইংলেণ্ডত বেকাৰীসমূহৰ কঠোৰ কৰ্ম ব্য়ৱস্থাৰ বিৰুদ্ধে ৰাজনৈতিক নেতাসকল প্ৰতিবাদ সন্মূখীন হৈ পৰিছিল। ১৭৯২ ৰ পৰা ১৮১৫ চনলৈ দীৰ্ঘকাল ধৰি ইংলেণ্ডে ফ্ৰান্সৰ লগত যুদ্ধ কৰিছিল। সেই সময়তে ইংলেণ্ড আৰু ইউৰোপৰ মাজত বাণিজ্য়িক সম্পৰ্কত বাধা হৈছিল আৰু লগতে কাৰখানাবোৰ বন্ধ কৰি দিয়াৰ হৈছিল। এইবোৰৰ কাৰণে নিবনুৱা সমস্য়া বৃদ্ধি হৈছিল আৰু খাদ্য়-সামগ্ৰী মূল্য় বৃদ্ধি পাইছিল। 

    পাউৰুটি আছিল দুখীয়া শ্ৰেণীৰ লোকৰ প্ৰধান খাদ্য়, পাউৰুটি মূল্য়ই তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড হ্ৰাস কৰিছিল। ১৭৯৫ চনটো যুদ্ধকালীন সংঘৰ্ষৰ আটাইতকৈ সংকটজনক বছৰ আছিল। ১৮১৯ চনত মানচেষ্টাৰ চেন্ট পিটাৰছ পথাৰত প্ৰায় ৮০,০০০ লোকে শান্তিপূৰ্ণভাৱে সমৱেত হৈ গণতান্ত্ৰিক দাবী তুলিছিল। 

৫। ইংলেণ্ডৰ শিল্প বিপ্লৱত কয়লা আৰু লো ভূমিকা লিখা ?

উত্তৰঃ ইংলেণ্ডৰ শিল্প বিপ্লৱৰ কয়লা আৰু লো ভূমিকা

    কয়লা আৰু লো হ'ল দুটা পদাৰ্থ, সৌভাগ্য়ক্ৰমে ইংলেণ্ডত এই দুয়োটাৰ প্ৰচুৰ পৰিমাণে পোৱা যায়। ১৮ শতিকালৈ ব্য়ৱহাৰ কৰি থকা লোৰ পৰিমান বহুত বেছি আছিল। ভূ-গৰ্ভৰ খনিত লো গলাই ইয়াক তৰল অৱস্থাত ওপৰলৈ অনা হৈছিল। লো গলাবৰ কাৰণে কাঠ আৰু কয়লা ব্য়ৱহাৰ কৰা হৈছিল। কাঠ কয়লাবোৰ থুনুকা আছিল আৰু সেইবোৰ দূৰলৈ নিলে আধা বাটতে গুৰি হৈছিল। কাঠৰ বাবে মানুহে গছ-গছনি কাটি তহিলং কৰাত কয়লা পোৱা নগৈছিল। সেইবোৰ সমস্য়া সমাধান বিচৰাৰ অন্তত ছাৰোপটিয়েৰৰ ডাৰ্বি নামৰ পৰিয়াল এটাই সেই সমস্য়াবোৰ সমাধান কৰিছিল। এই পৰিয়াল তিনিটা আছিল ককা-দেউতা, পিতৃ আৰু পুত্ৰ। সেই পৰিয়ালৰ  প্ৰত্য়েকজন সদস্য়ৰ নামতে আব্ৰাহাম ডাৰ্বি নামটো সংযুক্ত আছিল।

     প্ৰথমজন আব্ৰাহাম ডাৰ্বি ১৭০৯ খ্ৰীঃত এঙাৰৰ সহায়ত উচ্চ তাপ দিব পৰা ভাতী এটা নিৰ্মান কৰিছিল। এই অৱিষ্কাৰ ফলত কাঠ কয়লা অবিহনে ভাতী চলাব পৰিছিল। দ্বিতীয়জন আব্ৰাহাম ডাৰ্বিয়ে তৈয়াৰ কৰা পিটা লো অশাধিত লোতকৈ কম থুনুকা আছিল। বাষ্প-শক্তিৰ দ্বাৰা চলোৱা ৰলিং মিলত শোধিত লোৰ তৈয়াৰ কৰা হ'ল। এনেবোৰ আৱিষ্কাৰে বহুতো লোৰ সামগ্ৰী প্ৰস্তুতকৰণত সহায় কৰিছিল। কাঠতকৈ লো স্থায়িত্ব বেছি হোৱা বাবে দৈনন্দিন জীৱনত যাৱতীয় সামগ্ৰী আৰু যন্ত্ৰপাতি তৈয়াৰ কৰা ক্ষেত্ৰত ইয়াৰ চাহিদা বাঢ়িছিল। জন উইলকিন্ছনে ১৭৭০ চনত লোৰ দ্বাৰা নিৰ্মীত চকী, মেজ আৰু নিষ্কাষণ কাৰখান, লোৰ পাইপ আদি আৱিষ্কাৰ কৰিছিল। তৃতীয়জন আব্ৰাহাম ডাৰ্বিয়ে ছেৰ্ভেন নৈ ওপৰেদি বিশ্ব প্ৰথমখন দলং নিৰ্মাণ কৰিছিল। উইলকিন্ছনে পানীৰ পাইপ তৈয়াৰ কৰিবলৈ কেঁচা লো ব্য়ৱহাৰ কৰিছিল। 

    Post Id: DABP002758