পৰিৱৰ্তিত  সাংস্কৃতিক পৰম্পৰা  

 বিষয়বস্তু ৭

১। চমু উত্তৰ লিখাঃ 

 ক) 'হিউমেনিটিছ' শব্দটো কি ভাষাৰ শব্দ ?

উত্তৰঃ 'হিউমেনিটিছ' লেটিন ভাষাৰ শব্দ। 

খ) ৰেনেঁছা শব্দ অৰ্থ কি ?

উত্তৰঃ ৰেনেঁছা শব্দ অৰ্থ হ'ল পুনৰজন্মৰ। 

গ) 'The Civilisation of the Renaissance in Italy' নামৰ কিতাপখনৰ লিখক কোন ?

উত্তৰঃ 'The Civilisation of the Renaissance in Italy' নামৰ কিতাপখনৰ লিখৰ হ'ল জেকব বাৰ্কহাৰ্ড। 

ঘ) 'On the Dignity of man' নামৰ গ্ৰন্থখনৰ লিখক কোন ?

উত্তৰঃ 'On the Dignity of man' নামৰ গ্ৰন্থখনৰ লিখক গিয়ভানি পিকো ডেলা মিৰালড'লা আছিল।

ঙ) ক'পাৰনিকাচ কোন আছিল ?

উত্তৰঃ ক'পাৰনিকাচ এজন বৈজ্ঞানিক আছিল। 

২। উত্তৰ লিখাঃ 

ক) মাৰ্টিন লুথাৰ কোন আছিল আৰু তেওঁ ইউৰোপৰ কোনখন দেশৰ লোক আছিল ?

উত্তৰঃ মাৰ্টিন লুথাৰ এজন সন্ন্য়াসীয় আছিল, তেওঁ ইউৰোপৰ জাৰ্মানীৰ লোক আছিল। 

খ) লিঅ'নাৰ্ডো দা ভিন্সি ৰ দুখন ছবিৰ নাম লিখা ?

উত্তৰঃ লিঅ'নাৰ্ডো দা ভিন্সি ৰ দুখন ছবিৰ নাম হ'ল 

১) মনালিছা আৰু 

২) 'দি লাষ্ট চুপাৰ'

গ) মাইকেল এঞ্জেল কোন আছিল ? তেওঁ এখন বিখ্য়াত চিত্ৰৰ নাম লিখা ?

উত্তৰঃ মাইকেল এঞ্জেল এজন ভাস্কৰ্য আৰু চিত্ৰশিল্পী আছিল। মাইকেল এঞ্জেলৰ দ্বাৰা অংকিত বিখ্য়াত চিত্ৰখনৰ নাম হ'ল 'ডি পিয়েটা'।  

৩। চমু টোকা লিখাঃ

ক) বিজ্ঞান আৰু দৰ্শন,

উত্তৰঃ বিজ্ঞান আৰু দৰ্শনঃ চতুৰ্দশ শতিকাত বহুতো পণ্ডিতে প্লেটো, এৰিষ্টটল আদি গ্ৰীক লিখকসকলৰ লিখনি অনুবাদসমূহ পঢ়িছিল। সেইবোৰ বাবে তেওঁলোকে নিজৰ পণ্ডিতসকলতকৈ আৰবৰ অনুবাদসকলৰ প্ৰতি বেছি ঋণী আছিল। আৰব ভাষাত প্লেটো আছিল আলফাটুন আৰু এৰিষ্টটল আছিল আৰিষ্টু। আৰবিক আৰু পাৰ্চিয়ান পণ্ডিতৰ লেখাসমূহ আছিল অংক, ঔষধ, প্ৰাকৃতিক বিজ্ঞান, ৰসায়ন আৰু জ্য়োতিৰ্বিদ্য়া। 

    মধ্য় এছিয়াৰ বুথাৰাৰ আৰব চিকিৎসক, দাৰ্শনিক ইবনচিনা আৰু চিকিৎসা বিষয়ক বিশ্বকোষৰ প্ৰণেতা এল ৰাজি তেওঁলোকক মুছলমান লেখকসকল যিসকলক ইটালিয়ান জগতত প্ৰধান জ্ঞানী পুৰুষ হিচাপে গণ্য় কৰা হয়। মানৱতাবাদীসকলে বিভিন্ন উপায়ে মানুহৰ মাজলৈ আহিবলৈ চেষ্টা কৰিছিল। 

খ) ক'পাৰনিকাচ বিপ্লৱ,

উত্তৰঃ ক'পাৰনিকাচ বিপ্লৱঃ মাৰ্টিন লুথাৰৰ সমসাময়িক ক'পাৰনিকাচৰ কাম-কাজৰ লগে লগে ইউৰোপৰ বিজ্ঞানৰ ক্ষেত্ৰত এক নতুন পথ মুকলি হৈছিল। খৃষ্টিয়ানসকলে বিশ্বাস কৰিছিল পৃথিৱীখন এখন পাপৰ ঠাই। পৃথিৱীৰখন সৌৰজগতৰ কেন্দ্ৰস্থলত অৱস্থিত আৰু ইয়াৰ চাৰিওফালে স্বৰ্গীয় গ্ৰহবোৰ ঘূৰিছে। পৃথিৱীকে আদি কৰি অন্য়ান্য় গ্ৰহবোৰ সূৰ্যৰ চাৰিওফালে ঘূৰে বুলি ক'পাৰনিকাচে নিশ্চিত কৰিছিল।

    ক'পাৰনিকাচে ভয় কৰিছিল যে খ্ৰীষ্টধৰ্মৰ এজন উপাসক হিচাপে কিছু পুৰণি নীতি-নিয়মকে ধৰি থকা ধৰ্মযাজকসকলে তেওঁৰ তত্ত্বৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বুলি। সেই বাবে তেওঁ লিখা গ্ৰন্থত 'দি ৰিভলিউছনিয়াচ'ৰ পাণ্ডুলিপিত প্ৰকাশ কৰিব বিছৰা নাছিল। তেওঁৰ তত্ত্ব গ্ৰহণ কৰিবলৈ মানুহৰ বহুত সময় লাগিছিল। সূৰ্য কেন্দ্ৰিক পদ্ধতিৰ অংশ হিচাপে পৃথিৱীৰৰ তত্ত্বটো কেপলাৰৰ 'কছম গ্ৰাফিকেল মিষ্ট্ৰি' নামৰ গ্ৰন্থখনে জনপ্ৰিয় কৰি তুলিছিল। তাত উল্লেখ কৰা হৈছিল যে কণীৰ আকাৰে সূৰ্যক কেন্দ্ৰ কৰি গ্ৰহবোৰ ঘূৰে। গেলিলিঅ'ই 'দি মচন' নামৰ গ্ৰন্থত পৃথিৱীখন যে ঘূৰি থাকে তাক প্ৰমান কৰি দেখুৱালে

গ) শিল্প আৰু বাস্তৱবাদ, 

উত্তৰঃ শিল্প আৰু বাস্তৱবাদঃ মানৱতাবাদীসকলে ভাৱিছিল যে আনুষ্ঠানিক শিক্ষাই কেৱল একমাত্ৰ পথ নহয়, সেই বাবে তেওঁলোকে নিজকে প্ৰতিষ্ঠিত কৰি তুলিছিল। কলা, পুথিৰ আৰু স্থাপত্য় দ্বাৰা মানৱতাবাদী ধাৰণাবোৰ অতি সুন্দৰকৈ  গঢ় দিছিল। কোনো মানুহে নিজৰ কল্পনাৰে এটা সুন্দৰ আকৃতি গঢ় দিব নোৱাৰে, যদিহে নিজৰ জীৱনৰ পৰা আহৰণ কৰা অভিজ্ঞতাৰে নিজৰ মনটোক ভৰাই তুলিব নোৱাৰে। 

    ৰোমান  সংস্কৃতিৰ ভগ্নাৱশেষবোৰ পৌৰাণিক সাধু দৰে উত্তেজনাময় আছিল। শিল্পীসকল উৎসাহিত হৈছিল অতীতৰ ঘটনাবোৰ অধ্য়য়ন কৰি। ডোনাটেলৰ জীৱন্ত মূৰ্তিবোৰে নতুন পথৰ সন্ধান দিছিল। শিল্পীসকলে বিচৰা নিখুঁত কামত সহায় কৰিছিল আৰু বিজ্ঞানীসকলে কাম-কাজত। শিল্পীসকল চিকিৎসাবিজ্ঞানৰ বিদ্য়ালয়ৰ গৱেষণাগাৰলৈ হাড়ৰ গঠন সম্পৰ্কে অধ্য়য়ন কৰিবলৈ গৈছিল। 

    এইড্ৰিয়াচ ভেচেলিয়াচ আছিল প্ৰথম ব্য়ক্তি যিয়ে মানুহৰ শৰীৰ কাটি পৰীক্ষা কৰিছিল। তেওঁলোকে উপলব্ধি কৰিব পাৰিছিল যে জ্য়ামিতিক জ্ঞানে তেওঁলোকৰ উদ্দেশ্য় বুজাত সহায় কৰিছিল। তাৰ ফলত তেওঁলোকৰ চিত্ৰবোৰ তিনিগুণে বৃদ্ধি পাইছিল। জ্য়ামিতি, দেহবিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু সৌন্দৰ্যৰ প্ৰতি থকা ধাৰণাটোৱে ইটালিয়ান কলাত নতুন গুণৰ সমাৱেশ ঘটালে তাকে 'বাস্তৱবাদ' বুলি কোৱা হয়।

৪। নৱজাগৰণত জন্মস্থান ৰূপে ইটালীৰ নগৰৰ পুনৰোত্থান বৰ্ণনা কৰা ?

উত্তৰঃ পশ্চিম ৰোমান সাম্ৰাজ্য় পতনৰ পাছত ইটালিত যিবোৰ ৰাজনৈতিক আৰু সাংস্কৃতিক কেন্দ্ৰস্থল আছিল সেইবোৰ ধ্বংস হৈছিল। পূব ইউৰোপৰ বাইজানটাইন সাম্ৰাজ্য়ৰ অধীনলৈ আৰু পশ্চিমৰ সীমান্তত ইছলামসকলে এটা সভ্য়তাৰ সৃষ্টি কৰিছিল। সেই সময়ত ইটালীৰ দুৰ্বল আৰু খণ্ডবিখণ্ড হৈ আছিল। দ্বাদশ শতিকাৰ পৰা মঙ্গোলবিলাকে চিল্ক পথেদি চীনৰ লগত ব্য়ৱসায় আৰম্ভ কৰিছিল। ইটালীৰ নগৰবিলাকে এখন বিশাল সাম্ৰাজ্য়ৰ অধিকাৰী হোৱাৰ উপৰিও ৰ্স্বনিৰ্ভশীৰ নগৰ ৰাষ্ট্ৰ হৈ পৰিল। বিখ্য়াল নগৰবিলাকৰ ভিতৰত এখন ভেনিচ আৰু জেনোৱা আছিল। সেই ঠাই দুখন ইউৰোপৰ আন ঠাইতকৈ কিছু বেলেগ আছিল। 

    ইটালীৰ নগৰত ইউৰোপৰ আটাইতকৈ পুৰণি বিশ্ববিদ্য়ালয় গঢ়ি উঠিছিল। নগৰবোৰৰ প্ৰধান কাম আছিল ব্য়ৱসায়। ব্য়ৱসায়ত লিখিত চুক্তিৰ প্ৰয়োজন হৈছিল কাৰণ সেইবোৰ কাৰমে ব্য়ৱসায়-বাণিজ্য় কৰাটো সহজ নাছিল। 

৫। নৱজাগৰণৰ সময়ত মহিলাৰ বিকাশৰ বৰ্ণনা কৰা ?

উত্তৰঃ ব্য়ক্তিত্ব আৰু নাগৰিকৰ ক্ষেত্ৰত যি নতুন ধাৰণা আছিল সেইবোৰ মহিলাসকলে চুব পৰা নাছিল। অভিজাত পৰিয়ালৰ পুৰুষসকলে যিকোনো সিদ্ধানত লৈছিল। তেওঁলোকে সামাজিক বা পৰিয়ালৰ কাম-কাজ চলাবলৈ পুত্ৰ সন্তানসকলক শিক্ষিত কৰিছিল। মহিলাসকলে যৌতুকত অনা বস্তুবিলাক পৰিয়ালৰ কামত লগাইছিল। পুৰুষৰ কামৰ ক্ষেত্ৰত মহিলাসকলে মাত মাতিব পৰা নাছিল। যদি পৰ্যাপ্ত পৰিমাণে যৌতুক যোগাৰ কৰিব নোৱাৰে তেওঁলোকে কন্য়া সন্তানবিলাকক মঠবোৰলৈ সন্ন্য়সিনী হ'বলৈ পঠিয়াই দিছিল। সেইবাবে কোৱা হয় যে সমাজত মহিলাসকলৰ স্থান নগণ্য় আছিল। 

    ব্য়ৱসায়ী পৰিয়ালত তিৰোতাৰ স্থান কিছু বেলেগ আছিল। দোকানীসকলক তেওঁলোকৰ দোকানৰ কামত পত্নীয়ে সহায় কৰি দিছিল। কিছুমান মহিলা আছিল সৃষ্টিশীল মনৰ আৰু মানৱতাবাদী শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আছিল। ভেনিচিয়ান কেছেন্দ্ৰা ফেডেলে কৈছিল যে মহিলাসকলে মানৱতাবাদী পণ্ডিতৰ গুণাগুণসমূহ আহৰণ কৰিব পৰা নাই। ভেনেচিয়াত কেছেন্দ্ৰা ফেডেলে শিক্ষাৰ প্ৰতি সকলোৱে সন্মান জনোৱা কথাটো তেওঁৰ লিখনিৰ যোগেদি দেখুৱাইছিল।  



  Post Id: DABP002610