মধ্য় এছিয়াত অৱস্থিত ঐশ্লামিক তথা ইছলামীয় ভূখণ্ড 

 বিষয়বস্তু ৪ 

১। চমু উত্তৰ লিখা 

ক) হজৰত মহম্মদ কোন ?

উত্তৰঃ হজৰত মহম্মদ ভাষা আৰু  সংস্কৃতিৰ ফালৰ পৰা এজন আৰব লো আৰু বৃত্তিৰ ফালৰ পৰা বণিক আছিল। 

খ) ইংৰাজী কোন চনৰ পৰা 'হিজৰী' চনটো আৰম্ভ হৈছিল ?

উত্তৰঃ ইংৰাজী ৬২২ চনৰ পৰা 'হিজৰী' চনটো আৰম্ভ হৈছিল। 

গ) ইছলামিক কেলেণ্ডাৰখনৰ নাম কি ?

উত্তৰঃ ইছলামিক কেলেণ্ডাখনৰ নাম আছিল 'হিজৰী' কেলেণ্ডাৰ।

ঘ) কোৰাণ কি ভাষাত ৰচিত ?

উত্তৰঃ কোৰাণ আৰবী ভাষাত ৰচিত। 

ঙ) ইছলামিক সভ্য়তাৰ আৰম্ভণি কেতিয়া হৈছিল ?

উত্তৰঃ ইছলামিক সভ্য়তাৰ আৰম্ভ হৈছিল ৬১২-৩২ খৃষ্টাব্দৰ কালছোৱাত।  

২। উত্তৰ লিখা 

ক) কোৰাণ মানে কি, আৰু ই কি ভাষাত ৰচিত ?

উত্তৰঃ কোৰাণ হ'ল এখন গ্ৰন্থ আৰু  কোৰাণ আৰবী ভাষাত ৰচিত। 

খ)  আব্বাছিদ বিপ্লৱ কি ?

উত্তৰঃ আব্বাছিদ বিপ্লৱ মানে হ'ল আব্বাছিদসকল মহম্মদৰ খুৰাক আব্বাছৰ বংশধৰ আছিল। তেওঁলোকে উমেইড বিৰোধী বিভিন্ন গোটক সংগঠিত কৰিছিল।

গ) কাৰ ৰাজত্বকালত মধ্য় ইছলামীয় সাম্ৰাজ্য়ত 'হিজৰী বৰ্ষ' প্ৰৱৰ্তন কৰা হৈছিল ? ইয়াৰ গুৰুত্ব কি আছিল ?

উত্তৰঃ মধ্য় ইছলামীৰ সাম্ৰাজ্য়ত 'হিজৰী বৰ্ষটো খলিফা ওমৰৰ আমোলত প্ৰৱৰ্তন কৰা হৈছিল।  ইয়াৰ গুৰুত্ব আছিল-

    হিজৰা বছৰ হ'ল চন্দ্ৰ বছৰ, ৩৫৪ দিন। ১২ টা মাহত বিভক্ত প্ৰতিটো মাহতে দিনৰ সংখ্য়া ২৯ বা ৩০। হিজৰা পঞ্জিকা সৌৰ পঞ্জিকাতকৈ ১১ দিন কম।

ঘ) মুছলমানসকলৰ প্ৰথম আৰু দ্বিতীয় খলিফাৰ নাম লিখা ?

উত্তৰঃ মুছলমানসকলৰ প্ৰথম খলিফাৰ জনৰ নাম আছিল আবু বক্কৰ, আৰু দ্বিতীয় খলিফাৰ জনৰ নাম ওমৰ আছিল। 

৩। চমু টোকা লিখা। 

ক) কোৰাণ 

উত্তৰঃ কোৰাণ- কোৰাণ হ'ল আৰবী ভাষাত ৰচনা কৰা এখন গ্ৰন্থৰ। কোৰাণ ১১৪ টা অধ্য়ায়ত বিভক্ত আৰু কোৰাণত দৈৰ্ঘ্য়ৰ ফালৰ পৰা ওপৰৰ পৰা তললৈ লিখে আৰু শেষৰ বাক্য়টো চুটি কৈ লিখা হয়। ইয়াৰ প্ৰথম সুৰটো এটি চুটি প্ৰাৰ্থনা আৰু আৰম্ভণিতে এটি স্তুতি গীত। মুছলমানসকলৰ মতে, কোৰাণ হ'ল আল্লাহই মহম্মদক দিয়া এলানি বাণী । সেই বাণী তেওঁ প্ৰথমে মক্কাত আৰু পিছত মদিনাত মহম্মদক দিছিল। 

    প্ৰাচীন আৰু সম্পূৰ্ণ কোৰাণখন আছিল নৱম শতিকাত। ইয়াৰ আগৰো কিছুমান অংশ আছে সেইবোৰ হ'ল শিলা স্তম্ভ, আৰু সপ্তম শতিকাৰ মুদ্ৰাত লিখা লিপিৰ মাধ্য়মত প্ৰাপ্ত কোৰাণৰ অংশ। কোৰাণ প্ৰাচীন ইছলামৰ ইতিহাস ৰচনা কৰা ক্ষেত্ৰত কিছু সমস্য়া আছিল। প্ৰথমে কোৰাণ এখন ধৰ্মগ্ৰন্থ, ধৰ্মতত্ত্ববিদসকলে বিশ্বাস কৰিছিল আল্লাহৰ বাণী হিচাপে ইয়াক আক্ষৰিক অৰ্থতেই গ্ৰহণ কৰিব লাগে। ৮৩৩ খৃষ্টাব্দত আব্বাছিদ খলিফা অল-মামুনে কৈছিল যে, কোৰাণ আল্লাহৰ বাণী নহয়। 

খ) ধৰ্মযুদ্ধ,

উত্তৰঃ মধ্য় যুগৰ ঐশ্লামিক সমাজৰ খৃষ্টিয়ানসকল কিতাপৰ মানুহ বুলি কোৱা হৈছিল। কাৰণ তেওঁলোকৰ নিজস্ব ধৰ্মশাস্ত্ৰ আছিল। আৰবসকলে ৬৩৮ খৃষ্টাব্দত জেৰুজালেম জয় কৰিছিল যদিও খ্ৰীষ্টীয়ান সকলে সেই ঠাইখন যীশুৰ হত্য়াৰ আৰু পুনৰুত্থানৰ স্থান হিচাপে চিহ্নিত কৰা হৈছিল। মুছলমানসকলে খ্ৰীষ্টীয়ানসকলৰ প্ৰধান শত্ৰু হৈ পৰিছিল। একাদশ শতিকাত পশ্চিম ইউৰোপৰ সামাজিক আৰু অৰ্থনৈতিক সংগঠন ব্য়ৱস্থাত এক বিশেষ পৰিৱৰ্তন হৈছিল। খ্ৰীষ্টীয়ান সমাজৰ প্ৰথম দুটা শ্ৰেণী আছিল আৰু সেই দুটা হ'ল ধৰ্মযাজক আৰু সামৰিক শ্ৰেণীৰ লোক। 

    প্ৰথম ধৰ্মযুদ্ধত ফ্ৰান্স আৰু ইটালীৰ সৈনিকসকলে ছিৰিয়াৰ এন্টিওক দখল কৰিছিল লগতে জেৰুজালেমৰ ওপৰত নিজ দাবী উত্থাপন কৰিছিল। মুছলমান লিখকসকলে খ্ৰীষ্টীয়ান সকলৰ আগমনক ফৰাছী আক্ৰমণ বুলি কৈছিল। ধৰ্মযুদ্ধৰ আগ্ৰহে মানুহৰ মাজত বিলাসী জীৱন যাপনৰ পথ মোকলাই দিছিল। তাৰ পিছতে খ্ৰীষ্টীয়ান শাসনকৰ্তাসকলৰ মাজত ৰাজ্য় দখলৰ বাবে যুদ্ধ হৈছিল। প্ৰথম ধৰ্মযুদ্ধৰ এটা শতাব্দীৰ শেষত ছালাহ অল-দিনে জেৰুজালেম অধিকাৰ কৰিবলৈ সক্ষম হৈছিল। 

গ) আব্বাছিদ বিপ্লৱ,

উত্তৰঃ ৭৫০ খ্ৰীঃত আব্বাছিদ নামে এটা নতুন ৰাজবংশ উদ্ভৱ হৈছিল। তেওঁলোক মক্কা লোক আছিল। আব্বাছিদসকলে উমেইডসকলৰ শাসনক আপদীয়া বুলি অভিহত কৰিছিল, আৰু মহম্মদে প্ৰচাৰ কৰা খাটি ইছলামৰ পুনৰ প্ৰতিষ্ঠা কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল।সেই বিদ্ৰোহে ৰাজনৈতিক আৰু পৰিকাঠামো আৰু ঐশ্লামিক সংস্কৃতিৰ ক্ষেত্ৰত পৰিৱৰ্তন আনিছিল। সেই আব্বাছিদ বিদ্ৰোহ সংগঠিত হৈছিল সুদূৰ খোৰছানত। ডামাস্কাছৰ পৰা এটা বেগী ঘোঁৰাত যাত্ৰা কৰিলে খোৰছান পাবলৈ ২০ দিন লাগিছিল।   

  আৰব-ইৰাণীয়ান মিশ্ৰ লোকৰ বসতিস্থল আছিল খোৰছান। খোৰাছানত থকা আৰবৰ সৈনিকসকল আছিল ইৰাকৰ লোক, খোৰাছানত থকা আৰবৰ মূলৰ লোকসকলে উমেইড শাসন ব্য়ৱস্থা ঘৃণা কৰিছিল। কাৰণ তেওঁলোকে খাজনা ৰেহাই দিয়া আৰু কিছুমান সা-সুবিধা দিয়া প্ৰতিশ্ৰুতি দিছিল। আব্বাছিদ শাসনৰ আমোলত আৰব্য় প্ৰভাৱ-প্ৰতিপত্তি ম্লান পৰি আহিছিল। আব্বাছিদসকলে প্ৰাচীন ইৰাণীয়ান চহৰ ছেচিফোনৰ বাগডাদত তেওঁলোকৰ ৰাজধানী পাতিছিল। 

৪। ধৰ্মযুদ্ধ বুলিলে কি বুজা ? এঘাৰ শতিকাত ইউৰোপত হোৱা ধৰ্মযুদ্ধৰ বিষয়ে চমুকৈ লিখা ?

উত্তৰঃ ধৰ্মযুদ্ধ মানে হ'ল- মুছলমান আৰু খ্ৰীষ্টিয়ানসকলৰ সংযোগ। 

  এঘাৰ শতিকাত ইউৰোপত হোৱা ধৰ্মযুদ্ধ মুছলমান বিশ্ব তথা সমাজৰ বিৰুদ্ধে খ্ৰীষ্টীয়ানসকলৰ মাজত গঢ়ি উঠা শত্ৰুতা অধিক তীব্ৰ হৈ পৰিছিল। সেই সময়তে কিছুমান হাংগাৰিয়ান, নৰ্মান আৰু আন কিছুমান শ্লাভ জনজাতি লোক খ্ৰীষ্টীয়ানলৈ ধৰ্মান্তৰিত হৈ পৰিছিল। তাৰ কাৰণে মুছলমানসকলে খ্ৰীষ্টীয়ানসকলৰ প্ৰদান শত্ৰু হৈছিল। একাদশ শতিকাত পশ্চিম ইউৰোপৰ সামাজিক, অৰ্থনৈতিক সংগঠন আৰু ব্য়ৱস্থাত এটি বিশেষ পৰিৱৰ্তন সাধিত হৈছিল। খ্ৰীষ্টীয়ান সমাজৰ প্ৰথম দুটা শ্ৰেণী আছিল সেই দুটা হ'ল ধৰ্মযাজক আৰু সামৰিক শ্ৰেণীৰ লোক। ধৰ্মসংঘৰ পঞ্জিকা মতে নিৰ্ধাৰণ কৰা কিছুমান নিদিষ্ট সময়ত আৰু সমাজৰ কিছুমান দুৰ্বল শ্ৰেণীৰ লোকৰ বিৰুদ্ধে।

    ১০৯২ খ্ৰীষ্টাব্দত ছালজুক চুলতান মালিক ছাহৰ মৃত্য়ু পিছতে তেওঁ সাম্ৰাজ্য় ভাঙোন হৈছিল। সেই ঘটনাই বাইজানটাইন সম্ৰাট প্ৰথম এলেক্ছিয়াছক এছিয়া মাইনৰ আৰু উত্তৰ ছিৰিয়া পুনৰুদ্ধাৰ কৰিবলৈ সুযোগ পাইছিল। ১০৯৫ খ্ৰীষ্টাব্দত পোপে বাইজানটাইন সম্ৰাট্ৰৰ সৈতে যুক্ত হৈ পৱিত্ৰ ভূখণ্ড মুক্ত কৰিবলৈ যুদ্ধৰ ঘোষণা কৰিছিল। ১২৯১ খ্ৰীঃলৈ পশ্চিম ইউৰোপৰ খ্ৰীষ্টীয়ানসকলে ভূমধ্য় সাগৰীয় অঞ্চলত নগৰসমূহ আক্ৰমণ কৰিব কাৰণে যুদ্ধত লিপ্ত হৈছিল। সেই যুদ্ধবোৰকে ধৰ্মযুদ্ধ ৰূপে অভিহিত কৰা হৈছে। 

    প্ৰথম ধৰ্মযুদ্ধত ইটালীৰ আৰু ফ্ৰান্সৰ সৈনিকসকলে ছিৰিয়াৰ এন্টিওক দখল কৰিছিল। লগতে জেৰুজালেমৰ ওপৰত নিজৰ দাবী উত্থাপন কৰিছিল। মুছলমান লিখকসকলে খ্ৰীষ্টীয়ান সকলৰ আগমনক ফৰাছী আক্ৰমণ বুলি কৈছিল। ১১৪৪ খ্ৰীঃত এডেছা অধিকাৰ কৰা লগে লগে পোপে দ্বিতীয়খন ধৰ্মযুদ্ধ কৰিব কাৰণে আহবান জনাইছিল। জাৰ্মান আৰু ফৰাচী সামৰিক বাহিনীয়ে ডামাষ্কাছ অধিকাৰ কৰিব চেষ্টা কৰিছিল। ধৰ্মযুদ্ধৰ আগ্ৰহে মানুহৰ মাজত বিলাসী জীৱন যাপনৰ মুকলি কৰি দিছিল আৰু তাৰ পিছতে খ্ৰীষ্টীয়ান শাসনকৰ্তাসকলৰ মাজত ৰাজ্য় দখলৰ কাৰণে যুদ্ধ-সংঘৰ্ষৰ সৃষ্টি হৈছিল। জেৰুজালেমে চহৰ হেৰুৱাইছিল আৰু সেই ঘটনাই ১১৮৯ খ্ৰীঃত পুনৰ তৃতীয়খন ধৰ্মযুদ্ধৰ সূচনা কৰিছিল। 



                                           

    

Post Id:DABP002565