অঘৰীসকলৰ সাম্ৰাজ্য়

বিষয়বস্তু ৫ 

১। চমু উত্তৰ লিখাঃ

ক) জেংগিছ খাঁৰ কিমান চনত জন্ম হৈছিল ?

উত্তৰঃ জেংগিছ খাঁৰ ১১৬২ চনত জন্ম হৈছিল। 

খ) জেংগিছ খাঁৰ পিতৃ নাম কি আছিল ?

উত্তৰঃ জেংগিছ খাঁৰ পিতৃ নাম আছিল য়েছুগিৰ।

গ) মংগোল সাম্ৰাজ্য়ত কোনে ডাক ব্য়ৱস্থা প্ৰৱৰ্তন কৰিছিল ?

উত্তৰঃ মংগোল সাম্ৰাজ্য়ত জেংগিছ খাঁই ডাক ব্য়ৱস্থা প্ৰৱৰ্তন কৰিছিল। 

ঘ) মংগোলসকল কোন আছিল ?

উত্তৰঃ মংগোলসকল বহুধা জনগোষ্ঠীত বিভক্ত লোক আছিল। 

ঙ) জেংগিছ খাঁৰ পূৰ্বৰ নাম কি আছিল ?

উত্তৰঃ জেংগিছ খাঁৰ পূৰ্বৰ নাম আছিল টেমুজিন

২। উত্তৰ লিখাঃ  

ক) চীনত বৃহৎ প্ৰাচীৰ কিয় নিৰ্মাণ কৰা হৈছিল ?

উত্তৰঃ অঘৰীবিলাকে কৃষিকাৰ্য থানবান কৰা লগতে নগৰ-চহৰবোৰ লুণ্ঠন কৰিছিল। আনহাতে অঘৰীবিলাকে সংঘৰ্ষ পীড়িত অঞ্চলৰ পৰা সামান্য় ক্ষতি কৰা বিনিময়ত পশ্চাদপসাৰণ কৰিব পাৰিছিল। তৃতীয় খ্ৰীঃত পৰা কোঠবিলাক একত্ৰিত কৰাৰ কাম আৰম্ভ কৰা হৈছিল, যাতে সেইবোৰে এটা সামূহিক নিৰাপত্তা ব্য়ৱস্থাৰূপে গঢ়ি তুলিব পাৰি। সেইবোৰ কাৰণে চীনত বৃহৎ প্ৰাচীৰ নিৰ্মাণ কৰা হৈছিল।  

খ) 

৩। চমুটোকা লিখাঃ 

ক) জেংগিছ খাঁৰ,

উত্তৰঃ জেংগিছ খাঁৰঃ জেংগিছ খাঁৰ ১১৬২ চনত মংগোলীয়ৰ উত্তৰ অনন নদীৰ ওচৰত জন্ম হৈছিল। তেওঁ পিতৃ আছিল য়েছুগিৰ আৰু মাতৃ নাম আছিল ওলুন-ইক। জেংগিছৰ পূৰ্বৰ নাম আছিল টেমুজিন। টেমুজিন সৰু থাকোঁতে তেওঁ পিতাকক কোনাবাই হত্য়া কৰিছিল। টেমুজিন আৰু তেওঁ ভায়েকক মাক ওলুন-ইকে বহুত কষ্টৰে ডাঙৰ কৰিছিল। আগৰ যুগটো প্ৰতিশোধৰ যুগ আছিল, টেমুজিনক ধৰি নি তেওঁৰ ওপৰত দাসত্ব দশা জাপি দিছিল। জেংগিছৰ ঘৈণীয়েকক অপহৰণ কৰিছিল। সেই বাবে তেওঁ যুদ্ধ কৰিব লগা হৈছিল আৰু যুদ্ধ কৰি জেংগিছে তেওঁ  শেষত ঘৈণীয়েকক মুকলি কৰি আনিছিল। ডেকা বোঘাৰছু তেওঁ প্ৰথম সহযোগী আছিল আৰু পিছলৈ তেওঁ এজন বিশ্বাসী বন্ধুৰ হৈ ৰৈছিল। তেওঁ সহোদৰ ভায়েক জামুকা আছিল অন্য়তম। 

    ১২০৬ খ্ৰীষ্টাব্দৰ নৈমান জনগোষ্ঠী আৰু পৰাক্ৰমী জামুকাক পৰাভূত কৰাৰ পিছত শুকান বৰিভূমি অঞ্চলৰ একমাত্ৰ প্ৰভাৱশালী ব্য়ক্তি জন আছিল টেমুজিন। সেই অৱস্থাত এখন সভাত বিভিন্ন জনগোষ্ঠীৰ বিভক্ত মংগোল গোষ্ঠীপতিসকলে টেমুজিনক জেংগিছ খাঁৰ উপাধিৰ দিছিল। তেওঁৰ প্ৰথম মনোযোগ আকৰ্ষন কৰিছিল চীন আক্ৰমণৰ। তেতিয়া চীন তিনিখন প্ৰধান ৰাজ্য়ত বিভক্ত আছিল আৰু সেই কেইখন আছিল 

   ১। উত্তৰ-পশ্চিম প্ৰদেশ তাত তিব্বতী মূলৰ ছি ছি জনগোষ্ঠীয়ে বসবাস কৰিছিল। 

   ২। উত্তৰ চীন, তাত চীন ৰাজবংশই পিকিঙৰ পৰা শাসন চলাইছিল। 

   ৩। দক্ষিণ চীন, তাত ছুঙ ৰাজবংশই শাসন কৰিছিল। 

 ১২২৬ খ্ৰীষ্টাব্দত চীনৰ উত্তৰ-পশ্চিম অঞ্চলত অৱস্থিত টিয়েন শাসন পৰ্বত নিয়ন্ত্ৰণ কৰা কাৰা খিটাসকলৰ পৰাজয়ৰ পিছত মংগোলসকলৰ সাম্ৰাজ্য়ৰ সীমা আমু ডৰিয়া নদীৰ আৰা খৱাৰাজাম ৰাজ্য় পৰ্যন্ত বিস্তৃত হৈ পৰিছিল। জেংগিছ খাঁই গোটেই জীৱন যুদ্ধ কৰি ১২২৭ খ্ৰীষ্টাব্দত তেওঁ মৃত্য়ু হৈছিল। 

খ) পৰৱৰ্তী কালৰ মংগোলসকল,

উত্তৰঃ জেংগিছ খাঁৰ পৰৱৰ্তী কালৰ মংগোলসকল- মংগোলসকল বহুধা জনগোষ্ঠীৰ বিভক্ত লোক আছিল। ভাষাৰ কাৰণে তেওঁলোক পূৰ্ব দিশত থকা খিতান, মাঞ্জু, তাৰ্তাৰ আৰু পশ্চিম দিশৰ তাৰ্কিক জনগোষ্ঠীৰ সৈতে সংযোক্ত আছিল। মংগোলসকল কিছুমান চিকাৰজীৱী আছিল। তেওঁলোকে পশুচাৰণৰ ঘোঁৰা, গৰু, ছাগলী, ভেঁৰা আৰু উট সেইবোৰ জন্তুৰ পোহপাল দিছিল। 

    জেংগিছ খাঁৰ মৃত্য়ুৰ পিছতে মংগোলসকল সংগটিত হৈছিল। মোগলসকলৰ সম্প্ৰসাৰণক দুটা স্তৰত পৃথক কৰা হৈছে, আৰু সেই স্তৰত কেইটা হ'ল -

 ১) মংগোলসকলে ৰুচ দেশৰ শুকান ৰবি ভূমি অঞ্চলৰ লগতে বুলঘাৰ, পোলেণ্ড, কিয়েভ আৰু হাংগাৰীলৈ সম্প্ৰসাৰিত হৈ পৰিছিল। সেই স্তৰৰ সময় আছিল ১২৩৬ ৰপৰা ১২৪২ খ্ৰীঃলৈ । 

২) মংগোলসকলে চীন দেশ, ইৰাণ, ছিৰিয়া, আৰু ইৰাক আক্ৰমণ কৰি জয় কৰিছিল আৰু সেই স্তৰৰ সময় আছিল ১২৫৫ ৰপৰা ১৩০০ খ্ৰীঃলৈ । 

    সেইবোৰৰ কাৰণে মংগোল সাম্ৰাজ্য়ৰ সীমান্ত সুস্থিৰ হৈ পৰিছিল। ১২০৩ খ্ৰীঃৰ পৰৱৰ্তী কালত মংগোলসকলৰ সামৰিক অভিযানে খুব কম বিপৰ্যয়ৰ সন্মূখীন হৈছিল। মংগোলসকলে ১২৬০ খ্ৰীঃত পশ্চিমফালে সামৰিক অভিযান চলাইছিল। ভিয়েনা আৰু তাৰ পৰা পশ্চিম ইউৰোপৰ লগতে ইজিপ্তৰ ওপৰতো মংগোলসকলৰ নিয়ন্ত্ৰণ আছিল। ১২৬০ খ্ৰীঃ পৰা টুলোইসকলৰ স্বাৰ্থ চীন জয় কৰা দিশত অধিক বৃদ্ধি পোৱাত সামৰিক শক্তি আৰু ৰছত-পাতি ক্ৰমাগতভাৱে মংগোল সাম্ৰাজ্য় কেন্দ্ৰভূমিলৈ প্ৰেৰণ কৰিব লোৱা হৈছিল। মংগোলসকলে ইজিপ্তৰ সামৰিক বাহিনীৰ বিৰুদ্ধে ৰণৰ ক্ষেত্ৰত অতি কম সৈনিক সক্ষম হৈছিল।  

৪। জেংগিছ খাঁৰ ঘটনাবহুল জীৱন পৰিক্ৰমাৰ বৰ্ণনা কৰা ?

উত্তৰঃ জেংগিছ খাঁৰ মংগোলীয়াৰ উত্তৰাংশত ওনন নদীৰ সমীপত ১১৬২ খ্ৰীঃত জন্ম হৈছিল। তেওঁ পূৰ্বৰ নাম আছিল টেমুজিন, তেওঁ য়েছুগিৰ সন্তান আছিল। জেংগিছ সৰু থাকোঁতে তেওঁ পিতৃক আন কোনোৱা লোকে হত্য়া কৰিছিল। 

    জেংগিছ খাঁৰ এজন ডেকা বোঘাছুৰ প্ৰথম সহযোগী আছিল, আৰু পিছত তেওঁ বিশ্বাসী বন্ধু হৈ ৰৈছিল। টেমুজিনে ওন খাঁৰ সৈতে ১১৮০ পৰা ১১৯০ কালছোৱাত বন্ধুত্ব অক্ষুণ্ণ ৰাখিছিল। সেই বন্ধুতক পূৰ্বৰ বন্ধু আৰু পিছলৈ শত্ৰুত পৰিণত হৈছিল। পিছত জামুকাক পৰাভূত কৰা কামত ব্য়ৱহাৰ কৰিছিল। তেওঁক পৰাভূত কৰাৰ পিছত টেমুজিনৰ আত্মবিশ্বাস বাঢ়িছিল। ১২০৩ খ্ৰীঃত সংঘৰ্ষত লিপ্ত হোৱা সেই জনগোষ্ঠীবিলাকৰ ভিতৰত আছিল তাৰ্তাৰ (জেংগিছৰ পিতৃক হত্য়া কৰিছিল), স্বয়ং ওন খাঁ আৰু কেৰেইত। মংগোলীয় গোষ্ঠীপতিসকলে  তেওঁক জেংগিছ খাঁৰ উপাধিৰ দিছিল। জেংগিছ খাঁই মংগোল জনসাধাৰণক  সুশিক্ষিত সামৰিক শক্তিত সংঘটিত কৰি তুলিছিল। সেইটোৱে তেওঁ পৰৱৰ্তী সামৰিক অভিযানবিলাক সফল হোৱাত সহায় কৰিছিল। জেংগিছে প্ৰথমে চীন আক্ৰমণ কৰিব কাৰণে মনোযোগ আকৰ্ষণ কৰিছিল। 

    ১২১৬ খ্ৰীঃত চীনৰ উত্তৰ-পশ্চিম অঞ্চলত অৱস্থিত টিয়েন শান পৰ্বত নিয়ন্ত্ৰণ কৰা কাৰাখিটাসকলৰ পৰাজয় কৰা পিছত মংগোলসকলৰ সাম্ৰাজ্য়ৰ সীমা ট্ৰেন্সওকছিয়ানা আৰা খৱাৰাজাম আৰু আমু ডৰিয়া নদী ৰাজ্য় পৰ্যন্ত বিস্তৃত হৈ পৰিছিল। ১২১৯ আৰু ১২২১ খ্ৰীঃ ভিতৰত ভিতৰত চলোৱা সামৰিক অভিযান চহৰসমূহ আছিল বোখৰা, ছমৰখণ্ড, ওট্ৰাৰ, বলখ, হিৰাট, মাৰ্ভ আৰু নিশাপুৰ এফালৰ পৰা এখন এখনকৈ মংগোলসকলৰ ওচৰত আত্মসমৰ্পণ কৰিছিল। জেংগিছে জীৱনৰ অধিক কালছোৱা যুদ্ধ কৰিছিল। পিছত ১২২৭ খ্ৰীঃত জেংগিছৰ মৃত্য়ু হৈছিল।


 Post Id:DABP002566