তিনিটা শ্ৰেণী

বিষয়বস্তু ৬ 

১। চমু উত্তৰ লিখাঃ 

ক) ফিউদ শব্দটোৰ অৰ্থ কি ?

উত্তৰঃ ফিউদ শব্দটোৰ অৰ্থ হ'ল এডোখৰ মাটি। 

খ) কি শব্দৰ পৰা 'সামন্তবাদ' সংজ্ঞাৰ উৎপত্তি হৈছিল ?

উত্তৰঃ জাৰ্মান শব্দপৰা সামন্তবাদ সংজ্ঞাৰ উৎপত্তি হৈছিল। 

গ) ইংলেণ্ডত কৃষকসকলে কিমান চনত বিদ্ৰোহ কৰিছিল ?

উত্তৰঃ ইংলেণ্ডত কৃৃষকসকলে ১৩৮১ খ্ৰীঃত বিদ্ৰোহ কৰিছিল। 

ঘ) এখন সৰু জমিদাৰীত কেইজন পৰিয়াল থাকিব পাৰিছিল ?

উত্তৰঃ এখন সৰু জমিদাৰীত একডজন। 

ঙ) প্ৰভু ঘৰটোক কি বুলি কোৱা হৈছিল ?

উত্তৰঃ প্ৰভু ঘৰটোক খাত (জমিদাৰী) বুলি কোৱা হৌছিল। 

২। উত্তৰ লিখাঃ

ক) ফ্ৰান্সৰ পুৰোহিতসকলে সমাজক কেইটা শ্ৰেণীত ভাগ কৰিছিল আৰু কি কি ?

উত্তৰঃ ফ্ৰান্সৰ পুৰোহিতসকলে সমাজক ৩ টা শ্ৰেণীত বিভক্ত কৰিছিল, আৰু সেই শ্ৰেণী কেইটা আছিল  

        ১) পুৰোহিত, ২) অভিজাত আৰু ৩) কৃষকসকল

খ) মধ্য়যুগৰ ইউৰোপত জমিদাৰী সম্পত্তি বুলিলে কি বুজা ?

উত্তৰঃ মধ্য়যুগৰ ইউৰোপত জমিদাৰী সম্পত্তি মানে হ'ল তেওঁলোকৰ মাটিত বসবাস কৰা সকলো মানুহৰ ওপৰত তেওঁ আছিল প্ৰভু। তেওঁ বৃহৎ পৰিমাণৰ মাটি আছিল। তাত তেওঁ বাসগৃহ, চৰণীয়া পথাৰ, ব্য়ক্তিগৰ্ত পথাৰ আৰু কৃষক ৰায়তৰ ঘৰ। সেই ঘৰটোক কোৱা হয় জমিদাৰী। 

গ) মধ্য়যুগৰ ইউৰোপত 'নাইট' সকলৰ বিষয়ে লিখা ?

উত্তৰঃ মধ্য়যুগৰ ইউৰোপত 'নাইট' সকল  আছিল ইউৰোপত সঘনাই স্থানীয় যুদ্ধ হৈ আছিল। সেই যুদ্ধৰ কৰিবলৈ কৃষক সৈনিক বেছি নাছিল। সেই যুদ্ধত এচাম নতুন মানুহ সৃষ্টি কৰিছিল আৰু সেইবোৰকে নাইট বুলি কোৱা হৈছিল।

৩। চমু টোকা লিখাঃ 

ক) পুৰোহিতসকল,

উত্তৰঃ পুৰোহিতসকলঃ ফ্ৰান্সৰ পুৰোহিতসকলে বিশ্বাস কৰিছিল যে তেওঁলোকৰ নিজৰ কামৰ অনুসৰি মানুহক তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰি। কিছুমান লোকে পূজা কৰে, যুদ্ধ কৰে আৰু অন্য়ান্য় কামও তেওঁলোকে কৰিছিল। সেই কাৰণে সমাজত মানুহখিনিক তিনিটা শ্ৰেণীত ভাগ কৰি দিছিল, আৰু তাৰে প্ৰথমটো ভাগ আছিল পুৰোহিত। 

    কেথলিত গীৰ্জাবিলাকৰ নিজা সুকীয়া আইন আছিল। তেওঁলোক অধিকাৰী আছিল শাসকে প্ৰদান কৰা মাটিৰ ওপৰত সেই মাটিত তেওঁলোকে নিজে কৰ বহুৱাব পাৰিছিল। তেওঁলোক ৰজাৰ ওপৰত নিৰ্ভৰশীল নাছিল, কাৰণ গীৰ্জাবিলাক অতি ক্ষমতাশালী প্ৰতিষ্ঠান হৈ পৰিছিল। পশ্চিমীয়া গীৰ্জাৰ প্ৰধান আছিল পোপ, তেওঁ ৰোমত বাস কৰিছিল। সেইবোৰ পৰাই প্ৰথম শ্ৰেণীটো গঠিত হৈছিল। কিছুমান গাঁৱত নিজৰ গীৰ্জা আছিল। সেইবোৰত প্ৰতি দেওবাৰে পুৰোহিতৰ বাণী শুনিবলৈ আৰু প্ৰাৰ্থনা কৰিবলৈ মানুহবোৰ গোট খাইছিল। প্ৰতিজন মানুহে পুৰোহিত হ'ব পৰা নাছিল। অক্ষম লোকসকলৰ বাধা আছিল আৰু মহিলাসকলো কোনো দিনে পুৰোহিত হ'ব নোৱাৰিছিল। পুৰোহিতে বিয়া কৰাব নোৱাৰিছিল। গোটেই বছৰ ধৰি কৃষকে কৰা উৎপাদনৰ অনুসৰি তেওঁলোকক ১০ শতাংশ কৈ উৎপাদন দিব লগা হৈছিল। 

খ) কৃষকসকল,

উত্তৰঃ কৃষকসকলঃ সমাজৰ মানুহবোৰক তিনিটা ভাগত ভাগ কৰিছিল। তাৰে তৃতীয় শ্ৰেণী ভাগটো আছিল কৃষকসকল। খেতিয়কসকলৰ দুটা ভাগ আছিল, আৰু সেই ভাগ দুটা আছিল মুক্ত কৃষক আৰু ভৃত্য় সেৱা কৰা। পামবোৰত সামন্ত প্ৰভূৰ ৰায়ত হিচাপে মুক্ত কৃষকসকল আছিল। সামন্ত প্ৰভূৰ মাটিত কাম কৰিব বাবে তেওঁলোকে সপ্তাহত তিনিদিন বা কেতিয়াবা তাতোকৈ বেছি আছুতীয়াকৈ ৰাখিবলগীয়া হৈছিল। সেইবোৰ কৃষকৰ উৎপাদনক 'শ্ৰমভাৰা' বুলি কোৱা হৈছিল। মহিলা আৰু শিশুসকলে পথাৰত সহায় কৰা উপৰিও আন কাম কৰিব লগা হৈছিল। মহিলা সকলে সূতা কাটিছিল, তাঁত বৈছিল, মম তৈয়াৰ কৰিছিল আৰু সামন্ত প্ৰভূৰ ব্য়ৱহাৰ বাবে প্ৰয়োজন আঙুৰ চেপিছিল মদ তৈয়াৰ কাৰণে। 

    ভৃত্য়বিলাকেও মাটিত খেতি কৰিছিল। তেওঁলোকে খেতি কৰা মাটিৰ গৰাকী আছিল সামন্তপ্ৰভূসকল। ভৃত্য়বিলাকে কৰা উৎপাদন বেছি অংশ প্ৰভূক দিব লগা হৈছিল। প্ৰভূৰ অনুমতি নোলোৱাকৈ তেওঁলোকে মাটিবাৰী এৰি আন ঠাইলৈ যাব পৰা নাছিল। প্ৰভূৰ মাটিত খেতি কৰা বিনিময়ত তেওঁলোকে কোনো মজুৰী পোৱা নাছিল। ভৃত্য়সকলে আটা আৰু ময়দা প্ৰভূৰ মিলতহে গুড়ি কৰিব পাৰিছিল। ভৃত্য় জনে কাক বিয়া কৰাব সেইটো প্ৰভূৰে নিৰ্বাচন কৰিছিল। 

গ) নাইটসকল,

উত্তৰঃ নাইটসকলঃ নৱম শতিকাৰ পৰা ইউৰোপত সঘনাই স্থানীয় যুদ্ধ চলি আছিল। যুদ্ধ কৰিব কাৰণে কৃষকৰ সৈনিক যথেষ্ট নাছিল। সেই সময়তে এচাম নতুন মানুহ সৃষ্টি হৈছিল আৰু তেওঁলোককে 'নাইট' বুলি কোৱা হৈছিল। তেওঁলোকৰ ৰজাৰ লগত সম্পৰ্ক আছিল। সামন্ত প্ৰভূসকলে নাইটসকলক এটুকুৰা মাটি দিছিল, সেই মাটি টুকুৰাকে পাইকান মাটি বুলি কোৱা হৈছিল।  সেই মাটিত ১০০০ পৰা ২০০০ একৰলৈকে বিস্তৃত আছিল, নাইট আৰু পৰিয়ালৰ বাবে ঘৰ, এটা গীৰ্জাৰ আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল লোকৰ বাবে অন্য়ান্য় সংস্থাপন কৰিছিল। 

    দ্বাদশ শতিকাৰ পৰা ফ্ৰান্সত গীৰ্জাঘৰৰ গায়কবোৰে এখন জমিদাৰী পৰা আন এখন জমিদাৰীলৈ গীত গাই ঘূৰি ফুৰিছিল। সেই গীতবোৰৰ কিছুমান বুৰঞ্জীমূলক আৰু কিছুমান আছিল নিজে সৃষ্টি কৰা । সেই বোৰত ৰজা আৰু নাইটৰ কথা উল্লেখ কৰা হৈছে। এটা সময়ত বেছিভাগ লোকে লিখা-পঢ়া জনা নাছিল সেই সময়তে এই ভ্ৰমণকাৰী গায়ক আৰু কবিসকলক অতি প্ৰয়োজন হৈ পৰিছিল। বহুতো জমিদাৰৰ ডাঙৰ হলঘৰৰ ওপৰত এখন সৰু বাৰাণ্ডা আছিল, সেই ঠাইতে সাধাৰণ মানুহবোৰে গোট খাইছিল। সেইবোৰৰ পৰা তেওঁলোকে গীত গাই মহান ব্য়ক্তিসকলে ভোজ খাই থাকোঁতে তেওঁলোকৰ তাতে গীত গাইছিল। 

৪। মধ্য়যুগৰ ইউৰোপৰ সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত প্ৰভাৱিত কৰা কাৰকসমূহ বৰ্ণনা কৰা ?

উত্তৰঃ মধ্য়যুগৰ ইউৰোপত সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত প্ৰভাৱিত কৰা কাৰকসমূহ হ'ল-

   ক) পৰিৱেশ- পঞ্চমৰ পৰা দশম শতিকালৈ ইউৰোপৰ বেছিভাগ মাটি হাবি-বননিৰে ভৰা আছিল। কৃষকসকলে নিজৰ অৱস্থাক লৈ অসন্তুষ্টি আছিল তেওঁলোকে নিষ্পেষণৰ পৰা ৰক্ষা পাবলৈ হাবিত গৈ আশ্ৰয় লৈছিল। উৎপাদন কৰিব কাৰণে সময় অতি কমকৈ পোৱা গৈছিল। 

    একাদশ শতিকাৰ পৰা ইউৰোপত গড় হিচাপে তাপমাত্ৰা বৃদ্ধি পাবলৈ ধৰিছিল। খেতিয়কে খেতি কৰা কাৰণে এটা দীঘলীয়া সময় পাইছিল আৰু বৰফৰ পৰিমান কমি যোৱাৰ কাৰণে সহজে খেতিৰ মাটিত হাল বাব পৰা হৈছিল। পৰিৱেশ ইতিহাসবিদসকলে লক্ষ্য় কৰিছিল যে ইউৰোপৰ বহুতো অঞ্চল হাবিৰ মাটিকালি হ্ৰাস পাবলৈ ধৰিলে। সেই কাৰণে কৃষিৰ উপযোগী মাটি পৰিমান বৃদ্ধি পাইছিল।

খ) মাটিৰ ব্য়ৱহাৰ- কৃষকৰ একমাত্ৰ যান্ত্ৰিক সহায় আছিল কাঠৰ হালখন। সেই হালখন কেইবাটাও ষাঁড়গৰুৱে টনা হৈছিল। কৃষি সম্পূৰ্ণৰূপে শ্ৰমৰ ওপৰত নিৰ্ভৰশীল আছিল। চাৰি বছৰৰ মূৰত এবাৰ পথাৰবোৰ হাতেৰে খান্দিব লগা হৈছিল। তাৰ বাবে বহুতো শ্ৰমিক প্ৰয়োজন হৈছিল। পথাৰখন দুটা ভাগত ভাগ কৰিছিল, এটা ভাগ শৰৎকালত শীতত ঘেঁহু ৰোপণ কৰা হৈছিল। আনটো ভাগ এনেই পেলাই থৈছিল। খালি হৈ থকা পথাৰখন পিছৰ বছৰত গমৰ দৰে এবিধ শস্য় ৰোপন কৰা হৈছিল আনখন এনেই পেলাই থৈছিল। 

    সামন্তপ্ৰভূসকলে নিজৰ আয়ৰ পৰিমানে বৃদ্ধি কৰিব কাৰণে উদগ্ৰীৱ হৈ আছিল। সেইবোৰ মাটিৰ পৰা উৎপাদনৰ বৃদ্ধি সম্ভৱ নাছিল। সকলো কৃষককে সামন্ত প্ৰভূসকল জমিদাৰীত কাম কৰিবলৈ দিয়া হৈছিল, তেওঁলোক আইনগতভাৱে বাধ্য় নাছিল। 

গ) নতুন কৃষিৰ প্ৰযুক্তি- একাদশ শতিকাৰ পিছৰ সময়ছোৱাত প্ৰযুক্তিৰ ক্ষেত্ৰত বহু পৰিৱৰ্তন আছিল। কাঠৰ হালৰ সলনি কৃষকসকলে লোখচিত, ওজনযুক্ত হাল আৰু মৈয় ব্য়ৱহাৰ কৰিছিল। সেই হালবোৰে বহু তললৈ মাটি খান্দিব পাৰিছিল, আৰু মৈয়ে মাটিডোখৰ সমান কৰি গৈছিল। মাটি চহাবলৈ হালত গৰু-ম'হ ব্য়ৱহাৰ কৰা পদ্ধতিটো সলনি কৰা হৈছিল। ঘোঁৰাবোৰৰ গেৰোৱাত লোখচিত উন্নত জোতা পিন্ধোৱা হৈছিল যিটোৱে ভৰিৰ ৰোগৰ পৰা ৰক্ষা কৰিছিল। 

    কৃষকে তিনিখন পথাৰৰ পৰা এখন পথাৰ দুবছৰ ব্য়ৱহাৰ কৰিব পাৰিছিল যদি শৰৎকালত এবিধ শস্য় আৰু ডেৰ বছৰৰ পিছত বসন্ত কালত অন্য় খেতি কৰিছিল। তেওঁলোকে তিনিখন পথাৰৰ ভিতৰত খেতিবিলাক ভগাই লৈছিল। 



    


 Post Id:DABP002567