ভাৰতীয় আদৰ্শত বৈৰাগ্য

ক) অতি চমু প্ৰশ্নাৱলীঃ

১। ভাৰতীয় সংস্কৃতিৰ মূলধাৰ কি।

উত্তৰঃ ভাৰতীয় সংস্কৃতিৰ মূলধাৰ হৈছে বেদ।

২। পঞ্চপুষ্প পুথিখনৰ ৰচক কোন।

উত্তৰঃ পঞ্চপুষ্প পুথিখনৰ ৰচক হৈছে তীৰ্থনাথ শৰ্মা।

৩। কৰ্ম কৰা কৌশলক ভগৱদগীতাত কি বুলি অভিহিত কৰিছে।

উত্তৰঃ কৰ্ম কৰা কৌশলক ভগৱদগীতাত যোগ বা কৰ্মযোগ বুলি অভিহিত কৰিছে।

৪। কামসেন্দুৰ কবিতা পুথিখনৰ ৰচক কোন।

উত্তৰঃ কামসেন্দুৰ কবিতা পুথিখনৰ ৰচক হৈছে তীৰ্থ নাথ শৰ্মা।

৫। প্ৰকৃত ত্যাগ বুলিলে কি বুজা।

উত্তৰঃ থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদগতি ঘটোৱাই হৈছে প্ৰকৃত ত্যাগ।

৬। তীৰ্থনাথ শৰ্মা কবিতা পুথিখনিৰ নাম কি।

উত্তৰঃ কামসেন্দুৰ।

৭। তীৰ্থনাথ  শৰ্মা কোনখন মহাবিদ্যালয় প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল।

উত্তৰঃ তীৰ্থনাথ শৰ্মা গুৱাহাটী প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল।

৮। বৈৰাগ্য শব্দৰ অৰ্থ কি। 

উত্তৰঃ বৈৰাগ্য শব্দৰ অৰ্থ হৈছে ত্যাগ কৰা।

৯। ভাৰতীয় আদৰ্শত বৈৰাগ্য প্ৰৱন্ধটো লেখক কোন।

উত্তৰঃ ভাৰতীয আদৰ্শত বৈৰাগ্য প্ৰৱন্ধটো লেখক হৈছে তীৰ্থনাথ শৰ্মা।

১০। কোনখন উপনিষদৰ অনুশাসনৰ কথাখিনি বিশেষভাৱে দকৈ গমি চাব লগা কথা।

উত্তৰঃ  তৈত্তিৰীয় উপনিষদৰ অনুশাসনৰ কথাখিনি বিশেষভাৱে দকৈ গমি চাব লগা কথা।

খ) চমুপ্ৰশ্নাৱলীঃ                                                                              মূল্যাংকন ২/৩

১। নিত্য অধ্যয়নৰ গুৰুত্ব কেনেকুৱা।

উত্তৰঃ নিত্য অধ্যয়ন সভ্য জীৱনৰ আৰু উন্নত আচৰণৰ অপৰিহাৰ্য অংগ।

২। ব্যক্তিৰ দায়িত্বৰ পৰিধি কেনেধৰণৰ।


৩। প্ৰকৃততে ত্যাগ বা বৈৰাগ্য কি।

উত্তৰঃ সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদগতি ঘটোৱাই হৈছে প্ৰকৃত ত্যাগ বা বৈৰাগ্য।

৪। শৰীৰধাৰী মানুহৰ কিহৰ বাহিৰে আন উপায় নাই।

উত্তৰ-ঃ শৰীৰধাৰী মানুহৰ কাম কৰাৰ বাহিৰে আন উপায় নাই।

৫। ঋকবেদৰ মন্ত্ৰবিলাক কিহৰ পৰিচয় পোৱা যায়।

উত্তৰঃ ঋকবেদৰ মন্ত্ৰবিলাকত এটা উজ্জ্বল সমৃদ্ধিময় জীৱনৰ কাৰণে  এখন সমাজৰ প্ৰবল ধাউতিৰ পৰিচয় পোৱা যায়।

৬। অতিথি দেৱ ভৱ মানে কি।

উত্তৰঃ অতিথি দেৱ ভৱ মানে হৈছে অতিথিক দেৱতা স্বৰূপে জ্ঞান কৰা।

আমাৰ ভাৰতীয় দৰ্শনত অতিথিক দেৱতা ৰূপে গণ্য কৰা হয়। ঘৰলৈ অতিথি আহিলে নিজে নাখায় অতিথিক খুৱাই আৰু আদৰ সাদৰ কৰে। ভাৰতীয় লোকে অতিথিক সেৱা কৰা দেৱতাক সেৱা কৰা একে বুলি বিশ্বাস কৰে।  

৭। ভাৰতীয় সংস্কৃতি মূলধাৰ বেদ। বেদ কি আৰু কেইখন।

উত্তৰঃ বেদ হৈছে প্ৰাচীন পুথি। বেদ চাৰিখন।

৮। এখন সমাজৰ আদৰ্শ কি তাক জানিবৰ উপায় কি।

উত্তৰঃ এখন সমাজৰ আদৰ্শ কি তাক জানিবলৈ হলে সেই সমাজৰ উঠি অহা যুৱক বা অধ্যয়ন সমাপ্ত কৰি জীৱন সংগ্ৰামত প্ৰবৃত্ত হব খোজা ছাত্ৰসকলৰ আগত সেই যুগৰ মনীষী আৰু শিক্ষক সকলে কি উপদেশ দিয়ে, কি আদৰ্শ পালনৰ  কাৰণে উদগনি দিয়ে সেই কথাবোৰ অনুধাৱন কৰিব লাগিব।  

৯। উপনিষদৰ কৰ্মযোগত কোৱা কথাখিনিৰ চমুকৈ লিখা।

উত্তৰঃ উপনিষদৰ কৰ্মযোগত কোৱা কথাখিনি হৈছে কাম কৰি এশ বছৰ জীয়াই থকা, জীয়াই থাকিবলৈ বাঞ্ছা কৰা। কাৰণ তুমি শৰীৰ ধাৰী মানুহ, তোমাৰ কামৰ বাহিৰে আন উপায় নাই। কেৱল কামত লিপ্ত নোহোৱাকৈ নিৰাসক্ত হৈ কাম কৰিবলৈও শিকা। কামো কৰিবা আৰু সেই কামত লিপিত খায়ো নাথাকিবা, ইয়েই উপনিষদৰ কৰ্মযোগ। ভগৱদ্গীতাৰ কৰ্মযোগৰ বীজতত্ত্ব। 

১০। ধন সম্পদ বৃদ্ধি সম্পৰ্কত উপনিষদত কেনে উপদেশ দিয়া হৈছে।

উত্তৰঃ


গ) ৰচনাধৰ্মী প্ৰশ্নঃ

১। ভাৰতীয় আদৰ্শত ত্যাগ আৰু বৈৰাগ্যৰ স্থান কত বুলি কোৱা হৈছে। গাৰ্হস্থ্য জীৱনত প্ৰৱেশ কৰিবলৈ ওলোৱা বিদ্যাৰ্থীক গুৰুৱে কি উপদেশ দিছিল।

২। চাৰি আশ্ৰম বুলিলে কি বুজা। চাৰি আশ্ৰমৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ভাৰতীয় আদর্শত ব্যক্তি এজনৰ জীৱন কালছোৱাক চাৰিটা স্তৰত ভাগ কৰা হৈছে। এই চাৰিটা স্তৰকে চাৰি আশ্ৰম বুলি কোৱা হয়। এই চাৰি আশ্ৰম হৈছে- ব্রহ্মচর্য, গার্হস্থ্য, বানপ্রস্থ আৰু সন্ন্যাস।

       ব্ৰহ্মচৰ্য সময়ছোৱা হৈছে  জ্ঞান আহৰণৰ সময়, য'ত গুৰুয়ে শিষ্য সকলক বেদৰ মন্ত্ৰ, প্ৰাৰ্থনা, উপনিষদৰ আধ্যাত্মিক স্তৰ সমূহ, কৰ্ম কৰাৰ কৌশল আদিৰ উপদেশ প্ৰদান কৰে। গাৰ্হস্থই গৃহস্থী জীৱনৰ কৰ্তব্য সমূহৰ কথা ব্যক্ত কৰে। ভাৰতীয় আদৰ্শত গৃহস্থী জীৱনৰ কৰ্তব্য সম্পাদন  কৰি উঠাৰ পিছতহে বানপ্ৰস্থ আৰু সন্ন্যাসৰ বিধান দিয়া হৈছে। এইয়াই হৈছে চাৰি আশ্ৰমৰ মূল।

৩। উপনিষদৰ কৰ্ম-যোগ কি।

উত্তৰঃ উপনিষদৰ কৰ্মযোগত কোৱা কথাখিনি হৈছে কাম কৰি এশ বছৰ জীয়াই থকা, জীয়াই থাকিবলৈ বাঞ্ছা কৰা। কাৰণ তুমি শৰীৰ ধাৰী মানুহ, তোমাৰ কামৰ বাহিৰে আন উপায় নাই। কেৱল কামত লিপ্ত নোহোৱাকৈ নিৰাসক্ত হৈ কাম কৰিবলৈও শিকা। কামো কৰিবা আৰু সেই কামত লিপিত খায়ো নাথাকিবা, ইয়েই উপনিষদৰ কৰ্মযোগ। ভগৱদ্গীতাৰ কৰ্মযোগৰ বীজতত্ত্ব। 

৪। ঈশোপনিষদৰ প্ৰথম মন্ত্ৰটিৰ বিধিবাক্যটো কি আৰু তাৰ অৰ্থ কেনেধৰণৰ।

উত্তৰঃ ঈশোপনিষদৰ প্ৰথম মন্ত্ৰটিৰ বিধিবাক্য আছে-ভুঞ্জীথাঃ, নিষেদ বাক্য হল- মা গৃধঃ ( তেনে ত্যক্তেন- ভুঞ্জীথাঃ মা গৃধঃ কস্যচিদ্ধমন) ভুঞ্জীথাঃ-- ভোগ কাৰ, কিন্তু সাৱধান, তক্তেন- ত্যাগ কৰিহে ভোগ কৰা। মা গৃধঃ- নিজে ত্যাগৰ ভাবত থাকি আৰু আনৰখিনিলৈ আকাংক্ষা নকৰাকৈ ভোগ কৰাটোৱেই উপনিষদৰ বিধান। ভোগ এৰি দি বনবাসী আৰু লাওলোৱা হৈ থকা কাৰণে উপদেশ দিয়া নাই।  

৫।  গুৰুৱে বিদ্যাৰ্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পাছত কি কি উপদেশ দিছিল।

উত্তৰঃ গুৰুৱে বিদ্যাৰ্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পাছত এইদৰে উপদেশ দিছিল-ঃ

সত্য কবা, ধৰ্ম আচৰণ কৰিবা। দৈনন্দিন অধ্যয়নৰ পৰা বিচ্যুত নহবা। আচাৰ্যক অভীষ্ট দক্ষিণা দি গৃহস্থাশ্ৰমত প্ৰৱেশ কৰি বংশধাৰা অক্ষুন্ন ৰাখিবা। সত্যৰ পৰা বিচ্যুত নহবা। নিজৰ মংগতৰ কাৰণে কৰণীয় কামৰ পৰা আতৰি নাথাকিবা। ধন-সম্পত্তি সংগ্ৰহ ৰূপ মংগলজনক কাৰ্য কৰিবা কিন্তু ধৰ্ম পথৰ পৰা বিচ্যুত নোহোৱাকৈ থাকিবা। দেৱকাৰ্য আৰু পিতৃকাৰ্য বিষয়ত কোতিয়াও প্ৰমাদগ্ৰস্ত নহবা। মাতৃক দেৱতা দৰে মানিবা, পিতৃক দেৱতা দৰে মানিবা। আচাৰ্যক দেৱতা দৰে মান্য কৰিবা। যিবোৰ অনিন্দনীয় কাম সেইবোৰ কৰিবা। ডাঙৰৰ যিবোৰ আচৰণ ভাল সেইবোৰ আচৰণ কৰিবা। ডাঙৰৰ যিবোৰ বেয়া সেইবোৰ পৰিহাৰ কৰিবা।

৬। ভাৰতীয় সংস্কৃতিৰ মূলধাৰ বেদ- কথাষাৰ বহলাই লিখা।

 উত্তৰঃ বেদ হৈছে হিন্দুধৰ্মৰ এক পুৰণি ধৰ্ম গ্ৰন্থ। 'বেদ' শব্দৰ অৰ্থ হৈছে জ্ঞান। ভাৰতীয় বিশ্বাস অনুযায়ী বেদসমূহৰ কোনো ৰচক নাই।পৰম্পৰা অনুসৰি ব্যাস মুনি হৈছে বেদৰ সংকলক, তেখেতে চাৰিপ্ৰকাৰৰ মন্ত্ৰক একেলগ কৰি বেদ সংকলন কৰিছিল। এই চাৰিখন বেদৰ নাম হৈছে ঋক্ বেদ, যজুঃবেদ, সামবেদ আৰু অথৰ্ববেদ। এই বেদবোৰ অকল ধর্ম গ্ৰন্থয়েই নহয়, এইবোৰ হৈছে এক উচ্চস্তৰৰ জীৱন যাপনৰ সুস্পষ্ট নির্দেশনা। 

       বেদৰ অন্তিম অংশ  বেদান্তত বা উপনিষদত কৰ্ম কৰা কৌশলৰ উল্লেখ আছে। ত্যাগ, বৈৰাগ্য, সত্য, ধৰ্ম আদি কৰ্মৰ কৌশলে জীৱন বাটৰ বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হ'বলৈ শিক্ষা দিয়ে। ঋক্ বেদৰ মন্ত্ৰবিলাকত তথা ঋষিসকলৰ প্রার্থনাত এটা উজ্জ্বল সমৃদ্ধিময় জীৱনৰ কাৰণে এখন সমাজৰ প্রবল ধাউতিৰ পৰিচয় পোৱা যায়।বিভিন্ন ভাৰতীয় দর্শনত হিন্দু চিন্তাধাৰাৰ যি চৰম পৰিণতি লক্ষ্য কৰা যায়, তাৰ মূলেই হৈছে বেদ। বেদৰ মাজতেই প্রাচীন ভাৰতৰ ধর্ম, দর্শন, সমাজ সকলোবোৰ প্রতিফলিত হৈছে বুলি ক’ব পাৰি। এনেদৰে বেদৰ কৰ্ম সংস্কৃতিয়ে যুগে যুগে ভাৰতীয় সভ্যতা সংস্কৃতি গঢ় লৈ উঠাত সহায় কৰিছে। সেয়ে বেদক ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বুলি কোৱা হৈছে।

Author_ Geetanjali bora


Post Id: DABP002786