অসমীয়া চলচিত্ৰৰ গতি ধাৰা

ক) অতি চমু প্ৰশ্নাৱলীঃ 

১। প্ৰথম অসমীয়া বোলছবি জয়মতী কেতিয়া মুক্তি লাভ কৰিছিল?

উত্তৰঃ প্ৰথম অসমীয়া বোলছবিৰ জয়মতী ১৯৩৫ চনত মুক্তি লাভ কৰে।

২। চিত্ৰবন ষ্টুডিঅ কোনে নিৰ্মান কৰিছিল?

উত্তৰঃ চিত্ৰবন ষ্টুডিঅ জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মান কৰিছিল।

৩। অসমীয়া চলচিত্ৰ গতিধাৰা নামৰ প্ৰবন্ধটোৰ লিখক কোন?

উত্তৰঃ অসমীয়া চলচিত্ৰ গতিধাৰা নামৰ প্ৰবন্ধটোৰ লিখক হৈছে উৎপল দত্ত।

৪।প্ৰথম অসমীয়া কথাছবিৰ খনৰ নাম কি?

উত্তৰঃ প্ৰথম অসমীয়া কথাছবিৰ খনৰ নাম হৈছে জয়মতী।

৫।চিৰাজ কথাছবিখনকোনে সংগীত পৰিচালনা কৰিছিল?

উত্তৰঃ চিৰাজ কথাছবিখনৰ 

৬। অসমৰ প্ৰধান গৌৰৱ এগৰাকী চিত্ৰনিৰ্মাতা নাম লিখা?

উত্তৰঃ অসমৰ প্ৰধান গৌৰৱ এগৰাকী চিত্ৰনিৰ্মাতা নাম হৈছে- জ্যোতিপ্ৰসাদ আগৰৱালা।

৭।  প্ৰথম অসমীয়া চলচিত্ৰ জয়মতী কথা ছবিৰ নিৰ্মাতা কোন?

উত্তৰঃ  প্ৰথম অসমীয়া চলচিত্ৰ জয়মতী কথা ছবিৰ নিৰ্মাতা হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা।

৮। জ্যোতিপ্ৰসাদ আগৰৱালাই কোন চনত জয়মতী কথাছবিৰ নিৰ্মাণ কৰি উলিয়াইছিল।

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩৫ চনত জয়মতী কথাছবিৰ নিৰ্মাণ কৰি উলিয়াইছিল।  

৯। জ্যোতিপ্ৰসাদ আগৰৱালা জয়মতী কথাছবিৰ কাহিনীৰ উৎস কি?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালা জয়মতী কথাছবিৰ কাহিনীৰ ুউৎস হৈছে 

১০। জ্যোতিপ্ৰসাদ আগৰৱালাই কোনঠাইত ষ্টুডিঅ সাজি লৈ তাত জয়মতী দৃশ্যগ্ৰহণকৰিছিল?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালা তেজপুৰৰ ওচৰত ভোলাগুৰি চাহ বাগিচাত ষ্টুডিঅ সাজি জয়মতী দৃশ্য গ্ৰহণ কৰিছিল।

১১। কোনটো প্ৰেক্ষাগৃহত জয়মতী কথাছবিৰ খনৰ প্ৰথম দৰ্শনীৰ আয়োজন কৰিছিল?

উত্তৰঃ কলকাতাৰ ৰাউনাক  প্ৰেক্ষাগৃহত জয়মতীৰ প্ৰথম দৰ্শনীৰ আয়োজন কৰিছিল। 

১২। প্ৰথম অসমীয়া চলচিত্ৰ জয়মতী কথা ছবিখনে গুৱাহাটীত কেতিয়া মুক্তি লাভ কৰে?

উত্তৰঃ প্ৰথম অসমীয়া চলচিত্ৰ জয়মতী কথা ছবিখনে ১৯৩৫ চনৰ ২০ মাৰ্চ তাৰিখে মুক্তি লাভ কৰে।

১৩।  জ্যোতিপ্ৰসাদ আগৰৱালা দ্বিতীয় খন ছবি ইন্দ্ৰমালতী কোন চনত নিৰ্মাণ কৰি উলিয়াইছিল?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালা দ্বিতীয়খন ছবি ইন্দ্ৰমালতী ১৯৩৯ চনত নিৰ্মাণ কৰি উলিয়াইছিল।

১৪। জ্যোতিপ্ৰসাদে কোন ষ্টুডিঅত ইন্দ্ৰ মালতী দ্শ্য়গ্ৰহণ কৰিছিল?

উত্তৰঃ জ্যোতিপ্ৰসাদে কলকাতাৰ অৰোৰা ষ্টুডিঅত ইন্দ্ৰমালতী দৃশ্যগ্ৰহণ কৰিছিল।

১৫। লক্ষ্য়ধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম কি?

উত্তৰঃ লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম হৈছে নিমিলা অংক।

১৬। অসমৰ মাটি সুৰৰ ওপৰত আধাৰিত ১৯৫৬ চনত মুক্তি লাভ কৰা ভূপেন হাজৰিকা

 ছবিখনৰ নাম কি?

উত্তৰঃ অসমৰ মাটি সুৰৰ ওপৰত আধাৰিত ১৯৫৫৬ চনত মুক্তি লাভ কৰা ভূপেন হাজৰিকা ছবিখনৰ নাম হৈছে এৰা বাটৰ সুৰ। 

১৭। ভাৰত বিখ্যাত গায়িকা লতা মংগেশকাৰে ভূপেন হাজৰিকা কোনখন অসমীয়া কথা ছবিত গান গাইছিল?

উত্তৰঃ ভাৰত বিখ্যাত গায়িকা লতা মংগেশকাৰে ভূপেন হাজৰিকা এৰা বাটৰ সুৰ অসমীয়া কথা ছবিত গান গাইছিল।

১৮।  জনপ্ৰিয় গীতিকাৰ আৰু সংগীত পৰিচালক ব্ৰজেনবৰুৱাই বিদেশী কাহিনী এটাৰ ভেটিত ১৯৬৩ চনত নিৰ্মাণ কৰা ছবি খনৰ নাম কি?

উত্তৰঃ জনপ্ৰিয় গীতিকাৰ আৰু সংগীত পৰিচালক ব্ৰজেনবৰুৱাই বিদেশী কাহিনী এটাৰ ভেটিত ১৯৬৩ চনত নিৰ্মাণ কৰা ছবি খনৰ নাম ইটো সিটো বহুতো।

১৯। তেজীমলা কথাছবিৰ খনৰ পৰিচালক কোন আছিল?

উত্তৰঃ তেজীমলা কথাছবিৰ খনৰ পৰিচালক আনেৱাৰ হুছেইন।

২০। এটি খাচি লোকৰ কথা ভেটিত নিৰ্মাণ কৰি ১৯৬৫ চনত নিৰ্মাণ কৰা ছবি খনৰ নাম কি?

উত্তৰঃ এটি খাচি লোকৰ কথা ভেটিত নিৰ্মাণ কৰি ১৯৬৫ চনত নিৰ্মাণ কৰা ছবিখনৰ নাম হৈছে প্ৰতিধ্বনি।

২১ । প্ৰতিষ্ঠিত চলচিত্ৰ প্ৰযোজনা সংস্থা এটাই প্ৰযোজনা কৰা প্ৰথম অসমীয়া ছবিখনৰ কি?

উত্তৰঃ প্ৰতিষ্ঠিত চলচিত্ৰ প্ৰযোজনা সংস্থা এটাই প্ৰযোজনা কৰা প্ৰথম অসমীয়া ছবিখন হৈছে চিকমিক বিজুলী। 

২২। আৱেগ মিশ্ৰিত থ্ৰিলাৰ  ধাৰাৰ প্ৰথম অসমীয়া ছবিখনৰ পৰিচালক গৰাকী কোন?

উত্তৰঃ আৱেগ মিশ্ৰিত থ্ৰিলাৰ ধাৰাৰ প্ৰথম অসমীয়া ছবিখনৰ পৰিচালক গৰাকী হৈছে ব্ৰজেন বৰুৱা।

২৩। কোনখন কথাছবিৰ যোগেদি অসমীয়া চলচিত্ৰ জগতত বাস্তৱবাদী চলচিত্ৰৰ ধাৰাৰ আৰম্ভণি কৰা হয়?

উত্তৰঃ অপৰাজেয় কথাছবিৰ যোগেদি অসমীয়া চলচিত্ৰ জগতত বাস্তৱবাদী চলচিত্ৰ ধাৰা আৰম্ভণি কৰা হয়।

২৪। গঙা চিলনী পাখি কথা ছবিৰ খন কোনে পৰিচালননা কৰিছিল?

উত্তৰঃ গঙা চিলনী পাখি কথা ছবিৰ খন পদুম বৰুৱৱাই পৰিচালনা কৰিছিল।

২৫। ডাঃ বেজবৰুৱা  কথাছবিৰ খন কোনে পৰিচালনা কৰিছিল?

উত্তৰঃ ডাঃ বেজবৰুৱা কথাছবিৰ খন ব্ৰজেন বৰুৱাই পৰিচালনা কৰিছিল।

২৬। যৌৱনে আমনি কৰে কথাছবিৰ খনৰ পৰিচালক কোন?

উত্তৰঃ যৌৱনে আমনি কৰে কথা ছবিৰখনৰ পৰিচালক হৈছে অশোক কুমাৰ বিষয়া।

২৭। হাই ডেফিনেচন ডিজিটেল পদ্ধতিত নিৰ্মিত প্ৰথম অসমীয়া কথাছবিৰ খনৰ নাম কি ?

উত্তৰঃ হাই ডেফিনেচন ডিজিটোল পদ্ধতিত নিৰ্মিত প্ৰথম অসমীয়া কথাছবিৰ খনৰ নাম হৈছে- জাংফাই জোনাক।

২৮। ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমটো পুৰস্কাৰ ৰাষ্ট্ৰপতিৰ চাৰ্টিফিকেট অৱ মেৰিট লাভ কৰা অসমীয়া ছবিখন কি?

উত্তৰঃ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমটো পুৰস্কাৰ ৰাষ্ট্ৰপতি চাৰ্টিফিকেট অৱ মেৰিট লাভ কৰা অসমীয়া ছবিখন হৈছে পিয়লি ফুকন।

৩০। বড়ো ভাষাৰ প্ৰথম খন কথাছবিৰ নাম কি?

উত্তৰঃ বড়ো ভাষাৰ প্ৰথম খন কথাছবিৰ নাম হৈছে আলয়াৰণ।

৩১। বড়োভাষাৰ প্ৰথমখন কথাছবিৰ পৰিচালক জনৰ নাম কি?

উত্তৰঃ বড়োভাষাৰ প্ৰথমখন কথাছবিৰ পৰিচালক জনৰ নাম হৈছে জাওদাং বডোচা।

৩৩। ডিমাছাৰ ভাষাৰ প্ৰথমখন কথাছবিৰ নাম কি?

উত্তৰঃ ডিমাছাৰ ভাষাৰ প্ৰথম কথাছবিৰ খনৰ নাম হৈছে- দা আনট ল্ড ষ্টৰি অৱ ব্লু হিলছ।

৩৪।ডিমাছাৰ ভাষাৰ প্ৰথমখন কথাছবিৰ পৰিচালক জনৰ নাম কি?

উত্তৰঃ ডিমাছাৰ ভাষাৰ প্ৰথমখন কথাছবিৰ পৰিচালক জনৰ নাম -প্ৰফুল্ল শইকীয়া।

৩৫। কাৰ্বি ভাষাৰ প্ৰথম খন কথাছবিৰ নাম কি?

উত্তৰঃ কাৰ্বি ভাষাৰ প্ৰথম খন কথা ছবিৰ খনৰ নাম হৈছে জিৰ চং।

৩৬। কাৰ্বি ভাষাৰ প্ৰথম খন কথা ছবিৰ পৰিচালক জনৰ নাম কি?

উত্তৰঃ কাৰ্বি ভাষাৰ প্ৰথম খন কথা ছবিৰ পৰিচালক জনৰ নাম হৈছে প্ৰফুল্ল শইকীয়া।

৩৭। মিছিং ভাষাৰ প্ৰথমখন কথাছবিৰ নাম কি? 

উত্তৰঃ মিছিং ভাষাৰ প্ৰথমখন কথাছবিৰ নাম হৈছে পানৈ-জংকি।

ৰচনা ধৰ্মী প্ৰশ্নাৱলীঃ

১। অসমীয়া চলচ্চিত্র শিল্পলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পর্কে আলোচনা কৰা।

উত্তৰঃ নাট্যকাৰ, সঙ্গীতজ্ঞ, কবি, বোলছবিৰ সঞ্চালক আৰু বিপ্লৱী কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়া চলচ্চিত্ৰৰ জনক বুলি অভিহিত কৰা হয়। কাৰণ তেওঁৰ অকলশৰীয়া প্ৰচেষ্টাতেই ১৯৩৫ চনৰ ১০ মাৰ্চ তাৰিখে প্ৰথম অসমীয়া ছবি 'জয়মতী'য়ে মুক্তি লাভ কৰে।  ১৯৩৩ চনত তেওঁ ভোলাগুৰি চাহ বাগিচাত ‘চিত্ৰবন’ ষ্টুডিঅ’ স্থাপন কৰি ১৯৩৪ চনত লক্ষ্মীনাথ বেজবৰুৱাৰ ‘জয়মতী’ নাটকখনৰ কথাছবিৰ ৰূপ দিয়া কাম আৰম্ভ কৰে। ‘চিত্ৰলেখা মুভিটোন’ৰ বেনাৰত নিৰ্মিত এই ছবিখন ভাৰতৰ তৃতীয়খন সবাক ছবি আৰু প্ৰথমখন ৰাজনৈতিক আৰু বাস্তৱবাদী ধাৰাৰ ছবি বুলি অভিহিত কৰা হয়। কাৰিকৰী শিল্পীৰ অভাৱৰ বাবে জ্যোতিপ্ৰসাদে নিজেই ছবিখনৰ চিত্ৰনাট্য ৰচনা, পৰিচালনা, প্ৰযোজনা, সম্পাদনা, সংগীত ৰচনা তথা পৰিচালনা, নৃত্য নিৰ্দেশনা, কলা নিৰ্দেশনা এই সকলো দিশ তত্ত্বাৱধান কৰে। 

        দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ ‘ইন্দ্ৰমালতী’ও জ্যোতিপ্ৰসাদৰে দান। ঘাইকৈ জয়মতী চলচ্চিত্ৰত হোৱা লোকচানৰ বোজা উঠাবলৈয়ে এইখন ছবি নিৰ্মাণ কৰা হৈছিল। ছবিখনে মুক্তি পায় ১৯৩৯ চনত। স্বৰচিত কাহিনী এটাৰ চিত্ৰৰূপ আছিল এই ছবিখন। ১৯৪৮ চনত ফণী শৰ্মাৰ লগত যুটীয়াভাৱে লক্ষ্মীধৰ শৰ্মাৰ ‘চিৰাজ’ গল্পৰ আধাৰত একে নামেৰে কথাছবি নির্মাণ কৰে। এনেদৰে জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া কথাছবি নির্মাণ কৰি অসমীয়া চলচ্চিত্র জগতৰ আৰম্ভণি কৰে। অসমীয়া কথাছবিৰ জগতলৈ তেওঁ যি অৱদান আগবঢ়াই থৈ গ’ল সেইয়া সদায় চিৰস্মৰণীয় হৈ ৰ'ৱ।


২। অসমীয়া চলচ্চিত্র শিল্পলৈ ভূপেন হাজৰিকাৰ অৱদান সম্পর্কে আলোচনা কৰা।

উত্তৰঃ ড॰ ভূপেন হাজৰিকা আছিল অসম তথা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক। তদুপৰি তেখেত আছিল এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, চলচ্চিত্ৰ পৰিচালক আৰু আলোচনীৰ সম্পাদক। 

       জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ কথাছবিৰ যোগেদি ভূপেন হাজৰিকাই কথাছবি জগতত প্রৱেশ কৰে। ১৯৫৬ চনত মুক্তিলাভ কৰা ভূপেন হাজৰিকাৰ 'এৰা বাটৰ সুৰ' ছবিখন আছিল অসমৰ মাটিৰ সুৰৰ ওপৰত আধাৰিত। এই ছবিখনত তেওঁ ভাৰতৰ বিখ্যাত সংগীত প্ৰতিভা লতা মংগেছকাৰ, হেমন্ত মুখাৰ্জী আদিৰ কণ্ঠ ব্যৱহাৰ কৰি ছবিখনক এটি বহল প্ৰেক্ষাপটত চিনাকি কৰাই দিছিল।ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমটো পুৰস্কাৰ ড° ভূপেন হাজৰিকাই ‘চামেলি মেমচাব’ সংগীত পৰিচালনাৰ বাবে লাভ কৰে। ১৯৬৫ চনত এটি খাচি লোককথাৰ ভেটিত নির্মাণ কৰিছিল 'প্ৰতিধ্বনি' নামৰ ছবিখন।এই ছবিখন তেওঁ খাচি ভাষালৈ 'ডাব' কৰি বাণিজ্যিক ভাৱে মুক্তি দিছিল। হিন্দী ছবি 'তকদীৰ' তেওঁ অসমীয়ালৈ ডাব কৰাত আগভাগ লৈছিল আৰু পিছত সেই ছবিৰ প্ৰযোজক ৰাজশ্ৰী প্ৰডাকচনৰ লগত যৌথ প্ৰযোজনাত নির্মাণ কৰিছিল 'চিকমিক বিজুলী'। ১৯৭৬ চনত ভূপেন হাজৰিকাই ভাৰত চৰকাৰৰ পৰা শ্রেষ্ঠ সংগীত পৰিচালকৰ স্বীকৃতি লাভ কৰে। ‘সতী বেউলা’ ছবিখনৰ তেওঁ সংগীত পৰিচালনা কৰে।

 এনেদৰেই অসমীয়া চলচ্চিত্ৰ জগতলৈ তেখেতে অমূল্য অৱদান আগবঢ়াই যায়।


৩। ভৱেন্দ্ৰনাথ শইকীয়া আৰু জাহ্নু বৰুৱাই অসমীয়া চিনেমালৈ আগবঢ়োৱা অৱদান সম্পর্কে লিখা।

উত্তৰঃ ভৱেন্দ্ৰনাথ শইকীয়া অসমৰ এগৰাকী ঔপন্যাসিক, গল্পলিখক, নাট্যকাৰ আৰু বোলছবি পৰিচালক। কবিতা, নাটক, গল্প, উপন্যাস, প্ৰৱন্ধ, সমালোচনা, হাস্য-ব্যংগাত্মক সাহিত্য, আত্মজীৱনী, শিশুসাহিত্য আদিকে ধৰি সাহিত্য-সংস্কৃতিৰ প্ৰায় সকলো দিশতে ভৱেন্দ্ৰ নাথ শইকীয়াই অৱদান আগবঢ়াই গৈছে।বোলছবি জগতত শইকীয়াই আঠখন বোলছবি পৰিচালনা কৰে আৰু তেখেতৰ বোলছবিয়ে ভাৰত আৰু বিদেশত আন্তৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত বিশেষ সুখ্যাতি লাভ কৰে। তেখেতৰ সাতখন বোলছবিৰ কাৰণে ভাৰত চৰকাৰে ৰজত কমল বঁটা প্ৰদান কৰে।

       ১৯৭৭ চনত মুক্তি লাভ কৰা তেওঁৰ 'সন্ধ্যাৰাগ' ছবিখনে লাভ কৰা ব্যৱসায়িক আৰু কলাগত সফলতাই বাস্তৱবাদী ধাৰাটোৰ দেহত নতুন তেজৰ সঞ্চাৰ কৰে। তেওঁ একাদিক্ৰমে 'অনির্বাণ', 'অগ্নিস্নান', 'কোলাহল', 'সাৰথি', 'আবর্তন', 'ইতিহাস' আদি অসমীয়া ছবি নির্মাণ কৰে। হিন্দীভাষাত তেওঁ ‘কালসন্ধ্যা’ পৰিচালনা কৰে।   

           আন এগৰাকী বিখ্যাত অসমীয়া চলচ্চিত্ৰ পৰিচালক হৈছে জাহ্নু বৰুৱা।তেখেতে অসমীয়া আৰু হিন্দী ভাষাত কেইবাখনো বোলছবি পৰিচালনা কৰিছে। 'অপৰূপা'ৰে(১৯৮২) তেওঁ পৰিচালনা যাত্ৰা আৰম্ভ কৰে আৰু কেইবাখনো ছবি নির্মাণ কৰে। তাৰে কেইখনমান হ'ল -'পাপৰি'(১৯৮৬),'হালধীয়া চৰায়ে বাওধান খায়' (১৯৮৭),'বনানি'(১৯৯০), 'ফিৰিঙতি' (১৯৯২), 'কুশল'  ইত্যাদি। তেওঁৰ ছবিয়ে দেশৰ ভিতৰে বাহিৰে বহুতো সন্মান লাভ কৰিছে। তেওঁৰ 'সাগৰলৈ বহু দূৰ' ছবিখনৰ বাবে শ্রেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছে।

    গতিকে দেখা যায় যে ভৱেন্দ্ৰ নাথ শইকীয়া আৰু জাহ্নু বৰুৱাই অসমীয়া চিনেমালৈ এক অভূতপূর্ব বৰঙণি আগবঢ়াই আহিছে।


৪। অসমীয়া বিনোদনধর্মী ছবিৰ বিষয়ে এটি টোকা প্রস্তুত কৰা।

উত্তৰঃ ১৯৬৯ চনত ব্ৰজেন বৰুৱাই পৰিচালনা কৰা 'ডাঃ বেজবৰুৱা' ছবিৰ দ্বাৰা অসমীয়া বিনোদনধর্মী চিনেমাৰ ধাৰাটোৰ আৰম্ভ হয়। এই ছবিবোৰৰ প্ৰায়ভাগৰে কাহিনী আছিল আৱেগপূৰ্ণ আৰু নাটকীয় উপাদানেৰে ভৰা। 'মুকুতা’, ‘যোগ বিয়োগ', 'উপগ্ৰহ', 'ভাইটি', ‘চামেলি মেম চাহাব’, ‘আজলী নবৌ’ আদি এই ধাৰাৰ ছবি। এই ছবিবোৰ চলচ্চিত্ৰ-ভাষাৰ দিশৰ পৰা বৰ ওখ খাপৰ নাছিল যদিও ছবিবোৰে দর্শকৰ ৰুচিবোধৰ প্ৰতি সন্মান প্ৰদর্শন কৰি নিটোল গ্ৰহণযোগ্য  কাহিনী একোটাৰ মাজতে নিজকে আবদ্ধ কৰি ৰাখিছিল।


৫। অসমীয়া চলচ্চিত্রই লাভ কৰা ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় স্বীকৃতি সম্পর্কে আলোচনা কৰা।

উত্তৰঃ অসমীয়া চলচ্চিত্ৰই ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় প্ৰেক্ষাপটত বহুতো স্বীকৃতি লাভ কৰিছে। ১৯৫৫ চনত ফণী শৰ্মাৰ পৰিচালিত ‘পিয়লি ফুকন’ ছবিয়ে 'ৰাষ্ট্রপতিৰ চার্টিফিকেট অব মেৰিট'  লাভ কৰিছিল  আৰু সেয়াই আছিল অসমীয়া ছবিয়ে লাভ কৰা প্রথমটো পুৰস্কাৰ। ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমটো পুৰস্কাৰ লাভ কৰে ড° ভূপেন হাজৰিকাই 'চামেলি মেমচাব' ছবিৰ সংগীত পৰিচালনাৰ বাবে।ড° ভৱেন্দ্ৰনাথ শইকীয়াই ‘অগ্নিস্নান’ ছবিৰ বাবে শ্রেষ্ঠ চিত্র নাট্যৰ বঁটা লাভ কৰে। জাহ্নু বৰুৱাই 'সাগৰলৈ বহু দূৰ' ছবিৰ বাবে লাভ কৰে শ্রেষ্ঠ পৰিচালকৰ বঁটা। ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হোৱা অসমীয়া ছবিকেইখন মান হ'ল 'ৰাগ বিৰাগ' (বিদ্যুত চক্ৰৱৰ্তী),'হলধৰ'(সঞ্জীৱ হাজৰিকা), 'ৱশ্ব'বিপু'(গৌতম বৰা),'হালধীয়া চৰায়ে বাও ধান খায়' (জাহ্নু বৰুৱা), 'বনানী' (জাহ্নু বৰুৱা), 'বৈভৱ' (মঞ্জু বৰা), 'তৰা' (জাহ্নু বৰুৱা), 'জুয়ে পোৰা সোণ' (সঞ্জীৱ সভাপণ্ডিত), 'আই ক’ত নাই'(মঞ্জু বৰা)। বিভিন্ন শিতানত বঁটালাভ কৰা ব্যক্তি কেইগৰাকীমান হ'ল শ্বেৰ চৌধুৰী (সংগীত পৰিচালনা), মলয়া গোস্বামী (অভিনয়),  এ শ্ৰীকৰ প্ৰসাদ (সম্পাদনা), মৃণালকান্তি দাস (চিত্ৰ গ্ৰহণ), অভিনয়ৰ বাবে 'জুৰিৰ বিশেষ উল্লেখ' বঁটা লাভ কৰিছিল ৰুদ্ৰ বৰুৱা, ভাগীৰথী আৰু বিষ্ণু খাৰঘৰীয়াই। তথ্যচিত্ৰৰ বিভিন্ন শিতানত আৰু চিত্র সমালোচনা আৰু চলচ্চিত্র বিষয়ক গ্রন্থৰ বাবেও কেইবাগৰাকী অসমীয়াই বঁটা লাভ কৰিছে। ইয়াৰ উপৰিও বহুতো কথাছবিয়ে বিদেশতো সমাদৰ লাভ কৰিছে। ই কথাছবি জগতৰ বাবে এক ধনাত্মক প্ৰতিফলন।

Author- Geetanjali bora


Post Id: DABP002913