প্ৰথম থণ্ড

প্ৰৱাদ-বাক্য

১) প্ৰৱাদ বাক্য় কি?

উত্তৰঃ জ্ঞানীৰ বচন, সুচিন্তিত, সুব্যক্ত আৰু উপদেশমূলক বাণী।

২) প্ৰৱাদ বাক্য়ই কাৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰঃ বিষয়বস্তু, প্ৰকাশভংগী, সাধাৰণ বুদ্ধিৰ চমৎকাৰিত আৰু প্ৰয়োগৰ সাৰ্থকতাৰ ওপৰত।

৩) কোনসকল কবিৰ ৰচনাত প্ৰৱাদ বাক্য়ৰ ব্যৱহাৰ দেখা নাই?

উত্তৰঃ মাধৱ কন্দলী, হৰিবৰ বিপ্ৰ, শংকৰদেৱ, ৰামসৰস্বতী আদি।

৪) পুৰণি কালত প্ৰৱাদবোৰ কেনেকুৱা আছিল?

উত্তৰঃ সংক্ষিপ্ত, বাস্তৱনিষ্ঠ, উপদেশমূলক আৰু অতি সাধাৰণভাৱে প্ৰকাশিত।

৫) অসমীয়া বাস্তৱ জীৱনৰ লগত প্ৰৱাদৰ সম্বন্ধ কেনেকুৱা?

উত্তৰঃ ঘনিষ্ঠ। 

৬) প্ৰৱাদ বাক্য়ই সফলতা লাভ কৰা এটা কাৰণ লিখা।

উত্তৰঃ বিভিন্ন যুগৰ লেখকৰ ৰচনত প্ৰৱাদ-বাক্য়ই বাক্য়ালংকাৰ হিচাপে আদৰ আৰু অভিজাত্য় লাভ কৰিছে।

৭) অসমীয়া সমাজৰ নিজস্ব আৰু চিৰন্তন সম্পদ এবিধৰ নাম লিখা।

উত্তৰঃ প্ৰৱাদ-বাক্য়।

৮) গড়গাঁৱক লৈ থকা প্ৰৱাদ বাক্য় দুটা কি?

উত্তৰঃ গড়গাঁও গড়গাঁও কথা শুনি তল যাওঁ, গড়গাঁৱৰ কটাৰীৰ ডাবেও কাটে।

৯) অসমীয়া সাহিত্য়ৰ কোনো যুগতেই কাক একেবাৰে উপেক্ষা কৰা হোৱা নাই?

উত্তৰঃ প্ৰৱাদ-বাক্য়ক।

১০) দেশ-কাল-পাত্ৰ ভেদে কাৰ ৰূপৰ নাইবা ব্য়ৱহাৰ পৰিৱৰ্তন হয়?

উত্তৰঃ প্ৰৱাদ-বাক্য়ৰ।

১১) কাৰ কাৰ মাজত পাৰ্থক্য় থাকিলেও ব্যৱহাৰিক জগতত দুয়ো সমানে কাৰ্যকৰী?

উত্তৰঃ লোকোক্তি আৰু প্ৰাজ্ঞোক্তিৰ মাজত।

১২) কি হিচাপে প্ৰৱাদৰ মূল্য় চিৰন্তন বা সাৰ্বজনীন নহয়?

উত্তৰঃ জাতিৰ মনস্তত্ত্ব, আচাৰ-বিচাৰ, ৰীতি-নীতি নাইবা তত্ত্ব-কথা হিচাপে।

১৩) প্ৰৱাদৰ উপকাৰিতাবোৰ ক'ত পোৱা যায়?

উত্তৰঃ বিভিন্ন প্ৰৱাদ-বাক্য় চালেই পোৱা যায়।

১৪) প্ৰৱাদ-বাক্য়ক অৱহেলা কৰাৰ এটা কাৰণ লিখা।

উত্তৰঃ প্ৰৱাদ-বাক্য়বোৰ যি শক্তিশালী ভাষাত ৰচিত সেই ভাষা আমি পাহৰি গৈছো।

১৫) কোনো জাতিৰ জীৱনৰ প্ৰায় গোটেইকেইটা স্তৰক কোনে ব্য়াপৃত কৰে?

উত্তৰঃ প্ৰৱাদ-বাক্য়ই।

১৬) কাহিনী বা পৌৰাণিক আখ্য়ানৰ ইংগিত থকা দুটা প্ৰৱাদৰ নাম লিখা।

উত্তৰঃ বিড়াল তপস্বী আৰু বক ধাৰ্মিক।

১৭) প্ৰৱাদত কিহৰ প্ৰয়োজন নাই?

উত্তৰঃ পাণ্ডিত্য়, চিন্তা বা উপদেশৰ প্ৰয়োজন নাই।

১৮) ্কিহৰ ওপৰত ভিত্তি কৰি প্ৰৱাদ বাক্য় ৰচনা কৰা হৈছে?

উত্তৰঃ কোনো এটি কাহিনী বা বস্তুক উপলক্ষ কৰি প্ৰৱাদ ইয়াক কৰা হৈছে। 

১৯) কাক বিদ্ৰুপ কৰি ভালেমান প্ৰৱাদ-বাক্য় ৰচিত হৈছে?

উত্তৰঃ তিৰোতাক।

২০) অসমীয়া প্ৰৱাদত কিহৰ স্পন্দন আছে?

উত্তৰঃ জীৱনৰ।

Author: Chinmay Kakati



Post Id: DABP003241