মাধৱ কন্দলিৰ সাহিত্য়


প্ৰথম খণ্ড

১) অনন্ত কন্দলীৰ ৰচনাসমূহক কেই শ্ৰেণীত ভগাব পাৰি?
উত্তৰঃ তিনি শ্ৰেণীত ভগাব পাৰি।

২) অনন্ত কন্দলীৰ কাব্য় দুখনৰ নাম লিখা।
উত্তৰঃ কুমৰ হৰণ আৰু মহীৰাৱণ বধ।

৩)  অনন্ত কন্দলিৰ আগ বয়সৰ ৰচনা এখনৰ নাম লিখা?
উত্তৰঃ কুমৰ-হৰণ।

৪) অনন্ত কন্দলীৰ ৰামায়ণক কি বোলা হৈছে?
উত্তৰঃ অনন্ত কন্দলীৰ ৰামায়ণক মাধৱ কন্দলীৰ ৰামায়ণৰ 'বৈষ্ণৱ সংস্কৰণ' বোলা হৈছে।

৫) অনন্ত কন্দলীৰ ৰচনাসমূহক ভাগ কৰা তিনিটা শ্ৰেণীৰ নাম লিখা।
উত্তৰঃ (১) অনুবাদমূলক (২) কাব্য় আৰু (৩) নাটক।

৬) অন্ত কন্দলীৰ সাহিত্য়িক জীৱনৰ কীৰ্তিস্তম্ভ কি?
উত্তৰঃ কুমৰ-হৰণ কাব্য় আৰু অনূদিত দশম।

৭) অনন্ত কন্দলীয়ে ৰচনা কৰা নাটকখনৰ নাম লিখা।
উত্তৰঃ সীতাৰ পাতাল প্ৰৱেশ।

৮) সীতাৰ পাতাল প্ৰৱেশ নাটকখনৰ বিষয়বস্তু ক'ৰ পৰা লোৱা হৈছ?
উত্তৰঃ উত্তৰাকাণ্ড ৰামায়ণৰপৰা।

৯) অন্ত কন্দলীয়ে কুমৰ-হৰণৰ মূল কাহিনীটো ক'ৰ পৰা লৈছে?
উত্তৰঃ ভাগৱতৰ মধ্য়-দশম আৰু হৰিবংশৰপৰা।

১০) কুমৰ-হৰণ কাব্য়ত অনন্ত কন্দলিৰ কিহৰ পৰিচয় পোৱা যায়?
উত্তৰঃ অনন্ত কন্দলিৰ কল্পনা-শক্তি আৰু কবি-প্ৰতিভাৰ সম্যক পৰিচয় পোৱা যায়।

১১) বাঙালী পণ্ডিত কিছুমানে অনন্ত কন্দলীক কি বুলি ক'বলৈ যত্ন কৰে?
উত্তৰঃ বাঙালী বুলি।

১২) মহীৰাৱণ বধ কাব্য়খমৰ মূল কাহিনীটো ক'ত পোৱা যায়?
উত্তৰঃ কৃত্তিবাসী ৰামায়ণয়ত।

১৩) সীতাৰ পাতাল প্ৰৱেশ নাটকখন দেৱেন্দ্ৰনাথ বেজবৰুৱাই কি বুলি লিখিছে?
উত্তৰঃ সৰ্বাংগসুন্দৰ আৰু দৰ্শকৰ মনোৰঞ্জন বুলি লিখিছে।

১৪) অনন্ত কন্দলি কাৰ শিষ্য় আছিল?
উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ।

১৫) অনন্ত কন্দলিৰ পিতৃৰ নাম কি?
উত্তৰঃ ৰত্ন পাঠক।

১৬) ভাগৱতৰ ষষ্ঠ আৰু দশম স্কন্ধৰ অনুসৰি অনন্ত কন্দলিৰ জন্মস্থান ক'ত?
উত্তৰঃ হাজোত।

১৭) শংকৰদেৱে কাক দশম স্কন্ধৰ মাজ আৰু শেষৰছোৱা ভাঙনি কৰিব দিছিল?
উত্তৰঃ অনন্ত কন্দলিক।

১৮) অনন্ত কন্দলীৰ ৰচনাত শংকৰদেৱৰ কোনখন কাব্য়ৰ প্ৰভাৱ সুস্পষ্ট?
উত্তৰঃ ৰুক্মিনী-হৰণ কাব্য়ৰ প্ৰভাৱ সুস্পষ্ট।

১৯) মহীৰাৱণ বধ কাব্য়খন কিহেৰে ভৰপুৰ?
উত্তৰঃ অলৌকিক বৰ্ণনাৰে ভৰপুৰ।

২০) কোন দুজন ব্যক্তিক বহুদিনলৈকে একেজন মানুহ বুলি ভূল কৰা হৈছিল?
উত্তৰঃ অনন্ত কন্দলি আৰু ৰাম সৰস্বতীক।


Author: Chinmay Kakati 


Post Id: DABP003347