মহাভাৰতৰ কবিঃ ৰাম সৰস্বতী
প্ৰথম খণ্ড
১) ৰাম সৰস্বতীৰ পিতৃদত্ত নাম কি?
উত্তৰঃ অনিৰুদ্ধ।
২) ৰাম সৰস্বতীৰ পিতৃৰ নাম কি?
উত্তৰঃ ভীমসেন চুড়ামণি।
৩) ৰচনাৰ গঢ় অুসৰি ৰাম সৰস্বতীৰ গ্ৰন্থসমূহক প্ৰধানকৈ কেই ভাগত ভগাব পাৰি?
উত্তৰঃ দুই ভাগত ভগাব পাৰি।
৪) মহাভাৰতীয় কবি ৰাম সৰস্বতীৰ এখমাত্ৰ অ-মহাভাৰতীয় গ্ৰন্থ কি?
উত্তৰঃ জয়দেৱ কবিৰ অমৰ সংস্কৃত কাব্য় 'গীত-গোবিন্দ'ৰ ভাঙনি।
৫) ৰাম সৰস্বতীৰ দীক্ষাগুৰুৰ নাম কি?
উত্তৰঃ মুকুন্দদেৱ।
৬) অনিৰুদ্ধক ৰাম সৰস্বতী নামটো কোনে দিয়ে?
উত্তৰঃ ৰজা নৰনাৰায়ণে।
৭) অসমীয়া বৈষ্ণৱ কবিসকলৰ ভিতৰত কোনে বেছি গ্ৰন্থ ৰচনা কৰিছে?
উত্তৰঃ ৰাম-সৰস্বতীয়ে।
৮) ভীম-চৰিতৰ ৰচক কোন?
উত্তৰঃ ৰাম সৰস্বতী।
৯) ৰচনাৰ গঢ় অনুসৰি ৰাম সৰস্বতীৰ গ্ৰন্থসমূহৰ দুই শ্ৰেণী কি কি?
উত্তৰঃ (১) অনুবাদমূলক আৰু (২) কাব্য়।
১০) ৰাম সৰস্বতীৰ প্ৰতিভা আৰু মৌলিকত্ব ক'ত প্ৰকাশ পাইছে?
উত্তৰঃ ভীম-চৰিত আৰু বাকী কাব্য়বোৰত।
১১) বধকাব্য় ৰচনাৰ মূখ্য় উদ্দেশ্য় কি?
উত্তৰঃ ভক্তিধৰ্ম প্ৰচাৰ।
১২) ৰাম সৰস্বতীৰ অনুবাদমূলক গ্ৰন্থৰ ভিতৰত কি কি পৰে?
উত্তৰঃ মহাভাৰতৰ ১০ টা পৰ্ব আৰু জয়দেৱৰ 'গীত-গোবিন্দ' পৰে।
১৩) ৰাম সৰস্বতী কিহৰ কবি আছিল?
উত্তৰঃ জনগণৰ কবি।
১৪) ৰামসৰস্বতীক ভাৰতচন্দ্ৰ আৰু কবিচন্দ্ৰ এই নাম দুটা কোনে দিয়ে?
উত্তৰঃ গুৰু মুকুন্দ্ৰদেৱে।
১৫) বধকাব্য়বোৰৰ ঘাই বিষয়বস্তু ক'ত পোৱা নাযায়?
উত্তৰঃমহাভাৰতত।
১৬) ৰামসৰস্বতীয়ে কাৰ দিনত ভীষ্মপৰ্ব, বিৰাট পৰ্ব আধি ৰচনা কৰে?
উত্তৰঃ ৰজা ধৰ্মনাৰায়ণৰ দিনত।
১৭) ৰাম সৰস্বতীৰ গীত-গোবিন্দ কাব্য়খন কোনজন ৰজাৰ দিনত ৰচিত?
উত্তৰঃ কোচ ৰজা ধৰ্মনাৰায়ণৰ দিনত।
১৮) সাগৰখৰি কিমান শতিকাৰ কবি?
উত্তৰঃ সাগৰখৰি অষ্টাদশ শতিকাৰ কবি।
১৯) ডঃ সত্য়েন্দ্ৰনাথ শৰ্মাই দিয়া মত অুসৰি সাগৰখৰি কোন অঞ্চলৰ লোক?
উত্তৰঃ মঙলদৈ অঞ্চলৰ লোক।
২০) বধকাব্য়বোৰত কি চিন্তাধাৰক ৰূপ দিয়া হৈছে?
উত্তৰঃ লোক-জীৱনৰ চিন্তাধাৰক।
Author: Chinmay Kakati
Post ID :DABP003501