আহোম যুগৰ সাহিত্য়
প্ৰথম খণ্ড
১) অসমীয়া সাহিত্য়লৈ আহোম ৰজাসকলৰ শ্ৰেষ্ঠ দান কি?
উত্তৰঃ বুৰঞ্জীসমূহ।
২) বুৰঞ্জীবোৰক প্ৰধানকৈ কেই শ্ৰেণীত ভগাব পাৰি?
উত্তৰঃ দুই শ্ৰেণীত ভগাব পাৰি।
৩) জাৰিবোৰ কি?
উত্তৰঃ জাৰিবোৰ হৈছে কৰুণ ৰসসিক্ত গীত।
৪) হস্তি বিদ্য়াৰ্ণৱ গ্ৰন্থখনি কিমান শতিকাত প্ৰণয়ন কৰা হৈছিল?
উত্তৰঃ ১৫৫৬ শতিকাত।
৫) জ্য়োতিষচিড়ামণি কি?
উত্তৰঃ জ্য়োতিষচিড়ামণি হৈছে এখন জ্য়োতিষ সম্বন্ধীয় গ্ৰন্থ ।
৬) ৰাজবংশাৱলীৰ ৰচক কোন?
উত্তৰঃ ৰতিকান্ত দ্বিজ।
৭) কিমান শতিকাত অধিক বুৰঞ্জী ৰচিত হৈছিল?
উত্তৰঃ অষ্টাদশ শতিকাত।
৮) বুৰঞ্জীৰ দুটা ভাগ কি কি?
উত্তৰঃ (১) আহোম ৰাজ্যৰ বুৰঞ্জী আৰু (২) আহোম ৰজাৰ সংস্পৰ্শলৈ অহা অন্য় দেশৰ বুৰঞ্জী।
৯) আহোম যুগৰ শ্ৰেষ্ঠ কবি কোন?
উত্তৰঃ কবিৰাজ ৰামনাৰায়ণ চক্ৰৱৰ্তী।
১০) গীত-মালিতা কি?
উত্তৰঃ গীত-মালিতা হ'ল এখন গীতৰ পুথি।
১১) আহোম যুগৰ সাহিত্য় সৃষ্টিৰ কেন্দ্ৰ থলী কি?
উত্তৰঃ সত্ৰ আৰু ৰাজঘৰ।
১২) জিকিৰ শব্দৰ মূল অৰ্থ কি?
উত্তৰঃ কীৰ্তন।
১৩) তিনিখন ইছলমাী প্ৰভাযুক্ত কাব্য়ৰ নাম লিখা।
উত্তৰঃ মৃগাৱতী-চৰিত্ৰ, অজ্ঞাত কবিৰ মধুমালতী আৰু চন্দ্ৰাৱলী বিশ্বকেতু।
১৪) জিকিৰত কি বৰ্ণিত হৈছে?
উত্তৰঃ মুছলমান সাহিত্য়ৰ ৰীতি-নীতি আৰু তত্ত্বসমূহ বৰ্ণিত হৈছে।
১৫) মুছলমানসকলৰ জাৰি গীতবোৰৰ মূল অৰ্থ কি?
উত্তৰঃ বিলাপ।
১৬) জাৰি শ্ৰেণীৰ গীতত কি কাহিনীৰ বিৱৰণ আছে?
উত্তৰঃ কাৰবালাট ঘটা হাছান-হোছেনৰ মৃত্য়ুৰ কাহিনী।
১৭) জ্য়োতিষচুড়ামণিৰ ৰচক কোন?
উত্তৰঃ কবিৰাজ ৰামনাৰায়ণ চক্ৰৱৰ্তী।
১৮) কাৰ অনুপ্ৰেৰণাত সূৰ্যখৰি দৈৱজ্ঞই ৰাজবংশাৱলী ৰচনা কৰিছিল?
উত্তৰঃ দৰঙী ৰজা সমুদ্ৰনাৰায়ণৰ অনুপ্ৰেৰণাত।
১৯) পণ্ডিতসকলৰ অনুমান মতে জিকিৰ আৰু জাৰিবোৰ কিমান শতিকাত ৰচিত?
উত্তৰঃ সপ্তদশ শতিকাৰ শেষ নাইবা অষ্টাদশ শতিকাৰ আগভাগত ৰচিত।
২০) অসমীয়া সাহিত্য়ৰ প্ৰধান সুঁতিটি কেতিয়া বয়?
উত্তৰঃ আহোম ৰজাৰ পৃষ্ঠপোষকতাত।
Author: Chinmay Kakati
Post ID : DABP003496