নাট-সাহিত্য়

দ্বিতীয় খণ্ড

১) আধুনিক যুগৰ প্ৰথম নাটকখনৰ নাম কি?
উত্তৰঃ ৰামনৱমী।

২) ৰামনৱমী কিমান চনত আৰু কোনে ৰচনা কৰে?
উত্তৰঃ ৰামনৱমী ১৮৫৭ চনত গুণাভিৰাম বৰুৱাই ৰচনা কৰে।

৩) অসমীয়া পৌৰাণিক নাাটকৰ জন্মদাতা কোন?
উত্তৰঃ ৰমাকান্ত চৌধুৰী।

৪) কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈৰ এখন সামাজিক নাটকৰ নাম লিখা।
উত্তৰঃ গৃহলক্ষ্মী।

৫) গুণাভিৰাম বৰুৱাৰ ৰামনৱমী নাটকখন কেনেকুৱা নাটক?
উত্তৰঃ এখন সামাজিক বিয়োগান্ত নাটক।

৬) গোহাঁঞি বৰুৱাৰ ঐতিহাসিক নাটক কেইখন?
উত্তৰঃ চাৰিখন। 

৭) কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈৰ এখন পৌৰাণিক নাটকৰ নাম লিখা?
উত্তৰঃ কৃষ্ণলীলা।

৮) অতুলচন্দ্ৰ হাজৰিকাৰ বুৰঞ্জীমূলক নাটককেইখনৰ নাম লিখা।
উত্তৰঃ কনৌজ কুঁৱৰী, ছত্ৰপতী শিবাজী আৰু টিকেন্দ্ৰজিৎ।

৯) সুৰেশ গোস্বামীৰ এক উৎকৃষ্ট দান কি?
উত্তৰঃ পৰ্বত আৰু ভৈয়ামবাসীৰ মিলাপ্ৰীতিৰ সাপেক্ষে লিখা নাটক ৰুণুমী।

১০) অতুলচন্দ্ৰ হাজৰিকাই ভালেমান নাটকত কি ছন্দ্ৰ প্ৰয়োগ কৰিছে?
উত্তৰঃ গৈৰিশ ছন্দ্ৰ প্ৰয়োগ কৰিছে।

১১) শৈলধৰ ৰাজখোৱাৰ উল্লেখযোগ্য় নাটক দুখনৰ নাম লিখা?
উত্তৰঃ বিদ্য়াৱতী আৰু অসম গৌৰৱ।

১২) জ্য়োতিপ্ৰসাদৰ ডেকা কালৰ ৰচিত কোনখন নাট অসমীয়া সাহিত্য়ৰ এক শ্ৰেষ্ঠ নাট?
উত্তৰঃ কাৰেঙৰ লিগিৰী।

১৩) মিত্ৰদেৱ মহন্তই কোনবোৰ নাটৰ ৰচনাত নাট্য়কাৰ হিচাপে খ্য়াতি অৰ্জন কৰিছে?
উত্তৰঃ ধেমেলীয়া নাটৰ ৰচনাত।

১৪) বৈষ্ণৱ যুগত নাটক ৰচনাৰ উদ্দেশ্য় কি আছিল?
উত্তৰঃ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰা।

১৫) কি হিচাপে চন্দ্ৰধৰ বৰুৱা অসমীয়া সাহিত্য় জগতত বিশেষভাৱে পৰিচিত?
উত্তৰঃ নাট্য়কাৰ হিচাপে।

১৬) লক্ষ্মীনাথ বেজবৰুৱাৰ গহীনবুৰঞ্জীমূলক নাটক কেইখন?
উত্তৰঃ তিনিখন।

১৭) ১৮৫৭ চনৰ পৰা বৰ্তমানলৈকে যিবোৰ নাটক ওলাইছে তাক কেই ভাগত ভগাব পাৰি?
উত্তৰঃ চাৰিটা ভাগত ভগাব পাৰি।

১৮) অসমীয়া সাহিত্য়ৰ অন্য় বিভাগৰ দৰে নাট্য় সাহিত্য়টো ক'ৰ পৰা গা কৰি উঠে?
উত্তৰঃ জোনাকী যুগৰপৰা।

১৯) চন্দ্ৰধৰ বৰুৱাৰ পৌৰাণিক নাটক কি কি?
উত্তৰঃ মেঘনাদ-বধ, তিলোত্তমা সম্ভৱ আৰু ৰাজৰ্ষি। 

২০) নাট্য়কাৰ দৈৱচন্দ্ৰ তালুকদাৰে ঐতিহাসিক নাটকেইখনৰ বাহিৰে আৰু কেইখন নাট ৰচনা কৰে?
উত্তৰঃ তিনিখন নাট ৰচনা কৰে।

Author: Chinmay Kakati


Post ID : DABP003503