প্ৰথম অধ্য়ায় 

কিশোৰ মনোবিজ্ঞানৰ পৰিচয় 

(Introduction to Adolescent Psychology)


প্ৰশ্নাৱলী ঃ

(১) অতি চমু উত্তৰ দিয়া (Give very short answer)

(i) বাল্য়কাল আৰু প্ৰাপ্তবয়স্ক কালৰ মাজৰ স্তৰটোৰ নাম কি ?

Name the intermediate period between childhood and adulthood.

উত্তৰঃ বাল্য়কাল আৰু প্ৰাপ্তবয়স্ক কালৰ মাজৰ স্তৰটোৰ হ'ল কৈশোৰ কাল ।

(ii) ''কৈশোৰ কাল ধুমুহা আৰু পীড়নৰ সময়''-কথাষাৰ কোনে কৈছিল ?

''Adolescence is a period of stress and strain''-Who said the statement ?

উত্তৰঃ ''কৈশোৰ কাল ধুমুহা আৰু পীড়নৰ সময়''-কথাষাৰ মনোবিজ্ঞানী ষ্টেনলি হ'লে কৈছিল । 

(iii) মানৱ জীৱনৰ বিকাশ ১২-১৮ বছৰৰ ভিতৰত পৰা স্তৰটোৰ নাম লিখা ।

Name the Period of human development from 12-18 years.

উত্তৰ ঃ মানৱ জীৱনৰ বিকাশ ১২-১৮ বছৰৰ ভিতৰত পৰা স্তৰটোৰ নাম হ'ল কৈশোৰ কাল ।

(iv) কৈশোৰ কালৰ এটা লক্ষ্য় উল্লেখ কৰা । 

Mention one goal of adolescence period.

উত্তৰঃ কৈশোৰ কালৰ এটা লক্ষ্য় হ'ল- (১) সামাজিক সচেতনতা বৃদ্ধি ।

(v) কৈশোৰ অধ্য়য়ণৰ এটা পদ্ধতি নাম লিখা ।

Write the name of one method of studying adolescents .

উত্তৰঃ কৈশোৰ অধ্য়য়ণৰ এটা পদ্ধতি নাম হ'ল - (১) প্ৰশ্নাৱলী পদ্ধতি ।

(vi) কৈশোৰ কালৰ এটা সংজ্ঞা দিয়া 

Give a definition of Adolecence stage.

উত্তৰঃ কৈশোৰ কালৰ এটা সংজ্ঞা হ'ল- (১) মনোবিদ কোলে (Cole) ৰ মতে , ''দেহৰ সকলো পদ্ধতিৰ বৃদ্ধিৰ কালেই কৈশোৰ কাল'' (Adolescence is a period of growth in all systems of the body ) ।

(২) শুদ্ধ নে অশুদ্ধ লিখা (Write true on false)

(i) কৈশোৰ কাল হ'ল স্ব-ৰতিমূলক ।

Adolescence is a period of self love. 

উত্তৰঃ 

(ii) পৰনিৰ্ভশীলতা কৈশোৰ কালৰ বৈশিষ্ট্য়সমূহৰ ভিতৰত এটা ।

Dependability is one of the characteristics of adolescence.

উত্তৰঃ অশুদ্ধ ।

(iii) দলানুগত্য় হ'ল কৈশোৰ কালৰ এক বৈশিষ্ট্য় ।

Gang loyality is one of the characteristics of adolescence.

উত্তৰঃ অশুদ্ধ ।

(iv) কৈশোৰ কাল সমকামিতাৰ সময় ।

Adolescence is a period of homosexuality. 

উত্তৰঃ 

(৩) খালী ঠাই পূৰ কৰা (Fill in the blanks)

(i) কৈশোৰ কাল হ'ল _____ অৱস্থান্তৰ প্ৰাপ্তিৰ সময় ।

Adolescence is a transitional period of _____.

উত্তৰঃ 

(ii) কৈশোৰ শব্দটো লেটিন ভাষাৰ _____ শব্দৰ পৰা আহিছে ।

Adolescence is derived from Latin word_____.

উত্তৰঃ 

(iii) জ্য়া পিয়াজেৰ মতে কৈশোৰ কাল হ'ল_____ স্তৰ আৰম্ভণিৰ সময় ।

According to jean Piaget, adolescence period is the beginning of the stage of ____.

উত্তৰঃ 

(iv) কৈশোৰ কাল হ'ল আত্ম____ আৰু আত্মা_____ সময় ।

Adolescence is a period of self____ and self____.

উত্তৰঃ 

(v) কৈশোৰ কাল হ'ল_____ পৰিৱৰ্তনৰ সময় ।

Adolescence is a period of change.

 উত্তৰঃ দ্ৰুত ।

(vi)_____ মতে, কৈশোৰ কাল হ'ল জীৱনৰ এক গঠনাত্মক পৰ্যায় ।

According to_____ adolescence is a formative period of life. 

উত্তৰঃ ৰু'চোৰ ।

(৪) চমু উত্তৰ লিখা (Write short answer) 

(i) কৈশোৰ কালৰ যিকোনো দুটা বৈশিষ্ট্য় লিখা ।

Write any two characteristics of adolescence.

উত্তৰঃ কৈশোৰ কালৰ যিকোনো দুটা বৈশিষ্ট্য় হ'ল-

(১) দ্ৰুত দৈহিক বিকাশ ।

(২) মানসিক বিকাশ ।

(ii) যৌৱনাৰম্ভ বুলিলে কি বুজা ?

What is meant by puberty ?

উত্তৰঃ যৌৱনাৰম্ভ হ'ল এক পৰ্যায় য'ত ব্য়ক্তিয়ে যৌন ক্ষমতা লাভ কৰে । সাধাৰণভাৱে চালে এই পৰ্যায়ত ল'ৰা-ছোৱালীৰ দৈহিক পৰিৱৰ্তন দ্ৰুত হয় । এই সময়ছোৱাত ল'ৰা-ছোৱালীৰ যৌনাংগৰ পৈণতাপ্ৰাপ্তি হয় আৰু জৈৱিক প্ৰজননিক ক্ষমতা সিহঁতে লাভ কৰি উঠে ।

(iii) কৈশোৰ কালৰ ধাৰণাৰ বিষয়ে লিখা ।

Write about the concept of adolescence .

উত্তৰঃ 

(iv) কৈশোৰ আচৰণ অধ্য়য়ণৰ প্ৰয়োজনীয়তাৰ দুটা কাৰণ লিখা ।

Write two reasons for the need of studying adolescence behaviour.

উত্তৰঃ কৈশোৰ আচৰণ অধ্য়য়ণৰ প্ৰয়োজনায়তাৰ দুটা কাৰণ হ'ল-

(১) জীৱনৰ এক গুৰুত্বপূৰ্ণ সময় ।

(২) অৱস্থান্তৰ প্ৰাপ্তি কাল ।

(v) কৈশোৰ কালৰ দুটা লক্ষ্য় লিখা ।

Write the two goals of adolescence.

উত্তৰঃ কৈশোৰ কালৰ দুটা লক্ষ্য় হ'ল-

(১) আত্মসন্মান আৰু আত্মমৰ্যদা ।

(২) আত্ম নিৰ্ভৰশীলতা । 

(v) বীৰপূজা মানে কি ?

What is hero worship ?

উত্তৰঃ বীৰপূজা মানে হ'ল- কৈশোৰ কালত প্ৰত্য়ক ল'ৰা-ছোৱালীয়ে কোনোবা ব্য়ক্তিক আৰ্দশ হিচাপে লৈ তেওঁক মনেৰে প্ৰশংসা আৰু শ্ৰদ্ধা কৰিবলৈ আৰম্ভ কৰে ।

(৫) চমুটোকা লিখা (Write short notes) 

(i) কৈশোৰ কাল দ্ৰুত পৰিবৰ্তনৰ সময় ।

Adolescence is a period of rapid change. 

উত্তৰঃ কৈশোৰ কাল হ'ল দ্ৰুত পৰিবৰ্তনৰ সময় । দৈহিক পৰিবৰ্তনৰ দ্ৰুততা মনোভাৱ আৰু আচৰণতো পৰিলক্ষিত হয় । দ্ৰুত পৰিবৰ্তনে কিশোৰ-কিশোৰীৰ আচৰণক প্ৰভাৱিত কৰে । সেয়েহে পৰিবৰ্তনে কিদৰে সিহঁতৰ আচৰণক প্ৰভাৱিত কৰিলে তাক জনাৰ বাবে সিহঁতৰ আচৰণ অধ্য়য়ণ কৰা প্ৰয়োজন । কৈশোৰ কালত দ্ৰুত পৰিবৰ্তন সংঘটিত হোৱা কেইটামান ক্ষেত্ৰ হ'ল-

(i) দ্ৰুত পৰিবৰ্তন সংঘটিত হোৱা কৈশোৰকালৰ এক ক্ষেত্ৰ হ'ল আৱেগিক দিশ । এই সময়ছোৱাত যুৱক-যুৱতীৰ মনত আৱেগ-অনুভূতিৰ পয়োভৰ হয় । 

(ii) যৌন গ্ৰন্থিৰ দ্ৰুত বিকাশে কিশোৰ-কিশোৰীসকলক এই স্তৰত বিভ্ৰান্ত কৰি তোলে । তেওঁলোকে এই সময়ছোৱাত প্ৰজননিক ক্ষমতা লাভ কৰি উঠে ।

(iii) কিশোৰ-কিশোৰীসকলৰ আগ্ৰহ আৰু সমাজত গ্ৰহণ কৰিবলগীয়া ভূমিকাও সিহঁতক সমস্য়াৰ সন্মুখীন কৰায় । এই সমস্য়া সমাধান কৰাটো এক জটিল কাম ।

(iv) আগ্ৰহ আৰু আচৰণৰ পৰিবৰ্তনে কিশোৰ-কিশোৰীৰ মূল্য়বোধৰো পৰিবৰ্তন কৰায় । বাল্য়কালৰ গুৰুত্বপূৰ্ণ মূল্য়বোধবোৰ কৈশোৰ কালৰ বাবে গুৰুত্বপূৰ্ণ নহয় ।

(ii) কৈশোৰৰ প্ৰয়োজন ।

Needs of adolescence.

উত্তৰঃ কৈশোৰ কালছোৱাত ল'ৰা-ছোলালীয়ে পূৰ্বতে নোপোৱা কেতবোৰ নতুন দেহ-মানসিক তাড়না অনুভৱ কৰে । এই তাড়নাৰ বাবেই কৈশোৰ কালত ল'ৰা-ছোৱালীৰ প্ৰয়োজন বা চাহিদা বৃদ্ধি পায় । কৈশোৰ কালৰ কেতবোৰ প্ৰয়োজন হ'ল-

(১) দৈহিক প্ৰয়োজন (Physical Need) : কিশোৰ-কিশোৰীৰ দৈহিক বৰ্ধনৰ বাবে এই কালছোৱাত খাদ্য়ৰ প্ৰয়োজন হয় । ইয়াৰ উপৰিও দেহৰ গঠন সুন্দৰ আৰু আকৰ্ষণীয় কৰি তুলিবৰ বাবে অংগ-প্ৰত্য়ংগৰ কৰ্মদক্ষতা বৃদ্ধি কৰিবৰ বাবে কিশোৰ-কিশোৰীক শৰীৰ-চৰ্চাৰ প্ৰয়োজন ।

(২) সামাজিক প্ৰয়োজন (Social Needs): এই কালছোলৱাত ল'ৰা-ছোৱালীয়ে সামাজিক স্বীকৃতি বিচাৰে আৰু সমাজৰ এজন সদস্য় হিচাপে কাৰ্য নিৰ্বাহ কৰিব বিচাৰে । সমাজত নিজৰ স্থান, স্বীকৃতি, প্ৰশংসা, অধিকাৰ, দায়িত্ব আদি পালনৰ প্ৰয়োজন কিশোৰ-কিশোৰীয়ে অনুভৱ কৰে ।

(৩) যৌন তৃপ্তিৰ প্ৰয়োজন (Need of Sex): এই সময়ছোৱাত সুপ্ত হৈ থকা যৌনভাৱৰ বিকাশ হয় আৰু সেয়েহে কিশোৰ-কিশোৰীৰ মনত যৌন ভাৱৰ উদ্ৰেক হয় । বিপৰীত লিংগৰ মনোগ্ৰাহী ব্য়ক্তিৰ প্ৰতি অনুভৱ কৰা যৌন আকৰ্ষণৰ বাবে ল'ৰা-ছোৱালী পৰস্পৰৰ প্ৰতি অধিক আকৃষ্ট হয় ।

(৪)বৌদ্ধিক প্ৰয়োজন (Intellectual Needs): এই সময়ছোৱাত ল'ৰা-ছোৱালীৰ মানসিক শক্তি ক্ষমতাবোৰৰ পৈণতা লাভৰ বাবে বৌদ্ধিক প্ৰয়োজন অনুভৱ কৰা হয় । ল'ৰা-ছোৱালীৰে চিন্তা, যুক্তি সমস্য়া সামাধান ক্ষমতা, কল্পনা শক্তি, বোধশক্তি, বুদ্ধি, সৃজনশীলতা আদি গঠনাত্মক বিকাশৰ প্ৰয়োজন হয় ।

(৫) স্বাধীনতাৰ প্ৰয়োজন (Need of Freedom): কৈশোৰ কালত হোৱা দেহ-মানসিক পৰিবৰ্তনৰ ফলস্বৰূপে ল'ৰা-ছোৱালীবোৰে স্বাধীন হ'বলৈ বিচাৰে । ঘৰুৱা আৰু বিদ্য়ালয়ৰ বন্ধনৰ পৰা মুক্ত হৈ এজন সামাজিক ব্য়ক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰে ।

(৬) জীৱন-দৰ্শনৰ প্ৰয়োজন (Needs of Philosophy of Life):  এই কালছোৱাত ল'ৰা-ছোৱালী জীৱনৰ অৰ্থ, প্ৰয়োজন, সৃষ্টিৰ ৰহস্য় আদিৰ প্ৰতি কৌতুহলী হৈ থাকে । এই কৌতুহলৰ ভিত্তিত তেওঁলোকে নিজৰ জীৱন দৰ্শন গঢ় দি তুলিবলৈ বিচাৰে ।

(৭) আত্ম-নিৰ্ভৰশীলতাৰ প্ৰয়োজন (Need of Self Dependence): এই সময়ছোৱাত ল'ৰা-ছোৱালীয়ে অৰ্থনৈতিক স্বাৱলম্বিতা লাভৰ বাবে প্ৰয়োজন অনুভৱ কৰে । ভৱিষ্য়তে কেনেকৈ স্বাধীনভাৱে উপাৰ্জন কৰিব পাৰিব, কেনেকৈ আত্মনিৰ্ভৰশীল হ'ব পাৰিব আদিৰ বিষয়ে কিশোৰ-কিশোৰীয়ে চিন্তা কৰে । 

(৮) নৈতিক প্ৰয়োজন (Moral Needs): কৈশোৰ কালত ল'ৰা-ছোৱালীবোৰ ভাল-বেয়া, উচিত-অনুচিত, শুদ্ধ-অশুদ্ধ আদি দিশবোৰৰ প্ৰতি সচেতন হৈ উঠে । ইয়াৰ আগৰ সময়ছোৱাত এই নৈতিক দিশবোৰৰ প্ৰতি ল'ৰা-ছোৱালী সচেতন হৈ নাথাকে ।

(iii) কৈশোৰ অধ্য়য়ণৰ পদ্ধতি ।

Methods of adolescent's study.

উত্তৰঃ (১) পৰ্যবেক্ষণ পদ্ধতি ( Observation Method): পৰ্যবেক্ষণ পদ্ধতিৰে কিশোৰ-কিশোৰীৰ আচৰণ কৰা হয় যদিও এই পদ্ধতি সুবিধাজনক নহয় কিয়নো কিশোৰ-কিশোৰীয়ে তেওঁলোকৰ কাৰ্য কলাপবোৰ গোপনে ৰাখিবলৈ প্ৰয়াস কৰে । 

(২) প্ৰশ্নাৱলী পদ্ধতি (Questionnaire Method): কিশোৰ-কিশোৰীৰ আচৰণ অধ্য়য়ণ কৰিবৰ বাবে প্ৰশ্নাৱলী পদ্ধতি ব্য়ৱহাৰ কৰা হয় যদিও এই পদ্ধতিও সম্পূৰ্ণ সুবিধাজনক নহয় । যেতিয়া তেওঁলোকক প্ৰশ্নাৱলীত লিখিতভাৱে প্ৰতিক্ৰিয়া প্ৰদান কৰিবলৈ দিয়া হয় তেতিয়া সিহঁতে যিবোৰ উত্তৰ দিলে নিজক সদৰ্থকভাৱে উপস্থাপন কৰিব পাৰে তেনে উত্তৰহে প্ৰদান কৰে সেয়া উত্তৰ অসত্য়ও হ'ব পাৰে ।

(৩) মনো-বিশ্লেষণ পদ্ধতি (Psycho-Analytic Method):  এই পদ্ধতিৰে কিশোৰ-কিশোৰীৰ সমস্য়াবোৰ অধ্য়য়ণ কৰা হয় যদিও এই পদ্ধতিও সম্পূৰ্ণ সুবিধাজনক নহয় । এই পদ্ধতি সকলো কিশোৰ-কিশোৰীৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব নোৱাৰি, কেৱল সমস্য়া থকা কিশোৰ-কিশোৰীৰ ক্ষেত্ৰতহে এই পদ্ধতি প্ৰয়োগ কৰিব পাৰি ।

(৪) অতীতদৰ্শী প্ৰতিবেদন (Restrospective Report): এই পদ্ধতিত প্ৰাপ্তবয়স্ক ব্য়ক্তিসকলক তেওঁলোকৰ কৈশোৰ কালৰ বিষয়ে প্ৰশ্ন সোধা হয় । পৰিপক্ক প্ৰাপ্তবয়স্ক ব্য়ক্তিসকলে শুদ্ধভাৱে নিজৰ কিশোৰ কালৰ তথ্য় প্ৰকাশ কৰাত শংকাবোধ নকৰে ।

(৫) কিশোৰ-কিশোৰীৰ দিনপঞ্জী (Adolescent Diary): কিশোৰ-কিশোৰীসকলে দিনপঞ্জীত মুক্তভাৱে নিজৰ মতামত লিপিবদ্ধ কৰে । অন্য় মানুহে এই দিনপঞ্জী নপঢ়ে বাবে তেওঁলোকে শংকাহীনভাৱে এই কাৰ্য সম্পাদন কৰে । দিনৰঞ্জী লিখাৰ সময়ত তেওঁলোকৰ স্মৃতিশক্তিও শক্তিশালী হৈ থাকে ।

(৬) শিক্ষক, চিকিৎসক আৰু ক্ৰিয়া সংগঠকে প্ৰদান কৰা তথ্য় (Facts Disclosed by Teachers, Doctors and Sport Organizers): কিশোৰ-কিশোৰীৰ আচৰণ অধ্য়য়ণ কৰাত শিক্ষক, চিকিৎক আৰু ক্ৰিয়া সংগঠনসকলে কিছু পৰিমাণে বৰঙণি আগবঢ়ায় । কিয়নো এই লোকসকল প্ৰত্য়ক্ষ বা পৰোক্ষভাৱে কিশোৰ-কিশোৰীৰ লগত জড়িত হৈ থাকে ।

(iv) কৈশোৰৰ জ্ঞানমূলক অৱস্থান্তৰ

Cognitive Transition of adolescence. 

উত্তৰঃ কৈশোৰ কালৰ অৱস্থান্তৰৰ দ্বিতীয় দিশটো হ'ল জ্ঞানমূলক । শিশুৰ তুলনাত কিশোৰ-কিশোৰীয়ে অধিক উন্নতভাৱে , ফলপ্ৰসূভাৱে আৰু জটিলভাৱে চিন্তা কৰিব পাৰে । ইয়াক পাঁচটা দিশেৰে বিশ্লেষণ কৰিব পাৰি । 

            প্ৰথমতে, শিশুৰ তুলনাত কিশোৰ-কিশোৰীয়ে অধিক উন্নতভাৱে বাস্তৱত কোনটো সম্ভৱ, কোনে এটা কাৰ্যত কি কি সীমাবদ্ধতা আছে, কি কি নতুনত্ব কোনো এটা কাৰ্যত আনিব পাৰি এই বিষয়ে চিন্তা কৰিব পাৰে । এই সময়ছোৱাত নিজ বিচাৰ-বিবেচনা, যুক্তি-তৰ্ক প্ৰয়োগ কৰিব পৰা ক্ষমতা বৃদ্ধি পায় । 

        দ্বিতীয়তে, কৈশোৰ কালত ল'ৰা-ছোৱালীয়ে বিমূৰ্ত ধাৰণাৰ বিষয়ে চিন্তা কৰা ক্ষমতা বিকশাই তোলে । ল'ৰা-ছোৱালীয়ে অৰ্ন্তদৰ্শন পদ্ধতিৰে সমগ্ৰ বিষয়বস্তুক পৰ্যবেক্ষণ আৰু নিৰীক্ষণ কৰি শিক্ষা আহৰণ কৰিবলৈ সক্ষম হৈ উঠে । তেওঁলোকে বিচাৰ-বিবেচনা আৰু বোধশক্তি প্ৰয়োগ কৰি শিকিবলৈ সক্ষম হয় । এই স্তৰত সিহঁতে ন্য়ায়, সুন্দৰতা, সততা আদি বিমূৰ্ত বিষয়ৰ চিন্তা কৰিব পাৰে  । 

        তৃতীয়তে, কৈশোৰ কালত ল'ৰা-ছোৱালীয়ে সন্মুখীন হোৱা সমস্য়াবোৰ নিজে চিন্তা কৰি আৰু যুক্তিৰ সহায়ত সমাধান কৰিব পৰা হয় । অৰ্থাৎ এই  কালত সিহঁতৰ অন্তঃপ্ৰেক্ষণ আৰু আত্ম-সজাগতা বৃদ্ধি পায় । এই স্তৰত ল'ৰা-ছোৱালীৰ চিন্তা-ভাৱনা শৃংখলাবদ্ধ, বিজ্ঞানসন্মত আৰু পৰীক্ষণমূলক হৈ উঠে ।

            চতুৰ্থতে, শিশুসকলে এটা সময়ত চিন্তা কৰাৰ পৰিৱৰ্তে কিশোৰ-কিশোৰীসকলে এটা সময়তে বিভিন্ন বিষয়ৰ চিন্তা কৰিব পাৰে । সমস্য়াৰ সন্মুখীন আৰু সমাধান ক্ষমতা বৃদ্ধি হয় বাবে ল'ৰা-ছোৱালীৰ এই স্তৰত ভিন্ন বিষয়ৰ চিন্তা একেলগে কৰিব পাৰে ।

               পঞ্চমতে, শিশুসকলে বস্তুক একক হিচাপে চোৱাৰ পৰিৱৰ্তে কিশোৰ-কিশোৰীয়ে প্ৰতিটো বস্তুকে সম্বন্ধসূচক দূষ্টিভংগীৰে বিশ্লেষণ কৰে । 

(৬) উত্তৰ লিখা (Write answer)

(i) কৈশোৰ কাল কাক বোলে ? এই কালছোৱাত ল'ৰা-ছোৱালীৰ প্ৰয়োজনসমূহ আলোচনা কৰা ।

What is adolescence ? Discuss the needs of boys and girls at this stage.

উত্তৰঃ  জীৱনৰ যিটো কালত শাৰিৰীক পৰিৱৰ্তন হৈ পৈণত প্ৰজনন অৱস্থা প্ৰাপ্ত হয় , সেইকালছোৱাক কৈশোৰ কাল বোলে। কৈশোৰ কাল সাধাৰণতে ১১ বছৰ পৰা আৰম্ভ হৈ ১৮ বা ১৯ বছৰ পৰ্যন্ত চলি থাকে।

            এই কালছোৱাত ল'ৰা-ছোৱালীৰ প্ৰয়োজনসমূহ হ'ল-

(১) দৈহিক প্ৰয়োজন (Physical Need) : কিশোৰ-কিশোৰীৰ দৈহিক বৰ্ধনৰ বাবে এই কালছোৱাত খাদ্য়ৰ প্ৰয়োজন হয় । ইয়াৰ উপৰিও দেহৰ গঠন সুন্দৰ আৰু আকৰ্ষণীয় কৰি তুলিবৰ বাবে অংগ-প্ৰত্য়ংগৰ কৰ্মদক্ষতা বৃদ্ধি কৰিবৰ বাবে কিশোৰ-কিশোৰীক শৰীৰ-চৰ্চাৰ প্ৰয়োজন ।

(২) সামাজিক প্ৰয়োজন (Social Needs): এই কালছোলৱাত ল'ৰা-ছোৱালীয়ে সামাজিক স্বীকৃতি বিচাৰে আৰু সমাজৰ এজন সদস্য় হিচাপে কাৰ্য নিৰ্বাহ কৰিব বিচাৰে । সমাজত নিজৰ স্থান, স্বীকৃতি, প্ৰশংসা, অধিকাৰ, দায়িত্ব আদি পালনৰ প্ৰয়োজন কিশোৰ-কিশোৰীয়ে অনুভৱ কৰে ।

(৩) যৌন তৃপ্তিৰ প্ৰয়োজন (Need of Sex): এই সময়ছোৱাত সুপ্ত হৈ থকা যৌনভাৱৰ বিকাশ হয় আৰু সেয়েহে কিশোৰ-কিশোৰীৰ মনত যৌন ভাৱৰ উদ্ৰেক হয় । বিপৰীত লিংগৰ মনোগ্ৰাহী ব্য়ক্তিৰ প্ৰতি অনুভৱ কৰা যৌন আকৰ্ষণৰ বাবে ল'ৰা-ছোৱালী পৰস্পৰৰ প্ৰতি অধিক আকৃষ্ট হয় ।

(৪)বৌদ্ধিক প্ৰয়োজন (Intellectual Needs): এই সময়ছোৱাত ল'ৰা-ছোৱালীৰ মানসিক শক্তি ক্ষমতাবোৰৰ পৈণতা লাভৰ বাবে বৌদ্ধিক প্ৰয়োজন অনুভৱ কৰা হয় । ল'ৰা-ছোৱালীৰে চিন্তা, যুক্তি সমস্য়া সামাধান ক্ষমতা, কল্পনা শক্তি, বোধশক্তি, বুদ্ধি, সৃজনশীলতা আদি গঠনাত্মক বিকাশৰ প্ৰয়োজন হয় ।

(৫) স্বাধীনতাৰ প্ৰয়োজন (Need of Freedom): কৈশোৰ কালত হোৱা দেহ-মানসিক পৰিবৰ্তনৰ ফলস্বৰূপে ল'ৰা-ছোৱালীবোৰে স্বাধীন হ'বলৈ বিচাৰে । ঘৰুৱা আৰু বিদ্য়ালয়ৰ বন্ধনৰ পৰা মুক্ত হৈ এজন সামাজিক ব্য়ক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰে ।

(৬) জীৱন-দৰ্শনৰ প্ৰয়োজন (Needs of Philosophy of Life):  এই কালছোৱাত ল'ৰা-ছোৱালী জীৱনৰ অৰ্থ, প্ৰয়োজন, সৃষ্টিৰ ৰহস্য় আদিৰ প্ৰতি কৌতুহলী হৈ থাকে । এই কৌতুহলৰ ভিত্তিত তেওঁলোকে নিজৰ জীৱন দৰ্শন গঢ় দি তুলিবলৈ বিচাৰে ।

(৭) আত্ম-নিৰ্ভৰশীলতাৰ প্ৰয়োজন (Need of Self Dependence): এই সময়ছোৱাত ল'ৰা-ছোৱালীয়ে অৰ্থনৈতিক স্বাৱলম্বিতা লাভৰ বাবে প্ৰয়োজন অনুভৱ কৰে । ভৱিষ্য়তে কেনেকৈ স্বাধীনভাৱে উপাৰ্জন কৰিব পাৰিব, কেনেকৈ আত্মনিৰ্ভৰশীল হ'ব পাৰিব আদিৰ বিষয়ে কিশোৰ-কিশোৰীয়ে চিন্তা কৰে । 

(৮) নৈতিক প্ৰয়োজন (Moral Needs): কৈশোৰ কালত ল'ৰা-ছোৱালীবোৰ ভাল-বেয়া, উচিত-অনুচিত, শুদ্ধ-অশুদ্ধ আদি দিশবোৰৰ প্ৰতি সচেতন হৈ উঠে । ইয়াৰ আগৰ সময়ছোৱাত এই নৈতিক দিশবোৰৰ প্ৰতি ল'ৰা-ছোৱালী সচেতন হৈ নাথাকে ।

(ii) কৈশোৰ কালৰ বৈশিষ্ট্য়বোৰ আলোচনা কৰা ।

Discuss the characteristics of Adolescence period.

উত্তৰঃ কৈশোৰ কালৰ বৈশিষ্ট্য় বোৰ হ'ল-

(১) দ্ৰুত দৈহিক বিকাশ (Rapid Physical Development) : কৈশোৰ কালৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য় হ'ল দ্ৰুত দৈহিক বিকাশ । কিশোৰ-কিশোৰীসকলৰ দেহৰ উচ্চতা আৰু ওজন এই সময়ছোৱাত বাঢ়িবলৈ ধৰে । দেহৰ অন্তঃস্ৰাৱী গ্ৰন্থিসমূহ সক্ৰিয় হৈ উঠাৰ ফলত জৈৱ ৰাসায়নিক ৰসসমূহ নিঃসৰণ হৈ দেহৰ দ্ৰুত গঠন সাধন কৰে । দেহৰ মাংসপেসী, হাড় আদি পূৰঠ আৰু শক্তিশালী হৈ আহে । এই সময়ছোৱাত দেহৰ ওজনতকৈ উচ্চতা বেছি হোৱা দেখা যায় । ল'ৰাৰ স্বৰধ্বনি কৰ্কশ হয় আৰু ক্ৰমে পুৰুষসুলভ মাতৰ গৰাকী হয় । ল'ৰাৰ মুখমণ্ডলত ডাঢ়ি গজিবলৈ ধৰে । ওজন আৰু উচ্চতাৰ ক্ষেত্ৰত এক বিশেষ বৈশিষ্ট্য় পৰিলক্ষিত হয় । ১৩ বছৰ বয়সত ছোৱালীৰ উচ্চতা আৰু ওজন ল'ৰাতকৈ অধিক হোৱা দেখা যায় কিন্তু ১৫ বছৰ বয়সত ল'ৰাৰ ওজন আৰু উচ্চতা ছোৱালীতকৈ অধিক হয় । ছোৱালীৰ ক্ষেত্ৰত মাতৰ বিশেষ পৰিবৰ্তন নহয় বৰং আগৰ দৰেই মিহি আৰু সুশ্ৰাব্য় হয় । গাৰ ছাল মিহি হয় আৰু হাতৰ গাঁঠি ঘূৰণীয়া হয় । ছোৱালীৰ স্তনৰ বিকাশ হয় আৰু ১৫ বছৰৰ ভিতৰত অধিকসংখ্য়ক ছোৱালীয়েই ঋতুমতী হয় । ল'ৰাও বীৰ্যধাৰী হৈ উঠে । ল'ৰা-ছোৱালী উভয়েই প্ৰজনন ক্ষমতা লাভ কৰে । এই বয়সতে তেওঁলোকৰ দেহৰ প্ৰয়োজনীয় অংশত কেশ দেখা দিয়ে । দেহৰ এই পৰিবৰ্তনে তেওঁলোকক আত্মসচেতন কৰি তোলে ।

(২) মানসিক বিকাশ (Mental Physical Development): কৈশোৰকালত দৈহিক বিকাশৰ সগে লগে মানসিক শক্তিসমূহৰো বিকাশ হয় । এই সময়ছোৱাত কিশোৰ-কিশোৰীয়ে বিমূৰ্ত চিন্তন কৰাৰ ক্ষমতা আয়ত্ত কৰে । এই সময়ত তেওঁলোকৰ স্মৃতিশক্তি, যুক্তিসহকাৰে বিচাৰ কৰিব পৰা ক্ষমতা, কল্পনাশক্তি, বুদ্ধি আদিৰ দ্ৰুতভাৱে বিকাশ হয় । যৌৱনকালত ল'ৰা-ছোৱালীবিলাক কল্পনাপ্ৰৱণ হৈ উঠে । বাস্তৱত সম্ভৱ নোহোৱা কিছুমান কামো তেওঁলোকে কল্পনাৰে সম্ভৱ কৰিবলৈ বিচাৰে । গল্প, উপন্য়াস, কবিতা আদি অধ্য়য়ন কৰি অপাৰ আনন্দ লাভ কৰে । এই বয়সত তেওঁলোকে সমস্য়া সমাধান কৰাৰ ক্ষমতাও আহৰণ কৰে । বয়ঃসন্ধি কালৰ অন্য় এক বৈশিষ্ট্য় হৈছে দিবা স্বপ্ন। এই সময়ছোৱাত তেওঁলোকে অলীক কল্পনা কৰি মনত অপাৰ আনন্দ লাভ কৰে । পৰাপক্ষত কিশোৰ-কিশোৰীক বিভিন্ন কামত ব্য়স্ত ৰাখিব লাগে ।

(৩) আৱেগিক বিকাশ (Emotional development): কৈশোৰকালত ল'ৰা-ছোৱালীয়ে আৱেগিকভাৱে বিকাশ লাভ কৰে । বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিবলৈ লয় । সকলো ল'ৰা-ছোৱালীয়ে অৱশ্য়ে আৱেগৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব নোৱাৰে । এই সময়ছোৱাত পিতৃ-মাতৃ আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে কিছু সাৱধানতাৰে তেওঁলোকৰ লগত আচৰণ কৰিব লাগে যাতে তেওঁলোক অনাহকতে উত্তেজিত হৈ নপৰে । বয়ঃসন্ধি কালত তেওঁলোকে ক্ৰমান্বয়ে আৱেগক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

(৪) সামাজিক বিকাশ (Social development): কৈশোৰ কালতেই ল'ৰা-ছোৱালীয়ে সামাজিকভাৱেও বিকাশ লাভ কৰে । এওঁলোকে সামাজিকভাৱে সচেতন হৈ উঠে । ক্লাব বা কোনো সংগঠনৰ সদস্য় হ'বলৈ তেওঁলোকে ভাল পায় আৰু সামাজিক কাম-কাজত অংশ গ্ৰহণ কৰি ভাল পাবলৈ ধৰে । সমাজত তেওঁলোকৰ আচৰণ মাৰ্জিত হয় । বন্ধু-বান্ধৱৰ সংখ্য়াৰ ক্ষেত্ৰতো সীমাবদ্ধতা আহি পৰে আৰু বন্ধুত্ব দীৰ্ঘস্থায়ী হয় । এই সময়ছোৱাত তেওঁলোকৰ মনত স্বদেশপ্ৰেম, সামাজিক কাম-কাজ, দুৰ্গতসকলৰ বাবে সহানুভূতি আদি ভাব বূদ্ধি পায় ।

(৫) বীৰ পূজা (Hero worship) : বয়ঃসন্ধি কালৰ এটা উল্লেখযোগ্য় বৈশিষ্ট্য় হৈছে বীৰ পূজা বা নায়ক আৰাধনাপ্ৰৱণতা । এই সময়ছোৱাত প্ৰায়বিলাক কিশোৰ-কিশোৰীয়েই কোনো ব্য়ক্তিৰদ্বাৰা গভীৰভাৱে প্ৰভাৱান্বিত হৈ পৰে । এই ব্য়ক্তিসকল শিক্ষক-শিক্ষয়িত্ৰী, বিখ্য়াত খেলুৱৈ, ৰাজনীতিবিদ, বোলছবিৰ নায়ক-নায়িকা, বিখ্য়াত লেখক-লেখিকা আদিও হ'ব পাৰে । এই নায়ক-নায়িকাসকলৰ জীৱনৰ আধাৰতে তেওঁলোকেও নিজকে সেই ৰূপত গঢ় দিবলৈ বিচাৰে । সেয়েহে, এই সময়ছোৱাত যাতে কিশোৰ-কিশোৰীসকলে কোনো আৰ্দশ ব্য়ক্তিৰ সান্নিধ্য় লাভ কৰে, সেই দিশত লক্ষ্য় ৰাখিব লাগে । 

(৬) আত্মসচেতনতা (Self-consciousness) : কৈশোৰ কালছোৱাত কিশোৰ-কিশোৰীসকল যথেষ্ট আত্মসচেতন হৈ পৰে । দৈহিক আৰু মানসিক পৰিবৰ্তনেই ইয়াৰ প্ৰধান কাৰণ । নিজৰ সৌন্দৰ্য সম্পৰ্কেও যথেষ্ট সচেতন হয় । নিজকে সুন্দৰ আৰু আকৰ্ষণীয় কৰি তুলিবলৈ যত্নপৰ হয় । নিজৰ দৈহিক ক্ৰটী সম্বন্ধে সচেতন হয় আৰু সেয়েহে আত্মসমালোচনা কৰাও দেখা যায় ।

(৭) দায়িত্ববোধ আৰু আত্মসন্মানবোধ (Sense of responsibility and self-respect): কিশোৰ-কিশোৰীৰ মনত এই সময়ছোৱাত দায়িত্ববোধ আৰু আত্মসন্মানবোধৰ উন্মেষ হোৱা পৰিলক্ষিত হয় । কোনো কাম কৰিবলৈ দিলে তাৰ দায়িত্ব বুজি পোৱা হয় । আত্মসন্মানবোধ বঢ়াৰ লগে লগে নিজকে সমাজৰ এজন বুলি ভাবিবলৈ লয় । সেয়েহে, তুচ্ছ-তাচ্ছিল্য়, উপহাস, ইতিকিং আদি সহ্য় কৰিব নোৱাৰা হয় । মাক-দেউতাকৰ পৰাও নিজৰ অধিকাৰ আৰু আত্মসন্মান আশা কৰা দেখা যায় । এনে আত্মসন্মানৰ পৰা বঞ্চিত হোৱা কিশোৰ-কিশোৰীৰ মনত অপৰাধ-প্ৰৱণতাৰ সৃষ্টি হোৱা দেখা যায় ।

(৮) যৌন-চেতনা (Sex-consciousness): বয়ঃসন্ধি কালৰ এক উল্লেখযোগ্য় বৈশিষ্ট্য় হৈছে কিশোৰ-কিশোৰীৰ মনত যৌন-চেতনাৰ উদ্ৰেগ । শাৰীৰিকভাৱে সক্ষম হোৱাৰ লগে লগে তেওঁলোকৰ মনত যৌন-চেতনাৰ উদয় হয় আৰু যৌন সম্বন্ধীয় বিষয়ত অধিক কৌতুহলী হয়। অৱশ্য়ে ইয়াত অস্বাভাৱিক একো নাই । কিন্তু কিশোৰ-কিশোৰীয়ে যাতে অন্য়ৰ পৰা কোনো ধৰণৰ অসুস্থ শিক্ষা লাভ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য় ৰাখিব লাগে । এই যৌন-চেতনাৰ বাবেই বিপৰীত লিংগৰ প্ৰতি আকৰ্ষিত হয় । এই সময়ছোৱাত কিশোৰ-কিশোৰীক খেলা-ধূলা, সংগীত, শৰীৰ চৰ্চা, ব্য়ায়াম আদিত ব্য়স্ত ৰাখিব লাগে । 

(৯) দলীয় ভাবৰ বিকাশ (Development of Group feeling) : বয়ঃসন্ধি কালত কিশোৰ-কিশোৰীৰ মনত সামাজিকতাৰ মনোভাৱৰ উদ্ৰেগ হয় আৰু সেয়েহে, সামাজিক কাম-কাজত অংশ গ্ৰহণ কৰি আনন্দ পায় । তেওঁলোকৰ দল বান্ধি একগোট হৈ কোনো কাম কৰাৰ মানসিকতা গঢ় লৈ উঠে। কিশোৰ-কিশোৰীৰ এই মনোভাৱ ফলপ্ৰসূভাৱে পৰিচালনা কৰা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ কৰ্তব্য় । ইয়াৰদ্বাৰা তেওঁলোকৰ মনত সহযোগিতা, বন্ধুত্ব, সমন্বয় আদি ভাৱৰ বিকাশ হয় । 

(১০) দুঃসাহসিকতা (Advanturousness): এই বয়সত কিছুমান কিশোৰ-কিশোৰীৰ মনত দুঃসাহসিক কাৰ্য কৰাৰ তীব্ৰ বাসনা জাগে । খৰস্ৰোতা নদীত নাওবোৱা, পৰ্বত বগোৱা, বিপদসংকুল পথেৰে খোজ কঢ়া, চাইকেলেৰে বা খোজকাঢ়ি দূৰ ঠাই ভ্ৰমণ কৰা আদি কাম কৰি তেওঁলোকে অপাৰ আনন্দ লাভ কৰে । 

(১১)আত্মনিৰ্ভৰশীলতা (Self-dependence) : এই সময়ছোৱাত কিশোৰ-কিশোৰী আত্ননিৰ্ভৰশীল হ'বলৈ যত্নপৰ হয় । নিজৰ লাগতিয়াল কামসমূহ নিজে কৰিবলৈ তেওঁলোকে ভাল পায় । ল'ৰা-ছোৱালীৰ মনত যাতে দায়িত্ববোধৰ লগতে আত্মনিৰ্ভশীলতা বৃদ্ধি পায় তাৰ প্ৰতি পিতৃ-মাতৃ আৰু শিক্ষকে লক্ষ্য় ৰাখিব লাগে । 

(১২) সৃষ্টিশীল কল্পনা (Creative imagination): কল্পনাৰ প্ৰাধান্য় কৈশোৰকালৰ এক উল্লেখযোগ্য় বৈশিষ্ট্য় । এই সময়ছোৱাত তেওঁলোকৰ কল্পনা শক্তিৰ দ্ৰুত বিকাশ হোৱা  দেখা যায় । সেয়েহে, তেওঁলোকে কবিতা, গল্প, উপন্য়াস, ভ্ৰমণ-কাহিনী আদি পঢ়ি ভাল পায় । বহুতে কবিতা, গল্প আদি লিখিবৰ বাবেও উৎসাহ পায় । সেয়েহে, বিদ্য়ালয়ত বছৰেকীয়া আলোচনী প্ৰকাশ কৰাৰ ব্য়ৱস্থা কৰা অতি আৱশ্য়কীয় ।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)






Author: Monikongkona Saikia 



Post Id: DABP003224