প্ৰথম অধ্যায়

নাটকৰ সাধাৰণ পৰিচয়


১/ নাটক পোন প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল?

উত্তৰঃ নাটক পোন প্ৰথমে মহাকবি কালিদাসে ব্যৱহাৰ কৰিছিল।


২/ নাটক আৰু কবিতা মানে কি?

উত্তৰঃ নাটক হল দৃশ্যকাব্য আৰু কবিতা হল শ্ৰুতিকাব্য। 


৩/ 'নট' ধাতুৰ অৰ্থ কি?

উত্তৰঃ  'নট' ধাতুৰ অৰ্থ হল লৰচৰ কৰা অথবা শৰীৰৰ অংগ - প্ৰত্যংগসমূহৰ স্পষ্ট সঞ্চালন কৰা।


৪/ নাটকৰ অৰ্থ কি?

উত্তৰঃ নাটকৰ অৰ্থ হৈছে - 'অভিনয় প্ৰদৰ্শনৰ যোগ্য ৰচনা'।


৫/ নাটকৰ কেইটামান সংজ্ঞা দিয়া?

উত্তৰঃ নাটকৰ সংজ্ঞা কেইটামান তলত উল্লেখ কৰা হল -

১/ ভৰতমুনিঃ ''দেৱতা, ঋষি, ৰজা আৰু জনগণৰ পূৰ্বতন ক্ৰিয়াকলাপৰ অনুগমনেই নাটক''। 

                            দেৱতামৃত্বীনাংচ ৰাজ্ঞাং লোকস্য চৈব হি।

                            পূৰ্ববৃত্তানুচৰিতং নাটকং নাম তদ্ ভবেৎ।।

২/ ধনঞ্জয়ঃ ''অৱস্থাৰ অনুকৰণেই নাটক''।

                        অৱস্থানুকৃতি নাট্যম্।

৩/ এৰিষ্ট'টলঃ ''ক্ৰিয়াশীল ৰূপত ক্ৰিয়াশীলতাৰ অনুকৰণ''। 

৪/ এলাৰ্ডিছ নিকলঃ ''নাটক হল, জীৱন সম্পৰ্কীয় ধাৰণা প্ৰকাশৰ এক কলাৰূপ আৰু এই প্ৰকাশ এনেধৰণৰ যে ই অভিনেতাসকলৰ দ্বাৰা প্ৰদৰ্শিত হোৱাৰ উপযোগী''।


৬/ নাটক কি?

উত্তৰঃ নাটক হল সাহিত্যৰ এটি বিশেষ ধৰণ। সাধাৰণতে এটি লিখিত পাণ্ডুলিপি অনুসৰণ কৰি অভিনয়ৰ জৰিয়তে নাটক পৰিৱেসন কৰা হয়। সেয়েহে নাটক অভিনয়ৰ কাৰণেই লিখা হয় বুলি কব পাৰি। নাটকত স্থান, সময় আৰু পৰিৱেশৰ বৰ্ণনা থকাৰ উপৰি সংলাপ থাকে। সংলাপৰ মাজেদিয়ে একোজন অভিনেতাই নাটকৰ বিভিন্ন বিষয় উপস্থাপন কৰে। নাটকৰ উপাদান ছটা হল - কাহিনী, চৰিত্ৰ, চিন্তা, ৰচনাশৈলী বা সংলাপ, সংগীত আৰু দৃশ্য। এই কেইটাৰ ভিতৰত নাটকৰ কাহিনীকেই তেওঁ মুখ্য় স্থান দিছে। জন ড্ৰাইডেনৰ মতে নাটকৰ প্ৰধান উপকৰণ হল চৰিত্ৰ আৰু চিন্তা, কাহিনীৰ স্থান গৌণ। হাডছনৰ মতেও নাটকৰ মৌলিক আৰু স্থায়ী উপাদান হল চৰিত্ৰ। হেগেলৰ মতে আকৌ দ্বন্দ্বই হল নাটকৰ প্ৰাণবস্ত। দ্বন্দ্বময় পৰিস্থিতিৰ সমষ্টিয়েই হল নাটক।


৭/ নাটকৰ কেইটামান উপাদানৰ বিষয়ে চমুকৈ লিখা?

উত্তৰঃ নাটকৰ কেইটামান উপাদানৰ বিষয়ে চমুকৈ আলোচনা কৰা হল -

    যিটো ঘটনাক অৱলম্বন কৰি নাটকৰ চৰিত্ৰ তথা আন আন উপাদানসমূহ পূৰঠ হোৱাৰ দিশত আগবাঢ়ি থাকে তাকেই কাহিনী বুলি কোৱা হয়। এৰিষ্টটলে কাহিনীক নাটকৰ প্ৰধান উপাদান বুলি কৈ ইয়াক দুটা ভাগত ভাগ কৰিছে - সৰল আৰু জটিল। সৰল কাহিনী বুলি কলে ঘটনাৰ গতিৰ একমুখিতাক আৰু জটিল কাহিনী বুলি ঘটনাৰ বিপৰীতমুখী পৰিৱৰ্তনক বুজায়। কাহিনীক নাটকৰ শৰীৰ বুলি অভিহিত কৰা ভৰতমুনিয়ে নাট্যশাস্ত্ৰত দুই ধৰণৰ কাহিনী কথা উল্লেখ কৰিছে - প্ৰখ্যাত াৰু কাল্পনিক। তেওঁ নাটকৰ প্ৰখ্যাত কাহিনী বুলি মহাকাব্য বা তেনে ধৰণৰ বিখ্যাত গ্ৰন্থৰ পৰা সংগ্ৰহ কৰা কাহিনীক আৰু কাল্পনিক কাহিনী বুলি সমাজৰ অভিজাত শ্ৰণীৰ জীৱনৰ পৰা তুলি অনা কাহিনীক বুজাইছে।


৮/ ক্ৰিয়াশীলতা মানে কি?

উত্তৰঃ নাটকৰ ক্ৰিয়াশীলতাৰ অৰ্থ হল ইয়াৰ ঘটনা আৰু চৰিত্ৰসমূহৰ গতিশীলতা। এই ক্ষেত্ৰত ইয়াৰ ৰূপ আৰু ভাৱ দুয়োটাৰেই অন্তৰ ঘটে। নাটক এখন ৰনা তথা মঞ্চস্থ কৰাৰ বেলিকা সকলো নাট্যকাৰৰেই দুটা মূল লক্ষ্য থাকে - তাৰে প্ৰথমটো হল যিমান সোনকালে সম্ভৱ পাঠক আৰু দৰ্শকৰ মনোযোগ াকৰ্ষণ কৰা আৰু দ্বিতীয়টো হল শেষ পৰ্যন্ত পাঠক - দৰ্শকৰ কৌতূহল তথা উৎকণ্ঠা বৰ্তাই ৰখা। নাটক এখন মঞ্চস্থ কৰাৰ সময়ত অভিনেতা তথা চৰিত্ৰৰ অভিনয়ৰ যোগেদি এই ক্ৰিয়াশীলতা প্ৰতিফলিত। অভিনেতাৰ কণ্ঠস্বৰৰ পৰিৱৰ্তন, দৃশ্যপটৰ সালসলনি, পোহৰৰ নিয়ন্ত্ৰণ, সাজ - পোছাকৰ বিচিত্ৰতা আদিৰ লগতে অভিনেতাৰ হাঁহি - কান্দোন, দেহৰ অংগী - ভংগী প্ৰভৃতিয়েও নাটকৰ ক্ৰিয়াশীলতাত প্ৰভাৱ পেলায়। 


৯/ উৎকণ্ঠা আৰু বিস্ময় মানে কি?

উত্তৰঃ এই উপাদান দুটাই নাটক এখনৰ শেষলৈকে পাঠক - দৰ্শকৰ আগ্ৰহ বৰ্তাই ৰাখে। পাঠক - দৰ্শকৰ মনত উৎকণ্ঠাৰ সৃষ্টি কৰিবলৈ নাটকৰ কাহিনীটো আধা - জনা আৰু আধা - নজনাৰ মাজেৰে আগুৱাই নিয়া হয়। পঞ্চপাণ্ডৱ পাশাখেলত হৰাত দুঃশাসনে দ্ৰৌপদীক চুলিত ধৰি ৰাজসভালৈ টানি আনিলে। তাৰ পিছত তাইৰ বস্ত্ৰহৰণ উদ্যোগ আৰম্ভ হল। এয়াই হল উৎকণ্ঠা - নাট্যোৎকণ্ঠা। এই উৎকণ্ঠাৰ সামৰণিতেই বিস্ময়ৰ সৃষ্টি হয়।


১০/ সংঘাত মানে কি?

উত্তৰঃ সংঘাতৰ প্ৰথম উৎস হিচাপে নিয়তি তথা দৈৱশক্তিৰ কথা কব পাৰি। যি শক্তিয়ে নিৰ্ণয় কৰে মানুহৰ ভৱিষ্যত। যাৰ হাতত মানুহৰ চিন্তা - বুদ্ধি সকলো মূল্যহীন। ইডিপাচৰ জীৱনলৈ নামি অহা ব্যাখ্যাহীন প্ৰতিকূলতা, ঘোষ্টচ্ নাটকৰ অচৱাল্ডৰ জীৱনলৈ চিফিলিছৰ বীজাণুৰ আক্ৰমণে নমাই অনা অন্ধকাৰৰ কথা কব পাৰি।

    দ্বিতীয়বিধ সংঘাতৰ সৃষ্টি হয় এজন মানুহৰ সৈতে আন এজন মানুহৰ সংঘাতৰ ফলত। বিপৰীত চিন্তাধাৰাৰ মানুহৰ মাজত মতৰ অমিল ঘটাই ইয়াৰ ঘাই কাৰণ। যি দুটা চৰিত্ৰৰ মাজত আৰম্ভণিৰ পৰা শেষলৈ দ্বন্দ্ব বা সংঘাত চলিয়েই থাকে। 

    সংঘাতৰ তৃতীয় ৰূপটোৰ উদয় হয় সমাজৰ সৈতে হোৱা মানুহৰ বিৰোধিতাৰ ফলত। বৰ্তমান সময়ৰ পৰিৱৰ্তিত সমাজ - ব্যৱস্থাত ইয়াৰ সঘন প্ৰতিফলন ঘটা দেখা যায়। পুৰণিচামৰ লগত হোৱা  নতুনচামৰ মতাদৰ্শৰ অমল ইয়াৰ প্ৰধান কাৰণ।

    সংঘাতৰ চতুৰ্থ অৰ্থাৎ শেষ ৰূপটোৰ উদয় হয় মানুহ এজনৰ নিজৰ মন - মগজুৰ মাজত। এই জগতৰ ক্ষেত্ৰ বুলি কলে বহিৰ্জগত নহয় মানুহৰ অন্তৰ্জগতখনৰ কথা কোৱা হয়। যত কল্পনাই যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। 


১১/ সংলাপ কি?

উত্তৰঃ নাটক এখনৰ চৰিত্ৰৰ মুখৰ কথাবোৰেই হল সংলাপ। সংলাপেই নাটকক অন্যান্য় সাহিত্যৰূপৰ পৰা পৃথক কৰি ৰাখে। ঘটনা বা কাহিনীৰ বৰ্ণনা আৰু চৰিত্ৰৰ ব্যঞ্জনাই হল সংলাপৰ প্ৰধান কাম। প্ৰথমটো সংলাপত চুটি চুটি বাক্য ব্যৱহাৰ কৰিব লাগে আৰু দ্বিতীয়টো হল সংলাপসমূহ দৈনন্দিন জীৱনত ব্যৱহিত নিৰলংকৃত সাধাৰণ ভাষাৰ হব লাগে। 


১২/ এৰিষ্ট'টলে আগবঢ়োৱা ট্ৰেজেডীৰ সংজ্ঞাটো কি আছিল?

উত্তৰঃ এৰিষ্ট'টলে তেওঁৰ পয়েটিকছত আগবঢ়োৱা ট্ৰেজেডীৰ সংজ্ঞাটো হল - ''সেয়ে হলে ট্ৰেজেডী এক ক্ৰিয়াৰ অনুকৰণ, যি ক্ৰিয়া গুৰুগম্ভীৰ, সম্পূৰ্ণ আৰু বিশেষ আয়তনবিশিষ্ট, ভাষাৰ ক্ষেত্ৰত যাৰ প্ৰতিটো অংগ স্বতন্ত্ৰভাৱে শিল্পসৌন্দেৰ্যেৰে মণ্ডিত, যাৰ ক্ৰিয়াশীলতাৰ প্ৰকাশৰীতি বৰ্ণনাত্মক নহয়, নাটকীয়হে আৰু যাৰ ক্ৰিয়াশীলতাই ভয় আৰু কৰুণাৰ উদ্ৰেক কৰি অনুভূতিসমূহৰ পৰিশুদ্ধি ঘটায়''।


১৩/ এৰিষ্টটলে আগবঢ়োৱা লক্ষণসমূহ কি কি?

উত্তৰঃ এৰিষ্টটলে আগবঢ়োৱা লক্ষণসমূহ হল -

১/ ট্ৰেজেডী জীৱনৰ কোনো ঘটনাৰ অনুকৰণ।

২/ ঘটনাৰ ৰূপ যথেষ্ট গুৰুত্বপূৰ্ণ - গুৰুগম্ভীৰ ধৰণৰ।

৩/ ঘটনাটো স্বয়ংসম্পূৰ্ণ আৰু পৰিমিত আকৃতিৰ।

৪/ ট্ৰেজেডীৰ ভাষা শিল্পসৌন্দৰ্যমণ্ডিত - ছন্দে - গীতে মুখৰিত।

৫/ প্ৰকাশৰীতি সংলাপ নিৰ্ভৰ - বৰ্ণনাত্মক নহয় আৰু 

৬/ লক্ষ্যবস্তটো হল ভয় আৰু কৰুণাৰ উদ্ৰেক কৰি পাঠক - দৰ্শকৰ চিত্তঅনুৰূপ অনুভূতিৰ পৰা মুক্ত কৰা।


১৪/ এৰিষ্টটলে আগবঢ়োৱা কমেডীৰ সংজ্ঞাটো কি?

উত্তৰঃ কমেডীৰ সংজ্ঞা প্ৰসংগত এৰিষ্টটলে কৈছে - ''কমেডীৰ ক্ষেত্ৰত ই হল সাধাৰণতকৈ নিকৃষ্টতৰ মানে সকলো ফালৰ পৰা ত্ৰুটিযুক্ত হীনতৰ নহয়, মাথোন হাস্য়াস্পদ, অৰ্থাৎ  অসুন্দৰৰেই প্ৰকাৰভেদ''।


১৫/ কমেডীৰ চাৰিটা প্ৰধান ভাগ কি কি?

উত্তৰঃ কমেডীৰ চাৰিটা প্ৰধান ভাগ হল - (১) ৰোমাণ্টিক কমেডী - স্নিগ্ধহাস্যৰস এই শ্ৰেণীৰ কমেডীৰ আদাৰ, (২) কমেডী অব হিউমাৰ্চ - চৰিত্ৰৰ কোনো অতিমাত্ৰিকতাৰপ্ৰতি ব্যংগাত্মক হাস্যৰসনিৰ্ভৰ, (৩) কমেডী অব মেনাৰ্চ - সামাজিক কৃত্ৰিম স্বভাৱজাত অতিমাত্ৰিকতাৰ প্ৰতি কটাক্ষযুক্ত আৰু বাকচাতুৰ্যপূৰ্ণ হাস্যৰসনিৰ্ভৰ আৰু (৪) ফাৰ্চ - লঘু ধৰণৰ নিৰ্দোষ আৰু উচ্ছল হাস্যৰস এই শ্ৰেণীৰ কমেডীৰ আধাৰ।


১৬/ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম অসমীয়া নাটখনৰ নাম কি?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম অসমীয়া নাটখনৰ নাম হল - চিহ্নযাত্ৰা।


১৭/ অংকীয়া নাটৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা?

উত্তৰঃ অংকীয়া নাটৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হল - (১) সূত্ৰধাৰৰ প্ৰাধান্য, (২) কাব্যধৰ্মী গীত, শ্লোক আৰু পয়াৰৰ প্ৰাচুৰ্য, (৩) ব্ৰজাৱলী ভাষাৰ প্ৰয়োগ, (৪) লয়যুক্ত গদ্যৰ ব্যৱহাৰ আৰু (৫) সংগীত - নৃত্য। 


১৮/ শংকদেৱৰ কেইখনমান নাটৰ নাম লিখা?

উত্তৰঃ শংকদেৱৰ কেইখনমান নাটৰ নাম হল - 'পত্নীপ্ৰসাদ' , 'কালিদমন' , 'কেলিগোপাল' , 'ৰুক্মিণীহৰণ' , 'পাৰিজাতহৰণ' , আৰু 'ৰামবিজয়'।


১৯/ মাধৱদেৱৰ কেইখনমান নাটৰ নাম লিখা?

উত্তৰঃ মাধৱদেৱৰ কেইখনমান নাটৰ নাম হল - 'চোৰধৰা' , 'পিম্পৰা - গুচোৱা' , 'ভোজন - বিহাৰ' , 'অৰ্জুন - ভঞ্জন' আৰু 'ভূমি - লেটোৱা'। 


২০/ দৈত্যাৰি ঠাকুৰ কোন আছিল?

উত্তৰঃ মাধৱদেৱৰ ভাগিন ৰামচৰণৰ পুতেক আছিল।


২১/ দৈত্যাৰি ঠাকুৰে ৰচনা কৰা দুখন নাটৰ নাম লিখা?

উত্তৰঃ দৈত্যাৰি ঠাকুৰে ৰচনা কৰা দুখন নাটৰ নাম হল - 'নৃসিংহ - যাত্ৰা' , আৰু 'শ্যামন্ত - হৰণ'।


২২/ দ্বিজভূষণে ৰচনা কৰা নাটখনৰ নাম কি আছিল?

উত্তৰঃ দ্বিজভূষণে ৰচনা কৰা নাটখনৰ নাম আছিল - 'অজামিল উপাখ্যান'


২৩/ গুৱাহাটী বিশ্ববিদ্যালয়ত সংৰক্ষিত হোৱা নাটসমূহ নাম কি কি?

উত্তৰঃ গুৱাহাটী বিশ্ববিদ্যালয়ত সংৰক্ষিত নাটসমূহ হল - 'সিন্ধুযাত্ৰা' (পূৰ্ণকান্ত), 'কুমৰ - হৰণ' (লক্ষ্মীনাথ ), 'হৰিশ্চন্দ্ৰ উপাখ্যান' (পূৰ্ণকান্ত), 'শ্যামন্ত হৰণ', 'জৰাসন্ধ বধ' (গোপাল), 'হৰমোহন নাট' (লক্ষ্মীনাথ), 'ঊষা হৰণ' (অনিৰুদ্ধৰ দ্বাৰা), আদি।


২৪/ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগত সংৰক্ষিত হোৱা নাটসমূহ কি কি?

উত্তৰঃ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগত সংৰক্ষিত হোৱা নাটসমূহ হল -'জৰাসন্ধ বধ' (গোপাল), 'সিন্ধুৰা পৰ্ব' (লক্ষ্মীনাট), 'জয়দ্ৰথ বধ', 'শংকৰদেৱৰ জন্মযাত্ৰা' (কেশৰ কায়স্থ), 'সম্বৰাসুৰ বধ' (ভৱদেৱ বিপ্ৰ), 'হৰিশ্চন্দ্ৰ উপাখ্যান' (পদ্মকান্ত), 'অভিমন্যু বধ' (লক্ষ্মীকান্ত), আদি।


২৫/ কিমান চনত ইয়াণ্ডাবু সন্ধিৰ অসম ইংৰাজ অধীনলৈ আহিছিল?

উত্তৰঃ ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ অসম ইংৰাজ অধীনলৈ আহিছিল।


২৬/ হেমচন্দ্ৰ বৰুৱাই কিমান চনত 'কানীয়া কীৰ্তন' ৰচনা কৰিছিল?

উত্তৰঃ হেমচন্দ্ৰ বৰুৱাই ১৮৬১ চনত 'কানীয়া কীৰ্তন' ৰচনা কৰিছিল।


২৭/ বঙাল - বঙালনী কোনে আৰু কিমান চনত ৰচনা কৰিছিল?

উত্তৰঃ ৰুদ্ৰৰাম বৰদলৈয়ে ১৮৭১ চনত বঙাল - বঙালনী ৰচনা কৰিছিল।


২৮/ ৰমাকান্ত চৌধুৰীয়ে ৰচনা কৰা নাট দুখনৰ নাম কি?

উত্তৰঃ ৰমাকান্ত চৌধুৰীয়ে ৰচনা কৰা নাট দুখনৰ নাম হল - 'সীতাহৰণ' আৰু 'ৰাৱণবধ'।


২৯/ প্ৰথম অসমীয়া পৌৰাণিক নাটক খনৰ নাম কি?

উত্তৰঃ প্ৰথম অসমীয়া পৌৰাণিক নাটক খনৰ নাম হল - সীতাহৰণ।


৩০/ 'হৰিশ্চন্দ্ৰ' আৰু 'হৰধনু ভংগ' কোনে আৰু কিমান চনত ৰচনা কৰিছিল?

উত্তৰঃ ১৮৯৩ চনত পূৰ্ণকান্ত শৰ্মাই 'হৰিশ্চন্দ্ৰ' আৰু 'হৰধনু ভংগ' ৰচনা কৰিছিল।


৩১/ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা নাটক খনৰ নাম কি?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা নাটকখনৰ নাম হল - লিতিকাই (১৮৯০)।


৩২/ 'গাঁওবুঢ়া' নাটকখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ  'গাঁওবুঢ়া' নাটকখন পদ্মনাথ গোহাঞি বৰুৱাই ১৮৯৯ চনত ৰচনা কৰিছিল।


৩৩/ পৌৰাণিক নাটক কি?

উত্তৰঃ ৰামায়ণ, মহাভাৰত, পুৰাণ - উপপুৰাণ আদি প্ৰাচীন গ্ৰন্থৰ বিভিন্ন আখ্য়ান বা কাহিনীৰ আধাৰত ৰচিত নাটকবোৰেই হল পৌৰাণিক নাটক। মহাপুৰুষ শংকৰদেৱৰ নাটকেইখনকো পৌৰাণিক নাট বুলি কব পাৰি।


৩৪/ চন্দ্ৰধৰ বৰুৱাই ৰচনা কৰা দুখন পৌৰাণিক নাটকৰ নাম লিখা?

উত্তৰঃ চন্দ্ৰধৰ বৰুৱাই ৰচনা কৰা দুখন পৌৰাণিক নাটকৰ নাম হল - 'তিলোত্তমা সম্ভৱ' (১৯২৬) আৰু 'ৰাজৰ্ষি' (১৯৩৭)।


৩৫/ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা নাটকখনৰ নাম কি?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা নাটকখনৰ নাম হল - শোণিত কুঁৱৰী (১৯২৫)।


৩৬/ 'বাণ ৰজা' কোনে ৰচনা কৰিছিল?

উত্তৰঃ  'বাণ ৰজা' পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰিছিল।


৩৭/ অতুল চন্দ্ৰ হাজৰিকাই ৰচনা কৰা নাটকসমূহৰ নাম কি কি?

উত্তৰঃ  অতুল চন্দ্ৰ হাজৰিকাই ৰচনা কৰা নাটকসমূহৰ নাম হল - 'নৰকাসুৰ', 'নন্দদুলাল', 'বেউলা', 'কুৰুক্ষেত্ৰ', 'ৰামচন্দ্ৰ', 'ৰুক্মিণীহৰণ', 'চম্পাৱতী', 'শকুন্তলা', আদি।


৩৮/ দৈৱচন্দ্ৰ তালুকদাৰ ঐতিহাসিক নাটক কেইখনৰ নাম কি কি?

উত্তৰঃ দৈৱচন্দ্ৰ তালুকদাৰ ঐতিহাসিক নাটক কেইখনৰ নাম হল - 'বামুণী কোঁৱৰ', 'হৰদত্ত', 'ভাস্কৰবৰ্মা', আৰু 'ৰাধা - ৰুক্মিণীৰ ৰণ' আদি।


৩৯/ দৈৱচন্দ্ৰ তালুকদাৰ শ্ৰেষ্ঠ নাটকখনৰ নাম কি?

উত্তৰঃ দৈৱচন্দ্ৰ তালুকদাৰ শ্ৰেষ্ঠ নাটকখনৰ নাম হল - বামুণী কোঁৱৰ।


৪০/ 'শৰাইঘাট' নাটকখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ বিনন্দ চন্দ্ৰ বৰুৱাই লাচিত বৰফুকনৰ বীৰত্ব আৰু ত্যাগৰ মহানতাৰ আধাৰত  'শৰাইঘাট' (১৯৩৭) নাটকখন ৰচনা কৰিছে।


৪১/ অতুল চন্দ্ৰ হাজৰিকাই ৰচনা কৰা ঐতিহাসিক নাটক কেইখনৰ নাম কি ?

উত্তৰঃ অতুল চন্দ্ৰ হাজৰিকাই ৰচনা কৰা ঐতিহাসিক নাটক কেইখনৰ নাম হল - 'কনৌজ কুঁৱৰী', 'ছত্ৰপতি শিবাজী', 'টিকেন্দ্ৰজিৎ', 'পাণিপথ', আদি।


৪২/ গুণাভিৰাম বৰুৱাই ৰচনা কৰা প্ৰথম নাটকখনৰ নাম কি আছিল?

উত্তৰঃ গুণাভিৰাম বৰুৱাই ৰচনা কৰা প্ৰথম নাটকখনৰ নাম আছিল - 'ৰাম - নৱমী'।


৪৩/ 'কাৰেঙৰ লিগিৰী' নামৰ নাটকখন কোনে আৰু কিমান চনত ৰচনা কৰা হৈছিল?

উত্তৰঃ 'কাৰেঙৰ লিগিৰী' নামৰ নাটকখন জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯২৫ চনত ৰচনা কৰা হৈছিল।


৪৪/ লক্ষ্মীকান্ত দত্তই ৰচনা কৰা সামাজিক নাটখনৰ নাম কি?

উত্তৰঃ লক্ষ্মীকান্ত দত্তই ৰচনা কৰা সামাজিক নাটখনৰ নাম হল - 'সংসাৰ চিত্ৰ'।


৪৫/ লোকনাট্য কি?

উত্তৰঃ লোকনাট্য হল উত্তৰ প্ৰদেশৰ 'ৰামলীলা' আৰু 'ৰাসলীলা', দুয়োবিধক একেলগে 'লীলানাট' বুলিও অভিহিত কৰা হয়। উত্তৰ ভাৰতত প্ৰচলিত এনে এবিধ জনপ্ৰিয় নাটক 'নৌটংকী'। হাৰিয়ানা আৰু পঞ্জাৱত প্ৰচলিত 'চোৰাং', ৰাজস্থানত 'খেয়াল', 'ভীলগৌৰী' আদি । বিহাৰত প্ৰচলিত 'চেৰাইকিল্লাৰ ছাউ' এবিধ জাকজমকপূৰ্ণ লোকনাট্য। 


৪৬/ অংকীয়া নাটৰ মূল উদ্দেশ্য কি আছিল?

উত্তৰঃ জনসাধাৰণৰ মন নৱবৈষৱ ধৰ্মৰ প্ৰতি আকৃষ্ট কৰাই অংকীয়া নাটৰ মূল উদ্দেশ্য আছিল।


৪৭/ অসমীয়া সাহিত্যৰ জন্মদাতা কোন?

উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেই হল অসমীয়া সাহিত্য় জন্মদাতা।


৪৮/ জন্মু আৰু কাশ্মীৰ অঞ্চলৰ  জনপ্ৰিয় লোকনাট্যসমূহ কি কি?

উত্তৰঃ জন্মু আৰু কাশ্মীৰ অঞ্চলৰ জনপ্ৰিয় লোকনাট্যসমূহ হল - 'ভাও - জাচনা', গুজৰাটৰ 'ভাৱাই' আৰু মহাৰাষ্ট্ৰৰ 'তামাচা'।


৪৯/ কৰ্ণাটকৰ প্ৰসিদ্ধ লোকনাট্যখনৰ নাম কি?

উত্তৰঃ কৰ্ণাটকৰ প্ৰসিদ্ধ লোকনাট্যখনৰ হল - 'যক্ষগান'।


৫০/ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা অংকীয়া নাটসমূহ কি কি?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা অংকীয়া নাটসমূহ হল - ওজাপালি - নৃত্য, পুতলা নাচ, ঢুলীয়াৰ - ভাও, দেওধনী নৃত্য, অনা - অসমীয়া কথাকলি নৃত্য, যক্ষগান, বিদ্যাপতিৰ নাট আদি।


৫১/ নান্দী কাক বোলে?

উত্তৰঃ সংস্কৃত নাটকৰ অভিনয় আৰম্ভ কৰাৰ আগত দেৱ, দ্বিজ, ৰজা আদিৰ প্ৰশংসাসূচক শ্লোক কেইফাকিমান গোৱা হয়, ইয়াক নান্দী বোলা হয়।


৫২/ শ্লোক কি?

উত্তৰঃ সংস্কৃত  নাটকত এটি গুৰুত্বপূৰ্ণ তথা অত্যাৱস্যকীয় উপাদান হল 'শ্লোক'। ইয়াৰ জৰিয়তে নাটকৰ বিষয়বস্তৰ আভাস দিবলৈ যত্ন কৰা হয়। সংস্কৃত নাটকৰ দৰে অংকীয়া নাটতো শ্লোকৰ প্ৰয়োগ কৰা হয়।


৫৩/ প্ৰৰোচনা কাক বোলে?

উত্তৰঃ সংস্কৃত নাটকত সূত্ৰধাৰজনে নট - নটীৰে সৈতে কৰা আলাপৰ জৰিয়তে দৰ্শকৰ আগত নাট্যবস্তৰ সামান্য আভাস দাঙি ধৰে। তাৰোপৰি নাটকখনৰ প্ৰশংসা কৰি অভিনয়ৰ প্ৰতি দৰ্শকক আকৰ্ষিত কৰি তোলে। ইয়াকেই প্ৰৰোচনা বুলি কোৱা হয়।


৫৪/ সংস্কৃত নাটকৰ পঞ্চ সন্ধিসমূহ কি কি?

উত্তৰঃ সংস্কৃত নাটকৰ পঞ্চ সন্ধিসমূহ হল - (ক) মুখ, (খ) প্ৰতিমুখ, (গ) গৰ্ভ, (ঘ) অৱমৰ্শ আৰু (ঙ) নিৰ্বহণ বা উপসংহাৰ।


৫৫/ সংস্কৃত নাটকৰ অৱস্থাসমূহ কি কি?

উত্তৰঃ সংস্কৃত নাটকৰ অৱস্থাসমূহ হল - (ক) আৰম্ভ, (খ) প্ৰত্ন, (গ) প্ৰাপ্ত্যাশা, (ঘ) নিয়তাপ্তি আৰু (ঙ) ফাগম।


৫৬/ অংকীয়া নাটৰ বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা?

উত্তৰঃ অংকীয়া নাটৰ বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা হল -

সূত্ৰধাৰঃ সংস্কৃত ৰূপকৰ আৰ্হিত মহাপুৰুষজনে অংকীয়া নাটৰ কেন্দ্ৰবিন্দু যেন সূত্ৰধাৰ চৰিত্ৰটো গঢ়ি তুলিছে যদিও দুয়োবিধ নাটকৰ সূত্ৰধাৰৰ মাজত যথেষ্ট পাৰ্থক্যও আছে। সংস্কৃত নাটকতকৈ অংকীয়া নাটত সূত্ৰধাৰৰ প্ৰাধান্য অতিশয় গুৰুত্বপূৰ্ণ। সংস্কৃত নাটকৰ সূত্ৰধাৰজনৰ কাৰ্য নান্দীপাঠ আৰু প্ৰস্তাৱনাতেই শেষ হয়। অংকীয়া নাটৰ সূত্ৰধাৰে আৰম্ভণিৰ পৰা সমাপ্তিলৈকে মঞ্চত উপস্থিত থাকি সম্পূৰ্ণ নাটখন পৰিচালনা কৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হল মঞ্চত অভিনয় কৰি দেখুৱাব নোৱাৰা ঘটনাসমূহ সূত্ৰধাৰজনে ব্যাখ্যা কৰি দৰ্শকক নাট্যবস্ত বুজাত সহায় কৰে। সেয়েহে অংকীয়া নাটৰ সূত্ৰধাৰজনক আমি একাধাৰে নাট পৰিচালক, মঞ্চ পৰিচালক আৰু প্ৰণিধানযোগ্য অভিনেতা বুলিও কব পাৰি।

ব্ৰজাৱলী ভাষাঃ সংস্কৃত আৰু সাহিত্যিক প্ৰাকৃত ভাষাবোৰেই হল সংস্কৃত নাটকৰ চৰিত্ৰৰ মুখৰ ভাষা। সংস্কৃত নাটকত সংলাপৰ ভাষাৰ তাৰতম্য ঘটে চৰিত্ৰৰ মৰ্যাদা আৰু বিশিষ্টতা অনুসৰি। সংস্কৃত নাটকৰ পণ্ডিত, ৰজা - মহাৰজা আদি উচ্চ শ্ৰেণীৰ চৰিত্ৰৰ মুখত সংস্কৃত ভাষা আৰু নট - নটী, বিদূষক, দাস - দাসী আদি নিম্ন স্তৰৰ চৰিত্ৰৰ মুখত বিভিন্ন প্ৰাকৃত ভাষা দিয়া হয়। অংকীয়া নাটৰ সকলোবোৰ চৰিত্ৰৰ সংলাপৰ ভাষা একেটাই, সেয়া হল ব্ৰজাৱলী।

গীতৰ প্ৰাচুৰ্যঃ সংস্কৃত নাটকতো গীতৰ প্ৰয়োগ দেখা যায় যদিও সি গীতদৰ্মী নহয়, কিন্ত অংকীয়া নাটৰ গীত সম্পূৰ্ণৰূপে গীতিধৰ্মী। গীতৰ জৰিয়তে ইয়াৰ কাহিনীক পৰিণতিৰ ফালে আগবঢ়াই লৈ যোৱা হয়। অংকীয়া নাটত সংলাপৰ স্থান গৌণ হোৱাৰ বাবে সংলাপ আৰু কথা - সূত্ৰখিনি বাদ দিলেও কেৱল গীত আৰু পয়াৰৰ জৰিয়তেই নাট্যবস্তৰ উমান পাব পাৰি। অংকীয়া নাটসমূহত শংকৰদেৱে তিনি প্ৰকাৰৰ গীত ব্যৱহাৰ কৰা হৈছে - (১) ভক্তি প্ৰধান গুৰু - গম্ভীৰ ভটিমা, (২) নাট্য কাহিনীৰ অংগীভূত ৰাগ - তালযুক্ত অনুভূতিশীল গীত আৰু (৩) বৰ্ণনাত্মক পয়াৰ।

ঝুমুৰাঃ অংকীয়া নাটৰ দৰে মাধৱদেৱ বিৰচিত ঝুমুৰাও এক শ্ৰেণীৰ নাট। মাধৱদেৱৰ 'অৰ্জুন ভঞ্জন'ক পূৰ্ণাংগ নাট আৰু 'চোৰধৰা', 'পিম্পৰা গুচোৱা', 'ভোজন বিহাৰ' আৰু 'ভূমি লেটোয়া'ক ঝুমুৰা আখ্যা দিয়া হৈছে। মাধৱদেৱৰ ঝুমুৰৰ লগত চাওতালী'ঝুমুৰ নৃত্য', প্ৰাচীন অসমীয়াত ব্য়ৱহিত 'ঝুমুৰী ছন্দ', উত্তৰ ভাৰতত প্ৰচলিত 'ঝুমুৰ গীত' আৰু 'সংগীত দামোদৰ' আদি। 


৫৭/ এবচাৰ্ড নাটক কি?

উত্তৰঃ প্ৰচলিত নাটকৰ সংগতি, সামঞ্জস্য আৰু অৰ্থময়তাৰ বিৰুদ্ধ প্ৰতিবাদ জনোৱাৰ পৰিণতিস্বৰূপে জন্ম হোৱা আন এবিধ নাটকক 'এবছাৰ্ড অথবা উদ্ভট নাটক বুলি কোৱা হয়''।


৫৮/ বসন্ত শইকীয়াই ৰচনা কৰা এবচাৰ্ড নাটক কেইখনৰ নাম কি কি?

উত্তৰঃ বসন্ত শইকীয়াই ৰচনা কৰা এবচাৰ্ড নাটক কেইখনৰ নাম হল - 'মৃগতৃঞ্চা' (১৯৭২), 'মানুহ' (১৯৭৭), 'অসুৰ' (১৯৭৭) আদি এবচাৰ্ড নাটক ৰচনা কৰে।


৫৯/ 'কুকুৰীকণাৰ আঠমঙ্গলা', নাটখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ  'কুকুৰীকণাৰ আঠমঙ্গলা', নাটখন মিত্ৰদেৱ মহন্তই ৰচনা কৰিছিল।


৬০/ 'এজন ৰজা আছিল' নাটকখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ 'এজন ৰজা আছিল' নাটকখন অখিল চক্ৰৱৰ্তীৱে ৰচনা কৰিছিল।


৬১/ পৰমানন্দ ৰাজবংশীয়ে ৰচনা কৰা নাটক কেইখনৰ নাম কি কি?

উত্তৰঃ পৰমানন্দ ৰাজবংশীয়ে ৰচনা কৰা নাটক কেইখনৰ নাম হল - 'নাঙল', 'মাটি আৰু মানুহ', 'চক্ৰবেহু' আদি।


৬২/ প্ৰাচীন ভাৰতত প্ৰচলিত হোৱা ৰংগমঞ্চসমূহ নাম উল্লেখ কৰা?

উত্তৰঃ প্ৰাচীন ভাৰতত প্ৰচলিত তিনি ধৰণৰ ৰংগমঞ্চ হল - বিকৃষ্ট বা আয়ত, ত্ৰিয়শ্ৰ বা তিনিকোণীয়া আৰু চতুৰশ্ৰ বা চাৰিকোণীয়া। এই তিনি ধৰণৰ মঞ্চক আকৌ ডাঙৰ, মধ্যম আৰু সৰু হিচাপে বিভক্ত কৰা হৈছে।


৬৩/  কিমান চনত বঙালী ভাষা প্ৰৱৰ্তন হৈছিল?

উত্তৰঃ ১৮৩৬ চনত বঙালী ভাষা প্ৰৱৰ্তন হৈছিল।


৬৪/ দৃশ্যসজ্জা আৰু মঞ্চসজ্জা মানে কি?

উত্তৰঃ দৰ্শকে নাটক উপভোগ কৰে মঞ্চত। এই ক্ষেত্ৰত নাটক এখনৰ ঘটনাটো বিভিন্ন দৃশ্যৰ মাজেদি মঞ্চত দৰ্শকৰ আগত তুলি ধৰা হয়। যিখন নাটকে দৰ্শকক অধিক পৰিমাণে আকৰ্ষণ কৰিব পাৰে তাকেই সাৰ্থক নাটক বুলি বিবেচনা কৰা হয়। সকলো সময়তে মঞ্চৰ দৃশ্যপট, সাজ - সজ্জা, আলোকসম্পাত আদিয়ে দৰ্শকক বিমুগ্ধ কৰি ৰখাত যথেষ্ট সহায় কৰে। আধুনিক অসমীয়া নাটকত মঞ্চসজ্জা আৰু দৃশ্যসজ্জাৰ মাজত বহুতো পৰিৱৰ্তন আছে। ইয়াৰ এটি উল্লেখযোগ্য দিশ হল পোহৰৰ ব্যৱস্থা। মঞ্চৰ পোহৰ নিয়ন্ত্ৰণৰ ওপৰতো নাটক এখনৰ সফলতা - বিফলতা নিৰ্ভৰ কৰে। আগৰ দিনত বিজুলী বাতি নথকাৰ বাবে মম, ডে-লাইট, মেন্থল লাইট আৰু কেৰাচিনৰ ওলমাই ৰখা লেম আদিৰ জৰিয়তে পোহৰৰ ব্যৱস্থা কৰা হৈছিল বাবে ইয়াৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা অত্যন্ত সীমিত আছিল। নাটক এখন ৰসঘন কৰি তোলাৰ ক্ষেত্ৰত মঞ্চসজ্জা, দৃশ্য় পৰিকল্পনা, সাজ - সজ্জা আৰু শব্দ নিয়ন্ত্ৰণ, ৰূপ - সজ্জা আদিয়ে যথেষ্ট প্ৰভাৱ পেলায়।


৬৫/ প্ৰাচীন নাটকসমূহত অভিনয়ক প্ৰধানকৈ কেইটা ভাগত বিভক্ত কৰিব পাৰি?

উত্তৰঃ প্ৰাচীন নাটকসমূহত অভিনয়ক প্ৰধানকৈ চাৰিটা ভাগত বিভক্ত কৰা হৈছিল - আংগিক, বাচিক, আহাৰ্য আৰু সাত্ত্বিক। ইয়াৰে আংগিক হল শৰীৰৰ অংগ - প্ৰত্যংগ সহায়েৰে কৰা অভিনয়ক, বাচিক হল অভিনেতাই বচনেৰে কৰা অভিনয়ক, আহাৰ্য হল বেশ - ভূষা আদিৰ সহায় লৈ কৰা অভিনয়ক আৰু সাত্ত্বিক হল বিভিন্ন উপায়েৰে মনৰ আৱেগ প্ৰকাশ কৰি কৰা অভিনয়।


৬৬/ পূৰ্বৰংগ কাক বোলে?

উত্তৰঃ নাটক এখনৰ অভিনয় আৰম্ভ কৰাৰ প্ৰকমুহুৰ্তত গীত - বাদ্যৰে কৰা মাংগলিক অনুষ্ঠানক পূৰ্বৰংগ বোলা হয় আৰু সৰ্বমুঠ বাইশবিধ ক্ৰিয়াকলাপ ইয়াৰ অন্তৰ্গত আছিল।


৬৭/ নাটক ৰচনাৰ স্বৰূপ কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ নাটক ৰচনাৰ স্বৰূপ দুই প্ৰকাৰৰ। যেনে - মঞ্চৰূপ আৰু নাট্য সাহিত্য ৰূপ।


৬৮/ নাটকৰ কেইটামান সংজ্ঞা দিয়া?

উত্তৰঃ নাটকৰ কেইটামান সংজ্ঞা হল - 'এৰিষ্টট'লৰ' মতে, নাটক হল বাস্তৱৰ অনুকৰণ। 'চিচেৰোৰ' মতে, নাটক হল জীৱনৰ নকল, সামাজিক ৰীতি - নীতিৰ দৰ্পণ, সত্যৰ প্ৰতিফলন। 'হেলেলিনৰ' মতে, নাটকে বাস্তৱক হুবহু অনুকৰণ নকৰি বাস্তৱত যি থকা বা হোৱা উচিত তাকেহে মঞ্চত উপস্থাপন কৰিব লাগে।


৬৯/ মিত্ৰদেৱ মহন্ত ৰচিত পৌৰাণিক নাটক কেইখনৰ নাম কি কি?

উত্তৰঃ মিত্ৰদেৱ মহন্ত ৰচিত পৌৰাণিক নাটক কেইখনৰ নাম হল - 'বৈদেহী বিচ্ছেদ' (১৯৫০), 'প্ৰচ্ছন্ন পাণ্ডৱ' (১৯৫৬), আৰু 'বলিছলন' (১৯৫৩)।


৭০/ আনন্দ চন্দ্ৰ বৰুৱাই ৰচনা কৰা পৌৰাণিক নাটক দুখনৰ নাম কি?

উত্তৰঃ আনন্দ চন্দ্ৰ বৰুৱাই ৰচনা কৰা পৌৰাণিক নাটক দুখনৰ নাম হল - 'বিসৰ্জন' আৰু 'নল - দময়ন্তী আদি।


৭১/ 'নল - দময়ন্তী' নাটকখন কিমান চনত ৰচনা কৰা হৈছিল?

উত্তৰঃ 'নল - দময়ন্তী' নাটকখন ১৯৪৫ চনত ৰচনা কৰা হৈছিল।


 Type - Boby Bora 



Post ID : DABP003521