ভ্ৰমণ সাহিত্য়
দ্বিতীয় খণ্ড
১) ভাৰত-ভ্ৰমণ-কাহিনীক কেই শ্ৰেণীত ভগাব পাৰি?
উত্তৰঃ দুই শ্ৰেণীত ভগাব পাৰি।
২) ধৰ্মদত্ত শৰ্মাৰ দখিণাৱৰীত কিহৰ বিষয়ে বৰ্ণিত হৈছে?
উত্তৰঃ দক্ষিণ ভাৰতৰ বিভিন্ন স্থানৰ কথা শুৱলা ভাষাত বৰ্ণিত হৈছে।
৩) পূৰ্বাঞ্চল চফৰ পুথিখনিৰ অনুবাদক কোন?
উত্তৰঃ অণিমা গুহই।
৪) বেছিভাগ অসমীয়া ভ্ৰমণ কাহিনী কিহেৰে ভৰপুৰ?
উত্তৰঃ বৰ্ণনাৰে ভৰপুৰ।
৫) নুৰুল হুদাই 'পৱিত্ৰ হজকথা'ত কিহৰ চমু বিৱৰণ দিছে?
উত্তৰঃ হজযাত্ৰাৰ চমু বিৱৰণ দিছে।
৬) ভাৰত ভ্ৰমণ কাহিনীৰ দুই শ্ৰেণীৰ নাম লিখা।
উত্তৰঃ তীৰ্থস্থান সম্পৰ্কীয় আৰু অন্য়ান্য় বিষয়ক।
৭) প্ৰকাশিত আৰু প্ৰাপ্ত ভ্ৰমণ-কাহিনীসমূহ আলোচনাৰ সুবিধাৰ্থে কেই ভাগত ভগোৱা হয়?
উত্তৰঃ দুই ভাগত ভগোৱা হয়।
৮) ভাৰতৰ উত্তৰ-পূব চুকত অৱস্থিত ৰাজ্য় অৰুণাচলৰ বিষয়ে কেইখন আকৰ্ষণীয় ভ্ৰমণ-কাহিনী পোৱা যায়?
উত্তৰঃ তিনিখন।
৯) আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়ে ওলোৱা ভ্ৰমণ-কাহিনীবোৰৰ ভিতৰৰ প্ৰথম ভ্ৰমণ-কাহিনীখনৰ নাম কি?
উত্তৰঃ সাগৰ দেখিছা।
১০) পূৰ্বাঞ্চল চফৰ পুথিখনত কিহৰ বিষয়ে আছে?
উত্তৰঃ তেজপুৰত বহা অসম সাহিত্য় সভা, গুৱাহাটী, নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা আদিৰ ভ্ৰমণ-বৃত্তান্ত আছে।
১১) অসমীয়া ভাষাত এতিয়ালৈকে কোনে বেছি সংখ্য়ক ভ্ৰমণ-কাহিনী লিখিছে?
উত্তৰঃ হেম বৰুৱাই।
১২) কৃষ্ণগোপাল ভট্টাচাৰ্যৰ 'লণ্ডনৰ চিঠি' ভ্ৰমণ কাহিনীখনত কিহৰ চিত্ৰ প্ৰকাশ পাইছে?প্ৰফুল্লদত্ত গোস্বামীৰ এখন উপাদেয় ভ্ৰমণ কাহিনীৰ নাম লিখা।
উত্তৰঃ পৃথিৱীৰ চৌপাশে এপাক।
১৩) হেমলতা বৰাৰ আকৰ্ষণীয় ভ্ৰমণ-কাহিনী এখনৰ নাম লিখা।
উত্তৰঃ সেউজীয়া পাহাৰৰ মাজে মাজে।
১৪) মাৰাঠী ভাষাৰ পৰা অসমীয়ালৈ অনূদিত এখন ভ্ৰমণ-কাহিনীৰ নাম লিখা।
উত্তৰঃ পূৰ্বাঞ্চল চফৰ।
১৫) ধৰ্মদত্ত শৰ্মাই 'ডেনমাৰ্ক' গ্ৰন্থত কিহৰ বিষয়ে বিৱৰণ দিছে?
উত্তৰঃ ডেনমাৰ্ক দেশৰ বিৱৰণ দিছে।
১৬) আদাম আলীৰ 'মোৰ হজযাত্ৰা'ত কিহৰ বিৱৰণ আছে?
উত্তৰঃ হজৰ নিয়মাৱলী আৰু মানৱীয় আশা-নিৰাশাৰ বিৱৰণ আছে।
১৭) ঘনশ্য়াম তালুকদাৰে 'গ্ৰেটবৃটেইনৰ কথা'ত কিহৰ বিষয়ে আলোচনা কৰিছে?
উত্তৰঃ গ্ৰেটবৃটেইনৰ গাওঁ, সংবিধান, ৰাজনৈতিক, দল, শিক্ষা, পুলিচ, যান-বাহন, শিল্প আদিৰ বিষয়ে আলোচনা কৰিছে।
১৮) হেম বৰুৱাই 'সাগৰ দেখিছা' ভ্ৰমণ-কাহিনীত কিহৰ বিষয়ে বৰ্ণনা কৰিছে?
উত্তৰঃ আমেৰিকাৰ ৰাজনীতি, শিক্ষা, সমাজ, সংস্কৃতিৰ আদিৰ কথা বৰ প্ৰাঞ্জল ভাষাত বৰ্ণনা কৰিছে।
১৯) তিনিজন ভ্ৰমণ-কাহিনীৰ লিখকৰ নাম লিখা।
উত্তৰঃ ৰাজবালা দাস, বিনোদ গোস্বামী, দিলীপ দত্ত।
২০) স্বৰাজোত্তৰ কালত প্ৰফুল্লদত্ত গোস্বামীয়ে 'বিলাতত সাহ মাহ' গ্ৰন্থত কিহৰ বিষয়ে বিৱৰণ দিছে?
উত্তৰঃ ইংলেণ্ডৰ শিক্ষা, কলা-কৃ্ষ্টি আদিৰ থূলমূল বিৱৰণ দিছে।
Author: Chinmay Kakati
Post Id: DABP003231