দ্বিতীয় অধ্য়ায় 

দৈহিক আৰু মানসিক বিকাশ 

(Physical and Mental Development)

প্ৰশ্নাৱলী 

(১) অতি চমু প্ৰশ্ন (Very Short Question)

(i) মধ্য় শৰীৰ কি ?

What is trunk ?

উত্তৰঃ মধ্য় শৰীৰ হ'ল ১৪ বছৰৰ পৰা ১৬/১৭ বছৰ বয়সৰ ভিতৰত বুকুৰ বিকাশ অধিক দ্ৰুতগতিত হোৱা ।

(ii) পুনৰ পৰীক্ষণ কি ?

What is retest ?

উত্তৰঃ পুনৰ পৰীক্ষণ হ'ল কিশোৰ-কিশোৰীৰ হাত-ভৰি আৰু অন্য়ান্য় অংশবোৰ প্ৰতিবছৰে পৰিমান কৰা হয় আৰু সাধাৰণ আৰু অসাধাৰণ বৃদ্ধিৰ হাৰ নিৰ্ণয়ৰ বাবে ফলাফলৰ তুলনা কৰা হয় ।

(iii) আব্ৰাহাম মেচ্লোৰ তত্বটোৰ নাম কি ?

What is the name of the theory of Abraham Maslow ?

উত্তৰঃ আব্ৰাহাম মেচ্লোৰ তত্বটোৰ নাম হ'ল পৰ্যায়ক্ৰম স্থিতি তত্ব ( Hierarchical Theory of Needs) ।

(iv) বিমূৰ্ত চিন্তন কোনটোৰ স্তৰৰ মানসিক বৈশিষ্ট্য় ?

In which stage, abstract thinking is a characteristic ?

উত্তৰঃ বিমূৰ্ত চিন্তন কৈশোৰ স্তৰৰ মানসিক বৈশিষ্ট্য় ।

(v) কৈশোৰ কালৰ এটা দৈহিক বৈশিষ্ট্য় উল্লেখ কৰা ।

Mention one physical characteristics of adolescence stage ?

উত্তৰঃ কৈশোৰ কালৰ এটা দৈহিক বৈশিষ্ট্য় হ'ল যৌনাংগৰ বৃদ্ধি ।


(২) শুদ্ধ নে অশুদ্ধ লিখা (Write true or false)

(i) দৈহিক বিকাশ অধ্য়য়নৰ এক পদ্ধতি হ'ল নমুনাকৰণ ।

Sampling is a method of studying physical development.

উত্তৰঃ শুদ্ধ ।

(ii) কৈশোৰ কালত যৌন শিক্ষা প্ৰদান কৰিব লাগে ।

Sex education should be provided in adolescence stage.

উত্তৰঃ শুদ্ধ । 

(iii) বিমূৰ্ত চিন্তন ক্ষমতাই কৈশোৰ কালৰ বৌদ্ধিক বিকাশৰ কথাকে সূচায় । 

Power of abstract thinking indicates intellectual development of adolescence period. 

উত্তৰঃ অশুদ্ধ ।

(iv) অহমৰ বিকাশ কৈশোৰ কালৰ মানসিক বিকাশৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য় ।

Development of ego is an important characteristic of mental development .

উত্তৰঃ শুদ্ধ ।

(v) ভাষাৰ বিকাশ-মানসিক বিকাশৰ অন্তৰ্ভুক্ত ।

Language development is not included in mental development .

উত্তৰঃ শুদ্ধ । 

(৩) খালী ঠাই পূৰণ কৰা (Fill in the blanks)

(i) আগতীয়া কৈশোৰ কালৰ বিকাশ______ ।

Development of early adolescence is ______ .

উত্তৰঃ দ্ৰুত ।

(ii) মধ্য় শৰীৰৰ বিকাশ _____ কালত বেছিকৈ হয় ।

Development of trunk is more in _____ period. 

উত্তৰঃ কৈশোৰ ।

(iii) কিশোৰ-কিশোৰীয়ে আনৰ পৰা ______ আকাংক্ষা কৰে ।

Adolescents expects ______ from others .

উত্তৰঃ প্ৰশংসা ।

(iv) কিশোৰ-কিশোৰীয়ে ______ আৰু ______ স্বপ্ন ভাল পায় । 

Adolescents love_____ and _____ dreaming.

উত্তৰঃ নিসংগপ্ৰিয়তা আৰু দিবাস্বপ্ন ।

(v) ______ বিকাশ কৈশোৰ কালত বেছিকৈ হয় । 

Development of ______ is more in adolescence period. 

উত্তৰঃ  

(৪) চমু উত্তৰ লিখা (Write short answers) :

(i) কৈশোৰ কালৰ দুটা আভ্য়ন্তৰীণ দৈহিক বৈশিষ্ট্য় উল্লেখ কৰা ।

Mention two internal physical characteristics of adolescence period . 

উত্তৰঃ কৈশোৰ কালৰ দুটা আভ্য়ন্তৰীণ দৈহিক বৈশিষ্ট্য় হ'ল (১) হাওঁ-ফাওঁ , (২) পাচক যন্ত্ৰ ।

(ii) কৈশোৰ কালৰ দুটা বাহ্য়িক দৈহিক বৈশিষ্ট্য় উল্লেখ কৰা ।

Mention two external physical characteristics of adolescence period. 

উত্তৰঃ কৈশোৰ কালৰ দুটা বাহ্য়িক বৈশিষ্ট্য় হ'ল (১) উচ্চতা, (২) ওজন ।

(iii) কৈশোৰৰ দৈহিক বিকাশ অধ্য়য়নৰ পদ্ধতিৰ বিষয়ে লিখা । 

Write about the method of studies physical development of adolescents.

উত্তৰঃ কৈশোৰৰ দৈহিক বিকাশ অধ্য়য়নৰ পদ্ধতিৰ বোৰ হ'ল-

(ক) পুনৰ পৰীক্ষণ ( Retest)ঃ এই পদ্ধতি অনুসৰি কিশোৰ-কিশোৰীৰ হাত-ভৰি আৰু অন্য়ান্য় অংশবোৰ প্ৰতিবছৰে পৰিমাণ কৰা হয় আৰু সাধাৰণ আৰু অসাধাৰণ বৃদ্ধিৰ হাৰ নিৰ্ণয়ৰ বাবে ফলাফলৰ তুলনা কৰা হয় । এইদৰে কিশোৰ-কিশোৰীৰ দৈহিক বৃদ্ধিৰ বিষয়ে অধ্য়য়ন কৰিব পৰা যায় । ই এক নিৰ্ভৰযোগ্য় পদ্ধতি ।

(খ) নমুনাকৰণ পদ্ধতি (Sampling Method)ঃ দৈহিক বৃদ্ধি অধ্য়য়নৰ আন এক পদ্ধতি হ'ল নমুনাকৰণ পদ্ধতি । এই পদ্ধতিত বিভিন্ন বয়স দলৰ কিশোৰ-কিশোৰীসকলৰ সাধাৰণ আৰু অসাধাৰণ বিকাশৰ হাৰ পৰিমাপ কৰা আৰু তুলনা কৰা হয় । এই পদ্ধতিত দৈহিক বিকাশৰ এক সাধাৰণ ধাৰণাহে প্ৰদান কৰা হয় ।

(iv) কৈশোৰ কালৰ দুটা মানসিক বৈশিষ্ট্য় উল্লেখ কৰা । 

Mention two mental characteristics of adolescence period. 

উত্তৰঃ কৈশোৰ কালৰ দুটা মানসিক বৈশিষ্ট্য় হ'ল-

(১) বিমূৰ্ত চিন্তন ক্ষমতা ।

(২) সমস্য়া সমাধান ক্ষমতা । 

(v) আব্ৰাহাম মেচ্লোৰ প্ৰয়োজন তত্বৰ ভাগকেইটা কি কি ?

What are the types of need theory of Abraham Maslow. 

উত্তৰঃ আব্ৰাহাম মেচ্লোৰ প্ৰয়োজন তত্বৰ ভাগকেইটা হ'ল- জৈৱিক প্ৰয়োজন, বিপদমুক্ত প্ৰয়োজন, ভালপোৱা আৰু সমাজত অৰ্ন্তভুক্তিৰ প্ৰয়োজন ।

(৫) চমু টোকা লিখা (Write short notes):

(i) আনুষ্ঠানিক কাৰ্যকৰীকৰণ স্তৰ

Formal operational stage 

উত্তৰঃ 

(ii) অহমৰ বিকাশ 

Ego Development 

উত্তৰঃ অহমৰ বিকাশঃ কৈশোৰ কালৰ মানসিক বিকাশৰ শুৰুত্বপূৰ্ণ বৈশিষ্ট্য় হ'ল অহমৰ বিকাশ সাধন । কিশোৰ-কিশোৰীৰ মাজত ই আকাংক্ষাৰ পৰ্যায়লৈ অগ্ৰসৰ হয় । বীৰৰ দৰে কাৰ্য কৰাৰ দক্ষতা আৰু সাহস সিহঁতৰ থাকে । তেওঁলোকৰ আচৰণো অতি আকৰ্ষণীয় । সেইবাবে শিক্ষক আৰু পিতৃ-মাতৃয়ে কিশোৰ-কিশোৰীৰ সক্ষমতাবোৰ সদৰ্থক দৃষ্টিভংগীৰে বিকশাই তুলিব লাগে ।

(iii) দুখদায়ক আৱেগৰ প্ৰভাৱ 

Impact of painful emotion

উত্তৰঃ দুখদায়ক আৱেগৰ প্ৰভাৱঃ দৈহিক পৰিৱৰ্তনৰ বাবে কিশোৰ-কিশোৰীসকলে আৱেগিক জীৱন চঞ্চল, অস্থিৰ আৰু অনিয়ন্ত্ৰিত বিধৰ হৈ উঠে । প্ৰথমবাৰৰ বাবে অনুভৱ কৰা বীৰ্যস্খলন আৰু ৰক্তস্ৰাৱৰ বাবে ল'ৰা-ছোৱালীৰ মনত ভয়, সংকোচ, লাজ, উদ্বিগ্নতা, উৎকণ্ঠা আদি অসুস্থ অনুভূতিয়ে আৱেগিক জীৱন ভাৰ সাম্য়হীন কৰি তোলে । কোনো কোনো আৱেগৰ পৰিস্থতিয়ে আকৌ ক্ৰোধ, বিৰক্তি, ইৰ্ষা, ঘৃণা আদি ভাবৰ সৃষ্টি কৰিব পাৰে । ভাৰসাম্য়হীন অস্বাভাৱিক পৰিস্থিতিৰৰ সৃষ্টি হোৱা দেখা যায় । 

(iv) কৈশোৰ কালৰ শিক্ষা 

Education of adolescence period 

উত্তৰঃ কৈশোৰ কালত ল'ৰা-ছোৱালীক যি শিক্ষা প্ৰদান কৰা হয় সেয়া হ'ল মাধ্য়মিক শিক্ষা । সাধাৰণতে ১২/১৩ বছৰৰ পৰা ১৭/১৮ বছৰৰ কালছোৱাত মাধ্য়মিক শিক্ষা প্ৰদান কৰা হয় । মাধ্য়মিক শিক্ষাৰ দ্বাৰা কিশোৰ-কিশোৰীসকলৰ প্ৰয়োজনবোৰ পূৰণ কৰাৰ চেষ্টা কৰা হয় । কৈশোৰ কালত প্ৰদান কৰা মাধ্য়মিক শিক্ষা দুই প্ৰকাৰৰ । সেয়া হ'ল- উচ্চ মাধ্য়মিক শিক্ষা আৰু উচ্চতৰ মাধ্য়মিক শিক্ষা । ব্য়ক্তিৰ জীৱনৰ এক অতি শুৰুত্বপূৰ্ণ স্তৰ হ'ল মাধ্য়মিক শিক্ষাৰ স্তৰ ।

            কিশোৰ-কিশোৰীৰ সৰ্বাত্মক বিকাশ সাধন কৰিবৰ বাবে শিক্ষা ব্য়ৱস্থাত গ্ৰহণ কৰিব লগা কেতবোৰ পদক্ষেপ হ'ল-

(১) পাঠ্য়ক্ৰমৰ সমৃদ্ধিকৰণ ।

(২) বৃত্তিমুখী শিক্ষাৰ প্ৰৱৰ্তন।

(৩) সহ-পাঠ্য়ক্ৰমিক কাৰ্যাৱলীৰ অন্তৰ্ভুক্তি ।

(৪) যৌন শিক্ষা ।

(৫) নিৰ্দেশনা আৰু পৰামৰ্শদান । 

(৬) আজৰি সময়ৰ বাবে শিক্ষা ।

(v) আভ্য়ন্তৰীণ দৈহিক বিকাশ 

Internal physical development 

উত্তৰঃ আভ্য়ন্তৰীণ দৈহিক বিকাশঃ (১) হৃৎপিণ্ড ( Heart): কৈশোৰ কালত হৃৎপিণ্ডৰ আকাৰ আৰু আকৃতি ব্য়াপকভাৱে বৃদ্ধি পায় । বাৰ বছৰ বয়সত হৃৎপিণ্ডৰ আকাৰ জন্মৰ সময়তকৈ সাতগুণ আৰু সোতৰ বা ওঠৰ বছৰ বয়সত বাৰগুণ বৃদ্ধি বয় । ১০ ৰ পৰা ১৩ বছৰ সময়ছোৱাত ল'ৰাতকৈ ছোৱালীৰ ৰক্তছাপ বৃদ্ধি হয় । ইয়াৰ পিছত ল'ৰাৰ ৰক্তছাপ লাহে লাহে বৃদ্ধি হৈ ১৬ বছৰ বয়সৰ পিছত ছোৱালীতকৈ আধিক বৃদ্ধি হয় ।

(২) হাওঁ-ফাওঁ (Lungs): কৈশোৰ কালৰ আৰম্ভণিৰ সময়ৰ পৰা হাওঁ-ফাওঁৰ বিকাশ দ্ৰুতগতিত হোৱা দেখা যায় । হাওঁ-ফাওঁৰ বিকাশ বুকুৰ বিকাশৰ লগত জড়িত হৈ থাকে আৰু এই দুয়োটাই একেলগে বিকাশ লাভ কৰে । শ্বাস-প্ৰশ্বাসৰ ক্ষমতাই এই কালত পৈণতা লাভ কৰে আৰু হাওঁ-ফাওঁৰ দক্ষতাও বৃদ্ধি হয় । কৈশোৰ কালৰ মাজৰ সময়ছোৱাত ছোৱালীৰ তুলনাত ল'ৰাৰ হাওঁ-ফাওঁৰ আকৃতি ডাঙৰ হয় । পৰৱৰ্তী সময়ত ছোৱালীৰ হাওঁ-ফাওঁৰ আকৃতিও ডাঙৰ হয় ।

(৩) পাচক যন্ত্ৰ (Digestive Organs): সকলো ধৰণৰ পাচক যন্ত্ৰই কৈশোৰ কালত যথোপযুক্তভাৱে বিকশিত হয় । পাচক যন্ত্ৰৰ বিকাশ হোৱা বাবে ইয়াৰ ক্ৰিয়া-ক্ষমতা বৃদ্ধি পায় আৰু ল'ৰা-ছোৱালীক এই স্তৰত অধিক খাদ্য়ৰ প্ৰয়োজন হয় । হাওঁ-ফাওঁৰ আকাৰ বৃদ্ধি হোৱা বাবে তেওঁলোকে অধিক পৰিমাণে খাদ্য় খাব পৰাও হয় । 

(৪) স্নায়ুতন্ত্ৰ (Nervous System): বাল্য়কালত মনৰ বিকাশ দ্ৰুতভাৱে হোৱা দেখা যায়। কৈশোৰ কালৰ আৰম্ভণিৰ লগে লগে ই চৰম স্তৰত উপনীত হয় আৰু ইয়াৰ লগত জড়িত সকলো স্নায়ুৰে বিকাশ হয় । এই সকলোবোৰ বিকাশৰ বাবে কৈশোৰ কালৰ মানসিক বিকাশ লেখতল'বলগীয়া। এইটো পৰ্যবেক্ষণ কৰা যায় যে কিশোৰ-কিশোৰীৰ মানসিক কৌতুহল কৈশোৰ কালত বৃদ্ধি হয় আৰু তেওঁলোকৰ চিন্তন আৰু যুক্তি শক্তিও বৃদ্ধি পায় । কৈশোৰ কালত ব্য়ক্তিৰ বিভিন্ন গ্ৰন্থি যেনে-সনালী গ্ৰন্থি, অনালী গ্ৰন্থি, গলগ্ৰন্থি, যৌনগ্ৰন্থি, পিটুইটাৰী গ্ৰন্থি আদি সক্ৰিয় হৈ উঠে ।

(৫) খাদ্য় (Foods): দেহৰ হাত আৰু ভৰিৰ বিকাশৰ বাবে কিশোৰ-কিশোৰীক পুষ্টিকৰ খাদ্য়ৰ অধিক প্ৰয়োজন হয় । কৈশোৰ কালত ল'ৰাৰ ভোকৰ পৰিমাণ বৃদ্ধি হয় । সাধাৰণতে এজন প্ৰাপ্তবয়স্ক ব্য়ক্তিৰ তুলনাৰ কিশোৰ-কিশোৰীয়ে দুগুণ খাদ্য় খায় । গৰ্ভৱতী মহিলাৰ দৰে কিশোৰ-কিশোৰীসকলেও বিভিন্ন প্ৰকাৰৰ খাদ্য় খাই ভাল পায় । 

(৬) উত্তৰ লিখা (Write answers) :

(i) কৈশোৰ কালৰ দৈহিক বিকাশৰ বৈশিষ্ট্য়বোৰ আলোচনা কৰা ।

Discuss about the characteristics of physical development of adolescence period.

উত্তৰঃ কৈশোৰ-কিশোৰীৰ দৈহিক বৃদ্ধি তেওঁলোকৰ আৱেগিক, মানসিক আৰু সামাজিক বিকাশৰ লগত সম্বন্ধযুক্ত । যদি দৈহিক বৃদ্ধি সন্তোষজনক নহয়, তেন্তে ই আনবোৰ বিকাশৰ দিশকো প্ৰভাৱিত কৰিব ।

            কৈশোৰ কালৰ দৈহিক বৃদ্ধিক দুই ভাগত আলোচনা কৰিব পাৰি । যেনে-(ক) বাহ্য়িক বৃদ্ধি (External Growth) আৰু (খ) আভ্য়ন্তৰীণ বৃদ্ধি (Internal Growth) । তলত এই দুই প্ৰকাৰৰ বৃদ্ধিৰ বিষয়ে আলোচনা কৰা হ'ল-

বাহ্য়িক বৃদ্ধি(External Growth): কৈশোৰ কালৰ বৃদ্ধিৰ বাহ্য়িক দিশবোৰ তলত আলোচনা কৰা হ'ল-

(১) উচ্চতা (Height): ব্য়ক্তি এজনৰ সমগ্ৰ জীৱনৰ পৰিক্ৰমাত কৈশোৰ কালতে উচ্চতা দ্ৰুতগতিত বৃদ্ধি হয় । লিংগভেদে ব্য়ক্তিৰ দৈহিক উচ্চতাৰ বৃদ্ধি ভিন ভিন হয় । আগতীয়া কৈশোৰকালত ল'ৰাৰ দৈহিক উচ্চতা বৃদ্ধি মন্থৰ গতিত হয় আৰু ছোৱালীৰ দ্ৰুত গতিত হয় । শেহতীয়া কৈশোৰকালত ল'ৰাৰ দৈহিক উচ্চতা বৃদ্ধি দ্ৰুতগতিত হয় আৰু ছোৱালীৰ মন্থৰ  হয় । ল'ৰাৰ দৈহিক উচ্চতা প্ৰায় ২০/২১ বছৰ বয়সত পূৰ্ণ হয় আৰু ছোৱালীৰ ১৭/১৮ বছৰ বয়সত পূৰ্ণ হয় ।

(২) ওজন (Weight): হাড় আৰু মাংসপেশীৰ বিকাশৰ লগে লগে কিশোৰ-কিশোৰীৰ ওজনো বৃদ্ধি হয় । বাল্য়কালত দেহৰ মেদবহুলতাৰ বাবে ল'ৰা-ছোৱালীৰ ওজন বৃদ্ধি হয় কিয়নো সেই সময়ত সিহঁতৰ হাড় আৰু মাংসপেশীৰ বিকাশ সম্পূৰ্ণ নহয় । প্ৰাক্-কৈশোৰকালৰ সময়ৰ পৰা হাড় আৰু মাংসপেশীৰ বিকাশ আৰম্ভ হয় আৰু মেদবহুলতা কমিবলৈ ধৰে । বাল্য়কালত ছোৱালীতকৈ ল'ৰাৰ ওজন অধিক হয়, কিন্তু ১০ ৰ পৰা ১৫বছৰৰ সময়ছোৱাত ল'ৰাতকৈ ছোৱালীৰ বয়স বৃদ্ধি হয় । ১৫ বছৰৰ পিছত আকৌ ছোৱালীতকৈ ল'ৰাৰ ওজন বৃদ্ধি হয় । 

(৩) মূৰ আৰু মুখ (Head and face): বিজ্ঞানীসকলে মতপোষণ কৰে যে তিনি বছৰ বয়সত প্ৰাপ্তবয়স্ক ব্য়ক্তিৰ তুলনাত শিশুৰ মূৰৰ আকৃতি ৮৬ শতাংশ হয় , ছয় বছৰৰ বয়সত ৯০ শতাংশ হয় আৰু চৈধ্য় বছৰ বয়সত ৯৪/৯৫ শতাংশ হয় । ১৫ বছৰৰ পিছত আকৌ ছোৱালীতকৈ ল'ৰাৰ ওজন বৃদ্ধি হয় ।

(৪) দেহৰ আকাৰ (Body proportion): কৈশোৰ কালত ব্য়ক্তিৰ দেহৰ আকাৰ দ্ৰুতগতিত পৰিৱৰ্তন হয় । ১৪ৰ পৰা ১৬/১৭ বছৰ বয়সত ব্য়ক্তিৰ বুকুৰ বিকাশ দ্ৰুতগতিত হয় । ইয়াৰ উপৰিও ভৰি আৰু বাহুৰ বিকাশো এই স্তৰত দ্ৰুতগতিত হয় । আকৌ পেশীসমূহৰ বৃদ্ধিয়ে ল'ৰা-ছোৱালীৰ দেহ গঠনৰ অনুপাতক ৰক্ষা কৰি দেহৰ ওপৰ অংশ আৰু নিম্ন অংশৰ মাজত ভাৰসাম্য় স্থাপন কৰে । ইয়াৰ উপৰিও কৈশোৰ কালত ল'ৰা-ছোৱালীৰ দৈহিক উত্তাপ বৃদ্ধি পায় । ছোৱালীৰ মুখ মসৃণ আৰু উজ্জ্বল হয় । ল'ৰাৰ মুখৰ ছাল ডাঠ হয়, মুখত দাড়ি-গোঁফ গজে, অন্য়ান্য় অংশত চুলি গজিবলৈ ধৰে আৰু মাত কৰ্কশ হয় ।

(৫) যৌনাংগৰ বৃদ্ধি (Growth of Sex Organs): কৈশোৰ কালৰ দৈহিক বৃদ্ধিৰ এক গুৰুত্বপূৰ্ণ দিশ হ'ল যৌনাংগৰ বৃদ্ধি । ছোৱালী ঋতুমতী হোৱা আৰু ল'ৰাৰ মুখত দাড়ি গজা আৰু মাত সলনি হোৱা আদিৰ পৰা যৌৱনাৰম্ভৰ কথা জানিব পাৰি । ল'ৰা-ছোৱালীয়ে এই সময়ছোৱাত প্ৰজনিক ক্ষমতা লাভ কৰে । ল'ৰাবোৰ বীৰ্যধাৰী হৈ উঠি শুক্ৰকীট ক্ষৰণ কৰে । ঋতুমতী হোৱা বাবে ছোৱালীৰ ডিম্বাণু কোষ গঠিত হয় । যৌন অংগবোৰে পূৰ্ণতা লাভ কৰিলেও যৌন-ক্ৰিয়াৰ বাবে প্ৰয়োজনীয় পৈণতা ল'ৰা-ছোৱালীয়ে এই স্তৰত লাভ কৰি উঠিব নোৱাৰে ।

(৬) আগতীয়া কৈশোৰ কালৰ দ্ৰুত বিকাশ (Fast Speed of Development in Early Adolescence): কৈশোৰ কালছোৱাত শৈশৱ কালৰ দৰে দৈহিক বিকাশ দ্ৰুততৰ হোৱা দেখিবলৈ পোৱা যায় । তেৰ বছৰ বয়সত ছোৱালীৰ উচ্চতা ল'ৰাতকৈ ১/৩ ইঞ্চি বৃদ্ধি হয় আৰু ১৫ বছৰ বয়স এই উচ্চতা সম পৰ্যায়ৰ হয় । ইয়াৰ পিছত ল'ৰাৰ উচ্চতা বৃদ্ধিৰ প্ৰৱণতা দ্ৰুত হয় । ১৮ বছৰ বয়সত ল'ৰাৰ উচ্চতা ছোৱালীতকৈ ২১/২ ৰ পৰা ৩ ইঞ্চি বৃদ্ধি হয় । 

(৭) মধ্য় শৰীৰ (Trunk): ১৪ বছৰৰ পৰা ১৬/১৭ বছৰ বয়সৰ ভিতৰত বুকুৰ বিকাশ অধিক দ্ৰুতগতিত হোৱা দেখা যায় ।কৈশোৰ কাল শেষ হোৱাৰ সময়লৈকে দেহৰ মধ্য়ভাগৰ আকাৰ বাল্য়কালৰ তুলনাত তিনিগুণ মান বৃদ্ধি হয় । কঁকাল অংশ কৈশোৰ কালত দেখা পোৱা হয় । এই সময়ছোৱাত ছোৱালীৰ তুলনাত ল'ৰাৰ বিকাশ এবছৰ মান আগতীয়া হয় । 

(৮) ভৰি আৰু বাহু (Legs and Arms): বাল্য় কালছোৱাত ভৰি আৰু বাহু সৰু হৈ থাকে কৈশোৰ কালত এইবোৰ চাৰিগুণে বৃদ্ধি পায় আৰু মধ্য় শৰীতকৈও দীঘলীয়া হয় । আগতীয়াকৈ পৰিপক্কতা লাভ কৰাবোৰৰ ভৰি শৰীৰ মধ্য় অংশতকৈ চুটি হয় । যিবোৰ পৰিপক্কতা পলমকৈ আহে সেইবোৰৰ ভৰিবোৰ মধ্য় শৰীৰৰ তুলনাত দীঘল হোৱা পৰিলক্ষিত হয় । কৈশোৰ কালত বাহুবোৰ লক্ষণীয়ভাৱে বৃদ্ধি হয় । আগতীয়া পৰিপক্কতা লাভ কৰা ব্য়ক্তিসকলৰ বাহুবোৰ অলপ চুটি বোৱা পৰিলক্ষিত হয় ।

(৯) হাঁড় (Bones): কৈশোৰ কালছোৱাত হাড়ৰ বিকাশ অধিক বেছি হোৱা পৰিলক্ষিত হয় । কিশোৰ-কিশোৰীৰ ভৰিৰ হাড় দুই ইঞ্চিলৈ বৃদ্ধি হয় । মুখৰ আকাৰ ডাঙৰ হয় যাৰ কাৰণ হ'ল হাঁডৰ বিকাশ । বাল্য়কালত হাঁড়বোৰ দুৰ্বল আৰু কোমল হৈ থাকে । কৈশোৰ কালত এইবোৰ শক্তিশালী আৰু কঠিন হয় । ১৭ বছৰ বয়সত ছোৱালীৰ দেহৰ কংকাল সম্পূৰ্ণৰূপে বিকশিত হয় । ইয়াৰ বাবে ল'ৰাক আকৌ ২বছৰ বেছি সময়ৰ প্ৰয়োজন হয় । ১৯বছৰ বয়সতহে ল'ৰাৰ দেহ-কংকাল সম্পূৰ্ণভাৱে বিকশিত হয় । কংকালৰ বিকাশৰ লগত জৈৱিক অংশবোৰৰ বিকাশ সম্বন্ধিত হৈ থাকে । এই দুয়োটাই সমান্তৰালভাৱে পৰিপক্কতা লাভ কৰে ।

(১০) মাংসপেশী (Muscles): হাঁডৰ বিকাশৰ লগত মাংসপেশীৰ বিকাশো প্ৰয়োজনীয় । কৈশোৰ কালত মাংসপেশীৰ বিকাশ দ্ৰুতগতিত হোৱা দেখা যায় ।মাংসপেশীৰ বিকাশৰ বাবে দেহৰ ওজন বাঢ়ে আৰু দেখিবলৈ দেহটো সুন্দৰ হৈ পৰে । ৮বছৰ বয়সত সম্পূৰ্ণ দেহৰ ওজনৰ ভিতৰত মাংপেশীৰ ওজন ২৭% হয় । ১৫ বছৰ বয়সত এই ওজন ৩২% হয় আৰু ১৬ বছৰ বয়সত ৪৪% হয় । যদি হাঁডৰ লগত মাংসপেশীৰ বিকাশৰ মিল নাথাকে তেতিয়া দেহটো দেখিবলৈ কুৰূপ হৈ পৰে । ল'ৰাৰ তুলনাত ছোৱালীৰ কমকৈ কায়িক শ্ৰম কৰে যাৰ ফলশ্ৰুতিত ল'ৰাৰ তুলনাত ছোৱালীৰ মাংসপেশীৰ বিকাশ কমকৈ হয় ।

আভ্য়ন্তৰীণ বৃদ্ধি (Internal Growth): 

(১) হৃৎপিণ্ড (Heart) : কৈশোৰ কালত হৃৎপিণ্ডৰ আকাৰ আৰু আকৃতি ব্য়াপকভাৱে বৃদ্ধি পায় । বাৰ বছৰ বয়সত হৃৎপিণ্ডৰ আকাৰ জন্মৰ সময়তকৈ সাতগুণ আৰু সোতৰ বা ওঠৰ বছৰ বয়সত বাৰগুণ বৃদ্ধি হয় ।১০ ৰ পৰা ১৩ বছৰ বয়সৰ সময়ছোৱাত ল'ৰাতকৈ ছোৱালীৰ ৰক্তছাপ বৃদ্ধি হয় । ইয়াৰ পিছত ল'ৰাৰ ৰক্তছাপ লাহে লাহে বৃদ্ধি হৈ ১৬ বছৰ বয়সৰ পিছত ছোৱালীতকৈ অধিক বৃদ্ধি হয় । 

(২) হাওঁ-ফাওঁ ( Lungs) : কৈশোৰ কালৰ আৰম্ভণিৰ সময়ৰ পৰা হাওঁ-ফাওঁৰ বিকাশ দ্ৰুতগতিত হোৱা দেখা যায় । হাওঁ-ফাওঁৰ বিকাশ বুকুৰ বিকাশৰ লগত জড়িত হৈ থাকে আৰু এই দুয়োটাই একেলগে বিকাশ লাভ কৰে । শ্বাস-প্ৰশ্বাসৰ ক্ষমতাই এই কালত পৈণতা লাভ কৰে আৰু হাওঁ-ফাওঁৰ দক্ষতাও বৃদ্ধি হয়। কৈশোৰ কালৰ মাজৰ সময়ছোৱাত ছোৱালীৰ তুলনাত ল'ৰাৰ হাওঁ-ফাওঁৰ আকৃতি ডাঙৰ হয় । পৰৱৰ্তী সময়ত ছোৱালীৰ হাওঁ-ফাওঁৰ আকৃতিও ডাঙৰ হয় । 

(৩) পাচক যন্ত্ৰ (Digestive Organs): সকলো ধৰণৰ পাচক যন্ত্ৰই কৈশোৰ কালত যথোপযুক্তভাৱে বিকশিত হয় । পাচক যন্ত্ৰৰ বিকাশ হোৱা বাবে ইয়াৰ ক্ৰিয়া-ক্ষমতা বৃদ্ধি পায় আৰু ল'ৰা-ছোৱালীক এই স্তৰত অধিক খাদ্য়ৰ প্ৰয়োজন হয় । হাওঁ-ফাওঁৰ আকাৰ বৃদ্ধি হোৱা বাবে তেওঁলোকে অধিক পৰিমাণে খাদ্য় খাব পৰাও হয় ।

(৪) স্নায়ুতন্ত্ৰ (Nervous System): বাল্য়কালত মনৰ বিকাশ দ্ৰুতভাৱে হোৱা দেখা যায় । কৈশোৰ কালৰ আৰম্ভণিৰ লগে লগে ই চৰম স্তৰত উপনীত হয় আৰু ইয়াৰ লগত জড়িত সকলো স্নায়ুৰে বিকাশ হয় । এই সকলোবোৰ বিকাশৰ বাবে কৈশোৰ কালৰ মানসিক বিকাশ লেখত ল'বলগীয়া। এইটো পৰ্যবেক্ষণ কৰা যায় যে কিশোৰ-কিশোৰীৰ মানসিক কৌতুহল কৈশোৰ কালত বৃদ্ধি হয় আৰু  তেওঁলোকৰ চিন্তন আৰু যুক্তি শক্তিও বৃদ্ধি পায় । কৈশোৰ কালত ব্য়ক্তিৰ বিভিন্ন গ্ৰন্থি যেনে- সনালী গ্ৰন্থি, অনালী গ্ৰন্থি, গলগ্ৰন্থি, যৌনগ্ৰন্থি, পিটুইটাৰী গ্ৰন্থি আদি সক্ৰিয় হৈ উঠে । কৈশোৰ কালত ব্য়ক্তিৰ এই অন্তঃক্ষৰা গ্ৰন্থিবোৰৰ জৈৱ-ৰাসায়নিক প্ৰক্ৰিয়াৰ অধিক পৰিৱৰ্তন সাধন হয় ।

(৫) খাদ্য় (Foods) :দেহৰ হাত আৰু ভৰিৰ বিকাশৰ বাবে কিশোৰ-কিশোৰীক পুষ্টিকৰ খাদ্য়ৰ অধিক প্ৰয়োজন হয় । কৈশোৰ কালত ল'ৰাৰ ভোকৰ পৰিমাণ বৃদ্ধি হয় । সাধাৰণতে এজন প্ৰাপ্তবয়স্ক ব্য়ক্তিৰ তুলনাৰ কিশোৰ-কিশোৰীয়ে দুগুণ খাদ্য় খায় । গৰ্ভৱতী মহিলাৰ দৰে কিশোৰ-কিশোৰীসকলেও বিভিন্ন প্ৰকাৰৰ খাদ্য় খাই ভাল পায় । 

(ii) কৈশোৰ কালৰ দৈহিক বিকাশৰ মনোবৈজ্ঞানিক আৰু শৈক্ষিক তাৎপৰ্য বৰ্ণনা কৰা ।

Explain the psychological and education implications of physical development adolescence period. 

উত্তৰঃ কৈশোৰ কালৰ দৈহিক বিকাশৰ মনোবৈজ্ঞানিক তাৎপৰ্য থকা দেখিবলৈ পোৱা যায় । সেইবোৰ হ'ল-

(১) ব্য়ক্তিত্বৰ বিকাশৰ বাবে উন্মাদ (Craze for Building Personality): কৈশোৰ কাসছোৱাত ব্য়ক্তি সম্পূৰ্ণৰূপে সলনি হয় । সম্পূৰ্ণ এক নতুন ব্য়ক্তিত্বৰ গৰাকী হয় । এই নতুন ব্য়ক্তিত্বই ব্য়ক্তিৰ মাজত নতুন ধাৰণা, আকাংক্ষা আৰু চিন্তন ক্ষমতা কঢ়িয়াই আনে । জীৱন সম্বন্ধে ব্য়ক্তিয়ে নতুন দৃষ্টিভংগী সামগ্ৰিকভাৱে গঢ়ি তোলে । এই সময়ছোৱাত কিশোৰ-কিশোৰীয়ে নিজৰ লগত একেলগে কিশোৰ-কিশোৰীয়ে আগবাঢ়ি যায় । নিজৰ দৈহিক গঠনৰ লগত মিল থকা সাজ-পাৰ সিহঁতে পৰিধান কৰি নিজকে প্ৰাপ্তবয়স্কসকলৰ লগত ৰিজাব বিচাৰে ।

(২) আনৰ পৰা প্ৰশংসাৰ আকাংক্ষা ( Expecting Appreciation From Others ) : বিভিন্ন দৈহিক বিকাশৰ বাবে কিশোৰ-কিশোৰীয়ে অহংকাৰ কৰিবলৈ আৰম্ভ কৰে । এই বিকাশ যে এক সাধাৰণ প্ৰক্ৰিয়া সেয়া সিহঁতে বুজি নাপায় । সেয়ে আনে প্ৰশংসা কৰিলে সিহঁতে ভিতৰি ভিতৰি আনন্দ লাভ কৰে । এই প্ৰশংসা লাভৰ বাবে সিহঁতে বিভিন্ন খেলা-ধূলাত অংশ গ্ৰহণ কৰে । যিসকল কিশোৰ-কিশোৰীয়ে কোনো কাৰণৰ বাবে দৈহিক বিকাশ সম্পূৰ্ণ নহয় নাইবা খেল-ধেমালিত সক্ৰিয়ভাৱে অংশ গ্ৰহণ কৰিব নোৱাৰে সেইসকলে হীনমন্য়তাবোধত ভোগে । বহুতো ল'ৰাই শাৰীৰিক শক্তিৰ বাবে নিজক ছোৱালীতকৈ শ্ৰেষ্ঠ বুলি ভাবে ।

(৩) সমালোচনাৰ ভয় (Fear of Criticism): নিজৰ দৈহিক বিকাশ বিচৰা ধৰণে নহ'লে কিশোৰ-কিশোৰীসকলে সমালোচনাৰ সন্মুখীন হোৱাৰ বাবে ভয় কৰে । মুখত শালমইনা ওলালে সিহঁত আশংকাত ভোগে । কিছুমান ল'ৰা-ছোৱালীৰ মুখত বহুত শালমইনা থাকে যাৰ বাবে সিহঁত আনৰ সন্মুখত ওলাবলৈ প্ৰতিকাৰ গ্ৰহণ কৰিব বিচাৰে । বিজ্ঞাপনৰ ব্য়াপক প্ৰভাৱ কৈশোৰ কালৰ ল'ৰা-ছোৱালীৰ মাজত দেখিবলৈ পোৱা যায় ।

(৪) দৈহিক বিকাশৰ অসমানতা (No Uniformity in the physical Development ) : কৈশোৰ কালৰ দৈহিক বিকাশ সমমানৰ নহয় । কেতিয়াবা কিছুমান অংগ অধিকভাৱে বিকশিত হয় আৰু আন অংগৰ তুলনাত দেখিবলৈ বেয়া হয় । উদাহৰণস্বৰূপে আন দেহৰ অংগতকৈ ভৰি আৰু পেশীৰ বিকাশ অধিক দ্ৰুতগতিত হয় আৰু দেখিবলৈ অধিক দীঘল হয় । ছোৱালীবোৰে এইবোৰ বেছিকৈ অনুভৱ কৰে আৰু আনৰ সন্মুখত ওলাবলৈ লাজ কৰে । কিয়নো মহিলাৰ সৌন্দৰ্যচৰ্চা অনুসৰি হাত-ভৰি অধিক দীঘল হ'লে শুৱনি নেদেখি । সেয়ে সিহঁতে এনে অংগবোৰ ঢাকি ৰাখিব বিচাৰে । একেদৰে ল'ৰাবোৰো এক জটিলতাৰ সন্মুখীন হয় কিন্তু ছোৱালীবোৰ এই ক্ষেত্ৰত অধিক সচেতন হয় ।

(৫) নাকৰ বিকাশ (Development of Nose) : কৈশোৰ কালত শৰীৰৰ অন্য়ান্য় অংগৰ তুলনাত নাকৰ বিকাশ আগতীয়াকৈ হয় । সেয়ে অন্য়ান্য় অংগৰ তুলনাত ইয়াক সামঞ্জস্য়হীন যেন লাগে । কিশোৰ-কিশোৰীৰ বন্ধু-বান্ধৱীসকলে এইক্ষেত্ৰত কেতিয়াবা অমনোবৈজ্ঞানিক মন্তব্য় দিয়াও দেখা যায় । ফলত কিশোৰ-কিশোৰীসকলে অস্বস্তিকৰ অনুভৱ কৰে । কিন্তু যেতিয়া মুখৰ বিকাশ সম্পূৰ্ণ হয় তেতিয়া নাকৰো সামঞ্জস্য়তা আহি পৰে ।

(৬) ব্য়ক্তি পাৰ্থক্য়ৰ বাবে লজ্জা (Shyness due to Individual Differences): কিছুমান কিশোৰ-কিশোৰীৰ দৈহিক বিকাশ খুব আগতীয়াকৈ হয় আৰু কিছুমানক বেছি সময়ৰ প্ৰয়োজন হয় । যিসকল দৈহিক বিকাশত কিছু পলম হয় সেইসকল কিশোৰ-কিশোৰীয়ে বন্ধুৰ সন্মুখত নীচাত্মিক জটিলতা অনুভৱ কৰে । ব্য়ক্তি পাৰ্থক্য়ৰ বাবে ল'ৰা আৰু ছোৱালীৰ লাজ আৰু শংকা পৃথক হোৱা দেখা যায় । ল'ৰা আৰু ছোৱালীৰ মাত, দেহৰ গোপন অংগ আদিৰ বাবে সিহতে লাজ অনুভৱ কৰা দেখা যায় ।

(৭) নিসংগপ্ৰিয়তা আৰু দিবাস্বপ্ন (Love of Isolation and Day Dreaming): কৈশোৰ কালৰ ল'ৰা-ছোৱালীৰ মাজত নিসংগপ্ৰিয়তা আৰু নিৰ্জনপ্ৰিয়তা ভাৱ পৰিলক্ষিত হয় । ভাবুকতা, চিন্তাক্লিষ্টতা, বিষণ্ণতা আদি মানসিক অৱস্থাই সিহঁতক বাস্তৱ-বিবৰ্জিত কল্পনা ৰাজ্য় এখনলৈ লৈ যায় ।ভৱিষ্য়ত জীৱনৰ আশা-নিৰাশাৰ কল্পনা আৰু দিবাস্বপ্নৰ মাজত আত্ম বিলোপন কৰিব বিচাৰে । 

(৮) দুখদায়ক আৱেগৰ প্ৰভাৱ (Impact of Painful Emotion) : দৈহিক পৰিৱৰ্তনৰ বাবে কিশোৰ-কিশোৰীসকলৰ আৱেগিক জীৱন চঞ্চল, অস্থিৰ আৰু অনিয়ন্ত্ৰিত বিধৰ হৈ উঠে । প্ৰথমবাৰৰ বাবে অনুভৱ কৰা বীৰ্যস্খলন আৰু ৰক্তস্ৰাৱৰ বাবে ল'ৰা-ছোৱালীৰ মনত ভয়, সংকোচ, লাজ, উদ্বিগ্নতা, উৎকন্ঠা আদি অসুস্থ অনুভূতিয়ে আৱেগিক জীৱন ভাৰ সাম্য়হীন কৰি তোলে । কোনো কোনো আৱেগৰ পৰিস্থিতিয়ে আকৌ ক্ৰোধ, বিৰক্তি, ইৰ্ষা, হিংসা, ঘৃণা আদি ভাবৰ সৃষ্টি কৰিব পাৰে । দৰাচলতে ক'বলৈ গ'লে যৌন জীৱনৰ পৰিৱৰ্তনৰ বাবে কিশোৰ-কিশোৰীৰ আৱেগিক জীৱনত ভাৰসাম্য়হীন অস্বাভাৱিক পৰিস্থিতিৰৰ সৃষ্টি হোৱা দেখা যায় । 

          দৈহিক বিকাশৰ শৈক্ষিক তাৎপৰ্যঃ কিশোৰ-কিশোৰীৰ প্ৰয়োজনবোৰৰ বোধৰ বাবে আব্ৰাহাম মেচ্লোৰ পৰ্যায়ক্ৰম স্থিতি তত্ব অতি সহায়কাৰী । কৈশোৰ কালত আন আন প্ৰয়োজনবোৰৰ লগতে উচ্চ পৰ্যায়ৰ প্ৰয়োজনবোৰো বিকশিত হৈ উঠে । মেচ্লোই মানুহৰ প্ৰয়োজনবোৰক জৈৱিক প্ৰয়োজন, বিপদমুক্ততাৰ প্ৰয়োজন, ভালপোৱা আৰু সমাজত অৰ্ন্তভুক্তিৰ প্ৰয়োজন আদি ভাগত ভাগ কৰিছে । বহুলভাৱে বিভাজন কৰিলে মানুহৰ প্ৰয়োজনবোৰক তিনিটা ভাগ কৰিব পাৰি । সেয়া হ'ল-

(ক) কিশোৰ-কিশোৰীৰ নিম্ন প্ৰয়োজন বা দৈহিক প্ৰয়োজন ।

(খ) কিশোৰ-কিশোৰীৰ সামাজিক আৰু মনোবৈজ্ঞানিক প্ৰয়োজন ।

(গ) উচ্চ প্ৰয়োজন বা আত্ম মৰ্যাদাৰ প্ৰয়োজন ।

        কিশোৰ-কিশোৰীসকলৰ দৈহিক বিকাশৰ বাবে তেওঁলোকৰ প্ৰয়োজনবোৰ পূৰণ কৰাটো অতি প্ৰয়োজনীয় । এই ক্ষেত্ৰত শিক্ষক আৰু অভিভাৱকসকলে বিভিন্ন ধৰণৰ বিকাশমূলক কাৰ্য গ্ৰহণ কৰিব লাগে । এই কাৰ্যবোৰে কিশোৰ-কিশোৰীৰ প্ৰয়োজনবোৰ সন্তোষজনকভাৱে পূৰণ কৰিব লাগে । দৈহিক বিকাশৰ লগত সম্বন্ধিত কেতবোৰ শিক্ষামূলক তাৎপৰ্য হ'ল-

        ১। কিশোৰ-কিশোৰীসকলৰ বাবে বাধ্য়তামূলক দৈহিক ব্য়ায়াম আৰু সন্ধিয়া সময়ত খেল-ধেমালিৰ ব্য়ৱস্থা কৰিব লাগে । বিদ্য়ালয়ত এটা নিৰ্দিষ্ট সময়ত নিয়মিতভাৱে সকলো কিশোৰ-কিশোৰীকে শৰীৰ চৰ্চা কৰিবলৈ দিব লাগে । ইয়ে সিহঁতক দৈহিকভাৱে ভাৰসাম্য়পূৰ্ণ কৰি ৰাখিব । 

            ২। বিদ্য়ালয়ত নিজস্ব চিকিৎসকৰ দ্বাৰা প্ৰতিমাহে কিশোৰ-কিশোৰীৰ স্বাস্থ্য়ৰ নিৰীক্ষণ কৰিব লাগে । এই নিৰীক্ষণ কাৰ্যই ছাত্ৰ-ছাত্ৰীৰ ৰোগ-ব্য়াধি, শাৰীৰিক অপুষ্টিতা আদিৰ বিষয়ে জনাত সহায় কৰিব আৰু সেই অনুসৰি প্ৰতিকাৰৰ  ব্য়ৱস্থা প্ৰদান কৰিব পৰা যাব ।

            ৩। দৈহিক বিকাশ ভাৰসাম্য়পূৰ্ণ কৰি ৰাখিবৰ বাবে সকলো কিশোৰ-কিশোৰীক কিছু পৰিমাণে কায়িক শ্ৰম কৰিবলৈ দিব লাগে । বিদ্য়ালয়ত এটা নিৰ্দিষ্টি সময়ত ইয়াৰ বাবে সুবিধা প্ৰদান কৰিব লাগে । ইয়াৰ লগতে ঘৰতো পিতৃ-মাতৃ আৰু অভিভাৱকে কায়িক শ্ৰম কৰাৰ বাবে সুবিধা প্ৰদান কৰিব লাগে । 

           ৪। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ কিশোৰ-কিশোৰীসকলক সুষম পুষ্টিকৰ খাদ্য় যোগান ধৰাৰ ব্য়ৱস্থা বিদ্য়ালয়ত কৰিব লাগে । সুষম খাদ্য়ৰ অভাৱত যাতে ল'ৰা-ছোৱালীৰ দৈহিক বিকাশ অপৰিপক্ক নহয় তাৰ বাবে এই ব্য়ৱস্থা গ্ৰহণ কৰাটো বিদ্য়ালয়ৰ নৈতিক দায়িত্ব। 

           ৫। কৈশোৰ কালত ল'ৰা-ছোৱালীক বিভিন্ন ধৰণৰ খেলা-ধূলা কৰাৰ বাবে সুবিধা প্ৰদান কৰিব লাগে । ইয়াৰ বাবে বিদ্য়ালয়ত আৰু ঘৰত পাৰ্যমানে খেল-ধেমালীৰ সামগ্ৰী যোগান ধৰাৰ ব্য়ৱস্থা কৰিব লাগে । একক খেলতকৈ দলীয় খেল-ধেমালীত অংশ গ্ৰহণ কৰাৰ বাবে কিশোৰ-কিশোৰীক উৎসাহিত কৰিব লাগে ।

            ৬। ছোৱালীসকলৰ দৈহিক বিকাশৰ বাবে বিদ্য়লয় আৰু ঘৰত যিকোনো ধৰণৰ নৃত্য়ৰ সুবিধা প্ৰদান কৰিব লাগে । বিদ্য়ালয়ত ইয়াৰ বাবে সুকীয়া স্থান আৰু সুকীয়া সময়ৰ সুবিধা প্ৰদান কৰিব লাগে । 

             ৭। শিক্ষকসকলে কিশোৰ-কিশোৰীক বিভিন্ন প্ৰত্য়াহ্বানমূলক কাৰ্য কৰিবলৈ দিব লাগে । দৈহিকভাৱে যিহেতু কিশোৰ-কিশোৰীসকল শক্তিশালী, কৌশলী আৰু সাহসী, সেয়ে এই প্ৰত্য়াহ্বানমূলক কাৰ্যবোৰে সিহঁতক সমস্য়া-সমাধান ক্ষমতা বিকশাই তুলিব । 

(iii) কৈশোৰ কালৰ মানসিক বিকাশৰ ওপৰত এখন ৰচনা লিখা । 

Write an essay on mental development of adolescence.

উত্তৰঃ মানসিক বৃদ্ধি আৰু বিকাশ বৰ্ধিত পৰিপক্কতা লগত সম্বন্ধিত হৈ থাকে । মানসিক বিকাশৰ বাবে কোনো নিৰ্দিষ্ট স্তৰ নাথাকে । মূৰ্ত চিন্তনৰ পৰা মানসিক বিকাশ আৰম্ভ হৈ বিমূৰ্ত চিন্তনলৈ অগ্ৰসৰ হয় । বিকাশৰ আন পৰ্যায় বা স্তৰবোৰৰ তুলনাত মানসিক বিকাশৰ দিশৰ পৰাও কৈশোৰ কাল বৈচিত্ৰ্য়ময় । কৈশোৰৰ কাল হৈছে এক সময় যি সময়ত ভৱিষ্য়তৰ বাস্তৱ পৃথিৱীত সমাযোজিত হ'বৰ বাবে প্ৰয়োজন হোৱা সকলোবোৰ মানসিক শক্তি প্ৰশিক্ষণৰ যোগেদি বিকশাই তোলা হয় । কৈশোৰ কালৰ শিক্ষা ব্য়ৱস্থাৰ এক প্ৰধান দায়িত্ব হ'ল মনৰ স্মৃতি শক্তি , মনোযোগ, চিন্তা-কল্পনা, যুক্তি, বিচাৰ, বিবেচনা, সমস্য়া সমাধান ক্ষমতা, জ্ঞান আহৰণ ক্ষমতা , বোধ ক্ষমতা আদিৰ চিনাক্তকৰণ আৰু প্ৰশিক্ষণ প্ৰদান কৰা ।

        মানসিক বিকাশ মানে হ'ল ব্য়ক্তিৰ বৌদ্ধিক দিশৰ বিকাশ কিয়নো বুদ্ধিক সাধাৰণ ক্ষমতা স্বৰূপে বিবেচনা কৰা হয় । একেদৰে বৌদ্ধিক বিকাশ মানে হ'ল মানসিক ক্ষমতা আৰু সক্ষমতাৰ বিকাশ যিয়ে এজন ব্য়ক্তিক পৰিৱৰ্তিত পৰিৱেশৰ লগত সমাযোজন স্থাপন কৰাত সহায় কৰে । ব্য়ক্তি এজনৰ বৌদ্ধিক বিকাশ বুলিলে সাধাৰণতে ধাৰণা , জ্ঞান, ভাষা, স্মৃতি, যুক্তি, চিন্তন, কল্পনা, বুদ্ধি আদি দিশৰ বিকাশকে বুজা যায় ।

            বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত জ্য়া পিয়াজেই এক তত্ব আৱিষ্কাৰ কৰিছিল যি তত্ব সৰ্বসন্মতভাৱে গ্ৰহণ কৰা হৈছে । পিয়াজেই এই তত্বৰ জৰিয়তে ব্য়ক্তি এজনৰ বৌদ্ধিক বিকাশ চাৰিটা স্তৰৰ মাজেৰে আলোচনা কৰিছে । যেনে-


            পিয়াজেই আগবঢ়োৱা এই স্তৰকেইটাৰ অন্তিম স্তৰটোত কৈশোৰকাল অন্তৰ্ভুক্ত । পিয়াজেৰ মতে শিশুৱে কেৱল মাত্ৰ প্ৰকৃত ঘটনাই নহয়, কেতবোৰ সাম্ভাৱ্য় ঘটনাৰ বিষয়েও চিন্তা কৰিব পাৰে । যেতিয়া ল'ৰা-ছোৱালীয়ে নিজে সন্মুখীন হোৱা সমস্য়াবোৰ সমাধানৰ বাবে উপায় উদঘাটন কৰিব পৰা হয় , তেতিয়া তেওঁলোকৰ বাবে পৰিকল্পনা কৰা আৰু কাৰ্য সম্পাদন কৰাটো সহজ হয় । এই স্তৰত তেওঁলোকে অদৃশ্য় শক্তিৰ কথাও চিন্তা কৰিব পৰা হয় । তেওঁলোকে কোনো সমস্য়াৰ জৰীপ কৰিব পাৰে , সাম্ভাৱ্য় প্ৰকল্পৰ ফলাফল নিৰ্ধাৰণ কৰিব পাৰে আৰু এটা সময়ত এই প্ৰকল্পবোৰ পৰীক্ষাও কৰিব পাৰে । বিজ্ঞানসন্মত যুক্তিৰ ই এক কঠিন উপাদান । অধিক কঠিন সমস্য়াৰ সমাধান ল'ৰা-ছোৱালীয়ে এই স্তৰত কৰিব পাৰে । বহুতো কাৰক অন্তৰ্ভুক্ত হৈ থকা সমস্য়া ল'ৰা-ছোৱালীয়ে এই স্তৰত মোকাবিলা কৰিব পাৰে । গতিকে ক'ব পাৰি যে পিয়াজেই ব্য়ক্তিৰ এই বিশেষ স্তৰটোৰ বৌদ্ধিক বিকাশত অতুলনীয় অৱদান আগবঢ়াইছে ।

(iv) কৈশোৰ  কালৰ মানসিক বিকাশৰ শৈক্ষিক তাৎপৰ্য বৰ্ণনা কৰা ।

Explain the educational implications of mental development of adolescence period.

উত্তৰঃ কিশোৰ-কিশোৰীৰ মানসিক  বিকাশৰ বৈশিষ্ট্য়বোৰে মানসিক বিকাশত অৰিহণা যোগায় । এইক্ষেত্ৰত শিক্ষকসকলে কেতবোৰ কাৰ্য ব্য়ৱস্থা গ্ৰহণ কৰিব লাগে যাৰ যোগেদি কিশোৰ-কিশোৰীৰ মানসিক বিকাশৰ লগত জড়িত সমস্য়া কৰিব পাৰে । 

১। কিশোৰ-কিশোৰীসকলে বিভিন্ন সমস্য়াৰে ভাৰাক্ৰান্ত । বিশেষকৈ যৌন সমস্য়া সকলোৰে উৰ্ধত । সেয়ে কিশোৰ-কিশোৰীসকলক যৌন শিক্ষা আৰু নৈতিক শিক্ষা প্ৰধান কৰা উচিত যাতে সিহঁতে বিপৰীত লিংগৰ প্ৰতি সদৰ্থক আৰু সুস্থ মনোভাৱ বিকশাই তুলিব পাৰে ।

২। বিদ্য়ালয়ৰ এক গুৰুত্বপূৰ্ণ কাৰ্য হ'ল কিশোৰ-কিশোৰীৰ মানসিক দক্ষতাৰ সম্পূৰ্ণ বিকাশৰ বাবে বিদ্য়ালয়ত অনুকূল পৰিৱেশ প্ৰদান কৰা । বিদ্য়ালয়ে ভাল পুথিভঁড়াল, মুক্ত আলোচনাৰ বাবে সুযোগ আৰু সম্প্ৰদায়ৰ সেৱা প্ৰদান কৰিব লাগে । বিদ্য়ালয়ৰ পাঠ্য়ক্ৰমত কিশোৰ-কিশোৰীৰ প্ৰয়োজনীয়তাক উপযুক্ত স্থান প্ৰদান কৰিব লাগে ।

৩। সংগীত, নৃত্য়, কলা আৰু হস্তশিল্পৰ যোগেদি কিশোৰ-কিশোৰীৰ সৃজনাত্মক দক্ষতাৰ বিকাশৰ উপযুক্ত সুযোগ বিদ্য়ালয়ে প্ৰধান কৰিব লাগে । অপসাৰী বা ভিন্নমুখী চিন্তনৰ বাবে উৎসাহিত কৰিব লাগে । শিক্ষকে শ্ৰেণীকোঠাত নিজৰ শিক্ষাদান আৰু আচৰণেৰে কিশোৰ-কিশোৰীৰ বাবে আদৰ্শ ব্য়ক্তিস্বৰূপ হৈ উঠিব লাগে । জীৱনৰ প্ৰতি সদৰ্থক মনোভাৱ বিকশাই তোলাত শিক্ষকে কিশোৰ-কিশোৰীক সহায় কৰিব লাগে ।

৪। কৈশোৰ কালৰ ল'ৰা-ছোৱালীসকলে বাহ্য়িক পৃথিৱীখনক নতুন দৃষ্টিভংগীৰে চাবলৈ আৰম্ভ কৰে আৰু নিজৰ দক্ষতা চিনাক্তকৰণ কৰিব খোজে । ইয়াৰ বাবে বিদ্য়ালয়ে কিশোৰ-কিশোৰীক উপযুক্ত পৰিৱেশ প্ৰদান কৰিব লাগে । 

৫। শৈক্ষিক আৰু বৃত্তীয় দিশৰ নিৰ্দেশনা প্ৰদানৰ বাবে বিদ্য়ালয়ত শৈক্ষিক আৰু বৃত্তীয় নিৰ্দেশনা সেৱাৰ ব্য়ৱস্থা কৰিব লাগে । 

৬। শিক্ষকসকলে প্ৰতিজন কিশোৰ-কিশোৰীৰ প্ৰতি ব্য়ক্তিগতভাৱে চকু ৰাখিব লাগে আৰু ব্য়ক্তিগত প্ৰয়োজনীয়তাত গুৰুত্ব দিব লাগে । এই ক্ষেত্ৰত বহুতো বিদ্য়ালয়ে বৰ্তমান চিউটৰিয়েল ব্য়ৱস্থা গ্ৰহণ কৰিছে । 

৭। কিশোৰ-কিশোৰীসকলৰ কৌতুহল নিবাৰন কৰিবৰ বাবে শিক্ষানুষ্ঠানবোৰে শিক্ষামূলক ভ্ৰমণৰ ব্য়ৱস্থা কৰিব লাগে । এই ভ্ৰমণৰ বাবে ঐতিহাসিক প্ৰসিদ্ধ আৰু ভৌগলিক তাৎপৰ্য থকা স্থানবোৰ বাচনি কৰিব লাগে । 

৮। কিশোৰ-কিশোৰীসকল সদায় পৰীক্ষা-নিৰীক্ষা কৰিবলৈ আগ্ৰহী । সেয়েহে শিক্ষকে শিক্ষাদান কাৰ্যত শিক্ষাৰ্থীকেন্দ্ৰিক শিক্ষাদান পদ্ধতি যেনে - ডেল্টন আঁচনি , প্ৰকল্প পদ্ধতি , হিউৰিষ্টিক পদ্ধতি আদিৰ প্ৰয়োগ কৰিব লাগে । আত্ম-পৰীক্ষণৰ বাবে এই পদ্ধতিবোৰ অতি উপযোগী । 

৯। কিশোৰ-কিশোৰীসকলৰ মাজত বৌদ্ধিক ক্ষমতা , প্ৰৱণতা, সামাজিক পৰিপক্কতা আৰু যৌন ক্ষেত্ৰত থকা ব্য়ক্তিগত পাৰ্থক্য়বোৰৰ বিষয়ে শিক্ষকে দৃষ্টি নিক্ষেপ কৰিব লাগে । বেছি বুদ্ধিৰ কিশোৰ-কিশোৰীয়ে জটিল কাৰ্য সম্পাদন কৰিব পাৰে যিটো মধ্য়মীয়া বুদ্ধিৰ কিশোৰ-কিশোৰীৰ বাবে সম্ভৱ হয় । একেদৰে যিবোৰ ল'ৰাৰ বাবে ভাল সেইবোৰ ছোৱালীৰ বাবে ভাল নহ'বও পাৰে । 

১০। কিশোৰ -কিশোৰীৰ আগ্ৰহ আৰু অভিক্ষমতা বা প্ৰৱণতাৰ বিকাশৰ বাবে বিভিন্ন ধৰণৰ শৈক্ষিক কাৰ্যসূচী, সাহিত্য়ৰ কাৰ্যসূচীৰ ব্য়ৱস্থা গ্ৰহণ কৰিব লাগে । 

১১। যৌক্তিক শক্তিৰ বিকাশ সাধন কৰিবৰ বাবে শিক্ষকসকলে কিশোৰ-কিশোৰীসকলক যুক্তি-তৰ্ক আৰু আলোচনা কৰাৰ সুযোগ প্ৰদান কৰিব লাগে ।

১২। শিক্ষকে কিশোৰ-কিশোৰীৰ আস্থা আৰু বিশ্বাস জয় কৰিবৰ বাবে বন্ধুত্বপূৰ্ণ সম্বন্ধ স্থাপন কৰিব লাগ ।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)



Author: Monikongkona Saikia  



Post Id: DABP003225