দ্বিতীয় গোট 

অংকীয়া নাট আৰু পৰিৱেশন


১/ অংকীয়া নাট কাক বোলে?

উত্তৰঃ মহাপুৰুষ শংকৰদেৱ - মাধৱদেৱ আৰু পৰৱৰ্তী তেওঁৰ শিষ্য - প্ৰশিষ্য়সকলে ৰচনা কৰা নাট্যকৰ্মই অংকীয়া নাট। এই শ্ৰেণী নাট বৈঞ্চৱ যুগত ৰচিত, বিশেষ কলা - কৌশলপূৰ্ণ, ধৰ্মমূলক। অভিধান মতে অংক বা আধ্যাত ভাগ কৰা নাটেই অংকীয়া নাট। অংকীয়া নাট অসমৰ বৈঞ্চৱ নাট। অংকীয়া শব্দটো লগত নাট শব্দৰ যোগ হৈহে অংকীয়া নাট হৈছে।


২/ সংস্কৃত নাট্যশাস্ত্ৰত 'অংক' শব্দৰ অৰ্থ কি?

উত্তৰঃ সংস্কৃত নাট্যশাস্ত্ৰত 'অংক' শব্দৰ অৰ্থ হল হল চিহ্ন, অৰ্থাৎ নাটকীয় কাহিনীৰ স্তৰ চিহ্নিত কৰা বিভাগ। 


৩/ শংকৰদেৱৰ ৰচিত নাটসমূহ কি কি?

উত্তৰঃ শংকৰদেৱৰ ৰচিত নাটসমূহ হল - (ক) নাটক, (খ) প্ৰকৰণ, (গ) ডিম, (ঘ) সমৱকাৰ, (ঙ) প্ৰহসন, (চ) ঈহামৃগ, (ছ) উৎ সৃষ্টিকাংক, (জ) বীথী, (ঝ) ব্যায়োগ আৰু (ঞ) ভাণ।


৪/ আহাৰ্য অভিনয় কাক বোলে?

উত্তৰঃ পোছাক - পৰিচ্ছদ, অয় - অলংকাৰ, বিবিধ ৰং (পাত্ৰ - পাত্ৰী বা ভাৱৰীয়াৰ দেহত ব্যৱহাৰ কৰা) আদিৰ যোগেদি কৰা অভিনয়কে আহাৰ্য অভিনয় বোলা হয়।


৫/ সাজ - সজ্জা মানে কি?

উত্তৰঃ গাত পিন্ধা বস্ত্ৰ বা অলংকাৰৰ সঁজুলিয়ে সাজ - সজ্জা। অংকীয়া নাট পৰিৱেশনত সাজ - সজ্জাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। অংকীয়া নাট পৰিৱেশন কৰাৰ ক্ষেত্ৰত  ভাৱৰীয়া থাকে তেওঁলোকৰ সাজ - সজ্জা, প্ৰসাধন, কেশ - বিন্যাস, আদিৰ দ্বাৰা প্ৰদৰ্শন কৰা হয়। পাত্ৰ - পাত্ৰীসকলৰ বাবে সাজ - সজ্জা কেনে হব সেই সম্পৰ্কত এক নিৰ্দিষ্ট নীতি - নিৰ্দেশনা বন্ধা থাকে। তেওঁলোকে মাটিত ওলমি পৰাকৈ থোৰ মাৰি চুৰিয়া পিন্ধে। গায়ন - বায়নসকলে 'বচোৱাল' নামৰ এবিধ সাজ পিন্ধিব লাগে। বচোৱালৰ ওপৰ ভাগত 'বুকুচোলা' পিন্ধে। বুকুচোলা হল এটি চুটি বগা চোলা। 


৬/ মঞ্চসজ্জা মানে কি?

উত্তৰঃ মঞ্চ হল কাঠ বা বাঁহেৰে সজা ওখ চাং বা চাঙৰ নিচিনা আধাৰ। মঞ্চসজ্জা হল অভিনয়ৰ বাবে ৰংগমঞ্চ সজোৱা কাৰ্য। অংকীয়া নাট - ভাওনাৰ মঞ্চ আছিল নামঘৰ বা ৰভাতলী। স্মৰ্তব্য যে লোকনাট্যানুষ্ঠানসমূহৰ বাবে কোনো স্থায়ী মঞ্চৰ ব্যৱস্থা নাই। ইয়াৰ বাবে মঞ্চ হয় উৎসৱ - অনুষ্ঠান, পূজা - উপাসনা আদিৰ বাবে থকা মুকলি পথাৰ, নামঘৰ আদিৰ সন্মুখভাগ, গৃহস্থৰ চোতাল আদি। ইয়াৰ বাবে প্ৰথম আৰু প্ৰধান প্ৰস্ততিৰ বস্ত হল এখন আহল - বহল ওখ ৰভা। কেতিয়াবা নামঘৰতো ভাওনা পতা হয় যদিহে ই ৰভাসদৃশ আহল - বহল আৰু ওখ হয়। 

৭/ মুখা কি?

উত্তৰঃ মুখা হৈছে মুখত পিন্ধা কোনো বিশেষ মুখৰ আকৃতিৰ ছোঁ অথবা আকৃতি সলাবৰ হেতু পিন্ধিবলৈ সজা মুখ। মুখাৰ ব্যৱহাৰ অংকীয়া নাটৰ এক অন্যতম বৈশিষ্ট্য। সেইবুলি অংকীয়া নাট - ভাওনাত সকলো চৰিত্ৰকে মুখা পিন্ধিবলৈ দিয়া নহয়। দেখিবলৈ ভয় লগা, অস্বাভাৱিক চৰিত্ৰকে মুখা পিন্ধিবলৈ দিয়া হয়। 'ৰাৱণ, গণেশ, বৰাহ, গৰুড়, কুলাচল, অসুৰ আদি বহুতো চৰিত্ৰৰ ক্ষেত্ৰত মুখা ব্যৱহাৰ কৰা নিয়ম প্ৰচলিত। বাঁহৰ কাঠী, কাঠ, কাগজ আৰু মাটিৰ মুখা তৈয়াৰ কৰি অভিনয়ত ব্যৱহাৰ কৰিছিল।


৮/ গায়ন - বায়ন মানে কি?

উত্তৰঃ গায়ন - বায়ন হৈছে দুই শ্ৰেণী কলাবিদৰ সমষ্টি। গায়ন শব্দৰ অৰ্থ হল গায়ক আৰু বায়ন শব্দৰ অৰ্থ হল বাদ্যকাৰ। 'গায়ন' মানে যদিও গায়ক আৰু 'বায়ন' মানে বাদক বুজায়, প্ৰকৃততে গায়ন - বায়ন একেটা দলহে, দলটোৰ প্ৰতিজন মানুহে মুখেৰে গীত - পদ গায় আৰু বাদ্য বজায়, কেইজনমানে তাল, কেইজনমানে মিদং। গায়ন - বায়নসকলে সুদূৰ অতীতৰ পৰাই অসমত প্ৰতিষ্ঠিত হৈ আহিছে। অংকীয়া নাটৰ কাহিনীৰ চৰিত্ৰসমূহৰ দৰে গায়ন - বায়নৰ চৰিত্ৰ নহয় যদিও এই চৰিত্ৰদ্বয়ৰ ভূমিকা অনন্য। অংকীয়া নাটৰ আৰম্ভণিৰ পৰা পৰিসমাপ্তিলৈ গীত - বাদ্যৰ সমগ্ৰ কাৰ্যক্ৰমণিকাতে গায়ন - বায়ন থাকে।


৯/ শংকৰদেৱে ৰচনা কৰা নাট্যসম্ভাৰসমূহ কি কি?

উত্তৰঃ শংকৰদেৱে ৰচনা কৰা নাট্যসম্ভাৰসমূহ হয় - (ক) পত্নীপ্ৰসাদ (খ) কালিয় দমন (গ) কেলিগোপাল (ঘ) ৰুক্মিণী হৰণ (ঙ) পাৰিজাত হৰণ আৰু (চ) ৰাম বিজয়।


১০/ 'চিহ্নযাত্ৰা' কোনে ৰচনা কৰিছিল?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে 'চিহ্নযাত্ৰা' ৰচনা কৰিছিল।


১১/ 'ৰুক্মিণী' কাৰ জীয়ৰী?

উত্তৰঃ  'ৰুক্মিণী' কুণ্ডিল ৰজা জীয়ৰী।


১২/ ৰুক্মবীৰে কাৰ লগত ৰুক্মিণীক বিয়া দিব খুজিছিল?

উত্তৰঃ ৰুক্মবীৰে শিশুপাললৈকেহে ৰুক্মিণীক বিয়া দিব খুজিছিল।


১৩/ শ্ৰীকৃষ্ণই ৰুক্মিণীক কোনটো মন্দিৰৰ পৰা হৰণ কৰি নিছিল?

উত্তৰঃ শ্ৰীকৃষ্ণই ৰুক্মিণীক ভবানী মন্দিৰৰ পৰা হৰণ কৰি নিছিল।


১৪/ শংকদেৱে সৃষ্টি কৰা নাটকেইখনৰ ভিতৰত কোনখন কলেৱৰত ডাঙৰ?

উত্তৰঃ শংকৰদেৱে সৃষ্টি কৰা নাটকেইখনৰ ভিতৰত 'ৰুক্মিণী হৰণ' নাটখন কলেৱৰত ডাঙৰ।


১৫/ 'ৰুক্মিণী হৰণ' নাটখনৰ বিষয়ে লিখা?

উত্তৰঃ কুণ্ডিল ৰজা ভীষ্মকৰ পুত্ৰ ৰুক্মবীৰ আৰু জীয়ৰী ৰুক্মিণী। সুৰভি ভাটে কুণ্ডিলৰ পৰা দ্বাৰকালৈ গৈ কৃষ্ণৰ সন্মুখত ৰূপ - গুণ বৰ্ণাইছে আৰু কৃষ্ণ অন্তৰত পূৰ্বৰাগৰ সৃষ্টি হৈছে। কৃষ্ণক পালে যেন ৰুক্মিণীৰ জীৱন ধন্য হব। ভীক্ষুক ভাটৰ মুখে কৃষ্ণৰ ৰূপ সৌন্দৰ্যৰ কথা শুনি ৰুক্মিণী আনন্দিত হল। ৰুক্মিণীৰ বাবে কৃষ্ণই ধ্যান, কৃষ্ণই জ্ঞান। কৃষ্ণই সৈতে ৰুক্মিণীক বিয়া দিয়াটো খাটাং হল। সখীয়েক লীলাৱতীৰ জৰিয়তে ৰুক্মিণীয়ে জানিব পাৰি পৰমানন্দিত হল। ৰুক্মবীৰে ৰুক্মিণীক শিশুপাললৈকেহে বিয়া দিবলৈ সন্মত। এই কথা মদনমঞ্জৰীয়ে ৰুক্মিণীৰ আগত কোৱাত ৰুক্মিণী আশাহত হৈ মূৰ্ছা গল। এনে কাৰ্যত দুই সখীয়েকে সান্ত্বনাবাণী দিলে। ৰুক্মিণীয়ে কিন্ত কৃষ্ণ অবিহনে মৃত্যুক বাছি লব বুলি থিৰাং কৰিলে। লীলাৱতীৰ যোগেদি বেদনিধিক মানি আনিলে। বেদনিধিয়ে ৰুক্মিণীৰ কথা দিলে যে তেওঁ কৃষ্ণক আনিবলৈ দ্বাৰকালৈ ৰাওনা হল। বেদনিধিয়ে ৰুক্মিণীক আশীৰ্বাদ দিলে আৰু স্বগৃহলৈ গমন কৰিলে। সখিয়েকসকলৰ সৈতে ৰুক্মিণী ভৱানী মন্দিৰলৈ গৈ ওভোতাৰ পথত ৰুক্মিণীক কৃষ্ণই ৰথত তুলি লৈ গল। 


১৬/ ৰুক্মিণীৰ সখিয়েক কেইজনী নাম কি আছিল?

উত্তৰঃ ৰুক্মিণীৰ সখিয়েক কেইজনী নাম হল - লীলাৱতী আৰু মদনমঞ্জৰী।


১৭/ 'ৰুক্মিণী হৰণ' নাটৰ কেন্দ্ৰীয় পুৰুষ চৰিত্ৰ কোনটো?

উত্তৰঃ 'ৰুক্মিণী হৰণ' নাটৰ কেন্দ্ৰীয় পুৰুষ চৰিত্ৰ হল - শ্ৰীকৃষ্ণ।


১৮/ বেদনিধি কি?

উত্তৰঃ 'ৰুক্মিণী হৰণ' নাটৰ মৌলিক চৰিত্ৰসমূহৰ ভিতৰত এটি অনুপম চৰিত্ৰ হল বেদনিধি। ভাগৱত পুৰাণত পোৱা বিশ্বস্ত ব্ৰাক্ষণ চৰিত্ৰক পাঠ্য নাটকখনত নাট্যকাৰে বেদনিধিৰ ৰূপত সজাইছে। কুণ্ডিলৰ ব্ৰাক্ষণ বেদনিধি ৰুক্মিণীৰ শুভাকাংক্ষী মহামিত্ৰ। ৰুক্মিণীক ৰুক্মবীৰে শিশুপাললৈ বিয়া দিব খোজা খবৰটো পাই ৰুক্মিণীয়ে ব্ৰাক্ষণ বেদনিধিক মাতি পঠিয়াইছে। লীলাৱতীৰ মুখে ৰুক্মিবীয়ে মাতি পঠোৱা খবৰটো পাই বেদনিধিয়ে ৰুক্মিণীৰ ওচৰলৈ আহিল। ৰুক্মিণীয়ে বেদনিধিক কৃষ্ণক আনি দিয়াৰ বাবে কাকূতি কৰিলে। বেদনিধিয়েও বিপদকালত ৰুক্মিণীক সহায় কৰিবলৈ আগবাঢ়িল। কৃষ্ণক আনি দিয়াটো তেওঁৰ বাবে তেনেই উজু। 


১৯/ ৰুক্মবীৰ কোন?

উত্তৰঃ ৰুক্মিণী হৰণ নাটৰ এটি অন্যতম পুৰুষ চৰিত্ৰ হল ৰুক্মবীৰ। নাটখনৰ ঘটনা প্ৰৱাহলৈ লক্ষ্য কৰিলে ৰুক্মবীৰক প্ৰতিনায়কৰ শাৰীতহে থব পৰা যায়। আমাৰ জনসমাজত ঘৰৰ ডাঙৰ পূত্ৰ বা একমাত্ৰ পুত্ৰৰ কাম বা দায়িত্ব বহুত। তাতে যদি বিবাহৰ উপযুক্ত ভনীজনী থাকে তেতিয়াতো আৰু দায়িত্ব বহুত আহি পৰে। সেই মৰ্মে ৰুক্মবীৰে ৰুক্মিণীক বিয়া দিয়াৰ বাবে উপযুক্ত পাত্ৰ বুলি ভাবি লৈছে শিশুপালক। 


২০/ ভীষ্মক কোন?

উত্তৰঃ ভীষ্মক বিদৰ্ভ ৰাজ্যৰ অধিপতি। নাট্য কাহিনীত ভীষ্মকক বয়োবৃদ্ধ ৰূপত দেখুওৱা হৈছে। ঘৰৰ মূল মানুহজনৰ বয়স বাঢ়ি যোৱাৰ লগে লগে তেওঁ পুত্ৰৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে। ভীষ্মৰো তেনে অৱস্থাই হৈছে। তেওঁ বয়সৰ হেঁচাত পুত্ৰৰ মতামতৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। জ্ঞানী পুৰুষ ভীষ্মকে ৰুক্মিণীৰ বিবাহৰ সময় উপস্থিত হোৱা দেখি আত্মীয় - স্বজন, জ্ঞাতি - কুটুম্বৰ সহমতত কৃষ্ণলৈ বিয়া দিয়াৰ সিদ্ধান্ত লৈছিল যদিও ডেকা তেজত গুৰু - গোসাঁই নমনা মইমতীয়া ডেকা ৰুক্মবীৰৰ হেঁচাত সেই সিদ্ধান্ত বাতিল কৰিবলগা হয়। 


২১/ শশীপ্ৰভা কি?

উত্তৰঃ 'ৰুক্মিণী হৰণ' নাটৰ অন্যতম মৌলিক নাৰী চৰিত্ৰৰ ভিতৰত শশীপ্ৰভা অন্যতম। তেলঁ ভীষ্মকৰ পত্নী, ৰুক্মিণী আৰু ৰুক্মবীৰৰ মাতৃ। ভাগৱতপুৰাণ, হৰিবংশ, বিষ্ণু পুৰাণত শশীপ্ৰভাৰ উল্লেখ পোৱা নাযায়। ইয়াৰ বিপৰীতে শংকৰদেৱৰ কাপত শশীপ্ৰভা অনন্য হৈ পৰিছে।

    'ৰুক্মিণী হৰণ' নাটত ৰুক্মিণীৰ বিবাহ প্ৰসংগত শশীপ্ৰভা চৰিত্ৰটোক সংযোজিত কৰা হৈছে। ঘৰত বিবাহৰ উপযুক্ত জীয়ৰী থাকিলে সকলো মাক - বাপেকৰ চিন্তা হয়। ৰুক্মিণীও সকলো ফালৰ পৰা উপযুক্ত। সেয়ে মাক - বাপেকে আত্মীয় - স্বজনৰ লগত আলোচনা কৰি বিবাহৰ কামত আগবাঢ়িছে। নাট্যকাহিনীৰ বিকাশ আৰু পৰিপুষ্টিত এই চৰিত্ৰটোই বিশেষ ভূমিকা গ্ৰহণ কৰা বুলি কব নোৱাৰি।


২২/ লীলাৱতী আৰু মদনমঞ্জৰী কোন?

উত্তৰঃ 'ৰুক্মিণী হৰণ' নাটৰ দুটা মৌলিক চৰিত্ৰ হল লীলাৱতী আৰু মদনমঞ্জৰী। এই নামৰ দুটাৰ  উল্লেখ ভাগৱত পুৰাণত পোৱা নাযায়। নাটখনৰ প্ৰধান নায়িকা ৰুক্মিণীৰ চৰিত্ৰৰ কাৰ্যৰ পৰিস্ফুটনত এই চৰিত্ৰ দুটিয়ে ভালেখিনি ইন্ধন যোগাইছে। লীলাৱতী আৰু মদনমঞ্জৰী ৰুক্মিণীৰ সখীগত প্ৰাণা। তেওঁলোক দুজনীয়ে ৰুক্মিণীৰ কাৰণে নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰিব পাৰে। সখীদ্বয়ে ৰুক্মিণীৰ সুখ - দুখৰ ক্ষেত্ৰত সদাজাগ্ৰত হৈ থাকে। 


২৩/ সমাজ জীৱনৰ  বিষয়ে লিখা?

উত্তৰঃ সমাজ সাহিত্যৰ ভিত্তিভূমি। সমাজ আছে বাবে সাহিত্যও জীয়াই আছে।  'ৰুক্মিণী হৰণ' নাট ৰচনা কৰোতে শংকৰদেৱে অসমীয়া সমাজ জীৱনৰ চিত্ৰ ফুটাই তুলিছে। সমাজ বুলি কলেই আত্মীয় - কুটুম্বৰ সমষ্টি। আমি প্ৰতিজনে সমাজখনৰ সমভাগী হওঁ। সমাজ জীৱনক তুলি ধৰাত নাট্যকাৰৰ অনন্য সৃষ্টি হৈছে বেদনিধিৰ চৰিত্ৰটো। 'ৰুক্মিণী হৰণ' নাটত অসমীয়া সমাজ জীৱনক তুলি ধৰা এটি অন্যতম দিশ হল বিবাহ। কৃষ্ণ - ৰুক্মিণীৰ বিবাহৰ যি পদ্ধতি নাট্যকাহিনীত চিত্ৰিত হৈছে তাৰ মাজত সমাজ জীৱন সুন্দৰৰ ৰুপত প্ৰকাশিত হৈছে। 


Type - Boby Bora



Post ID : DABP003522