চতুৰ্থ গোট

উত্তৰ স্বাধীনতা যুগৰ নাটক আৰু পৰিৱেশ


১/ সাৰদা বৰদলৈয়ে ৰচনা কৰা সামাজিক নাটক কেইখনৰ নাম কি কি?

উত্তৰঃ সাৰদা বৰদলৈয়ে ৰচনা কৰা সামাজিক নাটক কেইখনৰ নাম হল - মগৰীৰব আজান, পহিলা তাৰিখ, সেই বাটেদি আদি জনপ্ৰিয় সামাজিক নাটক।


২/ 'পহিলা তাৰিখ' নাটকখন কিমান চনত ৰচনা কৰা হৈছিল?

উত্তৰঃ 'পহিলা তাৰিখ' নাটকখন ১৯৫৬ চনত ৰচনা কৰা হৈছিল।


৩/ 'নিমিনা অংক' নাটকখন কোনে আৰু কিমান চনত ৰচনা কৰিছিল?

উত্তৰঃ  'নিমিনা অংক' নাটকখন লক্ষ্যধৰ চৌধুৰীয়ে ১৯৫৫ চনত ৰচনা কৰিছিল।


৪/ 'এজাক জোনাকীৰ জিলমিল' নাটকখন কোনে আৰু কিমান চনত ৰচনা কৰিছিল?

উত্তৰঃ 'এজাক জোনাকীৰ জিলমিল' নাটকখন ভবেন্দ্ৰনাথ শইকীয়াই ১৯৯৯ চনত ৰচনা কৰিছিল।


৫/ 'পিতামহৰ শৰশয্যা' নাটকখন কোনে কিমান চনত ৰচনা কৰিছিল?

উত্তৰঃ 'পিতামহৰ শৰশয্যা' নাটকখন মহেন্দ্ৰ বৰঠাকুৰে ১৯৭৩ চনত ৰচনা কৰিছিল।


৬/ অৰুণ শৰ্মাৰ চমু পৰিচয় দিয়া?

উত্তৰঃ অসমীয়া নাট্য সাহিত্যজগতৰ এগৰাকী শক্তিশালী আৰু অবিস্মৰণীয় নাট্যকাৰ হল অৰুণ শৰ্মা। কুৰি শতিকাৰ সত্তৰৰ দশক মানৰ পৰা অসমীয়া নাট্যসাহিত্যলৈ যি নব্য নাট্যচিন্তাৰ উন্মেষ ঘটিছিল তাৰ উল্লেখযোগ্য হোতা আছিল অৰুণ শৰ্মা। নাট্যকাৰ অৰুণ শৰ্মাৰ আঢ়ৈ কুৰিতকৈ অধিক বছৰৰ সুদীৰ্ঘ নাট্য পৰিক্ৰমাত সেয়ে অসমীয়া নাট্য সাহিত্যত সংযোজিত হৈছিল কেতবোৰ অগতানুগতিক আৰু অভিনৱ নাট্য সম্পদ। অৰুণ শৰ্মাৰ নাটকত অসমৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক জীৱনৰ বিভিন্ন দিশৰ বাস্তৱ ছবিবোৰ ফুটি উঠিছে। বিশ্বনাট্য সাহিত্যৰ জ্ঞানেৰে পৰিপুষ্ট অৰুণ শৰ্মাৰ নাটকত বিষয়বস্তৰ নিৰ্বাচন আৰু চৰিত্ৰ চিত্ৰণ উভয় দিশতে অভিনৱত্ব লক্ষ্য কৰিব পাৰি। তেওঁৰ 'আহাৰ', 'পুৰুষ', 'শ্ৰীনিবাৰণ ভট্টাচাৰ্য', 'পৰশুৰাম', 'কুকুৰনেচীয়া মানুহ' আদি নাটকবোৰ তাৰ স্পষ্ট নিদৰ্শন, পুৰুষ নাটকত বাস্তৱবাদ আৰু অভিব্যক্তিবাদৰ সমাহাৰ ঘটিছে আৰু ইয়াত চৰিত্ৰৰ আভ্যন্তৰীণ মৰ্মকথা ৰূপায়িত হৈছে। 

    এগৰাকী সফল নাট্যকাৰ হোৱাৰ লগতে অৰুণ শৰ্মা একাধাৰে এগৰাকী কবি, নিবন্ধকাৰ, ঔপন্যায়িক আৰু সাংবাদিক। তেওঁ ১৯৯৮ চনত 'আশীবাদৰ ৰং' উপন্যাসৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰে। ২০০১ চনত তেওঁ অসম নাট্যসন্মিলন বঁটা, ২০০৩ চনত সংগীত নাটক একাডেমী বঁটা আৰু ২০০৫ চনত জীৱনছোৱা সাহিত্য সাধনাৰ বাবে ''অসম উপত্যকা সাহিত্য বঁটা'ৰে তেওঁক সন্মানিত কৰা হয়।


৭/ এবছাৰ্ড নাটক বুলিলে কি বুজা? 'আহাৰ' নাটকত এবছাৰ্ড লক্ষণ কিদৰে প্ৰতিফলিত হৈছে আলোচনা কৰা।

উত্তৰঃ এবছাৰ্ড শব্দটোৰ অসমীয়া প্ৰতিশব্দ হল উদ্ভট। উদ্ভট মানে অস্বাভাৱিক বা আচহুৱা ধৰণৰ। গতিকে এবছাৰ্ড নাটক বুলি কলে তেনে শ্ৰেণীৰ নাটককে বুজায় যত নাটকত গতানুগতিক নিয়মবোৰ মানি চলা নহয়, অৰ্থাৎ নাটকৰ কাহিনী, চৰিত্ৰ, সংলাপ আদিৰ যথাযথ বা সংগতিপূৰ্ণ প্ৰয়োগ কৰা নহয়। অসংগতি, উদ্দেশ্যহীনতা, অৰ্থশূন্যতা এই শ্ৰেণীৰ নাটকৰ ঘাই লক্ষণ। গতানুগতিক ৰীতিত নাটকৰ দৰে ইয়াত আদি, মধ্য, অন্তযুক্ত এটি সুগঠিত কাহিনী নাথাকে আৰু উপস্থাপন কৰা ঘটনাৰাজি পাৰস্পৰিক সম্পৰ্কবিহীন। 

    বংশ শতিকাৰ দুখনকৈ বিশ্বযুদ্ধৰ ভয়াৱহতাই মানুহৰ মনলৈ সংশয় আৰু অস্তিত্বহীনতাবোধ কঢ়িয়াই আনিছিল। জীৱন আৰু জগত অৰ্থহীন আৰু আন্তঃসাৰশূন্য বুলি মানুহৰ মনত প্ৰত্যয় জন্মিছিল। গতিকে সংশয়পূৰ্ণ জীৱন আৰু জগতৰ এই আন্তঃসাৰশূন্য অৰ্থশূন্যতাৰ ছবিখনৰেই শৈল্পিক ৰূপায়ণ ঘটিবলৈ ধৰে এবছাৰ্ড নাটকত। অসমীয়া নাট্য সাহিত্যত এই এবছাৰ্ড ধাৰণাৰে নাটক ৰচনা কৰোঁতাসকলৰ ভিতৰত পোনতেই নাম লব লাগিব অৰুণ শৰ্মাৰ। অৰুণ শৰ্মাই আহাৰ নাটকত এবছাৰ্ড বা উদ্ভট নাটকৰ প্ৰায়বোৰ লক্ষণেই বিদ্যমান। আহাৰ এক বিশেষ পৰিস্থিতিৰ নাটকীয় ৰূপ। বিষয়বস্ত নিৰ্বাচন আৰু নাট্যৰীতি উভয় দিশতেই আহাৰত এবছাৰ্ড লক্ষণ সুস্পষ্ট।


৮/ কৰুণা ডেকা কিমান চনত জন্ম হৈছিল?

উত্তৰঃ কৰুণা ডেকা ১৯৫০ চনৰ ১ জুন তাৰিখে নলবাৰী জিলাৰ দৌকুছি নামৰ গাঁৱও এখনত জন্ম গ্ৰহণ কৰিছিল।


৯/ কৰুণা ডেকাই ৰচনা কৰা নাট্যকৰ্মসমূহ কি কি?

উত্তৰঃ কৰুণ ডেকাই ৰচনা কৰা নাট্যকৰ্মসমূহ হলঃ উৰুখা, সূৰ্যোদয়, কবৰ, ঘৰাপাক, ইনফ্ৰা ৰেডিঅ'স্কোপ, ছং, শুনা শুনা সভাসদ, কৃষ্ণগুৰু, নিৰ্মল পৰ্ব, যদুকুল, শৰাইঘাট, অভিমন্যু আদি।


১০/ তেওঁ ৰচনা কৰা শিশুনাটসমূহ কি কি?

উত্তৰঃ তেওঁ ৰচনা কৰা শিশুনাটসমূহ হল - পিপুৰ সাধু, প্ৰতিজ্ঞা, গাধৰভাৰ, মটৰ কাৰ, বনৰ দাদা, ৰজাৰ মুকুট, বান্দৰৰ ছবি, চকলেটৰ তৰোৱাল, ঈদৰ টুপী, পানীৰ টোকা, বেঙাৰ এনিশা, বাঁহীৰ সুৰ, বীণবৰাগী, অভিমন্যু, বননিৰ মাজত, ইলেক্টনিক  চক, পিজলা, কনকলতা আদি।


১১/ কৰুণা ডেকা উল্লেখযোগ্য ব্যংগ ৰচনাসমূহ কি কি?

উত্তৰঃ কৰুণা ডেকা উল্লেখযোগ্য ব্যংগ ৰচনাসমূহ হলঃ দৃশ্যগ্ৰহণ (২০০১ চিত্ৰসংবাদ কাকতত প্ৰকাশিত), ৰস ৰচনা (২০০৯-১১ এদিনৰ সংবাদ কাকতত প্ৰকাশিত), তেৰা - বেঁকা (২০১২ - ১৩ সাদিন কাকতত প্ৰকাশিত) আদি।


১২/ 'বন্ধু' নামৰ শিশু উপন্যাসখন কিমান চনত ৰচনা কৰা হৈছিল?

উত্তৰঃ 'বন্ধু' নামৰ শিশু উপন্যাসখন ১৯৯৫ চনত ৰচনা কৰা হৈছিল।


Type - Boby Bora   



Post ID : DABP003524