Back To Book Content 

প্ৰথম অধ্যায়

নৃতত্ত্বৰ পৰিচয় আৰু পটভূমি

Short Answer 

Q) কিমানটা শব্দৰ সমাহাৰেৰে নৃতত্ত্ব শব্দটো সৃষ্টি হৈছে?

উত্তৰঃ দুটা শব্দৰ সমাহাৰেৰে নৃতত্ত্ব শব্দটো সৃষ্টি হৈছে।


Q) নৃ শব্দ আৰু তত্ত্ব শব্দৰ অৰ্থ কি?

উত্তৰঃ নৃ শব্দৰ অৰ্থ হৈছে মানুহ আৰু তত্ত্ব শব্দৰ অৰ্থ হৈছে বিজ্ঞান।


Q) নৃতত্ত্বক ইংৰাজী ভাষাত কি বুলি কোৱা হয়?

উত্তৰঃ নৃতত্ত্বক ইংৰাজী ভাষাত এন্থ্ৰ'প'ল'জি (Anthropology) বুলি কোৱা হয়।


Q) এন্থ্ৰ'প'ল'জি (Anthropology) কি শব্দৰ পৰা উৎপত্তি হৈছে?

উত্তৰঃ এন্থ্ৰ'প'ল'জি (Anthropology) দুটা গ্ৰীক শব্দ এন্থ্ৰ'প'ছ (Anthropos) বা মানুহ আৰু লগচ্ (logos) বা বিজ্ঞান সংযোজন হৈ উৎপত্তি হৈছে?


Q) নৃতত্ত্বই সামাজিক প্ৰাণী হিচাপে মানুহক অধ্যয়ন কৰে বোলি কোনে কৈছে?

উত্তৰঃ মাৰ্কিন নৃতাত্ত্বিক ফ্ৰেঞ্জ ব'ৱাছৰ মতে নৃতত্ত্বই সামাজিক প্ৰাণী হিচাপে মানুহক অধ্যয়ন কৰে বোলি কৈছে।


Q) এম, জে, হাৰস্ক'ভিটচৰ (M.J Herskovits) সংজ্ঞা মতে নৃতত্ত্ব কি?

উত্তৰঃ এম, জে, হাৰস্ক'ভিটচৰ (M.J Herskovits) সংজ্ঞা মতে নৃতত্ত্ব হ'ল মানুহ আৰু তেওঁৰ কাৰ্য্য সমূহৰ অধ্যয়ন।


Q) নৃতত্ত্বই পৃথিৱীৰ মানৱগোষ্ঠীসমূহৰ কি কি লক্ষণ তুলনামূলক ভাবে অধ্যয়ন কৰে?

উত্তৰঃ নৃতত্ত্বই পৃথিৱীৰ মানৱগোষ্ঠীসমূহৰ সমাজ-সংস্কৃতি আৰু প্ৰক্ইতিহাসৰ লগতে আবয়বিক লক্ষণ আদিৰ সম্যক আৰু তুলনামূলক অধ্যয়ন কৰে।


Q) নৃতত্ত্ব মানে কি?

উত্তৰঃ নৃতত্ত্ব মানে হ'ল মানুহৰ সকলো দিশ সম্যক আৰু তুলনামূলক়ভাৱে অধ্য়য়ন কৰা বিজ্ঞান বিষয়।


Q) নৃতত্ত্বই মানৱ জীৱনৰ সকলো দিশ কিহৰ উপৰত ব্যাখ্যা কৰে?

উত্তৰঃ নৃতত্ত্বই মানৱ জীৱনৰ সকলো দিশ বৈজ্ঞানিক দৃষ্টিভংগীৰে ব্যাখ্যা কৰে।


Q) নৃতত্ত্বক কি বিষয় হিচাপে স্বীকৃতি দিয়া হয়?

উত্তৰঃ নৃতত্ত্বক বিজ্ঞান বিষয় হিচাপে স্বীকৃতি দিয়া হয়।


Q) কোনে প্ৰথম এন্থ্ৰ'প'ল'জি শব্দটো ব্যৱহাৰ কৰিছিল?

উত্তৰঃ গ্ৰীচৰ দাৰ্শনিক পণ্ডিত এৰিষ্টট্লে পোনতে এন্থ্ৰ'প'ল'জি শব্দটো ব্যৱহাৰ কৰিছিল।


Q) কিমান শতিকাত কিমান চনত কোনে এন্থ্ৰ'প'ল'জি নামে এখন কিতাপ লিখিছিল?

উত্তৰঃ ওঠৰশ শতিকাৰ জাৰ্মান মনীষী কান্তে ১৭৮৯ চনত ন্থ্ৰ'প'ল'জি নামে এখন কিতাপ লিখিছিল।


Q) ইংৰাজী ভাষাত এন্থ্ৰ'প'ল'জি শব্দটো কিমান চনত এখন বেনামী কিতাপৰ মাধ্যমেৰে প্ৰবেশ ঘটে?

উত্তৰঃ ইংৰাজী ভাষাত এন্থ্ৰ'প'ল'জি শব্দটো ১৬৫৫ চনত এখন বেনামী কিতাপৰ মাধ্যমেৰে প্ৰবেশ ঘটে।


Q) কিমান চনত এন্থ্ৰ'প'ল'জি শব্দটো বৃটিছ বিশ্বকোষত স্থান লাভ কৰিছিল?

উত্তৰঃ এন্থ্ৰ'প'ল'জি শব্দটো ১৮২২ বৃটিছ বিশ্বকোষত স্থান লাভ কৰে।


Q) কিমান চনত কোনখন বিখ্য়াত গ্ৰন্থখন প্ৰকাশ পোৱাৰ পিছতহে নৃতত্ত্বক বিজ্ঞান বিষয় হিচাপে স্বীকৃতি দিছিল?

উত্তৰঃ ১৮৫৯ চনত ছাৰ্লছু ডাৰউইনৰ নামৰ বিখ্যাত গ্ৰন্থখন প্ৰকাশ পোৱাৰ পিছতহে নৃতত্ত্বক বিজ্ঞান বিষয় হিচাপে স্বীকৃতি দিয়া হয়।


Q) ভাৰতবৰ্ষৰ নৃতত্ত্বৰ ইতিহাসক কেইটা কালত বিভক্ত কৰে?

উত্তৰঃ ভাৰতবৰ্ষৰ নৃতত্ত্বৰ ইতিহাসক তিনিটা কালত বিভক্ত কৰে।


Q) কিমান চনত বোম্বাই বিশ্ববিদ্যলয়ত সমাজ বিজ্ঞান বিভাগত স্থাপন কৰা হয়?

উত্তৰঃ ১৯১৯ চনত বোম্বাই বিশ্ববিদ্যলয়ত সমাজ বিজ্ঞান বিভাগত স্থাপন কৰা হয়।


Q) কিমান চনত অসমৰ কটন মহাবিদ্যালয়ত নৃতত্ত্ব বিভাগ স্থাপন কৰা হয়?

উত্তৰঃ ১৯৪৭ চনত অসমৰ কটন মহাবিদ্যালয়ত নৃতত্ত্ব বিভাগ স্থাপন কৰা হয়।


Q) নতত্ত্বৰ প্ৰধান কেইটা শখাত বিভক্ত কৰিব পৰি আৰু কি কি?

উত্তৰঃ নৃতত্ত্বক দুটা শাখাত বিভক্ত কৰিব পৰি। যেনে- আয়বিয় নৃতত্ত্ব আৰু সাংস্কৃতিক নৃতত্ত্ব।

 

Q) আবয়বিক নৃতত্ত্বই কি অধ্যয়ন কৰে?

উত্তৰঃ আবয়বিক নৃতত্ত্বই মানুহৰ বিবৰ্তন আৰু বিভিন্নতা বা পৰিবৃত্তিৰ বিষয়ে অধ্যয়ন কৰে।


Q) প্ৰজাতি কাক বোলে?

উত্তৰঃ পৃথিৱীৰ মানৱগোষ্ঠীক কিছুমান আনুবংশিক লক্ষণৰ ওপৰত ভিত্তি কৰি কেইটামান গোটত ভাগ কৰা হৈছে। প্ৰতিটো গোটকে প্ৰজাতি বালা হয়।


Q) দেহ নিৰীক্ষণ তত্ত্ব আৰু নৃ-দেহমাপতত্ত্ব কাক বোলে?

উত্তৰঃ মানুহৰ দেহ নিৰীক্ষণ কৰাক দেহ নিৰীক্ষণ তত্ত্ব আৰু মানৱ শৰীৰৰ জোখ-মাৰ্খ লোৱাক নৃ-দেহমাপতত্ত্ব বোলে।


Q) প্ৰজাতি কাক বোলে?

উত্তৰঃ পৃথিৱীৰ মানৱগোষ্ঠীক কিছুমান আনুবংশিক লক্ষণৰ ওপৰত ভিত্তি কৰি কেইটামান গোটত ভাগ কৰা হৈছে। প্ৰতিটো গোটকে প্ৰজাতি (Race) বোলা হয়।


Q) সমাজিক নৃতাত্ত্বিক ইভান্স প্ৰিটছাৰ্ডৰ মতে কিহৰ বিষয়ে অধ্যয়ণ কৰে?

উত্তৰঃ সামাজিক নৃতাত্ত্বিক ইভান্স প্ৰিটছাৰ্ডৰ মতে সমাজিক আচৰণসমূহৰ বিষয়ে অধ্যয়ন কৰে।


Q) কোনে আৰু কিমান চনত 'The Aims of Anthropology' নামৰ গবেষণা পত্ৰখনত পোন প্ৰথমবাৰৰ কৰণে প্ৰায়োগিক নৃতত্ত্বৰ ধাৰণা দিবলৈ যত্ন কৰিছিল?

উত্তৰঃ ডেনিয়েল জি ব্ৰিণ্টনে ১৮৯৫ চনত 'The Aims of Anthropology' নামৰ গবেষণা পত্ৰখনত পোন প্ৰথমবাৰৰ কৰণে প্ৰায়োগিক নৃতত্ত্বৰ ধাৰণা দিবলৈ যত্ন কৰে।


Q) ক্ৰিয়া নৃতত্ত্ব শব্দটো পোন প্ৰথম বাৰৰ বাবে কোনে প্ৰয়োগ কৰিছিল?

উত্তৰঃ ক্ৰিয়া নৃতত্ত্ব শব্দটো পোন প্ৰথম বাৰৰ বাবে সোল টেক্সে প্ৰয়োগ কৰিছিল।


Q) নৃতাত্ত্বিকসকলে কি উদ্দেশ্যে প্ৰাইমেট প্ৰত্নজীৱতত্ত্ব অধ্যয়ণ কৰে?

উত্তৰঃ পৃথিৱীত মানুহৰ আবিৰ্ভাৱৰ ৰহস্য জনাৰ উদ্দেশ্যে নৃতাত্ত্বিকসকলে প্ৰাইমেট প্ৰত্নজীৱতত্ত্ব অধ্য়য়ণ কৰে।


Q) প্ৰাইমেট প্ৰত্নজীৱতত্ত্ব কি?

উত্তৰঃ প্ৰাইমেট প্ৰত্নজীৱতত্ত্ব হ'ল লুপ্ত হৈ যোৱা প্ৰাইমেটৰ জীৱাশ্ম অধ্যয়ণ কৰা বিজ্ঞান।


Q) প্ৰত্ন-নৃতত্ত্ব কিহৰ ওপৰত অধ্যয়ণ কৰা হয়?

উত্তৰঃ প্ৰত্ন-নৃতত্ত্ব প্ৰাক্ মানৱ আৰু আদি মানৱৰ লাওখোলা আৰু হাড়সমূহৰ জোখ-মাখ লৈ সেই সমূহৰ উৎপত্তি, ক্ৰমবিকাশ আদিৰ ওপৰত তুলনাত্মক অধ্যয়ণ কৰা হয়।


Answer by- Punya Hazarika.



Post Id: DABP003836