Back To Book Content 


 

  ভূ - আকৃতি আৰু বিকাশ 

Chapter 7

১। ভূ - আকৃতি কি ?

উত্তৰঃ সাধাৰণ অৰ্থত ভূ - আকৃতি মানে হ'ল সৰুৰ পৰা আৰম্ভ কৰি মধ্য়মীয়া আকাৰৰ ভূ - খণ্ড বা স্থলভাগ ।


২।মনাডন'ক কাক বোলে ?

উত্তৰঃ সমপ্ৰায়ভূমিত কঠিন আৰু ক্ষয় নোহোৱাকৈ অৱশিষ্ট শিলা অত-ত'ত সিঁচৰতি হৈ থাকে। এইবোৰক মনাডন'ক (monadanox) বোলে। 


৩। জলগৰ্তিকা কাক বোলে ?

উত্তৰঃ পাহাৰৰ শিলাময় ঢালেৰে প্ৰবাহিত নদীৰ খনন কাৰ্য আৰু শিলাৰ মাজত হোৱা পৰস্পৰ ঘৰ্ষণৰ ফলত কিছুমান বৃত্তাকৃতিৰ গাতৰ সৃষ্টি হয়। এনে গাতক জলগৰ্তিকা বোলে।


৪। অৱনমিত কুণ্ড কাক বোলে ?   

উত্তৰঃ জলপ্ৰপাতৰ ফলতো ওখ ঠাইৰ পৰা য'ত পানী পৰে তেনে ঠাইত একোটাহত গাতৰ সৃষ্টি হয়। এনে গাতত পানী, শিলগুটি আৰু ভূমিশিলাৰ (bedrocks) মাজত বৃত্তাকাৰে সংনিঘৰ্ষণ হৈ গাতৰ আকাৰ ক্ৰমে ডাঙৰ আৰু দ' হ'বলৈ ধৰে । জলপ্ৰপাতৰ গুৰিত (base) সৃষ্টি হোৱা ডাঙৰ আৰু দ’ গাতক অৱনমিত কুণ্ড (plunge pools) বোলে। 


৫। গভীৰীভূত বিসৰ্প কাক বোলে ?

উত্তৰঃ নদীৰ নিম্নগতি অঞ্চলত অথবা প্লাবন ভূমি আৰু ব-দ্বীপ অঞ্চলত ঢাল অতিমাত্ৰা কম হোৱা হেতুকে নদী বিসৰ্পিল গতিৰে প্রবাহিত হয়। কঠিন শিলাৰ ওপৰেৰে প্ৰবাহিত নদীয়ে দ আৰু বহল বিসৰ্পৰ সৃষ্টি কৰিব পাৰে। এনে বিসর্পক অধঃকর্তিত বা গভীৰীভূত বিসৰ্প বোলে ।


৬। অযুগ্মিতা বেদিকা কাক বোলে ?

উত্তৰঃ যেতিয়া নদীৰ কেৱল এটা পাৰত বা মাত্ৰ একাষত বেদিকা দেখা যায় আৰু আনটো পাৰত বেদিকা নাথাকে নাইবা বেদিকা থাকিলেও দুয়োপাৰৰ বেদিকা সমান উচ্চতাত নাথাকে তেনে বেদিকাক অযুগ্মিতা বেদিকা বোলে । 


৭।  নদী বেদিকাৰ উৎপত্তিৰ মূল কাৰণবোৰ কি কি ?

উত্তৰঃ  নদী বেদিকাৰ উৎপত্তিৰ মূল কাৰণবোৰ  হ'ল  - 

(i) জলপ্রবাহ হ্রাস হোৱা,

 (ii) জলবায়ু পৰিবৰ্ত্তনৰ কাৰণে জলীয় ক্ষেত্ৰৰ (hydrological regime) পৰিৱৰ্তন,

 (iii) বিৱৰ্তনিক কাৰণত ভূ-উত্থান,

 (iv) যদি নদী সমুদ্ৰৰ পাৰ্শ্বৱৰ্তী অঞ্চলত অৱস্থিত হয় আৰু সমুদ্রপৃষ্ঠৰ পৰিৱৰ্তন হয় । তেনে বেদিকা গঠন হ'ব পাৰে ।


৮।   যুগ্ম বেদিকা আৰু অযুগ্ম কি ?

উত্তৰঃ নদীৰ বেদিকা উপত্যকাৰ দুয়ো ফালে সমান সমান উচ্চতাত যুটীয়াভাৱে গঠিত হয় বাবে এইবোৰক যুগ্ম বেদিকা বোলে আৰু যিবোৰ অঞ্চলত ভূ-উত্থানৰ (land upliftment) গতি ধীৰ নাই বা জলস্তৰ পৰিৱৰ্তন দুয়োপাৰে অসমান বা সংগতিহীন তেনে ঠাইত অযুগ্ম বেদিকা দেখা যায় ।


৯। জলবিতাৰিকা কাক বোলে ? 
উত্তৰঃ সচৰাচৰ, বাজানাৰূপ পলসৰ মাজেৰে প্ৰবাহিত নদী পূৰ্বৰ গতি পথেৰে প্ৰবাহিত নহৈ কিছুমান শাখাত বিভক্ত হৈ ববলৈ ধৰে। এইবোৰক জলবিতাৰিকা (distributaries) বোলে। 


১০। নদী বেদিকা কি ?
উত্তৰঃ নদী বেদিকা হ'ল প্ৰাৰম্ভিক প্লাবনভূমি স্তৰ নাইবা পুৰণি উপত্যকাৰ প্ৰতিকী চিহ্ন। বেদিকাবোৰ আধাৰশিলা পৃষ্ঠৰ অবয়ব। এইবোৰত পলস থাকিবও পাৰে নাইবা নাথাকিবও পাৰে। বেদিকা সাধাৰণতে নদীৰ উলম্বিক খননৰ কাৰণে সৃষ্টি হয়। বিভিন্ন উচ্চতাত থকা যুগ্ম বেদিকাবোৰে বিভিন্ন সময়ত নদীৰ জলস্তৰৰ বিষয়ে আভাষ দিয়ে।


১১।সক্রিয় প্লাবন ভূমি আৰু নিশ্চেষ্ট প্লাবন ভূমি কাক বোলে ?  

উত্তৰঃ আকৃতিৰ পদাৰ্থ যেনে— বালি, পলস বোকা আদি তুলনামূলকভাৱে ধীৰ জলধাৰাৰাই কঢ়িয়াই নি নদীতলত জমা কৰাৰ উপৰিও বাৰিষা কালত যেতিয়া নদী ফেনে ফোটোকাৰে বাঢ়ি উপচি পৰে তেতিয়া দুয়োপাৰে এইবোৰ জমা হ'বলৈ ধৰে। নদীৰ অৱক্ষেপন কাৰ্যৰ দ্বাৰা সৃষ্ট নদীতলক সক্রিয় প্লাবন ভূমি বোলে। নদীৰ দুয়োপাৰে নদীতলতকৈও ভূমিত জমা হৈ সৃষ্টি হোৱা ভূমিক নিশ্চেষ্ট  প্লাবন ভূমি বোলে। 


১২। ব-দ্বীপীয় সমভূমি কাক বোলে ?

উত্তৰঃ প্লাবনভূমিৰ ওপৰত তেজ্য বা মৰাসুতিৰ দ্বাৰা সৃষ্ট এনে অবয়ব স্থূল কণিকাৰে গঠিত ঢল বা বাঢ়নী পানীয়ে পলস, বোকা আদি সৰু আৰু মিহি পদাৰ্থবোৰ কঢ়িয়াই নিয়ে আৰু সেইবোৰ নদীৰ উপত্যকাত জমা কৰে। ব-দ্বীপ অঞ্চলত সৃষ্টি হোৱা প্লাবন ভূমিক ব-দ্বীপীয় সমভূমি বোলে।


১৩। নদী বিসৰ্পী কাক বোলে ?

উত্তৰঃ প্লাবনভূমি আৰু বদ্বীপ অঞ্চলত নদীয়ে কাচিৎহে পোন বাটে গতি কৰে । গতিপথত অলপ বাধা পালেই লুপ (loop) বা বক্রাক্রিতিক পথেৰে গতি কৰিবলৈ ধৰে। ইয়াকেই নদী বিসৰ্প বোলে।

১৪। বিসৰ্পী ৰোধিকাক কি নামেৰে জনা যায় ?

উত্তৰঃ বিসৰ্পী ৰোধিকাক বিসৰ্পিল বোধিকা নামেৰেও জনা যায় ।  

১৫। ব - দ্বীপ কি ? ( চমুকৈ লিখা ) 

উত্তৰঃ ব-দ্বীপ বাজানাৰূপ পলস সদুস যদিও ইয়াৰ অৱস্থিতি আৰু গঠন নদীপথৰ শেষ বা বৃদ্ধ অঞ্চলত হয়। নদীয়ে কঢ়িয়াই অনা জাৱৰ-জোঁথৰবোৰ মোহনা অঞ্চলত জমা কৰে আৰু  



কিছুমান সাগৰলৈ নিক্ষেপ কৰে। যদি এইবোৰ অধিক পৰিমাণে সমূদ্ৰলৈ নিক্ষেপিত নহয় তেন্তে মোহনা অঞ্চলত ক্ৰমান্বয়ে জমা হ'বলৈ ধৰে আৰু নিম্ন শংকু আকৃতিৰ ভূ অবয়বৰ সৃষ্টি কৰে ৷ বাজানাৰূপ পলসৰ ক্ষেত্ৰত অৱক্ষেপন হোৱা পদাৰ্থবোৰৰ স্তৰবোৰ স্পষ্ট নহয় ৷ আনহাতে ব-দ্বীপ অঞ্চলত জমা হোৱা পদাৰ্থবোৰৰ ক্ষেত্ৰত স্তৰবোৰ সুস্পষ্ট ৰূপে স্তৰীকৃত। ডাঙৰ আৰু গধুৰ পদাৰ্থবোৰ তলত জমা হয় আৰু সৰু তথা মিহি আৰু কম ঘনত্বৰ পদাৰ্থবোৰ ওপৰৰ স্তৰত জমা হোৱা দেখা যায়। পলস আৰু বোকা জাতীয় পদাৰ্থবোৰ সমুদ্ৰৰ দিশলৈ জমা হ'বলৈ ধৰে। ব দ্বীপৰ আকৃতি বাঢ়ে আৰু জলবিতাৰিকাৰ দৈৰ্ঘ্য বাঢ়ি সমূদ্ৰৰ দিশলৈ ব-দ্বীপৰ আকৃতি ডাঙৰ হ'বলৈ ধৰে (চিত্ৰ - ৭.৫) ।

১৬। উপত্যকা গর্ত বা য়ুভালা কাক বোলে ?

উত্তৰঃ যেতিয়া ঘোল ৰন্ধ্ৰ বা দোলাইন ওপৰৰ মূধচ খহি পৰি নাইবা পদাৰ্থৰ স্খলনৰ দ্বাৰা পৰস্পৰে মিলিত হয় তেতিয়া তুলনামূলকভাৱে দীঘল আৰু ঠেক গাতৰ (Trench) সৃষ্টি হয়। এইবোৰক উপত্যকা গর্ত বা য়ুভালা বোলে ।

১৭। গ্ৰাৱ কি ? ( চমুকৈ লিখা )

উত্তৰঃ হিম গ্ৰাৱ গোলাশ্ম-মৃত্তিকাৰ অৱক্ষেপজনিত পার্শ্বীয় গ্ৰাৱ দীঘলীয়া আকৃতিৰ শৈলশিৰা । প্ৰান্তগ্ৰাৱ হিমবাহৰ অন্তিম ভাগত জমা হোৱা অৱক্ষেপজনিত অবয়ব হিমবাহ উপত্যকাত সমান্তৰালভাৱে জমা হোৱা গ্ৰাৱ ৷ পৰ্শ্বীয় গ্ৰাৱ, প্ৰান্তীয় গ্ৰাৱৰ সতে মিলি অশ্বখুড়াকৃতিৰ শৈলশিৰা গঠন কৰিব পাৰে (চিত্র - ৭.১৩)। হিমবাহ উপত্যকাৰ উভয় পাৰতেই বহুতো পার্শ্বীয় গ্ৰাৱ থাকিব পাৰে । এই পদাৰ্থবোৰ হিমজল অৱক্ষেপনৰ প্ৰমাণ ৷ বহুতো উপত্যকা হিমবাহে তুলনামূলক খৰতকীয়া গতিৰ হেতু হিমতল উপত্যকাত বৰ্জিত কৰি আহে। এনে অৱক্ষেপনৰ ঘনত্বৰ আঞ্চলিক পার্থক্য (কম বেছি) আছে। এইবোৰক ভূমি গ্ৰাৱ বোলে। কেতিয়াবা দুটা হিমবাহ মিলিত হৈ প্রবাহিত হয় আৰু দুয়োটাৰ পাৰ্শ্বীয় গ্ৰাৱ মিলিত হৈ মধ্যভাগেৰে (হিমবাহৰ) বৈ আহি জমা হোৱাৰ ফলত মধ্যগ্ৰাৱৰ সৃষ্টি হয়।     পার্শ্ব গ্ৰাৱৰ তুলনাত, মধ্য গ্রাৱবোৰ ঠিকমতে গঠিত হোৱা দেখা নাযায়। আনকি বহু সময়ত মধ্য গ্ৰাৱ আৰু ভূমি গ্ৰাৱৰ মাজত পাৰ্থক্য বিচাৰি পোৱাই কঠিন হয়।


১৮। ফিয়ৰ্ড কাক বোলে ?

উত্তৰঃ কেতচিয়াবা উচ্চ অক্ষাংশ অঞ্চলত হিমানী মূল উপত্য়কা বহু দ ' বা গভীৰ হলে সমীদ্ৰৰ পানীৰে আবৃত হয় ফলত , প্ৰায় ত্ৰিকোণীয় ঝুলন উপত্য়কাৰ খননজনিত ঠাইবোৰে তটৰেখা অসমান কৰে । ইয়াকে ফিয়ৰ্ড বোলে ।

১৯। এস্কাৰ কি ? ( চমুকৈ লিখা )

উত্তৰঃ গ্রীষ্মকালি যেতিয়া বৰফ গলে, পানী বৰফৰ ওপৰেৰে বৈ যায় বা বৰফৰ সীমাৰে তললৈ জিপ জিপকৈ সোমাই বা বৰফৰ মাজত থকা কোনো বিন্ধাৰে সোমাই যায়। বৰফৰ তলত এনেধৰণৰ জমা হোৱা পানী নিজৰাৰ দৰে নিৰ্দ্দিষ্ট পথেৰে ববলৈ ধৰে। এনেকুৱা জুৰিবোৰে মাটিৰ ওপৰেৰে ববলৈ দৰে (কোনো ধৰণৰ মাটিত সৃষ্টি হোৱা উপত্যকাৰে । নহয়) আৰু সিহঁতৰ দুয়োটা পাৰ নিয়ন্ত্ৰিত হয় গোটা বৰফেৰে। কিছু ডাঙৰ খহটা শিলবোৰ আৰু কিছুমান ক্ষুদ্ৰ ক্ষুদ্র আবর্জনা সোঁতত আহি, বৰফৰ তলেৰে বৈ থকা জুৰিবোৰৰ বুকুত জমা হ'বলৈ ধৰে। এই ধৰণে জমা হোৱা গেদবোৰে মথাউৰিৰ দৰে দীঘলীয়াকৈ বৈ জমা হয়, এনেকুৱা আকৃতিৰ ভূ-অবয়বকে এস্কাৰ বোলে ৷ বৰবোৰ গলি নাইকীয়া হ'লেহে, এস্কাৰবোৰ দেখা যায় ।

২০। হিমানী অৱক্ষেপন ভূমিৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ  বৰফাবৃত পৰ্বতৰ নামনিত নতুবা মহাদেশীয় হিমবাহৰ শেষ প্ৰান্তত বৰফ আৰু পানীৰ যুটীয়া বা মিলিত প্রচেষ্টাত একোখন অৱক্ষেপন ভূমিৰ সৃষ্টি হয়; এইবোৰ দেখাত বহল সমতল পলস বিছনিৰ ব্যঞ্জনৰ দৰে। এনেকুৱা সমতল সৰু বৰ শিলা, খহতা বালি, মিহি বালি-বোকা আদিৰে গঠিত আৰু ইয়াক হিমানী অৱক্ষেপন ভূমি বোলা হয় ।

২১। সাগৰীয় ঢৌ বা সোঁত কি ?  ( চমুকৈ লিখা )

উত্তৰঃ সাগৰীয়া ঢৌ আৰু সোঁত  উপকূলীয় প্রক্রিয়াবোৰ অধিক পৰিৱৰ্তনশীল ( অস্থিৰ ) আৰু সেইকাৰণে অধিক ধ্বংসমুখী।উপকূলত হোৱা কিছুমান পৰিৱৰ্তন খুব বেগাই সংঘটিত হয়। এটা ঋতুত কোনো এখন ঠাইত খনন কাৰ্য হ'লে আন এখন ঠাইত অৱক্ষেপন হয়। উপকূলত হোৱা অধিকবোৰ পৰিৱৰ্তনেই, ঢৌৰ ক্ৰিয়াৰ ফলত হয়। ঢৌবোৰে পাৰত খুন্দা খাই, পানীবোৰ খুব জোৰেৰে উপকূলত চিটিকি পৰে আৰু একে সময়তে সাগৰৰ তলিত থকা গেদবোৰ ভীষণভাৱে আন্দোলিত হয়। অনবৰতে চলি থকা ঢৌৰ খুন্দাই উপকূলত সাংঘাটিক ধৰণে ক্ৰিয়া কৰে। ধুমুহা আৰু ছুনামি ঢৌৱে কম সময়ৰ ভিতৰতে সাধাৰণ ঢৌতকৈ বহুগুণে বেছি ক্ষতি কৰিব পাৰে এনেকুৱা পৰিৱেশ নাইকীয়া হ'লে সাধাৰণ ঢৌৱে কৰা ক্ষতিত প্ৰাৱল্যৰ পৰিৱৰ্তন হয়।ঢৌৰ ক্ৰিয়াৰ ওপৰিও, উপকূলীয় ভূ-গঠন নিৰ্ভৰ কৰে (i) স্থলভাগ আৰু সাগৰীয় তলিৰ ভূ-অবয়বৰ ধৰণৰ ওপৰত (ii) উপকূলটো উঠি অহা ( উত্থিত ) উপকূল নে বহি যোৱা নিমজ্জিত উপকূল। সাগৰ পৃষ্ঠ একে উচ্চতাত থকা বুলি ধৰি লৈ, উপকূলীয় ভূ-অবয়বৰ ক্ৰমবিকাশৰ ধাৰণাটো ব্যাখ্যা কৰিবলৈ দুই প্ৰকাৰৰ উপকূলক বিবেচনা কৰা হয় - 
(i) উচ্চ শিলাময় উপকূল ( নিমজ্জিত উপকূল ); (ii) নিম্ন, মিহি আৰু লাহে লাহে এঢলীয়া গেদীয় উপকূল ( উত্থিত উপকূল )।

২২। বাৰ, প্ৰাচীৰ আৰু স্পিট কাক বোলে লিখা ?

উত্তৰঃ শিল-বালিৰে তৈয়াৰী শৈল শিৰাবোৰ, যিবোৰ তটীয় অঞ্চলত দেখা যায় ( নিম্ন জোৱাৰৰ পানীৰ ৰেখাৰ পৰা সাগৰৰ ফালে ) আৰু উপকূলৰ সমান্তৰালভাৱে থাকে তাকে কোৱা হয় আত  তটীয় বাৰ । দূৰ তটীয় বাৰ এটাত অধিক বালি জমা হৈ যেতিয়া জল  ( পানী ) পৃষ্ঠৰ ওপৰলৈ আহে তেতিয়া তাক প্ৰাচীৰ বা প্ৰাচীৰ বাৰ বোলা হয়। এনে ধৰণৰ বাৰ/বালিৰ মথাউৰিবোৰ নদীৰ মোহনাত বা উপসাগৰৰ মুখত সাধাৰণতে গঢ়ি উঠে। এনে ধৰণৰ প্ৰাচীৰ বাৰ যেতিয়া উপসাগৰৰ এটা মূৰত গঠিত হৈ আগবাঢ়ি যায় তেতিয়া তাক স্পিট বোলে।

২৩। খনন কাৰ্যৰ ফলত হোৱা ভূ-অবয়ববোৰ কি কি আৰু প্ৰতেকৰ বিষয়ে চমুকৈ লিখা ?

উত্তৰঃ খনন কাৰ্যৰ ফলত হোৱা ভূ-অবয়ববোৰ হ'ল - গৰা, বেদিকা, গুহা আৰু দম ।

    ঢৌৱে সৃষ্টি কৰা গৰা, আৰু বেদিকা হ'ল দুবিধ খনন ক্ৰিয়াৰ ফলত হোৱা উপকূলীয় অবয়ব। সাগৰৰ পাৰত থকা গৰাবোৰ সদায় থিয় আৰু ইয়াৰ উচ্চতা কেইমিটাৰমানৰ পৰা আৰম্ভ কৰি ৩০ মিটাৰ বা তাৰো ওপৰত থাকিব পাৰে ৷ এনেকুৱা গৰাৰ থিক তলতে থাকে এখন সমান বা অলপ ঢালযুক্ত চোতাল য'ত পৰি থাকে গৰাৰ পৰা খহি অহা শিল আৰু আন আৱৰ্জনাবোৰ ৷ ঢৌৰ গড় উচ্চতাৰ ওপৰত থকা এনে চোতালক ( platform ) ঢৌ খচিত বেদিকা (wave-cut terrace) বোলা হয়।

     গৰাৰ গুৰিত ঢৌৱে খুন্দিয়াই খুন্দিয়াই একোটা গাতৰ সৃষ্টি কৰে। এই গাতবোৰে যথেষ্ট গভীৰ আৰু ডাঙৰ হ'লে তাক সাগৰীয়া গুহা (Sea Cave) বোলা হয়। 

    সময়ৰ সোঁতত গুহাৰ ওপৰৰ চিলিংখন ( roof ) খহি পৰে আৰু গৰাটো স্থলভাগৰ পিনে পিছুৱাই যায় (recede)। এনেকৈ গৰাটো পিচুৱাই যাওতে টান শিলাখণ্ড দুই এটা অকলশৰীয়া হৈ দ্বীপৰ দৰে থাকি যায় উপকূলত এনেকুৱা টান শিলাখণ্ডক, যিটো আগতে গৰাৰ বা পাহাৰৰ অংশ আছিল তাকে সাগৰীয়া দম (Sea stacks) বোলা হয়। আন আন ভূ-অবয়বৰ দৰে সাগৰীয় দমবোৰো অস্থায়ী। 

    অৱশেষত উপকূলীয় পাহাৰ আৰু গৰাবোৰ ঢৌৰ খনন কাৰ্যৰ ফলত নাইকীয়া হৈ পৰে আৰু ঠেক উপকূলীয় সমভূমিৰ সৃষ্টি হয়। স্থলভাগৰ পৰা আহি জমা হোৱা গেদবোৰে শেষত আগৰ সকলোকে তল পেলায়, বালিৰে গঠিত এখন বহল সাগৰীয় পাৰৰ (Sea beach) সৃষ্টি কৰে ।

২৪। প্লায়া কি ?  ( চমুকৈ লিখা )

উত্তৰঃ মৰুভূমি অঞ্চলত সমতল ভূ-অবয়বৰে প্ৰাধান্য অধিক। পর্বত পহোৰে ঘেৰি ৰখা দ্ৰোণীবোৰত নদ-নদীবোৰৰ গতিৰ লক্ষ্যস্থান হ'ল দ্ৰোণীৰ কেন্দ্ৰস্থল। চাৰিওফালৰ ওখ ঠাইৰ পৰা অহা পদাৰ্থবোৰৰ অৱক্ষেপনৰ ফলত দ্ৰোণীৰ চাৰিওফাল লাহে লাহে কেন্দ্ৰৰ ফালে এঢলীয়া হৈ পৰে । অধিক বৰষুণ হ'লে দ্ৰোণীৰ মধ্যভাগত পানী জমা হৈ তৰাং সৰোবৰৰ সৃষ্টি হয়। এনেকুৱা সৰোবৰ তেনেই অস্থায়ী। বহুদিন বৰষুণ নহ'লে হ্ৰদৰ পানী শুকাই নাইকীয়া হৈ যায়। এনেকুৱা তৰাং হ্রদকে প্লায়া বোলে। বহু সময়ত প্লায়া হ্ৰদত লোণ জমা হয়। পানী নোহোৱা হৈ গ’লে প্লায়া হ্ৰদৰ তলিত জমা হোৱা লোণৰ তৰপক লোণ সমতল বোলে ৷ 

২৫। বালিৰ দম বা বালিয়াৰি  কাক বোলে লিখা ?

উত্তৰঃ শুকান উষ্ণ মৰুঅঞ্চলত সাধাৰণতে বালিৰ পাহাৰৰ (বালিয়াৰিৰ) সৃষ্টি হয়। এই বিধ ভূ-অবয়ব সৃষ্টি হ'বলৈ দৰকাৰী হৈ পৰে কিছু ধৰণৰ বাধাৰ পৰিৱেশ। মৰুভূমি অঞ্চলত বিভিন্ন প্ৰকাৰৰ বালিয়াৰিৰ সৃষ্টি হয় ।যিবোৰ অঞ্চলত বতাহৰ গতি আৰু দিশ একে থাকে, গতি বেগ মধ্যমীয়া, অঞ্চলটো সমভাৱে সমতল তেনেকুৱা ঠাইত কাঁচি-জোনৰ আকৃতিৰ বালিয়াৰি উৎপত্তি হয় আৰু ইয়াক বাৰখান (barchans) বোলে। এনেকুৱা ভূ-অবয়বৰ মাজৰ ওখ অংশটো বতাহৰ দিশত কিছু আগবঢ়া আৰু দুয়োফালে দুটা অংশ চিচা বা সৰু সৰু হৈ অলপ পিছ পৰি থাকি ম'হৰ শিং বা কাঁচিৰ আকৃতি লয় ৷ 



Answer Type: Prabal Konwar (02/09/2022)

Post ID : DABP005751