আইনা ভঙাদি

আইনা ভঙাদি ভাঙিব হিয়াখনি

লুইতৰে সোঁতে ব'ব চকুপানী  

তুমি এৰি আঁতৰি গ'লে

বতৰো নহয়চোন গোমা গোমা

ভালপোৱা কিয় কৰা আধৰুৱা।

আইনা..


অমিয়া অমিয়া মাত ওঁঠৰে

সি যে কি অনুপম

লিহিৰি বিৰিণা পাত দেহাটি

সি যে কি অনুপম

সাজোন-কাচোন জোনটিও নহ'লে

তৰাটিও লাগে কম

চাইনো চাই চাই তোমাক দুচকুত

আঁকিহে থ'ম

বতৰো..


দেৰিকৈ আহিবা আহি নক'বা যাবৰে হ'ল

বুকুতে অগনি জ্বলাই নক'বা যাবৰে হ'ল

যিদৰে উঠিছে নামিব সিদৰে উলাহৰে ঢল।

বুকুৰে মৰম যাচিবলেতো দিয়া

এপল দুপল

বতৰো..