অলপ শান্তি দিয়া
অলপ শান্তি দিয়া
অলপ মৰম দিয়া
অলপ জিৰণি দিয়া
সপোন চুব দিয়া
মৰণ যজ্ঞৰ ধোঁৱা
স্বাধীনতা বুলি কোৱা
কাৰ বাবে কোৱা
কোনে দেখিব কোনে বুজিব
কোন ৰ'বগৈ কোৱা
নিজক সুধি চোৱা
চকু মেলি চোৱা
মৰিশালিৰ বাট নিজে খুলি ল'লা
ঘৰখনি দিয়া
মা-দেউতা দিয়া
ভাই-ভনী দিয়া
দিয়া ঘূৰাই দিয়া
বানক ৰুধি দিয়া
পথাৰ ঘূৰাই দিয়া
ভঁৰাল পূৰাই দিয়া-
-দিব পাৰা যদি তুমি
চকুলো মচি দিয়া
বুকু ভৰাই দিয়া
যদি দিব পাৰা কোৱা
অশ্ৰু শীতল আইৰ চকুত
বেদনাৰে জুই
কোনে নুমাব কোনে বুজাব
আছে সকলো শুই
চেঁচা গধূলি চেঁচা পদুলি
চোতালৰে জোন
কাৰ পৰাণত আছে শকতি
ঘূৰাই আনিব সোণ।