সৌৰ বিকিৰণ, তাপৰ ভাৰসাম্য়তা আৰু উষ্ণতা 

 Chapter 9

১। আপতিত সৌৰ বিকৰণ কাক বোলে ?

উত্তৰঃ পৃথিৱীপৃষ্ঠই লাভ কৰা বেছিভাগ শক্তি হ্রস্ব তৰংগ দৈৰ্ঘ্য ৰূপত আহে। পৃথিৱীয়ে লাভ কৰা এই শক্তিক আপতিত সৌৰ বিকিৰণ বুলি কোৱা হয় ।

২। অপসূৰ কাক বোলে ?

উত্তৰঃ পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থাকোতে জুলাই মাহৰ ৪ তাৰিখত সূৰ্যৰ পৰা আটাইতকৈ বেছি দূৰত্বত অৱস্থান কৰে (১৫২ নিযুত কিলোমিটাৰ)। পৃথিৱীৰ এই অৱস্থানক অপসূৰ বোলে।

৩। অনুসূৰ কাক বোলে ?

উত্তৰঃ জানুৱাৰী মাহৰ ৩ তাৰিখত, পৃথিৱী সূৰ্যৰ আটাইতকৈ নিকটতম দূৰত্বত অৱস্থান কৰে (১৪৭ নিযুত কিলোমিটাৰ); এই অৱস্থানটোক অনুসূৰ বোলে।

৪। আতপনৰ ব্যতিক্রম ঘটোৱা কাৰকবোৰ কি কি ?

উত্তৰঃ আতপনৰ ব্যতিক্রম ঘটোৱা কাৰকবোৰ হ'ল -

১) পৃথিৱীয়ে নিজ অক্ষত কৰা আবৰ্তন ।

২) সূৰ্য ৰশ্মিৰ কৌণিক প্ৰৱণতা ।

৩) দিনটোৰ দৈৰ্ঘ্য ।

৪) বায়ুমণ্ডলৰ স্বচ্ছতা ।

৫) বিভিন্ন দিশৰ পৰিপ্ৰেক্ষিতত স্থলভাগৰ বহিঃগঠন। অৱশ্যে শেষৰ দুটা কাৰকৰ প্ৰভাৱ তেনেই নগণ্য।

৫। উত্তাপ কি ?

উত্তৰঃ বায়ুমণ্ডল আৰু পৃথিৱীৰ উপৰিভাগত, আতপনে কৰা পাৰস্পৰিক ক্ৰিয়াৰ ফলত তাপৰ সৃষ্টি হয় আৰু সেইখিনিক উত্তাপ আকাৰে প্ৰকাশ কৰা হয়। পদার্থ গঠনকাৰী কণাৰ পৰমাণুবোৰৰ, চালচলনকে তাপে প্রতিনিধিত্ব কৰে যদিও কোনো এটা বস্তু বা এখন ঠাই কিমান গৰম বা চেঁচা তাৰে সঠিক জোখ-মাখ, ডিগ্ৰীৰ দ্বাৰা প্ৰকাশ কৰাটোৱে হ'ল উত্তাপ।

৬। উত্তাপৰ বিতৰণ নিয়ন্ত্ৰণকাৰী কাৰকসমূহ কি কি ?

উত্তৰঃ কোনো এখন ঠাইৰ বায়ুৰ উত্তাপত, প্ৰভাৱ বিস্তাৰ কৰে (১) ঠাইখনৰ অক্ষাংশ; (২) ঠাইখনৰ উচ্চতা; (৩) সমুদ্ৰৰ পৰা দূৰত্ব, বায়ুপুঞ্জৰ প্ৰবাহ; (৪) গৰম আৰু চেঁচা সমুদ্ৰ সোঁতৰ উপস্থিতি , (৫) স্থানীয় বিভিন্ন দিশ ইত্য়দি কাৰকসমূহে ।

৭।লেপচ্ হাৰ কি ?

উত্তৰঃ উষ্ণতাৰ বিলোমন স্বাভাৱিকতে, উচ্চতা বৃদ্ধি হ'লে তাপ হ্রাস হয়। ইয়াক স্বাভাৱিক লেপচ্ হাৰ বোলে।

৮। উষ্ণতাৰ বিলোমন কাক বোলে ?

উত্তৰঃ কেতিয়াবা এই ঘটনাৰ বিপৰীত হয় আৰু স্বাভাৱিক লেপচ্ হাৰৰ ব্যতিক্রম ঘটে। ইয়াকে উষ্ণতাৰ বিলোমন বোলা হয়। উষ্ণতাৰ বিলোমন সচৰাচৰ খুব কম সময়ৰ বাবে হ'লেও কিন্তু হোৱাটো ধুৰূপ । শীতকালৰ এটা দীঘল ৰাতি পৰিষ্কাৰ আকাশ আৰু থিৰ বায়ু বিলোমনৰ বাবে উপযুক্ত পৰিৱেশ। দিনটোৰ ভাগত পোৱা তাপখিনি নিশা বিকিৰণ হৈ আঁতৰি যায় আৰু দোকমোকালি সময়ত পৃথিৱীৰ তাৰ ওপৰৰ বায়ুমণ্ডলতকৈ কম হয়। মেৰু অঞ্চলত, স্বাভাৱিক হাৰত উষ্ণতাৰ বিলোমন কাৰ্য গোটেই বছৰ ব্যাপি থাকে ।

৯। বিশিষ্ট উত্তাপ কাক বোলে ?

উত্তৰঃ এক গ্রাম পদাৰ্থৰ উত্তাপ এক ডিগ্রী ছেলছিয়াছলৈ বঢ়াবলৈ হ'লে যিমান শক্তিৰ প্রয়োজন হয়, তাকে বিশিষ্ট উত্তাপ বোলে।

১০। পার্থিব বিকিৰণ । ( চমুকৈ লিখা )

উত্তৰঃ আতপন, পৃথিৱীলৈ আহোঁতে হ্রস্ব তৰংগ ৰূপত আহে আৰু উপৰিভাগ উত্তপ্ত কৰি তোলে। পৃথিৱীয়ে নিজে উত্তপ্ত হোৱাৰ পিছতে বিকিৰণক্ষম হয় আৰু দীৰ্ঘ তৰংগ ৰূপত বায়ুমণ্ডললৈ তাপ শক্তি বিকিৰণ কৰে। এনেদৰে নিম্নক্তৰৰ পৰা বায়ুমণ্ডলৰ তাপ বৃদ্ধি হয়। এই প্রক্রিয়াটোকে পার্থিব বিকিৰণ নামে জনা যায়।

    দীর্ঘ তৰংগ ৰূপে তাপ বিকিৰণ হোৱা তাপৰ কিছু অংশ, বায়ুমণ্ডলৰ গেছ, প্ৰধানকৈ কাৰ্বন-ডাই-অক্সাইড আৰু অন্যান্য সেউজ গৃহৰ গেছে শোষণ কৰি লয়। এনেদৰে, পার্থিব বিকিৰণৰ বাবে, পৰোক্ষভাৱে, বায়ুমণ্ডল উত্তপ্ত হৈ উঠে।

    অন্যহাতে বায়ুমণ্ডলে তাপ বিকিৰণ কৰে আৰু মহাকাশলৈও সঞ্চাৰণ কৰে। অৱশেষত সূৰ্যৰ পৰা লাভ কৰা তাপশক্তি, প্ৰতিফলিত হৈ মহাকাশলৈ উভতি যায় আৰু এনেদৰে পৃথিৱীপৃষ্ঠ আৰু বায়ু মণ্ডলত তাপৰ এক স্থিৰাংক, তদাৰকি হৈ থাকে।

১১। পৰিচলন কাক বোলে ?

উত্তৰঃ আতপনৰ দ্বাৰা উত্তাপিত হৈ, পৃথিৱীয়ে সেই তাপ নিকটৱৰ্তী বায়ুমণ্ডলৰ স্তৰলৈ দীৰ্ঘ তৰংগ ৰূপে সঞ্চাৰিত কৰে। স্থলভাগৰ লগত সংযোগ হৈ থকা বায়ুখিনি লাহে লাহে উত্তাপিত হয় আৰু নিম্নস্তৰৰ বায়ুৰ লগত সংলগ্ন হৈ থকা ঊর্ধ্বতন স্তৰৰ বায়ুখিনিও তপত হৈ পৰে। এই প্ৰক্ৰিয়াটোক পৰিচলন বোলা হয়।


Answer Type - Prabal Konwar  ( 04/09/2022 )
 


Post ID: DABP004130