বচনৰ আধুনিক শ্ৰেণীবিভাজন

দ্বিতীয় অধ্য়ায়- ৫ 


১। তৰ্কবিজ্ঞানৰ বাটকটীয়া এৰিষ্ট'টলৰ দিনৰে পৰা বচনৰ গুণ, পৰিমাণ, গঠন আদিৰ ভিত্তিত যি শ্ৰেণীবিভাজন কৰা হৈছে তাক কি বুলি কোৱা হয় ?

উত্তৰঃ  তৰ্কবিজ্ঞানৰ বাটকটীয়া এৰিষ্ট'টলৰ দিনৰে পৰা বচনৰ গুণ, পৰিমাণ, গঠন আদিৰ ভিত্তিত যি শ্ৰেণীবিভাজন কৰা হৈছে তাক পৰম্পৰাগত শ্ৰেণীবিভাজন বুলি কোৱা হয়। 



২। শ্ৰেণীবিভাজন কাক বোলে ?

উত্তৰঃ নতুন প্ৰকাৰৰ বচনৰৰ শ্ৰেণীবিভাজনকে বচনৰ আধুনিক শ্ৰেণীবিভাজন বোলে ।



৩। বচন বুলিলে কি বুজা ?

উত্তৰঃ আধুনিক তৰ্কবিজ্ঞানী সকলৰ মতে বচন হ'ল এনে এটা উক্তি যি সত্য় বা অসত্য় হয় অৰ্থাৎ যি উক্তিৰ সত্য়মূল্য় থাকে তাকেই বচন বুলি কোৱা হয়।



৪। বচনক কেই ভাগত ভাগ কৰা হৈছে আৰু কি কি ?

উত্তৰঃ বচনক তিনি ভাগত ভাগ কৰা হৈছে সেইকেইটা হ'ল- 

1. সৰল বচন ( Simple Proposition)

2. যৌগিক বচন (Compound Proposition)

3. সাধাৰণ বচন (General Proposition)



৫। সৰল বচন কাক বোলে ?

উত্তৰঃ যি বচনক বিশ্লেষণ কৰিলে উপাদানৰূপে কেৱল এটা উক্তি বা বচনেই পোৱা যায়, সিয়েই সৰল বচন।



৬। সৰল বচন কেই প্ৰকাৰৰ আৰু কি কি ?
 
উত্তৰঃ সৰল বচন চাৰি প্ৰকাৰৰ। সেইকেইটা হ'ল-

(a) উদ্দেশ্য়বিহীন বচন (Subject less Proposition)

(b) উদ্দেশ্য়-বিধেয় আকাৰ বচন (Subject predicate form Proposition)

(c) সমন্ধাত্মক বচন (Relational Proposition)

(d) শ্ৰেণী সদ্য়তামূলক বচন (Class membership Proposition)



৭। সমন্ধাত্মক বচন কাক বোলে ?

উত্তৰঃ যি সৰল বচনত বচনটোৰ অন্তৰ্গত উপাদানসমূহৰ মাজত থকা সম্বন্ধ প্ৰকাশ পায় তাকে সমন্ধাত্মক বচন বোলে ।



৮। শ্ৰেণী সদস্য়তামূলক বচনৰ এটা উদাহৰণ দিয়া ।

উত্তৰঃ শ্ৰেণী সদস্য়তামূলক বচনৰ এটা উদাহৰণ হ'ল - লক্ষ্মীনাথ বেজবৰুৱা এজন লোকপ্ৰিয় সাহিত্য়িক আছিল।



৯। আণৱিক বচন কাক বোলে ?

উত্তৰঃ যৌগিক বচনত উপাদানৰূপে এটাতকৈ বেছি সৰল বচন নিহিত হৈ থাকে, গতিকে এনে বচনক আণৱিক বচন বোলে ।



১০। সাধাৰণ বচন বুলিলে কি বুজা ?

উত্তৰঃ যি বচনত কোনো বস্তুৰ অস্তিত্ব নাইবা সকলো বস্তু সম্পৰ্কত কোনো গুণ বা ধৰ্মক স্বীকাৰ বা অস্বীকাৰ কৰা হয় নাইবা দুটা শ্ৰেণীৰ মাজত সম্বন্ধ স্থাপন কৰা হয় তাকে সাধাৰণ বচন বোলে।






Post ID: DABP004129