সম্প্ৰসাৰণ পদ্ধতি 

আৰু স্বচ্ছ ভাৰত অভিযান

দ্বিতীয় অধ্যায়

প্ৰশ্ন উত্তৰ

১। 'সম্প্ৰসাৰণ কাৰ্যাৱলী' হিচাপে কাক জনা যায়?

উওৰঃ সমাজৰ পিছপৰা লোকসকলৰ জীৱনৰ মানদণ্ড উন্নত কৰিবলৈ কৰা এনে ধৰণৰ প্ৰচেষ্টাকে 'সম্প্ৰসাৰণ কাৰ্যাৱলী' হিচাপে জনা যায়।


২। সম্প্ৰসাৰণ পদ্ধতি কাক বোলে?

উওৰঃ সম্প্ৰসাৰণ কাৰ্যাৱলীক ৰূপায়ণ কৰিবলৈ যিবোৰ উপায় বা সঁজুলিৰ সহায়ত লোৱা হয় সেইবোৰকে সম্প্ৰসাৰণ পদ্ধতি বোলে। আন কথাত ক'বলৈ গ'লে সম্প্ৰসাৰণ পদ্ধতিবোৰ হৈছে গ্ৰাম্য তথা পিছপৰা লোক আৰু সম্প্ৰসাৰণ কৰ্মী বা সম্প্ৰসাৰণ অভিকৰ্তাৰ মাজত প্ৰত্যক্ষ যোগাযোগ স্থাপন হ'ব পৰা পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা কেতবোৰ সঁজুলি বা কৌশল।


৩। সম্প্ৰসাৰণ পদ্ধতিসমূহক ব্যৱহাৰ, আকাৰ বা ৰূপ আৰু কাৰ্যৰ ওপৰত ভিত্তি কৰি কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি?

উওৰঃ সম্প্ৰসাৰণ পদ্ধতিসমূহক ব্যৱহাৰ, আকাৰ বা ৰূপ আৰু কাৰ্যৰ ওপৰত ভিত্তি কৰি তিনিটা ভাগত ভাগ কৰা হৈছে আৰু সেইকেইটা হৈছে- (১)ব্যৱহাৰ অনুসৰি শ্ৰেণীবিভাজন, (২)আকাৰ বা ৰূপ অনুসৰি শ্ৰেণীবিভাজন, (৩)কাৰ্য অনুসৰি শ্ৰেণীবিভাজন।


৪। ব্যক্তিগত পদ্ধতিৰ সুবিধাসমূহ কি কি?

উওৰঃ ব্যক্তিগত পদ্ধতিৰ সুবিধাসমূহ হৈছে-

(১)এই পদ্ধতিৰ যোগেদি বিভিন্ন জটিল অভ্যাস, কাম, কৌশল আদি শিকাব পাৰি।

(২)এই পদ্ধতিয়ে মানুহৰ মনোভাব সলনি কৰাত সহায় কৰে।

(৩)এই পদ্ধতিয়ে প্ৰযুক্তিগত জ্ঞানৰ হস্তান্তৰকৰণত সহায় কৰে।

(৪)এই পদ্ধতিয়ে প্ৰতিপুষ্ট বা সঁহাৰি লাভ কৰাত সহায় কৰে।


৫। ব্যক্তিগত পদ্ধতিৰ অসুবিধাসমূহ কি কি?

উওৰঃ ব্যক্তিগত পদ্ধতিৰ অসুবিধাসমূহ হৈছে-

(১)এই পদ্ধতি তুলনামূলকভাৱে ব্যয়বহুল।

(২)এই পদ্ধতিৰ যোগেদি কমসংখ্যক সোককহে সাঙুৰি ল'ব পাৰি।

(৩) এই পদ্ধতিত ব্যক্তিসকলৰ সামাজিক যোগাযোগৰ কোনো -সুবিধা নাথাকে।

(৪)এই পদ্ধতি সময় খৰচী। কিয়না ইয়াত প্ৰতিজন লোক তথা হিতাধিকাীৰ ৰ লগত বেলেগ বেলেগ সংযোগস্থাপন কৰা ।


৬। গৃহ দৰ্শনৰ উদ্দেেশ্যসমূহ কি কি?

 উওৰঃ গৃহ দৰ্শনৰ উদ্দেশ্যসমূহ হৈছে-

(১)গৃহ বা ঘৰৰ স্থিতি সম্পৰ্কীয় বিষয়বোৰৰ প্ৰাথমিক তথ্য সংগ্ৰহ আৰু যোগান ধৰা।

(২)হিতাধিকাৰী তথা লোকসকলৰ লগত ব্যক্তিগতভাৱে সু-সম্পৰ্ক গঢ়ি তোলা।

(৩)নতুন প্ৰযুক্তিগত জ্ঞান-কৌশলৰ প্ৰতি মানুহৰ সচেতন আৰু আগ্ৰহী কৰি তোলা।

(৪)লোকসকলক আত্মনিৰ্ভৰশীল কৰি তোলা।

(৫)লোকসকলৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা।

(৬)লোকসকলৰ জ্ঞান, দক্ষতা আৰু কৌশলৰ বিকাশ সাধন কৰা।


৭। গৃহ দৰ্শনৰ স্তৰ কেইটা আৰু কি কি?

উওৰঃ গৃহ দৰ্শনৰ স্তৰ তিনিটা আৰু সেইকেইটা হৈছে-

(১)পৰিকল্পনা, (২)ৰূপায়ণ আৰু (৩) অনুসৰণ।


৮। পৰিকল্পনাৰ দিশ দুটা লিখা?

উওৰঃ পৰিকল্পনাৰ দিশ দুটা হৈছে-

(১)হিতাধীকাৰী তথা লোকসকলক দিবলগীয়া নথি-পত্ৰসমূহ যুগুত কৰি ল'ব লাগে।

(২)গৃহ দৰ্শন সম্পৰ্কে হিতাধিকাৰীসকলক পৰাপক্ষত আগতীয়া জাননী দিব লাগে।


৯। ৰূপায়ণৰ দুটা দিশ লিখা?

উওৰঃ ৰূপায়ণৰ দুটা দিশ হৈছে-

(১)নিৰ্ধাৰিত সময়সূচী অনুযায়ী অথবা হিতাধিকাৰীৰ সুবিধা অনুযায়ী গৃহ দৰ্শন কৰিব লাগে।

(২)হিতাধিকাৰীৰ মনত উদয় হোৱা প্ৰশ্ন বা আউলসমূহৰ উচিত সমাধান দিয়াৰ লগতে দৰকাৰী সকলো নথি-পত্ৰ প্ৰদান কৰিব লাগে।


১০। অনুসৰণৰ দুটা দিশ লিখা?

 উওৰঃ অনুসৰণৰ দুটা দিশ হৈছে-

(১)গৃহ দৰ্শনৰ প্ৰমাণ হিচাপে যাৱতীয় নথি-পত্ৰৰ সংৰক্ষণ কৰিব লাগে।

(২)গৃহ দৰ্শনৰ সময়ত হিতাধিকাৰীক প্ৰতিশ্ৰুতি দিয়া তথ্য আৰু নথি-পত্ৰৰ প্ৰেৰণ কৰিব লাগে।


১১। গৃহ দৰ্শনৰ সুবিধাসমূহ লিখা?

উওৰঃ গৃহ দৰ্শনৰ সুবিধাসমূহ হৈছে-

(১)গৃহ দৰ্শন পদ্ধতিয়ে গ্ৰাম্য সমস্যাসমূহৰ সম্পৰ্কে প্ৰাথমিক তথ্য লাভ কৰাত সহায় কৰে।

(২)এই পদ্ধতিত স্থানীয় নেতাসকলক চিনাক্তকৰণ কৰি তেওঁলোকৰ পৰা সহযোগীতা আদায় কৰিব পাৰি।

(৩)এই পদ্ধতিৰ প্ৰয়োগ তুলনামূলকভাৱে বেছি।


১২। গৃহ দৰ্শনৰ অসুবিধাসমূহ কি কি?

উওৰঃ গৃহ দৰ্শনৰ অসুবিধাসমূহ হৈছে-

(১)গৃহ দৰ্শন পদ্ধতিৰ যোগেদি সীমিতসংখ্যক লোকৰ সৈতেহে যোগাযোগ স্থাপন কৰিব পাৰি।

(২)এই পদ্ধতিত তুলনামূলকভাৱে বেছি সময়ৰ প্ৰয়োজন হয়।

(৩)সম্প্ৰসাৰণৰ আন আন পদ্ধতিতকৈ এই পদ্ধতি অধিক ব্যয়বহুল।

(৪)এই পদ্ধতিত কোনো এটা সমস্যা সমাধানৰ ক্ষেত্ৰত দলীয় সহযোগীতা লাভ কৰিব নোৱাৰি।


১৩। দলীয় পদ্ধতিৰ সুবিধাসমূহ কি কি ?

উওৰঃ দলীয় পদ্ধতিৰ সুবিধাসমূহ হৈছে-

(১)দলীয় পদ্ধতিৰ যোগেদি একে সময়তে বহুত লোকৰ সৈতে মুখামুখি সংযোগ স্থাপন কৰিব পাৰি।

(২)কোনো এটা নিৰ্ধাৰিত দল বা সমূহক প্ৰত্যক্ষভাৱে যোগাযোগ কৰাত এই পদ্ধতি উপযোগী।

(৩)এই পদ্ধতিৰ যোগেদি মানুহৰ সামাজিক সংযোগৰ পৰিসৰ বৃদ্ধি পায়।

(৪)এই পদ্ধতিয়ে দলীয় প্ৰভাৱৰ দ্বাৰা মানুহক যিকোনো নতুন পৰিৱৰ্তন আঁকোৱালি ল'বলৈ অভিৰোচিত কৰি তোলে।

(৫)কৰ্মৰ প্ৰতি উৎসাহী কৰাৰ ক্ষেত্ৰত গণ-সংযোগ পদ্ধতিতকৈ এই দলীয় পদ্ধতি বেছি ফলপ্ৰসূ।

(৬)এই পদ্ধতি সময়, প্ৰচেষ্টা আৰু খৰচৰ ফালৰ পৰা বেছি মিতব্যয়ী।


১৪। দলীয় পদ্ধতিৰ অসুবিধা সমূহ কি কি?

উওৰঃ দলীয় পদ্ধতিৰ অসুবিধাসমূহ হৈছে-

(১)এই পদ্ধতিত যিহেতু বহুত লোক থাকে, সেয়েহে সোকসকলৰ ৰুচি-অভিৰুচি, প্ৰয়োজনীয়তা আদিৰ ভিন্নতাই কেতিয়াবা সমস্যাৰ সৃষ্টি কৰে।

(২)এই পদ্ধতিত হিতাধিকাৰী তথা লোকসকল ব্যক্তিগত মনোযোগ দিব নোৱাৰি।

(৩)দলৰ লোকসকলৰ মাজত থকা বৈষম্যতাই উমৈহতীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি কৰে।

(৪)হিতাধিকাৰী তথা লোকসকলৰ বিভিন্ন সমস্যা সম্বন্ধে প্ৰাথমিক তথ্য আহৰণ কৰিব নোৱাৰি।

(৫)এই পদ্ধতিত সম্প্ৰসাৰণ কৰ্মী আৰু হিতাধিকাৰীৰ মাজত সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক গঢ় লৈ উঠিব নোৱাৰে।


১৫। 'দলীয় আলোচনা' শব্দটোৰ অভিধানিক অৰ্থ কি?

 উওৰঃ 'দলীয় আলোচনা' শব্দটোৰ অভিধানিক অৰ্থ হৈছে-

'কোনো বিষয় সম্পৰ্কে বিতংকৈ কোৱা'।


১৬। দলীয় আলোচনাৰ প্ৰধান উদ্দেশ্যসমূহ কি কি?

উওৰঃ দলীয় আলোচনাৰ প্ৰধান উদ্দেশ্যসমূহ হৈছে-

(১)একে সময়তে বহুত লোকৰ সৈতে সংযোগ স্থাপন কৰা।

(২)মানুহৰ মাজত দলীয় মনোভাবৰ সৃষ্টি কৰা।

(৩)সমস্যা সমাধানৰ ক্ষেত্ৰত দলীয় সিদ্ধান্ত গ্ৰহণ কৰা।

(৪)সমস্যাসমূহ চিনাক্তকৰণ কৰি তাৰ সমাধানৰ উপায় বাছি উলিওৱাত দলৰ লোকসকলক সক্ষম কৰি তোলা।

(৫)কোনো এটা বিষয় বা সমস্যা সম্বন্ধে উমৈহতীয়া আলোচনা কৰা।

(৬)দলৰ সদস্যসকলৰ পৰা প্ৰতিপুষ্টি বা সঁহাৰি আদায় কৰা।


১৭। দলীয় আলোচনাৰ সুবিধাসমূহ লিখা?

উওৰঃ দলীয় আলোচনাৰ সুবিধাসমূহ হৈছে-

(১)দলীয় আলোচনাৰ যোগেদি একে সময়তে বহুত লোকৰ লগত সংযোগ স্থাপন কৰিব পাৰি।

(২)এই পদ্ধতিয়ে অংশগ্ৰহণকাৰীসকলৰ মাজত দলীয় মনোভাব সৃষ্টি কৰি তোলে।

(৩)এই পদ্ধতিৰ জৰিয়তে কোনো এক সম্পসাৰণ কাৰ্যৰ প্ৰতি অংশগ্ৰহণকাৰীৰ প্ৰতিক্ৰিয়া মূল্যায়ণ কৰিব পাৰি।

(৪)এই পদ্ধতি তুলনামূলকভাৱে কম খৰচী।


১৮। দলীয় আলোচনাৰ অসুবিধাসমূহ লিখা?

উওৰঃ দলীয় আলোচনাৰ অসুবিধাসমূহ হৈছে-

(১)দলীয় আলোচনাৰ বাবে প্ৰয়োজন হোৱা সা-সুবিধা, স্থান আদি সকলো সময়তে পৰ্যাপ্ত পৰিমাণে উপলব্ধ নহয়।

(২)এই পদ্ধতিত সীমিতসংখ্যক প্ৰশ্নোত্তৰৰ বাদে ব্যাপক আলোচনাৰ অৱকাশ নাথাকে।

(৩)বিভিন্ন কাৰণত যেনে- মতবিৰোধ, বেয়া বতৰ আদিৰ বাবে দলীয় আলোচনাত অংশগ্ৰহণকাৰীৰ সংখ্যা অতি সীমিত হ'ব পাৰে।


১৯।শ্ৰোতা বা দৰ্শকৰ উপস্থিতিৰ ওপৰত ভিত্তি কৰি গণ-সংযোগ পদ্ধতিক কেইটা ভাগত ভগাব পাৰি আৰু কি কি?

উওৰঃ শ্ৰোতা বা দৰ্শকৰ উপস্থিতিৰ ওপৰত ভিত্তি কৰি গণ-সংযোগ পদ্ধতিক তিনিটা ভাগত ভগাব পাৰি আৰু সেই কেইটা হৈছে-

(১)গণসভা, (২)প্ৰচাৰ আৰু প্ৰদৰ্শনী আৰু (৩)বাতৰি কাকত, ৰেডিঅ' আৰু দূৰদৰ্শন।


২০। গণ-সংযোগ পদ্ধতিৰ সুবিধাসমূহ কি কি?

উওৰঃ গণ-সংযোগ পদ্ধতিৰ সুবিধাসমূহ হৈছে-

(১)মানুহৰ মাজত সজাগ-সচেতনতা সৃষ্টি কৰাত এই পদ্ধতি অতি উপযোগী।

(২)জ্ঞানৰ হস্তান্তৰকৰণ আৰু মনোভাব গঠন আৰু পৰিৱৰ্তনত এই পদ্ধতি অতি ফলদায়ক।

(৩)অতি কম সময়ৰ ভিতৰত বৃহৎ জনগণৰ লগত সংযোগ সাধন কৰাত সহায় কৰে।

(৪)জৰুৰীকালীন পৰিস্থিতিত জনগণৰ লগত দ্ৰুত সংযোগ স্থাপন সম্ভৱ কৰি তোলে।

(৫)ই এক মিতব্যয়ী পদ্ধতি।


২১। গণ-সংযোগ পদ্ধতিৰ অসুবিধাসমূহ কি কি?

উওৰঃ গণ-সংযোগ পদ্ধতিৰ অসুবিধাসমূহ হৈছে-

(১)যিহেতু এই পদ্ধতিত শতাধিক আৰু সহস্ৰাধিক লোক থাকে সেয়েহে লোকসকলৰ লগত ব্যক্তিগত যোগাযোগ সম্ভৱ নহয়।

(২)সম্প্ৰসাৰণ পদ্ধতি হিচাপে ই নিম্ন মানবিশিষ্ট।

(৩)শ্ৰোতা/দৰ্শকৰ লগত আৰু শ্ৰোতা/দৰ্শকৰ মাজত ভাবৰ আদান-প্ৰদান কৰাৰ সুযোগ-সুবিধা অতি কম থাকে।

(৪)শ্ৰোতা বা দৰ্শকৰ প্ৰতিক্ৰিয়াসমূহৰ ওপৰত অতি কম নিয়ন্ত্ৰণ ৰাখিব পাৰি।

(৫)এই পদ্ধতিত শ্ৰোতা বা দৰ্শকৰ প্ৰতিপুষ্টি লাভ কৰাত কঠিনতাৰ সৃষ্টি হয়।


২২। প্ৰদৰ্শনী কি?

উওৰঃ প্ৰদৰ্শনী হ'ল গণ-সংযোগ পদ্ধতিৰ এক গুৰুত্বপূৰ্ণ পদ্ধতি। এই প্ৰদৰ্শনীৰ জৰিয়তে কোনো এক বিষয় বা সম্যাক কেন্দ্ৰ কৰি সমাজত সচেতনতা সৃষ্টি কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ মডেল, চাৰ্ট, ছবি, প'ষ্টাৰ, তথ্য আদি একাদিক্ৰমে প্ৰণালীবদ্ধভাৱে দেখুওৱা হয়।


২৩। প্ৰদৰ্শনীৰ উদ্দেশ্য তিনিটা কি কি?

উওৰঃ প্ৰদৰ্শনীৰ উদ্দেশ্যসমূহ হৈছে-

(১)ভাল অভ্যাস গ্ৰহণ কৰিবৰ কাৰণে মানুহক অভিৰোচিত কৰা।

(২)মানৱ জীৱনৰ কোনো এক দিশক বাস্তৱসন্মতভাৱে উপস্থাপন কৰা।

(৩)ব্যৱহাৰিক জ্ঞান, দক্ষতা আৰু কৌশলৰ বিকাশ সাধন কৰা।


২৪। প্ৰদৰ্শনীৰ সুবিধাসমূহ কি কি?

উওৰঃ প্ৰদৰ্শনীৰ সুবিধাসমূহ হৈছে-

(১)দৰ্শকৰ মাজত সচেতনতা সৃষ্টি কৰাত প্ৰদৰ্শনীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

(২)উৎসৱ-পাৰ্বণৰ ক্ষেত্ৰত প্ৰদৰ্শনী অতি উপযোগী।

(৩)ভাল অভ্যাস আৰু কৰ্ম গ্ৰহণ কৰিবলৈ মানুহক অভিৰোচিত কৰি তোলে।


২৫। প্ৰদৰ্শনীৰ অসুবিধাসমূহ কি কি?

উওৰঃ প্ৰদৰ্শনীৰ অসুবিধাসমূহ হৈছে-

(১)প্ৰদৰ্শনীৰ জৰিয়তে কোনো এটা কাম বা বিষয়ক সম্পূৰ্ণৰূপে প্ৰতিনিধিত্ব কৰিব নোৱাৰি।

(২)প্ৰদৰ্শনী সঘনাই অনুষ্ঠিত কৰিব নোৱাৰি।

(৩)প্ৰচাৰৰ জৰিয়তে কোনো সমস্যা সম্পৰ্কে মানুহক যিমান সচেতন কৰি তুলিব পাৰি প্ৰদৰ্শনীৰ জৰিয়তে নোৱাৰি।

(৪)সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে ই উপযোগী নহয়।


২৬। সময়সীমাৰ উপৰত ভিত্তি কৰি প্ৰচাৰক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি?

উওৰঃ সময়সীমাৰ উপৰত ভিত্তি কৰি প্ৰচাৰক চাৰিটা ভাগত ভাগ কৰিব পাৰি। সেইকেইটা হৈছে- (১)এদিনীয়া, (২)কেইবা সপ্তাহজোৰা, (৩)কেইবা মাহজোৰা আৰু (৪)কেইবা বছৰজোৰা।


২৭। প্ৰচাৰৰ উদ্দেশ্যসমূহ লিখা।

উওৰঃ প্ৰচাৰৰ উদ্দেশ্যসমূহ হৈছে-

(১)কোনো এক গুৰুত্বপূৰ্ণ বিষয় বা সমস্যাৰ প্ৰতি বৃহৎ জনগণৰ মনোযোগ আকৰ্ষণ কৰা।

(২)কোনো এক সমস্যা সম্পৰ্কে জনজাগৰণ সৃষ্টি কৰা আৰু ইয়াৰ সমাধানৰ কাৰণে অনুপ্ৰেৰণা যোগোৱা।

(৩)স্থানীয় পৰ্যায়ত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকক প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ মানসিকভাৱে সাজু কৰি তোলা।

(৪)জনসাধাৰণৰ মাজত নতুন অভ্যাস তথা কাম গ্ৰহণ কৰিবলৈ মনোবৈজ্ঞানিক বাতাবৰণৰ সৃষ্টি কৰা।

(৫)কম সময়ৰ ভিতৰত অতি দ্ৰুততাৰে কোনো জ্ঞান বা তথ্যৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰা।


২৮। প্ৰচাৰৰ সুবিধাসমূহ কি কি?

উওৰঃ প্ৰচাৰৰ সুবিধাসমূহ হৈছে-

 (১)বৃহৎসংখ্যক লোকৰ লগত একে সময়তে সংযোগ স্থাপন কৰিব পাৰি।

(২)কোনো জ্ঞান আৰু তথ্য অতি দ্ৰুততাৰে জনগণৰ মাজত প্ৰসাৰ আৰু প্ৰচাৰ কৰিব পাৰি।

(৩)প্ৰচাৰৰ যোগেদি কোনো এটা অভ্যাস বা কাম একেলগে বৃহৎসংখ্যক লোকক বাস্তৱায়িত কৰিবলৈ অনুপ্ৰাণিত কৰি তুলিব পাৰি।

(৪)প্ৰচাৰক সফলভাৱে সম্পাদন কৰিব পাৰিলে ই অন্যান্য পদ্ধতিসমূহৰ জনপ্ৰিয়তা বৃদ্ধি কৰি তুলিব পাৰে।

(৫)গণ মাধ্যম আৰু সামাজিক মাধ্যমসমূহৰ প্ৰয়োগে প্ৰচাৰক এক বিশেষ মাত্ৰা প্ৰদান কৰে।


২৯। প্ৰচাৰৰ অসুবিধাসমূহ কি কি?

উওৰঃ প্ৰচাৰৰ অসুবিধাসমূহ হৈছে-

(১)ব্যক্তিগত সমস্যাসমূহৰ ক্ষেত্ৰত প্ৰচাৰ বৰ উপযোগী নহয়।

(২)প্ৰচাৰৰ কৃতকাৰ্যতা বিশেষকৈ সমাজ তথা সম্প্ৰদায় আৰু ইয়াৰ নেতাসকলৰ সহযোগিতাৰ ওপৰত নিৰ্ভৰশীল।

(৩)জটিল কাৰিকৰী কৌশলযুক্ত সমস্যাৰ ক্ষেত্ৰত প্ৰচাৰ উপযোগী নহয়।

(৪)প্ৰচাৰ এক ব্যয়বহুল পদ্ধতি।

(৫)প্ৰচাৰত সম্প্ৰসাৰণ কৰ্মী তথা সম্প্ৰসাৰণ অভিকৰ্তা আৰু জনগণৰ লগত ব্যক্তিগত সংযোগ স্থাপন কৰিব নোৱাৰি।


৩০। সম্প্ৰসাৰণ কাৰ্যাৱলীত দৃশ্য-শ্ৰব্য সঁজুলি ব্যৱহাৰ সুফলসমূহ লিখা।

উওৰঃ সম্প্ৰসাৰণ কাৰ্যাৱলীত দৃশ্য-শ্ৰব্য সঁজুলি ব্যৱহাৰ সুফলসমূহ হৈছে-

(১)দৃশ্য-শ্ৰব্য সঁজুলিৰ ব্যৱহাৰ মৌখিক বৰ্ণনাৰ আধিপত্যতা হ্ৰাস কৰে।

(২)চিন্তাৰ ধাৰাবাহিকতাৰ বিকাশ কৰে।

(৩)ভাষাৰ প্ৰতিবন্ধকতা নাইকিয়া কৰে।

(৪)শ্ৰোতা আৰু দৰ্শকৰ মনোযোগ আকৰ্ষণ কৰাত সহায় কৰে।

(৫)শ্ৰোতা বা দৰ্শকৰ মনোভাব আৰু দৃষ্টিভংগীৰ পৰিৱৰ্তন কৰে।

(৬)জ্ঞান আৰু তথ্য়ৰ দ্ৰুত সম্প্ৰসাৰণত সহায় কৰে।


৩১। স্বচ্ছ  ভাৰত অভিযানৰ উদ্দেশ্য সমূহ কি কি?

উওৰঃ স্বচ্ছ ভাৰত অভিযানৰ উদ্দেশ্যসমূহ হৈছে-

(১)স্বাস্থ্য আৰু পৰিস্কাৰ-পৰিচ্ছন্নতা সম্পৰ্কে দেশজুৰি অভিযান চলোৱা।

(২)মুকলিত শৌচ কৰাৰ অভ্যাস হ্ৰাস কৰি ক্ৰমান্বয়ে ইয়াক নাইকিয়া কৰা।

(৩)বহনক্ষম অনাময় পদ্ধতিৰ ধাৰণাক সম্প্ৰসাৰণ কৰা।

(৪)গোটা আৰু তৰল আৱৰ্জনাৰ বিজ্ঞানসন্মত ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা।

(৫)আধুনিক আৰু বৈজ্ঞানিক পদ্ধতিৰে পৌৰসভাৰ আৱৰ্জনাৰ ব্যৱস্থাপনা কৰা।


৩২। স্বচ্ছ ভাৰত অভিযান (গ্ৰামীণ)ৰ উপাদান কেইটা আৰু কি কি?

উওৰঃ স্বচ্ছ ভাৰত অভিযান (গ্ৰামীণ)ৰ উপাদান ১১টা আৰু সেইকেইটা হৈছে-

(১)আৰম্ভণিৰ কাৰ্যাৱলী, (২)আই.ই.চি আৰু সচেতনতা সৃষ্টি, (৩)ক্ষমতা নিৰ্মাণ, (৪)ব্যক্তিগত ঘৰুৱা শৌচালয়, (৫)স্বচ্ছতা সামগ্ৰীৰ উপলব্ধতা, (৬)জিলা পৰ্যায়ত ঘূৰ্ণন নিধিৰ ব্যৱস্থা, (৭)শৌচালয় নিৰ্মাণৰ বাবে ক্ষুদ্ৰ ঋণ, (৮)সমূহীয়া স্বচ্ছতা ভৱন, (৯)ন্যায্যতা আৰু অন্তৰ্ভুক্তি, (১০)গোটা আৰু তৰল আৱৰ্জনাৰ ব্যৱস্থাপনা, (১১)প্ৰশাসনীয় ব্যয়।


৩৩।স্বচ্ছ ভাৰত অভিযান (নগৰ)ৰ উপাদান কেইটা আৰু কি কি ?

উওৰঃ স্বচ্ছ ভাৰত অভিযান (নগৰ)ৰ মূল উপাদান ৭টা আৰু সেইকেইটা হৈছে-

(১)ক্ষমতা নিৰ্মাণ আৰু প্ৰশাসনীয় আৰু কাৰ্যালয়ৰ ব্যয়।

(২)সমূহীয়া শৌচালয়।

(৩)আই.ই.চি. আৰু জনসজাগতা।

(৪)ঘৰুৱা শৌচালয়।

(৫)ৰাজহুৱা শৌচালয় আৰু প্ৰস্ৰাৱগাৰ।

(৬)গোটা আৱৰ্জনাৰ ব্যৱস্থাপনা।

(৭)মুকলিত মলত্যাগ মুক্ত শিষ্টাচাৰ।


৩৩। ODF হিচাপে বিবেচিত হ'বলৈ হ'লে কোনবোৰ নিয়মাৱলী মানি চলিব লাগিব লিখা।

উওৰঃ ODF হিচাপে বিবেচিত হ'বলৈ হ'লে তলৰ নিয়মাৱলীসমূহ মানিব লাগিব যেনে-

(১)যিবোৰ পৰিয়াল বা ঘৰত শৌচালয় সাজিবৰ বাবে ঠাই আছে, সেই সকলোবোৰ ঘৰতে যাতে এটা হ'লেও শৌচালয় থাকে।

(২)ঘৰুৱা শৌচালয়ৰ সুবিধা নথকা লোকসকলে যাতে ৫০০ মিটাৰ দূৰত্বৰ ভিতৰত সমূহীয়াকৈ শৌচালয়ৰ সুবিধা পায়।

(৩)সকলো ব্যৱসায়িক এলেকাতে ১ কিলোমিটাৰ দূৰত্বৰ ভিতৰত ৰাজহুৱা শৌচালয়ৰ ব্যৱস্থা থাকিব লাগে।

(৪)২০১১ চনৰ পৰা নিৰ্মাণ হোৱা ঘৰুৱা শোচালয়ৰ সবিশেষ বৰ্ণনাসহ স্বচ্ছ ভাৰত অভিযান-নগৰৰ প'ৰ্টেলত আপল'ড কৰাটো বাধ্যতামূলক।

(৫)সকলোবোৰ ৰাজহুৱা শৌচালয় আৰু সমূহীয়া শৌচালয়ৰ ফটো স্বচ্ছ ভাৰত অভিযান নগৰৰ প'ৰ্টেলত আপল'ড কৰাটৌ বাধ্যতামূলক।


৩৪। IHHL ৰ সম্পূৰ্ণ অৰ্থ কি?

উওৰঃ IHHL ৰ সম্পূৰ্ণ অৰ্থ হৈছে-

Individual Household Latrine ।


৩৫। RSM ৰ কাম কি?

উওৰঃ  RSM ৰ কাম হ'ল বিভিন্ন প্ৰকাৰৰ শৌচালয় নিৰ্মাণ আৰু অন্যান্য স্বচ্ছতা সম্বন্ধীয় সা-সুবিধা প্ৰদানৰ বাবে সামগ্ৰী, সেয়া আৰু নিৰ্দেশনাৰ যোগান ধৰা।


৩৬।  PCs- ৰ কাম কি?

উওৰঃ PCs-ৰ কাম হ'ল স্থানীয়ভাৱে উপযুক্ত আৰু কম খৰচী স্বচ্ছতা সম্বন্ধীয় সামগ্ৰীৰ উৎপাদন কৰা।


৩৭। স্বচ্ছ ভাৰত অভিযান (গ্ৰামীণ )ৰ দ্বিতীয় পৰ্যায়ৰ সময়সীমা কিমান?

উওৰঃ স্বচ্ছ ভাৰত অভিযান (গ্ৰমীণ)ৰ দ্বিতীয় পৰ্যায়ৰ সময়সীমা ২০২০-২০২১ চনৰ পৰা ২০২৪-২৫ চনলৈ।


৩৮। সমূহীয়া শৌচালয়ৰ মানসমূহ কেনেধৰণৰ হ'ব লাগিব লিখা।

উওৰঃ  সমূহীয়া শৌচালয়ৰ মানসমূহ এনেধৰণৰ হ'ব লাগিব-

(১)৩৫ জন পুৰুষৰ বাবে ১টা Seat।

(২)২৫ গৰাকী মহিলাৰ বাবে ১টা Seat।

(৩)পুৰুষ আৰু মহিলাৰ বাবে পৃথক স্নানাগাৰ আৰু শৌচাগাৰ।

(৪)শাৰীৰিকভাৱে অক্ষম লোকৰ বাবে পৃথক শোচাগাৰ।



Author - Pompi Hazarika








Post ID: DABP004394