আৱেগিক আৰু ব্য়ক্তিত্ব বিকাশ 
(Emotional and Personality Development) 
চতুৰ্থ অধ্য়ায়

(১) অতি চমু উত্তৰ দিয়া (Give very short answer) 

(i) আৱেগিক বিকাশ কি ?
       What is emotional development ?
উত্তৰঃ আৱেগিক বিকাশ বুলিলে সাধাৰণতে শিশুৰ অনুভূতিৰ সজাগতা আৰু নিয়ন্ত্ৰণৰ উন্নত অৱস্থা আৰু পৰিৱৰ্তিত পৰিৱেশত সেই অনুভূতিৰ যোগেদি কেনেকৈ প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰিব পাৰে তাকে বুজায় ।

(ii) ব্য়ক্তিত্ব কি ?
         What is self personality ?
উত্তৰঃ ব্য়ক্তিত্ব হ'ল আভ্য়ন্তৰীণ গুণ আৰু বাহ্য়িক প্ৰকাশৰ এক সমষ্টি স্বৰূপ । 

(iii) আত্ম মৰ্যদা কি ?
        What is self esteem ?
উত্তৰঃ সাধাৰণভাৱে ক'বলৈ গলে আত্ম মৰ্যাদাই 'মই কিমান ভাল'ৰ উত্তৰ প্ৰদান কৰে । 

(iv) আৱেগৰ এটা ভাল প্ৰভাৱ উল্লেখ কৰা ।
        Mention one good effect of emotion.
উত্তৰঃ আৱেগৰ এটা ভাল প্ৰভাৱ হ'ল- অভিৰোচনৰ উৎস ।

(v) কিশোৰ-কিশোৰীৰ সমাযোজনৰ এটা সমস্য়া উল্লেখ কৰা ।  
       Mention one problem of adjustment of adolescents.
উত্তৰঃ কিশোৰ-কিশোৰীৰ সমাযোজনৰ এটা সমস্য়া হ'ল- দৈহিক গঠন । 

(vi) অপৰাধ প্ৰৱণতা কি ?
        What is juvenile delinquency?
উত্তৰঃ অপৰাধ প্ৰৱণতা হ'ল এক সামাজিক ব্য়াধি য'ত ব্য়ক্তিয়ে অসামাজিক আৰু বেআইনী কাৰ্যৰ লগত জড়িত হোৱা দেখা যায় । 

(২) শুদ্ধনে অশুদ্ধ লিখা (Write true on false) 

(i) কিশোৰ-কিশোৰীৰ আৱেগিক প্ৰকাশ বিমূৰ্ত প্ৰকৃতিৰ ।
     Emotional expressions of adolescents are abstract in nature. 
 উত্তৰঃ শুদ্ধ । 

(ii) কৈশোৰ কালত ল'ৰা-ছোৱালী আত্মকেন্দ্ৰিক হোৱা দেখা যায় ।
        Boys and girls are self-centred during adolescence period.
উত্তৰঃ 

(iii) ভয় এক নেতিবাচক আৱেগ ।
        Fear is a negative emotion.
উত্তৰঃ শুদ্ধ । 

(iv) আৱেগ কিশোৰ-কিশোৰীৰ দেহৰ শক্তিৰ উৎস ।
        Emotion is a source of strength to body of adolescents. 
উত্তৰঃ শুদ্ধ । 

(v) বিদ্য়ালয় অনুপযুক্ত পাঠ্য়ক্ৰমেও কিশোৰ-কিশোৰীৰ সমাযোজনত বাধাৰ সৃষ্টি কৰে । 
       Inadequate curriculum of school create hamper in adjustment of adolescents.
উত্তৰঃ শুদ্ধ ।

(vi) অপৰাধ প্ৰৱণতাৰ এক প্ৰকাৰ হ'ল মাদ্ৰক দ্ৰৱ্য়ৰ আসক্তি ।
        Drug addiction is a from of juvenile delinquency.
উত্তৰঃ শুদ্ধ । 

(৩) খালী ঠাই পূৰ কৰা (Fill in the blanks) 

(i) ______ সময়ত আৱেগিক বিকাশে সৰ্বোচ্চ অৱস্থা লাভ কৰে । 
    Emotional development reaches its maximum during______ . 
উত্তৰঃ 

(ii) 'Persona' শব্দটো ______ শব্দ ।
       The word 'persona' is a _____ word . 
উত্তৰঃ 

(iii) কৈশোৰ কালৰ ব্য়ক্তিত্ব বিকাশৰ এক প্ৰধান ক্ষেত্ৰ হ'ল _____ ।
       One key area of personality development during adolescence is _____ .
উত্তৰঃ 

(iv) অপৰাধ প্ৰৱণতাক ______ অপৰাধ বুলিও কোৱা হয় । 
        Juvenile delinquence is who known as _____ Crime.
উত্তৰঃ 

(v) উপযুক্ত আৱেগিক বিকাশে কিশোৰ-কিশোৰীৰ আৱেগিক ______ বৃদ্ধি কৰে । 
       Propere emotional development leads to the adolescents emotional ______ .
উত্তৰঃ 

(vi) _____ আচৰণ হ'ল সমাযোজনৰ এক ব্য়ক্তিগত কাৰক । 
        One personal factor of adjustment is ____ attitude . 
উত্তৰঃ পিতৃ-মাতৃৰ আচৰণ হ'ল সমাযোজনৰ এক ব্য়ক্তিগত কাৰক । 

(৪) চমু উত্তৰ লিখা (Write short answers) 

(i) কিশোৰ-কিশোৰী আৱেগিক বিকাশৰ দুটা বৈশিষ্ট্য় লিখা । 
    Write two characteristics of emotional development of adolescents.
উত্তৰঃ কিশোৰ-কিশোৰী আৱেগিক বিকাশৰ দুটা বৈশিষ্ট্য় হ'ল- (১) জটিলতা, (২) বিমূৰ্ত আৱেগৰ বিকাশ । 

(ii) সহানুভূতিশীলতা কি ?
      What is fellow feeling ?
উত্তৰঃ সহানুভূতিশীলতা হ'ল আত্ম-নিয়ন্ত্ৰণ । আনৰ সুখত সুখী আৰু আনৰ দুখত দুখী হোৱা। সমাজৰ আন লোকৰ লগত সম-অনুভূতি প্ৰকাশ কৰি মনৰ ঐক্য়-সংহতিৰ ভাব আৰু আচৰণ প্ৰকাশ কৰা । 

(iii) আৱেগৰ বেয়া প্ৰভাৱ সম্বন্ধে চমুকৈ লিখা । 
        Write shortly about bad effects of emotion. 
উত্তৰঃ কিশোৰ-কিশোৰীৰ আচৰণত আৱেগে বেয়া প্ৰভাৱ পেলোৱাও দেখা যায় । আৱেগে আটাইতকৈ বেছি বেয়া প্ৰভাৱ পেলায় তেওঁলোকৰ স্বাস্থ্য়ত । নিয়মীয়া আৱেগিক সংশয়ৰ ফলত কিশোৰ-কিশোৰীয়ে ভালদৰে শুব নোৱাৰে , ভাগৰ অনুভৱ কৰে, মূৰৰ বিষ অনুভৱ কৰে । 

(iv) কিশোৰ-কিশোৰীৰ ব্য়ক্তিত্ব বিকাশৰ দুটা বৈশিষ্ট্য় লিখা । 
        Write two characteristics of personality development of adolescents.
উত্তৰঃ কিশোৰ-কিশোৰীৰ ব্য়ক্তিত্ব বিকাশৰ দুটা বৈশিষ্ট্য় হ'ল- (১) আত্মসত্বাৰ ধাৰণা, (২) আত্ম মৰ্যদা ।

(v) সু-সমাযোজিত ব্য়ক্তি এজনৰ দুটা বৈশিষ্ট্য় লিখা । 
       Write two characteristics of well-adjusted persona. 
উত্তৰঃ সু-সমাযোজিত ব্য়ক্তি এজনৰ দুটা বৈশিষ্ট্য় হ'ল-
            (১) নিজ সবলতা-দুৰ্বলতা সম্বন্ধে সজাগ ।
            (২) নিজক আৰু আনক সন্মান প্ৰদৰ্শন । 

(vi) অপৰাধ প্ৰৱণতা প্ৰতিৰোধৰ ক্ষেত্ৰত পৰিয়ালে গ্ৰহণ কৰিবলগীয়া দুটা ব্য়ৱস্থা উল্লেখ কৰা ।
        Mention two measures taken by family or home to prevent juvenile delinquency.
উত্তৰঃ অপৰাধ প্ৰৱণতা প্ৰতিৰোধৰ ক্ষেত্ৰত পৰিয়ালে গ্ৰহণ কৰিবলগীয়া দুটা ব্য়ৱস্থা হ'ল-
            (১) ঘৰৰ উপযুক্ত পৰিবেশ ।
            (২) শিশুৰ প্ৰতি উপযুক্ত মনোভাব । 

(vii) অপৰাধ প্ৰৱণতা প্ৰতিৰোধৰ ক্ষেত্ৰত বিদ্য়ালয়ে গ্ৰহণ কৰিবলগীয়া দুটা ব্য়ৱস্থা উল্লেখ কৰা ।
        Mention two measures taken by school to prevent juvenile delinquency. 
উত্তৰঃ অপৰাধ প্ৰৱণতা প্ৰতিৰোধৰ ক্ষেত্ৰত বিদ্য়ালয়ে গ্ৰহণ কৰিবলগীয়া দুটা ব্য়ৱস্থা হ'ল-
            (১) শিশুকেন্দ্ৰিক শিক্ষা ।
            (২) শ্ৰৱণ-দৰ্শন সঁজুলিৰ প্ৰয়োগ ।

(৫) চমুটোকা লিখা (Write short notes) 

(i)  কৈশোৰ কালৰ আৱেগিক বিকাশ 
       Emotional development during adolescence
উত্তৰঃ শিশুসকলৰ তুলনাত কিশোৰ-কিশোৰৰ আৱেগিক বিকাশৰ ক্ষেত্ৰত পাৰ্থক্য় দেখিবলৈ পোৱা যায় । কিশোৰ-কিশোৰীসকলৰ আৱেগিক জীৱন অতি সংবেদনশীল আৰু দ্ৰুত প্ৰতিক্ৰিয়াশীল । কৈশোৰ কালত ব্য়ক্তি আৱেগিক ভাৰসাম্য়হীনতাৰ সন্মুখীন হয় । আৱেগিক অভিজ্ঞতাৰ পৰিপ্ৰেক্ষিতত এই সময়ছোৱাক ধুমুহা আৰু পীড়নৰ সময় বোলা হয় । কৈশোৰকালৰ দৰে বিকাশৰ আন কোনো স্তৰতে আৱেগিক শক্তি বিপদজনক নহয় । কিশোৰ-কিশোৰীৰ বাবে আৱেগৰ ওপৰত নিয়ন্ত্ৰণয় পোৱাটো এক কঠিন কাম । আৱেগিক বিকাশে এই সময়ত চূড়ান্ত ৰূপ লাভ কৰে । সকলো প্ৰকাৰৰ আৱেগ যেনে - সংশয়, ভয়, প্ৰেম বা ভালপোৱা, খং আদিবোৰ এই সময়ত বৃদ্ধি পায় । শিশুসকলৰ দৰে কৈশোৰ কালতো আৱেগিক অভিজ্ঞতা অস্থিৰ হোৱা দেখা যায় । আৱেগিক প্ৰতিক্ৰিয়াৰ ক্ষেত্ৰত কিশোৰ-কিশোৰীসকলে স্থিৰ নহয় । তেওঁলোকৰ আৱেগ অতি সঘনাই পৰিবৰ্তিত হৈ থাকে । 

(ii) সমাযোজনৰ কৌশলবোৰ 
       Techniques of adjustment 
উত্তৰঃ সমাযোজন প্ৰক্ৰিয়াৰ মূল লক্ষ্য় হ'ল সমন্বয় সাধন আৰু জীয়াই থকা । ভৌতিক বা বাহ্য়িক পৰিৱেশৰ কিছুমান উপাদান সততে প্ৰাণীৰ শৰীৰৰ আভ্য়ন্তৰীণ ভাৰসাম্য়তা নষ্ট কৰিবলৈ প্ৰয়াস কৰে । এনে আৱস্থাত প্ৰাণীয়ে নিজৰ শৰীৰৰ বিভিন্ন কাৰ্য প্ৰণালীৰ উপযুক্ত সালসলনি ঘটাই পূৰ্বৰ ভাৰসাম্য়তা ঘূৰাই আনিবলৈ চেষ্টা কৰে । শৰীৰৰ যিবিলাক বাহ্য়িক আৰু আভ্য়ন্তৰীণ কাৰকে প্ৰাণীৰ গতিশীল সাম্য় অৱস্থা বৈসাম্য় কৰিবলৈ চেষ্টা কৰে তাক বাধা প্ৰদান কৰি দেহৰ গতিশীল সাম্য় অৱস্থা বাহাল ৰখাকে সমাৱস্থান বোলা হয় । ভৌতিক বা বাহ্য়িক পৰিৱেশৰ দৰে মানসিক পৰিৱেশটো ব্য়ক্তিয়ে সহৱস্থান স্থাপন কৰাটো প্ৰয়োজনীয় । প্ৰত্য়ক মানুহৰে এখন মানসিক জগত আছে । এই মানসিক জগতখনৰ ভয়, সংশয়, অনিশ্চয়তা, সংঘাত, চাপ, উত্তেজনা আদি বিপৰীতধৰ্মী ভাৱ-চিন্তাবোৰে ব্য়ক্তি মনত তৃপ্তিদায়ক পৰিৱেশৰ সৃষ্টি কৰিব নোৱাৰে । প্ৰতিজন ব্য়ক্তিৰ মনত কেতবোৰ উৎকণ্ঠা থাকে । এই উৎকণ্ঠাবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰতিজন ব্য়ক্তিয়ে যত্ন কৰে আৰু ইয়াৰ বাবে দুই ধৰণৰ ব্য়ৱস্থা গ্ৰহণ কৰে । সেয়া হ'ল- (ক) যুঁজ কৰা আৰু (খ) পলায়ন কৰা । 

(iii) কৈশোৰ কালৰ ব্য়ক্তিত্ব বিকাশ
        Personality development during adolescence 
উত্তৰঃ কৈশোৰ কালত ব্য়ক্তিৰ জীৱনৰ সকলোবোৰ দিশৰ পৰিৱৰ্তন হোৱা দেখা যায় । কৈশোৰ কালত ব্য়ক্তিয়ে নিজস্ব সত্বা বিকশাই তোলে । কিশোৰ-কিশোৰীয়ে মাক-দেউতাকৰ পৰা নিজক পৃথক কৰি নিজৰ ব্য়ক্তিত্ব বিকশাই তোলে । কিশোৰ-কিশোৰীয়ে সাধাৰণতে ঘৰৰ বাহিৰত সমনীয়াৰ বন্ধুৰ লগত অধিক সময় অতিবাহিত কৰে আৰু তেওঁলোকৰ পিতৃ-মাতৃৰ ওপৰত থকা মনো-দৈহিক নিৰ্ভৰশীলতা কমি আহে । এই সময়ছোৱাত কিশোৰ-কিশেৰীৰ ব্য়ক্তিত্বৰ বিকাশে চৰম অৱস্থা লাভ কৰে । সমনীয়া বন্ধুৰ লগত বহুত সময় অতিবাহিত কৰা বাবে তেওঁলোকৰ ব্য়ক্তিত্বত সমনীয়া বন্ধুৰ প্ৰভাৱ দেখিবলৈ পোৱা যায় । ইয়াৰ বাহিৰে পিতৃ-মাতৃও কিশোৰ-কিশোৰীৰ ব্য়ক্তিত্ব ভালদৰে বিকশাই তোলাৰ বাবে ব্য়ৱস্থা গ্ৰহণ কৰে । অৰ্থাৎ পিতৃ-মাতৃ আৰু সমনীয়া বন্ধুৱে যুটীয়াভাৱে কিশোৰ-কিশোৰী ব্য়ক্তিত্বৰ বিকাশত অৰিহনা যোগায় । 

(iv) অপৰাধ প্ৰৱণতা 
        Juvenile delinquency
উত্তৰঃ বৰ্তমান সমাজৰ এক জটিল সমস্য়া হ'ল অপৰাধ প্ৰৱণতা । সাধাৰণতে সমাজৰ দ্বাৰা অনুমোদিত প্ৰথা , পৰম্পৰা আৰু আইন উলংঘা কৰা সকলো মানুহকেই অপৰাধী বুলি গণ্য় কৰা হয় । সাধাৰণ দৃষ্টিকোণেৰে বিবেচনা কৰিলে অপৰাধ আৰু  অপৰাধ প্ৰৱণতাৰ মাজত বিশেষ পাৰ্থক্য় দেখা নাযায় কিন্তু বাস্তৱত অপৰাধী আৰু অপৰাধ প্ৰৱণ ব্য়ক্তিৰ দেখা নাযায় কিন্তু বাস্তৱত অপৰাধী আৰু অপৰাধ প্ৰৱণ ব্য়ক্তিৰ মাজত পাৰ্থক্য় আছে । সমাজৰ অনুমোদিত আইন ভংগ কৰা ব্য়ক্তিজনৰ বয়সৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ পাৰ্থক্য় নিৰূপণ কৰা হয় । দেশ অনুযায়ী এই বয়সৰ সীমা পৃথক পৃথক হোৱা দেখা যায় । আমাৰ দেশত ইংৰাজসকলৰ দ্বাৰা প্ৰচলিত আইন অনুসৰি ৭ বছৰৰ তলৰ শিশুৱে আইন ভংগ কৰিলে তাক অপৰাধ হিচাপে গণ্য় কৰা নহয় । এই আইন অনুসৰি এই বয়সৰ শিশুৱে অপৰাধ সংঘটিত কৰিব নোৱাৰে । পিছলৈ বয়সৰ এই সীমা ১২ বছৰ আৰু ১৬ বছৰলৈ বৃদ্ধি কৰা হৈছিল । বৰ্তমান সময়ত এই বয়সৰ সীমা ১৮ বছৰ ধাৰ্য কৰা হৈছে । কোনো এজন শিশুৰ অসামাজিক আৰু বেআইনী কাৰ্য কৰাৰ প্ৰৱণতাই যেতিয়া সমাজত আৰু আইনৰ চকুত দোষী বিচাপে গণ্য় হৈ চৰকাৰী ব্য়ৱস্থা গ্ৰহণৰ বিষয় হয়, তেনে শিশুকেই অপৰাধ প্ৰৱণ শিশু আৰু মতবাদটোক অপৰাধ প্ৰৱণতা বোলা হয় । 

(v) সমাযোজনৰ সমস্য়াবোৰ 
       Adjustment problems
উত্তৰঃ মানৱ আচৰণৰ এক জটিল সমস্য়া হৈছে সমাযোজনৰ সমস্য়া । কিশোৰ-কিশোৰীৰ সমাযোজনৰ সমস্য়াৰ বিভিন্ন কাৰণ আছে সমাযোজনৰ সমস্য়াবোৰক অপসমাযোজনৰ কাৰণ বুলিও কোৱা হয় । কিশোৰ কিশোৰীৰ সমাযোজনৰ সমস্য়াবোৰক তিনিটা ভাগত ভগাব পাৰি । যেনে-
(ক) ব্য়ক্তিগত 
(খ) সামাজিক
(গ) বিদ্য়ালয় কাৰক

(ক) ব্য়ক্তিগত কাৰক ঃ 
    (১) দৈহিক গঠন (Physique)
    (২) দৰিদ্য়তা (Poverty)
    (৩) বিপৰ্যস্ত পৰিয়াল (Broken Home)
    (৪) পিতৃ-মাতৃৰ আচৰণ (Parental Attitude)
    (৫) দীৰ্ঘদিনীয়া অসুস্থতা আৰু আঘাত (Prolonged Sickness and injury)
    (৬) ব্য়ক্তিগত অযোগ্য়তা (Personal Inadequacy)
    (৭) আৱেগিক আঘাত (Emotional Shock)

(খ) সামাজিক কাৰকঃ 
    (১) ধৰ্মীয় বিশ্বাস (Religious Belief)
    (২) পিতৃ-মাতৃৰ গতিশীলতা (Mobility of Parents)
    (৩) আক্ৰমণাত্মক মনোভাৱ (Hostile Attitude) 

(গ) বিদ্য়লয়ৰ কাৰক ঃ 
    (১) শ্ৰেণীকোঠাৰ অনুপযুক্ত পৰিৱেশ (Improper Classroom Climate)
    (২) অনুপযুক্ত পাঠ্য়ক্ৰম (Inadequate Curriculum) 
    (৩) উপযুক্ত বিনোদনৰ সামগ্ৰীৰ অভাৱ (Lack of Proper Recreational Facilities)
    (৪) আসোঁৱাহপূৰ্ণ শিক্ষাদান পদ্ধতি (Defective Teaching method) 

(vi) ভাৰাসাম্য়পূৰ্ণ পৰিপূৰ্ণ ব্য়ক্তিত্বৰ ব্য়ক্তি 
        Person with balanced mature personality
উত্তৰঃ ভাৰসাম্য় শব্দই সাধাৰণতে সামঞ্জস্য়পূৰ্ণতাক বুজায় । সুব্য়ক্তিত্বৰ ব্য়ক্তি এজনক পৰিপক্ক ব্য়ক্তিত্বৰ ব্য়ক্তি বুলি কোৱা হয় । যিসকল ব্য়ক্তি শাৰিৰীক আৰু মানসিকভাৱে সুস্থ, আবেগিকভাৱে পৰিপক্ক, যিকোনো পৰিৱেশৰ লগত সুস্থভাৱে সমাযোজিত, সমস্য়াৰ দ্ৰুত সমাধানকাৰী, গণতান্ত্ৰিক ভাৱধাৰাপূৰ্ণ, সামাজিকভাৱে দায়ৱদ্ধ, নৈতিকভাৱে উন্নত গুণসম্পন্ন, আত্মনিয়ন্ত্ৰিত, বহল মনৰ , উচ্চ চিন্তা আৰু যুক্তি ক্ষমতাৰ অধিকাৰী তেনে ব্য়ক্তিৰ ব্য়ক্তিত্বক ভাৰসাম্য়পূৰ্ণ পৰিপক্ক ব্য়ক্তিত্ব বুলি কোৱা হয় । এই প্ৰকাৰৰ ব্য়ক্তিত্বত সুস্থ ব্য়ক্তিত্বৰ আটাইবোৰ সংলক্ষণৰ মাজত সামঞ্জস্য়তা দেখিবলৈ পোৱা যায় আৰু প্ৰতিটো সংলক্ষণেই পৰিপক্ক প্ৰকৃতিৰ । ভাৰসাম্য়পূৰ্ণ পৰিপক্ক ব্য়ক্তিত্বৰ ব্য়ক্তিসকলে সকলো কাম নিপুণতাৰে সম্পাদন কৰিব পাৰে আৰু তেওঁলোকে প্ৰদৰ্শন কৰা আচৰণবোৰ সমাজৰ প্ৰতিজন লোকৰ বাবে গ্ৰহণযোগ্য় । যিকোনো সামাজিক পৰিৱেশত এনে ব্য়ক্তিত্বৰ ব্য়ক্তিসকলে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে আৰু প্ৰতিটো কামতে উদ্য়মতাৰ গুণ প্ৰতিফলিত কৰায় । 

(vii) সু-সমাযোজিত ব্য়ক্তিৰ বৈশিষ্ট্য়বোৰ 
        Characteristics of well adjustment person.
উত্তৰঃ (১) নিজ সবলতা-দুৰ্বলতা সম্বন্ধে সজাগ (Awarencess of His Own Strength and Weakness): এজন সু-সমাযোজিত ব্য়ক্তিয়ে নিজকে ভালদৰে জানে আৰু নিজৰ সক্ষমতা আৰু দুৰ্বলতা প্ৰকাশ কৰিব পাৰে । সেয়েহে, এই ব্য়ক্তিসকলে সদায় মজলীয়া জটিলতাৰ কাৰ্য সম্পাদন কৰিব বিচাৰে ।
(২) নিজক আৰু আনক সন্মান প্ৰদৰ্শন (Respecting himself and others): নিজক বেয়া পোৱাটো এক গুৰুতৰ অপসমাযোজনৰ লক্ষণ । সু-সমাযোজিত ব্য়ক্তি এজনে নিজক আৰু আনক সন্মান প্ৰদৰ্শন কৰিব জানে ।
(৩) যথাযথ আকাংক্ষাৰ মাত্ৰা (An adequate level of aspiration): সু-সমাযোজিত ব্য়ক্তি এজনৰ নিজ ক্ষমতা আৰু দক্ষতাৰ ক্ষেত্ৰত আকাংক্ষাৰ মাত্ৰা অতি নিম্নগামীও নহয় বা অতি উচ্চগামীও নহয় । যথাযথ আকাংক্ষাৰ মাত্ৰাৰে এইসকল লোকে কাৰ্য সম্পাদন কৰে ।
(৪) মৌলিক প্ৰয়োজন পূৰণ (Satisfaction of basic needs) : এজন সু-সমাযোজিত ব্য়ক্তিৰ জৈৱিক, আৱেগিক আৰু সমাজিক প্ৰয়োজনবোৰ সন্তোষজনকভাৱে পূৰ হয় বা পূৰ হোৱাৰ পথত থাকে । এইসকল লোকে আৱেগিক বা সামাজিক জটিলতাৰ মাজত জীৱন অতিবাহিত কৰিব নালাগে । সমাজত তেওঁলোকে নিৰাপত্তা অনুভৱ কৰে আৰু আত্ম মৰ্যদা ৰক্ষা কৰি চলে । 
(৫) জটিল মনোভাৱৰ অনুপস্থিতি (Absence of Critical attitude): কোনো বস্তু, ব্.ক্তি বা কাৰ্।ৰ ভাল দিশবোৰক সু-সমাযোজিত ব্য়ক্তিয়ে প্ৰশংসা কৰে । দুৰ্বলতা বা অসফলতা দিশত তেওঁলোকে গুৰুত্ব নিদিয়ে । ব্য়ক্তিয়ে ভাল কাম, গুণ আদিত তেওঁলোকে গুৰুত্ব দিয়ে ।
(৬) আচৰণত গতিশীলতা (Flexibility in Behaviour): মনোভাৱ বা জীৱন ধাৰণৰ ক্ষেত্ৰত সু-সমাযোজিত লোকসকল স্থৱিৰ নহয় । পৰিৱৰ্তিত পৰিস্থিতিয়ে নিজৰ আচৰণৰ পৰিৱৰ্তন সাধন কৰি এইসকল লোকে সমাযোজন স্থাপন কৰিব পাৰে । 
(৭) বেয়া পৰিস্থিতিৰ লগত মোকাবিলা কৰাৰ দক্ষতা (Capacity to deal with adverse circumstances): বেয়া পৰিস্থিতিৰ সন্মুখীন হ'লে এইসকল লোক সহজে ভীতিগ্ৰস্ত নহয় আৰু সেই পৰিস্থিতিৰ বিৰুদ্ধে যুঁজ দিবলৈ তৎপৰ হৈ থাকে । বেয়া পৰিস্থিতিক গ্ৰহণ কৰাৰ পৰিৱৰ্তে সেয়া সংশোধনৰ বাবে এইসকল লোকৰ অৰ্ন্তনিহিত প্ৰেৰণা থাকে । 
(৮) পৃথিৱী সম্বন্ধে বাস্তৱিক জ্ঞান (Realistic Perception to World): এইসকল ব্য়ক্তিৰ পৃথিৱী সম্বন্ধে থকা জ্ঞান বাস্তৱিক প্ৰকৃতিৰ আৰু তেওঁলোকে সদায় প্ৰায়োগিকভাৱে পৰিকল্পনা, চিন্তা আৰু কাৰ্য সম্পাদন কৰে । 
(৯) চৌপাশৰ লগত সহৱস্থান (Ease with Surroundings): সু-সমাযোজিত ব্য়ক্তি এজন চৌপৈশৰ পৰিৱেশত সন্তোষজনকভাৱে থাকে । পৰিয়াল, ওচৰ-চুবুৰীয়া আৰু অন্য়ান্য় সামাজিক পৰিৱেশত এইসকল লোকে নিজকে খাপ-খুৱাব পাৰে । যদি ব্য়ক্তিজন বিদ্য়ালয়ৰ ছাত্ৰ হয় তেন্তে সি বিদ্য়ালয়খনক ভাল পাব, শিক্ষক আৰু সহপাঠিক ভাল পাব আৰু বিদ্য়ালয়ৰ পৰিৱেশৰ প্ৰতি আকৰ্ষিত হ'ব । 
(১০) জীৱন দৰ্শনৰ ভাৰসাম্য়তা (Balanced Philosophy of Life) : সু-সমাযোজিত ব্য়ক্তি এজনৰ নিজ জীৱন দৰ্শন আছে । জীৱনৰ মূল্য়বোধ সম্বন্ধে তেওঁ উপযুক্ত মনোভাৱ বিকশাই তোলে । সমাজ আৰু সংস্কৃতিৰ চাহিদাৰ ভিত্তিত এইসকল লোকৰ দৰ্শন গঢ় লৈ উঠে । 

(viii) আৱেগিক বিকাশৰ ধাৰণা
          Concept of emotional development. 
উত্তৰঃ মানৱৰ বৃদ্ধি আৰু বিকাশৰ এক প্ৰধান দিশ হ'ল আৱেগিক বিকাশ । ব্য়ক্তিৰ ব্য়ক্তিত্বৰ বিকাশত বিভিন্ন আৱেগ যেনে-প্ৰেম বা ভালপোৱা, খং, ভয় আদিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । দৈহিক বৃদ্ধি আৰু বিকাশৰ বাহিৰেও আমাৰ সামাজিক, নৈতিক, বৌদ্ধিক, সৌন্দৰ্যবোধক বিকাশ আদিও আৱেগিক বিকাশৰ লগত ঘনিষ্ঠভাৱে সম্বন্ধিত হৈ থাকে আৰু এইবোৰ বিকাশৰ দিশ আৱেগিক আচৰণ আৰু অভিজ্ঞতাৰ দ্বাৰা নিয়ন্ত্ৰিত হয় । এজন ব্য়ক্তিৰ আৱেগৰ উচ্চসীমা অতিক্ৰম হ'লে হৃদপিণ্ডত স্পন্দন তীব্ৰতৰ হয়, ৰক্ৰচাপ বৃদ্ধি হয়, শ্বাস-প্ৰশ্বাস অনিয়মীয়া হয় আৰু মুখৰ প্ৰকাশভংগীৰ পৰিৱৰ্তন ঘটে। ব্য়ক্তি বিশেষে আৱেগ বেলেগ বেলেগ হয় । 
        বিকাশৰ স্তৰভেদে আৱেগিক বিকাশৰ মাত্ৰা পৃথক পৃথক। শৈশৱ কালত আৱেগৰ প্ৰকাশৰ বাবে শিশুৱে যি প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰে , বাল্য়কালত সেই প্ৰতিক্ৰিয়া ভিন্ন হয় । কৈশোৰ কালত কিশোৰ-কিশোৰীয়ে বিমূৰ্তভাৱেও আৱেগিক আচৰণ প্ৰকাশ কৰিব পাৰে । বয়স বৃদ্ধিৰ লগতে ব্য়ক্তিৰ আৱেগিক বিকাশ আৰু পৰিপক্কতা বৃদ্ধি হয় । ভাষাৰ বিকাশৰ লগে লগে ল'ৰা-ছোৱালীৰ আৱেগৰ প্ৰকৃতিৰ জটিলতা বৃদ্ধি পায় । গতিকে ক'ব পাৰি যে ব্য়ক্তি এজন সৰ্বাংগীন বিকাশৰ বাবে আৱেগ হৈছে এক উদ্দীপক যাৰ যোগেদি সৰ্বাত্মক বিকাশ সম্ভৱ কৰিব পাৰি । 

(৬) উত্তৰ লিখা (Write answers) 

(i) কৈশোৰ কালৰ আৱেগিক বিকাশৰ বিষয়ে বৰ্ণনা কৰা । 
    Explain about emotional development during adolescence period.
উত্তৰঃ শিশুসকলৰ তুলনাত কিশোৰ-কিশোৰীৰ আৱেগিক বিকাশৰ ক্ষেত্ৰত পাৰ্থক্য় দেখিবলৈ পোৱা যায় । কিশোৰ-কিশোৰীসকলৰ আৱেগিক ভাৰসাম্য়হীনতাৰ সন্মুখীন হয় । আৱেগিক অভিজ্ঞতাৰ পৰিপ্ৰেক্ষিতত এই সময়ছোৱাক ধুমুহা আৰু পীড়নৰ সময় বোলা হয় । কৈশোৰকালৰ দৰে বিকাশৰ আন কোনো স্তৰতে আৱেগিক শক্তি বিপদজনক নহয় । কিশোৰ-কিশোৰীৰ বাবে আৱেগৰ ওপৰত নিয়ন্ত্ৰণ পোৱাটো এক কঠিন কাম । আৱেগিক বিকাশে এই সময়ত চূড়ান্ত ৰূপ লাভ কৰে । সকলো প্ৰকাৰৰ আৱেগ যেনে-সংশয়, ভয়, প্ৰেম বা ভালপোৱা, খং আদিবোৰ এই সময়ত বৃদ্ধি পায় । শিশুসকলৰ দৰে কৈশোৰ কালতো আৱেগিক অভিজ্ঞতা অস্থিৰ হোৱা দেখা যায় । আৱেগিক প্ৰতিক্ৰিয়াৰ ক্ষেত্ৰত কিশোৰ-কিশোৰীসকল স্থিৰ নহয় । তেওঁলোকৰ আৱেগ অতি সঘনাই পৰিবৰ্তিত হৈ থাকে । ই.এ.পিল (E.A.Peel) ৰ দৃষ্টিভঙ্গীত, ''কৈসোৰ কালৰ আৱেগিক জীৱনৰ প্ৰধান বৈশিষ্ট্য় আনুগত্য়তা, যুথ, বিদ্য়ালয় আৰু দলৰ লগত সম্বন্ধিত আৰু কিশোৰ-কিশোৰীৰ অৱস্থান্তৰ প্ৰকৃতিৰ লগত আন্তৰিকভাৱে সম্বন্ধিত'' (The main features of the emotional life of adolescent concern the loyalities, gang, school and group and are intimately connected with the transitional nature of adolescents) ।
        কৈশোৰ কালৰ ল'ৰা-ছোৱালীৰ আৱেগিক বিকাশৰ কেতবোৰ বৈশিষ্ট্য় তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি । 
(১) জটিলতা (Complexity): শিশুৱে কৈশোৰকাল লাভ কৰা সময়লৈকে বহুতো আৱেগিক উৎক্ষেপন আৰু পীড়নৰ মুখামুখি হয় । পৰিৱেশত লাভ কৰা অভিজ্ঞতাৰ ফলস্বৰূপে তেওঁলোকৰ আৱেগিক বিকাশ অধিক জটিল বিধৰ হৈ উঠে । 

(২) বিমূৰ্ত আৱেগৰ বিকাশ (Development of Abstract Emotion) : সাধাৰণতে শৈশৱ আৰু বাল্য়কালত শিশুসকলে আৱেগিক অনুভূতিস্বৰূপ ভাল-লগা, বেয়া-লগা আদিবোৰ বাস্তৱত মূৰ্ত বিষয়বস্তুৰ জৰিয়তে প্ৰকাশ কৰে । কিন্তু কৈশোৰ কালত ইয়াৰ পৰিৱৰ্তন ঘটে । কিশোৰ-কিশোৰীসকলে ভাল-লগা, বেয়া-লগা, আৱেগ-অনুভূতিবোৰ বিমূৰ্ত বিষয়ৰ যোগেদি প্ৰকাশ কৰে ।

(৩) ব্য়াপক আৱেগিক অনুভূতি (Widened Emotional Feeling) : শিশুসকল ডাঙৰ হোৱাৰ লগে লগে অতীতৰ ভিত্তিত ভৱিষ্য়তৰ বাবে কল্পনা কৰে আৰু সেয়ে কিশোৰ-কিশোৰীসকল কিছু ক্ষেত্ৰত সহ্য়শীল হয় । এয়া সুখদায়ক অনুভূতি । আকৌ কোনো পৰিস্থিতিত তেওঁলোকৰ খং-ৰাগ, বিৰক্তি, হিংসা, ঘৃণা আদি তীব্ৰতৰ হয় ।  

(৪) আৱেগ বিতৰণৰ ক্ষমতা (Capacity of Sharing Emotions) : বাল্য়কালত শিশুসকল আৱেগ নিয়ন্ত্ৰণৰ বাবে দক্ষ নাছিল । কিন্তু কিশোৰ-কিশোৰীসকলে আনৰ ভাৱ-অনুভূতি আৰু আনৰ লগত আৱেগ বিতৰণৰ দক্ষতা আদিৰ লগত জড়িত । কিশোৰ-কিশোৰীসকলৰ আৱেগিক অভিজ্ঞতা বিতৰণে চূড়ান্ত অৱস্থা লাভ কৰে যেতিয়া তেওঁলোকে আন ব্য়ক্তিৰ লগত সম্বন্ধ স্থাপন কৰে আৰু আনৰ সুখত সুখ অনুভৱ কৰে ।

(৫) নিঃসংগতা সহ্য়কৰণ (Toleration of Aloneness): কিশোৰ-কিশোৰীসকলে এই সময়ছোৱাত নিসংগ অনুভূতি বিকশাই তোলে । কেতিয়াবা তেওঁলোকে ঘৰত অকলে  থাকিও ভাল পায় । তেওঁলোকে নিঃসংগতাত থকাৰ কাৰণ হ'ল আৱেগৰ অতিচৰ্য আৰু তিক্ততাৰ পৰা উপসম লাভৰ বাবে কৰা এক প্ৰয়াস ।

(৬) সহানুভূতিশীলতা (Fellow Feeling) : শৈশৱ আৰু বাল্য়কালৰ আত্মকেন্দ্ৰিক মনোভাৱ কৈশোৰ কালত সহানুভূতিশীল হোৱা দেখা যায় । বিভিন্ন সামাজিক পৰিস্থিতিত উত্তেজনা সহ্য় কৰিব  পৰা ক্ষমতা কিশোৰ-কিশোৰীক বৃদ্ধি পায় । সমাজৰ আন লোকৰ লগত সম-অনুভূতি প্ৰকাশ কৰি মনৰ ঐক্য়-সংহতিৰ ভাব  আৰু আচৰণ প্ৰকাশ কৰিব পাৰে ।

(৭) ধ্বংসাত্মক আৱেগ (Violent Emotions): কৈশোৰ কালৰ আৱেগিক অভিজ্ঞতা ব্য়াপক পৰিসৰৰ হোৱা বাবে ই কেতিয়াবা নিয়ন্ত্ৰাধীন হৈ ধ্বংসাত্মক ৰূপ ধাৰণ কৰে । প্ৰাপ্তবয়স্কসকলৰ বাবে সাধাৰণ মানৰ হোৱা ঘটনা এটা যুৱক-যুৱতীসকলৰ বাবে অসাধাৰণ হোৱা দেখা যায় । এই ধ্বংসাত্মক আৱেগ সৃষ্টিৰ প্ৰভাৱিত কাৰণ হ'ল- স্থিৰতাৰ অভাৱ, আৱেগ-অনুভূতি প্ৰকাশত নিয়ন্ত্ৰণহীনতা, ভাৱবৃত্তিৰ দ্বাৰা প্ৰভাৱিত হোৱা, আৱেগিক প্ৰভাৱত চিন্তা কৰা আদি । 

(৮) যৌন উত্তেজনা (Sexual Excitement) : কৈশোৰ কাল যৌন ক্ষমতা বিকাশৰ সময় । কিশোৰ-কিশোৰীৰ দৈহিক পৰিৱৰ্তনৰ বাবে লাজ, ভয়, শংকা আদি আৱেগৰ বিকাশ হয় । যৌন জীৱনৰ পৰিৱৰ্তনৰ পৰিস্থিতিত তেওঁলোকে সুস্থ আৰু স্বাভাৱিকভাৱে সমাযোজন কৰিব নোৱাৰে । 

(৯)  আত্ম-সন্মানবোধ (Sense  of Self-respect) : কৈশোৰ কালত ল'ৰা-ছোৱালী অধিক আত্ম-সচেতন হৈ উঠে । সেয়ে তেওঁলোকে আনৰ নেতিবাচক মনোভাৱ, অযুক্তিকৰ সমালোচনা, আত্মসন্মানত লগাকৈ কোৱা কথা আদিবোৰ সহ্য় কৰিব নোৱাৰি আৱেগিক হৈ পৰে । 

(১০) আনুগত্য়তা বৃদ্ধি (Loyalties Expand) : শিশুসকলৰ ঘৰুৱা পৰিৱেশতেই আৱেগিক বিকাশ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু কৈশোৰকালত এই প্ৰক্ৰিয়া ঘৰ আৰু ওচৰ-চুবুৰীয়াৰ বাহিৰলৈ সম্প্ৰসাৰিত হয় । সমনীয়া দল আৰু বিভিন্ন ক্ষেত্ৰৰ নেতাসকলৰ লগত এই আনুগত্য়তা চিনাক্ত কৰিব পৰা যায় ।

(১১) আশা আৰু আকাংক্ষাৰ পুনৰীক্ষণ (Reviewing of Hopes and Aspirations): কৈশোৰকাল জীৱনৰ এনে এক সময় যেতিয়া কোনো এজন ব্য়ক্তিৰ ভৱিষ্য়ত জীৱনৰ বিষয়ে আশা-আকাংক্ষা থাকে । কিছুসংখ্য়ক কিশোৰ-কিশোৰীয়ে নিজ লক্ষ্য়ত উপনীত হবৰ বাবে বাস্তৱভিত্তিক কাৰ্য কৰে আৰু বহুতো কিশোৰ-কিশোৰী এই ক্ষেত্ৰত কল্পনাৰ পৃথিৱীত বিচৰণ কৰে । 

(১২) আৱেগৰ বিস্তাৰণ (Expansions of Emotions) ঃ শৈশৱ কালত গৃহত আৰম্ভ হোৱা আৱেগিক বিকাশ কৈশোৰ কালত গৃহ আৰু ওচৰ-চুবুৰীয়াৰ সীমা অতিক্ৰম কৰি বিস্তাৰিত হয় ।আৱেগিক ক্ষেত্ৰত তেওঁলোকক সমনীয়াৰ দল আৰু বিভিন্ন ক্ষেত্ৰৰ নেতাৰ লগত আন্তঃক্ৰিয়া কৰা দেখা যায় । 

(১৩) অতিমাত্ৰা আৱেগ (Too much of Emotion) ঃ সুখদায়ক আৰু দুখদায়ক দুয়োবিধ আৱেগেই কৈশোৰ কালত মাত্ৰাধিক ৰূপত আত্মপ্ৰকাশ কৰি উঠে । আনন্দ, উল্লাস, প্ৰেম-প্ৰীতি, আশা আদি অনিয়ন্ত্ৰিত ৰূপত প্ৰকাশ হয় যাৰ ফলত বয়সস্থলোক সকলে অস্বস্তি অনুভৱ কৰে । 

(১৪) নিসংগপ্ৰিয়তা (Love of Loneliness) ঃ কিশোৰ-কিশোৰীসকল নিসংগপ্ৰিয় হোৱাও দেখা যায় । আৱেগিক আতিচৰ্য আৰু তিক্ততাৰ পৰা উপসম লাভৰ বাবে তেওঁলোকে বন্ধুবৰ্গ আৰু পৰিয়ালবৰ্গৰ সামাজিক পৰিস্থিতিৰ পৰা আঁতৰত কেতিয়াবা অকলে স্বীয়চিন্তন কৰিব বিচাৰে।

(১৫) পৰাণুভৱতা (Empathy) ঃ কৈশোৰ কালৰ আৱেগ-অনুভূতিয়ে আত্মকেন্দ্ৰিকতাৰ পৰিসৰ অতিক্ৰম কৰে আৰু আনৰ সুখ-দুখ নিজৰ কৰি লোৱাৰ প্ৰৱণতা কিশোৰ-কিশোৰীসকলৰ মাজত বিকশিত হৈ উঠে । এইয়া হ'ল পৰাণুভৱতা । এই বৈশিষ্ট্য়ৰ বাবে তেওঁলোকে নিজৰ সুখ-দুখৰ কথা নাভাবি আনৰ সুখৰ বাবে ত্য়াগ স্বীকাৰ কৰিব পৰা মানসিক প্ৰৱণতা বিকশাই তোলে ।  

(ii) কিশোৰকিশোৰীৰ কেতবোৰ সাধাৰণ আৱেগৰ বিষয়ে লিখা । তেওঁলোকৰ আৱেগিক বিকাশৰ গুৰুত্বপূৰ্ণ উপায়বোৰ বৰ্ণনা কৰা । 
        Write about some common emotions of adolescents. Explain the important ways for their emotional development.
উত্তৰঃ কিশোৰ-কিশোৰীৰ কেতবোৰ সাধাৰণ আৱেগৰ বিষয়ে তলত চমু বৰ্ণনা আগবঢ়োৱা হ'ল-
(১)প্ৰেম আৰু মৰম (Love and Affection) ঃ শিশুৰ প্ৰেম বা ভালপোৱা কোনো কাৰণৰ ওপৰত নিৰ্ভৰশীল নহয় । কিন্তু কিশোৰ-কিশোৰীৰ প্ৰেম বা ভালপোৱা কৰণভিত্তিক । এইটো কিশোৰ-কিশোৰীৰ বাবে সম্ভৱ নহয় যে বিনা কাৰণত কিবা এটা ভাল পাব বা মৰম কৰিব । তেওঁলোকৰ বন্ধুত্বৰ পৰিসৰ সীমিত । পৰিয়ালৰ, ওচৰ সম্বন্ধ, বন্ধু আৰু সহপাঠীৰ মাজত ই সীমাৱদ্ধ । শিশুতকৈ কিশোৰ-কিশোৰীৰৰ আৱেগ বেছি গভীৰ ।সেয়ে শিশুতকৈ কিশোৰ-কিশোৰীৰ প্ৰেম বা ভালপোৱা বেছি স্থায়ী ।যদি কিশোৰ কিশোৰীয়ে কোনোবাক ভাল পায় তেন্তে তেওঁলোকে সেই ব্য়ক্তিজনৰ লগত সম্বন্ধ স্থাপন কৰিব বিচাৰে । যদি সম্বন্ধ স্থাপন নহয় তেতিয়া তেওঁলোক দুখ পায় । কিশোৰ-কিশোৰীৰ প্ৰেম বা ভালপোৱাৰ প্ৰকাশভংগী অধিক নিয়ন্ত্ৰিত । তেওঁলোকে ভালপোৱা জনক পুাবলৈ বিচাৰে আৰু ভালপোৱাজনৰ বাবে কিবা এটা কৰিব বিচাৰে গিল্লীলেণ্ড নামৰ মনোবিজ্ঞানীজনৰ মতে বাল্য়কালৰ মৰম বা ভালপোৱা যৌনতামূলক নহয়, কিন্তু কৈশোৰকালত মৰম বা ভালপোৱা হ'ল আনন্দৰ এক উৎস । কৈশোৰকালৰ প্ৰেম বা ভালপোৱাৰ আৱেগ যৌনতামূলক হোৱাও দেখা যায় । প্ৰেম ভালপোৱাৰ ক্ষেত্ৰত কিশোৰ-কিশোৰীয়ে বিপৰীত লিংগৰ ব্য়ক্তিৰ লগত সম্বন্ধ ৰক্ষা কৰে । 

        (২) আনন্দ (Joy):  আনন্দ হ'ল এক ধনাত্মক আৱেগ । শিশুসকলৰ দৰে কিশোৰ-কিশোৰীৰো বেছিভাগ আনন্দৰ উৎস হ'ল ভাল দৈহিক স্বাস্থ্য় । মনোবিজ্ঞানীসকলৰ মতে সুস্থ দৈহিক স্বাস্থ্য়ই কিশোৰ-কিশোৰীক বিভিন্ন ধৰণৰ আনন্দ প্ৰদান কৰে । যেনে-

(ক) যদি কিশোৰ-কিশোৰীসকল সুস্বাস্থ্য় অধিকাৰী হয়, দক্ষতাপূৰ্ণ আৰু সু-সমাযোজিত হয় , তেতিয়া তেওঁলোকে আনন্দ উপভোগ কৰে । 

(খ) কিশোৰ-কিশোৰীয়ে যদি নিজৰ অৰ্ন্তনিহিত আৰু আৰ্জিত শক্তি ক্ষমতাবোৰ প্ৰকাশ কৰাৰ বাবে সুবিধা লাভ কৰে তেন্তে ই তেওঁলোকৰ বাবে আনন্দৰ উৎস হৈ পৰে । 

(গ) কিশোৰ-কিশোৰীৰ আনন্দৰ আন এক কাৰণ হ'ল উচাত্মীকা ভাৱ । সকলো কিশোৰ-কিশোৰীয়ে জীৱনত সংশয় আৰু নিৰাপত্তাহীনতাৰ সন্মুখীন হয় । যদি এই পৰিৱেশৰ বিপৰীতাৱস্থা তেওঁলোকে লাভ কৰে তেন্তে ই তেওঁলোকক আনন্দ দিয়ে। প্ৰথম বিভাগত পৰীক্ষাত উত্তীৰ্ণ হোৱা, ছাত্ৰ-সংগঠনৰ নিৰ্বাচনত জয়ী হোৱা, খেল-ধেমালি আৰু অন্য়ান্য় প্ৰতিযোগিতাত প্ৰথম হোৱা আদিয়ে কিশোৰ-কিশোৰীক উচাত্মীকা অনুভূতি প্ৰদান কৰে । 

    (৩) দুশ্চিন্তা (Worry) : দুশ্চিন্তা হ'ল কল্পনাপ্ৰসূত ভয় । ইয়াৰ কাৰণ হ'ল ভয়ৰ পৰিৱেশৰ পুনৰাবৃত্তিকৰণ । কল্পনাপ্ৰৱণতা মানসিক বিকাশৰ লগত গভীৰভাৱে সম্বন্ধিত হৈ থাকে । বহু মনোবিজ্ঞানীয়ে ইয়াক দুৰ্ভাৱনা হিচাপে ব্য়াখ্য়া কৰে । দুশ্চিন্তা বা দুৰ্ভাৱনা হ'ল এক আৱেগিক অৱস্থা যি কেৱল বৰ্তমানতেই নহয়, ভৱিষ্য়তেও ব্য়াপ্ত হৈ থাকে । কিশোৰ-কিশোৰীসকলৰ দুশ্চিন্তাৰ কাৰণবোৰ হ'ল-
(ক) বিদ্য়ালয় কাৰ্য,
(খ) পৰীক্ষা,
(গ) বিদ্য়ালয়ৰ সমস্য়া যেনে শিক্ষকৰ বৈষম্য়মূলক আচৰণ, অযুক্তিকৰ গৃহকাৰ্য, মনোযোগ দিয়াত অক্ষম হোৱা, কেনেকৈ পঢ়িব লাগে  সেয়া নজনা, বিফলতাৰ সংশয় আদি ।
(ঘ) কিশোৰ-কিশোৰী আৰু মাক-দেউতাকৰ মাজত বুজাবুজিৰ অভাৱ, মাক-দেউতাকৰ বেমাৰী অৱস্থা, বিবাহৰ জটিলতা, বন্ধুৰ স্বাস্থ্য়, ধনৰ সমস্য়া, দুৰ্বল ব্য়ক্তিত্ব আদি গৃহৰ সমস্য়া।

    (৪) ভয় (Fear) : ভয় হ'ল এক গুৰুত্বপূৰ্ণ নেতিবাচক আৱেগ । নিজৰ পূৰ্ব অভিজ্ঞতাৰ ভিত্তিত কিশোৰ-কিশোৰীসকলৰ ভয় আৱেগ অনুভূত হয় । ব্য়ক্তিভেদে ভয়ৰ কাৰণবোৰ বেলেগ বেলেগ হয় । বয়সৰ লগে লগে ভয়ৰ কাৰণবোৰো বেলেগ বেলেগ হয় । পৰিৱেশীয় আৰু কল্পনাপ্ৰসূত কাৰণৰ বাবে কিশোৰ-কিশোৰীৰ ভয়ভাৱ জাগে । আহিবলগীয়া কাৰ্য বা ঘটনাৰ বাবে তেওঁলোকে ভয় কৰে । ব্য়ক্তিগত আৰু সামাজিক কাৰণৰ বাবেও কিশোৰ-কিশোৰীৰ ভয় ভাৱ জাগে । কিশোৰ-কিশোৰীৰ ভয়ক তিনিটা ভাগত ভাগ কৰিব পাৰি । যেনে-
    (ক) বিভিন্ন বস্তু যেনে- সাপ, কুকুৰ, বাঘ, অচিনাকী শব্দ, সিংহ, উৰাজাহাজ আদিৰ পৰা সৃষ্টি হোৱা ভয় । 
      (খ) বিভিন্ন সমাজিক কাৰণৰ বাবে ভয় ভাৱ জাগে । সামাজিক কাৰণবোৰ হ'ল-
      (i) অচিনাকী মানুহৰ লগ কৰাৰ ভয়,
      (ii) অচিনাকী বা বয়স্ক মানুহৰ সংগৰ ভয় , 
      (iii) আনৰ সন্মুখত বক্তৃতা প্ৰদান বা বিষয় বৰ্ণনা কৰাৰ ভয়
      (iv) অকলশৰে কোঠাত থকাৰ ভয় 
      (v) বিপৰীত লিংগৰ ব্য়ক্তিক লগ কৰাৰ ভয় । 
      (গ) বিভিন্ন ব্য়ক্তিগত কাৰণ যেনে-দ্ৰৰিদ্ৰতা, দুৰাৰোগ্য় বেমাৰ, অবৈধ হোৱা, অসমৰ্থতা, চাকৰিৰ পৰা বৰ্খাস্ত কৰা, বদনাম, পৰীক্ষাত অকৃতকাৰ্যতা, বিবাহ, অনৈতিক কাৰ্য-কলাপ আদি । 
        বয়স বৃদ্ধিৰ লগে লগে কিশোৰ-কিশোৰীৰ যুক্তি আৰু বোধ শক্তিৰ বিকাশ হয় আৰু ভয়ভাৱ কমিবলৈ ধৰে । 
        (৫) খং (Anger) : খং হ'ল পৰিৱেশীয় উদ্দীপকৰ প্ৰতি প্ৰদান কৰা আৰ্জিত প্ৰতিক্ৰিয়া । ই সামাজিক প্ৰকৃতিৰ । কিশোৰ-কিশোৰীৰ খংৰ কাৰণ প্ৰায়েই সামাজিক হোৱা দেখা যায় । খং অনুভূতি প্ৰকাশ কৰাৰ বাবে কিশোৰ-কিশোৰীয়ে সুবিধা নাপালে তেওঁলোক বিৰক্ত হয় আৰু মানসিক যন্ত্ৰণাৰ সন্মুখীন হয় । কিশোৰ-কিশোৰীৰ খংৰ কেতবোৰ কাৰণ হ'ল-
       (ক) বস্তুগত দিশত অসফলতা 
       (খ) শিক্ষক, পিতৃ-মাতৃ, জ্য়েষ্ঠ, সমনীয়াৰদ্বাৰা জোকোৱা কাৰ্য,
       (গ) ব্য়তিব্য়স্ত কৰা,
       (ঘ) নিজৰ ইচ্ছাৰ বিপৰীতে কাম কৰা,
       (ঙ) নিন্দাত্মক মন্তব্য়, কৰ্মত অসফল, উৎসৱত আমন্ত্ৰণ নকৰা আদি । 

    (৬) ঈৰ্ষা (Jealousy) : ঈৰ্ষা হ'ল এক ঋণাত্মক আৱেগ আৰু ই সামাজিক প্ৰকৃতিৰ । ঈৰ্ষাৰ পৰাই খংৰ উৎপত্তি হয় । পৰ্যবেক্ষণৰ পৰা দেখা যায় যে এটা সময়ত কিশোৰ-কিশোৰীৰ বাবে প্ৰিয় হোৱা বস্তু বা বিষয় এটা আন এক সময়ত ঈৰ্ষাৰ কাৰণ হয় । যদি ই অবিৰামভাৱে চলি থাকে তেন্তে ইয়াৰ ফলত জটিলতাৰ সৃষ্টি হয় । 

            তেওঁলোকৰ আৱেগিক বিকাশৰ গুৰুত্বপূৰ্ণ উপায়বোৰ হ'ল- 

(১) আৱেগিক নিৰাপত্তা প্ৰদান (Providing Emotional Securitry) : কিশোৰ-কিশোৰীসকলে মাধ্য়মিক বিদ্য়ালয়ত প্ৰৱেশ কৰি এক নতুন পৰিৱেশ লাভ কৰে । কিশোৰ-কিশোৰীসকলে বিদ্য়ালয়ত আৱেগিক নিৰাপত্তাহীনতাত যাতে ভুগিব নালাগে তাৰ বাবে শিক্ষকসকলে সজাগ হোৱা দৰকাৰ । 

(২) উপাৰ্জন নিৰ্বিশেষে সম আচৰণ ( Equal Treatment irrespective of Income) : দৰিদ্ৰতাও কিছু সংখ্য়ক কিশোৰ-কিশোৰীৰ বাবে কোনো সময়ত আৱেগিক বিশৃংখলতাৰ কাৰণ হোৱা দেখা যায় । বিদ্য়ালয়ত ধনীঘৰৰ সহপাঠীৰ কাপোৰ, জীৱনশৈলী, খোৱা-বস্তু আদিৰ লগত দুখীয়া ল'ৰা-ছোৱালীয়ে নিজৰ অৱস্থাৰ পাৰ্থক্য় অনুভৱ কৰে । 

(৩) শিক্ষাদানৰ গতিশীল পদ্ধতি (Dynamaic Methods of Teaching) : ক্ৰটিযুক্ত শিক্ষাদান পদ্ধতিয়ে কিশোৰ-কিশোৰীৰ অভিৰোচন বিকশাই তুলিব নোৱাৰে । ফলত কিশোৰ-কিশোৰী শিক্ষা প্ৰক্ৰিয়াৰ প্ৰতি আকৰ্ষিত নহয় । ইয়ে তেওঁলোকৰ মনত সংশয়ৰ সৃষ্টি  কৰে । 

(৪) বিদ্য়ালয়ত প্ৰেমৰ ভূমিকা (Role of love in Schools) : পৰম্পৰাগত বহুতো বিদ্য়ালয়ত শিক্ষাদানৰ ভিত্তি হ'ল ভয় । কিশোৰ-কিশোৰীসকলে জানে যে তেওঁলোকে পৰীক্ষাত ভাল ফল নেদেখালে শাস্তিৰ সন্মুখীন হ'ব । তেওঁলোকে গৃহত মাত্ৰাধিক গৃহকাৰ্য সম্পন্ন কৰিবলগাত পৰে । 

(৫) শিক্ষকৰ ভাৰসাম্য় আৱেগিক আচৰণ (Balanced Emotional Behaviour of the Teacher): শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ সন্মুখত এক দয়াবান, সহানুভুতিশীল, সৌহাৰ্দপূৰ্ণ ব্য়ৱহাৰৰ লোকৰূপেথিয় দিব লাগে । শিক্ষকৰ নিষ্ঠোৰ, অবিবেচক, কঠোৰ শাসনকাৰী আৰু কটূ ব্য়ৱহাৰে শিক্ষাৰ্থীৰ মাজত ভয়, ক্ৰোধ, ঘৃণা, সংশয় আদি আৱেগহে জগাই তুলিব । 

(৬) ব্য়ক্তিগত পাৰ্থক্য় (Individual Difference) : সকলো কিশোৰ-কিশোৰীয়েমানসিক , আৱেগিক আৰু দৈহিকভাৱে পৃথক পৃথক । বিদ্য়ালয়ত তেওঁলোকৰ ব্য়ক্তিগত পাৰ্থক্য়ত সামান্য় পৰিমাণে হ'লেও মনোযোগ দিয়া উচিত । 

(৭) ফলপ্ৰসূ পাঠ্য়ক্ৰম (Effective Curriculum) : বিদ্য়ালয়ৰ পাঠ্য়ক্ৰম কিশোৰ-কিশোৰীৰ বাস্তৱ জীৱনৰ লগত সম্বন্ধিত হ'ব লাগে । ছাত্ৰ-ছাত্ৰীৰ আধুনিক প্ৰয়োজনবোৰৰ প্ৰতি লক্ষ্য় ৰাখি বিদ্য়ালয় শিক্ষা গঢ়ি তুলিব লাগে । ইয়ে তেওঁলোকৰ আৱেগিক দিশৰ বিকাশ সাধন কৰিব । 

(৮) সহ-পাঠ্য়ক্ৰমিক কাৰ্যসূচীৰ ব্য়ৱস্থা (Provision of Co-curricular activities) : কিশোৰ-কিশোৰীৰ সুস্থ আৱেগিক বিকাশ আৰু আত্মপ্ৰকাশৰ বাবে শিক্ষানুষ্ঠানত খেল-ধেমালি, সাহিত্য়নুষ্ঠান, তৰ্ক-প্ৰতিযোগিতা, কবিতা আবৃত্তি, চিত্ৰাংকন, নৃত্য়ানুষ্ঠান, নাট্য়ভিনয়, সংগীত চৰ্চা আদি সহ-পাঠ্য়ক্ৰমিক কাৰ্যাৱালীৰ ব্য়ৱস্থা কৰিব লাগে । 

(৯) যৌন শিক্ষাৰ ব্য়ৱস্থা (Provision of sex Education) : যৌৱনকালত কিশোৰ-কিশোৰীৰ প্ৰৱল যৌন আৱেগবোৰৰ সুস্থ বিকাশ আৰু উন্নীতকৰণৰ বাবে উপযুক্ত যৌন শিক্ষা প্ৰদানৰ ব্য়ৱস্থা কৰিব লাগে । এই কাৰ্যৰ যোগেদি তেওঁলোকে আৱেগৰ নিয়ন্ত্ৰণ কৰি সংযংমী হ'ব পাৰে ।

(১০) অনুশাসনৰ সৃজনাত্মক আৰু গণতান্ত্ৰিক ধাৰণা (Creative and Democratic Concept of Discipline) : পৰম্পৰাগত অনুশাসনৰ পদ্ধতিবোৰ ক্ৰটিপূৰ্ণ । ইয়ে ছাত্ৰ-ছাত্ৰীৰ মনত ভয় সংশয়ৰ সৃষ্টি কৰে । গতিকে অনুশাসন ব্য়ৱস্থা সদায় শিক্ষাৰ্থীকেন্দ্ৰিক হ'ব লাগে যি অনুশাসনে সৃৃজনাত্মক আৰু গণতান্ত্ৰিক ধাৰণাত বিশ্বাস কৰে । 

(১১) বিদ্য়ালয়ৰ সুস্থ বৈষয়িক অৱস্থা (Healthy Physical Conditions in the Schools) : ছাত্ৰ-ছাত্ৰীৰ দৈহিক আৰু মানসসিক বিকাশৰ সুস্থতাৰ বাবে বিদ্য়ালয়ৰ পৰিৱেশ পৰিস্কাৰ-পৰিচ্চন্ন আৰু সুৰুচিপূৰ্ণ হ'ব লাগে । ছাত্ৰ-ছাত্ৰীৰ যাতে বিদ্য়ালয়খনক আপোন কৰি ল'ব পাৰে তাৰ বাবে সুন্দৰ, নিৰ্মল, প্ৰেমময় আৰু শৃংখলিত পৰিৱেশৰ সৃষ্টি কৰি তেওঁলোকৰ আৱেগৰ সুপৰিচালিত কৰিব পৰাৰ ব্য়ৱস্থা গ্ৰহণ কৰিব লাগে । 

(১২) অবিৰত মূল্য়ায়ণ (Continous Evaluation) : বছৰৰ মাজভাগত আৰু শেষত অনুষ্ঠিত কৰা দুটা পৰীক্ষাৰ যোগেৰে কিশোৰ-কিশোৰীৰ সৰ্বাত্মক বিকাশ পৰিমাপ কৰাটো সম্ভৱ নহয়। সেয়েহে অবিৰত মূল্য়ায়ণৰ ব্য়ৱস্থা কৰা উচিত । 

(iii) কৈশোৰ কালৰ ব্য়ক্তিত্বৰ বিকাশ আলোচনা কৰা । এই ক্ষেত্ৰত শিক্ষকৰ ভূমিকা বৰ্ণনা কৰা । 
        Discuss the personality development during  adolescence. Explain the role of teachers in this regard. 
উত্তৰঃ কৈশোৰ কালত ব্য়ক্তিৰ জীৱনৰ সকলোবোৰ দিশৰ পৰিৱৰ্তন হোৱা দেখা যায় । কৈশোৰ কালত ব্য়ক্তিয়ে নিজস্ব সত্বা বিকশাই তোলে । কিশোৰ-কিশোৰীয়ে মাক-দেউতাকৰ পৰা নিজক পৃথক কৰি নিজৰ ব্য়ক্তিত্ব বিকশাই তোলে । কিশোৰ-কিশোৰীয়ে সাধাৰণতে ঘৰৰ বাহিৰত সমনীয়াৰ বন্ধুৰ লগত অধিক সময় অতিবাহিত কৰে আৰু তেওঁলোকৰ পিতৃ-মাতৃৰ ওপৰত থকা মনো-দৈহিক নিৰ্ভৰশীলতা কমি আহে । এই সময়ছোৱাত কিশোৰ-কিশেৰীৰ ব্য়ক্তিত্বৰ বিকাশে চৰম অৱস্থা লাভ কৰে । সমনীয়া বন্ধুৰ লগত বহুত সময় অতিবাহিত কৰা বাবে তেওঁলোকৰ ব্য়ক্তিত্বত সমনীয়া বন্ধুৰ প্ৰভাৱ দেখিবলৈ পোৱা যায় । ইয়াৰ বাহিৰে পিতৃ-মাতৃও কিশোৰ-কিশোৰীৰ ব্য়ক্তিত্ব ভালদৰে বিকশাই তোলাৰ বাবে ব্য়ৱস্থা গ্ৰহণ কৰে । অৰ্থাৎ পিতৃ-মাতৃ আৰু সমনীয়া বন্ধুৱে যুটীয়াভাৱে কিশোৰ-কিশোৰী ব্য়ক্তিত্বৰ বিকাশত অৰিহনা যোগায় ।  
        কিশোৰ-কিশোৰীৰ ব্য়ক্তিত্ব বিকাশ তলত উল্লেখ কৰা বৈশিষ্ট্য় কেইটাৰ যোগেদিও বিশ্লেষণ কৰিব পাৰি । 
    (১) আত্মসত্বাৰ ধাৰণা (Self- Concept) : কৈশোৰ কালত ল'ৰা ছোৱালীৰ ব্য়ক্তিত্বৰ বিকাশৰ বিষয়ে আলোচনা কৰোঁতে আত্মসত্বাৰ ধাৰণা এক বিচাৰ্য বিষয় । বিকশিত মনোবিজ্ঞানীসকলৰ মতে ব্য়ক্তিৰ জীৱনৰ কৈশোৰ কালছোৱা হৈছে আত্মসত্বা ধাৰণাৰ বিকাশৰ গুৰুত্বপূৰ্ণ স্তৰ । 

   (২) আত্ম মৰ্যদা (Self-Esteem) : আত্মসত্বা ধাৰণাৰ সৈতে আত্ম-মৰ্যদা গভীৰভাৱে সম্পৰ্কযুক্ত । এই কালছোৱাত কিশোৰ-কিশোৰীসকলে নিজৰ বিষয়ে শুদ্ধ মূল্য়ায়ণ কৰিব পাৰে ।সাধাৰণভাৱে ক'বলৈ গ'লে আত্ম মৰ্যাদাই 'মই কিমান ভাল'ৰ উত্তৰ প্ৰদান কৰে । 

   (৩) সুস্থ সমাযোজন (Sound Adjustment) : কিশোৰ-কিশোৰীসকলে ব্য়ক্তিত্ব বিকাশ তেওঁলোকৰ সুস্থ সমাযোজনৰ দ্বাৰাও জানিব পাৰি । পৰিৱৰ্তিত সামাজিক পৰিৱেশত কিশোৰ-কিশোৰীসকলে নিজকে সুস্থভাৱে সমাযোজিত কৰিব পাৰে । 

     (৪) বীৰ পূজা (Hero Worship) : কৈশোৰ কালৰ ল'ৰা-ছোৱালীৰ ব্য়ক্তিত্বত দেখা পোৱা এক বৈশিষ্ট্য় হ'ল বীৰ পৃজা নায়ক আৰাধনা প্ৰৱণতা । এই সময়ছোৱাত প্ৰায়বিলাক কিশোৰ-কিশোৰীয়েই কোনো ব্য়ক্তিৰদ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈ পৰে । 

       (৫) দুঃসাহসিকতা (Adventurousness) : এই বয়সত কিছুমান কিশোৰ-কিশোৰীৰ মনত দুঃসাহসিক কাৰ্য কৰাৰ তীব্ৰ বাসনা জাগে । খৰস্ৰোতা নদীত নাওবোৱা, পৰ্বত বগোৱা, বিপদ সংকুল পথেৰে খোজ কঢ়া, চাইকেলেৰে বা খোজকাঢ়ি দূৰ ঠাই ভ্ৰমণ কৰা আদি কাম কৰি তেওঁলোকে আনন্দ লাভ কৰে । 

        (৬) দায়িত্ববোধ আৰু আত্মন্মানবোধ (Sense of Responsibility and Self Respect) : কিশোৰ-কিশোৰীৰ মনত এই সময়ছোৱাত দায়িত্ববোধ আৰু আত্মসন্মানবোধৰ উন্মেষ হোৱা পৰিলক্ষিত হয় । কোনো কাম কৰিবলৈ দিলে তাৰ দায়িত্ব বুজি পোৱা হয় । আত্মসন্মানবোধ বঢ়াব লগে লগে নিজকে সমাজৰ এজন বুলি জানিবলৈ লয় । 

    (৭) আত্ম নিৰ্ভৰশীলতা (Self-dependence) : এই সময়ছোৱাত কিশোৰ-কিশোৰী আত্মনিৰ্ভৰশীল হ'বলৈ যত্নপৰ হয় । নিজৰ লাগতিয়াল কামসমূহ নিজে কৰিবলৈ তেওঁলোকে ভাল পায় । ল'ৰা-ছোৱালীৰ মনত যাতে দায়িত্ববোধৰ লগতে আত্মনিৰ্ভৰশীলতা বৃদ্ধি পায় তাৰ প্ৰতি পিতৃ-মাতৃ আৰু শিক্ষকে লক্ষ্য় ৰাখিব লাগে । 

            এই ক্ষেত্ৰত শিক্ষকৰ ভূমিকা হ'ল- 

(১) কথা কোৱাৰ কলা (Art of Speaking) : শিক্ষকে কিশোৰ-কিশোৰীৰ বক্তিত্ব বিকশাই তোলাৰ বাবে তেওঁলোকক কথা কোৱা কলাৰ প্ৰশিক্ষণ প্ৰদান কৰিব লাগে । কিশোৰ-কিশোৰীক কথা কোৱাৰ সুবিধা প্ৰদান কৰাৰ বাবে শিক্ষকে বিদ্য়ালয়ত কৰ্ত প্ৰতিযোগিতা, দলীয় আলোচনা, আকস্মিক বক্তৃতা, বক্তৃতা আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰিব লাগে ।

(২) সৃজনশীলতা (Creativity) : শিক্ষকে শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীৰ সকলোবোৰ বৌদ্ধিক দক্ষতা বিশেষকৈ যুক্তি ক্ষমতা আৰু সৃজনশীলতাৰ বিকাশ সাধনৰ ব্য়ৱস্থা কৰিব লাগে । ইয়াৰ বাবে ছাত্ৰ-ছাত্ৰীক মডেল বা আৰ্হি, এলবাম, চাৰ্ট বা তালিকা, মানচিত্ৰ আদি প্ৰস্তুত কৰিবলৈ দিব লাগে । 

(৩) ভ্ৰমণ (Tour) : ছাত্ৰ-ছাত্ৰীৰ ব্য়ক্তিত্ব বিকশাই তোলাৰ বাবে শিক্ষকে গ্ৰহণ কৰা আন এক পদক্ষেপ হ'ল ভ্ৰমণ কাৰ্যসূচী। ছাত্ৰ-ছাত্ৰীৰ মনত দলীয় উৎসাহ বৃদ্ধি কৰিবৰ বাবে তেওঁলোকক শিক্ষামূলক ভ্ৰমণ, বনভোজ, ক্ষেত্ৰ অধ্য়য়ন আদি বিভিন্ন ঠাইলৈ নিব লাগে ।

(৪) নেতৃত্বদান (Leadership) : নেতৃত্বদানৰ যোগেদি কিশোৰ-কিশোৰীয়ে ব্য়ক্তিত্ব বিকশাই তুলিব পাৰে । সেয়েহে ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বদানৰ ক্ষমতা বিকশাই তোলাৰ বাবে শিক্ষকে বিদ্য়ালয়ত নিৰ্বাচন আৰু বংগ-সদন অনুষ্ঠিত কৰিব লাগে । 

(৫) বিষয়ৰ জ্ঞান (Subject Knowledge) : সাধাৰণতে কোৱা হয় যে ভাল ব্য়ক্তিত্বৰ ব্য়ক্তিসকল গভীৰ জ্ঞানৰ অধিকাৰী হয় । সেয়েহে শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক পুথিগত জ্ঞানৰ বাহিৰেও বিভিন্ন জানিবলগীয়া বিষয়ৰ জ্ঞান প্ৰদান কৰিব লাগে । দৰাচলতে কিশোৰ-কিশোৰীৰ সৰ্বাংগীন বিকাশ সাধনৰ বাবেও বিষয়ৰ গভীৰ জ্ঞানৰ প্ৰয়োজন । 

(৬) সহযোগিতা (Cooperation) : বিদ্য়ালয়ৰ শিক্ষাই কিশোৰ-কিশোৰীৰ কেৱল বৌদ্ধিক আৰু দৈহিক বিকাশেই সাধন নকৰে, নৈতিক আৰু সমাজিক বিকাশো সাধন কৰে । এই দিশবোৰৰ বিকাশৰ বাবে দলীয় নীতি অনুসৰণ কৰিব লাগে, দলীয় কৰ্ম সম্পাদন কৰিব লাগে আৰু বিদ্য়ালয়ত কিশোৰ-কিশোৰীৰ ওপৰত দলীয় সদস্য়ৰ প্ৰভাৱ পৰিবলৈ দিব লাগে । 

(৭) মৰম আৰু মনোযোগ (Affection and Attention) : কিশোৰ-কিশোৰীৰ ব্য়ক্তিত্বৰ বিকাশৰ বাবে শিক্ষকৰ পৰা লাভ কৰা মৰম আৰু মনোযোগ অতি গুৰুত্বপূৰ্ণ আৰু ইয়াৰ যোগেদি তেওঁলোকে উৎপাদনমূলক কাৰ্যও সম্পাদন কৰে । শিক্ষকৰ চৰিত্ৰ আৰু ব্য়ক্তিত্বও কিশোৰ-কিশোৰীক গভীৰভাৱে প্ৰভাৱিত কৰে । 


(iv) সমাযোজনৰ সমস্য়াসমূহৰ বিষয়ে লিখা । এই সমস্য়াবোৰ কেনেকৈ আঁতৰ কৰিব পাৰি ?
        Write about the problems of adjustment. How can these problems be checked ?
উত্তৰঃ সমাযোজনৰ সমস্য়াসমূহক তিনিটা ভাগত ভগাব পাৰি । যেনে-
          (ক) ব্য়ক্তিগত (Personal)
          (খ) সামাজিক (Social)
          (গ) বিদ্য়ালয় কাৰক (School Factors)

(ক) ব্য়ক্তিগত কাৰক (Personal Factors) 

(১) দৈহিক গঠন (Physique) : কিশোৰ-কিশোৰীৰ সামাজিক সমাজিক সমাযোজনত দৈহিক গঠনে প্ৰভাৱ পেলায় । যদিহে কিশোৰ-কিশোৰী দেখাত কুশ্ৰী, দৈহিকভাৱে দুৰ্বল, হাত-ভৰি বেঁকা,  মুখমণ্ডল কলা আৰু দাঁত উজলা হয় আৰু ভাই-ভনী, ওচৰ-চুবুৰীয়া বা সমাজৰ মানুহে মৰম কৰাৰ পৰিৱৰ্তে পুতৌ কৰে বা ঠাট্টা কৰে তেন্তে আঘাত পায় । তেতিয়া তেওঁলোকৰ মনত সংঘাতৰ সৃষ্টি হয় আৰু সামাজিক সমাযোজনত বাধা আহি পৰে । 

(২)দৰিদ্ৰতা (Poverty) : সামাজিক সমাযোজনত বাধাৰ সৃষ্টি কৰা আন এক কাৰক হ'ল পৰিয়ালৰ দৰিদ্ৰতা । যেতিয়া মাক-দেউতাক বা পৰিয়ালৰ লোকে কিশোৰ-কিশোৰীৰ মৌলিক আৰু দৈনন্দিন প্ৰয়োজনখিনি পূৰণ কৰিব নোৱাৰে তেতিয়া তেওঁলোকৰ মনত সংঘাতৰ সৃষ্টি হয় আৰু সমাযোজনত বাধা আহি পৰে । এই মানসিক সংঘাতৰ বাবে তেওঁলোকে চুৰি, ডকাইটিৰ দৰে কাৰ্য কৰাও দেখা যায় ।   

(৩) বিপৰ্যস্ত পৰিয়াল (Broken Home) : কিশোৰ-কিশোৰীৰ মাক আৰু দেউতাকৰ সম্বন্ধ যদি ভাল নহয়, মাক বা দেউতাকৰ অকাল মৃত্য়ু হ'লে, মাক-দেউতাকৰ মাজত বিচ্ছেদ ঘটিলে, উপযুক্ত মৰম-চেনেহৰ পৰা তেওঁলোক বিচ্ছিন্ন হয় । এনে বিপৰ্যস্ত পৰিয়ালৰ পৰা অহা কিশোৰ-কিশোৰীসকলে সমাজত অতি সহজে নিজকে সমাযোজিত কৰিব নোৱাৰে আৰু সমাজত সমস্য়াৰ সৃষ্টি কৰে ।  

(৪) পিতৃ-মাতৃৰ আচৰণ (Parental Attitude) : যেতিয়া শিশু আৰু কিশোৰ-কিশোৰীয়ে মাক-দেউতাকৰ পৰা উপযুক্ত সহায়-সহযোগিতা আৰু সহানুভূতি পোৱাৰ পৰা বঞ্চিত হয় তেতিয়া তেওঁলোকে অকলশৰীয়া, অনিশ্চয়তা আৰু নিৰাপত্তাহীন অনুভৱ কৰে । মাক-দেউতাকৰ এনে আচৰণৰ ফলত কিশোৰ-কিশোৰীয়ে বিসংগতিমূলক আচৰণ কৰিবলৈ লয় ।

(৫) দীৰ্ঘদিনীয়া অসুস্থতা আৰু আঘাত (Prolonged Sickness and injury) : দীৰ্ঘদিনৰ বাবে যদি কোনো কিশোৰ টান ৰোগত ভূগি থাকে তেতিয়া তেওঁৰ ঘৰুৱা আৰু সামাজিক জীৱনত সমাযোজনৰ ক্ষেত্ৰত সমস্য়াৰ সৃষ্টি হয় । ৰোগগ্ৰস্থ হোৱা বাবে তেওঁলোকে সমাজৰ লগত, সময়ৰ লগত খোজ ম্লাই আগবাঢ়ি যাব নোৱাৰে । তদুপৰি কেতিয়াবা দুৰ্ঘটনাত হাত, ভৰি, মূৰ, বুকুত যদি আঘাত পায় তেতিয়াও তেওঁলোকে বিসংগতিমূলক আচৰণ কৰে । 

(৬) ব্য়ক্তিগত অযোগ্য়তা (Personal Inadequacy) : কিশোৰ-কিশোৰীসকলৰ ব্য়ক্তিগত অযোগ্য়তাৰ বাবেও সমাযোজনৰ সমস্য়াৰ সৃষ্টি হয় । উদাহৰণস্বৰূপে কোনো এজন ল'ৰা পঢ়া-শুনাত অধিক পাৰদৰ্শী নহ'ব পাৰে, কিন্তু মাক-দেউতাক অধিক আশাবাদী আৰু তাৰ পৰা উৎকৃষ্ট ফলাফল বিচাৰে । ইয়াৰ ফলত ল'ৰাজনৰ মনত সংশয়ৰ সৃষ্টি হয় আৰু এই সংশয়ৰ ফলস্বৰূপে সমাযোজনত বাধা আহি পৰে ।  

(৭) আৱেগিক আঘাত (Emotional Shock) : সমাজৰ বিভিন্ন পৰিস্থিতিত মৃত্য়ু, দুৰ্ঘটনা ইত্য়াদিৰ সন্মুখীন হ'লে কিশোৰ-কিশোৰীয়ে আৱেগিকভাৱে আঘাত পায় । এই আঘাতৰ ফলত তেওঁলোকৰ আচৰণত বিসংগতি দেখা যায় আৰু সমাযোজনৰ সমস্য়া সৃষ্টিত ই কাৰকস্বৰূপ হৈ পৰে । 

(খ) সামাজিক কাৰক (Social Factors) 

(১) ধৰ্মীয় বিশ্বাস (Religious Belief) : বৰ্তমান আধুনিক বিশ্বত কিশোৰ-কিশোৰীসকল পৰম্পৰাগত ধৰ্মীয় বিশ্বাসৰ ক্ষেত্ৰত বিভ্ৰান্ত হোৱা দেখা যায় । ইয়াৰ ফলত তেওঁলোকে ধৰ্মীয় বিশ্বাসবোৰৰ ক্ষেত্ৰত কোনো যুক্তি বিচাৰি নাপায় আৰু মনত নেতিবাচক মনোভাৱ ঠাই লয় । ইয়াৰ ফলত অপসমাযোজনৰ সৃষ্টি হয় ।

(২) পিতৃ-মাতৃৰ গতিশীলতা (Mobility of Parents) : যিসকল কিশোৰ-কিশোৰীৰ মাক-দেউতাক চাকৰি বা অন্য়ান্য় কাৰণৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ বদলি হৈ থাকে তেনে মাক-দেউতাকৰ ল'ৰা-ছোৱালীয়ে পৰিৱেশৰ লগত ভালদৰে সমাযোজন কৰিব নোৱাৰে আৰু বিভিন্ন সমস্য়াৰ সৃষ্টি কৰে । এই কাৰকৰ বাবে কিশোৰ-কিশোৰী নিৰাপত্তাহীনতাত ভোগাও দেখা যায় । 

(৩) আক্ৰমণাত্মক মনোভাৱ (Hostile Attitude) : যেতিয়া কিশোৰ-কিশোৰীৰ প্ৰৱণতা আৰু সামাজিক পৰিৱেশৰ নিয়ন্ত্ৰণৰ মাজত দ্বন্দৰ সৃষ্টি হয় তেতিয়া তেওঁলোকৰ মনত আক্ৰমণাত্মক মনোভাৱে গা কৰি উঠে । এনে দ্বন্দ্বই কিশোৰ-কিশোৰীৰ আচৰণক যথেষ্ট প্ৰভাৱিত কৰাৰ ফলত ব্য়ক্তিয়ে অপসমাযোজিত আচৰণ প্ৰদৰ্শন কৰে । 

(গ) বিদ্য়ালয়ৰ কাৰক (School Factors) : 

(১) শ্ৰেণীকোঠাৰ অনুপযুক্ত পৰিৱেশ (Improper Classroom Climate) : শ্ৰেণীকোঠাৰ অস্ৱাস্থ্য়কৰ পৰিৱেশে কিশোৰ-কিশোৰীৰ মনত নানা ধৰণৰ বিসংগতিমূলক আচৰণৰ সৃষ্টি কৰিব পাৰে । ইয়াৰ উপৰিও এটা শ্ৰেণীকোঠাত বহুতো ছাত্ৰ-ছাত্ৰী একেলগে বহাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হয় । শ্ৰেণীত বহিবলৈ নোপোৱাৰ অজুহাততো বহুতো ছাত্ৰ-ছাত্ৰীয়ে নানা ধৰণৰ বিসংগতিমূলক আচৰণ প্ৰদৰ্শন কৰে । আকৌ বহু সময়ত শিক্ষকৰ খঙাল আচৰণৰ প্ৰতি উদ্ভৱ হোৱা ভয়ৰ মনোভাৱৰ বাবেও ছাত্ৰ-ছাত্ৰী নিৰাপত্তাহীনতাত ভোগে । 

(২) অনুপযুক্ত পাঠ্য়ক্ৰম (Inadequate Curriculum) : আমাৰ বৰ্তমানৰ পাঠ্য়ক্ৰমখনে কিশোৰ-কিশোৰীৰ মনোবৈজ্ঞানিক, সামাজিক আৰু দৈহিক প্ৰয়োজনবোৰ পূৰণ কৰিব পৰা নাই । বিষয়ূস্তুকেন্দ্ৰিক পাঠ্য়ক্ৰমে কিশোৰ-কিশোৰীৰ চাহিদা পূৰণ কৰিব নোৱাৰে । ফলত তেওঁলোকে নিৰাশ হৈ বাস্তৱ পৃথিৱীত নিজক খাপ খুৱাব নোৱাৰে । 

(৩) উপযুক্ত বিনোদনৰ সামগ্ৰীৰ অভাৱ (Lack of Proper Recreational Facilities) : শিক্ষানুষ্ঠানত খেলা-ধূলাৰ লগতে অন্য়ান্য় সহ-পাঠ্য়ক্ৰমিক কাৰ্যসূচী যেনে-পুথিভঁড়াল, তৰ্ক প্ৰতিযোগিতা, আলোচনাচক্ৰ আদিৰ উপযুক্ত সুবিধা নাপালে কিশোৰ-কিশোৰীৰ সুপ্ত প্ৰতিভা বিকাশত বাধা আহি পৰে । ইয়াৰ ফলতো তেওঁলোকৰ মাজত সমাযোজনৰ সমস্য়াৰ সৃষ্টি হয়। 

(৪) আসোঁৱাহপূৰ্ণ শিক্ষাদান পদ্ধতি (Defective Teaching method) : বিদ্য়ালয়ত শিক্ষকে ফলপ্ৰসূ শিক্ষাদান পদ্ধতিৰে শিক্ষাদান কৰিলে কিশোৰ-কিশোৰীৰ মাজত অপসমাযোজনমূলক আচৰণৰ সৃষ্টি হয় । কিশোৰ-কিশোৰীৰ প্ৰতি থকা পক্ষপাতিত্বমূলক দৃষ্টিভংগীও ইয়াৰ কাৰণ হ'ব পাৰে । 


(v) অপৰাধ প্ৰৱণতাৰ কাৰণবোৰ বৰ্ণনা কৰা । এই সমস্য়াবোৰ সমাধানৰ বাবে কেনে ব্য়ৱস্থা গ্ৰহণ কৰা উচিত ?
     Explain the causes of juvenile delinquency. What Steps will be taken to solve this problem. 
উত্তৰঃ অপৰাধ প্ৰৱণতাৰ কাৰণবোৰ তিনিটা ভাগত ভাগ কৰা হৈছে । যেনে -
                    (ক) জৈৱিক কাৰণবোৰ (Biological Factors) 
                    (খ) মনোবৈজ্ঞানিক কাৰণ (Psychological causes)
                    (গ) সামাজিক কাৰণ (Social Causes) 

(ক) জৈৱিক কাৰণববোৰ (Biological Factors) ঃ

(১) ক্ৰ'মজ'ম আৰু জিনৰ প্ৰভাৱ (Influence of Chromosome and Gene) ঃ অপৰাধ প্ৰৱণতা জন্মতেই গঢ় লয় । কিছুসংখ্য়ক মনোবৈজ্ঞানিকৰ মতে শিশু মাতৃগৰ্ভত থকাৰ পৰা অপৰাধ প্ৰৱণতাই বিকাশ লাভ কৰে । ই ক্ৰ'মজ'ম আৰু জিনৰ বাবে সৃষ্টি হয় । অপৰাধ প্ৰৱণতাৰ কোনো সংলক্ষম যদি পূৰ্ব প্ৰজন্মৰ আছে তেন্তে ই পৰৱৰ্তী প্ৰজন্মলৈ গতি কৰে । 

(২) শাৰীৰিক অস্বাভাৱিকতা (Physical Abnormality) ঃ শিশুৱে মাক-দেউতাকৰ পৰা শাৰীৰিক অবয়ব লাভ কৰে । কিছু সংখ্য়ক শিশুৱে কিছুমান সচঁৰা বেমাৰো মাক-দেউতাকৰ পৰা লাভ কৰে । ঠিক একেদৰে আন কিছুমান অপৰাধ প্ৰৱণতাৰ সংলক্ষণো লাভ কৰে । ইটালীয়ান চিকিৎসাবিদ আৰু অপৰাধ নৃতত্বৰ অধ্য়াপক চিজাৰ লমব্ৰছ, যাক অপৰাধ বিজ্ঞানৰ পিতৃ স্ৱৰূপে অভিহিত কৰা হয়, তেওঁ 'জন্মগত অপৰাধী সূত্ৰ' (Theory of Born Criminals) ১৮৭৬ চনত বিকশাই তুলি মত প্ৰদান কৰিছিল যে এজন অপৰাধী বহু ধৰণৰ শাৰীৰিক অস্ৱাভাৱিকতাত ভোগে আৰু এনে বিশেষত্বসমূহ তেওঁলোকে বংশগতভাৱে কঢ়িয়াই আনে । 

(খ) মনোবৈজ্ঞানিক কাৰণ (Psychological Causes) ঃ

(১) বৌদ্ধিক দুৰ্বলতা (Intellectual Weakness) ঃ অপৰাধ প্ৰৱণতাৰ এটা প্ৰধান কাৰণ হ'ল বৌদ্ধিক দুৰ্বলতা । Dr. Goring আৰু Goddard আদি বিশেষজ্ঞসকলে এই কাৰকৰ সমৰ্থন কৰিছিল । নিজস্ব গৱেষণাৰ পৰা তেওঁলোক মতপোষণ কৰিছিল যে যিসকল কিশোৰ-কিশোৰী বৌদ্ধিকভাৱে নিম্নমানৰ অৰ্থাৎ বুদ্ধাংক সাধাৰণ ব্য়ক্তিতকৈ কম সেইসকলৰ মাজত অপৰাধ প্ৰৱণ আচৰণ বেছিকৈ দেখা যায় । 

(২) মানসিক ৰোগ (Mental Diseases) ঃ বিভিন্ন অপৰাধ বিজ্ঞানীয়ে মানসিক ৰোগ আৰু অপৰাধ প্ৰৱণতাৰ মাজত সম্বন্ধ স্থাপন কৰিবলৈ প্ৰয়াস কৰে । বিভিন্ন ধৰণৰ মানসিক ৰোগে কিশোৰ-কিশোৰৰ অপৰাধ প্ৰৱণ আচৰণত অৰিহণা যোগায় । স্নায়ৱিক দুৰ্বলতাৰ বাবে হোৱা মানসিক ৰোগবোৰ এইক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য় । 

(৩) ব্য়ক্তিত্বৰ বৈশিষ্ট্য়বোৰ (Characteristics of Personality) ঃ কিশোৰ-কিশোৰীৰ বিভিন্ন ব্য়ক্তিত্বৰ বৈশিষ্ট্য়বোৰেও অপৰাধ প্ৰৱণতাত অৰিহণা যোগায় । সাধাৰণ শিশুৰ তুলনাত অপৰাধ প্ৰৱণ শিশু আৰু কিশোৰ-কিশোৰীৰ মাজত কেতবোৰ বৈশিষ্ট্য় যেনে-স্বাধীনতাৰ মাত্ৰা, দায়িত্বহীনতা, বিদ্ৰোহভাৱ, হত্য়ামূলক প্ৰৱণতা, সন্দেহভাৱ, নিয়ন্ত্ৰহীনতা, কেতবোৰ দুখৰ প্ৰকাৰ, আৱেগিক আৰু সামাজিক অপসমাযোজন, বহিমুখী আচৰণ আদি বেছি পৰিমাণে থকা দেখিবলৈ পোৱা যায় । 

(৪) আৱেগিক অস্থিৰতা (Emotional Stability) ঃ অপৰাধ প্ৰৱণতাৰ আন এক মনোবৈজ্ঞানিক কাৰণ হ'ল আৱেগিক অস্থিৰতা । মৰম আৰু ভালপোৱাৰ অভাৱ, আৱেগিক নিৰাপত্তাহীনতা, অতি কঠোৰ অনুশাসন, অসন্তষ্টিৰ ভাৱ আদিৰ বাবে শিশু আৰু কিশোৰ-কিশোৰী আৱেগিকভাৱে ভাৰসাম্য়হীন হৈ থাকে । ইয়ে তেওঁলোকক অপৰাধ প্ৰৱণ কাৰ্য সম্পাদনৰ বাবে উচতনি যোগায় । তেওঁলোকৰ অধ্য়য়নৰ পৰা পোৱা আন কেতবোৰ ফলাফল হ'ল-

(i) ৪৬ জন অপৰাধ প্ৰৱণ কিশোৰ-কিশোৰীৰ মনত নিৰাপত্তাহীনতাৰ ভাৱ, গ্ৰহণযোগ্য়হীনতা, অধ্য়ধিক পক্ষপাতিত্ব, নিচাত্মিকা আদি বেছিকৈ দেখা যায় । 

(ii) ২৮ জনৰ মতে অপৰাধ প্ৰৱণতাৰ কাৰণ হ'ল ভালপোৱাৰ অভাৱ ।

(iii) ৩৪ জন অপৰাধ প্ৰৱণ ব্য়ক্তিৰ মতে তেওঁলোক বিদ্য়ালয় জীৱন, পৰিয়াল জীৱন, বন্ধুবৰ্গ আৰু খেলৰ সময়ত নিকৃষ্ট বুলি অনুভৱ কৰে । 

(গ) সামাজিক কাৰণ (Social Causes) ঃ অপৰাধ প্ৰৱণতাৰ আন কাৰণবোৰৰ তুলনাত সামাজিক কাৰণবোৰ অধিক ব্য়াপক প্ৰকৃতিৰ । অপৰাধ প্ৰৱণতাৰ বিভিন্ন সামাজিক কাৰণবোৰ তলত উল্লেখ কৰা হ'ল- 

(১) পৰিয়ালৰ ভূল বা অপূৰ্ণতা (Defects of the Family) ঃ অপৰাধ প্ৰৱণতাৰ এক প্ৰধান সামাজিক কাৰণ হ'ল পৰিয়ালৰ ভূল বা অপূৰ্ণতা । পৰিয়ালৰ অপূৰ্ণতাৰ লগত জড়িত কেতবোৰ কাৰক হ'ল-

(i) ঘৰৰ দৰিদ্ৰতা (Proverty at home) : ঘৰৰ দৰিদ্ৰতাইও অপৰাধ প্ৰৱণতাত ইন্ধন যোগায় । অতি দৰিদ্ৰ ঘৰত ল'ৰা-ছোৱালীয়ে কৈশোৰ কালৰ বৈশিষ্ট্য় অনুযায়ী নিজকে সজোৱা পৰোৱাৰ আকাংক্ষা পূৰণ কৰিব নোৱাৰি হতাশগ্ৰস্ত হৈ পৰে আৰু অনেক সময়ত চৌৰ্য বৃত্তি অৱলম্বন কৰিও ধনী ঘৰৰ লৰা-ছোৱালীৰ দৰে চলিবলৈ বিচাৰে । 

(ii) ভগ্ন পৰিয়াল (Broken Homes) :  ভগ্ন পৰিয়াল হ'ল সেইসমূহ পৰিয়াল য'ত স্ৱামী আৰু স্ত্ৰীৰ মাজত কোনো ধৰণৰ সম্বন্ধ নাথাকে আৰু তেওঁলোকে এজনে আনজনৰ পৰা আঁতৰি থাকে । এনে পৰিয়ালৰ শিশুবোৰে বহুত কষ্ট সহ্য় কৰিব লগা হয় । ঘৰত তেওঁলোকে উপযুক্ত মনোযোগ আৰু মৰম লাভৰ পৰা বঞ্চিত হয় । 

(iii)ত্ৰুটিপূৰ্ণ অনুশাসন (Defective Discipline) : পৰিয়ালৰ অনুশাসন প্ৰধানত তিনি প্ৰকাৰৰ, যেনে (i) অতি কঠোৰ, (ii) অতি বিনম্ৰ আৰু (iii) অনুশাসনৰ ক্ষেত্ৰত মাক আৰু দেউতাকৰ পৃথক দৃষ্টিভংগী । এই তিনিও প্ৰকাৰৰ অনুশাসনৰ কোনো এটা প্ৰকাৰে ল'ৰা-ছোৱালীৰ আচৰণ অপৰাধমূলক কৰি তোলে ।

(iv) পিতৃ-মাতৃৰ মনোভাৱ (Attitude of Parents) : কিশোৰ-কিশোৰীৰ প্ৰতি থকা পিতৃ-মাতৃৰ মনোভাৱেও অপৰাধ প্ৰৱণতাত অৰিহণা যোগায় । যেতিয়া ল'ৰা-ছোৱালীয়ে ঘৰতে মৰম ভালপোৱাৰ পৰা বঞ্চিত হয় আৰু সকলো সময়তে ঠাট্টা-মস্কৰা শুনি থাকিবলগীয়া হয় তেতিয়া তেওঁলোকৰ মনত বিৰোধভাৱ জন্মে, ঘৰৰ পৰা পলাই যায় আৰু অপৰাধমূলক কাৰ্যও সংঘটিত কৰে । 

(v) পিতৃ-মাতৃৰ চৰিত্ৰ আৰু আচৰণ (Character and Conduct of Parents) : ল'ৰা-ছোৱালীৰ ব্য়ক্তিত্ব পিতৃ-মাতৃৰ চৰিত্ৰ আৰু আচৰণৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত হয় । পিতৃ-মাতৃৰ চৰিত্ৰ আৰু আচৰণত মিথ্য়াচাৰ, মাদক দ্ৰব্য়ৰ আসক্তি, বেশ্য়াবৃত্তি আদিৰ দৰে অসামাজিক দিশবোৰ থকা দেখিলে এইবোৰে ল'ৰা-ছোৱালীৰ আচৰণ প্ৰৱণ কৰি তোলে আৰু তেওঁলোকে বহুতো অসামাজিক আৰু বেআইনী কাৰ্যত লিপ্ত হোৱা দেখা যায় ।

(vi) ভাতৃ-ভগ্নীৰ প্ৰভাৱ (Influence of Brother and Sisters) : পিতৃ-মাতৃৰ সম্বন্ধৰ বাহিৰেও ল'ৰা-ছোৱালীৰ ব্য়ক্তিত্বত ভাতৃ আৰু ভগ্নীৰ প্ৰভাৱ থকাও দেখা যায় । এই প্ৰভাৱ ল'ৰাৰ তুলনাত ছোৱালীৰ মাজত বেছিকৈ পোৱা যায় । কিয়নো ল'ৰাৰ দৰে ছোৱালীয়ে বাহ্য়িক পৰিৱেশত বেছিকৈ চলাচল নকৰে আৰু বেছিভাগ সময় ঘৰতেই থাকে । যদি ঘৰৰ অগ্ৰজ সদস্য়ই অপৰাধমূলক কাৰ্য কৰে, অনুজসকলো তাৰ দ্বাৰা প্ৰভাৱিত হয় ।

(২) বিদ্য়ালয়ৰ ভুল (Defects of the School) ঃ ঘৰৰ পিছত, বিদ্য়ালয়ে ল'ৰা-ছোৱালীৰ ব্য়ক্তিত্বক প্ৰভাৱিত কৰে । শিক্ষকৰ শাস্তিৰ ভয়, কিছুমান বিষয়ত থকা দুৰ্বলতা, পৰীক্ষাত অকৃতকাৰ্যতা, অপৰাধমূলক দলৰ সদস্য় আদিৰ বাবে ল'ৰা-ছোৱালীয়ে বেয়া কামত লিপ্ত হোৱা দেখা যায় । বিদ্য়ালয়ৰ পৰা পলাই যোৱা ল'ৰা-ছোৱালীয়ে অসৎ সংগৰ লগত সময় অতিবাহিত কৰে আৰু বিভিন্ন ধৰণৰ অপৰাধ কাৰ্য সংঘটিত কৰে । 

(৩) অপৰাধ প্ৰভূত্ব অঞ্চল (Crime Dominated Area) ঃ কিছুমান অঞ্চল শিশুৰ বিকাশৰ বাবে উপযোগী নহয় । এইটো এটা সাধাৰণ কথা যে শিশুৰ ওপৰত ওচৰ-চুবুৰীয়া প্ৰভাৱ অতি বেছিকৈ পৰে । দেখা যায় যে যিবোৰ অঞ্চলত জীৱন ধাৰণৰ অতি নিম্ন মানৰ শিশুৰ মৃত্য়ুৰ হাৰ অতি বেছি, বিনোদৰ কোনো উপায় নাই, আবাসীবোৰ স্থায়ী নহয় সেই অঞ্চলত অপৰাধ প্ৰৱণতা বেছিকৈ পোৱা যায় । যিবোৰ অঞ্চল অস্থিৰ আৰু সামাজিক আইনহীন আৰু মূল্য়হীন, যিবোৰ অঞ্চলত চুৰিকাৰ্য, ধৰ্ষণ, হত্য়া আদি সঘনাই দেখিবলৈ পোৱা যায় সেই অঞ্চলবোৰত অপৰাধ প্ৰৱণতাৰ হাৰ অতি বেছি । 

(৪) বেয়া সংগ (Bad Companion) ঃ বিখ্য়াত অপৰাধ বিজ্ঞানী ইডউইন এইচ. চুথাৰলেণ্ড ৰ মতে অন্য়ৰ লগত কৰা আন্তঃক্ৰিয়াৰ যোগেদিওঅপৰাধ প্ৰৱণ আচৰণ গঢ়ি উঠিব পাৰে । শিশুসকলৰ মাজত কিছুমানে ভাল সংগ লাভ কৰে আৰু কিছুমানে বেয়া সংগ লাভ কৰে । বেয়া সংগ লাভ কৰাবোৰে অপৰাধ প্ৰৱণ আচৰণৰ দিশে অগ্ৰসৰ হয় আৰু ভাল সংগ লাভ কৰাবোৰে সমাজৰ এজন দায়িত্বশীল নাগৰিক হয় । বেয়া সমনীয়াৰ সংগৰ লগত মিলিত হোৱা সকলো জুৱাৰ আদ্দা, চহৰৰ দোকান, চিনেমা হ'লত ৰাস্তাত ঘুৰি ফুৰি নিজৰ মানসিক ক্ষতি সাধন কৰে আৰু অপৰাধ প্ৰৱণ কাৰ্যৰ দিশে আগুৱাই যায় । 

(৫) বিনোদনৰ উপায় (Means of Recreation) ঃ বৰ্ত্তমান সময়ৰ কিশোৰ-কিশোৰীসকলৰ বাবে বিনোদনৰ নতুন কিছুমান উপায় উদ্ভাৱন হৈছে যিবোৰৰ সবলতা আৰু দুৰ্বলতা দুয়োটাই আছে । আধুনিক জনসংযোগ মাধ্য়মবোৰে তেওঁলোকৰ বয়সৰ লগত সংগতি নথকা আন এক পৃথিৱীলৈ লৈ যায় । কমিক কিতাপ, সস্তীয়া কিতাপ তথা আলোচনী, চিনেমা, টেলিভিছনৰ কিছুমান অনুষ্ঠানে তেওঁলোকৰ আগ্ৰহ পঢ়াৰ পৰা আঁতৰাই আনে । 

(৬) সামাজিক বিসংগঠন (Social Disorganisation) ঃ সমাজৰ বিসংগঠনে ব্য়ক্তিৰ মাজতো বিয়ংগঠন ানে আৰু বিসংগঠিত সমাজে অপৰাধমূলক কাৰ্যকলাপ বৃদ্ধি কৰে আৰু ইও হ'ল অপৰাধ প্ৰৱণতাৰ আন এক সামাজিক কাৰণ । এই শংকাই উঠি অহা যুৱক-যুৱতীসকলক অপৰাধ প্ৰৱণ কাৰ্যৰ বাবে উচটনি যোগায় । 

(৭) জাতি আৰু শ্ৰেণী (Caste and Class) ঃ জাতি আৰু শ্ৰেণী ব্য়ৱস্থাইও সমাজত অপৰাধ প্ৰৱণতা জাগ্ৰত হোৱাত অৰিহণা যোগায় । পৃথিৱীৰ অন্য় দেশৰ দৰে ভাৰতবৰ্ষতো জাতি ব্য়ৱস্থাই উচ্চ-নিম্ন ভাগত মানুহক ভাগ কৰিছে । জাতি ব্য়ৱস্থাৰ ফলতেই হৰিজন, গিৰিজণ সকলক ভাৰতবৰ্ষত হীন জাতি হিচাপে অভিহিত কৰা হয় । ফলত এইসকল ব্য়ক্তিয়ে জীয়াই থকাৰ বাবে বহু সমস্য়াৰ সন্মুখীন হয় । সেয়ে এওঁলোকে মানসিক সংঘাতত জৰ্জৰিত হৈ সমাজৰ প্ৰচলিত ৰীতি-নীতিৰ প্ৰতি প্ৰত্য়াহ্বান হিচাপে থিয় দি অপৰাধ প্ৰৱণ কাৰ্যত লিপ্ত হয় । আকৌ শ্ৰেণী ব্য়ৱস্থাই ধনী-দুখীয়াৰ শ্ৰেণীকৰণ কৰি দুখীয়া শ্ৰেণীটোক সকলো দিশৰ পৰা হীন হিচাপে প্ৰতিষ্ঠিত কৰাৰ প্ৰয়াস কৰে । আমাৰ সমাজত ব্য়ৱস্থাত ৰাজনৈতিক, সামাজিক, ধৰ্মীয়, অৰ্থনৈতিক, সাংস্কৃতিক আদি সকলো দিশতে এটা শ্ৰেণীয়ে আন এটা শ্ৰেণীক দমন কৰে আৰু ইয়াৰ ফলত আনটো শ্ৰেণীৰ লোকসকলে অপৰাধ প্ৰৱণ কাৰ্যত লিপ্ত হোৱা দেখা যায় । 
        
        এই সমস্য়াবোৰ সমাধান তলত আলোচনা কৰা হ'ল-

            অপৰাধ প্ৰৱণতাৰ কাৰণবোৰ সমাধান কৰাৰ দায়িত্ব সমগ্ৰ সমাজখনৰ লোকসকলৰ। পৰিয়াল, বিদ্য়ালয়, সমাজ তথা ৰাষ্ট্ৰ সকলোবোৰ মাধ্য়মেই অপৰাধ প্ৰৱণতাৰ বাবে ব্য়ৱস্থা গ্ৰহণ কৰা উচিত । 

(ক) পৰিয়ালৰ ভূমিকা (Role of Family): শিশু আৰু কিশোৰ-কিশোৰীৰ বাবে পৰিয়ালেই হ'ল প্ৰথম শিক্ষাৰ কেন্দ্ৰ । তেওঁলোকে বেছিভাগ সময় ঘৰতেই অতিবাহিত কৰে । পৰিয়ালে ল'ৰা-ছোৱালীৰ আচৰণ সংশোধনত বিশেষ ভূমিকা পালন কৰে । অপৰাধ-প্ৰণতা নিৰাময়ৰ বাবে পৰিয়ালে গ্ৰহণ কৰা বিভিন্ন ব্য়ৱস্থাবোৰ হ'ল-

১। ঘৰৰ উপযুক্ত পৰিৱেশ (Proper Atmosphere of Home)  : ল'ৰা-ছোৱালীয়ে ঘৰত উপযুক্ত পৰিৱেশ লাভৰ ক্ষেত্ৰত পিতৃ-মাতৃয়ে গুৰুত্ব দিব লাগে । পৰিয়ালত এনে পৰিৱেশ প্ৰদান কৰিব লাগে যাতে অপৰাধ প্ৰৱণ ল'ৰা-ছোৱালীয়েও সাধাৰণ জীৱন যাপন কৰিবলৈ বাধ্য় হয় । ল'ৰা-ছোৱালীৰ সন্মুখত মাক-দেউতাকে কাজিয়া কৰিব নালাগে । 

২। শিশুৰ প্ৰতি উপযুক্ত মনোভাৱ (Proper Attitude towards Children) : পিতৃ-মাতৃয়ে নিজক সন্তানক সহানুভূতিৰে চাব লাগে । নিজৰ সন্তানৰ সমস্য়াবোৰ মনোযোগেৰে শুনিব লাগে আৰু প্ৰয়োজন অনুসাৰে সহায় কৰিব লাগে । সন্তানক নিয়ন্ত্ৰণৰ বেলিকা মাক-দেউতাক অধিক কঠোৰ বা অধিক শিথিল হ'ব নালাগে । 

৩। পৰিয়ালৰ সৰু আকাৰ (Small Family size) :মাক-দেউতাকে পৰিয়ালৰ আকাৰ সৰু কৰাত গুৰুত্ব দিব লাগে যাতে নিজ সন্তানৰ অন্ন, বস্ত্ৰ, বাসস্থান আৰু শিক্ষাৰ প্ৰয়োজন ভালদৰে পূৰণ কৰিব পাৰে । সৰু পৰিয়ালৰ মাক-দেউতাকে ল'ৰা-ছোৱালীক ব্য়ক্তিগত মনোযোগ প্ৰদান কৰিব পাৰে । 

৪। সু-অভ্য়াস গঠন (Developing Good Habits) : নিজৰ সন্তানে সু-অভ্য়াস গঠন কৰাৰ ওপৰত অভিভাৱকে চকু দিব লাগে । যদি কোনো প্ৰকাৰে নিজৰ সন্তানে বেয়া অভ্য়াস গঠন কৰে তেন্তে পিতৃ-মাতৃয়ে বেয়া অভ্য়াস গঠনৰ কাৰণবোৰ জনাৰ চেষ্টা কৰিব লাগে আৰু বেয়া অভ্য়াস নিৰাময়ৰ বাবে ব্য়ৱস্থা গ্ৰহণ কৰিব লাগে ।

৫। জেপ খৰচ প্ৰদান (Providing Pocket Money) : কিশোৰ-কিশোৰীসকলক মাক-দেউতাকে এক নিৰ্দিষ্ট পৰিমাণৰ জেপ খৰচ প্ৰদান কৰিব লাগে আৰু নিজাববীয়াকৈ খৰচ কৰিবলৈ দিব লাগে । জেপ খৰচ বেছিকৈ দিব নালাগে নহ'লে ই তেওঁলোকৰ মাজত বেয়া অভ্য়াস বিকশাই তুলিব । 

৬। শিশুৰ কাৰ্যকলাপৰ নিৰীক্ষণ (Supervise the Child's Activities) : মাক-দেউতাকে নিজ সন্তানৰ কাৰ্যকলাপবোৰ নিৰীক্ষণ কৰিব লাগে । শিশুসকলে কাৰ লগত বন্ধুত্ব কৰে আৰু বন্ধুৰ লগত কেনে আচৰণ কৰে সেয়া পৰোক্ষভাৱে নিৰীক্ষণ কৰিব লাগে । 

৭। উপযুক্ত বিনোদৰ সুবিধা প্ৰদান (Providing Proper Recreational Facilities) : ল'ৰা-ছোৱালীক ঘৰত বিনোদনৰ উপযুক্ত সুবিধা প্ৰদান কৰিব লাগে যাতে বাহিৰৰ তুলনাত ঘৰত থাকি ল'ৰা-ছোৱালীয়ে বেছি আনন্দ লাভ কৰে । 

৮। উপযুক্ত শিক্ষা প্ৰদান (Providing Proper Education) : ল'ৰা-ছোৱালীয়ে উপযুক্ত শিক্ষাৰ সুবিধা লাভ কৰাৰ ওপৰত পিতৃ-মাতৃয়ে গুৰুত্ব দিব লাগে । পিতৃ-মাতৃ অধিক শিক্ষিত নহ'লেও নিজৰ সন্তানৰ পঢ়া কৰ্মৰ তদাৰক কৰিব লাগে আৰু নিয়মীয়াকৈ পঢ়িবলৈ দিব লাগে । 

৯। শিশুক আত্মনিৰ্ভৰশীল কৰি তোলা (Making Children Self-Sufficient) : শিশুৱে নিজৰ ব্য়ক্তিগত কৰ্মৰ ক্ষেত্ৰত পিতৃ-মাতৃৰ ওপৰত অধিক নিৰ্ভৰশীল হ'ব নালাগে । শিশুসকল ডাঙৰ হোৱাৰ লগে লগে নিজৰ কামবোৰ নিজেই কৰিব লাগে । ইয়ে সিহঁতৰ আত্মনিৰ্ভৰশীল চিন্তাৰ বিকাশত সহায় কৰে । 

১০। উপযুক্ত নিৰ্দেশনা প্ৰদান (Provide Proper Guidance) : ভৱিষ্য়তৰ বাবে পিতৃ-মাতৃয়ে নিজৰ সন্তানক নিৰ্দেশনা প্ৰদান কৰিব লাগে । যদি এই ক্ষেত্ৰত পিতৃ-মাতৃয়ে অপাৰগ হয় তেন্তে আনৰ সহায় ল'ব লাগে । 

(খ) বিদ্য়ালয়ৰ ভূমিকা (Role of School) : অপৰাধ প্ৰৱণতাৰ সমস্য়া সমাধানৰ ক্ষেত্ৰত বিদ্য়ালয়ৰ ভূমিকা অপৰিসীম । বিদ্য়ালয়বোৰ হ'ল গণতন্ত্ৰৰ দুৰ্গস্বৰূপ । সেয়েহে বিদ্য়ালয়ত কিশোৰ-কিশোৰীসকলৰ আচৰণ সংশোধনৰ বাবে বিভিন্ন ব্য়ৱস্থা গ্ৰহণ কৰিব লাগে । এই বিষয়ে তলত উল্লেখ কৰা হ'ল-

১। ভাল শিক্ষক (Good Teachers) : বিদ্য়ালয়ত ভাল আৰু উপযুক্ত প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক থাকিব লাগে যাতে ছাত্ৰ-ছাত্ৰীৰ সমস্য়াবোৰ মনোবৈজ্ঞানিকভাৱে সমাধান কৰিব পাৰে । ছাত্ৰ-ছাত্ৰীৰ প্ৰতি শিক্ষকসকল সহানুভূতিশীল হ'ব লাগে । 

২। শিশুকেন্দ্ৰিক শিক্ষা (Child Centred Education) : বিদ্য়ালয়ে ছাত্ৰ-ছাত্ৰীক সিহঁতৰ নিজস্ব আগ্ৰহ আৰু দক্ষতা অনুসৰি শিক্ষা প্ৰদানৰ ব্য়ৱস্থা কৰিব লাগে । বিদ্য়ালয়ে ছাত্ৰ-ছাত্ৰীৰ ব্য়ক্তিগত প্ৰয়োজন, দক্ষতা, প্ৰৱণতা আদিবোৰ পূৰ কৰিব পাৰিব লাগে । 

৩। শ্ৰৱণ-দৰ্শন সঁজুলিৰ প্ৰয়োগ (Use of Audio-Visual Aids) : ছাত্ৰ-ছাত্ৰীক আকৰ্ষিত কৰিবৰ বাবে আৰু মনোযোগ বৰ্তাই ৰাখিবৰ বাবে শিক্ষকে শ্ৰেণীকোঠাৰ শিক্ষাদানত বিভিন্ন শ্ৰৱণ-দৰ্শন সঁজুলিৰ ব্য়ৱহাৰ কৰিব লাগে । এই সঁজুলিবোৰ ছাত্ৰ-ছাত্ৰীৰ বয়স অনুপাতে প্ৰয়োগ কৰিব লাগে । 

৪। নিয়ন্ত্ৰিত স্বাধীনতা (Controlled Freedom) : বিদ্য়ালয়ৰ অনুশাসন অধিক কঠোৰ নাইবা অধিক নৰম হ'ব নালাগে । ছাত্ৰ-ছাত্ৰীক বিদ্য়ালয়ত বিকাশ সাধন কৰিবৰ বাবে নিয়ন্ত্ৰিত স্বাধীনতা প্ৰদান কৰিব লাগে । 

৫। বিনোদনৰ উপযুক্ত সুবিধাৰ ব্য়ৱস্থা (Providing Proper Recreational Facilities) : বিদ্য়ালয়ত ছাত্ৰ-ছাত্ৰীক সুস্থ বিনোদনৰ সুবিধা প্ৰদানৰ ব্য়ৱস্থা কৰিব লাগে যাতে সিহঁতে আজৰি সময়খিনি ভালদৰে অতিবাহিত কৰিব পাৰে । আজৰি সময়ত ছাত্ৰ-ছাত্ৰীক ভাল কামত জড়িত কৰি ৰাখিবৰ বাবে বিদ্য়ালয়তে সামাজিকভাৱে উপযোগী উৎপাদনশীল কৰ্মৰ ব্য়ৱস্থা কৰিব লাগে । 

৬। পুথিভড়ালৰ উপযুক্ত সুবিধা (Proper Library Facilities) : পুথিভড়ালক শিক্ষানুষ্ঠান এখনৰ আত্মস্বৰূপে গণ্য় কৰা হয় । সেয়েহে বিদ্য়ালয়ত ভাল কিতাপেৰে এটা ভাল পুথিভড়াল থাকিব লাগে । ছাত্ৰ-ছাত্ৰীয়ে পুথিভড়ালৰ প্ৰতি আকৰ্ষিত হোৱা দৰকাৰ । সেইবাবে পুথিভড়ালত ছাত্ৰ-ছাত্ৰীৰ ভিন্নমুখী আগ্ৰহৰ কিতাপ-পত্ৰ থকা প্ৰয়োজন । 

৭। শিক্ষক আৰু অভিভাৱকৰ মাজৰ সমন্বয় (Co-ordination between Teachers and Parents) : বিদ্য়ালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ মাজত উপযুক্ত সমন্বয় থকা প্ৰয়োজন । ইয়ে ছাত্ৰ-ছাত্ৰীৰ সমস্য়া সমাধানত উপযুক্ত বৰঙণি আগবঢ়ায় । ইয়ে ছাত্ৰ-ছাত্ৰীৰ কাৰ্যসূচীবোৰৰ ওপৰত অভিভাৱকে চকু ৰখাত সহায় কৰে । 

৮। প্ৰতিকাৰমূলক নিৰ্দেশনা (Remedia Instruction) : অপৰাধ প্ৰৱণতা নিৰাময়ৰ বাবে প্ৰতিকাৰমূলক নিৰ্দেশনা অতি গুৰুত্বপূৰ্ণ । নিম্ন বুদ্ধ্য়াংকৰ ল'ৰা-ছোৱালী বেছিকৈ অপৰাধ প্ৰৱণ কাৰ্যত লিপ্ত হোৱা দেখা যায় । সেয়েহে নিম্ন বুদ্ধিৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিকাৰমূলক নিৰ্দেশনা প্ৰদান কৰাটো অপৰিহাৰ্য কৰি তুলিব লাগে । 

(গ) সমাজৰ ভূমিকা (Role of Society) : কিশোৰ-কিশোৰীৰ অপৰাধ-প্ৰৱণ আচৰণ নিৰাময় কৰাত সমাজেও এক প্ৰধান ভূমিকা গ্ৰহণ কৰে । সমাজৰ ভূমিকাৰ বিষয়ে তলত আলোচনা কৰা হ'ল-
১। সাধাৰণ সুবিধা প্ৰদান (Providing Basic Amenties) : দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলক সাধাৰণ সুবিধাবোৰ প্ৰদানৰ বাবে ব্য়ৱস্থা গ্ৰহণ কৰিব লাগে । কিয়নো পৰিয়ালৰ দৰিদ্ৰতাৰ বাবেও বহুতো কিশোৰ-কিশোৰীয়েো অপৰাধ প্ৰৱণ কাৰ্য সম্পাদিত কৰা দেখা । ই সেয়েহেে চৰকাৰীভাৱে পৰ্যায়ৰ স্কুলীয়া ল'ৰা-ছোৱালীক বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰা উচিত । 

২। যুৱ বিদ্ৰোহৰ বিৰুদ্ধে থিয় হোৱা (Stand Against Youth Violence) : অপৰাধ প্ৰৱণ কাৰ্যৰ বহুতো কাৰণৰ ভিতৰত এটা হ'ল যুৱ বিদ্ৰোহ । যিসকল কিশোৰ-কিশোৰীয়ে ঘৰ, বিদ্য়ালয় আৰু অন্য় স্থানত বিদ্ৰোহ কৰে সেইসকল প্ৰতিহিংসা বা পলায়নৰ বাবে যিকোনো অপৰাধ কৰিব পাৰে । সমাজৰ সকলো লোকে মিলিত হৈ এই যুৱ বিদ্ৰোহৰ মোকাবিলা কৰাৰ বাবে একগোট হৈ থিয় হোৱা উচিত । 

৩। সামাজিক, নৈতিক আৰু শ্ৰেণী পাৰ্থক্য়ৰ উৰ্ধত চিন্তা (Think Beyond Social, Ethical and Class Difference) : যুৱ অপৰাধ আৰু সামাজিক, নৈতিক আৰু শ্ৰেণী পাৰ্থক্য়ৰ মাজত এক শক্তিশালী সম্বন্ধ আছে । এই পাৰ্থক্য়ৰ বাবে কিশোৰ-কিশোৰীসকলে নীচাত্মিকবোধত ভোগ । সমাজে সেয়েহে অপৰাধ প্ৰৱণ আচৰণ ৰোধ কৰিবৰ বাবে সামাজিক, নৈতিক আৰু শ্ৰেণী পাৰ্থক্য়ৰ উৰ্ধত চিন্তা কৰিব লাগে আৰু শ্ৰেণীবিহীন সমাজ গঠনৰ বাবে প্ৰয়াস কৰিব লাগে ।

৪। আইনৰ দ্বাৰা নিষিদ্ধ (Ban by Law) : ধূমপান কৰা, মাদক দ্ৰব্য় সেৱন আদি কিশোৰ-কিশোৰীসকলক মাজত নিষিদ্ধ কৰাত আইনে গুৰুত্ব দিব লাগে । আইনৰদ্বাৰা শিশু শ্ৰমিকৰ দৰে সামাজিক সমস্য়াবোৰ সমাধান কৰাৰ বাবে ব্য়ৱস্থা গ্ৰহণ কৰা উচিত । 


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)













                   




Post ID: DABP004377