অপৰাধ প্ৰৱণতা

(Delinquency) 

পঞ্চম অধ্য়ায় 

(১) অতি চমু উত্তৰ দিয়া (Give very short answer) 

(i) অপৰাধ প্ৰৱণতা কি ?

    What is delinquency ?

উত্তৰঃ অপৰাধ প্ৰৱণতা হ'ল এক সামাজিক ব্য়াধি য'ত ব্য়ক্তিয়ে অসামাজিক আৰু বেআইনী কাৰ্যৰ লগত জড়িত হোৱা দেখা যায় । 


(ii) অপৰাধ প্ৰৱণতাৰ এটা জৈৱিক কাৰণ উল্লেখ কৰা ।

       Mention one biological cause of delinquency.

উত্তৰঃ অপৰাধ প্ৰৱণতাৰ এটা জৈৱিক কাৰণ হ'ল- (১) শাৰীৰিক অস্বাভাৱিকতা ।


(iii) ব্য়ক্তিগত অপৰাধ প্ৰৱণতা কি ?

        What is individual delinquency ?

উত্তৰঃ অপৰাধ প্ৰৱণ কাৰ্যত এজন ব্য়ক্তি জড়িত হৈ থাকিলে আৰু এজন ব্য়ক্তিৰ দ্বাৰা সংঘটিত হোৱা অপৰাধ প্ৰৱণমূলক কাৰ্যক ব্য়ক্তিগত অপৰাধ প্ৰৱণতা বোলে । 


(iv) মাদক দ্ৰৱ্য়ৰ আসক্তিৰ এটা কাৰণ লিখা । 

        Write one cause of drug addiction.

উত্তৰঃ মাদক দ্ৰৱ্য়ৰ আসক্তিৰ এটা কাৰণ হ'ল-(১) মানসিক কাৰণ । 


(v) অপৰাধ প্ৰৱণতাৰ এটা বৈশিষ্ট্য় লিখা । 

       Write one characteristic of delinquency.

উত্তৰঃ


(vi) যুৱ-উচ্ছৃংখলতাৰ এটা কাৰণ লিখা । 

        Write one cause of youth unrest. 

উত্তৰঃ যুৱ-উচ্ছৃংখলতাৰ এটা কাৰণ হ'ল-(১) নিবনুৱা সমস্য়া ।


(২) শুদ্ধ নে অশুদ্ধ লিখা (Write true or false)

(i) Delinquency শব্দটো গ্ৰীক শব্দ 'delinquere' পৰা আহিছে । 

    The word 'delinquency' is derived from Greek word 'delinquere'.

উত্তৰঃ অশুদ্ধ । 


(ii) বৌদ্ধিক দুৰ্বলতা অপৰাধ প্ৰৱণতাৰ এটা মানসিক কাৰণ ।

        One mental cause delinquency is intellectual weakness. 

উত্তৰঃ 


(iii) ভগ্ন পৰিয়াল অপৰাধ প্ৰৱণতাৰ এটা অৰ্থনৈতিক কাৰণ ।

         Broken family is an economic cause of delinquency. 

উত্তৰঃ অশুদ্ধ । 


(iv) অপৰাধ প্ৰৱণতা প্ৰাপ্তবয়স্ক কালৰ এক সমস্য়া ।

        Delinquency is a problem of adulthood period.

উত্তৰঃ অশুদ্ধ । 


(v) মাদক দ্ৰৱ্য়ৰ আসক্তি এক বাল্য়কালৰ সমস্য়া । 

        Drug addition is a childhood problem.

উত্তৰঃ অশুদ্ধ । 


(vi) যুৱ-উচ্ছৃংখলতাৰ এক কাৰণ হ'ল আসোঁৱাহ পূৰ্ণ শিক্ষা ব্য়ৱস্থা ।

        Defective education system is one cause of youth unrest. 

উত্তৰঃ শুদ্ধ । 


(৩) খালী ঠাই পূৰণ কৰা (Fill in the blanks) 

(i) অপৰাধ প্ৰৱণতাক _______ অপৰাধ বুলিও কোৱা হয় । 

    Delinquency is known as______ crime. 

উত্তৰঃ 


(ii) 'Delinquency' শব্দটো লেটিন ভাষাৰ _____ শব্দৰ পৰা আহিছে ।

       The word 'Delinquency' is derived from Latin word______.

উত্তৰঃ delinquere ।


(iii) ______ আদালত হ'ল অপৰাধ প্ৰৱণতাৰ সংস্কাৰমূলক অনুষ্ঠান ।

       ______ court is a reforming institution for delinquency.

উত্তৰঃ 


(iv) ______ নামৰ গবেষকজনে পোন প্ৰথমে পৰিস্থিতি কেন্দ্ৰিক অপৰাধ প্ৰৱণতাৰ ধাৰণা বৰ্ণনা কৰিছিল ।

       The concept of situational delinquency was first described by researcher _____ .

উত্তৰঃ মাটযা । 


(v) মাদক দ্ৰৱ্য়ৰ আসক্তি এক _______ সমস্য়া ।

        Drug addiction is a _______ problem. 

উত্তৰঃ 


(vi) স্ৱতঃস্ফুৰ্ত ছাত্ৰ আন্দোলন হ'ল _______ ৰ এক প্ৰকাৰ ।

        Spontaneous students agitations is a cause of ______ .


উত্তৰঃ 

(৪) চমু উত্তৰ দিয়া (Give short answer) 

(i) অপৰাধ প্ৰৱণতাৰ সংজ্ঞা দিয়া । 

       Define delinquency.

উত্তৰঃ অপৰাধ প্ৰৱণতাৰ সংজ্ঞা হ'ল- ক'লেমেন (Coleman) ৰ মতে, ''১৮ বছৰৰ তলৰ যুৱক-যুৱতী সমাজে গ্ৰহণে নকৰা আচৰণকে অপৰাধ প্ৰৱণতা বোলা হয় আৰু ই সাধাৰণতে তিৰস্কাৰ কৰা , শাস্তি প্ৰদান কৰা কাৰ্যৰ সংশোধন কৰা কেতবোৰ দিশৰ লগত সম্বন্ধিত '' ।


(ii) অপৰাধ প্ৰৱণতা প্ৰতিৰোধৰ ক্ষেত্ৰত পৰিয়ালে গ্ৰহণ কৰিবলগীয়া দুটা ব্য়ৱস্থা উল্লেখ কৰা।

        Mention two measures taken by family to prevent delinquency.

উত্তৰঃ অপৰাধ প্ৰৱণতা প্ৰতিৰোধৰ ক্ষেত্ৰত পৰিয়ালে গ্ৰহণ কৰিবলগীয়া দুটা ব্য়ৱস্থা হ'ল-

১। ঘৰৰ উপযুক্ত পৰিৱেশ ।

২। উপযুক্ত শিক্ষা প্ৰদান । 


(iii) অপৰাধ প্ৰৱণতা প্ৰতিৰোধৰ ক্ষেত্ৰত বিদ্য়ালয়ে গ্ৰহণ কৰিবলগীয়া দুটা ব্য়ৱস্থা উল্লেখ কৰা ।

        Mention two measures taken by school by taken to prevent delinquency.

উত্তৰঃ অপৰাধ প্ৰৱণতা প্ৰতিৰোধৰ ক্ষেত্ৰত বিদ্য়ালয়ে গ্ৰহণ কৰিবলগীয়া দুটা ব্য়ৱস্থা হ'ল-

১। ভাল শিক্ষক ।

২। শিশুকেন্দ্ৰিক শিক্ষা । 


(iv) অপৰাধ প্ৰৱণতা প্ৰতিৰোধৰ ক্ষেত্ৰত সমাজে গ্ৰহণ কৰিবলগীয়া দুটা ব্য়ৱস্থা উল্লেখ কৰা ।

        Mention two measures taken by society to prevent delinquency. 

উত্তৰঃ অপৰাধ প্ৰৱণতা প্ৰতিৰোধৰ ক্ষেত্ৰত সমাজে গ্ৰহণে কৰিবলগীয়া দুটা ব্য়ৱস্থা হ'ল-

১। সাধাৰণ সুবিধা প্ৰদান ।

২। আইনৰ দ্বাৰা নিষিদ্ধ ।


(v) মাদক দ্ৰৱ্য়ৰ আসক্তি কি ?

       What is drug addiction.

উত্তৰঃ 


(vi) যুৱ উচ্ছৃংখলতা মানে কি ?

        What is youth unrest ?

উত্তৰঃ যুৱ উচ্ছৃংখলতা হ'ল যুৱক-যুৱতীসকলৰ সমূহীয়া অসন্তুষ্টিৰ বৰ্হিপ্ৰকাশ । যেতিয়া সমাজত প্ৰচলিত আদৰ্শসমূহ যুৱ সমাজে অকাৰ্যকৰী আৰু ক্ষতিকাৰক বুলি অনুভৱ কৰে, তেতিয়া এনে ধৰণৰ অসন্তুষ্টি প্ৰকট হৈ উঠে । 


(৫) চমুটোকা লিখা (Write short notes) 

(i) অপৰাধ প্ৰৱণতা ।

    Delinquency.

উত্তৰঃ অপৰাধ প্ৰৱণতাৰ ইংৰাজী প্ৰতিশব্দ 'delinquency' লেটিন ভাষাৰ 'delinquere' শব্দৰ পৰা উৎপত্তি হোৱা বুলি ক'ব পাৰি যাৰ অৰ্থ হ'ল 'de' অৰ্থাৎ আঁতৰত বা নিলগত থকা । প্ৰাৰম্ভিক অৱস্থাত যি সকল অভিভাৱকে নিজৰ শিশুক অৱহেলা কৰে আৰু এৰি দিয়ে সেই পিতৃ-মাতৃক বুজাবৰ বাবে অপৰাধ প্ৰৱণতা শব্দৰ প্ৰয়োগ কৰা হৈছিল । কিন্তু বৰ্তমান সময়ত এই শব্দই সেইসকল ল'ৰা-ছোৱালীক বুজায় যিসকল বেআইনী আৰু ক্ষতিকাৰক কাৰ্যৰ লগত জড়িত । 

        বৰ্তমান সমাজৰ এক জটিল সমস্য়া হ'ল অপৰাধ প্ৰৱণতা । সাধাৰণতে সমাজৰ দ্বাৰা অনুমোদিত প্ৰথা, পৰম্পৰা আৰু আইন উলংঘা কৰা সকলো মানুহকেই অপৰাধী বুলি গণ্য় কৰা হয় । অপৰাধ প্ৰৱণতাৰ অৰ্থ প্ৰদান কৰি ক'ব পাৰি যে কোনো এজন শিশুৰ অসামাজিক আৰু বেআইনী কাৰ্য কৰাৰ প্ৰৱণতাই যেতিয়া সমাজত আৰু আইনৰ চকুত দোযী হিচাপে গণ্য় হৈ চৰকাৰী ব্য়ৱস্থা গ্ৰহণৰ বিষয় হয়, তেনে শিশুকেই অপৰাধ প্ৰৱণ শিশু আৰু মতবাদটোক অপৰাধ প্ৰৱণতা বোলা হয় । 

        অপৰাধ প্ৰৱণতা সাধাৰণতে কৈশোৰ কালৰ পৰা ল'ৰা-ছোৱালীৰ আচৰণত বেছিকৈ পৰিলক্ষিত হয় । কৈশোৰ কালছোৱাত সাধাৰণতে ল'ৰা-ছোৱালীবোৰৰ দেহ-মানসিক প্ৰয়োজনবোৰ সলনি হয় আৰু এই প্ৰয়োজনবোৰ পূৰণ কৰিবলৈ ব্য়ৰ্থ হ'লে তেওঁলোক অসামাজিত কামত লিপ্ত হোৱা দেখা যায় । ১৮ বছৰ বা তাতকৈ কম বয়সৰ ল'ৰা-ছোৱালীবোৰে কৰা এনে অপৰাধক কৈশোৰ অপৰাধ প্ৰৱণতা বুলি কোৱা হয় । 


(ii) দল সমৰ্থিত অপৰাধ প্ৰৱণতা

       Group supported delinquency. 

উত্তৰঃ দল সমৰ্থিত অপৰাধ প্ৰৱণতা ঃ এই প্ৰকাৰ অনুসৰি, অপৰাধ প্ৰৱণ কাৰ্য আনৰ সহযোগত সম্পাদন কৰা হয় আৰু ইয়াৰ কাৰণ ব্য়ক্তিৰ নিজস্ব ব্য়ক্তিত্ব নহয় । সাধাৰণতে দেখা যায় যে চুবুৰীয়া আৰু ঘৰৰ সমূহীয়া সংস্কৃতিয়ে এই অপৰাধ প্ৰৱণ কাৰ্যৰ জন্ম দিয়ে । থ্ৰেচাৰ আৰু শ্ব আৰু মেককে ৰ অধ্য়য়নত এই প্ৰকাৰৰ অপৰাধ প্ৰৱণতাৰ বিষয়ে আলেচনা কৰা হৈছিল । তেওঁলোকৰ অধ্য়য়নৰ বিষয়বস্তু আছিল কিশোৰ অপৰাধ প্ৰৱণকাৰী সকলে কিয় অপৰাধমূলক কাৰ্যৰ লগত জড়িত হয় আৰু অধ্য়য়নৰ ফলাফলত অপৰাধ প্ৰৱণমূলক দলৰ প্ৰভাৱ থকাৰ বিষয়ে জ্ঞাত হ'ব পাৰিছিল । 


(iii) সংগঠিত অপৰাধ প্ৰৱণতা 

        Organised delinquency.

উত্তৰঃ সংগঠিত অপৰাধ প্ৰৱণতা ঃ এই প্ৰকাৰৰ প্ৰৱণতা আনুষ্ঠানিকভাৱে সংগঠিত কোনো দলৰ দ্বাৰা সম্পাদন কৰা হয় । আমেৰিকা যুক্তৰাষ্ট্ৰত ১৯৫০ চন এই বিধ অপৰাধ প্ৰৱণতাৰ বিষয়ে প্ৰথমে বিশ্লেষণ কৰা হৈছিল আৰু 'অপৰাধ প্ৰৱণ উপসংস্কৃতি নামৰ এক ধাৰণা বিকশাই তোলা হৈছিল । এই ধাৰণাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল । এই ধাৰণাই মূল্য়বোধ আৰু সামাজিক আদৰ্শৰ প্ৰসংগ আলোচনা কৰিছিল । সামাজিক আদৰ্শ আৰু মূল্য়বোধ আৰু সামাজিক আদৰ্শৰ প্ৰসংগ আলোচনা কৰিছিল । সামাজিক আদৰ্শ আৰু মূল্য়বোধে সংগঠনৰ সদস্য়সকলৰ আচৰণ পৰিচালনা কৰিছিল । মূল্য়বোধৰ অৱক্ষয়ৰ বাবে সংগঠিত ৰূপত কিছু সংখ্য়ক লোকে এনে ধৰণৰ অপৰাধ প্ৰৱণ কাৰ্যৰ লগত জড়িত হয় । কোহেন নামৰ সমাজবিজ্ঞানী এজনে পোন এইবিধ অপৰাধ প্ৰৱণতাৰ বিষয়ে মত প্ৰকাশ কৰিছিল । পৰৱৰ্তী সময়ত অহলিন আৰু ক্লোৱাৰ্ড নামৰ সমাজবিজ্ঞানী দুজনে এইবিধ অপৰাধ প্ৰৱণতাৰ বিষয়ে আলোচনা কৰিছিল । সংগঠিত অপৰাধ প্ৰৱণতা বৰ্তমান সময়ৰ এক জ্বলন্ত সমস্য়া হৈ পৰিছে । 


(iv) পৰিস্থিতিকেন্দ্ৰিক অপৰাধ প্ৰৱণতা 

        Situational delinquency.

উত্তৰঃ পৰিস্থিতিকেন্দ্ৰিক অপৰাধ প্ৰৱণতা ঃ পৰিস্থিতিকেন্দ্ৰিক অপৰাধ প্ৰৱণতাৰ ক্ষেত্ৰত পৃথক দৃষ্টিভংগী প্ৰকাশ কৰা হৈছে । সমাজবিজ্ঞানীসকলে এইবিধ অপৰাধ প্ৰৱণতাৰ বিষয়ে বৰ্ণনা কৰি কৈছিল যে পৰিস্থিতি যেতিয়া গ্ৰহণযোগ্য় নহয় বুলি অনুভৱ কৰা হয় তেতিয়াই এনে অপৰাধ প্ৰৱণমূলক কাৰ্যত জড়িত হয় । পৰিয়াল, চুবুৰীয়া আৰু সামাজিক নীতি-নিয়মৰ পৰিৱৰ্তনমুখী চিন্তা ভাৱনাইও কেতিয়াবা পৰিস্থিতি সাপেক্ষে এনে কাৰ্য সংঘটিত কৰে । 

        মাটযা নামৰ গৱেষক এজনে ১৯৬৪ চনত এইবিধ অপৰাধ প্ৰৱণতাৰ বিষয়ে প্ৰথমে বৰ্ণনা আগবঢ়াইছিল । অৱশ্য়ে এই ধৰণৰ অপৰাধ প্ৰৱণ কাৰ্যৰ অধ্য়য়নে বিশেষ গুৰুত্ব পোৱা দেখা নাযায় । 


(v) মাদক দ্ৰৱ্য়ৰ আসক্তি

      Drug addiction  

উত্তৰঃ মাদক দ্ৰৱ্য়ৰ আসক্তি ঃ বৰ্তমান সমাজৰ এক জ্বলন্ত সমস্য়া হ'ল মাদক দ্ৰব্য়ৰ আসক্তি । এই আসক্তিৰ বাবে ব্য়ক্তিৰ স্বাভাৱিক আচৰণত বিকৃত ৰূপ প্ৰকাশ পোৱাৰ লগতে সমাজৰ সুস্থ পৰম্পৰাৰ প্ৰতিও প্ৰত্য়াহ্বান হিচাপে গা কৰি উঠিছে । মাদক দ্ৰব্য়ৰ আসক্তিৰ ফলত ব্য়ক্তিৰ অস্বাভাৱিক আচৰণে সমাজত আচৰণে সমাজত বিসংগতিৰ সৃষ্টি কৰে । বিশ্ব স্বাস্থ্য় সংস্থাই ( World Health Organisation) মাদক দ্ৰব্য় আসক্তিৰ তিনিটা গুৰুত্বপূৰ্ণ চৰিত্ৰৰ কথা প্ৰকাশ কৰিছে । সেয়া হ'ল-

(ক) মাত্ৰাধিক আসক্তি বা অনিবাৰ্য প্ৰয়োজনত গ্ৰহণ কৰা নিয়মিত সেৱন ।

(খ) সেৱনৰ মাত্ৰা বৃদ্ধিৰ প্ৰৱণতা কৰা ।

(গ) মানসিক বা শাৰীৰিক প্ৰয়োজনৰ বাবে গ্ৰহণ কৰা সেৱন ।

    মাদক দ্ৰব্য়ৰ আসক্তি ব্য়ৱহাৰিকসকলৰ শাৰীৰিক নিৰ্ভৰশীলতাৰ ওপৰত প্ৰতিষ্ঠিত । গাজা বা Hashish সেৱন কৰা হিৰ'ইন, কোকেইন বা LSD লোৱা, মৰফিন ইনজেকচন লোৱা, মদিৰা পান কৰা আদিবোৰ হ'ল কেতবোৰ মাদক দ্ৰব্য় যিবোৰৰ প্ৰতি আমাৰ যুৱচাম অতি সহজেই আসক্ত হয় । 


(vi) যুৱ-উচ্ছৃংখলতা

        Youth unrest

উত্তৰঃ যুৱ-উচ্ছৃংখলতা ঃ অপৰাধ প্ৰৱণতাৰ লগত ঘনিষ্ঠভাৱে জড়িত হৈ থকা আন এক গুৰুত্বপূৰ্ণ সমস্য়া হ'ল যুৱ উচ্ছৃংখলতা । গণমাধ্য়মসমূহৰ জৰিয়তে প্ৰতিদিনেই আমি বিভিন্ন দেশত সংঘটিত বিভিন্ন যুৱ উচ্ছৃংখলতাৰ বাতৰি পঢ়িবলৈ আৰু শুনিবলৈ পাওঁ । যুৱ উচ্ছৃংখলতা হ'ল । যুৱক-যুৱতীসকলৰ সমূহীয়া অসন্তুষ্টিৰ বহিৰ্প্ৰকাশ । যেতিয়া সমাজত প্ৰচলিত আদৰ্শসমূহ যুৱ সমাজে অকাৰ্যকৰী আৰু  ক্ষতিকাৰক বুলি অনুভৱ কৰে , তেতিয়া এনে ধৰণৰ অসন্তুষ্টি প্ৰকট হৈ উঠে । যুৱক-যুৱতীসকলক মানৱ সমাজৰ এক সমূহ নাইবা দল হিচাপে বিবেচনা কৰা হয় । ই মানুহৰ এছোৱা বয়সৰ কথা বুজায় । ই হৈছে এনেকুৱা এক ধাৰণা যিটোৱে ভিন্ন ধৰণৰ সাহিত্য়তো স্থান পাইছে । মৌলিকভাৱে ই মানুহৰ বৃদ্ধি আৰু বিকাশৰ সৈতে জড়িত জীৱ বিজ্ঞানৰ এক ধাৰণা যদিও শিক্ষা, মনোবিজ্ঞান, নৃতত্ত্ব, সমাজতত্ত্ব আৰু জনসংস্য়া গাঁথনিৰ দৰে বিষয়বোৰতো ই এক অধ্য়য়ন ক্ষেত্ৰ হিচাপে চিহ্নিত হৈছে । ২১-৩৫ৰ এই সময়ছোৱা জীৱনৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ । কিয়নো যুৱক-যুৱতীসকল এই সময়ছোৱাত বিভিন্ন অভিজ্ঞতাৰে পৰিপক্ক হৈ উঠে । এই অভিজ্ঞতাবোৰে তেওঁলোকক পৰৱৰ্তী জীৱনত সিদ্ধান্ত গ্ৰহণত সহায় কৰে । ই হৈছে এনেকুৱা এক সময় য'ত পৰিয়াল, বৃত্তিগত দিশ, অৰ্থনৈতিক, সামাজিক উদ্দেশ্য়সমূহে সমাজত প্ৰতিষ্ঠা লাভৰ পথ বিচাৰি ফুৰে।


(৬) উত্তৰ লিখা (Write answers) 

(i) অপৰাধ প্ৰৱণতা কি ? ইয়াৰ প্ৰকৃতি ব্য়াখ্য়া কৰা ।

       What is delinquency ? Explain its nature . 

উত্তৰঃ বৰ্তমান সমাজৰ এক জটিল সমস্য়া হ'ল অপৰাধ প্ৰৱণতা । কোনো এজন শিশুৰ অসামাজিক আৰু বেআইনী কাৰ্য কৰাৰ প্ৰৱণতাই যেতিয়া সমাজত আৰু আইনৰ চকুত দোষী হিচাপে গণ্য় হৈ চৰকাৰী ব্য়ৱস্থা গ্ৰহণৰ বিষয় হয় , তেনে শিশুকেই অপৰাধ প্ৰৱণ শিশু আৰু মতবাদটোক অপৰাধ প্ৰৱণতা বোলা হয় । 

            ইয়াৰ প্ৰকৃতি সমূহ হ'ল-

১। অপৰাধ প্ৰৱণতা হ'ল এক সামাজিক ব্য়াধি য'ত ব্য়ক্তিয়ে অসামাজিক আৰু বেআইনী কাৰ্যৰ লগত জড়িত হোৱা দেখা যায় । 

২। অপৰাধ প্ৰৱণতাৰ লগত জড়িত ব্.ক্তিসকলৰ বয়স ১৮ বছৰ বা তাৰ তলৰ হয় । অৰ্থাৎ শিশু আৰু কিশোৰ-কিশোৰীসকলে কৰা বেআইনী কাৰ্য কলাপ ইয়াৰ অন্তৰ্গত । 

৩। বয়স আৰু আচৰণৰ দিশেৰে অপৰাধ প্ৰৱল ব্য়ক্তিসকল অপৰিপক্ক আৰু অনভিজ্ঞ হয় ।

৪। অপৰাধ প্ৰৱণতাৰ হাৰ ল'ৰাৰ তুলনাত ছোৱালীৰ মাজত কম হোৱা দেখা যায় । অৰ্থাৎ ল'ৰাৰ তুলনাত বেআইনী আৰু অসামাজিক কাৰ্য কৰা ছোৱালীৰ সংখ্য়া কম । 

৫। সাধাৰণতে আগতীয়া কৈশোৰ কাল (১২-১৬ বছৰৰ) ৰ কিশোৰ-কিশোৰীৰ মাজত অপৰাধ প্ৰৱণ কাৰ্যৰ লগত জড়িত হোৱাৰ পৰিমান অধিক দেখিবলৈ পোৱা যায় । 

৬। গ্ৰামাঞ্চলৰ তুলনাত চহৰ অঞ্চলবোৰত অৰপাধ প্ৰৱণতাৰ হাৰ অধিক হোৱা দেখা যায় । উদাহৰণস্বৰূপে আমাৰ দেশত মুম্বাই, নতুন দিল্লী, কলকতা, হায়দৰাবাদ, আহমেদাবাদ, বেংগোলোৰ আদি ডাঙৰ ডাঙৰ মহানগৰবোৰত অপৰাধ প্ৰৱণ কাৰ্য বেছিকৈ দেখিবলৈ পোৱা যায় । সৰু চহৰ আৰু গ্ৰামাঞ্চলত ইয়াৰ পৰিমাণ কম । 

৭। অপৰাধ প্ৰৱণতাত অৰিহণা যোগোৱা এক কাৰক হ'ল শিক্ষা । নিম্ন মানৰ শিক্ষা বা অশিক্ষিত পৰিয়ালবোৰত অপৰাধ প্ৰৱণ কাৰ্য বেছিকৈ সংঘটিত হয় । ১৯৯৪ চনত কৰা অধ্য়য়ন এটাৰ পোৱা তথ্য় অনুসৰি অপৰাধ প্ৰৱণ কাৰ্যৰ লগত জড়িত শিশু আৰু কিশোৰ-কিশোৰীসকলৰ ২৯.৯% অশিক্ষিত, ৪৩.৬% প্ৰাথমিক পৰ্যায় উত্তীৰ্ণ, ২১% মধ্য় ইংৰাজী উত্তীৰ্ণ আৰু মাত্ৰ ৫.৫% হাইস্কুল পৰ্যায় উত্তীৰ্ণ । 

৮। অপৰাধ প্ৰৱণতাৰ আন এক কাৰক অৰ্থনৈতিক দুৰৱস্থা । পৰিয়ালৰ অৰ্থনৈতিক দিশৰ দুৰৱস্থাৰ বাবে বহুতো কিশোৰ-কিশোৰীয়ে অপৰাধ প্ৰৱণ কাৰ্যত লিপ্ত হোৱা দেখা যায় । ভাৰতত হোৱা এক অধ্য়য়নৰ পৰা পোৱা তথ্য় অনুসৰি অপৰাধ প্ৰৱণ কাৰ্যৰ লগত জড়িত ৫৪.১% লোক অতি দৰিদ্ৰ পৰিয়ালৰ সদস্য় । 

৯। কিশোৰ-কিশোৰীসকলে ব্য়ক্তিগতভাৱে সম্পাদন কৰা অপৰাধ প্ৰৱণ কাৰ্যতকৈ দলীয়ভাৱে সম্পাদন কৰা অপৰাধ প্ৰৱণ কাৰ্যৰ পৰিমাণ বেছি । 

১০। বৰ্তমান সময়ত অপৰাধ প্ৰৱণ কিশোৰ-কিশোৰীসকলক সংশোধন কৰি সমাজৰ মূল পথলৈ ঘূৰাই অনাৰ  বাবে বিভিন্ন সংস্কাৰমূলক অনুষ্ঠান প্ৰতিষ্ঠা কৰা হৈছে । 


(ii) অপৰাধ প্ৰৱণতাৰ প্ৰকাৰবোৰ বৰ্ণনা কৰা । 

       Explain the types of delinquency. 

উত্তৰঃ বিভিন্ন সমাজবিজ্ঞানী আৰু বিশেষজ্ঞই অপৰাধ প্ৰৱণতাক বিভিন্ন প্ৰকাৰে বিভাজিত কৰিছে । 

(১) নাথানিল হিৰ্চ (Nathanil Hirsh) ৰ মতে অপৰাধ প্ৰৱণতাৰ বিভিন্ন ভাগবোৰ হ'ল-

(ক) মাজ নিশালৈ ঘৰৰ বাহিৰত থকা, পিতৃ-মাতৃক সন্মান নকৰা আৰু অন্য়ান্য়

(খ) ঘৰ বা বিদ্য়ালয়ত অনুপস্থিত

(গ) ৰাজহুৱা আৰু ব্য়ক্তিগত সম্পত্তিৰ ক্ষতি সাধন

(ঘ) মৰণাস্ত্ৰ ব্য়ৱহাৰৰ দ্বাৰা সমাজত হিংসাৰ সৃষ্টি

(ঙ) চৌৰ্য কাৰ্য

(চ) যৌন অপৰাধ 

(২) ইট'ন আৰু পল্ক (Eaton and Polk) ৰ মতে অপৰাধ প্ৰৱণতাৰ ভাগবোৰ হ'ল-

(ক) যান বাহন আইন অমান্য় কৰা যেনে- বিনা অনুজ্ঞাপত্ৰৰে গাড়ী চলোৱা, মাদক দ্ৰব্য় সেৱন কৰি গাড়ী চলোৱা আৰু অন্য়ান্য় 

(খ) অটোমবাইল চুৰি, অনিয়ন্ত্ৰিত আচৰণ আৰু কিছুমান সৰু সুৰা যানবাহন আইন অমান্য় কৰা 

(গ) মাদকদ্ৰব্য় আৰু ড্ৰাগচ আসক্তিৰ দৰে কেতবোৰ আসক্তি 

(ঘ) সম্পত্তিৰ লগত জড়িত হিংসা যেনে সম্পত্তিৰ চুৰি 

(ঙ) শাৰীৰিক কষ্ট যেনে নৰহত্য়া আৰু অন্য়ান্য় 

(৩) ৰৰ্বাট ট্ৰ'জান'উক্জ (Robert Trojanowicz) ৰ মতে অপৰাধ প্ৰৱণতাৰ ভাগবোৰ হ'ল-

(ক) দুৰ্ঘটনাজনিত 

(খ) অসামাজিককৃত

(গ) আক্ৰমণাত্মক

(ঘ) পৰিস্থিতিমূলক

(ঙ) বৃত্তিমুখী

(চ) দলগত

(৪) চেলিন আৰু ৱলফগেং (Selling and Wolfgang) নামৰ সমাজশাস্ত্ৰবিদ দুজনৰ মতে অপৰাধ প্ৰৱণতাৰ ভাগ দুটা হ'ল-

(ক) প্ৰথম ভাগৰ অৰ্ন্তভুক্ত দিশবোৰ হ'ল-

            (i) সম্পত্তি ধ্বংসকৰণ

            (ii) সম্পত্তিৰ চুৰি

            (iii) শাৰীৰিক আঘাত

(খ) দ্বিতীয় ভাগৰ অন্তৰ্ভুক্ত দিশবোৰ হ'ল-

              (i) জোৰ জবৰদস্তি কৰা

              (ii) সম্পত্তি হানি আৰু সম্পত্তি ধ্বংসৰ সকিয়নি

              (iii) মানুহৰ বিৰুদ্ধে কৰা প্ৰতিহিংসা

              (iv) ব্য়ৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে কৰা হিংসা

              (v) দুজন মানুহ জড়িত থকা অপৰাধ যেনে ধৰ্ষণ কৰা

              (vi) চুৰি কাৰ্য্য়

(৫) ফাৰ্ডিনান্দ (Ferdinand) ৰ মতে কিশোৰ অপৰাধ প্ৰৱণতাৰ ভাগ দুটা হ'ল-

(ক) স্নায়বিক অপৰাধ

(খ) চৰিত্ৰ বিশৃংখলিত অপৰাধ

(৬) হ'ৱাৰ্ড বেকাৰ (Howard Becker) অপৰাধ প্ৰৱণতাক ব্য়ক্তিগত অপৰাধ প্ৰৱণতা, দল সমৰ্থিত অপৰাধ প্ৰৱণতা, সংগঠিত অপৰাধ প্ৰৱণতা আৰু পৰিস্থিতিকেন্দ্ৰিক অপৰাধ প্ৰৱণতা স্বৰূপ চাৰিটা ভাগত ভাগ কৰি । সাধাৰণ দৃষ্টিকোণেৰে বিশ্লেষণ কৰিলেও অপৰাধ প্ৰৱণতাক এইকেইটা ভাগতেই ভাগ কৰা হয় । ভাগকেইটাৰ বৰ্ণনা তলত আগবঢ়োৱা হ'ল-

(ক) ব্য়ক্তিগত অপৰাধ প্ৰৱণতা (Individual Delinquency) ঃ অপৰাধ প্ৰৱণ কাৰ্যত এজন ব্য়ক্তি জড়িত হৈ থাকিলে আৰু এজন ব্য়ক্তিৰ দ্বাৰা সংঘটিত হোৱা অপৰাধ প্ৰৱণমূলক কাৰ্যক ব্য়ক্তিগত  অপৰাধ প্ৰৱণতা বোলে । এই ভাগৰ বেছিভাগ ব্য়াখ্য়াই মনস্তত্ববিদসকলে আগবঢ়াইছে । তেওঁলোকৰ মতে পৰিয়াল, বন্ধু-বান্ধৱ বা শিক্ষানুষ্ঠানৰ প্ৰচলিত পদ্ধতিৰ সৈতে মানসিকভাৱে জড়িত হ'ব নোৱাৰি শিশুসকল অপৰাধপ্ৰৱণমূলক কাৰ্যত জড়িত হয় । 

(খ) দল সমৰ্থিত অপৰাধ প্ৰৱণতা (Group Supported Delinquency) ঃ এই প্ৰকাৰ অনুসৰি, অপৰাধ প্ৰৱণ কাৰ্য আনৰ সহযোগত সম্পাদন কৰা হয় আৰু ইয়াৰ কাৰণ ব্য়ক্তিৰ নিজস্ব ব্য়ক্তিত্ব নহয় । সাধাৰণতে দেখা যায় যে চুবুৰীয়া আৰু ঘৰৰ সমূহীয়া সংস্কৃতিয়ে এই অপৰাধ প্ৰৱণ কাৰ্যৰ জন্ম দিয়ে । থ্ৰেচাৰ আৰু শ্ব (Thrasher and Shaw) আৰু মেককে (Mckay) ৰ অধ্য়য়নত এই প্ৰকাৰৰ অপৰাধ প্ৰৱণতাৰ বিষয়ে আলোচনা কৰা হৈছিল । তেওঁলোকৰ অধ্য়য়নৰ বিষয়বস্তু আছিল কিশোৰ অপৰাধ প্ৰৱণকাৰী সকলে কিয় অপৰাধমূলক কাৰ্যৰ লগত জড়িত হয় আৰু অধ্য়য়নৰ ফলাফলত অপৰাধ প্ৰৱণমূলক দলৰ প্ৰভাৱ থকাৰ বিষয়ে জ্ঞাত হ'ব পাৰিছিল । 

(গ) সংগঠিত অপৰাধ প্ৰৱণতা (Organised Delinquency) ঃ এই প্ৰকাৰৰ প্ৰৱণতা আনুষ্ঠানিকভাৱে সংগঠিত কোনো দলৰ দ্বাৰা সম্পাদন কৰা হয় । আমেৰিকা যুক্তৰাষ্ট্ৰত ১৯৫০ চন এই বিধ অপৰাধ প্ৰৱণতাৰ বিষয়ে প্ৰথমে বিশ্লেষণ কৰা হৈছিল আৰু অপৰাধ প্ৰৱণ উপসংস্কৃতি নামৰ এক ধাৰণা বিকশাই তোলা হৈছিল । এই ধাৰণাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল । এই ধাৰণাই মূল্য়বোধ আৰু সামাজিক আদৰ্শৰ প্ৰসংগ আলোচনা কৰিছিল । সামাজিক আদৰ্শ আৰু মূল্য়বোধে সংগঠনৰ সদস্য়সকলৰ আচৰণ পৰিচালনা কৰিছিল । 

(ঘ) পৰিস্থিতিকেন্দ্ৰিক অপৰাধ প্ৰৱণতা (Situational Delinquency) ঃ ওপৰত আলোচনা কৰা তিনিও প্ৰকাৰৰ অপৰাধ প্ৰৱণতাৰে এটা দিশত মিল আছে । সেয়া হ'ল তিনিওটা ভাগতে অপৰাধ প্ৰৱণ কাৰ্যৰ এক গভীৰ কাৰণ আছে । ব্য়ক্তিগত অপৰাধ প্ৰৱণতাৰ মূল কাৰণ হ'ল ব্য়ক্তিৰ আভ্য়ন্তৰীণ অৱস্থা; দল সমৰ্থিত অপৰাধ প্ৰৱণতাৰ কাৰণ হ'ল সমাজৰ গাঁঠনি আৰু পৰিৱেশীয় অৱস্থা তথা সংগঠিত অপৰাধ প্ৰৱণতাৰ কাৰণ হ'ল সংগঠনৰ মূল্য়বোধ আৰু সামাজিক আদৰ্শ । 

            কিন্তু পৰিস্থিতিকেন্দ্ৰিক অপৰাধ প্ৰৱণতাৰ ক্ষেত্ৰত পৃথক দৃষ্টিভংগী প্ৰকাশ কৰা হৈছে। সমাজবিজ্ঞানীসকলে এইবিধ অপৰাধ প্ৰৱণতাৰ বিষয়ে বৰ্ণনা কৰি কৈছিল যে পৰিস্থিতি যেতিয়া গ্ৰহণযোগ্য় নহয় বুলি অনুভৱ কৰা হয় তেতিয়াই এনে অপৰাধ প্ৰৱণমূলক কাৰ্যত জড়িত হয় । 


(iii) অপৰাধ প্ৰৱণতাৰ জৈৱিক, মনোবৈজ্ঞানিক আৰু সামাজিক কাৰণবোৰ আলোচনা কৰা।

        Discuss the biological, psychological and social causes of delinquency. 

উত্তৰঃ অপৰাধ প্ৰৱণতাৰ জৈৱিক, মনোবৈজ্ঞানিক আৰু সামাজিক কাৰণবোৰ তলত আলোচনা কৰা হ'ল-

(ক) জৈৱিক কাৰণববোৰ (Biological Factors) ঃ

(১) ক্ৰ'মজ'ম আৰু জিনৰ প্ৰভাৱ (Influence of Chromosome and Gene) ঃ অপৰাধ প্ৰৱণতা জন্মতেই গঢ় লয় । কিছুসংখ্য়ক মনোবৈজ্ঞানিকৰ মতে শিশু মাতৃগৰ্ভত থকাৰ পৰা অপৰাধ প্ৰৱণতাই বিকাশ লাভ কৰে । ই ক্ৰ'মজ'ম আৰু জিনৰ বাবে সৃষ্টি হয় । অপৰাধ প্ৰৱণতাৰ কোনো সংলক্ষম যদি পূৰ্ব প্ৰজন্মৰ আছে তেন্তে ই পৰৱৰ্তী প্ৰজন্মলৈ গতি কৰে । 

(২) শাৰীৰিক অস্বাভাৱিকতা (Physical Abnormality) ঃ শিশুৱে মাক-দেউতাকৰ পৰা শাৰীৰিক অবয়ব লাভ কৰে । কিছু সংখ্য়ক শিশুৱে কিছুমান সচঁৰা বেমাৰো মাক-দেউতাকৰ পৰা লাভ কৰে । ঠিক একেদৰে আন কিছুমান অপৰাধ প্ৰৱণতাৰ সংলক্ষণো লাভ কৰে । ইটালীয়ান চিকিৎসাবিদ আৰু অপৰাধ নৃতত্বৰ অধ্য়াপক চিজাৰ লমব্ৰছ, যাক অপৰাধ বিজ্ঞানৰ পিতৃ স্ৱৰূপে অভিহিত কৰা হয়, তেওঁ 'জন্মগত অপৰাধী সূত্ৰ' (Theory of Born Criminals) ১৮৭৬ চনত বিকশাই তুলি মত প্ৰদান কৰিছিল যে এজন অপৰাধী বহু ধৰণৰ শাৰীৰিক অস্ৱাভাৱিকতাত ভোগে আৰু এনে বিশেষত্বসমূহ তেওঁলোকে বংশগতভাৱে কঢ়িয়াই আনে । 

(খ) মনোবৈজ্ঞানিক কাৰণ (Psychological Causes) ঃ

(১) বৌদ্ধিক দুৰ্বলতা (Intellectual Weakness) ঃ অপৰাধ প্ৰৱণতাৰ এটা প্ৰধান কাৰণ হ'ল বৌদ্ধিক দুৰ্বলতা । Dr. Goring আৰু Goddard আদি বিশেষজ্ঞসকলে এই কাৰকৰ সমৰ্থন কৰিছিল । নিজস্ব গৱেষণাৰ পৰা তেওঁলোক মতপোষণ কৰিছিল যে যিসকল কিশোৰ-কিশোৰী বৌদ্ধিকভাৱে নিম্নমানৰ অৰ্থাৎ বুদ্ধাংক সাধাৰণ ব্য়ক্তিতকৈ কম সেইসকলৰ মাজত অপৰাধ প্ৰৱণ আচৰণ বেছিকৈ দেখা যায় । 

(২) মানসিক ৰোগ (Mental Diseases) ঃ বিভিন্ন অপৰাধ বিজ্ঞানীয়ে মানসিক ৰোগ আৰু অপৰাধ প্ৰৱণতাৰ মাজত সম্বন্ধ স্থাপন কৰিবলৈ প্ৰয়াস কৰে । বিভিন্ন ধৰণৰ মানসিক ৰোগে কিশোৰ-কিশোৰৰ অপৰাধ প্ৰৱণ আচৰণত অৰিহণা যোগায় । স্নায়ৱিক দুৰ্বলতাৰ বাবে হোৱা মানসিক ৰোগবোৰ এইক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য় । 

(৩) ব্য়ক্তিত্বৰ বৈশিষ্ট্য়বোৰ (Characteristics of Personality) ঃ কিশোৰ-কিশোৰীৰ বিভিন্ন ব্য়ক্তিত্বৰ বৈশিষ্ট্য়বোৰেও অপৰাধ প্ৰৱণতাত অৰিহণা যোগায় । সাধাৰণ শিশুৰ তুলনাত অপৰাধ প্ৰৱণ শিশু আৰু কিশোৰ-কিশোৰীৰ মাজত কেতবোৰ বৈশিষ্ট্য় যেনে-স্বাধীনতাৰ মাত্ৰা, দায়িত্বহীনতা, বিদ্ৰোহভাৱ, হত্য়ামূলক প্ৰৱণতা, সন্দেহভাৱ, নিয়ন্ত্ৰহীনতা, কেতবোৰ দুখৰ প্ৰকাৰ, আৱেগিক আৰু সামাজিক অপসমাযোজন, বহিমুখী আচৰণ আদি বেছি পৰিমাণে থকা দেখিবলৈ পোৱা যায় । 

(৪) আৱেগিক অস্থিৰতা (Emotional Stability) ঃ অপৰাধ প্ৰৱণতাৰ আন এক মনোবৈজ্ঞানিক কাৰণ হ'ল আৱেগিক অস্থিৰতা । মৰম আৰু ভালপোৱাৰ অভাৱ, আৱেগিক নিৰাপত্তাহীনতা, অতি কঠোৰ অনুশাসন, অসন্তষ্টিৰ ভাৱ আদিৰ বাবে শিশু আৰু কিশোৰ-কিশোৰী আৱেগিকভাৱে ভাৰসাম্য়হীন হৈ থাকে । ইয়ে তেওঁলোকক অপৰাধ প্ৰৱণ কাৰ্য সম্পাদনৰ বাবে উচতনি যোগায় । তেওঁলোকৰ অধ্য়য়নৰ পৰা পোৱা আন কেতবোৰ ফলাফল হ'ল-

(i) ৪৬ জন অপৰাধ প্ৰৱণ কিশোৰ-কিশোৰীৰ মনত নিৰাপত্তাহীনতাৰ ভাৱ, গ্ৰহণযোগ্য়হীনতা, অধ্য়ধিক পক্ষপাতিত্ব, নিচাত্মিকা আদি বেছিকৈ দেখা যায় । 

(ii) ২৮ জনৰ মতে অপৰাধ প্ৰৱণতাৰ কাৰণ হ'ল ভালপোৱাৰ অভাৱ ।

(iii) ৩৪ জন অপৰাধ প্ৰৱণ ব্য়ক্তিৰ মতে তেওঁলোক বিদ্য়ালয় জীৱন, পৰিয়াল জীৱন, বন্ধুবৰ্গ আৰু খেলৰ সময়ত নিকৃষ্ট বুলি অনুভৱ কৰে । 

(গ) সামাজিক কাৰণ (Social Causes) ঃ অপৰাধ প্ৰৱণতাৰ আন কাৰণবোৰৰ তুলনাত সামাজিক কাৰণবোৰ অধিক ব্য়াপক প্ৰকৃতিৰ । অপৰাধ প্ৰৱণতাৰ বিভিন্ন সামাজিক কাৰণবোৰ তলত উল্লেখ কৰা হ'ল- 

(১) পৰিয়ালৰ ভূল বা অপূৰ্ণতা (Defects of the Family) ঃ অপৰাধ প্ৰৱণতাৰ এক প্ৰধান সামাজিক কাৰণ হ'ল পৰিয়ালৰ ভূল বা অপূৰ্ণতা । পৰিয়ালৰ অপূৰ্ণতাৰ লগত জড়িত কেতবোৰ কাৰক হ'ল-

(i) ঘৰৰ দৰিদ্ৰতা (Proverty at home) : ঘৰৰ দৰিদ্ৰতাইও অপৰাধ প্ৰৱণতাত ইন্ধন যোগায় । অতি দৰিদ্ৰ ঘৰত ল'ৰা-ছোৱালীয়ে কৈশোৰ কালৰ বৈশিষ্ট্য় অনুযায়ী নিজকে সজোৱা পৰোৱাৰ আকাংক্ষা পূৰণ কৰিব নোৱাৰি হতাশগ্ৰস্ত হৈ পৰে আৰু অনেক সময়ত চৌৰ্য বৃত্তি অৱলম্বন কৰিও ধনী ঘৰৰ লৰা-ছোৱালীৰ দৰে চলিবলৈ বিচাৰে । 

(ii) ভগ্ন পৰিয়াল (Broken Homes) :  ভগ্ন পৰিয়াল হ'ল সেইসমূহ পৰিয়াল য'ত স্ৱামী আৰু স্ত্ৰীৰ মাজত কোনো ধৰণৰ সম্বন্ধ নাথাকে আৰু তেওঁলোকে এজনে আনজনৰ পৰা আঁতৰি থাকে । এনে পৰিয়ালৰ শিশুবোৰে বহুত কষ্ট সহ্য় কৰিব লগা হয় । ঘৰত তেওঁলোকে উপযুক্ত মনোযোগ আৰু মৰম লাভৰ পৰা বঞ্চিত হয় । 

(iii)ত্ৰুটিপূৰ্ণ অনুশাসন (Defective Discipline) : পৰিয়ালৰ অনুশাসন প্ৰধানত তিনি প্ৰকাৰৰ, যেনে (i) অতি কঠোৰ, (ii) অতি বিনম্ৰ আৰু (iii) অনুশাসনৰ ক্ষেত্ৰত মাক আৰু দেউতাকৰ পৃথক দৃষ্টিভংগী । এই তিনিও প্ৰকাৰৰ অনুশাসনৰ কোনো এটা প্ৰকাৰে ল'ৰা-ছোৱালীৰ আচৰণ অপৰাধমূলক কৰি তোলে ।

(iv) পিতৃ-মাতৃৰ মনোভাৱ (Attitude of Parents) : কিশোৰ-কিশোৰীৰ প্ৰতি থকা পিতৃ-মাতৃৰ মনোভাৱেও অপৰাধ প্ৰৱণতাত অৰিহণা যোগায় । যেতিয়া ল'ৰা-ছোৱালীয়ে ঘৰতে মৰম ভালপোৱাৰ পৰা বঞ্চিত হয় আৰু সকলো সময়তে ঠাট্টা-মস্কৰা শুনি থাকিবলগীয়া হয় তেতিয়া তেওঁলোকৰ মনত বিৰোধভাৱ জন্মে, ঘৰৰ পৰা পলাই যায় আৰু অপৰাধমূলক কাৰ্যও সংঘটিত কৰে । 

(v) পিতৃ-মাতৃৰ চৰিত্ৰ আৰু আচৰণ (Character and Conduct of Parents) : ল'ৰা-ছোৱালীৰ ব্য়ক্তিত্ব পিতৃ-মাতৃৰ চৰিত্ৰ আৰু আচৰণৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত হয় । পিতৃ-মাতৃৰ চৰিত্ৰ আৰু আচৰণত মিথ্য়াচাৰ, মাদক দ্ৰব্য়ৰ আসক্তি, বেশ্য়াবৃত্তি আদিৰ দৰে অসামাজিক দিশবোৰ থকা দেখিলে এইবোৰে ল'ৰা-ছোৱালীৰ আচৰণ প্ৰৱণ কৰি তোলে আৰু তেওঁলোকে বহুতো অসামাজিক আৰু বেআইনী কাৰ্যত লিপ্ত হোৱা দেখা যায় ।

(vi) ভাতৃ-ভগ্নীৰ প্ৰভাৱ (Influence of Brother and Sisters) : পিতৃ-মাতৃৰ সম্বন্ধৰ বাহিৰেও ল'ৰা-ছোৱালীৰ ব্য়ক্তিত্বত ভাতৃ আৰু ভগ্নীৰ প্ৰভাৱ থকাও দেখা যায় । এই প্ৰভাৱ ল'ৰাৰ তুলনাত ছোৱালীৰ মাজত বেছিকৈ পোৱা যায় । কিয়নো ল'ৰাৰ দৰে ছোৱালীয়ে বাহ্য়িক পৰিৱেশত বেছিকৈ চলাচল নকৰে আৰু বেছিভাগ সময় ঘৰতেই থাকে । যদি ঘৰৰ অগ্ৰজ সদস্য়ই অপৰাধমূলক কাৰ্য কৰে, অনুজসকলো তাৰ দ্বাৰা প্ৰভাৱিত হয় ।

(২) বিদ্য়ালয়ৰ ভুল (Defects of the School) ঃ ঘৰৰ পিছত, বিদ্য়ালয়ে ল'ৰা-ছোৱালীৰ ব্য়ক্তিত্বক প্ৰভাৱিত কৰে । শিক্ষকৰ শাস্তিৰ ভয়, কিছুমান বিষয়ত থকা দুৰ্বলতা, পৰীক্ষাত অকৃতকাৰ্যতা, অপৰাধমূলক দলৰ সদস্য় আদিৰ বাবে ল'ৰা-ছোৱালীয়ে বেয়া কামত লিপ্ত হোৱা দেখা যায় । বিদ্য়ালয়ৰ পৰা পলাই যোৱা ল'ৰা-ছোৱালীয়ে অসৎ সংগৰ লগত সময় অতিবাহিত কৰে আৰু বিভিন্ন ধৰণৰ অপৰাধ কাৰ্য সংঘটিত কৰে । 

(৩) অপৰাধ প্ৰভূত্ব অঞ্চল (Crime Dominated Area) ঃ কিছুমান অঞ্চল শিশুৰ বিকাশৰ বাবে উপযোগী নহয় । এইটো এটা সাধাৰণ কথা যে শিশুৰ ওপৰত ওচৰ-চুবুৰীয়া প্ৰভাৱ অতি বেছিকৈ পৰে । দেখা যায় যে যিবোৰ অঞ্চলত জীৱন ধাৰণৰ অতি নিম্ন মানৰ শিশুৰ মৃত্য়ুৰ হাৰ অতি বেছি, বিনোদৰ কোনো উপায় নাই, আবাসীবোৰ স্থায়ী নহয় সেই অঞ্চলত অপৰাধ প্ৰৱণতা বেছিকৈ পোৱা যায় । যিবোৰ অঞ্চল অস্থিৰ আৰু সামাজিক আইনহীন আৰু মূল্য়হীন, যিবোৰ অঞ্চলত চুৰিকাৰ্য, ধৰ্ষণ, হত্য়া আদি সঘনাই দেখিবলৈ পোৱা যায় সেই অঞ্চলবোৰত অপৰাধ প্ৰৱণতাৰ হাৰ অতি বেছি । 

(৪) বেয়া সংগ (Bad Companion) ঃ বিখ্য়াত অপৰাধ বিজ্ঞানী ইডউইন এইচ. চুথাৰলেণ্ড ৰ মতে অন্য়ৰ লগত কৰা আন্তঃক্ৰিয়াৰ যোগেদিওঅপৰাধ প্ৰৱণ আচৰণ গঢ়ি উঠিব পাৰে । শিশুসকলৰ মাজত কিছুমানে ভাল সংগ লাভ কৰে আৰু কিছুমানে বেয়া সংগ লাভ কৰে । বেয়া সংগ লাভ কৰাবোৰে অপৰাধ প্ৰৱণ আচৰণৰ দিশে অগ্ৰসৰ হয় আৰু ভাল সংগ লাভ কৰাবোৰে সমাজৰ এজন দায়িত্বশীল নাগৰিক হয় । বেয়া সমনীয়াৰ সংগৰ লগত মিলিত হোৱা সকলো জুৱাৰ আদ্দা, চহৰৰ দোকান, চিনেমা হ'লত ৰাস্তাত ঘুৰি ফুৰি নিজৰ মানসিক ক্ষতি সাধন কৰে আৰু অপৰাধ প্ৰৱণ কাৰ্যৰ দিশে আগুৱাই যায় । 

(৫) বিনোদনৰ উপায় (Means of Recreation) ঃ বৰ্ত্তমান সময়ৰ কিশোৰ-কিশোৰীসকলৰ বাবে বিনোদনৰ নতুন কিছুমান উপায় উদ্ভাৱন হৈছে যিবোৰৰ সবলতা আৰু দুৰ্বলতা দুয়োটাই আছে । আধুনিক জনসংযোগ মাধ্য়মবোৰে তেওঁলোকৰ বয়সৰ লগত সংগতি নথকা আন এক পৃথিৱীলৈ লৈ যায় । কমিক কিতাপ, সস্তীয়া কিতাপ তথা আলোচনী, চিনেমা, টেলিভিছনৰ কিছুমান অনুষ্ঠানে তেওঁলোকৰ আগ্ৰহ পঢ়াৰ পৰা আঁতৰাই আনে । 

(৬) সামাজিক বিসংগঠন (Social Disorganisation) ঃ সমাজৰ বিসংগঠনে ব্য়ক্তিৰ মাজতো বিয়ংগঠন ানে আৰু বিসংগঠিত সমাজে অপৰাধমূলক কাৰ্যকলাপ বৃদ্ধি কৰে আৰু ইও হ'ল অপৰাধ প্ৰৱণতাৰ আন এক সামাজিক কাৰণ । এই শংকাই উঠি অহা যুৱক-যুৱতীসকলক অপৰাধ প্ৰৱণ কাৰ্যৰ বাবে উচটনি যোগায় । 

(৭) জাতি আৰু শ্ৰেণী (Caste and Class) ঃ জাতি আৰু শ্ৰেণী ব্য়ৱস্থাইও সমাজত অপৰাধ প্ৰৱণতা জাগ্ৰত হোৱাত অৰিহণা যোগায় । পৃথিৱীৰ অন্য় দেশৰ দৰে ভাৰতবৰ্ষতো জাতি ব্য়ৱস্থাই উচ্চ-নিম্ন ভাগত মানুহক ভাগ কৰিছে । জাতি ব্য়ৱস্থাৰ ফলতেই হৰিজন, গিৰিজণ সকলক ভাৰতবৰ্ষত হীন জাতি হিচাপে অভিহিত কৰা হয় । ফলত এইসকল ব্য়ক্তিয়ে জীয়াই থকাৰ বাবে বহু সমস্য়াৰ সন্মুখীন হয় । সেয়ে এওঁলোকে মানসিক সংঘাতত জৰ্জৰিত হৈ সমাজৰ প্ৰচলিত ৰীতি-নীতিৰ প্ৰতি প্ৰত্য়াহ্বান হিচাপে থিয় দি অপৰাধ প্ৰৱণ কাৰ্যত লিপ্ত হয় । আকৌ শ্ৰেণী ব্য়ৱস্থাই ধনী-দুখীয়াৰ শ্ৰেণীকৰণ কৰি দুখীয়া শ্ৰেণীটোক সকলো দিশৰ পৰা হীন হিচাপে প্ৰতিষ্ঠিত কৰাৰ প্ৰয়াস কৰে । আমাৰ সমাজত ব্য়ৱস্থাত ৰাজনৈতিক, সামাজিক, ধৰ্মীয়, অৰ্থনৈতিক, সাংস্কৃতিক আদি সকলো দিশতে এটা শ্ৰেণীয়ে আন এটা শ্ৰেণীক দমন কৰে আৰু ইয়াৰ ফলত আনটো শ্ৰেণীৰ লোকসকলে অপৰাধ প্ৰৱণ কাৰ্যত লিপ্ত হোৱা দেখা যায় ।  


(iv) অপৰাধ প্ৰৱণতাৰ সমস্য়া সমাধানৰ উপায়বোৰ লিখা । 

        Write the way to solve the problems of delinnquency.

উত্তৰঃ অপৰাধ প্ৰৱণতাৰ সমস্য়া সমাধানৰ উপায়বোৰ তলত আলোচনা কৰা হ'ল-

(ক) পৰিয়ালৰ ভূমিকা (Role of Family): শিশু আৰু কিশোৰ-কিশোৰীৰ বাবে পৰিয়ালেই হ'ল প্ৰথম শিক্ষাৰ কেন্দ্ৰ । তেওঁলোকে বেছিভাগ সময় ঘৰতেই অতিবাহিত কৰে । পৰিয়ালে ল'ৰা-ছোৱালীৰ আচৰণ সংশোধনত বিশেষ ভূমিকা পালন কৰে । অপৰাধ-প্ৰণতা নিৰাময়ৰ বাবে পৰিয়ালে গ্ৰহণ কৰা বিভিন্ন ব্য়ৱস্থাবোৰ হ'ল-


১। ঘৰৰ উপযুক্ত পৰিৱেশ (Proper Atmosphere of Home)  : ল'ৰা-ছোৱালীয়ে ঘৰত উপযুক্ত পৰিৱেশ লাভৰ ক্ষেত্ৰত পিতৃ-মাতৃয়ে গুৰুত্ব দিব লাগে । পৰিয়ালত এনে পৰিৱেশ প্ৰদান কৰিব লাগে যাতে অপৰাধ প্ৰৱণ ল'ৰা-ছোৱালীয়েও সাধাৰণ জীৱন যাপন কৰিবলৈ বাধ্য় হয় । ল'ৰা-ছোৱালীৰ সন্মুখত মাক-দেউতাকে কাজিয়া কৰিব নালাগে । 

২। শিশুৰ প্ৰতি উপযুক্ত মনোভাৱ (Proper Attitude towards Children) : পিতৃ-মাতৃয়ে নিজক সন্তানক সহানুভূতিৰে চাব লাগে । নিজৰ সন্তানৰ সমস্য়াবোৰ মনোযোগেৰে শুনিব লাগে আৰু প্ৰয়োজন অনুসাৰে সহায় কৰিব লাগে । সন্তানক নিয়ন্ত্ৰণৰ বেলিকা মাক-দেউতাক অধিক কঠোৰ বা অধিক শিথিল হ'ব নালাগে । 

৩। পৰিয়ালৰ সৰু আকাৰ (Small Family size) :মাক-দেউতাকে পৰিয়ালৰ আকাৰ সৰু কৰাত গুৰুত্ব দিব লাগে যাতে নিজ সন্তানৰ অন্ন, বস্ত্ৰ, বাসস্থান আৰু শিক্ষাৰ প্ৰয়োজন ভালদৰে পূৰণ কৰিব পাৰে । সৰু পৰিয়ালৰ মাক-দেউতাকে ল'ৰা-ছোৱালীক ব্য়ক্তিগত মনোযোগ প্ৰদান কৰিব পাৰে । 

৪। সু-অভ্য়াস গঠন (Developing Good Habits) : নিজৰ সন্তানে সু-অভ্য়াস গঠন কৰাৰ ওপৰত অভিভাৱকে চকু দিব লাগে । যদি কোনো প্ৰকাৰে নিজৰ সন্তানে বেয়া অভ্য়াস গঠন কৰে তেন্তে পিতৃ-মাতৃয়ে বেয়া অভ্য়াস গঠনৰ কাৰণবোৰ জনাৰ চেষ্টা কৰিব লাগে আৰু বেয়া অভ্য়াস নিৰাময়ৰ বাবে ব্য়ৱস্থা গ্ৰহণ কৰিব লাগে ।

৫। জেপ খৰচ প্ৰদান (Providing Pocket Money) : কিশোৰ-কিশোৰীসকলক মাক-দেউতাকে এক নিৰ্দিষ্ট পৰিমাণৰ জেপ খৰচ প্ৰদান কৰিব লাগে আৰু নিজাববীয়াকৈ খৰচ কৰিবলৈ দিব লাগে । জেপ খৰচ বেছিকৈ দিব নালাগে নহ'লে ই তেওঁলোকৰ মাজত বেয়া অভ্য়াস বিকশাই তুলিব । 

৬। শিশুৰ কাৰ্যকলাপৰ নিৰীক্ষণ (Supervise the Child's Activities) : মাক-দেউতাকে নিজ সন্তানৰ কাৰ্যকলাপবোৰ নিৰীক্ষণ কৰিব লাগে । শিশুসকলে কাৰ লগত বন্ধুত্ব কৰে আৰু বন্ধুৰ লগত কেনে আচৰণ কৰে সেয়া পৰোক্ষভাৱে নিৰীক্ষণ কৰিব লাগে । 

৭। উপযুক্ত বিনোদৰ সুবিধা প্ৰদান (Providing Proper Recreational Facilities) : ল'ৰা-ছোৱালীক ঘৰত বিনোদনৰ উপযুক্ত সুবিধা প্ৰদান কৰিব লাগে যাতে বাহিৰৰ তুলনাত ঘৰত থাকি ল'ৰা-ছোৱালীয়ে বেছি আনন্দ লাভ কৰে । 

৮। উপযুক্ত শিক্ষা প্ৰদান (Providing Proper Education) : ল'ৰা-ছোৱালীয়ে উপযুক্ত শিক্ষাৰ সুবিধা লাভ কৰাৰ ওপৰত পিতৃ-মাতৃয়ে গুৰুত্ব দিব লাগে । পিতৃ-মাতৃ অধিক শিক্ষিত নহ'লেও নিজৰ সন্তানৰ পঢ়া কৰ্মৰ তদাৰক কৰিব লাগে আৰু নিয়মীয়াকৈ পঢ়িবলৈ দিব লাগে । 

৯। শিশুক আত্মনিৰ্ভৰশীল কৰি তোলা (Making Children Self-Sufficient) : শিশুৱে নিজৰ ব্য়ক্তিগত কৰ্মৰ ক্ষেত্ৰত পিতৃ-মাতৃৰ ওপৰত অধিক নিৰ্ভৰশীল হ'ব নালাগে । শিশুসকল ডাঙৰ হোৱাৰ লগে লগে নিজৰ কামবোৰ নিজেই কৰিব লাগে । ইয়ে সিহঁতৰ আত্মনিৰ্ভৰশীল চিন্তাৰ বিকাশত সহায় কৰে । 

১০। উপযুক্ত নিৰ্দেশনা প্ৰদান (Provide Proper Guidance) : ভৱিষ্য়তৰ বাবে পিতৃ-মাতৃয়ে নিজৰ সন্তানক নিৰ্দেশনা প্ৰদান কৰিব লাগে । যদি এই ক্ষেত্ৰত পিতৃ-মাতৃয়ে অপাৰগ হয় তেন্তে আনৰ সহায় ল'ব লাগে । 

(খ) বিদ্য়ালয়ৰ ভূমিকা (Role of School) : অপৰাধ প্ৰৱণতাৰ সমস্য়া সমাধানৰ ক্ষেত্ৰত বিদ্য়ালয়ৰ ভূমিকা অপৰিসীম । বিদ্য়ালয়বোৰ হ'ল গণতন্ত্ৰৰ দুৰ্গস্বৰূপ । সেয়েহে বিদ্য়ালয়ত কিশোৰ-কিশোৰীসকলৰ আচৰণ সংশোধনৰ বাবে বিভিন্ন ব্য়ৱস্থা গ্ৰহণ কৰিব লাগে । এই বিষয়ে তলত উল্লেখ কৰা হ'ল-

১। ভাল শিক্ষক (Good Teachers) : বিদ্য়ালয়ত ভাল আৰু উপযুক্ত প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক থাকিব লাগে যাতে ছাত্ৰ-ছাত্ৰীৰ সমস্য়াবোৰ মনোবৈজ্ঞানিকভাৱে সমাধান কৰিব পাৰে । ছাত্ৰ-ছাত্ৰীৰ প্ৰতি শিক্ষকসকল সহানুভূতিশীল হ'ব লাগে । 

২। শিশুকেন্দ্ৰিক শিক্ষা (Child Centred Education) : বিদ্য়ালয়ে ছাত্ৰ-ছাত্ৰীক সিহঁতৰ নিজস্ব আগ্ৰহ আৰু দক্ষতা অনুসৰি শিক্ষা প্ৰদানৰ ব্য়ৱস্থা কৰিব লাগে । বিদ্য়ালয়ে ছাত্ৰ-ছাত্ৰীৰ ব্য়ক্তিগত প্ৰয়োজন, দক্ষতা, প্ৰৱণতা আদিবোৰ পূৰ কৰিব পাৰিব লাগে । 

৩। শ্ৰৱণ-দৰ্শন সঁজুলিৰ প্ৰয়োগ (Use of Audio-Visual Aids) : ছাত্ৰ-ছাত্ৰীক আকৰ্ষিত কৰিবৰ বাবে আৰু মনোযোগ বৰ্তাই ৰাখিবৰ বাবে শিক্ষকে শ্ৰেণীকোঠাৰ শিক্ষাদানত বিভিন্ন শ্ৰৱণ-দৰ্শন সঁজুলিৰ ব্য়ৱহাৰ কৰিব লাগে । এই সঁজুলিবোৰ ছাত্ৰ-ছাত্ৰীৰ বয়স অনুপাতে প্ৰয়োগ কৰিব লাগে । 

৪। নিয়ন্ত্ৰিত স্বাধীনতা (Controlled Freedom) : বিদ্য়ালয়ৰ অনুশাসন অধিক কঠোৰ নাইবা অধিক নৰম হ'ব নালাগে । ছাত্ৰ-ছাত্ৰীক বিদ্য়ালয়ত বিকাশ সাধন কৰিবৰ বাবে নিয়ন্ত্ৰিত স্বাধীনতা প্ৰদান কৰিব লাগে । 

৫। বিনোদনৰ উপযুক্ত সুবিধাৰ ব্য়ৱস্থা (Providing Proper Recreational Facilities) : বিদ্য়ালয়ত ছাত্ৰ-ছাত্ৰীক সুস্থ বিনোদনৰ সুবিধা প্ৰদানৰ ব্য়ৱস্থা কৰিব লাগে যাতে সিহঁতে আজৰি সময়খিনি ভালদৰে অতিবাহিত কৰিব পাৰে । আজৰি সময়ত ছাত্ৰ-ছাত্ৰীক ভাল কামত জড়িত কৰি ৰাখিবৰ বাবে বিদ্য়ালয়তে সামাজিকভাৱে উপযোগী উৎপাদনশীল কৰ্মৰ ব্য়ৱস্থা কৰিব লাগে । 

৬। পুথিভড়ালৰ উপযুক্ত সুবিধা (Proper Library Facilities) : পুথিভড়ালক শিক্ষানুষ্ঠান এখনৰ আত্মস্বৰূপে গণ্য় কৰা হয় । সেয়েহে বিদ্য়ালয়ত ভাল কিতাপেৰে এটা ভাল পুথিভড়াল থাকিব লাগে । ছাত্ৰ-ছাত্ৰীয়ে পুথিভড়ালৰ প্ৰতি আকৰ্ষিত হোৱা দৰকাৰ । সেইবাবে পুথিভড়ালত ছাত্ৰ-ছাত্ৰীৰ ভিন্নমুখী আগ্ৰহৰ কিতাপ-পত্ৰ থকা প্ৰয়োজন । 

৭। শিক্ষক আৰু অভিভাৱকৰ মাজৰ সমন্বয় (Co-ordination between Teachers and Parents) : বিদ্য়ালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ মাজত উপযুক্ত সমন্বয় থকা প্ৰয়োজন । ইয়ে ছাত্ৰ-ছাত্ৰীৰ সমস্য়া সমাধানত উপযুক্ত বৰঙণি আগবঢ়ায় । ইয়ে ছাত্ৰ-ছাত্ৰীৰ কাৰ্যসূচীবোৰৰ ওপৰত অভিভাৱকে চকু ৰখাত সহায় কৰে । 

৮। প্ৰতিকাৰমূলক নিৰ্দেশনা (Remedia Instruction) : অপৰাধ প্ৰৱণতা নিৰাময়ৰ বাবে প্ৰতিকাৰমূলক নিৰ্দেশনা অতি গুৰুত্বপূৰ্ণ । নিম্ন বুদ্ধ্য়াংকৰ ল'ৰা-ছোৱালী বেছিকৈ অপৰাধ প্ৰৱণ কাৰ্যত লিপ্ত হোৱা দেখা যায় । সেয়েহে নিম্ন বুদ্ধিৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিকাৰমূলক নিৰ্দেশনা প্ৰদান কৰাটো অপৰিহাৰ্য কৰি তুলিব লাগে । 

(গ) সমাজৰ ভূমিকা (Role of Society) : কিশোৰ-কিশোৰীৰ অপৰাধ-প্ৰৱণ আচৰণ নিৰাময় কৰাত সমাজেও এক প্ৰধান ভূমিকা গ্ৰহণ কৰে । সমাজৰ ভূমিকাৰ বিষয়ে তলত আলোচনা কৰা হ'ল-
১। সাধাৰণ সুবিধা প্ৰদান (Providing Basic Amenties) : দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলক সাধাৰণ সুবিধাবোৰ প্ৰদানৰ বাবে ব্য়ৱস্থা গ্ৰহণ কৰিব লাগে । কিয়নো পৰিয়ালৰ দৰিদ্ৰতাৰ বাবেও বহুতো কিশোৰ-কিশোৰীয়েো অপৰাধ প্ৰৱণ কাৰ্য সম্পাদিত কৰা দেখা । ই সেয়েহেে চৰকাৰীভাৱে পৰ্যায়ৰ স্কুলীয়া ল'ৰা-ছোৱালীক বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰা উচিত । 

২। যুৱ বিদ্ৰোহৰ বিৰুদ্ধে থিয় হোৱা (Stand Against Youth Violence) : অপৰাধ প্ৰৱণ কাৰ্যৰ বহুতো কাৰণৰ ভিতৰত এটা হ'ল যুৱ বিদ্ৰোহ । যিসকল কিশোৰ-কিশোৰীয়ে ঘৰ, বিদ্য়ালয় আৰু অন্য় স্থানত বিদ্ৰোহ কৰে সেইসকল প্ৰতিহিংসা বা পলায়নৰ বাবে যিকোনো অপৰাধ কৰিব পাৰে । সমাজৰ সকলো লোকে মিলিত হৈ এই যুৱ বিদ্ৰোহৰ মোকাবিলা কৰাৰ বাবে একগোট হৈ থিয় হোৱা উচিত । 

৩। সামাজিক, নৈতিক আৰু শ্ৰেণী পাৰ্থক্য়ৰ উৰ্ধত চিন্তা (Think Beyond Social, Ethical and Class Difference) : যুৱ অপৰাধ আৰু সামাজিক, নৈতিক আৰু শ্ৰেণী পাৰ্থক্য়ৰ মাজত এক শক্তিশালী সম্বন্ধ আছে । এই পাৰ্থক্য়ৰ বাবে কিশোৰ-কিশোৰীসকলে নীচাত্মিকবোধত ভোগ । সমাজে সেয়েহে অপৰাধ প্ৰৱণ আচৰণ ৰোধ কৰিবৰ বাবে সামাজিক, নৈতিক আৰু শ্ৰেণী পাৰ্থক্য়ৰ উৰ্ধত চিন্তা কৰিব লাগে আৰু শ্ৰেণীবিহীন সমাজ গঠনৰ বাবে প্ৰয়াস কৰিব লাগে ।

৪। আইনৰ দ্বাৰা নিষিদ্ধ (Ban by Law) : ধূমপান কৰা, মাদক দ্ৰব্য় সেৱন আদি কিশোৰ-কিশোৰীসকলক মাজত নিষিদ্ধ কৰাত আইনে গুৰুত্ব দিব লাগে । আইনৰদ্বাৰা শিশু শ্ৰমিকৰ দৰে সামাজিক সমস্য়াবোৰ সমাধান কৰাৰ বাবে ব্য়ৱস্থা গ্ৰহণ কৰা উচিত । 

(v) মাদক দ্ৰৱ্য়ৰ আসক্তিৰ কাৰণবোৰ লিখা । এই সমস্য়া কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি ?
       Write the causes of drug addiction. How to control this problem ?
উত্তৰঃ মাদক দ্ৰৱ্য়ৰ আসক্তিৰ কাৰণবোৰ হ'ল-

১। মানসিক কাৰণ (Mental Causes) : 
                    
                 সাধাৰণতে দেখা যায় যে উদ্বেগৰ পৰা মুক্তি, হতাশা হ্ৰাস কৰা, বিৰক্তি আঁতৰাবলৈ আগ্ৰহৰ সন্তুষ্ট কৰিবলৈ ক্লান্তি আঁতৰাবলৈ, উত্তেজনা বৃদ্ধি কৰিবলৈ, উচ্চ অনুকম্পা আৰু বিশ্বাসৰ ভাৱ তথা সামাজিক অভিজ্ঞতা বৃদ্ধি কৰিবলৈ সমাজৰ এক শ্ৰেণীৰ লোক মাদক দ্ৰৱ্য়ৰ অপব্য়ৱহাৰ কৰা দেখা যায় ।

২। দৈহিক কাৰণ (Physical Causes) : 

                   যুৱকসকলে বিভিন্ন দৈহিক কাৰণৰ অজুহাততো মাদক দ্ৰৱ্য়ৰ অপব্য়ৱহাৰ কৰা দেখা যায় । সজাগ হৈ থাকিবলৈ, যৌন অভিজ্ঞতা বৃদ্ধি কৰিবলৈ, দুখ আঁতৰাবলৈ আৰু কেতিয়াবা টোপনি যাবলৈও মাদক দ্ৰব্য়ৰ অপব্য়ৱহাৰ কৰা দেখা যায় । 

৩। সামাজিক কাৰণ (Social Causes) : 

                    কিছুমান সামাজিক কাৰকৰ বাবেও বৰ্তমান প্ৰজন্মও মাদক দ্ৰৱ্য়ৰ অপব্য়ৱহাৰ কৰা দেখা যায় । সামাজিক অভিজ্ঞতাবোৰ সহজ কৰা, বন্ধুৰ দ্বাৰা গ্ৰহণ কৰা , সামাজিক মূল্য়বোধক প্ৰত্য়াহ্বান জনোৱা আদিৰ বাবেও তেওঁলোকে মাদক দ্ৰৱ্য়ৰ ব্য়ৱহাৰ কৰে । 

৪। বিবিধ কাৰণ (Miscellaneous Causes) : 

            এইবোৰৰ বাহিৰেও আন কিছুমান কাৰকৰ বাবেও ব্য়ক্তিয়ে মাদক দ্ৰৱ্য়ৰ অপব্য়ৱহাৰ কৰে । অধ্য়য়নৰ উন্নতি আৰু অকৃতকাৰ্যতাৰ ভয় দূৰ কৰা, ধৰ্মীয় অন্তঃদৃষ্টি তীক্ষ্ণ  কৰা , আত্ম উপলব্ধিৰ গভীৰতা আৰু ব্য়ক্তিগত সমস্য়া সমাধান আদিৰ বাবেও মাদক দ্ৰৱ্য়ৰ অপব্য়ৱহাৰ হাৰ কৰা দেখা যায় । 
                
                    মনোবিজ্ঞানী বেকনৰ মতে এই সমস্য়াৰ প্ৰধান কাৰণবোৰ হ'ল-

(ক) ব্য়ক্তি এজনৰ নিজৰ বিষয়ে থকা ধাৰণা । 

(খ) আনৰ পৰা সন্মান আৰু মৰম আহৰণ কৰা । 

(গ) নিজস্বস্তসহ আন লোকৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱা । 

(ঘ) সমালোচনাৰ সন্মুখীন হোৱা ।

(ঙ) বাৰে বাৰে অশান্তিৰ সৃষ্টি হোৱা । 

(চ) সকলো নিৰাপত্তা স্বত্বাধিকাৰ সূত্ৰে লাভ কৰা । 

(ছ) নিজৰ লক্ষ্য়ত উপনীত হ'বলৈ গ্ৰহণ কৰা দায়িত্ববোধ আৰু

(জ) যৌন সম্পৰ্কীয় বিষয় ইত্য়াদি । 

        এই সমস্য়া নিয়ন্ত্ৰণৰ উপায়বোৰ তলত আলোচনা কৰা হ'ল-

১। মাদক দ্ৰৱ্য়ৰ বিষয়ে শিক্ষাদান (Imparting Education about Drugs) : মাদক দ্ৰব্য় ব্য়ৱহাৰৰ বেয়া প্ৰভাৱৰ বিষয়ে ব্য়ক্তিসকলক শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে ব্য়ৱস্থা গ্ৰহণ কৰিব লাগে । বিদ্য়ালয়, মহাবিদ্য়ালয় আৰু বিশ্ববিদ্য়ালয়ৰ শিক্ষকসকলক প্ৰশিক্ষণ প্ৰদান কৰি এই কাৰ্য সমাধা কৰিব লাগে কিয়নো তেওঁলোক প্ৰত্য়ক্ষভাৱে যুৱ-প্ৰজন্মৰ লগত জড়িত হৈ থাকে । এওঁলোকৰ বাহিৰেও বস্তি অঞ্চলত থকা ব্য়ক্তি, ঔদ্য়োগিক কৰ্মী, নিম্ন মজুৰি পোৱা ব্য়ক্তি তথা অন্য়ান্য় লোকসকলকো এই বিষয়ে সজাগ কৰিব লাগে । দৃশ্য়-শ্ৰাৱ্য় সজুঁলিৰ সহায়ত মাদক দ্ৰব্য় সেৱন কৰা ব্য়ক্তিৰ অৱস্থা আৰু পৰিনাম কেনে হয় সেয়া এই ব্য়ক্তিসকল তথা ছাত্ৰ-ছাত্ৰীসকলক দেখুওৱাৰ বাবে বিভিন্ন ব্য়ৱস্থা গ্ৰহণ কৰিব লাগে । সমাজৰ সকলো লোকক মুকলিভাৱে মাদক দ্ৰব্য়ৰ বেয়া প্ৰভাৱৰ বিষয়ে জনোৱাৰ ব্য়ৱস্থা কৰিব লাগে । 

২। শৰীৰতত্ববিদৰ মনোভাৱৰ সলনিকৰণ (Changing Attitude of the physicians) : শৰীৰতত্ববিদৰ পৰামৰ্শ মতে দিয়া বহুত বেছি মাদক দ্ৰব্য়ৰ দৃষ্টিভংগী সলনি কৰি মাদক দ্ৰৱ্য়ৰ অপব্য়ৱহাৰৰ নিয়ন্ত্ৰণ কৰিব পাৰি । চিকিৎসকসকলে মাদক দ্ৰব্য়ৰ প্ৰতি আসক্ত নহবলৈ উচিত পৰামৰ্শ প্ৰদান কৰিব লাগে । যদিও মাদক দ্ৰব্য়ই বহুতকে সহায় কৰে, তথাপি ইয়াৰ ওপৰত বেছি নিৰ্ভৰশীলতাই বিপদৰো সৃষ্টি কৰে । সেয়েহে এইক্ষেত্ৰত অধিক সতৰ্কতা অৱলম্বন কৰিব লাগে । 

৩। অনুকৰণ অধ্য়য়ন (Follow up Study) : অনুকৰণ অধ্য়য়নৰ যোগে মাদক দ্ৰব্য়ৰ আসক্তকাৰীৰ চিকিৎসাৰ অধ্য়য়ন কৰিবলৈ ব্য়ৱস্থা গ্ৰহণ কৰিব পাৰে ।

৪। কঠোৰ শাস্তি প্ৰদান (Provide Strict Punishment) : মাদক দ্ৰৱ্য়ৰ বেপাৰীৰ লগতে চক্ৰান্ত কৰাসকলক আৰক্ষী লোক আৰু আইনৰ আন আন লোকসকলে বাধাজনক কঠোৰ শাস্তি প্ৰদান কৰা উচিত । 

৫। পিতৃ-মাতৃৰ ভূমিকা (Role of Parents) : নিজৰ সন্তানৰ মাদক দ্ৰব্য়ৰ আসক্তি নিয়ন্ত্ৰণৰ বাবে পিতৃ-মাতৃসকলে প্ৰধান ভূমিকা গ্ৰহণ কৰা উচিত । পিতৃ-মাতৃসকলে পৰিয়ালৰ পৰিৱেশ শান্তিপূৰ্ণ, আনন্দদায়ক আৰু মৰম-ভালপোৱাৰ ভৰপূৰ কৰি ৰখাৰ প্ৰয়াস কৰিব লাগে । নিজ সন্তানৰ দায়িত্বহীন আচৰণৰ ক্ষেত্ৰত পিতৃ-মাতৃসকল সদা সতৰ্ক হৈ থাকিব লাগে । ইয়াৰ বাহিৰেও নিজ সন্তানৰ মাদক দ্ৰব্য়ৰ আসক্তি নোহোৱা কৰিবৰ বাবে তলৰ কাৰ্য ব্য়ৱস্থাবোৰ পিতৃ-মাতৃয়ে গ্ৰহণ কৰা উচিত-

(i) তেওঁলোকে নিজ সন্তানৰ লগত মুকলিমৰীয়াকৈ যোগাযোগ কৰিব লাগে, সিহঁতৰ সমস্য়াবোৰ ধৈৰ্যসহকাৰে শুনিব লাগে আৰু সমস্য়াবোৰ সমাধানৰ বাবে কৌশল শিকাব লাগে । 

(ii) নিজ সন্তানৰ কাৰ্যকলাপ আৰু বন্ধুবৰ্গৰ প্ৰতি আগ্ৰহ প্ৰদৰ্শন কৰিব লাগে ।

(iii) পিতৃ-মাতৃসকলে নিজেও মাদক দ্ৰব্য়ৰ প্ৰতি আসক্ত হ'ব নালাগে আৰু উদাহৰণ দেখুৱাব লাগে ।

(iv) নিজ সন্তানে কোনো বেমাৰত কিবা মাদক দ্ৰব্য়ৰ প্ৰয়োগ কৰিছে নে নাই আৰু যদি কৰিছে কেনে প্ৰয়োগ কৰিছে সেই সম্বন্ধে সজাগ হ'ব লাগে ।

(v) সম্ভৱতঃ যিমান দূৰ সম্ভৱ মাদক দ্ৰব্য়বোৰৰ বিষয়ে পিতৃ-মাতৃৰ জ্ঞান থকা উচিত ।

৬। শিক্ষকৰ ভূমিকা (Role of Teachers) : ছাত্ৰ-ছাত্ৰীৰ মাদক দ্ৰব্য়ৰ আসক্তি নিৰাময়ত শিক্ষক সকলেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে । যেনে-

(i) শিক্ষকে মুক্তভাৱে আৰু অনানুষ্ঠানিকভাৱে মাদক দ্ৰব্য়ৰ ভয়াৱহতাৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক বুজাব লাগে । 

(ii) ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন কাৰ্যসূচীৰ প্ৰতি শিক্ষকসকল আগ্ৰহী হ'ব লাগে ।

(iii) মাদক দ্ৰব্য়ৰ অপব্য়ৱহাৰৰ যিকোনো তথ্য় স্বইচ্ছাৰে প্ৰদান কৰাৰ বাবে শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলৰ উৎসাহ যোগাব লাগে ।

(iv) কৈশোৰ কালৰ সমস্য়াবোৰ শিক্ষকে মুক্তভাৱে ছাত্ৰ-ছাত্ৰীৰ লগত আলোচনা কৰিব লাগে আৰু সমাধানৰ উপায়বোৰ প্ৰদান কৰিব লাগে ।

(v) বৃত্তি বাচনি আৰু লক্ষ্য় নিৰ্ধাৰণ কৰাৰ বেলিকা শিক্ষকে ছাত্ৰ-ছাত্ৰীক সহায় কৰিব লাগে । এইদৰে বিভিন্ন কাৰ্য ব্য়ৱস্থা গ্ৰহণ কৰি মাদক দ্ৰব্য়ৰ আসক্তিৰ দৰে সমস্য়া নিৰাময় আৰু নিয়ন্ত্ৰিত কৰিব পাৰি আৰু সমাজখনক বিকশাই তুলিব পাৰি । 

(vi) যুৱ-উচ্ছৃংখলতাৰ কাৰণবোৰ লিখা । যুৱ-উচ্ছৃংখলা প্ৰতিকাৰৰ উপায়বোৰ বৰ্ণনা কৰা । 
        Write the causes of youth unrest. Explain the ways to prevent youth unrest. 

উত্তৰঃ যুৱ-উচ্ছৃংখলতাৰ কাৰণবোৰ তলত আলোচনা কৰা হ'ল-

১। অসম্পূৰ্ণ সামাজিকৰণ প্ৰক্ৰিয়া আৰু পৰিয়ালৰ সমস্য়া (Improper Socialization and Family Problems) : এখন সুস্থ সমাজৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ হ'লে, সামাজিকৰণ প্ৰক্ৰিয়াৰ গুৰুত্ব উল্লেখযোগ্য় । সামাজিকৰণ প্ৰক্ৰিয়াৰ জৰিয়তেই শিশুসকলক সমাজৰ প্ৰলিত প্ৰতিমান সম্পৰ্কে অৱগত কৰোৱা হয় । অসম্পূৰ্ণ অথবা আঁসোৱাহপূৰ্ণ সামাজিকৰণ প্ৰক্ৰিয়াই শিশুসকলক সামাজিক প্ৰমূল্য়ৰ প্ৰতি সচেতন হোৱাৰ ক্ষেত্ৰত সহায় কৰিব নোৱাৰে । ই পথভ্ৰষ্ট হ'বলৈহে শিশুক সহায় কৰিব । ফলত এনে শিশু ক্ৰমে ডাঙৰ হৈ যেতিয়া যুৱক হ'বগৈ তেতিয়া, এইসকলে নৈতিক প্ৰমূল্য়ৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব নিদি অসামাজিক কাৰ্যত লিপ্ত হৈ উচ্ছৃংখল আচৰণ প্ৰকাশ কৰিব ।

২। ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক অসমতা (Political, Social and Economic Inequalities) : সম্প্ৰতি দেশৰ যুৱকসকল ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক আদি দিশৰ প্ৰতি অতি সচেতন । এইসকল যুৱকে এই দিশবোৰত বৈষম্য় অথবা অসমতা সহ্য় কৰিবলৈ অসুবিধা পায় । আজিৰ সমাজ ব্য়ৱস্থাক ৰাজনীতিয়ে বাৰুকৈয়ে প্ৰভাৱিত কৰিছে । ৰাজনীতিত জড়িত নেতাৰ কু-প্ৰভাৱৰ বাবে এচাম যুৱকে যোগ্য়তা থাকিও নিজৰ প্ৰাপ্য়খিনিৰপৰা বঞ্চিত হোৱাৰ বিপৰীতে অন্য় এচাম যুৱকে যোগ্য়তা থাকিও নিজৰ প্ৰাপ্য়খিনিৰপৰা বঞ্চিত হোৱাৰ বিপৰীতে অন্য় এচাম যুৱকে দক্ষতাৰ অবিহনেই সহজ নিযুক্তি, ব্য়ৱসায়ৰ সুবিধা আদি গ্ৰহণ কৰিছে ।

৩। আঁসোৱাহপূৰ্ণ শিক্ষা ব্য়ৱস্থা (Defective Educational System) : সম্প্ৰতি প্ৰচলিত আঁসোৱাহপূৰ্ণ শিক্ষা ব্য়ৱস্থাক যুৱ ছাত্ৰসকলে সন্মান কৰিবলৈ এৰি দিয়াৰ লগতে তেওঁলোকে ভৱিষ্য়ত অনিশ্চয়তাৰ মাজত ভূগিবলৈ আৰম্ভ কৰিছে । তেওঁলোকে বৰ্তমান প্ৰচলিত শিক্ষাক বৃত্তিমূলক শিক্ষা বুলি গণ্য় কৰিব নিবিচাৰে । পুৰণিকলীয়া এই শিক্ষা ব্য়ৱস্থা পৰিবৰ্তনীয় অৰ্থনৈতিক ব্য়ৱস্থাৰ সৈতে খাপ নাখায় । অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাত সহায় নকৰাৰ লগতে নৈতিক সংস্কাৰৰ ক্ষেত্ৰতো ই সহায়ক বুলি ক'ব পৰা নাযায় । সেয়ে গতানুগতিক এই শিক্ষা ব্য়ৱস্থাৰ ওপৰত আস্থা হেৰুৱাই ইয়াৰ পৰিবৰ্তনৰ বাবে সততে প্ৰতিবাদী কাৰ্য্য়সূচী গ্ৰহণ কৰা দেখা যায় । 

৪। নিবনুৱা সমস্য়া (Unemployment) : নিবনুৱা সমস্য়া হ'ল যুৱ সমাজৰ উচ্ছৃংখলতাৰ অন্য়তম কাৰণ । শিক্ষিত নিবনুৱাৰ ক্ৰমবৰ্ধমান সংখ্য়াই এনে সমস্য়াক অধিক শক্তিশালী কৰি তুলিছে । প্ৰচলিত শিক্ষাই শিক্ষাৰ্থীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাত সহায় কৰিব নোৱাৰে । আনহাতে চৰকাৰেও প্ৰয়োজন অনুসৰি সকলো শিক্ষিত যুৱক-যুৱতীৰ বাবে নিয়োগৰ সুবিধা সৃষ্টি কৰিব পৰা এটা অৱস্থালৈ যাব পৰা নাই । ফলস্বৰূপে যুৱ প্ৰজন্মৰ মাজত আত্মবিশ্বাস দুৰ্বল হৈ পৰিছে আৰু তেওঁলোক অধিক অস্থিৰ হৈ পৰিছে ।

৫। দুৰ্নীতি আৰু অসমৰ্থিত কৰ্তৃপক্ষ (Corrupt and Discredited Authority) : যুৱ প্ৰজন্মই দুৰ্নীতি আৰু অসমৰ্থিত কৰ্তৃপক্ষৰ বাবে চৰম হতাশাগ্ৰস্ততাত ভুগিবলগীয়া হৈছে । দুৰ্নীতি, ক্ষমতা লিপ্সা, নৈতিকতাৰ বিসৰ্জন সুবিধাবদ, স্বজনপ্ৰীতি, বৈষম্য় ইত্য়াদি ৰাজনৈতিক আৰু সামাজিক নেতাসকলৰ সহজাত আচৰণ যেন হৈ পৰিছে । এনে নেতৃত্বই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভাল আৰ্হি অনুকৰণৰ পথ দেখুৱাত ব্য়ৰ্থ হৈছে । 

৬। ৰাজনৈতিক নেতাৰ দ্বাৰা ছাত্ৰ শক্তিৰ অপব্য়ৱহাৰ (Misuse of Student power by the Politicians) : দুৰ্নীতিগ্ৰস্থ আৰু ভ্ৰষ্ট ৰাজনৈতিক নেতাসকলে ছাত্ৰ শক্তিক তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থ আগবঢ়াই নিয়াৰ বাবে ব্য়ৱহাৰ কৰে । ৰাজনৈতিক নেতাসকলে ন্য়স্ত স্বাৰ্থ চৰিতাৰ্থ কৰাৰ বাবে ছাত্ৰসকলক হাতৰ পুতলাৰ দৰে ব্য়ৱহাৰ কৰে । 

৭। প্ৰশাসনিক বিফলতা (Administrative  Failures) : প্ৰশাসনিক বিসঙ্গতি আৰু শিথিলতাৰ বাবে মাজে সময়ে যুৱ উচ্ছৃংখলতাই দেখা দিয়ে । বিশ্ববিদ্য়ালয় আৰু চৰকাৰী কৰ্তৃপক্ষই ছাত্ৰসকলৰ প্ৰতি দেখুওৱা উদাসীন দৃষ্টিভঙ্গী আৰু সহানুভূতিৰ অভাৱে বহু সময়ত ছাত্ৰসকলক বিক্ষোভ প্ৰকাশৰ বাবে ধৰ্মঘটত বহিবলৈ বাধ্য় কৰায় । 

৮। যোগাযোগৰ ব্য়ৱধান (Communication Gap) : শিক্ষক ছাত্ৰ-ছাত্ৰীসকলৰ মাজত, অভিভাৱক আৰু ল'ৰা-ছোৱালীৰ মাজত বুজা-বুজিৰ অভাৱ আৰু যথোপযুক্ত যোগাযোগৰ ব্য়ৱধানক যুৱ উচ্ছৃংখলতাৰ এক কাৰণ হিচাপে চিহ্নিত কৰা হৈছে । অভিভাৱকসকলে তেওঁলোকৰ ল'ৰা-ছোৱালীৰ আকাংক্ষাক বুজি নোপোৱা কথাটোৱে এই সমস্য়া অধিক সক্ৰিয় কৰি তুলিছে । 

৯। প্ৰমূল্য়ৰ মাজৰ প্ৰভেদ আৰু প্ৰমূল্য় সঙ্কট (Value Difference and Conflict of Values) : পৰিৱৰ্তিত সমাজ জীৱনৰ পৰিণতি স্বৰূপে পুৰণি ধ্য়ান-ধাৰণা, প্ৰমূল্য়, বিশ্বাস আৰু আদৰ্শসমূহ আধুনিক যুৱ প্ৰজন্মৰ বাবে নতুন পটভূমিত অবৈজ্ঞানিক, অযুক্তিকৰ আৰু অপ্ৰায়ঙ্গিক হৈ পৰিছে । ফলস্বৰূপে প্ৰমূল্য়ৰ মাজত প্ৰভেদ সৃষ্টি হৈছে আৰু প্ৰমূল্য় সঙ্কটে যুৱ উচ্ছৃংখলতাৰ সমস্য়াটোক অধিক শক্তিশালী কৰি তুলিছে । সম্প্ৰতি যুৱ প্ৰজন্ম অধিক যুক্তিবাদী হৈ পৰিছে । তেওঁলোক আধুনিক, বিজ্ঞানসন্মত আৰু যুক্তিবাদী প্ৰমূল্য়সমূহৰ প্ৰতি আকৰ্ষিত হোৱা দেখা গৈছে । তথাপিও তেওঁলোকে পৰম্পৰাগত প্ৰমূল্য়সমূহ সম্পূৰ্ণ ৰূপে বিসৰ্জন দিয়া বুলি ক'ব নোৱাৰি ।

১০। সুবিধাৰ অভাৱ (Lack of Opportunities) : যুৱ প্ৰজন্মই তেওঁলোকৰ প্ৰতিভাসমূহ প্ৰকাশৰ বাবে অভিৰুচি অনুযায়ী আগবাঢ়ি যাবলৈ আৰু ব্য়ক্তিত্ব বিকাশৰ বাবে প্ৰয়োজনীয় সা-সুবিধাসমূহৰ অভাৱ অনুভৱ কৰে । ইয়ে তেওঁলোকৰ অসন্তুষ্টিৰ মাত্ৰা বৃদ্ধ কৰে ।

১১। আকাংক্ষাৰ আৰু প্ৰাপ্তিৰ মাজত থকা ব্য়ৱধান (Gap between the Aspirations and Achievement) : যুৱক-যুৱতীসকলৰ নিজ নিজ আকাংক্ষা আৰু লক্ষ্য় থকাটো তেনেই স্বাভাৱিক। কিন্তু জীৱনৰ বাস্তৱতাই তেওঁলোকক কেতিয়াবা নিৰাশ কৰে । যুৱক-যুৱতীসকল তেওঁলোকৰ বাস্তৱ ৰূপ নোলোৱা আশা-আকাংক্ষাবোৰৰ সৈতে মানসিক সুস্থিৰ আৰু দৃঢ় হৈ থাকিব বুলি ভাবিব নোৱাৰি । 

১২। দৃঢ়সংকল্পবদ্ধতা আৰু আত্ম-দায়িত্বৰ অভাৱ (Lack of Determination and Self Responsibility) : কিছুমান যুৱক-যুৱতীৰ মাজত ইচ্ছা শক্তি আৰু আত্মসঙ্কল্পৰ অভাৱ দেখা যায় । তেওঁলোক নিজৰ আভ্য়ন্তৰীণ ক্ষমতা আৰু প্ৰতিভা থকা সত্বেও বহুলাংক্ষে আনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে । আনক অনুকৰণ কৰাৰ প্ৰৱণতাৰ যুৱক-যুৱতীয়ে নিজৰ বাবে আত্মনিৰ্ভৰশীলতা নিজ বিকশিত কৰাত ব্য়ৰ্থ হয় । এনে যুৱক-যুৱতীক বিভিন্ন ক্ষেত্ৰত সমস্য়াৰ মুখামুখি হোৱা দেখা যায় ।

১৩। বোলছবিৰ প্ৰভাৱ (Influence of Movies) : আধুনিক বোলছবিবোৰত দেখুওৱা হিংসা,  বিদ্বেষ, লুণ্ঠন, ধৰ্ষণ, হত্য়া, অৰ্থনৈতিকতা, অপৰাধ ইত্য়াদিয়ে আধুনিক যুৱ সমাজত এক নেতিবাচক প্ৰভাৱ পেলোৱা দেখা যায় । তেওঁলোকৰ নিজ সাংস্কৃতিক প্ৰমূল্য়ৰ প্ৰতি বিৰাগ আৰু পশ্চিমীয়া দেশসমূহৰ সংস্কৃতিৰ প্ৰতি অন্ধ অনুকৰণৰ প্ৰৱণতাই এই সমস্য়া বৃদ্ধিত সহায় কৰিছে । 

        যুৱ-উচ্ছৃৃংখলা প্ৰতিকাৰৰ উপায়বোৰ তলত আলোচনা কৰা হ'ল-

১। শিক্ষা ব্য়ৱস্থা (System of Education) : সাম্প্ৰতিক কালৰ ভাৰতবৰ্ষৰ শিক্ষা ব্য়ৱস্থাটোৰ সিদ্ধান্তধৰ্মী দিশৰ পৰিবৰ্তন কৰি ইয়াৰ বাস্তৱধৰ্মী দিশটোক গুৰুত্ব প্ৰদান কৰা উচিত । যাতে এনে শিক্ষা গ্ৰহণৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে কোনো সংগঠনত নিযুক্তি পোৱাৰ ক্ষেত্ৰত অসুবিধা নোহোৱাৰ লগতে স্বাৱলম্বীও হ'ব পাৰে । এই ক্ষেত্ৰত শিক্ষা ব্য়ৱস্থাটোৰ এক প্ৰণালীবদ্ধ ৰূপ দিয়াটো প্ৰয়োজন । ছাত্ৰসকলৰ অভিজ্ঞতা আৰু শিক্ষাদান ব্য়ৱস্থাৰ মাজত সম্পৰ্ক স্থাপন কৰাৰ ওপৰত গুৰুত্ব দিয়াও আৱশ্য়ক । তদুপৰি এনে শিক্ষা ব্য়ৱস্থাই যাতে ছাত্ৰ-ছাত্ৰীৰ ৰুচি অভিৰুচিৰ প্ৰতি দৃষ্টি ৰাখে তাৰ প্ৰতিও গুৰুত্ব দিব লাগে । 

২। নিযুক্তিৰ সুবিধা (Employment Opportunities) : নিবনুৱা সমস্য়াই যিহেতু যুৱ আন্দোলন আৰু উচ্ছৃংখলতা উদ্ভৱ হোৱাত প্ৰত্য়ক্ষভাৱে অৰিহণা যোগায়, সেয়ে চৰকাৰী অথবা বেচৰকাৰী পৃষ্ঠপোষকতাত যুৱসকলৰ কৰ্মস্থাপনৰ দিশটোৰ প্ৰতি গুৰুত্ব দিয়া উচিত । এই ক্ষেত্ৰত, কৃষি, ব্য়ৱসায়, অভিযন্তা, চিকিৎসা বিজ্ঞান, বাণিজ্য়, পৰিচালন আদি পাঠ্য়ক্ৰম আৰু প্ৰশিক্ষণৰ সু-ব্য়ৱস্থা কৰাৰ আৱশ্য়ক । দেশখনত উদ্য়োগ স্থাপনৰ বাবে চৰকাৰে নিজা পদক্ষেপ গ্ৰহণ কৰাৰ লগতে ক্ষুদ্ৰ উদ্য়োগৰ বাবে যুৱকসকলক বিভিন্ন প্ৰকাৰে উৎসাহিত কৰা উচিত ।

৩। অৱসৰ সময়ৰ কাৰ্য ব্য়ৱস্থাৰ সুবিধা (Provision of Leisure Time Activities) : ছাত্ৰ-ছাত্ৰীসকল বা যুৱক-যুৱতীসকল হ'ল দেশখনৰ মানৱ সম্পদ সৃষ্টি কৰাৰ প্ৰধান উৎস । এনে উৎসমূহক এলেহুৱা হোৱাৰ পৰিৱেশ সৃষ্টি নকৰি কাৰ্যক্ষম কৰি তোলাৰ বাবে সু-ব্য়ৱস্থা কৰা উচিত । অভিৰুচি ক্লাবঘৰ, সঙ্গীত, ফটোগ্ৰাফী, ডাক-চিকট সংগ্ৰহ, সাতোঁৰ আদিৰ দৰে চৰ্চা শিক্ষানুষ্ঠানসমূহত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজন তদুপৰি খেলাধূলা, শৰীৰচৰ্চা, নাট্য়চৰ্চা, বনভোজ শিক্ষামূলক ভ্ৰমণ আদিৰ ব্য়ৱস্থা কৰাটোও উচিত ।

৪। অৰ্থনৈতিক অসুবিধা নিৰাময় (Removing Economic Difficulities) : দুখীয়া ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া জলপানী, পাঠ্য়পুথি, ধাৰত ধন, বিনামূলীয়াকৈ আবাসগৃহত থকাৰ সুবিধা আদি শিক্ষানুষ্ঠান-সমূহত বাধ্য়তামূলক কৰাটো প্ৰয়োজন । অৰ্থনৈতিক সমস্য়াত ভুগি যাতে কোনো ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা অসম্পূৰ্ণকৈ শিক্ষানুষ্ঠান এৰি যাব লগা নহয়, তাৰ কাৰণে চৰকাৰে গুৰুত্ব দিয়া উচিত । আনহাতে শিক্ষাৰ উন্নতিৰ কাৰণে আৱণ্টন জনোৱা চৰকাৰী ধনৰ যাতে অপব্য়ৱহাৰ নহয় তাৰ প্ৰতি চোকা দৃষ্টি ৰখা উচিত । 

৫। অনুশাসন (Discipline) : ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আত্ম অনুশাসন বিকশাই তোলাৰ ব্য়ৱস্থা কৰিব লাগে কিয়নো ইয়াৰ প্ৰভাৱ সূদূৰপ্ৰসাৰী বিধৰ। অনুশাসনহীন আচৰণবোৰ বিভিন্ন কৌশলেৰে নিৰাময় কৰিব লাগে । এইক্ষেত্ৰত শিক্ষকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগে ।

৬। দক্ষ নেতৃত্ব (Able Leadership) : ছাত্ৰ-ছাত্ৰীসকলক দক্ষ নেতৃত্বৰ অতি প্ৰয়োজন । গণতান্ত্ৰিক দেশত নেতৃত্ব এক গুৰুত্বপূৰ্ণ বিষয় । সেয়ে বিদ্য়ালয় আৰু মহাবিদ্য়ালয়বোৰত নেতৃত্বদানৰ প্ৰশিক্ষণ প্ৰদানৰ ব্য়ৱস্থা কৰিব লাগে । এই ক্ষেত্ৰত ৰাজনীতিবিদসকলক অংশ গ্ৰহণ কৰিবলৈ দিব নালাগে ।

৭। ছাত্ৰৰ অংশ গ্ৰহণ (Students' Participation) : শিক্ষানুষ্ঠান প্ৰশাসন, শিক্ষক আৰু ছাত্ৰসকলৰ মাজত থকা সম্পৰ্কৰ উন্নতি কৰা উচিত । বিশ্ববিদ্য়ালয় আৰু বিদ্য়ালয়সমূহৰ সমস্য়াবোৰ যাতে ছাত্ৰ-ছাত্ৰীয়ে হৃদয়ঙ্গম কৰি তাক সমাধান কৰিবৰ কাৰণে প্ৰশাসনিক সহায় কৰিব পাৰে তাৰ বাবে বিশ্ববিদ্য়ালয়ৰ প্ৰশাসনীয় পৰিষদত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিনিধিত্বক মৰ্যাদা দিয়া প্ৰয়োজন । 

৮। ৰাজনৈতিক দলৰ ভূমিকা (Role of Political Parties) : শিক্ষানুষ্ঠানৰ চৌহদৰ পৰা ৰাজনৈতিক দলবোৰক আঁতৰত ৰাখিব লাগে । ছাত্ৰ-ছাত্ৰীৰ ৰাজনৈতিক সজাগতা থাকিব লাগে কিন্তু ৰাজনৈতিক দলত সক্ৰিয় অংশ গ্ৰহণ শিক্ষানুষ্ঠানৰ পৰিৱেশ বিনষ্ট কৰিব । সেয়েহে ছাত্ৰনেতা, শিক্ষক আৰু কৰ্তৃপক্ষই শিক্ষানুষ্ঠানৰ সুৰক্ষাৰ স্বাৰ্থত সক্ৰিয় ৰাজনৈতিক দলৰ প্ৰৱেশ ৰোধ কৰিব লাগে । 

        এইদৰে যুৱ-উচ্ছৃংখলতাৰ কাৰণবোৰ ৰোধ কৰিবৰ বাবে বিভিন্ন ব্য়ৱস্থা গ্ৰহণ কৰিব পাৰি।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)







Author : Monikongkona Saikia 








Post ID: DABP004378