১৬ শতিকাৰ অৰ্থনৈতিক উন্নয়ন

Economic Development Of The Sixtenth Century

 পঞ্চম অধ্যায়

চমু প্ৰশ্ন উত্তৰঃ

১। কিমান শতিকাৰ পৰা বিভিন্ন কাৰকৰ বাবে ভূমধ্যসাগৰৰ পৰা আটলান্টিক উপকূললৈ অৰ্থনৈতিক কেন্দ্ৰ স্থানান্তৰ হৈছিল?

উত্তৰঃ ১৫ শতিকাৰ শেষৰ পৰা ১৬ শতিকাত বিভিন্ন কাৰকৰ বাবে ভূমধ্যসাগৰৰ পৰা আটলান্টিক উপকূললৈ অৰ্থনৈতিক কেন্দ্ৰ স্থানান্তৰ হৈছিল।


২। কিমান শতিকাত বিশ্ব বাণিজ্যৰ আৰম্ভণি আছিল?

উত্তৰঃ ১৬ শতিকাত বিশ্ব বাণিজ্যৰ আৰম্ভণি আছিল।


৩। কিমান খৃঃৰ পিচত ভেনেটিয়ান জাহাজ নিৰ্মাণ পতন হৈছিল?

উত্তৰঃ ১৫৭০ খৃঃৰ পিচত ভেনেটিয়ান জাহাজ নিৰ্মাণ পতন হৈছিল।


৪। কিমান খৃঃৰ কৰ পৰা কলৈ ভূমধ্যসাগৰ স্পৰ্শ কৰিছিল?

উত্তৰঃ বাল্টিকৰ পৰা ডাচ্ছ, স্পেইন আৰু পৰ্টুগীজ বন্দৰলৈ শস্য প্ৰেৰণ কৰা হৈছিল আৰু ১৫৭০ খৃঃৰ লগে লগে ভূমধ্যসাগৰ স্পৰ্শ কৰিছিল।


৫। কিমান খৃঃ লৈ বাল্টিক বাণিজ্যিক ডাচ্চসকলে জাহাজেৰে কৰা বাণিজ্যিক ক্ষেত্ৰখনত আধিপত্য স্থাপন কৰিছিল?

উত্তৰঃ ১৬৬০ খৃঃ লৈ বাল্টিক বাণিজ্যিক ডাচ্চসকলে জাহাজেৰে কৰা বাণিজ্যিক ক্ষেত্ৰখনত আধিপত্য স্থাপন কৰিছিল।


৬। কিমান খৃঃত ফৰাচীসকল তেওঁলোকে ইংৰাজৰ ওচৰত তেওঁলোকৰ স্থান হেৰুৱাবলগীয়া হৈছিল?

উত্তৰঃ ১৬৭৫ খৃঃত ফৰাচীসকল তেওঁলোকে ইংৰাজৰ ওচৰত তেওঁলোকৰ স্থান হেৰুৱাবলগীয়া হৈছিল।


৭। আফ্ৰিকাত ডাচ্চ সকলে পৰ্টুগীজ সকলক তেওঁলোকৰ শক্তিশালী ঘাটি এলমিনাৰ পৰা কিমান খৃঃত ক'ৰ পৰা বহিস্কাৰ কৰিছিল?

উত্তৰঃ আফ্ৰিকাত ডাচ্চ সকলে পৰ্টুগীজ সকলক তেওঁলোকৰ শক্তিশালী ঘাটি এলমিনাৰ পৰা খৃঃত ১৬৩৭, ১৬৪১ খৃঃত এক্সিমৰ পৰা বহিস্কাৰ কৰিছিল।


৮। ডাচ্চ সকলে এংগোলা কিমান খৃঃত দখল কৰিছিল?

উত্তৰঃ ১৬৪১ খৃঃত-১৬৪৯ খৃঃত ডাচ্চ সকলে এংগোা দখল কৰিছিল।


৯। কৃষি বিপ্লৱ মানে কি?

উত্তৰঃ কৃষি বিপ্লৱ মানে হল কৃষি উৎপাদনৰ অস্বাভাবিক বা অদ্ভুত বৃদ্ধি আৰু এই বৃদ্ধিৰ কাৰণ আছিল অধিক শ্ৰম আৰু ভূমিৰ পৰা পোৱা উৎপাদন। কৃষি বিপ্লৱে মাটিৰ উৰ্বৰতা বৃদ্ধিৰ উপায় উদ্ভাৱন, শস্যবৃদ্ধি, নতুন প্ৰযুক্তি বিদ্যা কৃষি উন্নত সজুলি ব্যৱহাৰ, পৰিৱৰ্তনীয় কৃষি ব্যৱস্থা, অধিক উৎপাদনশীল শস্য ৰোপন, আদিক সামৰি লয়।


১০।  কিমান খৃঃত কলামৃত্যুয়ে ইউৰোপৰ এক তৃতীয়াংশ লোকৰ প্ৰাণ লৈছিল?

উত্তৰঃ ১৩৪৭ খৃঃত কলামৃত্যুয়ে ইউৰোপৰ এক তৃতীয়াংশ লোকৰ প্ৰাণ লৈছিল।


১১। কৃষি বিপ্লৱৰ এটা গুৰুত্বপূৰ্ণ সংস্কাৰ কি?

উত্তৰঃ কৃষি বিপ্লৱৰ এটা গুৰুত্বপূৰ্ণ সংস্কাৰ আছিল চক্ৰগতিত কৰা কৃষি পদ্ধতি আৰু এই পদ্ধতিটো আছিল নৰফক চাৰি তৰপীয়া চক্ৰগতি পদ্ধতি অৰ্থাৎ চাৰিবিধ ভিন ভিন শস্য চাৰিবছৰীয়া ঘুৰ্ণনগতিত এবাৰত এটা খেতি কৰা হয় যেনে-গম, বাৰ্লি, চালগোম, আৰু এবিধ বন।


১২। কৃষি বিপ্লৱৰ এটা গুৰুত্বপূৰ্ণ কাৰক কি?

উত্তৰঃ কৃষি  বিপ্লৱৰ এটা গুৰুত্বপূৰ্ণ কাৰক আছিল নতুন আহিলাৰ আৱিষ্কাৰ আৰু পুৰণি আহিলাৰ সংস্কাৰ। কৃষি কাৰ্য্যৰ দক্ষতা বৃদ্ধিৰ বাবে পুৰণি সজুলি নাঙল, গুটি সিচা কল আৰু সৰোৱা যন্ত্ৰ আদি প্ৰস্তুত কৰা হৈছিল। ডাচ্ছ নাঙল ব্ৰিটেনলৈ অনা হৈছিল।


১৩। সাধাৰণ কৃষক কাক বোলে?

উত্তৰঃ যিজন ব্যক্তিৰ উমৈহতীয়া মাটিত যৌথভাবে আনৰ সৈতে অধিকাৰ লাভ কৰাকে সাধাৰণ কৃষক বোলা হয়। 


১৪। ব্ৰিটেইনৰ কৃষি বিপ্লৱে এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সৃষ্টি কৰা কাৰণ কি?

উত্তৰঃ ব্ৰিটেইনৰ কৃষি বিপ্লৱে এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সৃষ্টি কৰিছিল। ইয়ে জনসংখ্যা বৃদ্ধিৰ পূৰ্বৰ অভিলেখ ভংগ কৰি শীৰ্ষস্তৰ পাইছিল। কৃষি বিপ্লৱে উদ্যোগৰ সম্প্ৰসাৰণত অৰিহণা যোগাইছিল। কৃষি বিপ্লৱৰ ফলত ইউৰোপৰ ভিতৰতে আটাইতকৈ বেছি কৃষি উৎপাদনৰ স্থান হিচাবে পৰিগনিত হৈছিল। উৎপাদন বৃদ্ধিয়ে শ্ৰমিক সকলৰ কৃষিৰ অংশ নাইকিয়া কৰিছিল, নগৰৰ শ্ৰমিক শক্তিক উদ্যোগীকৰণত সংযোগ কৰিছিল।


১৫। পথ যাতায়ত ব্যৱস্থা কিমান খৃঃৰ পৰা কিমান খৃঃৰ ভিতৰত বৃদ্ধি হৈছিল?

উত্তৰঃ পথ যাতায়ত ব্যৱস্থা ১৫০০ খৃঃৰ পৰা ১৭ খৃঃৰ ভিতৰত বৃদ্ধি হৈছিল।


১৬। কিমান চনত কোনে এখন অনুসন্ধান কমিচন গঠন কৰিছিল আৰু অপৰাধবোৰ নিৰ্দ্ধাৰণ কৰিবলৈ নিৰ্দেশ দিছিল?

উত্তৰঃ ১৫১৭ চনত কাৰ্দিনেল উলচীয়ে এখন অনুসন্ধান কমিচন গঠন কৰিছিল আৰু অপৰাধবোৰ নিৰ্দ্ধাৰণ কৰিবলৈ নিৰ্দেশ দিছিল।


১৭। আবেষ্টনী বিদ্ৰোহ কাক বোলে?

উত্তৰঃ ভূমি বেষ্টনী ৰদ কৰি পুৰণি পৰম্পৰাগত ভূমি প্ৰথা পুনৰ প্ৰতিষ্ঠাৰ কাৰণে কৰা বিদ্ৰোহকে আবেষ্টনী বিদ্ৰোহ বোলা হয়।


১৮। কেপ্তেইন প'চ নামে কাক জনা যায়?

উত্তৰঃ ৰেনল্ডক কেপ্তেইন প'চ নামে জনা যায়। 


১৯। কিমান খৃঃত মুকলি আৰু সশস্ত্ৰ নিউটন বিদ্ৰোহ সংঘটিত হৈছিল?

উত্তৰঃ ১৬০৭ খৃঃত এটা মুকলি আৰু সশস্ত্ৰ নিউটন বিদ্ৰাহ সংঘটিত হৈছিল।


২০। ভূমি বেষ্টনীৰ সুফলবোৰ লিখা।

উত্তৰঃ ভূমি বেষ্টনীৰ সুফলবোৰৰ ভিতৰত আছিল-

        ভূমিৰ ওপৰত দীৰ্ঘকালীন বিনিয়োগৰ প্ৰয়োজনৰ কাৰণে আৰু ভূমিৰ উৰ্বৰতা বৃদ্ধিৰ কাৰণে পৰিৱৰ্তনীয় শস্যৰ আচনি প্ৰস্তুত কৰাৰ বাবে ভূমিত বেৰ দিয়াৰ প্ৰয়োজন। ভূমি বেষ্টনীৰ ফলত ধনী কৃষকসকলে তেওঁলোকৰ নিয়ন্ত্ৰণত ভূমি সম্প্ৰসাৰণ কৰিব পাৰে। অধিক লাভৰ বাবে তেওঁলোকে প্ৰচুৰ উৎপাদন কৰি বজাৰত সামগ্ৰীৰ পৰিমান বৃদ্ধি কৰিব পাৰে। ডাঙৰ কৃষকসকলে যান্ত্ৰিক ব্যৱস্থাৰ সুবিধা ল'ব পাৰে। খাদ্য শস্যৰ উৎপাদন চাহিদা অনুপাতে ক্ষীপ্ৰগতিত বৃদ্ধি পাবলৈ ধৰিছিল। ভূ মালিকসকলে কৃষিৰ কাৰণে ক্ৰমে ডাঙৰৰ পৰা ডাঙৰ অঞ্চল দখল কৰিছিল আৰু বজাৰৰ কাৰণে অধিক শস্য উৎপাদন কৰিছিল।


২১। ভূমি বেষ্টনীৰ কুফলবোৰ লিখা।

উত্তৰঃ ভূমি বেষ্টনীৰ কুফলবোৰ আছিল-

        আবেষ্টনীৰ ভূমি ভূ-মালিকৰ সম্পত্তি হৈ পৰিছিল। আবেষ্টনীয়ে ভূ-মালিকৰ ক্ষমতা পূৰ্ণ কৰিছিল। ভূমিৰ আবেষ্টনীৰ ফলত সামাজিক চেতনা জাগ্ৰত কৰিছিল, এই পদ্ধতিয়ে একগোট হৈ কাম কৰাৰ বাবে উৎসাহ যোগাইছিল। আনকি অতি দুখীয়া গাঁৱৰ মানুহৰো শস্যৰ বাবে ব্যৱহাৰ কৰিবলৈ কিছু আৰু ঘাঁহনি পথাৰ লাভ কৰিছিল। তেওঁলোকে পতিত মাটি আৰু সৰ্বসাধাৰণৰ মাটি ব্যৱহাৰ কৰিব পাৰিছিল। ভূমি আবেষ্টনী পদ্ধতিয়ে দুখীয়াসকলৰ জীৱন দুখজনক কৰি তুলিছিল কিয়নো তেওঁলোক স্থানান্তৰিত হৈছিল আৰু তেওঁলোকৰ মাটিৰ পৰা বঞ্চিত হৈছিল। তেওঁলোক স্থানান্তৰিত হৈছিল আৰু তেওঁলোকৰ মাটিৰ পৰা বঞ্চিত হৈছিল। তেওঁলোকে পৰম্পৰাগত অধিকাৰ হেৰুৱাই পেলাইছিল আৰু তেওঁলোকে নতুন কামৰ সন্ধান কৰিবলৈ বাধ্য হৈছিল। ভূমি আবেষ্টনৰ বাবে বিভিন্ন পৰ্য্যায়ত প্ৰতিবাদ অব্যাহত আছিল। আবেষ্টিত ভূমিৰ মূল্য দুগুনলৈ বৃদ্ধি হৈছিল। ক্ষুদ্ৰ মাটিৰ গৰাকী সকলে তেওঁলোকৰ মাটি উচ্চ মূল্যত ডাঙৰ গৰাকীৰ ওচৰত বিক্ৰী কৰিছিল।


 ২২। ভূমি আবেষ্টনী ব্ৰিটিছ কৃষি বিপ্লৱৰ কাৰণটো কি?

উত্তৰঃ ভূমি আবেষ্টনী ব্ৰিটিছ কৃষি বিপ্লৱৰ এটা কাৰণ আছিল। পৰিবেষ্টিত মাটি কৃষকৰ অধীনত আছিল যিসকলে উন্নত কৃষি পাম চলাবলৈ সম্পূৰ্ণৰূপে মুক্ত আছিল।


 ২৩। বাণিজ্যিক বিপ্লৱ বুলি কাক কোৱা হয়?

উত্তৰঃ বাণিজ্যত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আছিল- আন্তৰাষ্ট্ৰীয় বাণিজ্যৰ বিকাশ, আঞ্চলিকতাবাদৰ অৱসান, সাগৰৰ সিপাৰলৈ বাণিজ্য বৃদ্ধি, বজাৰৰ বৃদ্ধি আৰু নতুন প্ৰকাৰৰ বাণিজ্যিক সংগঠন। আন্তৰাষ্ট্ৰীয় বাণিজ্যৰ উন্নতি আৰু বিভিন্ন পদ্ধতিৰ বেংক আৰু বিনিময় ব্যৱস্থা বিশেষকৈ হলেও আৰু ইংলেণ্ডত হোৱাকে বাণিজ্যিক বিপ্লৱ বুলি কোৱা হয়।


২৪। ভেনিচত কোনটো বেংক কিমান খৃঃত চৰকাৰে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ ভেনিচত ৰিয়ালল্টো বেংক ১৫৮৭ খৃঃত চৰকাৰে প্ৰতিষ্ঠা কৰিছিল।


২৫। কিমান খৃঃত মিলানত বেংক প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ ১৫৯৩ খৃঃত মিলানত বেংক প্ৰতিষ্ঠা কৰিছিল।


২৬। কিমান খৃঃত আমষ্টাৰদামত বেংক প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ ১৬০৯ খৃঃত আমষ্টাৰদামত বেংক প্ৰতিষ্ঠা কৰিছিল। 


২৭। কিমান খৃঃত হামবাৰ্গত বেংক প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ ১৬১৯ খৃঃত হামবাৰ্গত বেংক প্ৰতিষ্ঠা কৰিছিল।


২৮। কিমান খৃঃত নিউৰেনবাৰ্গত বেংক প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ ১৬২১ খৃঃত নিউৰেনবাৰ্গত বেংক প্ৰতিষ্ঠা কৰিছিল।


২৯। চমুটোকা লিখা।

(ক) ভেনিচৰ পতন

উত্তৰঃ ভেনিচৰ পতনঃ জাহাজ নিৰ্মাণ আৰু বস্ত্ৰ উদ্যোগৰ কেন্দ্ৰ ভেনিচ এতিয়া কাঠৰ সংকটত পৰিছিল আৰু শস্যৰ নাটনিৰ মুখত পৰিছিল যিহেতু আমষ্টাৰদামে কাঠ আৰু শস্যৰ বৃহৎ যোগানৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল। ডাচ্চসকলৰ দ্বাৰা চাকি আৰু বেগী জাহাজৰ আৱিষ্কাৰে ভেনেটিয়ান জাহাজবোৰ আওপুৰণি কৰি পেলাইছিল। ইয়াৰ ফলত ১৫৭০ খৃঃৰ পিচত ভেনেটিয়ান জাহাজ নিৰ্মাণ পতন হৈছিল। ভেনেটিকান সকলে জলদস্যুৰ পৰা সদাগৰৰ জাহাজ বোৰক উপযুক্ত নিৰাপত্তা দিব পৰা নাছিল। ভেনেটিকান যুদ্ধ জাহাজবোৰে কৰ্মীসলৰ অদক্ষতা আৰু বিশৃংখলতাৰ বাবে বন্ধ হবলৈ ধৰিছিল। আনহাতে সেই সময়তে ইংৰাজ আৰু ডাচ্চ সদাগৰসকলৰ মাজত উৎসাহ বৃদ্ধি পাইছিল তেওঁলোকৰ জাহাজবোৰৰ গুণ বা মানদণ্ড উন্নত কৰাৰ বাবে। ভেনেটিয়ান বস্ত্ৰ যদিও উচ্চ গুণসম্পন্ন আছিল ১৫ শতিকাৰ বৃহৎ হাৰত ক্ৰয় বিক্ৰয় হোৱা নতুন বজাৰত ই গতি লব পৰা নাছিল। উত্তৰ ইউৰোপৰ মধ্যবিত্ত কৃষকসকল, শিল্পীসকল, কিছুসংখ্যক আমোলা সকলোৰে অৰ্থনৈতিক সম্প্ৰসাৰণ আৰু সাধাৰণ মূল্যৰ অস্থিৰতাৰ বাবে কিছু দন ৰৈছিল।


(খ) আটলান্টিক মহাসাগৰীয় অৰ্থনীতিৰ উত্থান

উত্তৰঃ আটলান্টিক মহাসাগৰীয় অৰ্থনীতিৰ উত্থানঃ ডাচ্ছ সকলঃ ১৫ শতিকাৰ পূৰ্বে ইউৰোপৰ অৰ্থনৈতিক কেন্দ্ৰ ভূমধ্যসাগৰত আছিল আৰু ইটালীয়ান নগৰবোৰে এছিয়াৰ মচলা বাণিজ্য আৰু বিলাসী সামগ্ৰীৰ উদ্যোগবোৰৰ ওপৰত প্ৰভূত্ব বিস্তাৰ কৰিছিল। পিছত ১৫ শতিকাত জাৰ্মান আৰু ফ্লেমিছ সদাগৰবোৰে ইটালীৰ এন্টেৱাৰ্প আৰু চেভাইলত থকা স্থানবোৰ বলেৰে দখল কৰিছিল। যিহেতু স্থলপথৰ দীৰ্ঘ দূৰত্বৰ বাণিজ্য অতি ব্যয়বহুল আছিল, পশ্চিম ইউৰোপৰ সাগৰীয় ব্যৱসায়ীসকলৰ বাবে বন্দৰ সম্প্ৰসাৰণ হৈছিল। বাল্টিকৰ পৰা ডাচ্ছ, স্পেইন আৰু পৰ্টুগীজ বন্দৰলৈ শস্য প্ৰেৰণ কৰা হৈছিল আৰু ১৫৭০ খৃঃৰ লগে লগে ভূমধ্যসাগৰ স্পৰ্শ কৰিছিল। বিচকেৰ পৰা নিমখ উত্তৰত আটলান্টিক আৰু উত্তৰ সাগৰীয় উপকূল আৰু বাল্টিকলৈ প্ৰেৰণ কৰা হৈছিল। জাহাজভৰ্তি হেৰিং মাছ লৈ ডাচ্চ সকলে উত্তৰ আৰু দক্ষিণলৈ গৈছিল।


(গ) কৃষি বিপ্লৱ

উত্তৰঃ কৃষি বিপ্লৱঃ কৃষি বিপ্লৱ মানে হ'ল কৃষি উৎপাদনৰ অস্বাভাবিক বা অদ্ভুত বৃদ্ধি আৰু এই বৃদ্ধিৰ কাৰণ আছিল অধিক শ্ৰম আৰু ভূমিৰ পৰা পোৱা উৎপাদন। কৃষি বিপ্লৱে মাটিৰ উৰ্বৰতা বৃদ্ধিৰ উপায় উদ্ভাৱন, শস্যবৃদ্ধি, নতুন প্ৰযুক্তি বিদ্যা কৃষি উন্নত সজুলি ব্যৱহাৰ, পৰিৱৰ্তনীয় কৃষি ব্যৱস্থা, অধিক উৎপাদনশীল শস্য ৰোপন, আদিক সামৰি লয়। কৃষি পদ্ধতিৰ পৰিৱৰ্তনেঃ চাৰি তৰপীয়া কৃষি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিছিল। জনসংখ্যাৰ তুলনা কৃষিৰ উৎপাদন বৃদ্ধি হৈছিল। উৎপাদন বৃদ্ধিয়ে শস্যৰ যোগান বৃদ্ধি কৰিছিল আৰু বাণিজ্যৰ উপৰিও বজাৰৰ সৃষ্টি কৰিছিল। কৃষি বিপ্লৱে উদ্যোগ বিপ্লৱত অৰিহণা যোগাইছিল। কৃষি বিপ্লৱৰ এটা কাৰণ আছিল চাৰিতৰপীয়া কৃষি পদ্ধতি অৰ্থাৎ এডৰা মাটিক চাৰিভাগ এবাৰ এৰি এবাৰ কৃষি কৰা পদ্ধতি। ফলত মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিছিল আৰু শস্যৰ উৎপাদন বৃদ্ধি কৰিছিল আৰু পতিত বা ছন পৰা মাটিৰ পৰিমান হ্ৰাস কৰিছিল।


(ঘ) আবেষ্টন বিদ্ৰোহ

উত্তৰঃ আবেষ্টন বিদ্ৰোহঃ আবেষ্টন (চাৰিওঁফালে বেৰ দি আবৃত কৰা) আছিল ভূমি দখল বা ভূ-মালিকৰ সৰু সৰু ভূমিবোৰ বৈধ প্ৰক্ৰিয়াৰে ইংলেণ্ডত সুদৃঢ় কৰা বা বেৰ দি ডাঙৰ কৃষি ফাৰ্মলৈ পৰিৱৰ্তন কৰা হৈছিল। এই পদ্ধতি মতে মুকলি পথাৰ পদ্ধতিত সাধাৰণ কৃষকে ভোগ কৰি অহা পৰম্পৰাগত অধিকাৰৰ অন্ত পেলাই কেৱল ভূমালিকৰ অধিকাৰহে সাব্যস্ত কৰা হৈছিল অৰ্থাৎ ভূ-মালিকেহে আবেষ্টনিৰ মাটি ব্যৱহাৰ কৰাৰ অধিকাৰ পাইছিল। পূৰ্বতে সেই মাটিত সৰ্বসাধাৰণ লোকেও গৰু , মহ চৰাব পাৰিছিল, খৰি সংগ্ৰহ কৰিব পাৰিছিল। এই সকলোবোৰ অধিকাৰ ৰদ কৰি এখন আইন আবেষ্টন আইন বলবৎ কৰি সেই বেষ্টনীৰ ভিতৰত সৰ্বসাধাৰণ প্ৰবেশ বা ব্যৱহাৰ নিষিদ্ধ কৰা হৈছিল।


(ঙ) মূল্য বিপ্লৱ

উত্তৰঃ মূল্য বিপ্লৱঃ ১৬ শতিকাৰ এটা অসাধাৰণ আচৰিত ঘটনা আছিল মূল্য বিপ্লৱ। ১৫ শতিকাত এটা দীঘলীয়া স্থৰ মূল্যৰ পিছত ১৬ শতিকাত ক্ষীপ্ৰগতীত মূল্য বৃদ্ধি হৈছিল। ইয়াৰ পিছতে ১০০ বছৰ ধৰি অস্থিৰ মূল্য অব্যাহত আছিল। ১৪৬০ খৃঃৰ পৰা শস্যৰ মূল্য আগলৈ বৃদ্ধি হৈ আছিল তাৰ পিছত ১৫২০ খৃঃত ক্ষীপ্ৰতাৰে বৃদ্ধি হৈ আছিল তাৰ পিছত ১৫২০ খৃঃত ক্ষীপ্ৰতাৰে বৃদ্ধি হৈছিল আৰু নামনি ৰাজ্য ফ্ৰান্স, ইংলেণ্ড আৰু ১৬৭৯ খৃঃৰ পিচত স্পেিনত অন্ত পৰিছিল। একে সময়তে আন সামগ্ৰীৰ মূল্যও বৃদ্ধি হৈছিল। সোণ-ৰূপৰ বৰ্দ্ধিত যোগান ব্যৱস্থাই ইউৰোপীয়ান বিশ্ব অৰ্থনীতি সম্প্ৰসাৰণ কৰিছিল। বহুতো ইতিহাসবিদৰ মতে ১৬ শতিকাৰ আৰম্ভণিৰ পৰা ১৭ শতিকাৰ আৰম্ভণিলৈ মূল্য বৃদ্ধিৰ বৈপ্লবিক উত্থান হৈছিল আৰু ইয়াৰ কাৰণ আছিল আমেৰিকাৰ সোণ-ৰূপৰ ভয়ংকৰ প্ৰবাহ।


(চ) ইটালী

উত্তৰঃ ইটালীঃ চিপোলাই বিশ্বাস কৰিছিল যে সেই সময়ৰ ইটালীয়ান অৰ্থনৈতিক ইতিহাস আমেৰিকাৰ মোহৰ নমৰা সোণ-ৰূপ (বুলিয়ন)ৰ প্ৰবাহৰ কাৰণে হোৱা নাছিল, যিহেতু ইটালীয়ে সেই সময়ছোৱাত এই সোণ ৰূপৰ অসাধাৰণ পৰিমাণ লাভ কৰা নাছিল। ১৬ শতিকাৰ প্ৰথমাৰ্দ্ধৰ যুদ্ধবোৰে ইটালীৰ অৰ্থনীতি বহু পৰিমাণে ধ্বংশ কৰিছিল আৰু যদিও ইটালীয়ে পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল, গতিকে তৰিৎগতিত মূল্য বৃদ্ধি হৈছিল। ব্ৰদেলৰ মতে ১৫৭০ খৃঃৰ পিছতহে এইটো ঘটিছিল যে ইটালী এই সোণ ৰূপৰ কবলত পৰিছিল। কিন্তু চিপোলাই বৰ্ণনা দিছে যে ই ১৫৭০ খৃঃতে হৈছিল যিটোৱে সেই সময়ৰ আৰম্ভণি কৰিছিল যি বছৰ মূল্য হ্ৰাস পাইছিল। আমেৰিকাৰ পৰা অহা মূল্যবান বস্তুবোৰে পতন হ্ৰাস কৰিছিল কিন্তু বন্ধ কৰা নাছিল আৰু যদি তাত বিপ্লৱ হৈছিল তেতিয়াহলে ই সুতৰ হাৰতহে হৈছিল, মূল্যৰ ক্ষেত্ৰত নাছিল।


(ছ) ফ্ৰান্স

উত্তৰঃ ফ্ৰান্সঃ অতিৰিক্ত উৎপাদনৰ চাহিদাৰ হেচা বৃদ্ধিৰ লগে লগে মূল্য বৃদ্ধি হৈছিল আৰু ডাঙৰ লগৰবোৰত প্ৰবাহৰ হাৰ অন্য ঠাইতহে বেছি আছিল। ফ্ৰান্সত মুঠতে জনসংখ্যাৰ বৃদ্ধি নগৰত হৈছিল। পেৰিতচ, লিয়ন, ফৌলোটি আৰু বোৰডিউক্সত বসতি দুগুণ হৈছিল বা তিনি গুণ হৈছিল। অৰ্ধ গ্ৰাম্য ক্ষুদ্ৰ নগৰ বোৰতো জনসংখ্যাৰ বৃদ্ধি  হৈছিল আৰু এতিয়া তাত প্ৰাথনিক বা মূল ভাৱবোৰ যোগান ধৰা হৈ পৰিছিল। বেছিভাগ নগৰৰ জনসংখ্যা বৃদ্ধিৰ কাৰণ আছিল গ্ৰামাঞ্চলৰ পৰা হোৱা প্ৰব্ৰজন আৰু এইটোৱ হেচা দি বজাৰৰ সামগ্ৰীৰ ওচৰত চাপ বৃদ্ধি কৰিছিল। এনে চাপ প্ৰতিফলিত হৈছিল সামগ্ৰীৰ মূল্যত যাৰ কাৰণে চাহিদা অতি কম আছিল। খাজনাৰ লগতে অন্য সামগ্ৰীৰো মূল্য বৃদ্ধি হৈছিল একেদৰে শ্ৰমিক আৰু মজুৰীও বৃদ্ধি হৈছিল।


(জ) ইংলেণ্ড

উত্তৰঃ ইংলেণ্ডঃ কৃষিজাত সামগ্ৰীৰ উৎপাদনৰ মূল্যৰ স্তৰ বৃদ্ধিয়ে ভূমিৰ মূল্যত ক্ৰিয়া কৰিছিল। আন ঠাইতকৈ ইংলেণ্ডত কেঁচা সামগ্ৰীৰ কাৰণে ঔদ্যোগিক প্ৰয়োজনীয়তাই ভূমিৰ কাৰণে অন্য এটা বিকল্প ব্যৱহাৰৰ সৃষ্টি কৰিছিল যিটো প্ৰায়ে প্ৰত্যক্ষ ভাবে শস্যৰ খেতিৰ সৈতে প্ৰতিযোগিতামূলক আছিল। ঊলৰ চাহিদা বৃদ্ধিৰ লগে লগে কৃষি ভূমিৰ ওপৰত কৃষি আৰু ভেড়া পালনৰ কাৰণে দ্বৈত চাপৰ সৃষ্টি হৈছিল। জনসংখ্যাৰ ধাৰণাৰ সামন্তৰাল বাবে দীৰ্ঘকালীন মূল্য আন্দোলনবোৰ সংযোজিত আৰু পৰিচালিত হৈছিল। ১৬ শতিকাৰ আৰম্ভণিৰ পৰা ১৭ শতিকাৰ মাজভাগলৈ ইংলেণ্ডৰ খাদ্য মূল্য ৭ বাৰলৈ বৃদ্ধি হৈছিল যি সময়ত নিৰ্বাচিত ঔদ্যেগিক উৎপাদানৰ মূল্য তিনিতৰপীয়া হিচাবে বা তিনিটা স্তৰত বৃদ্ধি হৈছিল। 


Author : Pompi Hazarika






Post ID: DABP004369