১৬ শতিকাত সংস্কাৰঃ উৎপত্তি আৰু প্ৰভাৱ
Reformation in the 16th Century: Origin and Impact
চতুৰ্থ অধ্যায়
চমু প্ৰশ্ন উত্তৰঃ

১। গীৰ্জাৰ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা প্ৰথমজন মানুহ কোন আছিল?
উত্তৰঃ গীৰ্জাৰ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা প্ৰথমজন মানুহ আছিল জন উইক্লিফ (১৩২০-১৩৮৪ খৃঃ)।

২। বাইবেলখন কোনে লেটিন ভাষাৰ পৰা ইংৰাজী ভাষালৈ অনুবাদ কৰিছিল?
উত্তৰঃ জন উইক্লিফে নিজে লেটিন ভাষাৰ পৰা ইংৰাজী ভাষালৈ বাইবেল অনুবাদ কৰিছিল।

৩। লোল্লৰ্ড্চ কাক বোলে?
উত্তৰঃ জন উইক্লিফে ৰোমান কেথলিক চাৰ্চ পদ্ধতিৰ দুৰ্বল দিশবোৰ আঙুলিয়াই দিছিল। তেওঁৰ নিজৰ মত প্ৰচাৰ কৰিবলৈ দুখীয়া ব্ৰাহ্মণসকলক এটা গোটত সংগঠিত কৰিছিল আৰু ইয়াক লোল্লৰ্ড্চ বোলা হৈছিল।

৪। ''পিছু সভা'' কাক বোলে।
উত্তৰঃ পঞ্চম চাৰ্লচৰ পলায়নৰ পিছত, তেওঁৰ ভাতৃ ফাৰ্দিনাণ্ডে প্ৰটেষ্টান্টসকলৰ সৈতে এখন মধ্যবৰ্তী চুক্তি সম্পন্ন কৰিছিল আৰু ইয়াক ''পিছু সভা'' বোলা হৈছিল। 

৫। 'আগ্ছবাৰ্গ চুক্তিৰ চৰ্তবোৰ কি কি?
উত্তৰঃ 'আগ্ছবাৰ্গ চুক্তিৰ চৰ্তবোৰ হৈছে-
(ক) জাৰ্মানীত এক বিশেষ প্ৰকাৰ ধৰ্ম জাপি দিয়া বা বলবৎ কৰা ধাৰণা পৰিত্যাগ কৰিব লাগিব। প্ৰতিখন ৰাজ্যকে ধৰ্মৰ অধিকাৰ প্ৰদান কৰিব লাগিব। ৰাজ্যৰ ধৰ্ম মানি নোলোৱাজনক ৰাজ্যৰ পৰা বহিষ্কাৰ কৰিব লাগিব আৰু তেওঁৰ ধৰ্ম বলবৎ থকা ৰাজ্যত তেওঁ বসবাস কৰিব পাৰিব।
(খ) ৰোমান কেথলিক আৰু প্ৰটেষ্টান্ট দুয়োটা ধৰ্মকে জাৰ্মানীত স্ফীকৃতি দিয়া হৈছিল। যিবোৰ ৰাজ্যই এই দুয়োটা ধৰ্মৰ যিকোনো এটা অনুসৰণ কৰা নাই সেই ৰাজ্যবোৰক চুক্তিয়ে সামৰি লোৱা নাই। এনেদৰে প্ৰটেষ্টান্ট ধৰ্মক বৈধ বুলি ঘোষণা কৰা হৈছিল।
(গ) প্ৰটেষ্টান্টসকলে কেথলিক গীৰ্জাৰ অস্থাৱৰ সম্পত্তিবোৰ বাজেয়াপ্ত কৰিছিল।
(ঘ) আগ্ছবাৰ্গ চুক্তিৰ এটা গুৰুত্বপূৰ্ণ চৰ্ত আছিল ধৰ্মযাজক পদ সংৰক্ষণ। ইয়াৰ মতে যদি কোনো কেথলিক পুৰোহিতে প্ৰটেষ্টান্টৰ ধৰ্ম গ্ৰহণ কৰে তেতিয়া তেওঁ ভোগ কৰা কেথলিকৰ সকলো সা-সুবিধা আৰু অধিকাৰ ত্যাগ কৰিব লাগিব।

৬। আগ্ছবাৰ্গ চুক্তিত থকা ত্ৰুটিবোৰ কি কি?
উত্তৰঃ  আগ্ছবাৰ্গ চুক্তিত থকা ত্ৰুটিবোৰ ভিতৰত আছিল- (১) ৰাজ্যৰ শাসকবোৰকহে নিজৰ ৰাজ্যৰ বাবে ধৰ্ম বাচনিৰ কৰ্তৃত্ব প্ৰদান কৰা হৈছিল। সেই অধিকাৰ বা কৰ্তৃত্ব জনসাধাৰণক দিয়া নাছিল। (২) পোপৰ পৰিবৰ্তে ধৰ্মীয় অধিকাৰ বা ধৰ্মযাজকৰ অধিকাৰ শাসকবোৰৰ ওপৰত প্ৰতিষ্ঠা কৰা হৈছিল। (৩) ৰোমান কেথলিকসকলৰ বিশাল সম্পত্তি নিজৰ অধিকাৰত ৰৈ গৈছিল।
 
৭। কেলভিনৰ দৰ্শনৰ প্ৰাথমিক তিনিটা নীতি লিখা।
উত্তৰঃ কেলভিনৰ দৰ্শনৰ প্ৰাথমিক নীতিবোৰ হৈছে-
(ক) কেলভিনে বিশ্বাস কৰিছিল যে ঈশ্বৰ সৰ্বব্যাপক আৰু সৰ্বশক্তিমান। বিশ্বব্ৰহ্মাণ্ড তেওঁৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল, কিয়নো ঈশ্বৰে তেওঁৰ যশস্যাৰ বাবে সকলো বস্তু সৃষ্টি কৰিছে। মানুহ প্ৰকৃতিগতভাৱে পাপী আৰু মানুহে নিজৰ ভাগ্য পৰিবৰ্তনৰ বাবে একো কৰিব নোৱাৰে। তেওঁ ভাগ্যৰ বাবে ঈশ্বৰৰ ওপৰত বিশ্বাস স্থাপন কৰিব লাগিব।
(খ) কেলভিন এজন অদৃষ্টবাদী আছিল। তেওঁ বিশ্বাস কৰিছিল যে ভাগ্যত যি আছে তাক কোনোৱে পৰিবৰ্তন কৰিব নোৱাৰে। সেয়ে কিছুমান মানুহে গোটেই জীৱন যন্ত্ৰণা ভোগ কৰিছিল, যি সময়ত আন মানুহে জীৱনৰ সুখ ভোগ কৰিছিল। বিশ্বব্ৰহ্মাণ্ডত কোনো সমতা নাই। ইয়াত কিছুমান উচ্চ আৰু ঐশ্চৰ্য্যশালী পৰিয়ালত আৰু কিছুমান দুখীয়া পৰিয়ালত জন্ম গ্ৰহণ কৰে।
(গ) কেলভিনে ধৰ্ম আৰু ৰাষ্ট্ৰ দুটা পৃথক বস্তু বুলি গণ্য কৰিছিল। প্ৰটেষ্টান্ট ধৰ্মৰ ওপৰত ৰাষ্ট্ৰৰ হস্তক্ষেপ তেওঁ ভাল পোৱা নাছিল। একেদৰে গীৰ্জাইও ৰাষ্ট্ৰৰ বিষয়ত হস্তক্ষেপ কৰা উচিত নহয়।

৮। ইভানজেলিকেল প্ৰটেষ্টান্টবাদৰ এটা আদিম উদাহৰণ কি?
উত্তৰঃ ইভানজেলিকেল প্ৰটেষ্টান্টবাদৰ এটা আদিম উদাহৰণ হ'ল থমাছ মুনজাৰ। এজন জাৰ্মান লোক মুনজাৰে বিশ্ব বিদ্যালয়ৰ পৰা শিক্ষা লাভ কৰিছিল।

৯। ১৫৫৩ খৃঃত চাৰ্ভেটাছৰ হাতে লিখা কিমানখন পুথি ছপা হৈছিল?
উত্তৰঃ ১৫৫৩ খৃঃত চাৰ্ভেটাছৰ হাতে লিখা পুথিখনৰ ১০০০ খন ছপা হৈছিল।

১০। এনব্যাপ্তিষ্ট বুলি কাক কোৱা হয়?
উত্তৰঃ ১৫২০ খৃঃৰ পিছত ইউৰোপত গঠন হোৱা বিভিন্ন প্ৰটেষ্টান্ট সম্প্ৰদায়ৰ সদস্যসকলক এনব্যাপ্তিষ্ট বুলি কোৱা হয়।

১১। এনব্যাপ্তিবাদ মানে কি?
উত্তৰঃ এনব্যাপ্তিবাদ হ'ল এটা খ্ৰীষ্টান আন্দোলন আৰু ইয়াৰ উৎপত্তি হৈছিল কঠোৰ বা উগ্ৰ সংস্কাৰৰ পৰা। এই আন্দোলনক বাহিৰৰ লোকসকলে প্ৰটেষ্টান্টবাদৰ আন এটা শাখা হিচাবে গণ্য কৰে যদিও এনব্যাপ্তিষ্টসকলে এনে দৃষ্টিভঙ্গীৰ পোষকতা নকৰে। এনব্যাপ্তিষ্টসকলে নিজকে খ্ৰীষ্টান ধৰ্মৰ পৃথক শাখা হিচাবে গণ্য কৰে। আদি এনব্যাপ্তিষ্ট সকলে স্কেলথিম কনফেচন নামৰতথ্যত তেওঁলোকৰ ধৰ্মবিশ্বাসবোৰ নীতি হিচাবে মানি লৈছিল। ১৫২৭ খৃঃত মাইকেল চেটলাৰে প্ৰতিনিধিত্ব কৰা স্কেলথিমৰ এখন সভাত এনব্যাপ্তিষ্ট নেতাসকলে ধৰ্ম বিশ্বাসৰ স্কেলথিম কনফেচন প্ৰস্তুত কৰিছিল।

১২। হাট্টাৰকো কিমান চনত বন্দী কৰা হৈছিল আৰু কিমান খৃঃত জ্বলাই মাৰিছিল?
উত্তৰঃ ১৫৩৫ খৃঃত হাট্টাৰকো বন্দী কৰা হৈছিল আৰু ১৫৩৬ খৃঃৰ ২৫ ফেব্ৰুৱাৰীত জ্বলাই মাৰিছিল। 

১৩। জন কেলভিনে লিখা গ্ৰন্থখনৰ নাম কি? কাৰ নামত উচৰ্গা কৰিছিল?
উত্তৰঃ জন কেলভিনে তেওঁ The Institute of the Christian Religion  নামৰ এখন প্ৰভাৱশালী গ্ৰন্থ লিখি প্ৰথম ফ্ৰান্সিচৰ নামত উচৰ্গা কৰিছিল।

১৪। ১৫৭০ খৃঃ লৈ যুদ্ধ অব্যাহত ৰাখি অৱশেষত চেইন্ট জাৰ্মানেত চুক্তি সম্পন্ন হৈছিল? সেই চুক্তি কেইটা কি কি?
উত্তৰঃ ১৫৭০ খৃঃ লৈ যুদ্ধ অব্যাহত ৰাখি অৱশেষত চেইন্ট জাৰ্মানেত চুক্তি সম্পন্ন হৈছিল। চেইন্ট জাৰ্মেইন চুক্তি অনুসৰি-
(ক) প্ৰতিজন ব্যক্তিকে চিন্তাৰ অধিকাৰ প্ৰদান কৰা হৈছিল।
(খ) হিউগনেটসকলক স্বীকৃতি দিয়া হৈছিল আৰু এই ধৰ্মৰ শাখাবোৰৰ সদস্যসকলক নিজৰ মত অনুসৰি দেৱতাৰ পূজা কৰিবলৈ অনুমতি দিয়া হৈছিল।
(গ) হিউগনেটসকলক তেওঁলোকৰ নিৰাপত্তাৰ বাবে চাৰিতা বিখ্যাত দুৰ্গ দিয়া হৈছিল।
(ঘ) ফ্ৰান্সৰ প্ৰতিখন প্ৰশাসনিক প্ৰদেশত থকা  দুখন নগৰলৈ ধৰ্মীয় স্বাধীনতা দান কৰা হৈছিল যি দুখনত প্ৰটেষ্টান্ট সকলক তেওঁলোকৰ দেৱতাক পূজা কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছিল।
(ঙ) প্ৰটেষ্টন্টসকলক চৰকাৰী সেৱাত চাকৰী লবলৈ অনুমতি দিয়া হৈছিল।
(চ) হিউগনেটসকলৰ নেতা ফ্ৰান্সৰ সিংহাসনৰ উত্তৰাধিকাৰী ৰাজকুমাৰ নেভাৰলৈ নৱম চালৰ্ছৰ ভগ্নী মাৰ্গাৰেটক বিবাহ দিয়া হৈছিল।
(ছ) ফ্ৰান্সৰ বিশ্ববিদ্যালয়বোৰত প্ৰটেষ্টান্টসকলক সমভাবে ব্যৱহাৰ কৰা হৈছিল।

১৫। ক্ৰেমাৰে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ ক্ৰেমাৰে 'ইংলিছ বুক অব কমন প্ৰেয়াৰ' নামৰ গ্ৰন্থ প্ৰকাশ কৰিছিল।

১৬। প্ৰতিসংস্কাৰৰ কাৰণবোৰ কি কি?
উত্তৰঃ প্ৰতিসংস্কাৰৰ আবিৰ্ভাৱত বহুতো উপাদানে অৰিহণা যোগাইছিল।
    প্ৰথমতে, প্ৰটেষ্টান্ট ধৰ্মৰ প্ৰসাৰণে কেথলিক ধৰ্মৰ ক্ষতি সাধন কৰিছিল। মাৰ্টিন লুথাৰে ৰোমান কেথলিক ধৰ্মৰ বেয়া দিশ আৰু দুৰ্নীতিবোৰৰ বিৰোধিতা কৰাৰ লগতে জনসাধাৰণৰ আগত প্ৰকাশ কৰিছিল। ক্ৰমে ই জাৰ্মানীৰ উপৰিও ই সমগ্ৰ ইউৰোপত বিয়পি পৰিছিল আৰু জনসাধাৰণৰ পোপৰ প্ৰতি আস্থা নোহোৱা হৈছিল।
    দ্বিতীয়তে, ৰোমান কেথলিক ধৰ্মৰ হেৰোৱা গৌৰৱ উদ্ধাৰ কৰিবলৈ ৰোমান কেথলিক বিৰোধী আন তিনিটা ধৰ্ম- লুথাৰ, জিংলি আৰু কেলভিনৰ ধৰ্মৰ মাজত থকা বৈষম্যই নিজৰ ধৰ্মক শুদ্ধ পথেৰে চলোৱাৰ বাবে ৰোমান কেথলিকসকলৰ প্ৰচেষ্টা চলাইছিল। প্ৰটেষ্টান্ট ধৰ্মৰ প্ৰতিষ্ঠাপক আছিল মাৰ্টিন লুথাৰ আৰু তেওঁক অনুসৰণ কৰি জিংলি আৰু কেলভিনৰ উত্থান হৈছিল।
    তৃতীয়তে, সমসাময়িক কালৰ ৰোমান পোপে পবিত্ৰ আৰু সাধু জীৱন-যাপন কৰিছিল। সেয়ে পোপে ক্ৰমবৰ্দ্ধমান প্ৰটেষ্টান্টসকলক প্ৰতিৰোধ কৰাৰ বাবে গীৰ্জানুষ্ঠান আৰু ৰোমান কেথলিকৰ আভ্যন্তৰীণ দুৰ্নীতি, কুসংস্কাৰ আৰু প্ৰশাসনৰ শুদ্ধ পৰিবৰ্তন কৰিবলৈ মনোযোগ দিছিল। আনফালে প্ৰচেষ্টান্ট গোটবোৰৰ মাজত দেখা দিয়া মতানৈক্যৰ বাবে বহুতো কেথলিকে ধৰ্ম পৰিবৰ্তনৰ সিদ্ধান্ত পৰিত্যাগ কৰিছিল।

১৭। চমুটোকা লিখা।

(ক) হিউগনেটসকল
উত্তৰঃ হিউগনেটসকলঃ ফ্ৰান্সৰ সংস্কাৰ আন্দোলন নিজস্ব আছিল যদিও ঘটনাক্ৰমে ইয়াৰ ওপৰত জাৰ্মানীৰ প্ৰভাৱ পৰিছিল। ফ্ৰান্সত লেফেবৰ পৰিচালিত এটা সংস্কাৰ দলে ৰোমান কেথলিক গীৰ্জাৰ দুৰ্নীতি আৰু কু-কাৰ্য্যৰ বিৰুদ্ধে প্ৰচাৰ অভিযান চলাইছিল। তেওঁলোকে ৰোমান কেথলিক গীৰ্জাৰ জৰুৰী সংস্কাৰৰ দাবী তুলিছিল। সময়ত জাৰ্মানীৰ লুথাৰপন্থীৰ সংস্কাৰে ফ্ৰান্সত সংস্কাৰ আন্দোলনৰ অগ্ৰগতিত উৎসাহ যোগাইছিল। ফ্ৰান্সৰ প্ৰটেষ্টান্ট সকলক হিউগনেট নামে জনা যায়। ফ্ৰান্সৰ সম্ৰাট সকলৰ কেথলিক ধৰ্মৰ প্ৰতি আনুগত্য আৰু প্ৰটেষ্টান্ট সকলৰ ওপৰত চলোৱা অত্যাচাৰৰ ফলতেই হিউগনেটসকলৰ উৎপত্তি হৈছিল। ফ্ৰান্সৰ সম্ৰাট প্ৰথম ফ্ৰান্সিছ কেথলিকবাদৰ সমৰ্থক আছিল। কিন্তু পঞ্চম চালৰ্ছৰ বিৰুদ্ধে কৰা যুদ্ধত তেওঁ জাৰ্মানীৰ প্ৰটেষ্টান্ট সকলক সহায় কৰিছিল কাৰণ প্ৰটেষ্টান্ট জাৰ্মানীয়ে পঞ্চম চালৰ্ছৰ বিৰুদ্ধে যুদ্ধত যোগদান কৰিছিল।

(খ) তিনি হেনৰী যুদ্ধ
উত্তৰঃ তিনি হেনৰী যুদ্ধঃ নৱম চালৰ্ছৰ মৃত্যুৰ পিছত তেওঁৰ ভাতৃ তৃতীয় হেনৰী ফান্সৰ সিংহাসনত অধিষ্ঠিত হৈছিল। কিন্তু সিংহাখনৰ কাৰণে আন দাবীদাৰো আছিল ফলত ফ্ৰান্স আকৌ এটা গৃহ যুদ্ধৰ কবলত পৰিছিল। সিংহাসনৰ দাবীদাৰ তিনিও জনকে হেনৰী নামে জনা গৈছিল। সেই তিনিওজন আছিল ফৰাচী শাসক তৃতীয় হেনৰী, গাইজৰ ডিউক আৰু কেথলিক নেতা আৰু প্ৰটেষ্টান্ট বা হিউগনেট সকলৰ নেতা নেভাৰৰ হেনৰী। তিনিও হেনৰী আছিল ফ্ৰান্সৰ সিংহাসনৰ প্ৰতিদ্বন্দী। নেভাৰৰ হেনৰীক প্ৰটেষ্টান্টসকলে সমৰ্থক কৰিছিল, গাইজৰ ডিউক হেনৰী আছিল কেথলিক সমৰ্থক। ফান্সৰ শাসক তৃতীয় হেনৰী আছিল ফ্ৰান্সৰ পুতলা শাসক। যুদ্ধৰ প্ৰধান কাৰণ আছিল গাইজৰ ডিউক হেনৰীয়ে স্পেইনৰ ৰজা দ্বিতীয় ফিলিফৰ সৈতে লীগ গঠন কৰা যাৰ দ্বাৰা ফিলিফো হেনৰীক ফ্ৰান্সৰ সিংহাখন দখল কৰাৰ কাৰণে সামৰিক শক্তিৰে সহায় কৰিব। যুদ্ধ চলি থকা সময়তে ফান্সৰ ৰজা তৃতীয় হেনৰীক বধ কৰা হৈছিল। মৃত্যুৰ সময়তে তেওঁ নেভাৰৰ হেনৰীক তেওঁৰ উত্তৰাধিকাৰী ঘোষণা কৰিছিল।

(গ) প্ৰতি বিপ্লৱ
উত্তৰঃ প্ৰতি বিপ্লৱঃ প্ৰতিসংস্কাৰ শব্দটো সংস্কাৰ আন্দোলনক ৰোধ কৰা অৰ্থত ব্যৱহাৰ কৰা হৈছিল। প্ৰকৃততে সংস্কাৰ আন্দোলনৰ কাম কাজ ব্যৰ্থ কৰাটোৱেই আছিল প্ৰতিবিপ্লৱৰ লক্ষ্য। সত্য আৰু বাস্তৱৰ ওপৰত প্ৰতিষ্ঠিত মাৰ্টিন লুথাৰৰ আন্দোলনে জনসাধাৰণৰ সহানুভূতি লাভ কৰিছিল আৰু সমগ্ৰ ইউৰোপত ই বিয়পি পৰিছিল। মাৰ্টিন লুথাৰ, জিংলি আৰু কেলভিনে ৰোমান কেথলিক চাৰ্চৰ দুৰ্নীতি আৰু কুসংস্কাৰবোৰ মানুহৰ আগত প্ৰকাশ কৰিছিল। ইয়াৰ ফলত পোপৰ গুৰুত্ব হ্ৰাস পাইছিল। ৰোমান কেথলিসকলৰ কেন্দ্ৰস্থল স্পেইন আৰু ৰোমৰ মানুহে উপলব্ধি কৰিছিল যে সময়মতে সংস্কাৰ আন্দোলনক বাধা দিব নোৱাৰিলে বহু শতিকা পুৰণি ৰোমান কেথলিক ধৰ্মই চিৰদিনৰ বাবে গুৰুত্ব হেৰুৱাব।

(ঘ) ট্ৰেন্টৰ পৰিষদ
উত্তৰঃ ট্ৰেন্টৰ  পৰিষদ, ১৫৪৫-১৫৬৩ঃ সংস্কাৰৰ আদৰ্শ সন্মুখত ৰাখি পোপ চতুৰ্থ প'লে ট্ৰেন্টত বিচপসকলৰ এখন সভা আহ্বান কৰিছিল। কেথলিক ধৰ্মৰ অস্তিত্ব বজাই ৰাখিবলৈ সংস্কাৰ সাধন কৰা ইয়াৰ মূল উদ্দেশ্য আছিল। ট্ৰেন্টৰ সভাত ৰোমান কেথলিক ধৰ্মত দেখা দিয়া কুসংস্কাৰবোৰ দূৰ কৰাৰ বাবে ১৮ বছৰৰ বাবে এখন কমিটি গঠন কৰা হৈছিল। ই কেথলিক ধৰ্মী লোকসকলৰ পবিত্ৰতা আৰু সৰলতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। ইয়াত ঘোষণা কৰা হৈছিল যে পোপ হ'ল বাইবেলৰ একমাত্ৰ ব্যাখ্যা কাৰক। বাইবেলৰ নতুন সংশোধিত খণ্ড প্ৰকাশ কৰিছিল। উপযুক্ত আৰু শুদ্ধভাৱে ধৰ্মীয় কাৰ্য্য সম্পাদনত ব্যৰ্থ হোৱা ধৰ্ম যাজক বা পুৰোহিতসকলক পদৰ পৰা বৰ্খাস্ত কৰা হৈছিল। মধ্যযুগীয় যাজকৰ বিচাৰ আদালত (Medieval Ecclesiastical court of Inquisition) পুনৰজীৱিত কৰা হৈছিল। 

(ঙ) কেথলিক ধৰ্মৰ প্ৰচাৰক ভূমিকা
উত্তৰঃ কেথলিক ধৰ্মৰ প্ৰচাৰক ভূমিকাঃ কেথলিক ধৰ্মৰ দুৰ্যোগৰ সময়তে কিছুমান প্ৰচাৰকে প্ৰকৃত সংস্কাৰৰ বাবে আগবাঢ়ি আহিছিল। এইসকল ধৰ্ম প্ৰচাৰক আছিল উচ্চ স্তৰৰ আৰু প্ৰভাৱশালী। এইসকলৰ ভিতৰত ইগনেটিয়াচ লয়োলা অতি বিখ্যাত আছিল। সামৰিক লোক হিচাবে জীৱন আৰম্ভ কৰা লয়োলাই পৰৱৰ্তীকালত পেৰিচত ধৰ্মতত্ত্ব আৰু দৰ্শন অধ্যয়ন কৰিছিল। তেওঁৰ প্ৰচেষ্টাতেই জেচুইট সংঘ, ট্ৰেন্ট কাউন্সিল আৰু ধৰ্মীয় তদন্ত আৰম্ভ হৈছিল আৰু এইবোৰে ৰোমান কেথলিক ধৰ্মৰ সংস্কাৰত অৰিহণা যোগাইছিল।

(চ) জেচুইট সমাজৰ ভূমিকা
উত্তৰঃ জেচুইট সমাজৰ ভূমিকা ঃ জেচুইট সমাজৰ প্ৰতিষ্ঠাপক আছিল ইগনেটিয়াচ লয়োলা (১৪৯১-১৫১৬)। সংস্কাৰৰ প্ৰভাৱ হ্ৰাস কৰাত জেচুইট সমাজৰ গুৰুত্বপূৰ্ণ বৰঙণি আছিল। ৰোমান কেথলিক ধৰ্মৰ উন্নয়নৰ বাবে কাম কৰা জেটুইট চোচাইটি এটা সক্ৰিয় অনুষ্ঠান আছিল। তেওঁৰ অনুগামীসকলৰ ভিতৰত আছিল ফ্ৰান্সিচ জেভিয়াৰ আৰু ইয়াগো। ত্যাগী মনোভাবাপন্ন এই দুয়োজন লোকে শুদ্ধ, দৰিদ্ৰ আৰু একান্ত অনুগত জীৱন অনুসৰণ কৰাৰ বাবে প্ৰতিজ্ঞা কৰিছিল। কেথলিক ধৰ্মৰ প্ৰতি কঠোৰ আৰু বিনাবাক্যে পোপৰ আদেশ মানি চলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। একেদৰে সন্ন্যাসীসকলেও পোপৰ প্ৰতি আনুগত্যশীল হৈ থাকিবলৈ প্ৰতিজ্ঞা কৰিব লাগিছিল আৰু কেথলিক ধৰ্মৰ নীতি প্ৰচাৰ কৰিব লাগিছিল।

(ছ) আইনৰ বিচাৰ
উত্তৰঃ আইনৰ বিচাৰঃ ট্ৰেন্ট পৰিষদ ১৫৫৯ খৃঃত নিষিদ্ধ গ্ৰন্থবোৰৰ এখন তালিকা প্ৰস্তুত কৰিছিল আৰু ৰোমান কেথলিকসকলৰ মাজত সেইবোৰৰ অধ্যয়ন বন্ধ কৰা হৈছিল। পৰিষদে ইৰাচমাছ আৰু মেকিয়াভেলীৰ গ্ৰন্থ অধ্যয়ন বন্ধ কৰিছিল। নাস্তিকসকলক ধ্বংস কৰাৰ বাবে পোপ দ্বিতীয় পলে ১৫৪২ খৃঃত ৰোমত আইনৰ বিচাৰ প্ৰক্ৰিয়া বলবৎ কৰিছিল। পিছত পোপে বিভিন্ন ৰাজ্যত ইয়াৰ শাখা স্থাপন কৰিছিল। পোপ চতুৰ্থ পলে জন কাৰ্ডিনেলক ধৰ্মীয় আদালতৰ বিচাৰক হিচাপে নিয়োগ কৰিছিল। তেওঁলোকে নাস্তিক সকলক বন্দী কৰি শাস্তি প্ৰদান কৰিছিল আৰু তেওঁলোকৰ সম্পত্তিবোৰ বাজেয়াপ্ত কৰিছিল। পোপে কোনো অধৰ্মী লোকক ক্ষমা কৰিব পাৰিছিল আৰু কেথলিক ধৰ্ম পুনৰ গ্ৰহণ কৰাৰ অনুমতি প্ৰদান কৰিব পাৰিছিল।










Post ID: DABP004368