জাতীয়তাবাদ ১৯১৯ চনলৈ জাতীয়তাবাদৰ ধাৰা
দ্বিতীয় অধ্যায়ঃ
অতিৰিক্ত প্ৰশ্নোত্তৰ
অতি চমু প্ৰশ্ন
১। ভাৰতৰ প্ৰথমখন বাতৰি কাকতৰ নাম কি ।
উত্তৰঃ ভাৰতৰ প্ৰথমখন বাতৰি কাকতৰ নাম হল বেংগল গেজেট ।
২। ভাৰতলৈ প্ৰথম ৰেল কোনে আনিছিল ।
উত্তৰঃ ভাৰতলৈ প্ৰথম ৰেল আনিছিল লৰ্ড ডেলহাউচিয়ে ।
৩। ভাৰতত প্ৰথমে ৰেল চলাচলৰ শুভাৰম্ভ কৰ পৰা কৰা হৈছিল ।
উত্তৰঃ ১৮৫৩ চনৰ ১৬ এপ্ৰিলত প্ৰথমে বোম্বাইৰ পৰা থানেলৈ ৰেল চলাচলৰ শুভাৰম্ভ কৰা হৈছিল ।
৪। লৰ্ড লিটনে আই.চি.এছ পৰীক্ষাৰ্থীৰ বয়স কিমান বছৰ কৰিছিল ।
উত্তৰঃ লৰ্ড লিচনে আই.চি.এছ পৰীক্ষাৰ্থীৰ বয়স ১৯ বছৰ কৰিছিল ।
৫। আনন্দ মঠ গ্ৰন্থখন কোনে ৰচনা কৰিছিল ।
উত্তৰঃ আনন্দ মঠ গ্ৰন্থখন বংকিম চন্দ্ৰ চেটাৰ্জীয়ে ৰচনা কৰিছিল ।
৬। দীননাথ মিত্ৰই ৰচনা কৰা গ্ৰন্থখনৰ নাম কি ।
উত্তৰঃ দীননাথ মিত্ৰই ৰচনা কৰা গ্ৰন্থখনৰ নাম হল নীল দৰ্পন ।
৭। বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিল ।
উত্তৰঃ বন্দে মাতৰম গীতটো বংকিম চন্দ্ৰ চেটাৰ্জীয়ে ৰচনা কৰিছিল ।
৮। ভাৰতীয় জাতীয় কংগ্ৰেছ কিমান চনত গঠন কৰা হৈছিল ।
উত্তৰঃ ভাৰতীয় জাতীয় কংগ্ৰেছ ১৮৮৫ চনত গঠন কৰা হৈছিল ।
৯। মাদ্ৰাজ মহাজন সভা কোনে প্ৰতিষ্ঠা কৰিছিল ।
উত্তৰঃ মাদ্ৰাজ মহাজন সভা ৰাণাদে প্ৰতিষ্ঠা কৰিছিল ।
১০। সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে গঠন কৰা সংগঠনটোৰ নাম কি ।
উত্তৰঃ সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে গঠন কৰা সংগঠনটোৰ নাম হল ইণ্ডিয়ান এছচিয়েচন ।
চমু প্ৰশ্ন
১। ভাৰতীয় জাতীয় কংগ্ৰেছৰ জনক বুলি কাক কোৱা হয় ।
উত্তৰঃ এলেন অক্টোভিয়ান হিউমক ভাৰতীয় জাতীয় কংগ্ৰেছৰ জনক বুলি কোৱা হয় ।
২। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন কত আৰম্ভ হৈছিল ।
উত্তৰঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন বোম্বেত আৰম্ভ হৈছিল ।
৩। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল ।
উত্তৰঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী ।
৪। দুজন নৰমপন্থী নেতাৰ নাম লিখা ।
উত্তৰঃ দুজন নৰমপন্থী নেতাৰ নাম হল উমেশ চন্দ্ৰ বেনাৰ্জী আৰু দাদাভাই নৌৰজী ।
৫। দুজন চৰমপন্থী নেতাৰ নাম লিখা ।
উত্তৰঃ দুজন চৰমপন্থী নেতাৰ নাম হল বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল ।
৬। বংগ বিভাজন কেতিয়া হৈছিল ।
উত্তৰঃ বংগ বিভাজন হৈছিল ১৯০৫ চনৰ ১৬ এপ্ৰিল তাৰিখে ।
৭। বংগ বিভাজন কোনজন ভাইচৰয়ৰ দিনত হৈছিল ।
উত্তৰঃ বংগ বিভাজন লৰ্ড কাৰ্জনৰ দিনত হৈছিল ।
৮। লাল বাল পাল মানে কাক বুজা যায় ।
উত্তৰঃ লাল বাল পাল মানে হল
লাল- লালা লাজপত ৰায়
বাল ঃ বাল গংগাধৰ তিলক
পাল ঃ বিপিন চন্দ্ৰ পাল
৯। স্বদেশী আন্দোলনৰ কাৰ্যসূচী তিনিটা কি আছিল ।
উত্তৰঃ স্বদেশী আন্দোলনৰ কাৰ্যসূচী তিনিটা হল
ক) বিদেশী সামগ্ৰী বৰ্জন ।
খ) স্বদেশী সামগ্ৰী গ্ৰহণ ।
গ) জাতীয় শিক্ষা আচনি ।
১০। বিপ্লৱী আন্দোলনৰ কেন্দ্ৰস্থলখনৰ নাম কি ।
উত্তৰঃ বিপ্লৱী আন্দোলনৰ কেন্দ্ৰস্থলখনৰ নাম হল বংগদেশ ।
চমুটোকা লিখা ।
১। চৰমপন্থী
উত্তৰঃ উনবিংশ শতিকাৰ শেষৰভাগত ভাৰতীয় জাতীয় কংগ্ৰেছৰ এৰেবাৰে ভিতৰত চৰমপন্থী নেতাসকলৰ উত্থান হয় । কংগ্ৰেছৰ এই নেতা যিসকল আছিল তেওঁলোকে এই আৱেদন-পত্ৰ বিষয়টো কোনোপধ্যে মানি লব পৰা নাছিল । তেওঁলোকে স্বাধীনতাৰ কাৰণে উগ্ৰ-জাতীয়তাবাদক বিশ্বাস কৰিছিল । । চৰমপন্থী নেতাসকলৰ ভিতৰত আছিল লালা লাজপত ৰায়, বাল গংগাধৰ তিলক, বিপিন চন্দ্ৰ পাল, অৰবিন্দ ঘোষ আদি । চৰমপন্থী নেতাসকলৰ মাজৰ এচামে সন্দ্ৰাসবাদত বিশ্বাস কৰিছিল আৰু ইংৰাজসকলক ভাৰতবৰ্ষৰ পৰা খেদি পঠাবলৈ বিচাৰিছিল । ১৯০৫ চনৰ পৰা ১৯১৯ চনৰ এই যি সময় আছিল সেই সময়ছোৱাক কংগ্ৰেছৰ দ্বিতীয় পৰ্যায় আৰু চৰমপন্থীসকলৰ যুগ বুলি কোৱা হয় ।
২। ইলবাৰ্ট বিল বিতৰ্ক
উত্তৰঃ ভাৰতত জাতীয়তাবাদ জাগ্ৰিত হোৱাত সহায় কৰাৰ এটা কাৰণ হল ইলবাৰ্ট বিল বিৰ্তক । ১৮৭৩ চনত ইংৰাজৰ চৰকাৰে ঘোষণা কৰিছিল যে ভাৰতৰ যি সমূহ বিচাৰক আছিল তেওঁলোকে ইউৰোপীয় কোনো লোককে বিচাৰ কৰিব নোৱাৰিব । ইউৰোপীয় লোকৰ বিচাৰ ব্যৱস্থা ইউৰোপীয় বিচাৰকেহে কৰিব পাৰিব । যেতিয়া ১৮৮৩ চনত লৰ্ড ৰিপন ভাইচৰয় হিচাপে গৱৰ্ণৰ জেনেৰেলৰ দায়িত্ব কাৰ্যকৰী পৰিষদ আইনৰ সদস্য চি.পি. ইলবাৰ্টৰ দ্বাৰা ভাৰতীয় বিচাৰকে ইউৰোপীয় অপৰাধীৰ বিচাৰ কৰাৰ ক্ষমতা দিয়াৰ বাবে এখন বিধায়ক উত্থান কৰে । এই যি বিধায়ক প্ৰস্তুত কৰিছিল তাকে ইলবাৰ্ট বিল বুলি কোৱা হয় । এই বিলখনৰ দ্বাৰা ভাৰতীয় আৰু ইউৰোপীয় বিচাৰকৰ মাজত সমতা স্থাপন কৰিব বিচাৰিছিল । কিন্তু ইউৰোপীয় লোকসকলে ইয়াৰ বিৰোধিতা কৰিছিল । ভাইচৰয় লৰ্ড ৰিপনক এই বিলখন উঠাই লবলৈ কৈছিল । শেষত ইউৰোপীয় লোকসকলৰ সায়ত ভাৰতীয় বিচাৰকে ইউৰোপীয় অপৰাধীসকলৰ বিচাৰ কৰাৰ কাৰণে অধিকাৰ দিয়া হয় । এইখন বিলৰ পৰা ভাৰতৰ লোকসকলে বুজি পাইছিল যে তেওঁলোকে ইংৰাজৰ পৰা কোনো ন্যায় আশা কৰিব নোৱাৰে ।
৩। জাতীয় কংগ্ৰেছৰ উদ্দেশ্য
উত্তৰঃ ১৮৮৫ খ্ৰীত জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল । এই জাজীয় কংগ্ৰেছৰ অধিৱেশন ১৮৮৫ চনৰ ২৮ ডিচেম্বৰৰ পৰা ৩জ জিচেম্বৰলৈ জতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন চলি আছিল । এই অধিৱেশনত গ্ৰহণ কৰা উদ্দেশ্যসমূহ আছিল ।
১। দেশৰ বিভিন্ন প্ৰান্তৰ জাতীয়তাবাদী কৰ্মীসকলৰ মাজত মিলা-মিছা আৰু বন্ধুত্বৰ সম্পৰ্ক গঢ়ি তোলা ।
২। জাচি, ধৰ্ম,বৰ্ণ, প্ৰদেশ অঞ্চল আদিৰ মাজত থকা বৈষম্যসমূহ আতৰাই দেশত ঐক্য স্থাপন কৰা ।
৩। ভাৰতীয় জনসাধাৰণৰ সমস্যাসমূহ আলোচনা কৰা আৰু ইয়াৰ সমাধানৰ কাৰণে চৰকাৰৰ ওচৰত দাবী জনোৱা ।
৪। আহি থকা দিনৰ কাৰণে কংগ্ৰেছৰ কাৰ্যপদ্ধতি নিৰূপণ কৰা আৰু ৰাজহুৱা স্বাৰ্থৰ কাৰণে জনমত গঢ়ি তোলা ।
৪। নৰমপন্থী
উত্তৰঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ আগৰ পৰ্যায়টো আছিল ১৮৮৩ চনৰ পৰা ১৯০৫ চনলৈ বিয়পি পৰিছিল । আৰম্ভণিৰ সময়ছোৱাত জাতীয় কংগ্ৰেছক শিক্ষিত, বৌদ্ধিক , মধ্যবিত্ত শ্ৰেণী, আইনজ্ঞ, অভিযন্তা আৰু লগতে বাণিজ্যিক শ্ৰেণী । এই সময়ছোৱাত যি সকল নেতাই কংগ্ৰেছৰ নেতাসকলক নৰমপন্থী বুলি জনা গৈছিল । প্ৰায় কুৰি বছৰ প্ৰভাৱ বিস্তাৰ কৰা কংগ্ৰেছৰ নেতাসকল আছিল উমেশ চন্দ্ৰ বেনাৰ্জী, দাদাভাই নৌৰজী, সুৰেন্দ্ৰনাথ বেনাৰ্জী, ফিৰোজ শ্বাহ মেহতা, গোপাল কৃষ্ণ গোখলে , মদন মোহন মাব্য আদি । নৰমপন্থী নেতাসকলে সংস্কাৰ আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰতহে বিশ্বাস কৰিছিল। নৰমপন্থী নেতাসকলে সাংবিধানিক প্ৰক্তিয়াত বিশ্বাস কৰিছিল আৰু আৱেদন পত্ৰৰ জৰিয়তে বৃটিছ চৰকাৰৰ ওচৰত ভাৰতীয়ৰ অধিকাৰ সাব্যস্ত কৰিব বিচাৰি আছিল । ।
ৰচনাধৰ্মী প্ৰশ্নোত্তৰ
১। স্বদেশী আন্দোলনৰ বিষয়ে লিখা ।
উত্তৰঃ শী আন্দোলনৰ গুনতৰিধৰোতা । দেশী আন্দোলন হল স্বাধীনতা আন্দোলনৰ এক গুৰুত্বপূৰ্ণ বিষয় আছিল । স্বদেশী আন্দোলন ১৯০৫ চনত লৰ্ড কাৰ্জনৰ শাসনকালত বংগ বিভাজনৰ সময়ত সংঘটিত হৈছিল । গোপাল কৃষ্ণ গোখলে আছিল স্বদেশী আন্দোলনৰ মূল পৃষ্ঠপোষক ।স্বামী দয়ানন্দ সৰস্বতীয়ে স্বদেশী আন্দোলনৰ সময়ত বিদেশী বস্তুবৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণ কৰিব দিছিল । ১৯০৫ চনত বংগ চৰকাৰে বংগ দেশখন ডাঙৰ হোৱাৰ কাৰণে শাসন কৰিবলৈ অসুবিধা হৈছিল । সেইকাৰণে ১৯০৫ চনত বংগ দেশখন ভাগ কৰিব লগা হৈছিল । লৰ্ড কাৰ্জনৰ নিৰ্দেশত ১৯০৫ চনৰ ১৬ অক্টোৱৰত বংগ বিভাজনৰ কাৰ্যকৰী কৰা হয় । ১৯০৫ চনৰ ১৬ অক্টোবৰ তাৰিখটো সমগ্ৰ দেশখনতে শোক দিৱস হিচাপে পালন কৰা হয় । বংগ বিভাজনৰ দিনা কাৰো ঘৰতে ৰান্ধনিঘৰত জুই লগোৱা নাছিল । বন্দে মাতৰম গীতটো গাই গোটেই আকাশ বতাহ সিচৰতি হৈ গৈছিল । সুৰেন্দ্ৰ নাথ বেনাৰ্জী, বাল গংগাধৰ তিলক, বিপিন চন্দ্ৰ পাল , আনন্দ মোহন বসু , লালা লাজপত ৰায় আদি বিখ্যাত নেতাসকলৰ প্ৰচেষ্টাতে অতি কম দিনৰ ভিতৰতে বংগ ভংগ আন্দোলন ভাৰতৰ ইটো অঞ্চলৰ পৰা সিটো অঞ্চললৈ প্ৰসাৰিত হৈ গৈছিল ।
স্বদেশী আন্দোলনৰ প্ৰধান কাৰ্যসূচীসমূহ হল
ক) বিদেশী বস্তু বৰ্জন ।
খ) স্বদেশী বস্তু গ্ৰহণ
গ) জাতীয় শিক্ষা ।
ক) বিদেশী বস্তু বৰ্জন ঃ স্বদেশী আন্দোলনৰ যিসমূহ নেতা আছিল তেওঁলোকে বিদেশী সামগ্ৰীসমূহ বৰ্জন কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল । বিলাতী কাপোৰ, নিমখ, চেনি পৰিত্যাগ কৰা, ইংৰাজী ভাষাত কথা কোৱা আদি ।
খ) স্বদেশী বস্তু গ্ৰহণ
উত্তৰঃ স্বদেশী আন্দোলনৰ এটা কাৰ্যসূচী আছিল স্বদেশী বস্তু গ্ৰহণ কৰা । তাৰোপৰি স্বদেশী অনুষ্ঠান স্থাপন কৰা আৰু প্ৰসাৰ কৰাত অতি গুৰুত্ব দিয়া হৈছিল । কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে বংগত জাতীয় মহাবিদ্যালয় এখন স্থাপন কৰিছিল । ১৯০৬ চনত জাতীয় শিক্ষা সংসদ প্ৰতিষ্ঠা কৰা হৈছিল । তাৰোপৰি দেশীয় বীমা কোম্পানীৰ বস্ত্ৰ উদ্যোগ , জুইশলাৰ কাৰখানা,
গ) জাতীয় শিক্ষা
উত্তৰঃ স্বদেশী আন্দোলনৰ এটা শক্তিশালী কাৰ্যসূচী আছিল জাতীয় শিক্ষা । বংগ বিভাজনৰ লগে-লগে জাতীয় নেতাসকলৰ মনত জাতীয় শিক্ষানুস্থান প্ৰতিষ্ঠাৰ চিন্তা আহে । স্বদেশী আন্দোলনৰ কাৰণে বহুতো ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজৰ শিক্ষানুস্থানসমূহ ত্যাগ কৰিছিল । তাৰ ফলত বৃটিছৰ শিক্ষা ব্যৱস্থাৰ বিকল্প হিচাপে জাতীয় শিক্ষানুস্থান খোলা হৈছিল । ইয়াৰ প্ৰধান উদ্দেশ্য আছিল ভাৰতীয় যুৱক,-যুৱতীক কলা, বিজ্ঞান, উন্নত প্ৰযুক্তি বিদ্যা, শৰীৰ চৰ্চা ইত্যাদি ।
২। বিপ্লৱীসকলৰ বিষয়ে কি জানা লিখা ।
উত্তৰঃ ভাৰতৰ জাতীয়তাবাদী আন্দোলনত বিপ্লৱীসকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । ভাৰতবৰ্ষত প্ৰধনকৈ দুটা আন্দোলন সংঘটিত হৈছিল । তাৰ ভিতৰত প্ৰথমটো আছিল বিধিসংগত আন্দোলন আৰু দ্বিতীয়টো হল সাংবিধানিক সংস্কাৰ আন্দোলন । বিপ্লৱীসকলে দেশখনৰ স্বাধীনতাৰ কাৰণে বহুতো আন্দোলন কৰিছিল । এচাম ভাৰতীয় বিপ্লৱীলোকে বৃটিছৰ বিষয়াসকলক হত্যা কৰি চৰকাৰী যন্ত্ৰটোকে শেষ কৰিব বিছাৰিছিল । সেই উদ্দেশ্যই আন এচাম লোকে বোমা আৰু বন্দুক তৈয়াৰ কৰি বা সংগ্ৰহ কৰি বহুতো ইংৰাজ বিষয়াক হত্যা কৰিব পাৰিছিল । এনে সন্ত্ৰাসবাদী কামৰ উত্থান হৈছিল প্ৰথমে মহাৰাষ্ট্ৰত ।
১৮৯৭ খ্ৰীঃত বোম্বাইত দেখা দিছিল প্লেগ বেমাৰে । প্লেগ বেমাৰৰ সময়ত কমিছনাৰ ডব্লিউ.চি. ৰেণ্ড আৰু তেওঁৰ সহযোগী বা সহকৰ্মী এয়াৰনিষ্য়ে প্লেগ দমন কৰাৰ নামত ভাৰতৰ জনসাধাৰণক নানা অত্যাচাৰ কৰিছিল । এই কাৰ্যত অসন্তুষ্ট হৈ দুই ভাতৃ দামোদৰ ছাপেকাৰ আৰু বালকৃষ্ণ ছাপেকাৰে এই দুজন বিষয়াক গুলীয়াই হত্যা কৰে । এই হত্যাকাণ্ডৰ বাবে বাল গংগাধৰ তিলকক ১৮ মাহ কাৰাদণ্ড দিছিল । ইয়াৰ প্ৰতিবাদত ঠায়ে-ঠায়ে বন্ধ, হৰতাল, শ্ৰেণীবৰ্জন কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল । এনে বৈপ্লৱিক কাৰ্যত সহাৰি জনাই বীৰেন্দ্ৰ কুমাৰ ঘোষ আৰু উপেন্দ্ৰ দত্তই আৰম্ভ কৰা যুগান্তৰ নামৰ বাতৰি কাকতখন লিখিছিল । বংগদেশ আছিল বৈপ্লৱিক আন্দোলনৰ মূল ঘাটি । এনে বিপ্লৱী আন্দোলনক সঠিকভাৱে ৰূপ দিয়াৰ বাবে ভাৰতৰ বিভিন্ন স্থানীয় কিছুমান সংগঠন গঢ় লৈ উঠিছিল । তাৰ ভিতৰত বংগদেশৰ অনুশীলন কমিতি আৰু মহাৰাষ্ট্ৰৰ অভিনৱ ভাৰতৰ অন্য এটা নাম আছিল । সেইদৰে কলিকতাৰ যুগান্তৰ আৰু বি.ডি চাভাৰকাৰে নাভিকাত প্ৰতিষ্ঠা কৰা মিত্ৰমেলাৰ নামটো অতি গুৰুত্বপূৰ্ণ । ভাৰতৰ বাহিৰতো বিপ্লৱীসকলে কিছুমান সংগঠন গঢ়ি তুলিছিল । এই বিপ্লৱীসকলে গঢ়ি তোলা সংগঠনবোৰকে বৈপ্লৱিক সংগঠন বুলি কোৱা হয় । গদৰ মানে হল বিপ্লৱ আৰু বিপ্লৱৰ প্ৰতি জনগনক আকৰ্ষিত কৰাৰ কাৰণে এই দলে একে নামৰে এখন সাপ্তাহিক কাকত ছপা কৰিছিল । এনেদৰে প্ৰবাসী ভাৰতীয়সকলৰ মাজতো বিপ্লৱীসকলৰ ভাৱধাৰা জাগ্ৰিত হৈ গৈছিল । বিপ্লৱীসকলৰ কাৰ্যসূচীসমূহৰ ভিতৰত প্ৰধান তিনিটা কাৰণ আছিল অস্ত্ৰ-শস্ত্ৰ সংগ্ৰহ কৰা, বৃটিছৰ অত্যাচাৰী বিষয়াক হত্যা কৰা আৰু ৰাজনৈতিক ডকাইতি । বিপ্লৱীসকলে এনেধৰণৰ কাৰ্যসমূহৰ পৰাই ঊাৰতীয় ভাৰতীয় স্বাধীনতা সংগ্ৰামত বিপ্লৱা বা সন্ত্ৰাসবাদৰ কাৰ্যৰ সৃষ্টি হয় । সেইকাৰণে এই সময়খিনিক সন্ত্ৰাসবাদীৰ উত্থানৰ যুগ বুলি কোৱা হয় । সন্ত্ৰাসবাদত বিৰোধী বিপ্লৱীসকলে অত্যাচাৰী বিষয়াসকলক হ্ত্যাৰ কাৰণে প্ৰধান লক্ষ্য হিচাপে লৈছিল । এনেবোৰ কাম কৰিবলৈ যাওঁতে বিপ্লৱী নেতাসকল মাজে-মাজে বিপদতো পৰিছিল । বিপ্লৱীসকলৰ সন্ত্ৰাসমূলক কাৰ্যবোৰ দমন কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা কঠোৰ নীতি গ্ৰহণ কৰা দেখা গৈছিল । আৰু বহুতো নেতাক কাৰাদণ্ডয়ো দিয়া হৈছিল । তাৰোপৰি ফৌজদাৰী বিধিৰ সংশোধনী কৰা হৈছিল কোনো -কোনো নেতাক জৰিমনা বিহা হৈছিল । ইয়াৰ উপৰিও নতুন আইন প্ৰণয়ন কৰি অতি কঠোৰভাৱে বিপ্লৱী নেতাসকলক দমন কৰিছিল । বিপ্লৱীসকল তেওঁলোকৰ কামত সফল হব নোৱাৰিছিল । তাৰোপৰি তেওঁলোকৰ ভূমিকা আছিল অতি গুৰুত্বপূৰ্ণ ।
Author by Ali rani Kalati
Post ID: DABP004393