কোচ - ৰাজবংশীসকল

অধ্য়ায়-৪

১। কোচ-ৰাজবংশীসকল কি ধৰ্মীয় আছিল?

উত্তৰঃ  হিন্দু ধৰ্মীয়।


২। মেঘালয় আৰু মেঘালয়ৰ অসম সীমান্ত অঞ্চলত থকা কোচ লোকৰ ধাৰাটো কি ধাৰা।

উত্তৰঃ আৰ্যেতৰ ধাৰা।


৩। উত্তৰবংগ , নেপাল, বিহাৰ ইত্য়াদি অঞ্চলৰ ৰাজবংশী লোকসকলৰ ভাষা-সংস্কৃতি কি?

উত্তৰঃ আৰ্য ভাষা সংস্কৃতি।


৪ মদাহী জনগোষ্ঠী কৰ পৰা অহা বুলি ৰাজবংশীসকলে কব খোজে।

উত্তৰঃ 'মদক' নামৰ জনগোষ্ঠীৰ এটাৰ পৰা।


৫। গ্ৰিয়াৰছনৰ মতেও যিসকল কোচ বৰ্তমানেও হিন্দু ধৰ্মালম্বী তেওঁলোকে কি বুলি পৰিচয় দিয়ে।

উত্তৰঃ ৰাজবংশী হিচাপে পৰিচয় দিয়ে।


৬। ৰাজবংশীসকলৰ উৎপত্তি কৰ পৰা হৈছে?

উত্তৰঃ কোচৰ পৰা।


৭। ৰাজবংশীসকল কি গোষ্ঠীৰ লোক?

উত্তৰঃ মংগোলীয় গোষ্ঠীৰ।


৮। ষোল্ল শতিকাৰ মধ্য়ভাগত কোচ ৰজা কোন আছিল?

উত্তৰঃ বিশ্বসিংহ। 


৯। ভাৰতীয় ভাষাসমূহৰ জনক বুলি কাক কোৱা হয়?

উত্তৰঃ জৰ্জ এব্ৰাহাম গ্ৰিয়াৰছনক।


১০। কোচ-ৰাজবংশীসকলৰ দুবিধ খাদ্য়ৰ নাম লিখা।

উত্তৰঃ ছেকা আৰু পেল্কা।


১১।তেওঁলোকৰ তিনিবিধ পোছাকৰ নাম লিখা।

উত্তৰঃ  পাটানী, বুকুনী, ফোতা আদি মহিলাসকলৰ পোছাক।


১২। কোচ-ৰাজবংশীসকলৰ দুটা গানৰ নাম লিখা?

উত্তৰঃ  ভাওয়াইয়া গান, বিভিন্ন পূজাৰ গান।


১৩। কোচ-ৰাজবংশীসকলৰ কেইগৰাকীমান বিশিষ্ট ব্য়ক্তিৰ নাম লিখা।

উত্তৰঃ জননেতা শৰৎচন্দ্ৰ সিংহ, অম্বিকাচৰণ চৌধুৰী,অৰুণ কুমাৰ ৰায়, ৰুক্মিণী কান্ত ৰায়, পানীৰাম দাস ইত্য়াদি।


১৪।  জননেতা শৰৎচন্দ্ৰ সিংহৰ কিমান চনত জন্ম হৈছিল?

উত্তৰঃ ১৯১৪ চনৰ ১ জানুৱাৰীত।


১৫। শৰৎচন্দ্ৰ সিংহৰ মাতৃ আৰু পিতৃৰ নাম কি?

উত্তৰঃ মাতৃৰ নাম আয়াচিনি সিংহ আৰু পিতৃৰ নাম লালসিং সিংহ।


১৬। শৰৎচন্দ্ৰ সিংহৰ জীৱনৰ সংকল্প কি?

উত্তৰঃ জনসাধাৰণক সেৱা কৰা।


১৭। তেওঁ কিমান চনৰ পৰা কিমান চনলৈকে অসমৰ মূখ্য়মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল?

উত্তৰঃ ১৯৭২ চনৰ ৩১জানুৱাৰীৰ পৰা ১৯৭৮ চনলৈ ।


১৮। শৰৎচন্দ্ৰ সিংহৰ দুটামান উল্লেখযোগ্য় কামৰ নাম লিখা?

উত্তৰঃ কৃষি উৎপাদন বৃদ্ধি, কৃষক উন্নয়ন, দৰিদ্ৰতা আদি ।


১৯। তেওঁৰ দুটা উল্লেখযোগ্য় আঁচনিৰ নাম লিখা।

উত্তৰঃ জৰুৰীকালীন ৰবিশস্য়ৰ আঁচনি, আকলন পত্ৰ আঁচনি, তদাৰক কোষ আঁচনি আদি।


২০। তেওঁ কিমান চনত মৃত্য়ু হৈছিল?

উত্তৰঃ ২০০৫ চনৰ ২৪ ডিচেম্বৰৰ মাজ নিশা ৯৩ বছৰ বয়সত।


২১। অম্বিকাচৰণ চৌধুৰী কিমান চনত জন্ম হৈছিল?

উত্তৰঃ ১৯৩০ চনৰ ১৬ আগষ্টৰ দিনা।


২২। তেওঁৰ মাক আৰু দেউতাকৰ নাম কি?

উত্তৰঃ মাকৰ নাম কাশীশ্বৰী চৌধুৰী আৰু দেউতাকৰ নাম নৰশ্বেৰ চৌধুৰী।


২৩। অম্বিকাচৰণ চৌধুৰী সৰু-ডাঙৰ কিমানখন গ্ৰন্থ লিখিছিল?

উত্তৰঃ ৩২ খন।


২৪। তেওঁ কিমান চনত 'ৰত্নপীঠৰ ৰত্ন'উপাধিৰে বিভষিত হৈছিল?

উত্তৰঃ ১৯৬১ চনত।


২৫। তেওঁ কিমান চনত সাহিত্য় পেন্সন পাইছিল?

উত্তৰঃ ১৯৯৪ চনত।


২৬।  অম্বিকাচৰণ চৌধুৰীয়ে কিমান চনত 'কামতাৰত্ন' উপাধি লাভ কৰে ?

উত্তৰঃ ১৯৯২ চনত।


২৭। অৰুণ কুমাৰ ৰায় কিমান চনত জন্ম হৈছিল?

উত্তৰঃ ১৯২৫ চনৰ ৮ অক্টোবৰত।


২৮। তেওঁৰ মাক আৰু দেউতাকৰ নাম লিখা।

উত্তৰঃ মাকৰ নাম অভয়েশ্বৰী ৰায় আৰু দেউতাকৰ নাম প্ৰকাশ চন্দ্ৰ ৰায়।


২৯। অৰুণ কুমাৰ ৰায়ে কিমানখন গ্ৰন্থ ৰচনা কৰিছিল?

উত্তৰঃ ১০ খন।


৩০। 'কামতা ৰত্ন অম্বিকাচৰণ চৌধুৰা স্মাৰক বঁটা' কোনে কিমান চনত লাভ কৰিছিল?

উত্তৰঃ ২০১৩ চনত অৰুণ কুমাৰ ৰায়ে পাইছিল।


৩১। তেওঁ কিমান চনত 'সাহিত্য় ৰত্ন' উপাধি লাভ কৰে?

উত্তৰঃ ২০১৬ চনত।


৩২। পানীৰাম দাসৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ ১৯১৭ চনৰ ৭ এপ্ৰিল তাৰিখে।


৩৩। পানীৰাম দাসৰ মৃত্য়ু কিমান চনত হৈছিল।

উত্তৰঃ ২০১০ চনৰ ৩০ নবেম্বৰত।


৩৪। ৰুক্মিণী কান্ত ৰায় ক'ত জন্মগ্ৰহণ কৰিছিল?

উত্তৰঃ এটা সাধাৰণ নিম্নবিত্ত পৰিয়ালত।


৩৫। ৰুক্মিণী কান্ত ৰায় সমাজৰ উন্নতিৰ কাৰণে কি কি ক্ষেত্ৰত আগভাগ লৈছিল?

উত্তৰঃ স্কুল, কলেজ, মঠ-মন্দিৰ আদিৰ প্ৰতিষ্ঠানৰ ক্ষেত্ৰত ।



Type Jatin Nath 




Post ID: DABP004822