খাদ্য উৎপাদন পদ্ধতিৰ আৰম্ভণ

তৃতীয় অধ্যায়

অতি চমু প্ৰশ্নঃ 

১। মানৱ সভ্যতাৰ বিকাশত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা শব্দ দুটা কি কি ।

উত্তৰঃ মানৱ সভ্যতাৰ বিকাশত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা শব্দ দুটা হল 

ক) নৱপ্ৰস্ত ।

খ) তাম্ৰপ্ৰস্ত ।

২। জনসংখ্যা বৃদ্ধিৰ দুটা কাৰণ কি ।

উত্তৰঃ জনসংখ্যা বৃদ্ধিৰ দুটা কাৰণ হল 

ক) কৃষিকাৰ্য 

খ) পশুপালন ।

৩। ইজিপ্তৰ এখন নদীৰ নাম লিখা 

উত্তৰঃ ইজিপ্তৰ এখন নদীৰ নাম হল নীল নদী ।

৪। কৃষিপ্ৰধান সমাজৰ আগমন কেতিয়া হৈছিল ।

উত্তৰঃ খ্ৰীষ্টপূৰ্ব ৮০০০ বছৰ মানৰ পৰা কৃষিপ্ৰধান সমাজৰ আগমন ঘটিছিল । 

৫। নৱপ্ৰস্তৰ শব্দটো কি বুজাবলৈ ব্যৱহাৰ কৰা হয় ।

উত্তৰঃ মানুহৰ জীৱনলৈ অহা পৰিৱৰ্তন বুজাবলৈ এই শব্দৰ ব্যৱহাৰ কৰা হয় ।

৬। দুবিধ শিলৰ প্ৰধান আহিলাৰ নাম লিখা ।

উত্তৰঃ দুবিধ শিলৰ প্ৰধান আহিলাৰ নাম হল বটালি, ঘুৰণীয়া শিল ।

৭। এজন ফৰাচী পুৰাতত্ত্ববিদৰ নাম লিখা ।

উত্তৰঃ এজন ফৰাচী পুৰাতত্ত্ববিদৰ নাম হল জে.এফ জেৰীজ ।

৮। পুৰাতাত্ত্বিক খননকাৰ্য কেতিয়াৰ পৰা কেতিয়ালৈ চলিছিল ।

উত্তৰঃ ১৯৭৪ চনৰ পৰা ১৯৮৬ চনলৈ আৰু ১৯৯৭ চনৰ পৰা ২০০০ চনলৈ পুৰাতাত্ত্বিক খননকাৰ্য চলিছিল । 

৯। কিমান চনত আৰু কত মানৱ বসতিৰ প্ৰমাণ পোৱা যায় ।

উত্তৰঃ খ্ৰীষ্ট্ৰপূৰ্ব ২৬০০লৈ মেহৰগড়ত মানৱ বসতিৰ প্ৰমাণ পোৱা যায় । 

১০। কাশ্মীৰ উপত্যকাৰ পৰা উদ্ধাৰ হোৱা প্ৰথমখন নৱপ্ৰস্তৰ যুগৰ স্থানৰ নাম লিখা ।

উত্তৰঃ কাশ্মীৰ উপত্যকাৰ পৰা উদ্ধাৰ হোৱা প্ৰথমখন নৱপ্ৰস্তৰ যুগৰ স্থানৰ নাম আছিল শ্ৰীনগৰৰ উত্তৰ-পূব-দিশৰ বুৰ্জহম ।

১১। দক্ষিণ-পশ্চিম এছিয়াত ঘেঁহু আৰু য-ধানৰ খেতি কিমান বছৰৰ আগতেই কৰিছিল ।

উত্তৰঃ খ্ৰীষ্ট্ৰপূৰ্ব ৯০০০ বছৰৰ আগতেই দক্ষিণ-পূব এছিয়াত ঘেঁহু আৰু য-ধানৰ খেতি কৰিছিল ।

১২। মধ্য-পূব-চীনত কিমান বছৰৰ আগতে ধানৰ খেতি কৰিছিল ।

উত্তৰঃ খ্ৰীষ্ট্ৰপূৰ্ব ৮০০০ বছৰৰ আগতে ধানুৰ খেতি কৰিছিল ।

১৩। ভেড়া আৰু ছাগলী কেতিয়া ঘৰচীয়াকৰণ কৰা হৈছিল ।

উত্তৰঃ খ্ৰীষ্ট্ৰপূৰ্ব ৭০০০-৫০০০ বছৰৰ আগতে ভেড়া আৰু ছাগলী ঘৰচীয়াকৰণ কৰা হৈছিল ।

১৪। দক্ষিণ ভাৰতৰ নৱপ্ৰস্তৰ যুগৰ শৈল প্ৰযুক্তিৰ শ্ৰেণীবিভাজন কৰা ব্যক্তিজনৰ নাম কি ।

উত্তৰঃ দক্ষিণ ভাৰতৰ নৱপ্ৰস্তৰ যুগৰ শৈল প্ৰযুক্তিৰ শ্ৰেণীবিভাজন কৰা ব্যক্তিজনৰ নাম হল ৰবাৰ্ট ব্ৰুছ ফটে ।

১৫। কিমান চনত ব্ৰহ্মগিৰিত খননকাৰ্য চলোৱা হৈছিল ।

উত্তৰঃ ১৯৪৭ চনত ব্ৰহ্মগিৰিত খননকাৰ্য চলোৱা হৈছিল ।

১৬। মানুহে ব্যৱহাৰ কৰা প্ৰথমটো ধাতুৰ নাম কি ।

উত্তৰঃ মানিহে ব্যৱহাৰ কৰা প্ৰথমটো ধাতৰ নাম হল তাম ।

১৭। তাম্ৰ-প্ৰস্তৰ যুগৰ সংস্কৃতি কি আছিল ।

উত্তৰঃ তাম্ৰপ্ৰস্তৰ যুগৰ সংস্কৃতি আছিল গ্ৰামীণ সংস্কৃতি ।

১৮। মালৱ সংস্কৃতিৰ অৰ্থনীতিৰ মূল কি আছিল ।

উত্তৰঃ মালৱ সংস্কৃতিৰ অৰ্থনীতিৰ মূল আছিল কৃষি পশুপালন আৰু চিকাৰকাৰ্য । 

১৯। ধাতুবিদ্যাৰ বিকাশ কেতিয়া হৈছিল ।

উত্তৰঃ তাম্ৰ প্ৰস্তৰ যুগত ধাতুবিদ্যাৰ বিকাশ হৈছিল । 

২০। ভাৰতবৰ্ষৰ কত ধানৰ ঘৰচীয়াকৰণ কৰাৰ তথ্য পোৱা গৈছে ।

উত্তৰঃ ভাৰতবৰ্ষৰ কলডিহৱাৰ নামৰ ঠাইত ধানৰ ঘৰচীয়াকৰণ তথ্য পোৱা গৈছে । 

২১। নৱপ্ৰস্তৰ যুগৰ আটাইতকৈ জনাজাত স্থান বা ঠাইখনৰ নাম কি ।

উত্তৰঃ নৱপ্ৰস্তৰ যুগৰ আটাইতকৈ জনাজাত স্থান বা ঠাইখনৰ নাম হল অসমৰ উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলৰ দাওজালি হাডিং ।

২২। নৱপ্ৰস্তৰ যুগক বুজাবলৈ কি শব্দ প্ৰয়োগ কৰা হয় ।

উত্তৰঃ নৱপ্ৰস্তৰ যুগক বুজাবলৈ Aceramic বা pre-pottery Neolithic শব্দৰ প্ৰয়োগ কৰা হয় । 

২৩। পুৰাতাত্ত্বিক খনন প্ৰমাণ পোৱা দুখন ঠাইৰ নাম লিখা ।

উত্তৰঃ পুৰাতাত্ত্বিক খনন প্ৰমাণ পোৱা দুখন দুখন ঠাইৰ নাম হল 

ক) কিলে গুল মহম্মদ ।

খ) ডাম্ব চাডট ।

২৪। তাম্ৰ প্ৰস্ত আৰু নৱপ্ৰস্তৰ যুগৰ অৱশেষ কত পোৱা গৈছে ।

উত্তৰঃ বিহাৰৰ ৰোহটচ জিলাত কুন্দ্ৰা নদীৰ পাৰত অৱস্থিত চেনুৱাৰত ১মযপগৰ পৰা নৱপ্ৰস্তৰ যুগ ২য় ৰ পৰা তাম্ৰপ্ৰস্তৰ যুগৰ অৱশেষ পোৱা গৈছে । 

২৫। বুৰ্জহমক প্ৰথমতে কোন সভ্যতাৰ বুলি চিনাক্ত কৰা হৈছিল ।

উত্তৰঃ বুৰ্জহমক প্ৰথমতে হৰপ্পা সভ্যতাৰ বুলি চিনাক্ত কৰা হৈছিল ।

২৬। উত্তৰ-পূব ভাৰতত প্ৰাক-ঐতিহাসিক অধ্যয়নৰ পথপ্ৰদৰ্শকজনৰ নাম কি ।

উত্তৰঃ উত্তৰ-পূব ভাৰতত প্ৰাক-ঐতিহাসিক অধ্যয়নৰ পথপ্ৰদৰ্শকজনৰ নাম হল চাজ জন লু'বক ।

২৭। জৰৱে সংস্কৃতিৰ মূলত কত প্ৰচলিত আছিল ।

উত্তৰঃ জৰৱে সংস্কৃতি মূলতঃ মহাৰাষ্ট্ৰত প্ৰচলিত আছিল । 

চমু প্ৰশ্নঃ 

১। চীনৰ দুখন নদীৰ নাম লিখা ।

উত্তৰঃ চীনৰ দুখন নদীৰ নাম হল হোৱাংহো আৰু ইয়াংচিকিয়াং ।

২। মেছোপটেমীয়াৰ দুখন নদীৰ নাম লিখা ।

উত্তৰঃ মেছোপটেমীয়াৰ দুখন নদীৰ নাম হল 

ক) টাইগ্ৰীছ

খ) ইউফ্ৰেটিছ 

৩। ভাৰতীয় উপমহাদেশৰ নাম লিখা ।

উত্তৰঃ ভাৰতীয় উপমহাদেশৰ এখন নদীৰ নাম হল সিন্ধু নদী । 

৪। নৱপ্ৰস্তৰ যুগৰ লাংস্কৃতিক উপাদানৰ ভিত্তিত ভাৰতবৰ্ষক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ।

উত্তৰঃ নৱপ্ৰস্তৰ যুগৰ  সাংস্কৃতিক উপাদানৰ ভিত্তিত ভাৰতবৰ্ষক ৬টা ভৌগোলিক ভাগত ভগাব পাৰি যেনেঃ

ক) কাশ্মীৰ উপত্যকাসহ উত্তৰ অঞ্চল ।

খ) বিন্ধ্য অঞ্চল, বেলান উপত্যকা, আৰু বিন্ধ্য মালভূমি ( এলাহাবাদ, মিৰ্জাপুৰ, ৱেৱা আৰু সিন্ধি জিলা ) ।

গ) মধ্য-পূব অঞ্চল, উত্তৰ বিহাৰ( চৰণ জিলা ) ।

ঘ) উত্তৰ-পূব অঞ্চল, অসম আৰু কাষৰীয়া হিমালয়ৰ পাদদেশৰ অঞ্চল ।

ঙ) কেন্দ্ৰীয় পূব অঞ্চল, চোটনাগপুৰ মালভূমি সহিতে পশ্চিমবংগ আৰু উৰিষ্যা ।

চ) দক্ষিণ অঞ্চল,ভাৰতীয় উপদ্বীপীয় অঞ্চল । 

৫। নৱপ্ৰস্তৰ যুগৰ গুৰুত্বপূৰ্ণ অৱশেষ উদ্ধাৰ হোৱা দুখন ঠাইৰ নাম লিখা ।

উত্তৰঃ নৱপ্ৰস্তৰ যুগৰ গুৰুত্বপূৰ্ণ অৱশেষ উদ্ধাৰ হোৱা দুখন ঠাইৰ নাম হল 

ক) বৈশালী ।

খ) গয়া ।

৬। কৰ্ণাটকৰ হাভেৰি জিলাৰ হাল্লুৰত তিনিটা সাংস্কৃতিক কাল পোৱা যায় এই তিনিটা কালৰ নাম কি ।

উত্তৰঃ কৰ্ণাটকৰ হাভেৰি জিলাৰ হাল্লুৰত তিনিটা সাংস্কৃতিক কাল পোৱা যায় এই তিনিটা কালৰ নাম হল 

ক) নৱপ্ৰস্ত আৰু তাম্ৰপ্ৰস্তৰ যুগ ।

খ) লৌহ যুগ ।

গ) ঐতিহাসিক কাল ।

৭। প্ৰাক নৱপ্ৰস্তৰ যুগৰ দুবিধ আহিলাৰ নাম লিখা ।

উত্তৰঃ প্ৰাক নৱপ্ৰস্তৰ যুগৰ দুবিধ আহিলাৰ নাম হল 

ক) শিলৰ নিমজ আহিলা ।

খ) পোৰামাটিৰ সামগ্ৰী ।

৮। বানাচ উপত্যকা সংস্কৃতি কাক বোলে ।

উত্তৰঃ বানাচ নদীৰ পাৰত পোৱা বাবে এই সংস্কৃতিক বানাচ উপত্যকা সংস্কৃতি বোলে ।

৯। কায়থা কত অৱস্থিত ।

উত্তৰঃ কায়থা মধ্যপ্ৰদেশৰ উজ্জয়িনী জিলাত আৰু চম্বল নদীৰ উপনৈ কালী সিন্ধৰ পাৰত অৱস্থিত । 

১০। জৰৱে সংস্কৃতিৰ তিনিখন পুৰাতাত্ত্বিক স্থান বা ঠাইৰ নাম লিখা ।

উত্তৰঃ জৰৱে সংস্কৃতিৰ তিনিখন পুৰাতাত্ত্বিক স্থান বা ঠাইৰ নাম হল 

ক) গোদাবৰী উপত্যকাৰ দায়মাবাদ ।

খ) ভীম উপত্যকাৰ ইনামগাঁও ।

গ) তাপী উপত্যকাৰ প্ৰকাশ । 

১১। কিমান খ্ৰীঃত আৰু কেতিয়া তামৰ আহিলাৰ প্ৰথম ভাণ্ডাৰ উদ্ধাৰ কৰা হয় ।

উত্তৰঃ ১৮২২ খ্ৰীষ্টাব্দত উত্তৰ প্ৰদেশৰ কানপুৰ জিলাৰ বিথুৰৰ পৰা ভাৰতবৰ্ষত তামৰ আহিলাৰ ভাণ্ডাৰ প্ৰথম উদ্ধাৰ কৰা হয় ।

১২। pgw প্ৰধানকৈ কি সংস্কৃতি আছিল ।

উত্তৰঃ pgw প্ৰধানকৈ কৃষি প্ৰধান সংস্কৃতি আছিল ।

১৩। মহাপাষাণ সমাধিক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ।

উত্তৰঃ মহাপাষাণ সমাধিক তিনিটা ভাগত ভগাব পাৰি যেনে ঃ

ক) কক্ষযুক্ত সমাধি ।

খ) কক্ষহীন সমাধি ।

গ) সমাধিৰ সৈতে সম্পৰ্ক নথকা মহাপাষাণ ।

১৪। জৰৱে সংস্কৃতিৰ উল্লেখযোগ্য বৈশিষ্ট্য কি ।

উত্তৰঃ জৰৱে সংস্কৃতিৰ উল্লেখযোগ্য বৈশিষ্ট্য হল 

ক) মৃতদেহ সমাধিস্থ কৰা ব্যৱস্থা ।

১৫। ভাৰতীয় তাম্ৰপ্ৰস্তৰ যুগৰ চানেকি দেখা পোৱা দুখন ঠাইৰ নাম লিখা ।

উত্তৰঃ ভাৰতীয় তাম্ৰপ্ৰস্তৰ যুগৰ চানেকি দেখা পোৱা দুখন ঠাইৰ নাম হল 

ক) ৰাজস্থানৰ আহাৰ ।

খ) বালোথল । 

১৬। ভাৰতবৰ্ষত ধানৰ ঘৰচীয়াকৰণ হোৱাৰ প্ৰাৰম্ভিক তথ্য কেতিয়াৰ পৰা পোৱা যায় ।

উত্তৰঃ কলডিহৱাৰ পৰা ভাৰতবৰ্ষত ধানৰ ঘৰচীয়াকৰণ হোৱাৰ প্ৰাৰম্ভিক তথ্য পোৱা যায় ।

চমুটোকা লিখা ।

১.। উত্তৰ ভাৰত 

উত্তৰঃ উত্তৰ ভাৰতৰ কাশ্মীৰ উপত্যকাত হোৱা খননে নৱপ্ৰস্থৰ যিগৰ মানৱ জীৱন-প্ৰণালীৰ যথেষ্ট তথ্য পোহৰলৈ আনিছে । এই উপত্যকাৰ প্ৰধান বা মূল নদী হল ঝিলাম । কাশ্মীৰ উপত্যকাত নৱপ্ৰস্তৰ যুগৰ স্থানৰ ভিতৰত বুৰ্জহম, গুফকৰাল, কণিছপুৰ, বেগাগুণ্ড, পামপুৰ, ডামোডৰা, হাম্বুৰ, ইত্যাদিয়ে প্ৰধান । 

কাশ্মীৰ উপত্যকাত নৱপ্ৰস্তৰ যুগৰ মানৱে শিল, হাড়,আৰু শিং আহিলা নিৰ্মাণৰ উৎসৰূপে ব্যৱহাৰ কৰিছিল । কুঠাৰ,বটালী, খুন্দনা, পটা আদিৰ শিলৰ আহিলা পোৱা গৈছে । হাড় আৰু শিঙৰ পৰা মাছ ধৰা ষাঠী, বেজী, কাড়ৰ টুপ, ষাঠিৰ আগ, ডেগাৰ আদি নিৰ্মাণ কৰা হৈছিল । মূল্যৱান পাথৰ, পোৰামাটিৰ মণি,খাৰু ইত্যাদিও পোৱা গৈছে । আৰম্ভণিৰ পৰ্যায়ত হস্তনিৰ্মিত বা হাতেৰে নিৰ্মাণ কৰা মাটিৰ পাত্ৰ পাছলৈ কুমাৰ চাক মাটিৰ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হৈছিল । কিছুমান পাত্ৰত কাপোৰৰ চাপ পোৱা গৈছে । অঞ্চলটোৰ লোকসকলে ঘেঁহু, যৱ, মছুৰ,মটৰ আদিক খাদ্যৰূপে গ্ৰহণ কৰিছিল । বাসিন্দাসকলে ভেড়া, ছাগলী, মহ, গাহৰি কুকুৰ,কুকুৰা আদি ঘৰচীয়াকৰণ কৰাৰ তথ্য পোৱা যায় ।

কাশ্মীৰ উপত্যকাৰ পৰা উদ্ধাৰ হোৱা প্ৰথমখন নৱপ্ৰস্তৰ যুগৰ স্থান আছিল শ্ৰী নগৰৰ উত্তৰ-পূব-দিশৰ বুৰ্জহম । ইয়াৰ বিষয়ে ঐতিহাসিক de terra আৰু petersonয়ে ১৯৩৫ চনত তথ্য পোহৰলৈ আনিছিল । ইয়াৰ লগতে গুফকৰাল আৰু কণিছপুৰৰ খননে কাশ্মীৰ উপত্যকাত নৱপ্ৰস্তৰ যুগৰ বিকাশৰ গুৰুত্বপূৰ্ণ তথ্য দিয়ে । বুৰ্জহমক প্ৰথমে হৰপ্পা সভ্যতাৰ অংশ বুলি চিনাক্ত কৰিছিল যদিও পাছত টি.এন খাজাঞ্চীৰ নেতৃত্বত চলা খননে ইয়াৰ ঐতিহ্য নিশ্চিত কৰে । তেওঁ বুৰ্জহমত উদ্ধাৰ হোৱা পুৰাতাত্ত্বিক সমলক চাৰিটা ভাগত বিভক্ত কৰিছে নৱপ্ৰস্তৰ যুগ, তাম্ৰপ্ৰস্তৰ যুগ, প্ৰত্নপ্ৰস্তৰ যুগ আৰু ঐতিহাসিক কাল । ইয়াত এটা উন্নত হাড়ৰ হাথিয়াৰ উদ্যোগৰ বিকাশৰো প্ৰমাণ পোৱা যায় । হাড়, বেজী,ষাঠীৰ ফাল আদি পোৱা যায় । বাসিন্দাসকলে বোকা মাটিৰে প্ৰলেপ দিয়া গাঁতত বসবাসৰ প্ৰমাণ পোৱা যায় । ইয়াত ৩.৯৬ মিটাৰ দ আৰু ৪.৫৭ মিয়াৰ প্ৰস্তৰ মজিয়াৰো গাঁত উদ্ধাৰ হৈছে । সম্ভৱতঃ বাহিৰ ভিতৰ কৰিবৰ বাবে জখলাৰো ব্যৱহাৰ হৈছিল । 

২। আহাৰ সংস্কৃতি 

উত্তৰঃ আহাৰ সংস্কৃতি মূলতঃ বা প্ৰধান ৰাজস্থানৰ দক্ষিণ-পূব অংশত সীমাবদ্ধ আছিল । বানাচ নদীৰ পাৰত পোৱা বাবে এই সংস্কৃতিক বানাচ উপত্যকা সংস্কৃতি বোলা হয় । বানাচ নদী আৰু ইয়াৰ উপনৈ বেৰাচ,বাগান, কোঠাৰী, খাৰী আদিৰ পাৰত এই সংস্কৃতিয়ে প্ৰসাৰতা লাভ কৰিছিল । এই সংস্কৃতিৰ এক নিৰ্দিষ্ট মাটিৰ পাত্ৰ হল কলা আৰু ৰঙা যাৰ পৃষ্ঠাত বগা ৰঙৰ ৰেখা আৰু বিন্দু অংকনেৰে বোলাই আকৰ্ষণীয় কৰা হৈছিল । আহাৰ সংস্কৃতিৰ ৯০খনতকৈও অধিক স্থান উদ্ধাৰ হৈছে । ৰাজস্থানৰ আহাৰ, গিলোণ্ড, বাণসেন ,কেলি আলৰ আদিৰ নাম উল্লেখযোগ্য । ইয়াৰ ভিতৰত প্ৰধান হল আহাৰ,গিলুগুআৰু বালাথল । 

উদয়পুৰৰ উপকন্ঠত থকা আহাৰ আছিল এই সংস্কৃতিৰ অন্যতম উন্নত স্থান । আহাৰত সৰ্বাধিক সংখ্যকতামৰ আহিলা উদ্ধাৰ হৈছে । আৰাৱলী পাৰ্বত্য অঞ্চলৰ তামৰ খনি ইয়াৰ বাবে উৎসৰূপে ব্যৱহাৰ হৈছিল । আহাৰত ১৯৬১-৬২ চনত ঐতিহাসিক এইচ.়ি শংকালিয়াৰ নেতৃত্বত পুৰাতাত্ত্বিক খনন চলিছিল । কেঁচা ইটাৰ নিৰ্মাণ শৈলীৰো প্ৰমাণ ইয়াত পোৱা যায় । ঘৰৰ মজিয়া কলামাটিৰ লগতে পলস অথবা নদীৰ শিলগুটি মিহলাই প্ৰস্তুত কৰাৰো প্ৰমাণ পোৱা যায় । ইয়াৰ এটা গৃহৰ আয়তন দীঘলে প্ৰায় ১০.৩১ মিটাৰ আছিল । তামৰ বিভিন্ন আহিলা, সূক্ষ্ম শিলৰ আহিলা, বলধ গৰুৰ পোৰা মাটিৰ পুতলা, মূল্যৱান পাথৰৰ মণি আদি ইয়াত উদ্ধাৰ কৰা হৈছে । আহাৰত ১.৫০ মিটাৰ ব্যাসাৰ্দ্ধ আৰু ০.৬ মিটাৰ গভীৰতাৰ বৃত্তাকাৰ গাতত তামৰ ধাতুমল আৰু ছাইৰ উপস্থিতিয়ে তামৰ উদ্যোগ গঢ়ি উঠাৰ প্ৰমাণ দিয়ে । খ্ৰীষ্টপূৰ্ব ২০২৫-১২৭০ ৰ ভিতৰত আহাৰত তাম্ৰ প্ৰস্তৰ যুগৰ মানৱ বসবাসৰ প্ৰমাণ পোৱা যায় । ধান , ঘেঁহু যৱৰ কৃষিকাৰ্যৰ প্ৰমাণৰ লগতে গৰু ছাগলী, গাহৰি, ভেড়া কুকুৰ আদিৰ ঘৰচীয়াকৰণ কৰাৰ তথ্য পোৱা যায় । ৰাজচামান্দ জিলাৰ গিলুগুত ঐতিহাসিক বি.বি. লালৰ নেতৃত্বত ১৯৫৯-৬০ চনত পুৰাতাত্ত্বিক খনন চলিছিল । গিলুগুত সাধাৰণতে বোকা মাটিৰে লেপা দেৱালৰ কেঁচা ইটাৰ ঘৰ পোৱা যায় । ইয়াৰ পৰা বৃত্তাকাৰ চৌকাও উদ্ধাৰ হৈছে । ইয়াৰ পৰা উদ্ধাৰ হোৱা গৃহৰ পৰা পোৰা ইটাৰ দেৱালৰ অৱশেষ পোৱা গৈছে । মাটিৰ জন্তুৰ পুতলা, তামৰ আহিলা বা মূল্যৱান পাথৰৰ মণি এই স্থানত পোৱা গৈছে । 

৩। জৰৱে সংস্কৃতি 

উত্তৰঃ জৰৱে সংস্কৃতি মূলতঃ বা প্ৰধানকৈ মহাৰাষ্ট্ৰত প্ৰচলিত আছিল । ১৯৫০ চনত এই সংস্কৃতি পোহৰলৈ ঐহে । মহাৰাষ্ট্ৰৰ আহমদনগৰ জিলাৰ গোদাবৰী নদীৰ উপনৈ প্ৰভাৰৰ পাৰৰ জৰৱে আছিল এই সংস্কৃতিৰ উদ্ধাৰ হোৱা প্ৰথমখন পুৰাতাত্ত্বিক স্থান । ১৯৫০-৫১ চনত হাচমুখ বিৰাজললে সাংকালিয়া আৰু সান্তাৰাম বালচন্দ্ৰ দেওঁৰ নেতৃত্বত জৰৱেত খনন কাৰ্য চলাইছিল । এই সংস্কৃতিৰ প্ৰায় ২০০তকৈ অধিক স্থান বা ঠাই উদ্ধাৰ হৈছে । দায়মাবাদ, ইনামগাও প্ৰকাশ আদি । গোদাবৰী উপত্যকাৰ দায়মাূাদ, ভীম উপত্যকাৰ ইনামগাওঁ, তাপ্তী উপত্যকাৰ প্ৰকাশ --- এই তিনিওখন পুৰাতাত্ত্বিক স্থল বা ঠাইতে এই সংস্কৃতিৰ বাহকসকলে ২০ হেক্টৰতকৈ অধিক বিশাল অঞ্চলত বসতি স্থাপন কৰাৰ তথ্য পোৱা যায় । ইয়াৰ দায়মবাদ আটাইতকৈ ডাঙৰ তাম্ৰপ্ৰস্তৰ যুগৰ স্থান । ১৯৭৬-১৯৭৯ চনৰ সময়ছোৱাত এছ. এ. চেলিৰ নেতৃত্বত ভাৰতীয় পুৰাতত্ত্ব বিভাগে এই স্থানত চলোৱা খননত মানৱ বিৱৰ্তনৰ পাচটা স্তৰ পোহৰলৈ আহিছিল । প্ৰথম যুগ, মাভালডা সংস্কৃতি, দ্বিতীয় যুগ, পৰৱৰ্তী হৰপ্পা, তৃতীয় যুগ, দায়মাবাদ সংস্কৃতি, চতুৰ্থ যুগ, মালৱ সংস্কৃতি আৰু পঞ্চম যুগ আৰু জৰৱে সংস্কৃতি । জৰৱে সংস্কৃতিৰ কালৰ পৰা বোকামাটিৰে নিৰ্মিত বৰুজসহ আবৃত্ত দেৱালৰ অৱশেষ পোৱা গৈছে । সূক্ষ্ম শিলৰ আহিলা , তামৰ আহিলা, মণি আৰু পোৰামাটিৰ মূৰ্তিৰ প্ৰমাণৰ লগতে এই কালৰে পৰা প্ৰাপ্ত পোৰা মাটিৰ এটা চীলত ঘোঁৰাই টনা এখন গাড়ী বা ৰথৰ আৰ্হি পোৱা গৈছে । ইয়াত এখন ব্ৰঞ্জৰ এখন ৰথো পোৱা যায় । 

গোদাবৰী উপত্যকাৰ দায়মাবাদত ১৯৭৪ চনত আকস্মিকভাৱে উদ্ধাৰ হোৱা দায়মাবাদ ভাণ্ডাৰত ব্ৰঞ্জৰ এটা নিৰ্দিষ্ট মানদণ্ডৰ চালকসহ ৰথৰ উপৰিও হাতী, বলধ আৰু গড়ৰ প্ৰতিমূৰ্তি উদ্ধাৰ  হৈছে । সভ্যতাৰ লোকসকলে ইকৰা আৰু বোকামাটিৰে নিৰ্মাণ কৰা ঘৰত বাস কৰিছিল । ভীম উপত্যকাৰ ইনামগাঁৱত এম. কে . ধাবালিকৰ নেতৃত্বত চলা খননত এই সংস্কৃতিৰ প্ৰায় ১৩০টাতকৈ অধিক গৃহ উদ্ধাৰ হৈছে । উল্লেখযোগ্য যে ১৯৬৮ চনৰ পৰা ১৯৮৩ চনৰ সময়ছোৱাত কেবাটাও অধ্যায়ত এই স্থানত পুৰাতাত্ত্বিক খনন চলিছিল । ইয়াৰ পৰা বিকাশৰ তিনিটা স্তৰৰ তথ্য পোৱা যায় ।  

জৰৱে সংস্কৃতিৰ গৃহবিলাক আয়তাকাৰ, বৃত্তাকাৰ আছিল । ঘৰৰ ভিতৰত চৌকা আৰু ভাণ্ডাৰগাৰ পোৱা গৈছে । ধান, ঘেঁহু, যৱ, মচুৰ, মটৰ, মাটিমাহ, আদিৰে কৃষিকাৰ্যৰ প্ৰমাণ পোৱা যায় । পশপালন, চিকাৰ আৰু মাছধৰা জীৱিকা-নিৰ্বাহৰ এটা অন্যতম প্ৰধান কাৰণ আছিল । ইনামগাৱৰ দ্বিতীয় স্তৰটো বা যুগটো আটাইতকৈ শক্তিশালী আৰু সমৃদ্ধিশালী আছিল । ইয়াৰ পৰা গৰু, মহ, ছাগলী, ভেড়া, গাহৰি আদি ঘৰচীয়া পশুৰ হাড় পোৱা গৈছে । 

৪। কায়থা সংস্কৃতি 

উত্তৰঃ কায়থা মধ্যপ্ৰদেশৰ উজ্জয়িনী জিলাত আৰু চম্বল নদীৰ উপনৈ কালী সিন্ধৰ তীৰত বা পাৰত অৱস্থিত । ঐতিহাসিক কালৰ প্ৰসিদ্ধ জ্যোতিৰ্বিদ বৰাহমিহিৰৰ জন্মস্থান হিচাপে প্ৰাচীন বা কায়থা বুলি চিনাক্ত কৰা হয় । উজ্জয়িনী বিক্ৰম বিশ্ববিদ্যালয়ৰ ভি.এছ. ৱেকাঙ্কৰয়ে ১৯৬৫ চনত প্ৰথম ইয়াত খনন চলায় । পাছলৈ ডেক্কান মহাবিদ্যালয়ৰ জেদ.ডি. আনচাৰী আৰু এম. কে ধাবালিকাৰ সহযোগত এই অঞ্চলত খননকাৰ্য চলায় । এই খননে কায়থ সংস্কৃতিৰ বহুতো তথ্য পোহৰলৈ অনাৰ উপৰিও আহাৰ সংস্কৃতিয়ে ৰাজস্থানৰ মেৱাৰ অঞ্চলৰ বাহিৰত মালৱ অঞ্চলটো প্ৰভাৱ বিস্তাৰ কৰাৰ বিষয়ে তথ্য দিয়ে । কায়থৰ পুৰাতাত্ত্বিক খননে এই অঞ্চলত পাচটা সংস্কৃতিৰ অস্তিত্ব পোহৰলৈ আনে 

ক) কায়থা সংস্কৃতি 

খ) আহাৰ সংস্কৃতি 

গ) মালৱ সংস্কৃতি 

ঘ) প্ৰাৰম্ভিক ঐতিহাসিক কাল 

ঙ) শূঙ্গ-কুষাণ-গুপ্ত কাল 

কায়থা সংস্কৃতিৰ বিশেষত্ব হৈছে চকলেট ৰঙৰ লেপ লগোৱা মাটিৰ পাত্ৰ বা চাকত নিৰ্মাণ কৰা মাটিৰ পাত্ৰবোৰ এত নিৰ্দিষ্ট মানদণ্ডৰ । পাত্ৰবোৰৰ ওপৰ অংশত বেঙুনীয়া বা গাঢ় ৰঙা ৰেখাকৃতি অংকন কৰা হৈছিল । আন এক প্ৰকাৰৰ আপেক্ষাকৃতভাৱে কম মোটা মাটিৰ পাত্ৰৰ ওপৰত ৰঙা ৰঙত ৰেখা আৰু জ্যামিতিক আকৃতি চিত্ৰিত কৰা হৈছিল । তৃতীয় এক প্ৰকাৰৰ মাটিৰ পাত্ৰৰ ওপৰত ফনিৰ দৰে আকাৰৰ সামগ্ৰীৰে টোপোলা আৰু বেকাবেকি ৰেখা ফুটাই তোলা হৈছিল । কায়থাত উন্নত মানদণ্ডৰ তামৰ প্ৰমাণ পোৱা যায় । যত তামৰ কুঠাৰ, বটালী, আৰু খাৰু উদ্ধাৰ কৰা হৈছে । সাঁজত ঢালি নিৰ্মাণ কৰা দুখন তামৰ কুঠাৰ ইয়াৰ ভিতৰত উল্লেখযোগ্য । ধৰাল কুঠাৰ উপস্থিতিয়ে নিশ্চিতভাৱে কায়থা সংস্কৃতিৰ বাহকসকলক ঘন অৰণ্য মুকলি কৰাত সহায় কৰিছিল । দুটা কলহত ক্ৰমে ১৭৩ টা প্ৰগেট আৰু ১৬০ টা কাৰ্নেলিয়ানৰ একোডাল হাৰ উদ্ধাৰ হোৱাৰ উপৰিও এটা কলহৰ পৰা ৪০,০০০তকৈ অধিক ষ্টেটাইটৰ সূক্ষ্ম মণি পোৱা গৈছে ।  বাসিন্দাসকলে ইকৰা আৰু বোকামাটিৰে নিৰ্মাণ কৰা ঘৰত বাস কৰিছিল । তেওঁলোকে ঘেঁহু আৰু যৱধান খাদ্যৰূপে খেতি কৰিছিল । ছাগলী, গৰু, ভেড়া, ঘৰচীয়াকৰণ কৰিছিল । ঘোঁৰাৰ হাড়ো ইয়াত উদ্ধাৰ হৈছে । কায়থাত লোকসকলে হঠাতে তেওঁলোকৰ সম্পত্তি এৰি আন ঠাইলৈ গুচি যোৱাৰ অনুমান কৰা হয় । 

৫। মালৱ সংস্কৃতি 

উত্তৰঃ মালৱ সংস্কৃতি প্ৰধানত নৰ্মদা নদী আৰু ইয়াৰ উপনদীসমূহ কেন্দ্ৰ কৰি গঢ়ি উঠিছিল । এই সংস্কৃতি মধ্যভাৰতৰ অন্যতম প্ৰধান তাম্ৰপ্ৰস্তৰ সংস্কৃতি । এই সংস্কৃতি প্ৰথম উদ্ধাৰ হয় মধ্যপ্ৰদেশৰ নৰ্মদা নদীৰ পাৰৰ মহেশ্বৰৰ পৰা যাক পুৰাণত উল্লেখিত মহিশমতি ৰূপে চিনাক্ত কৰা হৈছে । এই সংস্কৃতিৰ উল্লেখযোগ্য উদাহৰণ হল নভদাটলী, এৰান, নাগদা, মহেশ্বৰ ইত্যাদি । খ্ৰীষ্টপূৰ্ব ১৯০০-১৪০০ৰ ভিতৰত মালৱ সংস্কৃতিয়ে প্ৰসাৰতা লাভ কৰিছিল । মালৱ সংস্কৃতিৰ উল্লেখযোগ্য বৈশিষ্ট্য হৈছে malwa ware যাৰ cream বা buff slipped পৃষ্ঠত কলা বা গাঢ় মুগা বৰণীয়া ৰেখাচিত্ৰ খোদিত থাকে ।

এৰান আৰু নাগদাত এখন ডাঙৰ দেৱাল পোৱা গৈছে । বাসিন্দাসকলে ইকৰা আৰু বোকা মাটিৰে নিৰ্মাণ কৰা ঘৰত বাস কৰিছিল । নাগদাত কেঁচা ইটা আৰু পোৰা ইটাৰ ব্যৱহাৰ দেখা যায় ।  কেইবাটাও কোঠালিৰ ঘৰ আৰু চৌকাও পোৱা গৈছে । নাগদাত মূলপথ আৰু উপপথৰ কাষত শাৰী-শাৰীকৈ বাসগৃহ নিৰ্মাণৰ তথ্য পোৱা যায় । নভদাটলীত চলা খননত বৃত্তাকাৰ পঁজা আৰু আয়তআকাৰ গৃহৰ অৱশেষ পোৱা গৈছে । গৃহৰ দেৱাল মাটিৰে লিপাৰ লগতে খেৰৰ মুধচ ধৰি ৰাখিবলৈ কাঠৰ খুটা ব্যৱহাৰ কৰা হৈছিল । নভাদাটলীত এক ডা ঙৰ এলেকাত আৱাসভূমি বিস্তৃত আছিল যদিও এৰাল আৰু নাগদাৰ দৰে ইয়াত ডাঙৰ দেৱালৰ কোনো সুৰক্ষা কবচ নাছিল । ইয়াত বত্তকাৰ পজাবিলাক প্ৰায় ৩ মিটাৰ ব্যাসাৰ্দ্ধৰ তথা আয়তাকাৰ গৃহৰ আয়তন প্ৰায় ৩ মিটাৰ x ২.২ মিটাৰ । গৃহসমূহৰ মজিয়া নদীৰ পলস, শিলগুটি আৰু মাটিৰে প্ৰস্তুত কৰা হৈছিল । ঘৰসমূহৰ পৰা এটা বা দুটা চৌকা বা শস্য সংগ্ৰহ কৰি ৰখা পাত্ৰও পোৱা গৈছে 1। মালৱ সংস্কৃতিৰ অৰ্থনীতিৰ মূল আছিল কৃষি পশুপালন আৰু চিকাৰ । তেওঁলোকে শিলৰ আহিলাৰ লগতে তামৰ সজুঁলিৰ সৈতে অভ্যস্ত আছিল । তামৰ কুঠাৰ, বটালি, কাড়ৰ টুপ আদি আহিলাৰ উপৰিও মণি, খাৰু আদি উদ্ধাৰ হৈছে । তেওঁলোকে ৰবি আৰু খাৰিফ শস্যৰ কৃষিকাৰ্য কৰাৰ উপৰিও বিভিন্ন জন্তুৰ পশুপালনৰে জড়িত আছিল । মালৱ মালভূমিৰ সাৰুৱা কলা ভূমিয়ে কৃষিকাৰ্যৰ বাবে পৰ্যাপ্ত সুবিধা আগবঢ়াইছিল । ধান, ঘেঁহু, যৱ আদি খাদ্য শস্যৰূপে গ্ৰহণ আৰু মহ ,গৰু, ছাগলী, আৰু ভেড়া পালনৰ প্ৰমাণ পোৱা যায় । মাছ, কাছ তথা হৰিণ, কৃষ্ণমৃগ , নীলগাই আদিৰ হাড়ৰ অৱশেষে প্ৰমাণ কৰে যে মাছ ধৰা আৰু অৰ্থনীতিৰ বিভিন্ন অংগ আছিল । মহাৰাষ্ট্ৰৰ দায়মাবাদৰ চতুৰ্থ যুগ ইনামগাঁৱৰ প্ৰথম যুগৰ পৰাও মালৱ সংস্কৃতিৰ বহু তথ্য পোৱা যায় । দায়মাবাদৰ পৰা এই সংস্কৃতিৰ প্ৰতিনিধিত্ব কৰা স্তৰৰ পৰা শিল আৰু তামৰ আহিলা, ঘৰ, তিনি প্ৰকাৰৰ ঘেঁহু, মচুৰ, মাহজাতীয় শস্যৰ অৱশেষ পোৱা গৈছে । গৃহৰ প্ৰমাণত যজ্ঞ বেদীৰ উপস্থিতি মন কৰিবলগীয়া 

ৰচনাধৰ্মী প্ৰশ্নঃ

১। তাম্ৰপ্ৰস্তৰ যুগৰ বিষয়ে লিখা ।

উত্তৰঃ ইংৰাজী chalcolithic শব্দটো গ্ৰীকবাষাৰ khalkos বা তাম আৰু Lithos বা শিলৰ পৰা আহিছে । তাম্ৰপ্ৰস্তৰ যুগক লেটিন ভাষাত তামৰ প্ৰতিশব্দ aeneus ইৰ পৰা Eneolithic বা Aeneolithic অহা বুলিও জনা যায় । বহু ক্ষেত্ৰত তাম্ৰপ্ৰস্তৰ যুগক হাঙৰ নৱপ্ৰস্তৰ যুগৰে এটা অংশহিচাপে বিবেচনা কৰা হয় । নৱপ্ৰস্তৰ যুগ আৰু ব্ৰঞ্জ যুগৰ মাজৰ এক যোগসূত্ৰৰূপে তাম্ৰপ্ৰস্তৰ যুগক চিহ্নিত কৰা হয় । এই যুগৰ ধাতুশিল্পত বিশেষতঃ তামৰ প্ৰভূত্ব আছিল । ১৮৮১ চনত ইংলেণ্ডৰ জন ইভানচয়ে প্ৰথমবাৰলৈ তামক ব্ৰঞ্জৰ পূৰ্বসুৰীৰূপে চিনাক্ত কৰি তাম্ৰযুগ আৰু ব্ৰঞ্জ যুগৰ মাজৰ বিভাজন আনিছিল । 

ধাতুৰ ভিতৰত মানৱে প্ৰথম ব্যৱহাৰ কৰিছিল তাম । তাম্ৰ প্ৰস্তৰ যুগত মানৱে তাম আৰু শিলৰ আহিলা একেসময়তে ব্যৱহাৰ কৰিছিল । শিলৰ পৰা ধাতুলৈ মানৱ সংস্কৃতিৰ উত্তৰণৰ প্ৰক্ৰিয়া আছিল ধীৰ অথচ ক্ৰমানুগত । তদুপৰি প্ৰাৰম্ভিক ধাতু আৰু নৱপ্ৰস্তৰ যুগৰ আহিলাৰ মাজত যথেষ্ট সাদৃশ্য থকা দেখা যায় । কিন্তু ভাৰতবৰ্ষত বিভিন্ন প্ৰান্তত ধাতুৰ আৰম্ভণিৰ ক্ষেত্ৰত কোনো সামঞ্জস্যতা পৰিলক্ষিত নহয় । এই সময়ত মানৱে পশুপালন আৰু কৃষিকাৰ্যৰ যোগেদি জীৱন-যাপন কৰিছিল । কৃষিকাৰ্যৰ ক্ষেত্ৰত তাম্ৰপ্ৰস্তৰ যুগত মানৱ যথেষ্ট আগবাঢ়ি গৈছিল । ভাৰতীয় উপমহাদেশত খ্ৰীষ্ট্ৰপূৰ্ব ৩০০০ মানৰ পৰাই তাম ব্যৱহাৰৰ প্ৰমাণ পোৱা যায় ।  তাম্ৰপ্ৰস্তৰ যুগৰ সংস্কৃতি আছিল মূলতঃ গ্ৰামীণ সংস্কৃতি । ইয়াত অৱশ্যে নগৰীকৰণ আৰম্ভণিৰ প্ৰমাণ পোৱা যায় । তাম্ৰ প্ৰস্তৰ যুগৰ প্ৰায়বোৰ স্থল হৰপ্পা সভ্যতাৰ সমসাময়িক বা তাৰো পাছৰ আছিল । কিন্তু হৰপ্পা সভ্যতা এক বিস্তৃ অঞ্চলত প্ৰসাৰিত হৈ থকা সত্বেও তাৰ কিছুমান উমৈহতীয়া লক্ষণ দেখাৰ বিপৰীতে এই সংস্কৃতিৰ ক্ষেত্ৰত কিছুমান আঞ্চলিক পৰিচয় দেখা যায় । ইয়াৰ মূল পাৰ্থক্য দেখা যায় মাটিৰ পাত্ৰৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ।  ভাৰতীয় তাম্ৰপ্ৰস্তৰ যুগৰ চানেকী দেখা যায় ৰাজস্থানৰ আহাৰ, গিলেণ্ড, বালোথল, মধ্যপ্ৰদেশৰ  কায়থা আৰু এৰাত্ৰ, মহাৰাষ্ট্ৰৰ জৰৱে, নেভাচা, দায়মাবাদ, ইনামগাওঁ, প্ৰকাশ আৰু নাচিক, উত্তৰ প্ৰদেশৰ নাৰহন, পশ্চিমবংগৰ পাম্ডুৰাজাৰ ধিবি, ভৰতপুৰ, মহিষাদল ইত্যাদি  । তেোঁলোকৰ অৰ্থনীতিৰ মূল বিত্তি আছিল কৃষি, পশুপালন, চিকাৰ আৰু মাছ ধৰা । তাম্ৰপ্ৰস্তৰ যুগৰ কৃষিজাত শস্যৰ ভিতৰত প্ৰধান আছিল ধান, ঘেঁহু, মচুৰমাহ, মটৰ, মাটিমাহ ইত্যাদি । খনন কাৰ্যৰ পৰা এই যুগত গৰু, মহ, ছাগলী, কুকুৰ, গাহৰি ,কুকুৰ, কুকুৰা, ঘোৰাৰ পশুপালনৰ প্ৰমাণ পোৱা যায় ।

তাম্ৰপ্ৰস্তৰ সংস্কৃতিৰ অন্যতম বৈশিষ্ট্য আছিল ব্যৱহাৰ কৰা মাটিৰপাত্ৰ  আৰু ইয়াৰ বিশেষ প্ৰকাৰ। তাম্ৰপ্ৰস্তৰ সংস্কৃতিয়ে ৰাজস্থান, মধ্যপ্ৰদেশ, গুজৰাট, আৰু মহাৰাষ্ট্ৰৰ অঞ্চল বিশেষ প্ৰসাৰতা লাভ কৰিছিল । ইয়াৰ ভিতৰত উল্লেখযোগ্য হল 

ক) আহাৰ সংস্কৃতিঃ আহাৰ সংস্কৃতি মূলতঃ বা প্ৰধানত ৰাজস্থানৰ দক্ষিণ-পূব অংশত সীমাবদ্ধ আছিল । বানাচ নদীৰ পাৰত গঢ় লৈ উঠা কাৰণে এই সংস্কৃতিক বানাচ উপত্যকা সংস্কৃতি বোলা হয় । বানাচ নদী আৰু ইয়াৰ উপনৈ বেৰাচ, ৱাগান, কোঠাৰী, খাৰী আদিৰ পাৰত এই সংস্কৃতিয়ে প্ৰসাৰত লাভ কৰিছিল । এই সংস্কৃতিৰ এক নিৰ্দিষ্ট মাটিৰ পাত্ৰ হল কলা আৰু ৰঙা যাৰ পৃষ্ঠত বগা ৰঙৰ ৰেখা আৰু বিন্দু  অংকনেৰে বোলাই আকৰ্ষণীয় কৰা হৈছিল । আহাৰ সংস্কৃতিৰ ৯০ খনতকৈ অধিক স্থান উদ্ধাৰ হৈছে । ৰাজস্থানৰ আহাৰ, গিলোম্ড, বাণসেন, কেলি, বালাথল, আলৰ, পিণ্ড, খৰ, চম্পাখেৰি, জৱেৰা, তাৰাৱাট, মধ্যপ্ৰদেশৰ জৱাৰ, মাণ্ডচৰ, কায়থা, দংগৱাৰ আদিৰ নাম উল্লেখযোগ্য । উদয়পুৰৰ উপকন্ঠত  থকা আহাৰ আছিল এই সংস্কৃতিৰ অন্যতম উন্নত স্থান । আহাৰত সৰ্বাধিক সংস্খ্যক তামৰ আহিলা পোৱা গৈছে । আৰাৱলী পাৰ্বত্য অঞ্চলৰ তামৰ খনি ইয়াৰ বাবে এক প্ৰধান আহিলাৰূপে ব্যৱহাৰ হৈছিল । 


২। নৱপ্ৰস্তৰ সংস্কৃতিৰ আঞ্চলিক আৰু স্তৰ হিভাজনৰ বিষয়ে লিখা ।

উত্তৰঃ হিমযুগৰ অৱসানৰ ফলত পৃথিৱীৰ জলবায়ুলৈ পৰিৱৰ্তন আহি বৰষুণৰ পৰিমাণ বৃদ্ধি পায়, ভূমিৰ অনুৰ্বতা দূৰ হয় আৰু মানৱৰ খাদ্যৰ চাহিদা পূৰণ কৰিব পৰাকৈ নতুন নতুন উদ্ভিদৰ আগমন ঘটে । এনে সময়তে মানৱে ঠায়ে-ঠায়ে পশুপালনৰ লগতে বীজ সংৰক্ষণ আৰু ভূমি চহাই কোমল কৰি শস্য ৰোপণ , বনৰীয়া জন্তু আৰু অন্য আক্ৰমণকাৰীৰ পৰা সুৰক্ষা তথা সময়ত শস্য চপাই খাদ্যৰূপে গ্ৰহণ কৰাৰ দৰে প্ৰক্ৰিয়াত জড়িত হৈ পৰিল । যেতিয়া এই কাৰ্যৰ পুনৰাবৃত্তি ঘটিল, লাহে-লাহে মানৱৰ খাদ্যৰ উপযোগী শস্যৰো ঘৰচীয়াকৰণ হবলৈ ধৰিলে আৰু কৃষিকাৰ্যই এক নিয়মিত ৰূপ ললে । 

বিশ্বৰ প্ৰাৰম্ভিক কৃষিপ্ৰধান সমাজবিলাকৰ আগমন ঘটে আনুমানিক খ্ৰীষ্ট্ৰপূৰ্ব ৮০০০ বছৰ মানৰ পৰা । দক্ষিণ -পশ্চিম এছিয়াত প্ৰথমবাৰলৈ ঘেঁহু, যৱধান আৰু মধ্য-পূব চীনত ধানখেতি আয়ত্বকৰণৰ প্ৰমাণো পোৱা যায় । আনহাতে, এই অঞ্চলত ঘৰচীয়াকৰণ কৰা প্ৰাৰম্ভিৰ জন্তু আছিল । ছাগলী আৰু ভেড়া ।  মানৱ জীৱনলৈ অহা এই সুদুৰপ্ৰসাৰী পৰিৱৰ্তন সূচাবলৈ নৱপ্ৰস্তৰ শব্দটো ব্যৱহাৰ কৰা হয় । ইংলেণ্ডৰ চাৰ জন লুবকে ১৮৬৫ চনত প্ৰথম এই শব্দটো প্ৰচলন ঘটায় । আনহাতে, ভি, জৰ্ডন চিল্ডে ১৯২৩ চনত এই পৰিৱৰ্তন বুজাবলৈ এই শব্দটো প্ৰয়োগ কৰিছে । মাইলচ বুৰকিটে কৃষিকাৰ্য, পশুপালন, যিকোনো বস্তু গুড়ি কৰা বা নিমজ কৰা আহিলাৰ ব্যৱহাৰ আৰু কুমাৰ শিল্পক এই যুগৰ চাৰিটা মূল বৈশিষ্ট্য হিচাপে উল্লেখ কৰিছে । নৱপ্ৰস্তৰ যুগৰ আৰম্ভণি কালৰ মানৱ বসতিৰ পুৰাতাত্ত্বিক তথ্য জৰ্দান, ইৰাণ, তুৰস্ক, চিৰিয়া আদি দেশৰ পৰা উদ্ধাৰ হৈছে । পশুপালন আৰু কৃষিকাৰ্যৰ জৰিয়তে স্থায়ী সমাজৰ বিকাশে নৱপ্ৰস্তৰ যুগৰ মানৱক প্ৰকৃতিৰ ওপৰত এক বিশেষ ধৰণৰ হস্তক্ষেপৰ সুবিধা প্ৰদান কৰে । উদ্ভিদ আৰু জীৱক ইয়াৰ প্ৰাকৃতিক আৱাসৰ পৰা স্থানান্তৰিত কৰি মানৱে নিজৰ সুবিধাৰ কাৰণে কৃত্ৰিম পৰিৱেশত থকাৰ ব্যৱস্থা কৰে । প্ৰকৃতিৰ সৈতে বা লগত সম্পূৰ্ণ সুকীয়া সম্বন্ধ স্থাপন কৰে । এই নতুন সম্বন্ধই হৈছে মানৱ জীৱনৰ পৰৱৰ্তী দিনৰ বিকাশৰ কালত হোৱা প্ৰযুক্তিগত, পৰিৱৰ্তন, খাদ্যঅভ্যাসৰ সলনি আৰু অপৰ্যাপ্ত খাদ্য সম্ভাৰ, জনসংখ্যা আৰু নিবাসস্থলৰ পৰিসৰ বৃদ্ধি তথা অধিক জটিল সামাজিক আৰু ৰাজনৈতিক সংগঠনৰ জন্মৰ মূল বা প্ৰধান কথা । 

উল্লেখযোগ্য যে দক্ষিণ-পশ্চিম এছিয়াত ঘেঁহু আৰু যৱধানৰ খেতি আয়ত্বকৰণ হৈছিল খ্ৰীষ্ট্ৰপূৰ্ব ৯০০০ বছৰৰ পূৰ্বেই । মধ্য-পূব চীনৰ পৰা ধানৰ খেতি কৰাৰ প্ৰমাণ পোৱা গৈছে খ্ৰীষ্ট্ৰপূৰ্ব ৮০০০ বছৰৰ আগতেই । আনহাতে ভাৰতীয় উপমহাদেশৰ পৰা ঘেঁহু আৰু যৱধানৰ কৃষিকাৰ্যৰ প্ৰমাণ আহিছে আনুমানিক খ্ৰীষ্ট্ৰপূৰ্ব ৭০০০-৬০০০ বছৰৰ আগৰ । গংগা উপত্যকাত খ্ৰীষ্ট্ৰপূৰ্ব ৩০০০ বছৰৰ আগতে ধানৰ কৃষিকাৰ্যই প্ৰাধান্য পাইছে । একেদৰে পশুপালনৰ ক্ষেত্ৰতো চিৰিয়া আৰু পেলেষ্টাইনৰ অঞ্চল বিশেষে খ্ৰীষ্ট্ৰপূৰ্ব ৮০০০-৭০০০ বছৰৰ আগতে ভেড়া আৰু ছাগলী ঘৰচীয়াকৰণ কৰা হৈছে ।  জন্তুৰ ঘৰচীয়াকৰণ কৰাৰ ক্ষেত্ৰত উল্লিখিত পৰ্যায়বিলাকেৰে মানৱ আৰু জন্তুৰ সম্পৰ্ক পৰিৱৰ্তিত হোৱাৰ বিষয়ে ঐতিহাসিক এ .ঘোষে উল্লেখ কৰিছে ১) শিথিল সম্পৰ্ক, ২) বন্দিত্বৰ যোগেদি পোহ মনোৱা, ৩) নিৰ্বাচিত প্ৰজনন, ৪) প্ৰাৰম্ভিক ঘৰচীয়াকৰণ, ৫) প্ৰজনন কৰা প্ৰজাতিৰ পৰিকল্পিত বিকাশ, আৰু ৬। বনৰীয়া পূৰ্বজৰ ক্ৰমাগত নিৰ্মূল কৰা । নৱপ্ৰস্তৰ যুগত বিকশিত শৈল উদ্যোগৰ এক নিজস্ব পৰিচয় আছে । কৃষি আৰু ইয়াৰ সৈতে জড়িত আনুষংগিক  কাৰ্য যেনে- হাবি-জংঘল মুকলি , মাটি চহোৱা, শস্যৰ বীজ ৰোপণ , ফচল কটা, গুড়ি কৰা আদিৰ বাবে বিশেষ আহিলাৰ উদ্ভাৱন আৰু প্ৰয়োগ হয় । এই যুগৰ শিলৰ আহিলাসমূহ যথেষ্ট উন্নত আৰু উপযোগী আছিল । 

৩। ভাৰতবৰ্ষত নৱপ্ৰস্তৰ যুগৰ বিকাশৰ বিষয়ে লিখা ।

উত্তৰঃ ভাৰতীয় উপমহাদেশত অঞ্চল বিশেষে প্ৰাপ্ত নৱপ্ৰস্তৰ যুগৰ তথ্যত বিবিধতা পৰিলক্ষিত হয় । উত্তৰ বিন্ধ্য অঞ্চলকে ধৰি কিছুমান অঞ্চলত নৱপ্ৰস্তৰ যুগৰ সংস্কৃতি মধ্যপ্ৰস্তৰ যুগৰে উত্তৰণ যদিও আন কোনো অঞ্চল, যেনে উত্তৰ-পশ্চিম ভাৰতত মানৱ সমাজ আৰম্ভ হৈছে নৱপ্ৰস্তৰ যুগৰ পৰাহে । আকৌ কিছুমান অঞ্চল সম্পূৰ্ণৰূপে নৱপ্ৰস্তৰ যুগৰ স্বাক্ষৰ বহনকাৰী স্থান যদিও আন কিছুমানত নৱপ্ৰস্তৰ যুগ আৰু তাম্ৰপ্ৰস্তৰ যুগৰ সাংস্কৃতিক উপাদান উপৰি-উপৰি হোৱা দেখা যায় । নৱপ্ৰস্তৰ যুগৰ মৌলিক উপাদানৰ লগতে এনে অঞ্চলত ধাতু, বিশেষকৈ তামৰ বহুল প্ৰচলন দেখা যায় । ভাৰতীয় উপমহাদেশৰ পৰা প্ৰথমবাৰৰ বাবে ঘেঁহু আৰু যৱধানৰ খেতিৰে ভেড়া আৰু ছাগলীৰ পশুপালনসহ এক স্থায়ী কৃষিজীৱী মানৱ জীৱনৰ প্ৰমাণ বৰ্তমান বেলুচিস্তানৰ অন্তৰ্গত বলান নদীৰ  উপকন্ঠৰ মেহৰগড়ৰ পৰা পোৱা যায় । পুৰাতাত্ত্বিক দিশৰ পৰা গুৰুত্বপূৰ্ণ এই স্থানত প্ৰথম খননকাৰ্য চলিছিল ফৰাচী পুৰাতত্ত্ববিদ জে. এফ জেৰিয়াচৰ নেতৃত্বত । একেদৰে মেহৰগড়ত প্ৰায় ২০০ হেক্টৰ জোৰা এক বিস্তৃত অঞ্চলত প্ৰাপ্ত পুৰাতাত্ত্বিক সমলৰ অধ্যয়নে ভাৰতীয় উপমহাদেশত মানৱ জীৱনৰ বিকাশৰ বহুতো তথ্য পোহৰলৈ অনাত সহায় কৰিছে । এই স্থানত ১৯৭৪ চনৰ পৰা ১৯৮৬ চনলৈ আৰু ১৯৯৭ চনৰ পৰা ২০০০ চনলৈ পুৰাতাত্ত্বিক খননকাৰ্য চলিছিল । খ্ৰীষ্ট্ৰপূৰ্ব ৭০০০ বছৰৰ পূৰ্বৰ পৰা বিভিন্ন সময়ৰ মানৱ মানৱ জীৱনৰ বিকাশৰ কাহিনী ব্যাখ্যা কৰা মেহৰগড়ে ভাৰতীয় সভ্যতাৰ বিকাশতো আলোকপাত কৰে । মেহৰগড়ত খ্ৰীষ্ট্ৰপূৰ্ব  ২৬০০ লৈ কেবাটাও পৰ্যায় মানৱ বসতিৰ প্ৰমাণ পোৱা যায় । ইয়াৰ প্ৰথম যুগলৈকে চিকাৰ আৰু খাদ্য সংগ্ৰহৰ পৰা জীৱন-নিৰ্বাহৰ বাবে মানৱৰ পশুপালন আৰু কৃষিকাৰ্যত বৰ্দ্ধিত নিৰ্ভৰশীলতাৰ তথ্য পোহৰলৈ আহে । দ্বিতীয় যুগত হাতেৰে নিৰ্মাণ আৰু চাকত নিৰ্মাণ কৰা মাটিৰ পাত্ৰ আৰু তৃতীয় যুগত সমাধিক্ষেত্ৰৰ লগতে ডাঙৰ হাৰত চাকত নিৰ্মাণ বা অংকন কৰা পাত্ৰ, পোৰামাটিৰ বলধ গৰু, তামৰ অৱশেষ, মূল্যৱান শিল, লেপিজ লজোলি, কাৰ্নেলিয়ান, টাৰকইজ, এগেট আদিৰ অলংকাৰ উদ্ধাৰ হৈছে । ইতিহাস ডি.কে. চক্ৰৱৰ্তীৰ মতে চতুৰ্থ যুগৰ পৰা মেহৰগড়ৰ আৱাসস্থলৰ পৰিসৰ বৃদ্ধি পোৱাৰ লগতে বৰ্দ্ধিত কৃষিকাৰ্য আৰু কলাত্মক কাৰ্যকলাপৰ আভাস পোৱা যায় । ইতিহাসবিদ জেৰিজৰ মতে মেহৰগড়ৰ চতুৰ্থ যুগৰ কাষৰীয়া সিন্ধু সভ্যতাৰ স্থান নৌচাৰোৰ আৰম্ভণিৰো পৰ্বৰ ।

মধ্য এছিয়াৰ দক্ষিণাংশ আৰু সিন্ধু উপত্যকাৰ মাজৰ গুৰুত্বপূৰ্ণ যোগসূত্ৰৰূপে প্ৰাচীন কালত বেলুচিস্তানৰ যথেষ্ট মহত্ব আছিল । মেহৰগড়ৰ পৰা কুৱেটা উপত্যকাৰ দিশত মানৱ জীৱন প্ৰসাৰৰ অস্তিত্ব কিলে গুল মহম্মদ, ডাম্ব চাডট আদি ঠাইতপুৰাতাত্ত্বিক খননে প্ৰমাণ কৰিছে । খ্ৰীষ্টপূৰ্ব ৫৫০০ বা তাৰো পূৰ্বে কিলে গুল মহম্মদত মানৱ জীৱন আৰম্ভণিৰ তথ্য পোৱা যায় । ইয়াৰ প্ৰথম যুগত মানৱে ক্ষুদ্ৰ শিলৰ আহিলা ব্যৱহাৰ কৰা, মাটিৰ নিবাসত বাস কৰা আৰু ভেড়া,ছাগলী, গাধ, ঘোৰা আদি ঘৰচীয়াকৰণৰ প্ৰমাণ পোৱা যায় । সেইদৰে দ্বিতীয় যুগত হস্তনিৰ্মিত বা হাতেৰে নিৰ্মাণ কৰা মাটিৰ পাত্ৰ তৃতীয় যুগত কুমাৰ চাকত বনোৱা পাত্ৰ, জ্যামিতিক ৰূপাঙ্কনেৰে black -on-red ware বা তামৰ আহিলা পোৱা গৈছে । 

৪। তামৰ ভাণ্ডাৰৰ বিষয়ে লিখা ।

উত্তৰঃ copper Hoard Tools বা তামৰ আহিলাৰ ভাণ্ডাৰ ভাণ্ডাৰ প্ৰধানকৈ ভাৰতীয় উপমহাদেশৰ উত্তৰ প্ৰান্তৰ পৰা পোৱা গৈছে । অৱশ্যে ইয়াৰ সময় বা বিকাশৰ স্তৰ ঠাৱৰ কৰা অত্যন্ত কঠিন, যিহেতু অধিক তামৰ ভাণ্ডাৰেই আকস্মিকভাৱে প্ৰাপ্ত হোৱা ।ocp সংস্কৃতিৰে ইয়াৰ সম্পৰ্ক দেখা যায় । 

ভাৰতবৰ্ষত তামৰ আহিলাৰ ভাণ্ডাৰ প্ৰথম উদ্ধাৰ হয় ১৮২২ খ্ৰীষ্ট্ৰাব্দত উত্তৰ প্ৰদেশৰ কানপুৰ জিলাৰ বিথুৰৰ পৰা যেতিয়া এডাল তামৰ হাৰ্পোন পোৱা যায় । ইয়াৰ পাছৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰধানকৈ ভাণ্ডাৰ হিচাপে সহস্ৰাধিক তামৰ আহিলা উদ্ধাৰ হৈছে । উজনি গঙ্গা উপত্যকাৰ পৰা বংগদেশ আৰু উৰিষ্যা পৰ্যন্ত ৯০তকৈ অধিক স্থানৰ পৰা তামৰ ভাণ্ডাৰ পোৱা গৈছে । হাৰিয়ানা, ৰাজস্থান, , মধ্যপ্ৰদেশ, আদিৰ পৰাও তামৰ বহু সংখ্যক ভাণ্ডাৰ উদ্ধাৰ হৈছে । ইয়াৰোপৰি গুজৰাট, কৰ্ণাটক, কেৰেলা আৰু তামিলনাডুৰ পৰাও ইয়াৰ প্ৰমাণ পোৱা গৈছে । উত্তৰ প্ৰদেশৰ ইটাৱা জিলাৰ চাইপাই পৰা ocp স্তৰৰ পৰা তামৰ ভাণ্ডাৰ পোৱা গৈছে । আন এক গুৰুত্বপূৰ্ণ তামৰ ভাণ্ডাৰ উদ্ধাৰ হৈছে মধ্যপ্ৰদেশৰ ঘাংঘাৰিয়াৰ পৰা ,যত একেটা ভাণ্ডাৰত প্ৰায় ২০০ কেজি ওজনৰ ৪২৪ টা আহিলা পোৱা গৈছে । ইয়াত ১০২ টা ৰূপৰ আহিলাও উদ্ধাৰ হৈছে । 

তামৰ আহিলাৰ ভাণ্ডাৰৰ অধিকঅংশই চিকাৰ কাৰ্যৰ লগত জড়িত থকা যেন ধাৰণা হয় । ইয়াৰ ভিতৰত আছে হাৰ্পোন, ষাঠিৰ টোপ, তৰোৱাল বা আকৃতি ইত্যাদি । ইতিহাসবিদ মাখন লালে তামৰ ভাণ্ডাৰ সম্পৰ্কে থকা অঞ্চলসমূহক তিনিটা মণ্ডলত ভাগ কৰিছে 

ক) মণ্ডল-- পশ্চিমবংগ, বিহাৰ আৰু উৰিষ্যা । ইয়াৰ পৰা flat bar, shouldered celt, double Axe পোৱা গৈছে । 

খ) মণ্ডলঃ হাৰিয়ানা আৰু উত্তৰ প্ৰদেশ Anthropomorphic আকৃতি, Antennae হাৰ্পোন, আৰু bar celt পোৱা গৈছে । 

গ) মণ্ডল ঃ ৰাজস্থান flat celt আৰু Bar celt পোৱা গৈছে ।

হৰপ্পা সভ্যতাৰ কালৰ তামৰ আহিলাৰ পৰা তামৰ ভাণ্ডাৰৰ আহিলাবোৰ আৰু তামৰ নিৰ্মাণশৈলী বহু পৃথক বা বেলেগ । এই আহিলাবিলাকৰ পৰা ধাৰণা হয় তামৰ আহিলা নিৰ্মাণৰ এক উচ্চ পৰ্যায়ৰ সংস্কৃতিয়ে এই অঞ্চলবোৰত প্ৰসাৰতা লাভ কৰিছিল । তামৰ ভাণ্ডাৰৰ আহিলাবিলাকৰ ভিতৰ বিশেষ উল্লেখযোগ্য আছিল anthropomorphic আকৃতি । ইয়াৰ অধিকাংশৰে শিৰ অংশ শীৰ্যৰ পৰা কোবাই মোটা কৰা যেন অনুমান হয় । বাহুৰ পৰা ই ক্ৰমে অন্তমুখী বক্ৰৰূপ হৈছে আৰু ইয়াৰ বাহিৰৰ অংশ ধৰাল । আকৃতিৰ পাদভাগ বৰ্হিমুখী । এনে আকৃতিসমূহ ২৫ ছেন্টিমিটাৰৰ পৰা ৪৫ ছেন্টিমিটাৰ পৰ্যন্ত দীঘল আৰু ৩০ ছেন্টিমিটাৰৰ পৰা ৪৩ ছেন্টিনমিটাৰ পৰ্যন্ত প্ৰস্থৰ পোৱা গৈছে । কোনো কোনোটোৰ ওজন ৫ কেজি পৰ্যন্ত আছিল । এই আকৃতিসমূহৰ প্ৰকৃত ব্যৱহাৰনো কি আছিল সেয়া স্পষ্ট নহয় । দেখাত মানৱ আকৃতিৰ পৰা বহু সময়ত এইসমূহ ঔপচাৰিক সামগ্ৰীৰূপেও চিনাক্ত কৰা দেখা যায় । ডি.পি আগৰৱালৰ মতে আকৌ ইয়াৰ ব্যৱহাৰ সম্ভৱতঃ বুমেৰাঙৰ দৰে চৰাই মাৰিবলৈ কৰা হৈছিল । এই ধাৰণাক সমৰ্থন কৰিবলৈ কোনোপধ্যেই নোৱাৰি । 

copper Hoard বা তামৰ ভাণ্ডাৰ সম্পৰ্কে ইতিহাসবিদসকলৰ মাজত তিনিটা প্ৰধান তত্ত্বই প্ৰসাৰতা লাভ কৰা দেখা যায় । 

ক) বৈদিক আৰ্যসকলৰ প্ৰব্ৰজনক প্ৰতিনিধিত্ব কৰে ।

খ) হৰপ্পা সভ্যতাৰ পতনৰ পাছৰ লোক, যি উজনি গংগা উপত্যকাত আশ্ৰয় লয় ।

গ) উজনি গংগা উপত্যকাৰ স্থায়ী বাসিন্দা । 

৫। PGW সংস্কৃতিৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ Painted Grey Ware বা চমুকৈ PGW চিত্ৰিত ধোৱা বৰণীয়া পাত্ৰ সংস্কৃতিয়ে আনুমানিক খ্ৰীষ্ট্ৰপূৰ্ব ১১০০ ৰ পৰা খ্ৰীষ্ট্ৰপূৰ্ব ৪০০বা ৫০০ৰ ভিতৰত ভাৰতবৰ্ষত বিকাশ লাভ কৰিছিল । এই সংস্কৃতি প্ৰথম চিনাক্ত কৰা হৈছিল ১৯৪০ৰ দশকত উত্তৰ প্ৰদেশৰ বৰেলী জিলাৰ অহিচত্ৰত । ১৯৪০-৪৪ চনৰ সময়ছোৱাত এই অঞ্চলত প্ৰথমবাৰলৈ ভাৰতীয় পুৰাতত্ত্ব বিভাগে খনন চলাইছিল । অৱশ্যে PGW  সংস্কৃতিৰ পূৰ্ণ  বৈশিষ্ট্য উপলব্ধি কৰা হয় উত্তৰ প্ৰদেশৰ মীৰাট জিলাৰ হস্তিনাপুৰৰ পুৰাতাত্ত্বিক খনন কাৰ্যৰ পাছত । ১৯৪৫ চনত পুৰাতাত্ত্বিক বি.বি লালৰ নেতৃত্বত এই অঞ্চলত খনন চলিছিল । ইয়াৰ প্ৰথম যুগটো আছিল OCP সংস্কৃতি আৰু দ্বিতীয় যুগ PGW সংস্কৃতি । বৰ্তমানলৈ এই সংস্কৃতিৰ প্ৰায় ১১০০তকৈ অধিক স্থান বা ঠাই উদ্ধাৰ কৰা হৈছে । হিমালয়ৰ পাদদেশৰ পৰা মালৱ মালভূমি, পাকিস্থানৰ বাহাৱলপুৰৰ পৰা উত্তৰ প্ৰদেশৰ কৌশাম্বী পৰ্যন্ত এক বিশাল অঞ্চলৰ পৰা PGW সংস্কৃতিৰ পুৰাতাত্ত্বিক স্থানসমূহ উদ্ধাৰ হৈছে । সিন্ধু, গংগা সমভূমি আৰু গংগা- যমুনা সমভূমি অঞ্চল এই সংস্কৃতিৰ কেন্দ্ৰস্থল আছিল । এই সংস্কৃতিৰ  পুৰাতাত্ত্বিক স্থানসমূহৰ ভিতৰত উল্লেখযোগ্য হল উত্তৰ প্ৰদেশৰ অহিচত্ৰ, হস্তিনাপুৰ, আলমগীৰপুৰ, জাখেৰা, মথুৰা, কম্পিল, কৌশাম্বী আৰু শ্ৰাৱস্তী । ৰাজস্থানৰ নোহ আৰু যোধপুৰ, হাৰিয়ানাৰ দৌলতপুৰ, মথুৰা, অহিচত্ৰ, কুৰুক্ষেত্ৰ আদি স্থানৰ মহাভাৰতৰে সম্পৰ্ক স্থাপন কৰা দেখা যায় । PGW সংস্কৃতিৰ অধিকাংশ পুৰাতাত্ত্বিক স্থানতে  গ্ৰাম্য জীৱনৰ পৰশ আছে যদিও কিছুসংখ্যক স্থানে ডাঙৰ বসতি আৰু উন্নত অৰ্থনীতিৰে নগৰীয়া পৰিচয় লাভ কৰিছিল । PGW  সংস্কৃতিৰ মূল বা প্ৰধান বৈশিষ্ট্য হৈছে ধোৱা বৰণীয়া এক নিৰ্দিষ্ট মানদণ্ডৰ মাটিৰপাত্ৰ ব্যৱহাৰ যাৰ পৃষ্ঠত সাধাৰণতে কলা ৰঙেৰে চিত্ৰিত কৰা হৈছিল । বিন্দু, উলম্ব, হেলনীয়া আৰু কটাকটি ৰেখা, সমকেন্দ্ৰিক চক্ৰ আৰু অৰ্ধ চক্ৰ, স্বাস্তিক আদিৰ চিত্ৰণ মাটিৰ পাত্ৰসমূহত দেখা যায় । মাটিৰপাত্ৰসমূহ প্ৰস্তুত কৰোতে এক নিৰ্দিষ্ট উষ্ণতা মানি চলাৰ উপৰিও পাত্ৰ নিৰ্মাণত ব্যৱহাৰ কুমাৰ মাটিত কলা ফেৰাছ অক্সাইডৰ উপস্থিতিৰ বাবে ধোৱা বৰণীয়া ৰূপ হৈছিল । পাত্ৰবোৰ কঠিন আৰু মসৃণতা আনিবলৈ চাকত প্ৰস্তুত কৰাৰ পাছত পুনৰ চাকত ঘুৰোৱা হৈছিল বুলি জনা যায় । 

PGW  সংস্কৃতিৰ লোকসকলে গছৰ ঠাল-ঠেঙুলি আৰু বোকা মাটিৰে লিপা ঘৰত বসতি স্থাপন কৰিছিল । অৱশ্যে, হস্তিনাপুৰ, জাখেৰা, ভগৱানপুৰ আদি স্থানত কেঁচা ইটা আৰু পোৰামাটিৰ ইটা ব্যৱহাৰৰ প্ৰমাণ পোৱা যায় ।  ভগৱানপুৰৰ পৰা পোৰা ইটাৰে নিৰ্মিত ১৩ টা কুঠালীৰ এটা প্ৰকাণ্ড গৃহৰ অৱশেষ উদ্ধাৰ হৈছে । PGW সংস্কৃতি আছিল মূলতঃ এক কৃষি প্ৰধান সংস্কৃতি । তেওঁলোকৰ খাদ্যাভাসৰ অন্যতম আছিল ধান, যৱ আৰু ঘেঁহু । তেওঁলোকে ৰবি আৰু খাৰিফ দুয়ো প্ৰকাৰৰ কৃষিকাৰ্যতে অভ্যস্ত আছিল । মগু, মটৰ, কলামাহ আদিয়ে কৃষিকাৰ্যত স্থান পাইছিল । কৃষিকাৰ্যৰ লগতে পশুপালন আৰু চিকাৰ জীৱন-নিৰ্বাহৰ ভিত্তি আছিল । গৰু, মহ, ছাগলী, গাহৰি আদি পশুৰ পালনৰ প্ৰমাণ পোৱা যায় । হস্তিনাপুৰৰ পৰা ঘোৰাৰ হাড়ো উদ্ধাৰ হৈছে । হৰিণ, নীলগাই, বনৰীয়া গাহৰি আদিৰ চিকাৰৰ তথ্য পোৱা যায় । মাছৰ হাড় আৰু বৰশীয়ে মাছধৰা কাৰ্যৰ ইংগিত দিয়ে । 

৫ মহাপাষাণ সংস্কৃতিৰ বিষয়ে চমুকৈ লিখা । 

 ।উত্তৰঃ ইংৰাজী Megalithic শব্দৰ অসমীয়া প্ৰতিশব্দ হল মহাপাষাণ বা ডাঙৰ পাষাণ । Megalithic শব্দটো প্ৰকৃততে গ্ৰীক ভাষাৰ দুটা শব্দৰ পৰা আহিছে । Megas বা মহা আৰু Lithos বা শিল বা পাষাণ । মহাপাষাণ সংস্কৃতিৰ সম্পৰ্ক আছে ডাঙৰ শিলাখণ্ডৰে নিৰ্মাণ কৰা স্মাৰকৰ সৈতে । এনে স্মাৰকৰ উদাহৰণ ইউৰোপ, এছিয়া, আফ্ৰিকা তথা মধ্য আৰু দক্ষিণ আমেৰিকাৰ বিভিন্ন প্ৰান্তৰ বা ঠাইৰ পৰা উদ্ধাৰ হৈছে । অৱশ্যে মহাপাষাণ সংস্কৃতিয়ে কোনো নিৰ্দিষ্ট সময়সূচী বা গোষ্ঠীক প্ৰতিনিধিত্ব নকৰে । প্ৰকৃততে মহাপাষাণ যুগৰ ৰচয়িতা অথবা তেওঁলোকৰ জাতিগত কোনো স্পষ্ট প্ৰমাণ পোৱা নাযায় । মহাপাষাণ সংস্কৃতিৰ পৰম্পৰা নৱপ্ৰস্তৰ-তাম্ৰপ্ৰস্তৰ যুগৰ পৰা প্ৰচলিত  থকা দেখা যায় । কিন্তু মহাপাষাণ সংস্কৃতিৰ স্মাৰকসমূহ যদিও প্ৰস্তৰ যুগৰ পৰা পোৱা গৈছে , ঠাইবিশেষে তাৰ প্ৰচলনৰ পৰম্পৰা আজিও অব্যাহত আছে । মহাপাষাণ সংস্কৃতিৰ এক মূল বিশেষত্ব হৈছে মৃতকক সমাধিস্থ কৰিবলৈ অথবা মৃতকৰ অৱশেষ সুৰক্ষিত ৰাখিবলৈ অথবা মৃতকৰ স্মাৰক নিৰ্মাণ কৰিবলৈ আৱাসস্থলৰ পৰা নিলগত বা আতৰত শিলেৰে সমাধি নিৰ্মাণ কৰা হৈছিল । গৰ্ডন চাইলডকে ধৰি বহুতো ইতিহাসবিদৰ মতে মহাপাষাণ সংস্কৃতিৰ এই শিলৰ সমষ্টিসমূহ অন্ধবিশ্বাসসম্বন্ধীয় আনুষ্ঠানিকতা বা ধাৰ্মিক উদ্দেশ্যৰে প্ৰস্তুত কৰা হৈছিল । ভাৰতীয় উপমহাদেশৰ পৰা মহাপাষাণ সংস্কৃতিৰ দক্ষিণ ভাৰত, বিন্ধ্য আৰু আৰাৱলী পাৰ্বত্য অঞ্চলৰ পৰা উত্তৰ-পূব- ভাৰত পৰ্যন্ত এক বিশাল অঞ্চলৰ পৰা পোৱা গৈছে । ভাৰতীয় মহাপাষাণ সংস্কৃতিৰ বিকাশৰ অন্যতম প্ৰধান কেন্দ্ৰ আছিল দক্ষিণ ভাৰত । অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, তামিলনাডু, আৰু কেৰেলাৰ বিভিন্ন স্থানৰ পৰা মহাপাষাণ কালীন প্ৰমাণ উদ্ধাৰ হৈছে । অন্ধ্ৰপ্ৰদেশৰ কাদম্বপুৰ , নাগাৰ্জুনীকোণ্ডা, গল্লাপাল্লী, মীৰাপুৰম, অমৰাৱতী, তাদিপাত্ৰী, ইত্যাদি হৈছে ইয়াৰ ভিতৰত অন্যতম । মহাপাষাণ যুগৰ পৰাই দক্ষিণ ভাৰতে ঐতিহাসিক যুগত প্ৰৱেশ কৰে । কাশ্মীৰৰ বুৰ্জহম আৰু গুফকৰাল, মধ্যপ্ৰদেশৰ ধানুৰা, সোনাভীৰ , কংকাপল্লী, মহাৰাষ্ট্ৰৰ নাগপুৰ, বৰগাওঁ, জোনাপানী, ৰানজালা, উত্তৰপ্ৰদেশৰ কুৰিহাৰ, কাকৰিয়া ,কটিয়া আদিৰ পৰাও মহাপাষাণ সংস্কৃতিৰ প্ৰমাণ উদ্ধাৰ হৈছে । আমাৰ উত্তৰ পূৰ্বাঞ্চলতো খাছী আৰু জয়ন্তীয়া পাহাৰ, মিকিৰ পাহাৰৰ পৰা মহাপাষাণ সংস্কৃতিৰ অৱশেষ পোৱা গৈছে । কোনো কোনো জনজাতিৰ মাজত মহাপাষাণ সংস্কৃতিৰ প্ৰভাৱ বৰ্তমানো দেখা যায় । ইয়াৰ ভিতৰত হৈছে মেঘালয়ৰ খাছীসকল আৰু ঝাৰখণ্ডৰ মুণ্ডাসকল । 

৬। জীৱন-নিৰ্বাহ আৰু বিনিময় ব্যৱস্থাৰ বিষয়ে লিখা ।

উত্তৰঃ চিকাৰ আৰু খাদ্য সংগ্ৰহৰ কালছোৱাত মানৱ আছিল সম্পূৰ্ণৰূপে প্ৰকৃতিৰ নিয়ন্ত্ৰণাধীন । পৰিৱেশ আৰু পৰিস্থিতি অনুসৰি তেওঁলোকে সঘনাই বাসস্থান সলনি কৰিছিল আৰু বনৰীয়া উদ্ভিদ আৰু জীৱ-জন্তু  তথা মাছ ঝৰি ভোক নিবাৰণ কৰিছিল । ইয়াৰ স্থানত নৱপ্ৰস্তৰ যুগৰ মানৱে স্থিৰ জীৱনশৈলী আৰম্ভ কৰে যি কৃষিজাত শস্যৰ উৎপাদন আৰু ঘৰচীয়া পশুৰ পালনৰ ওপৰত প্ৰতিষ্ঠিত আছিল । কৃষি আৰু পশুপালন প্ৰায় সমসাময়িকভাৱে আৰম্ভ হয় । তদুপৰি কিছুমান সমাজত কৃষি আৰু পশুপালন উভয়ে গুৰুত্ব পোৱাৰ বিপৰীতে আন কিছুমান সমাজত পশুপালনে অগ্ৰাধিকাৰ পায় ।

লাহে-লাহে কৃষি আৰু পশুপালন জীৱন-যাপনৰ প্ৰধান আধাৰ হয় । মানৱে জীৱন-নিৰ্বাহৰ প্ৰক্ৰিয়া সীমিত নকৰি দীঘলীয়া পৰিকল্পনাত হাত দিয়ে । খাদ্যৰ উপযোগী আৰু দীৰ্ঘসময়ৰ বাবে সংৰক্ষিত কৰিব পৰা খাদ্য শস্যৰ বীজ নিৰ্বাচনত গুৰুত্ব দিয়ে আৰু এই প্ৰক্ৰিয়াৰ পুনৰাবৃত্তিৰ দ্বাৰা বনৰীয়া উদ্ভিদ শস্যৰ ঘৰচীয়াকৰণ হয় । এনেদৰে নৱপ্ৰস্তৰ যুগত স্ব-প্ৰক্ৰিয়াৰ পৰিৱৰ্তে মানৱসৃষ্ট প্ৰচেষ্টাৰে খাদ্য-শস্যৰ উৎপাদন আৰম্ভ হয় আৰু ক্ৰমে এক অঞ্চলৰ পৰা অধিক অঞ্চললৈ প্ৰসাৰিত হয় । বহু অঞ্চলত ঝুম খেতিত গুৰুত্ব আৰোপ কৰা হয় । বিশেষকৈ মানৱৰ শাৰীৰিক পৰিশ্ৰম আৰু ঠাইবিশেষে পশুধনৰ সহায়ত কৃষিকাৰ্য সম্পন্ন কৰা হয় । ধান যৱ, ঘেঁহু , বিভিন্ন মাহজাতীয় শস্য যেনে- মটৰ,মগু, মচুৰ, মাটিমাহ আদিয়ে কৃষিকাৰ্যত ঠাই পায় । জলসিঞ্চন ব্যৱস্থা, সাৰৰ প্ৰয়োগ আদিৰ জ্ঞান আয়ত্ব কৰাৰ পাছত কৃষিকাৰ্য অধিক সহজ হৈ পৰে বা উৎপাদন বৃদ্ধি হয় । কৃষিকাৰ্যৰ লগতে পশুপালনে মানৱ জীৱন শৈলীক এটা নতুন ৰূপ দিয়ে । এই যুগত ঘৰচীয়াকৰণৰ বাবে জন্তুৰ প্ৰজাতিৰ নিৰ্বাচনত গুৰুত্ব দিয়া বিষয়বোৰ সম্ভৱতঃ এনেধৰণৰ আছিল 

ক) পোহ মনাব লগা জন্তুৰ বাবে পৰ্যাপ্ত খাদ্য সহজে উপলব্ধ হোৱা, ২। তেনে জন্তুৰ পৰা মানৱে খাদ্যৰূপে মাংস, আৰু গাখীৰ, ছালৰ পৰা পোছাক নিৰ্মাণ অথবা আন সুবিধা লাভ কৰা, ৩। মানৱৰ বিপদ ঘটাব পৰাকৈ তেনে জন্তু অধিক হিংসসুক নোহোৱা াআৰু সহজে নিয়ন্ত্ৰণ কৰিব পৰা ইত্যাদি । 

স্থিৰ আৰু  স্থায়ী জীৱনৰ আৰম্ভণিয়ে মাটিৰ পাত্ৰ আৰু বয়ন শিল্পৰো বিকাশ ঘটালে । প্ৰথমে হাতেৰে নিৰ্মাণ আৰ পাছলৈ চাকত নিৰ্মাণ কৰা মাটিৰ পাত্ৰৰ বস্ত্ৰ শিল্পৰ বিকাশ ঘটায় । কাপোৰ বোৱাৰ বাবে জন্তুৰ হাড়ৰ পৰাও বেজী নিৰ্মাম বা তৈয়াৰ কৰা হয় । এক সহজ জডীৱন-যাপনৰ বাবে পাৰস্ৰপিক সহযোগিতা অপৰিহাৰ্য । আদি মানৱ সমাজ ইয়াৰ ব্যতিক্ৰম নহয় । নৱপ্ৰস্তৰ যুগৰ কোনো সমাজেই সম্পূৰ্ণ আত্মনিৰ্ভৰশীল নাছিল ।  বিশেষকৈ চিকাৰী সংগ্ৰাহক, প্ৰাৰম্ভিক কৃষক আৰু পশুপালক গোষ্ঠী পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল আছিল । নৱপ্ৰস্তৰ যুগত অপৰিহাৰ্য বা মূল্যৱান আহিলা নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা কেঁচামাল বিনিময়ৰ মাধ্যম হিচাপে প্ৰাপ্ত হোৱাটো অবাধ্য আছিল । 


Author_ Ali rani kakati