খাদ্য/আহাৰ উৎপাদনৰ আগমন

অধ্যায় ৩

চমু প্ৰশ্নউত্তৰঃ

১। নৱ প্ৰস্তৰ যুগ কিমান খৃঃ পূঃত আৰম্ভণি হৈছিল?

উত্তৰঃ নৱ প্ৰস্তৰ যুগ ৯০০০ খৃঃ পূঃত আৰম্ভণি হৈছিল।


২। ১৮৪২ চনত কোনে ভাৰতত এবিধ নৱ-প্ৰস্তৰ যুগৰ অস্ত্ৰ উদ্ধাৰ কৰিছিল?

উত্তৰঃ ১৮৪২ চনত কৰ্ণাটকৰ ৰাইচুৰত লে মেচুৰীয়ে ভাৰতত এবিধ নৱ-প্ৰস্তৰ যুগৰ অস্ত্ৰ উদ্ধাৰ কৰিছিল।


৩। জন লুবকয়ে  কিমান চনত উজনি অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত  নৱ-প্ৰস্তৰ যুগৰ অস্ত্ৰ লাভ কৰিছিল?

উত্তৰঃ ১৮৬৭ চনত উজনি অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত নৱ-প্ৰস্তৰ যুগৰ অস্ত্ৰ লাভ কৰিছিল। 


৪। নৱ-প্ৰস্তৰ যুগৰ সংস্কৃতি উদ্ধাৰ কৰা ভৌগোলিক অঞ্চল কেইটা আৰু কি কি?

উত্তৰঃ নৱ-প্ৰস্তৰ যুগৰ সংস্কৃতি উদ্ধাৰ কৰা ভৌগোলিক অঞ্চল ৬টা আৰু সেইকেইটা হৈছে-

    (ক) উত্তৰ-পশ্চিম অঞ্চলঃ বেলুচিস্তান আৰু পাকিস্তানত থকা সংলগ্ন অঞ্চলবোৰ (৭              হাজাৰ পৰা ৪ হাজাৰ খৃঃপূঃলৈ)

    (খ) উত্তৰ অঞ্চলঃ কাশ্মীৰ উপত্যকা (2500 BC-1500 BC)

    (গ) মধ্যভাৰতঃবিন্ধ্য অঞ্চল, এলাহাবাদৰ দক্ষিণ অঞ্চল (4000 BC-1200 BC)

    (ঘ) মধ্য গঙ্গা অববাহিকাঃ পূব উত্তৰ প্ৰদেশ আৰু বিহাৰ (2000BC-1500 BC)

    (ঙ) পূব ভাৰত অঞ্চলঃ বঙ্গ, উৰিষ্যা আৰু অসম।

    (চ) দক্ষিণ ভাৰত বা উপদ্বীপ অঞ্চলঃ অন্ধ্ৰ, কৰ্ণাটক আৰু তামিলনাডু (2500BC-1500 BC)


৫। ছাইৰ ঢিপ বা দমে দক্ষিণ ভাৰতৰ নৱ-প্ৰস্তৰ যুগৰ সংস্কৃতি গঢ় লৈ উঠা বৈশিষ্ট্য কি?

উত্তৰঃ ছাইৰ ঢিপ বা দমে দক্ষিণ ভাৰতৰ নৱ-প্ৰস্তৰ যুগৰ সংস্কৃতিৰ এটা স্পষ্ট আৰু কিছু পৰিমাণে বিতৰ্কিত বৈশিষ্ট্য হিচাপে গঢ় লৈছে। এইবোৰ হ'ল বছৰ বছৰ জুৰি পোহনীয়া জন্তুৰ গোবৰ পুৰি হোৱা ছাই একে ঠাইত জমা কৰাৰ ফলত হোৱা বিশাল ছাইৰ দম বা ছাইৰ গড়। কৰ্ণাটক আৰু অন্ধ্ৰদেশত শ শ ছাইৰ ঢিপ কেন্দ্ৰীভূত হৈ আছে। বৃহৎ পৰিমাণে ছাইৰ ঢিপ থকা স্থানবোৰ আছিল কৰ্ণাটকৰ বেল্লাৰী জিলাৰ কুপগল, ৰাইচুৰ জিলাৰ পিকলিহল আৰু গুলবাৰ্গৰ বুদিহল আৰু অন্ধ্ৰপ্ৰদেশৰ উৎনুৰ আৰু পালাভয়।


৬। ছাইৰ ঢিপবোৰৰ উৎপত্তি আৰু প্ৰকৃতি সম্বন্ধে বিভিন্ন জনে আগবঢ়োৱা মতবাদবোৰ কি কি?

উত্তৰঃ কিছুমান লোকে অতীতত হোৱা আগ্নেয়গিৰীৰ পৰা ওলোৱা ছাই জমা হৈ এই ঢিপৰ সৃষ্টি হোৱা বুলি গণ্য কৰে। আনহাতে আন এচামে ইয়াক মধ্যযুগৰ সৃষ্টি বুলি ক'ব খোজে। তেওঁলোকৰ মতে এই দমবোৰ মহিলাৰ দৈহিক অৱশিষ্ট যিবোৰ মহিলাই বিজয়নগৰ ৰাজ্যৰ ৰজা আৰু দাক্ষিণাত্যৰ চুলতানসকলৰ মাজত হোৱা যুদ্ধৰ পিছত সতীদাহ প্ৰথা পালন কৰিছিল। আন এচামে ইয়াক এক প্ৰকাৰ উদ্যোগিক কাম-কাজৰ পুৰি যোৱা অংশ যেনে-লো আৰু সোণ গলোৱাৰ বাবে ব্যৱহাৰ হোৱা সামগ্ৰীৰ জ্বলি ছাই হোৱা অংশ।


৭। ছাইৰ ঢিপবোৰক স্বীকৃতি দিয়া প্ৰথমজন মানুহজনৰ নাম কি?

উত্তৰঃ নৱপ্ৰস্তৰ যুগৰ বৈশিষ্ট্য হিচাপে এই ঢিপবোৰক স্বীকৃতি দিয়া প্ৰথমজন মানুহ আছিল ৰবাৰ্ট বি ফুট আৰু নৱ-প্ৰস্তৰ আহিলাৰ উপস্থিতিয়ে বা উদ্ধাৰে তেওঁৰ মতামতক দৃঢ়তা প্ৰদান কৰে।


৮। নৱ-প্ৰস্তৰ যুগৰ ছাইৰ ঢিপবোৰৰ মাজত উদ্ধাৰ হোৱা আহিলাবোৰ কি কি?

উত্তৰঃ নৱ-প্ৰস্তৰ যুগৰ ছাইৰ ঢিপবোৰৰ মাজত উদ্ধাৰ হেৱা আহিলাবোৰ হৈছে- শিলৰ কুঠাৰ, যাঁত আৰু কটাৰী।


৯। এফ আৰ এলচিনে ফুটৰ মন্তব্যক সমৰ্থন কৰি কি কৈছিল?

উত্তৰঃ এফ আৰ এলচিনে ফুটৰ মন্তব্যক সমৰ্থন কৰি কৈছে যে এই ঢিপবোৰ মানুহে বসবাস কৰা অঞ্চলত আৰু জন্তুবোৰক আৱদ্ধ কৰি ৰখা অঞ্চলতে দেখা  পোৱা গৈছিল। জাতীয় প্ৰত্নতাত্বিক তথ্যৰ ওপৰত ভিত্তি কৰি তেওঁ গৰু গোবৰ পুৰি পেলোৱা কাৰ্যক কিছুমান ধৰ্মীয় উৎসৱ আৰু অনুষ্ঠান যেনে হোলিৰ সময়ত গৰুৰ গোবৰ পুৰি পেলোৱাটো এটা ৰীতি, আৰু ভাৰতত হোৱা পোঙ্গল বা গোবৰ্দ্ধন পূজাৰ লগত সম্পৰ্ক থকা বুলি বিশ্বাস কৰে। তেওঁ ধাৰণা কৰে যে উৰ্বৰতা বৃদ্ধিৰ বাবে বা জীৱন নিৰ্বাহৰ উন্নতি উপায় হিচাপে বা পদক্ষেপ হিচাপে মানুহে ইচ্ছাকৃতভাৱে গৰুৰ গোবৰ পুৰিছিল।


১০। কে. পদ্দায়ই উত্তৰ কৰ্ণাটকৰ বুদিহল নামে স্থানত ছাইৰ ঢিপৰ ওপৰত বিস্তিতভাৱে পৰ্যবেক্ষণ কৰি কি মতামত আগবঢ়াইছিল?

উত্তৰঃ কে. পদ্দায়ই উত্তৰ কৰ্ণাটকৰ বুদিহল নামে স্থানত ছাইৰ ঢিপৰ ওপৰত বিস্তিতভাৱে পৰ্যবেক্ষণ কৰি মতামত আগবঢ়াইছে যে এই ঢিপবোৰ আছিল নিয়মিত জন্তু পালকৰ স্থায়ী বসবাসৰ ঠাই, সীমিত খেতি থকা পাহাৰীয়া অঞ্চলত অৱস্থিত লোকৰ স্থল। বুদিহলৰ প্ৰসঙ্গ উল্লেখ কৰি তেওঁ দেখুৱাই দিয়ে যে বিশেষ কাম-কাজৰ কাৰণে পৃথক ঠাই হিচাপে বাচি লোৱা ই এখন ডাঙৰ অঞ্চল আছিল। বিশেষ কাৰ্যবোৰ আছিল জন্তু আৱদ্ধ কৰি ৰখা, গৰু গোবৰ পৃথককৈ সজাই ৰখা, স্থায়ী বসবাসৰ স্থান, জন্তুক বধ কৰা আচুতীয়া স্থান, মিহি অস্বচ্ছ পদাৰ্থৰ আহিলা প্ৰস্তুত কৰা কাৰখানা আদি। তেওঁ আকৌ যুক্তিৰে বুজাইছে যে বুদিহলৰ দৰে কিছুমান ডাঙৰ ঠাইয়ে স্থানীয় আঞ্চলিক কেন্দ্ৰ হিচাপে সেৱা আগবঢ়াইছে যি কেন্দ্ৰত আজিৰ দৰে কিছুদিনৰ মূৰে মূৰে জন্তুৰ মেলা বা বজাৰ সেই অঞ্চলৰ মানুহে পাতিছিল। বিতৰ্ক যেনেধৰণেই নহওক ছাই ঢিপবোৰে ইয়াৰ প্ৰকৃতি, উৎপত্তি আৰু অৱস্থিতিৰ ক্ষেত্ৰত দক্ষিণ ভাৰতৰ নৱ-প্ৰস্তৰ সংস্কৃতিত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ আছিল।


১১। কেলকোলিথিক সংস্কৃতি বা তাম-শৈল যুগ কাক বোলে?

উত্তৰঃ প্ৰথম ব্যৱহাৰ কৰা ধাতু বিধেই আছিল তাম। তাম আৰু শিলৰ সঁজুলিৰ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি ভিন্ন সংস্কৃতি গঢ়ি উঠিছিল। তাম আৰু প্ৰস্তৰৰ এই পৰ্যায়টোকে কেলকোলিথিক সংস্কৃতি অৰ্থাৎ তাম-শৈল যুগ বোলে।


১২।প্ৰযুক্তিগত জ্ঞানৰ পৰা কেলকোলিথিক পৰ্যায়টোক কি বুলি কয়?

উত্তৰঃ প্ৰযুক্তিগত জ্ঞানৰ পৰা কেলকোলিথিক পৰ্যায়টোক প্ৰাক্ হৰপ্পান পৰ্যায় বুলি কোৱা হয়। 


১৩। ভাৰতত কেলকোলিথিক যুগৰ সৈতে সম্পৰ্ক থকা স্থানবোৰ কি কি?

উত্তৰঃ ভাৰতত কেলকোলিথিক যুগৰ সৈতে সম্পৰ্ক থকা স্থানবোৰ - দক্ষিণ-পশ্চিম ৰাজস্থান, মধ্যপ্ৰদেশৰ পশ্চিম অংশ, পশ্চিম মহাৰাষ্ট্ৰ আৰু দক্ষিণ আৰু পূব ভাৰত। 


১৪। দক্ষিণ-পূব ৰাজস্থান এই ঠাই কোন অঞ্চলত অৱস্থিত?

উত্তৰঃ দক্ষিণ-পূব ৰাজস্থান বানস উপত্যকাৰ শুষ্ক মণ্ডলত অৱস্থিত।


১৫। ভাৰতৰ পশ্চিম অংশত উদ্ধাৰ কৰা বিখ্যাত কেলকোলিথিক সংস্কৃতিবোৰ কি কি? বহলাই লিখা।

উত্তৰঃ ভাৰতৰ পশ্চিম অংশত উদ্ধাৰ কৰা বিখাত কেলকোলিথিক সংস্কৃতিবোৰ হৈছে- (ক) বানস সংস্কৃতি, (খ) কায়থা সংস্কৃতি, (গ) মালৱ সংস্কৃতি আৰু (ঘ) জৰৱে সংস্কৃতি।

(ক) বানস সংস্কৃতি (২৬০০-১৯০০ খৃঃ পূঃলৈ) ঃ দক্ষিণ-পূব ৰাজস্থানত বানস নদীৰ উপত্যকা অঞ্চলত এই সংস্কৃতি গঢ়ি উঠিছিল।উদয়পুৰৰ প্ৰান্ত ভাগত থকা আহৰ এই সংস্কৃতিৰ কেন্দ্ৰ হোৱা বাবে ইয়াক আহৰ সংস্কৃতি বোলা হয়। প্ৰাচীন কালত তাম্ববতী নামে জনাজাত আহৰ ক্ষেত্ৰীৰ ওচৰত অৱস্থিত আৰু ই কুঠাৰ, খাৰু আৰু আঙুঠিৰ ৰূপত অসংখ্য তামৰ হাতেৰে তৈয়াৰ কৰা সামগ্ৰী উৎপাদন কৰিছিল। তাম্ববতীক তাম নগৰ বুলিও জনা যায়। ইয়াৰ ওচৰত থকা আন এখন ছাই আছিল গিলুন্দ আৰু ইয়াত কেলচিডনিৰে প্ৰস্তুত কৰা যথেষ্ট শিলৰ আহিলাৰ সম্ভেদ পোৱা গৈছে।

(খ) কায়থা সংস্কৃতি (২৪০০-২০০০ খৃঃপূঃ) ঃ মধ্যপ্ৰদেশৰ সম্বল নদীৰ উপনৈ কালী সিন্ধু নদীৰ পাৰত অৱস্থিত মূল স্থান কায়থাৰ নামেৰে ইয়াক কায়থা সংস্কৃতি বোলা হয়। এই স্থানত প্ৰচুৰ শিলৰ ধাৰ থকা আহিলা (কটাৰী) থকাৰ প্ৰমাণ পোৱা গৈছে। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে ধাৰ থকা দুখন তামৰ কুছাৰ উদ্ধাৰ কৰা হৈছে। এইবোৰ চোকাকৈ সাচত গঢ়া হৈছিল। আন কেলকোলিথিক স্থানৰ পৰা পোৱাবোৰৰ সৈতে তুলনা কৰিলে দেখা যায় যে ইয়াৰ কুঠাৰ বৰ চোকা। আন কেলকোলিথিক স্থানৰ কুঠাৰবোৰ হাতুৰীৰে কোবাই আকাৰ দি লৈছিল আৰু ইয়াৰ পৰা প্ৰযুক্তিবিদ্যাৰ উন্নতি বুজায়।

(গ) মালৱ সংস্কৃতি (১৭০০-১৪০০ খৃঃ পূঃ) ঃ মালৱ সংস্কৃতিয়ে পশ্চিম মধ্যপ্ৰদেশৰ ইৰাণ, নাগদা আৰু নৱদাতলি আদি বহুতো ঠাই সামৰি লৈছে। এই ছাইবোৰৰ ভিতৰত নৰ্মদা নৈৰ দক্ষিণ পাৰত অৱস্থিত নৱদাতলি অতি গুৰুত্বপূৰ্ণ আৰু ইয়ে বিভিন্ন প্ৰকাৰৰ শস্যৰ খেতিৰ প্ৰমাণ দিয়ে। নৱদাতলি প্ৰকৃত অৰ্থ হ'ল ''নাৱৰীয়াৰ গাওঁ''। মধ্য আৰু পশ্চিম ভাৰতৰ মালৱ কেলকোলিথিক সংস্কৃতিয়ে হ'ল মালৱৰ বৈশিষ্ট্য। ইয়াক কেলকোলিথিক যুগৰ মাটিৰ পাত্ৰ তৈয়াৰ কৰা অঞ্চলবোৰৰ ভিতৰত -অতি চহকী ঠাই গণ্য কৰা হয়।

(ঘ) জৰৱে সংস্কৃতি (১৪০০-৭০০ খৃঃ পূঃ) ঃ জৰৱে সংস্কৃতিয়ে প্ৰতিনিধিত্ব কৰা ঠাইবোৰ আছিল পুণে জিলাৰ ইনামগাওঁ, সোণগাওঁ, আৰু চান্দোলি; ঢুলীয়া জিলাৰ প্ৰকাশ আৰু আহমদাবাদ জিলাৰ জৰৱে আৰু নেভাস। এই আটাইবোৰ জিলা মহাৰাষ্ট্ৰৰ অন্তৰ্গত। ইনামগাওঁ, পুণেৰ ৮০ কিঃমিঃ পূবৰ ঘোদ সুতিৰ পাৰৰ সমভূমি অঞ্চলত অৱস্থিত। ইয়ে কেলকোলিথিক যুগৰ ভাৰতীয় মানুহৰ জীৱন ধাৰণৰ পথ বা উপায়বোৰৰ বিষয়ে প্ৰচুৰ তথ্যৰ যোগান ধৰে।


 ১৬। স্থায়ী বসবাসৰ পদ্ধতি কি?

উত্তৰঃ কেলকোলিথিক যুগৰ মানুহে খেৰৰ ঘৰত বাস কৰিছিল আৰু ইয়াৰ বেৰবোৰ আছিল ফটা বাঁহৰ ওপৰত বোকা মাটিৰ লেপ দিয়া। ৰাজস্থানৰ গিলুন্দ আৰু মালৱৰ নাগদাত বোকা মাটিৰ ইটাৰ ব্যৱহাৰৰ প্ৰমাণ পোৱা যায়। নৱদাতলি আৰু অন্যান্য ঠাইত বহুতো ঘূৰণীয়া পজা ঘৰৰ সন্ধান পোৱা গৈছে। কিছুমান পণ্ডিতে বিশ্বাস কৰে যে এই ঘুৰণীয়া গাঁঠনিবোৰ গৰু-মহৰ ঘাঁহ কথাৰ বাবে ব্যৱহাৰ কৰা হৈছিল কিন্তু আন কিছুমান পণ্ডিতে মতপোষণ কৰিছে যে এই ঘূৰণীয়া গাঁঠনিবোৰ নিৰ্দিষ্টকৈ বাসগৃহৰ উদ্দেশ্যৰে নিৰ্মাণ কৰা হৈছিল। এই পণ্ডিতসকলে মন্তব্য কৰিছে যে বহুতো পজাঘৰৰ সংযোগ আৰু এটা পাকঘৰে বহু বিবাহ সমাজ ব্যৱস্থাৰ বা যৌথ পৰিয়ালৰ ধাৰণা দিয়ে। স্থানীয় কিছুমান জনজাতীয় লোকৰ পৰম্পৰা অনুসৰি যিকোনো সময়তে এজন মানুহে এজনী নতুন ঘৈণী আনি এটা নতুন পজাঘৰ তাইৰ বাবে নিৰ্মাণ কৰিছিল।

    ইনামগাওঁত মুকলি ঠাই শাৰী শাৰীকৈ পজাঘৰ নিৰ্মাণ কৰা হৈছিল আৰু সম্ভৱত মাজত পথৰ কাৰণে ঠাই ৰাখি দুই ফালে শাৰী শাৰীকৈ ঘৰবোৰ মানুহে আধুনিক ৰূপত নগৰ পৰিকল্পনা কৰিছিল। ইয়াৰ উপৰিও জোৰৱে বাসস্থানৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছিল যে পাত্ৰ তৈয়াৰ কৰা আৰু মালা প্ৰস্তুত কৰা শিল্পীৰ ঘৰবোৰ বাসস্থান অঞ্চলৰ দুৱাৰমুখত অৱস্থিত আছিল।


১৭। পোৰা মাটিৰ শিল্প কি?

উত্তৰঃ মহিলাৰ পোৰা মাটিৰ আকৃতি উদ্ধাৰে প্ৰমাণ কৰে যে কেলকোলিথিক যুগৰ মানুহে মাতৃদেৱীক পূজা কৰিছিল আৰু কিছুমান কেঁচামাটিৰ নাঙঠ আকৃতিকো পূজা কৰিছিল। পশ্চিম এচিয়াত পোৱাৰ দৰে একে মাতৃদেৱীৰ আকৃতি ইনামগাওঁত পোৱা গৈছে। মালৱ আৰু ৰাজস্থানত পোৱা পোৰামাটিৰ সুগঢ়ৰ ষাড় গৰুৱে সংকেত দিয়ে যে ষাড় গৰু ধৰ্মীয় প্ৰথাৰ এটা প্ৰতীক আছিল।


১৮। চমুটোকা লিখা।

(ক) উত্তৰ-পশ্চিম অঞ্চল

উত্তৰঃ উত্তৰ-পশ্চিম অঞ্চলঃ নৱ-প্ৰস্তৰ যুগৰ সংস্কৃতিৰ আদিম প্ৰমাণবোৰে ভাৰত উপমহাদেশত কৃষিকাৰ্যৰ বিকাশ আৰু পশুপালনৰ সত্যতা নিশ্চিত কৰে আৰু এইবোৰ বেলুচিস্তান অঞ্চলৰ পৰা আৰু পাকিস্তানৰ উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশৰ পৰা লাভ কৰা হৈছে। ইয়াৰ অন্তভুক্ত ঠাইবোৰ আছিল গুমলা, ৰেহমন ধেৰি, তৰকাই কিল্লা আৰু চৰাই খোলা। ভাৰত উপমহাদেশত নৱ-প্ৰস্তৰ যুগৰ স্থায়ী বসবাসৰ একমাত্ৰ স্থান আছিল বেলুচিস্তানৰ মেহগড়ত। কোচি সমভূমিৰ বোলান নৈৰ পাৰত অৱস্থিত মেহগড়ক বেলুচিস্তানৰ 'ব্ৰেদ বাস্কেট' ৰাতিপুৱাৰ আহাৰৰ কেন্দ্ৰস্থল বা অঞ্চল বুলি কোৱা হয়। কালপঞ্জী অনুসৰি উত্তৰ-পশ্চিম অঞ্চলৰ নৱ-প্ৰস্তৰ যুগৰ সংস্কৃতিক ৭০০০ খৃঃপূঃৰ পৰা ৪০০০ খৃঃপূঃৰ ভিতৰত নিৰ্দ্ধাৰণ কৰা হৈছে। পৰিৱৰ্তনৰ প্ৰকৃতি আৰু জীৱন ধাৰণৰ অৱস্থাৰ ধাৰাবাহিকতাৰ বিষয়ে জানিবলৈ মেহৰগড়ৰ নৱ-প্ৰস্তৰ যুগক তিনিটা বহল ভাগত ভাগ কৰা হৈছে যেনে- (১) প্ৰথম ভাগ ৭০০০-৫৫০০ খৃঃপূঃলৈ। (২) দ্বিতীয় ভাগ ৫৫০০-৪৫০০ খৃঃপূঃলৈ। (৩) তৃতীয় ভাগ ৪৫০০-৩৫০০ খৃঃপূঃলৈ । নৱ-প্ৰস্তৰ যুগৰ তথ্য বহন কৰা আন ঠাইবোৰৰ ভিতৰত আছিল-কিল্লী গুল মহম্মদ ৫৫০০ খৃঃপূঃৰ পৰা, ৰাণা গুন্দাই ৪৫০০ খৃঃপূঃৰ পৰা আৰু ডম্ব চাদত ৩০০০ খৃঃপূঃৰ পৰা।


(খ) উত্তৰ অঞ্চল

উত্তৰঃ উত্তৰ অঞ্চলঃ উত্তৰ ভাৰত বিশেষকৈ কাশ্মীৰ উপত্যকাৰ নৱ-প্ৰস্তৰ সংস্কৃতিক ঝিলাম নদীৰ সমভূমিত থকা বহুতো ঠায়ে প্ৰতিনিধিত্ব কৰিছে। সেই ঠাইবোৰৰ ভিতৰত উল্লেখযোগ্য ঠাই দুখন আছিল শ্ৰীনগৰৰ উত্তৰ-পূবৰ বুৰজাহম আৰু শ্ৰীনগৰৰ দক্ষিণ-পূবৰ গুফক্ৰাল। এইবোৰ ভিন্ন সংস্কৃতিৰ ঠাই যিবোৰে নৱ-প্ৰস্তৰ যুগৰ উপৰিও মেগালিথিক আৰু আদি ঐতিহাসিক যুগৰো তথ্য প্ৰকাশ কৰে। কাশ্মীৰ উপত্যকাৰ সাংস্কৃতিক প্ৰক্ৰিয়াটোক ইয়াৰ জীৱন নিৰ্বাহৰ অৰ্থনীতিৰ পৰিৱৰ্তন আৰু ধাৰাবাহিকতাৰ বিষয়ে প্ৰকাশ কৰিবলৈ দুটা বহল ভাগত ভাগ কৰা হৈছে আৰু এই ভাগ দুটা সময়ক্ৰমত ভগোৱা হৈছে -২৫০০-২০০০ খৃঃপূঃ আৰু ২০০০-১৫০০ খৃঃপূঃ। গুফক্ৰালত এটা পাত্ৰহীন পৰ্যায়ৰ প্ৰমাণ পোৱা গৈছে। এটা পৰ্যায়টো মাটিৰ পাত্ৰ প্ৰচলনৰ আগৰ আছিল যেতিয়া মানুহে গছৰ পৰা পোৱা খাদ্যৰ মূল্য বা উপকাৰিতাৰ বিষয়ে শিকি আছিল আৰু এই পৰ্যায়টো ২৮০০ খৃঃ পূঃত আছিল। এই উত্তৰ অঞ্চল নৱ-প্ৰস্তৰ যুগৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছিল পূৰ্বৰ ক্ষুদ্ৰ প্ৰস্তৰ উদ্যোগৰ অৱসান।


(গ) মধ্য ভাৰত

উত্তৰঃ মধ্য ভাৰতঃ মধ্য ভাৰতত নৱ-প্ৰস্তৰ যুগৰ স্থায়ী বসবাসৰ প্ৰমাণ উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশৰ বিন্ধ্য অঞ্চলত বহু স্থানৰ পৰা পোৱা গৈছে। গুৰুত্বপূৰ্ণ স্থানসমূহৰ ভিতৰত উত্তৰ প্ৰদেশৰ বোলান উপত্যকাৰ কোলদিহবা আৰু মহাগৰা, মিৰ্জাপুৰ জিলাত সিন্দুৰিয়া আৰু মধ্যপ্ৰদেশৰ কুনজুন। এই সংস্কৃতিৰ কালপঞ্জী নিৰ্ণয় কৰা বৰ কঠিন। এলচিনে এই সংস্কৃতিৰ কাল ৪০০০-২৫০০ খৃঃপূঃৰ বুলি নিৰ্দ্ধাৰণ কৰাৰ পৰিৱৰ্তে পোচেল আৰু ৰিছমেনে ৩৫০০-১২৫০ খৃঃপূঃৰ বুলিহে কৰিছে। আন কিছুমানে কোলদিহৱাৰ নৱ-প্ৰস্তৰ সংস্কৃতি ৬০০০ খৃঃপূঃৰ বুলি সাব্যস্ত কৰিছে। নৱ-প্ৰস্তৰ যুগৰ মানুহে গছৰ-ঠেঙুলিৰে সজা আৰু মাটিৰ লেপ দিয়া পজাঘৰত বাস কৰিছিল। পজাৰ চাৰিওপিনে থকা খুটাৰ গাতবোৰ ঘৰৰ ওপৰভাগত অস্থায়ী ছাল দিয়াৰ ইংগিত দিয়ে। এই যুগৰ সংস্কৃতিৰ বিকাশত মধ্যপ্ৰস্তৰ যুগৰ সংস্কৃতিৰ অৱদান আছে কিয়নো ক্ষুদ্ৰ প্ৰস্তৰ যুগ আৰু নৱ-প্ৰস্তৰ যুগৰ আহিলা উভয়ে একেলগে উদ্ধাৰ হৈছে।


(ঘ) মধ্য-গঙ্গা অঞ্চল

উত্তৰঃ মধ্য-গঙ্গা অঞ্চলঃ মধ্য-গঙ্গা অঞ্চলৰগুৰুত্বপূৰ্ণ নৱ-প্ৰস্তৰ যুগৰ ঠাইবোৰ আছিল সৰযু নৈৰ পাৰৰ নৰহান, ইমলিদিহ আৰু উত্তৰ প্ৰদেশৰ ৰাপ্তি নৈৰ পাৰৰ সহগৌৰা আৰু বিহাৰৰ চিৰহিন্দ, টেৰাদিহ, চেনুৱাৰ। চিৰহিন্দ নৱ-প্ৰস্তৰ, চেলেকোলিথিক আৰু লৌহ যুগৰ সাংস্কৃতিক দ্ৰব্যবোৰ প্ৰকাশ কৰিছিল। নৱ-প্ৰস্তৰ যুগৰ আৰম্ভণি ইয়াত ২১০০ খৃঃ পূঃৰ পৰা ১৪০০ খৃঃপূঃৰ ভিতৰত হৈছিল। এই অঞ্চলত মানুহে ঘূৰণীয়া বা অৰ্ধ-ঘূৰণীয়া পজাত বসবাস কৰিছিল আৰু এই পজাঘৰবোৰ নল খাগৰি আৰু বাঁহেৰে সজা মাটিৰ লেপ দিয়া ঘৰত বাস কৰিছিল। ইয়াৰ প্ৰমাণ শুকান মাটি লাগি থকা নল-খাগৰি উদ্ধাৰৰ পৰা পোৱা গৈছে। ইয়াত ঘৰৰ ছাল ধৰি ৰখা খুটাৰ গাত উদ্ধাৰ হৈছে আৰু খাদ্য ৰন্ধাৰ বাবে জুহাল ব্যৱহাৰ কৰাৰো প্ৰমাণ পোৱা গৈছে।


(ঙ) পূব ভাৰত অঞ্চল

উত্তৰঃ পূব ভাৰত অঞ্চলঃ পূব মণ্ডলৰ নৱ-প্ৰস্তৰ যুগৰ সংস্কৃতিৰ প্ৰমাণ উদ্ধাৰ কৰা গুৰুত্বপূৰ্ণ ঠাইবোৰ আছিল সিংভূম জিলাৰ বৰুদিহ, ময়ুৰভঞ্জ জিলাৰ ঝাৰখণ্ড আৰু কুচাই আৰু উৰিষ্যাৰ গোলবাই শাসন, উত্তৰ কাচাৰ পাহাৰৰ দাওজলি হাদিং আৰু অসমৰ সৰুতাৰু। পশ্চিম বঙ্গৰ অজয় উপত্যকাৰ পাণ্ডু ৰাজ্যৰ ধিবি আছিল নৱ-প্ৰস্তৰ শিল্পকলাৰ প্ৰথম পৰ্যায়। সীমিত খনন কাৰ্য আৰু আৱিষ্কাৰৰ বাবে এই অঞ্চলত পোৱা উৎস বৰ তাকৰ আৰু আনকি ইয়াৰ কালপঞ্জীও অনিশ্চিত। এই অঞ্চলৰ মানুহে ভিন ভিন আহিলা ব্যৱহাৰ কৰিছিল আৰু এইবোৰ আছিল বেচল্ট বা কোৱাৰ্টজাইটেৰে সুন্দৰ গঢ়ৰ মিহি কুঠাৰ আৰু ৰেণ্ডা। পূব-ভাৰতৰ বিভিন্ন ঠাই বিশেষকৈ অসমত নাল থকা কুঠাৰ ব্যৱহাৰ কৰা হৈছিল। যিহেতু এনে প্ৰকাৰৰ কুঠাৰ দক্ষিণ পূব এচিয়াত বহুলভাৱে সম্প্ৰসাৰিত আছিল সেয়ে বহুতো পণ্ডিতে অনুমান কৰে যে এনে আহিলা বাহিৰৰ পৰা ভাৰতলৈ আমদানি কৰা হৈছিল।


(চ) দক্ষিণ অঞ্চলৰ নৱ-প্ৰস্তৰ সংস্কৃতি

উত্তৰঃ দক্ষিণ অঞ্চলৰ নৱ-প্ৰস্তৰ সংস্কৃতিঃ দক্ষিণ ভাৰতত নৱ-প্ৰস্তৰ সংস্কৃতি কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ আৰু তামিলনাডুত বিয়পি পৰিচিল আৰু এনেদৰে ভৌগোলিকভাৱে উত্তৰে কৃষ্ণা নৈৰ শাখা ভীম নদী আৰু দক্ষিণে কাবেৰী নদীৰ দ্বাৰা আৱৰা অঞ্চলত এই সংস্কৃতি বিয়পি পৰিছিল। এই সংস্কৃতিৰ অন্তৰ্ভুক্ত গুৰুত্বপূৰ্ণ স্থানবোৰ আছিল কৰ্ণাটকৰ কুপগাল, সঙ্গনকল্লা, হাল্লুৰ, টেক্কলকোটা, ব্ৰহ্মগিৰী, মাস্কি, টিনাৰ্চিপুৰ, অন্ধ্ৰপ্ৰদেশৰ উটনুৰ, পালভয়, কোকেকাল, বুদিহাল আৰু তামিলনাডুত আছিল পৈয়ামপল্লী। এই সংস্কৃতিৰ এটা নিৰ্দিষ্ট সময়সীমা হ'ল ২৩৩৫ খৃঃ পূঃৰ পৰা ১৩৫০ খৃঃ পূঃলৈ। দক্ষিণ ভাৰতৰ নৱ-প্ৰস্তৰ সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল গৰুৰ পোৰা গোবৰৰ দম বা ছাইৰ গড়। দক্ষিণ ভাৰতৰ নৱ-প্ৰস্তৰ সংস্কৃতিৰ এটা সমসাময়িক দৃষ্টিভংগীৰে প্ৰকাশ কৰিছিল যে এই যুগৰ মানুহে পাহাৰৰ ওচৰত বাস কৰিছিল। তেওঁলোকৰ স্থায়ী বসবাসত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল বাৰ মাহে পানীৰ প্ৰাচুৰ্যতা, সহজলভ্য আৰু প্ৰচুৰ চিকাৰ, গৰু-মহৰ বাবে চৰণীয়া পথাৰ আৰু আহিলাৰ বাবে কেঁচা সামগ্ৰী।




Author : Pompi Hazarika






Post ID: DABP004527