ফৰাচী বিপ্লৱ আৰু ইউৰোপীয় পৰিণতি 

প্ৰথম অধ্যায়

অতি চমু প্ৰশ্ন( Very Short Questions)

১। কোন চনত ফৰাচী বিপ্লৱ সংঘটিত হৈছিল ?

( In which year French Revolution tool Place?)

উতৰঃ ১৭৮৯ চনত ফৰাচী বিপ্লৱ সংঘটিত হৈছিল ।


২। ফৰাচী বিপ্লৱৰ মূল বাণী কি আছিল ?

(What was the main slogan of French Revolution?)

উত্তৰঃ ফৰাচী বিপ্লৱৰ মূল বাণী হল স্বাধীনতা, ক্ষমতা, আৰু ভাতৃত্ব ।


৩। ফৰাচী বিপ্লৱৰ সময়ত ফ্ৰান্সৰ সম্ৰাট কোন আছিল ?

( Who Was the Emperor of French at the time of French Revolution /)

উত্তৰঃ ফৰাচী বিপ্লৱৰ সময়ত ফ্ৰান্সৰ সম্ৰাট আছিল ষষ্ঠদশ লুই ।


৪। ফৰাচী বিপ্লৱৰ সময়ত ফ্ৰান্সত কোনটো ৰাজবংশৰ শাসন চলিছিল ?

( Which dynasty ruled in French at the time of French Revolution?)

উত্তৰঃ ফৰাচী বিপ্লৱৰ সময়ত ফ্ৰান্সত বুৰবন ৰাজবংশৰ শাসন চলিছিল ।


৫।ফ্ৰান্সৰ কোনবোৰ লোক প্ৰথম এষ্টেটৰ অধীনত আছিল ?

( Which people of Felonged to First Estate ?)

উত্তৰঃ যাজকসকল প্ৰথম এষ্টেটৰ অধীনত আছিল ।


৬। ফ্ৰান্সৰ অভিজাতসকল কোন শ্ৰেণীৰ অন্তৰ্গত আছিল ?

( The nobles of Franch belonged to which estate ?)

উত্তৰঃ ফ্ৰান্সৰ অভিজাতসকল দ্বিতীয় শ্ৰেণীৰ অন্তৰ্গত আছিল ।


৭। কোনসকল লোকক লৈ ফ্ৰান্সৰ তৃতীয় এষ্টেট গঠিত হৈছিল ?

( The third Estate of French was formed by which people?)

উত্তৰঃ  মধ্যবিত্ত লোকলকল, কৃষক, শ্ৰমিক, শিল্পী আৰু সাধাৰণ লোকসকলক লৈ ফ্ৰান্সৰ তৃতীয় এষ্টেট গঠিত হৈছিল ।


৮। টাৰ্গো কোন আছিল ?

( Who was Targo ?)

উত্তৰঃ ষষ্ঠদশ লুইৰ এজন মন্ত্ৰী আছিল ।


৯। নেকাৰ কোন আছিল ?

( Who was Necker ?)

উত্তৰঃ  নেকাৰ সম্ৰাট ষষ্ঠদশ লুইৰ এজন সুদক্ষ মন্ত্ৰী আছিল ।


১০। ফ্ৰান্সৰ এজন ৰাজনৈতিক দাৰ্শনিকৰ নাম লিখা ।

( Write the name of one political philosopher of France.)

উত্তৰঃ ফ্ৰান্সৰ এজন ৰাজনৈতিক দাৰ্শনিকৰ নাম হল মন্টেস্কু ।


১১। পাৰ্চী চিঠিৰ লিখক কোন আছিল ?

( Who was the author of the '' Persian Letters?)

উত্তৰঃ পাৰ্চী চিঠিৰ লিখক হল মন্টেস্কু ।


১২। ব্যৱস্থা নীতিৰ তত্ত্বৰ লিখক কোন আছিল ?

(Who was the author of '' the spirit of the Laws''?)

উত্তৰঃ ব্যৱস্থা নীতিৰ তত্ত্বৰ লিখক হল মন্টেস্কু ।


১৩। ক্ষমতা আৰু বিভাজনৰ নীতি কোনে আগবঢ়াইছিল ?

( Who properd '' the theory of separation of powers''?)

উত্তৰঃ ক্ষমতা আৰু বিভাজনৰ নীতি মন্টেস্কুৱে আগবঢ়াইছিল ।


১৪।  কোনে মানৱ স্বত্ব ঘোষণা কৰিছিল ?

( Who declared ''Declaration of Rights of man''?)

উত্তৰঃ দাৰ্শনিক ৰুছোৱে মানৱ স্বত্ব ঘোষণা কৰিছিল ।


১৫। প্ৰত্যেক মানুহেই জন্মত স্বাধীন কিন্তু প্ৰত্যেকেই দাসত্বৰ শিকলিত আৱদ্ধ---- খথাষাৰ কোনে কৈছিল ?

(Man is born free but everywhere he is in chain''--- Who said this?)

উত্তৰঃ প্ৰত্যেক মানুহেই জন্মত স্বাধীন কিন্তু প্ৰত্যেকেই দাসত্বৰ শিকলিত আৱদ্ধ -- কথাষাৰ দাৰ্শনিক ৰুছোৱৈ কৈছিল ।


১৬। কোনে জাতীয় প্ৰতিনিধি সভাৰ আহ্বান কৰিছিল ?

(Who called states General ?)

উত্তৰঃ  সম্ৰাট ষষ্ঠদশ লুইয়ে জাতীয় প্ৰতিনিধি সভাৰ আহ্বান কৰিছিল ।


১৭। বেষ্টিল দুৰ্গটো কোন ৰাজবংশৰ অত্যাচাৰৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছিল ?

( Bastill fort was considered as the symbol of authocratic rule of which dynasty?)

উত্তৰঃ বেষ্টিল দুৰ্গটো বুৰবন বংশৰ অত্যাচাৰৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছিল ।


১৮। কোনটো দিন ফ্ৰান্সৰ জাতীয় দিৱস হিচাপে গণ্য  কৰা হয় ?

( Which day was observed as the '' National Day'' of France ?)

উত্তৰঃ  ১৪ জুলাই ফ্ৰান্সৰ জাতীয় দিৱস হিচাপে গণ্য কৰা হয় ।


১৯। গিলটিন কি ?

(  What is Guilotine?)

উত্তৰঃ গিলটিন হল এবিধ শিৰচ্ছেদ কৰা শাল ।


২০। ডাইৰেক্টৰীৰ সদস্যৰ সংখ্যা কিমানজন আছিল ?

( How many numbers were Flure in the Directory?)

উত্তৰঃ ডাইৰেক্টৰীৰ সদস্যৰ সংখ্যা হল ৫ জন ।


২১।  মই বিপ্লৱৰ সন্তান '' কথাষাৰ কোনে কৈছিল ?

(  I am the son of the Revolution ''-- Who said this?)

উত্তৰঃ মই বিপ্লৱৰ সন্তান -- কথাষাৰ নেপোলিয়ন বোনাপাৰ্টে কৈছিল ।


২২। ধৰ্ম হল এক ৰাজনৈতিক হাতিয়াৰ , সমাজ বন্ধনৰ উপায় আৰু নিৰাপত্তা ব্যৱস্থা -- কথাষাৰ কোনে কৈছিল ?

( Religion a useful political instrument , a social cement and a safety valve''--- who said this ?)

উত্তৰঃ ধৰ্ম হল এক ৰাজনৈতিক হাতিয়াৰ, সমাজ বন্ধনৰ উপায় আৰু নিৰাপত্তা ব্যৱস্থা -- কথাষাৰ নেপোলিয়ে কৈছিল ।


২৩। ধৰ্মচুক্তি বা কনকৰ্দা কি ?

( What is Concordat?)

উত্তৰঃ ধৰ্মচুক্তি বা কনকৰ্দা হল ১৮০২ চনত স্বাক্ষৰিত হোৱা এখন চুক্তি ।


২৪। কোন চনত কেম্পফৰ্মিও চুক্তি স্বাক্ষৰিত হৈছিল ?

( In which year the treaty of compoformio was signed?)

উত্তৰঃ ১৭৯৭ চনত কেম্পফৰ্মিও চুক্তি স্বাক্ষৰিত হৈছিল ।


২৫। চিজাল পাইন প্ৰজাতন্ত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল ?

( Who established Cisalpine Republic ?)

উত্তৰঃ চিজাল পাইন প্ৰজাতন্ত্ৰ নেপোলিয়ন বোনাপাটে প্ৰতিষ্ঠা কৰিছিল ।


২৬। নীল নদীৰ পাৰত হোৱা যুদ্ধত ইংলেণ্ডৰ নৌ-সেনাপতি কোন আছিল    ?

( Who was the naval Adval of England in the battle of Nile?)

উত্তৰঃ নীল নদীৰ পাৰত হোৱা যুদ্ধত ইংলেম্ডৰ নৌ-সেনাপতি হল নেলচন ।


২৭। নেপোলিয়নৰ জীৱনৰ শেষবাৰৰ বাবে জয়লাভ কৰা যুদ্ধ কোনখন আছিল ?

( Which war was the last battle of nepoleon in which be got victorious?)

উত্তৰঃ  নেপোলিয়নৰ জীৱনৰ শেষবাৰৰ বাবে জয়লাভ কৰা যুদ্ধখন হল ড্ৰোডেন যুদ্ধ ।


২৮। কোনখন চুক্তি অনুসৰি নেপোলিয়নক এলবা দ্বীপলৈ নিৰ্বাচন দিয়া হৈছিল ?

(By which treaty Napoleon was exiled to Elba?)

উত্তৰঃ ফন্টেইনব্লত চুক্তি অনুসৰি নেপোলিয়নক এলবা দ্বীপলৈ নিৰ্বাচন দিয়া হৈছিল ।


২৯। নেপোলিয়নৰ জীৱনৰ শেষ যুদ্ধখনৰ নাম কি ?

(What was the last battle of Nepoleon''s life?)

উত্তৰঃ নেপোলিয়নৰ জীৱনৰ শেষ যুদ্ধখনৰ নাম হল বাৰ্টালুৰ যুদ্ধ ।


৩০। নেপোলিয়নৰ কোন ঠাইত মৃত্যু হৈছিল ?

( In which place Nepoleon was died?)

উত্তৰঃ দক্ষিণ আটলান্টিক মহাসাগৰৰ নিৰ্জন দ্বীপ চেন্ট হেলেনাত নেপোলিয়নৰ মৃত্যু হৈছিল । 


চমু প্ৰশ্ন (Short Answer)

১। ফৰাচী বিপ্লৱৰ সময়ৰ ফ্ৰান্সৰ দুটা ৰাজনৈতিক ভাগৰ নাম লিখা ।

( Write the name two political divisions of French at the time of French Revolution.)

উত্তৰঃ   ফৰাচী বিপ্লৱৰ সময়ৰ ফ্ৰান্সৰ দুটা ৰাজনৈতিক ভাগৰ নাম হল 

ক) সুবিধা পোৱা লোকসকল ।

খ) সুবিধাৰ পৰা বঞ্চিতসকল ।


২। ফৰাচী বিপ্লৱৰ সময়ৰ ফ্ৰান্সৰ দুটা সামাজিক শ্ৰেণীবিভাগৰ নাম লিখা । 

( Mention the name of two social division of France at the time of French Revolution .)

উত্তৰঃ  ফৰাচী বিপ্লৱৰ সময়ৰ ফ্ৰান্সৰ দুটা সামাজিক শ্ৰেণীবিভাগৰ নাম হল 

ক) সুবিধভোগী শ্ৰেণী ।

খ) অধিকাৰবিহীন শ্ৰেণী ।


৩। ষষ্ঠদশ লুইৰ দুজন সুদক্ষ মন্ত্ৰীৰ নাম লিখা ।

( Write the name of two Mnister of Louis xvl .)

উত্তৰঃ ষষ্ঠদশ লুইৰ দুজন সুদক্ষ মন্ত্ৰীৰ নাম হল 

ক) টাৰ্গো ।

খ) নেকাৰ ।


৪। ফ্ৰান্সৰ বুৰবন বংশৰ দুজন সম্ৰাটৰ নাম লিখা ।

( Write the name two emperors of Bourbon dynasty of France.)

উত্তৰঃ  ফ্ৰান্সৰ বুৰবন বংশৰ দুজন সম্ৰাটৰ নাম হল 

ক) চতুৰ্দশ লুই আৰু খ) ষষ্ঠদশ লুই ।


৫। ফৰাচী বিপ্লৱৰ সময়ত ফ্ৰান্সৰ সম্ৰাট আৰু ৰাণী কোন আছিল ?

( Who were the Emperor and Queen of Franch at the time of Franch Revolution ?)

উত্তৰঃ  ফৰাচী বিপ্লৱৰ সময়ত ফ্ৰান্সৰ সম্ৰাট আৰু ৰাণী হল ক্ৰমে 

ষষ্ঠদশ লুই আৰু ৰাণী  মেৰী এন্টনিয়েট ।


৬। ফৰাচী বিপ্লৱৰ সময়ত ফ্ৰান্সৰ ৰাজভৰাল উদং হোৱা দুটা কাৰণ উল্লেখ কৰা । 

(Mention two causes for the empty treasury of Franch at the time of franch Revolution .)

উত্তৰঃ ফৰাচী বিপল্ৱৰ সময়ৰ ফ্ৰান্সৰ ৰাজভৰাল উদং হোৱা দুটা কাৰণ হল 

ক) দুৰ্বল অকামিলা আৰু অযোগ্য শাসক ।

খ) যাজক আৰু অভিজাত শ্ৰেণীৰ সুবিধাভোগী স্বভাৱ আৰু অৰ্থনীতিৰ ক্ষেত্ৰত অহেতুক নিয়ন্ত্ৰণ ।


৭। ফ্ৰান্সৰ দুজন দাৰ্শনিকৰ নাম লিখা ।

( Write the name of two philosophers of France .)

উত্তৰঃ ফ্ৰান্সৰ দুজন দাৰ্শনিকৰ নাম হল 

ক) আডাম স্মিথ ।

খ) বেনথাম ।


৮। ফৰাচী বিপ্লৱত প্ৰভাৱ পেলোৱা দুখন কিতাপৰ নাম লিখা ।

( Write the name of two book that influenced french Revolution .)

উত্তৰঃ ফৰাচী বিপ্লৱত প্ৰভাৱ পেলোৱা দুখন কিতাপৰ নাম হল 

ক) ৱেলথ অৱ নেচন ।

খ) প্ৰিন্সিপলছ অৱ লেজিচলেচন ।


১০। ফৰাচী বিপ্লৱত প্ৰভাৱ পেলোৱা দুজন বিদেশী চিন্তাবিদৰ নাম উল্লেখ কৰা ।

( Write the name of two foreign thinkers who influenced french Revolution .)

  উত্তৰঃ  ফৰাচী বিপ্লৱত প্ৰভাৱ পেলোৱা দুজন চিন্তাবিদৰ নাম হল 

ক) ৰুছো ।

খ) টাৰ্গো ।


১০। কোনে কি কাৰণত পিলজি ঘোষণা কৰিছিল ?

( Who and for which reason declared Pillniz declaration''?)

উত্তৰঃ  


১১। মন্টেস্কুৰ ৰচিত দুখন গ্ৰন্থৰ নাম লিখা .

( Write the name of two books written by Montesque .)

উত্তৰঃ  মন্টেস্কুৰ ৰচিত দুখন গ্ৰন্থৰ নাম হল 

ক) পাৰ্চী চিঠি ।

খ) ব্যৱস্থা নীতিৰ তত্ত্ব ।


১২। ৰুছোৰ দুখন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা ।

( Write the name of two famous books of Rousseau.)

উত্তৰঃ ৰুছোৰ দুখন উল্লেখযোগ্য গ্ৰন্থৰ নাম হল 

ক) অৰিজিন অৱ ইনকুৱেলিটি অৱ মেন ।

খ) সামাজিক চুক্তি ।


১৩। কোন চনৰ কিমান তাৰিখে বাষ্টিলৰ পতন হৈছিল ?

( In which date and year, fall of Bastile accured?)

উত্তৰঃ ১৭৮৯ চনৰ ১৪ জুলাই তাৰিখে বাষ্টিলৰ পতন হৈছিল .


১৪। ৰুছৰ ব্যক্তি আৰু সামৰিক ঘোষণাৰ দুটা স্বত্ব উল্লেখ কৰা ।

( Mention two right of Roussean's Declaration  rights of Man and of the Citizen''>)

উত্তৰঃ  ক) স্বাধীনতাৰ স্বত্ব।

খ) সম্পত্তিৰ স্বত্ব।


১৫। ফ্ৰান্সৰ দুজন জেকবিন নেতাৰ নাম উল্লেখ কৰা ।

( Mention the name of two jacobin leaders of france.)

উত্তৰঃ  ফ্ৰান্সৰ দুজন জেকবিন নেতাৰ নাম হল 

ক) ডেন্টেন ।

খ) মেৰেট ।


১৬। কোন চনৰ পৰা কোন চনলৈ ফ্ৰান্সত ডাইৰেক্টৰীৰ শাসন চলিছিল ?

( From which year to which year France was under directory?)

উত্তৰঃ ১৭৯৫ ৰ পৰা ১৭৯৯ চনলৈ ফ্ৰান্সত ডাইৰেক্টৰীৰ শাসন চলিছিল ।  


১৭। কোন চনত আৰু কত নেপোলিয়নৰ জন্ম হৈছিল ?

( In which place and in which year Napoleon was born?)

উত্তৰঃ ১৭৬৯ চনৰ ১৫ আগষ্ট তাৰিখে কাৰ্চিকা দ্বীপৰ আজেচিও নগৰত নেপোলিয়নৰ জন্ম হৈছিল ।


১৮। নেপোলিয়নৰ প্ৰশাসনিক সংস্কাৰৰ দুটা উদাহৰণ দিয়া ।

( Give two examples of Nepoleon's administrative reform.)

উত্তৰঃ নেপোলিয়নৰ প্ৰশাসনিক সংস্কাৰৰ দুটা উদাহৰণ হল 

ক) কেন্দ্ৰীভূত শাসন ব্যৱস্থা ।

খ) সমতা ।


১৯। ধৰ্মচুক্তিৰ দুটা চৰ্ত উল্লেখ কৰা ।

( Mention two terms of Concordot.)

উত্তৰঃ  ধৰ্মচুক্তিৰ দুটা চৰ্ত হল 

ক) কেথলিক ধৰ্ম ফ্ৰান্সৰ ৰাষ্ট্ৰীয় ধৰ্মমতে স্বীকৃতি হয়।

খ) বিপ্লৱৰ সময়ত বাজেয়াপ্ত ধৰ্মোত্তৰ মাটি-সম্পত্তিসমূহ ঘুৰাই দিয়া নহব ।


২০। কেম্পফৰ্মিও চুক্তিৰ দুটা চৰ্ত উল্লেখ কৰা .

( Mention two terms of the treaty of Campoformio.)

উত্তৰঃ কেম্পফৰ্মিও চুক্তিৰ দুটা স্বৰ্ত হল 

ক) এই চুক্তিৰ দ্বাৰা ফ্ৰান্সৰ সীমা ৰাইন আৰু এলপলৈ বিস্তাৰিত হয় .

খ) অষ্ট্ৰিয়ান নেদাৰলেণ্ড, চেভয় আৰু নাইন ফ্ৰান্সৰ অধীন হয় ।


২১। লুনেভাইল চুক্তি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল ?

( Between whom the treaty of Lunevile was sidned ?)

উত্তৰঃ  অষ্ট্ৰিয়া আৰু ফ্ৰান্সৰ মাজত লুনেভাইল চুক্তি স্বাক্ষৰিত হৈছিল ।


২২। কন্টিনেন্টেল চিষ্টেমৰ দুটা আসোৱাহ উল্লেখ কৰা ।

( Mention two drawback of constuental system .)

উত্তৰঃ কষ্টিনেন্টেল চিষ্টেমৰ দুটা আসোৱাহ হল 

ক) নেপোলিয়নে বৃটিছ সামগ্ৰীৰ ব্যৱহাৰ বন্ধ কৰিছিল যদিও তাৰ স্থান লবৰ বাবে কোনো বিকল্প ব্যৱস্থা কৰা হোৱা নাছিল ।

খ) এই ব্যৱস্থাই ইউৰোপৰ অৰ্থনীতি অনিষ্ট কৰিছিল ।


২৩। কন্টিনেন্টেল চিষ্টেমৰ  বিফলতাৰ দুটা কাৰণ লিখা  ।

( Write two causes of failure of Contiuental System.)

উত্তৰঃ কন্টিনেন্টেল চিষ্টেমৰ বিফলতাৰ দুটা কাৰণ হল 

ক) ৰাছিয়া প্ৰুছিয়া আৰু অষ্ট্ৰিয়াই এনে কঠোৰ নীতি মানি লবলৈ অস্বীকাৰ কৰিছিল ।

খ) হলেণ্ডৰ ৰজা নেপোলিয়নৰ ভাতৃ জোৰাম বোনাপাৰ্টে এই নীতি মনাতকৈ নিজৰ সিংহাসন ত্যাগ কৰিবলৈকে প্ৰস্তুত হৈছিল । 


২৪। নেপোলিয়নৰ পতনৰ দুটা কাৰণ উল্লেখ কৰা ।

(Mention two causes for Nepoleon downfall .)

উত্তৰঃ  নেপোলিয়নৰ পতনৰ দুটা কাৰণ হল 

ক) স্পেনিচ যুদ্ধত পৰাজয় ।

খ) মস্কো অভিযানৰ আচনি ।


২৫। ভিয়েনা কংগ্ৰেছৰ দুটা উদ্দেশ্য লিখা ।

( Write aims of Vienna Congress.)

উত্তৰঃ ভিয়েনা কংগ্ৰেছৰ দুটা উদ্দেশ্য হল 

ক) ফৰাচী বিপ্লৱ আৰু নেপোলিয়নে সৃষ্টি কৰা সমস্যাসমূহৰ সমাধান কৰা ।

খ) ফৰাচী বিপ্লৱৰ বৈপ্লৱিক আদৰ্শক সম্পূৰ্ণৰূপে ধ্বংস কৰা ।


২৬। ভিয়েনা কংগ্ৰেছৰ অংশগ্ৰহণ কৰা ইংলেণ্ডৰ  দুজন প্ৰতিনিধিৰ নাম উল্লেখ কৰা ।

( Mention the name of two English Representative who joined Vienna congress.)

উত্তৰঃ ভিয়েনা কংগ্ৰেছৰ অংশগ্ৰহণ কৰা ইংলেণ্ডৰ দুজন প্ৰতিনিধিৰ নাম হল 

ক) লৰ্ড কেষ্টিলৰীণ ।

খ) ডিউক 


 চমুটোকা ( Short Notes)

১। ফৰাচী বিপ্লৱৰ   সময়ৰ ফ্ৰান্সৰ ৰাজনৈতিক অৱস্থা ।

( Political condition of france of the time of french Revolution.) 

উত্তৰঃ ফ্ৰান্সৰ শাসনব্যৱস্থা দৈৱ অধিকাৰ নীতি ৰ ওপৰত প্ৰতিষ্ঠিত আছিল । তেওঁলোকে ৰজাক ইশ্বৰপ্ৰেৰিত দূত হিচাপে গ্ৰহণ কৰিছিল  আৰু তেওঁলোকে ৰজাক ইশ্বৰ প্ৰতিনিধি বুলি মানি লৈছিল  আৰু শাসন ব্যৱস্থাত ৰজায়ে হল সকলো ক্ষমতাৰ অধিকাৰী । আনহাতে ৰজাৰ শাসনকালত শাসনৰ কোনো নীতি-নিয়ম নাছিল ।প্ৰথম অৱস্থাত বুৰবন বংশৰ ৰজাবোৰ সুদক্ষ শাসক আছিল । পিছলৈ তেওঁলোক অকামিলা, আৰু অযোগ্য হৈ পৰে । এই শাসকসকলৰ অকৰ্মণ্যতা আৰু দুৰ্বলতাৰ সুযোগ লৈ ফ্ৰান্সৰ শাসনব্যৱস্থা অতি বেয়াৰ ফালে ঢাল খাই পৰে । বহুবছৰ ধৰি ফ্ৰান্সত শাসনৰ নামত অত্যাচাৰ আৰু শোষণ চলি আছিল । ফ্ৰান্সৰ শাসনব্যৱস্থাটোক প্ৰধানকৈ দুটা শ্ৰেণীত ভাগ কৰিব পাৰি .

ক) সুবিধা পোৱা লোকসকল ।

খ) সুবিধাৰ পৰা বঞ্চিতলোক সকল .

সুবিধ পোৱা  সকলৰ ভিতৰত আছিল ৰজা, যাজকশ্ৰেণী, আৰু অভিজাতসকল ।আনহাতে সুবিধাৰ পৰা বঞ্চিত লোকসকলৰ ভিতৰত আছিল কৃষক, শ্ৰমিক, আৰু মধ্যবিত্ত লোকসকল ।ফ্ৰান্সৰ জনসংখ্যাৰ মুঠ এক শতাং লোক সুবিধা পোৱা লোকসকল, আৰু নিৰানবৈ শতাং লোক সুবিধা পৰা বঞ্চিতসকল ।

যাজক আৰু অভিজাতসকলে সকলো উচ্চ আসন লাভ কৰিছিল । তেওঁলোকৰ অগাধ সম্পত্তি আছিল ।  এইসকল লোকে বিলাসী আৰু সুবিধাপূৰ্ণ জীৱন-যাপন কৰিছিল । সুবিধাৰ পৰা বঞ্চিত লোকসকলে বহু কষ্টৰ জীৱন-যাপন কৰিবলগীয়া হৈছিল । 


২। ফৰাচী বিপ্লৱৰ সময়ৰ সামাজিক বৈষম্য 

( Social differences of France of the time of French Revolution.)

উত্তৰঃ  প্ৰাচীন শাসন প্ৰণালীত ফ্ৰান্সৰ সমাজখন তিনিটা সম্প্ৰদায়েৰে গঠিত হোৱা পৰিলক্ষিত হয় । ইয়াৰ প্ৰতিটো সম্প্ৰদায়ক একোটা এষ্টেট বুলি কোৱা হয় । ইয়াৰ প্ৰথম এষ্টেটত আছিল যাজকসকল, দ্বিতীয় এষ্টেটত আছিল অভিজাতসকল, মধ্যবিত্ত লোকসকল, কৃষক, শ্ৰমজীৱী লোক, শিল্পী আৰু সাধাৰণ লোকসকলক লৈ ফ্ৰান্সৰ তৃতীয় এষ্টেট গছন কৰা হৈছিল । ইয়াৰ প্ৰথম দুটা এষ্টেট আছিল সুবিধাভোগী শ্ৰেণী আৰু তৃতীয় সম্প্ৰদায়টো আছিল অধিকাৰ বিহীন শ্ৰেণী । ফ্ৰান্সৰ মুঠ জনসংখ্যাৰ এক শতাংশ লোক প্ৰথম আৰু দ্বিতীয় এষ্টেটৰ লোক আছিল, এই যাজক আৰু অভিজাত লোকসকলে মাজ ব্যৱস্থাৰ সকলো সুবিধা পাইছিল । এই দুই সম্প্ৰদায়ৰ লোকসকল সমাজৰ সকলো সা-সুবিধাৰ অধিকাৰী আছিল ।যাজকসকলৰ ধৰ্মীয় আধিপত্যৰ বাবে সমাজৰ সকলো উচ্চস্থান আৰু পদবী লাভ কৰিছিল ।ফ্ৰান্সৰ তৃতীয় এষ্টেটৰ লোসকল সকলো ক্ষেত্ৰতে আগবঢ়া আছিল যদিও তেওঁলোকৰ কোনো ধৰণৰ স্থান বা সন্মান নাছিল । ফলত ফ্ৰান্সৰ এই সুবিধাভোগী আৰু সুবিধাৰ পৰা বঞ্চিতসকলৰ মাজত ঘৃণা আৰু অহংকাৰ ভাৱ বৃদ্ধি পাইছিল । ফ্ৰান্সত সময়ৰ অগ্ৰগতিৰ লগে-লগে অধিকাৰৰ পৰা বঞ্চিত লোকসকলে নিজৰ অধিকাৰৰ দাবী তুলি বিপ্লৱৰ আৰম্ভণি কৰিছিল ।

ফ্ৰান্সৰ নিম্নশ্ৰেণীৰ লোকসকলে সম-অধিকাৰৰ দাবীত বিপ্লৱৰ প্ৰতি সমৰ্থন জনাইছিল । এই লোকসকলে সামন্তবাদীয় আদৰ্শত চলা ফ্ৰান্সৰ এই ব্যৱস্থাৰ সম্পূৰ্ণ পৰিৱৰ্তন বিছাৰিছিল । সেয়েহে তেওঁলোকৰ প্ৰধান বাণী হল স্বাধীনতা, ক্ষমতা, আৰু ভাতৃত্ব । ফ্ৰান্সৰ পুৰণি শাসন প্ৰণালীত থকা এনে সামাজিক বৈষম্যৰ ফলত ফ্ৰান্সৰ সমাজখনত সম্পূৰ্ণভাৱে গ্ৰাস কৰিছিল আৰু ই ফ্ৰান্সত বিপ্লৱ হোৱাত সহায় কৰিছিল ।


৩। মধ্যবিত্ত শ্ৰেণীৰ আৱিৰ্ভাৱ ( Emergency of Middle class.)

উত্তৰঃ  মধ্যবিত্ত শ্ৰেণীৰ আৱিৰ্ভাৱ হোৱাৰ ফলত ফ্ৰান্সৰ পুৰণি শাসন প্ৰণালীত উল্লেখযোগ্য প্ৰভাৱ পেলাইছিল । বিসংগতিপূৰ্ণ আৰু স্বৈৰাচ্ছাৰী শাসনৰ পৰিৱৰ্তনৰ ডৌ অনাত যথেষট পৰিমাণে অৰিহণা যোগাইছিল । খৃঃ অষ্টাদশ শতিকাৰ পৰা ফ্ৰান্সৰ শিল্প বাণিজ্যৰ উন্নতি হোৱাৰ ফলত এই মধ্যবিত্ত শ্ৰেণীটোৰ আৱিৰ্ভাৱ হৈছিল । এই শ্ৰেণীটো আছিল মধ্যবিত্ত শ্ৰেণী । ফৰাচী বিপ্লৱৰ প্ৰাকক্ষণত এই শ্ৰেণীটোৰ সংখ্যা, সম্পদ, আদি বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিল । কিন্তু এই শ্ৰেণীৰ লোকসকলৰ কোনোধৰণৰ সামাজিক মৰ্যাদা নাছিল । বৌদ্ধিক দিশত আগবঢ়া এই লোকসকলে ফ্ৰান্সৰ ৰাষ্টব্যৱস্থা, সমাজব্যৱস্থা, আৰু অৰ্থনৈতিক দিশৰ বাস্ত বিশ্লেষণ কৰি চাইছিল । ৰাজ্যৰ দুৰ্বল অৰ্থনীতি, অধিক কৰৰ বোজা, ৰাজভৰালৰ অৰ্থ, অপচয় আদিৰ বাবে তেওঁলোক সজাগ হৈ উঠিছিল । এই মধ্যবিত্ত শ্ৰেণীটোৱে ফ্ৰান্সৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ হোৱাটো বিচাৰিছিল । ফ্ৰান্সৰ সমাজত থকা সামাজিক বৈষম্য আতৰাই এই শিক্ষিত শ্ৰেণীটোৱে এক সু-শৃংখল সমাজ ব্যৱস্থা গঢ়ি তুলিব বিছাৰিছিল ।

৪। বাষ্টিলৰ পতন ( Fall in Bastile)

উত্তৰঃ  ষষ্ঠদশ লুইয়ে ষ্টেটচ জেনেৰেল সভা আহ্বান কৰাৰ পাছৰ পৰাই বিভিন্ন লোকৰ পেৰিচত সমাগম হৈছিল । এনেদৰে হোৱা বিভিন্নজনৰ পেৰিচত সমাগম হৈছিল । এনেদৰে হোৱা বিভিন্ন লোকৰ উপস্থিতিয়ে পেৰিচৰ পৰিস্থিতি গৰম কৰি ৰাখিছিল । সম্ৰাটৰ কাৰ্যৱলীয়ে সৰ্বসাধাৰণ লোকসকলক বিদ্ৰোহী কৰি তুলিছিল । পেৰিচ আৰু ভাৰ্টাইৰ চাৰিওফালে সৈন্যবাহিনী মোতায়েন কৰাৰ ফলত ৰজাৰ কাৰ্যাৱলীৰ ওপৰত জনতাৰ সন্দেহ ঘনীভূত হবলৈ আৰম্ভ কৰে । সম্ৰাটে সৈন্যবাহিনীৰ হতুৱাই সংবিধান সভাসন কৰি দিব বুলি আৰু জাতীয় সভাৰ সদস্যসকলক বন্দী কৰিব বুলি সকলোৰে মনত সন্দেহৰ ভাৱ উদ্ৰেক হয় । ইফালে জনসাধাৰণৰ আশ্ৰয়ৰ স্থান আছিল সম্ৰাটৰ ভতিজাক ডিউক অৱ অৰ্লেন্সৰ বাসগৃহ । অৰ্লেন্সে নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে বিপ্লৱীসকলক সমৰ্থন জনাইছিল । এনে পৰিস্থিতি চলি থাকোতে বিখ্যাত বিপ্লৱী নেতা ডেচমুলিনচে ৰয়েল পেলেচলৈ গৈ সকলো লোককে অস্ত্ৰ-শস্ত্ৰ গোটাবলৈ আহ্বান জনায় । পেৰিচ চহৰত থকা কিছুমান ৰাজকীয় সৈনিকেও সৰ্বসাধাৰণৰ পক্ষ অৱলম্বন কৰে । পেৰিচৰ জাতীয় সভাই সৈন্য অপসাৰণৰ বাবে সম্ৰাটক অনুৰোধ জনাইছিল যদিও সম্ৰাটে এই অনুৰোধ প্ৰত্যাখ্যান কৰে । তাৰোপৰি আনৰ কথাত পৰি সম্ৰাটে মন্ত্ৰী নেকাৰকো বৰ্খাস্ত কৰে । সম্ৰাটৰ এনে কাৰ্যত অতিষ্ঠ হৈ ফ্ৰান্সৰ জনতাই সম্ৰাটৰ বিৰুদ্ধে হাতত অস্ত্ৰ-শস্ত্ৰ তুলি লবলৈ বাধ্য হয় । তেওঁলোকে ১৭৮৯ চনৰ ১৪ জুলাইৰ দিনা ৰজাৰ স্বেচ্ছাচাৰিতাৰ প্ৰতীক বা ৰাজনৈতিক বন্দী ৰখা বেষ্টিল দুৰ্গ আক্ৰমণ কৰি ধ্বংস কৰে আৰু তাৰ সকলো বন্দীক মুক্তি কৰি দিয়ে 


৫। ভাৰ্চাই সমদল 

( Versailles March)

উত্তৰঃসাধাৰণ সভা অনুষ্ঠিত কৰাৰ পাছৰ পৰা ফৰাচী বিপ্লৱীসকলে যিবোৰ পদক্ষেপ গ্ৰহণ কৰিছিল, সেই পদক্ষেপসমূহে ফ্ৰান্সৰ অৰ্থনীতিৰ কোনোধৰণৰ পৰিৱৰ্তন কৰিব পৰা নাছ্ল । পেৰিচৰ জনসাধাৰণে সম্ৰাটক ভাৰ্চাইৰ সলনি পেৰিচত থকাটো বিচাৰিছিল । কাৰণ ওচৰত থাকিলে সম্ৰাটক সহজে অভাৱ-অভিযোগবোৰ জনাই থাকিব পৰা যাব । ফ্ৰান্সৰ অৱস্থা ইমান বেয়া পৰ্যায় পাইছিল যে ফ্ৰান্সৰ জনসাধাৰণে  এখন ৰুটিৰ বাবে হাহাকাৰ কৰিব লগা হৈছিল । ১৭৮৯ চনৰ ৫ অক্টোবৰ তাৰিখে ফ্ৰান্সৰ ক্ষুৰ্ধাতু নাৰীয়ে এডাল লাখুটি লৈ ভাৰ্টাই অভিমুখে যাত্ৰা কৰিছিল । তেওঁলোকৰ দাবী হল এখন ৰুটি । তেওঁলোকে ভাৰ্চাই ৰাজপ্ৰসাদ আগুৰি লয় । তাৰ পিছত তেওঁলোকে ৰজা -ৰাণীক ৰাজপ্ৰসাদৰ বাহিৰলৈ ওলাই আহি সমদলত আগভা লবলৈ বাধ্য কৰায় ।


৬। সাংবিধানিক সভা ( Constiueul Assambly of France)

উত্তৰঃ  ১৭৮৯ চনত ফ্ৰান্সত জাতীয় সভাৰ কাৰ্যাৱলী আৰম্ভ হোৱাৰ পাছত এই সভাই সাংবিধানিক সভা নাম লয় । এই জাতীয় সাংবিধানিক সভাই ১৭৮৯ চনৰ অক্টোৱৰৰ পৰা ১৭৯১ চনৰ ছেপ্তেম্বৰলৈ বহুতো গুৰুত্বপূৰ্ণ কাম কৰিছিল । ইয়াৰ প্ৰধান কাৰ্যৱলীসমূহ আছিল 

ক)শ্ৰেণীবৈষম্য দূৰীকৰণ ঃ সুবিধাভোগী শ্ৰেণীটোৱে বহুবছৰ ধৰি ভোগ কৰি থকা সুবিধাসমূহ উঠাই, দি ফ্ৰান্সত থকা শ্ৰেণীজাত বৈষম্য দুৰ কৰা হৈছিল । খ

খ) ফ্ৰান্সত ব্যক্তি আৰু নাগৰিক অধিকাৰ ঘোষণা ঃ ৰুছোৰ দৰ্শনৰ আধাৰত ব্যক্তিৰ চৰ্ত আৰু স্বাধীনতা ঘোষণা কৰা হয় । এই ঘোষণা অনুসৰি ব্যক্তিৰ চৰ্তবোৰ হল 

ক) স্বাধীনতাৰ স্বৰ্ত 

খ) সম্পত্তিৰ স্বৰ্ত 

গ) নিৰাপত্তাৰ স্বৰ্ত 

ঘ) নিস্পেষণ বাধা দিয়াৰ স্বৰ্ত  

গ) বাষ্টিল দুৰ্গ পতনৰ দিনটো বা ১৪ জুলাই জাতীয় দিৱস হিচাপে পালন কৰিবলৈ লোৱা হয় ।

ঘ) ১৭৯১চনত এখন সংবিধান ৰচনা কৰি বলবৎ কৰা হয় । এই সংবিধান মন্টেস্কুৰ ক্ষমতা বিভাজন সুত্ৰৰ ওপৰত প্ৰতিষ্ঠিত আছিল ।এই সংবিধান অনুসৰি ৰজাক কাৰ্যপালিকাৰ দায়িত্ব দিয়া হৈছিল যদিও সৈন্যবাহিনী ,যাজক সম্প্ৰদায় আৰু স্থানীয় চৰকাৰৰ ওপৰত তেওঁৰ কতৃৰ্ত্ব নাছিল । ৰজাক সহায় কৰিবৰ বাবে মন্ত্ৰী পৰিষদৰ ব্যৱস্থা কৰা হয় । ৭৪৫ জন সদস্যৰে এখন বিধানসভা গঠন কৰি ইয়াৰ কাৰ্যকাল দুবছৰ ধাৰ্য কৰা হয় ।


৭। সন্ত্ৰাসৰ ৰাজত্ব ( Reign March)

উত্তৰঃ  ফৰাচী বিপ্লৱৰ সময়ত ফ্ৰান্সৰ সম্ৰাট ষষ্ঠদশ লুইক মৃত্যুদণ্ড দিয়াৰ পাছত ফ্ৰান্সত কিছুমান বেমেজালিয়ে দেখা দিয়ে । তদুপৰি ৰাজতন্ত্ৰ প্ৰচলিত থকা বিদেশী ৰাষ্ট্ৰসমূহেও ফ্ৰান্সত ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে সংগঠিত হয় । অষ্ট্ৰিয়াৰ সম্ৰাট লিউ পণ্ডে প্ৰুুছিয়াৰ সম্ৰাট দ্বিতীয় ফ্ৰেডাৰিক উইলিয়ামৰ লগ-লাগি পিলনিষ্ট নগৰত ঘোষণা কৰিছিল যে ফ্ৰান্সৰ ৰাজতন্ত্ৰ প্ৰতিষ্ঠা আৰু শান্তি স্থাপন ইউৰোপৰ সকলো ৰজাৰ উদ্দেশ্য । বিদেশী ৰাষ্ট্ৰসমূহৰ এই পিলনিষ্ট ঘোষণাই দেশপ্ৰেমিক ফৰাচীসকলৰ মনত দেশপ্ৰেমৰ ভাৱ অধিক জাগ্ৰত কৰি তোলে । ফ্ৰান্সৰ স্বাধীনতা তথা প্ৰজাতন্ত্ৰ বিপদাপন্ন হোৱাৰ এনে পৰিস্থিতিত ফ্ৰান্সৰ বিপ্লৱীসকলে তথা জেকবিনসকলে ক্ষমতা অধিগ্ৰহণ কৰি সন্ত্ৰাসৰ যোগেদি জনসাধাৰণক ঐক্যবদ্ধ কৰি বিদেশী আক্ৰমণ প্ৰতিৰোধ কৰিব বিচাৰিছিল । ফ্ৰান্সত নতুনকৈ পতা নিৰ্বাচন মতে যিখন নতুন সংসদ গঠিত হল এই সংসদ জাতীয় অভিৱৰ্তন হিচাপে পৰিচিত । ফ্ৰান্সৰ আভ্যন্তৰীণ বিশৃংখলতাৰ নিয়ন্ত্ৰণ আৰু বহিঃআক্ৰমণৰ পৰা প্ৰতিৰক্ষা পাবৰ বাবে জাতীয় অভিৱৰ্তনে জন নিৰাপত্তা সমিতিৰ হাতত কাৰ্যপালিকাৰ সম্পূৰ্ণ ক্ষমতা অৰ্পণ কৰিছিল । ১২ জনীয়া সদস্যৰে গঠিত এই সমিতিৰ হাতত ফ্ৰান্সৰ প্ৰতিৰক্ষা, শাসন আৰু প্ৰগতিৰ সম্পূৰ্ণ দায়িত্ব অৰ্পণ কৰা হৈছিল । 

জন নিৰাপত্তা সমিতিৰ কঠোৰ শাসনক সন্ত্ৰাসৰাজ বা সন্ত্ৰাসৰ ৰাজত্ব হিচাপে অভিহিত কৰা হয় । এই সমিতিৰ প্ৰধান অংগসমূহ আছিল 

ক) সাধাৰণ নিৰাপত্তা সমিতি।

খ)বিপ্লৱী আদালত ।

গ) সংসদ মিছন ।

সন্ত্ৰাসৰাজৰ সময়ছোৱাত জাতীয় অভিৱৰ্তনৰ সদস্যসকলে কঠোৰ নীতি নিৰ্ধাৰণ কৰি শাসন পৰিচালনা কৰিছিল । এই জাতীয় অভিৱৰ্তনত সো আৰু বাওঁ দুই পক্ষৰ সদস্য আছিল 

জেকবিনসকলৰ উল্লেখযোগ্য নেতা আছিল ডেন্টেন, মেৰেট, ৰৱছপিয়েৰ কাৰণো, চেইন্ট জষ্ট ইত্যাদি । এই লোকসকলে নিম্ন মধ্যবিত্ত শ্ৰেণী আৰু কৃষকৰ প্ৰতিনিধিত্ব কৰিছিল । ফ্ৰান্সৰ আভ্যন্তৰীণ আৰু বৈদেশিক সমস্যাৰ পৰা ৰক্ষা কৰিবৰ বাবে এই সাধাৰণ শ্ৰেণীৰ প্ৰতিনিধিসকলে কঠোৰ, সময়োপযোগী, আৰু বাস্তৱ কাৰ্যপন্থা গ্ৰহণ কৰিছিল ।জন নিৰাপত্তা সমিতিৰ অন্তৰ্গত সাধাৰণ নিৰাপত্তা সমিতিয়ে এক বিৰাট সৈন্যদল গঠন কৰিছিল ।


৮। নেপোলিয়নৰ আভ্যন্তৰীণ সংস্কাৰসমূহ 

( Internal Reform of Nepoleon)

উত্তৰঃ  নেপোলিয়নে ফ্ৰান্সৰ বিকাশৰ বাবে বিভিন্ন সংস্কাৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল । তেওঁৰ সংস্কাৰসমূহ হল

ক) প্ৰশাসনিক সংস্কাৰ 

খ) শিক্ষাৰ সংস্কাৰ 

গ) ধৰ্মীয়  সংস্কাৰ 

ঘ) অৰ্থনৈতিক সংস্কাৰ 

ঙ) অন্যান্য সংস্কাৰ 

প্ৰশাসনিক সংস্কাৰ ঃ প্ৰশাসনিক ক্ষেত্ৰত নেপোলিয়নে কিছু নতুন কৰিব বিচাৰিছিল । তেওঁৰ সংস্কাৰৰ প্ৰধান লক্ষ্য আছিল দেশৰ শান্তি-শৃংখলা প্ৰতিষ্ঠাৰ দ্বাৰা উন্নয়ন তথা নিজকে দেশৰ সকলো ক্ষমতাৰ অধিকাৰী হিচাপে প্ৰতিষ্ঠা কৰা ।

নেপোলিয়নৰ প্ৰশাসনিক সংস্কাৰসমূহ হল 

ক)  কেন্দ্ৰীভূত শাসনব্যৱস্থা ঃ নেপোলিয়নে ফ্ৰান্সত কেন্দ্ৰীভূত শাসন প্ৰতিষ্ঠা কৰিছিল । স্থানীয় প্ৰশাসন আৰু ক্ষমতাৰ বিকেন্দ্ৰীকৰণ নীতিৰ তেওঁ বিৰোধী আছিল ।

খ) সমতাঃ নেপোলিয়নে ফৰাচী বিপ্লৱৰ এক মূল নীতি সমতাৰ নীতিক সম্পূৰ্ণৰূপে সমৰ্থন জনাইছিল ।তেওঁৰ মূল আদৰ্শ  হল াইনৰ চকুত সকলো সমান । তেোঁৰ প্ৰধান নীতি হল জন্মগত বা বংশগত উচ্চ-নীচৰ সলনি যোগ্যতাক সন্মান প্ৰদৰ্শন কৰা । বিভিন্ন নিযুক্তিৰ ক্ষেত্ৰত তেওঁ সামাজিক উচ্চ-নীচৰ বিচাৰ নকৰি প্ৰতিভা আৰু মেধাৰ ভিত্তিত নিযুক্তি দিছিল । 

আইনৰ সংস্কাৰ- নেপোলিয়নে আইনৰ সংস্কাৰ সাধন কৰি আইনৰ চকুত সকলোকে সমানে হিচাপে প্ৰতিষ্ঠা কৰিছিল । তেওঁ  বহুদিনৰ পৰা অত-তত সিচৰিত হৈ থকা আইনসমূহ একগোট কৰি লিপিবদ্ধ কৰিছিল । এই আইনখন লেপোলিয়ন সংবিধি নামেৰে জনা যায় ।

শিক্ষাৰ সংস্কাৰঃ নেপোলিয়নে এক জাতীয় শিক্ষানীতি গ্ৰহণ কৰিছিল । তেওঁৰ শিক্ষাৰ দায়িত্ব পূৰ্বৰ গীৰ্জাৰ হাতৰ পৰা চৰকাৰৰ হাতলৈ আনিছিল । তেোঁৰ মতে শিক্ষাৰ মূল লক্ষ্য হল নৈতিক আদৰ্শ আৰু কঠোৰ শংখলা ।

ধৰ্মীয় সংস্কাৰ ঃ নেপোলিয়নে ফ্ৰান্সৰ ধৰ্মীয় ক্ষেত্ৰখনত যথেষ্ট গুৰুত্ব দিছিল । তেওঁৰ মতে ধৰ্ম হল এক ৰাজনৈতিক হাতিয়াৰ, সমাজ বন্ধনৰ উপায় আৰু নিৰাপদ ব্যৱস্থা । তেওঁ ধৰ্মক ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছিল । ১৮০৩ খ্ৰীঃত পোপ সপ্তম পীউ আৰু নেপোলিয়নৰ মাজত এখন চুক্তি স্বাক্ষৰিত হৈছিল । সেই চুক্তিখনকে ধৰ্মচুক্তি বা কনকৰ্দা নামেৰে জনা যায় । 

এই চুক্তিৰ প্ৰধান চৰ্তকেইটা হল 

ক) কেথলিক ধৰ্ম ফ্ৰান্সৰ ৰাষ্ট্ৰীয় ধৰ্মৰূপে স্বীকৃতি হয় ।

খ) বিপ্লৱৰ সময়ত বাজেয়াপ্ত ধৰ্মোত্তৰ মাটি-সম্পত্তিসমূহ ঘুৰাই দিয়া নহব ।

গ) গীৰ্জাই ধৰ্মৰ নামত কৰ লগাব নোৱাৰিব ।

ঘ) ধৰ্মযাজকসকলে ৰাষ্ট্ৰৰ পৰা দৰমহা পাব ।

ঙ)   শিক্ষাক ধৰ্মীয় নিয়ন্ত্ৰণৰ পৰা মুক্ত কৰা হয় ।

৯। নেপোলিয়নৰ ইটালী অভিযান 

( Internal Reforms of Nepoleon)

উত্তৰঃ নেপোলিয়নে এটা বিশাল সৈন্যবাহিনী লৈ ইটালী অভিযান চলায় । অতি সোনকালেই নেপোলিয়নৰ সৈন্যবাহিনী চাৰ্ডিনিয়াৰ টুৰিনত উপস্থিত হয় । ইয়াৰ পাছত নেপোলিয়নে অষ্ট্ৰিয়া, চাৰ্ডিনিয়া, আৰু বৃটেইনৰ সৈন্যবাহিনীক আতৰাই পেলাই চেভয় আৰু নাইচ হস্তগত কৰে । ইয়াৰ পাছত ক্ৰমে অষ্ট্ৰিয়াৰ সৈন্যবাহিনীৰ বাধা আতৰাই মিলান, লেম্বাৰডি, আৰু মন্টুৱা দখল কৰে । নেপোলিয়নে বাচোন, আৰকোলা, আৰু ৰিলভিত অষ্ট্ৰিয়াৰ সৈন্যবাহিনীক পৰাস্ত কৰাৰ পাছত অতি সহজে ভেনিচ দখল কৰে । অষ্ট্ৰিয়াৰ সৈন্যবাহিনীক পৰাস্ত কৰাৰ পাছত অতি সহজে ভেনিচ দখল কৰে । অষ্ট্ৰিয়া উপায়হীন হৈ নেপোলিয়নৰ লগত কেম্পফৰ্মিও চুক্তিত স্বাক্ষৰ কৰিবলৈ বাধ্য হয়  । ইয়াৰ পৰৱৰ্তী পৰ্যায়ত নেপোলিয়নে অষ্ট্ৰিয়ান নেদাৰলেণ্ড, আৰু আয়নিয়ান দ্বীপসমূহ ফ্ৰান্সৰ ভিতৰুৱা কৰে । নেপোলিয়নে পোৰপ ৰাজ্যত আক্ৰমণ আৰম্ভ কৰে । এই আক্ৰমণত ভয় খাই নেপোলিয়নৰ লগত সন্ধি কৰে । পোপৰ অধীনৰ সৰু-সৰু ৰাজ্যবোৰ লগ-লগাই নেপোলিয়নে চিজাল পাইন প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা কৰে ।

১০। মহাদেশীয় নিৱন্ধ  

( Contiuental  System)

উত্তৰঃ ফ্ৰান্সৰ বিৰুদ্ধে লগ হোৱা অষ্ট্ৰিয়া, প্ৰুছিয়া আৰু ৰাছিয়াক দমন কৰাৰ পাছত ফ্ৰান্সৰ প্ৰধান শত্ৰু হৈ পৰিছিল ইংলেণ্ড । ইতিপূৰ্বে বহুবছৰ ধৰি চলি অহা যুদ্ধসমূহত ফ্ৰান্সৰ স্থলযুদ্ধসমূহত জয় হৈছিল যদিও নৌ-যুদ্ধসমূহত প্ৰায়ে ইংলেণ্ডৰ হাতত পৰাস্ত হৈছিল । নেপোলিয়নে এটা কথা জানিব পাৰিছিল যে ইংলেণ্ডৰ নৌ-যুদ্ধৰ কিমান শ্ৰেষ্ঠতা আছিল । সেইকাৰণে নেপোলিয়নে আন কি উপায়েৰে ইংলেণ্ডক পৰাস্ত কৰিব পাৰিব তাৰ চিন্তা উঠি-পৰি নামিছিল । ইংলেণ্ডৰ উন্নয়নৰ প্ৰধান কাৰণ হল বাণিজ্যিক উন্নতি বা বাণিজ্যিক বিস্তাৰ । সেই সময়ত ইংলেণ্ত বহুতো ডাভৰ-ডাভৰ কাৰখানা গঢ় লৈ উছিছিল । বিশ্বৰ বিভিন্ন ঠাইত থকা এই কাৰখানাবোৰে বিভিন্ন উপায়েৰে কেচামাল সংগ্ৰহ কৰি অনাৰ লগতে এই উদ্যোগত  উৎপাদিত বস্তুৰ বিক্ৰীৰ লগতে বহু বজাৰো ঔপনিৱেশসমূহত তৈয়াৰ কৰিছিল । ফলত ইংলেণ্ড আৰু বিশ্বৰ এক অন্যতম পুজিপতি দেশ হিচাপে জনা গৈছিল । নেপোলিয়নৰ মতে ইংলেণ্ডৰ শিল্প বাণিজ্য ধ্বংস কৰিব পাৰিলেহে ইংলেণ্ড দুৰ্বল হব আৰু ফ্ৰান্সৰ শৰণাপন্ন হব । ইংলেণ্ডক বাণিজ্যিকভাৱে পংগু কৰিবৰ বাবে নেপোলিয়নে বহুতো নীতি নিৰ্ধাৰণ কৰিছিল । নেপোলিয়নে ইংলেণ্ডৰ বিৰুদ্ধে কৰা এই অৰ্থনৈতিক অৱৰোধ বা অৰ্থনৈতিক যুদ্ধকে মহাদেশীয় নিৱন্ধ হিচাপে জনা যায় ।

১১। ভিয়েনা কংগ্ৰেছ

( Congress of Vienna) 

উত্তৰঃ  ভিয়েনা কংগ্ৰেছ বা ভিয়েনা মহাসবাক বিশ্বৰ প্ৰথমখন আন্তজাৰ্তিকসন্মিলন হিচাপে আখ্যা দিব পৰা যায় । নেপোলিয়নৰ পতনৰ পাছত ইউপোৰীয় দেশসমূহে বিভিন্ন সমস্যা সমাধানৰ বাবে অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনত মিলিত হৈছিল । এই ভিয়েনা মহাসভাৰ মূল উদ্গেশ্য আছিল 

ক) ফৰাচী বিপ্লৱ আৰু নেপোলিয়নে সৃষ্টি কৰা সমস্যাসমূহৰ সমাধান কৰা ।

খ) ফৰাচী বিপ্লৱৰ বৈপ্লৱিক আদৰ্শক সম্পূৰ্ণৰূপে ধ্বংস কৰা ।

গ) ফৰাচী বিপ্লৱৰ সময়ত প্ৰতিষ্ঠিত গণতন্ত্ৰক সম্পূৰ্ণৰূপে নিৰ্মূল কৰি তাৰ ঠাইত ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰা ।

ঘ) ইউপোৰৰ পুনৰনিৰ্মণ কৰি নেপোলিয়নে জয় কৰা ৰাজ্যসমূহ নিজৰ মাজত ভগাই লৈ পূৰ্বৰ স্থিতি বাহাল ৰখা ইত্যাদি ।

নেপোলিয়নৰ দিগ্বিজয়সমূহে ইউৰোপীয় ৰাজতান্ত্ৰিক শক্তিসমূহৰ প্ৰতি বিভীষিকাৰ সৃষ্টি কৰিছিল ।  এই শক্তিসমূহে বাৰে-বাৰে একগোট হৈও নেপোলিয়নক পৰাভূত কৰিবলৈ অসমৰ্থ হৈছিল । কিন্তু লিপজিগৰ যুদ্ধই তেওঁলোকৰ মনলৈ আশাৰ বতৰা কঢ়িয়াই আনে । এই যুদ্ধৰ পাছৰ পৰাই পুনৰ তেওঁলোক এৰগোট হৈ নেপোলিয়নৰ পতনৰ বাবে গোপনে চেষ্টা আৰম্ভ কৰে । নেপোলিয়নৰ ১৮১৪ চনৰ ১৩ এপ্ৰিলত ইউৰোপীয় চতুৰ্থ মিত্ৰ শক্তিৰ হাতত হোৱা পৰাজয়ৰ পাছত ফন্টেইনব্লৰ সন্ধিমতে তেওঁক এলবা দ্বীপলৈ নিৰ্বাসন দিয়া হয় । এই চুক্তি অনুসৰি বুৰবন বংশৰ অষ্টাদশ লুইক ফ্ৰান্সৰ সম্ৰাট হিচাপে ঘোষণা কৰা হয় । এই সন্ধিৰ চৰ্তৰ আধাৰতে ভিয়েনা মহাসঙাৰ আলোচনা আৰম্ভ  হৈছিল । নেপোলিয়নৰ পতনত আগভাগ লৈছিল অষ্ট্ৰিয়াৰ ৰাজকুমাৰ মেটাৰনিকে । সেহেয়ে তেওঁৰ কাৰ্যাৱলীৰ প্ৰতি সন্মতি জনাই অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাত এই মহাসভাৰ আয়োজন কৰা হৈছিল । ভিয়েনা মহাসভা চলি থকা অৱস্থাতে নেপোলিয়ন এলবাৰ পৰা পলাই আহি অষ্টাদশ লুইক অপসাৰিত কৰি পুনৰ ফ্ৰান্সৰ সিংহাসন অধিকাৰ কৰে । এই বাতৰি পাই মিলিত বাহিনীয়ে পুনৰ নেপেলিয়নৰ লগত যুদ্ধ কৰি ১৮১৫ চনৰ ১৮ জুনত ৱাটাৰলু যুদ্ধত সম্পূৰ্ণৰূপে নেপোলিয়নৰ পৰাস্ত কৰে । এই পৰাজয়ৰ পাছত নেপোলিয়নক চেন্ট হেলেনা দ্বীপলৈ নিৰ্বাসন দি ইউৰোপীয় ৰাজতান্ত্ৰিক শক্তিসমূহ ভিয়েনা মহাসভাত আলোচনাৰ বাবে মিলিত হয় ।

১২। নেপোলিয়নৰ পতন 

( Fall of Nepoleon)

উত্তৰঃ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ নায়কসকলৰ ভিতৰত নেপোলিয়ন হল অন্যতম । তেওঁ আছিল সুদক্ষ সেনানায়ক, সু-সস্কাৰক বা চতুৰ ৰাজনীতিবিদ । নিজৰ ব্যক্তিত্ব, দক্ষতা, আৰু যোগ্যতাৰ বলত নিজকে অতি কম সময়ৰ ভিতৰতে ফ্ৰান্সৰ সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী হিচাপে পৰিগণিত হৈছিল । তেওঁৰ প্ৰধান উদ্দেশ্য হল অতি কম সময়ৰ ভিতৰতে ফ্ৰান্সক ইউৰোপৰ ভিতৰতে অতি শক্তিশালী ৰাষ্ট্ৰ হিচাপে  গঢ়ি তোলা । আৰু অতি কম সময়ৰ ভিতৰতে নিজৰ উদ্দেশ্যত সফল হৈছিল । ইংলেণ্ডৰ বাহিৰে সকলো দেশে নিজৰ অধীনতা মানি লৈছিল । নেপোলিয়নে যেতিয়া মহাদেশীয় নিৱন্ধ নীতি গ্ৰহণ কৰিছিল তেতিয়া সকলোবোৰ দেশ তেওঁৰ শত্ৰু হৈ পৰিছিল । স্পেনিচ যুদ্ধত পৰাজয়ে তেওঁৰ এই পতন অতি দ্ৰুততৰ কৰি তুলিছিল তাৰোপৰি মস্কো অভিযান আছিল নেপোলিয়নৰ আটাইতকৈ ভূল সিদ্ধান্ত । নেপোলিয়নে ইউৰোপৰ বহুতো দেশ জয় কৰাৰ পাছতো সেই দেশসমূহত তেওঁলোকৰ স্থানীয় লোকৰ সলনি নিজৰ পৰিয়ালৰ লোকক শাসনৰ মুৰব্বী পতাৰ ফলত নেপোলিয়নক তেনে অঞ্চলৰ লোকসকলে সহজভাৱে মানি লব পৰা নাছিল । পোপৰ লগত থকা শত্ৰুতাইও নেপোলিয়নৰ পতন মানি আনিছিল । ফৰাচী বিপ্লৱৰ মূল বাণী স্বাধীনতা,সমতা আৰু ভাতৃত্বৰ প্ৰতি সম্পূৰ্ণ আওকাণ কৰা পৰিলক্ষিত হৈছিল । ফৰাচী বিপ্লৱৰ মূল লক্ষ্য গণতন্ত্ৰণৰ সলনি তেওঁ নিজকে সাৰ্বভৌম ক্ষমতাৰ অধিকাৰী হিচাপে প্ৰতিষ্ঠা কৰিছিল । এনেবোৰ কাৰণতে মিত্ৰসংঘৰ হাতত তেওঁ পৰাস্ত হৈ চেন্ট হেলেনা দ্বীপলৈ নিৰ্বাসিত হব লগা হয় । নিজৰ এনে অসীম উচ্চাকাংক্ষাৰ বাবে নেপোলিয়ন বোনাপাৰ্টৰ পতন হৈছিল । 

ৰচনাধৰ্মী প্ৰশ্ন ( Essay type questions)_

১। ফ্ৰান্সৰ পুৰণি শাসন প্ৰণালীৰ সংসটসমূহ আলোচনা কৰা ।

( Discuss the crisis of the ancient regime of France.)

উত্তৰঃ  ফৰাচী বিপ্লৱ হল পুৰণি শাসন প্ৰণীলীৰ বিৰুদ্ধে কৰা এক সবল তথা ফ্ৰান্সৰ বিপ্লৱ । এই বিপ্লৱে প্ৰাচীন ৰাজনৈতিক , স্বেচ্ছাচাৰিতা, আমোলাতান্ত্ৰিক দুৰ্নীতি বা সামাজিক অৰ্থনৈতিক বৈষম্যৰ শেষ কৰিছিল । ১৭৮৯ চনত ফ্ৰান্সত হোৱা ফৰাচী বিপ্লৱে সমগ্ৰ বিশ্বক জোকাৰি গৈছিল । ফৰাচী বিপ্লৱ সংঘটিত হোৱাত বিভিন্ন কাৰণে সহায় কৰিছিল । ফ্ৰান্সক বিপ্লৱৰ পথলৈ আগুৱাই নিয়া েই কাৰকসমূহ বা ফ্ৰান্সৰ পুৰণি শাসন প্ৰণালীৰ প্ৰধান সংকটসমূহ হল 

১। ৰাজনৈতিক অৱস্থা ঃ ফ্ৰান্সৰ শাসনব্যৱস্থা দৈৱ অধিকাৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত আছিল । তেওঁলোকে ৰজাক ইশ্বৰপ্ৰেৰিত দূত হিচাপে বিশ্বাস কৰাৰ লগতে ৰজাৰ ইশ্বৰপ্ৰদও ক্ষমতাক মানি লৈছিল । সেই শাসন ব্যৱস্থাত ৰজা আছিল সৰ্বোচ্চ  ক্ষমতাৰ অধিকাৰী । আনহাতে শাসনৰ কোনো নিৰ্ধাৰিত নীতি-নিয়ম নাছিল । ৰজাই নিজ ইচ্ছামতে শাসনব্যৱস্থা পৰিচালিত কৰিছিল । ফ্ৰান্সৰ বুৰবন বংশৰ ৰজাসকল প্ৰথম অৱস্থাত সুদক্ষ শাসক আছিল । কিন্তু চৰ্তুদশ লুইৰ পাছৰ ফ্ৰান্সৰ বুৰবন বংশৰ সম্ৰাটসকল পিছত ক্ৰমে দুৰ্বল আৰু অকামিলা হৈ আহিবলৈ আৰম্ভ কৰে । এই শাসকসকলৰ অকৰ্মণ্যতা আৰু দুৰ্বলতাৰ সুবিধা লৈ ফ্ৰান্সত শাসনৰ নামত শোষণ আৰু অত্যাচাৰ চলি থকা পৰিলক্ষিত হয়।

ৰাজনৈতিক ফালৰ পৰা বিচাৰ কৰি চালে পুৰণি শাসন প্ৰণালীত ফ্ৰান্সৰ লোকসকল ৰাজনৈতিকভাৱে দুটা ভাগত ভাগ হৈ পৰা দেখা যায় 

ক) সুবিধা পোৱা লোকসকল 

খ)সুবিধাৰ পৰা বঞ্চিতসকল 

সুবিধা পোৱা লোক সকলৰ ভিতৰত আছিল ৰজা,, যাজকশ্ৰেণী, আৰু অভিজাতসকল । আনহাতে সুবিধাৰ পৰা বঞ্চিতসকলৰ ভিতৰত আছিল কৃষক, শ্ৰমিক, আৰু মধ্যবিত্তসকল ।ফ্ৰান্সৰ মুঠ জনসংখ্যাৰ শতকৰা এভাগ লোকৰে গঠিত সুবিধা পোৱা লোকসকল বা সুবিধাভোগী যাজক আৰু অভিজাতসকলে দেশৰ সকলো উচ্চ পদবী লাভ কৰিছিল । 

২। অত্যাচাৰী শাসন ঃ ফৰাচী বিপ্লৱৰ পোনপ্ৰথমে ফৰাচী শাসকসকল অত্যন্ত অত্যাচাৰী হৈ উঠিছিল । ফ্ৰান্সৰ সম্ৰাট চতুদৰ্শ লুইৰ মৃত্যুৰ পাছৰ পৰাই ফৰাচী ৰাজতন্ত্ৰৰ অৱনতি হৈছিল ।তাৰোপৰি নিজৰ দুৰ্বলতা, আৰু অক্ষমতাক ডাকি ৰাখিবৰ কাৰণে ৰজাসকলে নিজকে ইশ্বৰ প্ৰেৰিত দূত মতবাদটোৰ সুবিধা লৈ নিজ ইচ্ছামতে শাসন কৰিছিল । সম্ৰাট ষষ্ঠদশ লুই আৰু ৰাণী মেৰী এন্টনিয়েটৰ অত্যাচাৰ আৰু অপশাসন ব্যৱস্থাত অতীষ্ঠ হৈ ফ্ৰান্সৰ প্ৰজাসকলে সম্পূৰ্ণৰূপে অতীষ্ঠ হৈ পৰি তেোঁলোকৰ অৱসান ঘটাবৰ বাবে ফৰাচী বিপ্লৱ আৰম্ভ কৰিছিল । 

৩। সামাজিক বৈষম্যঃ প্ৰাচীন শাসন প্ৰণালীত ফ্ৰান্সৰ সমাজখন তিনিটা সম্প্ৰদায়েৰে গঠিত হোৱা পৰিলক্ষিত হয় । ইয়াৰ প্ৰতিটো সম্প্ৰদায়ক একোটা এষ্টেট বুলি কোৱা হয় । ইয়াৰ প্ৰথম এষ্টেটত আছিল যাজকসকল, দ্বিতীয় এষ্টেটত আছিল অভিজাতসকল, আৰু তৃতীয় এষ্টেটত আছিল মধ্যবিত্তলোকসকল, কৃষক, শ্ৰমিক, শিল্পী আৰু সাধাৰণ লোকসকলক লৈফ্ৰন্সৰ তৃতীয় এষ্টেট গঠিত হৈছিল । ইয়াৰে প্ৰথম দুটা ভাগ হল সুবিধাভোগী শ্ৰেণী আৰু তৃতীয় সম্প্ৰদায়টো হল অধিকাৰবিহীন শ্ৰেণী । ফ্ৰান্সৰ জনসংখ্যাৰ শতকৰা এভাগ মাত্ৰ লোক প্ৰথম আৰু দ্বিতীয় এষ্টেটৰ আৰু বাকী থকা নিৰানবৈ শতাংশ আছিল সুবিধাৰ পৰা বঞ্চিত লোক । যাজক আৰু অভিজাতসকলে দেশৰ সকলো সুবিধা লাভ কৰিছিল । সেইকাৰণে সকলো দিশৰ পৰা বঞ্চিত তৃতীয় এষ্টেটৰ লোকসকলে নিজৰ অধিকাৰ বিচাৰি বিপ্লৱ কৰিছিল । কাৰণ তেওলোক শিক্ষা-দীক্ষা ফালৰ পৰা বহুগুণে আগবঢ়া আছিল । এই লোকসকলে ফ্ৰান্সৰ সামন্তশ্ৰেণীৰ আদৰ্শত চলা ফ্ৰান্সৰ সমাজ ব্যৱস্থাৰ পৰিৱৰ্তন বিচাৰিছিল । সেই  তেওঁলোকৰ মূল বাণী আছিল স্বাধীনতা, সমতা আৰু ভাতৃত্ব । 

৪। প্ৰশাসনীয় খেলি-মেলি ঃ ফ্ৰান্সৰ পুৰণি শাসন প্ৰণালীত প্ৰশাসনৰ সকলো ক্ষেত্ৰতে যথেষ্ট খেলি-মেলি দেখা গৈছিল । ধৰ্মই শাসনৰ ক্ষেত্ৰত বিশেষ নিয়ন্ত্ৰণ কৰা দেখা গৈছিল । তাৰোপৰি আইন, বিচাৰ শিক্ষা, সামৰিক আদি বিভাগসমূহৰ যথেষ্ট বিশৃংখলতা আছিল । আৰু শাসকসকলৰ দুৰ্বলতাৰ সুযোগ লৈ প্ৰতিটো বিভাগে নিজৰ ইচ্ছামতে শাসন কৰিব বিচাৰিছিল । সেই সময়ত যাজক আৰু অভিজাত শ্ৰেণীৰ লোকসকলে সম্ৰাটৰ কথাত অলপো গুৰুত্ব দিয়া নাছিল ।  সম্ৰাট ষষ্ঠদশ লুই উচ্চশ্ৰেণীৰ লোকসকলৰ প্ৰভাৱত পৰিছিল । ফ্ৰান্সৰ এনে আমোলাতান্ত্ৰিক নিয়ন্ত্ৰণে প্ৰজাক যথেষ্ট শাস্তি কৰিছিল । ৫। সম্ৰাটৰ দুৰ্বলতা ঃ চতুদৰ্শ লুইৰ পাছৰ ফ্ৰান্সৰ বুৰবন বংশৰ ৰজাসকল অতিকৈ দুৰ্বল আৰু অকামিলা আছিল । তেওঁলোকে ৰাজকাৰ্যৰ ফালে অলপো গুৰুত্ব নিদি এটা বিলাসিতাপূৰ্ণ জীৱন কটাইছিল । তাৰোপৰি তেওঁলোক আছিল সম্পুৰ্ণৰূপে উচ্চশ্ৰেণীৰ অধীন । ফৰাচী বিপ্লৱ সংঘটিত হোৱাৰ সময়ত ফ্ৰান্সত বুৰবন বংশৰ সম্ৰাট ষষ্ঠদশ লুই আছিল অতি অকৰ্মণয আৰু দুৰ্বল । তাৰোপৰি তেওঁৰ প্ৰশাসনিক কাৰ্যত সকলো ক্ষেত্ৰতে ৰাণী মেৰী এন্টনিয়েটে হস্তক্ষেপ কৰা দেখা গৈছিল । ষষ্ঠদশ লুইৰ এনে তিৰোতাসেৰুৱা স্বভাৱৰ বাবেই তেওঁৰ জীৱনলৈ বহুতো বিপদ আহিছিল । ষষ্ঠদশ লুইৰ দুজন সুদক্ষ মন্ত্ৰী আছিল টাৰ্গো আৰু নেকাৰ । কিন্তু তেওঁলোকে ফ্ৰান্সৰ ভালৰ চিন্তা কৰিবলৈ গৈ এই দুজন ব্যক্তিয়ে ৰাজকোষৰ পৰা খেদা খাব লগা অৱস্থা হৈছিল । টাৰ্গো আৰু নেকাৰৰ প্ৰতি কৰা ব্যৱহাৰে জনসাধাৰণৰ আগত সম্ৰাটৰ দুৰ্বলতা খুব স্পষ্টকৈ প্ৰকাশ পাইছিল । 

৬। দুৰ্বল অৰ্থনীতি ঃ ফ্ৰান্সত পুৰণি শাসন ব্যৱস্থাৰ অৰ্থনৈতিক দিশত বিভিন্ন বিসংগতি দেখা পোৱা গৈছিল । সমাজৰ যাজক আৰু অভিজাত শ্ৰেণীয়ে সকলো সুবিধা লাভ কৰিছিল । যাজকসকল আছিল সম্পূৰ্ণ কৰমুক্ত বা তেওঁলোকে কৰ দিব নালাগিছিল । আনহাতে অভিজাত শ্ৰেণীৰ লোকসকলে নামমাত্ৰহে কৰ দিব লাগিছিল । দেশৰ সকলো সম্পদ এই শেণীটোৰ নিয়ন্ত্ৰণত আছিল । উচ্চ শ্ৰেণীৰ লোকসকল সকলো সম্পত্তিৰ গৰাকী । তেোঁলোকে কোনো কাম কৰাৰ বিপৰীতে বিলাসী আৰু আৰামদায়ক জীৱন-যাপন কৰিছিল । তাৰ বিপৰীতে দেশৰ নিৰানবৈ ভাগ সাধাৰণ প্ৰজাৰ আৰ্থিক অৱস্থা অতি দুখ লগা আছিল । মধ্যবিত্তলোকসকল, কৃষক, শ্ৰমিক আদি লোকসকলে বিভিন্ন কৰ ৰজাক দিব লাগিছিল । 

৭। মধ্যবিত্ত শ্ৰেণীৰ আৱিৰ্ভাৱ ঃ মধ্যবিত্ত শ্ৰেণীৰ আৱিৰ্ভাৱ হোৱাৰ কাৰণে ফ্ৰান্সৰ পুৰণি শাসন প্ৰণালীত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছিল । একাদশ শতিকাৰ পৰা ফ্ৰান্সৰ শিল্প বাণিজ্যৰ উন্নতি হোৱাৰ ফলত এই মধ্যবিত্ত শ্ৰেণীটোৰ আৱিৰ্ভাৱ হৈছিল । মধ্যবিত্ত শ্ৰেণীটোৰ আৱিৰ্ভাৱ হোৱাৰ ফলত ফ্ৰান্সত জনসংখ্যা বৃদ্ধি পাবলৈ ধৰিছিল । কাৰণ এই শ্ৰেণীটো আছিল শিক্ষিত শ্ৰেণী । ৰাজ্যৰ দুৰ্বল অৰ্থনীতি, অতযাধিক কৰৰ বোজা, আৰু ৰাজভৰালৰ অৰ্থ অপচয় আদিৰ বাবে তেোঁলোকে সজাগ হৈ উঠিছিল । এই শ্ৰেণীটোৱে ফ্ৰান্সৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ সাধন কৰিছিল । 

৭। আসোৱাহপূৰ্ণ বিচাৰ ব্যৱস্থা ঃ ফ্ৰান্সৰ বিচাৰ ব্যৱস্থাত যথেষ্ট আসোৱাহ দেখা যায় । ফ্ৰান্সৰ পুৰণি শাসন ব্যৱস্থাত বিচাৰকসকলৰ বংশানুক্ৰমিকভাৱে নিযুক্তি দিয়া হৈছিল । তাৰ ফলত তেওঁলোকৰ কাৰ্যদক্ষতা, প্ৰতিভা দক্ষতা, যোগ্যতা াদি গুণসমূহ তুলনামূলকভাৱে কমি অহা দেখা গৈছিল । ফৰাচী বিপ্লৱৰ প্ৰথম মূহুৰ্তত ফ্ৰান্সৰ বিচাৰ বিভাগ সম্পূৰ্ণভাৱে দুৰ্নীতিগ্ৰস্ত হৈ পৰিছিল । বিচাৰ আৰুশাস্তি োপৰত কোনো নিৰ্দিষ্ট নীতি নিৰ্ধাৰণ কৰা হোৱা নাছিল ।

৯। বৃত্তীয় অপব্যৱহাৰ ঃ ফৰাচী বিপ্লৱৰ আগমূহুৰ্তত ফ্ৰান্সত বিত্তীয় ক্ষেত্ৰত যথেষ্ট অপব্যবহাৰ হোৱা দেখা যায় । অষ্টাদশ শতিকাত ফ্ৰান্সে কেবাখনো যুদ্ধত যোগদান কৰি অযথা ধন ব্যয় কৰিছিল । সেই যুদ্ধ কেইখন হল 

ক) স্পেইনৰ সিংহাসনৰ  বাবে হোৱা যুদ্ধ 

খ) অষ্ট্ৰিয়াৰ উত্তৰাধিকাৰী যুদ্ধ 

গ) সাতবছৰীয়া যুদ্ধ 

ঘ) আমেৰিকাৰ স্বাধীনতা যুদ্ধ ।

১০। উদং ৰাজভৰাল ঃ ফ্ৰান্সত ষষ্ঠদশ লুইৰ ৰাজত্বকালত ৰাজভৰাল একেবাৰে উদং হৈ পৰিছিল । ফ্ৰান্সৰ এই ৰাজভৰাল উদং হোৱা কাৰণ কেইটা হল 

ক) দুৰ্বল অকামিলা আৰু অযোগ্য শাসক ।

খ) যাজক আৰু অভিজাত শ্ৰেণীৰ সুবিধাভোগী স্বভাৱ আৰু অৰ্থনীতিৰ ক্ষেত্ৰত অহেতুক নিয়ন্ত্ৰণ ।

গ) কৰ সংগ্ৰহকাৰী বিষয়াসকলৰ দুৰ্নীতি ।

ঘ) বৈদেশীক ক্ষেত্ৰত বিভিন্ন যুদ্ধত ফ্ৰান্সৰ যোগদান তথা অযথা ব্যয় ।

ঙ) মন্ত্ৰী টাৰ্গো আৰু নেকাৰৰ অৰ্থনৈতিক আচনিৰ প্ৰয়োগত ব্যৰ্থতা ।

চ) ৰাণী মেৰী এন্টনিয়েটৰ ব্যয়বহুল জীৱন যাপন আৰু বিলাসিতাৰ বাবে অত্যাধিক ব্যয় ।

২। ফৰাচী বিপ্লৱত বুদ্ধিজীৱীৰ প্ৰৱাহে কেনেদৰে প্ৰভাৱ পেলাইছিল বৰ্ণনা কৰা ।

( Describe how the intellectual currents influenced French Revolution.)

উত্তৰঃ বুদ্ধিজীৱীৰ প্ৰৱাহে ফৰাচী বিপ্লৱত ইন্ধনৰ কাম কৰিছিল । চৰ্তুদশ লুইৰ ৰাজত্বকালৰ পৰাি ফ্ৰান্সৰ ৰাজনৈতিক , অৰ্থনৈতিক, সামাজিক, আৰু ধৰ্মীয় আদি সকলো ক্ষেত্ৰতে চৰম বিশৃংসলতা আৰু অৰাজকতাই দেখা দিছিল । ফ্ৰান্সত ফৰাচী বিপ্লৱ হোৱাৰ আগমূহুৰ্তত  হোৱা বুদ্ধিজীৱীৰ প্ৰৱাহে ফৰাচী লোকসকলৰ বৈপ্লৱিক চেতনা জাগত কৰি তুলিছিল । ফৰাচী দাৰ্শনিক আৰু বিদেশী দাৰ্শনিক সকলৰ লিখনিসমূহে ফৰাচীসকলৰ মাজত এক ডৌৰ সৃষ্টি কৰিছিল । এই চিন্তাবিদসকলৰ উচ্চমানবিশিষ্ট সাহিত্য আৰু বৈপ্লৱিক ভাৱধাৰাই জনসাধাৰণক বিপ্লৱৰ জৰিয়তে ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু ধৰ্মীয় পৰিৱৰ্তন অনাৰ বাবে যথেষ্ট অনুপ্ৰাণিত কৰি তুলিছিল । অষ্টাদশ শতিকাৰ এই ফৰাচী চিন্তাবিদ আৰু লেখকসকলে ফ্ৰান্সৰ প্ৰচলিত ৰাজনীতি, অৰ্থনীতি, আৰু সমাজনীতিৰ কটু সমালোচনা কৰি সেইবোৰৰ প্ৰতি সাধাৰণ প্ৰজাৰ দৃষ্টি আকৰ্ষণ কৰিছিল । ফৰাচী বুদ্ধিজীৱীসকলৰ এনে লিখনিসমূহে ফ্ৰান্সৰ সৰ্বসাধাৰণ লোকৰ ওপৰত প্ৰত্যক্ষ আৰু পৰোক্ষ দুয়োধৰণে প্ৰভাৱ পেলাইছিল । ইয়াৰদ্বাৰা ফৰাচী জনসাধাৰণে মনৰ ভাৱ মুকলিভাৱে প্ৰকাশ লগতে বহুদিনৰ পৰা তেওঁলোকৰ মনত পুঞ্জীভূত হৈ থকা  ক্ষোভৰ বৰ্হিপ্ৰকাশ ঘটি বিপ্লৱ সংঘটিত হোৱাত সহায় কৰিছিল । ফৰাচী বিপ্লৱৰ প্ৰাক-মূহুৰ্তত ফ্ৰান্সত হোৱা এই দাৰ্শনিকৰ প্ৰবাহে ফৰাচী লোকসকলক বিপ্লৱৰ বাবে মানসিকভাৱে প্ৰস্তুত কৰি তুলিছিল । এই দাৰ্শনিকসকলৰ লিখনীয়ে ফৰাচী বিপ্লৱৰত প্ৰদৰ্শকৰ কাম কৰিছিল বুলি কোৱা হয় । ফৰাচী বিপ্লৱৰ প্ৰথমছোৱা সময়ত বুদ্ধিজীবীৰ যি প্ৰৱাহ পৰিলক্ষিত হৈছিল সেই সময়ৰ কেইজনমান উল্লেখযোগ্য দাৰ্শনিক হল 

ভল্টেয়াৰ, ডিডেৰ, মন্টেস্কু, ৰুছো, টাৰ্গো, হলবাক, কুৱেজানে ইত্যাদি । আনহাতে বিদেশী দাৰ্শনিক আডাম স্মিথ, বেনথাম আদি বুদ্ধিজীৱীৰ লিখনিয়েও ফ্ৰান্সৰ লোকসকলক প্ৰভাৱিত কৰিছিল । ভল্টেয়াৰে তেওঁৰ লেখাৰ জৰিয়তে প্ৰচলিত ধৰ্ম ব্যৱস্থাৰ কটু সমালোচনা কৰিছিল । তেওঁ যাজকসকলৰ দুৰ্নীতিৰ কঠোৰ সমালোচনা কৰাৰ লগতে প্ৰচলিত অন্ধবিশ্বাসসমূহৰ সম্পূৰ্ণ বিৰোধিতা কৰিছিল ।ডাৰণে ব্যৱসায় -বাণিজ্যৰ ক্ষেত্ৰত চৰকাৰী বাধা উঠাই দি ব্যৱসায়ৰ ক্ষেত্ৰত ব্যক্তিক সম্পূৰ্ণ  স্বাধীনতা বিস্তাৰ বাবে মতবাদ আগবঢ়াইছিল । বুদ্ধিজীৱীসকলৰ ভিতৰত মন্টেস্কু আছিল এজন ৰাজনৈতিক দাৰ্শনিক বা বুদ্ধিজীৱী । তেওঁৰ দুখন গ্ৰন্ঙ হল 

ক) পাৰ্চী চিঠি ।

খ) ব্যৱস্থা নীতিৰ তত্ত্ব ।

মন্টেস্কুৰ ৰাজনৈতিক মতবাদৰ আটাইতকৈ বিখ্যাত নীতিটোৰ নাম হল  ক্ষমতা বিভাজন নীতি । এই নীতিৰ দ্বাৰা তেওঁ ৰাষ্ট্ৰৰ ক্ষমতাক তিনিটা ভাগত ভাগ কৰিছিল । সেইভাগকেইটা হল 

ক) আইনপালিকা ।

খ) ন্যায় পালিকা ।

গ) কাৰ্যপালিকা .

এইখিনিতে আৰু  এজন বুদ্ধিজীৱীৰ নাম লব পাৰি । সেইজন বুদ্ধিজীৱী হল জীন জেক ৰুছো । ৰুছোৰ দুখন বিখ্যাত গ্ৰন্থৰ নাম হল 

ক) অৰিজিন অব ইনকুৱেলিটি অৱ মেন ।

খ) সামাজিক চুক্তি .

ৰুছোৱে মানৱ স্বত্ব ঘোষণা কৰি ফ্ৰান্সৰ বিপ্লৱী লোকসকলক প্ৰভাৱিত কৰি তুলিছিল ।  তেওঁ কৈছিল যে প্ৰত্যেক মানুহেই জন্মত স্বাধীন কিন্তু প্ৰত্যেকেই দাসত্বৰ শিকলিত আবদ্ধ । ফৰাচী বিপ্লৱৰ সময়ৰ দুজন বিদেশী চিন্তাবিদৰ নাম হল আডাম স্মিথ আৰু বেনথাম ।

আডাম স্মিথে লিখা গ্ৰন্থখনৰ নাম হল ৱেআটাইতকৈ ডাঙৰ কামটো হল লথ অব দা নেচনছ .

আৰু বেনথামে লিখা গ্ৰন্থখনৰ নাম হল প্ৰিন্সিপলচ অৱ লেজিচলেচন । বেছিভাগ ঐতিহাসিকৰ মতে ফৰাচী বিপ্লৱত ইন্ধন যোফৰাচী লোকসকলৰ যোগোৱা আটাইকৈ ডাঙৰ কাৰণটো হল বুদ্ধিজীৱীৰ প্ৰৱাহ । কাৰণ অস্ত্ৰৰ জোৰতকৈ কলমৰ জোৰ বহুত বেছি । কলমৰ জোৰেৰে ফৰাচী লোকসকলৰ মনত যি প্ৰভাৱ পেলাইছিল তাৰ কাৰণেই ফ্ৰান্সত ফৰাচী বিপ্লৱ সংঘটিত হৈছিল ।ফ

৩।  ফৰাচী বিপ্লৱত সামাজিক  শ্ৰেণীৰ অংশগ্ৰহণৰ ওপৰত এটি চমু আলোচনা কৰা ।

(   Give a short discussion on the participation of social classes on French Revolution ._

উত্তৰঃ  ফৰাচী বিপ্লৱত পোনপ্ৰথমে সামাজিক শ্ৰেণী বা সাধাৰণ শ্ৰেণীৰ  জনতাই গুৰুত্ব দিয়া নাছিল ।প্ৰথম অৱস্থাত এই বিপ্লৱ ৰজাৰ বিৰুদ্ধে কৰা বিপ্লৱহে আছিল । পিছলৈ এই বিপ্লৱ সামাজিক শ্ৰেণীৰ লোকসকলক প্ৰভাৱিত কৰা বিপ্লৱত পৰিণত হৈছিল । বিপ্লৱৰ মূল লক্ষ্য হল ৰাজনৈতিক, সামাজিক, তথা সাংস্কৃতিক পৰিৱৰ্তন । ফৰাচী বিপ্লৱৰ সময়ত ফ্ৰান্সৰ লোকসকল অত্যন্ত অত্যাচাৰী হৈ পৰিছিল । সম্ৰাট চতুদৰ্শ লুইৰ মৃত্যুৰ পাছৰ পৰা বা ষষ্ঠদস লুইৰ ৰাজত্বকালছোৱাত বিভিন্ন দুৰ্নীতি আৰু অৰাজকতাই দেখা দিছিল । ফলত সম্ৰাট ষষ্ঠদশ লুই  উচ্চশ্ৰেণীৰ লোকসকলৰ তলতীয়া হৈ থাকিব লাগিছিল । দেশৰ সকলোবোৰ উচ্চপদবী বা সন্মান উচ্চশ্ৰেণীৰ লোকসকলে লাভ কৰিছিল । তাৰ বিপৰীতে যিসকল লোক তৃতীয় শ্ৰেণীৰ অন্তৰ্গত আছিল সেইসকল লোক সকলো সুবিধাৰ পৰা বঞ্চিত আছিল । তেওঁলোক শিক্ষা- দীক্ষা আৰু সকলো ক্ষেত্ৰতে আগবঢ়া আছিল যদিও তেওঁলোকক এইবোৰৰ পৰা আতৰত থাকিব দিয়া হৈছিল । সেইকাৰণে তেওঁলোকে নিজৰ অধিকাৰৰ বাবে দাবী তুলিছিল আৰু উচ্চশ্ৰেণীৰ সমানে তেওঁলোকেও সকলো সুবিধা বিচাৰিছিল  তাৰ ফলত সামন্তবাদৰ  আদৰ্শ চলি থকা ফ্ৰান্সৰ লোকসকলে  এই সমাজ ব্যৱস্থাৰ সলনি হোৱাটো বিচাৰিছিল . সেয়েহে তেওঁলোকে স্বাধীনতা, সমতা আৰু ভাতৃত্ব এই মূল বাণীটো প্ৰচাৰ কৰিছিল । তাৰ ফলত ফ্ৰান্সৰ পুৰণি শাসন প্ৰণালীত থকা সামাজিক বৈষম্যৰ ফলত সামাজিক শ্ৰেণীৰ লোকসকলেও এই বিদ্ৰোহত যোগদান কৰিছিল । 

৪। ফ্ৰান্সত কিয় সন্ত্ৰাসৰ আৰম্ভ হৈছিল ? ইয়াৰ গুৰুত্ব কি আছিল ?

( Why did the Reign of Terror begin in Franch ? What was its importance?)

উত্তৰঃ  পৰাচী বিপ্লৱৰ সময়ত ফ্ৰান্সৰ সম্ৰাট ষষ্ঠদশ লুইৰ মৃত্যুদণ্ড দিয়াৰ পাছত ফ্ৰান্সত আভ্যন্তৰীণ বিশৃংখলতাই দেখা দিছিল । তাৰোপৰি ৰাজতন্ত্ৰ প্ৰচলিত থকা বিদেশী ৰাষ্ট্ৰসমূহেও ফ্ৰান্সত ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে সংগঠিত হয় । অষ্ট্ৰিয়াৰ সম্ৰাট লিও পণ্ডে প্ৰুছিয়াৰ সম্ৰাট দ্বিতীয় ফ্ৰেডাৰিক উইলিয়ামৰ লগ -লাগি পিলনিষ্ট নগৰত ঘোষণা কৰিছিল যে ফ্ৰান্সৰ ৰাজতন্ত্ৰ প্ৰতিষ্ঠা আৰু শান্তি স্থাপন হল ইউৰোপৰ সকলো ৰজাৰ উদ্দেশ্য । বিদেশী ৰাষ্ট্ৰসমূহৰ এই পিলনিষ্ট ঘোষণাই দেশপ্ৰেমিক ফৰাচীসকলৰ মনত দেশপ্ৰেমৰ ভাব অধিক জাগ্ৰত কৰি তোলে । ফ্ৰান্সৰ স্বাধীনতা বা প্ৰজাতন্ত্ৰ বিপদত হোৱাৰ বাবে এনে পৰিস্থিতিত ফ্ৰান্সৰ বিপ্লৱীসকলে তথা জেকবিনসকলে ক্ষমতা অধিগ্ৰহণ কৰি সন্ত্ৰাসৰ যোগেদি জনসাধৰণক ঐক্যবদ্ধ কৰি বিদেশী আক্ৰমণ বাধা দিব বিচাৰিছিল । ফ্ৰান্সত নতুনকৈ পতা  নিৰ্বাচন মতে যিখন নতুন সংসদ গঠিত হল এই সংসদ হল জাতীয় অভিৱৰ্তন  হিচাপে পৰিচিত । আভ্যন্তৰীণ বিশৃংখল আৰু বহিৰা শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ জন নিৰাপত্তা সমিতি নামৰ এখন সমিতি গঠন কৰিছিল । সেই সমিতিৰ প্ৰধান অংগ বা ভাগকেইটা হল ক

ক) সাধাৰণ নিৰাপত্তা সমিতি ।

খ) বিপ্লৱী আদালত ।

গ) সংসদ মিছন 

সন্ত্ৰাসৰাজ  সময়ছোৱাত জাতীয় ্ভিৱৰ্তনৰ সদস্যসকলে কঠোৰ নীতি নিৰ্ধাৰণ কৰি ফ্ৰান্সৰ শাসন পৰিচালনা কৰিছিল । জেকবিনসকলৰ নেতা কেইজনমানৰ নাম হল ডেন্টেন, মেৰেট, ৰৱছপিয়েৰ, কাৰণো, আৰু ছেইন্ট জষ্ট । এই লোকসকলে নিম্ন মধ্যবিত্ত শ্ৰেণী আৰু কৃষকৰ প্ৰতিনিধিত্ব কৰিছিল । জন নিৰাপত্তা সমিতিৰ অন্তৰ্গত সাধাৰণ নিৰাপত্তা সমিতিয়ে এক বিৰাট ডাঙৰ সৈন্যদল গঠন কৰিছিল । গণতন্ত্ৰণৰ প্ৰতি সম্পূৰ্ণ আনুগত্য থকা এই সৈনিকসকলে গণতন্ত্ৰৰ বিৰোধীসকলক বাছি উলিয়াই গিলটিনত দি হত্যা কৰিছিল । ৰাণী মেৰী এন্টনিয়েটে , মন্ত্ৰী মাডাম ৰলাকে আদি কৰি পেৰিচত প্ৰায় পাচ হাজাৰ লোকক গিলটিনত দি বধ কৰা হৈছিল । ১৭৯৮ খৃঃ ত জেকবিন দলত হোৱা বিভাজনৰ ফলত ফ্ৰান্সত সন্ত্ৰাসৰ ৰাজত্বৰে অন্ত পৰিছিল । ডেন্টেন, আৰু ৰৱছপিয়েৰ আদি মহান ব্যক্তিকো গিলটিনত দি বধ কৰা হৈছিল । 

৫। ফ্ৰান্সৰ ইতিহাসত বাষ্টিলৰ পতনৰ  গুৰুত্ব আলোচনা কৰা ।

( Discuss the importance of fall of tbastille  in the history of France .)

উত্তৰঃ  বাষ্টিল দুৰ্গৰ পতন হল ফৰাচী বিপ্লৱৰ এটা ডাঙৰ পদক্ষেপ বা ফ্ৰান্সৰ ইতিহাসৰ এটা উল্লেখযোগ্য ঘটনা ।  ১৭৮৯ চনৰ ১৪ জুলাই তাৰিখে ৱাষ্টিল দুৰ্গ পতন হয় । বাষ্টিল দুৰ্গটো বুৰবন বংশৰ স্বেচ্ছাৰিতাৰ প্ৰতীক হিচাপে গণ্য কৰা হয় । বুৰবন বংশৰ স্বেচ্ছাচাৰিতাৰ প্ৰতীক তথা ৰাজনৈতিক বন্দী ৰখা বাষ্টিল দুৰ্গ  ফৰাচীসকলে আক্ৰমণ কৰি ধ্বংস কৰে আৰু তাৰ সকলো বন্দীক মুকলি কৰি দিয়ে । বাষ্টিল দুৰ্গ পতনত সমগ্ৰ ফৰাচীবাসী আনন্দিত হৈ পৰিছিল । সেইকাৰণে ১৪ জুলাই দিনটো ফ্ৰান্সৰ জাতীয় দিৱস হিচাপে পালন কৰিবলৈ লয় । ষষ্ঠদশ লুইয়ে ষ্টেটচ জেনেৰেল সভা অনুষ্ঠিত কৰাৰ পাছৰ পৰাই ফ্ৰান্সত পেৰিচৰ পৰিস্থিতি উত্তপ্ত কৰি ৰাখিছিল । পেৰিচ আৰু ভাৰ্চাইৰ  চাৰিওকাষে সৈন্যবাহিনী গঠন কৰাৰ ফলত ৰজাৰ কাৰ্যাৱলীৰ ওপৰত জনতাৰ সন্দেহ হবলৈ আৰম্ভ কৰে । সম্ৰাটে সৈন্যবাহিনীৰ হতুৱাই সংবিধান সভাসন কৰি দিব বুলি আৰু জাতীয় সভাৰ সদস্যসকলক বন্দী কৰিব বুলি সকলোৰে মনত সন্দেহৰ ভাৱ সৃষ্টি হয় । আনহাতে সিফালে জনসাধাৰণৰ আশ্ৰয়ৰ স্থান আছিল ডিউক অৱ অৰ্লেন্সৰ বাসগৃহ । অৰ্লেন্সে নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে বিপ্লৱী নেতাসকলক সমৰ্থন জনাইছিল । এনে পৰিস্থিতি চলি থাকোতে বিখ্যাত বিপ্লৱী নেতা ডেচমুলিনচে ৰয়েল পেলেচলৈ গৈ সকলো লোককো নিজৰ অস্ত্ৰ-শস্ত্ৰ গোটাই থবলৈ আহ্বান জনায় । পেৰিচ চহৰত থকা কিছুমান  ৰাজকীয় সৈনিকেও জনসাধাৰণৰ পক্ষ লৈ বাষ্টিল দুৰ্গ পতনৰ বাবে সহায়ৰ হাত আগবঢ়ায় ।  পেৰিচৰ জাতীয় সৈন্য জনসাধাৰণৰ বাবে সম্ৰাটক অনুৰোধ জনাইছিল যদিও সম্ৰাটে  এই অনুৰোধ গ্ৰহণ কৰিবলৈ সক্ষম নহল । তাৰোপৰি সম্ৰাটে আনৰ পৰোচনাত পৰি তেওঁৰ দুজন প্ৰধান মন্তী টাৰ্গো আৰু নেকাৰকো পদবীৰ পৰা ইলিয়াই দিয়ে । এই দুজন ব্যক্তি নথকাৰ বাবে দেশত অৰাজকতা আৰু অত্যচাৰ দিনক-দিনে অধিক বৃদ্ধি হবলৈ আৰম্ভ কৰে । সম্ৰাটৰ এই কাৰ্যত অতীষ্ঠ হৈ ফ্ৰান্সৰ জনসাধাৰণে সম্ৰাটৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলি লবলৈ বাধ্য হৈ পৰে । 

৬। নেপোলিয়নৰ আভ্যন্তৰীণ সংস্কাৰসমূহৰ এটি বিশ্লেষণ আগবঢ়োৱা ।

( Analyse the internal reforms of Nepoleon.)

উত্তৰঃ নেপোলিয়নে ফ্ৰান্সৰ বিকাশৰ বাবে বিবিন্ন সংস্কাৰমূলক কাৰ্যসূচী হাতত লৈছিল । তেোঁৰ সেইসংস্কাৰ সমূহ হল 

ক) প্ৰশাসনিক সংস্কাৰ ।

খ) শিক্ষাৰ সংস্কাৰ ।

গ) ধৰ্মীয় সংস্কাৰ ।

ঘ) অৰ্থনৈতিক সংস্কাৰ ।

ঙ) অন্যান্য সংস্কাৰ 

ক) প্ৰশাসনিক সংস্কাৰ ঃ প্ৰশাসনিক ক্ষেত্ৰত নেপোলিয়নে কিছু নতুন কৰিব বিচাৰিছিল । তেওঁৰ সংস্কাৰৰ প্ৰধান লক্ষ্য হল দেশৰ শান্তি-শৃংখলা প্ৰতিষ্ঠা উন্নয়ন আৰু নিজকে সকলো ক্ষমতাৰ অধিকাৰ হিচাপে ঘোষণা কৰা ।  তেওঁৰ প্ৰশাসনিক সংস্কাৰৰ দুটা ভাগ হল 

কেন্দ্ৰীভূত শাসনব্যৱস্থা, সমতা , আৰু আইনৰ সংস্কাৰ ।

খ) শিক্ষাৰ সংস্কাৰ ঃ শিক্ষাৰ  ক্ষেত্ৰত নেপোলিয়নে এক জাতীয় শিক্ষানীতি গ্ৰহণ কৰিছিল । তেওঁ শিক্ষা পূৰ্বৰ গীৰ্জাৰ হাতৰ পৰা চৰকাৰৰ হাতলৈ আনিছিল । তেোঁৰ মতে শিক্ষাৰ মূল লক্ষ্য হল নৈতিক আদৰ্শ আৰু কঠোৰ শৃংখলা ।

গ) ধৰ্মীয় সংস্কাৰ ঃ নেপোলিয়নে ধৰ্মীয় ক্ষেত্ৰটো সংস্কাৰ সাধন কৰিছিল । তেওঁৰ মতে ধৰ্ম হল ---- এক ৰাজনৈতিক হাতিয়াৰ, সমাজ বন্ধনৰ উপায় আৰু নিৰাপদ ব্যৱস্থা । তেোঁ ধৰ্মক ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছিল ।  তেওঁ এখন চুক্তিৰ নাম হল ধৰ্মচুক্তি বা কনকৰ্দা চুক্তি । এই ধৰ্মচুক্তিৰ চৰ্তসমূহ হল 

কঃ কেথলিক ধৰ্ম ফ্ৰান্সৰ ৰাষ্ট্ৰীয় ধৰ্মমতে স্বীকৃতি হয় ।

খ) বিপ্লৱৰ সময়ত বাজেয়াপ্ত ধৰ্মোত্তৰ মাটিসম্পত্তি সমূহ ঘুৰাই দিয়া নহব ।

গ) গীৰ্জাই ধৰ্মৰ নামত কৰ লগাব নোৱাৰিব .

ঘ) ধৰ্মযাজকসকলে ৰাষ্ট্ৰৰ পৰা দৰমহা পাব ।

ঙ) শিক্ষাক ধৰ্মীয় নিয়ন্ত্ৰণৰ পৰা মুক্ত কৰা হয় ।

ঘ) অৰ্থনৈতিক সংস্কাৰঃ নেপোলিয়নৰ অৰ্থনৈতিক সংস্কাৰ সমূহৰ ভিতৰত উল্লেখযোগ্য আছিল 

ক) ব্যৱসায় আৰু শিল্পীসকলক আৰ্থিক সাহাৰ্য্য প্ৰদানৰ বাবে বেংক প্ৰতি্ষ্ঠা ।

খ) মুদ্ৰানীতিৰ সংস্কাৰ ।

দ) ৰাজহ নিৰ্ধাৰণ আৰু সংগ্ৰহৰ ক্ষেত্ৰত সংস্কাৰ ।

ভ) অন্যান্য সংস্কাৰ ঃ নেপোলিয়নে কেৱল ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ কাম কৰাই নহয় ।তেওঁ সাংস্কৃতিক আৰু সামাজিক ক্ষেত্ৰটো  বিভিন্ন সংস্কাৰমূলক কাৰ্যসূচী গ্ৰহণ কৰিছিল । তেওঁ বহুত নতুন ৰাস্তা-ঘাট আৰু দলং নিৰ্মাণ কৰিছিল । তেওঁ পেৰিচ চহৰখন অতি সুন্দৰকৈ সজাই তুলিছিল । শিল্পী আৰু সাহিত্যিকসকলৰ প্ৰতি সন্মান জনাই তেওঁলোকক সমাজত আগস্থান দিছিল । 

৭। মহানিৱন্ধীয় নীতিৰ ওপৰত এটি ব্যাখ্যা আগবঢ়োৱা ।

( Describe briefly the contiuental system.)

উত্তৰঃ ফ্ৰান্সৰ বিৰুদ্ধে  যি শক্তি মিলিত হৈছিল সেই সকলোবোৰ শক্তিক পৰাস্ত কৰাৰ পাছত ফ্ৰান্সৰ প্ৰধান শত্ৰু হৈ পৰিছিল ইংলেণ্ড চহৰ । বহুবছৰ ধৰি ফ্ৰান্স আৰু তাৰ বিৰুদ্ধে মিলিত হোৱাদেশসমূহৰ মাজত চলি থকা যুদ্ধসমূহত ফ্ৰান্সৰ স্থলযুদ্ধত জয় হৈছিল যদিও নৌ-যুদ্ধসমূহত ইংলেণ্ডৰ হাতত নেপোলিয়নৰ ফ্ৰান্স বাহিনী সদায় পৰাস্ত হৈছিল । বহুদিনীয়া যুদ্ধৰ অভিজ্ঞতাৰ পৰা নেপোলিয়নে এইটো কথা জানিছিল যে ইংলেণ্ডক যুদ্ধত হৰুৱাব নোৱাৰি । সেইকাৰণে তেওঁ ইংলেণ্ডক অন্য উপায়েৰে বশ কৰাৰ কথা চিন্তা কৰিলে । নেপোলিয়নৰ মতে ইংলেণ্ডৰ প্ৰধান মাপ-কাঠি হল বাণিজ্যিক উন্নতি বা বাণিজ্যিক প্ৰসাৰ । শিল্প বিপ্লৱৰ পিছত ইংলেণ্ড বাণিজ্যিক দেশত বহুতো আগুৱাই গৈছিল । এই সময়ছোৱাত ইংলেণ্ডত বহুতো ডাঙৰ-হাঙৰ উদ্যোগ গঢ় লৈ উঠিছিল । বিশ্বৰ বিভিন্ন স্থানত থকা ঔপনিবেশসমূহৰ পৰা ইংলেণ্ডে এই উদ্যোগৰ বাবে কেচামাল সংগ্ৰহ কৰি অনাৰ লগতে এই উদ্যোগত বস্তুৰ বিক্ৰীৰ বাবে বহুত বজাৰো ঔপনিৱেশসমূহত তৈয়াৰ কৰা হৈছিল । তাৰ ফলত ইংলেণ্ড এখন বৃহত্তম পুজিপতি দেশ হিচাপে জনা গৈছিল । নেপোলিয়নৰ মতে ইংলেণ্ডৰ এই শিল্প বিপ্লৱ ধ্বংস কৰিব পাৰিলেহে ইংলেণ্ড দুৰ্বল হব আৰু ফ্ৰান্স দেশৰ শৰণাপন্ন হব । তাৰ কাৰণে ইংলেণ্ডক অৰ্থনৈতিক আৰু বাণিজ্যিকভাৱে দুৰ্বল আৰু অসহায় কৰিবৰ বাবে নেপোলিয়নে বহুতো নীতি-নিয়ম কৰিছিল । নেপোলিয়ন বোনাপাৰ্টে ইংলেণ্ডৰ বিৰুদ্ধে কৰা এই অৰ্থনৈতিক বাধা বা অৰ্থনৈতিক কাৰণসমূহকে মহানিৱন্ধীয় নীতি হিচাপে গণ্য কৰা হয় । 

 ৮। নেপোলিয়নৰ  যুদ্ধ সমূহৰ বৰ্ণনা কৰা  । 

( Give a brief description of Nepoleon waars.)

উত্তৰঃ  নেপোলিয়ন বোনাপাৰ্ট আছিল এজন বিশ্ববিখ্যাত বীৰ ।জুলিয়াচ চিজাৰ, আলেকজেণ্ডাৰ আদি বীৰসকলৰ দৰে নেপোলিয়নেও দেশ বিজয় কৰাৰ সপোন দেখিছিল । তেওঁ সেই লক্ষ্য অতি কম দিনৰ ভিতৰতে সফল হৈছিল । নেপোলিয়নৰ প্ৰধান লক্ষ্য হল ফ্ৰান্স নগৰীক অতি কম সময়ৰ ভিতৰতে ইউৰোপৰ ভিতৰত অতি শক্তিশালী দেশ হিচাপে গঢ়ি তোলা । নেপোলিয়নৰ, কৌশল  আৰু সময়োপযোগী বাস্তৱ সিদ্ধান্তই তেওঁক বিশ্ব অন্যতম বীৰ-যোদ্ধাসকলৰ শাৰীত স্থান পাবলৈ সক্ষম কৰি তুলিছিল । ফৰাচী বিপ্লৱৰ সময়তে ফ্ৰান্স দেশত নেপোলিয়নৰ উত্থান ঘটিছিল । তেওঁৰ সমগ্ৰ জীৱন যুজ-বাগৰ মাজেদিয়ে পাৰ কৰিছিল । ১৬ বছৰ বয়সতে ফৰাচী বাহিনীৰ সামৰিক লেফটেনেন্ট পদত যোগদান কৰা নেপোলিয়নে ফৰাচী বিপ্লৱৰ সময়ত নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছিল ।নেপোলিয়নে কৰা যুদ্ধসমূহ হল 

ক) প্ৰথম ইউৰোপীয় মিত্ৰসংঘৰ লগত হোৱা যুদ্ধ ( ১৭৯৩-৯৭ খ্ৰীঃ) 

খ) দ্বিতীয় ইউৰোপীয় মিত্ৰসংঘৰ লগত হোৱা যুদ্ধ ( ১৭৯৮-১৮০১ খ্ৰীঃ)

গ) ততীয় মিত্ৰসংঘৰ লগত হোৱা যুদ্ধ ( ১৮০৫-১৮০৭ খ্ৰীঃ)

ঘ) ইংলেণ্ডৰ বিৰুদ্ধে অৰ্থনৈতিক কাৰ্যাৱলী ( ১৮০৬-১৮১২ খ্ৰীঃ)

ঙ) স্পেনিচ যুদ্ধ বা উপসাগৰীয় যুদ্ধ ( ১৮০৮-১৮১৩ খ্ৰীঃ)

চ) ৰাছিয়াৰ লগত হোৱা যুদ্ধ (১৮১২ খ্ৰীঃ)

ছ) চতুৰ্থ মিত্ৰসংঘৰ লগত হোৱা যুদ্ধ  ( ১৮১৩-১৮১৫ খ্ৰীঃ)


ক) প্ৰথম ইউৰোপীয় মিত্ৰসংঘৰ লগত হোৱা যুদ্ধ ঃ ফ্ৰান্সৰ জাতীয় মহাসভাই যি সংবিধান প্ৰস্তুত কৰি উলিয়াইছিল , সেই সংবিধান অনুসৰি ফ্ৰান্সৰ প্ৰশাসনৰ দায়িত্ব পাচজন সদস্যৰে গঠিত এখন ডাইৰেক্টৰীৰ হাতত অৰ্পণ কৰা হৈছিল । প্ৰথম ইউৰোপীয় মিত্ৰসংঘৰ লগত হোৱা দুখন যুদ্ধ হল 

a) প্ৰথম ইটালী অভিযান ( ১৭৯৬-৯৭ খ্ৰীঃ) নেপোলিয়নে এটা বিশাল সৈন্যবাহিনী লৈ ইটালী অভিযান আৰম্ভ কৰে ।  অতি সোনকালেই নেপোলিয়নৰ সৈন্যবাহিনী চাৰ্ডিনিয়াৰ টুৰিনত গৈ উপস্থিত হয় । তাৰ পিছত নেপোলিয়নে অষ্ট্ৰিয়া, চাৰ্ডিনিয়া, আৰু বৃটেইনৰ নৌ বাহিনীক আতৰাই পেলাই চেভয় আৰু নাইচ হস্তগত কৰে । 

b) ইজিপ্ত অভিযান ঃ ইটালী অভিযানত সফল হোৱাৰ পিছত নেপোলিয়নে ইজিপ্ত অভিযান চলায় ।এই অভিযানত তেওঁ ইংলেণ্ড  অধিষ্ঠিত মাল্টা দ্বীপ দখল কৰাৰ পাছত পিৰামিডৰ যুদ্ধত ইজিপ্তৰ সৈন্যবাহিনীক পৰাস্ত কৰে । তেওঁ এই বিজয়ৰ পাছত নীল নদীৰ  অৱবাহিকা অঞ্চলত পুৰণি শাসন আতৰাই নতুন শাসন প্ৰবৰ্তন কৰে । কিন্তু নীল নদীৰ পাৰত হোৱা যুদ্ধত ইংৰাজ নৌ সেনাপতি নেলচনৰ হাতত নেপোলিয়ন পৰাস্ত হয় ।এই পৰাজয়ৰ সুবিধা লৈ ইজিপ্তৰ লোকসকলে পাচহাজাৰ ফৰাচী সৈনিকৰ মৃত্যু হোৱাৰ লগতে তিনিহাজাৰ ফৰাচী বাহিনী বা সৈনিক বন্দী  হয় । 

 খ) দ্বিতীয় ি ইউৰোপীয় মিত্ৰ সংঘ ঃ ফ্ৰান্সৰ বিৰুদ্ধে  পুনৰ বৃটেইন, ৰাছিয়া আৰু অষ্ট্ৰিয়া মিলিত হৈ দ্বিতীয় মিত্ৰসংঘ গঠন কৰিছিল । ১৭৯৮ চনৰ পৰা ১৮০১ চনলৈ এই মিত্ৰসংঘ বা ফৰাচী বাহিনীয়ে ফ্ৰান্সৰ লগত বিভিন্ন যুদ্ধত মুখামুখি হৈছিল । নেপোলিয়ন ইজিপ্ত অভিযানত ব্যস্ত হৈ থাকোতে এই মিত্ৰসংঘৰ সৈন্যবাহিনীয়ে ফ্ৰান্স আক্ৰমণ কৰে । দ্বিতীয় মিত্ৰসংঘৰ যুদ্ধৰ সময়ত ফ্ৰান্স আৰু ইংলেণ্ডৰ মাজত ১৮০২ চনত এখন চুক্তি স্বাক্ষৰিত হৈছিল । এই চুক্তিখনক এমিনেয়নৰ চুক্তি হিচাপে জনা যায় । 

গ) তৃতীয় মিত্ৰসংঘৰ লগত হোৱা যুদ্ধ ঃ এমিয়েনৰ চুক্তিয়ে ফ্ৰান্সৰ লগতে আৰু অন্য ইউৰোপীয় শক্তিসমূহৰ শত্ৰুতা শেষ কৰিব পৰা নাছিল । ইটালী, স্পেইন আৰু হলেণ্ডত ফ্ৰান্সৰ প্ৰভাৱ যথেষ্ট বৃদ্ধি পাইছিল । এইবোৰ দেশত বৃদ্ধি হোৱা ফ্ৰান্সৰ প্ৰভাৱে বৃটিছ  ব্যৱসায় বাণিজ্যৰ ওপৰত ওলোটা প্ৰভাৱ পেলাইছিল । ১৮০৫ চনত ফ্ৰান্স তৃতীয় মিত্ৰসংঘৰ আক্ৰমণৰ মুখামুখি হয় । মিত্ৰ সংঘৰ আক্ৰমণৰ খবৰ পাই নেপোলিয়নে অতৰ্কিতে অষ্ট্ৰিয়া আক্ৰমণ কৰে ।

ঘ) ইংলেণ্ডৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ ঃ ফ্ৰান্সৰ বিৰুদ্ধে লগ হোৱা অষ্ট্ৰিয়া, প্ৰুুছিয়া, আৰু ৰাছিয়াক দমন কৰাৰ পাছত ফ্ৰান্সৰ প্ৰধান শত্ৰু হৈ পৰিছিল ইংলেণ্ড । ইতিপূৰ্বে বহুবছৰ ধৰি চলি অহা যুদ্ধসমূহত বা স্থলযুদ্ধসমূহত ফ্ৰান্সৰ জয় হৈছিল যদিও নৌ যুদ্ধসমূহত প্ৰায় ইংলেণ্ডৰ হাতত নেপোলিয়নৰ ফ্ৰান্স বাহিনী পৰাজয় হৈছিল । ফ্ৰান্সে ইংলেণ্ডৰ বিৰুদ্ধে কৰা অৰ্থনৈতিক অৱৰোধ বা অৰ্থনৈতিক যুদ্ধকে মহাদেশীয় নিবন্ধ নীতি বা ইংলেণ্ডৰ বিৰুদ্ধে কৰা অৰ্থনৈতিক অৱৰোধ বোলে । 

ঙ) স্পেনিচ যুদ্ধ বা উপসাগৰীয় যুদ্ধ ঃ স্পেনিচ যুদ্ধ বা উপসাগৰীয় যুদ্ধ হল নেপোলিয়নৰ জীৱনৰ এক উল্লেখযোগ্য ঘটনা । এই যুদ্ধই নেপোলিয়নৰ জীৱনৰ গতি সলনি কৰিছিল ।   ফৰাচী বিপ্লৱৰ সময়ত নেপোলিয়নৰ ফ্ৰান্স বা ইউৰোপত যি অবিৰত জয়যাত্ৰা আৰম্ভ হৈছিল , এই যুদ্ধৰ পাছৰ পৰা তেওঁৰ সেই গতি স্তিমিত হৈ পৰিছিল । একপক্ষথ কবলৈ গলে এই যুদ্ধৰ পাছৰ পৰা নেপোলিয়নৰ সাম্ৰাজ্য পতন হৈছিল । 

চ) ৰাছিয়াৰ গলত হোৱা যুদ্ধ ঃ ৰাছিয়াৰ লগত যুদ্ধ হৈছিল ১৮১২ খ্ৰীঃত । চিলছিটৰ সন্ধি অনুযায়ী ফ্ৰান্স আৰু ৰাছিয়াৰ মাজত বন্ধত্বপূৰ্ণ সম্পৰ্ক স্থাপন হৈছিল । কিন্তু এই সম্পৰ্ক বেছিদিন থকা নাছিল । ইয়াৰ প্ৰধান কাৰণটো হল মহানিবন্ধৰ নীতিয়ে ৰাছিয়াৰ অৰ্থনীতিতহে আঘাত কৰিছিল । 

ছ) চতুৰ্থ মিত্ৰসংঘৰ লগত হোৱা যুদ্ধ ঃ চতুৰ্থ মিত্ৰসংঘ গঠন হৈছিল ১৮১৩ চনত । ১৮১৩ চনৰ পৰাই এই সংঘই নেপোলিয়নৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে । ১৮১৩ চনৰ আগষ্টত হোৱা ড্ৰোডেনৰ যুদ্ধত নেপোলিয়নে অষ্ট্ৰিয়াক পৰাস্ত কৰে । এই যুদ্ধই আছিল নেপোলিয়নৰ জীৱনৰ শেষ বিজয়ৰ যুদ্ধ । পিছত ১৮১৫ চনৰ ১৮ জুনত ৱাটাৰলু যুদ্ধত নেপোলিয়ন পৰাস্ত হয় । 


৯। নেপোলিয়নৰ সফলতাসমূহ বিশ্লেষণ কৰা ।

( Analyse the success of napoleon .)

উত্তৰঃ বিশ্বৰ বিখ্যাত বীৰসকলৰ ভিতৰত নেপোলিয়নৰ নাম হল উল্লেখযোগ্য । এফালে ফৰাচী বিপ্লৰ উত্থান হৈছিল আৰু আনফালে নেপোলিয়নৰ উত্থান হৈছিল । ফৰাচী বিপ্লৱৰ মূল নায়কজন হল নেপোলিয়ন বোনাপাৰ্ট । নেপোলিয়নে ফ্ৰান্সত ডাইৰেক্টৰী ব্যৱস্থা কৰিছিল । ১৭৯৫ চনত ৰচনা কৰা ফ্ৰান্সৰ এই সংবিধান প্ৰধান লক্ষ্য হল দ্বিসদন যুক্ত সদন । ডাইৰেক্টৰীৰ সদস্যৰ সংখ্যা আছিল পাচজন । এই পাচজন সদস্যৰ মূল সদস্যজনক প্ৰেচিডেন্ট হিচাপে পৰিগণিত  কৰা হৈছিল ।  এই পাচজন সদস্যৰে গঠন কৰা ডাইৰেক্টৰী ব্যৱস্থা  ১৭৯৫ ৰ পৰা ১৭৯৯ লৈ চলিছিল । ফ্ৰান্সৰ ডাইৰেক্টৰীৰ এজন সদস্য নেপোলিয়ন বোনাপাৰ্টে ডাইৰেক্টৰীৰ সকলো ক্ষমতা নিজৰ হাতলৈ আনিছিল । তেওঁ নিজকে ফ্ৰান্সৰ সকলো ক্ষমতাৰ অধিকাৰী হিচাপে প্ৰতিষ্ঠা কৰে ।  এই ডাইৰেক্টৰীৰ সদস্যসকলক বিধানমণ্ডলে নিৰ্বাচন কৰে । ডাইৰেক্টৰীৰ কাৰ্যকাল পাচবছৰ কৰি প্ৰতিবছৰে একোজন সদস্য সলনি কৰাটো স্থিৰ কৰা হয় । ফ্ৰান্সত মাত্ৰ চাৰিবছৰৰ বাবেহে  এই ডাইৰেক্টৰী শাসন বৰ্তি থাকিবলৈ সক্ষম হয় ।  ফ্ৰান্সত সন্ত্ৰাসৰ ৰাজত্বৰ অন্ত পেলোৱা আৰু ৰাজতন্ত্ৰৰ সমৰ্থকসকলক সম্পূৰ্ণৰূপে দমন কৰি দেশত শান্তি--শৃংখলা বজাই ৰখাটোৱেই ডাইৰেক্টৰীৰ প্ৰধান লক্ষ্য আছিল । এই কাৰ্যত নেপোলিয়ন সফল হৈছিল । বৈদেশিক শক্তিসমূহ ফ্ৰান্সৰ বিপক্ষে একত্ৰিত হোৱাৰ উমান পাই ফৰাচীসকলে ফ্ৰান্সক ৰক্ষাৰ বাবে এজন যোগ্য যোগ্য নেতাৰ সন্ধান কৰিছিল । সেই সময়ত ফ্ৰান্সৰ ভিতৰে-বাহিৰে সকলো ক্ষেত্ৰতে সফল হোৱা আৰু জনপ্ৰিয়তা লাভ কৰা একমাত্ৰ ব্যক্তিজন হল নেপোলিয়ন বোনাপাৰ্ট । ১৭৯৯ খ্ৰীৰ নৱেম্বৰ মাহত ডাইৰেক্টৰীৰ অন্যতম সদস্য আবে চিয়ে আৰু তেওঁৰ ভাতৃ লুচিয়েনৰ সহায়ত নেপোলিয়নে ডাইৰেক্টৰীৰ শাসন অন্ত পেলাই নিজকে কনচুল প্ৰতিষ্ঠা কৰে । ১৭৯৯ চনৰ পৰা ১৮০৪ চনলৈ ফ্ৰান্সত কনচুলৰ শাসন চলিছিল । কনচুলৰ শাসনকালত ফ্ৰান্সত যি সংবিধান ৰচনা কৰা হৈছিল সেই সংবিধান কনষ্টিটিউচন অব দা ইয়েৰ এইট হিচাপে জনা গৈছিল । এই সংবিধান অনুসৰি তিনিজন কনচুলৰ হাতত শাসনৰ দায়িত্ব দায়িত্ব দিয়া হৈছিল । এই তিনিজন কনচুলৰ ভিতৰত আছিল নেপোলিয়ন আছিল মুখ্য কনচুল । অতি কম সময়ৰ ভিতৰতে নেপোলিয়নৰ আধিপত্য, ব্যক্তিত্ব, বুদ্ধিমত্তা, আৰু কাৰ্যক্ষমতাৰ আগত বাকী দুজন কনচুল একেবাৰে অকমৰ্ণ্য হিচাপে বিবেচনা কৰা হৈছিল । তাৰ ফলত ডাইৰেক্টৰীৰৰ শাসকসকলৰ পৰা অতীষ্ঠ হৈ উঠা ফ্ৰান্সৰ জনসাধাৰণে নেপোলিয়নৰ বীৰত্ব, নীতি আৰু ব্যক্তিত্বত আকৰ্ষিত হৈ গণভোটৰ জৰিয়তে তেওঁৰ স্বেচ্ছাচাৰিতাক স্বীকৃতি দিয়ে । ১৮০২ খ্ৰীঃত দ্বিতীয়বাৰ হোৱা গণভোটৰ জৰিয়তে নেপোলিয়ন বোনাপাৰ্টে নিজকে আজীৱন কনচুল হিচাপে প্ৰতিষ্ঠা কৰে । এনেদৰেই ১৭৬৯ চনৰ ১৫ আগষ্টত কাৰ্চিকা দেশৰ আজেচিও নগৰত জন্মগ্ৰহণ কৰা নেপোলিয়ন বোনাপাৰ্টে নিজৰ ব্যক্তিত্ব, বুদ্ধিমত্তা, দক্ষতা, তথা সময়োপযোগী বাস্তৱ কাৰ্যপন্থাৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে নিজকে ফ্ৰান্সৰ সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী হিচাপে প্ৰতিষ্ঠা কৰে । ইটালীয় বংশজাত চালৰ্চ আৰু লেটিজিয়াৰ দ্বিতীয় পুত্ৰ নেপোলিয়নে পেচিচ মহানগৰীৰ ওচৰৰ ব্ৰিয়েন নগৰীতগণিত, ইতিহাস, দৰ্শন আৰু সামৰিক বাহিনীত ছেকেণ্ড লেফটেনেন্ট হিচাপে নিজৰ কৰ্মজীৱনৰ পাতনি মেলিছিল । কনচুল হিচাপে প্ৰতিষ্ঠা হোৱাৰ পাছত তেওঁ ফ্ৰান্সৰ উন্নয়নৰ বাবে বিভিন্ন সংস্কাৰমূলক কাৰ্যসূচী গ্ৰহণ কৰিছিল । 


১০। নেপোলিয়নৰ পতন কেনেদৰে হৈছিল আলোচনা  কৰা ।

( Discuss  about the fall of napoleon.)

উত্তৰঃ বিশ্বৰ বীৰসকলৰ ভিতৰত নেপোলিয়ন বোনাপাৰ্ট আছিল এজন অন্যতম বিখ্যাত ব্যক্তি । তেওঁ আছিলএক সুদক্ষ, যোদ্ধা, সু-শাসক , সু-স্কাৰক, আৰু চতুৰ ৰাজনীতিবিদ । নিজৰ ব্যক্তিত্ব, দক্ষতা, আৰু যোগ্যতাৰ বলত অতি কম সময়ৰ ভিতৰতে ফ্ৰান্সৰ সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী হৈছিল । নেপোলিয়নৰ প্ৰধান লক্ষ্য হল ফ্ৰান্সক অতি কম সময়ৰ ভিতৰতে আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰত পৰিণত আৰু ফৰাচী জাতিক েটা শক্তিশালী জাতি হিচাপে পৰিচয় দিব বিচাৰিছিল । কম সময়ৰ ভিতৰতে তেওঁ নিজ লক্ষ্যত সফল হৈছিল । ইংলেণ্ডৰ বাহিৰে প্ৰায় সকলোবোৰ দেশ নেপোলিয়নৰ অধীনতা মানি লৈছিল । কিন্তু বেছি উচ্চাকাংক্ষা, ক্ষমতালোক্ষী , স্বজনপ্ৰীতি আদি বিভিন্ন ধৰণৰ নীতি প্ৰয়োগ কৰাৰ পিছত তেওঁৰ উত্থানৰ দৰে সমানে তেওঁ পতনো আৰম্ভ কৰিছিল । মহাদেশীয় নিবন্ধ নীতি প্ৰয়োগ কৰাৰ ফলত প্ৰায় সকলোবোৰ দেশ নেপোলিয়নৰ শত্ৰু হৈ পৰিছিল । স্পেনিচ যুদ্ধত পৰাজয় হল তেওঁৰ পতনৰ মূল কাৰণ । তাৰোপৰি মস্কো অভিযান আছিল নেপোলিয়নৰ আটাইতকৈ ভূল সিদ্দান্ত । ৰাছিয়াৰ ভৌগলিক অৱস্থিতিৰ ভালদৰে অধ্যয়ন নকৰাকৈ ফৰাচী বাহিনী ৰাছিয়াৰ মাজভাগলৈ সোমাই গৈ চৰম পৰিস্থিতিৰ সন্মুখীন হবলগীয়া হৈছিল ।  ফ্ৰান্সত ফৰাচী সৈন্যবাহিনীৰ শক্তি কমি গৈছিল । নেপোলিয়নে ইউৰোপৰ বিভিন্ন দেশ জয় কৰাৰ পিছতো সেই দেশসমূহত স্থানীয় লোকৰ সলনি নিজৰ পৰিয়ালৰ লোকক শাসনৰ মূৰব্বী পতাৰ ফলত নেপোলিয়নক তেনে অঞ্চলৰ লোকসকলে সহজভাৱে মানি লব পৰা নাছিল । পোপৰ লগত কৰা শত্ৰুতাইয়ো নেপোলিয়নৰ পতন মানি ানিছিল । ফৰাচী বিপ্লৱৰ মূল বাণী স্বাধীনতা, সমতা, আৰু ভাতৃত্বৰ প্ৰতি তেওঁ সম্পূৰ্ণ আওকাণ কৰিছিল । ফৰাচী বিপ্লৱৰ মূল লক্ষ্য হল গণতন্ত্ৰ আৰ সলনি নেপোলিয়নে নিজকে সাৰ্বভৌম বা সকলো ক্ষমতাৰ অধিকাৰী হিচাপে প্ৰতিষ্ঠা কৰিছিল । এনেবোৰ কাৰণতে মিত্ৰসংঘৰ হাতত তেওঁ পৰাস্ত হৈছিল তাৰ ফলতে নেপোলিয়নৰ পতন হৈছিল । 


১১। ভিয়েনা মহাসভাৰ সন্মুখত  উপস্থিত হোৱা প্ৰধান সমস্যাসমূহ কি আছিল আৰু এই সমস্যাসমূহৰ সমাধানৰ বাবে ভিয়েনাই কি ব্যৱস্থা গ্ৰহণ কৰিছিল । 

( What were the main problems before the congress of vienna and what measures it adopted to solve there problems ?)

উত্তৰঃ  ভিয়েনা কংগ্ৰেছ বা ভিয়েনা মহাসভাক বিশ্বৰ প্ৰথমখন আন্তজাৰ্তিক সন্মিলন হিচাপে াখ্যা দিব পৰা যায় । নেপোলিয়নৰ পতনৰ পাছত ইউৰোপীয় দেশসমূহৰ বিভিন্ন সমস্যা সমাধানৰ বাবে অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাত লগ হৈছিল । ভিয়েনা মহাসভাৰ মূল উদ্দেশ্য আছিল 

ক) ফৰাচী বিপ্লৱ আৰু নেপোলিয়নে সৃষ্টি কৰা সমস্যাসমূহৰ সমাধান কৰা ।  

খ) ফৰাচী বিপ্লৱৰ বৈপ্লৱিক আদৰ্শক সম্পূৰ্ণৰূপে ধ্বংস কৰা ।

গ) ফৰাচী বিপ্লৱৰ সময়ত প্ৰতিষ্ঠিত গণতন্ত্ৰক সম্পূৰ্ণৰূপে নিৰ্মূল কৰি তাৰ ঠাইত ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰা ।

ঘ) ইউৰোপৰ পুনৰ নিৰ্মাণ কৰি নেপোলিয়নে জয় কৰা ৰাজ্যসমূহ নিজৰ মাজত ভগাই লৈ পূৰ্বৰ স্থিতি বাহাল ৰখা ।

নেপোলিয়নে দ্বিগিজয় কৰা ইউৰোপীয় ৰাজতান্ত্ৰিক শক্তিসমূহৰ প্ৰতি বিভীষিকাৰ সৃষ্টি কৰিছিল । এই শক্তিসমূহ বাৰে-বাৰে একগোট হৈও নেপোলিয়নক পৰাস্ত কৰিব পৰা নাছিল । কিন্তু লিপজিগৰ যুদ্ধই তেওঁলোকৰ মনলৈ আশাৰ বতৰা লৈ আনিছিল । এই যুদ্ধৰ পাছৰ পৰাই পুনৰ তেওঁলোক লগ হৈ নেপোলিয়নৰ বিৰুদ্ধে গোপনে চেষ্টা আৰম্ভ কৰে । নেপোলিয়নৰ ১৮১৪ চনৰ ১৩ এপ্ৰিলত ইউৰোপীয় চতুৰ্থ শক্তিৰ হাতত হোৱা পৰাজয়ৰ পাছত ফন্টেইনব্লৰ সন্ধিমতে তেোঁক এলবা দ্বীপলৈ নিৰ্বাসন দিয়া হয় । এই চুক্তি অনুসৰি অষ্টাদশ লুইক ফ্ৰান্সৰ সম্ৰাট হিচাপে ঘোষণা কৰা হয় । এই সন্ধিৰ চৰ্ত অনুসৰি ভিয়েনা মহাসভাৰ আলোচনা হৈছিল ।  নেপোলিয়নৰ পতনত মুখ্য ভূমিকা  লৈছিল অষ্ট্ৰিয়াৰ ৰাজকুমাৰ মেটাৰনিকে । সেয়েহে তেওঁৰ কাৰ্যাৱলীৰ প্ৰতি সন্মতি জনাই অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাত এই মহাসভাৰ আয়োজন কৰা হৈছিল । ভিয়েনা মহাসভা চলি থকা অৱস্থাতে নেপোলিয়ন এলবাৰ পৰা পলাই আহি অষ্টাদশ লুইক অপসাৰিত কৰি পুনৰ ফ্ৰান্সৰ সিংহাসন অধিকাৰ কৰে । এই বাতৰি পাই মিলিত বাহিনীয়ে পুনৰ নেপোলিয়নৰ লগত যুদ্ধ কৰি ১৮১৫ চনৰ ১৮ জুনত ৱাটাৰলু যুদ্ধত সম্পূৰ্ণৰূপে নেপোলিয়ন বোনাপাৰ্টক পৰাস্ত কৰে । এই পৰাজয়ৰ পাছত নেপোলিয়নক চেন্ট হেলেনা দ্বীপলৈ নিৰ্বাসন দিয়া হয় । ভিয়েনা কংগ্ৰেছ বা ভিয়েনা মহাসভাত বহুতো দেশৰ প্ৰতিনিধি আৰু ৰজাসকলে যোগদান কৰিছিল । এই মহাসভাত ভাগ লোৱা বিভিন্ন দেশৰ প্ৰতিনিধিসকল হল 

ক) অষ্ট্ৰিয়াৰ ৰজা প্ৰথম ফ্ৰেন্সিচ আৰু মেটাৰনিক ।

খ) পুছিয়াৰ ৰজা তৃতীয় ফ্ৰেডাৰিক উইলিয়াম আৰু তেওঁৰ মন্ত্ৰী হাৰ্ডেনবাৰ্গ । 

গ) ৰাছিয়াৰ সম্ৰাট প্ৰথম আলেকজেণ্ডাৰ 
ঘ) ইংলেণ্ডৰ লৰ্ড কেষ্টলৰীগ আৰু ৱেলিংটনৰ ডিউক 
ঙঃ ফ্ৰান্সৰ টেলিৰা ।
ভিয়েনা মহাসভাৰ প্ৰধান আলোচনা কৰা বিষয়টো আছিল ইউৰোপৰ পুনৰ গঠন কৰা ফ্ৰান্সৰ যি সীমা আছিল সেই সীমালৈ ফ্ৰান্স পুনৰ উভতি যোৱা । 
আগতে উল্লেখ কৰা হৈছে যে ইউৰোপৰ প্ৰধান চাৰিশক্তি ইংলেণ্ড, ৰাছিয়া, পুছিয়া, আৰু অষ্ট্ৰিয়া ১৮১২ চনৰ পৰা ১৮১৪ চনলৈ ইউৰোপ দেশখনৰ বিভিন্ন প্ৰান্তত গোপনে মিলিত হৈ আলোচনা অনুষ্ঠিত কৰি আছিল । এই মহাসভাত তেওঁলোকে ছয়খন গোপন চুক্তি স্বাক্ষৰিত কৰিছিল । তাৰ ভিতৰত এখন উল্লেখযোগ্য চুক্তি হল পেৰিচ চুক্তি ।এই মহাসভাখন বিভিন্ন বাক-বিতণ্ডাৰ মাজেৰে অনুষ্ঠিত কৰিছিল কাৰণ মিত্ৰজোটৰ প্ৰতিখন দেশেই ইউৰোপীয় শান্তি -শৃংখলাতকৈ নিজৰ ব্যক্তিগত স্বাৰ্থ পুৰণতহে অধিক আগ্ৰহী যেন দেখা গৈছিল ।

১২। ভিয়েনা মহাসভাৰ কাৰ্যাৱলী বিশ্লেষণ কৰা ।
( Critically analyse thw works of the congress of vienna.)
উত্তৰঃ  ভিয়েনা মহাসভা বা ভিয়েনা কংগ্ৰেছৰ প্ৰতিনিধিসকলে তিন্টা নীতি গ্ৰহণ কৰিছিল সেই নীতি কেইটা হল 
ক)নাযেয অধিকাৰৰ নীতি 
খঃ শক্তি ভাৰসাম্য নীতি 
গ) ক্ষতিপুৰণৰ নীতি 

ক) নায্য অধিকাৰৰ নীতিঃ এই নীতিৰ প্ৰধান লক্ষ্য হল নেপোলিয়নে যিবোৰ দেশৰ শাসকক উচ্ছেদ কৰিছিল , সেইবোৰ ঠাইত পুনৰ সেইসকল শাসকক প্ৰতিষ্ঠিত কৰিব লাগে । ফ্ৰান্সৰ বৈদেশীক মন্ত্ৰী বা প্ৰতিনিধি টেলেৰাই  এই নীতি আগবঢ়াইছিল । ভিয়েনা মহাসভাই সিদ্ধান্ত অনুসৰি অই নীতি গ্ৰহণ কৰিছিল । এই নীতি অনুসৰি তলৰ অঞ্চলসমূহত পূৰ্বৰ অৱস্থা ঘুৰাই অনা হৈছিল । 
ক) স্পেইন, চিচিলি আৰু নেপোলচত পূৰ্বৰ বুৰবন ৰাজবংশ প্ৰতিষ্ঠা কৰা হয় ।
খ) হলেণ্ডত অৰেঞ্জ ৰাজবংশক পুনৰ প্ৰতিষ্ঠা কৰা হয় ।
গ) চাৰ্ডিনিয়া, আৰু পীডমন্টত চেভয় ৰাজবংশ প্ৰতিষ্ঠা কৰা হয় ।
ঘ) পোপৰ ৰাজ্যত পোপক পুনৰ প্ৰতিষ্ঠা কৰা হয় ।
ভ) নেপোলিয়নে প্ৰতিষ্ঠা কৰা জাৰ্মান যৌথতন্ত্ৰ ভাঙি  এই সৰু সৰু ৰাজ্যবোৰ পূৰ্বৰ ৰজাসকলক ঘুৰাই দিয়া হয় ।
চ) লম্বাৰ্দী াৰু ভেলেচিয়াত অষ্ট্ৰিয়াৰ আধিপত্য পুনৰ প্ৰতিষ্ঠা কৰা হয় ।
ছ) ষষ্ঠদশ লুইৰ ভাতৃ অষ্টদশ লুইক বুৰবন বংশৰ উত্তৰাধিকাৰী হিচাপে ফ্ৰান্সৰ সিংহাসনত বহুৱা হয় ।
ইউৰোপৰ বিভিন্ন সমস্যসমূহ সমাধানৰ বাবে এই কনচাৰ্টৰ সদস্যসকলে কেইবাখনো মহাসভাত লগ হৈ আলোচনা আৰু সিদ্ধান্তবোৰ গ্ৰহণ কৰিছিল । ১৮২০ চনৰ পৰা ১৮২৫ চনলৈ বহুবাৰ কংগ্ৰেছৰ সভা অনুষ্ঠিত হোৱাৰ কাৰণে এই সময়ছোৱাক কংগ্ৰেছৰ যুগ হিচাপে জনাজাত । এই কংগ্ৰেছ সমূহত ভূমিকা গ্ৰহণ কৰিছিল  অষ্ট্ৰিয়াৰ সম্ৰাট মেটাৰনিকে । গণতান্ত্ৰিক আৰু যিকোনো নমনীয় শক্তিক নিৰ্মূল কৰি স্বেচ্ছাচাৰী ৰাজতন্ত্ৰ জীয়াই ৰখাত কনচাৰ্টে বিশেষ গুৰুত্ব দিছিল । ইয়াৰ প্ৰধান কংগ্ৰেছসমূহ আছিল 
ক) এই-লা - চেপেলৰ কংগ্ৰেছ ১৮১৮ 
খ) ট্ৰপো কংগ্ৰেছ ১৮২০ 
গ) লাইবাক কংগ্ৰেছ ১৮২১
ঘ) ভেৰোনা কংগ্ৰেছ ১৮২২ 

ক) এই-লা -চেপেলৰ কংগ্ৰেছঃ ১৮১৮ চনত এই-লা-চেপেলত মৈত্ৰীসংঘৰ প্ৰথমখন সন্মিলন অনুষ্ঠিত হয় । এই চতুৰ্থশক্তিৰ সন্মিলনখনে লোৱা বিভিন্ন পদক্ষেপসমূহ আছিল 
১। ফ্ৰান্সে নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত বিজিতসকলক ক্ষতিপুৰণ আদায় দিছিল । এই কাৰ্যত সন্তুষ্ট হৈ চতুৰ্থশক্তিয়ে ফ্ৰান্সকো মৈত্ৰীসংঘৰ সদস্য হিচাপে গ্ৰহণ কৰিছিল । তদুপৰি ফ্ৰান্সৰ পৰা তেওঁলোকৰ নিজ-নিজ সৈন্যবাহিনীও অপসাৰিত কৰিছিল । 
২। ডেনমাৰ্ক আৰু চুইডেনৰ লগত ভিয়েনা বন্দোবস্তৰ চৰ্তসমূহ কাৰ্যকৰী কৰাত হেমাহি কৰাৰ বাবে চুইডেনৰ ৰজা বাৰ্নিডটেক পৰা তাৰ সুদত্ৰৰ কৰা হৈছিল ।
৩। মনাৰ্কৰ ৰজাক প্ৰশাসনৰ উন্নীতকৰণৰ বাবে কোৱা হৈছিল ।
৪। বাভাৰিয়াৰ সাম্ৰাজ্যবাদী মনোভাৱ নিঃশেষ কৰা হৈছিল ।
৫। জাৰ্মানীৰ ৰাজ্যসমূহৰ অভাৱ -অভিযোগৰ ওপৰত আলোচনা কৰা হৈছিল । 
প্ৰথম অৱস্থাত মৈত্ৰীসংঘৰ সদস্যসকলে লগ হৈ যিকোনো কাৰ্য সম্পাদন কৰিবৰ বাবে অশেষ চেষ্টা চলাইছিল । কিন্তু ব্যক্তিগত স্বাৰ্থ আহি পৰিলেই মৈত্ৰীসংঘৰ সদস্যসকলে পিছহোহকা দিছিল । এই কাৰণে মৈত্ৰীসংঘৰ সদস্যসকলৰ মাজত বেমেজালিৰ সৃষ্টি কৰিছিল । যাৰ কাৰণে মৈত্ৰীসংঘ দুৰ্বল  হৈ পৰিছিল ।  দাস ব্যৱসায় বন্ধ হোৱাৰ বাবে ইংলেণ্ডে লোৱা ব্যৱস্থাক কনচাৰ্টৰ বাকী সদস্যই বিৰোধিতা কৰিছিল । এনেদৰে মৈত্ৰীসংঘৰ সদস্যসকলৰ মাজত মনোমালিন্য আৰম্ভ হাছিল । এই মতবিৰোধ সমূহত ইংলেণ্ড অকলে আছিল আৰু বাকী থকা দেশকেইখন বা সদস্য ৰাষ্ট্ৰসকল অন্যফালে একগোট হৈ কাম কৰিছিল । 

খ) ট্ৰপো কংগ্ৰেছ ঃ মৈত্ৰীসংঘৰ দ্বিতীয়খন সভা ১৮২০ চনত ট্ৰপোত অনুষ্ঠিত হৈছিল । কিন্তু  এই কংগ্ৰেছৰ সদস্যসকলে ইউৰোপৰ এক ডাঙৰ শক্তিসমূহৰ মাজত বিভিন্ন বিষয়ৰ আলোচনাত অধিক বৃদ্ধি পোৱা দেখা গৈছিল । নেপোলচ, স্পেইন, আৰু পৰ্টুগালৰ হোৱা বিদ্ৰোহৰ আলোচনা কৰিবৰ বাবে এই কংগ্ৰেছৰ আহ্বান কৰা হৈছিল । কংগ্ৰেছৰ এই দেশসমূহৰ বিভিন্ন সমস্যসমূহৰ বাবে বিশদ আলোচনাত বহিছিল বা আলোচনা কৰা হৈছিল । মেটাৰনিকে কোনো দেশতে যাতে বিদ্ৰোহ তথা বিষয়াত্মক আন্দোলন গঢ় লৈ উঠিব  নোৱাৰে তাৰ বাবে তেওঁ কঠোৰ নীতি গ্ৰহণ কৰিছিল । এই ক্ষেত্ৰত ৰাছিয়া, পুছিয়া, আৰু অষ্ট্ৰিয়াই একত্ৰিত হৈ এক নীতি গ্ৰহণ কৰিছিল । এই নীতিক ট্ৰপো প্ৰটকল হিচাপে জনা যায় । 

গ) লাইবাক কংগ্ৰেছঃ ট্ৰপো প্ৰটকলৰ অনিশ্চয়তাৰ পাছত ১৮২১ চনত মৈত্ৰীসংঘৰ সদস্যসকলে পুনৰ লাইবাকত মিলিত হয় । এই ট্ৰপো  বা সন্মিলনে অষ্ট্ৰিয়াক নেপোলচৰ বিদ্ৰোহ দমনৰ অনুমতি দিয়ে । ফলত অষ্ট্ৰিয়াই শক্তি প্ৰয়োগৰ দ্বাৰা নেপোলছৰ বিদ্ৰোহ দমন কৰি ফাৰ্ডিনাণ্ডক পুনৰ নেপোলচক শাসনকৰ্তা পাতে । 
ঘ) ভেৰোনা কংগ্ৰেছ ঃ ইউৰোপৰ মৈত্ৰীসংঘৰ শেষৰখন কংগ্ৰেছ ভেৰোনাত ১৮২২ চনত অনুষ্ঠিত কৰা হৈছিল । স্পেইন আৰু গ্ৰীছৰ মাজত হোৱা বিপ্লৱৰ ওপৰত আলোচনা কৰিবৰ বাবে বিশেষকৈ ট্ৰপো প্ৰটকল ৰদ কৰা হয় । এইবাৰ ৰাছিয়াই গ্ৰীচৰ বিদ্ৰোহ দমন কৰাৰ বাবে অকলে চিন্তা কৰিবলৈ ধৰে । কাৰণ ইটালীত হোৱা সমস্যাৰ কাৰণে অষ্ট্ৰিয়াই ইটালীৰ কাৰণে নিজেই পদক্ষেপ লৈছিল । ইফালে অষ্ট্ৰিয়া আৰু ৰাছিয়াৰ মাজত বলকান অঞ্চলক লৈ থকা সমস্যাৰ বাবে অষ্ট্ৰিয়াই ৰাছিয়াৰ গ্ৰীচক হস্তক্ষেপৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছিল । ইংলেণ্ডত অষ্ট্ৰিয়াক সমৰ্থন কৰি গ্ৰীচৰ ক্ষেত্ৰত ৰাছিয়াৰ হস্তক্ষেপত বাধা প্ৰদান কৰিছিল ।

১৩। ভিয়েনা মহাসক্ষাৰ প্ৰধান লক্ষ্যসমূহ কি আছিল ? ই সেই লক্ষ্যত উপনীত হোৱাত সফল হৈছিলনে ?
( What were the main aims of the congress of vienna ? was the congress able to achieve these aims?)
উত্তৰঃ ভিয়েনা মহাসভাৰ প্ৰধান লক্ষ্যসমূহ বা উদ্দেশ্যসমূহ হল 
ক) ফৰাচী বিপ্লৱ আৰু নেপোলিয়নে সৃষ্টি কৰা সমস্যাসমূহৰ সমাধান কৰা ।
খ) ফৰাচী বিপ্লৱৰ বৈদেশীক আদৰ্শক সম্পূৰ্ণৰূপে ধ্বংস কৰা ।
গ) ইউৰোপৰ পুনৰ নিৰ্মাণ কৰি প্ৰতিষ্ঠিত গণতন্ত্ৰক সম্পূৰ্ণৰূপে নিৰ্মূল কৰি তাৰ ঠাইত ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰা ।
ঘ) ইউৰোপৰ পুনৰ নিৰ্মাণ কৰি নেপোলিয়নে জয় কৰা অঞ্চলসমূহ নিজৰ মাজত ভগাই লৈ পূৰ্বৰ স্থিতি বাহাল ৰখা ।
প্ৰথম অৱস্থাত ভিয়েনা মহাসভাৰ সদস্য বা প্ৰতিনিধিসকলে লক্ষ্যত উপনীত চেষ্টা কৰিছিল । তাৰ পিছত ভিয়েনা মহাসভাৰ সদস্য বা প্ৰতিনিধি সকলৰ মাজত ৰাষ্ট্ৰৰ কাৰণে কাম কৰাৰ বিপৰীতে নিজৰ ব্যক্তিকেন্দ্ৰিক মনটোকহে গুৰুত্ব দিছিল । নেপোলিয়নৰ দ্বিদিজয় কৰা ইউৰোপীয় ৰাজতান্ত্ৰিক শক্তিসমূহৰ প্ৰতি বিভীষিকাৰ সৃষ্টি কৰিছিল । এই শক্তিসমূহ বাৰে বাৰে লগ হোৱাৰ পিছতো নেপোলিয়নক পৰাস্ত কৰিব পৰা নাছিল । কিন্তু লিপজিগৰ যুদ্ধৰ পাছৰ পৰা নেপোলিয়নৰ হৰুৱাবৰ কাৰণে তেওঁলোকৰ মনত আশাৰ বতৰা কঢ়িয়াই আনে । এই যুদ্ধৰ পাছৰ পৰা তেওঁলোক পুনৰ একগোট হৈ নেপোলিয়নৰ পতনৰ বাবে গোপনে চেষ্টা আৰম্ভ কৰে । নেপোলিয়নৰ ১৮১৪ চনৰ ১৩ এপ্ৰিলত ইউৰোপীয় টতুৰ্থ মিত্ৰ শক্তিৰ হাতত হোৱা পৰাজয়ৰ পাছত ফন্টেইনব্লৰ সন্ধিৰ স্বৰ্ত অনুসৰি নেপোলিয়নক এলবা দ্বীপলৈ নিৰ্বাসন দিয়া হয় । এই সন্ধিৰ চৰ্ত অনুসৰি বুৰবন বংশৰ অষ্টদশ লুইক ফ্ৰান্সৰ সম্ৰাট হিচাপে ঘোষণা কৰা হয় । এই সন্ধিৰ স্বৰ্তৰ আধাৰতে ভিয়েনা মহাসভাৰ আলোচনা আৰম্ভ হাছিল । নেপোলিয়নৰ পতনত মুখ্য ভূমিকা লৈছিল অষ্ট্ৰিয়াৰ ৰাজকুমাৰ মেটাৰনিকে । সেয়েহে তেওঁৰ কাৰ্যাৱলীৰ প্ৰতি সন্মান জনাই অষ্টিয়াৰ ৰাজধানী ভিয়েনাত এই মহাসভাৰ আলোচনা কৰা হৈছিল । ভিয়েনা মহাসভা চলি থকা অৱস্থাতে নেপোলিয়ন এলবাৰ পলাই আহি অষ্টাদশ লুইক অপসাৰিত কৰি তেওঁ সিংহাসনত বহে । এই বাতৰি পাই মিলিত বাহিনীয়ে পুনৰ নেপোলিয়নৰ লগত যুদ্ধ কৰি ১৮১৫ চনৰ ১৮ জুনত ৱাটাৰলু যুদ্ধত সম্পূৰ্ণৰূপে নেপোলিয়নক পৰাস্ত কৰে । এই পৰাজয়ৰ পাছত নেপোলিয়নক চেন্ট হেলেনা দ্বীপলৈ নিৰ্বাসন দিয়া হয় ।  ভিয়েনা মহাসভাত ইউৰোপৰ বিভিন্ন দেশৰ সম্ৰাট, ৰাজপ্ৰতিনিধি, দাৰ্শনিক, পণ্ডিত, সেনাধ্যক্ষ আদিয়ে যোগদান কৰিছিল । এই মহাসভাত যোগদান কৰা কেইজনমান উল্লেখযোগ্য প্ৰতিনিধি আছিল ।
ক) অষ্ট্ৰিয়াৰ সম্ৰাট প্ৰথম ফ্ৰেন্সিচ আৰু মেটাৰনিক ।
খ) ৰাছিয়াৰ সম্ৰাট প্ৰথম আলেকজেণ্ডাৰ ।
গ) পুছিয়াৰ ৰজা তৃতীয় ফ্ৰেডাৰিক উইলিয়াম আৰু তেওঁৰ মন্ত্ৰী হাৰ্ডেনবাৰ্গ ।
৪। ইংলেম্ডৰ লৰ্ড কেষ্টলৰীগ আৰু ৱেলিংটনৰ ডিউক ।
৫। ফ্ৰান্সৰ টেলিৰা ।
ভিয়েনা মহাসবাৰ প্ৰধান আলোচনাৰ বিষয় আছিল ইউৰোপৰ পুনৰ গঠন বা পূৰ্বৰ ফ্ৰান্সৰ যি সীমা আছিল সেই সীমালৈ ফ্ৰান্স পুনৰ উভতি যোৱা । ইউৰোপৰ প্ৰধান চাৰিশক্তি ইংলেণ্ড, ৰাছিয়া পুছিয়া, আৰু অষ্ট্ৰিয়া, ১৮১২ চনৰ পৰা ১৮১৪ চনলৈ বিভিন্ন মহাসভাত বা বিভিন্ন স্থানত লগ হৈ আলোচনা অনুষ্ঠিত কৰিছিল । এই সময়ছোৱাত তেওঁলোকে ছয়খন গোপন চুক্তি স্বাক্ষৰিত কৰিছিল । ইয়াৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য চুক্তিখন হল পেৰিচ চুক্তি । এই চুক্তিসমূহৰ সহায়তে ভিয়েনা মহাসভাৰ প্ৰতিনিধিসকলে আলোচনা আৰম্ভ কৰিছিল । এই মহাসভা প্ৰচণ্ড বাক-বিতণ্ডাৰ মাজেৰে অনুষ্ঠিত হৈছিল । কাৰণ মিত্ৰসংঘৰ প্ৰতিখন দেশেই ৰাষ্ট্ৰৰ বাবে চিন্তা কৰাৰ বিপৰীতে নিজৰ ব্যক্তিগত স্বাৰ্থতহে বেছি গুৰুত্ব দিছিল । 



Question Type By: Jit Bora
Author By: Ali Rani Kakati  









Post ID: DABP004529