১৯১৯ চনৰ পিছৰ গান্ধীয়ান জাতীয়তাবাদ ঃ ধাৰণা আৰু আন্দোলন 


 তৃতীয় অধ্যায়ঃ


অতি চমু উত্তৰৰ প্ৰশ্নঃ

১। ভাৰতীয় নৱজাগৰণৰ পিতৃ কোন ?

উত্তৰঃ   ভাৰতীয় নৱজাগৰণৰ পিতৃ হল ৰাজা ৰামমোহন ৰায় ।


২। ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনক কোনে দাসত্বৰ চনদ বুলি কৈছিল ।

উত্তৰঃ ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনক প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে দাসত্বৰ চনদ বুলি কৈছিল । 


৩। নীল দৰ্পনৰ লেখক কোন ?

উত্তৰঃ নীল দৰ্পনৰ লেখক হল দীননাথ মিত্ৰ ।


৪। স্বৰাজ মোৰ জন্ম স্বত্ব কোনে কৈছিল ।

উত্তৰঃ  স্বৰাজ মোৰ জন্ম স্বত্ব বাল গংগাধৰ তিলকে কৈছিল ।


৫। জাতীয় শিক্ষা পৰিষদ আইন স্থাপিত হৈছিল ।

উত্তৰঃ জাতীয় শিক্ষা পৰিষদ আইন ১৯০৬ চনত স্থাপিত হৈছিল।


৬। সত্যাৰ্থ প্ৰকাশৰ ৰচক কোন ?

উত্তৰঃসত্যাৰ্থ প্ৰকাশৰ ৰচক হল স্বামী দয়ানন্দ সৰস্বতী ।


৭। মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল ।

উত্তৰঃ ১৮৬৯ চনৰ ২ অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰ নামে ঠাইত মহাত্মা গান্ধীৰ জন্ম হৈছিল ।


৮। ভাৰতৰ প্ৰথম সত্যাগ্ৰহ কত হয় ?

উত্তৰঃ ভাৰতৰ প্ৰথম সত্যাগ্ৰহ বিহাৰৰ চম্পাৰণ জিলাত হয় ।


৯। ৰাওলাট আইন কেতিয়া গৃহীত হয়?

উত্তৰঃ ৰাওলাট আইন ১৯১৯ চনৰ ১৮ মাৰ্চত গৃহীত কৰা হয় ।


১০। প্ৰথম সৰ্বভাৰতীয় ধৰ্মঘট কেতিয়া পালন কৰা হৈছিল ।
উত্তৰঃ  

১১। ভাৰত ত্যাগ আন্দোলনৰ প্ৰথমগৰাকী ফাঁচি কাঠত উঠা ব্যক্তি কোন ?

উত্তৰঃ  ভাৰত ত্যাগ আন্দোলনৰ প্ৰথমগৰাকী ফাঁচি কাঠত উঠা ব্যক্তিজন হল কুশল কোঁৱৰ


১২। সীমান্ত গান্ধী বুলিলে কাক বুজায় ?

উত্তৰঃ  সীমান্ত গান্ধী বুলিলে খান আব্দুল গফৰ খানক বুজায় । 


১৩। খোদাই খিদমৎগাৰৰ প্ৰতিষ্ঠাতা কোন ?

উত্তৰঃ খোদাই খিদমৎগাৰৰ প্ৰতিষ্ঠাতা হল খান আব্দুল গফৰ খানক .। 


১৪। ভাৰতত কমিনিউষ্ট বা বামপন্থী আন্দোলনৰ প্ৰধান গুৰিধৰোতা কোন আছিল ?
উত্তৰঃ 

১৫। বন্দে মাতৰম কোনে ৰচনা কৰিছিল ।

উত্তৰঃ বন্দে মাতৰম বংকিম চন্দ্ৰ চেটাৰ্জীয়ে ৰচনা কৰিছিল ।


১৬। আজাদ হিন্দ ফৌজৰ সৰ্বাধিনায়ক কোন আছিল ।

উত্তৰঃ  আজাদ হিন্দ ফৌজৰ সৰ্বাধিনায়ক সুভাষ চন্দ্ৰ বসু আছিল ।


১৭। মহাত্মা গান্ধীয়ে প্ৰকাশ কৰা সাপ্তাহিক আলোচনীখনৰ নাম কি ?

উত্তৰঃ  মহাত্মা গান্ধীয়ে প্ৰকাশ কৰা সাপ্তাহিক আলোচনীখনৰ নাম হল Young India. 


১৮। চম্পাৰণৰ সত্যাগ্ৰহ কেতিয়া হৈছিল ।

উত্তৰঃ চম্পাৰণৰ সত্যাগ্ৰহ ১৯১৭ চনত হৈছিল । 


১৯। প্ৰথম বিশ্বযুদ্ধ কেতিয়া সংঘটিত হৈছিল ?

উত্তৰঃ  ১৯১৪ চনৰ জুন মাহত প্ৰথম বিশ্বযুদ্ধ সংঘটিত হৈছিল ।


২০। ৰাওলাট আইন কেতিয়া কাৰ্যকৰী কৰা হয় ।

উত্তৰঃ ৰাওলাট আইন ১৯১৯ চনৰ ১৮ মাৰ্চত কাৰ্যকৰী কৰা হয় ।


২১। জালিয়ানবালাবাগৰ হত্যাকাণ্ডত কিমান লোক নিহত হৈছিল ?

উত্তৰঃ জালিয়ানবালাবাগৰ হত্যাকাণ্ডত ১৪০০ৰো অধিক লোক নিহত হৈছিল । 


২২। অসহযোগ আন্দোলন কেতিয়া হৈছিল ?

উত্তৰ-  ১৯২০ চনত অসহযোগ আন্দোলন হৈছিল ।


২৩। চেৰ্ভাছ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ?

উত্তৰঃ  ১৯২০ চনত চেৰ্ভাছ চুক্তি স্বাক্ষৰিত হৈছিল ।


২৪। চৌৰিচৌৰাৰ ঘটনা কেতিয়া হৈছিল ?

উত্তৰঃ  ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে চৌৰিচৌৰাৰ ঘটনা হৈছিল ।


২৫। ছাইমন কমিছন কেতিয়া ভাৰতলৈ আহিছিল ?
উত্তৰঃ 

২৬। দাণ্ডিযাত্ৰা কাৰ্যসূচী কেতিয়া লোৱা হৈছিল ।

উত্তৰঃ ১৯৩০ চনৰ ১২ মাৰ্চৰ পৰা দণ্ডিযাত্ৰা কাৰ্যসূচী লোৱা হৈছিল । 


২৭। দাণ্ডিযাত্ৰাত অংশ লোৱা অনুগামীৰ সংখ্যা কিমান আছিল

 উত্তৰঃ  দাণ্ডিযাত্ৰাত অংশ লোৱা অনুগামীৰ সংখ্যা আছিল ৭৮ জন । 

২৮। প্ৰথম ঘুৰণীয়া মেজমেল কেতিয়া হৈছিল ?

উত্তৰঃ  প্ৰথম ঘুৰণীয়া মেজমেল ১৯৩১ চনৰ ৫ মাৰ্চ তাৰিখে হৈছিল ।

২৯। পুনা চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ।

উত্তৰঃ   ১৯৩২ চনৰ ২৪ ডিচেম্বৰত পুনা চুক্তি স্বাক্ষৰিত হৈছিল । 

৩০। দ্বিজাতি তত্ত্বৰ ধাৰণাটো কোনে আনিছিল ?

উত্তৰঃ 

চমু উত্তৰৰ প্ৰশ্নঃ 

১। কোনে আৰু কেতিয়া '' কৰিম অথবা মৰিম '' ধ্বনি দিছিল ?

উত্তৰঃ মহাত্মা গান্ধীয়ে স্বাধীনতা আন্দোলনৰ বাবে উদ্দেশ্য কৰি কৰিম অথবা মৰিম ধ্বনি দিছিল 

২। পূৰ্ণ স্বৰাজৰ দাবী কেতিয়া আৰু কত উত্থাপন কৰা হৈছিল ?

উত্তৰঃ  ১৯২৯ চনৰ জাতীয় কংগ্ৰেছৰ সভা লাহোৰৰ অধিৱেশনত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল । 

৩। ৪২ চনৰ গণ বিপ্লৱৰ দুগৰাকী শ্বহীদৰ নাম লিখা ।

উত্তৰঃ  ৪২ চনৰ গণ বিপ্লৱৰ দুগৰাকী শ্বহীদৰ নাম হল কনকলতা বৰুৱা, ভোগেশ্বৰী ফুকননী ।


৪। ভাৰত ত্যাগৰ প্ৰস্তাৱ  কেতিয়া আৰু কত লোৱা হৈছিল ?

উত্তৰঃ


৫ অসমৰ জোনাকী যুগৰ দুগৰাকী সাহিত্যিকৰ নাম লিখা ।

উত্তৰঃ  অসমৰ জোনাকী যুগৰ দুগৰাকী সাহিত্যিকৰ নাম হল 

ক)  লক্ষ্মীনাথ বেজবৰুৱা ।
খ) চন্দ্ৰকুমাৰ আগৰৱালা  ।


৬। ক্ৰিপছ  মিছন বিফল হোৱাৰ দুটা কাৰণ উল্লেখ কৰা ।

উত্তৰঃ 


৭। এজনীয়া সত্যাগ্ৰহৰ কাৰ্যসূচী কেতিয়া গ্ৰহণ কৰা হৈছিল আৰু প্ৰথমগৰাকী সত্যাগ্ৰহীৰ নাম লিখা ।

উত্তৰঃ মহাত্মা গান্ধী । 


৮। গান্ধীজীৰ আন্দোলনৰ মূল মন্ত্ৰ কি ?

উত্তৰ  গান্ধাজীৰ আন্দোলনৰ মূল মন্ত্ৰ হল সত্যাগ্ৰহ আৰু অহিংসা । 


৯। খিলাফত আন্দোলনৰ লগত জড়িত নেতা দুজনৰ নাম কি আছিল ?

উত্তৰঃ   খিলাফত আন্দোলনৰ লগত জড়িত নেতা দুজনৰ নাম হল 
ক) মহম্মদ আলী ।
খ) চৌকত আলী ।


১০। অসহযোগ আন্দোলন কিয় বাতিল কৰা হৈছিল ?

উত্তৰঃ জালিয়ানবালাবাগ আৰু চৌৰিচৌৰা নামৰ ঠাইত বৃটিছসকলে আমাৰ ভাৰতবৰ্ষৰ বহুতো জনসাধাৰণক অগ্নিসংযোগ আৰু গুলীয়াই হত্যা কৰে । সেইকাৰণে মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন বাতিলৰ কাম কৰিছিল ।


১১।  ভাৰতৰ দুজন বামপন্থী নেতাৰ নাম লিখা ।

উত্তৰঃ    ভাৰতৰ দুজন বামপন্থী নেতাৰ নাম হল জৱাহৰ লাল নেহৰু, আৰু সুভাষ চন্দ্ৰ বসু ।

চমুটোকা লিখা ঃ
১। খিলাফত আন্দোলন 
উত্তৰঃ  অসহযোগ আন্দোলন আৰম্ভ হোৱাৰ পিছত খিলাফত আন্দোলনে দেখা দিছিল । প্ৰথম বিশ্বযুদ্ধৰ সময়ত তুৰস্কই ইংলেণ্ডৰ বিৰুদ্ধে জাৰ্মানী দেশক সহায় কৰিছিল । যুদ্ধৰ শেষত এখন চুক্তিত স্বাক্ষৰ কৰা হৈছিল আৰু সেই চুক্তিখনক চেৰ্ডাৰ্চ চুক্তি বুলি কোৱা হৈছিল । এই চেৰ্ডাৰ্চ চুক্তি হৈছিল ১৯২০ চনত । তাৰোপৰি তপৰস্কৰ শাসনকৰ্তা খলিফাৰ নিয়ন্ত্ৰণৰ পৰা কিছুমান পৱিত্ৰ অঞ্চল বাহিৰত ৰখা হৈছিল । এনেবোৰ কাৰ্যতফত নামৰ এক আন্দোলনৰ সূচনা কৰিছিল । গান্ধীৰ পৰামৰ্শ অনুসৰি ভাৰতীয় জাতীয় কংগ্ৰেছে এই আন্দোলনত যথেষ্ট সমৰ্থন কৰিছিল । তেওঁ আশা কৰিছিল যে হিন্দু আৰু মুছলমান লগ হলে অতি সোনকালে ইংৰাজৰ শাসন শেষ হব । সেউকাৰণে তেওঁ খিলাফত আন্দোলনক অসহযোগ আন্দোলনৰ লগত মুক্ত কৰিছিল । 
১৯২০ চ তুৰস্কৰ মুছলমানসকলৰ লগতে ভাৰতীয় মুছলমানসকল অলপো সন্তুষ্ট হোৱা নাছিল । খলিফাৰ মৰ্যাদা বাহাল ৰখাৰ দাবী জনাই ভাৰতত দুইজন ভাই-ককাই মহম্মদ আলী আৰু চৌকত আলীয়ে খিলাৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ১৯২০ চনৰ ৩১ আগষ্ট তাৰিখে খিলাফত আন্দোলনৰ কৰ্মীসকলেও অসহযোগ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰা হয় । সেই একে সময়তে ছেপ্তেম্বৰ মাহত হোৱা কংগ্ৰেছৰ বিশেষনৰ জুন মাহত এলাহাবাদত অনুষ্ঠিত সৰ্বদলীয় সন্মিলনত স্কুল, কলেজ, আদালত, আদি সকলো বৰ্জন ক অধিৱেশনত মহাত্মা গান্ধীয়ে কৰ্মীসকলৰ আগত অসহযোগ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছিল । একে বছৰৰ ছেপ্তেম্বৰ মাহত হোৱা কংগ্ৰেছৰ বিশেষ অধিৱেশনত মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলনৰ প্ৰস্তাৱ দাঙি ধৰে । অসহযোগ আন্দোলনৰ প্ৰধান উদ্দেশ্য আছিল বৃটিছ চৰকাৰে ভাৰতৰ পঞ্জাৱত কৰা গণহত্যাৰ প্ৰতিকাৰ, তুৰস্কৰ খলিফাৰ পূৰ্ণ মৰ্যাদা ঘুৰাই অনাৰ ব্যৱস্থা, স্বৰাজৰ দাবী গ্ৰহণ কৰিবৰ চৰকাৰক বাধ্য কৰোৱা হয় । 

২। ছাইমন কমিছন 
উত্তৰঃ  ১৯২৭ চনত চাৰ জন ছাইমন নেতৃত্বত সাতজনীয়া এখন আয়োগ গঠন কৰা হয় । এইখন আয়োগৰ সদস্যসকল আছিল চাৰ জন ছাইমন, লেন ফক্স, কেৰোগান, ক্ৰিমেন্ট এটলি, আদি । ছাইমন কমিছনত এজনো ভাৰতীয় লোক  নথকাত জাতীয় কংগ্ৰেছ আৰু আন দলবোৰে এই কমিছন বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । সেয়েহে কমিছনৰ সদস্যসকল ভাৰতৰ যি ঠাইলৈ গৈছিল, সেই ঠাইতে ছাইমন উভতি যোৱা বুলি প্ৰতিধ্বনি দিয়াৰ লগতে কলা পতাকা প্ৰদৰ্শন কৰা হৈছিল । 

৩। দাণ্ডি যাত্ৰা 

উত্তৰঃ  মহাত্মা গান্ধীয়ে লোণ আইন ভংগ কৰাৰ বাবে দাণ্ডিযাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰিছিল । লোণ আইনে চৰকাৰক লোণ তৈয়াৰ কৰা আৰু বিক্ৰী কৰাৰ বাবে নিজস্ব অধিকাৰ দিছিল । ভাৰতীয় লোকসকলক লোণ তৈয়াৰ কৰাৰ কাৰণে অনুমতি দিয়া হৈছিল । তেওঁলোকে নিমখৰ দামো বৃদ্ধি কৰিছিল । তাৰোপৰি সাগৰৰ উপকুল পাৰৰ মানুহে নিমখ সংগ্ৰহ কৰ জানিব পাৰিলে চৰকাৰী কৰ্মচাৰীসকলে সেইবোৰ নষ্ট কৰি দিছিল । সেইকাৰণে মহাত্মা গান্ধীয়ে ১৯৩০ চনৰ ১২ মাৰ্চ তাৰিখে সবৰমতী আশ্ৰমৰ পৰা সাগৰৰ পাৰৰ দাণ্ডিলৈ যাত্ৰা আৰম্ভ কৰিছিল । সেইকাৰণে এই যাত্ৰাক দাণ্ডিযাত্ৰা বুলি কোৱা হয় । এই কাৰ্যসূচীৰ উদ্দেশ্য হল লোণ আইন ভংগ কৰা। মহাত্মা গান্ধীয়ে ৭৮ জন অনুগামীক লগত লৈ ২০০ মাইল পদযাত্ৰা কৰি ২৪ দিনৰ অন্তত দাণ্ডিত উপস্থিত হৈছিল । এপ্ৰিল মাহৰ ৬ তাৰিখে মহাত্মা গান্ধীয়ে লোণ আইন ভংগ কৰিছিল । ইংৰাজৰ চৰকাৰে মহাত্মা গান্ধী আৰু জৱাহৰ লাল নেহৰু আদি সমূহ নেতাক কংগ্ৰেছৰ নেতাসকলক গ্ৰেপ্তাৰ কৰি কাৰাগাৰত আৱদ্ধ কৰি ৰখা হৈছিল । ইয়াৰ লগতে গোটেই দেশখনতে হৰতাল, শোভাযাত্ৰা, বিদেশী সামগ্ৰী বৰ্জন, কৰ-কাটল নিদিয়া, ভাৰতীয় লোকসকলক কোনো কাৰ্য গ্ৰহণ নকৰা আদি আছিল এই আন্দোলনৰ প্ৰধান কাৰ্যসূচী ।
 
৪। আজাদ হিন্দ ফৌজ 

উত্তৰঃ  আজাদ হিন্দ ফৌজৰ প্ৰকৃত প্ৰতিষ্ঠাপক জন আছিল কেপ্তেইন মোহন সিঙ । কেপ্তেইন মোহন সিভ প্ৰথমতে বৃটিছ ভাৰতৰ সেনাবাহিনীৰ এজন কেপ্তেইন আছিল । ডিচেম্বৰ মাহত  মালয় আক্ৰমণত বৃটিছ সেনাবাহিনীৰ পৰাজয় হয় । ইয়াৰ ফলত কেপ্তেইন মোহন সিঙে কেইজনমান সৈনিক লগত লৈ পলায়ন কৰে । পিছলৈ তেওঁ জাৰ্মান সৈনিকৰ ওচৰত আত্মসমৰ্পণ কৰে । জাৰ্মানী সৈনিকৰ পৰামৰ্শ অনুসৰি মোহন সিঙে যুদ্ধ বন্দী ভাৰতীয় সৈনিকসকলক লৈ এটা সেনাদল গঠন কৰিছিল । এই সেনাবাহিনীটোৱেই আছিল আজাদ হিন্দ ফৌজ বা Indian National Army. ভাৰতীয় জাতীয় আন্দোলনৰ কাৰ্যত অসন্তুষ্ট হৈ ১৯৪১ চনৰ মাৰ্চ মাহত সুভাষ চন্দ্ৰ বসুৱে গোপনে ভাৰতৰ পৰা পলায়ন কৰি ছোভিয়েট ইউনিয়নত উপস্থিত হয় । ৰাছিয়াই দ্বিতীয় বিশ্বযুদ্ধত ইংলেণ্ডৰ পক্ষত যোগদান কৰাৰ বাবে সুভাষ চন্দ্ৰ বসুৱে ৰাছিয়াৰ সহায় পোৱা আশা বাদ দি জাৰ্মান ৰাষ্ট্ৰত উপস্থিত হয় । জাপানৰ প্ৰধানমন্ত্ৰী টুজুৱে তেওঁক আদৰ আৰু অভ্যৰ্থনা জনাই ঘোষণা কৰিছিল যে ভাৰতৰ ৰাজনৈতিক মুক্তিৰ বাবে যথাসাধ্য সহায় কৰিব ।সুভাষ চন্দ্ৰ বসুৱে টকিঅৰ পৰাই ভাৰতবৰ্ষৰ স্বাধীনতাৰ পৰিকল্পনাৰ কথা প্ৰচাৰ কৰে । ইয়াৰ লগে-লগে দক্ষিণ-পূব এছিয়া এটা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । ১৯৪৩ চনৰ ২৫ আগষ্টত সুভাষ চন্দ্ৰ বসুৱে আজাদ হিন্দ ফৌজ বা ভাৰতীয় জাতীয় বাহিনীৰ সৰ্বাধিনায়কৰ পদ গ্ৰহণ কৰে । আজাদ হিন্দ ফৌজক প্ৰধানকৈ তিনিটা ব্ৰিগেডত ভাগকৰা হৈছিল । সেই ভাগকেইটা হল গান্ধী, আজাদ আৰু নেহৰু । মহিলাসকলক লৈ ৰাণী ঝান্সী নামৰ এটা মহিলা ব্ৰিগেড গঠন কৰা হয় । ১৯৪৪ চনৰ জানুৱাৰী মাহত নেতাজীয়ে ৰেংগুনত প্ৰধান সামৰিক দপ্তৰ প্ৰতিষ্ঠা কৰে । ইয়াৰ পিছতে আৰম্ভ হৈছিল আজাদ হিন্দ ফৌজৰ ভাৰত অভিযান । আজাদ হিন্দ ফৌজৰ সৈনিকসকলে ১৯৪৪ চনৰ মাৰ্চ মাহত ভাৰতৰ প্ৰায় ১৫০ কিলোমিটাৰ ভিতৰলৈ সোমাই আহিছিল । 

৫। পুনা চুক্তি
 
উত্তৰঃ পুনা চুক্তি আছিল দলিতসকলৰ হৈ মহাত্মা গান্ধী, ফাৰাজ শ্বাহ, ছানা এজাজ আৰু বি আৰ আম্বেদকাৰ, হতাশাগ্ৰস্ত শ্ৰেণী, আৰু উচ্চ বৰ্ণৰ হিন্দু নেতাসকলৰ মাজত 1932 চনত ব্ৰিটিছ ভাৰতৰ আইনসভাত হতাশাগ্ৰস্ত শ্ৰেণীৰ বাবে নিৰ্বাচনী আসন সংৰক্ষণৰ ক্ষেত্ৰত এক চুক্তি। ইয়াক ১৯৩২ চনৰ ২৪ ছেপ্টেম্বৰত ভাৰতৰ পুনাৰ য়েৰৱাড়া কেন্দ্ৰীয় কাৰাগাৰত নিৰ্মাণ কৰা হৈছিল। ইয়াত আম্বেদকাৰে হতাশাগ্ৰস্ত শ্ৰেণীৰ হৈ আৰু হিন্দুসকলৰ হৈ মদন মোহন মালৱীয়ই স্বাক্ষৰ কৰিছিল, ফাৰাজ শ্বাহ, ছানা এজাজ আৰু গান্ধীৰ হৈ[2] ব্ৰিটিছ প্ৰধানমন্ত্ৰী ৰামছে মেকডনাল্ডে ব্ৰিটিছ প্ৰাদেশিক বিধানসভাৰ নিৰ্বাচনৰ বাবে হতাশাগ্ৰস্ত শ্ৰেণীসমূহক পৃথক ভোটাৰ দিয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে গান্ধীয়ে কাৰাগাৰত কৰা উপবাস সমাপ্ত কৰাৰ উপায় হিচাপে। তেওঁলোকে অৱশেষত ১৪৮ খন নিৰ্বাচনী আসনত সন্মত হৈছিল। [3] মেকডনাল্ডৰ পৃথক ভোটাৰৰ দ্বাৰা আগবঢ়োৱা আসনতকৈ পুনা চুক্তিৰ অধীনত হতাশাগ্ৰস্ত শ্ৰেণীৰ বাবে প্ৰায় দুগুণ আসন সংৰক্ষিত আছিল। 

৬। ৰাওলাট আইন 

উত্তৰঃ অসহযোগ আন্দোলন সৃষ্টি কৰা এটা মুল কাৰণ হল ৰাওলাট আইন । চাৰ ছিডনী ৰাওলাটৰ নেতৃত্বত এই আইন গঠন কৰা হয় । এই আইন গঠন কৰা হৈছিল ১৯১৯ চনৰ ১৮ মাৰ্চ তাৰিখে । এই আইনৰ প্ৰধান উদ্দেশ্য হল  সন্দেহৰ ওপৰত ভিত্তিত কোনো লোকক আটক কৰাৰ অধিকাৰ প্ৰদান কৰা হৈছিল । এই আইন কাৰ্যকৰী কৰাত মহাত্মা গান্ধীৰ লগতে জাতীয়তাবাদী নেতাসকলো ক্ষুন্ন হৈ পৰিছিল । এই বৈষম্য আইনৰ বিৰুদ্ধে সমগ্ৰ ভাৰততে প্ৰদৰ্শন কৰা হৈছিল ।
মহাত্মা গান্ধীয়ে এই আইনৰ প্ৰতিবাদ কৰি ১৯১৯ চনৰ ৩০ মাৰ্চত সৰ্বাত্মক বা সকলোতে বন্ধ  ঘোষণা কৰে । পিছলৈ এই আন্দোলন ৬ এপ্ৰিললৈ পিছুৱাই দিয়া হয় । ইয়াৰ ফলত সমগ্ৰ উত্তৰ আৰু পশ্চিম ভাৰত তল পৰি গৈছিল । 

৭। জালিয়ানৱালাবাগৰ হত্যাকাণ্ড

উত্তৰঃ  অসহযোগ আন্দোলন হোৱাৰ এটা প্ৰধান উদ্দেশ্য হল জালিয়ানবালাবাগৰ হত্যাকাণ্ড । পঞ্জাৱৰ প্ৰধান শাসক মাইকেল ডায়াৰৰ নিৰ্দেশত ১৯১৯ চনৰ ১০ এপ্ৰিল তাৰিখে পঞ্জাৱৰ দুজন জনপ্ৰিয় নেতা ডঃ সত্যপাল আৰু আৰু ডঃ চৈফুদ্দিন কিছলুক একো কাৰণ নোহোৱাকৈ গ্ৰেপ্তাৰ কৰিলে । গ্ৰেপ্তাৰ কৰাৰ পিছতে দুয়োজন নেতাক কোনো নিৰ্জন ঠাইলৈ লৈ যোৱা হৈছিল । এই গ্ৰেপ্তাৰৰ বিৰুদ্ধে পঞ্জাৱত এটা ভয়ানক হিংসাত্মক কাণ্ডই দেখা দিছিল । ১৯১৯ চনৰ ১৩ এপ্ৰিলৰ দিনা বিহুৰ লগত ৰাখি পঞ্জাৱৰ অমৃতসৰত জালিৱানৱালাবাগ নামৰ এখন ডাঙৰ খেলপথাৰত এখন বিশাল সভাৰ আয়োজন কৰিছিল । খেলপথাৰখনৰ তিনিফালে অট্টালিকাৰে আবৃত হৈ আছিল । আৰু প্ৰৱেশদ্বাৰ মাত্ৰ এখনেই আছিল । এই বিশাল জনসভাত বহুতো মানুহৰ উপস্থিতি হৈছিল । ডায়াৰে সভা বন্ধ নকৰাৰ কোনো আগজাননী নিদিয়াকৈ তাত বহি থকা জনসাধাৰণৰ ওপৰত গুলী চলাবলৈ নিৰ্দেশ দিয়ে । ইয়াৰ ফলত চৰকাৰী হিচাপমতে ইয়াত নিহত হোৱা মানুহৰ সংখ্যা আছিল ৩৭৯ জন । আৰু ১,২০৮ জন লোক আহত হৈছিল । বেচৰকাৰী তথ্য অনুসৰি ইয়াত নিহত মানুহৰ সংখ্যা আছিল ১৪০০ ৰো অধিক । জালিয়ানৱালাবাগ আছিল এটা বৃটিছৰ কলা অধ্যায় ।
এই ঘটনাৰ কাৰ্যাৱলী সকলোতে বিয়পি পৰিছিল । বহুতো জাতীয়তাবাদী নেতাই এই ঘটনাৰ তদন্ত কৰিব বিচাৰিছিল আৰু তেওঁলোকে বিচাৰিছিল ডায়াৰক শাস্তি দিয়াতো । কিন্তু বৃটিছৰ চৰকাৰে ডায়াৰক উচ্চ পদবীহে দিছিল । ইয়াৰ প্ৰতিবাদস্বৰূপে ৰবীন্দ্ৰনাথ ঠাকপৰে ব্ৰিটিছ চৰকাৰে দিয়া নাইট উপাধি তেওঁলোকক উভতাই দিছিল । 

৮। হোমৰুল আন্দোলন 
উত্তৰঃ  প্ৰথম বিশ্বযুদ্ধ চলি থকাৰ সময়তে বাল গংগাধৰ তিলক আৰু এনী বেচান্তৰ নেতৃত্বত দুটা হোম ৰুল লীগ নামৰ এটা ৰাজনৈতিক সংগঠন গঢ় লৈ উঠিছিল । ১৯১৬ চনৰ ২৮ এপ্ৰিল তাৰিখৰ পৰা ১৯১৮ চনলৈ প্ৰায় ২ বছৰ ধৰি এই আন্দোলন চলি আছিল । তিলকে গঠন কৰা হোম ৰুল লীগৰ কেন্দ্ৰ আছিল পুনা । এই হোম ৰুল লীগ গঠন হোৱাৰ পিছত এনী বেচান্তে এক ছেপ্তেম্বৰ তাৰিখে আন এটা হোম ৰুল লীগ গঠন কৰিছিল । ইয়াৰ প্ৰধান কেন্দ্ৰ আছিল মাদ্ৰাজ । এই দুয়োটা সংগঠনে বিশ্বযুদ্ধ সময়ছোৱাতক স্বায়ত্ব শাসন গঠন হোৱাৰ বাবে জোৰ দিছিল । এনী বেচান্তে ইয়াৰ আদৰ্শ প্ৰচাৰ কৰিবৰ কাৰণে New India আৰু Commonweal নামৰ দুখন বাতৰি কাকত প্ৰকাশ কৰিছিল । 

৯। চৌৰিচৌৰাৰ ঘটনা 

উত্তৰঃ ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ চৌৰিচৌৰাত নামৰ ঠাইত এটা হিংসাত্মক আন্দোলন সংঘটিত হৈছিল । এই আন্দোলনৰ সময়ত বৃটিছৰ ২২ গৰাকী পুলিছক অগ্নিসংযোগ কৰি হত্যা কৰা হৈছিল ।  এই ঘটনাত মহাত্মা গান্ধী অহিংস আন্দোলনৰ বিৰোধ আছিল । অসহযোগ আন্দোলনৰ ফলত মহাত্মা গান্ধীয়ে এই আন্দোলনৰ কাৰ্যসুচী পিছুৱাই দিছিল । বহুতো নেতাই এই সিদ্ধান্ত মানি লব পৰা নাছিল । ১৯২২ চনৰ ডিচেম্বৰ মাহত কংগ্ৰেছৰ গয়া অধিৱেশনত চিত্তৰঞ্জন দাসৰ নেতৃত্বত এচাম কংগ্ৰেছৰ নেতাই দল পৰিত্যাগ কৰি ওলাই যায় । ১৯২৩ চনৰ ১ জানুৱাৰী তাৰিখে চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰুৰ নেতৃত্বত স্বৰাজ পাৰ্টী গঠন কৰা হয় । এই দলে ৰাজনৈতিক বন্দীৰ মুক্তি, দমনমূলক আইনৰ প্ৰত্যাহাৰ প্ৰাদেশিক স্বায়ত্ব শাসন আদিৰ দাবী জনাইছিল । ১৯২৫ চনত চিত্তৰঞ্জন দাসৰ মৃত্যু হোৱাত এই দলৰ যথেষ্ট ক্ষতিসাধন হয় । এই সময়তে এই আন্দোলনৰ সমাপ্তি ঘটে । 

১০। বাওপন্থী আন্দোলন 

উত্তৰঃ ঃ   ১৯২০ চনৰ পৰা ভাৰতবৰ্ষত বাওপন্থী আন্দোলনৰ সূচনা হয় । অসহযোগ আন্দোলনৰ পিছৰ পৰাই ভাৰতবৰ্ষত ৰুছ বিপ্লৱৰ আৰু মাক্সবাদৰ প্ৰভাৱ পৰে । জৱাহৰ লাল নেহৰু, সুভাষ চন্দ্ৰ বসু, এম এন ৰায়ৰ দৰে নেতাসকলে ভাৰতৰ বিভিন্ন ঠাইত ঘুৰি বাওপন্থী বা সমাজবাদী আদৰ্শৰ প্ৰচাৰৰ লগত জড়িত হৈ পৰিছিল । ১৯২৭ চনৰ পিছত গোটেই ভাৰতত বহুতো দেশৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱনেতাসকলে এটা সংগঠন গঢ়ি উঠিছিল । এই সংগঠনটোৰ নাম হল যুৱ সংগঠন ।  ১৯৩৮ আৰু ১৯২৯ চনৰ ভিতৰত গোটেই দেশত এশকতকৈ অধিক যুৱ সন্মিলন অনুষ্ঠিত হৈছিল । বিশ্ব-অৰ্থনীতিৰ বিপৰ্যয়ৰ প্ৰভাৱ ভাৰতৰ অৰ্থনীতিৰ ওপৰতো পৰিছিল । কৃষিজাত সামগ্ৰীৰ মূল্য বহুত কমি গৈছিল । এনে পৰিস্থিতিৰ সুযোগ লৈ জমিদাৰ, কৃষক, তালুকদাৰ, আৰু ধনী কৃষকসকলে ভূমিহীন আধিদাৰসকলক শোষণ কৰিছিল । কল-কাৰখানাৰ মালিকসকলে শ্ৰমিকসকলৰ মজুৰি কমাব বিচাৰি আছিল । ভাৰতৰ সাম্যবাদী আন্দোলনৰ মূল পৃষ্ঠপোষক আছিল মানৱেন্দ্ৰনাথ ৰায় । তেওঁৰ প্ৰকৃত নাম আছিল নৰেন্দ্ৰনাথ  ভট্টাচাৰ্য । জৱাহৰ লাল নেহৰু আৰু সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত Independence League গঠন কৰা হৈছিল । অসহযোগ আন্দোলনৰ পৰাই ভাৰতত মাক্সদৰ্শনৰ আধাৰত সমাজবাদী এটা দল গঠনৰ ভাৱ জাগি উঠিছিল ।

ৰচনাধৰ্মী প্ৰশ্নোত্তৰ 

১। অসহযোগ আন্দোলনৰ প্ৰধান কাৰ্যসূচীসমূহ আলোচনা কৰা ।

উত্তৰঃ  অসহযোগ আন্দোলন ১৯২০ চনত হৈছিল ।এই আন্দোলনৰ প্ৰধান কাৰ্যসূচীসমূহ হল
 
১।বৃটিছ চৰকাৰে প্ৰদান কৰা সকলোধৰণৰ উপাধি আৰু পদবীসমূহ ত্যাগ কৰা ।

২। চৰকাৰী শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰা ।

৩। আদালত বৰ্জন কৰা ।

৪। গোটেই দেশতে সত্য আৰু অহিংসাৰ নীতি গ্ৰহণ কৰা ।

৫। জাতীয় প্ৰতিষ্ঠান বা শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰা ।

৬। ক্ষুদ্ৰ উদ্যোগৰ বিকাশ কৰা ।

৭। সাম্প্ৰদায়িক সম্প্ৰীতি বৃদ্ধি কৰা ।

৮। ন্যায় পঞ্চায়ত গঠন কৰা । 

৯। অস্পৃশ্যতা আৰু জাতিভেদ প্ৰথা অন্ত পেলোৱা ।

১০ । সকলোধৰণৰ বিদেশী সামগ্ৰী বৰ্জন কৰা ।


২। অসহযোগ আন্দোলনৰ কাৰণসমূহ বহলাই আলোচনা কৰা ।

উত্তৰঃ  অসহযোগ আন্দোলনৰ কাৰণসমূহ হল 

ক) ৰাওলাট আইন ।

খ) জালিয়াৱালাবাগৰ হত্যাকাণ্ড ।

গ) খিলাফত সমস্যা ।

অসহযোগ আন্দোলন হোৱাৰ প্ৰধান কাৰণ আছিল ৰাওলাট আইন । এই আইন ১৯১৯ চনৰ ১৮ মাৰ্চ তাৰিখে প্ৰণয়ন কৰা হৈছিল । চাৰ চিডনী ৰাওলাটৰ নেতৃত্বত এই আইন গঠন কৰা হৈছিল । এই আইনৰ মতে সন্দেহৰ ওপৰত নিৰ্ভৰ কৰি যিকোনো লোকক আটক কৰাৰ অধিকাৰ চৰকাৰক দিয়া হয় । তাৰোপৰি এই আইনখনে বিনাবিচাৰে নিৰ্দিষ্ট সময়ৰ  বাবে বন্দী কৰি ৰখাৰ অনুমতি চৰকাৰক দিয়া হয় । এই কাৰ্যত মহাত্মা গান্ধীৰ লগতে আন জাতীয়তাবাদী নেতাসকলো ক্ষুন্ন হৈ পৰিছিল । মহাত্মা গান্ধীয়ে এই আইনৰ প্ৰতিবাদ কৰিছিল । 

অসহযোগ আন্দোলন হোৱাৰ আন এটা প্ৰধান কাৰণ আছিল জালিয়ানৱালাবাগৰ হত্যাকাণ্ড । ৰাওলাট আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰাত পঞ্জাৱৰ বৃটিছ কৰ্মচাৰীজন অধিক ক্ষুন্ন হৈ পৰিছিল । ভাৰতৰ দুজন প্ৰখ্যাত নেতা ছাইফুদ্দিন কিছলো আৰু ডঃ সত্যপালক বৃটিছ চৰকাৰে আটক কৰি এডোখৰ নিৰ্জন ঠাইলৈ লৈ যায় । এই দুজন নেতাক আটক কৰি নিয়াৰ ফলত সমগ্ৰ জনসাধাৰণে প্ৰতিবাদ কৰিছিল । ইয়াৰ বিৰুদ্ধে পঞ্জাৱত ভয়ংকৰ প্ৰতিবাদো আৰম্ভ হৈছিল । পঞ্জাৱৰ মুখ্য শাসক জেনেৰেল ডায়াৰৰ নিৰ্দেশ মতে ১০ এপ্ৰিল তাৰিখে বহাগ বিহুৰ লগত সংগতি ৰাখি পঞ্জাৱৰ অমৃতসৰ নামৰ ঠাইত এখন বিশাল জনসভাৰ আয়োজন কৰা হৈছিল । জালিয়ানৱালাবাগ হৈছে এখন ডাঙৰ খেলপথাৰ । এই খেলপথাৰখনৰ তিনিফালে ডাঙৰ ডাঙৰ অট্টালিকাৰে ভৰি আছিল । ইয়াত প্ৰৱেশ কৰা বাট মাত্ৰ এটায়ে আছিল । বৃটিছ চৰকাকে যিখন সভাৰ আয়োজন কৰিছিল সেই সভাখনত বহুতো মানুহৰ সমাগম হৈছিল । ডায়াৰে সভা বন্ধ কৰাৰ আগজাননী নিদিয়াকৈয়ে তাত উপস্থিত থকা জনসাধাৰণৰ ওপৰত গুলী চলাবলৈ আৰম্ভ কৰিলে । তাৰ ফলত চৰকাৰী হিচাপ অনুসৰি ৩৭৯ জন মানুহৰ মৃত্যু হৈছিল আৰু ১,২০৮ জন লোক আহত হৈছিল । বেচৰকাৰী তথ্য অনুসৰি নিহত হোৱা লোকৰ সংখ্যা আছিল ১৪০০ৰো অধিক । বৃটিছ চৰকাৰে জেনেৰেল ডায়াৰক উচ্চ পদবীলৈ পদোন্নতিহে কৰিছিল ।  ইয়াৰ প্ৰতিবাদতে ৰবীন্দ্ৰনাথ ঠাকুৰে বিট্ৰিছ চৰকাৰে প্ৰদান কৰা নাইট উপাধি ত্যাগ কৰিছিল । 

অসহযোগ আন্দোলন হোৱাৰ শেষৰটো কাৰণ হল খিলাফত সমস্যা । খলিফাৰ পদটো আকৰ্ষণীয় কৰি ৰাখিবৰ কাৰণে দাবী জনাই দুজন ভাই-ককাই মহম্মদ আলী আৰু চৌকত আলীয়ে খিলাফত আন্দোলন আৰম্ভ কৰিছিল । মহাত্মা গান্ধীয়ে আশা কৰিছিল যে হিন্দু-মুছলমান একলগ হলে অতি সোনকালে ইংৰাজ শাসনৰ শেষ কৰিব পৰা যাব । সেয়েহে তেোঁ খিলাফত আন্দোলনক অসহযোগ আন্দোলনৰ লগত লগ কৰিছিল । ১৯২০ চনৰ জুন মাহত এলাহাবাদত অনুষ্ঠিত সৰ্বদলীয় সন্মিলনত স্কুল কলেজ , আদালত আদি বৰ্জন কৰাৰ সিদ্ধান্ত লোৱা হয় । 


৩। ভাৰত ত্যাগ আন্দোলনক কিয় গণ আন্দোলন বুলি কোৱা হয় ।

উত্তৰঃ  ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলন আছিল স্বাধীনতা সংগ্ৰামৰ ইতাহাসত এটা অতি গুৰুত্বপূৰ্ণ ঘটনা । এই আন্দোলন আগষ্ট মাহত হৈছিল কাৰণ ইয়াক আগষ্ট বিপ্লৱ বুলি কোৱা হয় । ক্ৰিপছ মিছন অহাৰ উপৰিও ব্ৰহ্মদেশত ভাৰতীয় লোকসকলৰ প্ৰতি হোৱা অমানবীয় অত্যাচাৰ, জাপানৰ ভাৰত আক্ৰমণ, ভাৰতবৰ্ষৰ জনসাধাৰণৰ দুখলগা অৱস্থা, পূব বংগত বৃটিছে চলোৱা ভীতি আৰু সন্ত্ৰাস আদিৰ ফলত ভাৰতৰ জনসাধাৰণে আৱ্দোলন সৃষ্টি কৰাত উঠি-পৰি লাগিছিল । ভাৰতবৰ্ষৰ জনসাধাৰণক সচেতন কৰিবৰ কাৰণে মহাত্মা গান্ধীয়ে হৰিজন কাকতত তেওঁৰ যিবোৰ চিন্তা-ধাৰা আছিল সেইবোৰ প্ৰকাশ কৰিছিল । ১৯৪২ চনত মহাত্মা গান্ধীয়ে হৰিজন নামৰ বাতৰি কাকতৰ যোগেদি ইংৰাজসকলক ভাৰত ত্যাগ কৰিবলৈ আহ্বান জনাইছিল । তেও  কৈছিল যে ইংৰাজৰ শত্ৰু হোৱাৰ কাৰণেহে জাপানে ভাৰতবৰ্ষ আক্ৰমণ কৰাৰ সুযোগ পাইছিল । গতিকে ইংৰাজে ভাৰত ত্যাগ কৰিলে জাপানৰ ভাৰত আক্ৰমণৰ কোনো কাৰণ নাথাকিব বা কাৰণ নাইকিয়া হব । সেইকাৰণে ১৯৪২ চনৰ  ১৪ জুলাইত ৱাৰ্ধাত কংগ্ৰেছৰ কাৰ্যনিৰ্বাহকবৈঠকত বৃটিছৰ ভাৰত ত্যাগৰ প্ৰস্তাৱ লোৱা হৈছিল । ইয়াৰ পিছতে আগষ্ট মাহৰ ৮ তাৰিখে আবুল কালাম আজাদৰ সভাপতিত্বত অনুষ্ঠিত বোম্বে অধিৱেশনত ভাৰত ত্যাগৰ প্ৰস্তাৱ গৃহিত কৰা হয়। সেই সময়ত ছাত্ৰ সমাজে প্ৰয়োজন হলে স্বাধীনতা যুদ্ধত অংশগ্ৰহণ কৰিব বুলি কৈছিল । মহাত্মা গান্ধীয়ে দেশবাসীক উদ্দেশ্য কৰি কৈছিল যে কৰিম নহয় মৰিম । 

আন্দোলন আৰম্ভ কৰাৰ প্ৰাকমূহুৰ্ততে ইয়াক দমন কৰিবলৈ চৰকাৰে মহাত্মা গান্ধী, জৱাহৰ লাল নেহৰু, আবুল কালাম আজাদ, চৰ্দাৰ বল্লভভাই পেটেল,আদি প্ৰধান নেতাকেইজনক গ্ৰেপ্তাৰ কৰি লৈ যায়। লগতে কংগ্ৰেছৰ সমিতিসমূহক বে-আইনী বুলি কোৱা হৈছিল । কিন্তু বৃটিছ চৰকাৰৰৰ ধাৰণাটো ভূল আছিল । কাৰণ ভাৰতৰ প্ৰধান নেতাকেইজনক বন্দী কৰি নিয়াৰ পাছত বৃটিছ চৰকাৰে ভাৱিছিল বিদ্ৰোহ কমি যাব বুলি । কিন্তু বিদ্ৰোহ অধিক বৃদ্ধি হবলৈহে ধৰিলে । নেতাসকলক মুকলি কৰি দিবৰ কাৰণে বৃটিছৰ কৰ্মচাৰীক খাটনি ধৰিছিল । সেই সময়ত ৰাস মনোহৰ লোহিয়া,অৰুণা আচফ আলী, আদি নেতাসকলে আত্মগোপন কৰি আন্দোলন আগবঢ়াই নিয়াত সফল হৈছিল । বৃটিছ চৰকাৰে গুলীচালনা, সম্পত্তি বাজেয়াপ্ত, জেল, জৰিমনা,আদি কঠোৰ নীতিয়ে আন্দোলন দমন কৰিব বিচৰা হৈছিল । ইয়াৰ ফলত আন্দোলনে এটা চৰম সীমাৰ ৰূপ লৈছিল । তাৰোপৰি ভাৰতীয়নেতাসকলে ৰেইলাইন বিচ্ছিন্ন কৰা, দলঙত অগ্নিসংযোগ কৰা, ৰেল লাইন উঠোৱা, চৰকাৰী কাৰ্যালয়ত অগ্নি সংযোগ কৰা, আদি বিভিন্ন ধ্বংসাত্মক কাৰ্যত আন্দোলনত লিপ্ত হৈছিল । বৃটিছৰ চৰকাৰে কঠোৰ হাতেৰে বিদ্ৰোহ দমন কৰিছিল । পুলিচআৰু সামৰিক বাহিনীৰ গুলীত প্ৰায় ১০,০০০তকৈও অধিক লোকৰ মৃত্যু হৈছিল । অসমৰ গোলাঘাট জিলাৰ কুশল কোঁৱৰক ৰেল বগৰোৱাৰ অপৰাধত যোৰহাট কাৰাগাৰত ফাচি কাঠত ওলোমোৱা হৈছিল । কুশল কোৱৰে আছিল ভাৰতত্যাগ আন্দোলনৰ সময়ত ফাচী কাঠত ওলোমা প্ৰথমজন ভাৰতীয় ব্যক্তি। 


৪। ভাৰতৰ স্বাধীনতা সংগ্ৰামত গান্ধীজীৰ ভূমিকা আলোচনা লিখা ।

উত্তৰঃ ভাৰতৰ স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীৰ ভূমিকা আছিল অতি গুৰুত্বপূৰ্ণ । মহাত্মা গান্ধীয়ে ১৯১৯ চনৰ পৰা ভাৰতৰ স্বাধীনতা আন্দোলনত বা জাতীয় কংগ্ৰেছৰ লগত জড়িত হৈ পৰিছিল । ১৯১৯ চনৰ পৰা ১৯৪৭ চনলৈ এই সময়ছোৱাক স্বাধীনতা সংগ্ৰামৰ ইতিহাসত গান্ধীৰ যুগ বুলি কোৱা হৈছিল । স্বাধীনতা আন্দোলনৰ সময়ছোৱাত মহাত্মা গান্ধীয়ে জাতীয়আন্দোলনতকৃষক, শ্ৰমিক, ছাত্ৰ, মহিলা, উকীল আদি সকলো শ্ৰেণীৰ স্বাৰ্থৰ কথা লক্ষ্য কৰি কৰ্মপদ্ধতি অটুট ৰাখিছিল । মহাত্মা গান্ধী আছিল আত্মিক বা ৰাজনৈতিক নেতা হোৱাৰ লগতে এগৰাকী বিখ্যাত পণ্ডিতো আছিল । মহাত্মা গান্ধীৰ আন্দোলন কৰাৰ মূল অস্ত্ৰ হল সত্যাগ্ৰহ আৰু অহিংসা। তেোঁ ভাৰতবৰ্ষৰ জনসাধাৰণক পাচটা অভ্যাসত অধিক গুৰুত্ব দিবলৈ কৈছিল । এইকেইটা হল সুতা কটা, মাদক দব্য নিবাৰণ কৰা, অস্পৃশ্যতা বৰ্জন কৰা, হিন্দু-মুছলমানৰ মাজত একতা স্থাপন কৰা, আৰু নাৰীসকলক পুৰুষৰ সমানে সমান মৰ্যাদা দিয়া । মহাত্মা গান্ধীয়ে স্বাধীনতা কৰাৰ মূল কাৰণ হল বৃটিছক আমাৰ ভাৰতবৰ্ষৰ পৰা খেদি পঠোৱা । বৃটিছৰ চৰকাৰে ভাৰতীয় লোকসকলৰ ওপৰত জাপি দিয়া লোণ কৰৰ প্ৰতিবাদততেওঁ ২০০ মাইল যাত্ৰা কৰি দাণ্ডিত উপস্থিত হৈ নিমখ প্ৰস্তুত কৰিছিল । আৰু লগতে বৃটিছৰ লোণ আইন অমান্
য কৰিছিল । মহাত্মা গান্ধীয়ে কৃষকৰ কাৰণে ভূমি ৰাজহৰ আদায় নিদিয়াৰ কাৰ্যসূচী জাতীয় আলোচনাত নামভূক্তি কৰিব বিচাৰিছিল । ইয়াৰ কাৰণে তেওঁ বৃটিছৰ অৰ্থনীতি দুৰ্বল কৰিব বিচাৰি আছিল । মহাত্মা গান্ধীয়ে ছাত্ৰ-ছাত্ৰীসকলক স্কুল-কলেজ বৰ্জন কৰিবলৈ আহ্বান জনাইছিল । মহাত্মা গান্ধীয়ে আন্দোলনৰ প্ৰধান অস্ত্ৰ হিচাপে পূৰ্বৰ পৰা চলি অহা বৰ্জন আৰু স্বদেশী কাৰ্যসূচীৰ লগত কিছুমান নতুন কাৰ্যসূচী লগ কৰিছিল । তেওঁ লগ কৰা কাৰ্যসূচীসমূহ হল  সত্যাগ্ৰহ, অসহযোগ, আইন অমান্য, প্ৰতিবাদ, শোভাযাত্ৰা, ধৰ্ণা আদি । তাৰোপৰি মহাত্মা গান্ধীয়ে জনসাধাৰণৰ মাজত একতা আৰু ভাতৃত্ববোধ আৰু মানৱতাবোধ ভাৱ জগাই তোলাত আগভাগ লৈছিল । মহাত্মা গান্ধীৰ মতে হিংসাৰ দ্বাৰা কোনো ফল পাব নোৱাৰি, যিকোনো এটা ভাল ফল পাবলৈ হলে অহিংসা আৰু আৰু কষ্ট মুৰ পাতি লব লগা হয় ।


৫। আইন-অমান্য আন্দোলনৰ ওপৰত এটি টোকা লিখা ।

উত্তৰঃ আইন অমান্য আন্দোলন সংঘটিত হৈছিল ১৯৩০ চনত । এই আন্দোলনৰ নেতৃত্ব দিছিল মহামানৱ মহাত্মা গান্ধীয়ে । লাহোৰৰ অধিৱেশনত গ্ৰহণ কৰা পূৰ্ণ স্বৰাজৰ দাবী বৃটিছৰ চৰকাৰে গ্ৰহণ নকৰাত ১৯৩০ চনত মহাত্মা গান্ধীয়ে আইন অমান্য আন্দোলনৰ সূচনা কৰিছিল । আইন-অমান্য আন্দোলন সৃষ্টি কৰাৰ প্ৰধান কাৰণ আছিল ছাইমন কমিছন ।  ইংৰাজৰ চৰকাৰে ভাৰতৰ জনসাধাৰণৰ সমস্যা সমাধান কৰিবৰ কাৰণে ১৯২৭ চনত ছাইমন কমিছনক ভাৰতবৰ্ষলৈ পঠাই দিছিল । ছাইমন কমিছনে কৈছিল যে ভাৰতবৰ্ষৰ জনসাধাৰণে কাৰণে এখন প্ৰতিনিধি সভা অনুষ্ঠিত কৰিব। সমস্যাসমূহৰ বিষয়ে বৃটিছ চৰকাৰে আলোচনা কৰিব । ভাইচৰয়ৰ এইটো কথাই মহাত্মা গান্ধীক অসন্তুষ্ট কৰিছিল । সেইকাৰণে ভাৰতৰ জনসাধাৰণৰ কাৰণে আন্দোলনৰ সিদ্ধান্ত লৈছিল। 

আইন অমান্য আন্দোলন হোৱাৰ প্ৰধান কাৰণ হল দাণ্ডিযাত্ৰা । মাত্মা গান্ধীয়ে লোণ আইন ভংগ কৰিবৰ কাৰণে দাণ্ডিযাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰিছিল । লোণ আইনে চৰকাৰক লোণ তৈয়াৰ কৰা আৰু বিক্ৰী কৰাৰ কাৰণে একক অধিকাৰ দিছিল । বৃটিছৰ চৰকাৰে নিমখৰ দামো অলপ বৃদ্ধি কৰিছিল । ভাৰতীয়  জনসাধাৰণক নিমখ তৈয়াৰ কৰিবৰ বাবে অনুমতি দিয়া হৈছিল । মহাত্মা গান্ধীয়ে ১৯৩০ চনৰ ১২ মাৰ্চ তাৰিখে সবৰমতী আশ্ৰমৰপৰা সাগৰৰ পাৰলৈ দাণ্ডিলৈ যাত্ৰা আৰম্ভ কৰিছিল । এই কাৰ্যসূচীৰ প্ৰধান উদ্দেশ্য আছিল লোণ আইন ভংগ কৰা । মহাত্মা গান্ধীয়ে ৭৮ জন লোকক লগত লৈ ২০০ মাইল যাত্ৰা কৰি ২৪ দিনৰ পিছত দাণ্ডিত উপস্থিত হৈছিল । 

আইন অমান্য আন্দোলন সৃষ্টি হোৱাৰ আন এটা প্ৰধান কাৰণ হল গান্ধ-আৰউইন চুক্তি ।  গান্ধী-আৰউইন চুক্তি সংঘটিত হৈছিল ১৯৩১ চনৰ ৫ মাৰ্চ তাৰিখে । গান্ধী-আৰউইন চুক্তি সংঘটিত হৈছিল ১৯৩১ চনৰ ৫ মাৰ্চ তাৰিখৰ পৰা ১৯৩১ চনৰ ১৭ ফেব্ৰুৱাৰী মাহলৈ ।  গান্ধী-আৰউইন চুক্তিৰ চৰ্তসমূহ হল 

১। ভাৰতবৰ্ষৰ ৰাজনৈতিক সমস্যাসমূহ সমাধানৰ কাৰণে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক ভিত্তি হিচাপে লোৱা হব ।

২। কংগ্ৰেছক দ্বিতীয় ঘুৰণীয়া মেজমেললৈ নিমন্ত্ৰণ দিয়া হব ।

৩। চলি থকা আইন-অমান্য আন্দোলন স্থগিত কৰা হব ।

৪। বৃটিছৰ পণ্যৰবৰ্জন কাৰ্যসূচী প্ৰত্যাহাৰ কৰা হব ।

৫। বিদেশী সামগ্ৰী আৰু মদৰ দোকান -পোহাৰৰ বিৰুদ্ধে ধৰ্ণা কাৰ্য চলি থাকিহ ।


৬। ভাৰত-ত্যাগ আন্দোলনৰ বিষয়ে আলোচনা কৰা ।

উত্তৰঃ  ভাৰত ত্যাগ আন্দোলন সংঘটিত হৈছিল ১৯৪২ চনত । এই আন্দোলনৰ প্ৰধান গুৰিধৰোতা আছিল মহাত্মা গান্ধী । ভাৰত ত্যাগ আন্দোলন সংঘটিত হৈছিল ১৯৪২ চনৰ আগষ্ট মাহত । সেইকাৰণে এই আন্দোলনক আগষ্ট বিপ্লৱ বুলি কোৱা হয় । ক্ৰিপচ মিছন বিফল হোৱাৰ কাৰণে ভাৰতবৰ্ষ আৰু ইংলেণ্ডৰ মাজৰ সম্পৰ্কটো অৱনতি হৈছিল । ভাৰতবৰ্ষৰ জনসাধাৰণক সচেতন কৰিবৰ কাৰণে মহাত্মা গান্ধীয়ে তেওঁৰ হৰিজন নামৰ এখন কাকতত সেইবোৰ প্ৰকাশ কৰিছিল । হৰিজন নামৰ বাতৰি কাকতখনৰ যোগেদি মহাত্মা গান্ধীয়ে ইংৰাজৰ ভাৰত ত্যাগ কৰিবলৈ আহ্বান জনাইছিল । তেওঁ ভাবিছিল যে ইংৰাজে ভাৰতবৰ্ষ ত্যাগ কৰিলে জাপানৰ ভাৰতবৰ্ষ আক্ৰমণ কৰাৰ কোনো কাৰণ নাথাকিব । সেইকাৰণে ১৯৪২ চনৰ জুলাই মাহত ৱাৰ্ধাত কংগ্ৰেছৰ কাৰ্য নিৰ্বাহক বৈঠকত বৃটিছৰ ভাৰত ত্যাগ প্ৰস্তাৱ লৱা হয় । ইয়াৰ পিছত আগষ্ট মাহৰ ৮ তাৰিখে আবুল কালাম আজাদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ বোম্বেত হোৱা অধিৱেশনত ভাৰত ত্যাগৰ প্ৰস্তাৱ গৃহিত কৰা হয় ।   ভাৰত ত্যাগ আন্দোলন দমন কৰিবলৈ বৃটিছৰ চৰকাৰে মহাত্মা গান্ধী, জৱাহৰ লাল নেহৰু, আবুল কালাম আজাদ, বল্লভ ভাই পেটেল আদি কংগ্ৰেছৰ প্ৰধান নেতাকেইজনক বৃটিছৰ চৰকাৰে আটক কৰে । তাৰ লগতে এই সমিতিসমূহক বে-আইনী বুলি কোৱা হৈছিল । চৰকাৰৰ ধাৰণাটো বহুত ভূল আছিল । বৃটিছৰ চৰকাৰে প্ৰধান নেতাকেইজনক আটক কৰাৰ পিছত বিদ্ৰোহ বা আন্দোলন নাইকীয়া হব বা নোহোৱা হব । কিন্তু এই আন্দোলন অধিক হবলৈহে ধৰিলে । দেশৰ সকলো ঠাইতে শোভাযাত্ৰা, হৰতাল, আদি কৰি নেতাসকলৰ মুক্তিৰ ধ্বনি দিছিল । স্কুল-কলেজতো ধৰ্মঘট আৰম্ভ হৈছিল । বৃটিছৰ চৰকাৰে গুলীচালনা, সম্পত্তি বাজেয়াপ্ত, আদি কঠোৰ দমন নীতিয়ে আন্দোলন দমন কৰিছিল । ইয়াৰ ফলতে আন্দোলনে এটা হিংসাত্মক ৰূপ লৈছিল । আৰক্ষী নিৱেশ, ৰেল ষ্টেচন, ডাকঘৰ, অফিচ-কাৰ্যালয় আদিৰ ওপৰত আক্ৰমণ চলিছিল । তাৰোপৰি টেলিগ্ৰাফ লাইন বিচ্ছিন্ন কৰা, দলঙত অগ্নিসংযোগ কৰা, ৰেল-লাইন উঠোৱা, চৰকাৰী কাৰ্যালয়ত অগ্নিসংযোগ কৰা আদি ধ্বংসাক্মক কাৰ্যত আন্দোলনকাৰীসকল লিপ্ত হৈছিল । চৰকাৰে কঠোৰ হাতেৰে বিদ্ৰোহ দমন কৰিছিল । পুলিচ আৰু সামৰিক বাহিনীৰ গুলীত ১০,০০০তকৈও অধিক লোকৰ মৃত্যু হৈছিল । তাৰ ভিতৰত কুশল কোঁৱৰ আছিল অন্যতম । অসমৰ গোলাঘাট জিলাৰ কুশল কোঁৱৰক ৰেল বগৰোৱাৰ অভিযোগত যোৰহাট কাৰাগাৰত ফাচি দিয়া হৈছিল । কুশল কোঁৱৰে হল ভাৰত ত্যাগ আন্দোলনত ফাচি কাঠত ওলমা প্ৰথমজন ভাৰতীয়  । ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলন আছিল এটা গণ আন্দোলনহে ।  এই আন্দোলনত ছাত্ৰ, কৃষক, যুৱক-যুৱতী সকলোৰে ভূমিকা আছিল অন্যতম । এই আন্দোলনৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে স্কুল-কলেজ বাদ দি আন্দোলনত নামি পৰিছিল । আৰু তেওঁলোকে জেললৈ যাবলৈও ভয় কৰা নাছিল । এই আন্দোলনৰ আন এটা গুৰুত্বপূৰ্ণ দিশ আছিল কৃষক-শ্ৰমিকৰ যোগদান ।  অসম, বিহাৰ, বোম্বাই, আদি অঞ্চলৰ কৃষক শ্ৰমিকসকলে এই আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল । বৃটিছ চৰকাৰে কৃষকসকলৰ মাটিৰ খাজনা বৃদ্ধি আৰু তনুন নতুন কৰ আৰোপ কৰাৰ ফলত কৃষকসকলক অসন্তষ্ট কৰি তুলিছিল । সেই একেদৰে ভাৰতৰ শ্ৰমিকসকলে চৰকাৰী বেচৰকাৰী কল-কাৰাখানাৰ মালিকসকলৰ শোষণ আৰু অত্যাচাৰৰ বলি হব লগীয়া হৈছিল । তাৰোপৰি ইউৰোপীয় মালিকসকলে শ্ৰমিকসকলক কম মজুৰিত অধিক সময় কামত খটুৱাইছিল । তাৰ বিপৰীতে তেওঁলোকক থকা-খোৱাৰ সুবিধা দিয়া নাছিল । ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলন বৃটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিছিল । যদিও এই আন্দোলন বিফল হৈছিল তথাপিও ভাৰতৰ স্বাধীনতাৰ ইতিহাসত ইয়াৰ গুৰুত্ব আছিল অপৰিসীম । ভাৰতৰ জাতীয় ভাৱধাৰাৰ গভীৰতা, আৰু ব্যপকতা কিমান আছিল, তাৰ লগতে জনসাধাৰণৰ কষ্ট আৰু ত্যাগ কৰিবলৈ কেনেদৰে প্ৰস্তুত হৈছিল , সেই কথা বিয়াল্লিশৰ আন্দোলনে প্ৰতিপন্ন কৰিছিল । 

ভাৰতবৰ্ষত সাম্ৰাজ্যবাদী দমনৰ শেষ হবলৈ আৰু বেছিদিন নাছিল, সেই কথা ইংৰাজসকলে মানি লবলৈ বাধ্য হৈছিল । এই আন্দোলনটোৱে সমগ্ৰ ভাৰতবাসীৰ কৰ্তব্যনিষ্ঠা আৰু দায়িত্ববোধৰ পৰিচয় দিছিল । ভাৰত ত্যাগ  আন্দোলনে দেশবাসীৰ স্বদেেশ প্ৰেমৰ প্ৰতি জমা হৈ থকা আসক্তিৰ প্ৰতিফলন ঘটায় । স্বাধীনতাৰ কাৰণে ভাৰতবৰ্ষৰ জনসাধাৰণে আত্মবলিদান দিবলৈও ভয় কৰা নাছিল । 


৭। গান্ধী-আৰউইন চুক্তিৰ প্ৰধান চৰ্তসমূহ উল্লেখ কৰা ।

উত্তৰঃ  গান্ধী-আৰউইন চুক্তি সংঘটিত হৈছিল ১৯৩১ চনৰ ৫ মাৰ্চ তাৰিখে । প্ৰথম মেজমেল বিফল হোৱাৰ পিছত ভাইচৰয় লৰ্ড আৰউইন আৰু মহাত্মা গান্ধীৰ মাজত এখন দীঘলীয়া আলোচনা আৰম্ভ হয় । এই আলোচনা ১৯৩১ চনৰ ১৭ ফেব্ৰুৱাৰী তাৰিখৰ পৰা ৫ মাৰ্চ তাৰিখলৈ চলিছিল । আলোচনাৰ শেষত ৫ মাৰ্চ তাৰিখে দুয়োপক্ষৰ মাজত এখন চুক্তিত স্বাক্ষৰ কৰা হয় । এই চুক্তিখনকে গান্ধী আৰউইন চুক্তি বুলি কোৱা হৈছিল । 

গান্ধী-আৰউইন চুক্তিৰ চৰ্তসমূহ হল 

১। ভাৰতবৰ্ষৰ ৰাজনৈতিক সমস্যা সমাধানৰ ক্ষেত্ৰত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক ভিত্তি হিচাপে লোৱা হব ।

২। কংগ্ৰেছৰ দ্বিতীয় ঘুৰণীয়া মেজমেললৈ নিয়ন্ত্ৰণ দিয়া হব । 

৩। চলি থকা আইন-অমান্য আন্দোলন স্থগিত ৰখা হব ।

৪। কংগ্ৰেছৰ ফালৰ পৰা বৃটিছ পৰ্ণ্যৰ বৰ্জনৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰা হব ।

৫। বিদেশী পণ্য আৰু মদৰ দোকান-পোহাৰৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী চলি থাকিব পাৰিব ।

৬। শাস্তিমূলক ব্যৱস্থা হিচাপে আদায় কৰা জৰিমনাৰ ধন ওভতাই দিয়া হব ।

৭। আইন-অমান্য আন্োলনৰ বিৰুদ্ধে থকা সকলো চৰকাৰী নিষেধজ্ঞা প্ৰত্যাহাৰ কৰা হব । 

৮। আন্দোলনত জড়িত থকাৰ অপৰাধত নতুন ভূমি বা ৰাজহ হিচাপে আদায় কৰাৰ উদ্দেশ্য বাজেয়াপ্ত কৰা সা-সম্পত্তিসমূহ ওভতাই দিয়া হব ।

৯। হিংসাত্মক কাৰ্যৰ সৈতে জড়িত নথকা কাৰাবন্দীসকলক মুকলি কৰি দিয়া হব ।

১০। বে-আইনী বুলি ঘোষণা কৰা সংগঠনসমূহৰ বিৰুদ্ধে থকা অধিসূচনাসমূহ প্ৰত্যাহাৰ কৰা হব । 


 ৮। ভাৰতৰ স্বাধীনতা আন্দোলনত প্ৰথম বিশ্বযুদ্ধৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা ।

উত্তৰঃ ১৯১৪ চনৰ জুন মাহত প্ৰথম বিশ্বযুদ্ধৰ আৰম্ভ হয় । ১৯১৪ চনৰ ২৮ মাৰ্চত অষ্ট্ৰিয়াই চাৰ্বিয়া আক্ৰমণৰ লগে-সগে প্ৰথম বিশ্বযুদ্ধৰ সূচনা হৈছিল ।  প্ৰথম বিশ্বযুদ্ধ হোৱাৰ সময়ত এফালে আছিল ইংলেণ্ড, ফ্ৰান্স, ৰাছিয়া , ইটালী জাৰ্মানী আৰু আমেৰিকা । ভাৰতবৰ্ষই এই বিশ্বযুদ্ধত ইংৰাজসকলৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে । ভাৰতৰ জাতীয়তাবাদী যিসকল নেতা আছিল তেোঁলোকে বৃটিছসকলক সহায় কৰাৰ কাৰণটো হল যুদ্ধৰ সমাপ্তিৰ ঘটাৰ পিছত ব্ৰিটিছে ভাৰতীয়সকলক স্বায়ত্ব শাসন প্ৰদান কৰিব । ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত প্ৰথম বিশ্বযুদ্ধই এক গভীৰ প্ৰভাৱ পেলাইছিল । তুৰস্কই ইংলেণ্ডৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হোৱাত ভাৰতীয় মুছলমানসকলো ইংৰাজৰ বিৰোধী হৈ পৰিছিল ।  তুৰস্কৰ শাসনকৰ্তাজনক খলিফা বুলি কোৱা হয় । খলিফা হল ইছলাম ধৰ্মৰ এজন প্ৰধান গুৰু । 

যুদ্ধৰ ফলতেই ভাৰতীয় জনসাধাৰণৰ ওপৰত কৰৰ বোজা বৃদ্ধি পাইছিল । ইয়াৰ উপৰিও নিত্য-ব্যৱহাৰ্য বয়-বস্তুৰ নাটনি আৰু মূল্যবৃদ্ধিয়ে সাধাৰণ লোকসকলক জুৰুলা কৰিছিল । সেইকাৰণে ভাৰতীয় জনসাধাৰণৰ মাজত বৃটিছৰ বিৰোধী চেতনা জাগ্ৰত হৈ পৰিছিল । প্ৰথম বিশ্বযুদ্ধৰ সময়ছোৱাত ইংলেণ্ডৰ শিল্প বাণিজ্যৰ দুৰ্যোগ বাধা আহি পৰিছিল । সেইকাৰণে যুদ্ধৰ সময়ত ঘটি পুৰণৰ বাবে ভাৰতীয় উদ্যোগ আৰু ব্যৱসায় বাণিজ্যৰ সম্প্ৰসাৰণ ঘটোৱা হৈছিল । যুদ্ধৰ শেষত ভাৰতীয় কুটীৰ শিল্প আৰু ক্ষুদ্ৰ উদ্যোগবোৰ বন্ধ হবলৈ ধৰিছিল । ইয়াৰ কাৰণে গোটেই ভাৰতবৰ্ষতে নিবনুৱাৰ সংখ্যা বৃদ্ধি পাই গৈছিল । প্ৰথম মহাসমৰৰ ফলত অন্ত ভাৰতত জাতীয়তাবাদে অধিক তীব্ৰ ৰূপ ধাৰণ কৰিছিল । । এইক্ষেত্ৰত আন্তজাৰ্তিক ঘটনা প্ৰৱাহৰ প্ৰভাৱ ভাৰতৰ জাতীয় আন্দোলনত পৰিলক্ষিত হৈছিল । প্ৰথম বিশ্বযুদ্ধৰ আৰম্ভ হোৱাৰ লগে-লগে বৃটিছ চৰকাৰে প্ৰথমে অধিসূচনাৰ জৰিয়তে ভাৰত ৰক্ষা আইন জাৰি কৰে । ইয়াৰ বাবে জনসাধাৰণৰ সকলোধৰণৰ ৰাজনৈতিক অধিকাৰ কাঢ়ি লোৱা হৈছিল । পৰবৰ্তী বছৰৰ ১৮ মাৰ্চ তাৰিখে আইনখন পূৰ্ণপৰ্যায়ৰ আইন বুলি গণ্য কৰা হয় । এই কাৰ্যই জনসাধাৰণৰ মাজত জাতীয় চেতনা বৃদ্ধি কৰাত সহায় কৰিছিল । 


৯। ভাৰতত হোৱা বাওঁপন্থী আন্দোলনৰ ওপৰত এটি টোকা লিখা ।

উত্তৰঃ ১৯২০ চনৰ পৰা ভাৰতত বাওপন্থী বা সমাজবাদী আন্দোলনৰ সূচনা কৰা হৈছিল । অসহযোগ আন্দোলনৰ সময়ৰ পৰা ভাৰতৰ ৰাজনীতিত ৰুছ বিপ্লৱ আৰু মাক্সবাদৰ পৰে । বিপ্লৱৰ যুগত ৰুছ দেশৰ পৰিৱৰ্তনসমূহে প্ৰগতিশীল বা উন্নয়নশীল ভাৰতীয় নেতাসকলক অনুপ্ৰাণিত কৰি তুলিছিল । জৱাহৰ লাল নেহৰু, সুভাষচন্দ্ৰ বসু, এম এন ৰয়ৰ নিচিনা নেতাসকলে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ঘুৰি বাওঁপন্থী বা সমাজবাদী আদৰ্শ প্ৰচাৰ কৰাৰ লগত জড়িত হৈ পৰিছিল । তেওঁলোকে সাম্ৰাজ্যবাদ, গণতন্ত্ৰ, ভূ-স্বামী আদিৰ বিৰুদ্ধে যুজ দিৱলৈ জনসাধাৰণক আহ্বান জনাইছিল । ভাৰতৰ সকলো ৰাজনৈতিক, অৰ্থনৈতিক, আৰু সামাজিক সমস্যাৰ সমাধান সমাজবাদী চিন্তাধাৰেৰে কৰা উচিত বুলি তেওঁলোকে যুক্তি দাঙি ধৰিছিল । ভাৰতত সমাজবাদী ভাৱধাৰাই অৰ্থনৈতিক বা দ্ৰতগতিত জনপ্ৰিয়তা লাভ কৰিব পাৰিছিল । কাৰণ অসহযোগ আন্দোলনৰ ফলাফলে তাত অংশলোৱা যুৱনেতাসকলক অসন্তুষ্ট কৰিছিল । 

বিশ্ব অৰ্থনীতিৰ বিপৰ্যয়ৰ প্ৰভাৱ ভাৰতৰ অৰ্থনীতিৰ ওপৰতো পৰিছিল । কৃষিজাত সামগ্ৰীৰ মূল্য পঞ্চাশ শতাংশলৈ বৃদ্ধি কৰা হৈছিল । এই পৰিস্থিতিৰ সুযোগ লৈ জমিদাৰ, তালুকদাৰ, আৰু ধনী কৃষকসকলে ভূমিহীন আধিয়াদাৰসকলক শোষণ কৰিছিল । কল-কাৰখানাৰ মালিকসকলে তেওঁলোকৰ কাৰখানাত কাম কৰা শ্ৰমিকসকলৰ মজুৰি কমাব বিচাৰিছিল .সেইকাৰণে কৃষকসকলে তেওঁলোকৰ অৱস্থাৰ পৰা পৰিত্যাণ বিচাৰি ভূমি সংস্কাৰ, জমিনদাৰী প্ৰথাৰ উচ্ছেদ, খাজনা বা অন্য কৰৰ পৰা ৰেহাইৰ দাবী উত্থাপন কৰিছিল । ভাৰতৰ সাম্যবাদী আন্দোলনৰ মুখ্য পৃষ্ঠপোষক আছিল মানৱেন্দ্ৰনাথ ৰায় । তেওঁৰ প্ৰকৃত নাম হল নৰেন্দ্ৰনাথ ভট্টাচাৰ্য । এইজন ব্যক্তিয়ে ১৯২১ ৰ পৰা পৰা ২৩ৰ সময়ছোৱাত ইউৰোপৰ বিভিন্ন ঠাইৰ পৰা         The Vanguard আৰু The Mases of India প্ৰকাশ কৰিছিল । ইয়াৰ কিছু সংখ্যা ভাৰতলৈ পঠাইছিল । সেই একেদৰে শ্ৰী পদ অমৃতডাংগে বোম্বেৰ পৰা ইংৰাজী ভাষাত Socialist আৰু  কলিকতাৰ পৰা মজফৰ আহমেদে  বঙালী ভাষাত জনবাদী প্ৰকাশ কৰি ওলিয়াইছিল ।  আনন্দ বজাৰ প্ৰত্ৰিকা, প্ৰৱৰ্তক, সাৰথি আদি বাতৰি কাকতকেইখনে বিপ্লৱী আৰু সন্ত্ৰাসবাদী নেতাকেইজনক অনুপ্ৰেৰণা যোগাইছিল । এই সময়ছোৱাত কংগ্ৰেছৰ ভিতৰচৰাতো বাওঁপন্থী চিন্তাধাৰা সক্ৰিয় হৈ উঠিছিল । জৱাহৰলাল নেহৰু আৰু সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত Independence League গঠন কৰা হৈছিল । অসহযোগ আন্দোলনৰ সময়ছোৱাৰ পৰাই ভাৰতবৰ্ষত মাক্সদৰ্শনৰ আধাৰত এটা সমাজবাদী দল গঠন কৰাৰ প্ৰৱণতা জাগি উঠিছিল । ইয়াৰ ফলতেই ১৯৩৪ চনত কংগ্ৰেছৰ ভিতৰতে সমাজবাদী দল এটাৰ গঠন সম্ভৱ হৈ পৰে । ১৭ মে তাৰিখে কংগ্ৰেছৰ সমাজবাদী দলৰ প্ৰথম সৰ্বভাৰতীয় অভিৱৰ্তন অনুষ্ঠিত কৰা হয় ।


১০। দেশীয় ৰাজ্যসমূহত হোৱা প্ৰজাবিদ্ৰোহৰ বিষয়ে আলোচনা কৰা 

উত্তৰঃ ভাৰতবৰ্ষখন ভৌগোলিক দিশৰ পৰা এখন বিশাল দেশ আছিল ।ইয়াৰ বহুতো সৰু-বৰ ৰাজ্য আছিল । এই সৰু-বৰ ৰাজ্যবোৰ শাসন কৰিবলৈ এজন  সম্ৰাট বা ৰজাৰ প্ৰয়োজন হৈছিল । এই দেশীয় ৰাজ্যবোৰৰ শাসনকৰ্তা আছিল ৰজা কিন্তু ৰাজ্যবোৰৰ প্ৰকৃত শাসনকৰ্তা আ্ছিল ইংৰাজ শাসকসকল । এজন বৃটিছৰ কুটনৈতিক বিষয়াৰ দিহা-পৰামৰ্শমতে দেশীয় ৰাজ্যসমূহৰ শাসন চলিছিল । প্ৰশাসনৰ নামত এই দেশীয় ৰাজ্যত হৈছিল সাম্ৰাজ্যবাদী, আৰু সাধাৰণ প্ৰজাৰ ওপৰত কৰা হৈছিল অমানৱিক অত্যাচাৰ । অৰ্থনৈতিক কাৰণ, ভূমি ৰাজহ আৰু বিভিন্ন ধৰণৰ কৰ-কাটল আদি বোজাই সাধাৰণ জনসাধাৰণৰ জীৱন দুৰ্বিসহ কৰি তুলিছিল । ইয়াৰ বিপৰীতে সামন্ত শ্ৰেণীসমূহে লাহ-বিলাসৰ জীৱন-যাপন কৰিছিল । তাৰ ফলত শাসক আৰু শাসিতসকলৰ মাজৰ সম্পৰ্কৰ অৱনতি হোৱা দেখা গৈছিল । ভাৰতীয় জাতীয় কংগ্ৰেছে যিবোৰ বা যিদৰে বৃটিছ ভাৰতত ৰাজনৈতিক সংগঠন আৰু আন্দোলনৰ কামত ব্যস্ত আছিল, দেশীয় ৰাজ্যবোৰত কিন্তু তেনেকুৱা কামৰ পৰা বিৰত আছিল । তাৰ ফলত দেশীয় ৰাজ্যসমূহত প্ৰজাৰ বৃটিছ ভাৰতৰ জনসাধাৰণৰ ৰাজনৈতিক কৰ্মৰ লগত কোনোধৰণৰ সম্পৰ্ক গঢ় লৈ উঠা নাছিল । জাতীয় কংগ্ৰেছৰ জন্মৰ পৰাই তেওঁলোকৰ ৰাজনৈতিক কৰ্মৰাজিক দেশীয় ৰাজ্যৰ পৰা আতৰত ৰাখিছিল । অসহযোগ আন্দোলন আৰু গণতন্ত্ৰৰ বাবে সৃষ্টি হোৱা ৰাজনৈতিক সচেতনতাই দেশীয় ৰাজ্যবোৰতো প্ৰভাৱ পেলাইছিল । বৃটিছ ভাৰতত ৰাজনৈতিক আন্দোলনৰ নামত প্ৰসাৰে দেশীয় ৰাজ্যসমূহতো এক আলোড়নৰ সৃষ্টি কৰিছিল । ১৯৩০ চনৰ আইন অমান্য আন্দোলনে দেশীয় ৰাজন্যবৰ্গৰ বা প্ৰজাৰ মাজত এটা গভীৰ প্ৰভাৱ পেলাইছিল । ইয়াৰ ফলত ৰাজকোট, কাশ্মীৰ, হায়দৰাবাদ,জয়পুৰ আদি ৰাজ্যতো গণ আন্দোলনৰ সৃষ্টি হৈছিল । প্ৰজাবিদ্ৰোহে দেশীয় ৰাজ্যসমূহত এক তীব্ৰ ৰূপধাৰণ কৰিছিল । সেইদৰে দেশীয় ৰাজ্যসমূহত হোৱা প্ৰজা বিদ্ৰোহে সমগ্ৰ দেশৰ জনসাধাৰণৰ মাজত ৰাষ্ট্ৰীয় একতা আৰু সংহতি স্থাপন কৰাত সহায় কৰিছিল ।

Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)



Author Ali Rani KaKati










Post ID: DABP004583