জাতীয়তাবাদী আৰু সামাজিক গোষ্ঠীসমূহ
চতুৰ্থ অধ্যায়
অতি চমু প্ৰশ্ন
১। বংগদেশত কোনে চিৰস্তায়ী বন্দোৱস্তৰ প্ৰৱৰ্তন কৰিছিল ।
উত্তৰঃ লৰ্ড কৰ্ণৱালিছে বংগদেশত চিৰস্তায়ী বন্দোৱস্তৰ প্ৰৱৰ্তন কৰিছিল ।
২। মহাত্মা গান্ধীয়ে প্ৰথম সত্যাগ্ৰহ কত আৰম্ভ কৰিছিল ।
উত্তৰঃ মহাত্মা গান্ধীয়ে বিহাৰৰ চম্পাৰণ জিলাতেই প্ৰথম সত্যাগ্ৰহৰ আৰম্ভ কৰিছিল ।
৩। প্ৰাদেশিক কৃষক সভা কেতিয়া আৰু কত গঠন কৰা হৈছিল ।
উত্তৰঃ ১৯২৯ চনত বিহাৰত প্ৰাদেশিক সভা গঠন কৰা হৈছিল ।
৪। কংগ্ৰেছৰ ছচিয়েলিষ্ট পাৰ্টী কেতিয়া গঠন কৰা হৈছিল ।
উত্তৰঃ ১৯৪৩ চনত কংগ্ৰেছৰ ছচিয়েলিষ্ট পাৰ্টী গঠন কৰা হৈছিল ।
৫। কিমান চনত আৰু কত সৰ্বভাৰতীয় কৃষক ভাৰ গঠনৰ ঘোষণা কৰা হয় ।
উত্তৰঃ ১৯৩৬ চনৰ ১১ এপ্ৰিলত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত সৰ্বভাৰতীয় কৃষক সভা গঠনৰ ঘোষণা কৰা হয় ।
৬। প্ৰাদেশিক কিষাণ সভাৰ সংগঠন কেতিয়া গঢ়ি উঠিছিল ।
উত্তৰঃ ১৯৫৩ চনত প্ৰাদেশিক কৃিষাণ সভাৰ সংগঠন গঢ়ি উঠিছিল ।
৭ । মধ্যবিত্ত শ্ৰেণীৰ উত্থানৰ দুটা কাৰণ লিখা ।
উত্তৰঃ মধ্যবিত্ত শ্ৰেণীৰ উত্থানৰ দুটা কাৰণ হল
ক) চাহ উদ্যোগ
খ) বযৱসায় বাণিজ্য
৮। তামাৰ বিদ্ৰোহ কেতিয়া হৈছিল ।
উত্তৰঃ ১৭৮৯ চনত তামাৰ বিদ্ৰোহ হৈছিল ।
৯। সান্থালসকলৰ খেৰাৰ আন্দোলন কেতিয়া হৈছিল ।
উত্তৰঃ ১৮৩৩ চনত সান্থালসকলৰ খেৰাৰ আন্দোলন হৈছিল ।
১০। সান্থালসকলৰ বিপ্লৱ কেতিয়া হৈছিল ।
উত্তৰঃ ১৮৫৫ চনত সান্থালসকলৰ বিপ্লৱ হৈছিল ।
চমু প্ৰশ্ন
১। সান্থালসকলৰ বিপ্লৱ হোৱাৰ দুটা কাৰণ লিখা ।
উত্তৰঃ সান্থালসকলৰ বিপ্লৱ হোৱাৰ দুটা কাৰণ হল
ক) শক্তিশালী কৃষকসকলে সান্থালসকলৰ সকলো মাটি কাঢ়ি লৈছিল ।
খ) কাৰেন্দিয়া বুলি জনাজাত জমিদাৰসকলৰ প্ৰতিনিধিসকলে সান্থালসকলৰ ওপৰত যথেষ্ট অত্যাচাৰ চলাইছিল ।
২। মুণ্ডা বিদ্ৰোহ কেতিয়া আৰু কাৰ নেতৃত্বত কৰা হৈছিল ।
উত্তৰঃ ১৮৯৯ চনত বিৰ্চা মুণ্ডা নামৰ ব্যক্তি এজনৰ নেতৃত্বত মুণ্ডা বিদ্ৰোহ হৈছিল ।
৩। অন্ধ্ৰ প্ৰদেশৰ আন্দোলন কেতিয়া আৰু কাৰ নেতৃত্বত হৈছিল ।
উত্তৰঃ ১৯২২ চনৰ আগষ্ট মাহত আলুন ৰামাচন্দ্ৰ ৰাজুৰ নেতৃত্বত অন্ধ্ৰ প্ৰদেশৰ আন্দোলন হৈছিল ।
৪। জনজাতীয় আন্দোলনক কেইটা ভাগত ভগাব পাৰি আৰু কি ।
উত্তৰঃ জনজাতীয় আন্দোলনক চাৰিটা ভাগত ভগাব পাৰি
ক) বনাঞ্চলভিত্তিক বিদ্ৰোহ ।
খ) সমাজ-ধৰ্মীয় বিদ্ৰোহ বা সমাজৰ সাংস্কৃতিক আন্দোলন ।
গ) ৰাজনৈতিক স্বাধীনতা আৰু নতুন ৰাজ্যৰ দাবীত সংগঠিত আন্দোলন ।
ঘ) কৃষিৰ লগত জড়িত বিদ্ৰোহ উদাহৰণ অনুসৰি ১৯৬৭ চনৰ নক্সালবাদী আন্দোলন আৰু ১৯৬৮ চনৰ পৰা ১৯৬৯ চনলৈ হাব্ৰো ব্ৰিচাদল আন্দোলন ।
৫। জনজাতীয় বিদ্ৰোহক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ।
উত্তৰঃ জনজাতীয় বিদ্ৰোহক দুটা ভাগত ভগাব পাৰি সেইকেইটা হল
ক) অ-সীমান্তৱৰ্তী জনজাতি ।
খ) সীমান্তৱৰ্তী জনজাতিসমূহ ।
চমুটোকা লিখা ।
ক) সান্থালসকলৰ খেৰৱাৰ আন্দোলন
উত্তৰঃ খেৰৱাৰ আন্দোলনটো হল অতীতকালৰ এটা আদৰ্শগত আৰু জনজাতীয় স্বায়ত্ব শাসন ঘুৰাই আনিবৰ উদ্দেশ্য এই আন্দোলনটো গঢ় লৈ উঠিছিল । এই আন্দোলনটো ভগীথ মাঋিৰ নেতৃত্বত গঢ় লৈ উঠিছিল । তেওঁ বৃটিছ প্ৰশাসক, জমিদাৰ আৰু মহাজনসকলৰ কবলৰ পৰা সান্থালসকলৰ মুক্তি দিয়াৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ হৈ আছিল ।তেওঁ হিন্দু ৰজা ভগৱান ৰামক সান্থালসকলৰ কৌদৰ সৈতে ৰিজাই ৰামক পুজা কৰিবলৈ আহ্বান জনাইছিল । তেওঁ হিন্দু ধৰ্মৰ দ্বাৰা অনুপ্ৰাণিত হৈ সান্থালসকলৰ নীতি-নিয়মত প্ৰদুষণ আৰু নিৰ্মলতাৰ ধাৰণাটো সন্নিৱিষ্ট কৰিছিল । শেষত সান্থালসকলে তেওঁলোকৰ এলেকাৰ পৰা অনা সান্থালসকলক খেদি পঠিওৱা কাৰ্যটোকে খেৰৱাৰ আন্দোলন বুলি কোৱা হৈছিল ।
২। সান্থাল বিপ্লৱ
উত্তৰঃ ১৮৫৫ চনত বিহাৰত সান্থালসকলৰ বিপ্লৱ হৈছিল । এই আন্দোলন জনজাতীয় সম্প্ৰদায়ৰ আন্দোলন আছিল । ১৭৯৩ চনৰ স্থায়ী ভূমি বন্দোৱস্তিৰ পতন হোৱাৰ ফত ১৮৫৫ চনৰ পৰা ১৮৫৬ চনৰ ভিতৰত প্ৰথমটো কৃষক বিদ্ৰোহ সংঘটিত হৈছিল । এই বিদ্ৰোহৰ ফলতে বৃটিছে সান্থলসকলৰ ভূমিৰ অধিকাৰ উঠাই লয় আৰু তাৰ ঠাইত মাটিবোৰ জমিদাৰসকলক বিক্ৰী কৰি দিয়ে । জমিদাৰসকলে আকৌ মাটিবোৰ খেতিৰ বাবে কৃষকসকলক আধিলৈ দি দিয়ে । ইয়াৰ লগে-লগে জমিদাৰ আৰু চৰকাৰী বিষয়াসকলে কৰ বৃদ্ধি কৰাৰ লগতে সাধাৰণ কৃষকসকলক শোষণ কৰাৰ সুবিধা পাইছিল । কিছুসময়ৰ কাৰণে সান্থালসকলে নতুন ব্যৱস্থাটো মানি চলিছিল । কিন্তু অতি সোনকালে তেোঁলোক অতিষ্ঠ হৈ পৰিছিল আিৰু নতুন বিদ্ৰোহৰ সূচনা কৰিছিল ।
সান্থালসকলৰ এই বিদ্ৰোহৰ কেইটামান উল্লেখযোগ্য কাৰণ আছিল ।
ক) জমিদাৰ, আৰক্ষী, ৰাজহ বিভাগ, আৰু ন্যায়লয়ৰ দ্বাৰা এক সন্মিলিত শোষণ বৃদ্ধি প্ৰণয়ন কৰা হৈছিল বা কৰিছিল । এই বিধি অনুসৰি সান্থালসকলৰ কৰ-কাটলসমূহ আদায় দিয়াৰ বাহিৰে আন কোনো বিকল্প নাছিল । তেওঁলোকক দুব্যৱহাৰ তথা মাটিৰ মাটিৰ অধিকাৰৰ পৰা কেতিয়াও বন্ঞিত কৰা হৈছিল ।
খ) কাৰেন্দিয়া বুলি খ্যাত জমিদাৰসকলৰ প্ৰতিনিধিবোৰে সান্থালসকলৰ ওপৰত নানান অত্যাৰ চলাইছিল ।
গ) শক্তিশালী কৃষকসকলে সান্থালসকলৰ সকলো মাটি-বাৰী কাঢ়ি লৈ গৈছিল ।
ঘ) মহাজনসকলে কৰৰ ওপৰত এটা ডাঙৰ সূত নিৰ্ধাৰণ কৰি থৈছিল । যাৰ ব্যৱহাৰিক কাৰ্য আছিল শোষণকাৰী ।
৩। মুণ্ডা বিদ্ৰোহ ।
উত্তৰঃ ১৮৯৯ চনত মুণ্ডা বিদ্ৰোহ সংঘটিত হৈছিল । ভাৰতত ইনবিংশ শতিকাত হোৱা জনজাতীয় বিদ্ৰোহসমূহৰ ভিতৰত মুণ্ডাবিদ্ৰোহ হল অন্যতম । ৰাচীৰ দক্ষিণ প্ৰান্তৰ বিৰ্ডা মুণ্ডা নামৰ ব্যক্তি এগৰাকীয়ে মুণ্ডা ৰাজত্ব আৰু স্বাধীনতা লাভ কৰাৰ উদ্দেশ্যৰে এই বিদ্ৰোহৰ নেতৃত্ব দিছিল ।
মুণ্ডা বিদ্ৰোহটো হল এটা পুনৰুত্থানবাদী বিদ্ৰোহ আছিল, যাৰ উদ্দেশ্য আছিল মুণ্ডা সংস্কৃতিৰ পৰা সকলোসসদৰণৰ বহিৰাগত উপাদানসমূহ নাশ কৰা, যাতে মুণ্ডা সম্প্ৰদায়ৰ প্ৰকৃত চৰিত্ৰ অক্ষুন্ন হৈ পৰিছিল । পৰৱৰ্তী সময়ত এই ধৰ্মীয় বা সাম্প্ৰদায়িক বিদ্ৰোহটোত ৰাজনৈতিক আৰু কৃষক দলীয় উদ্দেশ্যসমূহো অন্তভূৰ্ক্ত কৰা হয় । ১৮৫৮ চনৰ পৰা খ্ৰীষ্টান জনজাতীয় কৃষকসকলে গোচৰ ব্যৱস্থাৰ জৰিয়তে বিদেশী জমিদাৰ তথা বেথ বেগাৰি ব্যৱস্থাৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিছিল । অৱশেষত ১৯০২, চনৰ পৰকা ১৯১০ চনৰ ভিতৰত হোৱা অনুসন্থান আৰু সংস্থাপনভিত্তিক কাৰ্যকৰণৰ অন্ত প্ৰশাসনে মুণ্ডাসকলৰ অভিযোগসমূহ প্ৰতিকাৰৰ বাবে প্ৰয়াস কৰিছিল । চোটনাগপুৰ প্ৰজাস্বত্ব আইনখন প্ৰণয়ন হোৱাৰ মুণ্ডাসকলে বেত-বেগাৰি নামৰ বাধ্যতামূলক শ্ৰমৰ ব্যৱস্থাটোৰ অৱসান ঘটাৱলৈ আৰু তেওঁলোকৰ মাটিৰ স্বতাধিকাৰ থকা খুটকাট্টি ব্যৱস্থাটোৰ কিছু পৰিমাণ হলেও কাৰ্যকৰী কৰিবলৈ সক্ষম হৈছিল ।
৪। অন্ধ্ৰ প্ৰদেশৰ আন্দোলন
উত্তৰঃ ১৯২২ চনত অন্ধ্ৰ প্ৰদেশৰ আন্দোলন সংঘটিত হৈছিল । এই আন্দোলন আলুন ৰামাচন্দ্ৰ ৰাজুৰ নেতৃত্বত গঢ় লৈ উঠিছিল । অন্ধ্ৰৰ পৰ্বতীয়া অঞ্চলৰ পৰামৰ্শদাতা আৰু বাৰ্তাবাহকসকলে বৃটিছক এখন পূৰ্ণ গৰিলা যুদ্ধত আৱদ্ধ কৰি ৰাখিবলৈ সক্ষম হৈছিল । যুদ্ধত উপায় নাইকিয়াহৈ বৃটিছে মালৱাৰ বিশেষ বাহিনী নিযুক্ত কৰিছিল আৰু যুদ্ধখন আলুন ৰাজৰ মৃত্যু নোহোৱালৈকে চলি আছিল । স্বাধীনতা সংগ্ৰাম আগবঢ়াৰ লগে-লগে পৰামৰ্শদাতাৰ বাৰ্তা বাহকসকলে স্বাধীনতা আন্দোলনত সম্পূৰ্ণভাৱে জপিয়াই পৰিছিল । বহুতো ভূমিনথকা আৰু প্ৰচুৰভাৱে ক্ষতিগ্ৰস্ত হোৱা বাৰ্তাবাহকে এইটো এইটো আশাৰে উচ্চ জাতিৰ স্বাধীনতা সংগ্ৰামীসকলৰ সৈতে চামিল হৈছিলযে বৃটিছসকলৰ পতনে এটা নতুন যুগৰ সূচনা কৰিছিল ।
ৰচনাধৰ্মী প্ৰশ্নোত্তৰ
১। দলিতসকলৰ বিষয়ে লিখা ।
উত্তৰঃ দলিত শব্দটোৰ মূল হল সংস্কৃত ভাষা । সাধাৰণ অৰ্থত কবলৈ গলে এই শব্দটোৱে গুড়ি কৰা বা সৰু সৰু টুকুৰা ভাঙি পেলোৱা বুলি বুজোৱা হয় । হিন্দুসকলে পূৰ্বৰ অস্পৃশ্যসকলক দমন কৰি ৰখা প্ৰক্ৰিয়াৰ প্ৰসংগত জ্যোতিবা ফুলেই উনবিংশ শতিকাত পোন প্ৰথমবাৰৰ বাবে দলিত শব্দটো ব্যৱহাৰ কৰা কৰিছিল বুলি জনা যায়। মহাত্মা গান্ধয়ে জাতিভেদ প্ৰথা নাশ কৰিবৰ বাবে হৰিজন শব্দটো ব্যৱহাৰ কৰিছিল । হৰিজন শব্দৰ অৰ্থ হল ভগৱানৰ সন্তান । ভাৰতীয় সংবিধানৰ উল্লেখ কৰা অনুসৰি অনুসূচীত জাতিৰ সূচীত নাম থকা লোকসকলেই হল দলিত। সমসাময়িক সময়ত বহুতো দলিত লোকে এই অভিধাতো তেওঁলোকৰ জাতিৰ নামৰ অধিক অৱনতিৰ পৰা ৰক্ষা বাবলৈ অথবা অস্পৃশ্য শব্দৰ ব্যৱহাৰ ৰোধ কৰিবৰ বাবে দলিত শব্দটো ব্যৱহাৰ কৰিছিল । বৰ্তমানৰ সময়ত দলিত শব্দটোৱে সেইসকল লোকক কোৱা হয় যিসকল লোকে অৱদমনৰ সন্মুখীন হৈ থকাৰ পিছতো নিজৰ অস্তিত্ব ৰক্ষাৰ কাৰণে সংগ্ৰাম কৰিব লগা হৈছে ।
আধুনিক ভাৰতত দলিত এটা ৰাজনৈতিক প্ৰক্ৰিয়া বা পৰিচয় । দলিতসকলৰ বিষয়ে আলোচনা কৰোতে আমি এটা কথা মনত ৰখা ভাল হব যে দলিতসকল হৈছে বৰ্ণাশ্ৰম পদ্ধতিৰ জাতিভেদ প্ৰথাত একেবাৰে নিম্ন স্থানত ৰখা লোক । বিভিন্ন পণ্ডিতে প্ৰদান কৰা ই হৈছে দলিতসকলৰ এটা পৰম্পৰাগত ব্যাখ্যা । এই ব্যাখ্যাটোৰ কিছু পৰিবৰ্তন সাধন কৰি দলিত শব্দটোৰ জৰিয়তে এক প্ৰকাৰৰ জাতিক বুজোৱা গৈছে । তাৰ উপৰিও পৰম্পৰাগত নীতিৰ ফলত অৰ্থনৈতিক, সামাজিক, প্ৰশাসনিক আৰু জীৱন-নিৰ্বাহৰ দিশসমূহৰ পৰা শোষিত লোকসকলক বুজোৱা হয় । দলিতৰ উপৰিও নিম্ন জাতিৰ লোকসকলক বুজাবলৈ বিভিন্ন অভিধানৰ ব্যৱহাৰ কৰা হয়। তেনেকুৱা কিছুমান অভিধান হল দস্যু, দশ, শুদ্ৰ, আদি কৰ্ণাটকা, তিকলতৰ, আৰু দ্ৰাবিড়।
২। নাৰীসকলৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ নাৰীসকলক ভাৰতবৰ্ষৰ ইতিহাসে সদায় সোৱৰণ কৰিব । এনে কেইগৰাকীমান নাৰী বা স্বাধীনতা সংগ্ৰামী মহিলাৰ নাম হল ভীমাবাই হোলকাৰ, ৰাণী লক্ষ্মীবাই, বেগম হজৰত মহল,অৰুণা আচফ আলী,সৰোজিনী নাইডু, ইন্দিৰা গান্ধী, এনী বেচান্ত ইত্যাদি । উনবিংশ শতিকাৰ প্ৰথম ভাগতে আধুনিক মানসিকতাৰ অধিকাৰী হোৱা ভাৰতীয় বুদ্ধিজীৱীসকলৰপ্ৰধান সংস্কাৰমূলক কাৰ্যসূচী আছিল নাৰীৰ সামাজিক স্তিতি উন্নত কৰা । পাশ্তাত্যৰ শিক্ষাৰে শিক্ষিত সমালোচকসকললৈ তাৰ প্ৰত্যুতৰ আগবঢ়াবৰ কাৰণে ভাৰতীয় বুদ্ধিজীৱীসকলে ভাৰতৰ সোণালী অতীততোলৈ মনত পেলাই দিছিল । প্ৰাচীন ভাৰতবৰ্ষক নাৰীক মৰ্যাদা আৰু সন্মান জনোৱা হৈছিল । বুদ্ধিজীৱীসকলে তেনেবোৰ প্ৰথা সংস্কাৰ কৰিবলৈ জনোৱা হৈছিল । আধুনিক যুগত পাশ্চাত্যৰ জ্ঞানেৰে শিক্ষিত এচাম অগ্ৰণী ব্যক্তি বা সমাজ সংস্কাৰকৰ চিন্তা-চৰ্চাই কু-সংস্কাৰসম্পন্ন ভাৰতীয় সমাজখনৰ কু-প্ৰথা আৰু অন্ধবিশ্বাসৰ মাজৰ পৰা উদ্বাৰ কৰিবৰ কাৰণে বিভিন্ন চেষ্টাৰে মহিলাসকলৰ শোচনীয় প্ৰদ্ধতিৰ প্ৰতি ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছিল , সেই সময়ৰ বংগদেশৰ সমাজ সংস্কাৰক ৰাজা ৰামমোহন ৰায়, ইশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ, আদি কিছুমান সমাজ সংস্কাৰকে স্ত্ৰী শিক্ষা, সতীদাহ প্ৰথা, বিধৱা বিবাহ, বাল্য বিবাহ, আৰু কন্যা শিশু হত্যাৰ আদিৰ বিৰুদধে বিভিন্ন আন্দোলন, আৰু আইন নিষিদ্ধ কৰিবৰ কাৰণে চৰকাৰৰ ওচৰত অনুৰোধ কৰিছিল । এইসকলৰ ব্যক্তিৰ প্ৰচেষ্টাত১৮২৯ চনত সতীদাহ প্ৰথা, নিষিদ্ধ, বিধৱা বিবাহৰ প্ৰচলন, ১৮৫৬ চনত আইন প্ৰণয়ন কৰা হৈছিল। তেওঁলোকৰ প্ৰচেষ্টাতে চৰকাৰে এই দুটা কু-প্ৰথা বন্ধ কৰিছিল । এই আন্দোলনৰ পাছত ভাৰতবৰ্ষত বহুতো সংস্থা আৰু দলে ভাৰতত মহিলাৰ অৱস্থিতি ইন্নতি কৰিবলৈ আগবাঢ়ি আহে ।
উনবিংশ শতিকাত যেতিয়া নাৰীৰ প্ৰগতি আৰু আধুনিকতা বিষয় চিন্তা-চৰ্চাৰ এটা প্ৰধান অংগ হৈ পৰিছে । ঔপনিবেশিক পুৰুষ সমাজে নতুন নাৰীৰ অন্বেষণ আৰম্ভ কৰাৰ এটা অংশ হিচাপে স্ত্ৰী-শিভা প্ৰচলনৰ দাবীত এটা আন্দোলন গঢ় লৈ উঠে । এইখিনি সময়লৈ শিভিত ভাৰতীয় নাৰী বুলি কলে পশ্চিম ভাৰতত পণ্ডিতা ৰমাবাই, মাদ্ৰাজত চিষ্টাৰ চুবুলক্ষী, আৰু বংগৰ মুছলমান মহিলাসকলৰ মাজত বেগম চুকেয়া শিখাৱত হুছেইনৰ নাম বিশেষভাৱে উল্লেখযোগ্য । ভাৰতীয় সমাজত আন কিছুমান বিদ্ৰোহী নাৰীৰ উত্থান ঘটিছিল, যেনে পণ্ডিতা মীৰাবাই, । তেওঁ এগৰাকী ব্ৰাহ্মণ মহিলা আছিল আৰু তেোঁ বহু দিনলৈকে বিয়া নোহোৱাকৈ আছিল। তেোঁ প্ৰাচীন শাস্ত্ৰবোৰ অধ্যয়ন কৰি পাণ্ডিত্য অৰ্জন কৰিছিল আৰু লগতে অসৱৰ্ণ বিবাহৰ বাধা নিষেধ কৰি এগৰাকী শুদ্ৰ জাতিৰ পুৰুষৰ সৈতে বিবাহপাশত বহিছিল । এজনী কন্যা সন্তান ৰ মাতৃহোৱাৰ পাছতে বিধৱা হৈছিল ।কিন্তু তেওঁ সামাজিক জীৱনৰ পৰা অব্যাহতি লোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ ইংলেণ্ডলৈ গৈ শাস্ত্ৰ অধ্যয়ন কৰিছিল আৰু খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল । তেওঁ আমেৰিকাত প্ৰবাসী জীৱন কটাইছিল আৰু বোম্বেত বিধৱা গৃহ নিৰ্মাণৰ বাবে ধন সংগ্ৰহ কৰিছিল । এই বিধৱা গৃহ পাছত পুনালৈ স্থানান্তৰ কৰা হৈছিল ।
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)
Author Ali Rani Kakati ( Ba in History Major )
0 Comments