সামাজিক নৃতত্ত্ব

পঞ্চম অধ্যায়

Short Answer :

১। কেতিয়া ইংলেণ্ডত 'সামাজিক নৃতত্ত্ব' নামটো ব্যৱহাৰ হবলৈ ধৰিছিল?

উত্তৰঃ ঊণবিংশ শতিকাৰ শেষভাগত ইংলেণ্ডত 'সামাজিক নৃতত্ত্ব' নামটো ব্যৱহাৰ হবলৈ ধৰিছিল।

২। 'Social Anthropology' (সামাজিক নৃতত্ত্ব) নামটো পোন প্ৰথমে কোনে লিখনিত উল্লেখ কৰে?

উত্তৰঃ 'Social Anthropology' (সামাজিক নৃতত্ত্ব) নামটো পোন প্ৰথমে ছাৰ জেমছ ফ্ৰেজাৰে তেওঁৰ লিখনিসমূহত উল্লেখ কৰে।

৩। সামাজিক নৃতত্ত্বৰ প্ৰথম অধ্যাপক কোন?

উত্তৰঃ সামাজিক নৃতত্ত্বৰ প্ৰথম অধ্যাপক হ'ল ছাৰ জেমছ ফ্ৰেজাৰ। এই পদ ১৯০৮ চনত তেওঁক ইংলেণ্ডৰ লিভাৰপুৰ বিশ্ববিদ্যালয়ত প্ৰদান কৰা হয়।

৪। সমাজ বুলিলে কি বুজা?

উত্তৰঃ সাধাৰণতে সমাজ বুলি ক'লে একে নিয়ম-নীতি মানি চলা লোকসকলৰ এটা সমষ্টিকে বুজায়।

৫। সমাজৰ বিষয়ে চমুকৈ এটা চমুটোকা লিখা।

উত্তৰঃ সমাজ এখন কিছুমান সৰু সৰু গোট বা জনসমষ্টিৰে গঠিত। উদাহৰণস্বৰূপে এখন সমাজৰ যিকোনো এটা পৰিয়ালৰ মাক-দেউতাক, ল'ৰা-ছোৱালী আদিৰে গঠিত পৰিয়ালটো সমাজখনৰ একো একোটা গোট। এই সৰু সৰু গোট বোৰ একত্ৰিত হৈ এখন সমাজৰ সৃষ্টি হয়। প্ৰত্য়েক সামাজিক গোটৰে একো একোটা উদ্দেশ্য থাকে। যেনে- পৰিয়াল এটা প্ৰধান উদ্দেশ্য হ'ল যৌন সম্পৰ্ক নিয়ন্ত্ৰণ কৰা, সন্তানৰ ভৰণ পোষনৰ ব্যৱস্থা কৰা, সামাজিক নীতি-নিয়নবোৰ শিকোৱা ইত্যাদি। সাধাৰণতে একে নিয়ম-নীতি মানি চলা লোকসকলৰ এটা সমষ্টিক সমাজ বুলি ক'ব পাৰি। সমাজৰ সামাজিক গোটবিলাক পৰস্পৰে ওতঃপ্ৰোতভাৱে জড়িত। সামাজিক গোটবোৰৰ ভিতৰত থকা এনেকুৱা সম্বন্ধবোৰক সমাজ ব্যৱস্থা বোলে।

৬। সমাজ আৰু সংস্কৃতি এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। চমুকৈ বহলাই লিখা।

উত্তৰঃ সমাজ আৰু সংস্কৃতি এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। সংস্কৃতি অবিহনে সমাজ গঠিত হ'ব নোৱাৰে। সমাজ এখন জীয়াই থাকিবলৈ সুসংগঠিত হোৱাৰ লগতে সমাজত বাস কৰা লোকসকলৰ মাজত সংহতি বিৰাজ কৰাটো দৰকাৰ। এখন সমাজৰ অবিহনে কোনো সংস্কৃতিৰ পূৰ্ণবিকাশ সম্ভৱ নহয়। প্ৰতিখন সমাজৰে চেতনাসম্পন্ন লোকসকলে সমাজখনক যাউতিযুগীয়া কৰাৰ লগতে সমাজত অৱস্থিত বিভিন্ন সামাজিক গোটবোৰৰ মাজত সমন্বয় ৰাখি নিজৰ সংস্কৃতিৰ বিকাশ সাধন কৰাৰ চেষ্টা কৰে। সংস্কৃতি যেনেকৈ গতিশীল, একেদৰে সমাজো গতিশীল। ইত্যাদি।

৭। সমাজৰ বিষয়ে বিভিন্ন সমাজবিজ্ঞানী বিলাকে দিয়া সংজ্ঞাবোৰ লিখা।

উত্তৰঃ সমাজৰ বিষয়ে সমাজবিজ্ঞানী বিলাকে দিয়া সংজ্ঞাবোৰ হ'ল-

            সমাজবিজ্ঞানী আৰ, এম, মেকইভাৰ আৰু চি, পেজৰ মতে, সমাজ হ'ল এটা সামূহিক ব্যৱস্থা য'ত প্ৰচলিত আচাৰ ব্যৱহাৰ, কাৰ্য্যপদ্ধতি, কৰ্তৃত্ব আৰু পাৰস্পৰিক সাৰ্হাৰ্য্য, বিভিন্ন গোঠ আৰু বিভাজন, মানুহৰ আচৰণ আৰু স্বতন্ত্ৰতাৰ নিয়ন্ত্ৰণ নিহিত হৈ থাকে।

           আকৌ সমাজবিজ্ঞানী এ, ডব্লিউ, গ্ৰীণৰ মতে সমাজ হ'ল যিকোনো ব্যক্তিৰ দ্বাৰা গঠিত এক বৃহৎত্তম গোট। সমাজ এখন যিকোনো ঠাই আৰু সময়তে কোনো উদ্দেশ্যৰ আধাৰত মানৱসমষ্টি বা সংগঠনৰ দ্বাৰা গঠিত হয়। আদি।

৮। জনজাতীয় সমাজত কাৰ কৰ্তৃত্ব চলে?

উত্তৰঃ জনজাতীয় সমাজত নায়কৰ কৰ্তৃত্ব চলে।

৯। মানৱ সমাজৰ তিনিটা বৈশিষ্ট্য় লিখা।

উত্তৰঃ মানৱ সমাজৰ তিনিটা বৈশিষ্ট্য হ'ল-

        ১। সমাজ এখন বহু সংখ্যক লোকৰ দ্বাৰা গঠিত হয়।

        ২। সমাজৰ নিৰ্দিষ্ট ভৌগলিক পৰিসীমা থাকে।

    ৩। সমাজৰ একোটা নিৰ্দিষ্ট লক্ষ্য় থাকে। এই নিৰ্দিষ্ট লক্ষ্যক সমাজৰ লোকসকলৰ উমৈহতীয়া স্বাৰ্থও বুলিব পাৰি।

১০। মানৱ সমাজ আৰু ইতৰ সমাজৰ মাজৰ তিনিটা পাৰ্থক্য লিখা।

উত্তৰঃ মানৱ সমাজ আৰু ইতৰ সমাজৰ মাজৰ পাৰ্থক্য হ'ল-

            ১। মানৱ সমাজৰ সামাজিক আচৰণবোৰ বা ৰীতি নীতিবোৰ সৰুৰে পৰা মাক-বাপেক আৰু ওচৰ চুবুৰীয়াই শিকোৱা বাবেহে আয়ত্ব কৰিব পাৰে। আনহাতে ইতৰ সমাজৰ আচৰণবোৰ কোনেও নিশিকোৱাকৈয়ে সহজাত প্ৰবৃত্তিৰ ফলত অনুসৰণ কৰে।

          ২। মানৱ সমাজৰ যৌন আচৰণ সমাজৰ দ্বাৰা নিয়ন্ত্ৰিত। আনহাতে ইতৰ সমাজৰ যৌন আচৰণ নিয়ন্ত্ৰিত নহয়।

         ৩। মানৱ সমাজৰ কৰ্মবিভাজন দৈহিক সামৰ্থ্যৰ ওপৰত নিৰ্ভৰশীল। আনহাতে ইতৰ সমাজৰ কৰ্মবিভাজন জৈৱিক প্ৰয়োজনৰ ওপৰত নিৰ্ভৰশীল।

১১। সামাজিক গোট গঠনৰ প্ৰধান বুনিয়াদবোৰ লিখা।

উত্তৰঃ সামাজিক গোট গঠনৰ প্ৰধান বুনিয়াদবোৰ হ'ল- আত্মীয়তা বা স্বজনতা, লিংগ, বয়স, বাসস্থান, জীৱিকা বৃত্তি, সামাজিক স্তৰ, ৰাজনৈতিক ক্ষমতা, যাদুবিদ্যা আৰু ধৰ্ম, স্বেচ্ছাই একত্ৰিত হোৱা লোকসকলৰ গোট।

১২। ম'ইটি বা সমাজাৰ্ধ কাক বোলে?

উত্তৰঃ স্বজনতাৰ আধাৰত গঠিত মিত্ৰগোষ্ঠী বা ক্ষেত্ৰবিশেষে গোত্ৰসমূহ দুটা গোটত বিভক্ত হৈ সমাজখন দুটা অংশত ভাগ হয়। ইয়াৰ প্ৰতিটো ভাগকে ম'ইটি বা সমাজাৰ্ধ বোলে।

১৩। কন্য়াক নগাসকলৰ ডেকা চাঙ আৰু গাভৰু চাঙক কি বুলি কোৱা হয়?

উত্তৰঃ কন্যাক নগাসকলৰ ডেকা চাঙক 'বান' আৰু গাভৰু চাঙক 'য়' বুলি কোৱা হয়।

১৪। গুপ্ত সমাজ ক'ত দেখা যায়?

উত্তৰঃ গুপ্ত সমাজ অষ্ট্ৰেলিয়া আৰু আফ্ৰিকাৰ কিছুমান আদিবাসীৰ মাজত দেখা যায়।

১৫। অৰুণাচলৰ কামেং জিলাৰ ছেৰডুকপেন সকলৰ সমাজ কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি?

উত্তৰঃ অৰুণাচলৰ কামেং জিলাৰ ছেৰডুকপেন সকলৰ সমাজখন পদমৰ্যদাৰ ওপৰত ভিত্তি কৰি দুটা ভাগত বিভক্ত কৰা হৈছে। সেইকেইটা ক্ৰমে- থং বা ৰাজবংশীয় আৰু চাও বা দাসবংশীয়।

১৬।আদিম সমাজৰ যিকোনো তিনিটা বৈশিষ্ট্য লিখা।

উত্তৰঃ আদিম সমাজৰ যিকোনো তিনিটা বৈশিষ্ট্য হ'ল- 

       ১।আদিম সমাজৰ লোকসকল সাধাৰণতে নিৰক্ষৰ হয়। তেওঁলোকৰ মাজত কোনো লিপি আৰু লিখিত সাহিত্য নাথাকে।

         ২। জনসংখ্যা তাকৰ। এওঁলোকৰ সামাজিক গোটবোৰ সৰু সৰু।যেনে- ডাঙৰ পৰিয়াল, গোত্ৰ, গাঁও, উপজাতি ইত্যাদি।

         ৩। সকলো ক্ষেত্ৰতে স্বজনতা আৰু সমস্থানীয়তাৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়।

১৭। উন্নত সমাজৰ যিকোনো তিনিটা বৈশিষ্ট্য লিখা।

উত্তৰঃ উন্নত সমাজৰ যিকোনো তিনিটা বৈশিষ্ট্য হ'ল-

          ১। উন্নত সমাজত শিক্ষাৰ সু- ব্যৱস্থা আছে। এওঁলোকৰ লিপি আৰু লিখিত সাহিত্যও থাকে।

            ২। জনসংখ্যা অধিক। সমাজৰ ভাগবোৰ ডাঙৰ। যেনে- ৰাজ্য, ৰাষ্ট্ৰ, সাম্ৰাজ্য আদি।

            ৩। বৃত্তিৰ ওপৰত নিৰ্ভৰ কৰি সমাজত কৰ্মবিভাজন থাকে।

১৮। সৰল সমাজ আৰু উন্নত সমাজৰ মাজত যিকোনো তিনিটা পাৰ্থক্য লিখা।

উত্তৰঃ সৰল সমাজ আৰু উন্নত সমাজৰ মাজত যিকোনো তিনিটা পাৰ্থক্য হ'ল-

        ১। সৰল সমাজৰ প্ৰজাতি আৰু প্ৰথাবোৰ সমপ্ৰকাৰৰ। আনহাতে উন্নত সমাজত প্ৰজাতি আৰু প্ৰথাবোৰ বাৰেমিহলি।

           ২। সৰল সমাজত বস্তুগত সংস্কৃতি অনুন্নত। আনহাতে উন্নত সমাজত বস্তুগত সংস্কৃতি উন্নত।

            ৩। সৰল সমাজত অৰ্থনীতি সৰল। ব্যৱসায় বাণিজ্যৰ প্ৰচলন নাই। আনহাতে উন্নত সমাজত অৰ্থনীতি জটিল আৰু ব্যৱসায় বাণিজ্য আছে।

১৯। সামাজিক অনুষ্ঠানৰ যিকোনো তিনিটা বৈশিষ্ট্য লিখা।

উত্তৰঃ সামাজিক অনুষ্ঠানৰ যিকোনো তিনিটা বৈশিষ্ট্য হ'ল-

            ১। সামাজিক অনুষ্ঠান কোনো নিৰ্দিষ্ট লক্ষ্যৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে।

         ২। প্ৰত্যেক সামাজিক অনুষ্ঠানৰে বস্তুকেন্দ্ৰিক বা অবস্তুকেন্দ্ৰিক প্ৰতীক একোটা থাকে।

      ৩। সামাজিৰ অনুষ্ঠানবোৰ নিৰ্দিষ্ট নিয়ম-নীতিৰ আধাৰত পৰিচালিত হয়। অনুষ্ঠানৰ সদস্যসকলে প্ৰচলিত নিয়ম-নীতি মানি চলিব লাগে।

২০। সমাজত সামাজিক অনুষ্ঠানৰ তিনিটা ভূমিকা উল্লেখ কৰা।

উত্তৰঃ সমাজত সামাজিক অনুষ্ঠানৰ তিনিটা ভূমিকা হ'ল-

            ১। সামাজিক অনুষ্ঠানৰ দ্বাৰা সামাজিক নীতি-নিয়মবোৰ পুৰুষাণুক্ৰমে প্ৰবাহিত হয়। সামাজিক অনুষ্ঠানে সামাজিক সমস্যা সমাধানৰ ক্ষেত্ৰত সহায় আগবঢ়ায়।

            ২। সামাজিক অনুষ্ঠানে সমাজৰ সদস্যৰ আচৰণ নিয়ন্ত্ৰণ কৰে।

            ৩। কোনো সমাজত প্ৰচলিত সংস্কৃতি আয়ত্ব কৰাৰ ক্ষেত্ৰত সামাজিক অনুষ্ঠান সমূহে বিশেষ ভূমিকা পালন কৰে।

২১। সম্প্ৰদায়ৰ তিনিটা বৈশিষ্ট্য লিখা।

উত্তৰঃ সম্প্ৰদায়ৰ তিনিটা বৈশিষ্ট্য লিখা।

            ১। প্ৰত্যেক সম্প্ৰদায়ৰে একো একোটা নিৰ্দিষ্ট নাম থাকে।

            ২। সম্প্ৰদায়ৰ লোকসকলে কোনো এক নিৰ্দিষ্ট এলেকাত বসবাস কৰে।

        ৩। সম্প্ৰদায়ৰ লোকসকলে দৈনন্দিন জীৱনত সাধাৰণতে ইজনে সিজনৰ লগত মুখামুখি সম্বন্ধ ৰক্ষা কৰি চলে।

২২। সমাজ আৰু সম্প্ৰদায়ৰ মাজত পাৰ্থক্য লিখা।

উত্তৰঃ সমাজ আৰু সম্প্ৰদায়ৰ মাজত পাৰ্থক্য হ'ল-

            ১। সমাজ নিৰাবয় বা ভাবাত্মক। আনহাতে সম্প্ৰদায় নিৰাবয় বা ভাবাত্মক নহয়।

         ২। সমাজৰ সামাজিক সম্বন্ধ আটিল। আনহাতে সম্প্ৰদায়ৰ সামাজিক সম্বন্ধ আটিল নহয়।

            ৩। সমাজৰ জনসংখ্যা সৰহ। আনহাতে সম্প্ৰদায়ৰ জনসংখ্যা সমাজৰ তুলনাত কম।



Short Answer by- Punya Hazarika.







Post ID: DABP005667