পৰিৱৰ্তনৰ ধাৰাত সংস্কৃতি

পঞ্চম অধ্যায়

অতি চমু প্ৰশ্নঃ  

১। আৰ্যসম্ভূত সভ্যতাৰ ক্ৰমবিকাশ কেতিয়া হৈছিল ।

উত্তৰঃ ঋকবেদতে প্ৰথম আৰ্যসম্ভূত সভ্যতাৰ ক্ৰমবিকাশ হৈছিল ।


২। ঋকবেদৰ ৰচনাকাল কিমান আছিল ।

উত্তৰঃ ঋকবেদৰ ৰচনাকাল খ্ৰীষ্টপূৰ্ব ১৫০০ ৰ পৰা খ্ৰীষ্টাব্দ ১০০০ ৰ ভিতৰত ।


৩। আদিবৈদিক যুগ কেতিয়াৰ পৰা আৰম্ভ হয় ।

উত্তৰঃ ঋকবেদৰ ৰচনা কৰাৰ সময়লৈকে আদিবৈদিক যুগ আৰম্ভ হয় ।


৪। আৰ্য শব্দটো কত প্ৰচলিত শব্দ ।

উত্তৰঃ পূব ইণ্ড আৰু ইউৰোপীয় ভাষাগোষ্ঠীৰ মাজত প্ৰচলিত আৰ্য শব্দ ।


৫। প্ৰট ইণ্ডিয়ান শব্দটো কেতিয়া ব্যৱহাৰ কৰা হয় ।

উত্তৰঃ   ইণ্ড ইৰাণীয় ভাষাগোষ্ঠীৰ ভিতৰত ভাৰতলৈ অহা আৰু ইৰাণত ৰৈযোৱা উভয় আৰ্যসকলৰ ক্ষেত্ৰত প্ৰট ইণ্ডিয়ান শব্দটো ব্যৱহাৰ কৰা হয় । 


৬। ৰামচৰণ শৰ্মাই ৰচনা কৰা গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ ৰামচৰণ শৰ্মাই ৰচনা কৰা গ্ৰন্থখনৰ নাম হল  India's Ancient Past . 


৭। ঋকবেদত অশ্ব শব্দ কেইবাৰ ব্যৱহাৰ কৰা হৈছে ।

উত্তৰঃ ঋকবেদত অশ্ব শব্দ ২১৫ বাৰ বাৰ ব্যৱহাৰ কৰা হৈছে ।


৮। ঋকবেদত গো শব্দৰ কেইবাৰ ব্যৱহাৰ কৰা হৈছে ।

উত্তৰঃ ঋকবেদত গো শব্দৰ ১৭৬ বাৰ ব্যৱহাৰ কৰা হৈছে । 


৯। আবেষ্টা সাহিত্যত তীব্ৰ বেগী ঘোঁৰাসমূহক কি নামেৰে উল্লেখ কৰা হৈছে । 

উত্তৰঃ আবেষ্টা সাহিত্যত তীব্ৰ বেগী ঘোঁৰাসমূহক আপ্পাম-নাপাত নামেৰে উল্লেখ কৰা হৈছে । 


১০। এজন বৈদিক দেৱতাৰ নাম লিখা ।

উত্তৰঃ এজন বৈদিক দেৱতাৰ নাম হল অন্তৰীক্ষ ।


১১। কিমান খ্ৰীঃত আৰু কত ব্যাপক হাৰত ঘোঁৰাৰ ব্যৱহাৰ কৰা হৈছিল ।

উত্তৰঃ খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাত এনাটলিয়াৰ অন্তৰ্গত অঞ্চলবোৰত ব্যাপক হাৰত ঘোঁৰাৰ ব্যৱহাৰ কৰা হৈছিল ।


১২। কিমান খ্ৰীঃত কাছিটিসকলে বেবিলনত আক্ৰমণ কৰিছিল ।

উত্তৰঃ ১৫৯৫ খ্ৰীঃত কাছিটিসকলে বেবিলনত আক্ৰমণ কৰিছিল ।


১৩। অগ্নি বা জুইক কোনে ব্যৱহাৰিক জীৱনৰ বিভিন্ন প্ৰসংগত ব্যৱহাৰ কৰিছিল ।

উত্তৰঃ অগ্নি বা জুইক আৰ্যসকলে ব্যৱহাৰিক জীৱনৰ বিভিন্ন প্ৰসংগত ব্যৱহাৰ কৰিছিল ।


১৪। সোম ব্যৱহাৰৰ পৰম্পৰা কোন সমাজত অধিক জনপ্ৰিয় হৈ উঠিছিল ।

উত্তৰঃ সোম ব্যৱহাৰৰ পৰম্পৰা বৈদিক আৰু ইৰাণমূলীয় সমাজত অধিক জনপ্ৰিয় হৈ উঠিছিল ।


১৫। বেদৰ ওপৰত গৱেষণা কৰা এজন ফৰাছী গৱেষকৰ নাম লিখা ।

উত্তৰঃ বেদৰ ওপৰত গৱেষণা কৰা এজন ফৰাছী গৱেষকৰ নাম হল লুইছ ৰেনন ।


১৬। আৰ্যসকলে কোন দেশৰ পৰা ভাৰতবৰ্ষলৈ প্ৰব্ৰজন কৰিছিল ।

উত্তৰঃ আৰ্যসকলে ইউৰোপৰ পৰা ভাৰতবৰ্ষলৈ প্ৰব্ৰজন কৰিছিল ।


১৭। চৰীদাৰে আৰ্যসকলৰ গৃহভূমি কৰ বুলি অভিহিত কৰিব খোজে ।

উত্তৰঃ চৰীদাৰে আৰ্যসকলৰ গৃহভূমি ফ্ৰান্স বুলি অভিহিত কৰিব খোজে ।


১৮। মধ্য এছীয় সূত্ৰৰ কোনে বিকাশ ঘটাইছিল ।

উত্তৰঃ সমাজতত্ত্ববিদ মেক্সমুলাৰে মধ্য এছীয় সূত্ৰৰ বিকাশ ঘটাইছিল ।


১৯।  সুমেৰু অঞ্চল সম্বন্ধীয় সূত্ৰ কোনে আগবঢ়াইছিল ।

উত্তৰঃ সুমেৰু অঞ্চল সম্বন্ধীয় সূত্ৰ  সমাজ সংস্কাৰক বাল গংগাধৰ তিলকে আগবঢ়াইছিল । 


২০।  আৰ্যসকলৰ আচল বা প্ৰকৃত বাসস্থান কত আছিল ।

উত্তৰঃ আৰ্যসকলৰ আচল বা প্ৰকৃত বাসস্থান আছিল সুমেৰু অঞ্চল । 


২১। তিব্বতীয় সূত্ৰৰ প্ৰবক্তা কোন আছিল ।

উত্তৰঃ তিব্বতীয় সূত্ৰৰ প্ৰবক্তা আছিল স্বামী দয়ানন্দ সৰস্বতী । 


২২।মাৰয়ান শাসকসকলে কত বসবাস কৰিছিল ।

উত্তৰঃ মাৰয়ান শাসকসকলে বৰ্তমানৰ উত্তৰ মেছোপটেমীয়াত বসবাস কৰিছিল । 


২৩। আৰ্যসকলে কিমান খ্ৰীঃত গ্ৰীকদেশত প্ৰৱেশ কৰে ।

উত্তৰঃ খ্ৰীষ্ট্ৰপূৰ্ব ১২০০ত আৰ্যসকলে গ্ৰীকদেশত প্ৰৱেশ কৰে ।


২৪। আৰ্যসকলে কেতিয়া এছিয়া মাইনৰত প্পহেশ কৰিছিল । 

উত্তৰঃ ১৯৫৯ খ্ৰীঃত আৰ্যসকলে এছিয়া মাইনৰত প্ৰবেশ কৰিছিল । 


২৫। বেদ কি ।

উত্তৰঃ বেদ হল আৰ্যসকলৰ বিষয়ে তথ্য যোগান ধৰা এখন প্ৰধান গ্ৰন্থ ।


২৬ । সিন্ধু অৱবাহিকাৰ পাচখন নদীৰ নাম লিখা ।

উত্তৰঃ সিন্ধু অৱবাহিকাৰ পাচখন নদীৰ নাম হল 

চুটলেজ, ব্যাস, ৰবি, চেনাব, সৰস্বতী ।


২৭। আৰ্য বসতিৰ মূল অঞ্চলটো কেনেকৈ বৰ্তি আছিল ।

উত্তৰঃ পাঞ্জাৱ আৰু দিল্লীক কেন্দ্ৰ কৰি আৰ্য বসতিৰ মূল অঞ্চলটো বৰ্তি আছিল । 


২৮। সপ্তসিন্ধু মানে কি বুজা ।

উত্তৰঃ সাতখন নদীক কেন্দ্ৰ কৰি গঢ়ি উঠা অঞ্চলটোকে সপ্তসিন্ধু বুলি কোৱা হয় । 


২৯। ভাৰত গোটৰ ৰজা সুদাসৰ ৰাজপুৰোহিতজনৰ নাম কি আছিল ।

উত্তৰঃ ভাৰত গোটৰ ৰজা সুদাসৰ ৰাজপুৰোহিতজনৰ নাম আছিল বিশ্বামিত্ৰ ।


৩০। বেদ কেইপ্ৰকাৰৰ ।

উত্তৰঃ বেদ চাৰিপ্ৰকাৰৰ । 


৩১। বেদিক আৰ্যসকলৰ প্ৰধান অৰ্থনৈতিক সম্পদবিধৰ নাম কি ।

উত্তৰঃ বৈদিক আৰ্যসকলৰ প্ৰধান অৰ্থনৈতিক সম্পদবিধৰ নাম হল গৰু ।


৩২। সামৰিক অভিযানবোৰক আৰ্যসকলে কি বুলি অভিহিত কৰিছিল ।

উত্তৰঃ সামৰিক অভিযানবোৰক আৰ্যসকলে গাভিস্থী বুলি অভিহিত কৰিছিল । 


৩৩। আৰ্যসকলে কন্যা সন্তানক কি বুলি অভিহিত কৰিছিল ।

উত্তৰঃ আৰ্যসকলে কন্যা সন্তানক দুহিত্ৰী বুলি অভিহিত কৰিছিল । 


৩৪। ঋকবেদত জন শব্দটো কেইবাৰ উল্লেখ কৰা হৈছে ।

উত্তৰঃ ঋকবেদত জন শব্দটো ২৭৫ বাৰ উল্লেখ কৰা হৈছে । 


৩৫।ঋকবেদত বিশ শব্দটো কেইবাৰ উল্লেখ কৰা হৈছে ।

উত্তৰঃ ঋকবেদত বিশ শব্জটো ১৭১ বাৰ উল্লেখ কৰা হৈছে ।


৩৬। অনাৰ্য প্ৰতিদ্বন্দ্বীসকলক কি বুলি উল্লেখ কৰা হৈছে ।

উত্তৰঃ অনাৰ্য প্ৰতিদ্বন্দ্বীসকলক পানি হিচাপে উল্লেখ কৰা হৈছে । 


৩৭। দাসসকলক ইৰাণীয় সাহিত্যত কি বুলি উল্লেখ কৰা হৈছে ।

উত্তৰঃ দাসসকলক ইৰাণীয় সাহিত্যত দাহ্য বুলি উল্লেখ কৰা হৈছে ।


৩৮। জনজাতীয় সমাজ ব্যৱস্থাক কেইটা ভাগত ভগাূ পাৰি ।

উত্তৰঃ জনজাতীয় সমাজ ব্যৱস্থাক তিনিটা ভাগত ভগাব পাৰি । 


৩৯। ঋকবেদত গ্ৰাম শব্দটো কেইবাৰ উল্লেখ কৰা আছে ।

উত্তৰঃ ঋকবেদত গ্ৰাম শব্দটো ১৩ বাৰ উল্লেখ কৰা আছে ।


৪০। ঝকবেদত ব্ৰাহ্মণ আৰু ক্ষত্ৰিয় শব্দটো কেইবাৰ উল্লেখ কৰা আছে ।

উত্তৰঃ ঢকবেদত ব্ৰাহ্মণ আৰু ক্ষত্ৰিয় শব্দটো ক্ৰমে ১৪ বাৰ আৰু ৯ বাৰ উল্লেখ কৰা আছে ।


৪১। হৰপ্পা সভ্যতাৰ জনজাতীয় গোটক কি বুলি কোৱা হয় ।

উত্তৰঃ হৰপ্পা সভ্যতাৰ জনজাতীয় গোটক জন বুলি কোৱা হয় ।


৪২। আটাইতকৈ প্ৰাচীন অনুষ্ঠানটোৰ নাম কি ।

উত্তৰঃ আটাইতকৈ প্ৰাচীন অনুষ্ঠানটোৰ নাম হল বিধাথা ।


৪৩। দেৱতাৰ বৃক্ষ হিচাপে কাক গণ্য কৰা হৈছিল ।

উুত্তৰঃ দেৱতাৰ বৃক্ষ হিচাপে সোমক গণ্য কৰা হৈছিল ।


৪৪। এজন বিখ্যাত জীৱবিজ্ঞানীৰ নাম লিখা ।

উত্তৰঃ এজন বিখ্যাত জীৱবিজ্ঞানীৰ নাম হল জুলিয়ান হাক্সলে ।


৪৫। ঢকবেদ সমাজ ব্যৱস্থাৰ ভেটি কি আছিল ।

উত্তৰঃ ঢকবেদ সমাজ ব্যৱস্থাৰ ভেটি আছিল পৰিয়াল ।


৪৬। ঢকবেদত কেইবাৰ অগ্নিৰ নাম উল্লেখ কৰা হৈছে ।

উত্তৰঃ ঢকবেদত ২০০ বাৰ অগ্নিৰ নাম উল্লেখ কৰা হৈছে ।


৪৭। ইন্দ্ৰৰ আন এটা নাম কি ।

উত্তৰঃ ইন্দ্ৰৰ আন এটা নাম হল পুৰন্দৰ ।


৪৮। ইন্দ্ৰ কোন শক্তিৰ নেতা আছিল ।

উত্তৰঃ ইন্দ্ৰ সেনাধ্যক্ষ আৰু দৈৱিক শক্তিৰ নেতা আছিল ।


৪৯। দেৱৰাজ ইন্দ্ৰৰ প্ৰধান অস্ত্ৰ কি আছিল ।

উত্তৰঃ দেৱৰাজ ইন্দ্ৰৰ প্ৰধান অস্ত্ৰ আছিল বজ্ৰ ।


৫০। আৰ্য সমাজ-সংস্কৃতিত কেতিয়া পৰিৱৰ্তন আহিছিল ।

উত্তৰঃ আনুমানিক ১০০০ খ্ৰীষ্টপূৰ্বত আৰ্য সমাজ-সংস্কৃতিত পৰিৱৰ্তন আহিছিল ।


চমু প্ৰশ্নঃ 

১। জনজাতীয় ৫টা উল্লেখযোগ্য গোটৰ নাম লিখা ।

উত্তৰঃ জনজাতীয় ৫টা উল্লেখযোগ্য গোটৰ নাম হল 

পুৰু, যদু, তুৰ্বছ, অনু আৰু দুৰ্যো । 


২। আৰ্য যুগত মাটি চাহ কৰা দুবিধ সজুলিৰ নাম লিখা ।

উত্তৰঃ আৰ্য যুগত মাটি চাহ কৰা দুবিধ সজুলিৰ নাম হল 

ক) নাঙল 

খ) চিৰা । 


৩। ঐতিহাসিকবিদসকলে উল্লেখ কৰা এবিধ সোণৰ মোহৰৰ নাম লিখা ।

উত্তৰঃ ঐতিহাসিকবিদসকলে উল্লেখ কৰা এবিধ সোণৰ মোহৰৰ নাম হল নিস্ক ।


৪। বেদত উল্লেখ কৰা দুটা শব্দৰ নাম লিখা ।

উত্তৰঃ বেদত উল্লেখ কৰা দুটা শব্দৰ নাম হল 

ক) অংশ 

খ) ভাগ ।


৫। সৌৰজগত পৰিচালনা কৰা দেৱতা বুলি কাক কোৱা হয় ।

উত্তৰঃ বৰুণ দেৱতাক সৌৰজগত পৰিচালনা কৰা দেৱতা বুলি কোৱা হয়  ।


৬। এখন প্ৰাচীন সাহিত্যৰ নাম লিখা ।

উত্তৰঃ এখন প্ৰাচীন সাহিত্যৰ  নাম হল অমৰকোষ ।


৭। হৰপ্পা সভ্যতা আৰু আৰ্য সভ্যতাৰ মাজৰ দুটা পাৰ্থক্য লিখা ।

উত্তৰঃ হৰপ্পা সভ্যতা আৰু আৰ্য সভ্যতাৰ মাজৰ দুটা পাৰ্থক্য হল 

ক) প্ৰাচীন হৰপ্পা আৰু মহেঞ্জোদাৰো সভ্যতা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত অনাৰ্যসকলৰ অৱদান অনস্বীকাৰ্য ।

খ) আৰ্যসকলৰ তুলনাত অনাৰ্য বা দাসসকল বহুগুণে শ্ৰেষ্ঠ  আছিল , সেই কথা নানা তথ্যয়ৰ আধাৰতহে সাবস্ত্য কৰিব পাৰি । 


৮। জনক ৰজাৰ ৰাজধানীৰ নাম কি ।

উত্তৰঃ জনক ৰজাৰ ৰাজধানীৰ নাম আছিল মিথিলা ।


৯।  সামবেদ কি ।

উত্তৰঃ সামবেদ হল গীতিসাহিত্য ।


১০। সামবেদত কিমানৰ পৰা কিমানটা শ্লোক আছে ।

উত্তৰঃ সামবেদত ১৫৪৯ ৰ পৰা ১৮১০ টা শ্লোক  আছে ।


১১। অৰ্থববেদত কিমানটা মণ্ডল, ঋষ, আৰু মন্ত্ৰ আছে ।

উত্তৰঃ অৰ্থৱবেদত ২০ টা মণ্ডল, ৭৩১টা ঋষ আৰু ৫৮৩৯ টা মন্ত্ৰ আছে ।


১২। ঋকবেদৰ ব্ৰাহ্মণৰ নাম কি ।

উত্তৰঃ ঋকবেদৰ ব্ৰাহ্মণৰ নাম হল কৌশিত্ৰিকী । 


১৩। যৰ্জুবেদ, সামবেদ আৰু অৰ্থবেদৰ ব্ৰাহ্মণ কোন ।

উত্তৰঃ যৰ্জুবেদ, সামবেদ আৰু অৰ্থৱবেদৰ ব্ৰাহ্মণ হল ক্ৰমে 

যৰ্জুবেদ- - ত্ৰৈতেৰীয় 

সামবেদ--- পঞ্চবিংশ 

অৰ্থববেদ--- গোপথ ব্ৰাহ্মণ ।


১৪। প্ৰথমখন শক্তিশালী ৰাজ্যৰ নাম কি আৰু ইয়াৰ ৰাজধানীৰ নাম কি আছিল ।

উত্তৰঃ প্ৰথমখন শক্তিশালী ৰাজ্যৰ নামহল কাশী ৰাজ্য আৰু ইয়াৰ ৰাজধানীৰ নাম আছিল বাৰানসী ।


১৫। কোশল ৰাজ্যৰ দুখন নদীৰ নাম লিখা ।

উত্তৰঃ কোশল ৰাজ্যৰ দুখন নদীৰ নাম হল 

ক) সৰ্পিকা বা সাই নদী ।

খ) সদানীৰা নদী । 


১৬। কোন নদীয়ে কোশল ৰাজ্যক দুটা ভাগত বিভক্ত কৰিছিল আৰু সেইভাগ দুটা কি কি ।

উত্তৰঃ সৰজু নদীয়ে কোশল ৰাজ্যক দুটা ভাগত বিভক্ত কৰিছিল । সেইভাগ দুটা হল 

ক) উত্তৰভাগ ।

খ) দক্ষিণভাগ ।


১৭। উত্তৰাঞ্চল আৰু দক্ষিণাঞ্চলৰ ৰাজধানীৰ নাম কি আছিল ।

উত্তৰঃ উত্তৰাঞ্চল আৰু দক্ষিণাঞ্চল ৰাজ্যৰ ৰাজধানীৰ নাম হল ক্ৰমে

ক) উত্তৰাঞ্চল-- শ্ৰাৱস্তী ।

খ) দক্ষিণাঞ্চল-- কুশাৱতী ।


১৮। অঙ্গ ৰাজ্যৰ ৰাজধানীৰ নাম কি আছিল ।

উত্তৰঃ অঙ্গ ৰাজ্যৰ ৰাজধানীৰ নাম আছিল চম্পা বা মালিনী ।


১৯। মগধ ৰাজ্যৰ ৰাজধানীৰ নাম কি আছিল । 

উত্তৰঃ মগধ ৰাজ্যৰ ৰাজধানীৰ নাম আছিল গিৰিব্ৰজ আৰু পাছলৈ পাটলিপুত্ৰ হয় । 


২০। চেদি ৰাজ্য কত অৱস্থিত আৰু ইয়াৰ ৰাজধানীৰ নাম কি আছিল ।

উত্তৰঃ চেদী ৰাজ্য আছিল গঙ্গাৰ দক্ষিণে আৰু এলাহাবাদৰ পশ্চিম অঞ্চলত আৰু ইয়াৰ ৰাজধানীৰ নাম আছিল শুক্তিমতী ।


২১। অৱন্তি ৰাজ্য কত অৱস্থিত আৰু ইয়াৰ ৰাজধানীৰ নাম কি আছিল ।

উত্তৰঃ অৱন্তি ৰাজ্য বৰ্তমান মধ্যপ্ৰদেশৰ উজ্জয়িনী আৰু বিদিশা অঞ্চলক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছিল এই ৰাজ্যৰ ৰাজধানীৰ নাম আছিল উজ্জয়িনী । 


২২। কুৰু ৰাজ্য কত অৱস্থিত আৰু ইয়াৰ ৰাজধানীৰ নাম কি আছিল ।

উত্তৰঃ কুৰু ৰাজ্য দিল্লী আৰু ইয়াৰ কাষৰ অঞ্চলত অৱস্থিত আৰু ইয়াৰ ৰাজধানীৰ নাম আছিল ইন্দ্ৰপ্ৰস্থ ।


২৩। পাঞ্চাল ৰাজ্য কত অৱস্থিত ।

উত্তৰঃ পাঞ্চাল ৰাজ্য বৰ্তমান উত্তৰ প্ৰদেশৰ বেৰিলীৰ বাদাউন ফাৰাক্কাবাদত অৱস্থিত আছিল । 


২৪। অশ্মক ৰাজ্যৰ ৰাজধানীৰ নাম কি আছিল ।

উত্তৰঃ অশ্মক ৰাজ্যৰ ৰাজধানীৰ নাম আছিল পোতলি বা পোদন ।


২৫। গান্ধাৰ ৰাজ্য কত অৱস্থিত আৰু ইয়াৰ ৰাজধানীৰ নাম কি আছিল ।

উত্তৰঃ গান্ধাৰ ৰাজ্য আছিল বৰ্তমান পাকিস্থানৰ পেছোৱাৰ -ৰাৱালপিণ্ডি অঞ্চলত আৰু ইয়াৰ ৰাজধানীৰ নাম আছিল তক্ষশীলা ।


২৬। কিমান খ্ৰীঃত অজাতশত্ৰুৰ মৃত্যু হৈছিল ।

উত্তৰঃ ৪৬১ খ্ৰীঃত অজাতশত্ৰুৰ মৃত্যু হৈছিল । 


২৭। শিশুনাগৰ উত্তৰাধিকাৰী কোন আছিল ।

উত্তৰঃ শিশুনাগৰ উত্তৰাধিকাৰী আছিল কালাশোক ।


২৮। নন্দবংশৰ প্ৰথম ৰজা কোন আছিল ।

উত্তৰঃ নন্দ বংশৰ প্ৰথম ৰজা আছিল মহাপদ্ম বা মহাপদ্মপতি ।


২৯। মগধত ৰাজত্ব কৰা হৰ্ষাংক বংশৰ দুজন ৰজাৰ নাম লিখা ।

উত্তৰঃ মগধত ৰাজত্ব কৰা হৰ্ষাংক বংশৰ দুজন ৰজাৰ নাম হল 

ক) বিম্বিসাৰ ।

খ) অজাতশত্ৰু ।


৩০। মহাবীৰৰ জন্ম কেতিয়া আৰু  কত হৈছিল ।

উত্তৰঃ ৫৪০ খ্ৰীষ্টপূৰ্বত বৈশালীৰ উপকন্ঠ অঞ্চল কুণ্ডগাৱৰ এক অভিজাত পৰিয়ালত মহাবীৰৰ জন্ম হয় । 


চমুটোকা লিখা ।

ক) কোশল 

উত্তৰঃ কাশীৰ সীমাত থকা ৰাজ্য কোশলৰ বৰ্তমান অযোধ্যা অঞ্চলৰ লগত চিনাক্ত কৰা হৈছে । উত্তৰে নেপালৰ পৰা দক্ষিণে সৰ্পিকা বা সাই নদী আৰু পূবে সাদানীৰা বা গণ্ডকৰ পৰা পশ্চিমে গোমতী পৰ্যন্ত এই ৰাজ্যখন বিস্তৃত আছিল সৰজু নদীয়ে গোটেই কোশল ৰাজ্যক উত্তৰ আৰু দক্ষিণ এই দুটা ভাগত বিভক্ত কৰিছে । উত্তৰাঞ্চলৰ ৰাজধানী আছিল শ্ৰাৱস্তী আৰু দক্ষিণাঞ্চলৰ ৰাজধানীৰ নাম আছিল কুশাৱতী । শ্ৰাৱস্তী আৰু কুশাৱতীৰ উপৰিও এই ৰাজ্যত সাকেত আৰু সেতাবি নামৰ দুখন নগৰ আছিল ।


খ) অশ্মক ৰাজ্য 

উত্তৰঃ গোদাৱৰী নদীৰ পাৰত অশ্মক ৰাজ্য অৱস্থিত আছিল । ইয়াৰ ৰাজধানীৰ নাম আছিল পোতলি বা পোদন । বৰ্তমান অন্ধ্ৰপ্ৰদেশৰ বোধন নামৰ ঠাইৰ লগত এই পোদন চিনাক্ত কৰা হৈছে । বায়ুপুৰাণৰ পৰা জনা যায় যে ইক্ষবাকুসকলৰ এটা ঠালে ইয়াত শাসন কৰিছিল । জাতকত অৰুণ নামৰ অশ্মক ৰজা এজনৰ নামো উল্লেখ পোৱা যায় । মন্ত্ৰী নন্দীসেনৰ সাহাৰ্যত তেওঁ কলিংগ জয় কৰিছিল । ইয়াৰ সিপাৰে বৰ্তমানৰ তামিলনাডু, কৰ্ণাটক, আৰু কেৰেলাত খ্ৰীষ্ট্ৰপূৰ্ব ষষ্ঠ শতিকাত ৰাজ্য উদ্ভৱ হোৱাৰ তথ্য পোৱা নাযায় । 


গ) কম্বোজ 

উত্তৰঃ উক্ত আলোচনাত ইতিমধ্য এনে দুই এখন ৰাজ্যৰ কথা উল্লেখ কৰা আছে যিবোৰত পূৰ্বে ৰাজতান্ত্ৰিক চৰকাৰ থাকি পিছলৈ গণৰাজ্য হিচাপে প্ৰতিষ্ঠিত হৈছিল । কম্বোজ এখন তেনেকুৱা ৰাজ্য আছিল । কম্বোজৰ প্ৰকৃত ভৌগোলিক অৱস্থান সম্পৰ্কে ইতিহাসবিদসকলৰ মাজত বাদানুবাদ আছে । আৰ.চি. মজুমদাৰে ৰাজ্যখন পুঞ্চ-ৰাজৌলি অঞ্চলত আছিল বুলি মতপোষণ কৰিছে । কোনো কোনোৱে হিন্দুকুশ পাহাৰৰ দক্ষিণ-পূবৰ কাপিশৰ লগত ইয়াৰ চিনাক্ত কৰিবলৈ যত্ন কৰিছে । পিছলৈ ই গণৰাজ্য হিচাপে প্ৰতিষ্ঠিত হয় । 


ঘ) কাশী 

উত্তৰঃ প্ৰথম অৱস্থাত কাশী আছিল এখন শক্তিশালী ৰাজ্য । কাশীৰ ৰাজধানী আছিল বাৰাণসী । বৌদ্ধ জাতকসমূহত এই ৰাজ্যৰ প্ৰাচীন ঐতিহ্য, কোশল আৰু অঙ্গ ৰাজ্যৰ সৈতে থকা ৰাজনৈতিক প্ৰতিদ্বন্দ্বীতাৰ কথা উল্লেখ পোৱা যায় । কোশল ৰাজ্যৰ ৰজাক পৰাজিত কৰি এক বিস্তীৰ্ণ অঞ্চল এই ৰাজ্যৰ ভিতৰুৱা কৰা হৈছিল । গোদাবৰী নদীৰ কাষত থকা অশ্মক ৰাজ্যলৈও কাশীৰ ৰজাই বিজয় অভিযান চলাইছিল । কিন্তু কাশী ৰাজ্যৰ এই ৰাজনৈতিক আধিপত্য দীৰ্ঘস্থায়ী নহল ।


ঙ) মগধ 

উত্তৰঃ  বৰ্তমান বিহাৰৰ পাটনা আৰু গয়া জিলাক সামৰি গঠন কৰা হৈছিল সেই সময়ৰ শক্তিশালী মগধ ৰাজ্য । সোণ আৰু গঙ্গা নদীৰে পৰিবেষ্টিত মগধ ৰাজ্যৰ ৰাজধানী আছিল ক্ৰমে গিৰিব্ৰজ আৰু পৰৱৰ্তীকালত পাটলিপুত্ৰ । মহাজনপদসমূহৰ ভিতৰত মগধ ৰাজ্যখনেই পাছলৈ সকলোতকৈ শক্তিশালী হৈ উঠিছিল আৰু সুদীৰ্ঘ সংগ্ৰামৰ অন্ত ই এক সুবিশাল ৰাজ্যত পৰিণত হৈছিল । 


চ) মহাবীৰ 

উত্তৰঃ ৫৪০ খ্ৰীষ্টপূৰ্বত বৈশালীৰ উপকন্ঠ অঞ্চল কুণ্ডগাঁৱৰ এটা অভিজাত পৰিয়ালত মহাবীৰৰ জন্ম হৈছিল । মহাবীৰৰ প্ৰকৃত নাম আছিল বদ্ধমান । কল্পসূত্ৰ , ভাগৱতীসূত্ৰ, আদি জৈন গ্ৰন্থসমূহত মহাবীৰৰ জীৱন বৃত্তান্ত পোৱা যায় । তেওঁৰ পিতৃ সিদ্ধাৰ্থ জ্ঞাতৃক নামৰ ক্ষত্ৰিয় গোষ্ঠীৰ মুখীয়াল আছ্ল । মাক আছিল লিচ্ছবী পৰিয়ালৰ কন্যা ত্ৰিশালা আৰু পত্নী আছিল যশোদা আৰু কন্যা অণজ্ঝা বা প্ৰিয়দৰ্শনা । পিতৃ-মাতৃৰ মৃত্যু হোৱাৰ পাছত ত্ৰিশ বছৰ বয়সত ্অগ্ৰজ নন্দীবৰ্মনৰ অনুমতি লৈ বৰ্ধমানে সংসাৰ ত্যাগ কৰি প্ৰচণ্ড শীতকালক নেওচি পৰিধান কৰা বস্ত্ৰ বিসৰ্জন দি দিগম্বৰ পৰিব্ৰাজকৰ জীৱন আকোৱালি লৈছিল । বাৰ বছৰ কঠোৰ সাধনাৰ অন্তত ঋজুপালিকা নদীৰ তীৰৰ জম্ভিক গাঁৱৰ কাষৰ এক শালগছৰ তলত ধ্যান কৰি কেৱল জ্ঞান লাভ কৰিছিল । এই দম্ভিক গাঁৱৰ ভৌগোলিক অৱস্থান সম্পৰ্কে ইতিহাসবিদসকলৰ মাজত মতবিৰোধ আছে । 


ছ) জৈনধৰ্ম 

উত্তৰঃ জিন শব্দৰ পৰা জৈন শব্দৰ উদ্ভৱ হৈছে । কাম, ক্ৰোধ, আদি ৰিপুক জয় কৰা জনেই জিন বা সিদ্ধ পুৰুষ । জিনসকলৰ দ্বাৰা প্ৰচাৰিত ধৰ্মই জৈন ধৰ্ম । জৈনধৰ্ম হিন্দুধৰ্মতকৈ কিছু প্ৰাচীন বা পুৰণি । জৈন সাহিত্যত চৌবিশজন তীৰ্থাংকৰ বা ধৰ্মগুৰুৰ নাম পোৱা যায় । এই ধৰ্মত চৌবিশজন তীৰ্থাংকৰ আছিল ১। আদিনাথ, ২। অজিতনাথ, ৩। অভিনন্দন নাথ, ৪। সুমতি নাথ, ৫। পদ্মনাথ, ৬। সম্ভৱ নাথ, ৭। সুপাৰ্শ্বনাথ, ৮। চন্দ্ৰপ্ৰভ, ৯। সুবিধিনাথ, ১০। শীতলনাথ, ১১। শ্ৰেয়াংশনাথ, ১২। বাসুপূজ্য, ১৩। বিমলনাথ, ১৪। অনন্তনাথ, ১৫। ধৰ্মনাথ, ১৬। শান্তি নাথ, ১৭। কুনথু নাথ, ১৮। অমৰনাথ, ১৯। মল্লিনাথ, ২০। মণিসুব্ৰত, ২১। নমিনাথ, ২২। নেমিনাথ, ২৩। পাশ্বনাথ, ২৪। মহাবীৰ ।


জ) চেদি

উত্তৰঃ চেদিসকল ভাৰতৰ জনজাতিসকলৰ ভিতৰত এটা প্ৰাচীন জনজাতি আছিল । চেদিসকলে বিভিন্ন সময়ত ভাৰতৰ বিভিন্ন প্ৰান্তত বসবাস কৰিছিল । খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত চেদিসকলৰ ৰাজ্য আছিল গঙ্গাৰ দক্ষিণে আৰু এলাহাবাদৰ পশ্চিম অঞ্চলত । চেদি ৰাজ্যৰ ৰাজধানীৰ নাম আছিল শুক্তিমতী । এই নগৰখনৰ উপৰিও সহজাতি নামৰ আন এখন নগৰো চেদি ৰাজ্যত আছিল । সমসাময়িক কালত চেদি ৰাজ্যৰ বিশেষ ৰাজনৈতিক গুৰুত্ব নাছিল আৰু পিছলৈ ই মগধৰ অন্তৰ্ভূক্ত হৈছিল । 


ৰচনাধৰ্মী প্ৰশ্নঃ

১। আৰ্যসকলৰ কাৰিকৰী আৰু অৰ্থনৈতিক উন্নয়নৰ বিষয়ে লিখা ।

উত্তৰঃ অঘৰী, পশুপালক আৰু সৰ্বশেষত কৃষি অৰ্থনৈতিক আকোৱালি লোৱা আৰ্যসকলে প্ৰয়োজনসাপেক্ষে নতুন নতুন আৱিস্কাৰ কাৰ্যত ব্ৰতী আছিল । এই আৱিস্কাৰসমূহ ক্ষিপ্ৰ নাছিল যদিও এইবোৰ উপযোগী আছিল । যত বৃত্তিয়াল লোকসকলৰ ভিতৰত কমাৰ, দলিচা প্ৰস্তুতকৰ্তা, তাতী, চামৰ, সোণাৰী, ধুবী আৰু কুমাৰ অন্যতম আছিল । প্ৰকৃততে হৰপ্পা সভ্যতাৰ দৰে  বিকশিত সভ্যতা একোটাৰ ধ্বংসস্তুপৰ ওপৰত প্ৰতিষ্ঠা হোৱা আৰ্যসভ্যতাই বহিৰাগত আৰু স্থানীয় উভয় সভ্যতাৰ সমলবোৰ লগত লৈ আনিছিল । আদিবৈদিক যুগৰ আৰ্যসকলে লোহা ব্যৱহাৰ কৰাতকৈ ব্ৰঞ্জৰ ব্যৱহাৰতহে গুৰুত্ব দিয়া হৈছিল । বহু ঐতিহাসিকবিদে কব খোজে যে ঋকবেদত যিহেতু অয়স শব্দটো কেইবাবাৰো উল্লেখ আছে গতিকে এই শব্দটোৰ হয়তো লোধাতুকে বুজাইছে । অৰণ্য মুকলি কৰাত বা মাটি চাহ কৰিবলৈ নাঙলত লোৰ ফাল ব্যৱহাৰ মন কৰিবলগীয়া । লেটিন শব্দ Aes  বা ব্ৰঞ্জৰ অংশ হিচাপেও অয়স শব্দটো ব্যৱহাৰ হোৱা বুলি কোৱা কথাষাৰ নুই কৰিব নোৱাৰি । উল্লেখ কৰা হৈছে যে ভাৰতত লোৰ প্ৰাচীনতম নমুনা উত্তৰ প্ৰদেশৰ নোহাত উদ্ধাৰ হোৱা লোৰ আহিলা খ্ৰীষ্টপূৰ্ব একাদশৰ পৰা নৱম শতিকাৰ বুলি ঠাৱৰ কৰা হৈছে ।

ঋকবৈদিক আৰ্যসকলৰ মাজত ধাতুৰ ব্যৱহাৰ অতি গুৰুত্বপূৰ্ণ আছিল । বি ভিন্ন ধাতু শিল্পীসকলৰ বিষয়ে ব্যাখ্যা কৰোতে দ্ৰাবিণ নামৰ একশ্ৰেণীৰ আৱিস্কাৰৰ কথা কোৱা হৈছে । এইদৰে ধাতু গলাই তাক ব্যৱহাৰৰ উপযোগী কৰি তুলিছিল । অৰণ্য মুকলি কৰিবলৈ, কৃষি কাৰ্যত তাম আৰু ব্ৰঞ্জৰ সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল । যুদ্ধাস্ত্ৰও এনে এক প্ৰকাৰৰ ধাতুৰে গঢ়া হৈছিল । কৃষিকাৰ্যত ব্যৱহাৰ কৰা আহিলাসমূহৰ ভিতৰত নাঙলৰ ফাল, কোদাল, জবকা সদৃশ আহিলা প্ৰচুৰ পৰিমাণৰ আছিল । আনহাতে, কাঁড়ৰ টুপ, যাঠি. ঢাল, তৰোৱালৰ ব্যৱহাৰ যুদ্ধত ব্যাপকভাৱে  কৰা হৈছিল । ধাতুৰ ব্যৱহাৰ জ্ঞানৰ লগতে খোজ মিলাই গৃহনিৰ্মাণ, কৃষি সঁজুলি, যুদ্ধাস্ত্ৰ, মাটিৰ শিল্পৰ বিকাশ সাধন কৰি আৰ্যসকলে স্বকীয় সত্ত্বাৰ পৰিচয় দিছিল । বিশেষকৈ ধতুৰ আচবাব প্ৰস্তুতকাৰীৰ সামাজিক স্থান অন্যান্য বৃত্তিয়াল লোকসকলতকৈ উচ্চ হোৱালৈ চাই ধাতুৰ গুৰুত্ব প্ৰতিপন্ন হয় । আনহাতে, সেই সময়ত ৰথ ব্যৱহাৰৰ মাত্ৰা আছিল  সৰ্বাধিক। যুদ্ধ-বিগ্ৰহ, , আমোদ-প্ৰমোদ. যাতায়ত আদিৰ সকলো বিষয়তে ৰথ ব্যৱহাৰ হোৱাত ৰথ নিৰ্মাতাৰ গুৰুত্ব সৰ্বাধিক আছিল ।  সমাজৰ অপৰিহাৰ্য কাৰিকৰসকল হল তাতী বা বয়ন শিল্পী । সমাজৰ প্ৰাথমিক প্ৰয়োজনীয়তা পূৰণত তেওঁলোকৰ অৱদান আটাইতকৈ বেছি । ঋকবেদত কপাহ খেতিৰ কথা উল্লেখ নথকাত এই তাতীসকলে হয়তো ভেড়াৰ নোমৰ পৰা উল তৈয়াৰ কৰি কাপোৰ বৈছিল । অৱশ্যে পৰৱৰ্তী বৈদিক যুগত কপাহৰ সমানুপাতিক তন্তু আৰু ততু নামেৰে দুবিধ সুতাৰ কথা কোৱা হৈছে । স্বৰ্গ আভৰণ সন্দৰ্ভত ঋকবেদত থকা উল্লিখনলৈ চাই স্পষ্ট হয় যে আৰ্যসকলে নাৰী-পুৰুষ নিৰ্বিশেষে অলংকাৰ পৰিধান কৰিছিল । ইয়াত কিংকিনী, নুপুৰ, মণিহাৰ আৰু কাণত পিন্ধা বিভিন্ন অলংকাৰৰ কথা কোৱা হৈছে । আদি বৈদিক যুগত চামৰ আৰু কুমাৰসকলৰ ভূমিকা অতি উল্লেখযোগ্য আছিল । জন্তুৰ ছাল চেলাই সেইবোৰ নিত্য ব্যৱহাৰ্য কাম-কাজত ব্যৱহাৰ কৰাৰ কথা ঋকবেদত উল্লেখ আছে । ঝনুৰ গুণ, পাদুকা, লেকাম আনকি যুদ্ধৰ পোছাক-চামৰাৰে তৈয়াৰ কৰা হৈছিল । আৰ্যসকল চিকাৰপ্ৰিয় হোৱাত তেওঁলোকে মৰা বিবিধ জন্তু যেনে- সিংহ, ভালুক, হৰিণসমূহৰ ছাল সংৰক্ষিত কৰি ৰাখি ব্যৱহাৰ কৰিব পৰা কৰি তুলিছিল । সভ্যতা বিৱৰ্তনত কুমাৰচাকৰ ভূমিকা উল্লেখনীয় । মাটিৰ পাত্ৰ নিৰ্মাণ, সেইবোৰত বিভিন্ন চিত্ৰ অংকন কলা আছিল আৰ্যসকলৰ সুকুমাৰ কলাৰ পৰিচয় । ধূসৰ বৰণৰ মাটিৰ পাত্ৰ হিচাপে চিহ্নিত কৰা এই সময়ৰ পাত্ৰবোৰত অংকিত জ্যামিতিক আকাৰৰ চিত্ৰকলাই ইতিহাস উন্মোচনত বিশেষ দায়িত্ব বহন কৰিছে । পশ্চিম গংগা উপত্যকাত বিকাশ লাভ কৰা এই মাটিৰ শিল্পকলা হৰপ্পা সভ্যতাৰ পৰৱৰ্তী সময়ত বিকশিত অন্যতম অতি উল্লেখযোগ্য কলাশৈলী । 


২। আৰ্যসকলৰ সামাজিক শ্ৰেণীবিভাজনৰ বিষয়ে লিখা ।

উত্তৰঃ আগতে উল্লেখ কৰা হৈছে  যে স্থানীয় অনাৰ্যসকলৰ পৰা প্ৰব্ৰজনকাৰী আৰ্যসকলক শাৰীৰিক গঠনৰ ভিত্তি কৰি ভাগ কৰা হৈছিল । এচাম ইতিহাসবিদে কব খোজে আৰ্যসকলৰ গাৰ ৰঙৰ বা বৰণৰ ভিত্তিত সামাজিক প্ৰস্থিতি ভাগ -বটোৱাৰা কৰিবলৈ লোৱাৰ কৰিবলৈ লোৱাৰ পৰাই বৰ্ণপ্ৰথাৰ উদ্ভৱ হল । উল্লেখযোগ্য যে আৰ্যসকলৰ হাতত যিসকল লোক পৰাভূত হৈছিল তেওঁলোকে বিজয়ী পক্ষৰ কৃষি-কাৰ্য, বনুৱা, ৰূপত নিয়োজিত হৈ দাস হিচাপে পৰিগণিত হৈছিল । বৈদিক যুগত কৃষি-কাৰ্যত দাস ব্যৱহাৰ হোৱা কথা পোৱা যায় । তদান্তীন সমাজ-ব্যৱস্থা শক্তি বা একোখন যুদ্ধৰ আলমতে পৰিচালিত হৈছিল । যুদুধৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি সমাজত এক স্থায়ী যুজাৰু শ্ৰেণী আছিল আৰু তেওঁলোকক পৰামৰ্শ দিবলৈ বুদ্ধিজীৱিগোটত এটাইও আত্মপ্ৰকাশ কৰিছিল । অৱশিষ্ট লোকসকলে উপৰিউক্ত উভয় শ্ৰেণীকে সামাজিক সুৰক্ষাৰ নিশ্চিতি প্ৰদান আৰু পৰিচালনাৰ বিনিময়ত উচিত মূল্য নিয়মীয়াভাৱে পৰিশোধ কৰিবলৈ বাধ্য হৈছিল । বৈদিক যুগত বালি নামৰ এবিধ কৰৰ উল্লেখ থকা কথাকে সূচায় । ঋকবেজৰ পুৰুসূত্ৰই এনে সামাজিক ব্যৱস্থাকে ধৰ্মীয় মান্যতাৰ প্ৰলেপ দি দৃষ্টিকৰ্তাৰ বিভিন্ন অংগৰ পৰা সমাজৰ জাতিসমূহৰ উত্থান হৈছে বুলি প্ৰতিপন্ন কৰিলে । 

ঋকবৈদিক সমাজব্যৱস্থা সম্পূৰ্ণৰূপে কৃষিভিত্তিক, জনজাতীয় সমাজ আছিল । আৰ্যসকলে ভূমি আৰু ঘৰচীয়া জন্তু অধিগ্ৰহণৰ বাবে সঘনাই যুদ্ধত লিপ্ত হৈছিল । এইদৰে যুদ্ধত প্ৰবৃত্ত হোৱা লোকসকলৰ যিসকলে বিজয়ী হবলৈ সক্ষম হৈছিল তেোঁলোকৰ সামাজিক স্থান আৰু প্ৰতিপত্তি আনসকলতকৈ অধিক হোৱাতো স্বাভাৱিক ।   সেইদৰে উদ্ভৱৰ অসমানুপাতিক বিতৰণে সমসাময়িক সমাজখনক বহু ভাগত বিভক্ত কৰিছিল । সেইসময়ৰ গ্ৰন্থবোৰত দাস বা দস্যু শব্দৰ উল্লেখ পোৱা যায় । সেইদৰে শাসক আৰু পুৰোহিতবৰ্গৰ সেৱা-যত্নৰ বাবে মহিলা দাস থকাৰ কথা উল্লেখ কৰা হৈছে । আনহাতে, সমাজত মহিলাৰ প্ৰয়োজনীয়তা আছিল অধিক ।কাৰণ যঁজাৰু , কৃষক জন্ম দিয়াত তেওঁলোকেই প্ৰধান ভূমিকা পালন কৰিছিল । ঋকবেদৰ সমাজ ব্যৱস্থাৰ সৈতে প্ৰায়বোৰ শব্দ যেনে ভৰা, ভ্ৰাতা, ভৰাজ, শ্ৰদ্ধা, গ্ৰাম আদিৰ বিষয়ে সৈতে উল্লেখ পোৱা গৈছে । এই শব্দবোৰে ঋকবৈদিক সমাজ ব্যৱস্থাত বেতনভোগী শ্ৰমিক নিযুক্তি ব্যৱস্থা থকাটো সূচায় । এই শব্দবোৰে ঋকবেদৰ সৈতে জড়িত দুটা সামাজিক শ্ৰেণীক প্ৰতিনিধিত্ব কৰিছে । ক) যঁজাৰু বৰ্গ, যাৰ প্ৰধান উদ্দেশ্য হল আশে-পাশে থকা অঞ্চলবোৰ আক্ৰমণ কৰি তাৰ পৰা লুটপাত কৰা সামগ্ৰী সংগ্ৰহ কৰা । খ) পশুপালক শ্ৰেণী, যিসকলে জনতাক দুগ্ধজাত শস্যৰ লগতে অন্যান্য খাদ্যৰ যোগান ধৰিছিল । পৰৱৰ্তী সময়ত প্ৰথম গোটটোৱেই ৰাডজনৈতিক কোঠামো পৰিচালনাৰ নেতৃত্ব লৈছিল । 


৩। আৰ্যসকলৰ ৰাজনৈতিক সম্পৰ্কৰ বিষয়ে লিখা ।

উত্তৰঃ আৰ্যসকলে পোনপ্ৰথমে অৰ্ধ যাযাবৰী, পশুপালক জনজাতীয় সমাজ ব্যৱস্থাক প্ৰতিনিধিত্ব কৰিছে । গতিকে এই সময়ৰ আৰ্যসমাজখন এক কথাত প্ৰকৃতি ৰাজ্যত বৰ্তি থকা জনজাতীয় ৰাজনৈতিক জীৱনশৈলী অনুকৰণ কৰা এখন সমাজৰ বাদে আন একো নাছিল । এই সমাজ ব্যৱস্থাত শাসক হিচাপে কোনো নিৰ্দিষ্ট বংশৰ পৰা নিৰ্বাচিত লোকক অঞ্চল বিশেষৰ দায়িত্ব প্ৰদান কৰাৰ বিপৰীতে একোজন জনজাতীয় মুখিয়াল সৰ্বসাধাৰণে মনোনীত কৰি কেতবোৰ প্ৰাথমিক ৰাজনৈতিক অধিকাৰ প্ৰদান কৰি শাসন কৰিবলৈ সুবিধা দিছিল । এনেবোৰ জনজাতীয় গোটক জন হিচাপে অভিহিত কৰা হৈছিল । সেই নিৰ্দিষ্ট জনটোৰ মুখিয়ালজনৰ ওপৰতে গোটেই নাগৰিকসকলক কল্যাণকামী পথেৰে আগবঢ়াই নিয়াৰ দায়িত্ব অৰ্পণ কৰা হৈছিল । 

গতিকে আদি বৈদিক যুগত উপলব্ধ ৰাজনৈতিক জীৱনত থকা ৰাজনৈতিক প্ৰশাসন যন্ত্ৰ বহুভাগত বিভক্ত বা স্তচৰীকৃত আছিল । যি কি নহওক ঋকবেদত উল্লেখ কৰা বিষয়াসকলৰ পদবীসমূহে সেইসময়ৰ ৰাজনৈতিক কোঠামৰ কিছু আভাস দিয়ে । যত সেনানী পুৰোহিত আৰু তৃণমূল পৰ্যায় বা উচ্চপদস্থ বিষয়াৰ কথা উল্লেখ কৰা আছে । ইয়াৰ উপৰিও গুপ্তচৰ আৰু পুলিচ প্ৰশাসনৰ কথা উল্লেখ চাই তদান্তীদন সমাজ ব্যৱস্থাত আইনখন  প্ৰণয়ন কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছিল বুলি অনুধাৱণ কৰিব পাৰি । সেনানী শব্দটোৱে বা পদটোৰ উল্লেখ থাকিলেও আদি বৈদিক আৰ্য শাসকসকলে কোনো ধৰণৰ স্থায়ী সামৰিক বাহিনী যে ৰখা নাছিল সেই কথা সমসাময়িক সাহিত্যৰাজিৰ পৰা বুজিব পাৰি । প্ৰশাসনযন্ত্ৰৰ স্তৰ বিভাজনত ৰজাৰ স্থান সৰ্বোচ্চ আছিল যদিও এই পদ বংশানুক্ৰমিক নাছিল । তেওঁক নিৰ্দিষ্ট জনগোষ্ঠীয় গোটটোৰ নীগৰিকসকলে নিৰ্বাচন কৰি শাসক পাতিছিল । এইদৰেই ক্ষুদ্ৰ-ক্ষুদ্ৰ জন আৰু বিশ সমূহৰ শাসক মনোনীত কৰাৰ প্ৰক্ৰিয়া চলি আছিল । ৰজা বা ৰাজন্য হল ঋকবৈদিক প্ৰশাসনিক যন্ত্ৰৰ প্ৰাণকেন্দ্ৰ । তেওঁ জনজাতীয় গোটটোক যুদ্ধৰ সময়ত সন্মুখৰ পৰা নেতৃত্ব দি আগবঢ়াই নিছিল । ৰজাক তেওঁৰ সমৰ কুশলতা আৰু অন্যান্য গুণৰাজিৰ আতিগুৰি চাই জনসাধাৰণৰ দ্বাৰা নিৰ্বাচন কৰা হৈছিল । পাছলৈ ৰজাৰ পদটো বংশানুক্ৰমিক  হৈ পৰে । যি নহওক, ৰজাৰ হাতত স্বেচ্ছাচাৰী হব পৰাকৈ ক্ষমতা প্ৰদান কৰা হোৱা নাছিল । ৰজাক পৰামৰ্শৰ বাবে আছিল স্মৃতি নামৰ এখন জনজাতি মুখিয়ালসকলৰ দ্বাৰা গঠিত পৰিষদ । ৰজাৰ প্ৰধান কৰ্তব্যৰ ভিতৰত নাগৰিক আৰু গো-ধনৰ সুৰক্ষা প্ৰদান, যুদ্ধ যাত্ৰাত অংশগ্ৰহণ আৰু জনগোষ্ঠীৰ কল্যাণৰ বাবে ভগৱানক সন্তুষ্ট কৰি ৰখা ।

ঋকবৈদিক যুগৰ  নিয়মসমূহ প্ৰশাসন ব্যৱস্থাত ৰজাক সহযোগিতা আগবঢ়োৱা পৰিষদবোৰৰ উপৰিও পুৰোহিত শ্ৰেণীটোৱে পৰামৰ্শদাতাৰ ভূমিকাত অৱৰ্তীণ হৈছিল । এনে দুজন জনপ্ৰিয় পুৰোহিত আছিল ক্ৰমে বশিষ্ঠ আৰু বিশ্বামিত্ৰ । তেওঁলোকে সচৰাচৰ ৰজাক যুদ্ধৰ সময়ত পৰামৰ্শ দিছিল আৰু তাৰ বিনিময়ত যুদ্ধত আহৰণ কৰা গো-ধন, ধাতু, কাপোৰ আৰু মহিলা দাসবোৰৰ এটা অংশ উপঢৌকন হিচাপে পাইছিল । উল্লেখযোগ্য যে নাগৰিকৰ পৰা সেই সময়ত কৰ সংগ্ৰহ কৰা হৈছিল নে হোৱা নাছিল সেই সন্দৰ্ভত কোনো স্পষ্ট তথ্য পোৱা নাযায় । প্ৰশাসনতন্ত্ৰ পৰিচালনাৰ স্বাৰ্থত বালি নামৰ এবিধ কৰ সংগ্ৰহৰ কথা উল্লেখ আছে । বহুদূৰ সম্ভৱ বালি আছিল স্থানীয় লোকসকলে ৰজাঘৰক স্বেচ্ছাই প্ৰদান কৰা মাননি । যাৰ দ্বাৰা তেওঁলোকৰ ৰাজনৈতিক, সামৰিক আৰু সামাজিক নিৰাপত্তা সুনিশ্চিত হৈছিল । 

ঋকবৈদিক আৰ্যসকলে ৰাজনৈতিক জীৱনত কিদৰে অংশগ্ৰহণ কৰিছিল সেই সন্দৰ্ভত কোনো স্পষ্ট ধাৰণা নাই । সেই সময়ৰ ৰাজনৈতিক জীৱনত তিনিখন ৰাজনৈতিক সংসদ-- বিধাথা, সভা আৰু সমিতিৰ  নাম বিশেষভাৱে উল্লেখযোগ্য । ইয়াৰে বিধাথা হল আটাইতকৈ  প্ৰাচীন অনুষ্ঠান । অতি উল্লেখযোগ্য যে বিধাথাত মহিলাসকলে অংশগ্ৰহণ কৰিছিল । ইয়াৰ বিপৰীতে সভাত সমাজৰ নেতৃস্থানীয় নাগৰিকসকলে অংশগ্ৰহণ কৰিছিল । ই আছিল সৰ্বোচ্চ সংসদ । আনহাতে সমিতিসমূহত স্থানীয় সকলো নাগৰিকে অংশগ্ৰহণ কৰিছিল । গতিকে জন একোখনৰ প্ৰাথমিক অভাৱ-অভিযোগ , ৰাজনৈতিক পৰিকল্পনাসমূহ সমিতি সমূহৰ দ্বাৰা বৃহত্তৰ প্ৰেক্ষ৩পটত উত্থাপন কৰিবলগা হৈছিল । 


৪। মহাজনপদসমূহৰ বৈশিষ্ট্যৰ বিষয়ে লিখা । 

উত্তৰঃ ভৌগোলিক অৱস্থানৰ পৰা দেখা পোৱা যায় যে ৰাজতান্ত্ৰিক ৰাষ্ট্ৰই গঙ্গা উপত্যকাৰ সমভূমি অঞ্চলত অৱস্থিত আছিল আৰু জনজাতীয় ৰাষ্ট্ৰসমূহ আছিল হিমালয়ৰ পাদদেশ অঞ্চল, পঞ্জাৱ আৰু উত্তৰ-পশ্চিম ভাৰতবৰ্ষত । পণ্ডিতসকলে অনুমান কৰে যে সমভূমি অঞ্চলত ৰাজতন্ত্ৰ গঠন হোৱাৰ আগেয়ে পাহাৰৰ নামনি ভাগত প্ৰায়বোৰ গণৰাজ্য গঠন হৈছিল আৰু আৰু আন কিছুমান জনজাতিয়ে ক্ৰমান্বয়ে বাঢ়ি যোৱা বৈদিক যাগ-যজ্ঞ আৰু জাত-পাত প্ৰথাৰ প্ৰভাৱ সহ্য কৰিব নোৱাৰিয়ে সমভূমি এৰি পাহাৰৰ নামনি ভাগত নতুন নতুন গণৰাজ্য গঠন কৰিছিল । 

সেইসময়ত গণৰাজ্য আৰু ৰাজতান্ত্ৰিক -- উভয়তে কৃষিৰ উপৰিও বিভিন্ন ধৰণৰ কৃষিভিত্তিক শিল্পই গা-কৰি উঠিছিল । তাৰফলত তক্ষশীলা, শ্ৰাৱস্তী, চম্পা, ৰাজগৃহ, অযোধ্যা, বৈশালীৰ নিচিনা নগৰকেন্দ্ৰিক বাণিজ্যকেন্দ্ৰ গঢ় লৈ উঠিছিল । গণৰাজ্যবোৰত মাটিৰ মালিকীস্বত্ব গোটেই উপজাতিটোৰেই আছিল যদিও ৰাজতন্ত্ৰৰ প্ৰচলন থকা ৰাজ্যবোৰত ব্যক্তিগত মালিকীস্বত্বৰ আৰম্ভ হৈছিল আৰু ৰজায়ে সকলো মাটিৰ মালিক আছিল । কৃষিকাৰ্যৰ সকলো কাম শূদ্ৰসকলেই কৰিবলগা হৈছিল । তেওঁলোকে কৰা শস্যৰ আধা ৰাজহ হিচাপে দিব লাগিছিল । ব্যক্তি স্বাধীনতা আৰু ব্যক্তিগত মতামতক সন্মান জনোৱা হৈছিল কাৰণেই দুখন গণৰাজ্যত গৌতম বুদ্ধ আৰু মহাবীৰ উদ্ভাৱিত ধৰ্মৰ দৰে স্বাধীন ধৰ্মৰ দ্বাৰা জন্ম হব পাৰিছিল । 

মগধৰ উত্থানঃ ১৬ খন মহাজনপদৰ মাজত ৰাজনৈতিক ক্ষমতা লাভ আৰু ভৌগোলিক সীমা বিস্তাৰ কৰাৰ বাবে অহৰহ যুজ-বাগৰ চলিছিল আৰু প্ৰায়বিলাক ৰাষ্ট্ৰই তিষ,্ঠটি থাকিব নোৱাৰি শক্তিশালী ৰাষ্ট্ৰ একোখনৰ লগত মিলি যাব লগা হৈছিল যে কাশী, কোশল, মগধ, আৰু বৃজ্জিৰ বাহিৰে সকলোবোৰ ৰাষ্ট্ৰই নোহোৱা হৈ পৰিছিল । এই চাৰিখন ৰাষ্ট্ৰৰ মাজত প্ৰায় শতিকাজোৰা সংঘৰ্ষ চলি আছিল আৰু শেষত মগধ ৰাজ্যই কেউখনৰে অস্তিত্ব নোহোৱা কৰি নিজৰ সাৰ্বভৌমত্ব প্ৰতিষ্ঠা কৰি গোটেই উত্তৰ ভাৰতত আধিপত্যৰ প্ৰতীক হৈ পৰিছিল ।  ভাৰতৰ ৰাজনৈতিক মগধৰ উত্থানৰ মূলতে কেইবাটাও কাৰণ জড়িত আছিল । 

ক) মগধ আছিল প্ৰকৃতি পদত্ত সুৰক্ষা ব্যৱস্থাৰে মণ্ডিত নদী-মাতৃক অঞ্চল । বহুতো পাহাৰ, পৰ্বত, নদী-নিজৰাই মগধ ৰাজ্যক আৱৰি আছিল  । ইয়াৰ ৰাজধানী ৰাজগৃহ বা গিৰিব্ৰজৰ চাৰিওফালে পাহাৰে আগুৰি থকাত ই অত্যন্ত সুৰক্ষিত আছিল । নদ-নদীৰে পৰিপূৰ্ণ বা ভৰি থকা কৃষিভূমিত প্ৰচুৰ পৰিমাণে কৃষিজাত সামগ্ৰীৰ খেতি কৰা হৈছিল । কৃষি-শস্যৰ পৰিমাণ বৃদ্ধি হৈছিল বাবে মগধত জনসংখ্যাৰ হাৰ অধিক আছিল আৰু মগধ ৰাজ্যত শক্তি-সমৃদ্ধিশালী কৰিছিল । 

খ) মগধ আৰু ইয়াৰ আশে-পাশে থকা ধলভূম-সিংহভূম অঞ্চলত থকা প্ৰচুৰ খনিজ সম্পদ প্ৰধানকৈ লো আৰু তামৰ খনিয়ে দেশখনক কৃষি-কাৰ্যৰ পৰা যুদ্ধ-বিগ্ৰহৰ অস্ত্ৰ-শস্ত্ৰলৈকে বৰঙণি আগবঢ়াইছিল ।

গ) নদীমাতৃক ৰাজ্য হিচাপে মগধে আন্তঃ আৰু বৰ্হিঃ বাণিজ্যত শক্তিশালী ভূমিকা পালন কৰিছিল ।

ঘ) তাৰোপৰি মগধে লাভ কৰিছিল সুযোগ্য শক্তিশালী নেতা আৰু সেনাবাহিনী । বিম্বিসাৰৰ পৰা মৌৰ্যসকলৰ শেষ ৰজা জয়দ্ৰথলৈকে মগধে এজনৰ পিছত এজনকৈ সুদক্ষ নেতা লাভ কৰিছিল । মগধৰ হস্তিবাহিনী আছিল সমকালীন যুগৰ আটাইতকৈ শক্তিশালী গোট ।

ঙ) মগধৰ সাংস্কৃতিক তথা সামাজিক পৰিৱেশেও ৰাজনৈতিক প্ৰসাৰণত পথ সুগম কৰিছিল । মগধ অঞ্চলত আৰ্য-অনাৰ্য উপাদানৰ  সংমিশ্ৰণত এক উদাৰ আৰু উন্নত সংস্কৃতিৰ উদ্ভৱ হৈছিল ।


৫। উত্তৰ ভাৰতত ধৰ্মীয়আন্দোলনৰ কাৰণসমূহৰ বিষয়ে লিখা 

উত্তৰঃ পৰৱৰ্তী বৈদিক যুগৰ পৰাই ভাৰতীয় আৰ্থ-সামাজিক -সাংস্কৃতিক তথা বৌদ্ধিক দিশত যথেষ্ট পৰিৱৰ্তন আহিল । তাৰ ফলত বৈদিক ধৰ্মই পূৰ্বৰ নিয়ন্ত্ৰণ বহুখিনি হেৰুৱালে । ধৰ্মৰ প্ৰতি সৰ্বসাধাৰণৰ দুই ধৰণৰ প্ৰতিক্ৰিয়া দেখা গল । এচামে উপলব্ধি কৰিলে যে যাগ-যজ্ঞৰ বিশেষ উপযোগিতা নাই । সভক্তি আৰাধনাত ইশ্বৰ সন্তুষ্ট হয় আৰু ভক্তৰ মনৰ আশা পূৰণ কৰে । এচাম লোকে বৈদিক-অবৈদিক দেৱ-দেৱীৰ কতৃত্ব মানি লৈছে কিন্তু যাগ-যজ্ঞৰ ওপৰত গুৰুত্ব আৰোপ কৰা নাই । এই চামক প্ৰগতিবাদী বা সংস্কাৰপন্থী বোলা হয় । আনটো চামৰ চিন্তাধাৰা আছিল মুক্তিয়েই হল মানুহৰ লক্ষ্য, ইশ্বৰ আছে নে নাই , এই প্ৰশ্ন নিৰৰ্থক । মুক্তিৰ বাবে যাগ-যজ্ঞ, পুৰোহিত আদিৰ প্ৰয়োজন নাই । 

জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্ম প্ৰচাৰৰ কাৰণসমূহ 

ধৰ্মৰ ক্ষেত্ৰত এক সংস্কাৰধৰ্মী মনোভাৱ লৈ খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাতে আৰম্ভ হৈছিল । এই মনোভাৱ পিছলৈ জৈনধৰ্ম আৰু বৌদ্ধধৰ্ম বিস্তাৰত সহায়ক হৈছিল । ইয়াৰ উপৰিও নানা ধৰণৰ কাৰণেও উভয় ধৰ্মৰ বিকাশত ভূমিকা লৈছিল । 

ক) বৰ্ণপ্ৰথা ঃ বৈদিক সমাজখন চাৰিটা বৰ্ণত বিভক্ত আছিল । ইয়াত ব্ৰাহ্মণসকলে নিজকে সৰ্বশ্ৰেষ্ঠ বুলি দাবী কৰিছিল । সেইকাৰণে বাকী তিনিটা বৰ্ণই বা বৰ্ণৰ লোকে আগবাঢ়ি যোৱাৰ সুবিধা পোৱা নাছিল । এই কাৰণে সমাজত বৰ্ণবৈষম্যৰ সৃষ্টি হৈছিল । আনহাতে, ক্ষত্ৰিয়সকলে ৰাজ্য আৰু সৈন্যবাহিনী পৰিচালনা কৰিছিল । তথাপি তেওঁলোকৰ স্থান আছিল ব্ৰাহ্মণসকলৰ তলত । সেইকাৰণে তেওঁলোকৰ মাজৰ এচাম পৰিৱৰ্তনশীল মনোভাৱৰ দ্বাৰা ব্ৰাহ্মণসকলৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছিল । জৈনধৰ্মৰ প্ৰৱৰ্তক মহাবীৰ আৰু বৌদ্ধধৰেমৰ প্ৰৱৰ্তক গৌতম বুদ্ধ ক্ষত্ৰিয় আছিল আৰু তেওঁলোকৰ বৈদিক পৰম্পৰাৰ ওপৰত কোনো বিশ্বাস নাছিল । 

খ) অৰ্থনৈতিক কাৰণ ঃ জৈনধৰ্ম আৰু বৌদ্ধধৰ্মৰ প্ৰসাৰৰ মূল বা প্ৰধান কাৰণ আছিল অৰ্থনৈতিক । আৰ্যসকল প্ৰথমে পশুপালনৰ লগত জড়িত আছিল । পিছলৈ তেোঁলোকে কৃষিকাৰ্যৰ লগতো জড়িত হৈ পৰিছিল । বৈদিক নিয়মবোৰৰ ভিতৰত পশুবলিও অন্তৰ্গত আছিল । যেতিয়ালৈকে আৰ্যসকল পশুপালনৰ লগত জড়িত আছিল তেতিয়ালৈকে বহুতো পশু লগত ৰাখিছিল আৰু তাৰে মাজৰ কিছুমানক বলি দিছিল । কিন্তু কৃষিৰ লগত জড়িত হোৱাৰ পিছত তেওঁলোকে খেতিৰ প্ৰতি অধিক আগ্ৰহী হল আৰু পশুপালনৰ সংখ্যা কমাই দিছিল । লগতে খেতিৰ বাবে তেওঁলোকে বলধজাতীয় পশুৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হল । সেইবাবে তেওঁলোকৰ পোহনীয়া জন্তুবোৰ তেওঁলোকৰ কাৰণে অধিক মূল্যৱান হৈ পৰিছিল । বৈদিক নিয়ম অনুসৰি এতিয়া পশুবলি দিয়াতো তেোঁলোকৰ কাৰণে কঠিন হৈ পৰিছিল । 

Type By- Ali rani kakati 





Post ID: DABP005517