কল্পনাৰ সংজ্ঞা আৰু পৰিসৰ

প্ৰথম গোট 

প্ৰশ্নাৱলী :-

অতি চমু প্ৰশ্ন :- 

1| কল্পনা কি অৱস্থাৰ স্বৰূপ ?

উওৰ : কল্পনা মানৱ মনৰ এক গুৰুত্বপূৰ্ণ অৱস্থাৰ স্বৰূপ ।

2| কল্পনা শক্তিক কি কাৰ্য বুলি কোৱা হয় ?

উওৰ : কল্পনা শক্তিক মানৱ মনৰ মানসিক উদ্ভাৱন কাৰ্য বুলি কোৱা হয় ।

3| ' Imagination ' শব্দটো কি ভাষাৰ পৰা আহিছে ?

উওৰ : লেটিন ভাষাৰ 'imaginare' শব্দৰ পৰা "imagine' শব্দটোৰ পৰা আহিছে ।

৫। হার্ডছনে কবিতা সম্পর্কে কৈছে ? 

উওৰ : হাৰ্ডছনে কৈছে কবিতা হ'ল এবিধ বিশেষধৰণৰ আৰ্ট। যেতিয়া কল্পনা আৰু অনুভূতিৰ  কাব্য়িক ক্ৰিয়া এক  বিশিষ্ট প্ৰকাশভঙ্গিযুক্ত হৈ পৰে, তেতিয়া কবিতাৰ উৎপত্তি হয় বুলি কৈছে ।

৬। ৰোমাণ্টিক সাহিত্যৰ মূল উপাদান কি?

উওৰ : ৰোমান্টিক সাহিত্য়ৰ মূল উপাদান হ'ল - কল্পনা ।

7| কল্পনা অবিহনে ৰোমাণ্টিক কবিতা সম্ভনে?

উওৰ : কল্পনা অবিহনে ৰোমান্টিক কবিতা অসম্ভৱ ।

৮। কল্পনাৰ প্ৰকাৰ কিহৰ ভিত্তিত কৰা হৈছে?

উওৰ : সৃজনীমূলক সাহিত্য়িক আৰু মনোবৈজ্ঞানিক সকলে-কল্পনাৰ সংজ্ঞা কল্পনাৰ বৈশিষ্ট্য় আৰু কল্পনাৰ পৰিসৰ আদিৰ ওপৰত নিৰ্ভৰ কৰি কল্পনাৰ প্ৰকাৰ ভিত্তি কৰা হৈছে ।

৯। সৃজনীমূলক সাহিত্য ৰচনাৰ এটি প্রয়োজনীয় যোগ্যতা উল্লেখ কৰা।

উওৰ : সৃজনীমূলক সাহিত্য় ৰচনাৰ এটি প্ৰয়োজনীয় যোগ্য়তা হ'ল - 

সৃজনশীলতা ঃ সৃজনশীলতা হ'ল নতুন কিবা এটা বিষয়ৰ উদ্ভাৱন কৰা এক প্ৰক্ৰিয়া । বিজ্ঞানী সকল উদ্ভাৱন কৰা বিভিন্ন বিষয়ৰ সূত্ৰ বা বিভিন্ন পদাৰ্থ, চিকিৎসা বিজ্ঞানীসকলে ঔষধৰ উদ্ভাৱন প্ৰক্ৰিয়া, সাহিত্য়িকসকলে গল্প, কবিতা, নাটক, উপন্য়াস আদি ৰচনা কৰোতে সৃজনশীল ক্ষমতা; গৃহিণীয়ে, ঘৰ- দুৱাৰ নতুনকৈ সজোৱা আদিবোৰ সৃজনশীলতা । উল্লেখিত সৃজনশীল বিষয়সমূহৰ মাজত গুণগত পাৰ্থক্য় থাকে । বিজ্ঞান বিষয় সৃজনশীলতা অথবা গৃহ সজোৱাৰ মাজত সৃজনশীলতাৰ পাৰ্থক্য় থকাটো তেনেই স্বাভাৱিক । কাৰণ সাহিত্য়ত সৃজনশীলতাৰ ক্ষেত্ৰত কল্পনাই বেছি প্ৰাধন্য লাভ কৰে; ইয়াৰ বাস্তৱতা থাকে যদিও যুক্তিযুক্ততা কম থাকে । পৃথিৱীৰ বুকুত বিভিন্ন সময়ত অনেক প্ৰতিভাৱান ব্য়ক্তিয়ে সাহিত্য়, বিজ্ঞান, সাহিত্য়, সংগীত, সুকুমাৰ ক'লা আদিৰ ক্ষেত্ৰত সৃজনশীল কাম কৰি বিশেষ আসন লাভ কৰিবলৈ সক্ষম হৈছে । এই সৃজনশীল ব্য়ক্তিৰ বা লেখকসকলৰ জীৱনদৰ্শন অধ্য়য়ন কৰিলে দেখা যায় তেওঁলোক গভীৰ কল্পনাময় চিন্তাশীল গুণৰ অধিকাৰী । আচলতে সৃজনশীলতা চিন্তনৰ বিশেষ এতা প্ৰকাৰ ।   

১০। সৃজনীমূলক কৰ্মৰ ক্ষেত্ৰত কেইটা স্তৰ সন্নিৱিষ্ট হৈ আছে।

উওৰ : সৃজনীমূলক  কৰ্মৰ ক্ষেত্ৰত  ৪ টা স্তৰ সন্নিবিষ্ট কৰা হৈছে ।

১১। মাটিমাৰ এড্‌লাৰৰ গ্ৰন্থখনৰ নাম কি?

উওৰ : মাটিমাৰ এড্লাৰৰ গ্ৰন্থখনৰ নাম হ'ল - 'How to Read a Book : The Classic Guide to intelligent Reading'.

চমু প্রশ্ন :

১। কল্পনাৰ সংজ্ঞা দিয়া।

উওৰ : "কল্পনা হ'ল সৃষ্টিশীল বা সৃজনশীল হোৱাৰ বাবে নতুন সমস্য়া সমাধান কৰাৰ বাবে মনৰ এক বিশেষ সামৰ্থ ।"

২। কল্পনা সম্পর্কে ম'ৰিচ বাউৰাইয়ে কি লিখিছে?

উওৰ : ম'ৰিচ বাউৰাইয়ে লিখিছে- "অষ্টাদশ শতিকাত কল্পনা কাব্য়তত্ত্বৰ মূল বিন্দু নাছিল । ...( পোপ, জন্ছন বা ড্ৰাইডেন ) কবি এজন শ্ৰষ্টাতকৈ বেছি পৰিমানে এজন ব্য়াখ্য়া কৰোঁতাহে আছিল, অপৰিচিত আৰু আগেয়ে নেদেখাখিনি অন্বেষণ নকৰি তেওঁলোকে আমি ইতিমধ্য়ে জনাখিনিৰ ভিতৰত থকা আকৰ্ষণবোৰকেই দেখুৱাত অধিক মনোনিৱেশ কৰিছিল ।

3| কল্পনাৰ এটি বৈশিষ্ট্য লিখা।

উওৰ : কল্পনাৰ এটি বৈশিষ্ট্য় হ'ল- মানৱ মনৰ উচ্চমানযুক্ত বা মনাত্মক ক্ষমতাৰ পৰিচয় দান কৰাৰ প্ৰকৃত স্বৰূপ কল্পনা ।

4| কল্পনাৰ প্ৰকাৰ কি কি?

উওৰ : কল্পনাৰ প্ৰকাৰ কেইটা হ'ল- 

 (ক) সৃজনশীল আৰু গ্ৰহণাত্মক কল্পনা ।

 (খ) সচ্চেষ্টা আৰু নিচেষ্টা কল্পনা ।

 (গ) বৌদ্ধিক, সৌন্দৰ্যবোধক আৰু ব্য়ৱহাৰিক কল্পনা ।

 (ঘ) অস্বাভাৱিক কল্পনা ।

(ঙ) বিশ্বাসহীন আৰু বিশ্বাসযুক্ত কল্পনা । 

৫। সৃজনশীল আৰু গ্ৰহণাত্মক কল্পনা কি লিখা।

উওৰ : মানৱ সমাজৰ ব্য়ক্তিসকলে যেতিয়া নিজৰ মনৰ পৰা ভাৱৰ উপাদান গ্ৰহণ কৰি নতুন কোনো মানসিক চিত্ৰ সৃষ্টিৰ কল্পনা কৰে তেতিয়া সেই কল্পনা সৃজনশীল হয় । এই সৃজনশীল কল্পনাৰ জৰিয়তে সাহিত্য়িক সকলে গল্প, কবিতা, নাটক, উপন্য়াস আদি লিখে । তাৰ উপৰি চিত্ৰ শিল্পীসকল, ভাস্কৰ্য শিল্পীসকলে নিজৰ নিজৰ মানস পটৰ জৰিয়তে নতুন চিত্ৰ আৰু ভাস্কৰ্য তৈয়াৰ বা নিৰ্মাণ কৰে । এনেবোৰ সৃষ্টিৰ ক্ষেত্ৰত তেওঁলোকে নিজৰ ইচ্ছানুযায়ী মানস পটৰ চিত্ৰবোৰ আয়ত্বধীন কৰে আৰু নিজস্ব মৌলিকতাৰ ভেটিত নতুন কিবা সৃজন কৰে । সাহিত্য় বা অন্য় বিষয়ৰ সৃজনশীল কল্পনাই মানৱ জ্ঞানৰ ভঁৰালক অতি চহকী কৰি তুলিব পাৰে ।

          গ্ৰহণাত্মক কল্পনাত ব্য়ক্তিসকলে নিজৰ মনৰ পৰা কল্পনাৰ কোনো ধৰণৰ উপাদান আহৰণ নকৰি গল্প, কবিতা, নাটক, উপন্য়াস, পৰিৱেশ, ইতিহাস আদিৰ পৰা কল্পনাৰ উপাদান সংগ্ৰহ কৰা দেখা যায় । গ্ৰহণাক্ষম কল্পনা কৰা ব্য়ক্তিসকলে কল্পনাত নতুন একো সৃষ্টি নকৰি আন লেখক ব্য়ক্তিয়ে সৃষ্টি  কৰা ব্য়ক্তিসকলে কল্পনাত নতুন একো সৃষ্টি নকৰি আন লেখক ব্য়ক্তিয়ে সৃষ্টি কৰা মানস ছবিক মনে মনে বা অন্তৰৰ দৃষ্টিৰে গ্ৰহণ কৰে । এনেদৰে গ্ৰহণ কৰা কাৰ্যই অধিকাংশ মানুহক দৈনন্দিন জীৱনত বেছি মানসিক আনন্দ দিয়ে । 

৬। চিন্তা আৰু কল্পনাৰ সম্পৰ্কে লিখা।

উওৰ : মানুহ চিন্তাশীল প্ৰাণী । মানুহৰ চিন্তা-চৰ্চা, বিবেক-বিবেচনা বুদ্ধি সম্পন্নশীলতা আছে কাৰণে অন্য় জীৱ-জন্তুতকৈ শ্ৰেষ্ট । কোনো বিষয় সম্বন্ধে ভবা-ভাৱনাক চিন্তা বুলি কোৱা হয় । কল্পনা হৈছে মানৱ মনৰ এক শক্তিশালী প্ৰকাশ । চিন্তা আৰু কল্পনাৰ সম্পৰ্ক অতি নিবিড় । ইটোৱে-সিটোক বাদ দি থাকিব নোৱাৰে । মানুহে কিবা বিষয়ৰ কল্পনা কৰোতে চিন্তা শক্তিৰ স্বাভাৱিক ভাৱেই আহি যায় । গতিকে চিন্তা আৰু কল্পনাৰ সম্পৰ্ক এনে ধৰণৰ-

  • চিন্তা আৰু কল্পনা দুয়োটা মানসিক প্ৰক্ৰিয়া উদ্দেশ্য়মূলক ।
  • চিন্তা আৰু কল্পনা মানসিক প্ৰক্ৰিয়া ।
  • চিন্তা আৰু কল্পনা উভয়ে প্ৰতিৰূপ ব্য়ৱহাৰ কৰে ।
  • চিন্তা আৰু কল্পনা মানসিক প্ৰক্ৰিয়াতে অনুষংগ থাকে; কিন্তু চিন্তাৰ ক্ষেত্ৰত অনুষংগ থাকিব লাগিব বুলি কোনো কথা নাথাকে । 
  • চিন্তাৰ ক্ষেত্ৰত কোনো উদ্দেশ্য় নিহিত থাকে; কিন্তু কল্পনাৰ ক্ষেত্ৰত উদ্দেশ্য় থাকিবও পাৰে নাইবা নাথাকিবও পাৰে ।      

৭। গিলফোর্ডৰ সৃজনশীলতাৰ সংজ্ঞাটো লিখা।

উওৰ : গিলফোৰ্ডে লিখিছে  "অপসাৰী চিন্তনৰ যোগে কোনো নতুন আৰু উপযোগিতামূলক এই দুই প্ৰকাৰৰ ধাৰণাৰ সৃষ্টি কৰাৰ ক্ষমতাকে সৃজনশীলতা বুলি কোৱা হয় ।

৮। সৃজনশীল কাৰ্যৰ চাৰিটা স্তৰ কি কি?

উওৰ : সৃজনশীল কাৰ্যৰ চাৰিটা স্তৰ হ'ল- 

 (ক) প্ৰস্তুতি

 (খ) সুপ্তাৱস্থা

 (গ) প্ৰেৰণা

 (ঘ) প্ৰমাণীকৰণ

৯। সৃজনশীলতাৰ এটি বৈশিষ্ট্য উল্লেখ কৰা।

উওৰ : সৃজনশীলতাৰ এটা বৈশিষ্ট্য় হ'ল- ১) সৃজনশীলতা হৈছে কোনো ব্য়ক্তিয়ে নতুন চিন্তা কৰিব পৰা আৰু সৃষ্টি কৰিব পৰা এটা বিশেষ দক্ষতাপূৰ্ণ ক্ষমতা । বিশেষ দক্ষতাপূৰ্ণ ক্ষমতাই সৃষ্টিশীল কৰ্মৰাজি ৰূপায়ন কৰিব পাৰে ।

ৰচনাধৰ্মী প্রশ্ন :

১। কল্পনা বুলিলে কি বুজা? ইয়াৰ এটি সংজ্ঞা দিবৰ যত্ন কৰা।

উওৰ : প্ৰতিৰূপৰ অভিজ্ঞতাৰ প্ৰয়োজনীয় সাল-সলনি আৰু সংযোগ কৰি এক নতুন ৰূপত  মন-মগজুৰ মানসিক চিত্ৰ ৰচনা বা ভবাটোৱে হ'ল কল্পনা । কল্পনাৰ এটি সংজ্ঞা হ'ল- "কল্পনা হ'ল সৃষ্টিশীল বা সৃজনশীল হোৱাৰ বাবে নতুবা সমস্য়া সমাধান কৰাৰ বাবে মনৰ এক বিশেষ সামৰ্থ ।"

২। কল্পনাৰ বৈশিষ্ট্যবোৰ বৰ্ণনা কৰা। কল্পনাৰ প্ৰকাৰবোৰ বৰ্ণনা কৰা

উওৰ : কল্পনাৰ বৈশিষ্ট্য়বোৰ হ'ল- ১) মানৱ মনৰ উচ্চমানযুক্ত বা মনাত্মক ক্ষমতাৰ পৰিচয় দান কৰাৰ প্ৰকৃত স্বৰূপ কল্পনা ।

২) মানুহৰ মানৱিক মনৰ প্ৰত্য়ক্ষ অভিজ্ঞতাৰ প্ৰতিৰূপক মানৱ মনে যেতিয়া ইচ্ছানুযায়ী নতুন এক ৰূপত সজাই-পৰাই লৈ তাক কল্পনা হিচাপে গঢ় দি তোলে ।

৩) কল্পনা জগতৰ ক্ষেত্ৰত বাস্তৱ-অবাস্তৱ অথবা কোনো যুক্তি-অযুক্তিকৰ প্ৰশ্ন উঠিব নোৱাৰে । কল্পনাত বাস্তৱ-অবাস্তৱ, সম্ভৱ-অসম্ভৱ, অযুক্তি আদিৰ কথাবোৰ আহিব নোৱাৰে বা প্ৰভাৱ নপৰে ।

৪) কল্পনা প্ৰৱণতাই মানৱ মনত গতিশীলতাৰ সৃষ্টি কৰে । নিয়ন্ত্ৰণহীনতা আনে আৰু বাধাহীনভাৱে স্বাধীনতা সৃষ্টি কৰে । কল্পনাৰ ক্ষেত্ৰত যিহেতু কোনো নিয়ম নাথাকে । সেয়ে যিকোনো নিয়মৰ বশৱৰ্তী বা অধীনত অথবা অনুগামী নহৈ ব্য়ক্তিয়ে নিজৰ ইচ্ছানুযায়ী কল্পনা কৰিব পাৰে ।

৫) ব্য়ক্তিমনৰ অচেতন উপাদানসমূহক কল্পনাই সক্ৰিয়তাৰে গ্ৰহণ কৰে । যাৰ   ফলত ব্য়ক্তিজনৰ আশা- আকাংখা ব্য়ৰ্থতা আদিবোৰ কল্পনাৰ ৰূপ লৈ আত্মপ্ৰকাশ কৰে ।

৬) কল্পনাক বহুতে বাস্তৱচ্য়ুত বিষয় বুলি ক'ব খোজে যদিও প্ৰকৃততে ই সম্পূৰ্ণৰূপে বাস্তৱ বিৱৰ্জিত নহয় । অতীতত ঘটা কোনো বাস্তৱ অভিজ্ঞতাৰ লগত কোনো সম্পৰ্ক নাথাকে । ব্য়ক্তিৰ কল্পনাত কিছুমান অবান্তৰ চিন্তা বা ধাৰণাও আশ্ৰয় ল'ব পাৰে ।

৭) কল্পনাই মানৱ মনৰ আবেগ-অনুভূতিৰ স্বতস্ফুত ভাূব প্ৰকাশ কৰে আৰু ৰূঢ় বা অপ্ৰিয় বাস্তৱতাৰ প্ৰত্য়াহ্বানৰ পৰা ব্য়ক্তিসকলৰ মনক সাক্ষ্য় দান কৰে । 

৮) কল্পনাৰ কোনো গতি নাই, ই এক গতানুগতিকহীন । সেয়ে ব্য়ক্তিসকলৰ মনত স্বাভাৱিকতে আনন্দ প্পদান কৰিব পাৰে ।

৯) কল্পনাৰ স্বৰূপ শৃংখল-বিশৃংখল, সুস্থ-অসুস্থ, সৃজনাত্মক-ধ্বংসাত্মক আদি ধৰণৰ হ'ব পাৰে ।

১০) কেতিয়াবা সুস্থ কল্পনাই মানৱ মনৰ ব্য়ক্তিত্বৰ বিকাশৰ স্তৰ সম্ভৱপৰ কৰি তুলিব  পাৰে । কিন্তু ইয়াৰ বিপৰীতে অসুস্থ কল্পনাই বা ইয়াৰ প্ৰভাৱ ব্য়ক্তিসকলৰ মন ৰোগগ্ৰস্ত বা দুৰ্ববল কৰিবও পাৰে ।

কল্পনাৰ প্ৰকাৰবোৰ হ'ল- (ক) সৃজনশীল বা গ্ৰহণাত্মক কল্পনা ঃ মানৱ সমাজৰ ব্য়ক্তিসকলে যেতিয়া  নিজৰ মনৰ পৰা ভাৱৰ উপাদান গ্ৰহণ কৰি নতুন কোনো মানসিক চিত্ৰ সৃষ্টিৰ কল্পনা কৰে তেতিয়া সেই কল্পনা সৃজনশীল হয় । এই সৃজনশীল কল্পনাৰ জৰিয়তে সাহিত্য়িক সকলে গল্প, কবিতা, নাটক, উপন্য়াস আদি লিখে । তাৰ উপৰি চিত্ৰ শিল্পীসকলে, ভাস্কৰ্য শিল্পীসকলে নিজৰ নিজৰ মানস পটৰ জৰিয়তে নতুন নতুন চিত্ৰ আৰু ভাস্কৰ্য তৈয়াৰ বা নিৰ্মাণ কৰে । এনেবোৰ সৃষ্টিৰ ক্ষেত্ৰত তেওঁলোকে নিজৰ ইচ্ছানুযায়ী মানস পটৰ চিত্ৰবোৰ আয়ত্বধীন কৰে আৰু নিজস্ব মৌলিকতাৰ ভেটিত নতুন ৰূপত নতুন কিবা সৃজন কৰে । সাহিত্য় বা অন্য় বিষয়ৰ সৃজনশীল কল্পনাই মানৱ জ্ঞানৰ ভঁৰালক অতি চহকী কৰি তুলিব পাৰে । গ্ৰহণাত্মক কল্পনাত ব্য়ক্তিসকলে নিজৰ মনৰ পৰা কল্পনাৰ কোনো ধৰণৰ উপাদান আহৰণ নকৰি গল্প, কবিতা, নাটক, উপন্য়াস, পৰিবেশ, ইতিহাস আদিৰ পৰা কল্পনাৰ উপাদান সংগ্ৰহ কৰা দেখা যায় । 

(খ) সচেষ্টা আৰু নিচেষ্টা কল্পনা ঃ মানৱ মনত মানস প্ৰতিৰূপবোৰ যেতিয়া ইচ্ছামতে নানা ভাৱে বা ইফাল-সিফাল কৰি সজাই- পৰাই এটা নতুন বিষয় বা সৃষ্টি কৰা হয়, তেতিয়া ই হৈ পৰে সচেষ্টা কল্পনা । এনে কল্পনাই নতুন কিবা এটা সৃষ্টি কৰে । শিল্পীসকলে শিল্প সৃষ্টিৰ বুলিও কোৱা হয় ।

                 আনহাতে কল্পনাবোৰ যেতিয়া আপোনা-আপোনি মানৱ মনত আহি উপস্থিত বা ধৰা দিয়ে তেতিয়া তাক নিচেষ্টা কল্পনা বুলি কোৱা হয় । মানুহে অজানিতভাৱে দিবাস্বপ্নত নিমগ্ন হ'লে তেতিয়া পবৰ্বে সংগৃহীত প্ৰতিৰূপবোৰ মনলৈ আহি স্বতঃস্ফুৰ্তভাৱে ধৰা দি থাকে ।

(গ) বৌদ্ধিক, সৌন্দৰ্যবোধক আৰু ব্য়ৱহাৰিক কল্পনা ঃ মানুহে সত্য়ৰ সন্ধানত কল্পনা শক্তিক অন্বেষিত কৰে তেতিয়া সেই কল্পনা বৌদ্ধিক হৈ পৰে । বিজ্ঞান আৰু সাহিত্য়ৰ বৌদ্ধিক কল্পনাৰ ক্ষেত্ৰখন পৃথক -পৃথক বিজ্ঞানৰ লীলাক্ষেত্ৰ হ'ল বস্তুজগত । সেইকাৰণে বৈজ্ঞানিকৰ প্ৰধান সম্পৰ্ক  বস্তু বা পদাৰ্থৰ লগত । তেওঁলোকে পদাৰ্থৰ আকৃতি, গঠন প্ৰণালী, তাৰ গুণাগুণ আদিৰ তন্ন-তন্ন বিচাৰ কৰে । নিউটনৰ বৌদ্ধিক কল্পনাৰ ফলশ্ৰুতিতেই পৃথিৱীত এটি নতুন সত্য় প্ৰতিষ্ঠা হৈছিল । কবি আৰু বৈজ্ঞানিক উভয়ে সত্য়ৰ পূজাৰী । সত্য়ৰ পিছে পিছে দৌৰি ফুৰে । বৈজ্ঞানিকসকলে সত্য় তন্ন-তন্নভাৱে বিচাৰ-বিশ্লেষণেৰে চায় আৰু কবিসকলে সেই সত্য় অনুভূতিৰ জৰিয়তে উপদ্ধি কৰে ।

(ঘ) অস্বাভাৱিক কল্পনা ঃ আমাৰ কেতিয়াবা কেতিয়াবা ভাৱ বা ধাৰণা হয় কল্পনা মনৰহে সৃষ্টি, ইয়াৰ বাস্তৱত কোনো মূল্য় নাই । আকৌ কেতিয়াবা কেতিয়াবা আমাৰ ধাৰণা হয় কল্পনাত যিবিলাক প্ৰতিৰূপ কল্পনা কৰা হয় সেইবোৰ মানস ছবি নহয় বৰঞ্চ সেইবোৰ আমাৰ সমাজত বা সন্মুসত ঘটি থকা কিছুমান সাধাৰণ ঘটনাৰ বাস্তৱ ছবি । এনেধৰণৰ কল্পনাবোৰক অস্বাভাৱিক কল্পনা বুলি কোৱা হয় । সাহিত্য়িকসকলে অস্বাভাৱিক কল্পনাক পাঁচধৰণে ভাগ কৰি দেখুৱাইছে- ১) ভ্ৰান্ত প্ৰত্য়ক্ষ কল্পনা ।

                           ২) অমূল প্ৰত্য়ক্ষ কল্পনা ।

                           ৩) দিবাস্বপ্ন কল্পনা ।

                           ৪) স্বপ্ন কল্পনা ।

                           ৫) স্বীয় চিন্তন কল্পনা ।

3| কল্পনাৰ কৰ্ষণ আৰু সৃজনশীলতা সম্পর্কে লিখা।

উওৰ : কল্পনা কৰ্ষণ আৰু সৃজনশীলতাৰ সম্পৰ্কে হ'ল - কল্পনা এটা দীঘলীয়া পৰিক্ৰমাৰ মানসিক অৱস্থা । মানৱ মনৰ চিন্তা চেতনাৰে কল্পনাৰ কৰ্ষণ উদ্ভাৱন কৰিব পাৰে । মানুহে কাল্পনিক চিন্তা-চেতনাৰে সকলোবোৰ সৃষ্টিশীল কাৰ্য-ক্ৰিয়াবোৰ সম্ভৱ কৰি তুলিব পাৰে । এই কাল্পনিক চিন্তা-চেতনাৰ মাজত মানুহৰ সকলোবোৰ সৃষ্টি, উদ্ভাৱন আদিক কল্পনাৰ আঁচোৰ ৰৈ যায় । কিয়নো কল্পনাৰ জৰিয়তে মানুহে মনোজগতৰ আভ্য়ন্তৰীণ ৰেহ-ৰূপৰ সকলো শক্তিৰ বাহ্য়িক প্ৰকাশ ঘটায় । কল্পনাৰ কোনো সীমা নাই । কল্পনাই মানুহক জীৱনৰ প্ৰয়োজনীয় সকলোবোৰ নতুন কলা-কৌশলৰ সৃষ্টি কৰি লোৱাত বিশেষ ধৰণে সহায় কৰি আহিছে । মানুহৰ উদ্ভাৱনী কল্পনাশক্তিয়ে মানুহক শ্ৰেষ্ঠ কৰি তোলে । নতুন নতুন সৃষ্টি আৰু ইয়াৰ পৰিকল্পনাই অন্য় জীৱজন্তুতকৈ শ্ৰেষ্ঠ কৰি তুলিছে ।

                                   সাহিত্য়ৰ দৃষ্টিৰ ফালৰ তপৰা বিচাৰ-বিশ্লেষণ কৰিলে দেখা যায় কল্পনাৰ প্ৰধান বৈশিষ্ট্য় হৈছে সৃজনশীলতা । কাৰণ কল্পনাই হৈছে সকলো প্ৰকাৰৰ সৃজনশীল চিন্তা আৰু উদ্ভাৱনী বা সৃষ্টিশীল কামৰ মূল ভিত্তি । মানৱ মনৰ বাস্তৱ আৰু যুক্তিপূৰ্ণ কল্পনাৰ ওপৰত নিৰ্ভৰ বা ভিত্তি কৰি সাহিত্য়, বিজ্ঞান, প্ৰযুক্তিবিদ্য়াৰ জগতত নতুন নতুন আৱিষ্কাৰ আৰু সৃষ্টিশীল বিষয়ৰ দিশটো সম্ভৱপৰ হৈ উঠে । কল্পনাৰ প্ৰণালীবদ্ধ বিকাশটোৱে নতুন সৃষ্টিৰ জগতখনলৈ মানৱ সমাজৰ সকলোকে আগুৱাই নিব পাৰে ।   

৫। সৃজনীমূলক সাহিত্য ৰচনাৰ প্ৰয়োজনীয় যোগ্যতাৰ বিষয়ে আলোচনা কৰা।

উওৰ : সৃজনশীলতা ঃ সৃজনশীলতা হ'ল নতুন কিবা এটা বিষয়ৰ উদ্ভাৱন কৰা এক প্ৰক্ৰিয়া । বিজ্ঞানীসকল উদ্ভাৱন কৰা বিভিন্ন বিষয়ৰ সূত্ৰ বা বিভিন্ন পদাৰ্থ, চিকিৎসা বৈজ্ঞানীসকলে ঔষধৰ উদ্ভাৱন প্ৰক্ৰিয়া, সাহিত্য়িকসকলে গল্প, কবিতা, নাটক, উপন্য়াস আদি ৰচনা কৰোতে সৃজনশীল ক্ষমতা; গৃহিণীয়ে, ঘৰ-দুৱাৰ নতুনকৈ সজোৱা আদিবোৰ সৃজনশীলতা । উল্লেখিত সৃজনশীল বিষয়সমূহৰ মাজত গুণগত পাৰ্থক্য় থাকে । বিজ্ঞানবিষয় সৃজনশীলতা অথবা গৃহ সজোৱাৰ মাজত সৃজনশীলতাৰ পাৰ্থক্য় থকাটো তেনেই স্বাভাৱিক । কাৰণ সাহিত্য়ত সৃজনশীলতাৰ ক্ষেত্ৰত কল্পনাই বেছি প্ৰাধন্য় লাভ কৰে; ইয়াৰ বাস্তৱতা থাকে যদিও যুক্তিযুক্ততা কম থাকে । পৃথিৱীৰ বুকুত বিভিন্ন সময়ত অনেক প্ৰতিভাৱান ব্য়ক্তিয়ে সাহিত্য়, বিজ্ঞান, সাহিত্য়, বিজ্ঞান, সংগীত, সুকুমাৰ ক'লা আদিৰ ক্ষেত্ৰত সৃজনশীল কাম কৰি বিশেষ আসন লাভ কৰিবলৈ সক্ষম হৈছে । এই সৃজনশীল ব্য়ক্তিৰ বা লেখকসকলৰ জীৱনদৰ্শন অধ্য়য়ন কৰিলে দেখা যায় তেওঁলোক গভীৰ কল্পনাময় চিন্তাশীল গুণৰ অধিকাৰী । আচলতে সৃজনশীলতা চিন্তনৰ বিশেষ এটা প্ৰকাৰ । লেখক বা বিজ্ঞানী, বা সুকুমাৰ কলাৰ বিশেষ ব্য়ক্তিসকলৰ যি চিন্তনৰ ফলত গতানুগতিকতাৰ পৰিৱৰ্তে নতুন আৰু মৌলিক কথাৰ উৎপত্তি হয় সেই চিন্তাৰ চিন্তনীয় বিষয়টোৱে সৃজনশীলতা নাম পায় ।

৬। সৃজনশীলতাৰ সংজ্ঞা নিৰূপণ কৰিবৰ যত্ন কৰা।

উওৰ : সৃজনশীলতাৰ  সংজ্ঞা হৈছে-  গিলফোৰ্ডে লিখিছে  "অপসাৰী চিন্তনৰ যোগে  কোনো নতুন আৰু উপযোগিতামূলক এই দুই প্ৰকাৰৰ ধাৰণাৰ সৃষ্টি কৰাৰ ক্ষমতাকে সৃজনশীলতা বুলি কোৱা হয় ।

      জে. ষ্টেনলি গ্ৰেৰে লিখিছে "সৃজনশীল লোক সেই জন, যি নতুন দিশৰ অনুসন্ধান কৰে, নতুনৰ নিৰীক্ষণ কৰে, নতুনৰ ভবিষ্য়ৎবাণী কৰে আৰু নতুনৰ অনুমান কৰে ।"

স্পেয়েৰমেনৰ ধাৰণা মতে- "কোনো সম্পৰ্কৰ পৰিৱৰ্তন সাধন আৰু ইয়াৰ দ্বাৰা নতুন বিষয়বস্তুৰ সৃষ্টিৰ কৰাৰ মানুহৰ মনৰ যি ক্ষমতা তাকে সৃজনশীলতা বোলে ।"

ষ্টেনৰ মতে "সৃজনশীলতা হৈছে এনে এক প্ৰক্ৰিয়া যাৰ দ্বাৰা নিৰ্ধাৰিত সময়ত কোনো দলৰ ব্য়ক্তিৰ বাবে উপযোগিতামূলক বা সন্তোষজনক বুলি গ্ৰহণযোগ্য় অভিনৱ কামৰ সৃষ্টি হয় ।"

জে. ই. ড্ৰেভদেহলে লিখিছে- "সৃজনশীলতা হৈছে এজন লেখকৰ এনে এক ক্ষমতা যাৰ যোগেদি তেওঁ ৰচনা কৰিব পাৰে, ধাৰণা উৎপাদন কৰিব পাৰে, যি মূলতঃ নতুন বা অভিনৱ আৰু উৎপাদনৰ বাবে পূৰ্বজ্ঞানহীন ।"

ডেভিড আচুৱেলৰ মতে- "বৌদ্ধিক ক্ষমতা, ব্য়ক্তিত্বৰ ক্ষমতাৰ সাধাৰণ সমন্বয়কে সৃজনক্ষমতা বুলি কোৱা হয় ।"

        গতিকে আমি সৃজনশীলতাৰ সংজ্ঞা এনেদৰে নিৰ্ণয় কৰিব পাৰো ।

৭। সৃজনশীল কাৰ্য আৰু কৰ্মৰ বিষয়ে লিখা।

উওৰ : সৃজনশীল কাৰ্য আৰু কৰ্মৰ বিষয় হ'ল- মানৱ জীৱনৰ কাৰ্য চলাবলৈ বিভিন্ন ক্ষেত্ৰত চিন্তনে যি সৃজনশীল প্ৰতিভাৰ বিকাশ হয়, সেই কাৰ্যকলাপবোৰ বিশ্লেষণ কৰিলে দেখা যায় সুকুমাৰ কলা আদিৰ সৃজনশীল কাৰ্যৰ ক্ষেত্ৰত চাৰিটা বিশেষ আৰু সুনিদ্দিষ্ট স্তৰ সন্নিবিষ্ট হৈ থাকে। এই সুনিদিষ্ট স্তৰ কেইটা তলত উল্লেখ কৰাৰ হ'ল ।

           (ক) প্ৰস্তুতি

           (খ) সুপ্তাৱস্থা

           (গ) প্ৰেৰণা

           (ঘ) প্ৰমাণীকৰণ

(ক) প্ৰস্তুতি ঃ কোনো এক নিৰ্দ্দিষ্ট বিষয়বস্তু অধ্য়য়ন বা অনুসন্ধানৰ বাবে উপযুক্ত বিবেচনা কৰা । সাহিত্য়ৰ বিভিন্ন বিষয় যেনে- গল্প, কবিতা, নাটক, উপন্য়াস,সংগীত,সুকুমাৰ কলা ৰচনা অথবা ছবি অংকণৰ বাবে সেই বিষয় বা বস্তুক মনৰ মাজত কল্পনাৰে বাচি উলিয়াই লোৱা হয় । সমাজত ঘটি থকা ঘটনা বা ব্য়ক্তি জীৱনত ঘটা ঘটনা একোটা দেখি সেই বিষয়টো অধ্য়য়ন ক্ষেত্ৰৰ এটাৰ নতুন বাট বা দিশ উন্মোচন হয়, ইয়ে প্ৰস্তুতি ।

(খ) সুপ্তাৱস্থা ঃ অধ্য়য়নৰ বাবে উপযুক্ত বুলি নিৰ্ধাৰণ কৰি লোৱা যিকোনো বিষয়বস্তু বাৰে বাৰে যিকোনো সময়ত , যিকোনো দিশৰ পৰা বিবেচনা কৰাৰ এটা প্ৰক্ৰিয়া । একোটা কথা বা বিষয়বস্তুৰে বিভিন্ন উপাদান, বৈশিষ্ট্য়, তাপৰ্য আদি বুজিবলৈ মনৰ ৰমাজত তুলনা কৰা । সাহিত্য়িকসকল বা সংগীতকাৰ বা সুকুমাৰ কথাশিল্পী সকলে বহু সময়ত নানা সমস্য়াৰ সন্মুখীন হয় ।

(গ) প্ৰেৰণা ঃ যিকোনো সৃষ্টিশীল ব্য়ক্তিৰ প্ৰতি অনুভৱ কৰাৰ দৰেই লেখকসকলৰ প্ৰতিও মানুহ আগ্ৰহী হয় বা কৌতুহলী হয় । তেওঁলোকৰ লেখনিসমূহ প্ৰশংসা কৰিবলৈ দুই-চাৰি জন পটুৱৈ সমাজত পোৱা যায় । প্ৰশংসাৰ ইতিবাচক বিষয়টো হৈছে ই মানুহক পৰৱৰ্তী সৃষ্টিশীল কামৰ বাবে প্ৰেৰণা যোগায় ।

(ঘ) প্ৰমাণীকৰণ ঃ মানুহৰ বা লেখকসকলৰ মনলৈ অহা বিভিন্ন ভাব আৰু ধ্য়ান - ধাৰণাক বাস্তৱত ৰূপ দিয়া, সেইবোৰ নানা কৌশলগত পদ্ধতি অৱলন্বন কৰি তাৰ সমস্য়া সমাধান কৰা, বিষয়বস্তুৰ কথা মনত পেলোৱা, কবিতা, গল্প, উপন্য়াস আদি কি ধৰণে লিখিব পাৰি ইত্য়াদিৰ বিষয়ে নতুন নতুন ধৰণে নতুন পদ্ধতিৰে সজাই নতুন ৰূপ দিয়াৰ ধৰণেই হ'ল প্ৰমাণীকৰণ । 

৮। সৃজনশীলতাৰ বৈশিষ্ট্যবোৰ বৰ্ণনা কৰা |

উওৰ : সৃজনশীলতাৰ বৈশিষ্ট্য়বোৰ হৈছে-  (১) সৃজনশীলতা হৈছে কোনো ব্য়ক্তিয়ে নতুন চিন্তা কৰিব পৰা সৃষ্টি কৰিব পৰা এটা বিশেষ দক্ষতাপূৰ্ণ ক্ষমতা । বিশেষ দক্ষতাপূৰ্ণ ক্ষমতাই সষ্টিশীল কৰ্মৰাজি ৰবপায়ন কৰিব পাৰি ।

(২) সৃজনশীলতা জন্মগত ঈশ্বৰপ্ৰদত্ত ক্ষমতা বুলি কোৱা হয় যদিও কেতিয়াবা পৰিৱেশ পৰিস্থিতিৰ অভিজ্ঞতাৰ সহায়ত সৃজনশীলতাৰ পৰিপুষ্টি সাধন কৰিব পাৰি । সাহিত্য়িকসকল পৰিৱেশ বা পৰিস্থিতিৰ প্ৰতিও কেতিয়াবা সাহিত্য় ৰচনা কৰা সৃজনশীল ক্ষমতা লাভ কৰে ।

(৩) লেখকসকলৰ সৃজন ক্ষমতা সঠিক অৰ্থাৎ সমাজমুখী হ'লে, সেইটোৱে সমাজৰ সংস্কাৰ আৰু উন্নতি পথলৈ আগুৱাই লৈ যায় ।

(৪) সৃজনশীল লেখক বা ব্য়ক্তিৰ চিন্তা-চৰ্চাত আৰু জীৱনদৰ্শন প্ৰক্ৰিয়াত অস্বাভাৱিকতা প্ৰকাশ পায় । কাৰণ সৃষ্টিশীল লোকৰ আচৰণ, ক্ৰিয়াকৰ্ম সাধাৰণ ব্য়ক্তিতকৈ পৃথক । তেওঁলোক এখন সুকীয়া জগতত থাকি সৃষ্টিশীল কৰ্মত নিয়োজিত হয় ।

(৫) লেখক বা চিন্তাবিদ বা যুক্তিবাদী ব্য়ক্তিৰ সৃজনশীল ক্ষমতাৰ পৰিসৰ অনেক বহল । কিয়নো এইসকল ব্য়ক্তি চিন্তামনৰ পথাৰ খনৰ লগত বেছি জড়িত হৈ থাকে । সেয়ে সৃজনশীল বৰ ব্য়াপক আৰু বহল ক্ষেত্ৰ ।

(৬) সৃজনশীল ক্ষমতা মানুহৰ এক যাদুকৰী শক্তি । এই শক্তিয়ে এখন অন্বেষণধৰ্মী আৰু অনুসন্ধানধৰ্মী ক্ষেত্ৰখনলৈ নিব পাৰে । 

চমুটোকা লিখা :

১। সচেষ্টা আৰু নিচেষ্টা কল্পনা।

উত্তৰ ঃ সচেষ্টা আৰু নিচেষ্টা কল্পনা ঃ মানৱ মনত মানস প্ৰতিৰূপবোৰ যেতিয়া ইচ্ছামতে নানা ভাৱে বা ইফাল-সিফাল কৰি সজাই-পৰাই এটা নতুন বিষয় বা বস্তু সৃষ্টি কৰা হয়, তেতিয়া হৈ পৰে সচেষ্টা কল্পনা । এনে কল্পনাই নতুন কিবা এটা সৃষ্টি কৰে । শিল্পীসকলে শিল্প সৃষ্টিৰ কাৰণে বিভিন্ন প্ৰতিৰূপৰ সমাবেশ ঘটায় । সেই কাৰণে ইয়াক সক্ৰিয় কল্পনা বুলিও কোৱা হয় । আনহাতে কল্পনাবোৰ যেতিয়া আপোনা-আপোনি মানৱ মনত আহি উপস্থিত বা ধৰা দিয়ে তেতিয়া তাক নিচেষ্টা কল্পনা বুলি কোৱা হয় । মানুহে অজানিতভাৱে দিবাস্বপ্নত নিমগ্ন হ'লে তেতিয়া পূৰ্বে সংগৃহীত প্ৰতিৰূপবোৰ মনলৈ আহি স্বতঃস্ফৰ্তভাৱে ধৰা দি থাকে ।

২। বৌদ্ধিক, সৌন্দৰ্যবোধক আৰু ব্যৱহাৰিক কল্পনা।

উত্তৰ ঃ বৌদ্ধিক সৌন্দৰ্যবোধক আৰু ব্য়ৱহাৰিক কল্পনা ঃ মানুহে যেতিয়া সত্য়ৰ সন্ধানত কল্পনা শক্তিক অন্বেষিত কৰে তেতিয়া সেই কল্পনা বৌদ্ধিক হৈ পৰে । বিজ্ঞান আৰু সাহিত্য়ৰ বৌদ্ধিক কল্পনাৰ ক্ষেত্ৰখন পৃথক-পৃথক । বিজ্ঞানৰ লীলাক্ষেত্ৰ হ'ল বস্তুজগত । সেইকাৰণে বৈজ্ঞানিকৰ প্ৰধান সম্পৰ্ক বস্তু বা পদাৰ্থৰ লগত । তেওঁলোকে পদাৰ্থৰ আকৃতি, গঠন প্ৰণালী, তাৰ গুণাগুণ আদিৰ তন্ন-তন্ন বিচাৰ কৰে । নিউটনৰ বৌদ্ধিক কল্পনাৰ ফলশ্ৰুতিতেই পৃথিৱীত এটি নতুন সত্য় প্ৰতিষ্ঠা হৈছিল । কবি আৰু বৈজ্ঞানিক উভয়ে সত্য়ৰ পূজাৰী । সত্য়ৰ পিছে-পিছে দৌৰে ফুৰে । বৈজ্ঞানিকসকলে সত্য় তন্ন-তন্নভাৱে বিচাৰ-বিশ্লেষণেৰে চায় আৰু কবিসকলে সেই সত্য় অনুভূতিৰ জৰিয়তে উপলদ্ধি কৰে । কবিসকলে সুন্দৰৰ সত্য়বোৰকহে গ্ৰহণ কৰে । সেই কাৰণে সুন্দৰেই সত্য়, সত্য়ই সুন্দৰ । বৌদ্ধিক কল্পনাই জ্ঞান ৰাজ্য়ৰ সমস্য়া সমাধান কৰিব পাৰে । এনে কল্পনাই মানুহক নতুন সৃষ্টিৰ ফালে আগুৱাই লৈ যাব পাৰে । 

৩। অস্বাভাৱিক কল্পনা।

উত্তৰ ঃ অস্বাভাৱিক কল্পনা ঃ আমাৰ কেতিয়াবা কেতিয়াবা ভাৱ বা ধাৰণা হয় কল্পনা মনৰহে সৃষ্টি, ইয়াৰ বাস্তৱত কোনো মূল্য় নাই । আকৌ কেতিয়াবা কেতিয়াবা আমাৰ ধাৰণা হয় কল্পনাত যিবিলাক প্ৰতিৰূপ কল্পনা কৰা যায় সেইবোৰ মানস ছবি নহয় বৰঞ্চ সেইবোৰ আমাৰ সমাজত বা সন্মুখত ঘটি থকা কিছুমান সাধাৰণ ঘটনাৰ বাস্তৱ ছবি । এনেধৰণৰ কল্পনাবোৰক অস্বভাৱিক কল্পনা বুলি কোৱা হয় । সাহিত্য়িকসকলে অস্বাভাৱিক কল্পনাক চাৰিধৰণে ভাগ কৰি দেখুৱাইছে- 

 (১) ভ্ৰান্ত প্ৰত্য়ক্ষ কল্পনা ।

 (২) অমূল প্ৰত্য়ক্ষ কল্পনা ।

 (৩) দিবাস্বপ্ন কল্পনা ।

 (৪) স্বপ্ন কল্পনা ।

 (৫) স্বীয় চিন্তন কল্পনা ।

৪। অমূল প্রত্যক্ষ কল্পনা 

উত্তৰ ঃ অমূল প্ৰত্য়ক্ষ কল্পনা ঃ অমূল প্ৰত্য়ক্ষত বিকাৰগ্ৰস্ত বা কল্পনাৰ সহায়ত উদ্দীপকৰ অবৰ্তমানত ভূলকৈ এক অবাস্তৱ প্ৰত্য়ক্ষ মনোজগতৰ সৃষ্টি হয়, তেতিয়া ইয়াক অমূল প্ৰত্য়ক্ষ কল্পনা বোলে । অমূল প্ৰত্য়ক্ষৰ ক্ষেত্ৰত একো একোটা প্ৰতিৰূপ ইমান স্পষ্ট হৈ উঠে যে তাক প্ৰত্য়ক্ষ ভ্ৰমৰ উদয় হয় । এই অমূল প্ৰত্য়ক্ষ উদাহৰণেৰে আলোচনা কৰিলেহে ছাত্ৰ-ছাত্ৰী তথা পাঠক সমাজৰ বুজাত বেছি সহায় হ'ব । আন্ধাৰত অকলশৰে বহি থাকিলে, তেনেতে এজন মানুহ আগেদি পাৰ হৈ গ'ল । ভালদৰে চকু দুটা টিপিকাই চালে দেখা যায় কোনো নাই । আগেদি পাৰহৈ যোৱা মানুহজন অদৃশ্য় হৈ গ'ল । এইটোৱেই হ'ল অমূল প্ৰত্য়ক্ষ কল্পনা । 

৫। বিশ্বাসযুক্ত আৰু বিশ্বাসহীন কল্পনা

উত্তৰ ঃ বিশ্বাসযুক্ত আৰু বিশ্বাসহীন কল্পনা ঃ যিবিলাক কল্পনাত বা বস্তুৰ আমাৰ বিভিন্ন পুথি, যেনে ঃ ধৰ্মীয় পুথি ৰামায়ণ , গীতা, কোৰাণ, মহাভাৰত, ইতিহাসৰ পুথি পঢ়ি তাত বৰ্ণিত ঘটনা বা কথা আমি বিশ্বাসেৰে গ্ৰহণ কৰো । তেনেদৰে বিশ্বাস-প্ৰযুক্তিবিদ্য়াৰ আৱিস্কাৰবোৰ সত্য়ৰ দৃষ্টিত গ্ৰহণ কৰো অৰ্থাৎ বিশ্বাস কৰো । ইয়ে বিশ্বাসযুক্ত কল্পনা । আনহাতে যিবিলাক কল্পিত বস্তুৰ অস্তিত্ব আমাৰ বিশ্বাস নাথাকে সেইবোৰক বিশ্বাসহীন কল্পনা বুলি কোৱা হয় । আমি কিছুমান বস্তুৰ কল্পনা কৰো কিন্তু সেইবোৰৰ প্ৰতি আমাৰ কোনো বিশ্বাসযোগ্য়তাৰ কথা নাথাকে । কেৱল আমি তেনে কথা বা কাহিনী পঢ়ি ভাল পাওঁ কিন্তু বিশ্বাস নকৰো । যেনে শিয়াল- মেকুৰীৰ ৰূপ কথা ।

৬। প্রস্তুতি

উত্তৰ ঃ প্ৰস্তুতি ঃ কোনো এক নিৰ্দ্দিষ্ট বিষয়বস্তু অধ্য়য়ন বা অনুসন্ধানৰ বাবে উপযুক্ত বিবেচনা কৰা । সাহিত্য়ৰ বিভিন্ন বিষয় যেনে- গল্প, কবিতা, নাটক, উপন্য়াস, সংগীত, সুকুমাৰ কলা ৰচনা অথবা ছবি অংকণৰ বাবে সেই বিষয় বা বস্তুক মনৰ মাজত কল্পানাৰে বাচি উলিয়াই লোৱা হয় । সমাজত ঘটি থকা বা ব্য়ক্তি জীৱনত ঘটা ঘটনা একোটা দেখি সেই বিষয়টো অধ্য়য়ন ক্ষেত্ৰৰ এটাৰ নতুন বাট বা দিশ উন্মোচন হয়, ইয়ে প্ৰস্তুতি । গছৰ পৰা পকা ফল তললৈ সৰি পৰা দেখি নিউটনে মধ্য়াকৰ্ষণক অধ্য়য়নৰ বিষয়ে হিচাপে গ্ৰহণ কৰি নতুন ক্ষেত্ৰৰ পথ এটা মুকলি কৰিলে, ইয়ে প্ৰস্তুতি ।

৭ | প্ৰেৰণা 

উত্তৰ ঃ প্ৰেৰণা ঃ যিকোনো সৃষ্টিশীল ব্য়ক্তিৰ প্ৰতি অনুভৱ কৰাৰ দৰেই লেখকসকলৰ প্ৰতিও মানুহ আগ্ৰহী হয় বা কৌতুহলী হয় । তেওঁলোকৰ লেখনিসমূহ প্ৰশংসা কৰিবলৈ দুই-চাৰি জন পঢুৱৈ সমাজত পোৱা যায় । প্ৰশংসাৰ ইতিবাচক বিষয়টো হৈছে ই মানুহক পৰৱৰ্তী সৃষ্টিশীল কামৰ বাবে প্ৰেৰণা যোগায় । প্ৰশংসাই প্ৰেৰণাৰ বাবে বৰ আদৰণীয় বিষয় । কিন্তু মনত ৰাখিবলগীয়া কথা যে বাহিৰৰ পৰা অহা প্ৰেৰণাই সৃষ্টি কৰ্মত বৰ বিশেষ প্ৰভাৱ পেলাব নোৱাৰে । এগৰাকী লেখকৰ জীৱনত নিজে লিখাটোৱে যিমান প্ৰেৰণা যোগায় আনে সেই প্ৰেৰণা যোগাব নোৱাৰে । প্ৰেৰণা হ'ল এক যাদুকৰী বিষয় । প্ৰেৰণাই মানুহক আত্মবিশ্বাস আৰু সৃষ্টিশীলতা অধিক দক্ষ কৰি তোলে । যিকোনো বিষয়ৰ প্ৰতি উ সাহ যোগোৱাই হৈছে প্ৰেৰণা । অৰ্থাৎ উৎসাহ যোগালে প্ৰেৰণা বৃদ্ধি পাৱ । প্ৰেৰণাই লেখকসকলক মহৎ সৃজনশীল লেখকলৈ ৰূপান্তৰ কৰিব পাৰে ।

৮ | চিন্তন ক্ষমতা 

উত্তৰ ঃ চিন্তন ক্ষমতা ঃ সৃজনশীলতাত নতুন বিষয়ৰ এটা উদ্ভাৱন কৰাৰ এক চিন্তনৰ প্ৰক্ৰিয়া । সৃজনশীলতা এক প্ৰকাৰৰ চিন্তন । কিন্তু সকলো প্ৰকাৰৰ চিন্তনে সৃজনশীলতাৰ জন্ম দিব নোৱাৰে । কিছুসংখ্য়ক লেখকৰ চিন্তন তৰল; সেয়ে এনে প্ৰকাৰৰ চিন্তনে কেৱল মাত্ৰ সৃজনশীলতাৰ গতানুগতিকতা জীয়াই ৰখাত সহায় কৰাৰ বাহিৰে আন একো কৰিব নোৱাৰে । সাহিত্য়িকসকল, বুদ্ধিজীৱীসকল, বৈজ্ঞানিক-লেখকসকল আদি কৰি সকলো শ্ৰেণীৰ লেখকসকলে নিজা নিজা লেখনি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সৃজনশীলতা বৃদ্ধি কৰিবলৈ তথা তেওঁলোকক এনে ধৰণৰ চিন্তনৰ প্ৰতি আকৰ্ষিত আৰু উৎসাহিত কৰিব লাগে যিবোৰ চিন্তনে তেওঁলোকৰ সৃজনশীলতা বৃদ্ধি কৰিব পাৰে । চিন্তনশীল লেখনি কেতিয়াও সৃষ্টিশীল হ,ব নোৱাৰে । চিন্তনেহে সৃষ্টিশীল ক্ষমতা বঢ়াত সহায় কৰিব পাৰে । জনাৰ আগ্ৰহ থাকিলে চিন্তনে সৃজনশীল পথ মুকলি কৰাত প্ৰশস্ত হয় । চিন্তন অবিহনে সৃজনশীলতাৰ প্ৰকাশ ঘটিব নোৱাৰে ।

৯ |  পঠন অভ্যাস আৰু পঠন অতিজ্ঞতা 

উত্তৰ ঃ পঠন অভ্য়াস আৰু পঠন অভিজ্ঞতা ঃ সৃজনশীল লেখকসকলৰ পঠন অভ্য়াস আৰু পঠন অভিজ্ঞতা থকা প্ৰয়োজন । নিয়মীয়া পঠন অভ্য়াস আৰু পঠন অভিজ্ঞতা নাথাকিলে সোনকালে ভাল লেখক হোৱাৰ আশা কৰিব নোৱাৰি । ভাল লেখা হ'বলৈ হ'লে পঢুৱৈ হ'ব লাগিব । এই কথাটো সঠিক যে যদিও ভাল পঢপৱৈ এজন শেষলৈ ভাল লেখক নহ'বও পাৰে । সৃজনশীল কাৰ্যত আত্মনিয়োগ কৰিবলৈ ব্য়ক্তি বা লেখকৰ মনোভাৱ বা দৃষ্টিভংগী থাকিব লাগিব । পঠন অভ্য়াসৰ ওপৰত বহু সময়ত সৃজনীমূলক সাহিত্য় নিৰ্ভৰ কৰে । সৃজনীমূলক সাহিত্য়ৰ বাবে পঠন অভ্য়াস, পঠন অভিজ্ঞতাৰ লগতে শ্ৰৱণ অভ্য়াস আৰু নিৰক্ষণ অভ্য়াসৰ  আৱশ্য়ক । এগৰাকী ভাল পঢুৱৈ আৰু ভাল লেখক কেনেকৈ হ'ব পাৰি সেই বিষয়েৰ এখন উৎকৃষ্ট গ্ৰন্থ হ'ল মাৰ্টিমাৰ এড্লাৰৰ ১৯৪০ চনত প্ৰকাশিত 'How to Read a Book: The Classic Guide to Intelligent Reading' . এগৰাকী সৃষ্টিশীল ভাল লেখক হ'বলৈ ভাল পঢুৱৈ হোৱাৰ প্ৰয়োজন যেতিয়া তেওঁ পঢ়িব লাগিব, ভাব-চিন্তা কৰিব লাগিব, কেতিয়াবা নিজৰ ভিতৰতে পঢ়াখিনি জুকিয়াই চাব লাগিব, পাঠছটো মন-মগজুত নিয়াব লাগিব ।

১০| লিখন কৌশল আৰু লেখাৰ গাঁথনি 

উত্তৰ ঃ লিখন কৌশল আৰু লেখাৰ গাঁথনি ঃ লিখন কৌশল আৰু লেখাৰ গাঁথনিৰ ফলত কিছুমান লেখাই পঢুৱৈক আকৃষ্য় কৰে । এনে কিছুমান লেখা পঢ়ি পঢুৱৈসকলৰ ভাল লগা অনুভূতিৰ উদ্ৰেক হয় । ভাল সৃষ্টিশীল লেখাৰ প্ৰতি পঢুৱৈসকল আকৰ্ষিত হয়, বশীভূত হয় আৰু লেখকৰ দ্বাৰা সমগ্ৰ জীৱন প্ৰভাৱিত হয় । সৃষ্টিশীল লেখকসকলৰ লেখনিৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ মূলতে আছে শব্দৰ যাদু , ভাষাৰ লালিত্য়, তথা আৰু জীৱনৰ সন্ধান ।

           লিখন হ'ল ভাষা শিক্ষণৰ এবিধ কৌশল । লেখকসকলৰ সাৰ্থকতা নিৰ্ভৰ কৰে প্ৰকাশভংগী আৰু ৰচনাৰীতিৰ ওপৰত । লিখনৰ মাজেৰে সৃষ্টিশীল লেখকৰ স্বকীয় ৰচনাৰীতিৰ প্ৰকাশ ঘটিব পাৰে । বিষয়বস্তু এটা আকৰ্ষণীয় হ'লেও নহ'ব, বিষয়টোৰ প্ৰকাশভংগীত সাবলীল আৰু আকৰ্ষণীয় হ'ব লাগিব । তেনে লিখনিৰহে ভাল লিখনি কৃতিত্ব দাবী কৰিব পাৰে । সৃজনশীল লেখকসকলে বিষয়বস্তু অনুযায়ী উপযুক্ত শব্দচয়নেৰে ৰচনাভংগীক উপযুক্ত আৰু আকৰ্ষণীয় কৰি তোলে ।    


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)







Type by :- শ্ৰী পিংকু মনি বৰা 

                  Sri Pinku Moni bora  

Answer type:-  Pallabi konwar



Post ID: DABP005554