গোট ১৩

লোকসাহিত্যৰ প্ৰকৃতি বিচাৰ আৰু শ্ৰেণীবিভাগ



অতি চমু প্রশ্নোত্তৰ:


১। লোক-সাহিত্য মানে কি বুজা?


উত্তৰঃ লোক-সাহিত্য মানে পৰম্পৰাগতভাবে জনসাধাৰণৰ মুখে মুখে বাগৰি অহা সাহিত্য।


২। লোক-সাহিত্যক 'মৌখিক বুৰঞ্জী' বুলিও কিয় কোৱা হয়?


উত্তৰ: লোক-সাহিত্য লোক-জীৱনৰ দাপোণ। লোক-জীৱনৰ লগত জড়িত সৰু বৰ প্ৰায় সকলোবিলাক কথাই লোক-সাহিত্যৰ গীত-পদ, সাধু-সার্থৰ, মন্ত্র-প্রবাদ আদিত অতীতৰে পৰা প্ৰকাশ পাই আহিছে। সেই কাৰণেই লোক-সাহিত্যক 'মৌখিক বুৰঞ্জী' (Oral History) বুলিও কোৱা হয়।


৩। লোককথা মানে কি বুজা?


উত্তৰ: জনসাধাৰণৰ মাজত চলি অহা সাধু আদি; জনসাধাৰণ, বিশেষকৈ গ্রামীণ জনতা, নানা জনজাতি আদিৰ মাজত যুগ যুগ ধৰি মৌখিকভাৱে চলি অহা পৰম্পৰাগত বিশ্বাস, পুৰণি প্রথা, লৌকিক কাহিনী, সাধুকথা, লোকগাথা আদিকে লোককথা বোলা হয়।


৪। অসমীয়া লোক সাহিত্যক প্রধানকৈ কেইটা ভাগত ভাগ কৰা হৈছে?


উত্তৰঃ তিনিটা ভাগত ভাগ কৰা হৈছে।


৫। মৌখিক সাহিত্যৰ এটা প্রধান শাখাৰ নাম লিখা।


উত্তৰঃ সাধুকথা।


৬। কেতিয়াৰ পৰা কামৰূপত তন্ত্র-মন্ত্ৰ আৰু ইন্দ্ৰজাল বিদ্যাৰ কেন্দ্ৰ হৈ পৰে?


উত্তৰ: খ্ৰীষ্টীয় নৱম শতিকা মানৰ পৰা।


► চমু প্রশ্নোত্তৰ:


১। লোক-সাহিত্য কি চমুকৈ বুজাই লিখা।


উত্তৰঃ প্ৰাচীন কালৰে পৰা জনসাধাৰণৰ মুখে মুখে প্রচলন হৈ অহা সাহিত্যৰাজিয়েই হ'ল লোক-সাহিত্য। মুখ-পৰম্পৰা অনুসৰি জীয়াই থকা বাবে কোনো কোনোৱে ইয়াক মৌখিক সাহিত্য (Oral Literature) বুলিও কোৱা শুনা যায়। মৌখিক সাহিত্য বা লোক-সাহিত্য হোজা গাঁৱলীয়া অনাখৰী মানুহৰ কৰ্মময় জীৱনৰ অভিজ্ঞতাৰ আঁচোৰ। ব্যক্তি তথা সমাজ জীৱনত লাভ কৰা সুখ-দুখ, আনন্দ-বেদনা আদিৰ স্বতঃস্ফূর্ত প্রকাশ

ঘটে এই শ্রেণী সাহিত্যত। লোক-সাহিত্যৰ প্রধান শাখা দুটা, লোক-গীত আৰু লোক-কথা। ইয়াৰ বাহিৰেও প্রবাদ, প্রবচন, ফকৰা, যোজনা, সাঁথৰ বা দিষ্টান আৰু তন্ত্র-মন্ত্রসমূহো লোক-সাহিত্যৰ ভিতৰত পৰে। লোক-কথাবোৰ মূলতঃ কাহিনীমূলক গধ্যধর্মী ৰবচনা। কাহিনীমূলক একশ্রেণীৰ লোক-গীতো আছে।


২। আঞ্চলিক ইতিহাস অধ্যয়নত লোকসাহিত্যৰ গুৰুত্ব কি?ব


উত্তৰঃ ইতিহাসৰ লগত সদায়েই কোনো এখন সমাজ আৰু সেই সমাজৰ সংস্কৃতি জড়িত হৈ থাকে। সমাজ আৰু সংস্কৃতি সম্পৃক্ত এই ইতিহাস অধ্যয়নত যেতিয়া কোনো এক অঞ্চলৰ বুৰঞ্জী আৰু ভূগোল অপাৰগ হয়, তেতিয়া সেই অঞ্চলৰ লোকসাহিত্য বা মৌখিক সাহিত্যই (Oral Literature) সহায় কৰিব পাৰে।


উদাহৰণ স্বৰূপে, দৰঙৰ দীঘিৰপাৰ অঞ্চলৰ ইতিহাস অধ্যয়নতো এইযাৰ কথা বৰ সুন্দৰকৈ খাটে। ক'বলৈ গ'লে, দীঘিৰপাৰৰ ইতিহাস বোলোতে এই অঞ্চলৰ জনসাধাৰণৰ সমাজ-জীবনকে বুজোৱা হৈছে। ঐতিহ্যমণ্ডিত এই দীঘিৰপুখুৰীৰ বিষয়ে এতিয়ালৈ কোনোধৰণৰ লিখিত ইতিহাস পোৱা হোৱা নাই। দীঘিৰপাৰৰ অতীত বুৰঞ্জী কেনেকুৱা আছিল তাক জানিবলৈ অসম বুৰঞ্জীয়েও আমাক কোনোধৰণে সহায় কৰা পৰিলক্ষিত নহয়। অৱশ্যে এই অঞ্চলৰ ইতিহাস তথা সমাজজীৱন সম্বন্ধে অধ্যয়ন কৰিবলৈ লিখিত সমলৰ অভাৱ যদিও অলিখিত তথা মৌখিক সমল নাই বুলি ক'ব নোৱাৰি। এই ক্ষেত্ৰত দুপদ প্রামাণ্য সম্পদ হ'ল 'শিয়ালা গোসাঁইৰ গীত' আৰু 'কমলা কুঁৱৰীৰ গীত' নামৰ মালিতা দুটা। কৈ থোৱা ভাল, এই দুয়োটা মালিতা বা কাহিনী-গীতেই সাধু আকাৰতো প্রচলিত।


৩। লোককথা মানে কি বুজা?


উত্তৰ: জনসাধাৰণৰ মাজত চলি অহা সাধু আদি; জনসাধাৰণ, বিশেষকৈ গ্রামীণ জনতা, নানা জনজাতি আদিৰ মাজত যুগ যুগ ধৰি মৌখিকভাৱে চলি অহা পৰম্পৰাগত বিশ্বাস, পুৰণি প্রথা, লৌকিক কাহিনী, সাধুকথা, লোকগাথা আদিকে লোককথা বোলা হয়। বিশ্বৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত থকাৰ দৰে অসমীয়া জনসমাজতো লোককথা বিশেষকৈ সাধুকথা, লোকগাথা, লৌকিক কাহিনী আদিৰ প্ৰচলন প্রাচীন কালৰেপৰা দেখা যায়।


৪। লোকোক্তি কি?


উত্তৰঃ 'লোকোক্তি' মানে হ'ল ফকৰা-যোজনা, সাধাৰণ কথা-বতৰা। যোজনা হ'ল চুটি সাৰগৰ্ভ, সহজে মনত ৰাখিব পৰা এফাঁকি বা দুফাঁকি কথা। পৰিস্থিতি বিশেষত ইয়াক যুক্ত কৰিব পাৰি বাবে ইয়াৰ নাম যোজনা। পটন্তৰ, দৃষ্টান্ত, ফকৰা, প্রবচন ইয়াৰ অন্যান্য নাম। ফকৰা-যোজনাই ভাষাৰ প্রকাশিকা শক্তি বৃদ্ধি কৰে। অসমীয়া ভাষাত এনে ফকৰা-যোজনা, সাঁথৰ আদি ভালেমান পোৱা যায়। ফকৰাবোৰ গূঢ়াৰ্থব্যঞ্জক; ইয়াত সোমাই থাকে নিগূঢ় অর্থ। ইয়াৰ ৰূপ হয় সাধাৰণতে ছন্দোবদ্ধ। 'যোজনা বিলাকত এফাঁকি কথা পূৰাবলৈ আন এফাঁকি কথা যোগ কৰি দিয়া হয়। যোগ কৰি দিয়া ফাঁকিৰ বহুত ক্ষেত্ৰত অর্থ নাথাকিবও পাৰে।' ফকৰা-যোজনাসমূহৰ মাজেৰে স্ৰষ্টাগৰাকীৰ সৃষ্টিশীলতা আৰু বুদ্ধিনিষ্ঠতাৰ পৰিচয় পোৱা যায়। লোকসাহিত্যৰ অন্যতম বাচকবণীয়া সম্পদ লোকগীতৰ দৰে ফকৰা-যোজনা, প্রবাদ-প্রবচনবোৰৰ ক্ষেত্ৰতো সময়সীমা নির্ধাৰণ কৰাটো কঠিন কাম। বুৰঞ্জীমূলক ঘটনালব্ধ প্রবচন, ফকৰাবোৰৰ সময়সীমা আনুমানিক বা মোটামুটিভাবে নিৰ্ণয় কৰিব পৰা যায়। ফকৰা-যোজনা আৰু পটন্তৰ এই শব্দকেইটা হেমচন্দ্ৰ বৰুৱাৰ মতে প্রায় সমার্থক, বাস্তৱ ক্ষেত্ৰতো তিনিওটাৰ মাজত বিশেষ পার্থক্য দেখা নাযায়। জীৱনৰ চৰম সত্যবোৰৰ বিষয়ে চিন্তাৰ অৱকাশ নথকা সাধাৰণ মানুহৰ এটা জীৱনৰ বা এটা দিনৰ ক্ষিপ্ৰ অভিজ্ঞতা, কেতিয়াবা এটা জাতিৰ কেইবাপুৰুষৰো অভিজ্ঞতাৰ দানা বান্ধি লোকোক্তিৰূপে প্রবচনৰ সৃষ্টি হয়। এই ক্ষেত্ৰত প্রবচনবোৰ আমাৰ জ্ঞানৰ ভঁৰালত নৈৰঞ্জব্যক্তিক সম্পত্তি হৈ ৰৈ গৈছে।


৫। লোকসংগীত বুলিলে কি বুজা?


উত্তৰঃ সংগীত হ'ল চৌষষ্ঠি কলাৰ অন্যতম। ভাৰতীয় শাস্ত্ৰৰ মতে সংগীত হ'বলৈ হ'লে বাদ্য আৰু নৃত্যৰ একান্ত প্রয়োজন। শাৰংগদেৱৰ 'সংগীত ৰত্নাকৰ' পুথিত সংগীতৰ সংজ্ঞা দিয়া হৈছে এনেদৰে 'গীতং বাদ্যং নৃত্যং এয়ং সংগীত মুচ্যতে।'- অর্থাৎ সংগীত বুলি ক'লে আমি বুজোঁ যে ই গীত, বাদ্য আৰু নৃত্যৰ সমষ্টি। সুৰ সঞ্চাৰ কৰি বাদ্য-যন্ত্ৰৰ সহযোগত পৰিৱেশন কৰা কবিতাই গীত। ইয়াত গীতৰ ভাব আৰু ৰস দৰ্শকৰ চিত্তলৈ কঢ়িয়াই নিবৰ বাবে যিখিনি অভিনয় আৰু অভিনয় প্রকাৰ্যৰ সংযোগ কৰা হয় সেয়াই নৃত্ত বা নৃত্য। এই তিনিটাৰ সহযোগত সৃষ্টি হয় সংগীতৰ। অৱশ্যে এই মত বহু পৰিমাণে শাস্ত্রীয় সংগীতৰ ধাৰাটোৰ ক্ষেত্ৰতহে প্রযোজ্য বুলি বহু আলোচকে মতপোষণ কৰে। এই ধাৰাৰ উপৰি লোকায়ত স্তৰত জনম লাভ কৰি সেই স্তৰতেই প্ৰচাৰ আৰু প্রচলন হৈ থকা এবিধ সংগীত আছে যাক আমি সৰল ভাষাত লোকসংগীত আখ্যা দিব পাৰি।


মন কৰিবলগীয়া যে, লোকসংগীত সাধাৰণতে পৰম্পৰাগত আৰু মৌখিকভাবে সঞ্চাৰণশীল। 'পৰম্পৰাগত সংগীত লিখিত বা ছপা সাংগীতিক স্বৰগ্ৰামৰ ওপৰত প্ৰতিষ্ঠিত নহয়'। ৰিচাৰ্ড এম ডৰচনৰ মতেও লোকসংগীত স্মৃতি আৰু শ্ৰৱণ নিৰ্ভৰ। লোককলা পৰিৱেশনত লিখিত ৰূপৰ কোনো কথাই নুঠে।


আমাৰ অসম দেশখন লোকসংগীতৰ ক্ষেত্ৰত অত্যমত সমৃদ্ধ। লোকসংগীতৰ গীতৰ অংশখিনি লোকসংস্কৃতিৰ ক্ষেত্ৰ বিভাজনৰ দৃষ্টিত মেিেকক সাহিত্যৰ ভিতৰত পৰে। অর্থায ইয়াৰ পাঠৰ বিশ্লেষণ ই বাহ্যিক কলা। কিন্তু যেতিয়া এনে লোকগীতৰ অংশকে

উপযুক্ত প্রসংগত পৰিৱেশন কৰি গোৱা হয় ই লোকপৰিৱেশ্য কলাৰ অন্তর্ভুক্ত হয়। দুই এজন পণ্ডিতৰ মতে ভাৰতীয় সংগীতৰ পৰিভাষাত লোকসংগীত পৰিভাষাটিৰ বিশেষ প্রয়োগ নহয়। বৰং ইয়াৰ সলনি দেশী সংগীত অভিধাটিহে অধিক প্রচলিত। অৱশ্যে আমাৰ অসমৰ ক্ষেত্ৰত এই দেশী সংগীত পৰিভাষা বা অভিধাটিৰো সণ্টালনি ব্যবহাৰ নাই।


অসমৰ লোকসংগীত পৰম্পৰাক ঘাইকৈ তলত দিয়া ধৰণে শ্রেণী বিভাজন কৰি আলোচনা কৰিব পাৰি। উল্লেখ্য যে অসমৰ লোকসংগীতৰ ভঁৰাল অতি বিশাল আৰু বৈশিষ্ট্যপূর্ণ। প্ৰায়বোৰ গীতকে পৰিৱেশনধর্মিতা কিবা নহয় কিবা প্ৰকাৰে যুক্ত হৈ থাকে।


(১) লোকগীত

(২) লোকনৃত্য

(৩) লোকবাদ্য


৬। ৰচনা-ৰীতিৰ ফালৰ পৰা অসমীয়া লোকসাহিত্যক কেইটা শ্ৰেণীত ভগাব পাৰি? শ্রেণীকেইটা কি কি?


উত্তৰঃ বচনা-ৰীতিৰ ফালৰ পৰা অসমীয়া লোক-সাহিত্যক তিনিটা ভাগত ভগাব পাৰি। শ্রেণীকেইটা হ'ল- (১) লোকগীত, (২) ফকৰা-যোজনা, প্রবাদ, পটন্তৰ, সাঁথৰ আদি আৰু (৩) সাধুকথা।


ৰচনাধৰ্মী প্রশ্নোত্তৰ:


১। লোক-সাহিত্য বুলিলে কি বুজা? অসমীয়া লোক-সাহিত্যসমূহক কি কি ভাগত ভাগ কৰিব পাৰি? প্রত্যেকৰিধৰ বিষয়ে চমুকৈ লিখা।


উত্তৰ: সকলো জাতিৰে সাহিত্যই লিখিত ৰূপ পোৱাৰ আগতে মৌখিক গীত-মাত, প্ৰৱচন, সাধুকথা আদি থকাৰ প্ৰমাণ পোৱা যায়। এই শ্ৰেণীৰ সাহিত্য আদিম যুগৰে পৰা নিৰক্ষৰ লোকৰ দ্বাৰা মুখে মুখে ৰচিত আৰু প্ৰচাৰিত হৈ আহিছে। জনসাধাৰণৰ মুখে মুখে চলি অহা এইবিধ সাহিত্যকে লোক-সাহিত্য বুলি জনা যায়। বর্তমানে প্রধানকৈ লিখিত সাহিত্যৰ বহুল চর্চা হ'লেও অনাখৰী লোকৰ মাজত লোক সাহিত্যও ৰচিত আৰু সমাদৃত হৈ আছে। এনেধৰণৰ পুৰুষানুক্রমে মুখে মুখে প্রচলিত হৈ অহা লোক-গীতসমূহে বিভিন্ন যুগৰ পৰিবেশৰ প্ৰভাৱত পৰি মোট সলায়, ভাষাই আধুনিক গঢ় লয়, সাজ-সজ্জা নতুন হয়। ৰচকৰ কোনো পৰিচয় নথকাত এইবিধ সাহিত্যৰ উদ্ভৱ কাল সঠিককৈ নিৰ্ণয় কৰা টান।


বিষয়বস্তু আৰু ৰচনা-ৰীতিৰ ফলৰপৰা অসমীয়া লোক-সাহিত্যক প্রধানকৈ তিনিটা শ্ৰেণীত ভগাব পাৰি-


(ক) লোকগীত, (খ) ফকৰা-যোজনা, সাঁথৰ, পটন্তৰ আৰু (গ) সাধুকথা।

ক) লোকগীত: আদিম মানৱৰ ব্যক্তিগত আৰু সামূহিক ভাব-অনুভূতিৰ প্ৰকাশ হিচাপে আৰু সাহিত্যৰ সৌন্দৰ্যৰ ফালৰ পৰা লোক-গীতবোৰ সকলো ভাষাৰে অমূল্য সম্পদ। অসমীয়া ভাষাত প্রচলিত লোকগীতবোৰক প্ৰধানকৈ তিনি শ্ৰেণীত ভগাব পাৰি।


(১) অনুষ্ঠানমূলক,

(২) কর্ম বিষয়ক আৰু

(৩) আখ্যানমূলক।


(১) অনুষ্ঠানমূলক গীতঃ অনুষ্ঠানমূলক গীতৰ ভিতৰত বিহুগীত, বিয়ানাম, ভেকুলী


বিয়াৰ নাম, আইনাম আদি পৰে। এই শ্ৰেণীৰ গীত কোনো বিবাহ আদি অনুষ্ঠান বা উৎসৱতহে গোৱা হয় যদিও অইন সময়ত গোৱাতো একো বাধা নাই। বিহুগীত গোৱা হয় বিশেষকৈ অসমীয়াৰ জাতীয় উৎসৱ ৰঙালী বিহুৰ সময়ত নৃত্যৰ লগত। বিহুগীতবোৰৰ প্রধান বিষয় হৈছে প্রেম। হুচৰিগীত আৰু বনগীত এই দুটা ৰূপত বিহুগীতবোৰ পোৱা যায়।


বিবাহ হ'ল অসমৰ প্ৰধান সামাজিক অনুষ্ঠান। এই অনুষ্ঠানৰ বিভিন্ন ক্রম বা অৱস্থাত আয়তীসকলে গোৱা গীতবোৰ অসমীয়া লোকসাহিত্যৰ মূল্যবান সম্পদ। বিয়ানামৰ লগতে ভেকুলী বিয়াৰ গীতৰ কথাও উল্লেখ কৰিব পাৰি।


নামনি অসমত আঘোণী পূর্ণিমাত বহুল'ৰা-ডেকাই জুম বান্ধি, ঘৰে ঘৰে ফুৰি, হাতৰ টোকোনেৰে শব্দ কৰি মহ খেদাৰ ছলেৰে কিছুমান আশীর্বাদসূচক বা ধেমেলীয়া গীত গায়, এই গীতবোৰক মহোহো গীত বোলে।


এইবোৰৰ উপৰি আইনাম, সুবচনীৰ নাম, জগন্নাথৰ নাম, লখিমী সবাহৰ গীত, অপেচৰী সবাহৰ গীত আদি বহুতো অনুষ্ঠানমূলক গীত আছে।


(২) কর্ম বিষয়ক গীত: কৰ্ম বিষয়ক গীতৰ ভিতৰত ধাইনাম, নাওখেলৰ গীত,


গৰখীয়া গীত আদিবোৰ পৰে। শ্রম লাঘব আৰু কাম কৰোঁতে আনন্দ লাভৰ উদ্দেশ্যেই এনে ধৰণৰ গীত গোৱা হয়।


(৩) আখ্যানমূলক গীত: এই শ্ৰেণীৰ গীতৰ মাজেদি একোটা আখ্যান বর্ণনা কৰা হয়। এইবোৰক কাহিনীগীত বা মালিতাও বোলে। বৰফুকনৰ গীত, মণিৰাম দেৱানৰ গীত, কমলা কুঁৱৰীৰ গীত, শান্তি-বাৰমাহী আদি অনেক আখ্যানমূলক গীত পোৱা যায়। এই গীতবোৰ ঘাইকৈ কৰুণ ৰসপ্রধান।


(খ) ফকৰা-যোজনা, সাঁথৰ, প্ৰৱচন: লোকগীতৰ দৰে ফকৰা-যোজনা, পটন্তৰ আদিও


অসমীয়া লোক-সাহিত্যৰ বহুমূলীয়া সম্পদ। যোজনা-পটন্তৰবিলাকত এটা কথা বুজাবৰ নিমিত্তে আন এটা কথাৰ লগত তুলনা বা ৰিজনি দিয়া হয়। যেনে- 'আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা'। 'এনেই বুঢ়ী নাচনী, তাতে আকৌ নাতিনীয়েকৰ বিয়া'। 'শাকত নাখায় লোণ, পিটিকাত যায় তিনিগুণ' ইত্যাদি।


সাঁথৰ হৈছে কোনো বস্তুৰ প্ৰকৃত নাম সহজে ক'ব নোৱাৰাকৈ দিয়া আওপকীয়া বৰ্ণনা। যেনে- ঘৰৰ তলত ঘৰ, তাতে পৰি মৰ। (উত্তৰ-আঠুৱা)


(গ) সাধুকথা: পৃথিৱীৰ বিভিন্ন জাতিৰ দৰে অসমৰো বিভিন্ন জাতিৰ মাজত নানা ধৰণৰ সাধুকথা আছে। সাধুকথাবোৰৰ পৰা মানুহৰ ৰীতি-নীতি, সমাজ-ব্যৱস্থা, চিন্তাধাৰা, লোক বিশ্বাস, প্রেম-প্রীতি, ঈর্ষা-অসূয়া, নৈতিক আদর্শ আদি বিষয়ক কথা পোৱা যায়। 'তেজীমলা', 'তুলা আৰু তেজা', 'কুকুৰীকণা জোঁৱাই', 'টেটোন' আদি বিবিধ সাধুকথা অসমীয়া লোকসাহিত্যত প্রচলিত আছে।


২। বিষয়বস্তু অনুসৰি লোক-সাহিত্যক কিদৰে ভাগ কৰিব পাৰি?


উত্তৰ: লোক-সাহিত্য বা বাচিক কলাক বিষয়বস্তু অনুসৰি তলত দিয়াৰ দৰে ভাগ কৰিব পাৰি। যেনে-


(i) ধর্মীয় গীত-পদ,


(ii) উৎসৱ-অনুষ্ঠানৰ লগত জড়িত গীত-পদ,


(iii) কর্ম বা শ্রম গীত,


(iv) প্রেম-প্রণয়মূলক গীত-পদ,


(v) ল'ৰা-ছোৱালীৰ সৈতে জড়িত গীত-পদ,


(vi) বিবিধ বিষয়ক গীত-পদ,


(vii) কাহিনী-গীত বা মালিতা।


(viii) বাচিক কলা বা কাহিনী বা সাধু বা সাধুকথা


(ix) বিদ্রূপাত্মক গীত


(x) প্রবচন, যোজোনা, পটন্তৰ


(xi) সাঁথৰ, দিষ্টান


(xii) লোকভাষা


(xiii) অসমৰ জনজাতিসকলৰ বাচিক কলা বা লোক সাহিত্য বা মৌখিক সাহিত্য।


(i) ধর্মীয় গীত-পদ: লোকসাহিত্য বা বাচিক কলাৰ এটি বিশেষ স্থান দখল কৰি আছে ধর্মীয় গীতবোৰে। ধর্মীয় প্রসংগ অর্থাৎ পূজা-পাতল-উপাসনা আদিৰ অনুষংগত গোৱা গীতবোৰেই ধর্মীয় গীত। দেৱ-দেৱীৰ উৎপত্তি, মর্ত্যত তেওঁলোকৰ পূজা-উপাসনা বিস্তাৰ, পূজা-উপাসনাৰ বিধি-ব্যৱস্থা, পূজাকর্তা, ভক্ত, ব্ৰতী, ব্রতিনী আদিৰ আধ্যাত্মিক উৎকর্ষ আদিৰ বৰ্ণনা এইবিধৰ গীতত পোৱা যায়। ধর্মীয় গীত পুৰাণগত মালিতা ধর্মী হ'ব পাৰে। সাধাৰণে পূজা-খলা বা উপাসনা স্থান আদিত পুৰুষসকলে অথবা মহিলাসকলে নাইবা পুৰুষ-স্ত্রী উভয়ে পৰম্পৰাগত বাদ্যযন্ত্র যেনে খোল, মৃদংগ, নাগেৰা, তাল, কৰতাল, মঞ্জিৰা আদি সংগতকৰি চাপৰি বজাই এই গীতবোৰ আবৃত্তি কৰে। ব্যাস ওজাপালি, সুকনানি ওজাপালি, মাৰে-গান, পদ্মা-পুৰাণৰ গান, বাশী-পুৰাণৰ গান আদিপৰিৱেশ্য অনুষ্ঠানে বাদ্যযন্ত্র সংগত কৰি ধৰ্মীয় গীত আবৃত্তি কৰে সামাজিক আধ্যাত্মিক, নৈতিক আৰু সামাজিক শিক্ষা দিয়াৰ প্ৰয়াস কৰে। ভক্তিৰ পৰাকাষ্ঠা ধর্মীয় গীতবোৰৰ এটি

উল্লেখযোগ্য বৈশিষ্ট্য। ধর্মীয় গীতবোৰ আকৌ কেইটিমান উপশ্রেণীত ভাগ কৰিব পাৰি; যেনে-


(ii) দেৱ-দেৱীৰ সৈতে জড়িত গীতঃ দেৱ-দেৱীৰ পূজা-পাতল আদিৰ লগত জড়িত গীত; যেনে- আইৰ নাম, সদাশিৱৰ নাম, জগন্নাথৰ নাম, দুর্গাদেৱীৰ নাম, মনসাৰ নাম, অপেশ্বৰীৰ নাম, সুবচনীৰ নাম, লক্ষ্মীদেৱীৰ নাম, সৰস্বতীৰ নাম ইত্যাদি। নৱ-বৈষ্ণৱ আদর্শ সম্পৃক্ত নামবোৰ প্ৰায়ে বিষ্ণু-কৃষ্ণ আৰু ৰাম চৰিত্ৰকেন্দ্রিক। আত্মলঘিমা, আত্মত্যাগ আৰু আত্মনিবেদনৰ গভীৰতাই এনেবোৰ গীতত প্রাধান্য লাভ কৰে; যেনে-


দিহাঃ    অহে গোবিন্ কি দিবো যাদৱ ৰায়। 

অহে ব্ৰহ্মাণ্ডৰ ভিতৰে যত বস্তু আছে 

সমস্তে তোমাতে পায়।।


পদঃ     কিবা মই আসন/দিবো নাৰায়ণ/গৰুড়ে যাৰ বাহন। 

কিবা অলংকাৰে ৰঞ্জিবো তোমাৰে/কৌস্তভে যাৰ ভূষণ।। 

ঐশ্বর্য্য বিভূতি/কি দিবো সম্প্রতি/আপুনি লক্ষ্মীৰ পতি। 

কিবা তুতি-নতি/কৰিবো ভকতি/যাৰ ভাৰ্যা সৰস্বতী।। 

হেন জানি হৰি/শৰণ পশিলো/তেজিবাক নুযুবায়।।


(iii) আই-নাম: 'আই-নাম' অসমীয়া ধর্মীয় লোকগীতৰ আন এটি উল্লেখযোগ্য দিশ। 'বসন্ত-ৰোগ'ৰ নিৰাময় আৰু দূৰীকৰণ যাদুৰ আধাৰত শীতলাদেবী বা আইৰ জন্ম। গীত-পদত আই হয় সন্তুষ্ট। সেইবাবে অকুমাৰী ছোৱালী অথবা আই-বাইসকলে ঘৰত কাৰোবাৰ আই ওলালে আই-নাম পাতি নাম ধৰে। এইবোৰত আইৰ জন্ম, তেওঁৰ শক্তি-মহিমা আৰু বিভূতি, তেওঁৰ কাৰুণিক দিশ আদিৰ পৰিচয় পোৱা যায়। আই-নাম ধৰাৰ পৰম্পৰা অসমৰ জনজাতি, মুছলমান আৰু চাহ বাগানৰ সমাজতো কম-বেছি পৰিমাণে প্রচলিত। এই নাম বা গীতবোৰ যথাৰ্থতে মন্ত্রমূলক। সর্পদেৱী মনসাৰ কন্যা শীতলা আই বিভিন্ন নামেৰে পৰিচিতা, তেওঁ স্বর্গ-মর্ত্য-পাতালত পূজিতা, 'তেওঁ বিস্ফোট প্ৰসাদৰ অধিকাৰিণী।


দিহাঃ    আই দেৱী ভগৱতী সিংহবাহিনী। 

তুমি দেৱী নাৰায়ণী চণ্ডিকা গোসানী।।


পদঃ     উমা শিৱা যোৰ মূৰ্তি দেখি লাগে ভয়।

ৰক্ষা কৰিবা জয় দুর্গা তোমাৰে আশ্রয়।।

স্বৰগত পূজে দেৱে পাতালত নাগে।

মনুষ্যগণে পূজা কৰে ফুলে-জলে।।

আই আহে সন্ধ্যাকালে বৃষভে চৰি।

মনুষ্যে স্তুতি কৰে দুই চৰণে ধৰি।।

আহিছা শীতলা আই এ বহিবা আসনে। 

ফুলে জলে সেৱা কৰিম তোমাৰ চৰণে।। 

কৈলাসত আছিলা আই দেৱৰপূজা খাই। 

মনুষ্যক আসিলা আইপূজা-সেৱা পাই।। 

পাতালত আছিলা আই নাগৰপূজা খাই। 

পৃথিৱীক আসিলা আই মাহ-পাৰ পাই।।


উজনি অসমত আইক সন্তুষ্ট কৰাৰ অৰ্থে পতা নামক 'গোপিনী সবাহ' বোলে।

শ্রদ্ধা-ভক্তি আৰু আন্তৰিকতা উজাৰি দিয়া হয় আই নামৰ জড়িয়তে। আই নামত নান্দনিক সৌন্দর্য প্রকট হৈ উঠাৰ লগে লগে নিঃসর্গ জীৱন প্রাণবন্ত হৈ উঠা দেখা যায়।


উজাই আহিলে আইৰে সাতভনী সাতালি পৰেৱত জুৰি। 

তৃণ-তরুলতা সৱে মাথা দোঁৱায় আই আহিবৰে শুনি।। 

সোণৰে চকৰী উৰেজাকি মাৰি ৰূপৰে দুখনি পাখি। 

চহৰ ফুৰিবলৈ আইলোক আহিছে জীৱদান মাগিছো আমি।। 

নেজানি সোমালো আইৰে ফুলবাৰী, নিচিনি ছিঙিলো কলি। 

ইবাৰৰ দোষকে ক্ষমিবা ভবানী মাতা চৰণতে ধৰি।।


কোনো কোনো আই-নামত আত্মসমর্পণৰ ভাৱ 'অনুপম কোমল ঠাঁচত' প্রকাশ পাইছে, যেনে-


আই মোৰ ঘৰো সাৰিলো 

আই মোৰ চোতালে সাৰিলো 

আই মোৰ পদুলি মুখলৈ চাই।।


(iv) অপেম্বৰী নাম বা অপেচৰী নামঃ 'আই-নাম'ৰ দৰে 'অপেস্বৰী-সবাহ' বা 'অপেচৰী নাম' নাৰী বা মহিলা সমাজতহে সীমিত। অপেস্বৰী বা অপেচৰা পদটো বৈদিক 'অপ্সৰা' শব্দৰপৰা উদ্ভৱ হৈছে। অপেস্বৰীসকলে অসমৰ বাহিৰে ভাৰতৰ আন আন ঠাইত পৰী (Fairies) নামেৰে পৰিচিত। কল্যাণ-কামিনী আৰু অ-কল্যাণকামিনী উভয় দেৱীৰ ভূমিকা পালন কৰি আহিছে অপেস্বৰাই। অকল্যাণকামিনী দেবী স্বৰূপে অপেস্বৰীসকলৰ কু-দৃষ্টিত কোনো বেমাৰ-আজাৰ নোহোৱাকৈ ল'ৰা-ছোৱালী শুকাই-খীনাই যায়, অথবা পয়া লাগে, নাইবা ল'ৰা-ছোৱালীয়ে হাত-ভৰি জোকাৰি চকু-মুখ পকাই কন্দা-কটা কৰে, নাইবা একাংগী আদি নৰীয়া হয়, নাইবা চকু ফেচকুৰিয়া ৰোগ হয়, নাইবা পিঠাগলীয়া ব্যাধি হয়, অথবা ছোৱালী-শান্তি নোহোৱাকৈ থাকে, নাইবা ওপৰৰ ফালে চাই চাই কান্দি থাকে। অপেস্বৰীসকলৰ এই কু-দৃষ্টিক “উপৰেলীৰ লেঠা" লগা বুলি কামৰূপৰ অঞ্চল বিশেষে কোৱা শুনা যায়। ইয়াৰ বিপৰীতে অপেস্বৰীসকলক পূজা-উপাসনা কৰিলে এই ৰোগ-ব্যাধিবোৰ নিৰাময় হয়, আনকি অপেস্বৰীৰ কৃপাত নিঃসন্তানা নাৰীয়েও সন্তান লাভ কৰে, আনকি অবিবাহিতা গাভৰুৱেও স্বামী লাভ কৰে আৰু ধন-জন, পুত্র-কন্যা লাভ কৰে। অপেস্বৰী পূজা দেওবাৰে ভৰ দুপৰীয়া নাৰীসকলে উদযাপন কৰে আৰু পূজাৰ প্ৰসংগত গীত-পদ গোৱা হয়, দুয়ো হাতেৰে চাপৰি মাৰি। এই গীত-পদৰ নামেই অপেস্বৰী সবাহৰ গীত। 'আই-নাম'ৰ দৰে অপেস্বৰী গীততো আত্মসমর্পণৰ কোমল ভাব ৰণিত।


অসমৰ বিভিন্ন অঞ্চলৰ বিবাহিতা নাৰী আৰু অবিবাহিতা গাভৰুসকলে বছৰটোৰ বিভিন্ন দিন বা তিথিত কিছুমান ব্রত বা বৰত পালন কৰে; যেনে- চৰেই বৰত, সাথা বৰত, মনসা ব্রত, সাবিত্রী ব্রত ইত্যাদি। ব্রত বা বৰতৰ অনুষংগতে নাৰী বা গাভৰুৱে বিবিধ গীত-পদ আবৃত্তি কৰে। ভক্তিৰসৰ মন্দাকিনীধাৰা যেন এই গীতবোৰৰ মাজেৰে প্রবাহিত হৈ আছে।


(v) সোণাৰায় পূজাৰ গীত: গোৱালপাৰা অঞ্চলত প্রচলিত সোণাৰায়-পূজা, কাতি - পূজা, বাঁশ-পূজা, হুদুম-পূজা আদিৰ সৈতে সম্পৃক্ত গীতখিনিকো ধর্মীয় গীত আখ্যা দিব পাৰি। সোণাৰায়-পূজা ব্যাঘ্র দেৱতা-পূজাৰ অন্য এক অভিব্যক্তি। গোৱালপাৰা অঞ্চলৰ গৌৰীপুৰ, ধুবুৰী, গোলোকগঞ্জ, বক্সিৰহাট, আগমনি আদিত ব্যাঘ্র-দেৱতা সোণাৰায় স্বৰূপে পৰিচিত। প্রচলিত লোকবিশ্বাস মতে সোণাৰায়ক পূজা কৰিলে গৰু-গাই নিৰাপদে থকাৰ ওপৰিও গৃহস্থৰ কুশল হয়। সোণাৰায়-পূজাত গৰখীয়াসকলে গোৱা গীতবোৰৰ নামেই সোণাৰায়-পূজাৰ গীত।


(vi) কাতি পূজাৰ গীত: 'কাতি-পূজা' গোৱালপাৰা অঞ্চলৰ অন্যতম স্ত্রী আচাৰ। 'কার্তিক' দেৱতাই হ'ল কাতি দেৱতা। নিঃসন্তান নাৰীয়ে কাতি-পূজা কৰে সন্তান লাভৰ আশাত। 'কাতি-পূজা'তো প্রাধান্য লাভ কৰে গীতে। এই গীতবোৰৰ নামেই 'কাতি-পূজাৰ গীত'। সাধাৰণতে অনাবৃষ্টিৰ সময়ত ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত মাজনিশা পথাৰৰ মাজত নাৰীসকলে হুদুম-পূজা পাতে। হুদুম বৃষ্টিদাতা দেৱতা। ঢাক বা মৃদংগ বাদকৰ বাহিৰে কোনো পুৰুষে হুদুম-পূজাত যোগ দিব নোৱাৰে। নাৰীসকলে বিবসনা হৈ গীত-পদ গাই গাই হুদুম দেৱতালৈ পূজা আগবঢ়ায়। হুদুম-পূজাৰ প্ৰসংগত গোৱা গীতবোৰৰ নামেই হুদুম-গীত। এই গীতবোৰৰ কিছুমানত অশ্লীল শব্দৰ প্ৰয়োগ পৰিদৃষ্ট হয়। হুদুম-গীতৰ উদাহৰণস্বৰূপে তলত দুটিমান স্তৱক দিয়া হ'ল; যেনে- 


জাগৰে জাগৰে হুদুম আজিকাৰ ৰাতি।

গৃহস্থীয়ো কৰে পূজা দিয়া ধূপ চাইলন বাতি।। 

আকাশতে কৰ পূজা আকাশ বাওলী। 

পাতালতে কৰ পূজা এক কাল লাগালি।।.... 

হুদুমেৰ মাও বন্দী হইল যোৰ মাৰেয়া তলেৰে।

হুদুম হুদুমৰে হুদুমে কি কাজ কৰিলৰে।।

হুদুমেৰ ঘৰ সাত ভাই কবে খেতত পানী নাই।

আছে পানী গাততে ঢালিয়া দিব জমিতে।।


(vii) বাঁশ-পূজাৰ গীত: বাঁশ-পূজা দুইপ্রকাৰৰ, (ক) মদন-কাম আৰু (খ) ভগবতী বাঁশ। এই দুয়োটা অনুষ্ঠানতে কেইবাডালো বাঁহ চিত্র-বিচিত্র কাপোৰেৰে মেৰিয়াই ঢোল-খোল-তাল আদিসংগত কবি নৃত্য আৰু গীতৰ মাধ্যমেৰে নচোৱা হয়। বাঁশ-পূজাৰ অনুষংগত গোৱা গীতবোৰকেই বাঁশ-পূজাৰ গীত আখ্যা দিয়া হয়। বাঁশ-পুজাৰ গীতৰ উদাহৰণস্বৰূপে তলত এটি গীত দিয়া হ'ল-


জয় জয় বন্দং যশে বন্দং বাম।

প্রণাম কৰিয়া বন্দং গোসাইৰ চৰণ।।

মুটিংগা সিজ্জাইল গোসাই কৰিয়া যতন।

কর্ম বানে জনম হইল ঠাকুৰ মদন-কাম।।

দেৱ বন্দং ধৰম বন্দং ধৰম নইৰা কাৰ।

হৰ গৌৰী মাধৱ বন্দং শিৱেৰ জটাভাব।।


(viii) তুকুৰীয়া-পূজাৰ গীতঃ পাতিবাভাসকলৰ তুবুৰীয়া পূজাৰ প্ৰসংগত ওজাপালিয়ে গায়:


নামেৰে লাঙা বুঢ়া/নামে আবো নামেৰে।

ঘৰ দেৱতী নামে আবো নামেৰে।

ন বইনি নামে আৰো নামেৰে।

হেৰকাপেটা নামে আৰে নামেৰে।


মর্ত্যত পূজা বিচাৰি ঘৰ গোসানীয়ে লাঙা বুঢ়াক (শিৱক) দক্ষিণ ফালে পঠিয়ালেঃ


টিমো টিমো কৰি লাঙা ঢোলখিনি বায়।

উত্তৰ কুলৰ বুঢ়া লাঙা দখিণকুলে যায়।।

উত্তৰ কুলৰ বুঢ়া লাঙা দখিণ কুলত যায়।

দখিন কুলত যাই লাঙা কাকোৰ কুচিয়া খাবাকো নাপায়।।

আগে আছিলং কোচৰ ছাৱা ৰাভাত গেলং জাতি।

এতিয়াহে হৈছে মোৰ লাঙাৰ খিয়াতি।।


(ix) বৰমানী-পূজাৰ গীত: বৰমানী পূজাত ওজাপালি বা মাৰে-গান পাল্লাই এনেদবে


গায়ঃ


দিহাঃ সৰপে বোলেৰে সুন্দৰী আছে কোলে।

         কিমতে দকিম বাচাক দয়া লা গয়ৰে।

         দকিম দকিম বাচাক ছুতা লৈয়াৰে।।


পদঃ     কেশতে দকিবা নৰং হাৰিয়া চোঙৰ।

মুণ্ডতে দকিবা নৰং ঝুনা নাৰিকল।।

কৰালত দকিবা নৰং দ্বিতীয়াৰ চান।

কাণতে দকিবা নৰং মৰেঙাৰ পাণ।।ইত্যাদি


পাতিৰাভা সমাজত প্রচলিত 'তুকুৰীয়া-পূজা'ত তুকুৰীয়া ওজাপালিয়ে পূজাৰ গীত গায়। গীতটোৰ দুটিমান স্তৱক তলত দিয়া হ'লঃ


পাণ খায় পাণ খায় আইলা ৰাণী পাণ খায়।

পাণ খায় পাণ খায় ঘৰ দেৱতী পাণ খায়।।

পাণ খায় পাণ খায় ৰথোৱানী পাণ খায়।

পাণ খায় পাণ খায় কাছু কামৰি পাণ খায়।।.........

পাণ খায় পাণ খায় হেৰকাপেটা পাণ খায়।

পাণ খায় পাণ খায় লাঙা বুঢ়া পাণ খায়।।


(x) চিয়া গীত, দেহ বিচাৰৰ গীত: বৰসেৱা, বৰখেলীয়া ভকতসেৱা, ভিতৰুৱা সকাম, পূৰ্ণৰীয়া সকাম, পূর্ণসেৱা, থেকেৰা ফুলীয়া ভকতসেৱা, মেৰু-পূজা বা কৰণি, পুঠিমেছীয়া ভকতসেৱা, কাছোমৰীয়া ভকত সেৱা আদিত মঞ্জিৰা, ৰামতাল, খুঞ্জৰী আদি সংগত কৰি ভকতসকলে দার্শনিকভাৱ বিশিষ্ট গীত কিছুমান গায়। এই গীতবোৰ 'চিয়া-গীত' নামেৰে পৰিচিত। 'চিয়া' পদটো 'চৰ্য্যা' পদৰ পৰা উদ্ভৱ হ'ব পাৰে। এই গীতবোৰত ওপৰোল্লিখিত সম্প্রদায়সমূহৰ শৰণীয়া ভকতসকলে কি কি ধর্মীয় আচৰণ পালন কৰিব লাগে তাৰ আভাস পোৱা যায়। ৰাতি খোৱা (Night Worshipper) সম্প্ৰদায়ৰ ভকতসকলে গোৱা গীতবোৰ চিয়াগীতৰ সমধৰ্মী,। তত্ৰাচ এই শ্ৰেণীৰ গীত, দেহ বিচাৰৰ গীত স্বৰূপেহে পৰিচিত। 'চিয়া গীত' বা 'দেহ বিচাৰৰ গীত'ৰ ভাষা ৰূপকধর্মী। 'দেহ বিচাৰৰ গীত'বোৰ ধৰ্মীয় অনুষংগত বাদ্যযন্ত্রসহ গোৱাৰ ওপৰিও ভকতসকলে ঘৰে ঘৰে ভিক্ষা মাগি ঘূৰি ফুৰোতে টোকাৰী আৰু ৰামতাল বজাই গায়। টোকাৰী সংগত কৰি গীতবোৰ গোৱাৰ কাৰণে ইয়াৰ আন নাম টোকাৰী-গীত। বৰসেৱা, ৰাতিখোৱা, পূৰ্ণসেৱা আদি সম্প্রদায়ে আত্মাতকৈ দেহত আৰু ঈশ্বৰতকৈ গুৰুৰ ওপৰত অধিক গুৰুত্ব দিয়ে। তেওঁলোকে শাৰীৰিক সুখ আৰু আনন্দৰ মাজেৰে পৰমতত্ত্বক উপলব্ধি কৰিবলৈ প্ৰয়াস কৰে। তান্ত্রিকবাদ, বৌদ্ধসহজীয়াবাদ আদিৰ প্ৰভাৱ- এনেবোৰ অনুষ্ঠানত সুদূৰ প্ৰসাৰী। দেহ বিষয়ক গীতৰ উদাহৰণস্বৰূপে তলত এটি গীত দিয়া হ'ল, যেনে-


বৈকুণ্ঠত আছিল দেৱৰ দামেকলা/আহিল ভাৰস্তুত নামি।

হে ৰামে ৰুই গ'ল এইনো দামেকলা/লক্ষ্মণে চপাই নল মাটি।।

শংকৰদেৱ আহি জেওৰা দি গ'ল/হলে চাৰি যুগে পুলি।

গৰ্ভৰপৰা ওলাল থুৰিপত্র/খুললৈ কৰিলে সেও।।

পূবে কি পছিমে উত্তৰে/দখিনে, পত্র বা পাৰিম কোন দিশে। 

পূবলৈ আগকৈ পছিমলৈ গুৰিকৈ/মেৰুৰে মূৰতে থপা।।


(xi) জিকিৰ: অসমীয়া মুছলমানসকলৰ মাজতো 'দেহ বিচাৰৰ গীত'ৰ সমধর্মী দার্শনিক গীত কেইটামান পোৱা যায়। এই শ্ৰেণীৰ গীত 'জিকিৰ' নামেৰে জনাজাত। জিকিৰবোৰ আজান ফকিৰৰ সৈতে সম্পৃক্ত কৰিবলৈ বিচৰা হৈছে যদিও, দৰাচলতে এই গীতবোৰ মৌখিক সৃষ্টিহে, পৰৱৰ্তী কালত আজান ফকিৰৰ লগত সংযোজিত হৈছে। নান্দনিক সৌন্দর্য্য আৰু সাংগীতিক গুণেৰে ঋদ্ধ 'জিকিৰ'ৰ বিষয়বস্তু আৰু গঠনৰীতিত নৱবৈষ্ণৱ গীতৰ প্ৰভাৱ সহজে অনুমান কৰিব পাৰি। 'দেহবিচাৰৰ গীত'ৰ দৰে 'জিকিৰ'ৰ ভাষাও সাঁথৰধৰ্মী। 'জিকিৰ' পদটো আহিছে আৰবী ভাষাৰ 'জিকৰ' শব্দৰ পৰা, অৰ্থ স্মৰণ বা জপ। 'জিকিৰ' পৰম্পৰা চুফী ৰহস্যবাদীসকলৰ মাজতো প্রচলিত আছিল। এগৰাকী ফৰাচী পণ্ডিতৰ মতে পুৰণি আৰবত চন্দ্ৰৰ লগত জড়িত থকা এটা অনুষ্ঠানৰ নাম আছিল জিকিৰ। "চুফীসকলে বসুধৈর কুটুম্বকং ভাবলৈ সামাজিক বা' ধর্মমূলক বিশেষ একোতে প্রাধান্য নিদি প্রেম আৰু ভক্তিৰ সহায়ত এক ঈশ্বৰৰ আৰাধনা কৰিছিল। সাধাৰণ মানুহে পালন নীতি-নিয়ম, যেনে- উপবাস, তীর্থযাত্রা, পূজা-পাতল, চুফীবিলাকৰ মানত নিৰৰ্থক। আত্মাৰ শুদ্ধি, নিৰাসক্ত মন, ভগৱানৰ নাম-জপ, সকলোতে ভগৱানৰ বা পৰমাত্মাৰ অৱস্থিতিবোধ চুফী মতবাদৰ সামগ্রী।" জিকিৰবোৰত চুফীবাদৰ প্রভাব লক্ষ্য কৰা যায়। 'দেহবিচাৰৰ গীত'ৰ বিষয়বস্তু, প্রতীক, প্রহেলিকাময় ভাষা আৰু দৰ্শনৰ সৈতে যে জিকিৰৰ চকুতলগা মিল তাৰ নিদৰ্শন পোৱা যায় তলৰ গীতটিৰ (জিকিৰ) জৰিয়তেঃ


চিন্তা হেৰা মোৰ মন আল্লাৰ নামত।

ভজা হেৰা মোৰ মন গুৰুৰ পাৱত।।

পানী মৰে পিয়াহত অগ্নি মৰে জাৰত।

খোদা ৰচুল লুকাই আছে মমিনৰ আঁৰত।।

আম্মানৰ কুটুব তৰা আদমৰ জাত।

সজাত ময়না আছে ঘনে লগায় মাত।।

সজাৰ ময়নাটিৰ অনেক যুকুতি।

দেও মাৰি পাৰ হ'ল এৰিলে পিৰিতি।।

দেও মাৰি পাৰ হ'ল জীৱই আছে চাই।

চোৱা চোৱা জীৱসকল ভেলৰ বিলাই।।...


এই গীতটিত মানব আত্মাক সজাত বন্দী হৈ থকা ময়না চৰাইৰ সৈতে তুলনা কৰা হৈছে। জিকিৰবোৰ দলগত সংগীত- কেইবাজনো গায়কে হাতত চাপৰি মাৰি নৃত্যভংগীত এই গীতবোৰ গায়। এজনে গীত লগাই দিয়ে বাকীবিলাকে ধৰে। গীত লগাই দিয়াজনক ওজা বোলে। জিকিৰবোৰ ওজাপালি গীতৰ শৈলীত গোৱা হয়।

(xii) জাৰী-গীত: 'জাৰী-গীত' বা 'মর্চিয়া-গীত' কাৰবালাৰ কাহিনীকেন্দ্রিক। 'জিকিৰ গীত'বোৰ যদি পাৰলৌকিক বিষয়ক তেন্তে জাৰী-গীতবোৰ ঐহিক বিষয়ক। 'জাৰী-গীত 'বোৰত স্থান লাভ কৰা হজৰত আলি, বিবি ফতিমা, হাচেন-হুচেন, চহৰ-বানু আদি ঐতিহাসিক চৰিত্ৰই অসমীয়া সমাজৰ অতিকে চিনাকি চৰিত্ৰস্বৰূপে আত্মপ্রকাশ কৰিছে। জাৰী-গীতৰ আকৰ্ষণৰ অন্যতম কাৰণ তাৰ অন্তর্নিহিত করুণ বস। জাৰী আৰু জিকিৰ উভয় শ্রেণীৰ গীতেই হাতত চাপৰি মাৰি নাচি নাচি গোৱা হয়, যদিও দুয়োবিধ নাচৰ মাজত মিল নাই। বৃষ্টি আনয়ন যাদুৰ লগতো জাৰী গীত জড়িত; যিহেতু এইবিধ গীত গালে হেনো বৰষুণ হয়। 'জিকিৰ' আৰু 'জাৰী গীত' লগাই দিয়াজনক ওজা বোলে। জাৰী গীতৰ উদাহৰণস্বৰূপে তলত এটি গীত দিয়া হ'ল; যেনে-


ঘোষা:   আল্লাৰ নামে নবীৰ নাম লোৱাহে মোমিন। 

লোৱা নাম বছুলৰ আল্লা (ও) আল্লা।।


পদঃ     হজৰতৰ ঘৰে বিবি পয়দা হ'ল/ মোল্লাক জনাবলৈ যোৱা।। 

সোণৰ বটা ভবি লংচুফাবি/ৰূপৰ বটা ভৰি পাণ।। 

তোমাকে বোলো মোল্লাৰে আখু/তই খা মোৰ বঁটাৰ পাণ।। 

হজৰতৰ ঘৰে বিবি পয়দা হ'ল/কোৰাণ মেলি নাম চোৱা।।....


(xiii) কামৰূপী লোকগীত: কামৰূপী লোকগীত স্বৰূপে আকাশবাণী, দূবদর্শন আদিৰ জৰিয়তে পৰিচয় লাভ কৰা সাংগীতিক বৈশিষ্ট্যসম্পন্ন গীতখিনিত ভক্তিভাৱৰ গভীৰতা লক্ষ্য কৰিব পাৰি। এই জাতীয় গীতবোৰ বিশেষভাবে কামৰূপত জনপ্রিয়। দৰং জিলাত এইবিধৰ গীতৰ প্ৰচলন তেনেই নিস্তেজ। কামৰূপত মঞ্জিৰা, দোতোবা, খঞ্জৰী আদি সংগত কৰি এজন বা একাধিক গায়কে গায়। এই গীতবোৰৰ আকৰ্ষণ ইয়াৰ সাংগীতিক আৰু কাব্যিক গুণত, ভক্তিৰ গভীৰতাৰ বাবে নহয়। শিৱ-পাৰ্বতী, কৃষ্ণ-যশোদা আদি চৰিত্ৰৰ প্রাধান্য এই গীতবোৰত দেখা যায়। কামৰূপী লোকগীতৰ উদাহৰণ স্বৰূপে তলত এটি গীত দিয়া হ'ল-


দিহাঃ    অ'মাই যশোৱা হে মাইহে যশোৱা 

            আমাক লাগিয়া অলপ তোৰ মৰম নাই।।

পদঃ তোৰ ঘৰে আসি গৰু চৰি ফুৰো 

কৰকৰা ভাত খাই।। 

কাঠ বাঁজী বুলি জগতে হাসয় 

দেখিও সুমৰা হৰি। 

তোৰ ঘৰে আসি পুত্ৰ উপজিলো 

ইটো দুখ দূৰ কৰি।। 

মোহোৰ মুখত লাজ পালে অতি

তোহোৰ গুণক হন্তে।

দুই ওঁঠ ফাটি তেজ বহি যাই 

বাঁহৰে বাঁহী বাজন্তে।।

একতলা সোণাৰে বাঁহী গঢ়ে নেদা 

বাজ পটেশ্ববী হুই।

গুণন্তে গাথন্তে টাপলি বান্ধতে 

ধনতে লাগিলা জুই।।


৩। অসমীয়া লোক সাহিত্যৰ বিষয়ে এটি আলোচনা আগবঢ়োবা।


উত্তৰঃ লিখিত সাহিত্যৰ সৃষ্টি হোৱাৰ বহু কাল পূর্বে, লিপিৰ উদ্ভব কালৰ বহু আগৰে পৰা জনসাধাৰণৰ মাজত এক প্রকাৰ সাহিত্য চলিছিল; তেনেবোৰ সাহিত্যকে লোক-সাহিত্য আখ্যা দিয়া হৈছে। এই শ্রেণী সাহিত্য নিৰক্ষৰ লোকৰ মুখে মুখে ৰচিত আৰু প্ৰচাৰিত হৈ আহিছে। সেইবাবে লোক-সাহিত্য মানে জনসাধাৰণৰ সাহিত্য বা জনসাহিত্য বুলি জনা যায়।


বিশ্বব আন আন লোক সাহিত্যৰ দৰে অসমীয়া লোক-সাহিত্যৰ পথাৰখনো চহকী বুলি ক'ব পৰা যায়।


বিষয়বস্তু আৰু ৰচনা-ৰীতিৰ ফালৰপৰা অসমীয়া লোক সাহিত্যক প্রধানকৈ তিনিটা শ্ৰেণীত ভগাব পাৰি-


(ক) লোকগীত, (খ) ফকৰা-যোজনা, সাঁথৰ, পটন্তৰ আৰু (গ) সাধুকথা।


(ক) লোকগীত: আদিম মানৱৰ ব্যক্তিগত আৰু সামূহিক ভাব-অনুভূতিৰ প্ৰকাশ হিচাপে আৰু সাহিত্যৰ সৌন্দৰ্যৰ ফালৰ পৰা লোক-গীতবোৰ সকলো ভাষাৰে অমূল্য সম্পদ। অসমীয়া ভাষাত প্রচলিত লোকগীতবোৰক প্ৰধানকৈ তিনি শ্রেণীত ভগাব পাৰি।


(১) অনুষ্ঠানমূলক, (২) কর্মবিষয়ক আৰু (৩) আখ্যানমূলক।


(১) অনুষ্ঠানমূলক গীতঃ অনুষ্ঠানমূলক গীতৰ ভিতৰত বিহুগীত, বিয়ানাম, ভেকুলী বিয়াৰ নাম, আইনাম আদি পৰে। এই শ্ৰেণীৰ গীত কোনো বিবাহ আদি অনুষ্ঠান বা উৎসৱতহে গোৱা হয় যদিও অইন সময়ত গোৱাতো একো বাধা নাই। বিহুগীত গোৱা হয় বিশেষকৈ অসমীয়া জাতিৰ উৎসৱ ৰঙালী বিহুৰ সময়ত নৃত্যৰ লগত। বিহুগীতবোৰৰ প্রধান বিষয় হৈছে প্রেম। হুচৰিগীত আৰু বনগীত এই দুটা ৰূপত বিহুগীতবোৰ পোৱা যায়।


বিবাহ হ'ল অসমৰ প্ৰধান সামাজিক অনুষ্ঠান। এই অনুষ্ঠানৰ বিভিন্ন ক্রম বা অৱস্থাত আয়তীসকলে গোৱা গীতবোৰ অসমীয়া লোকসাহিত্যৰ মূল্যবান সম্পদ। বিয়ানামৰ লগতে ভেকুলী বিয়াৰ গীতৰ কথাও উল্লেখ কৰিব পাৰি।


নামনি অসমত আঘোণ পূর্ণিমাত বহু ল'ৰা-ডেকাই জুম বান্ধি, ঘৰে ঘৰে ফুৰি, হাতৰ টোকোনেৰে শব্দ কৰি মহ খেদাৰ ছলেৰে কিছুমান আশীর্বাদসূচক বা ধেমেলীয়া গীত গায়, এই গীতবোৰক মহোহো গীত বোলে।

এইবোৰৰ উপৰি আইনাম, সুবচনীৰ নাম, জগন্নাথ নাম, লখিমী সবাহৰ গীত, অপেচৰী সবাহৰ গীত আদি বহুতো অনুষ্ঠানমূলক গীত আছে।


(২) কর্ম বিষয়ক গীতঃ কর্ম বিষয়ক গীতৰ ভিতৰত ধাইনাম, নাওখেলৰ গীত, গৰখীয়া গীত আদিবোৰ পৰে। শ্রম লাঘব আৰু কাম কৰোঁতে আনন্দ লাভৰ উদ্দেশ্যেই এনে ধৰণৰ গীত গোৱা হয়।


(৩) আখ্যানমূলক গীত: এই শ্ৰেণীৰ গীতৰ মাজেদি একোটা আখ্যান বর্ণনা কৰা হয়। এইবোৰক কাহিনীগীত বা মালিতাও বোলে। বৰফুকনৰ গীত, মণিৰাম দেৱানৰ গীত, কমলা কুঁৱৰীৰ গীত, শান্তি-বাৰমাহী আদি অনেক আখ্যানমূলক গীত পোৱা যায়। এই গীতবোৰ ঘাইকৈ কৰুণ ৰসপ্রধান।


(খ) ফকৰা যোজনা, সাঁথৰ পটন্তৰ: লোকগীতৰ দৰে ফকৰা-যোজনা, পটন্তৰ আদিও অসমীয়া লোক-সাহিত্যৰ বহুমূলীয়া সম্পদ। যোজনা-পটন্তৰবিলাকত এটা কথা বুজাবৰ নিমিত্তে আন এটা কথাৰ লগত তুলনা বা ৰিজনি দিয়া হয়। যেনে- 'আপোনাৰ নাক কাটি সতিনীৰ যাত্রা ভংগ কৰা'। 'এনেই বুঢ়ি নাচনী, তাতে আকৌ নাতিনীয়েকৰ বিয়া'। 'শাকত নাখায় লোণ, পিটিকাত যায় তিনিগুণ' ইত্যাদি।


সাঁথৰ হৈছে কোনো বস্তুৰ প্ৰকৃত নাম সহজে ক'ব নোৱাৰাকৈ দিয়া আওপকীয়া বর্ণনা।


যেনে- ঘৰৰ তলত ঘৰ তাতে পৰি মৰ আঠুৱা।


পটন্তৰ: এটা কথা বুজাবৰ নিমিত্তে আন এটা কথাৰ লগত তুলনা বা ৰিজনি দিয়া হয়। যোজনাক পটন্তবো বোলা হয়।


যেনে-


নদীৰ বন নাই খান্দে আৰু পোতে


বিষয়াৰ বন নাই ভাঙে আৰু পাতে।


(গ) সাধুকথাঃ মৌখিক সাহিত্যৰ অন্য এক প্রধান শাখা হ'ল 'সাধুকথা'। সাধুকথাবোৰ জনজীৱনৰ প্রতিচ্ছবি। শিশুৰ সৰল মনৰ দৰে জনসাধাৰণৰ মনো সৰল বিশ্বাসী। সেয়ে জনসাধাৰণৰ মনতো সাধুকথাৰ আদৰ সদায়ে দেখা যায়। পৃথিৱীৰ বিভিন্ন জাতিৰ দৰে অসমৰো বিভিন্ন জাতিৰ মাজত সাধুকথা প্রচলিত হৈ আছে। সাধুকথাৰ ভাষাৰ কোনো নির্দিষ্ট ৰূপ নাই। সাধুকথাৰ কাহিনীসমূহত অলৌকিকতাই প্রাধান্য লাভ কৰা দেখা যায়। ভাষা-সাহিত্যৰ বুৰঞ্জীত সাধুকথাৰ মূল্য কম যদিও জনসাধাৰণৰ মনত, সমাজবুৰঞ্জীত ইয়াৰ মূল উলাই কৰাৰ সাধ্য কাৰোৱে নাই।


৪। অসমীয়া লোক সাহিত্যৰ শ্ৰেণীবিভাগ কৰি প্ৰতিটোৰে চমু পৰিচয় দাঙি ধৰা। 

উত্তৰঃ বিষয়বস্তু আৰু ৰচনা ৰীতিৰ ফালৰ পৰা অসমীয়া লোক সাহিত্যক প্রধানকৈ তিনিটা ভাগত ভগাব পাৰি (১) লোকগীত (২) ফকৰা যোজনা আৰু প্রবচন (৩) সাধুকথা।

সাহিত্যৰ দৃষ্টিভংগীৰে চালে লোকগীতবোৰ অধিক মূল্যৱান। আদিম মানৱৰ ব্যক্তিগত আৰু সামুহিক ভাৱ-অনুভূতিৰ প্ৰকাশ হিচাপে আৰু সাহিত্যৰ সৌন্দৰ্য্যৰ ফালৰ পৰা লোকগীতবোৰ সকলো ভাষাৰে অমূল্য সম্পদ। লোকগীতবোৰ জনজীৱনৰ গীত। অতীজৰে পৰা সাধাৰণ মানুহে নিজৰ সুখ-দুখৰ অনুভূতিবোৰ প্ৰকাশ কৰি আহিছে। এই চহা জীৱনৰ অনুভূতিসিক্ত, নিভাঁজ গীতবোৰেই লোকগীত। বৰ্ণনাৰ সৰলতা ভাৱৰ অকৃত্রিমতা উপমা আদিৰ ব্যৱহাৰে গীতবোৰ সাহিত্যিক সৌন্দৰ্য্য প্রদান কৰিছে। এই (৩) আখ্যানমূলক বিধি বিষয়ক। গীতবোৰক প্ৰধানকৈ তিনিশ্রেণীত ভগাব পাৰি —  (১) অনুষ্ঠানমূলক (২) বিষয়ক আৰু


(১) অনুষ্ঠানমূলক: অনুষ্ঠানমূলক লোকগীতৰ ভিতৰত প্ৰধানকৈ বিহুগীত, বৰগীত, বিয়ানাম, আইনাম, সুবচনীৰ গীত, অপেচৰী সবাহৰ গীত, লখিমী সবাহৰ গীত, মহখেদা গীত আৰু বিবিধ পূজা পাতলৰ গীত।


(ক) বিহুগীত: বিহুৰ লগত অসমীয়া জাতীয় জীৱনৰ এক নিবিড় সম্বন্ধ আছে।


বিহুগীত যৌৱন আৰু বসন্তৰ গীত। সেয়ে অসমীয়া জাতিৰ আশা-আকাঙ্খা, কামনা-বাসনা, আৱেগ-অনুভূতি দুৰ্বাৰ হেপাহ আৰু অন্তৰৰ নিভৃততম আন্তৰিকতা বিহুৰ লগত ওতঃপ্রোতভাৱে জড়িত হৈ আছে। বিহুগীতৰ সুৰে-সুৰে, ছন্দে-ছন্দে প্রকাশিত হয় সেই আগ্রহ, হেপাহ আৰু আন্তৰিকতা। লীলা গগৈৰ ভাষাত "প্ৰকৃতিৰ পৰশত সময়ৰ বুলনিত আনন্দমুখৰ হৈ উঠা অসমীয়া জাতিটোৰ প্ৰাণৰ উচ্ছাসৰ স্বীকৃতি দিয়ে বিহুগীতে। মন ৰাই জাই কৰে। সেয়ে ঢোলৰ ছেৱে ছেৱে এপাক নাচিবলৈ মন যায়।” বিহুৰ এনে মোহনীয়া আৰু দুৰ্বাৰ হেপাহৰ বাবেই অসীম আৱেগত অসমীয়া ডেকা-গাভৰুৰ অন্তৰ উজাৰি ওলাই আহে-


অতিকৈ চেনেহৰ মুগাৰে মহুৰা

     তাতোকৈ চেনেহৰ মাকো।

তাতোকৈ চেনেহৰ বহাগৰ বিহুটি

     নাপাতি কেনেকৈ থাকো।।


ঢোল, পেঁপা, গণনা, টকা, বাঁহী আদিৰ বুকুত বাজি উঠে বিহুগীতৰ ছন্দৰ অনবদ্য ধ্বনিৰ সুৰ। প্ৰাণত কামনাৰ বিপুল হিল্লোল আৰু উদীপ্ত যৌৱনৰ জোৱাৰ তোলা সেই সুৰৰ মাধুৰ্য্যই সীমাহীন উচ্ছাসৰ সৃষ্টি কৰা প্ৰাণত ডেকা-গাভৰুৱে অনুভৱ কৰে কিবা এটা নোপোৱাক পোৱাৰ আশা। সেয়েহে-


"ঘৰতো নবহে মন সমনীয়া পথাৰতো নবহে মন

কমোৱা তুলাবোৰ যেনেকৈ উৰিছে তেনেকৈ উৰিবৰ মন।”

বিহুগীতত সোমাই আছে অসমীয়া সমাজৰ প্ৰাণৰ স্পন্দনৰ অমৃত মূৰ্চ্ছনাৰ ইতিহাস। প্ৰকৃতিৰ বুকুৰ প্ৰতিটো অণু-পৰমাণু, সমাজৰ ৰীতি-নীতি, অসমীয়া সাজ-পাৰ, আ-

অলংকাৰ, যৌবনোদীপ্ত জীৱনৰ আশা-আকাংক্ষা, ব্যর্থ বেদনা, বিহুঙ্গীতত সৌন্দর্য বিখণ্ডিত হৈ প্রতিভাত হৈছে। মনোৰম উপমা, ব্যঞ্জনা, ৰূপকৰ সমন্বয়ত বিহুগীতবোৰ অসমীয়া সাহিত্যৰ ভঁৰাল মাণিকী মধুৰী হিচাপে চিৰদিন জীৱন্ত হৈ ৰ'ব।


(খ) বিয়ানাম: অনুষ্ঠানমূলক গীত হিচাপে বিয়ানামবোৰৰ তাৎপৰ্য্য আৰু প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি। কৃষিজীবী আৰু ৰক্ষণশীল সমাজত বিয়া এটা তাৎপর্যপূর্ণ অনুষ্ঠান। বিবাহ অনুষ্ঠানক কেন্দ্ৰ কৰি বহুতো গীত বা নাম ৰচিত হৈছে। এইবোৰকে বিয়ানাম বুলি কোৱা হয়। অসমীয়া জনজীৱনত বিবাহ অনুষ্ঠানৰ কেইবাটাও পৰ্য্যায় আছে। যেনে-জোৰোণ, পানী তুলি নোও ৱা, আৰু সম্প্রদায় সূত্রে কন্যাক দৰাৰ ওচৰত সমর্পণ। এই আটাইকেইটা স্তৰতে বিভিন্ন ধৰণেৰে বিভিন্ন গীত-মাতেৰে সৈতে জীৱনৰ পৰিপূৰ্ণতাক আদৰি অনা হয়। তদুপৰি এই গীতবোৰৰ মাজে মাজে কিছুমান ধেমালিকৈ জোকাবৰ বাবে জোৰা নাম বুলি অন্য এবিধ হাস্য আৰু তিৰস্কাৰমিশ্রিত গীতৰো প্ৰচলন আছে। কামৰূপৰ উত্তৰ অঞ্চলৰ আৰু দৰং জিলাৰ পশ্চিম অংশত এই গীতৰ নাম খিচাগীত। খিচা মানে তিৰস্কাৰ। অন্যহাতে দৰা-কন্যাক যুগ্ম জীৱনৰ সন্মুখত প্রাচীন ভাৰতীয় আধ্যাত্মিক সাধনাৰ আৰ্হিৰে নিজৰ জীৱন সমৃদ্ধ কৰি তুলিবলৈ এই গীতবোৰৰ মাজেদি কৃষ্ণ-ৰুক্মিণী, ৰাম-সীতা, সাবিত্রী-সত্যবান আদিৰ আদৰ্শ সোঁৱৰাই দিয়া হয়। সৰলতা কোমলতা এই গীতবোৰৰ অন্যতম আকর্ষণ। আজিৰ যুগত অসমীয়া বিবাহ অনুষ্ঠানে তাৰ প্ৰাপ্য মর্যাদা হেৰুৱাইছে। ফলস্বৰূপে বিয়ানামেও তাৰ মূল সৌষ্ঠৱ ভালেখিনি হেৰুৱাই পেলাইছে।


(গ) আইনাম: আইনাম, সুবচনীৰ গীত, অপেচৰী গীত, লখিমী সবাহৰ গীত, গোসাঁনী পূজাৰ গীত প্রায় একে পৰ্য্যায়তে পৰে। নাৰী সমাজত এই গীতবোৰ প্ৰচলিত। আই হ'ল বসন্ত ৰোগৰ অধিষ্ঠাত্রী দেবী। প্রাচীন অসমত বসন্ত ৰোগৰ প্ৰাদুৰ্ভাৱ আছিল। এই ৰোগৰ প্রাধান্য কমাবলৈ বা ৰোগৰ পৰা হাত সাৰিবলৈ বসন্তৰ ৰোগৰ অধিষ্ঠাত্রী আইক নাম আৰু প্ৰাৰ্থনাৰে আৰাধনা কৰা নিয়ম আছিল। সেইবাবে বসন্ত ৰোগে দেখা দিলে আই সবাহ পতা এক মান্য অনুষ্ঠানত পৰিণত হৈছিল। বসন্ত ওলালে উক্ত ৰোগৰ অধিষ্ঠাত্রী দেৱী বুলি বিশ্বাস কৰা সাত গৰাকী আই বা দেৱীৰ বাই-ভনীক সন্তষ্ট কৰাৰ উদ্দেশ্যে "আই নাম” গোৱা হয়। লক্ষী পূজাৰ দিনা নাইবা ঘৰলৈ লখিমী অনাৰ দিনা সবাহ পাতি লখিমীয়ে লগ নেৰিবলৈ এই লখিমী সবাহৰ গীত গোৱা হয়। বয়স অনুক্রমে শাৰীৰিক বিকাশ নঘটিলে বা বিনাৰোগে ল'ৰা-ছোৱালী শুকাই গ'লে অপেচৰাৰ দোষ বুলি আইসকলে চোতালৰ মাজত অপেচৰাৰ সবাহ পাতি গীত গায়। সেইদৰে সুবচনীৰ দেৱীকো অসুখ অশান্তি নিবাৰণ কৰিবৰ কাৰণে গীতেৰে তুতি-প্ৰাৰ্থনা কৰা হয়। এই কেইগৰাকী উপদেৱীক মহামায়া বা দুর্গাৰে অভিব্যক্তি বুলি বিশ্বাস কৰে। এই অনুষ্ঠানবোৰত আইসকলে গোৱা গীতবোৰত নাৰীসুলভ কমনীয়তা, সৰল বিশ্বাস আদিৰ পৰিচয় পোৱা যায়। দেৱীক মাতৃ

জ্ঞানেৰে অতি আপোনজনৰ দৰে ভক্তিবে, আন্তৰিক শ্ৰদ্ধাৰে গীতবোৰৰ যোগেদি আহ্বান কৰা হয়। ভাষাৰ সবলতা আৰু সহানুভূতিৰ আন্তৰিকতা এই গীতবোৰৰ বিশেষত্ব।


(২) কর্ম বিষয়ক বা বিবিধ বিষয়ক গীত: বিবিধ বিষয়ক গীতৰ ভিতৰত পৰে নিচুকনি গীত, নাও খেলোৱা গীত, চাহপুৰাণৰ গীত, হাওখেলৰগীত আদি আৰু গোৱালপাৰা অঞ্চলৰ চটকা গীত প্রণয় আসক্তিৰ গীত; জুনা গীত, গৰখীয়া গীত, বহুৰঙী গীত, হাতী মাউতৰ গীত আদি বহুধৰণৰ গীত অসমৰ বিভিন্ন অঞ্চলত প্রচলিত আছে।


কিছুমান গীতৰ বিষয় বস্তুবেই আধুনিক ৰচনা বুলি প্রমাণ কৰে। পুৰণি গীতৰ মাজতো আধুনিকতা চাপ নপৰাকৈ থকা নাই। নিচুকনি গীত হ'ল ল'ৰা-ছোৱালী ওমলোৱা আৰু নিচুকুৱা গীত। এইবোৰক ধাই নামো বোলা হয়। মিঠা কোমল সুৰৰ গীতবোৰৰ যোগেদি শিশু মনক এনে 'সুৰ পিয়ছি'ৰ দেশলৈ লৈ যোৱা হয় য'ত কালৰ দৌৰাত্ম্য নাই, দূৰত্বৰ ব্যৱধান নাই যি বিচাৰে তাকে পায়। জোন, বেলি, তৰাই ইয়াৰ শিশুৰ লগত কথা কয়, ককাই নৌ ওপজোতে তিনিজনী বৌ হয়। শিয়ালী মূৰত মৰৱা ফুল ফুলে, মোনা সি-বলৈ জোনবায়ে মইনাক বেজি যাচে, ভেকুলীয়ে বোপাককাৰ ধুতি নেৰি ফুল ফুলিবলৈ বিধি পথালি দিয়ে, ৰ'দে-বৰষুণে খৰা শিয়ালৰ বিয়া ঘনচিৰিকাই তামোল কাটে। বয়সীয়াল লোকৰ মনত এই কথা অসংলগ্ন যেন হ'লেও শিশুৰ মনত প্রত্যেক কথাই জীৱন্ত সত্যৰ, কাৰণ সিঁহতৰ জগতখন এখন স্বপ্নৰ জগত। এখন মায়াৰ জগত, য'ত অসংলগ্ন বুলি


একো কথা নাই। গৰখীয়া গীতে প্রকৃত ধাইনাম বা নিচুকনি গীতৰ ওচৰ চাপে। মুকলি মনেৰে ৰদালিত নাচি-বাগি ফুৰা গৰখীয়া ল'ৰাৰ মুক্ত জীৱনৰ আগগুবি নোহোৱা কথাৰ দৰে এই গৰখীয়া গীতসমূহ। কথা ইয়াত প্রধান নহয়, গীতৰ মাজেদি প্রকাশ হোৱা ক্রীড়াশীল মনটোহে ইয়াত প্রধান বস্তু।


(৩) আখ্যানমূলকঃ আখ্যানমূলক গীতৰ মাজেদি একোটি আখ্যান বর্ণনা কৰা হয়। ইয়াক কাহিনী গীত বা মালিতা বোলে। এনে গীতত বীৰত্ব ব্যঞ্জক বা আদি ৰসাত্মক কাহিনী, দুঃসাহসিক বা অতি প্রাকৃত ঘটনা বর্ণিত হয়। কিন্তু কৰণ ৰসেই এই গীতৰ প্রধান সুৰ।


বিষয়বস্তুৰ ফালৰ পৰা মালিতাক তিনি শ্রেণীত ভগাব পাৰি-


(১) বুৰঞ্জীমূলক, (২) কিংবদন্তী বা জনশ্রুতিমূলক, (৩) কাল্পনিক।


বুৰঞ্জীমূলক মালিতাৰ ভিতৰত বৰফুকনৰ গীত, হবদত্ত বীৰদত্তৰ গীত, মণিৰাম দেৱানৰ গীত, চিকন সৰিয়হৰ গীত, নাহৰৰ গীত, জয়মতী কুঁৱৰীৰ গীত, গৌৰীনাথ সিংহৰ গীত আদি পৰে।


কিংবদন্তীৰ বা জনশ্রুতিৰ ওপৰত ৰচিত গীতবোৰ হ'ল- মণিকোঁৱৰৰ গীত, ফুলকোঁৱৰৰ গীত, মইনামতীৰ গীত, কমলা কুঁৱৰীৰ গীত আদি পৰে। এই গীতৰ মাজেদি মনোৰঞ্জক কাহিনী একোটি বর্ণিত হৈছে।


বাৰমাহীৰ গীত, দুবলা শান্তিৰ গীত, লীলাৱতীৰ গীত, জয়ধন বণিয়াৰ গীত আদি কাল্পনিক গীত। এনে গীত কৰুণ ৰসপ্রধান আৰু তাত বৃষ্ণি ভক্ত নায়িকাৰ প্রিয় বিৰহৰ বর্ণনা থাকে।


(৪) ফকৰা-যোজনা আৰু প্ৰৱচন: ড° বিৰিঞ্চি কুমাৰ বৰুৱাই ফকৰা-যোজনা,

 প্ৰৱচন, সাঁথৰ আদিৰ বিষয়ে এনেদৰে মন্তব্য কৰিছে- ফকৰা-যোজনাসমূহ লোক সাহিত্যৰ সম্পদ। এইবোৰ জাতিৰ সামাজিক আচাৰ-বিচাৰ আৰু কৃষি সম্বন্ধীয় জ্ঞানৰ পৰিচয় দি লোকজীৱন তাৰ মাজতে সম্পূর্ণরূপে প্রতিফলিত কৰে। স্থান, ভূগোল, জাতি, সমাজ, পুৰাণ কাহিনী, বুৰঞ্জীলৌকিক আখ্যান, সাধুকথা প্রকৃতি, ধৰ্ম আচাৰ ব্যৱহাৰ এই কেইটা শ্ৰেণীত ভগাব পাৰি। যোজনাবোৰত গাঁৱলীয়া জীৱন ধাৰাৰ একোখনি মনোৰম চিত্র দেখিবলৈ পোৱা যায়। আনহাতে এইবোৰ মনোৰম উপদেশ, সাৱধান বাণী, জীৱনৰ বিড়ম্বনাৰ বিদ্রূপ বাণী আদিৰেও ভৰপূৰ।


উদাহৰণস্বৰূপেঃ


(১) তোমাৰ বাৰী বাঁহগাজ মই কৰিছো খৰিচা, তোমাকে দি ধানদোণ লওঁ কথাটো মন কৰিছা।


(২) হস্তীৰো পিচলে পাৱ সজ্জনৰো বুৰে নাও


ভকতীয়া ফকৰা-যোজনাবোৰ গভীৰ অৰ্থপূর্ণ। প্রথম দৃষ্টিত এইবোৰে মানুহক হতভম্ব কৰি তোলাই স্বাভাবিক। যেনে-


(১) বাৰ জালৰ তেৰ হাত ফটা ভাল মাৰিলি বাপৰ বেটা।


(২ ) পশু নকৰিবা শৰ,


মৰাও নানিবা


জীয়াও নানিবা


শুদা হাতে নপশিবা ঘৰ।


সাঁথৰবোৰো বুদ্ধি উদ্দীপক। উৎসুকপূর্ণ আৰু প্রহেলিকাময়। সাঁথৰৰ ব্যৱহাৰ মহাভাৰততো পোৱা যায়। অন্য সাঁথৰৰ উদাহৰণ হ'ল-


(১) ইয়াতে মাৰিলো টিপা গড়গাঁও ওলালে শিপা


প্রবচন বা প্রবাদ বাক্যবোৰ আমাৰ জ্ঞানৰ ভঁৰাল। এইবোৰত জন-জীৱনৰ প্ৰতি উপদেশ আৰু সাৱধানবাণী আছে। যেনে-


(১) "দহৰ জ্ঞান, একৰ বাণী”


(২) সাতত পাতল পাঁচত ঘন। ছয়ত তামোল পাণ নদন বদন।


(৫) সাধুকথা: সাহিত্যত ৰূপ বা আংগিকৰ প্ৰথম কথা- তাৰ ভিতৰতহে সাহিত্যৰ প্রাণটো সোমাই আছে। লোককথা বা সাধুকথাৰ কোনো নির্দিষ্ট ৰূপ নাথাকে যদিহে সি গীতৰ ছন্দত বদ্ধ নহয়। ভাল একোটা কাহিনীৰ একোটা সজ নীতিশিক্ষা থাকে। সেই কথাৰ পৰাই সম্ভৱতঃ লোক কথাক অসমীয়াত সাধুকথা বোলা হয়। আধুনিক গল্পৰ লগত সাধুকথাৰ প্ৰধান পার্থক্য যে সাধুবোৰ সদায়ে বাস্তৱধর্মী নহয়, সিবোৰত অলৌকিকতাৰ মাত্ৰা কেতিয়াবা কম, কেতিয়াবা বেছিকৈ থাকে, কল্পনাৰ মাত্রাও অনেক সময়ত যথেষ্ট। কিন্তু সাধুকথাত মানুহৰ সৰল বিশ্বাস আৰু অনুভূতি প্রকাশ পায়। সৰল সমাজৰ মতি-গতিও সিবোৰৰ পৰাই ধৰিব পৰা যায়। অনেকবোৰ সাধু সময় বা স্থানৰ বহুত ব্যৱধান সত্ত্বেও গড়ে প্রায় একে হোৱা দেখা যায়। মানুহৰ লগত মানুহৰ সম্পৰ্ক লৈ কিছুমান সাধুত এটা বিষাদৰ সুৰ বাজি উঠে। তেজীমলা, তুলা আৰু তেজা, পানেশৈ, চম্পাৱতী আদি সাধুত এই কৰুণ সুৰ শুনা যায়। কিছুমান সাধুত প্ৰকৃতিৰ নানা ঘটনা-পৰিঘটনাৰ কাৰণ দেখুৱাবৰ যত্ন কৰা হয়। যেনে- আকাশখন ওখ হ'ল কিয়, আলিবাটবোৰ কেঁকোৰা-কেকুৰি কিয় হ'ল ইত্যাদি। সাধুৰ জগতত সাপেৰে মানুহৰ বিয়া হয়, বাঁৰীৰ কোঁৱৰে জন্তুৰ ৰূপ লয়। কিছুমান সাধুৰ মূলত হয়তো সংস্কৃত কথা সোমাই আছে বা কোনোটোহঁত সাধু অসমৰ জনজাতিসকলৰ মাজৰ পৰা আহিছে। আনফালে এই সাধুবোৰৰ অনেক মোটিফ বা কথাংগ পৃথিৱীৰ দূৰ-দূৰণি দেশৰ সাধুৰ লগতো মিলিব।


অসমৰ লোকসাহিত্য অতিশয় চহকী। জাতীয় ভাব-অনুভূতি, আশা-আকাংক্ষা, হর্ষ-বিষাদ, প্রেম-বিৰহ, জাতীয় আদর্শ আদি লোক সাহিত্যৰ মাজত নিহিত আছে। আজি কিছু দিনৰে পৰা ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ বৃদ্ধি পাইছে।


৫। লোক-সাহিত্য বুলিলে কি বুজা? বহলাই লিখা।


উত্তৰ: মুখ পৰম্পৰাৰে যুগে যুগে চলি অহা মৌখিক সৃষ্টি (Oral creations); নাইবা বাচিক কলাৰ নাম লোক সাহিত্য বা মৌখিক সাহিত্য। কোনো কোনোৱে এইবিধ সৃষ্টিক সূচাবৰ বাবে অলিখিত সাহিত্য, জনপ্রিয় সাহিত্য, জনসাহিত্য, আদিম সাহিত্য পৰম্পৰাগত সাহিত্য আদি পৰিভাষা প্রয়োগ কৰে। এইবিধ সাহিত্য বা কলা ব্যক্তি নিৰপেক্ষ, ইয়াত লিখক বা কবিৰ নাম-ধাম একো নাথাকে। সেইবাবে এইবিধ সাহিত্যক অখ্যাত কবিৰ বিখ্যাত ৰচনাও বুলিব পাৰি। মৌখিক সাহিত্যৰ অন্য এক প্রয়োজনীয় বিশেষত্ব হৈছে- ইয়াৰ বিভিন্ন আঞ্চলিক পাঠান্তৰ বা ৰূপ থাকে।


মৌখিক সাহিত্য 'অভিধানটোৱে লোকবিদ্যা বা ফোক্ল'ৰৰ বৈশিষ্ট প্রকাশ কৰিব পাৰে ইয়াৰ শিল্পগত দিশত। দ্বিতীয়তে, লোকবিদ্যা বা ফোক্‌ব্ল'ৰৰ সামাজিক দিশৰ আভাস পাবলৈ হ'লে আমি 'মৌখিক সাহিত্য'ৰ ওপৰত নিৰ্ভৰ কৰিবই লাগিব। মৌখিক সাহিত্যৰ (গীত-পদ, লোককথা, প্রবাদ-প্রবচন, সাঁথৰ, দিষ্টান) মূল শিপাডাল বিস্তীর্ণ শ্রমজীৱী জনসাধাৰণৰ জীৱনৰ সৈতেহে সম্পৃক্ত।

লোকসাহিত্য ব্যক্তি নিৰপেক্ষ, অন্যহাতে লিখিত সাহিত্য ব্যক্তি সাপেক্ষ। লোক সাহিত্য ব্যক্তি বিশেষৰ সচেতন ৰচনা নহয়; কিন্তু লিখিত সাহিত্য ব্যক্তি বিশেষৰ সচেতন ৰচনা।


লোকসাহিত্য ব্যক্তি বিশেষৰ ৰচনা নহয় বুলি কোৱা হৈছে, যদিও এই বিধ সাহিত্য ব্যক্তি বিশেষেই ৰচনা কৰে, কিন্তু তেওঁ তেওঁৰ নির্মিতি সমাজলৈ ঠেলি দিয়ে। সেই নির্মিতি ব্যক্তি বিশেষৰ ৰচনা হ'লেও তাত ব্যক্তি চেতনা নাথাকে, থাকে সামাজিক চেতনা। ইয়াৰ বিপৰীতে লিখিত সাহিত্যত থাকে ব্যক্তি চেতনা। কোনোৰ কোনো মতে মৌখিক সাহিত্য প্রায়ে কলাসুলভ গুণাবলী বিবর্জিত; অন্যহাতে লিখিত সাহিত্য কলাসূলভ গুণাবলী সমৃদ্ধ। এই প্রমেয়টো সম্পূর্ণ দোষ বিবর্জিত নহয়; যিহেতু মৌখিক সাহিত্যও কলাসুলভ গুণাৱলীৰে সমৃদ্ধ। অন্যহাতে লিখিত সাহিত্যও এনেক ক্ষেত্রত কলাসুলভ গুণাবলী বিবর্জিত।


এই প্রসংগত ক'ব লাগিব যে, মৌখিক সাহিত্য লিখিত সাহিত্যৰ পৰিসৰত প্ৰৱেশ কৰিব পাৰে আৰু তেনেদৰে লিখিত সাহিত্যও মৌখিক সাহিত্যৰ পৰিসৰত প্ৰৱেশ কৰিব পাৰে। উদাহৰণ স্বৰূপে, ৰামায়ণ মহাকাব্য আদিতে আছিল এটি পৰম্পৰাগত মৌখিক মালিতা। পৰৱৰ্তী কালত মহাকবি বাল্মীকিয়ে এই মৌখিক মালিতাটোক সুসম্বন্ধ মহাকাব্যিক ৰূপ দিয়ে লিখিত পৰম্পৰাত। বাল্মীকিৰ দ্বাৰা লিখিত ৰূপ লাভ কৰা ৰামায়ণ মহাকাব্যৰ সমান্তৰালভাৱে ৰামায়ণৰ পূৰ্বৰ মৌখিক ৰূপ জনসমাজত পৰম্পৰাগতভাৱে চলি থাকিল আৰু এই মৌখিক পৰম্পৰাৰ পৰাই পৰৱৰ্তী কালত বিভিন্ন কাব্যৰ সৃষ্টি হৈছে। বাল্মীকিৰদ্বাৰা ৰচিত ৰামায়ণ বিভিন্ন ভাষালৈ অনুবাদ কৰাৰ পৰিণতিত বাল্মীকিৰ ৰামায়ণ কাহিনী 'জনসমাজ পর্যন্ত প্ৰসাৰিত হৈ আকৌ মৌখিক ৰূপ লাভ কৰিছে আৰু এই মৌখিকৰূপে পুনঃলিখিত ৰূপ লাভ কৰিছে। ইয়াৰ উদাহৰণস্বৰূপে ছাবিন আলুন অৰ্থাৎ কাৰ্বি ৰামায়ণলৈ আঙুলিয়াব পাৰি। কাৰবি ৰামায়ণবা ছাবিন আলুনদীঘলীয়া মালিতাৰ ৰূপত মুখ পৰম্পৰা প্রচলিত হৈ আছিল। আজি কেইবছৰমান আগতে এই মৌখিক মালিতাটোরে লিখিত ৰূপ লাভ কৰে। মালিতাটো মাধৱ কন্দলিৰদ্বাৰা অনুদিত ৰামায়ণৰ মৌখিক ৰূপ মাথোন। মাধৱ কন্দলিয়ে খৃঃ চতুর্দশ শতিকাত বাল্মীকিৰদ্বাৰা ৰচিত ৰামায়ণ মহাকাব্য পদবন্ধে অসমীয়া ভাষাত অনুবাদ কৰে। মাধৱ কন্দলিৰ ৰামায়ণৰ কাহিনীভাগ মৌখিক ৰূপত কাৰবিসকলৰ সমাজত প্রচলিত হৈ আছিল; আৰু সেই মৌখিক ৰূপৰ আধাৰতেই ছাবিন আলুনৰ জন্ম।


মৌখিক সাহিত্য ব্যক্তিনিষ্ঠ নে বস্তুনিষ্ঠ সেই বিষয়ে খাটাংকৈ কোৱা টান। মৌখিক সাহিত্য জনগণৰ সাহিত্য; সমগ্র জনগণে মৌখিক সাহিত্য ৰচনা কৰা নাই; কিন্তু জনগণৰ মাজত এইবিধ সাহিত্যৰ জনপ্রিয়তা লক্ষ্য কৰা যায়। কোনো এটা সাধুকথা বা মালিতা বা আন গীত প্ৰসাৰণ প্ৰক্ৰিয়াৰ পৰিণতিত জনসাধাৰণৰ মাজত; অথবা বিস্তীর্ণ অঞ্চলত প্ৰসাৰিত হৈ পৰা হেতু সেই সাধুকথা বা মালিতা বা আন গীতৰ ৰচয়িতা কোন আছিল তাক সঠিককৈ ক'ব পৰা নাযায়, সেইবাবে এইবোৰ ৰচনাক নৈর্ব্যক্তিক ৰচনা বুলিব পাৰিনে?

জনসাধাৰণে একে লগ হৈ সাধুকথা বা মালিতা বা গীত ৰচনা নকৰে, কোনো এগৰাকী বিশেষ ব্যক্তিহে সেইবোৰ ৰচনা কৰে; যদিও তাত বচয়িতাৰ নাম পোৱা নাযায়। ব্যক্তিনিষ্ঠ ৰচনাই প্ৰসাৰণ প্ৰক্ৰিয়া আৰু সময়ৰ অগ্রগতিত সমাজনিষ্ঠ ৰচনা স্বৰূপে আত্মপ্রকাশ কৰে।


সাধুকথা কথক, গীত-পদ গাওঁতা আদিৰ জীৱন আৰু নির্মিতিৰ বিষয়ে পদ্ধতিগতভাবে গবেষণা কৰিলে দেখা যাব যে, তেওঁলোকৰ কলাত্মক দক্ষতা, প্রশিক্ষণ, প্রতিভা, স্মৃতি আৰু ব্যক্তিগত মনৰ অভিজ্ঞতাই লোকসাহিত্যৰ ৰচনাত সুদূৰপ্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰে। ইয়াৰ বাহিৰেও আমি স্পষ্টভাৱে ক'ব পাৰো যে, লোকসংস্কৃতিৰ বিভিন্ন উপাদান বা সমলৰ সক্ৰিয় আৰু প্ৰত্যক্ষ ধাৰক আৰু বাহকসকল এফালে নির্বাহিকা আনফালে তেওঁলোক লোকসংস্কৃতিৰ বিভিন্ন উপাদানৰ স্ৰষ্টা আৰু নিৰ্মাতা। তেওঁলোকৰ সেই সৃষ্টি বা নির্মিতিৰাজি কলাগত সৌন্দর্যবিহীন নহয়। লিখিত সাহিত্যৰ দৰে মৌখিক সাহিত্যও নান্দনিক দিশত নিশ্চিতভাবে সুসমৃদ্ধ। লোকসাহিত্য অখ্যাত কবিৰ বিখ্যাত ৰচনা বুলি কোৱা হয়; যদিও স্বৰূপাৰ্থত এইবিধ সাহিত্য বিশেষ একোগৰাকী কবি বা ৰচয়িতাৰ মৌখিক ৰচনা; কিন্তু পৰৱৰ্তী কালত সেই কবি বা ৰচয়িতাৰ নাম চিৰদিনৰ বাবে স্মৃতিপটৰ পৰা হেৰাই যায়। গতিকে লোকসাহিত্যক সম্পূর্ণভাবে ব্যক্তি নিৰপেক্ষ ৰচনা বুলিব নোৱাৰি।


৬। অসমীয়া মৌখিক সাহিত্যৰ শ্ৰেণীবিভাজন সম্পর্কে আলোচনা কৰা।


উত্তৰ: