গোট ১৫
মালিতা আৰু বাৰমাহী বিলাপ গীত
অতি চমু প্রশ্নোত্তৰ:
১। মালিতা বা বেলাড (Ballad) কাক বোলে?
উত্তৰঃ যি শ্ৰেণী গীতৰ মাজেদি একোটি আখ্যান বা কাহিনী বর্ণনা কৰা হয়, তেনে শ্রেণী গীতকে মালিতা বা বেলাড (Ballad) বোলে।
২। জনশ্রুতিমূলক মালিতা কি?
উত্তৰঃ যি মালিতাত জনশ্রুতিগত কাহিনী একোটি বর্ণিত হয় সেই মালিতাক জনশ্রুতিমূলক মালিতা বোলে।
৩। কিংবদন্তী বা জনশ্রুতিমূলক দুটা অসমীয়া মালিতাৰ নাম উল্লেখ কৰা।
উত্তৰ: মণিকোঁৱৰৰ গীত, ফুলকোঁৱৰৰ গীত।
৪। যাদুমূলক বা বিস্ময়াৱহ বা অলৌকিক মালিতা কি?
উত্তৰঃ যি মালিতাৰ মাধ্যমেৰে যাদুমূলক বা বিস্ময়াৱহ বা অলৌকিক কাহিনী এটি বর্ণিত হয় সেই মালিতাৰ নাম যাদুমূলক বা বিস্ময়াৱহ বা অলৌকিক মালিতা; অথবা যি মালিতাত যাদুমূলক বা বিস্ময়াৱহ বা অলৌকিক উপাদানে প্রাধান্য লাভ কৰে সেই মালিতাক যাদুমূলক বা বিস্ময়াবহ বা অলৌকিক মালিতা বোলা হয়।
৫। বাৰমাহী গীত কি?
উত্তৰঃ বাৰমাহী গীতবোৰ মালিতাৰ এটি বিশেষ অংশ। ভাৰতৰ আন আন প্রদেশত বাৰমাহী গীত, 'বাৰমাসী' বা 'বাৰমাসা' গীত ৰূপে পৰিচিত। অসমৰ বাহিৰে ভাৰতৰ আন আন অঞ্চলত চৌমাসা (অর্থাৎ চাৰিমাহ) আৰু 'ছয়মাসা' (অর্থাৎ ছয়মাহ) গীতৰ পৰম্পৰাও প্রচলিত।
চমু প্রশ্নোত্তৰ:
১। কাহিনী গীত বা মালিতা কি?
উত্তৰ: বেলাড বা মালিতা বর্ণনাত্মক গীত।
বেলাডৰ প্ৰধান বৈশিষ্ট্যঃ (ক) বেলাড বর্ণনামূলক; অর্থাৎ ই কাহিনীপ্রধান। (খ) বেলাড গেয় অর্থাৎ বেলাড সুৰ লগাই গোৱা হয়। (গ) কথা বস্তু, শৈলী, আৰু নাম বা আখ্যানৰ ফালৰ পৰা ই লোক সমাজৰ লগত জৰিত। (ঘ) বেলাডত একক ঘটনাৰ বর্ণনা থাকে। (ঙ) বেলাড নৈর্ব্যক্তিক অর্থাৎ বস্তুনিষ্ঠ; ঘটনাৰ গতি, কাহিনী, কথোপকথন আদিৰ সহায়ত ই ক্ষিপ্রগতিত উপসংহাৰৰ ফালে গতি কৰে।
বেলাড মুখ্যতঃ কাহিনী। সাধুকথা বা লোককথাতো কাহিনী থাকে। বেলাডৰ কাহিনী বর্ণিত হয় পদ্যৰূপত বা 'পদবন্ধে'। অন্যহাতে লোককথাৰ কাহিনী বর্ণিত হয় গদ্যৰূপত বা 'কথাবন্ধে'। বেলাড গেয়, অন্যহাতে লোককথা কথিত (told)।
কাহিনীপ্রবাহ, চৰিত্ৰ, পৰিৱেশ আৰু কথাবস্তুৰ স্থিতি কাহিনী প্রধান বাচিক কলাত লক্ষ্য কৰা যায়। বেলাডত এই চাৰিটা বৈশিষ্ট্যৰ ভিতৰত কাহিনী প্রবাহৰ ওপৰত তুলনামূলকভাবে অধিক গুৰুত্ব দিয়া হয়। পৰিৱেশৰ বৰ্ণনা আকস্মিক, কথাবস্তু অপৰিহাৰ্য, বেলাডৰ চৰিত্ৰবোৰ প্ৰায়ে নির্ধাৰিত গঢ়ৰ (type)। বেলাডৰ কাহিনী প্রবাহ নাটকীয় গুণসম্পন্ন।
বেলাড গেয়। বাদ্যযন্ত্ৰৰ সৈতে বেলাড গোৱা হয়। বেলাডৰ কথাবস্তু নৃত্যৰ মাধ্যমেৰে চাক্ষুস ৰূপ দিয়া হয়। বেলাড গাওঁতে পৰম্পৰাগত সুৰ, তাল আদিৰ প্রাধান্য পৰিলক্ষিত নোহোৱাকৈ নাথাকে। কাহিনী আৰু সুৰৰ ভিতৰত বেলাডত প্রাধান্য লাভ কৰে কাহিনী বা কথাবস্তুবে।
বেলাড লোক সমাজৰ সৃষ্টি। সেইবুলি এইবিধ বাচিক কলাক আদিম সমাজৰ সৃষ্টি বুলিব নোৱাৰি, যিহেতু বেলাডবোৰ মাৰ্জিত ৰুচিসম্পন্ন আৰু সাহিত্যিক চেতনাসম্পন্ন কবিৰ সৃষ্টি যেনহে লাগে। মৌখিক বেলাড লিখিত সাহিত্য পৰম্পৰাত প্ৰৱেশ কৰা দেখা যায়। সুদীর্ঘ বেলাড-পৰম্পৰা, সচেতন আৰু মার্জিত সংস্কৃতিৰ দ্বাৰা অনুবন্ধিত হ'ব পাৰে। লোক জীৱনৰ পটভূমিত বেলাডবোৰ ৰচিত হোৱা বাবে এইবিধ কলাত লোক জীৱনত প্রচলিত পুৰাণ-কথা, জনশ্রুতিমূলক কথা, স্থানীয় ইতিহাস, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদিৰ প্ৰতিফলন হোৱা স্বাভাবিক।
বেলাডত ছুটি গল্পৰ দৰে একক ঘটনাইহে স্থান লাভ কৰে। গতিকে সাধুকথা বা লোককাব্য বা লোক মহাকাব্যৰ দৰে একাধিক ঘটনাৰ বৰ্ণন বেলাডত প্রায়ে লক্ষ্য কৰা নাযায়।
উপৰোল্লিখিত বৈশিষ্ট্যসমূহৰ বাহিৰেও বেলাডত আন কেইটামান বৈশিষ্ট্য থাকিব পাৰে। এই বৈশিষ্ট্যকেইটা তলত উল্লেখ কৰা হ'ল; যেনে- (ক) দিহা বা ঘোষা, (খ) পদ বা পদাংশৰ পৌনঃপুনিকতা, (গ) পূর্ণ স্তৱকৰ পৌনঃপুনিকতা, (ঘ) বৃদ্ধিগত পৌনঃপুনিকতা, (ঙ) পদ্য-ৰূপৰ প্রাধান্য, (চ) মংগলাচৰণ আৰু (ছ) বিভিন্ন অংশত বিভাজন।
২। অসমীয়া কাহিনীগীত বা বেলাডৰ বিষয়বস্তু কি?
উত্তৰ: অসমীয়া মালিতা বা আখ্যান গীত বহু পৰিমাণে আছে। অৱশ্যে সকলো গীতৰ বিষয়বস্তু পৃথকতা আছে। এফালে পুৰাকথা জড়িত কাহিনী গীতৰ প্ৰচলন য'ত জগৎ সৃষ্টিৰ বৰ্ণনা, শিৱ-মহাদেৱৰ, কুবেৰ, বিষ্ণু আদি দেৱতাৰ উৎপত্তিৰ দিশটো পোৱা যায়। আনহাতে, বুৰঞ্জী কাহিনীৰ জড়িত চৰিত্ৰৰ জীৱন-চৰিতৰ বৰ্ণনা দেখা পোৱা যায়।
কিংবদন্তিপূর্ণ কাহিনীৰ পৰা অসম-আন্দোলনৰ সময়তো ঠাইভেদে ৰচনা হোৱা মালিতা পোৱা যায়। কাহিনীপ্রধান হ'লেও গীতবোৰৰ মাজেৰে সমাজ-সামাজিক দৃষ্টিভংগীৰ প্রকাশ দেখা পোৱা যায়।
৩। অসমীয়া কাহিনীগীত বা বেলাডসমূহক কি কি ভাগত ভগাব পাৰি?
উত্তৰঃ বিষয়বস্তুক কেন্দ্ৰ কৰি মালিতাসমূহক বিভিন্ন পণ্ডিতে বিভিন্ন ভাগে ভাগ কৰিছে-
ড° প্রফুল্ল দত্ত গোস্বামীয়ে লোক-সাহিত্যৰ শ্ৰেণী বিভাজনত মালিতাসমূহক 'বর্ণনাত্মক মালিতা' হিচাপে শ্রেণীকৰণ কৰিছে। ড'সত্যেন্দ্ৰনাথ শৰ্মাই অসমীয়া লোকগীতৰ শ্ৰেণী বিভাজনত মালিতাসমূহক 'আখ্যানমূলক' হিচাপে নামকৰণ কৰিছে। অৱশ্যে ড° শর্মাই আখ্যানমূলক গীতবোৰক তিনিটা ভাগত ভাগ কৰিছে।
(১) বুৰঞ্জীমূলক: বৰফুকনৰ গীত, হৰদত্ত-বীৰদত্তৰ গীত, মণিৰাম দেৱানৰ গীত, চিকণ সৰিয়হৰ গীত, নাহৰৰ গীত, জয়মতী কুঁৱৰীৰ গীত, গৌৰীনাথ সিংহৰ গীত আদি।
(২) কিংবদন্তি বা জনশ্রুতিমূলক: ফুলকোঁৱৰৰ গীত, জনাগাভৰুৰ গীত, কমলা কুঁৱৰীৰ গীত, ৰাধিকা শান্তিৰ গীত, দুৱলা শান্তিৰ গীত আদি।
(৩) কাল্পনিক: কন্যা-বাৰমাহী গীত, মধুমতীৰ গীত আদি।
ড° হেমন্ত কুমাৰ শৰ্মাই মালিতাসমূহক 'আখ্যানমূলক বা বর্ণনাপ্রধান' হিচাপে ভাগ কৰিছে। তেওঁ আখ্যানমূলক বা প্রধান গীতবোৰক তিনিটা ভাগত ভাগ কৰিছে-
(ক) বুৰঞ্জীমূলক
(খ) কিংবদন্তিমূলক বা জনশ্রুতিমূলক
(গ) বাৰমাহী বা বিলাপ গীত
ড° নবীন চন্দ্র শর্মাই মালিতা বা বেলাডবোৰক বিভিন্ন ভাগত ভাগ কৰিছে-
(ক) পুৰাণগত মালিতা,
(খ) নৈদানিক মালিতা,
(গ) ঐতিহাসিক মালিতা,
(ঘ) জনশ্রুতিমূলক মালিতা,
(ঙ) যাদুমূলক বা বিস্ময়াৱহ বা অলৌকিক মালিতা,
(চ) ব্যংগাত্মক মালিতা,
(ছ) বাস্তবানুগ মালিতা।
৪। জনশ্রুতিমূলক মালিতা কি?
উত্তৰঃ যি মালিতাত জনশ্রুতিগত কাহিনী একোটি বর্ণিত হয় সেই মালিতাক জনশ্রুতিমূলক মালিতা বোলে। জনশ্রুতিমূলক (Legendary) মালিতাবোৰ বুৰঞ্জীৰ
সত্য ঘটনাৰ ওপৰতে কিছু কাল্পনিক কথাৰ সংমিশ্রণ ঘটাই সৃষ্টি কৰা হয়। কেতিয়াবা আকৌ বুৰঞ্জীৰ সত্য ঘটনাক পুৰাণ কথাৰে সংযোজন ঘটাই তাক 'মিথ' লৈ উন্নীতকৰাৰ প্রচেষ্টা দেখা যায়। এইজাতীয় মালিতাবোৰেই জনশ্রুতি বা কিম্বদন্তী মূলক। জনশ্রুতিগত মালিতাৰ উদাহৰণস্বৰূপে অসমীয়া ভাষাত প্রচলিত 'সতী ৰাধিকাৰ গীত', 'পাৰিজাতীৰ গীত', 'কেন্দুকলাইৰ গীত', 'বেউলা-লখাইৰ গীত', 'বৰ নদীৰ গীত', 'ভৰলীৰ গীত' আদিলৈ আঙুলিয়াব পাৰি। অসমৰ জনজাতীয় ভাষাতো জনশ্রুতিগত মালিতা পোৱা যায়।
৫। বুৰঞ্জীমূলক মালিতা কি?
উত্তৰ: অসমৰ ঐতিহাসিক ঘটনাক লৈ ৰচিত মালিতাসমূহৰ ভিতৰত এক উল্লেখযোগ্য মালিতা হ'ল কৃষক বিদ্ৰোহৰ মালিতা। অসমীয়া লোকসাহিত্যত ইতিপূর্বে এনে তিনিটা মালিতা উদ্ধাৰ হৈছে। সেইকেইটা হ'ল, নগাঁৱৰ ফুলগুৰি ধেৱাৰ মালিতা, ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ মালিতা, আৰু দৰঙৰ পথৰুঘাটৰ ৰণৰ মালিতা। পিছৰ দুটা মালিতাতকৈ প্ৰথমৰ মালিতাটো অৰ্থাৎ ফুলগুৰি ধেৱাৰ মালিতাটো যথেষ্ট চুটি। এসময়ত হয়তো গীতটো দীঘলীয়াকৈয়ে আছিল; কিন্তু সময়ৰ সোঁতত হেৰাই গৈ এতিয়া মাত্ৰ কেইশাৰীমানহে বাকী আছেগৈ।
৬। বাস্তৱানুগ মালিতাৰ বিষয়ে এটি টোকা লিখা।
উত্তৰঃ যিবিলাক মালিতাত কম-বেছি পৰিমাণে জীৱনৰ বাস্তৱ অভিজ্ঞতাৰ প্ৰতিফলন ঘটে আৰু সৰু-সুৰা ঘটনা আৰু প্রেম-প্রীতিৰ পৰিচয় পোৱা যায় তেনে মালিতাক বাস্তৱানুগ মালিতা বুলিব পাৰি। এই জাতীয় মালিতাত বিস্ময়াৱহ ঘটনায়ো কেতিয়াবা স্থান পাব পাৰে। বাস্তৱানুগ মালিতা নামনি অসমৰ বিশেষকৈ অবিভক্ত কামৰূপ জিলা আৰু নৱগঠিত দৰং জিলাত পোৱা যায়। কামৰূপ জিলাত সাম্প্রতিকলৈ সংগৃহীত বাস্তৱানুগ মালিতাৰ ভিতৰত 'দুবলা শান্তিৰ গীত' 'সাউদৰ গীত', 'কন্যা বাৰমাহী', 'পগলা পাৰৱতীৰ গীত', 'ন-বোৱাৰীৰ বুকুৰ সুৰ-গীত'; আৰু দৰঙৰ 'বামুণ-পোৰাৰ গীত' বা 'বামুণ-পুৰাণৰ গীত' বিশেষকৈ উল্লেখযোগ্য।
৭। যাদুমূলক বা বিস্ময়াবহ বা অলৌকিক মালিতাৰ বিষয়ে এটি টোকা লিখা।
উত্তৰঃ যি মালিতাৰ মাধ্যমেৰে যাদুমূলক বা বিস্ময়াৱহ বা অলৌকিক কাহিনী এটি বর্ণিত হয় সেই মালিতাৰ নাম যাদুমূলক বা বিস্ময়াৱহ বা অলৌকিক মালিতা; অথবা যি মালিতাত যাদুমূলক বা বিস্ময়াৱহ বা অলৌকিক উপাদানে প্রাধান্য লাভ কৰে সেই মালিতাক যাদুমূলক বা বিস্ময়াৱহ বা অলৌকিক মালিতা বোলা হয়। কোনো কোনো পণ্ডিতৰ মতে যাদুমূলকতা মালিতাৰ অন্যতম উপাদান। যাদুমুলক মালিতাৰ প্ৰকৃতিত যি ৰহস্য বা প্রহেলিকা ৰক্ষিত হৈ আহিছে সেই ৰহস্য বা প্রহেলিকা আজিলৈকে কোনোৱে সমাধান কৰিব পৰা নাই। সাধাৰণতে এজন সাধাৰণ মানুহৰ অলৌকিক জগতৰ সৈতে সংঘটিত
সংঘর্ষ আৰু অলৌকিক শক্তিৰ সহায়ত তেওঁ অলৌকিক কার্য সম্পাদন কৰাৰ বৰ্ণনাই যাদুমূলক মালিতাত প্রাধান্য লাভ কৰে। সেইফালৰ পৰা যাদুমূলক মালিতাক ৰোমাঞ্চ আখ্যা দিব পাৰি। এইবিধ মালিতাত একক নায়কৰ প্ৰাধান্য পৰিলক্ষিত।
দ্বিতীয়তে, যাদুমূলক মালিতাত প্রতি নায়কো থাকিব পাৰে। তেনেদৰে এইবিধ মালিতাত নায়িকা আৰু প্ৰতি নায়িকাৰ স্থিতিয়ো অস্বীকাৰ কৰিব নোৱাৰি।
তৃতীয়তে, যাদুমূলক মালিতাত এখন আচৰিত জগতৰ প্ৰতিফলন লক্ষ্য কৰা যায়; যিখন জগতত আদিম সমাজে সর্বজীৱবাদত বিশ্বাস স্থাপন কৰিছিল। যাদুমূলক মালিতাত আদিম সমাজে বিশ্বাস স্থাপন কৰা সৰ্বজীৱবাদত গুৰুত্ব দিয়া দেখা যায়।
চতুর্থতে, যাদুমূলক মালিতাত জীৱ-জন্তু, প্রাকৃতিক শক্তি আৰু বস্তুক মানৱীকৰণ কৰিবলৈ প্রয়াস কৰা দেখা যায়।
অসমীয়া ভাষাত ৰচিত আৰু বৰ্তমানলৈকে সংগৃহীত যাদুমূলক মালিতাসমূহৰ ভিতৰত 'মণিকোঁৱৰৰ গীত', 'ফুলকোঁৱৰৰ গীত', 'কমলাকুঁৱৰীৰ গীত', 'তেজীমলাৰ গীত', 'জনা গাভৰৰ গীত', 'চিকণ সৰিয়হৰ গীত' আদি উল্লেখযোগ্য। ডিমাছা-সংস্কৃতিতো যাদুমূলক মালিতাৰ প্ৰচলন লক্ষ্য কৰা যায়; যেনেঃ 'স্নেমদুৰী', 'আমালুহ-ডিমালুহ' ইত্যাদি।
ৰচনাধৰ্মী প্রশ্নোত্তৰ:
১। অসমীয়া কাহিনীগীত বা বেলাডৰ বিষয়ে এটি চমু পৰিচয় দিয়া।
উত্তৰঃ যি শ্ৰেণী গীতৰ মাজেদি একোটি আখ্যান বর্ণনা কৰা হয়। তেনেবোৰ গীতক কাহিনী গীত বা মালিতা বা বেলাড বোলা হয়। 'Ballad' শব্দটো ফৰাচী 'Ballar' শব্দৰ পৰা অহা। ইয়াৰ অৰ্থ হৈছে নৃত্য। পুৰণি কালত নৃত্যৰ লগত সুৰ ধৰি যি কবিতা গোৱা হৈছিল, সেইবোৰকে বেলাড বোলা হৈছিল। এনেবোৰ গীতত বীৰত্বব্যঞ্জক বা আদি ৰসাত্মক কাহিনী দুঃসাহসিক বা অতি প্রাকৃত ঘটনা আদিও বর্ণিত হয়। কিন্তু কৰুণ ৰসেই এইবোৰ গীতৰ প্ৰধান সুৰ।
অসমীয়া মালিতা শব্দটো 'মালা' শব্দৰ পৰা সৃষ্টি হৈছে। ফুলৰ মালাৰ দৰে ধাৰাবাহিকভাবে গাঁথিথোৱা গীতযুক্ত কাহিনীয়েই হ'ল মালিতা। বিষয়বস্তুৰ ফালৰ পৰা আখ্যানমূলক গীত সমূহক তিনি শ্ৰেণীত ভাগ কৰিব পাৰি। যেনে-
(১) বুৰঞ্জীমূলক, (২) কিংবদন্তী বা জনশ্রুতিমূলক আৰু (৩) কাল্পনিক।
বুৰঞ্জীমূলক মালিতাৰ ভিতৰত নাহৰৰ গীত, চিকণ সৰিয়হৰ গীত, জয়মতী কুঁৱৰীৰ গীত, বৰফুকনৰ গীত, মণিৰাম দেৱানৰ গীত আদিয়ে প্রধান। ইয়াৰ ভিতৰত 'মণিৰাম দেৱানৰ গীত' অর্বাচীন আৰু নাহৰৰ গীত প্রাচীনতম। এইবোৰত কৰুণ ৰসেৰে সিক্ত।
কিংবদন্তী বা জনশ্রুতিমূলক গীতসমূহৰ ভিতৰত মণিকোঁৱৰৰ গীত, ফুলকোঁৱৰৰ গীত, জনাগাভৰুৰ গীত, কমলাকুঁৱৰীৰ গীত আদি উল্লেখযোগ্য। এই গীতবোৰৰ মাজেদি
একো একোটা মনোৰম কাহিনী বর্ণিত হৈছে। এইবোৰত আহোম ৰাজত্বৰ আভাসো পোৱা গৈছে।
কাল্পনিক গীতসমূহৰ ভিতৰত কন্যা বাৰমাহী, দুবলা শান্তিৰ গীত, মধুমতীৰ গীত, শান্তি বাৰমাহী, জয়ধন বণিয়াৰ গীত আদিয়ে উল্লেখনীয়। এই গীতবোৰক বাৰমাহী গীত বুলিও জনা যায়। এইবোৰ প্ৰেমবিহ্বল নায়িকাৰ বিৰহ-বেদনাৰে সিক্ত কৰুণ ৰসাত্মক গীত। বাৰটা মাহত প্রবাসী স্বামীৰ অভাৱ কেনেদৰে অনুভৱ কৰে তাৰ সুন্দৰ বর্ণনা বাৰমাহী গীতবোৰত প্রতিফলিত হৈছে।
মুঠতে অসমীয়া কাহিনী গীত বা বেলাডৰ ক্ষেত্ৰত আন ভাষাৰ সাহিত্যৰ দৰে চহকী বুলি ক'ব পৰা যায়।
২। অসমীয়া মালিতাসমূহৰ বৈশিষ্ট্য সম্বন্ধে আলোচনা কৰা।
উত্তৰঃ মালিতাসমূহৰ বিষয়বস্তুলৈ লক্ষ্য কৰি কিছুমান উল্লেখযোগ্য বৈশিষ্ট্য পৰিলক্ষিত হয় তলত আলোচনা কৰা হ'ল-
(১) মালিতাসমূহত অলৌকিক বিষয়বস্তুৰ সমাহাৰ দেখা পোৱা যায়। যাদুকৰীসদৃশ কথাবস্তুৰ মাজত অলৌকিক বিষয়বস্তুৰ উত্থাপন চকুত পৰে। ফুলকোঁৱৰৰ গীতত কাঠৰ পখী-ঘোঁৰাত উঠি যোৱাৰ বৰ্ণনা যাদুকৰী যেন অনুভৱ হয়।
কাঠৰ পখী-ঘোঁৰা জেউতি চৰিলে
উৰি যাওঁ উৰি যাওঁ কৰিল
, ছমাহৰ বাটকে যায় একে দিনে
মালিনীৰ বাৰীতে পৰিল।
কাঠৰ পখী-ঘোঁৰা এৰি ফুলকোঁৱৰে
ভৰিলে মাৰিলে টিপা,
সেউতী মালতী তগৰ গুটিমালী
সবেও ধৰিলে শিপা।
ঢোলৰ মালিতা, খোলৰ মালিতা, টোকাৰীৰ মালিতা আদিতো অলৌকিকতাৰ বৰ্ণনা দেখা পোৱা যায়।
(২) গীতিধর্মিতা মালিতাৰ আন এক উল্লেখযোগ্য বৈশিষ্ট্য। মালিতাৰ বিষয়বস্তু কাহিনীপ্রধান হ'লেও কাহিনীসমূহ পদ্যত ৰচিত। সেয়ে মালিতাবোৰ গীতৰ দৰে গোৱাৰ পৰম্পৰা আছে। অৱশ্যে মালিতাবোৰত নির্দিষ্ট সুৰ বা ৰাগ-বাগিণী নাই বাবেই এইবোৰ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰি বা নকৰাকেও গাব পাৰি।
(৩) লোকৰীতি তথা লোকবিশ্বাসৰ উপস্থাপন মালিতাসমূহ আন এক বিশেষত্ব হিচাপে দেখা যায়। সমাজভেদে বিভিন্ন লোকবিশ্বাস থাকে। অসমীয়া সমাজত প্রচলিত লোকবিশ্বাসৰ উপস্থাপন মালিতাবোৰত দেখা পোৱা যায়। জনাগাভৰু গীতত উল্লেখ থকা দেখা যায়-
জনাৰ চুলিটাৰ জেঠী নেওৰীয়া
তাইৰমান শাঁখিনী নাই।
হিয়া ভাঙি ভাঙি খোজক বুলে তাই
তাইৰমান কুলক্ষণী নাই।।
(৪) মালিতাবোৰৰ মাজেৰে সমসাময়িক সমাজৰ প্ৰতিচ্ছবি এখন উদ্ভাসিত হয়। বিশেষকৈ বুৰঞ্জীৰ কাহিনী বিশিষ্ট মালিতাবোৰৰ মাজেৰে সেইসময়ৰ সমাজ আৰু সামাজিক চিন্তা-চেতনাৰ প্ৰতিফলন গীতৰ বিষয়বস্তুৰ মাজত দেখা পোৱা যায়। বুৰঞ্জীত নথকা বহু কথাৰ সম্ভেদ গীতবোৰৰ মাজেৰে প্ৰকাশ কৰা দেখা যায়। মালিতাত বদন বৰফুকনক যেনেকৈ দেশদ্রোহীৰূপে চিত্রিত কৰিছে, তেনেকৈ দেশদ্রোহী হোৱাত ইন্ধন যোগোৱাৰ কাৰণে ৰাজমন্ত্ৰী পূর্ণানন্দ বুঢ়াগোহাঁইকো জগৰীয়া কৰিছে, গীতত বুঢ়াগোহাঁইক কৰিছে 'নাৰকী', মান অহা বাতৰি পায়েই যেনে-
কালহীৰা চেলেকী বুঢ়াগোহাঁই নাৰকী
ৰাতিয়েই সৰকি গ'ল।
আনহাতে ৰাজমাও নুমলীয়ে ৰূপসিং বঙালৰ দ্বাৰা বদনক ষঞ্জযন্ত্ৰ কৰি হত্যা কৰালে আৰু দেশখনত মানৰ অবাধ অত্যাচাৰৰ সৃষ্টি হ'ল। যাৰ বাবে নুমলী ৰাজমাওক 'পাখৰী' বুলি গীতত উল্লেখ কৰিছে।
(৫) মালিতাবোৰৰ আন এক উল্লেখযোগ্য বিশেষত্ব হ'ল-কৰণ ৰসাত্মক। বেছিভাগ কাহিনী গীততে কৰুণ কাহিনীৰ প্ৰতিফলন দেখা পোৱা যায়। নাহৰৰ গীত, জয়মতী কুঁৱৰীৰ গীত, মণিৰাম দেৱানৰ গীত আদিৰ কাহিনীৰ মাজত কৰণ ৰসৰ প্ৰকাশ ঘটিছে। কাহিনী প্ৰকাশৰ মাজেৰে মৃত্যুদণ্ড দিয়া, হত্যা কৰাৰ বৰ্ণনাই গীতবোৰৰ মাজত কৰুণ ৰসৰ সৃষ্টি কৰিছে। নাহৰৰ গীতত পোৱা যায়-
'বৰদুৱাৰৰ মুখতে
নাহৰক কটালে
কাৰনো লগালে জগৰ
কিনো নহ'বৰ হ'ল।'
ঠিক তেনেদৰে বদন বৰফুকনৰ মৃত্যুৰ বৰ্ণনা গীতটোত পোৱা যায়-
'ৰামকৃষ্ণ বোলোতে, মূৰত পানী ঢালোতে
ঘপহাই মাৰিলে দা।
নহ'বলৈ হ'ল,
কোমোৰা ছিঙ্গাদি দুডোখৰ হ'ল।'
হৰদত্ত-বীৰদত্ত গীতত আহোমৰ সৈতে ৰণত যুঁজি হৰদত্ত-বীৰদত্ত মৃত্যুবৰণ কৰাৰ লগতে কন্যা পদ্মাকুমাৰীক কুমেদান বঙালে বিয়া কৰাব খোজাত তাই আত্মহত্যা কৰাৰ কৰণ বৰ্ণনা পোৱা যায়।
৩। অসমীয়া কাহিনীগীত বা বেলাডসমূহক কি কি ভাগত ভগাব পাৰি?
উত্তৰঃ বিষয়বস্তু অনুসৰি পণ্ডিতসকলে বিভিন্ন ভাগত মালিতাবোৰক ভাগ কৰিছে। মালিতাসমূহৰ বিভিন্ন ভাগবোৰৰ সম্পৰ্কে তলত আলোচনা কৰা হ'ল।
(ক) পুৰাণগত মালিতাঃ ড" নবীন চন্দ্ৰ শৰ্মাই পুৰাণগত মালিতাক অতিকথা জাতীয় মালিতা বুলিও উল্লেখ কৰিছে। মিথধর্মী কথাবস্তু এইবিধ মালিতাত দেখা পোৱা যায়। এইবিধ মালিতাৰ চৰিত্ৰসমূহ অতিমানৱ হিচাপে উপস্থাপন কৰা হয়। বিশেষকৈ সমসাময়িক জগতখনতকৈ অন্য এখন কল্পিত জগতৰ বৰ্ণনা মালিতাবোৰত দেখা পোৱা যায়। পুৰাণগত মালিতাসমূহ বিশেষকৈ ধর্মীয় অনুষংগৰ লগত জড়িত। অসমৰ মৌখিক পৰম্পৰাত প্রচলিত জগৎ সৃষ্টিৰ বৰ্ণনা, শিৱ-মহাদেব, কুবেৰ, বিষ্ণু আদি দেৱতা, দুর্গা, পদ্মাবতী, শীতলা, নেতা, শুভচেনী আদি দেৱীৰ উৎপত্তিৰ বৰ্ণনা পোৱা যায়। এই মালিতাবোৰ ওজাপালিত পৰিৱেশন হোৱা পৰিলক্ষিত হয়। আনহাতে, 'আই-নাম'ত আই জন্মমূলক কাহিনীবিশিষ্ট মালিতা গোৱা দেখা যায়। এই মালিতাবোৰকে পুৰাণগত মালিতা বোলা হয়। উদাহৰণস্বৰূপে-
শীতলী আইৰ জন্মকথাঃ
বহাগৰ মাহতে আই ঋতুস্নান হৈলা।
চ'তৰ মাহতে আই মোৰ গর্ভে স্থিতি ভৈলা।
দশমাহ দহ দিন গর্ভে দিলা ঠাই।
উপজিবৰ বেলা মাই বৰ দুঃখ পাই।।
আই উপজিবৰ দিনা বাপেক ঘৰত নাই।
আই উপজিবৰ খবৰ পিতাকে বাটত পাই।।
পাঁচ দিনৰ দিনা আই মোৰ পচতি কৰিলা।
দহ দিনৰ দিনা আই মাই থিয় দঙা দিলা।।
(খ) বুৰঞ্জীমূলক মালিতা: লোকগীতৰ অন্তৰ্গত হ'লেও কিছুসংখ্যক মালিতাৰ ৰচনা ঐতিহাসিক ঘটনাৰ পাছৰ বা সমসাময়িক বুলি অনুমান কৰিব পাৰি। ঐতিহাসিক ঘটনাসম্বলিত বহু কাহিনী গীত হিচাপে লোকসমাজত প্রচলিত হৈ আহিছে। যিবোৰ গীতত ঐতিহাসিক ঘটনাবিশেষ বা বিশেষ চৰিত্ৰৰ জীৱন তথা বীৰত্বৰ কথা উপস্থাপন কৰা দেখা যায়। এনে বিষয়বস্তুৰ মালিতাসমূহক বুৰঞ্জীমূলক মালিতা বুলি কোৱা হয়। বুৰঞ্জীমূলক মালিতাসমূহত প্রধানতঃ বীৰ আৰু কৰুণ ৰসৰ প্রাধান্য দেখা পোৱা যায়। লিখিত বুৰঞ্জীৰ সমান্তৰালভাৱে মুখে মুখে প্রচলিত বুৰঞ্জীমূলক মালিতাবোৰেও সমাজত মৌখিক ইতিহাসৰূপে সমল আগবঢ়ায়। অসমীয়া ভাষাত বহু বুৰঞ্জীমূলক মালিতা দেখা পোৱা যায়- 'নাহৰৰ গীত', 'বৰফুকনৰ গীত', 'পদ্মকুমাৰী গীত', 'মণিৰাম দেৱানৰ গীত', 'জয়মতী কুঁৱৰীৰ গীত', 'আজান ফকিৰৰ গীত', 'ফুলগুৰিৰ ধেৱা', 'পথৰুঘাটৰ ৰণ' আদি।
নাহৰৰ গীতক প্রাচীনতম মালিতা হিচাপে ধৰা হয়। আহোম স্বৰ্গদেউ খোৰাৰজাব এগৰাকী কুঁৱৰীৰ তোলনীয়া পুত্ৰ নাহৰৰ জীৱন আৰু পাছলৈ ৰাজ্যৰ শাসনভাব গ্রহণ কৰি অত্যাচাৰী হৈ পৰা নাহৰক মৃত্যুদণ্ড দিয়াৰ কাহিনী নাহৰৰ গীতত পোৱা যায়-
'ৰাঙলী মদাৰৰ পাত,
এইনো মাজে নিশা আহিলি নাহৰ ঐ
খালি কি নেখালি ভাত।...
ইয়াতে আছিলে নাহৰ চেনামুৱা
চৰুতে পঁইতা খাই,
কোনোবা দেশলৈ গ'ল মোৰ নাহৰ ঐ
বাতৰি পাবলৈ নাই।...
উলিকৈ তামোলৰ পুলি,
বৰদৈয়া মুখতে নাহৰক কাটিলে
ওলোমাই পেলালে চুলি।।...
জয়মতী কুঁৱৰীৰ গীতত সতী জয়মতীৰ জীৱন যন্ত্ৰণাৰ ছবি এখন স্পষ্ট ৰূপত মালিতাবোৰত তুলি ধৰিছে। বৰফুকনৰ গীতত বদন বৰফুকনে পূর্ণানন্দ বুঢ়াগোহাঁইক পোটক তুলিবলৈ মান সৈন্যক আনি আহোম ৰাজবংশৰ লগতে অসমীয়া মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ ঘৃণনীয় কাহিনী আছে।
'ৰামকৃষ্ণ বোলোতে,
মূৰত পানী ঢালোতে
ঘপহাই মাৰিলে দা।
নহ'বলৈ হ'ল,
কোমোৰা ছিঙাদি দুডোখৰ হ'ল।'
আহোম ৰাজত্বৰ শেষৰফালে কামৰূপী বীৰ হৰদত্ত-বীৰদত্তই আহোম ৰাজ্যত আক্রম কৰিছিল যদিও আত্মকন্দলৰ ফলত তেওঁলোক কৃতকার্য লাভকৰিব নোৱাৰিলে। এই হৰদত্ত-বীৰদত্তৰ দেশপ্রীতি গীতত দেখা পোৱা যায়। আনহাতে কন্যা পদ্মাকুমাৰীক কুমেদান বঙালে বিয়া কৰাব খোজাত তাই আত্মহত্যা কৰাৰ কৰণ বৰ্ণনা পদ্মাকুমাৰী গীতত পোৱা যায়। ঠিক তেনেদৰে স্বৰ্গদেউ জয়ধ্বজ সিংহৰ শহুৰেক নাওবৈচা ফুকনৰ পুতেক চিকণ-সৰিয়হে ৰাজপাট ল'বলৈ চলোৱা গোপন ষড়যন্ত্ৰৰ কথা জানি তাক বধ কৰোৱাৰ কাহিনী চিকণ সৰিয়হৰ গীতত পোৱা যায়।
বুৰঞ্জীমূলক মালিতাবোৰৰ ভিতৰত আন এক উল্লেখযোগ্য গীত মণিৰাম দেৱানৰ গীত। ইংৰাজে কাঢ়ি নিয়া অসমৰ স্বাধীনতা পুনৰ ঘূৰাই আনিবলৈ বদ্ধপৰিকৰ হোৱা এজন অসমীয়া দেশপ্রেমিক বীৰ আছিল মণিৰাম দেৱান।
১৮৫৮ খ্রী. ২৬ ফেব্ৰুৱাৰীত যোৰহাটৰ টোকোলাই নৈৰ পাৰত ব্ৰিটিছে মণিৰামক ফাঁচী দিয়ে। মণিৰাম দেৱানৰ দেশপ্রীতি আৰু মৃত্যুৰ কৰুণ বৰ্ণনা গীতটোত দেখা পোৱা যায়।
কৰি অত্যাচাৰী হৈ পৰা নাহৰক মৃত্যুদণ্ড দিয়াৰ কাহিনী নাহৰৰ গীতত পোৱা যায়-
'সোণাৰ ধোৱা খোৱাত খালি ঐ মণিবাম
ৰূপৰ ধোৱা খোৱাত খালি,
কিনো ৰজা ঘৰত দোৰোহ আচৰিলি
ডিঙিত চিপ্জৰী ল'লি।।…
গুপুতে গুপুতে ধৰিলে মণিৰাম
গুপুতে গুপুতে নিলে,
হলৰইড চাহাবে টোকোলাই পাৰতে
গুপুতে ফাঁচী দিলে।...'
বুৰঞ্জীৰ এনে বহু ঘটনা, কাহিনী তথা চৰিত্ৰৰ বৰ্ণনা মালিতাবোৰৰ জৰিয়তে দেখা পোৱা যায়। মৌখিক ৰূপত প্রচলিত এই মালিতাবোৰো ঐতিহাসিক এক উল্লেখযোগ্য সমল বুলিব পাৰি।
(ঘ) জনশ্রুতিমূলক গীত: অসমীয়া লোকসমাজত মানুহৰ মুখে মুখে প্রচলিত এক শ্রেণী গীত হ'ল জনশ্রুতিমূলক মালিতা। এই মালিতাবোৰৰ কাহিনীত অলৌকিতাৰ সমাহাৰ দেখা পোৱা যায়। যাৰ বাবে এই কাহিনীবোৰক কিংবদন্তি বুলিব পাৰি। কাহিনীৰ বিষয়বস্তু সঁচা নে মিছা কক্সব পৰা নাযায়। যদিও কাহিনীবোৰ সত্য ঘটনাৰ দৰে সমাজত প্রচলিত তথা জনপ্রিয়। অসমত প্রচলিত তেনে কিছুমান উল্লেখযোগ্য মালিতা হ'ল-'মণিকোঁৱৰৰ গীত', 'ফুলকোঁৱৰৰ গীত', 'কমলাকুঁৱৰীৰ গীত', 'তেজীমলাৰ গীত' আদি।
শঙ্খদেউ ৰজা পুত্রহীন হোৱাত দৈৱজ্ঞৰ কথামতে জলদেৱতাক সন্তুষ্ট কৰি বৰছা কুঁৱৰীৰ গৰ্ভত মণিকোঁৱৰক পুত্ৰ হিচাপে লাভ কৰে। কিন্তু যোল্ল বছৰ বয়সত জলকুঁৱৰীয়ে হৰি নিব বুলি গণকে কয়। এদিন মণিকোঁৱৰ ঘোঁৰাত উঠি নগৰৰ মাজেৰে যাওঁতে বৰবৰুৱাৰ জীয়ৰী কাঁচনমতীৰ প্ৰেমত পৰে আৰু দুয়োৰে বিবাহ সম্পন্ন হয়। কিন্তু ভবিষ্যদ্বাণী অনুসৰি নদীত গা ধুবলৈ যোৱা কোঁৱৰক জলকুঁৱৰীয়ে হৰণ কৰে। কোঁৱৰক আৰু বিচাৰি পোৱা নগ'ল। ইয়াৰ কিছুদিন পাছতেই কুঁৱৰীয়ে এটা পুত্র সন্তান জন্ম দিয়ে। ইয়াতেই গীতটোৰ পৰিসমাপ্তি ঘটিছে।
'শঙ্খদেউ ৰজাৰ পুতেক মণিকোঁৱৰ
কোলাত খতিখনে নাই,
এবেলা দোলাতে এবেলা ঘোঁৰাতে
এবেলা সেনৰ ৰং চায়।..
বৰবৰুৱাৰ জীয়েক কাচন বৰকুঁৱৰী
দাঁৰ বান্ধি মেলাওঁতে চুলি,
সোণৰ কাকৈৰে মূৰ ফণিয়াওঁতে
কোঁৱৰৰ নিলে মন হৰি।....'
ফুলকোঁৱৰৰ গীত ইয়াৰ পৰৱৰ্তী অংশ বুলিব পাৰি। পুতেক মণিকোঁৱৰে কাঠৰ পখী-ঘোঁৰাত উঠি পিতাকক বিচাৰি যায় আৰু এখন ফুলনিত পৰে, মালিনী বুঞ্জীৰ আশ্রয়ত থাকি ৰজাৰ জীয়ৰী পাচেতুলীৰ লগত প্রেম, যমজ সন্তানৰ জন্ম, পাচেতুলীক অপহৰণ, ফুলকোঁৱৰৰ ৰাজ্য লাভ আৰু শেষত পাচেতুলী আৰু ফুলকোঁৱৰৰ মিলনত গীতটো সামৰণি ঘটিছে।
'কাঠৰ পখী ঘোঁৰাত উঠি ফুলকোঁৱৰে
মাৰি চমতাৰ চাত,
আকাশে-পাতালে উৰাৱত কৰিলে
আলাসত কৰিলে বাট।..
ঠিক তেনেদৰে গৰুচৰ ৰাজ্যৰ গাভৰু জনাই নাৰী হৈ ৰাজপাট খোৱা আৰু নশ কোঁৱৰক বন্দী কৰি থোৱা বীৰত্বৰ কাহিনী শেষক গোপীচন্দ্ৰই জনাক বশ কৰা ৰোমাণ্টিক বর্ণনা গীতটোত পোৱা যায়।
গৰুচৰ ৰাজ্যতে জনা-গাভৰুৱে
তিৰী হৈ ৰাজপাট খায়
নশ কোঁৱৰক বন্দীকে থৈছে
তাইৰ মান বলৱান নাই।
আনহাতে তেজীমলাৰ লোককাহিনী অসমৰ সকলোৰে মুখে মুখে। তেজীমলা কাহিনী গীত ৰূপটো প্রচলিত দেখা যায়। মাহীমাকৰ অত্যাচাৰৰ বৰ্ণনা তথা তেজীমলাৰ কৰুণ কাহিনী গীতৰ মূল বিষয়বস্তু।
'অ' মাহী আই
ঢেঁকী দি খুন্দিলি মোকে।
সহিতে নাপাবো তোৰে ঐ যাতনা
আৰু যে নামাৰা মোকে।'
তদুপৰি ৰাধিকা শান্তিৰ গীত, কমলাকুঁৱৰীৰ গীত আদি জনপ্রিয় কিংবদন্তিমূলক লোকগীত। ইছলাম ধৰ্মাৱলম্বীসকলৰ মাজত প্রচলিত জাৰী গীতৰো প্রধান ভিত্তি কিংবদন্তি। মানুহে মুখে মুখে প্রচলিত অলৌকিক গুণসম্পন্ন এই গীতবোৰৰ বৰ্ণনাৰ মাজত বৰ্তমানৰ পৰিৱেশৰ বৰ্ণনা মনকৰিবলগীয়া। সেয়ে কাহিনীৰ বিষয়বস্তু সত্য ঘটনা যেন অনুভব হয়। কিংবদন্তি হ'লেও কাহিনীবোৰে অসমৰ সমাজত এনেদৰে প্ৰভাৱ বিস্তাৰ
কৰি আছে যে বুৰঞ্জীৰ একো একোটা চৰিত্ৰ বা ঘটনাৰ দৰেই আজিও এই গীতৰ গীতৰ কথাবস্তু অসমৰ সমাজব্যবস্থাত সজীব হৈ আছে।
(ঙ) বাস্তবিক মালিতাঃ বাস্তব ঘটনা বা কাহিনীৰ দৰে যিবোৰ মালিতা ৰচিত তেনে মালিতাবোৰক বাস্তবিক মালিতা বুলিব পাৰি। মালিতাবোৰৰ মাজত বাস্তবিক সমাজৰ প্রতিফলন দেখা পোৱা যায়। সমাজত ঘটি থকা বাস্তৱ ঘটনাৰ সমাৱেশ গীতবোৰৰ জৰিয়তে প্রকাশ ঘটিছে। যেনে- বামুণ-পুৰাণ, পগলা পাৰ্বতীৰ গীত, সাউদৰ গীত আদি।
বামুণ-পুৰাণৰ মালিতাটোত বামুণৰ বৃত্তি কৰি টকা-পইচা বেছিকৈ পোৱা বাবে উজনি বাজ্যত থিতাপি লোবা বামুণৰ কাহিনী উল্লেখ কৰিছে। বঙলা চাহাবে বামুণীৰ সৌন্দৰ্যত মোহিত হৈ বামুণনীক লাভ কৰিবৰ বাবে বামুণক হত্যা কৰিছিল তাৰ কাহিনী গীতটোৰ জৰিয়তে পোৱা যায়। অৱশ্যে গীতত কোনো বামুণৰ নাম বা প্রকৃত পৰিচয় পোৱা নাযায়। সমাজত পৰকীয়া প্ৰেমৰ বাবে ঘটা হত্যা আদিৰ কাহিনী গীতটোৰ জৰিয়তে প্রকাশ কৰা দেখা যায়। সেয়ে এই মালিতাটো বাস্তবিক মালিতা বুলিব পাৰি।
এহিমানৰ কথাগিলা সেহিমানে থওঁ।
বামুণ-পুৰাণৰ কথা দুই চাৰিষাৰ কওঁ।।
ভাটী দেশৰ বামুণ ঠাকুৰ উজান দেশে যায়।
উজান দেশে যাই বামুণে বহু টকা পায়।।
টকা পাই বামুণে মনে হৈলা বুধি।
উজান দেশে যাই বামুণে ঝীয়া পেল্লা সুধি।।
বিয়া হৈ বামুণে খাই-লই আছেই।
পৰৰ দেশত থাকা ঠাকুৰ পৰৰ গালি খাই।।...
অসমৰ লোক-সমাজত পগলা-পার্বতীৰ গীতো বিশেষভাবে প্রচলিত। বিশেষকৈ বিহু হুঁচৰিৰ লগতো এই গীত গোৱা দেখা যায়। 'পগলা' নামটোৱে শিৱক বুজায়। অসমৰ বিভিন্ন প্রান্তত শিব-পার্বতীক বিভিন্ন নামেৰে জনা যায়। লোক-সমাজত শিব-পার্বতীৰ কাহিনীক কেন্দ্ৰ কৰি বহু লোক-কাহিনী প্রচলন আছে। শিৱ-পাৰ্বতীৰ কাজিয়াক কেন্দ্র কৰি 'পগলা-পার্বতী' গীত আৰম্ভ ঘটিছে। যদিও 'পগলা-পাৰ্বতী'ৰ চৰিত্ৰ উপস্থাপন কৰা হৈছে- গীতটোৰ জৰিয়তে সমাজত গিৰিয়েক-ঘৈণীয়েকৰ মাজত ঘটি থকা সাধাৰণ কাজিয়াৰ যেন উপস্থাপন কৰা হৈছে। সেয়ে এই গীতটো লোক-সমাজৰ এক বাস্তরিক কাহিনীৰ আধাৰত ৰচিত বুলিব পাৰি।
পার্বতী:
তেঁতেলিৰ তলতে কৰো তাতে বাটি
পাহৰি আহিলো কুচি।
কুচিৰে লগতে পগলাই কিলাব
যামে আইৰে ঘৰলৈ গুচি।।
পগলা: মাৰৰ ঘৰলৈ যাবি তই পার্বতী
বাটত খাপে দিয়ে ধৰিম।
পার্বতী: বাটত খাপে দিয়ে ধৰ তই পগলা
হাবিত লৰে মাৰি পৰিম।।
পগলা: হাবিত লৰে মাৰি সোমা তই পার্বতী
হাবিত জুয়ে দিয়ে ধৰিম।
পার্বতী: হাবিত জুয়ে দিয়ে ধৰ তই পগলা
ধোৱাৰে লগতে উৰিম।।...
(চ) কাল্পনিক মালিতা: লোকনাট্যধর্মী অনুষ্ঠানৰ জৰিয়তে অসমত মালিতাৰ প্ৰচলন আছিল বাবেই ঐতিহাসিক, জনশ্রুতিমূলক, মালিতাৰ লগতে কাল্পনিক মালিতাও পোৱা যায়। কল্পনাৰ জৰিয়তে কাহিনী এটা নিৰ্মাণ কৰাই হ'ল কাল্পনিক মালিতা। কাহিনীৰ বিষয়বস্তুবোৰ সমাজত প্রচলিত কাহিনীৰ পৰাই সংগৃহীত। যেনে-বানপানীৰ গীত, চাহ-পুৰাণ, পচলা পুৰাণ, ওকণিৰ যম, যতৰৰ গীত আদি। কাল্পনিক কাহিনীৰ মাজেৰে ব্যংগাত্মক ৰূপত এই গীতবোৰ ৰচনা কৰা দেখা যায়।
ভাউৰীয়াৰ গীতঃ
চতালৰ চাৰিওকাষে চাৰিটা টিঙৰ ঘৰ।
বৰখুন হলি যাইবা লাগে পৰৰ ঘৰে ঘৰ।।
বন্ধা ৰাখো সাতোটা হাল বাও সাত।
ঘুমটিৰ পৰা মুঠতে ধৰুৱাই দেয় মাত।।
ঘৰত আছিল মোৰ কাকা আৰু বৌ।
তিৰীৰ আগত কৈ খেদাও নাই বুলি কৌ।।
নামতা নোবোলাকৈ থাকু চখু মুজি।
ঘৰত নাপেই ধৰুৱা যায় গুচি গুচি।।
জাগাই জাগাই কৈ ফুৰো সকলে দেয় মান।
গাও-কুচেলাসকলে কথাত নেদে কান।।
আনহাতে কিছু কিছু পণ্ডিতে বাৰমাহী গীতবোৰকো কাল্পনিক মালিতাৰ ভিতৰুৱা হিচাপে কোৱা দেখা যায়। 'বাৰমাহৰ তেৰ গীত' গ্রন্থত প্রফুল্লদত্ত গোস্বামীয়ে কাল্পনিক মালিতা হিচাপে সাউদৰ মালিতা, দুবলা শান্তিৰ গীত, পগলা-পাৰ্বতীৰ গীত, মণিকোঁৱৰৰ মালিতা, জনা গাভৰুৰ গীত আদি উল্লেখ কৰিছে।
(ছ) বাৰমাহী বা বিলাপ গীতঃ মালিতাৰ এটা বিশেষ অংশ বাৰমাহী গীত। বাৰমাহৰ প্রাকৃতিক পৰিৱৰ্তনে বিৰহিণীৰ মনোজগতত কৰা প্ৰতিক্ৰিয়াৰ বৰ্ণনাই বাৰমাহী গীতৰমূল বস্তু। গীতবোৰত প্ৰকৃতি আৰু মানুহৰ মনৰ সম্পৰ্ক অতি স্পৰ্শকাতৰ। বাৰমাহী গীতৰ
বিষয়বস্তু সম্পর্কে ড° প্রফুল্ল দত্ত গোস্বামীয়ে 'অসমীয়া জন-সাহিত্য' গ্রন্থত উল্লেখ কৰিছে-এজনী গাভৰুৱে হয়তো বিদেশত থকা গিৰিয়েকক স্মৰণ কৰি প্ৰত্যেক মাহৰ নিঃসংগ-জীৱনৰ পৰিৱৰ্তন আৰু নিজ অন্তৰৰ ক্ৰিয়া বৰ্ণনা কৰি গৈছে, নতুবা কোনো সাউদে ঘাটত নাও বান্ধি অজ্ঞাতভাবে নিজৰ ঘৈণীয়েককে মাহৰ পাছত মাহ প্রণয় যাচি গৈছে-এয়ে বাৰমাহী গীতৰ সাধাৰণ বিষয়বস্তু।
বাৰমাহী গীতত কাহিনীৰ আভাস পোৱা বাবেই এইবোৰ গীতক মালিতা বোলা হয়। কাহিনী কথাক বাদ দিলে এই এই গীতবোৰক প্রেম-প্রণয়ৰ গীত বা বিলাপ গীত বুলিও ক'ব পাৰি। বাৰমাহী গীতৰ ভিত্তি কাল্পনিক। কৰুণ ৰসাত্মক এই গীতৰ মূল বিষয়বস্তু প্রেম বা প্রণয়। অৱশ্যে বাৰমাহী গীতবোৰত দুই ধৰণৰ বিষয়বস্তু দেখা যায়। প্রথমৰ পৰা শেষলৈকে বিৰহৰ বৰ্ণনা আৰু প্ৰথমৰ পৰা প্ৰথম এঘাৰ মাহত বিৰহৰ বৰ্ণন, শেষৰ অর্থাৎ দ্বাদশ মাহত নায়কৰ সৈতে নায়িকাৰ মিলন। বাৰমাহী গীতবোৰ আঘোণ আৰু বক্সহাগ মাহৰ পৰা আৰম্ভ হোৱা দেখা যায়। শান্তি বাৰমাহী, বেউলা বাৰমাহী, মধুমতীৰ গীত আদি কাল্পনিক বাৰমাহী গীতৰ অন্তৰ্ভুক্ত। তলত বাৰমাহী গীতৰ উদাহৰণ দিয়া হ'ল-
বেউলা বাৰমাহী:
'ব'হাগৰ মাহতে প্রভু শিলে বৰহিলে।
সেই ন-পানীৰ গুণে নানা ফুল ফুলে।।
জেঠৰ মাহতে ৰ'দে কৰে হুৰাহুৰি।
বৰ ঘৰটো ভাঙাইলে সে বিনা বাও মুৰালি।।
আহাৰ মাহত প্ৰভু আকাশে কৰে আশা।
বনেৰ ঢলিয়া চোকা সিও বান্ধে বাসা।।'
জয়ধন বণিয়াৰ গীতঃ
বোলে ৰাম,
আঘোণৰ মাহতে কন্যা সঞ্চয়ন ধান।
কত কত বোলে মধু কতক পুৰাণ।।
আগবাঢ়ি লোৱা কন্যা সাতসৰী হাৰ।
দুই বাহুই তুলি দিম সোণাৰ জাপ পটাৰ।।
কান চাই দিম কন্যা হীৰা মদন কঢ়ি।
কঁকাল চাই দিম কন্যা কাঞ্চন পাটৰ শাৰী।।
ভৰি চাই দিম কন্যা ভৰিৰে নুপুৰ।
কপাল চাই দিম কন্যা শিখৰ সিন্দুৰ।।
সামগ্রিকভাৱে বিচাৰ কৰিলে মালিতাবোৰৰ ৰচনা পদ্ধতি সম্পর্কে জনা নাযায় যদিও উল্লেখ কৰিব পাৰি যে গীতবোৰ সমূহীয়া ভাবাপন্ন হ'লেও বচয়িতাজন নিশ্চয় কোনো এজন নির্দিষ্ট ব্যক্তি। বহু মালিতাৰ আৰম্ভণিত স্তুতি-বন্দনা কৰি সামৰণি মৰা দেখা যায়। বৰফুকনৰ গীত, জনা গাভৰু গীতত স্তুতি-বন্দনাৰে আৰম্ভণি কৰিছে।
আই সৰেচতী দেৱী পাৰেৱতী
তোমালৈ বঢ়াই যাওঁ শৰাই,
পাহৰা পদকে সোঁৱৰাই দি যাবা
যেনে বৰা ধানৰ কৰাই। (বৰফুকনৰ গীত)
সৰেচতী দেৱীৰ লগতে পাৰেৱতী, ইন্দ্ৰ আদি দেৱতাৰ লগতে দাম-ফিৰাম, কেচাইখাতী গোসাঁনী, থুলেশ্বৰ দেৱতা আদি স্থানীয় দেৱতাকো স্তুতি কৰা দেখা যায়।
মালিতাবোৰ পদ, ছবি, দুলঞ্জা, ঝুনা আদি বিভিন্ন ছন্দত ৰচিত। অৱশ্যে ঠায়ে ঠায়ে ছন্দৰ মিল ঘটাবলৈ অপ্রাসঙ্গিক অর্থহীন কথা যোগ দি কাহিনী আগবঢ়াই নিয়া পৰিলক্ষিত হয়। যেনে-
কাউৰীয়ে কৰিলে কা,
ৰাতিৰে ৰাতিটো ৰূপচিঙে ধৰালে দা।
…………………………
এ দেউ ৰ'ল
পাছ দিনা ৰূপ সিং বিহানেই গ'ল (বৰফুকনৰ গীত)
৪। বাৰমাহী গীতৰ বিষয়ে এটি টোকা লিখা।
উত্তৰঃ বাৰমাহী গীতবোৰ মালিতাৰ এটি বিশেষ অংশ। ভাৰতৰ আন আন প্রদেশত বাৰমাহী গীত, 'বাৰমাসী' বা 'বাৰমাসা' গীত ৰূপে পৰিচিত। অসমৰ বাহিৰে ভাৰতৰ আন আন অঞ্চলত চৌমাসা (অর্থাৎ চাৰিমাহ) আৰু 'ছয়মাসা' (অর্থাৎ ছয়মাহ) গীতৰ পৰম্পৰাও প্রচলিত। 'বাৰমাহী' নামটো এই জাতীয় গীতৰ বিষয়বস্তুৰ সংযুতিৰ প্ৰতি লক্ষ্য কৰিহে দিয়া হৈছে। এইবিধ মালিতাত বছৰটোৰ বাৰমাহৰ বৰ্ণনা দিয়া হয়। বাৰমাহৰ প্রাকৃতিক পৰিবৰ্তনে বিৰহিণীৰ মনোজগতত কৰা প্ৰতিক্ৰিয়াৰ বৰ্ণনেই বাৰমাহী গীতৰ মূল লক্ষ্য। বাৰমাহী গীত সাধাৰণতে মহিলাসকলে গায়। অৱশ্যে ওজাপালি অনুষ্ঠানৰ নির্বাহিকাসকলেও বাৰমাহী গীত বাদ্যযন্ত্রসহ আবৃত্তি কৰে। "দুৰ্গেশ্বৰ নাথ ওজাৰ মতে ব্যাস-ওজাপালিয়েও হেনো বাৰমাহী গীত গাইছিল। প্রাণেশ্বৰ ৰাভাৰ মতে 'মাৰে-গান'ৰ ওজা আৰু পালিসকলৰ মাজতো বাৰমাহী গীত গোৱাৰ পৰম্পৰা প্ৰচলিত। অসমীয়া ভাষাত বাৰমাহী গীতৰ সংখ্যা বৰ বেছি নহয়। বঙলা, ভোজপুৰী, মৈথিলী আদি ভাষাত বাৰমাহী (বাৰমাসা) গীতৰ সংখ্যা সবহ। নামনি অসমত বাৰমাহী গীতৰ প্ৰচলন বেছি।
বাৰমাহী গীতৰ বিষয়বস্তুৰ বিষয়ে ক'বলৈ গৈ ড° প্রফুল্লদত্ত গোস্বামীয়ে এনেদৰে কৈছে- "এজনী গাভৰুৱে হয়তো বিদেশত থকা গিৰিয়েকক স্মৰণ কৰি প্ৰত্যেক মাহৰ নিসর্গ-জীৱনৰ পৰিবৰ্তন আৰু নিজ অন্তৰৰ ক্ৰিয়া বৰ্ণনা কৰি গৈছে, নতুবা কোনো সাউদে ঘাটত নাও বান্ধি অজ্ঞাতভাবে নিজৰ ঘৈণীয়েককে মাহৰ পাছত মাহ প্রণয় যাচি গৈছে-এয়ে বাৰমাহী গীতৰ সাধাৰণ বিষয়বস্তু।"
বাৰমাহী গীতত কাহিনী বা কাহিনীৰ আভাস থাকে। সেইবাবে এইবিধ গীতক মালিতা বোলা হয়। কাহিনীৰ কথা নধৰিলে বাৰমাহী গীতক ঋতুগীত বা বিলাপ-গীত অথবা প্রেম-প্রণয়প্রধান গীত নাইবা বিৰহ-গীত বোলাত আপত্তি উঠিব নোৱাৰে। মালিতাৰ দৰে বিলাপ গীততো কথাবস্তু বা কাহিনী, চৰিত্ৰ, চৰিত্ৰৰ কাৰ্যাৱলী, কথক, শ্রোতা, নৃত্য-বাদ্য আদিৰ স্থিতি লক্ষ্য কৰা যায়। অসমীয়া বাচিক কলা বিলাপ গীতৰ ক্ষেত্ৰত চহকী। লিখিত সাহিত্যতো বাৰমাহী গীত-পৰম্পৰাৰ প্ৰচলন দেখা যায়। উদাহৰণ স্বৰূপে, ৰুদ্ৰসিংহ আৰু শিৱসিংহৰ ৰাজত্বকালৰ কবি কবিৰাজ ৰাম নাৰায়ণ চক্ৰৱতীৰ শকুন্তলা কাব্যত 'কামকলা-আখ্যান' বৰ্ণনাৰ প্ৰসংগত এটি বাৰমাহী গীত (বিৰহ বিষয়ক) উপস্থাপন কৰা হৈছে। তেনেদৰে হিন্দী কবি জায়সীৰ 'পদুমাৱত' কাব্যত নাগমতীৰ বিৰহ-বেদনাৰ বৰ্ণনা দিয়াৰ ক্ষেত্ৰত বাৰমাহী গীতৰ আংগিকৰ সহায় লোৱা দেখা যায়। 'নেপাল'তো বাৰমাহী গীতৰ পৰম্পৰা প্ৰচলিত। অৱশ্যে এই দেশত বাৰমাহী গীতক সূচোৱাৰ প্ৰসংগত 'সাচী' অভিধাটিৰহে প্রয়োগ লক্ষ্য কৰা যায়। অসমীয়া বাৰমাহী-গীত আৰম্ভ হয় আঘোণ মাহৰপৰা। অন্যহাতে মৈথিলী, ভোজপুৰী বা হিন্দীভাষী অঞ্চলত আহাৰ মাহৰপৰাহে 'বাৰহমাসী' বা 'বাৰহমাসে' গীত আৰম্ভ হয়। অৱশ্যে 'বাৰমাহী' বা 'বাৰহমাসী' গীত কোন মাহৰপৰা আৰম্ভ হ'ব লাগে এই বিষয়ক কোনো পৰম্পৰাগত বা শাস্ত্রীয় নিয়মৰ চলতি নাই; যদিও এই গীতবোৰ সাধাৰণতে হয় চ'ত মাহৰপৰা নহয় আহাৰ মাহৰপৰা নাইবা আঘোণৰপৰা আৰম্ভ হোৱা ৰীতি পৰম্পৰাগতভাৱে চলি আহিছে।