গল্পৰ বীজ ৰোপনঃ গল্প ৰচনাৰ 

বাবে ক্ষেত্ৰ অধ্য়ায়নঃ গল্পৰ নিৰ্মান গল্পৰ বীজ ৰোপনঃ

 তৃতীয় গোট

প্ৰশ্নাৱলী 

অতি চমু প্ৰশ্ন

১। গল্পৰ বীজ কেতিয়া প্ৰকাশ হয়?

উত্তৰঃ গল্প কোৱা আৰু গল্প লিখাৰ বিষয় মন মগজুত কল্পনাময় চিন্তা-ভাৱনাৰ শৈল্পিক ৰূপ ওফন্দি উঠে, তেতিয়া গল্পৰ বীজ প্ৰকাশ হয় । 

২। গল্পৰ আৰম্ভণি কেনেকুৱা?

উত্তৰঃ গল্পৰ আৰম্ভণি আকস্মিক আৰু পৰিসমাপ্তি নাটকীয় লগতে তাৰ আৰোহণ, শীৰ্ষবিন্দু, সংঘাত আৰু অৱৰোহণ- এই সকলোবোৰ লেখকৰ মনদৃষ্টিত থাকিব লাগিব ।

৩।গল্প লিখা কৌশলটোক কি বুলি কোৱা হয়?

উত্তৰঃ গল্প লিখা কৌশলটোক 'লিখন দক্ষতাৰ কৌশল' বা 'সৃজনশীল কৌশল' বুলি কোৱা হয় ।  

৪। গল্প লিখা  নিৰ্দিষ্ট পৰিসামী আছেনে নাই?

উত্তৰঃ গল্প  লিখা নিৰ্দিষ্ট পৰিসীমা আছে ।

৫। গল্পকাৰৰ গল্প লিখাৰ বিশেষ এটা গুণ উল্লেখ কৰা ?

উত্তৰঃ গল্পকাৰৰ গল্প লিখাৰ বিশেষ এটা গুণ হ'ল- (গ) লিখাৰ কৌশল বা ৰীতি ঃ ভাল গল্প লেখকসকলে গল্প ৰচনা কৰোতে লিখাৰ কৌশল বা ৰীতি মানিহে চলে । সৰহসংখ্য়ক গল্প লেখকসকলৰ লগত সৰহ সংখ্য়ক পঢুৱৈৰ সৈতে সংযোগ স্থাপনৰ দিশৰ প্ৰতি যত্নবান আৰু উদ্বিগ্ন নহয় । কম বা সীমিতসংখ্য়ক গল্পলেখক সীমিতসংখ্য়ক পঢুৱৈ লক্ষ্য় হৈ থাকে । লেখকসকলে এনে কিছুমান গল্প লেখাৰ মাজেৰে কেতিয়াবা এনে একোটা বিষয় উপস্থাপন কৰে যে সেই বিষয়বস্তু ৰস আস্বাদন কৰিবৰ কাৰণে পঢুৱৈ সফল কেইবাটাও স্তৰ অতিক্ৰম কৰিহে তাৰ ৰস আস্বাদন কৰিব পাৰে । গল্পৰ প্ৰতি পঢুৱৈসকলৰ প্ৰাথমিক জ্ঞান ৰুচিবোধ, অনুভূতি থাকিলেহে গল্পৰ বিষয়বস্তুৰ জ্ঞানবোধ লাভ কৰিব পাৰে, অন্য়থা পঢুৱৈসকলৰ বাবে গল্পৰ লেখা দুৰ্বোধ্য় আৰু জটিল হয় আৰু লেখক দুৰ্ভেদ্য়ৰূপত পৰিনত হয় ।   

৬। হাছান মান্টোৱে গল্প লিখাৰ ক্ষেত্ৰত কি কৈছে?

উত্তৰঃ হাছান মান্টোৱে গল্প লিখাৰ ক্ষেত্ৰত কৈছে- "I don't actually write the stories, mind you, They write themselves." অৰ্থাৎ "মই আচলতে নিলিখোঁ, মনকৰিব, সিহঁতে গল্প নিজে লিখে বা নিৰ্মাণ কৰে ।"

৭। অতনু ভাট্টাচাৰ্যই গল্প নিৰ্মাণ সম্পৰ্কে কি কৈছে?

উত্তৰঃ অতনু ভট্টাচাৰ্যই গল্প  নিৰ্মাণ সম্পৰ্কে কৈছে যে- (ক) গল্প লিখাৰ আগৰ চিন্তা-অভিপ্ৰায়-কল্পনা মননশীলতা। (খ) মূল বিষয়ৰ প্ৰস্তুতকৰণ। (গ) মূল বিষয়ৰ তথ্য়ৰ  অন্বেষণ । (ঘ) পূনৰীক্ষণ বা সংশোধনাৰ্থে পৰীক্ষণ । (ঙ) পৰিবেশ বাচনিকৰণ ।

৮। গল্প নিৰ্মাণৰ প্ৰধান উপাদান কি?

উত্তৰঃ গল্প নিৰ্মাণৰ প্ৰধান উপাদান হ'ল- পৰিৱেশ ।

৯। সৃষ্টিশীল লেখকসকলে গল্পৰ বাবে কি প্ৰস্তুত কৰে?

উত্তৰঃ সৃষ্টিশীল লেখকসকলে গল্প কেনেকৈ লিখিব, কি লিখিব, গল্পৰ পচভূমি কি হ'ব, বিষয়বস্তু কি হ'ব, ইয়াৰ আৰম্ভণি আৰু পৰিসমাপ্তি কেনেকৈ হ'ব ইত্য়াদি বিষয়বস্তুৰ বা কথা মন-মগজুত সুপৰিকল্পিত ৰূপত প্ৰস্তুত কৰি লয় ।

১০। হাছান মান্টোৰ কিতাপখনৰ নাম কি ?

উত্তৰঃ হাছান মান্টোৰ কিতাপখনৰ নাম হ'ল- 'Why I write' ।

চমু প্ৰশ্ন ঃ

১। গল্প লিখাৰ বিশেষ কি কি গুণৰ প্ৰয়োজন?

উত্তৰঃ গল্প লিখাৰ বিশেষ গুণ কেইটা হ'ল- 

(ক) ভাষাৰ যাদুকৰী লালিত্য় ।

(খ) শব্দ জ্ঞান বা শব্দৰ যাদু ।

(গ) লিখাৰ কৌশল বা ৰীতি ।

(ঘ) গল্পৰ লিখাৰ নিৰ্দিষ্ট পৰিসীমা বা পৰিসৰ ।

(ঙ) অনুভৱৰ অন্বেষণ ।

২। গল্প লিখাৰ প্ৰয়োজনীয় উপাদান কি কি ? 

উত্তৰঃ গল্প লিখাৰ প্ৰয়োজনীয় উপাদান হ'ল- 

    (ক) চৰিত্ৰ                                                                     

   (খ) কাহিনী বা ঘটনা                                                                                                                                   

   (গ) পৰিৱেশ বা পটভূমি

   (ঘ) সংঘাত

   (ঙ) মূল বিষয়বস্তু                                                                 

৩। গল্প লিখাৰ এটা পৰামৰ্শ লিখা।

উত্তৰঃ গল্প লিখাৰ এটা পৰামৰ্শ হ'ল- (ক) সৃষ্টিশীল ভাল গল্প লেখকসকলে গল্প লেখোতে দুটা বা তিনিটাকৈ বেছি চৰিত্ৰৰ সমাবেশ নঘটায় । কাৰণ দায়িত্বশীল ভাল গল্পকাৰে চৰিত্ৰবোৰৰ প্ৰতি অযথা আবেগিক হৈ উঠা দেখা নাযায় ।

৪। গল্প লিকাৰ অনুশীলন চমুকৈ লিখা।

উত্তৰ ঃ সাহিত্য়ৰ প্ৰতি অনুৰাগী ব্য়ক্তিসকলৰ বিচাৰ-বিবেচনা ক্ষমতা গঢ় লৈ উঠাৰ পিছত সাহিত্য়ৰ মাজেৰে নিজস্ব মনৰ ধ্য়ান-ধাৰণা বা বক্তব্য় বিষয় প্ৰকাশ কৰাৰ মন যায় । সাহিত্য়ানুৰাগী সকলৰ পঠন আৰু চিন্তনৰ সময়ছোৱা কঠোৰ অনুশীলনৰ সময় । পঠন আৰু চিন্তনৰ সময়ছোৱাত শব্দ, বাক্য়ৰ গূঢ়াৰ্থ, প্ৰতীক, ব্য়ঞ্জনা, গদ্য়-ভাষা, কাব্য়-ভাষা আদি আয়ত্ব কৰাৰ সময় । কিন্ত বেছিভাগ সাহিত্য়িক বা গল্পকাৰৰ গল্প লেখাৰ শৈলী অনুকৰণীয় । অনুকৰণীয় গল্পলেখক হ'লে ই যে গল্পকাৰ হ'ব নোৱাৰিব তেনে কোনো কথা নাই ।তেনে গল্পকাৰ হয়তো উৎকৃষ্ট গল্প লেখকৰ শ্ৰেণীৰ পৰ্যায়ভূক্ত নহ'ব পাৰে । অনুকৰণশীল হয় কাৰণেই বহুতেই সৌৰভ কুমাৰ চলিহা, শীলভদ্ৰ, ভৱেন্দনাথ শইকীয়া, চৈয়দ আব্দুল মালিক, লক্ষীনন্দন বৰা, অৰূপ পটঙ্গীয়া কলিতা হ'ব নোৱাৰে । গল্পকাৰে স্বপৰিচিত নিভাঁজ অসমীয়া শব্দৰ প্ৰয়োগ, এখন ক্ষয়িষ্ণু সমাজৰ বিষাদভৰা ছবি, সুক্ষ্ম পৰ্যবেক্ষণৰ প্ৰকাশ, ব্য়ঞ্জনা, চিত্ৰকল্পৰ আদিৰে নিৰ্মাণ কৰি উলিওৱা গল্পলেখক বুদ্ধিমত্তাৰ পৰ্যায়ৰ মেধা তাত সন্দেহ নাই । 

      সৌৰভকুমাৰ চলিহাৰ বহুচৰ্চিত 'বীণা কুটিৰ' গল্পৰ প্ৰথম দফা এনে ধৰণৰ-

      "বিসদৃশ, ওখ ওখ নতুন কংক্ৰীতৰ অট্টালিকাবোৰৰ মাজত যেন চেপা খাই পুৰণি অসম-টাইপ এমহলীয়া ঘৰটো সংকুচিতভাৱে থিয় দি আছে সমস্ত দৰজা-খিড়িকী বন্ধ কৰি, বেখাপ্পা, বেমানান অট্টালিকাবোৰৰ দৰে ইপিনে-সিপিনে টেৰা-বেঁকা লোহাৰ দাণ্ডাবোৰৰ উলিয়াই দৃশ্য়পট বন্ধ কৰি চিড়ি-চেনিটাৰী পাইপ-কানিৰ্শ-বাৰাণ্ডাৰে ৰাস্তাৰ সীমা ঠেলি মৰিয়াই হৈ উলিয়াই আহিবলৈ তাৰ বুদ্ধি বোৱা নাই, নিৰ্বোধৰ দৰে সন্মুখত এখন ঘাঁহনিও ৰাখি থৈছে পুৰণি কাঠৰ গে'টখনৰ ভিতৰত।

ৰচনাধৰ্মী প্ৰশ্ন

১। গল্পৰ বীজ কেনেকৈ ৰোপন কৰা হয় বৰ্ণনা কৰা।

উত্তৰঃ গল্প এটাৰ মূল বা বীজ ৰোপণ সকলোৱে কৰিব নোৱাৰে । মন-মগজুত চিন্তাৰ খোৰাক বিচাৰি পোৱাসকলে গল্পৰ বীজ লাভ কৰিব পাৰে । চিন্তাৰ খাৰাকে গল্পৰ ৰূপত ধৰা দিয়ে । লেখক বা পাঠকসকলে দৈনন্দিন কৰ্মব্য়স্ত জীৱনৰ মাজতেই মন আৰু মগজুত অনেক গল্পৰ বীজ কঢ়িয়াই ফুৰে । মন-মগজুত ভাবি লোৱা কথাবোৰ শৃংখলিত তথা মাৰ্জিত ৰূপত লিপিবদ্ধ কৰিলে গল্পৰ বীজলৈ পৰিৱৰ্তিত হয় । গল্পৰ বীজ নিৰ্ণয় কৰিবৰ কাৰণে অকলশৰে ঘৰত কোঠালিৰ মাজতে আৱদ্ধ হৈ নাথাকিলে কোনো কথা নাই । প্ৰকৃতিজগতৰ বা সমাজ জীৱনৰ সৰু-বৰ কথা বা বিষয়বস্তুক আধাৰ হিচাপে লৈ তাক যথাৰ্থ পৰিসীমাৰ মাজত আৱদ্ধ কৰিলেই গল্পৰ বীজলৈ ৰূপান্তৰিত হয় । দৈনন্দিন জীৱনৰ সমগ্ৰ সময়ছোৱাত লেখকসকলে গল্পৰ বীজ কঢ়িয়াই ফুৰে । লেখকৰ মন আৰু মগজুত প্ৰায় সংগোপনে আৰু লেখক নজনাকৈ গল্পৰ সেই বীজটো বিকাশ হয় ।    

২। গল্প লিখাৰ দক্ষতাৰ সম্পৰ্কে লিখা?

উত্তৰঃ  গল্পৰ সৃজনীমূলক সাহিত্য়ৰ এটা প্ৰধান অংগ । গল্প, কবিতা, নাটক লেখকসকলৰ সৃষ্টিশীল প্ৰতিভাৰ স্বাক্ষৰ । সৃজনশীলতাৰ দক্ষতাৰ নাথাকিলে সাহিত্য়ৰ অংগ যেনে- গল্প, কবিতা, নাটক, আদি ৰচনা কৰিব নোৱাৰি । গল্প সৃষ্টাৰ সৃষ্টিয়ে মূল । ইংৰাজী 'story'শব্দৰ প্ৰতিশব্দ গল্প । সাহিত্য়ৰ সৃজনশীল অংগৰ ভিতৰত গল্পই প্ৰধান ভূমিকা গ্ৰহণ কৰিছে । সৃজনশীল বা সৃষ্টিশীল লেখকসকলে গল্পৰ মাজেদি মানৱ সমাজৰ ব্য়ক্তিগত জীৱনৰ একোটা খণ্ডাংশৰহে ৰূপ বা মাত্ৰ প্ৰদান কৰে । সেই কাৰণে গল্প সংহত আৰু ব্য়ঞ্জনাৰ অতৃপ্তিৰ প্ৰকাশ থাকে । গল্পই পাঠক সমাজক বা পঢুৱৈসকলক গল্প বীজৰ বিষয়ে বুজি ল'বলৈ অৱকাশ দিয়ে । গল্প হ'ল অৱসৰ বিনোদনৰ খোৰাক । গল্প কোৱা বা লেখকসকলে উদ্দেশ্য়বিহীন কথাবস্তু প্ৰয়োগ কৰি সময় অতিবাহিত কৰিলে পাঠক বা পাঢুৱৈসকল গল্পৰ বীজ বা কথাবস্তু মনোগ্ৰাহী অথবা গল্পৰ বিষয়বস্তুৱে হৃদয়গ্ৰাহী বিনোদন পুৰাব নোৱাৰে । গল্প লেখক বা গল্প কওঁতাই সদাই যে একোটা আৱেগিক মুহূৰ্ত, উত্তেজনাপূৰ্ণ, ৰোমাঞ্চধৰ্মী, বাস্তৱিক বিশেষ কিবা, গুৰুত্বপূৰ্ণ বিষয় বা প্ৰসংগৰ অৱতাৰণা কৰে তেনে নহয় ।    

৩। গল্পৰ নিৰ্মাণ কাৰ্য বিষয়ে লিখা।

উত্তৰঃ গল্পৰ নিৰ্মাণ কাৰ্য বিষয়ে হ'ল- সৃজনশীল গল্প লেখকসকলে গল্প কথাৰ বা গল্প নিৰ্মাণৰ পৰিকল্পনা লিখাৰ আগতে কৰি লয় । গল্প কেনেকৈ লিখিব, গল্পৰ পটভূমি কি হ'ব, বিষয়বস্তু কি হ'ব, ইয়াৰ আৰম্ভণি আৰু পৰিসমাপ্তি কেনেকৈ হ'ব ইত্য়াদি বিষয়বস্তুৰ বা কথা মন-মগজুত সুপৰিকল্পিত ৰূপত সজাই লয় আৰু তাৰ পাছত লেখন নিৰ্মাণ কাৰ্যত ৰূপ দিয়ে । গল্প লেখকে কেনেকৈ গল্প লিখে ই এটা তাৎপৰ্যপূৰ্ণ প্ৰশ্ন । এই আমোদজনক আৰু কৌতুহল উদ্ৰেককাৰী বহু লেখক আছে যে তেওঁলোকৰ নিজস্ব লেখনশৈলী বা নিৰ্মাণ প্ৰক্ৰিয়া সম্পৰ্কে অৱগত নহয় । এগৰাকী গল্পকাৰৰ বাবে আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে গল্পৰ আৰম্ভণি আৰু ইয়াৰ শৰীৰ বা জকা নিৰ্মাণ প্ৰক্ৰিয়া, গল্পৰ পৰিসমাপ্তি বৰ সহজ কথা নহয় । গল্ৰপ আৰম্ভণি, গল্পৰ শৰীৰ আৰু গল্পৰ পৰিসমাপ্তিৰ পৰিস্থিতিৰ বিষয়টো হৃদয়ঙ্গম কৰিবলৈ গল্প লেখকসকলে লিখাৰ আগতে চিন্তা-চৰ্চা প্ৰক্ৰিয়াত মনোনিবেশ অনুধাবন কৰিবলৈ চেষ্টা কৰিব লাগে । গল্পৰ নিৰ্মাণশৈলীৰ ক্ষেত্ৰত অতিশ্ৰয় মনোগ্ৰাহী কথা বিখ্য়াত গল্পকাৰ, উৰ্দু কথা-সাহিত্য়ৰ উজ্জ্বল নক্ষত্ৰ হাছন মান্টোৱে 'Why I Write' পুথিত লিখিছে "কেনেকৈ লিখোঁ সেই প্পশ্ন উত্তৰ দিবলৈ সহজভাৱে মই ইয়াকে ক'ব পাৰোঁ যে মই মোৰ বৈঠক-খানাৰ ছোফাখনত বহো, কাগজ কেইখিলামান গোটাওঁ, কলমৰ সাঁফৰটো খোলো আৰু লিখিবলৈ আৰম্ভ কৰোঁ । 

৪। গল্পৰ উপাদানবোৰ বৰ্নণা কৰা।

উত্তৰঃ (ক) চৰিত্ৰ ঃ গল্প ৰচনা বা নিৰ্মাণ প্ৰণালীৰ অন্য়তম উপাদান হ'ল চৰিত্ৰ । কাহিনী এটাক লৈ গল্প ৰূপায়িত কৰাৰ কাৰণে প্ৰয়োজনীয় চৰিত্ৰ সংযোজন কৰাৰ হয়, কেতিয়াবা কোনো এটা পৰিৱেশ আগতে কল্পনা কৰি কাহিনী আৰু চৰিত্ৰৰ জৰিয়তে তাক ফুটাই তোলা হয় । চৰিত্ৰ প্ৰধান গল্পত লেখকসকলে কাহিনীৰ প্ৰতি উদাহীনতা স্বাভাৱিকভাৱে অৱলম্বন কৰে । চৰিত্ৰ প্ৰধান গল্পবোৰৰ লেখক সন্নিবিষ্ট কৰা চৰিত্ৰবোৰেই প্ৰধান ভূমিকা লয় বা মুখ্য় কথা । উদাহৰণস্বৰূপে অসমীয়া সাহিত্য় লক্ষ্মীনাথ বেজবৰুৱাৰ ধোঁৱা-খোৱা, লক্ষ্মীধৰ শৰ্মাৰ 'ছিৰাজ' আদি গল্পত চৰিত্ৰই মুখ্য় ভূমিকা লৈছে । সৃজনশীল গল্প লেখকসকলে গল্পৰ ক্ষেত্ৰত চৰিত্ৰৰ ওপৰত বিশেষ গুৰুত্ব দিছে ।

(খ) কাহিনী ঃ সৃজনশীল গল্পৰ লেখকসকলে  গল্প এটা লিখাৰ আগতে সেই বিষয়টোৰ কাহিনী বা ঘটনাৰ পৰিকল্পনা নিৰ্ণয় কৰি লোৱা বাঞ্চনীয় । কাহিনীৰ পৰিকল্পনা বিহীন গল্পই পঢুৱৈ বা পাঠকসকলক আকৰ্ষণ কৰি ৰস বা আনন্দ প্ৰদান কৰিব নোৱাৰে । গল্পৰ কাহিনী ঠিক কৰি ল'ব নোৱাৰিলে তাত চৰিত্ৰ নিষ্ক্ৰীয় হৈ থাকিব । কাহিনী বা কথাবস্তু থাকিলেহে আগুৱাই লৈ যাব পাৰে । কাহিনী যিমানেই তীব্ৰতৰ আৰু তত্ত্বগধুৰ হ'ব সিমানেই গল্পই উৎকৃষ্ট স্থান লাভ কৰিব । এই কাহিনীৰ তীব্ৰতা আৰু তত্ত্বগধুৰতাক চৰিত্ৰই পাঠকৰ মাজলৈ নি পঠন প্ৰক্ৰিয়া উপযুক্ত কৰি দাঙি ধৰে ।

     গল্পৰ কাহিনী সহজ-সৰল আৰু পোনপটীয়া হোৱা উচিত । নতুন প্ৰজন্মৰ গল্পকাৰসকলে গল্পক নতুন ৰূপত সজাই তুলিছে । সেইকাৰণে বহুতেই ভাবে গল্পৰ ক্ষেত্ৰত কাহিনীৰ বিশেষ প্ৰয়োজন নাই ; এই কথাটো মানি ল'বলৈ কিমান যুক্তিসংগত সেয়া পাঠক বা পঢুৱৈসকলে বিটাৰ কৰিব ।

(গ) পৰিৱেশ আৰু পটভূমি ঃ পৰিৱেশ প্ৰধান গল্পবোৰ সাধাৰণতে কোনো অৱস্থা এটাৰ ওপৰত নিৰ্ভৰ কৰে । এনে গল্পত লেখকসকলে কোনো এটা অৱস্থাৰ অৰ্থাৎ পৰিৱেশ বা পটভূমি আধাৰ হিচাপে লৈ গল্প লিখে । ইয়াত কাহিনী বা চৰিত্ৰ কোনো এটাও মুখ্য়স্থান লাভ নকৰে । 

       গল্পৰ চৰিত্ৰৰ আচাৰ-ব্য়ৱহাৰ, ৰীতি-নীতি, জীৱন-ধাৰণ প্ৰণালী, কাহিনী আদিৰ অৱস্থা পৰিৱেশৰ নিয়ন্ত্ৰনাধীন । কেতিয়াবা গল্পৰ চৰিত্ৰবোৰক বিভিন্ন পৰিৱেশৰ অৱস্থাৰ মাজত পেলাই দি চাৰিত্ৰ্য়িক দিশটোৰ আলোচনা কৰা হয় । উদাহৰণস্বৰূপে শৰৎ চন্দ্ৰ গোস্বামীৰ 'ৰক্তবীজ' । গোস্বামীয়ে গ্ৰাম্য় জীৱনৰ আধাৰত সমসাময়িক অন্ধকাৰ যুগৰ বঞ্চিত জীৱনৰ গভীৰ ছবি প্ৰকাশ কৰিছে । এই গল্পটোত গাৱলীয়া মানুহৰ জেদী মনোভাৱ, সংঘৰ্ষ, মোৰ্কদমা আদিৰ অবিস্মৰণীয় প্ৰতিছবি দাঙি ধৰিছে । ৰাধিকামোহন গোস্বামীৰ 'ষ্টেট্ ট্ৰেস্নপ'ট' গল্পত দৰিদ্ৰ জীৱনৰ মৰ্মবেদনাৰ প্ৰতিছবি প্ৰকাশ পাইছে । ত্ৰৈলোক্য় নাথ গোস্বামীৰ 'পতিত আৰু পতিতা' গল্পত সমাজৰ পৰিৱেশজনিত ঘটনা প্ৰকাশ পাইছে । 

(ঘ) সংঘাত বা দ্বন্দ্ব ঃ সৃজনশীল গল্প লেখকসকলৰ গল্পসমূহত প্ৰায়ে সংঘাত বা দ্বন্দ্ব প্ৰকাশ পোৱা দেখা যায় । গল্পৰ কাহিনী অথবা চৰিত্ৰৰ মাজত হোৱা দ্বন্দ্বই গল্পক বেছি গভীৰ আৰু মনস্তাত্ত্বিক পৰ্যায়লৈ লৈ যায় । গল্পৰ কাহিনী গৈ গৈ এটা নিৰ্দ্দিষ্ট সীমালৈ যায়, সেই কাহিনী শীৰ্ষবিন্দুলৈ লৈ যায় । লেখকসকলৰ সৃষ্টিশীল কিছুমান চৰিত্ৰই । গল্পৰ সংঘাত কেতিয়াবা চৰিত্ৰৰ লগত চৰিত্ৰৰ, কেতিয়াবা আদৰ্শৰ লগত বিবেকৰ, কেতিয়াবা মনৰ লগত আদৰ্শৰ । সমাজৰ চিৰাচৰিত নীতি-নিয়মৰ লগত ব্য়ক্তি কেন্দ্ৰিক সংঘাত, সমাজত গঢ় লৈ উঠা পৰিবেশৰ লগত প্ৰেমজনিত সংঘাত ইত্য়াদিয়ে গল্পৰ শীৰ্ষবিন্দু স্পৰ্শ কৰে । কিন্তু গল্প লেখকসকলৰ গল্পত স্বাভাৱিক আৰু যুক্তিযুক্ততাহীন হ'ব নালাগিব ।

(ঙ) মূল বিষয়বস্তু ঃ গল্প লিখাৰ অন্য়তম এটা উপাদান হ'ল বিষয়বস্তু । গল্প লেখকসকলে যি বিষয়ৰ ওপৰত লিখিব সেই বিষয়বস্তুটো লিখাৰ আগতে বিষয়টোৰ ওপৰত ধাৰণা কৰি ল'ব লাগিব । ধাৰণাযুক্ত বিষয়ৰ ওপৰতহে  গল্পৰ বৰ্ণনা নিৰ্ভৰ কৰিব । মূলবিষয়ৰ অভিজ্ঞতা অবিহনে গল্পৰ কাহিনীৰ বিৱৰণ বিস্তৃত নহ'ব । গল্প এটাৰ মূল উদ্দেশ্য় কি বা মূল উপজীব্য় বিষয় কি সেইবোৰৰ ওপৰত নিৰ্ভৰ কৰি গল্পৰ আন আন বিষয় আগবাঢ়িব । গল্প লিখাৰ মূল বিষয়ঠটোৰ ধাৰণা স্পষ্ট নহ'লে, তেনে গল্প পঠন সমাজৰ বাবে আকৰ্ষণীয় হৈ নুঠে । নতুন লেখকসকলৰ সন্মুখত গল্পৰ প্ৰেৰণা আৰু আৰ্হিৰ নতুন ৰূপ ফুটি উঠে । গল্প এটা সৃষ্টিৰ কোনো এটা পৰ্ষায়ত তথ্য় আৰু বিষয়টোৰ সত্য় অন্বেষণৰ স্পৃহাই সাৱধান লেখকসকলক লৈ ষায় মন মগজুত সঞ্চিত তথ্য়জগতৰ পৰা অচিনাকি জ্ঞানৰ গভীৰ স্তৰলৈ । কোনো গল্পলেখকে যদি গল্পৰ পটভূমি কাল্পনিক আৰু কাল্পনিক সময়ৰ পৰিৱৰ্তে চৰিত্ৰবোৰক বিচৰণ কৰায়, তেতিয়া বাস্তৱৰ এখন ঠাই ইতিহাসৰ স্পষ্ট নিৰ্দ্দেশত বিভ্ৰান্তি হোৱাৰ সম্ভাৱনা থাকে ।  

৫। গল্পৰ লিখাৰ  প্ৰক্ৰিয়া কি ধৰণৰ লিখা।

উত্তৰঃ গল্প লিখিবলৈ মন মেলা অনেক লেখক ভাল গল্প লেখক হ'ব নোৱাৰে । ভাল গল্প লেখক হ'বলৈ নিজকে নিজৰ ভিতৰত অনুসন্ধান কৰি গল্প কথকজনক বিচাৰি উলিয়াব লাগিব । গল্পৰ পঠন, লিখন আৰু কথনৰ অভিজ্ঞতা এগৰাকী গল্পকাৰৰ থাকিব লাগিব, নহ'লে গল্পৰ পৰা আঁতৰি থকাই বাঞ্চনীয় । গল্প কিদৰে লিখা হয় বা লিখিব লাগে গল্পকাৰ হিচাপে লিখিবলৈ শিকিব পাৰে; কিন্তু গল্পকাৰে গল্প লেখা শিকাব নোৱাৰে ।

        গল্প লিখাৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত ভাল বা শ্ৰেষ্ঠ বা সৃষ্টিশীল লেখকসকলে গল্পৰ মূল বিষয়বস্তু বা খচৰা প্ৰস্তুতকৰি লয় । গল্প লিখাৰ ই এটা বিৰাট পৰিক্ৰমা । গল্প লেখক হব'লৈ হ'লে গল্প লিখাৰ মন নগ'লেও লিখিব লাগিব । গল্পকাৰ হ'ব খুজিলে গল্প লিখা বন্ধ হ'ব নালাগিব । লেখকৰ ক্ষেত্ৰত সময়ৰ কোনো কথা থাকিব নোৱাৰে । বহুত লেখকৰ হাতত সৰহ সময় থাকিলেও তেওঁলোক গল্প লেখক হ'ব নোৱাৰা হয় । গল্পৰ লিখনি সুন্দৰ আৰু শ্ৰেষ্ঠ নিৰ্মাণ নহ'বও পাৰে । চিন্তাশীল বা সৃষ্টিশীল লেখকসকলক সময়ৰ অভাৱ হ'লেও সীমিত সময় উলিয়াই তত্ত্বগধুৰ বা উৎকৃষ্ট গল্প লিখিব পাৰে । 

৬। গল্প লিখাৰ অনুশীলন কি ধৰণে কৰা হয় লিখা।

উত্তৰঃ সাহিত্য়ৰ প্ৰতি অনুৰাগী ব্য়ক্তিসকলৰ বিচাৰ-বিবেচনা ক্ষমতা গঢ় লৈ উঠাৰ পিছত সাহিত্য়ৰ মাজেৰে নিজস্ব মনৰ ধ্য়ান-ধাৰণা বা বক্তব্য় বিষয় প্ৰকাশ কৰাৰ মন যায় । সাহিত্য়নুৰাগী সকলৰ পঠন আৰু চিন্তনৰ সময়ছোৱা কঠোৰ অনুশীলনৰ সময় । পঠন আৰু চিন্তনৰ সময়ছোৱাত শব্দ, বাক্য়ৰ গূঢ়াৰ্থ, প্ৰতীক, ব্য়ঞ্জনা, গদ্য়-ভাষা, কাব্য়-ভাষা আদি আয়ত্ব কৰাৰ সময় । কিন্তু বেছিভাগ সাহিত্য়িক বা গল্পকাৰৰ গল্প লেখাৰ শৈলী অনুকৰণীয় । অনুকৰণীয় গল্পলেখক হ'লে ই যে গল্পকাৰ হ'ব নোৱাৰিব তেনে কোনো কথা নাই । তেনে গল্পকাৰ হয়তো উৎকৃষ্ট গল্প লেখকৰ শ্ৰেণীৰ পৰ্যায়ভূক্ত নহ'ব পাৰে । অনুকৰণশীল হয় কাৰণেই বহুতেই সৌৰভ কুমাৰ চলিহা, শীলভদ্ৰ, ভবেন্দনাথ শইকীয়া, চৈয়দ আব্দুল মালিক, লক্ষীনন্দন বৰা অৰূপ পটঙ্গীয়া হ'ব নোৱাৰে । সাধাৰণ পাঠ্য়ক্ৰমৰ অন্তৰ্ভূক্ত হোৱা এটি গল্পৰ আৰম্ভণি দফাটো তুলি ধৰা হৈছে -

       "দেওপাহাৰৰ থিয় গৰাত বগাই থাকোতে তলৰ পৃথিৱীখনে টানি থাকে । দুখোজ দিয়ে ৰৈ যাব লাগে । আঁচলত ধৰি যেন কোনোবাই টানি আছে । বতাহত ফিচফিচাই উঠে কাৰোবাৰ অশৰীৰী মাতঃ 'নাযাবি...... সেইপিনে নাযাবি.... নামি আহ....... নামি আহ ।' হাতী আৰু চৰাইৰ মাত, বান্দৰৰ তীক্ষ্ম চিঞৰৰ লগত মিহলি হৈ যায় এখন সেউজীয়া সমুদ্ৰ, উঠিছে-নামিছে ।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)









Type By- Jatin Nath

Answer Type- Pallabi konwar








Post ID: DABP005556