উৎস আৰু লিখনী বিদ্যা 

প্ৰথম অধ্যায়

অতি চমু প্ৰশ্ন ঃ

১। মোগলসকলৰ চৰকাৰী ভাষাটোৰ নাম কি আছিল ?

উত্তৰঃ  মোগলসকলৰ চৰকাৰী ভাষা হল পাৰ্চী ভাষা ।


২।বাবৰৰ ৰাজসভাৰ এজন বিখ্যাত কবিৰ নাম লিখা ?

উত্তৰঃ বাবাৰৰ ৰাজসভাৰ এজন বিখ্যাত কবিৰ নাম হল মৌলানা আবদুৰ ৰহমান জামি ।


৩। বাবৰৰ সময়ৰ কেইজনমান বিখ্যাত কবিৰ নাম  লিখা ।

উত্তৰঃ  বাবৰৰ সময়ৰ কেইজনমান বিখ্যাত কবি কেইজন হল চেখ জৈনুদ্দিন,মুল্লা চিহাব আৰু গুলবদন বেগম ।


৪। গুলবদন বেগম কোন আছিল ।

উত্তৰঃ গুলবদন বেগম হল বাবৰৰ কন্যা, আৰু  এগৰাকী মহান পণ্ডিত ।


৫। দুজন হিন্দী পাৰ্চী ভাষাৰ কবিৰ নাম লিখা ।

উত্তৰঃ  দুজন হিন্দী পাৰ্চী ভাষাৰ কবিৰ নাম হল 

ক) চেইখ আবদুল ৱাহিদ বিলগ্ৰামি ।

খ) চেখ গদাই ।


৬। জাৱাহিৰ-নামা- ই- হুমায়নি কোনে ৰচনা কৰিছিল ।

উত্তৰঃ  জাৱাহিৰ-নামা-ই -হুমায়নি মহম্মদ-ইবন-ই- আশ্ৰফ আল হুচেইনিয়ে ৰচনা কৰিছিল।


৭। বাবৰৰ দিনত ৰচনা কৰা এখন ইতিহাসৰ নাম লিখা ।

উত্তৰঃ বাবৰৰ দিনত ৰচনা কৰা এখন ইতিহাসৰ নাম হল নফাইজ -উল-মাচিৰ ।


৮। হুমায়নৰ ৰাজসভাৰ এজন বিখ্যাত পণ্ডিতৰ নাম লিখা ।

উত্তৰঃ  হুমায়নৰ ৰাজসভাৰ এজন বিখ্যাত পণ্ডিতৰ নাম হল ইউচুফ-বিন-ই মহম্মদ হিৰৱাল।


৯। জৌহৰে লিখা গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ  জৌহৰে লিখা গ্ৰন্থখনৰ নাম হল তাককিৰাট-উল-ৱাকিয়াট ।


১০। খাৱজা-হুচেইন মাৰবিয়ে হিন্দী ভাষাত ৰচনা কৰা বিখ্যাত দ্ৰন্থখনৰ নাম কি ?

উত্তৰঃ  সিংহাসন বত্ৰিশী ।


১১।আকবৰৰ সময়ৰ কেইখনমান বিখ্যাত গ্ৰন্থৰ নাম লিখা ।

উত্তৰঃ  মুল্লা দাউদৰ -- তাৰিখ-ই- আলফল ।

              আবুল ফজলৰ - আইন-ই-আকবৰী ।


১২। আবদুল-কাদিৰ-বাদাউনীয়ে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ  তাৰিখ-ই-বাদাউনি ।


১৩ । আকবৰৰ ৰাজত্বকালৰ এখন বুৰঞ্জীৰ নাম লিখা ।

উত্তৰঃ  আকবৰৰ ৰাজত্বকালৰ এখন বুৰঞ্জী হল তাবাকাট-ই-আকবৰী ।


১৪। আবুল ফজলৰ ভাতৃৰ নাম কি আছিল ।

উত্তৰঃ  আবুল ফজলৰ ভাতৃৰ নাম হল আবুল ফৈজী ।


১৫। খন্দামিৰে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ  হবিব-উজ-চিয়াৰ ।


 চমু প্ৰশ্ন 

১। তাৰিখ-ই-ৰচিদী  ৰচনা কৰা লোকজনৰ নাম কি ।

উত্তৰঃ  মিৰ্জা মহম্মদ হাইদৰ ।


২। আব্বাছ-খান-শ্বেৰবানিয়ে ৰচনা কৰা গ্ৰন্থখনৰ নাম লিখা ।

উত্তৰঃ  তাৰিখ-ই-শ্বেৰচাহী ।


৩। পাৰ্চী ভাষাৰ এখন গ্ৰন্থৰ নাম লিখা ।

উত্তৰঃ  পাৰ্চী ভাষাৰ এখন গ্ৰন্থৰ নাম হল ৱাকিয়াত-ই-মুষ্টাকি ।


৪। আবুল ফজলৰ দুখন গ্ৰন্থৰ নাম লিখা ।

উত্তৰঃ  আবুল ফজলৰ দুখন গ্ৰন্থৰ নাম হল

ক) ৰুকাই-ই-আবুল ফজল ।

খ) ইনচা-ই-আবুল ফজল ।


৫। নিজামুদ্দিন আহমেদে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ নিজামুদ্দিন আহমেদে ৰচনা কৰা গ্ৰন্থখনৰ নাম হল তাবাকাট-ই-আকবৰী ।


৬। আকবৰৰ ৰাজসভাৰ মহান পণ্ডিত কেইজনমানৰ নাম লিখা ।

উত্তৰঃ  আকবৰৰ ৰাজসভাৰ মহান পণ্ডিতসকল হল 

আবুল ফজল, আবদুল কাদিৰ বাদাউনি, চুলতান হাজী, মুল্লা চিৰি ।


৭। মহাভাৰতৰ পাৰ্চীয়ান নাম কি ।

উত্তৰঃ  মহাভাৰতৰ পাৰ্চীয়ান নাম হল ৰেজমনামা ।


 চমুটোকা লিখা ।

১। তুজুক-ই-বাবৰি 

উত্তৰঃ  মোগল সম্ৰাট বাবৰে তেওঁৰ আত্মজীৱনী তুজুক-ই-বাবৰী বা বাবৰনামা গ্ৰন্থখন ৰচনা কৰিছিল । তুজুক--ই-বাবৰিত বাবৰৰ ৰাজত্বকালৰ ইতিহাস জনাৰ বাবে অতি গুৰুত্বপূৰ্ণ সমল । বাবৰৰ সময়ৰ কেইজনমান বিখ্যাত সাহিত্যিক হল চেখ জৈনুদ্দিন, মোল্লা চিহাব আৰু খান্দামীৰ । বাবৰৰ কন্যা গুলবদন বেগম এগৰাকী বিখ্যাত পণ্ডিত আছিল ।আকবৰৰ অনুৰোধ ৰক্ষা কৰি গুলবদন বেগমে হুমায়ুন নামা গ্ৰন্থখন ৰচনা কৰিছিল । টাইমুৰৰ নাতিয়েক জাহিৰুদ্দিন বাবৰে ৰচনা কৰা তুজুক-ই-বাবৰী জীৱনী গ্ৰন্থখন ভাৰততে নহয় ইছলাম সাহিত্যৰ এখন জীৱন চৰিত্ৰ । ১৫০১ চনত উজবেক চৈবানীসকলৰ দ্বাৰা বিতাৰিত হোৱাৰ পিছত বাবৰে প্ৰথম কাবুলত আৰু তাৰ পিছত উত্তৰ ভাৰতত আশ্ৰয় লৈছিল । মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা বাবৰৰ চুজুক-ই-বাবৰী মোগল ৰাজসভাৰ সাহিত্যৰ ভাষা পাৰ্চীলৈ অনুবাদ কৰা হৈছিল ।মোগল সভাসদ আবদুল ৰহিমে আকবৰনামা পাৰ্চীলৈ অনুবাদ কৰিছিল । 


২। আকবৰ নামা 

উত্তৰঃ মোগল যুগৰ এজন বিখ্যাত ঐতিহাসিক লিখক আছিল আবুল ফজল । আবুল ফজলৰ পিতৃ এজন প্ৰসিদ্ধ পণ্ডিত আৰু চুফী আছিল । আবুল ফজল নিজেও এগৰাকী মহান পণ্ডিত আৰু লিখক আছিল । ৰাজ্যৰ এজন ৰাজভক্তি পৰায়ণ সেৱক আৰু কঠোৰ ঔদ্যোগী হোৱা বাবে তেওঁ আকবৰৰ বিশ্বাসী হৈ পৰিছিল । আকবৰে তেওঁৰ ৰাজত্বকালৰ ইতিহাস ৰচনা কৰিবলৈ যাওতে দিয়া পৰামৰ্শক কেন্দ্ৰ কৰি আবুল ফজলে দুখন গ্ৰন্থ ৰচনা কৰিছিল । সেই গ্ৰন্থকেইখন হল আকবৰ নামা আৰু আইন-ই-আকবৰী । আকবৰৰ ৰাজত্বকালৰ ইতিহাসৰ সমল যোগান ধৰা আন সাহিত্যবোৰ হল মৌলানা আহমেদৰ ৰচিত তাৰিখ- ই-আলফি আৰু মোহচিন ফানিয়ে ৰচনা কৰা দাৱিস্তান-ই-মজাহিদ । আকবৰ নামাৰ প্ৰথম খণ্ডটোৱে আকবৰৰ জন্মৰ বিষয়ে বৰ্ণঁনা দিয়ে । ইয়াৰোপৰি তাত আছে টাইমুৰৰ পৰিয়ালৰ ইতিহাস , বাবৰ,হুমায়ুন, আৰু চেৰছাহলৈ সকলো দিল্লীৰ চুলতানৰ ৰাজত্বকালৰ বৰ্ণনা । আকবৰ নামাৰ তৃতীয় খণ্ডটো হল আইন-ই-আকবৰী । আইন-ই-আকবৰীত সাম্ৰাজ্যৰ প্ৰশাসনিক পদ্ধতিৰ বিৱৰণ দিয়া হৈছে । আইন-ই-আকবৰীয়ে আকবৰৰ গৃহৰ আভ্যন্তৰীণ বৰ্ণনা, সৈন্যবাহিনী, ৰাজহ আৰু সাম্ৰাজ্যৰ ভৌগলিক অৱস্থাৰ বৰ্ণনা দিয়ে । ইয়াত ভাৰতত বাস কৰা লোকৰ পৰম্পৰাগত আৰু সাংস্কৃতিক অৱস্থাৰ বিস্তৃ বৰ্ণনা পোৱা যায় । আইন-ই আকবৰীত ছয়টা গুৰুত্বপূৰ্ণ হিন্দু দাৰ্শনিক শাখাৰ ধৰ্ম বিশ্বাসৰ বিষয়ে বৰ্ণনা কৰিছে ।


৩। হুমায়ুনৰ তিনিখন জীৱনী 

উত্তৰঃ  মোগল সম্ৰাট হুমায়নৰ জীৱনীৰ ওপৰত তিনিখন জীৱনী গ্ৰন্থ লিখা হৈছিল আৰু সেই গ্ৰন্থবোৰ হল গুলবদন বেগমৰ হুমায়ন নামা, জহৰ আফচাবাচীৰ তাচকিৰাত -ই-ৱাকিৱাতআৰু তাৰিখ-ই-হুমায়ন । হুমায়ন নামা গ্ৰন্থখন বাবৰৰ কন্যা গুলবদন বেগমে ৰচনা কৰিছিল । গুলবদন বেগমে আকবৰৰ ৰাজত্বকালত বা আকবৰৰ ৰাজসিংহাসনত উঠাৰ পিছতে হুমায়ুন নামা পাৰ্চী ভাষাত ৰচনা কৰিছিল । তেওঁ ১৮৫০ ৰ পৰা ১৫৯০ চনৰ ভিতৰত আকবৰৰ পৰামৰ্শত হুমায়ুন নামা গ্ৰন্থখন সম্পূৰ্ণ কৰিছিল । হুমায়ুন নামা গ্ৰন্থখনত বাবৰৰ চৰিত্ৰ, আৰু ব্যক্তিত্বৰ বিৱৰণ দিছে । আত্মীয়ৰ প্ৰতি বাবৰৰ আচৰণ, তেওঁৰ ৰাজত্বকালৰ ইতিহাস, গুৰুত্বপূৰ্ণ ঘটনা আদিৰ বিষয়ে হুমায়ুন নামা গ্ৰন্থখনত বিৱৰণ দিয়া হৈছে।হুমায়ুন নামা গ্ৰন্থখন দুটা ভাগত বাগ কৰিব পাৰি এটা হৈছে প্ৰথম ভাগ আৰু আনটো হল দ্বিতীয় ভাগ । প্ৰথম ভাগত বাবৰৰ জীৱনৰ ইতিহাস াৰু দ্বিতীয় ভাগত হুমায়ুনৰ শাসনকালৰ বিষয়ে বৰ্ণনা কৰা হৈছে । 


৪।বৈদেশীক সাহিত্য

উত্তৰঃ  সপ্তদশ শতিকাত বহুতো ইউৰোপীয়ান ভ্ৰমণকাৰী বাৰতবৰ্ষলৈ আহিছিল । ভ্ৰমণকাৰীসকলৰ ভিতৰত আছিল সদাগৰ ৰজাৰ ৰাজদুত, আৰু ধৰ্মযাজকসকল । তেওঁলোকে বিভিন্ন পথেৰে বিভিন্ন উদ্দেশ্যে হাতত লৈ ভাৰতলৈ আহিছিল । তেোঁলোকৰ কিছুমান ব্যক্তিৰ উদ্দেশ্য আছিল জীৱিকাৰ সন্ধান কৰা, । আন কিছুমানৰ ভাৰতলৈ অহাৰ মূল উদ্দেশ্যে হল ধৰ্ম প্ৰচাৰ কৰা, বা বেহা-বেপাৰ কৰা । তেওঁলোকে ভাৰত ভ্ৰমণ কৰি ভাৰতত প্ৰত্যক্ষ কৰা, শুনা আৰু আৰু সমসাময়িক ঘটনাবোৰৰ ওপৰত একোটা মূল্যায়ন টোকা লিখি থৈ গৈছে । ইংৰাজৰ এজন ভ্ৰমণকাৰী ৰালফ ফিটছে ভাৰতবৰ্ষত আকবৰৰ ৰাজত্বকালৰ শেষৰ বছৰত ভ্ৰমণ কৰিছিল । তেওঁৰ এই ভ্ৰমণকালত সকলো পথতে যেনে দিউৰ পৰা আগ্ৰালৈ, আগ্ৰাৰ পৰা বংগ আৰু পেগুলৈ তাৰ পিছত দক্ষিণ ভাৰত আৰু ছাইলনলৈ প্ৰচুৰ পৰিমাণে প্ৰয়োজনীয় সকলো প্ৰকাৰৰ খাদ্য, কপাহী কাপোৰ, আৰু আন আবশ্যকীয় সামগ্ৰী পাইছিল । ছাহজাহানৰ ৰাজত্বকালত ব্ৰুটন আৰু কাৰ্টৰাইট নামৰ দুজন ইংৰাজ সদাগৰে বংগ আৰু উৰিষ্যা ভ্ৰমণ কৰিবলৈ আহিছিল । ফৰাচী ভ্ৰমণকাৰী টেভাৰনিয়াৰে ১৬৪০ খ্ৰীঃত ভাৰতলৈ আহিছিল । তেওঁ আছিল এজন মণি-মুকুতাৰ বেপাৰী । তেওঁৰ অতি প্ৰিয় ব্যক্তি এজন আছিল বাৰ্ণিয়াৰ । বাৰ্ণিয়াৰ পেছাত       এজন চিকিৎসক আছিল ।  বাৰ্ণিয়াৰে টেভানিয়াৰ সমানে বহুত দিন ভাৰতত কটাইছিল আৰু তেওঁ ভাৰতৰ বিষয়ে এটি বিশাল আৰু বিস্তৃ মূল্যবান টোকা লিখি থৈ গৈছিল । টেভাৰনিয়াৰ আৰু বাৰ্ণিয়াৰ এই দুজন লোক আহিছিল ঔৰংজেৱৰ ৰাজত্বকালৰ সময়ত । তাৰোপৰি বহুতো ভ্ৰমণকাৰী বা বিদেশী লোক ভাৰতলৈ আহি ভাৰতৰ বিষয়ে বিভিন্ন গ্ৰন্থ লিখি থৈ গৈছিল । কিন্তু ভাৰত ভ্ৰমণ কৰা ভ্ৰমণকাৰীসকলৰ ভিতৰত আলবেৰুণী উল্লেখযোগ্য । আলবেৰুণীৰ দৰে বিশেষ গুণ ইউৰোপীয়ান ভ্ৰমণকাৰীসকলৰ মাজত নাছিল ।তেওঁলোক আলবেৰুণীৰ দৰে পৰিশ্ৰমী, জ্ঞানী আৰু তীক্ষ্ন বুদ্ধিৰ লোক নাছিল । তেওঁলোক বৰ সাহসী আছিল সেইবাবে তেওঁলোকে শাসকগোষ্ঠীক ভয় নকৰাকৈ ৰাজকীয় ভাল-বেয়া সকলো ঘটনা মুকলিভাৱে প্ৰকাশ কৰিব পাৰিছিল । 


 ৰচনাধৰ্মী প্ৰশ্নোত্তৰ 

১। খোদিত লিপি আৰু মুদ্ৰাৰ বিষয়ে বহলাই লিখা ।

উত্তৰঃ  মধ্যযুগৰ বিশেষকৈ মোগল যুগৰ উদ্ধত তথ্যবোৰে মোগল ভাৰতৰ বিশাল ইতিহাস সন্নিবিষ্ট কৰি ৰাখিছে । সেইবোৰৰ সহায়ত মোগল যুগৰ সময়ৰ ইতিহাস নিৰ্মাণ কৰিব পাৰি । ভাৰতৰ প্ৰত্নতাত্ত্বিক অনুসন্ধান বিভাগৰ উদ্ধত তথ্যৰ শাখাৰ পাৰ্চো-আৰৱীক শাখাৰ দ্বাৰা ভাৰতীয় অঞ্চলবোৰত প্ৰণালীবদ্ধ অনুসন্ধান আৰু অধ্যয়নে ইতিহাসৰ বহু তথ্য পোহৰলৈ আনিছে । কিছুমান স্থানীয় পণ্ডিতে নগৰৰ ইতিহাস আৰু লিপিৰ ওপৰত উৰ্দু আৰু পাৰ্চীত বহু তথ্য প্ৰকাশ কৰিছে । এই লিপিবোৰে ধৰ্ম গৃহ যেনে- মছজিদ আৰু মৈদাম নিৰ্মাণ, সামৰিক দিশৰ নিৰ্মাণ, দুৰ্গ, নগৰ-বেৰ, গেট, বুৰুজ উমৈহতীয়া অট্টালিকা যেনে- ৰাজপ্ৰসাদ, অট্টালিকা, আমোদ-প্ৰমোদ মঞ্চ আৰু ভৰাল গৃহ । ৰাজহুৱা নিৰ্মাণ যেনে পুখুৰী, জলাধাৰ, নদ, নদীবান্ধ, মথাউৰি স্কুল আদি নিৰ্মাণৰ তথ্য দিব পাৰে । উক্ত তথ্যবোৰে ৰাজ্যখনৰ প্ৰশাসনিক আদেশ বা ৰজাআজ্ঞা , কৰ আৰোপ কৰা,বা হ্ৰাস কৰা আদি তথ্যও সন্নিবিষ্ট কৰে । এই তথ্যবোৰৰ এটা বিশেষ বৈশিষ্ট্য হল পাৰ্চী ভাষাৰ ব্যৱহাৰ । দক্ষিণ-পশ্চিম উপকুল কেৰেলা ৰাজ্যৰ বাবে পাৰ্চী বিদেশী ভাষা আছিল । তামিলনাডু, কৰ্ণাটকত পাৰ্চী ভাষাত লিপি খোদিত কৰা হৈছিল । বেছিবাগ পাৰ্চো-আৰৱীক লিপি প্ৰকৃতিগতভাৱে ধৰ্মীয় । মছজিদ লিপিতকৈ কবৰ লিপিহে বেছিকৈ দেখিবলৈ পোৱা যায় । ছন্দ বিষয়ক খোদিত লিখনিও বহু পৰিমাণে পোৱা যায় । দাতি কাষৰীয়া অঞ্চলৰ সৰু নগৰ বা গাঁৱত পোৱাৰ উপৰিও তাত অসংখ্য কাব্যৰ লিপিও পোৱা গৈছে । পোন্ধৰ শতিকাৰ বাহমণিৰ লিপি বাহমণিৰ চুলতান আৰু পাৰ্চীয়াৰ মাজৰ বৈবাহিক সম্পৰ্ক আছিল । ১৬-১৭ শতিকাৰ বিজাপুৰ আৰু গোলকোণ্ডা হায়দৰাবাদৰ শাসক আছিল ছাহী আৰু কুতুবচাহীৰ পাৰ্চীয়াৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছিল । এনে ধৰণে সৰু ৰাজ্যবোৰৰ উচ্চ মানদণ্ডৰ গুণগত পাৰ্থক্য দেখা বা বৰ্ণনা পোৱা যায় ।  মোগল বেংগলত পাৰ্চীয়ান খোদিত লিপিৰ অভাৱে ছন্দ বিষয়ক লিপিৰ অভাৱৰ বিষয়ে প্ৰকাশ কৰে । ছিকন্দৰ শ্বাহৰ পাৰ্চীয়ান লিপি আল্লাউদ্দিন হুছেইন শ্বাহৰ লিপিত তথ্য আৰু প্ৰায় আধা ডজন ছেৰচাহৰ লিপি গদ্য আৰু পদ্যত লিপিবদ্ধ হৈছে । আকবৰৰ খোদিত লিপি আৰবীকত লিখাৰ উপৰিও মোগলৰ খোদিত লিপিবোৰ পাৰ্চী ভাষাত সুন্দৰ পদ্যত ৰচনা কৰা হৈছিল । মোগল যুগৰ লিপিবোৰ পদ্যত ৰচিত । দাক্ষিণাত্যৰ দৰে কেম্বেৰ সৰু ৰাজ্যবোৰৰ লিপিয়ে ৰাজকীয় পৰিয়ালৰ সদস্য আৰু অন্যান্য লোকৰ তথ্য কবিসকলে দাঙি ধৰিছে । ভাৰত উপমহাদেশৰ উত্তৰ আৰু পশ্চিম অংশত থকা বহুতো লিপি ৰাজ্যৰ বিভাজনৰ ফলত অদৃশ্য হৈ পৰিছে । বিখ্যাত কবি কটেব-অল- মুলক-দাৱৰি আৰু মীৰ মহম্মদ মাছুম নামি বক্কাৰীয়ে স্তম্ভ, কবৰ, স্থাপত্য, মছজিদৰ বেৰ, মন্দিৰৰ বেৰত খোদিত লিপি অকাৰ প্ৰমাণ পোৱা গৈছে । মোগলৰ ৰজাসকলৰ যুগৰ আন লিপিবোৰ কবি চেখ-আলি হাজিন, মিৰ গোলাম আলি, আজাদ বেল গ্ৰাম, মীৰ্জা  আচাদ আল্লাহ, শেষ মোগল সম্ৰাট বাহাদুৰ চাহে ৰচনা কৰিছিল । চাৰিটা মছজিদ লিপি মহম্মদ ছৰিফৰ দ্বাৰা উচ্চ কাব্যিক মানত লিখা হৈছিল । 


২।  মুদ্ৰাৰ বিষয়ে চমুকৈ আলোচনা কৰা ।

উত্তৰঃ  মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা বাবৰে ভাৰতত এখন অৰ্থনৈতিকভাৱে দুৰ্বল ৰাজ্য গঢ়ি তুলিছিল । পিছলৈ ভাৰত এখন শক্তিশালী ৰাজ্যলৈ হৈছিল । অতি কম সময়ৰ ভিতৰতে ভাৰত এখন শক্তিশালী আৰু অৰ্থনৈতিকভাৱে সবল এখন দেশত পৰিণত হৈ গৈছিল । মোগল যুগৰ স্থাপত্য, বিলাসী বস্ত্ৰ, সামগ্ৰী, চিত্ৰকলা, আৰু হাতে লিখা পুথিয়ে মোগল সাম্ৰাজ্যৰ অৰ্থনৈতিক সমৃদ্ধিৰ সন্ধান দিয়ে । তেওঁলোকৰ এটা গুৰুত্বপূৰ্ণ অৱদান হল সাৰ্বজনীন ৰূপৰ মুদ্ৰা আৰু ই আছিল ৰূপীৰ ওপৰত ভিত্তি কৰি প্ৰতিষ্ঠা কৰা । এটা স্থিৰ আৰু প্ৰচুৰ সোণ, ৰূপ, আৰু তামৰ মুদ্ৰাৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা অৰ্থনৈতিক ভেটিৰে মোগল সম্ৰাটসকলে বিশাল অৰ্থ সংগ্ৰহ কৰিছিল । বাবৰে ৰাজ্য শাসন কৰাতকৈ ভাৰত জয় কৰাটোতহে অতি গুৰুত্ব দিছিল । বাবৰে প্ৰথম অৱস্থাত আফগানিস্থানত মুদ্ৰা প্ৰস্তুত কৰিছিল । বাবৰে এটা বিশেষ ধৰণৰ টাইমুৰিদ মুদ্ৰা প্ৰস্তুত কৰিছিল .টাইমুৰৰৰ জ্যেষ্ঠ পুত্ৰ ছাহৰুখ মিৰ্জাৰ নামেৰে এই মুদ্ৰাটোক ছাহৰুখী মুদ্ৰা বুলিও জনাজাত হৈছিল । এই মুদ্ৰাটো ৪.৬ গ্ৰাম ওজনৰ ৰূপৰ মুদ্ৰা আছিল । মুদ্ৰাটোৰ বিপৰীত দিশত চাৰিজন খলিফাৰ নাম আছিল । ইয়াৰ লগতে আনটো দিশত আছিল ৰজা আৰু ৰজাই প্ৰস্তুত কৰা কিছু স্থানৰ নাম । 

বাবৰৰ পিছত তেওঁৰ পুত্ৰ হুমায়ন মোগল সিংহাসনত বহিছিল । হুমায়নে পিতৃৰ ছাহৰুখী মুদ্ৰাৰ প্ৰচলন কৰিছিল ।  তেওঁৰ শাসনকালত  লাহোৰত মুদ্ৰা প্ৰস্তুত কৰা হৈছিল । শুৰ বংশৰ নেতা ছেৰচাহে হুমায়ুনক আতৰাই দিল্লীৰ সিংহাসন দখল কৰিছিল । হুমায়ুনৰ নিৰ্বাসনৰ সময়ত ছেৰচাহে নতুন মুদ্ৰা প্ৰচলন কৰিছিল । তেওঁ প্ৰচলন কৰা মুদ্ৰা আছিল ৰূপৰ ৰূপাইয়া আৰু তামৰ পইচা । মোগল সম্ৰাট আকবৰে ছেৰচাহৰ মুদ্ৰা পদ্ধতি গ্ৰহণ কৰি সংশোধন কৰিছিল । তেওঁ তিনি ধাতুৰ মুদ্ৰা প্ৰচলন কৰিছিল আৰু সেইবোৰ আছিল আশ্ৰাফি আৰু ৰূপৰ ৰূপী । তেওঁ মুদ্ৰা পুনৰ সংশোধন কৰিছিল , লিখনীৰ বাবে অভিজ্ঞ লেখক আনিছিল আৰু ৰূপৰ ৰূপীৰ মান নিৰ্দ্ধাৰণ কৰিছিল । সেই সময়ত বিশ্বৰ ভিতৰত ৰূপৰ ৰূপীৰ ওজন আছিল ১১.৫ গ্ৰাম । ৰজাক প্ৰশংসা কৰি মুদ্ৰাৰ ওপৰত কবিতা লিখা প্ৰথা আকবৰৰ সময়ৰ পৰা আৰম্ভ কৰিছিল । সেই সময়ত লাহোৰ, আগ্ৰা আৰু আহমেদাবাদত গুৰুত্বপূৰ্ণ মুদ্ৰা প্ৰস্তুত কৰা টাকশাল আছিল । আকবৰৰ ৰাজত্বকালত প্ৰস্তুত কৰা মুদ্ৰাটোক ইলাহী ৰূপী মুদ্ৰা বুলি কোৱা হৈছিল । এই মুদ্ৰাটো ৰূপৰ মুদ্ৰা আছিল ।

ধৰ্ম, ভাষা সংস্কৃতি ভিন্ন হোৱাৰ বাবে আকবৰ বৰ উদাৰ নীতিৰ লোক আছিল । আকবৰৰ ৰাজত্বকালৰ সময়ৰ অসংখ্য ঘুৰণীয়া াৰু চাৰিকোণীয়া মুদ্ৰা পোৱা গৈছে । আকবৰৰ ৰাজত্বকালৰ সময়ত অতি আচৰিত মুদ্ৰাৰ ভিতৰত আছিল তেওঁ তেওঁৰ ৰাজত্বৰ শেষৰ বছৰত প্ৰস্তুত কৰা হিন্দু দেৱতা ৰাম আৰু সীতাৰ সম্পূৰ্ণ মূৰ্তি মুদ্ৰাত অংকন কৰা । আকবৰৰ তামৰ মুদ্ৰাৰ ভিতৰত এটা মুদ্ৰাত নগৰীয়া অৰ্থনীতিৰ চিত্ৰ পোৱা গৈছে । এই চিত্ৰত নগৰীয়া মানুহক নিত্য ব্যৱহাৰ্য সামগ্ৰী ক্ৰয় কৰি দেখুওৱা হৈছে । নুৰ-উদ্দিন- মহম্মদ চেলিম আৰু ৰাজকীয় নাম জাহাংগীৰ আকবৰৰ উত্তৰাধিকাৰী আছিল । জাহাংগীৰৰ পাৰ্চী অৰ্থ হল বিশ্ব ধাৰণ কৰোতা বা বিশ্ব-ব্ৰহ্মাণ্ড সৃষ্টি কৰোতা । ১৬০৫ চনত জাহাংগীৰ ৰাজসিংহাসনত বহিছিল । তেওঁ প্ৰায় ২২ বছৰ কাল ৰাজত্ব কৰিছিল ।  তেওঁ আছিল শিল্প-কলা, স্থাপত্য, আৰু সাহিত্যৰ মহান পৃষ্ঠপোষক আছিল । তেওঁ আটাইতকৈ ডাঙৰ সোণৰ মুদ্ৰা প্ৰস্তুত কৰিছিল ।  তেওঁৰ ১০০০ মহুৰৰ ওজন আছিল ১২ কিঃগ্ৰাঃ । ৰেনেচা শাসক জাহাংগীৰে মুদ্ৰাত নিজৰ ছবি অংকন কৰিছিল ।  ই আছিল ইছলামিক পৰম্পৰাৰ বিৰোধী । বিখ্যাত মোগল সম্ৰাট ছাহজাহানে তাজমহল নিৰ্মাণ কৰিছিল । ছাহজাহান হল জাহাংগীৰৰ পৰৱৰ্তী উত্তৰাধিকাৰী । ছাহজাহানৰ অৰ্থ হল বিশ্ব সম্ৰাট । ছাহজাহানে প্ৰায় ৩০ বছৰ ৰাজত্ব কৰিছিল । ছাহজাহানে ৰাজত্ব  কৰা কালছোৱাক সোণালী যুগ বুলি কোৱা হৈছিল । ছাহজাহান এজন মুছলমানৰ সেৱক আছিল ।তেওঁ সকলো ধৰণৰ মূৰ্তিৰ বিৰোধী আছিল । ছাহজাহানে নিজৰ নামত মুদ্ৰা প্ৰচলন কৰিছিল । 


৩।  স্থাপত্যৰ বিষয়ে বহলাই আলোচনা কৰা ।

উত্তৰঃ  মোগল যুগৰ শিল্পকলা, স্থাপত্য, ভাস্কৰ্য, মুদ্ৰা আদিয়ে ভাৰতীয় সমাজৰ সভ্যতা, সংস্কৃতি ধৰ্ম আদিৰ স্পষ্ট ছবি এখন দাঙি ধৰিছে । সম্ৰাট আকবৰ, জাহাংগীৰ, আৰু ছাহজাহানে ভাৰতীয় শিল্পকলাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল । মোগল সাম্ৰাজ্যৰ প্ৰচুৰ সম্পদ আৰু মোগল সম্ৰাটসকলৰ শিল্পকলাৰ প্ৰতি থকা অকৃত্ৰিম আগ্ৰহে মোগল শিল্প-স্থাপত্যক উচ্চশিখৰত উপনীত হোৱাত সহায় কৰিছিল । বাবৰে নিৰ্মাণ কাৰ্যত ভাৰতীয় শিল্পী নিয়োগ কৰাৰ প্ৰমাণ পোৱা যায় । তেওঁ নিৰ্মাণ কৰা কামবোৰ আছিল স্নানাগাৰ, অট্টালিকা, ৰাজহুৱা গৃহ ইত্যাদি । তেওঁ নিৰ্মাণ কৰা তিনিটা মছজিদ সজীৱ অৱস্থাত আছে । সেইকেইটা হল পাণিপথ, সম্বল, আৰু অযোধ্যাত । মোগল সম্ৰাট হুমায়ুনে গোটেই জীৱনকাল ক্ষমতা আৰু অস্তিত্বৰ কাৰণে যুজ জি থকাৰ পাছতো দিল্লীত এখন নতুন নগৰ নিৰ্মাণ কৰিছিল ।সেই নগৰখনৰ নাম হল দিনপথ  বা বিশ্বালয় । ই আছিল সাতোটা মহলাৰ বিখ্যাত ৰাজপ্ৰসাদ পিছত শুৰ বংশৰ সম্ৰাট ছেৰচাহে ইয়াক ধ্বংস কৰিছিল । বাবৰ আৰু হুমায়ুনৰ শিল্পবিদ্যাত পাৰ্চী বা বিদেশীৰ প্ৰভাৱ দেখা গৈছিল । আকবৰৰ ৰাজত্বকালৰ সময়ৰ পৰা ভাৰতীয় স্থাপত্য অনিবাৰ্যভাৱে ভাৰতীয় হৈ পৰিছিল । সজোৱা আৰু সৌন্দৰ্যবিদ্যাৰ বাবে মোগল যুগৰ স্থাপত্য ভাস্কৰ্য বিখ্যাত হৈ পৰিছিল । ছেৰচাহৰ ৰাজত্বকালছোৱাত হোৱা নিৰ্মাণ কাৰ্যৰ ফলত ভাৰতীয় শিল্পকলাৰ ইতিহাস যথেষ্ট সমৃদ্ধ হৈ পৰিছে । তেওঁৰ ৰাজত্বকালত বিহাৰৰ চাচাৰামত নিৰ্মাণ হোৱা এলানি মৈদামে ছেৰচাহৰ শিল্পৰ প্ৰতি থকা আসক্তিৰ সাক্ষ্য বহন কৰে । দিল্লীৰ পুৰণা কিল্লা তেওঁৰ নিৰ্মাণ কাৰ্যৰ আন এটা বিশেষ কৃতিত্ব । এই নিৰ্মাণ কাৰ্যৰ ফলতে তেওঁৰ ধ্বংসাত্মক চৰিত্ৰও ফুটি উঠিছে । কাৰণ ছেৰচাহে মোগল সম্ৰাট হুমায়ুনে নিৰ্মাণ কৰা নিৰ্মাণ কৰা দিনপথ ধ্বংস কৰি তাৰ ঠাইত তেওঁ পুৰণা কিল্লা নিৰ্মাণ কৰিছিল । ছেৰচাহৰ স্থাপত্যৰ আৰ্হিৰ শ্ৰেষ্ঠ নিদৰ্শন হল কিলা-ই-কুহনা । তেওঁৰ ৰাজত্বকালতে পঞ্জাৱৰ ৰোহটাছত নিৰ্মাণ কৰা দুৰ্গটো সামৰিক স্থাপত্যৰ গুৰুত্বপূৰ্ণ নিদৰ্শন । ছেৰচাহে নিৰ্মাণ কৰা স্থাপত্যত হিন্দু আৰু মুছলমান স্থাপত্যৰ আদৰ্শৰ মিশ্ৰণ ঘটাইছিল । তেওঁৰ সেই আদৰ্শ আকবৰৰ নিৰ্মাণশৈলীত প্ৰতিফলিত হৈ উঠিছিল । মোগল সম্ৰাট আকবৰৰ ৰাজকীয় পৃষ্ঠপোষকতাত নিৰ্মাণ হোৱা স্থাপত্যবোৰ ভাৰতীয় শিল্পী সংস্কৃতি চহকী কৰি থৈ গৈছে । তেওঁৰ স্থাপত্য-ভাস্কৰ্যত ধৰ্মীয় উদাৰতা, কলাসুলভ জ্ঞান, এটা সংমিশ্ৰণ হৈ থকা ধাৰণা আৰু এটা বহল পৰিসৰৰ মনৰ উমান পোৱা যায় । তেওঁৰ ৰাজত্বকালত নিৰ্মিত প্ৰথমটো স্থাপত্য আছিল দিল্লীত থকা হুমায়ুনৰ মৈদাম ।

জাহাংগীৰ ৰাজত্বকালটো হল বিশেষকৈ শিল্পকলা আৰু চিত্ৰকলাৰ বাবে বিখ্যাত আছিল । নুৰজাহান বেগমে নিৰ্মাণ কৰা দুটা মৈদামে স্থাপত্যৰ ইতিহাসত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে । ইয়াৰে এটা আছিল নুৰজাহানে তেওঁৰ পিতৃৰ বাবে নিৰ্মাণ কৰা ইটমাদ-উদ-দৌলা আৰু আনটো হল চন্দ্ৰাত নিৰ্মাণ কৰা জাহাংগীৰৰ মৈদাম । ইটমাদ-উদ-দৌলা মৈদৈমটো সম্পূৰ্ণ বগা মাৰ্বলেৰে তৈয়াৰী । স্থাপত্যৰ দিশৰ পৰা চালে ইয়াক অদ্বিতীয় বুলি কব পাৰি । 

মোগল সম্ৰাট সকলৰ ভিতৰত বিখ্যাত নিৰ্মাতা বুলি কলে সম্ৰাট ছাহজাহানক বুজোৱা হয় । তেওঁ স্থাপত্য বিদ্যাত অধিক মনোযোগ দিছিল । তেওঁ আগ্ৰা, দিল্লী, কাশ্মীৰ, কান্দাহাৰ, আজমীৰ, আৰু আহমেদাবাদৰ বহু ঠাইত বহুতো অট্টালিকা নিৰ্মাণ কৰিছিল । ছাহজাহানে নিৰ্মাণৰ নামত কোটি টকা খৰচ কৰিছিল । ছাহজাহানৰ ৰাজত্বকালৰ উদাহৰণ হল তেওঁ ৰাণী মমতাজ মহলৰ স্মৃতিত যমুনা নৈৰ পাৰত তাজমহল নিৰ্মাণ কৰিছিল । পৃথিৱীৰ সাতটা আচৰিত বস্তুৰ ভিতৰত তাজমহল হল অন্যতম । তাজমহল হল বগা মাৰ্বল পাথৰেৰে নিৰ্মিত । ছাহজাহানৰ ৰাজত্বকালৰ উল্লেখযোগ্য স্থাপত্যবোৰ আছিল মতি মছজিদ ।, জামা মছজিদ, দিৱান-ই-আম, দিৱান-ই-খাচ, আৰু ৰংমহল । তাজমহলৰ নিৰ্মাতা আছিল ওস্তাদ ইচা । তেওঁৰ কামত সহায় কৰিছিল তেওঁৰ পুত্ৰ মহম্মদ চৰিফে । ইচা আৰু তেওঁৰ পুত্ৰৰ নেতৃত্বত ২০,০০০ শিল্পীয়ে তাজমহল নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল ।ইয়াৰ মুঠ ব্যয় হৈছিল প্ৰায় ৩ কোটি । তাজমহলটো নিৰ্মাণৰ কাম প্ৰায় ২২ বছৰত সম্পূৰ্ণ হৈছিল । ছাহজাহানৰ স্থাপত্যৰ সকলো দিশ চালি-জাৰি চালে দেখা যায় যে তেওঁৰ দিনত মোগল স্থাপত্যই গৌৰৱৰ শিখৰত উপনীত হৈছিল । সম্ৰাট ছাহজাহানে বিখ্যাত ময়ুৰ সিংহাসন নিৰ্মাণ কৰি উলিয়াইছিল । মোগল যুগতো প্ৰাদেশিক চুবেদাৰসকলে নিৰ্মাণ কৰা স্থাপত্যবোৰ আছিল গোৱালিয়ৰৰ মানমন্দিৰ, বৃন্দাবন্দৰ গোবিন্দদেৱ মন্দিৰ, জয়পুৰৰ হাৱামহল , বিজাপুৰৰ গোল-গম্বুজ আৰু অমৃতসৰৰ স্বৰ্ণ মন্দিৰ ।


৪। চিত্ৰকলাৰ বিষয়ে চমুকৈ আলোচনা কৰা ।

উত্তৰঃ  মোগল ৰাজত্বকালৰ চিত্ৰকলাসমূহে মধ্য ভাৰতৰ ইতিহাস ৰচনাত প্ৰচুৰ অৱদান আগবঢ়ায় । স্থাপত্যৰ দৰে মোগলৰাজত্বকালতো পাৰ্চী আৰু হিন্দু আদৰ্শ আৰু পদ্ধতিৰ মিশ্ৰণ হোৱা দেখা যায় । মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা বাবৰ চিত্ৰকলাৰ প্ৰতি অত্যন্ত অনুৰাগী আছিল । হুমায়ুনে মীৰ চৈয়দ আলি আৰু খাৱদজা আবদুছ চামাদ নামৰ দুজন পাৰ্চী চিত্ৰকৰক ভাৰতলৈ আনিছিল । তেওঁলোক দুজনৰ নেতৃত্বত কাম কৰা শিল্পীসকলে মোগল স্কুল অৱ পেইন্টিঙৰ ভেটি সুদৃঢ় কৰিছিল । মোগল সম্ৰাট আকবৰৰ দিনতে কেচা-মাটিৰ শিল্পকলাৰ বিকাশ আৰম্ভ হৈছিল । ফটেহপুৰ চিক্ৰীৰ কেচা মাটিৰ ওপৰত কৰা চিত্ৰকলাই প্ৰাচীৰ চিত্ৰকলাক প্ৰতিনিধিত্ব কৰিছে । মোগল চিত্ৰকলাৰ এক সুকীয়া বৈশিষ্ট্য আছিল যে মোগল স্থাপত্যত অংকন কৰা ধৰ্মৰ লগত সম্পৰ্ক নথকা চিত্ৰকলাৰ প্ৰাধান্য । মোগল চিত্ৰকলাই চিকাৰ, যুদ্ধ, ৰাজকীয় সভা, আৰু প্ৰাকৃতিক বিষয়বস্তু যেনে- চৰাই, গছ, লতা, ফুল আদিৰ বিষয়ে সজীৱ চিত্ৰ প্ৰকাশ কৰিছে । মোগল চিত্ৰকলাই সাধাৰণ প্ৰজাৰ জীৱনৰ কোনো চিত্ৰ অংকন নকৰি সাধাৰণ প্ৰজাৰ জীৱনৰ কোনো চিত্ৰ, অংকন নকৰি সাধাৰণ প্ৰজাৰ জীৱনক অৱমাননা কৰিছে । মোগল ৰাজত্বৰ সময়তে আৰৱ, হায়দৰাবাদ, মহীশুৰ, আৰু বংগত চিত্ৰকলাৰ বিকাশ হৈছিল । 






Post ID: DABP005657