গ্ৰাম্য সমাজ আৰু অৰ্থনীতি 

পঞ্চম অধ্যায়

অতি চমু প্ৰশ্ন 
১। কোনখন সমাজ বৰ্ণ প্ৰথাৰ ওপৰত প্ৰতিষ্ঠিত আছিল ।
উত্তৰঃ  হিন্দু আৰু মুছলমান সমাজ বৰ্ণ প্ৰথাৰ ওপৰত প্ৰতিষ্ঠিত আছিল । ।

২। মোগলসকলক কেইটা ভাগত বিভক্ত কৰা হৈছিল ।
উত্তৰঃ  মোগলসকলক চাৰিটা ভাগত বিভক্ত কৰা হৈছিল । 

৩। মোগলসকলে নিজকে কোন জাতিৰ বংশধৰ বুলি কৈছিল ।
উত্তৰঃ  মোগলসকলে নিজকে মংগোল জাতিৰ বংশধৰ বুলি কৈছিল । 

৪। মোগলসকলক কেইটা উপভাগত বিভক্ত কৰা হৈছিল ।
উত্তৰঃ  মোগলসকলক দুটা উপভাগত বিভক্ত কৰা হৈছিল । 

৫। মোগল যুগৰ নাৰীসকলে বাহিৰলৈ ওলাই গলে কিহেৰে মুৰ ঢাকি গৈছিল ।
উত্তৰঃ মোগল যুগৰ নাৰীসকলে বাহিৰলৈ ওলাই গলে চুৰ্ণী বা সুতা কাপোৰেৰে মুৰ ঢাকি গৈছিল । 

৬। অতীতত ভাৰতবৰ্ষক কি পৰ্দা প্ৰথাৰ ব্যৱস্থা আছিল ।
উত্তৰঃ  অতীতত ভাৰতবৰ্ষত ঘুণঘাট নামৰ এক বিশেষ ধৰণৰ পৰ্দা প্ৰথাৰ ব্যৱস্থা আছিল ।

৭। কোন শ্ৰেণীৰ লোকে ছোৱালী সন্তান হত্যা কৰিছিল ।
উত্তৰঃ  ৰাজপুত শ্ৰেণীৰ লোকে ছোৱালী সন্তান হত্যা কৰিছিল ।

৮। আগৰ দিনৰ ছোৱালীবোৰক কেই বছৰত বিয়া দি ঘৰৰ পৰা উলিয়াই দিছিল ।
উত্তৰঃ  আগৰ দিনৰ ছোৱালীবোৰক সাধাৰণতে ৭ ৰ পৰা ৮ বছৰত বিয়া দিয়া হৈছিল ।

৯। হিন্দু সমাজত কি বিবাহ প্ৰচলিত আছিল ।
উত্তৰঃ  হিন্দু সমাজত একবিবাহ প্ৰচলিত আছিল । 

১০। ৰাজপুতসকলৰ এবিধ জনপ্ৰিয় কু-প্ৰথাৰ নাম লিখা ।
উত্তৰঃ  ৰাজপুতসকলৰ এবিধ জনপ্ৰিয় কু- প্ৰথাৰ নাম হল জহৰ ।

 চমু প্ৰশ্ন ঃ
১। মোগলসকলক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি ।
উত্তৰঃ  মোগলসকলক চাৰিটা ভাগত ভাগ কৰিব পাৰি সেইকেইটা হল 
ক) ছৈয়দ, খ) চেখ, ঘ) মোগল আৰু ঘ) পাঠান । 

২। সয়ম্বৰ প্ৰথা মানে কি ।
উত্তৰঃ  বহুতো লৰাৰ মাজৰ পৰা ছোৱালীয়ে নিজৰ পৰিক বাছি বা বাছনি কৰা প্ৰথাটোকে সয়ম্বৰ প্ৰথা বোলে ।

৩। আগৰ যুগৰ মহিলাসকলে পৰিধান কৰা দুই প্ৰকাৰৰ পোছাকৰ নাম কি আছিল ।
উত্তৰঃ  আগৰ যুগৰ মহিলাসকলে পৰিধান কৰা দুই  প্ৰকাৰৰ পোছাকৰ নাম হল 
ক) এখন দীঘল চাদৰ ।
খ) এটা চোলা 

৩। দক্ষিণ ভাৰতৰ মানুহৰ প্ৰধান খাদ্য কি ।
উত্তৰঃ  দক্ষিণ বাৰতৰ মানুহৰ প্ৰধান খাদ্য হল ভাত । 

৪। মোগল যুগত ভাৰতৰ সমাজ ব্যৱস্থাই ভূগি থকা দুটা কু-সংস্কাৰৰ নাম লিখা ।
উত্তৰঃ  মোগল যুগত বাৰতৰ সমাজ ব্যৱস্থাই ভূগি থকা দুটা কু-সংস্কাৰ হল 
ক) অস্পৃশ্যতা 
খ) দাসত্ব ।

৫। মুছলমানসকলে প্ৰৱৰ্তন কৰা এবিধ জনপ্ৰিয় খেলৰ নাম লিখা ।
উত্তৰঃ  মুছলমানসকলে প্ৰৱৰ্তন কৰা এবিধ জনপ্ৰিয় খেলৰ নাম হল নৰ্দ ।

৬। ভাৰতত কোনে তাচ খেলৰ প্ৰৰ্বতন কৰিছিল ।
উত্তৰঃ মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা বাবৰে ভাৰতত তাচ খেলৰ প্ৰৱৰ্তন কৰিছিল । 

৭। হিন্দু সমাজত পালন কৰা কেইটামান গুৰুত্বপূৰ্ণ উ ৎসৱৰ নাম লিখা ।
উত্তৰঃ  ভাৰতত প্ৰৱৰ্তন কৰা কেইটামান গুৰুত্বপূৰ্ণ   ৎসৱৰ  নাম হল    
বসন্ত পঞ্চমী, হোলী, দেৱালী, শিৱৰাত্ৰী, জন্মাষ্টমী ।

৮। মুছলমানসকলে পালন কৰা কেইটামান  ৎসৱৰ নাম লিখা ।
উত্তৰঃ  মুছলমানসকলে পালন কৰা কেইটামান  ৎসৱৰ নাম হল 
মহৰম, ইদ-উল-ফিটৰ, ইদ-উল-জোহা । 

৯। দহশলা পদ্ধতি কোনে প্ৰৱৰ্তন কৰিছিল ।
উত্তৰঃ  দহশলা পদ্ধতি টোডৰ মলে প্ৰৱৰ্তন কৰিছিল । 

১০। মোগলৰ যুগত কাগজ উদ্যোগৰ প্ৰধান কেন্দ্ৰসমূহ কি কি আছিল ।
উত্তৰঃ  মোগলৰ যুগত কাগজ উদ্যোগৰ প্ৰধান কেন্দ্ৰসমূহ হল 
শিয়ালকোট, কাশ্মীৰ, গয়া ।

চমুটোকা লিখা ।
১। নাৰীৰ স্থান 
উত্তৰঃ  আগৰ দিনত ভাৰতৰ হিন্দু সমাজ ব্যৱস্থাত নাৰীৰ স্থান সকলোতকৈ নিম্ন আছিল । ভাৰতৰ সমাজৰ দৰে মোগল যুগতো নাৰীৰ স্থান নিম্ন আছিল । নাৰীৰ মান -মৰ্যাদা পতন হৈছিল ভাৰতবৰ্ষলৈ মুছলমান সকলৰ আগমনৰ পাছৰ পৰাই । ভাৰতবৰ্ষত মুছলমানসকলৰ এটা প্ৰধান কাৰণ হল পৰ্দা প্ৰথাৰ প্ৰৱৰ্তন । হিন্দু সমাজৰ নাৰীয়ে নাৰীৰ সন্মান ৰক্ষাৰ বাবে প্ৰতিৰক্ষামূলক ব্যৱস্থা হিচাপে পৰ্দা ব্যৱস্থা নামৰ এক প্ৰথা গ্ৰহণ কৰিছিল । পৰ্দা প্ৰথা দুয়োটা সম্প্ৰদায়ৰ নিম্ন শ্ৰেণীৰ লোকসকলতকৈ উচ্চ শ্ৰেণীৰ লোকসকলৰ মাজত অধিক প্ৰচলন আছিল । তাৰোপৰি উচ্চ শ্ৰেণীৰ নাৰীসকল কেতিয়াবাহে বাহিৰলৈ ওলাই গৈছিল । যেতিয়াই তেওঁলোক বাহিৰলৈ ওলাই গৈছিল তেতিয়াই তেওঁলোকে পৰ্দা প্ৰথাৰ প্ৰতীকৰূপে পাল্কী বা কাপোৰেৰে মুৰত মেৰিয়াই গৈছিল । কিছুমান লেখকৰ মতে  মুছলমানসকল অহাৰ আগতে ভাৰতবৰ্ষত পৰ্দা প্ৰথাৰ ব্যৱস্থা আছিল । তেওঁলোকৰ মতে অতীত ভাৰতৰ ঘুণঘাট প্ৰথা নামৰ এক প্ৰথাৰ ব্যৱস্থা আছিল । হিন্দুলোকসকলে পৰ্দা প্ৰথা গ্ৰহণ কৰাৰ এটা কাৰণ হল চৰিত্ৰহীন লোকসকলৰ পৰা ধুনীয়া গাভৰু আৰু মহিলাসকলক ৰক্ষা কৰা । সাধাৰণতে মোগলৰ ৰাজত্বকালত পুৰুষতকৈ নাৰীৰ স্থান নিম্ন আছিল । মহিলাৰ কাৰ্য আৰু স্থান স্পষ্টভাৱে  পৰাধীন আছিল আৰু শেষত পুৰুষৰ সেৱাতে মগ্ন হব লগা হৈছিল । নাৰীসকলে জীৱনৰ সকলো সময়তে পুৰুষৰ ওপৰত নিৰ্ভৰ কৰিবলগা হৈছিল । ছোৱালীয়ে পিতৃৰ অধীন, নাৰী হিচাপে ছোৱালীৰ অধীন, বিধবা মহিলা তেওঁৰ জ্যেষ্ঠ পুত্ৰৰ তলত পৰিচালিত হব লগা হৈছিল । আগৰ দিনত ছোৱালীবোৰক পৰিয়ালৰ বোজা হিচাপে গণ্য কৰা হৈছিল । ৰাজপুত শ্ৰেণীৰ লোকে কন্যাসন্তান জন্ম হলে সৰুটো হত্যা কৰাতো তেওঁলোকৰ অভ্যাস হিচাপে পৰিগণিত হৈছিল । সেই সময়ত ছোৱালীবোৰক কোনো ধৰণৰে শিক্ষা দিয়া হোৱা নাছিল । আগৰ দিনৰ ছোৱালীবোৰক ঘৰতে শিক্ষা দিয়া হৈছিল ।  কিন্তু উচ্চ বংশ পৰিয়ালৰ  ছোৱালীয়ে গৃহ শিক্ষকৰ জৰিয়তে শিক্ষা লাভ কৰাৰ সুবিধা পাইছিল । ছোৱালীবোৰে লৰাৰ তুলনাত পৰিয়ালৰ পৰা বেয়া ব্যৱহাৰ লাভ কৰিছিল ।এগৰাকী মাতৃ হিচাপে মহিলাসকলে পৰিয়ালত আদৰ আৰু সন্মান লাভ কৰিছিল । হিন্দু সমাজৰ সকলো শ্ৰেণীয়ে মাতৃ আৰু জ্যেষ্ঠ মহিলাসকলক সন্মান কৰিছিল । ঘৰৰ বয়োজ্যেষ্ঠ মগিলাগৰাকী অতি সন্মান আৰু আদৰ কৰা হৈছিল । ৰাজপুত শ্ৰেণীৰ লোকসকলে মাতৃক অতি উচ্চ স্থান দিছিল । তেওঁলোকে যিকোনো কাম কৰিব ওলাওতে মাকৰ আৰ্শীবাদ নোলোৱাকৈ স্বাভাৱিক কামত হাত দিয়া নাছিল । মেৱাৰৰ দ্বিতীয় ৰাণা সংগ্ৰাম সিংহই মাকক সেৱা নকৰাকৈ আহাৰ গ্ৰহণ কৰা নাছিল ।মুছলমানলোকসকলে মাতৃক অধিক সন্মান প্ৰদৰ্শন কৰিছিল । বহুতো মুছলমান নাৰীয়ে গুৰুত্বপূৰ্ণ বিবাদসমূহ মীমাংসা কৰোতে মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিছিল । মোগলৰ যুগত বিধবা বিবাহৰ প্ৰচলন নাছিল । সতী নোযোৱা মহিলাক সমাজৰ লোকে বহুত বেয়াৰ চকুৱে চাইছিল ।   
 
২। বিবাহ 
উত্তৰঃ আগৰ দিনত মহিলাসকলৰ মাজত একবিবাহ প্ৰথাৰ প্ৰচলন আছিল । শক্তিশালী লোকসকলে এদৰাকীতকৈ  বেছি বিয়া কৰাইছিল ।  কিছুমান লোকে কিবা কাৰণত প্ৰথম পত্নীৰ মৃত্যু হলে বা সন্তান জন্ম দিয়াত কিছু অক্ষম হলেহে দ্বিতীয় বিবাহ কৰাইছিল । দ্বিতীয় বিবাহ কৰোৱাৰ বাবে ব্ৰাহ্মণৰ অনুমোদন আৰু সন্মতি লৈহে দ্বিতীয় বিবাহৰ বাবে আগবাঢ়িব পাৰিছিল । মুছলমান লোকসকলৰ মাজত বহু বিবাহ পদ্ধতিৰ প্ৰচলন আছিল । সেই সময়ত সমাজৰ নিয়মমতে সকলো সম্প্ৰদায়ৰ ছোৱালীকে কম বয়সত বিয়া দিয়া হৈছিল । সেইখিনি সময়ত নিম্ন আৰু মধ্যবিত্ত ছোৱালীসকলক বেছি শিক্ষা দিয়া হোৱা নাছিল । সেইখনি সময়ৰ ছোৱালীবোৰক ৭ ৰ পৰা ৮ বছৰৰ ভিতৰত বিয়া দিয়া হৈছিল । আগৰ দিনত মাক-দেউতাৰ পছন্দ অনুসৰিহে বিয়া হৈছিল । হিন্দু সমাজখনত নাৰীৰ ক্ষেত্ৰত প্ৰচলিত হৈ থকা তিনিটা প্ৰথা বা কু-সংস্কাৰ হল বিবাহ বিচ্ছেদ, সতী দাহ প্ৰথা, আৰু জহৰ । বিবাহ বিচ্ছেদ হিন্দু সমাজত প্ৰচলন নাছিল । বিবাহ বিচ্ছেদ কৰাৰ ক্ষমতা নাৰীৰ নাছিল । কিন্তু বিচ্ছেদৰ পাছতো স্বামী-স্ত্ৰীৰ মাজত পুনৰ মিলন হোৱাৰ ব্যৱস্থা আছিল । মোগলৰ ৰাজত্বকালত সতীদাহ প্ৰথাৰ প্ৰচলন আছিল । সতীদাহ প্ৰথাৰ বিৰুদ্ধে যাবলৈ অস্বীকাৰ কৰা নাৰীক সমাজে ঘৃণা কৰিছিল । সতী যাবলৈ বাধ্য নোহোৱা নাৰীক জোৰ-জবৰদস্তি কৰি বাধ্য কৰোৱা হৈছিল ।মোগলৰ শাসনকালত এনেবোৰ কু-সংস্কাৰ বন্ধ কৰিবলৈ কোৱা হৈছিল । মোগল সম্ৰাট হুমায়ুনে  সন্তান-সম্ভৱা নাৰীক সতী দাহ কৰোতে বাধা প্ৰদান কৰিছিল । হিন্দু সমাজত বিশেষকৈ ৰাজপুতসকলৰ মাজত জনপ্ৰিয় আন এটা কু-সংস্কাৰ হল জহৰ  । যেতিয়া বিদেশী ৰাষ্ট্ৰবোৰে ৰাজপুত আক্ৰমণ কৰে । তেওঁলোক জয় হোৱাৰ কোনো আশা নাথাকে তেতিয়া ৰাজপুত মহিলাসকলে জহৰ ব্ৰত পালন কৰে । এই নিয়ম অনুযায়ী যেতিয়া শত্ৰুৰ বিপক্ষে ৰাজপুতসকলে তেওঁলোকৰ স্বামীৰ কপালত তিলক আকি দিয়ে আৰু তাৰ পিছত নিজে জলাই দিয়ে । পৰাজয় হোৱাৰ পাছত শত্ৰুৰ হাতৰ পৰা নিজৰ সন্মান ৰক্ষা কৰিবৰ বাবে মহিলাসকলে এই ব্ৰতটো পালন কৰিছিল । তেওঁলোকে শত্ৰুৰ হাতত নিজৰ পৱিত্ৰতা হেৰুৱাতকৈ মৃত্যুৱে শ্ৰেষ্ঠ বুলি মানি লৈছিল ।  

৩। অস্পৃশ্যতা আৰু দাসত্ব 
উত্তৰঃ মোগল ৰাজত্বৰ সময়ৰে পৰা সমাজ ব্যৱস্থাউ ভূগি থকা দুটা কু-সংস্কাৰ হল অস্পৃশ্যতা আৰু দাসত্ব ।  অস্পৃশ্যতা হল  হিন্দু সমাজত আবদ্ধ আছিল । মুছলমান সমাজত দাস ব্যৱস্থাৰ প্ৰচলন আছিল । হিন্দু সমাজত অস্পৃশ্যতা আছিল চণ্ডালসকলৰ মাজত । আগৰ দিনত চণ্ডালসকল বাহিৰলৈ ওলাই গলে কাহ-বাতি আদি বজাই যাব লাগিছিল । বেলেগ জাতিৰ লোকক চণ্ডালে স্পৰ্শ কৰিলে স্পৰ্শ কৰোতাজনে গা-ধুৱাই ব্ৰাহ্মণৰ নিৰ্দেশ অনুসৰি বিশুদ্ধ পানী চটিৱাই লৈছিল । সমাজত চলি থকা এটা ৰোগৰ নাম হল দাস ব্যৱস্থা । দাস ব্যৱস্থা মুছলমান সমাজত বৰ জনপ্ৰিয় আছিল । আগৰ দিনত দাসসকলক বেচা-কিনা কৰা হৈছিল । ৰজা আৰু তেওঁৰ আত্মীয় স্বজনৰ মাজত দাসসকলক বিতৰণ কৰা হৈছিল । বিজয় নগৰৰৰ হিন্দু ৰাজ্যতো দাস প্ৰথা অত্যাধিক জনপ্ৰিয় আছিল । 

৪। পোছাক আৰু অলংকাৰ 
উত্তৰঃ   মোগলসকলৰ ৰাজত্বকালত মানুহৰ সাজ-পোছাক ঠাই অনুসৰি আৰু শ্ৰেণীভেদে বেলেগ বেলেগ ধৰণৰ হোৱা দেখা যায় । হিন্দুসকলে দুখন কপাহী কাপোৰ ব্যৱহাৰ কৰিছিল । এখন কাপোৰ ককালত মেৰিয়াই লোৱা হৈছিল আৰু আনখন কাপোৰ কান্ধৰ ওপৰেৰে লৈছিল । মুৰ পাগুৰীৰে ঢাক খোৱা আছিল । নিম্ন শ্ৰেণীৰ হিন্দুসকলে চিলাই কৰা কাপোৰ ব্যৱহাৰ কৰা হোৱা নাছিল । উচ্চ শ্ৰেণীৰ হিন্দুসকলে মুছলমান ডা-ডাঙৰীয়াৰ দৰে পোছাক পিন্ধিছিল ।  ব্ৰাহ্মণসকলে ককালৰ ওুপ ভাগ সাধাৰণতে উদং কৰি ৰাখিছিল । গাত এডাল পৱিত্ৰ  সূতা পৰিধান কৰিছিল । মহিলাসকলে সাধাৰণ তে দুই প্ৰকাৰৰ পোছাক ব্যৱহাৰ কৰিছিল । .
এখন দীঘল চাদৰ আৰু এটৈ চোলা । ছোৱালী আৰু বোৱাৰীসকলে কলা ৰঙৰ অঙ্গিয়া নামৰ এখন অতিৰিক্ত সাজ ব্যৱহাৰ কৰিছিল । মহিলাসকলে পৰিধান কৰা আন ধৰণৰ সাজ-পোছাকবোৰ হল লহঙা বা এবিধ দীঘল আকু ঢিলা চোলা । মুৰ ঢাকি ৰাখিবৰ কাৰণে মহিলাসকলে এখন দীঘল মাৰ্ফলাৰ ব্যৱহাৰ কৰিছিল ।    পুৰুষ মহিলা সকলোৱে আ-অলংকাৰ ব্যৱহাৰ কৰিছিল । আৰামদায়ক জীৱন-যাপন কৰা ধনী শ্ৰেণীটোৱে দৈহিক সাজোন-কাছোনৰ ওপৰত গুৰুত্ব দিছিল । হিন্দু মহিলাসকলৰ আ-অলংকাৰৰ প্ৰতি দুৰ্বলতা আছিল । বিবাহিত মহিলাসকলে বিবাহৰ চিন অনুসৰি দেহৰ বিভিন্ন অংশত অলংকাৰ পিন্ধিছিল । আবুল ফজলৰ লিখনীত এগৰাকী ভাৰতীয়  মহিলাই ব্যৱহাৰ কৰা ৩৭ প্ৰকাৰৰ বিভিন্ন ধৰণৰ অলংকাৰৰ বিষয়ে বৰ্ণনা কৰিছিল । 

 ৰচনাধৰ্মী প্ৰশ্নোত্তৰ 
১। মোগলসকলৰ বৈদেশীক বাণিজ্যৰ বিষয়ে লিখা ।
উত্তৰঃ মোগল সম্ৰাটসকলে ভাৰতৰ বৈদেশীক বাণিজ্যত অধিক গুৰুত্ব দিয়া দেখা গৈছিল । ভাৰতৰ প্ৰধান বাণিজ্যসমূহ হল আফ্ৰিকা, মালয়, চীন, মধ্য এছিয়া, আফগানিস্থান, আৰু পাৰ্চী দেশৰ সৈতে বেপাৰ-বাণিজ্য চলিছিল । সম্ৰাট আকবৰে বিদেশৰ বেপাৰ-বাণিজ্যৰ ওপৰত অধিক গুৰুত্ব দিয়া দেখা গৈছিল । ভাৰতলৈ প্ৰথমে বেপাৰ কৰিবলৈ অহা বণিক গোষ্ঠীটো হল পৰ্টুগীজসকল । আকবৰৰ শাসনকালছোৱাৰ কিছুমান গুৰুত্বপূৰ্ণ বাণিজ্যক কেন্দ্ৰ আছিল গোৱা, কালিকট, বেচিন, কোচিন, হুগলী আৰু চুৰাট । ভাৰতৰ পৰা এইবোৰ বৈদেশীক দেশলৈ ৰপ্তানি কৰা  প্ৰধান সামগ্ৰীবোৰ হল নীল, কপাহী সূতা, মূল্যৱান ৰত্ন, আৰু মছলা আদি । ভাৰতে বিশেশৰ পৰা আমদানি কৰা মূল্যৱান সামগ্ৰীবোৰ হল সোণ, ৰূপ, তাম, ঘোঁৰা, সীহ, সুগন্ধি দ্ৰব্য । সম্ৰাট জাহাংগীৰে তেওঁৰ পূৰ্বপুৰুষৰ নীতিৰে ভাৰতৰ বৈদেশীক বাণিজ্য সম্প্ৰসাৰণৰ বাবে যথেষ্ট চেষ্টা কৰিছিল । আকবৰৰ ৰাজত্বকালত গঢ়ি উঠা বাণিজ্যিক কেন্দ্ৰবোৰ জাহাংগীৰৰ ৰাজত্বকালত উন্নতি কৰা হৈছিল । জাহাংগীৰৰ অধীনত লাহোৰৰ এটা বাণিজ্যিক কেন্দ্ৰ হিচাপে বিখ্যাত হৈ পৰিছিল । ইয়াৰ বিকাশ সাধনৰ বাবে তেওঁ ৰাজ্যবোৰৰ নীতিৰ কিছুমান পৰিৱৰ্তন সাধন কৰিছিল । আমদানি কৰা সামগ্ৰীৰ ওপৰত বিশেষ কৰ ধাৰ্য কৰিছিল । সম্ৰাট ছাহজাহানৰ অধীনত বাণিজ্যৰ যথেষ্ট  সাধন হৈছিল । কিন্তু ঐৰংজেৱে শাসনৰ দায়িত্ব লোৱাৰ পৰা বৈদেশীক বাণিজ্যত অলপো মনোযোগ দিয়া নাছিল । সম্ৰাট ঔৰংজেৱৰ দিনত ভাৰতৰ অৰ্থনীতিৰ  ব্যৱস্থা অতিশয় বেয়া হৈ গৈছিল ।পৰিবহণৰ ক্ষেত্ৰত অতি কম খৰচত হোৱা  পথটো হল নদী পথ বেঙ্গলত , সিন্ধু আৰু কাশ্মীৰত সামগ্ৰী নাওৱে কঢ়িওৱা হৈছিল । আগ্ৰাৰ পৰা ৩০০ ৰ পৰা ৫০০ টনৰ ডাঙৰ নাও যমুনা আৰু গংগা নদী হৈ পাটনা আৰু বোঙ্গললৈ যাত্ৰা আৰম্ভ কৰিছিল । লাহোৰ আৰু মূলটান নদী বন্দৰ আছিল যৰ পৰা সৰু জাহাজ বা নাও নামনি হৈ হট্টলৈ গৈছিল ।  বেপাৰ-বাণিজ্য বেছিকৈ নদী পথেৰে হৈছিল । সেই সময়ৰ পৰিৱেশ অনুযায়ী বাণিজ্যিক নাওৰ ক্ষমতা আশ্চৰ্যজনক আছিল । বাণিজ্যৰ ওপৰত এই কাৰকবোৰৰ প্ৰভাৱ অনুসন্ধান কৰাটো বৰ সহজ নহয় । সম্ভৱত খাদ্য-শস্য বস্তুৰ পৰিবহণত প্ৰশাসনে মাজে মাজে সাহস দিছিল ।  পথ পৰিবহণ হল অতি খৰচ কৰা নেতা বিদ্ৰোহীসকলৰ বাবে জোৰ-জবৰদস্তি ধন আহৰণ অতি সহজ আছিল । কৃষিজাত সামগ্ৰী উৎপন্ন  মূল্য বহুত বেছি নাছিল । যাতায়ত আৰু বেপাৰ বাণিজ্যৰ অৱস্থাটোৰ কাৰণে অঞ্চলবোৰৰ মাজত মূল্যৰ পাৰ্থক্য পৰিমাণ সহনশীল আছিল । ৰপ্তানিৰ বাবে প্ৰচুৰ সঞ্চয় আৰু নিম্নমূল্যৰ এখন স্থান আছিল । চেনি আৰু মাখনৰ বাবে এখন নিয়মিত উপকুলৰ বাণিজ্যৰ ওচৰত কাৰবাৰ চলিছিল । এই সামগ্ৰীবোৰ কৰমণ্ডল, কেপ আৰু কমোৰিপ আৰু কেৰেলালৈ কঢ়িয়াই নিয়া হৈছিল । চেনি জাহাজেৰে গুজৰাট আৰু পাৰ্চীয়ালৈ নিয়া হৈছিল । মাজে-সময়ে ঘেহুও ইয়াৰ বন্দৰবোৰৰ পৰা দক্ষিণ ভাৰতলৈ আৰু পৰ্টুগীজসকলৰ ঘাটিলৈ প্ৰেৰণ কৰা হৈছিল । আফিং, জলকীয়া, আদা আৰু ধপাত ভাৰতৰ জাহাজেৰে ৰপ্তানি কৰা হৈছিল । উৰিষ্যাই প্ৰকৃত অৰ্থত সাগৰেৰে ৪০,০০০ টন খাদ্য শস্য, মাখন আদি কৰমণ্ডল বন্দৰলৈ ৰপ্তানি কৰা হৈছিল । কৰমণ্ডল বন্দৰৰ পৰা বেঙ্গললৈ কপাহ আৰু ধপাত আমদানি কৰিব লগা হৈছিল । 


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)








                                  
Type By- Ali Rani Kakati 






Post ID: DABP005702